Recent in Technology

দৃশ্যান্তৰ/ সম্পূৰ্ণ প্ৰশ্নোত্তৰ/ class 10 assamese chapter 5 question answer

Attention Please!

দৃশ্যান্তৰ কবিতা/হৰেকৃষ্ণ ডেকা কবিতা/অসমীয়া class 10/class 10 assamese lesson 5/দৃশ্যান্তৰ question answers/সম্পূৰ্ণ প্ৰশ্নোত্তৰ

Aako eta notun article loi apunak swagotom jonaisu. ajir ei post tur joriyote apuni class 10 assamese chapter 5 question answer  সম্পূৰ্ণ প্ৰশ্নোত্তৰ/Notes/Solution bur pabo.

Logote jonau je Class 10 r subject buror related article u read koribo paribo, akha koru aapuni read kori bhal anubhov eta pabo buli.



class 10 assamese lesson 5 question answer




Class 10 Assamese Textbook(Online Read)




দৃশ্যান্তৰ




হৰেকৃষ্ণ ডেকা


কবি পৰিচিত/

১৯৪৩ চনত জন্ম। ল'ৰালি কাল তিনিচুকীয়াত কটায় আৰু তাৰে পৰাই ১৯৫৯ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত পঢ়িবলৈ লয়। 

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৫ চনত ইংৰাজী বিষয়ত এম. এ. পাছ কৰে। গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰি ভাৰতীয় প্ৰশাসনীয় সেৱাত যোগদান কৰি আৰক্ষী সঞ্চালক প্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰে। 
তেওঁ ' The Sentinel ', ' গৰীয়সী ', প্ৰভৃতি আলোচনীৰো সম্পাদক আছিল। তেওঁৰ ৰচিত গ্ৰন্থসমূহ এনেধৰণৰ - 
  • কবিতাপুঠি - ৰাতিৰ শোভাযাত্ৰা, আন এজন, Sea-scare
  • গল্পপুথি - গল্প আৰু কল্প, মধুসুদনৰ দলং, মৃত্যুদণ্ড।
  • উপন্যাস - আগন্তুক।
তেওঁ ১৯৮৭ চনত সাহিত্য একাডেমি বঁটা, ১৯৯৬ চনত ' কথা বঁটা ' আৰু ১৯১০ চনত ' আসাম ভেলি লিতাৰেৰী বঁটা ' লাভ কৰে।



Class 10 Assamese Notes/Solutions





শব্দৰ অৰ্থ আৰু টোকা


  • কাকিনী তামোল - বৰ ওখ তামোল। [HSLC,18]
  • দাহ - পোৰণি, পোৰা কাৰ্য, দহন, শোক, সন্তাপ।
  • দৃশ্যান্তৰ - ভিন্ন বা অন্য দৃশ্য। [HSLC,17]
  • নিউঞ্জ - কুজা।
  • যক্ষ - পুতি থোৱা ধন - সোণ ৰাখি থাকে বুলি ভবা অপদেৱতা, অতিশয় কৃপণ লোক।

পাঠভিত্তিক প্ৰশ্নোত্তৰ


১/ চমু উত্তৰ দিয়া /
(ক) কবিয়ে কিমান বছৰ পিছত মানুহজনক লগ পাইছিল? [HSLC,16]
উত্তৰ: পঁচিশ বছৰৰ পাছত।

(খ) মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল?
উত্তৰ : কুকুৰীকনা হোৱা কাৰণে জোনৰ পোহৰত নিজৰ ঘৰ বিচাৰি পোৱা নাছিল।

(গ) মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল?
উত্তৰ: আলি কেকুৰীটোৰ কাষত।

(ঘ) মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগীত আছিল?
উত্তৰ: আগলি বাঁহে।

(ঙ) কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল?
উত্তৰ: গধূলি সময়ত।

(চ) নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কি আছিল? [HSLC,17]
উত্তৰ: কবিয়ে দৃশ্যান্তৰ কবিতাত বৰ্ণনা কৰা মতে ঘৰ বিচাৰি নোপোৱা মানুহজন আছিল কুকুৰিকনা।

পূৰ্ণ জোনৰ পৰিপূৰ্ণ জোনাকৰ পোহৰতো তেওঁৰ পদুলিত থকা পজা ঘৰটো বিচাৰি নোপোৱাত কবিয়ে তেওঁক হাতত ধৰি আগবঢ়াই দিছিল।

(ছ) কবিয়ে লগ পোৱা বৃদ্ধ কুঁজা মনুহজনক লগ পোৱা আলি কেকুৰিটো কেনে আছিল? [HSLC,15]
উত্তৰ: কবিয়ে লগ পোৱা মানুহজনৰ আলি কেকোৰিটো আছিল কেঁচা। কবিয়ে মানুহজনক পঁচিশ বছৰৰ আগে লগ পাইছিল। কবিৰ ভাষাত -
পঁচিশ বছৰ আগতে
এই ঠাইতেই এজনক লগ পাইছিলো
আলি কেকুৰিতো আছিল কেঁচা।

২/ সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ মানুহজনে কবিৰ সৈতে কি কি কথা পাতিছিল, তোমাৰ নিজৰ কথাৰে লিখা। [HSLC,15/16]
অথবা ' দৃশ্যান্তৰ ' কবিতাটোত কবিয়ে কিদৰে পৰিবৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে, তোমাৰ ভাষাৰে বুজাই লিখা।
উত্তৰ: পঁচিশ বছৰৰ পিছত একে ঠাইতেই কবিয়ে আৰু এজন মানুহক লগ পালে, বৃদ্ধ কুজা মানুহজন সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ আছিল। 

ওচৰে - পাজৰে কেইবাটাও অট্টালিকা সগৌৰৱে থিয় হৈ আছিল। কবিক দেখি সন্দেহপূৰ্ণ চাৱনিৰে চাই মানুহজনে তেওঁক ভাৰাঘৰ বিচাৰি আহিছে নেকি সুধিলে। তেওঁ লগতে ক'লে যে - এই কুবেৰৰ মহলাত ভাৰাঘৰ নাই, থাকিলেও তাত শান্তিৰে থাকিব পৰা নাযাব। 

এই ঘৰটোত কিছুমান স্বাৰ্থপৰ মানুহ বাস কৰে। এইবুলি কৈয়েই বৃদ্ধ মানুহজন সাতমহলীয়া ঘৰৰ ভিতৰত সোমাই গ'ল।

৩/ ' দৃশ্যান্তৰ ' কবিতাটোৰ মূলভাৱ লিখা। [HSLC,15/16/17/18/19]
উত্তৰ: ' দৃশ্যান্তৰ ' কবিতাটোত কবিয়ে পঁচিশ বছৰৰ আগতে আৰু পঁচিশ বছৰৰ পিছত দৃষ্টিগোচৰ হোৱা দুটি ভিন্ন দৃশ্যৰ অৱতাৰণা কৰিছে। 

সময়ৰ পৰিৱৰ্তনৰ লগে লগে সমাজ জীৱনলৈ যেন ধৰণৰ পৰিবৰ্তন আহে, সেই পৰিৱৰ্তনে মানুহক বৈষয়ীক সুখ সমৃদ্ধি প্ৰদান কৰিলেও আচলতে যে মানুহ প্ৰকৃত সুখ লাভৰ পৰা বঞ্চিত হয়, সেই কথা কবিতাটোৰ দুটি ভিন্ন দৃশ্যৰ মাধ্যমেদি কবিয়ে প্ৰকাশ কৰিছে। 

পঁচিশ বছৰৰ আগতে জোনাকৰ পোহৰত নিজৰ পজাঘৰটো বিচাৰি উলিয়াবলৈ সক্ষম নোহোৱা এগৰাকী মানুহক কবিয়ে হাতত ধৰি আগুৱাই দিওঁতে উক্ত পজা ঘৰটিতে তেওঁ অতি শান্তিত জীয়াই থকা বুলি মত প্ৰকাশ কৰিছিল। সুদীৰ্ঘ পঁচিশ বছৰৰ মূৰত কবিয়ে উক্ত স্থানত পজাঘৰ, কেঁচা আলি, কাকিনী তামোল আৰু বাঁহ গছ দেখা নাপালে। 
তাৰ পৰিৱৰ্তে এটি সাতমহলীয়া ঘৰৰ ওচৰত গৈ তেওঁ উপস্থিত হৈছিল। সেই ঠাইত বহুতো অট্টালিকা গঢ় লৈ উঠিছিল আৰু মানুহবোৰে ব্যস্ততাৰে নিজৰ কৰ্তব্য সম্পাদন কৰিছিল। 

অচিনাকি কবিক দেখি মানুহজনে তেওঁক ভাৰাঘৰ বিচাৰি যোৱা বুলি সন্দেহ কৰি তেওঁক এই কুবেৰৰ মহলাত ঘৰ নাই আৰু থাকিলেও ইয়াত কোনো ধৰণৰ শান্তি নাই বুলি সতৰ্ক কৰি দিছিল। 

দুটি দৃশ্যৰ মাজেদি কবিয়ে গ্ৰাম্য জীৱনৰ সৰলতা আৰু সহজ আন্তৰিকতাৰ বিপৰীতে নাগৰিক সভ্যতাৰ বিকাশে সৃষ্টি কৰা কংক্রীটৰ অৰণ্যত যে মানুহ প্ৰকৃত সুখ - শান্তি লাভৰ পৰা বঞ্চিত, সেই কথা সোঁৱৰাই দিছিল।

৪/ 'বোৰ শান্তিত আছোঁ এই পজাটিত'। কোনে, কিয় এইদৰে কৈছিল? কথাশাৰীৰ অন্তৰনিহিত ভাৱ মোকলাই লিখা। [HSLC,17]
উত্তৰ: পঁচিশ বছৰৰ আগতে ' দৃশ্যান্তৰ ' কবিতাটোৰ কবি হৰেকৃষ্ণ ডেকাই গধূলি সময়ত এটা কেঁচা আলিৰ কেকুৰিত নঙলামুখত নিজৰ পদুলিটো খেপিয়াই ফুৰা এজন মানুহ লগ পাইছিল।

তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি। এটা পজাঘৰৰ। সেই  পজাঘৰটোৰ দাঁতিত কেইজোপামান কাকিনি তামোল আকাশলৈ ধিয়াই থিয় হৈ আছিল। 

ঘৰৰ দাঁতিত আগলি বাঁহ জোপাই তললৈ হাউলি নমস্কাৰ জনাইছিল। গ্ৰাম্য জীৱনৰ এনে শান্তিময় পজাটিত অকলশৰীয়া মানুহজনক যেতিয়া কবিয়ে হাতত ধৰি প্ৰৱেশ কৰাই দিছিল, তেতিয়া কবিক তেওঁ কৈছিল যে এই  পজাঘৰটোতেই তেওঁ অতি সুখেৰে আছে। 

মানুহৰ কোলাহল নাই যদিও প্ৰকৃতিৰ নিবিড় পৰিৱেশ। মানুহজনে কবিক এই কথা জনাইছিল।

৫/ 'হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত?' - কোনে, কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা।
উত্তৰ: কবিয়ে পঁচিশ বছৰ আগতে দেখা পজাঘৰএটিৰ ঠাইত উঠা সাতমহলীয়া ঘৰৰ সমুখত ৰৈ থকা বৃদ্ধ লোক এজনে তাত তেওঁক দেখি এনেদৰে সুধিছিল। 

বৃদ্ধ লোকজনে কবিক তালৈ ভৰাঘৰ বিচাৰি যোৱা বুলি ভাবিছিল। পঁচিশ বছৰ আগতে পজা ঘৰটোত মানুহজনৰ বৰ শান্তি আছিল। আজি সাতমহলীয়া ঘৰত থাকিও তেওঁ শান্তি পোৱা নাই। 

কংকৃতৰ জংঘলত অকলশৰীয়াৰ দৰে বৰ অশান্তিত তেওঁ আছে। তেনে ঠাইত ভাৰাঘৰ নল'বলৈ যেন কবিক বৃদ্ধজনে ক'ব বিচাৰিছে।


৬/ দৃশ্যান্তৰ কবিতাটোৰ কবিৰ পৰিচয় লিখা। [HSLC,17]
উত্তৰ: ১৯৪৩ চনত জন্ম। ল'ৰালি কাল তিনিচুকীয়াত কটায় আৰু তাৰে পৰাই ১৯৫৯ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত পঢ়িবলৈ লয়। 

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৫ চনত ইংৰাজী বিষয়ত এম. এ. পাছ কৰে। গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰি ভাৰতীয় প্ৰশাসনীয় সেৱাত যোগদান কৰি আৰক্ষী সঞ্চালক প্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰে। 

তেওঁ ' The Sentinel ', ' গৰীয়সী ', প্ৰভৃতি আলোচনীৰো সম্পাদক আছিল। তেওঁৰ ৰচিত গ্ৰন্থসমূহ এনেধৰণৰ - 
  • কবিতাপুঠি - ৰাতিৰ শোভাযাত্ৰা, আন এজন, Sea-scare
  • গল্পপুথি - গল্প আৰু কল্প, মধুসুদনৰ দলং, মৃত্যুদণ্ড।
  • উপন্যাস - আগন্তুক।
তেওঁ ১৯৮৭ চনত সাহিত্য একাডেমি বঁটা, ১৯৯৬ চনত ' কথা বঁটা ' আৰু ১৯১০ চনত ' আসাম ভেলি লিতাৰেৰী বঁটা ' লাভ কৰে।

৭/ বাখ্যা কৰা।
(ক) ' মৰিলে দাহ কৰিবলৈয়ো এজন মানুহ নাই।'
উত্তৰ :- উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্য পুথি সাহিত্য - সুবাসৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকা বিৰচিত ' দৃশ্যান্তৰ ' কবিতাৰ পৰা তুলি দিয়া হৈছে। 

গ্ৰাম্য জীৱনৰ সৰলতা আৰু আন্তৰিকতাক ক্ৰমান্বয়ে আধুনিক জীৱন শৈলীয়ে গ্ৰাস কৰি পেলাইছে। মানুহবোৰ অধিক ব্যস্ত হৈ পৰিছে আৰু এই ব্যস্ততাৰত ইন্ধন যোগাইছে আধুনিক জীৱনশৈলীয়ে।

প্ৰতিযোগিতাৰে পৰিপূৰ্ণ এই জগতখনত মানুহবোৰ ক্ৰমে হৃদয়হীন হৈ পৰিছে, স্বাৰ্থপৰ আৰু সংকীৰ্ণ মানসিকতাই মানুহক মানৱীয় অনুভূতিশূণ্য কৰি পেলাইছে। সেয়ে, বিপদে - আপদে কোনেও কাকো সহায় নকৰে। 

আনকি মানুহ কৰিলেও ওচৰ চুবুৰীয়াই সহায় কৰিবলৈ নাহে। এনে প্ৰসঙ্গতে কবিয়ে উক্ত কথাখিনি কৈছে।









(খ) ' যশৰ পোৱালিহঁতে কাক কেনে চায়।'
উত্তৰ: উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্য পুথি সাহিত্য - সুবাসৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকা বিৰচিত ' দৃশ্যান্তৰ ' কবিতাৰ পৰা তুলি দিয়া হৈছে। 

সাতমহলীয়া ঘৰৰ সমুখত ৰৈ থকা বৃদ্ধ লোকজনে কবিক তাতে দেখি তালৈ তেওঁ ঘৰভাৰা বিচাৰি যোৱা বুলি ভাবি অশান্তিৰৰে এনেদৰে কৈছিল। পঁচিশ বছৰ আগতে সাতমহলীয়া ঘৰটোৰ ঠাইত এটি পজাঘৰ আছিল। সেই ঘৰটোত মানুহজন বৰ শান্তিত আছিল। 

সেই সময়ত মানুহে মানুহক সংযোগ কৰিছিল। মানুহবোৰ সৰল আছিল। এতিয়া চাৰিওফালে ডাঙৰ ডাঙৰ অট্টালিকা গঢ়ি উঠিল। মানুহবোৰ নিজৰ স্বাৰ্থত অতি ব্যস্ত হৈ পৰিল। কোনেও কাৰো ফালে চোৱাৰ সময় নাই। যশৰ দৰে মানুহৰ মৰম চেনেহ আন্তৰিকতা নোহোৱা হ'ল। 

এই নিষ্ঠুৰ পৰিবৰ্তনত অতিষ্ঠহৈয়ে মানুহজনে হৃদয়হীন এই মানুহবোৰক যশৰ পোৱালি বুলি কবিক কৈছে।

(গ) ' এই কংকৃতৰ হাবিখনত তেওঁক বিচাৰি নাপালো আৰু।' [HSLC,18]
উত্তৰ: উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্য পুথি সাহিত্য - সুবাসৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকা বিৰচিত ' দৃশ্যান্তৰ ' কবিতাৰ পৰা তুলি দিয়া হৈছে। 

মানুহবোৰ সৰু পজাঘৰত থাকোতেই অতি শান্তিত আছিল। পস্পৰে পৰস্পৰক সহায় কৰিছিল, মানুহৰ মাজত হৃদয়ৰ সম্পৰ্ক আছিল। কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে কংকৃতৰ অৰণ্যত পৰিণত হৈছে আমাৰ সমাজখন। 

লগে লগে মানুহৰ হৃদয়বোৰো কংকৃতলৈ পৰ্যবসিত হৈছে। সেয়ে অচিনাকি কবিক ঘৰ বিচাৰি অহা বুলি সতৰ্ক কৰি দিয়া মানুহজন সাতমহলীয়া কংক্ৰিতৰ অৰণ্যত হঠাতেই ক'ত লুকাই পৰিল কবিয়ে বিচাৰি পোৱা নাই। 

প্ৰেম আৰু আন্তৰিকতা নোহোৱা ঠাইত যে মানুহ কাহানিও সুখত থাকিব নোৱাৰে, সেয়া তাৰ নিদৰ্শন মাত্ৰ।

(ঘ) ' সময়টো আছিল গধূলি। তেওঁ নঙলামূখত বিচাৰি ফুৰিছিল নিজৰ ঘৰ পদূলি।' [HSLC,19]
উত্তৰ: উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্য পুথি সাহিত্য - সুবাসৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকা বিৰচিত ' দৃশ্যান্তৰ ' কবিতাৰ পৰা তুলি দিয়া হৈছে। 

কবিয়ে এদিন গধূলি এটা কেঁচা আলিৰ কেকুৰীত নিজৰ নংলামুখত এজন কুকুৰিকণা মানুহ লগ পাইছিল। মানুহজন অকলশৰীয়া। তেওঁক সহায় কৰিবলৈ কোনো নাই। কবিয়ে জানিব পাৰিলে যে জোনাকৰ পোহৰতো নিজৰ নংলামুখত ঘৰৰ পদূলিটো বিচাৰি নোপোৱা মানুহজনক হাতত ধৰি নিজৰ পজাঘৰত সুমুৱাই দিছিল। 

নিজৰ নংলামুখত থাকিও পদুলিতো আৱিষ্কাৰ কৰিব নোৱাৰা মানুহজনলৈ কবিৰ দয়া উপজিছিল। কবিৰ মতে মানুহজন কুকুৰিকনা ৰোগত ভুগি থকাৰ কাৰণেই হয়তো গধূলি সময়ত তেওঁ নিজৰ ঘৰটো বিচাৰি উলিওৱাত অসুবিধা হৈছিল।








৮/ বিপৰীত শব্দ লিখা। 
  • কেঁচা - পকা।
  • গধূলি - পুৱা।
  • পোহৰ - আন্ধাৰ।
  • শান্তি - অশান্তি।
  • ৰূপ - অৰূপ।

৯/ সমাৰ্থক শব্দ লিখা।

  • জোন - চন্দ্ৰ।
  • ঘৰ - আলয়।
  • চৰা - অতি।
  • উভতি - ঘূৰি।
  • দাহ - জ্বলন।

১০/ নয়াৰ্থক শব্দ গঠন কৰা।

  • শান্তি - ন + শান্তি - অশান্তি।
  • চিনাকি - অচিনাকি।
  • সহায় - অসহায়।

১১/ ' নমস্কাৰ ' শব্দটো ভাঙিলে এনে হ'ব -

নমঃ + কাৰ - এনেদৰে আন চাৰিটা শব্দৰ সন্ধি কৰা।

  • নিঃ + বাৰণ - নিবাৰণ।
  • দুঃ + অভিসন্ধি - দুৰ্ভিসন্ধি।
  • দুঃ + শাসন - দুশাসণ।
  • দুঃ + সম্বাদ - দুসম্বাদ।




অতিৰিক্ত প্ৰশ্নোত্তৰ



১/ প্ৰসংগ সংগতি দৰ্শাই বাখ্যা কৰা।
(ক) আকাশ ধিয়াই কেইজোপামান কাকিনি তামোল। ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ।
উত্তৰ: উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্য পুথি সাহিত্য - সুবাসৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকা বিৰচিত ' দৃশ্যান্তৰ ' কবিতাৰ পৰা তুলি দিয়া হৈছে। 

কবিয়ে অতীত আৰু বৰ্তমানৰ মাজত দৃষ্টিগোচৰ হোৱা পৰিৱৰ্তনৰ এখনি সুন্দৰ চিত্ৰ কবিতাটোৰ মাজেৰে ফুটাই তুলিবলৈ যত্ন কৰিছে। মাত্ৰ তিনিটা দশকৰ ভিতৰতেই গ্ৰাম্য জীৱনৰ সৰলতাৰ সম্পূৰ্ণ পৰিৱৰ্তন ঘটিল। এসময়ত গাঁৱত তামোল পাণ আৰু কাঁহৰ অপূৰ্ব সমন্বয় ঘটিছিল। 

মানুহৰ বাৰিৰ আগলি বাঁহবোৰ হালি জালি যেন বাটৰুৱাক নমস্কাৰ জনাইছিল। পাচিশ বছৰৰ আগতে এদিন গধূলি সময়ত কবিয়ে যিটো পদূলিত আকাশ ধীয়াই থকা কেইজোপামান কাকিনী তামোল আৰু ঘৰৰ দাঁতিত হালি জালি থকা বাঁহগছ দেখা পাইছিল, সেয়া বৰ্তমান অনুপস্থিত। 

কিন্তু, সেই সৰলতা, আকৃতিমতা আৰু পবিত্ৰতাই কবিৰ মন আজিও আচল কৰি ৰাখিছে।

(খ) ' বয়সৰ চিন নোহোৱা হ'লে মুখত পঁচিশ বছৰ আগৰ সাইলাখ সাঁচ।'
উত্তৰ: উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্য পুথি সাহিত্য - সুবাসৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকা বিৰচিত ' দৃশ্যান্তৰ ' কবিতাৰ পৰা তুলি দিয়া হৈছে। 

কবিতাটোত পঁচিশ বছৰৰ আগৰ আৰু পিছৰ দুটা দৃশ্যৰ মাজত দৃষ্টিগোচৰ হোৱা পৰিৱৰ্তনৰ আভাস দাঙি ধৰি কবিয়ে কৈছে যে পঁচিশ বছৰৰ আগতে এদিন গধূলি সময়ত কবিয়ে এজন মানুহক ল'গ পাইছিল এটা পজাঘৰৰ পদূলিত। 

তেওঁ নিজৰ নংলামুখত থিয় হৈ নিজৰ নংলামুখত তেওঁৰ ঘৰটো বিচাৰি ফুৰিছিল। সুদীৰ্ঘ পঁচিশ বছৰৰ মূৰত কবিয়ে পুনৰ একে ঠাইতে আন এজন মানুহক লগ পালে, যিজন মানুহ দেখিবলৈ পঁচিশ বছৰৰ আগত লগপোৱা মানুহজনৰ সৈতে প্ৰায় একেই যদিও বয়সৰ চিন ধৰিব নোৱাৰে।

(গ) কুকুৰিকনা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। [HSLC,17]
উত্তৰ: উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্য পুথি সাহিত্য - সুবাসৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকা বিৰচিত ' দৃশ্যান্তৰ ' কবিতাৰ পৰা তুলি দিয়া হৈছে। 

পঁচিশ বছৰৰ আগতে কবিয়ে এদিন গধূলি সময়ত নিজৰ নঙলামুখতে খপজপাই নিজৰ পদূলি বিচাৰি নোপোৱা এজন মানুহৰ সৈতে লগালগি হৈছিল। 

তেতিয়া আছিল গধূলি সময়, কিন্তু পৰিপূৰ্ণ জোনাকৰ পোহৰত পৃথিৱীখন আলোকিত হৈ উঠিছিল। কিন্তু, সেই মানুহজন আছিল কুকুৰিকনা ৰোগত আক্ৰান্ত, সেয়ে তেওঁ নিজৰ পদুলিমুখত থিয় হৈয়ো নিজৰ ঘৰলৈ সোমোৱা বাটটো বিচাৰি পোৱা নাছিল। 

নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজনক বাট দেখুৱাই দিবলৈ তাত কোনো সাৰথিও নাছিল।

২/ সম্প্ৰীতিক অসমীয়া কবিতাৰ লক্ষ্য আৰু বৈশিষ্ট্য সম্পৰ্কে এটি চমু আলোচনা আগবঢ়োৱা।
উত্তৰ: ৰোমাণ্টিক যুগৰ অৱসানৰ লগে লগে অসমীয়া কাব্য সাহিত্যলৈ যথেষ্ট পৰিবৰ্তন আহে। কুৰি শতিকাৰ চতুৰ্থ আৰু পঞ্চম দশকৰ পৰাই অসমীয়া কবিতাত নতুন আঙ্গিক আৰু বিষয়বস্তুৱে প্ৰৱেশ লাভ কৰে। 

জয়ন্তী, আৱাহন, ৰামধেনু প্ৰভৃতি আলোচনীৰ যোগেদি নতুন এক কাব্য - আন্দোলনৰ সূচনা হয়। ৰোমাণ্টিক কবিতাৰ প্ৰচলিত ভাৱধাৰাৰ বিপৰীতে নব্যধাৰাৰ কবিসকলে দ্বিতীয় মহাযুদ্ধৰ ক্ষয়ংকাৰী অভিজ্ঞতা, ফ্ৰয়দীয় মনস্তত্ত্বৰ, মাস্ক্ৰীয় দৰ্শন, বিজ্ঞান আৰু  প্ৰযুক্তিবিদ্যাৰ নতুন আৱিষ্কাৰ, নতুন মূল্যবোধ, যান্ত্ৰিক সভ্যতাৰ প্ৰচণ্ড আঘাত, মানৱীয় মূল্যবোধৰ পৰিবৰ্তন প্ৰভৃতিৰ ফলস্বৰূপে সৃষ্টি হোৱা জটিল সমাজ জীৱনৰ প্ৰতিফলনৰ ঘটাই এলানি নতুন কাব্যৰ সৃষ্টি কৰে। 

ৰোমাণ্টিক কবিসকলে প্ৰধানকৈ শেলি, কীটছ, বাইৰণ, বর্ডচবৰ্থ আদিৰ কবিতাৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ বিপৰীতে এইসকল কবিয়ে এলিয়ট, অভেন, স্পেঞ্চাৰ, হুইটমেন, পাবলো, নেৰুদা, গৰ্চিয়া লৰকা, প্ৰভৃতি দেশী - বিদেশী কবিৰ প্ৰভাৱেৰে প্ৰভাৱিত হৈ আধুনিক অসমীয়া কবিতাক নব্যৰূপ প্ৰদান কৰিলে।

আনহাতে ফ্ৰয়দীয় মনস্তত্ত্বৰ যোগেদি মানৱমনৰ জটিলতাৰ সম্ভেদ দানতো আধুনিক কবিসকলে সফলতা লাভ কৰা দেখা যায়। এলিয়টৰ নতুন বাখ্যা ৰীতিৰ লগতে স্পেন্সাৰ হুইটমেন আদিৰ চিন্তাৰ প্ৰভাৱেও আধুনিক কবিসকলক আকৰ্ষিত কৰিলে। 

আধুনিক কবিসকলে বিষয়বস্তুৰ লগতে আঙ্গিকৰ ক্ষেত্ৰতো পৰিৱৰ্তনৰ সূচনা কৰিলে। চিত্ৰকল্পৰ যথাযথ প্রয়োগ, কথিত ভাষাৰ ব্যৱহাৰ, সমসাময়িক জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ পৰা বুটলি অনা বিবিধ চিত্ৰকল্প আৰু প্রতিকে আধুনিক কবিতাৰ অঙ্গিকলৈ নতুনত্ব কঢ়িয়াই আনিছে। 

জয়ন্তী আলোচনীৰ পাততেই প্ৰথমে আধুনিকতাৰ সূচনা হয়। কেইগৰাকীমান প্ৰতিবাদী চিন্তাৰ কবি বিশেষকৈ ধীৰেন্দ্ৰনাথ দত্ত, ভবানন্দ দত্ত, আদিয়ে ৰোমাণ্টিক ভাৱপ্ৰবনতাৰ পৰা আঁতৰি আহি বাস্তৱৰ সমস্যাৰ প্ৰতি মনোনিবেশ কৰি কাব্যৰচনাত প্ৰবৃত্ত হয়। 

মিশ্ৰিত কথ্যভাষা আৰু গদ্যচন্দৰ প্ৰায়োগৰ যোগেদি বাস্তৱবাদী ভাৱধাৰাৰে কাব্যচৰ্চা কৰা কবিসকলৰ ভিতৰত ভবানন্দ দত্ত, অমূল্য বৰুৱা, আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য। ভবানন্দ দত্তৰ 'ৰাজপথ' অমূল্য বৰুৱাৰ 'আন্ধাৰৰ হাহাকাৰ', কুকুৰ, বেশ্যা, কয়লা, প্ৰভৃতিত বাস্তৱ জীৱনৰ কদযৰ্তা আৰু অন্ত: সাৰশূণ্যতাৰ প্ৰতিফলন ঘটিছে।

পৰবৰ্তী সময়চোৱাত সমাজবাদী ভাৱধাৰাৰে কাব্য ৰচনাত প্ৰবৃত্ত হোৱা কবিসকলৰ ভিতৰত হেম বৰুৱা সকলোৰে অগ্ৰগণ্য। তেওঁৰ কবিতাত ৰোমাণ্টিকতাবিৰোধী চিত্ৰকলা আৰু গদ্যছন্দৰ প্ৰায়োগ মনকৰিবলগীয়া। 

হেম বৰুৱাৰ সমসাম়িকভাৱে অসমীয়া কবিতাত আত্মপ্ৰকাশ কৰা আন দুগৰাকী প্ৰতিভাশালী কবি হৈছে - নৱকান্ত বৰুৱা আৰু অজিত বৰুৱা। নৱকান্ত বৰুৱাই জয়ন্তী, পচোৱা, আৰু ৰামধেনুৰ যোগেদি কবি হিচাপে প্ৰতিষ্ঠা লাভ কৰে। 

বৰুৱাৰ কবিতা মূলতঃ প্ৰতীকধৰ্মী, তেওঁৰ কবিতাৰ শব্দযোজনা, ছন্দ বৈচিত্ৰ্য আৰু চিত্ৰকল্পৰ নিখুঁত প্ৰয়োগ চকুতলগা। অজিত বৰুৱাৰ কবিতাত প্ৰতীকৰ প্ৰায়োগ অধিক। 

পঞ্চাশৰ দশকত আত্মপ্ৰকাশ কৰি অসমীয়া কাব্য জগতত প্ৰতিষ্ঠা লাভ কৰা কবিসকলৰ ভিতৰত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, হৰি বৰকাকতি, হোমেন বৰগোহাঞি, মহিম বৰা, বিৰেশ্বৰ বৰুৱা, নীলমণি ফুকন, সুনীল শৰ্মা, অমলেন্দু গুহ, কেশৱ মহন্ত, হেমাংগ বিশ্বাস, দীনেশ গোস্বামী, হীৰেন গোহাঁই, ৰাম গগৈ আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য। 

এওঁলোকৰ প্ৰায়সকলৰ কবিতাতেই সমাজ - বাস্তৱতাৰ সুৰ শুনিবলৈ পোৱা যায়। অৱশ্যে বীৰেশ্বৰ বৰুৱা, মহিম বৰা, নীলমণি ফুকন, সুশীল শৰ্মা প্ৰভৃতিয়ে চিত্ৰকল্পৰ সুনিপুন প্ৰয়োগেৰে আধুনিক অসমীয়া কবিতাক সমৃদ্ধ কৰিছে। 

ষাঠিৰ দশকত আত্মপ্ৰকাশ কৰা উল্লেখিত কবিসকলৰ ভিতৰত নিৰ্মলপ্ৰভা বৰদলৈ, হীৰেন ভট্টাচাৰ্য, হীৰেন্দ্ৰনাথ দত্ত, ভবেন বৰুৱা, হৰেকৃষ্ণ ডেকা আদিৰ নাম উল্লেখ কৰিব পাৰি। এওঁলোকে কবিতাৰ শৈল্পিক দিশটোৰ ওপৰত অধিক মনোনিবেশ কৰা দেখা যায়। 

প্ৰতীক আৰু চিত্ৰকল্পৰ সাৰ্থক প্ৰয়োগৰ লগতে আধুনিক যুগৰ মানসিকতাৰ প্ৰতিফলন আৰু লোকজীৱনৰ প্ৰজ্ঞাপ্ৰসূত দৃষ্টিভংগীয়ে এওঁলোকৰ কবিতাত প্ৰাধান্য লাভ কৰিছে। 

সত্তৰৰ দশকত কেইবাজনো কবিয়ে কাব্য সাধনাত আত্মনিয়োগ কৰে। এওঁলোকৰ সৰহভাগই সমাজবাদী চিন্তাৰ প্ৰভাৱিত, তেওঁলোকৰ ভিতৰত মোহন কৃষ্ণ মিশ্ৰ, ৰবীন্দ্ৰ চৰকাৰ, ৰবীন্দ্ৰ বৰা, জ্ঞান পূজাৰী, অবনী চক্ৰৱৰ্তী, গায়ত্ৰী কোঁৱৰ, তোসেশ্বৰ চেতিয়া আদি প্ৰধান। 

আশীৰ দশকত সমীৰ তাঁতী, অনন্ত তাঁতী, দিলীপ তালুকদাৰ, বিপুলজ্যোতি শইকীয়া, লুইফা হানুম চেলিমা বেগম, অনুভৱ তুলসী, অনুপম কুমাৰ, অৰ্চনা শৰ্মা, উদয় কুমাৰ শৰ্মা, পূৰ্ণ ভট্টাচাৰ্য কবিতা কোঁৱৰ, সাবিত্ৰী শইকীয়া, পৰাগ কুমাৰ ভট্টাচাৰ্য, কৰৱী ডেকা হাজৰিকা, মাখন কলিতা, বীৰেন হাজৰিকা, প্ৰেম গগৈ, মিকু সিং ৰাজপুত, ৰোহিনী পাঠক, প্ৰভৃতি কবিয়ে আত্মপ্ৰকাশ কৰি আধুনিক অসমীয়া কবিতাক সমৃদ্ধ কৰে। 

সাম্প্ৰতিক অসমীয়া কবিতাই নতুন আঙ্গিক, চিত্ৰকল্প আৰু প্ৰকাশ ৰীতিৰ মাধ্যমেদি জনসাধাৰণৰ বিশেষ আকৰ্ষণ আদায় কৰিবলৈ সক্ষম হৈছে। জনসাধাৰণৰ কাষ চপাই নিয়াত, কবিতাক নতুন আৰু জনশিল্প ৰূপে প্ৰতিষ্ঠা কৰাত এইসকল কবিৰ গুৰুত্ব আন স্বীকায্য।

৩/ সময়ৰ পৰিৱৰ্তনে মানুহৰ জীৱনধাৰালৈ কেনে ধৰণৰ পৰিবৰ্তন অনা বুলি কবিতাটিত উল্লেখ কৰিছে?
উত্তৰ: সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ জীৱন ধাৰাৰ পদ্ধতি, চিন্তা - চৰ্চা সকলোৰে পৰিবৰ্তন হয়। পৰিবৰ্তন কেৱল যে বাজ্যিক জগতখনৰে হয়, তেনে নহয়। 

মানুহৰ মানসিক জগতখনৰো পৰিবৰ্তন ঘটে। ফলত মানুহৰ মানৱীয় বিচাৰ ধাৰা, চিন্তা - চৰ্চা সকলোতে পৰিবৰ্তন ঘটে।
৪/ মানুহৰ মানসিক জগতখনলৈ পৰিৱৰ্তনৰ ঢৌ কেনেদৰে বিয়পিল?
উত্তৰ: গাঁৱৰ পজাঘৰৰ ঠাইত সুদৃশ্য অট্টালিকা হ'ল যদিও মানুহবোৰৰ মনবোৰ সংকীৰ্ন হৈয়েই ৰ'ল। সেয়ে মানুহ মৰিলেও খবৰ ল'বলৈ কাৰো আহৰি নোহোৱা এটা অৱস্থা আহি পৰিল। 

মানুহবোৰ বেছি ব্যক্তিকেন্দ্ৰিক হৈ পৰাত সংকীৰ্ন চিন্তাই তেওঁলোকৰ মনত ঠাই পাবলৈ ধৰিলে। মানুহে নিজৰ ঘৰৰ চাৰিসীমাৰ মাজত অশান্তিৰ মাজত বাস কৰিবলৈ ধৰিলে। 

কবিয়ে লগতে উল্লেখ কৰিছে যে এইখন সমাজত এতিয়া মানুহ মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই। আধুনিক জীৱনশৈলী আৰু প্ৰতিযোগীতাই মানুহৰ মনবোৰ ইমান সংকীৰ্ন, স্বাৰ্থপৰ আৰু অন্তঃ সাৰশূন্য কৰি তুলিছে যে বিপদে - আপদে মানুহৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱালৈয়ো তেওঁলোক অপাৰগ হৈ পৰিছে।

৪/ কবিয়ে কংক্ৰীটৰ হাবিত কি বিচাৰি নোপোৱা বুলি কৈছে?
উত্তৰ: কংক্ৰীটৰ অৰণ্যত মানুহৰ হৃদয়বোৰো কংক্ৰীটলৈ পৰিবৰ্তন হোৱাত মানুহবোৰ সম্পূৰ্ণ হৃদয়হীন হৈ পৰিছে। 

কবিয়ে যেতিয়া এটি সাতমহলীয়া ঘৰৰ ওচৰত গৈ উপস্থিত হৈছিল, তেতিয়া এগৰাকী অচিনাকি মানুহে ভাৰাঘৰ বিচাৰি অহা বুলি তেওঁক আগতীয়াকৈ সকিয়াই দিছিল যে তাত ঘৰ নাই আৰু থাকিলেও তাত কোনো শান্তি নাই। 

নাগৰিক সভ্যতাই সৃষ্টি কৰা কংক্ৰীটৰ অৰণ্যত মানুহে যে প্ৰকৃত সুখ শান্তি লাভ কৰিব নোৱাৰে, সেই কথা কবিয়ে কবিতাটোৰ মাজেদি প্ৰকাশ কৰিছে। 

প্ৰেম আৰু আন্তৰিকতা নথকা ঠাইত মানুহ যে কেতিয়াও শান্তিত থাকিব নোৱাৰে, তাৰ প্ৰমাণ স্বৰূপে কংক্ৰীটৰ অৰণ্যত হঠাতে নিৰুদেশ হোৱা মানুহজনৰ প্ৰসঙ্গৰ অৱতাৰণাৰে কবিয়ে উপলব্ধি কৰিব বিচাৰিছে।

৬/ বিপৰীত শব্দ লিখা।

  • গধূলি - পুৱা।
  • আৰম্ভ - শেষ।
  • শান্তি - অশান্তি।
  • নতুন - পুৰণি।
  • পোহৰ - আন্ধাৰ।
  • আপোন - পৰ।
  • আকাশ - পাতাল।
  • আদি - অন্ত।
  • জন্ম - মৰণ।

৭/ "গল্প আৰু কল্প" নামৰ গল্প পুথিখনৰ ৰচক কোন?
উত্তৰ: সু - সাহিত্যিক হৰেকৃষ্ণ ডেকা।

৮/ হৰেকৃষ্ণ ডেকাদেৱৰ একমাত্ৰ উপন্যাসখনৰ নাম কি?
উত্তৰ: "আগন্তুক"।

৯/ হৰেকৃষ্ণ ডেকাদেৱে ২০১০ চনত লাভ কৰা বঁটাটোৰ নাম কি?
উত্তৰ: "আসাম ভেলি লিতাৰেৰী বঁটা"।

Conclusion:

class 10 assamese lesson 5 question answer bur kenekuwa pale read kori? tolot coment kori jonaboloi napahoribo. PDF lagile u kobo pare.





Class 10 Science/Notes/Solutions












Wrote by Akshay

Post a Comment

0 Comments

People

Ad Code