Recent in Technology

class 10 assamese lesson 1 question answer (বৰগীত)|NCERT,SEBA

মুখ্য পৃষ্ঠা:








বৰগীত/ Lesson-1/ শ্ৰী শ্ৰী মাধৱদেৱ/ সম্পূৰ্ণ প্ৰশ্নোত্তৰ/Class10Assamese



=

পাঠ-1 বৰগীত – সমাধান





শ্ৰী শ্ৰী মাধৱদেৱ




কবিৰ পৰিচয়


অসমত নৱ - বৈষ্ণৱ ভক্তিধৰ্ম প্ৰচাৰৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে যি উদ্যোগ গ্ৰহণ কৰিছিল, তেওঁৰ প্ৰধান শিষ্য মাধৱদেৱে তাত পৰিপূৰ্ণ সহযোগিতা কৰিছিল। 

মহাপুৰুষ শংকৰদেৱৰ প্ৰায় দুকুৰি বছৰ পিছত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অন্তৰ্গত লেতেকুপুখুৰীত ১৪৮৯ চনত মাধৱদেৱে জন্ম গ্ৰহণ কৰে। 
তেওঁৰ পিতৃ গবিন্দগীৰি ভূঞা আৰু মাতৃ মনোৰমা আছিল। মহাপুৰষ শঙ্কৰদেৱৰ একান্ত সহযোগী, পৰম ভক্ত মাধৱদেৱে বাৰাদি, গণককুচি, সুন্দৰীদিয়া, মধুপুৰ ইত্যাদি বিভিন্ন স্থান পৰিভ্ৰমণ কৰি সত্ৰ প্ৰতিষ্ঠা আৰু ধৰ্ম প্ৰচাৰৰ লগে লগে সাহিত্য ৰচনাতো অগ্ৰণী ভূমিকা গ্ৰহণ কৰে। 

=
' নামঘোষা আৰু ভক্তি ৰত্নাৱলী ' মাধৱদেৱৰ ভক্ত জীৱনৰ অনুপম কীৰ্তিস্তম্ভ। 

অসমৰ বৈষ্ণৱ সমাজত কীৰ্তনঘোষা আৰু দশম স্কন্ধ ভাগৱতৰ দৰেই এই দুখন গ্ৰন্থৰ আদৰ আৰু জনপ্ৰিয়তা দেখা যায়। 

নামঘোষাত মাধৱদেৱৰ ভক্তিপ্রান হৃদয়ৰ পৰিচয় ফুটি উঠিছে। এহেজাৰতা ঘোষা থকা বাবে নামঘোষাক ' হেজাৰী ঘোষা ' বুলিও কোৱা হয়।


মাধৱদেৱৰ ৰচনাসমহ তলত দিয়া ধৰণে বিভক্ত কৰিব পাৰি - [HSLC,20]

আখ্যানমূলক ৰচনা - ৰাজসুয় কাব্য, আদিকাণ্ড ৰামায়ন। [HSLC,19]
তত্বমূলক ৰচনা - জন্মৰহস্য, ভক্তি - ৰত্নৱালী, নামমালিকা।
নাটক - অৰ্জুনভঞ্জন বা দধিমথন।
ঝুমুৰা - চোৰধৰা, পিম্পৰা গুছোৱা, ভূমি লেটোৱা, ভোজন বেহাৰ।
ঘোষা - নামঘোষা
গীত - বৰগীত।

মহাপুৰুষ শংকৰদেৱে অসমত ধৰ্মপ্ৰচাৰৰ মাধ্যম হিচাপে অংকীয়া নাট আৰু বৰগীত আদিক যথোচিতভাৱে ব্যৱহাৰ কৰিছিল। শঙ্কৰদেৱৰ পদ্যংক অনুসৰণ কৰি মাধৱদেৱে ১৫৭ টি বৰগীত ৰচনা কৰে। তেওঁৰ দ্বাৰা ৰচিত গীতসমূহত দাস্যভক্তিৰ স্বাক্ষৰ স্পষ্ট।

মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ নৱ বৈষ্ণৱ ভক্তিধৰ্মৰ যোগেদি জনসাধাৰণক শিক্ষিত কৰি তোলাৰ লগে লগে তেওঁলোকক সংগঠিত কৰি তুলিছিল। নামঘৰ আৰু সত্ৰস্থাপনৰ যোগেদি ব্যৱহাৰিক আৰু আধ্যাত্মিক উভয় দিশতেই জনসাধাৰণক আগবাঢ়ি যোৱাৰ প্ৰেৰণা যোগাইছিল। 

দৰাচলতে অসমত সেই সময়ত চলি থকা নানা বিভীষিকাপূৰ্ণ যাগ - যজ্ঞ আৰু কৰ্ম কাণ্ডৰ দ্বাৰা অতিষ্ঠ হোৱা সৰ্বসাধৰণ মানুহক পৱিত্ৰ বৈষ্ণৱ ধৰ্মত শৰণ দি একশৰণ ধৰ্মৰ পথ প্ৰশস্ত কৰাত শংকৰদেৱ আৰু মাধৱদেৱৰ গুৰুত্ব আছিল যথেষ্ট।



পাঠভিত্তিক প্ৰশ্নোত্তৰ



১/ চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া -

(ক) ....... নেৰিবা বান্ধৱ মোক জীৱনে মৰণে ! কবিয়ে জীৱনে মৰনে নেৰিবৰ কাৰণে কাক অনুৰোধ কৰিছে।
উত্তৰ :- কবিয়ে জীৱনে মৰনে নেৰিবৰ কাৰণে ভগৱানক অনুৰোধ কৰিছে। কবিয়ে ইতিমধ্যে ভগৱানৰ চৰণত আত্মনিবেদন কৰিছে আৰু তেওঁৰ চৰণতেই মুক্তিৰ প্ৰয়াস কৰিছে। 

কবিয়ে সকলো ধৰণৰ পাৰ্থিৱ মোহ - আকাংশা ত্যাগ কৰি ভগৱানৰ চৰণত শৰণ লোৱাৰ লগতে জীৱনে মৰণে তেওঁৰ পদপ্ৰান্ততেই একমাত্ৰ আশ্ৰয় গ্ৰহণ কৰাটো অতি তৎপূৰ্য্যপূৰ্ণ।

(খ) ' সনক সন্দন যোগী যাহাকু ধিয়ায়!' [HSLC,19/20]
সনক, সন্দন আদি যোগীসকলে কাক ধিয়ান কৰে বুলি কৈছে?
উত্তৰ :- সনক, সন্দন, সনাতন প্ৰভৃতি শ্ৰীকৃষ্ণৰ একান্ত ভক্ত। 

তেওঁলোক একান্ত নাৰায়ণ - পৰায়ণা আৰু সেয়ে সকলো সময়তে ভগৱদ চিন্তাত ব্যস্ত হৈ থাকে। ভক্তিৰ মাধ্যমেদি ভগৱদ প্ৰাপ্তি সম্ভৱ বাবেই এইসকল পৰম্ভক্ত যোগীয়ে একান্তভাৱে তেওঁক ধ্যান কৰে বুলি কোৱা হৈছে।

(গ) কবিয়ে কিহত আতুৰ হোৱা বুলি কৈছে?
উত্তৰ :- কবিয়ে সাংসাৰিক দুখ তথা বিষয় - বাসনাৰ তাঢ়নত আতুৰ হোৱা বুলি উল্লখ কৰিছে। বিষয়ৰ বন্ধনেই হৈছে সাংসাৰিক দুখৰ মূল কাৰণ। এই দুখৰ নিবৃত্তিৰ বাবে হৰিভক্ত পৰম মহৌষধ।

=
(ঘ) বৰগীতটি কোনে ৰচনা কৰা?
উত্তৰ :- শ্ৰী শ্ৰী শংকৰদেৱ।

(ঙ) বৰগীতটো কি ৰাগত বন্ধা?
উত্তৰ :- বৰগীতটো বসন্ত ৰাগত বন্ধা। ভাৰতীয় সঙ্গীত শাস্ত্ৰত বিধান অনুসৰি উচ্চাঙ্গ সঙ্গীতৰ আৰ্হিত এই গীতসমূহ ৰচিত হৈছে।

(চ) কবিয়ে ' বান্ধৱ ' বুলি কাক সম্বোধন কৰিছে?
উত্তৰ :- কবিয়ে ' বান্ধৱ ' বুলি হৰিক কৈছে।

(ছ) ' মোহ - পাশ ' মানে কি?
উত্তৰ :- ' মোহ - পাশ ' মানে মায়াৰ বন্ধন। মায়া মোহেই হৈছে জাগতিক আশক্তি তথা বন্ধনৰ মূল কাৰণ। ইয়াত ' পাশ ' শব্দই ' বন্ধন ' সূচাইছে।

বৰগীতটোৰ মূলভাৱ লিখা।


উত্তৰ :- ভক্ত কবি মাধৱদেৱে ভগৱন্তৰ চৰণত একান্তভাৱ আত্মনীবেদন কৰি তেওঁক জীৱনে - মৰণে নেৰিবৰ কাৰণে অতিশয় কাকুতি কৰিছে। 

ভগবানৰ অপাৰ মহিমা। আগম আৰু নিগম প্ৰভৃতি শাস্ত্ৰত ভগৱানৰ বিভিন্ন মহিমাৰ বৰ্ণনা দাঙি ধৰা হৈছে যদিও একান্ত ভক্তি অবিহনে ভগৱন্তৰ স্বৰূপ উপলব্ধি সম্ভৱ নহয়। আনকি ব্ৰহ্মাদি দেৱতাসকলেও ভগৱন্তৰ প্ৰকৃত স্বৰূপ উপলব্ধি সক্ষম নহয়।

কবিয়ে কৈছে যে পাৰ্থিৱ মোহোকংখাই সাংসাৰিক বান্ধোনৰ প্ৰতি আকৰ্ষিত কৰিছে বাবেই তেওঁ উদ্ধাৰৰ পথ বিচাৰি ভগৱন্তৰ চৰণত আত্মসমৰ্পন কৰিছে। ভক্তৰ মনোবাঞ্ছা পূৰণ কৰি ভগৱন্তই কৃপা কৰিলেহে তেওঁ সাংসাৰিক মহবন্ধনৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। সেয়ে তেওঁ ভগৱন্তৰ চৰণত শৰণ ভিক্ষা কৰিছে।
৩/ বৰগীতটোৰ ৰচকৰ চমু পৰিচয় দিয়া।
উত্তৰ :- অসমত নৱ - বৈষ্ণৱ ভক্তিধৰ্ম প্ৰচাৰৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে যি উদ্যোগ গ্ৰহণ কৰিছিল, তেওঁৰ প্ৰধান শিষ্য মাধৱদেৱে তাত পৰিপূৰ্ণ সহযোগিতা কৰিছিল। 

মহাপুৰুষ শংকৰদেৱৰ প্ৰায় দুকুৰি বছৰ পিছত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অন্তৰ্গত লেতেকুপুখুৰীত ১৪৮৯ চনত মাধৱদেৱে জন্ম গ্ৰহণ কৰে। তেওঁৰ পিতৃ গবিন্দগীৰি ভূঞা আৰু মাতৃ মনোৰমা আছিল। বাকীখিনি কবিৰ পৰিচয় চাব পাৰিব।


বাখ্যা কৰা


(ক) ' সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা। অধমে জানিবে কেনে তোমাৰ মহিমা।। [HSLC,18]
উত্তৰ :- উদ্ধিত কবিতাঅংশ মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। ভগৱানৰ মহিমা অসীম। তেওঁৰ অনন্ত মহিমাৰ কথা ব্ৰহ্মা আদি দেৱতাৰো অজ্ঞাত। 

ভগৱানৰ অনন্ত মহিমাৰ কথা সাধাৰণ ভক্তৰ বাবে জনাটো অতি দুৰূহ। সেইবাবেই ভক্তকবি মাধৱদেৱে কৈছে যে যিগৰাকী স্ৰষ্টাই অনন্ত ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছে, সৃষ্টি - স্থিতি - প্ৰলয়ৰ গৰাকী অনন্ত শক্তিমান, সেইগৰাকী ভগৱন্তৰ অপৰিসীম মহিমাৰ অন্ত নাই। 

ব্ৰহ্মা, মহেশ্বৰ প্ৰভৃতি দৈৱিক গুণসম্পন্ন মহৎ লোকৰ দৃষ্টিগোচৰ নোহোৱা ঈশ্বৰৰ মহিমা সেয়ে মাধৱদেৱৰ দৰে ভক্তৰ দৃষ্টিৰ, বোধগম্যতাৰ বাহিৰত। তেওঁৰ দৰে সাধাৰণ ভক্তৰ বাবে ভগৱানৰ মহিমা বুজাটো সেয়ে সহজ নহয়।

(খ) আতুৰ ভৈলোহো হৰি বিষয় বিকলে। কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।।
উত্তৰ :- উদ্ধিত কবিতাঅংশ মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। মানুহৰ জন্মৰ লগে লগেই ছয় ৰিপু আৰু বিভিন্ন প্ৰভৃতি সমূহেও জন্ম লাভ কৰে। প্ৰবৃত্তিসমূহ বংশানক্ৰমিক আৰু বয়সৰ লগে লগে ই শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰে। 

কাম, ক্ৰোধ, লোভ, মোহ, মদ, মৎসৰ্য প্ৰভৃতি ৰিপুৰ তাড়নাই মানুহৰ বৈষয়িক বন্ধনৰ মূল কাৰণ। এই ৰিপুসমূহৰ প্ৰৰোচনাত মানুহে নানা ধৰণৰ অপকৰ্মত লিপ্ত হৈ কাললৈ কুখ্যাতি ৰাখে, দুখ - বেদনাৰে ভাৰাক্ৰান্ত হয়। কবি নিজেও এনে বিষয় বন্ধনৰ পৰা মুক্ত হব পৰা নাই। 

সেয়েহে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছে যাতে তেওঁৰ অভয় চৰণত স্থান দি কবিক বিষয় বন্ধনৰ পৰা মুক্ত কৰে। হৰিভক্তিয়েই দৰাচলতে মোহ সাগৰৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায়। কবিয়ে সেয়ে ভগৱন্তৰ চৰণত ভক্তিভাৱে আত্মসমৰ্পন কৰিছে।

(গ) তোমাৰ চৰণ দুই মোৰ মোহ ধন। ভকত জনেৰ নিজ তুমিসে জীৱন।। [HSLC,20]
উত্তৰ :- উদ্ধিত কবিতাঅংশ মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। সংসাৰ সাগৰৰ পৰা পৰিত্ৰাণ লাভৰ কাৰণে কবিয়ে একান্তভাৱে ভগৱানৰ চৰণত আত্মনিবেদন কৰিছে। 

তেওঁ উপলব্ধি কৰিছে যে মায়াময় সংসাৰৰ বান্ধোনৰ পৰা হাত সাৰি থাকিবলৈ হ'লে ভগৱন্তৰ দুখনি চৰণত আশ্ৰয় গ্ৰহণৰ বাহিৰে আন কোনো পথ নাই। সেয়ে তেওঁ কৈছে যে কবিৰ বাবে সকলোৰে উৰ্দ্ধত হৈছে ভগৱানৰ অভয় চৰণত শৰণ গ্ৰহণ। এয়ে তেওঁৰ জীৱনৰ একান্ত আকাংক্ষিত মহাধন। 

কবিয়ে এইবিধ সম্পদৰ বাহিৰে আৰু একো নিবিচাৰে। ভক্তৰ কাৰণে ভগৱানেই পৰম আশ্ৰয়। গতিকে, তেওঁৰ চৰণত আশ্ৰয় গ্ৰহণৰ বাহিৰে ভক্তই আন একোকে কামনা নকৰে।


সনক সনন্দ যোগী যাহাকু ধিয়ায়। সকল নিগমে যাক বিচাৰি নাপায়।। - তাৎপৰ্য বিচাৰ কৰা।

উত্তৰ :- ভাৰতীয় সনাতন ধৰ্ম সাধনাত প্ৰবৃত্তি আৰু নিবৃত্তি অৰ্থাৎ আগম আৰু নিগম শাস্ত্ৰৰ যোগেদি সাধন পদ্ধতি নিৰূপিত কৰা দেখা গৈছে। কিন্তু মুক্তিৰ বাবে দুয়োবিধ মাৰ্গেই কষ্টসাধ্য। 

যোগমাৰ্গ, জ্ঞানমাৰ্গ আদিতকৈ ভক্তিমাৰ্গ প্ৰশস্ত। সেয়ে সনক সনন্দ প্ৰভৃতি একান্ত ভক্তসকলে সৰ্বান্তকৰণে ভগৱন্তক হৃদয়ত ধ্যান কৰে। পৱিত্ৰ অন্ত:কৰণেৰে ঈশ্বৰ চিন্তাৰ যোগেদিহে ভগৱন্তৰ কৰুণা লাভ কৰিব পাৰি। যোগীসকলে ধ্যানৰ যোগেদি সম্ভেদ লাভ কৰিব নোৱাৰা ভগৱন্তৰ কিন্তু ভক্তিত নিজে সন্তুষ্ট হয়।

সেয়ে কবিয়ে কৈছে যে শাস্ত্ৰৰ জটিলতালৈ নগৈ একান্ত অন্ত: কৰনেৰে হৰিভক্তি কৰাটো বাঞ্ছনীয়। অন্যথা কৰ্ম, যোগ, জ্ঞান প্ৰভৃতি কষ্টসাধ্য পদ্ধতিৰে তেওঁৰ কৰুণাবোধ সম্ভৱ নহয়। সেইবাবেই নিগম শাস্ত্ৰৰ যোগেদি দুৰ্লভ প্ৰতিপন্ন হোৱা ভগৱন্তৰ প্ৰতি একান্ত ভক্তিভাৱ প্ৰদৰ্শন কৰা হৈছে।

বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা।

উত্তৰ :- বৰগীতৰ চাৰিটা লক্ষণ তলত উল্লেখ কৰা হ'ল -
(১) বৰগীত ভাৰতীয় উচ্চাঙ্গ সংগীতৰ আৰ্হিত ৰচিত।
(২) বৰগীতৰ ৰচক হ'ল মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ।
(৩) বৰগীতত নিৰ্দিষ্ট ৰাগ আছে।
(৪) বৰগীতসমূহ সকলো ধৰণৰ পাৰ্থিৱ ভাৱনৰ পৰা মুক্ত আধ্যাত্মিক পৰ্যায়ৰ গীত।
(৫) বৰগীত সমূহত ভগৱান শ্ৰীকৃষ্ণ তথা শ্ৰীৰামচন্দ্ৰৰ মহিমা কীৰ্তিত হৈছে।
(৬) ভাব, ভাষা আৰু বিষয়বস্তুৰ ক্ষেত্ৰত বৰগীত সমসাময়িক অন্যান্য গীতৰ পৰা পৃথক।

(৭) তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। নাপাৱন্ত, ভৈলোহো, জনেৰ, কেনে, তুমিসে, কহয়।
উত্তৰ :- (১) নাপাৱন্ত - নাপায়। (২) ভৈলোহো - হ'লো। (৩) জনেৰ - জনৰ। (৪) কেনে - কেনেকৈ, কেনেদৰে। (৫) তুমিসে - তুমিয়েই। (৬) কহয় - কয়।

৮/ ব্ৰজাৱলী ভাষাৰ বৈশিষ্টসমূহ উল্লেখ কৰা। [HSLC,16/17]
উত্তৰ :- (১) ব্ৰজাৱলী এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা।
(২) পশ্চিমা হিন্দীৰ অপভংস ব্ৰজভাষাৰ সৈতে এই ভাষাৰ কোনো সম্পৰ্ক নাই।
(৩) ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী আৰু মধ্যযুগত এই ভাষাক কেন্দ্ৰ কৰি কৃষ্ণলীলা বিষয়ক ভালেমান গীত পদ ৰচিত হৈছিল।
(৪) ব্ৰজাৱলী ভাষাত মৈথিলী, ভোজপুৰী, উৰিয়া, হিন্দী, পুৰণি অসমীয়া প্ৰভৃতি শব্দৰ প্ৰয়োগ দৃষ্টিগোচৰ হয়।


অতিৰিক্ত প্ৰশ্নোত্তৰ



১/ বৰগীত পাঠটিৰ গুৰুত্ব সম্পৰ্কে লিখা।
উত্তৰ :- মহাপুৰুষ মাধদেৱ কেৱল এগৰাকী ধৰ্মপ্ৰচাৰকেই নাছিল, এগৰাকী আগশাৰীৰ গীতিকাৰ, কবি, নাট্যকাৰ আৰু সংগীতজ্ঞও আছিল। 

শঙ্কৰদেৱৰ পৰামৰ্শ ক্ৰমে তেওঁ বৰগীত ৰচনাত হাত দিছিল। মাধৱদেৱৰ বৰগীতত শিশু কৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব অতি সাৰ্থকৰূপত প্ৰকাশিত হৈছে। 

আলোচ্য পাঠটিৰ যোগেদি মাধৱদেৱৰ সাংগীতিক প্ৰতিভাৰ লগে লগে তেওঁৰ অনুপম ৰচনাশৈলীৰ সৈতে পৰিচিত হোৱাৰ লগতে শিক্ষাৰ্থীসকলে মধ্যযুগৰ ভক্ত কবিসকলৰ যোগেদি অসমৰ জাতীয় জীৱনলৈ সাহিত্য কলা সংস্কৃতিৰ মাধ্যমেদি কঢ়িয়াই অনা আধাত্মিক পৰিৱেশৰ বিষয়ে উপলব্ধি কৰিবলৈ সক্ষম হ'ব। 

শিক্ষাৰ্থীৰ মনত কলাত্মক ৰুচিবোধ বৃদ্ধি, আধ্যাত্মিক ভাৱধাৰাৰ জাগৰণ আদিয়েই অন্তৰ্নিহিত উদেশ্য।

২/ তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা।
উত্তৰ :- ছোড় - ছিঙি দিয়া।/ বান্ধৱ - বন্ধু।/ ধিয়ায় - ধ্যান কৰা।/ উদ্ধাৰ - ৰক্ষা কৰা।/ নিগম - নিগম শাস্ত্ৰ।/ কৃপাৰ সাগৰ - দয়াৰ সাগৰ, দয়ালু।/ বিষয় বিকলে - সাংসাৰিক দুখ, বিষয় - বাসনাত কাতৰ।/ মহপাশ - মায়াৰ বন্ধন।/ ছোড় - ত্যাগ কৰা।/ যাহাকু - যিজনক।/ কৃপাৰ - দয়াৰ।/ দাসকু দাস - দাসৰো দাস।/ চৰণ - ভৰি।/ মহধন - মূল্যৱান সম্পদ।

৩/ বৰগীত বুলিলে কি বুজা?
উত্তৰ :- অসমত নৱ - বৈষ্ণৱ ভক্তিধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ভাৰতীয় উচ্চাঙ্গ সঙ্গীতৰ আৰ্হিত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে চৈধ্য প্ৰসঙ্গত উপযোগীকৈ একশ্ৰেণীৰ আধ্যাত্মিক গীত ৰচনা কৰিছিল। 

ব্ৰজাৱলী ভাষাত ৰচিত এই বিশেষ আধ্যাত্মিক গীতসমূহকেই বৰগীত আখ্যা দিয়া হৈছে। বৰগীত মহাপুৰুষ দ্বাৰা ৰচিত আধ্যাত্মিক গীত। সেয়ে কোনো ধৰণৰ পাৰ্থিৱ বিষয় ইয়াত অনুপস্থিত। 

আধ্যাত্মিক ভাৱ, ব্ৰজাৱলী ভাষা আৰু আধ্যাত্মিক প্ৰেম তথা একনিষ্ঠ ভক্তিৰ ভাবনাই বৰগীতৰ অন্তৰ্নিহিত বিষয়। বৰগীতসমূহ সকলোধৰণৰ পাৰ্থিৱ প্ৰেম - কলহৰ পৰা মুক্ত, আধ্যাত্মিক পৰ্যায়ৰ গীত। ভগৱান শ্ৰীকৃষ্ণ বা শ্ৰীৰামচন্দ্ৰৰ ৰূপ, গুণ, ঐশ্বৰ্য আৰু অপৰিসীম শক্তিৰ প্ৰকাশ এই গীতসমূহত লক্ষ্য কৰা যায়। মহাপুৰুষ মুঠ ৩৪ টি আৰু মাধৱদেৱে ১৫৭ টি বৰগীত ৰচনা কৰে। গতিকে দুয়োজনৰ সৰ্বমুঠ গীতৰ সংখ্যা ১৯১ টা। 

বৰগীতসমূহ উচ্চ মানবিশিষ্ট, আধ্যাত্মিক ভাৱসম্পন্ন আৰু ভাৰতীয় উচ্চাঙ্গ সংগীতৰ আৰ্হিত ৰচিত।

৪/ বৰগীতৰ লক্ষণ সম্পৰ্কে চমুকৈ লিখা।
উত্তৰ :- (১) বৰগীতসমূহ ভাৰতীয় সঙ্গীতশাস্ত্ৰৰ নীয়মানুসৰি নিৰ্দিষ্ট ৰাগ - তালত ৰচনা কৰা হৈছে।
(২) বৰগীতৰ ভাষা ব্ৰজাৱলী।
(৩) বৰগীতসমূহ আধ্যাত্মিক ভাৱসম্পন্ন আৰু ভগৱানৰ মাহাত্ম্য প্ৰকাশক।
(৪) বৰগীতসমূহ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদেশ্য ৰচিত।
(৫) শঙ্কৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা নিৰ্দিষ্ট আৰ্হিত ই ৰচিত।
(৬) বৰগীতৰ বিষয়বস্তু সকলো ধৰণৰ পাৰ্থিৱ ভাবৰ পৰা মুক্ত।
(৭) বৰগীত ভক্তিভাৱপ্ৰকাশক।
(৮) বৰগীতত ভক্তিৰ আনুসংগিক ভাৱে শান্ত, বাৎসল্য আৰু দাস্যভাবৰ সমাৱেশ ঘটিছে।
(৯) মাধৱদেৱৰ বৰগীত শিশু কৃষ্ণৰ চৰিত্ৰই প্ৰাধান্য লাভ কৰিছে।
(১০) শিশু কৃষ্ণৰ শিশুসুলভ চোৰ, চাতুৰি, লীলা, বিৰহ, পৰমাৰ্থ ইত্যাদি বিভিন্ন বিষয়ে গীতত ঠাই পাইছে।

(১১) দাস্যভক্তি মাধৱদেৱৰ প্ৰায়বোৰ গীতৰ লক্ষ্য কৰা হয়।

৫/ ব্ৰজাৱলী ভাষা বুলিলে কি বুজা? [HSLC,16/17]
উত্তৰ :- মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ আদিয়ে সাহিত্য ৰচনাত ব্যৱহাৰ কৰা ভাষাটো যদিও পুৰণি অসমীয়া ভাষা, বৰগীত আৰু অংকীয়া নাটকত ব্যৱহাৰ কৰা ভাষাটো কাব্যৰ ভাষাৰ পৰা কিছু পৃথক।

কোনো কোনো পণ্ডিতে ইয়াক কৃতিম সাহিত্যিক ভাষা বুলি অভিহিত কৰিছে। সেই সময়ত শ্ৰী কৃষ্ণৰ লীলা - মাহাত্ম্য প্ৰয়োগৰ কাৰণে অসম, বংগ, উৰিষ্যা প্ৰভৃতিৰ কবিসকলে যিটো সাহিত্যক ভাষা ব্যৱহাৰ কৰিছিল তাক ব্ৰজাৱলী ভাষা বোলা হৈছে যদিও পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। 

মৈথিলী ভাষাহে ইয়াত মূল ভেটি। অৱশ্যে মৈথিলী ভাষাৰ লগতে ভোজপুৰী, বাংলা, পুৰণি অসমীয়া, নেৱাৰী প্ৰভৃতি বিভিন্ন ভাষাৰ শব্দাৱলিৰ সংমিশ্ৰণত এই ভাষাটোৰ সৃষ্টি হৈছে। মধ্যযুগত এই ভাষা সমগ্ৰ উত্তৰ - পূব ভাৰতত জনপ্ৰিয় আছিল। 

মৈথিলী কবি বিদ্যাপতিয়ে তেওঁৰ অনুপম শব্দাৱলীৰ মাধ্যমেদি এই ভাষাটোক জনপ্ৰিয় কৰি গৈছিল। পৰৱৰ্তী কালত বৈষ্ণৱ কবিসকলে সাহিত্য ৰচনাৰ বাবে এই জনপ্ৰিয় ভাষাটোকেই আৰ্হি হিচাপে গ্ৰহণ কৰা বুলি কোনো কোনো পণ্ডিতে মতপ্ৰকাশ কৰা দেখা যায়।


৬/ বাখ্যা কৰা।
কৃপাৰ সাগৰ কৃপা কৰা এক বাৰ। কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ।।
উত্তৰ :- উদ্ধৃত কবিতাংশ মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট বৰগীতৰ পৰা তুলি দিয়া হৈছে। ভগৱান কৃপাৰ সাগৰ। তেওঁৰ কৃপাৰ অন্ত নাই। 

ভক্তসকলৰ একান্ত আকাংক্ষা হৈছে, ভগৱৎপ্ৰীতি তথা ভগৱানৰ কৃপা। সেইবাবেই ভগৱানক কৃপাৰ সাগৰ আখ্যা দিয়া হৈছে। 

কৃপাৰ সাগৰ দৈৱকীনন্দনে সদায়েই ভক্তৰ মনোবাঞ্ছা পূৰণ কৰি আহিছে। ভক্ত কবি মাধৱদেৱও সেয়ে তেওঁৰ কৃপা ভিক্ষা কৰিছে আৰু একান্ত কাতৰভাৱে প্ৰাৰ্থনা জনাইছে। 

ভগৱন্তৰ চৰণত শৰণ লওঁতাজনৰ কোনো ধৰণৰ বিপদ - বিঘিনি হ'ব নোৱাৰে। এয়ে ভক্তৰ আন্তৰিক বিশ্বাস। ভগৱন্তৰ পদপ্ৰান্তত একান্ত শৰণ গ্ৰহণ কৰি মহাপুৰুষ মাধৱদেৱে সেয়েহে কৰুণাময় ভগৱন্তৰ কৃপা ভিক্ষা কৰাটো এইক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ।

অতি চমু উত্তৰ দিয়া।

(ক) মাধৱদেৱৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল?
উত্তৰ :- ১৪৮৯ চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অন্তৰ্গত লেতেকুপুখুৰীত মাধৱদেৱৰ জন্ম হয়।

(খ) মাধৱদেৱৰ পিতৃ - মাতৃৰ নাম কি?
উত্তৰ:- পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা ভূঞা।

(গ) মাধৱদেৱে কাৰ অধীনত শিক্ষা লাভ কৰিছিল?
উত্তৰ :- ৰাজেন্দ্ৰ অধ্যাপকৰ অধীনত তেওঁৰ টোলত মাধৱদেৱে শিক্ষা লাভ কৰিছিল।

(ঘ) মাধৱদেৱে ক'ত শঙ্কৰদেৱৰ সৈতে মিলিত হয়?
উত্তৰ :- ধুৱাহাট বেলগুৰিত।

(ঙ) মাধৱদেৱৰ গুৰু কোন আছিল?
উত্তৰ :- শ্ৰীমন্ত শংকৰদেৱ।

(চ) মাধৱদেৱে ৰচনা কৰা সৰ্বশ্ৰেষ্ঠ গ্ৰন্থখন কি?
উত্তৰ :- নামঘোষা।

(ছ) মাধৱদেৱে ৰামায়ণৰ কোন খণ্ড প্ৰণয়ন কৰে?
উত্তৰ :- আদিকান্ত ৰামায়ন।

(জ) মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান?
উত্তৰ :- ১৫৭ টা।

(ঝ) মাধৱদেৱৰ বৰগীতৰ মূল ৰস কি?
উত্তৰ :- দাস্যমূলক ভক্তিৰস।

(ঞ) মাধৱদেৱৰ বৰগীতত কি কি ভাবৰ প্ৰকাশ অধিক?
উত্তৰ :- বাৎসল্য, দাস্য আৰু সম্যভাৱৰ প্ৰকাশ ঘটিছে।

(ট) মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা কেইখন কি কি?
উত্তৰ :- চোৰধৰা, পিম্পৰা গুচোৱা, ভোজন বেহাৰ, ভূমি লোটিয়া ইত্যাদি।

(ঠ) মাধৱদেৱৰ দ্বাৰা প্ৰণীত তত্বমূলক গ্ৰন্থ কি কি?
উত্তৰ :- জন্মৰহস্য, নামমালিকা, ভক্তি ৰত্নাৱলী।

(ড) তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিত " বান্ধৱ " বুলি কাক সম্বোধন কৰিছে? [HSLC,19]
উত্তৰ :- ভগৱান শ্ৰীকৃষ্ণক।

চমু উত্তৰ লিখা।


(ক) আমাৰ সংগীতৰ প্ৰাচীন ইতিহাস কেতিয়াৰ পৰা আৰম্ভ হৈছে?
উত্তৰ :- অসমীয়া সংগীতৰ ইতিহাস অতি প্ৰাচীন। প্ৰাক শংকৰী যুগৰ বহু পূৰ্বতেই আৰম্ভ হৈছে।

(খ) অসমত সংগীতৰ প্ৰাচীন তত্বৰ কি নিদৰ্শন পোৱা যায়?
উত্তৰ :- অসমৰ বিভিন্ন স্থানত আৱিষ্কৃত হোৱা ভগ্নাৱশেষ, স্থাপত্য আদিত নৃত্যৰ মুদ্ৰা আৰু বিদ্যাধৰ - বিদ্যাধৰীৰ মূৰ্তি পোৱা গৈছে।

(গ) নাটঘৰ প্ৰতিষ্ঠা কিয় কৰা হৈছে?
উত্তৰ :- পুৰণি মন্দিৰবোৰৰ সৈতে নৃত্য গীত অভিনয়ৰ কাৰণে একোটাকৈ নাটঘৰ প্ৰতিষ্ঠা কৰা হৈছিল। এই নাটঘৰবোৰে ৰজা ঘৰিয়া পৃষঠপোষকতা লাভ কৰিছিল। 

অসমৰ ভালেমান প্ৰাচীন মঠ - মন্দিৰত নিয়মিতভাৱে নৃত্য গীতৰ চৰ্চা হৈছিল।

(ঘ) অসমৰ ওজাপালিৰ ঐতিহ্য কেতিয়াৰ?
উত্তৰ :- অসমত ওজাপালিৰ ঐতিহ্য অতি প্ৰাচীন। এই পৰম্পৰা প্ৰাক শংকৰী যুগৰে পৰা অসমত প্ৰচলিত হৈ আহিছে।

(ঙ) চৰ্যাগীতৰ সৈতে বৰগীতৰ সাদৃশ্য কোনখিনি?
উত্তৰ :- চৰ্যাগীতসমূহে দৰাচলতে প্রতিকধৰ্মী ভাষাত ৰচিত ধৰ্ম সাধনৰ গীত। এই গীতৰ ভাৱ আৰু বিষয়বস্তুৰ সৈতে শঙ্কৰদেৱ মাধৱদেৱ বিৰচিত বৰগীতৰ যথেষ্ট সাদৃশ্য আছে।

(চ) চৰ্যাগীত আৰু গীতিৰামায়ণৰ সৈতে বৰগীতৰ কোন দিশত সাদৃশ্য পৰিলক্ষিত হয়?
উত্তৰ :- চৰ্যাগীতত থকা ভালেমান ৰাগ বৰগীততো সন্ধালনিভাৱে পোৱা যায়। চৰ্যাগীতত সন্নিবিষ্ট ৰাগৰ ভিতৰত পটমঞ্জাৰি, গবড়া, অৰু, গুৰ্জৰী, গঞ্জৰ, কচু গঞ্জৰী প্ৰভৃতি ৰাগে বৰগীততো আছে।

শঙ্কৰদেৱৰ সমসাময়িক কবি দুৰ্গাবৰ বিৰচিত গীতিৰামায়ণতো বিবিধ ৰাগ সন্নিবিষ্ট হৈছে। গতিকে অসমৰ ৰাগ সংগীতৰ ইতিহাস যথেষ্ঠ পুৰণি।

(ছ) বৰগীতত শাস্ত্ৰীয় আৰু থলুৱা ৰাগৰ সমন্বয় কেনেদৰে ঘটিছে?
উত্তৰ :- শঙ্কৰদেৱ আৰু মাধৱদেৱ বিৰচিত বৰগীতত সন্নিৱষ্ট ৰাগসমূহে ভাৰতীয় ৰাগ - তালৰ সৈতে সাদৃশ্য থাকিলেও বৰগীতৰ কেইবাটাও ৰাগত পৰম্পৰাগত থলুৱা সংগীতৰ লগে লগে চৰ্যাত ব্যবহৃত সুৰৰ সাদৃশ্য দেখা যায়।

(জ) বৰগীতসমূহ কেনেদৰে পৰিৱশন কৰা হয়?
উত্তৰ :- ভাৰতীয় সঙ্গীত শাস্ত্ৰৰ নীতি অনুসৰি বৰগীতসমূহ নিৰ্ধাৰিত ৰাগ অনুসৰি পৰিৱেশন কৰা হয়।

(ঝ) অসমত থলুৱা সংগীতে কেতিয়াৰে পৰা ৰাজ পৃষ্ঠপোষকতা লাভ কৰে?
উত্তৰ :- স্বৰ্গদেউ ৰুদ্ৰসিংহৰ সময়ৰে পৰাই অসমৰ থলুৱা সংগীতে ৰজাঘৰীয়া পৃষ্ঠপোষকতা লাভ কৰিবলৈ সক্ষম হয়। ৰুদ্ৰসিংহ নিজে এগৰাকী সংগীত অনুৰাগী আছিল আৰু গীতো ৰচনা কৰিছিল।

(ঞ) কেতিয়াৰপৰা অসমত নৃত্য গীত চৰ্চাৰ কাৰণে অনুকূল পৰিৱেশৰ সৃষ্টি হয়?
উত্তৰ :- আহোম ৰজাৰ ৰাজত্বকালত নৃত্য গীত চৰ্চাৰ কাৰণে অনুকূল পৰিৱেশৰ সৃষ্টি হৈছিল। প্ৰায়বোৰ প্ৰাচীন মন্দিৰৰ লগতে নৃত্য গীত চৰ্চাৰ কাৰণে একোটাকৈ নাটঘৰ প্ৰতিষ্ঠা কৰা হৈছিল।
(ট) ৰুদ্ৰসিংহই কোনবিধ সংগীতৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়াইছিল?
উত্তৰ :- ৰুদ্ৰসিংহই ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ লগে লগে সত্ৰীয়া থুলৰ বৰগীত, নৃত্য আৰু অংকীয়া নাট অভিনয়ৰ বাবেও পৃষ্ঠপোষকতা আগবঢ়াইছিল। 

তেওঁ ভাৰতৰ বাহিৰলৈ গৈ হিন্দুস্থানী সংগীতৰ প্ৰশিক্ষণ লোৱাৰ কাৰণে নট - নটী পঠাইছিল। লগতে ভাৰতীয় সঙ্গীতৰ উষ্টাদৰ হতুৱাই থলুৱা মনুহকো সংগীতৰ জ্ঞান লাভ কৰিবলৈ উৎসাহিত কৰিছিল।

(ঠ) কোনজন স্বৰ্গদেৱে সংগীতৰ উৎকৰ্যত সৰ্বাধিক অৱদান আগবঢ়াইছিল?
উত্তৰ :- অসমৰ সংগীতৰ উৎকৰ্যৰ ক্ষেত্ৰত স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ অৱদান সবাতোকৈ অধিক। তেওঁৰ দিনতেই ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু থলুৱা লোক - সংগীতৰ বিকাশৰ কাৰণে পৃষ্ঠপোষকতা আগবঢ়াইছিল।

(ড) কোনে শাস্ত্ৰীয় পৰম্পৰাৰ নৃত্যধাৰাক জনপ্ৰিয় কৰিছিল?
উত্তৰ :- মহাপুৰুষ শংকৰদেৱে শাস্ত্ৰীয় পৰম্পৰাৰ নৃত্যধাৰাক জনপ্ৰিয় কৰি তোলাৰ বাবে বিশেষ চেষ্টা কৰিছিল। এই নাচবোৰৰ ভিতৰত চালিনাচ, সূত্ৰধাৰী নাচ, কৃষ্ণ নাচ, নটুৱা নাচ, আদি বিশেষ ভাৱে উল্লখযোগ্য।

(ঢ) ভাৰতীয় ৰাগ সংগীত ঐতিহ্যপ্ৰসূত হ'লেও বৰগীতত কি থলুৱা বৈশিষ্ট্য আছে।
উত্তৰ :- বৰগীত ভাৰতীয় ৰাগ সংগীতৰ ঐতিহ্যপ্ৰসূত আৰু নিৰ্দিষ্ট ৰাগ তালত ৰচিত হ'লেও ইয়াত কেতবোৰ স্বকীয় বৈশিষ্ট্য আছে, যিবোৰ চৰ্যাৰ অধিক কাষচপা।

(ণ) বৰগীত কাক বোলে?
উত্তৰ :- মহাপুৰুষ শঙ্কৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা চৈধ্য প্ৰসঙ্গৰ উপযোগীকৈ ভাৰতীয় উচ্চাস্থ সংগীতৰ আৰ্হিত ৰচনা কৰা আধ্যাত্মিক ভাৱ বিশিষ্ট বিবিধ ৰাগযুক্ত গীতাসমূহকে বৰগীত আখ্যা দিয়া হৈছে।

বৰগীতৰ ভাৱ, ভাষা আৰু বিষয়বস্তুৰ শ্ৰেষ্ঠতাই বৰগীতৰ শ্ৰেষ্ঠতাৰ মূল।

(ত) বৰগীতৰ মূল বস্তু কি?
উত্তৰ :- ৰাগ বৰগীতৰ মূল বস্তু। শুদ্ধ ৰূপ প্ৰয়োগৰ অবিহনে বৰগীতৰ স্বৰূপ ফুটি নুঠে।

(থ) বৰগীতৰ অন্তৰ্নিহিত সাৰতত্ত্ব কি?
উত্তৰ :- বৰগীত সাংসাৰিক প্ৰেম কাহিনীৰ পৰা মুক্ত, সম্পূৰ্ণ আধ্যাত্মিক উপাসনা প্ৰসঙ্গৰ গীত। তদুপৰি ই মহাপুৰুষৰ দ্বাৰা ৰচিত হ'ব লাগিব।

(দ) বৰগীত সম্পৰ্কে কি প্ৰবাদ প্ৰচলিত আছে। মহাপুৰুষৰ ৰচিত গীতৰ সংখ্যা কিমান?
উত্তৰ :- আমাৰ সমাজত ' বাৰকুৰি বৰগীত তেৰকুৰি ফকৰা ' বুলি এটি প্ৰবাদ প্ৰচলিত হৈ আহিছে যদিও শঙ্কৰ মাধৱৰ মুঠ গীতৰ সংখ্যা ১৯১ হৈছে।

(ধ) কথাগুৰুচৰিতত বৰগীত ৰচনা সম্পৰ্কে কি উল্লেখ আছে?
উত্তৰ :- শঙ্কৰদেৱে প্ৰথমবাৰ তীৰ্থযাত্ৰাৰ পৰা উভতি আহি ' মন মেৰি ৰাম চৰণেহি লাগু ' শীৰ্ষক বৰগীতটি ৰচনা কৰা বুলি কথাগুৰুচৰিতত উল্লেখ কৰা হৈছে।

(ন) শঙ্কৰদেৱৰ গীতত কি কি ভাবৰ সমাৱেশ ঘটিছে?
উত্তৰ :- শঙ্কৰদেৱৰ বৰগীতসমূহত বিবিধ ভাবৰ সমাহাৰ লক্ষ্য কৰা যায়। জ্ঞান আৰু ভক্তিযুগৰ লগে লগে তেওঁৰ গীতত বৎসাল্য, দাস্য, সখ্য প্ৰভৃতি বিবিধ ভাবৰ সমাহাৰ ঘটিছে।

(প) শঙ্কৰদেৱৰ বৰগীতত কি কি ৰাগ উল্লেখিত হৈছে?
উত্তৰ :- শঙ্কৰদেৱৰ বৰগীতত আশোৱাৰী, নাটমল্লাৰ, ধনশ্ৰী, গৌৰী, শ্ৰী, কেদাৰ, সূহাই, বসন্ত, মাউৰ, ভূপালী, অহিৰ, কল্যাণ, ভুড়, বসন্ত প্ৰভৃতি ৰাগৰ উল্লেখ পোৱা যায়।

(ফ) বৰগীতত কোনবোৰ দিশ প্ৰতিফলিত হৈছে?
উত্তৰ :- বৰগীতসমূহ শঙ্কৰদেৱ আৰু মাধৱদেৱৰ কবিত্ব শক্তিৰ জ্বলন্ত নিদৰ্শন। 

সাংসাৰিক বিষয় ভোগৰ প্ৰতি অনাস্থা, যাগ - যজ্ঞ, পূজা - পাতল, তপ - জপৰ অসৰতা আৰু জীৱন যৌৱনৰ ক্ষণস্থায়িত্বৰ লগতে ভগবানৰ ওচৰত আত্ম সমৰ্পণৰ ভাব বৰগীত সমূহত সন্নিৱষ্ট হৈছে।

(ব) বৰগীত আৰু বিদ্যাপতি চণ্ডীদাসৰ পদাৱলীৰ মাজত পাৰ্থক্য কোনখিনিত?
উত্তৰ :- বিষয়বস্তুৰ গম্ভিৰ্য্য আৰু প্ৰকাশ ভংগিৰ সংযম বৰগীতসমূহৰ মন কৰিবলগীয়া বৈশিষ্ট্য।

বৰগীতত বিদ্যাপতি় চণ্ডীদাসৰ গীতসমূহৰ দৰে ৰাধা - কৃষ্ণৰ অবৈধ প্ৰণয়নৰ চিত্ৰ নাই, তাৰ পৰিবৰ্তে ভক্ত আৰু ভগৱানৰ আধ্যাত্ম সম্পৰ্কৰ কথাহে আছে।

(ভ) বৰগীতত  কেনে ভাৱৰ মৰ্মস্পৰ্শি চিত্ৰণ লক্ষ্য কৰে যায়?
উত্তৰ :- বৰগীতসমূহ মহাপুৰুষদয়ৰ কাব্যিক আৰু সাহিত্যিক প্ৰতিভাৰ উল্লেখযোগ্য নিদৰ্শন। বৰগীতত কবিৰ ভগৱন্তৰ প্ৰতি ভক্তি বিগলিত হৃদয়েৰে কৰা একান্ত প্ৰাৰ্থনা, পৰমজনৰ ওচৰত আত্মসৰ্পণৰ সুৰ, জীৱন - যাতনাৰ পৰা মুক্তি পাবলৈ কৰা আবেগমৈয়ী প্ৰাৰ্থনাৰ অতি মৰ্মস্পৰ্শি চিত্ৰ অংকিত হৈছে।

(ম) অন্যান্য সমসাময়িক গীতিকাৰৰ গীতসমূহক কি আখ্যা দিয়া হৈছে?
উত্তৰ :- শঙ্কৰদেৱ আৰু মাধৱদেৱক অনুসৰণ কৰি সমসাময়িক বৈষ্ণৱ গীতিকাৰসকলে একে ষ্টাইলত ৰচনা কৰা গীতসমূহক বৰগীত আখ্যা দিয়া নহয়, সেইবোৰক গীতহে আখ্যা দিয়া হয়।

=
(য) অংকৰ গীত কি?
উত্তৰ :- অংকীয়া নাটসমূহত সন্নিৱিষ্ট গীতবোৰক অংকৰ গীত বোলা হয়।

(ৰ) বৰগীতৰ ৰাগসমূহ এতিয়াও ক'ত ব্যবহৃত হৈ আছে?
উত্তৰ :- শঙ্কৰদেৱ আৰু মাধৱদেৱৰ বৰগীতসমূহত সন্নিৱিষ্ট ৰাগসমূহ অন্যান্য ভাৰতীয় মাৰ্গ সংগীতটো প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ সৰহভাগেই বৰ্তমানো হিন্দুস্থানী আৰু কৰ্ণাটকী ৰাগ সংগীতত বহুলভাৱে ব্যবহৃত হৈ আছে।

(ল) বৰগীতসমূহ ক'ত আৰু কেতিয়া পৰিৱেশন কৰা হয়?
উত্তৰ :- বৰগীতসমূহ মুখ্যতঃ প্ৰাৰ্থনা গীত। অসমৰ সত্ৰসমূহত এই গীতসমূহ বিভিন্ন প্ৰসঙ্গত পৰিৱেশন কৰা হয়। চৈধ্য প্ৰসঙ্গৰ উপযোগীকৈ এই গীতসমূহ ৰচনা কৰা হৈছে। ইয়াৰ কোনোবাটো পুৱা, কোনোটো দিনৰ অন্য সময়ত পৰিৱেশন কৰা হয়।

(ৱ) শঙ্কৰদেৱ আৰু মাধৱদেৱৰ বৰগীতত কেনেবোৰ ভাৱ প্ৰকাশিত হৈছে? মাধৱদেৱৰ বৰগীতৰ অনুভূতিক দিশটো কেনেধৰণৰ?
উত্তৰ :- বৈষ্ণৱ ধৰ্মৰ মূল নীতি, বিষ্ণু বা শ্ৰী কৃষ্ণ তথা ৰামচন্দ্ৰৰ ৰূপ বৰ্ণনা, কৃষ্ণ - বিষ্ণু - ৰামচন্দ্ৰৰ অভিন্নতা, আত্মত্ৰুতি ভগৱানৰ কৃপা - ভিক্ষা, নামৰ - মহিমা, গোপিনী বিৰহ, লীলা, মাতৃ - পুত্ৰৰ মাজত আন্তৰিক সম্পৰ্ক, বিৰহ্, বেদনা, আধ্যাত্মিক বেদনা প্ৰভৃতি বিবিধ ভাৱ বৰগীতত প্ৰকাশিত হৈছে। মাধৱদেৱৰ বৰগীতত আত্মসমৰ্পন আৰু দাস্যভাবৰ আকুলতা লক্ষ্য কৰা যায়।


Class 10 Assamese Notes





Class 10 Assamese Textbook






Class 10 Assamese Grammar




Class 10 Assamese Essay







Class 10 Hindi Notes




Class 10 Hindi Textbook



=

Class 10 Hindi Essay






Class 10 Hindi Grammar




Class 10 Science Notes


CHEMISTRY

BIOLOGY

PHISICS


Class 10 English Notes





Class 10 Maths Notes



সম্পৰ্কিত বিষয়:

Post a Comment

0 Comments

People

Ad Code