Recent in Technology

মই অসমীয়া/ সম্পূৰ্ণ প্ৰশ্নোত্তৰ/ class 10 assamese lesson 4 question answer-(2022)

মই অসমীয়া দশম শ্ৰেণী/moi axomiya assamese poem queঅসমীয়া কবিতাৰমূলভাৱ,সাৰাংশ,অসমীয়া সাহিত্য চয়নিকা দশম
মই অসমীয়া/ সম্পূৰ্ণ প্ৰশ্নোত্তৰ/ class 10 assamese lesson 4 question answer-(2022)





(পাঠ-4 মই অসমীয়া সমাধান)






(চৈয়াদ আব্দুল মালিক)




কবিৰ পৰিচয় :-

অসমীয়া সাহিত্য জগতৰ এটি উজ্জ্বল ভোটাতৰা স্বৰূপ, অসমীয়া গল্প অৰু উপন্যাস সাহিত্যলৈ এক নতুন সোঁত বোৱাই অনা চৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল ১৯১৯ চনৰ গোলাঘাট জিলাৰ নাহৰণিত। 
তেওঁ যদিও ভালেসংখ্যক কালজয়ী কবিতা ৰচনা কৰিছিল তথাপি তেওঁ গল্পকাৰ আৰু ঔপন্যাসিক হিচাপেই প্ৰখ্যাত আছিল। 

তেওঁৰ এখন বিখ্যাত কবিতা পুথিৰ নাম হৈছে  'বেদুইন'। অসমীয়া আধুনিক কবিতাৰ ক্ষেত্ৰত তেঁওৰ গুৰুত্বপূৰ্ণ অৱদান আছে। তেওঁৰ কবিতাত শব্দৰ সুষম আৰু অৰ্থবহ ব্যৱহাৰ অতিকৈ মনকৰিবলগীয়া।
গল্প উপন্যাসৰ ভাষাতো এক কাব্যিক আয়তন দেখা যায়। তেওঁৰ গল্প উপন্যাসৰ পৰা 'জেতুকা পাতৰ দৰে', 'মমতাজ' আদি চলচ্চিত্ৰও নিৰ্মিত হৈছে। চৈয়দ আব্দুল মালিকৰ ৰচনাৰাজি এনেধৰণৰ -

উপন্যাস: 'বনজুই'(১৯৫৮) ,'ৰথৰ চকৰি ঘূৰে(১৯৫৮), ছবিঘৰ (১৯৫৯), সুৰুযমুখীৰ স্বপ্ন (১৯৬০), কন্ঠহাৰ(১৯৬০),জীয়া জুৰিৰ ঘাট(১৯৬০), অন্য আকাশ অন্য তৰা(১৯৬২), অঘৰী আত্মাৰ কাহিনী(১৯৬৪), ওমলাঘৰৰ ধূলি(১৯৬৪), আধাৰ শিলা(১৯৬৬),ৰজনী গন্ধাৰ চকুলো(১৯৬৭), প্ৰাচীৰ আৰু প্ৰান্তৰ(১৯৬৮), বিহ মেটেকাৰ ফুল(১৯৬৯), অমৰ মায়া(১৯৭০), পহুমৰা হাবিৰ বাট, জেতুকা পাতৰ দৰে(১৯৭৩), অৰুণাভৰ অসম্পূৰ্ণ জীৱনী(১৯৭৫), একাবেঁকা বৃত্ত(১৯৭৫), জয়া মাণিক, ৰূপাবৰিৰ পলস, মৌ ডিমৰুৰ কোঁহ, ৰূপতীৰ্থৰ যাত্র(১৯৬৩), মাটিৰ চাকি,ধন্য নৰতনু ভাল ইত্যাদি।

চুটিগল্প: পৰশ মণি (১৯৪৬), ৰঙাগড়া(১৯৫৩), মৰহা পাপৰি(১৯৫৪), এজনী নতুন ছোৱালী(১৯৬২), শিল আৰু শিথা (১৯৬২), শিখৰে শিখৰে (১৯৬৩) অস্থায়ী অন্তৰা (১৯৬৫), বহুত বেদনা এটোপাল চকুলো(১৯৬৬), প্ৰানাধিকাা (১৯৬৮), ছয় নম্বৰ উত্তৰ(১৯৬৮), ইত্যদি।

কবিতা সংকলন: বেদুইন, স্বাক্ষৰ , পোৰাগাঁৱত পহিলা ব'হাগ, আৱৰ্ত ইত্যদি।
ভ্ৰমণ কাহিনী: মাজত মাথোঁ হিমালয়।
সংকলিত পুথি: জিকিৰ আৰু জাৰী।
অন্যান্য গ্ৰন্থ: জীৱন সাৰথিৰ নাম, চুফী আৰু চুফীবাদ আদি।

চৈয়দ আব্দুল মালিকক ১৯৬৫ চনত 'ছোভিয়েট দেশ' নেহৰু পুৰস্কাৰ, ১৯৭৮ চনত 'পদ্মভূষন' ১৯৯২ চনত অসম উপত্যকা বঁটা, ১৯৯৫ চনত শংকৰদেৱ বঁটাৰে সন্মানিত কৰা হৈছে। 
তেওঁ ১৯৭৭ চনত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিবেশনত সভাপতিত্ব কৰিছিল। ১৯৯৭ চনত তেওঁক সাহিত্যাচাৰ্য্ উপাধি প্ৰদান কৰা হয়। ২০০০ চনৰ ১৯ ডিচেম্বৰ তাৰিখে এইজনা সাহিত্যিকৰ দেহাৱসান ঘটে।








(শব্দাৰ্থ আৰু টোকা)



  • অনিৰুদ্ধ : যাক ৰোধ কৰিব নোৱাৰি; বাৰণ কৰিব নোৱাৰি।
  • আপোনাৰ : নিজৰ।
  • আলোক : পোহৰ।
  • এনুৱা : এনেকুৱা।
  • উচ্ছাস : উলাহ, আনন্দ, আৱেগ।
  • কায়মনে : মনে- প্ৰাণে, অন্তৰেৰে।
  • কাৰেংঘৰ : আহোম ৰজাই বাস কৰা ঘৰ।
  • কিন্নৰ : কুৱেৰৰ পৰিষদ, দেৱলোকৰ গায়ন, এওঁলোকৰ মুখ ঘোঁৰাৰ দৰে গা মানুহৰ দৰে।
  • খৰম : ভৰিত পিন্ধা পাদুকা।
  • খৰম চুলা : কাঠৰ পাদুকাযোৰত পিন্ধাৰ বাবে খুঁটি এটা  থাকে। তাকে খৰম চুলা বোলে।
  • গছকত ভাগে মৰকত : মৰকত হল এবিধ সেউজীয়া ৰঙৰ বাখৰ। অসমৰ ধূলিয়ে বালিয়ে ধুনীয়া বাখৰৰ দৰে : মূল্যৱান  সম্পদেৰে ভৰা।খোজত এনে মূল্যৱান বস্তুবোৰ ভাগি ছিগি পৰে।
  • জাতিষ্কাৰ : জকমকীয়া; উত্তমৰূপে সজোৱা।
  • তৃষা : তৃষ্ণাতুৰ, বৰকৈ হেঁপাহ জগা।
  • দৃপ্ত : গৰ্বযুক্ত মনোভাৱ।
  • দীপ্ত : আলোকিত; উজ্জ্বল; জিলিকি থকা।
  • ধোদ : এলেহুৱা।
  • ধূসৰ : অস্পষ্ট, ধোঁৱাময়।
  • নদীৰ বালিত ভৰা সোণ চেঁকুৰীয়া : সকলো বস্তুৰে উভৈনদী অসমত নদীৰ বালিতো সোণ পোৱা গৈছিল।
  • নিষ্কর্মা ধোদৰ দলে বান্ধে ৰাজ আলি : ধোদ মানে অতি এলেহুৱা লোক। এনে লোকে কোনো কাৰণতে কাম কৰি নাখায়। এনেহেন ধোদেও স্বৰ্গদেউৰ সুশাসনৰ ফলত ৰাজআলি নিৰ্মান কৰিছিল।
  • পুঠিয়ে কাণত পিন্ধে সজায় সুৱাগী: অসমৰ সকলো বস্তুৱেই ইমান মূল্যৱান আৰু ধুনীয়া যে পুঠিমাছৰ দৰে সৰু জীৱটোৱেও কাণত থুৰীয়া পিন্ধে আৰু ভেকুলীৰ নিচিনা ক্ষুদ্ৰ প্ৰাণীটোৱেও ফোঁট লৈ ধুনীয়া হৈ থাকে। অৰ্থাৎ অসম প্ৰকৃতিৰ দানত অপৰূপ হৈ পৰে।
  • পুনু : পুনৰ।
  • পোৱাল ভৰা দলঙত: প্ৰবাল এবিধ  মূল্যৱান সামগ্ৰী। ইয়াৰ দ্বাৰা নিৰ্মিত দলঙত অসমীয়াই ভৰি ধোৱা কাৰ্য সম্পাদন কৰে।
  • বনৰ পাতত জাংফাই : অসমৰ উত্তৰ -পূব ফালৰ মিচিমি পৰ্বতত পোৱা এবিধ গছৰ ৰঙীন গোটমৰা আঠা, ইয়াৰে কেৰু, মণি তৈয়াৰ কৰা হয়। নিয়ৰত তিতি থকা  বনৰ পাতত সূৰ্যৰ পোহৰ পৰিলে ধুনীয়া মণিৰ নিচিনাকৈ তিৰবিৰাই নানা ৰং ধাৰণ কৰে।
  • বিনন্দীয়া : ধুনীয়া, মনোমোহা।
  • বিহগ : চৰাই, পক্ষী।
  • বিৰাম বিহীন : কোনো যতি বা বাধা নপৰাকৈ।
  • ভকতি : ভক্তি, শ্ৰদ্ধা।
  • ভটীয়নী :  নৈৰ ভাটি বা নামনিফাল।
  • ভুৰ : কেইডালমান কলগছ নাইবা বাঁহ নাইবা কেইখনমান কাঠৰ পাত একেলগে বান্ধি নাৱৰ দৰে ব্যৱহাৰ কৰা সঁজুলি।
  • মৰকত : এবিধ সেউজীয়া ৰঙৰ বাখৰ।
  • মৰত : মৰ্ত্য 
  • মিনাকৰা : মিনা লগোৱা, মিনাৰ ৰোহণসনা।
  • মুক্তৰাজ : মুকলিমূৰীয়া একছত্ৰী শাসন।
  • মোশ্লেম : মুছলমান; মোগল জাতি।
  • ৰংঘৰ : আহোম স্বৰ্গদেউসকলে বা ডাঙৰীয়াসকলে ৰং- ধেমালি কৰা আৰু তাত বহি বাহিৰৰ চোতালত মানুহ, জন্তু আদি যুজঁ, খেল- ধেমালি আদি চোৱা ঘৰ। স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত এই ৰংঘৰ নিৰ্মান কৰা হৈছিল।
  • ৰংচণ্ডী : যুদ্ধলৈ সাজু হৈ উঠা মানুহ।
  • ৰাজঅন্তপুৰ : ৰজাৰ অন্তেষপুৰ।
  • শকতি : শক্তি, বল।
  • শুকান সান্দহ : তিওৱা চাউল ভাজি খুন্দি প্ৰস্তুত কৰা এবিধ জলপান।
  • সমৰ : যুদ্ধ।
  • সৰগ : স্বৰ্গ।
  • সাগৰ খানি : আহোম স্বৰ্গদেউসকলৰ ৰাজত্ব কালত  ঠায়ে ঠায়ে ডাঙৰ ডাঙৰ পুখুৰী খন্দা হৈছিল। পুখুৰীবোৰ ইমান ডাঙৰ যে ইয়াক সাগৰৰ লগতহে তুলনা কৰিব পাৰি। উদাহৰণস্বৰূপে শিৱসাগৰ, জয়সাগৰ, গৌৰীসাগৰ ইত্যাদি।
  • সুৱাগী : লাগি তিৰোতা ; অধিক ধুনীয়াকৈ নিজকে সজোৱা।
  • স্বৰ্ণপুৰী : সোণেৰে। নিৰ্মান কৰা নগৰ।
  • স্মিৰিতি : স্মৃতি ।
  • হাঁহকণী, চাউলেৰে অসমৰ  স্বৰ্গদেৱে দেউল সজায় : অসমৰ পুৰণি মঠ- মন্দিৰবোৰ  স্বৰ্গদেউসকলে হাঁহ কণী আৰু বৰা চাউল আদিৰে নিৰ্মান কৰিছিল।
  • হেংদাং : আহোম যুগত ব্যৱহাৰ কৰা এবিধ তৰোৱাল।



Class 10 Assamese (Textbook)








(পাঠভিত্তিক প্ৰশ্নোত্তৰ)



প্ৰশ্ন ১/ চমু উত্তৰ দিয়া:

(ক) চৈয়দ আব্দুল মালিকৰ  কবিতা পুথি এখনৰ নাম লিখা?
উত্তৰ: বেদুইন।

(খ) মোগলসকলে অসমৰ কত ভৰি দিছিল?
উত্তৰ: অসমৰ সেউজীয়া দুৱৰী বনত।

(গ) অসমৰ হেংদাং ক'ত জিলিকিছিল? [HSLC:20]
উত্তৰ: দুপৰৰ পূৰ্ণ আলোকত।

(ঘ) অসমীয়া সকলে কিহেৰে তৈয়াৰী পেঁপা বুজাইছিল?
উত্তৰ: ম'হৰ শিঙেৰে তৈয়াৰী পেঁপা।

(ঙ) অসমৰ স্বৰ্গদেউৱে কিহেৰে দেউল সাজিছিল?
উত্তৰ : হাঁহ-কণী, চাউলেৰে।

প্ৰশ্ন২/ 'অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত'_  কথাখিনিৰ তাৎপৰ্য বাখ্যা কৰা।
উত্তৰ: মোগল সকলে অসম বিজয়ৰ অৰ্থে মহাপৰাক্ৰম আৰু মনোবলেৰে আহি সসৈন্যে এদিন অসমত ভৰি দিলেহি। 

তেওঁলোকে ভাবিছিল অসমক তেওঁলোকৰ পৰাক্ৰম দেখুৱাব, অসম তেওঁলোকৰ অধীন হব। কায়মনো বাক্যে কামনা কৰিছিল কামৰূপত তেওঁলোকৰ শাসন চলিব, _  তেওঁলোকে সহজেই অসমত মুছলিম সাম্ৰাজ্য থাপিত কৰিব। 

কিন্তু তেওঁলোকে অসমৰ সমৰথলীত ভৰি দিয়াৰ লগে লগেই দুপৰৰ পূৰ্ণ আলোকত অসমৰ অপৰাজেয় হেংদাং তেওঁলোকৰ সমুখত  তিৰবিৰাই উঠিল। স্বাধীন অসমৰ পুৰুষ- নাৰীয়ে আহি স্বদেশ ৰক্ষা হকে ৰণক্ষেত্ৰত বুকুপাতি বীৰত্বৰে থিয় হ'লহি। মোগলে তাজ্জ‍্যব মানিলে। 

প্ৰশ্ন৩/ অসমৰ পুৰুষ- নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা ।
উত্তৰ: মোগলসকলে অসম আক্ৰমণ কৰাৰ সময়ত অসম এখন স্বাধীন ৰাজ্য আছিল। ইয়াৰ পুৰুষ -নাৰী সকলোৱেই একো একোগৰাকী স্বাধীনমনা সাহসী বীৰ- বীৰাংগনা। 
মোগলসকলে মোদমত্ত হৈ ভাবি আহিছিল অসম তথা কামৰূপ ৰাজ্য মোগলৰ অধীন কৰি মুছলিম ৰাজ্য প্ৰতিষ্ঠা কৰিব। কিন্তু যেতিয়া মোগল আহি অসমৰ ৰণথলীত উপস্থিত  হ'লহি অসমৰ স্বাধীনচিতিয়া সকলো পুৰুষ- নাৰীয়ে হাতত হেংদাং লৈ প্ৰবল প্ৰতাপী বুলি অহংকাৰ কৰা মোগল সেনাৰ সমুখত বিৰত্বৰে বুকুপাতি থিয় হ'লহি। 

ৰাজপুত বিজয়ী  মোগলৰ সাহস- বল পৰাক্ৰম নিমিষতে নাইকিয়া হ'ল।অসমৰ পুৰুষ- নাৰীৰ বীৰত্ব দেখি মোগল সেনা পিছুৱাই গুচি গ'ল।

প্ৰশ্ন৪/ " ক'ত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আঁজলিত।"--কথাষাৰৰ তাৎপৰ্য বাখ্যা কৰা। [HSLC;20]
উত্তৰ: অসম আক্ৰমণ কৰিবলৈ প্ৰবল প্ৰতাপী মোগলসকল আহি বীৰদৰ্পে  অসমত উপস্থিত হ'লহি। তেওঁলোকে ভাবিছিল অসমীয়াসকল বলহীন, বিৰ্ষহীন , সহজেই অসম জয় কৰি অসমত মুছলিম সাম্ৰাজ্য স্থাপন কৰিব, অসম তথা কামৰূপ ৰাজ্য মোগলৰ অধীন হব।

তেওঁলোকে যেতিয়া অসমৰ মাটিত সমৰথলীত আহি উপস্থিত হ'লহি, তেতিয়া স্বাধীন অসমৰ স্বাধীনচিতিয়া সকলো পুৰুষ- নাৰীয়ে ৰণচণ্ডী মূৰ্তি ধৰি হাতে হাতে হেংদাং লৈ মোগল সেনাৰ সমুখত বিৰত্বৰে বুকুপাতি থিয় হ'ল আৰু প্ৰবল বিক্ৰমেৰে যুঁজি মোগলক পৰাভূত কৰি অসমৰ মাটিৰ পৰা খেদি পঠিয়ালে।

মোগলসকলে তাজ্জ‍্যব মানিলে অসমীয়া সেনাৰ সাহস, বল- বিক্ৰম দেখি। তেওঁলোকে আচৰিত ভাবিলে প্ৰায়ে শুকান সান্দহ আৰু পানী খাই থকা অসমীয়া সেনাই কেনেকৈ ক'ৰ পৰা ইমান বল- শক্তি আৰু সাহস পালে। 

অসমীয়া সেনাৰ এনে বল- শক্তি আৰু স্বদেশ প্রেম দেখি অসমক সেৱা জনাই মোগল সেনা চিৰদিনৰ কাৰণে অসমৰ পৰা গুচি গ'ল।

প্ৰশ্ন৫/ 'মই অসমীয়া' কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা।
উত্তৰ : 'মই অসমীয়া' কবিতাটোত  অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ সুন্দৰ ভাৱে প্ৰকাশ কৰিছে। চৌদিশে ধূসৰ পাহাৰে আগুৰি থকা অসমৰ বনৰ পাতত নিয়ৰৰ কণিকাবোৰ জাংফাই , মিনাকৰাৰ দৰে জিলিকি থাকে। দুবৰিৰ পাততো মুকুতাৰ থোপাৰ দৰে নিয়ৰৰ টোপালবোৰ তিৰবিৰাই থাকে। 

অসমৰ ধূলিয়ে- বালিয়ে সিঁচৰতি হৈ থাকে মহামূল্যৱান মৰকত মণি, নৈ , জান-জুৰিৰ বালিত থকা সোণৰ চেকুৰাই চকুত তিৰবিৰণি তোলে। নৈ, বিল - খালত থকা সেন্দুৰৰ ফোট লোৱা নানান জাতিৰ পুঠিমাছ আৰু ভেকুলীবোৰে, গছ- গছনিৰ সেউজীয়া ৰূপে প্ৰকৃতিক বিনন্দীয়া ৰূপত চমক সৃষ্টি কৰিছে।

অসমৰ এই বিনন্দীয়া মোহ গৈ মোগল সৈন্যৰ ভালেসংখ্যক লোক অসমক নিজৰ মাতৃভূমি বুলি  আঁকোৱালি লৈ চিৰদিনৰ কাৰণে ইয়াত থাকি গ'ল।

প্ৰশ্ন৬/ কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া।
উত্তৰ : কবিৰ পৰিচয়/
অসমীয়া সাহিত্য জগতৰ এটি উজ্জ্বল ভোটাতৰা স্বৰূপ, অসমীয়া গল্প অৰু উপন্যাস সাহিত্যলৈ এক নতুন সোঁত বোৱাই অনা চৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল ১৯১৯ চনৰ গোলাঘাট জিলাৰ নাহৰণিত। 

তেওঁ যদিও ভালেসংখ্যক কালজয়ী কবিতা ৰচনা কৰিছিল তথাপি তেওঁ গল্পকাৰ আৰু ঔপন্যাসিক হিচাপেই প্ৰখ্যাত আছিল। তেওঁৰ এখন বিখ্যাত কবিতা পুথিৰ নাম হৈছে  'বেদুইন'। 

অসমীয়া আধুনিক কবিতাৰ ক্ষেত্ৰত তেঁওৰ গুৰুত্বপূৰ্ণ অৱদান আছে । তেওঁৰ কবিতাত শব্দৰ সুষম আৰু অৰ্থবহ ব্যৱহাৰ অতিকৈ মনকৰিবলগীয়া। গল্প উপন্যাসৰ ভাষাতো এক কাব্যিক আয়তন দেখা যায়।

তেওঁৰ গল্প উপন্যাসৰ পৰা 'জেতুকা পাতৰ দৰে', 'মমতাজ' আদি চলচ্চিত্ৰও নিৰ্মিত হৈছে। চৈয়দ আব্দুল মালিকৰ ৰচনাৰাজি এনেধৰণৰ -

উপন্যাস: 'বনজুই'(১৯৫৮) ,'ৰথৰ চকৰি ঘূৰে(১৯৫৮), ছবিঘৰ (১৯৫৯), সুৰুযমুখীৰ স্বপ্ন (১৯৬০), কন্ঠহাৰ(১৯৬০),জীয়া জুৰিৰ ঘাট(১৯৬০), অন্য আকাশ অন্য তৰা(১৯৬২), অঘৰী আত্মাৰ কাহিনী(১৯৬৪), ওমলাঘৰৰ ধূলি(১৯৬৪), আধাৰ শিলা(১৯৬৬),ৰজনী গন্ধাৰ চকুলো(১৯৬৭), প্ৰাচীৰ আৰু প্ৰান্তৰ(১৯৬৮), বিহ মেটেকাৰ ফুল(১৯৬৯), অমৰ মায়া(১৯৭০), পহুমৰা হাবিৰ বাট, জেতুকা পাতৰ দৰে(১৯৭৩), অৰুণাভৰ অসম্পূৰ্ণ জীৱনী(১৯৭৫), একাবেঁকা বৃত্ত(১৯৭৫), জয়া মাণিক, ৰূপাবৰিৰ পলস, মৌ ডিমৰুৰ কোঁহ, ৰূপতীৰ্থৰ যাত্র(১৯৬৩), মাটিৰ চাকি,ধন্য নৰতনু ভাল ইত্যাদি।

চুটিগল্প: পৰশ মণি (১৯৪৬), ৰঙাগৰা(১৯৫৩), মোৰহা পাপৰি(১৯৫৪), এজনী নতুন ছোৱালী(১৯৬২), শিল আৰু শিখা(১৯৬২),------- অস্থায়ী অন্তৰা(১৯৬৫), বহুত বেদনা এটোপাল চকুলো(১৯৬৬), প্ৰণাধিকা(১৯৬৮), ছয় নম্বৰ উত্তৰ(১৯৬৮), ইত্যদি।

কবিতা সংকলন: বেদুইন, স্বাক্ষৰ , পুৰাগাঁৱত পহিলা ব'হাগ, অৱৰ্ত ইত্যদি।
ভ্ৰমণ কাহিনী: মাজত মাথোঁ হিমালয়।
সংকলিত পুথি: জিকিৰ আৰু জাৰী।
অন্যান্য গ্ৰন্থ: জীৱন সাৰথিৰ নাম, চুফী আৰু চুফীবাদ আদি।

চৈয়দ আব্দুল মালিকক ১৯৬৫ চনত 'ছোভিয়েট দেশ' নেহৰু পুৰস্কাৰ, ১৯৭৮ চনত 'পদ্মভূষন' ১৯৯২ চনত অসম উপত্যকা বঁটা, ১৯৯৫ চনত শংকৰদেৱ বঁটাৰে সন্মানিত কৰা হৈছে। 

তেওঁ ১৯৭৭ চনত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিবেশনত সভাপতিত্ব কৰিছিল। ১৯৯৭ চনত তেওঁক সাহিত্যাচাৰ্য্ উপাধি প্ৰদান কৰা হয়। 

২০০০ চনৰ ১৯ ডিচেম্বৰ তাৰিখে এইজনা সাহিত্যিকৰ দেহাৱসান ঘটে।

প্ৰশ্ন৭/ অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে আসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা।
উত্তৰ : অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ মনোমোহা ৰূপ দেখি বৰ মুগ্ধ হৈছিল।

মোগলসকলে অসমীয়া সেনাৰ হাতত পৰাজিত হৈ নিজ দেশলৈ যোৱাৰ সময়ত অসসমলৈ উভতি চাই অসমৰ ৰূপ এনেদৰে বৰ্ণনা কৰিছে_ অসম চৌদিশে ধূসৰ পাহাৰে আগুৰা হ'লেও ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহা।

গছ-গছনিৰ পাতবোৰ জাংফাই মিনাকৰা বস্তুৰ দৰে ৰ'দৰ পোহৰত জাতিষ্কাৰ হৈ আছে ।

দুবৰি বনৰ পাতৰ আগত থুপ খোৱা নিয়ৰৰ টোপোলাবোৰ মুকতাৰ দৰে তিৰবিৰাই থাকে। খৰম চুলাও হাতী দাঁতেৰে নিৰ্মাণ কৰা। বাখৰৰ খাৰু পিন্ধে, ভৰিৰ আঙুঠি সজাই লয়, ম'হৰ শিঙৰ পেঁপা বজায়, হাঁহ কণী চাউলেৰে ৰজাই  দেউল নিৰ্মান কৰে। 

অসমৰ অসংখ্যা নদ- নদীৰ বালিত সোণৰ চেকুৰ পোৱা যায়। সাগৰ সদৃশ বৃহৎ পুখুৰী, খাল-বিলত সোণবৰণীয়া ৰংলোৱা পুঠিমাছ, মূৰত সেন্দুৰী ফোঁট লোৱা ভেকুলী। নিষ্কর্মা ধোদ সকলেও স্বৰ্গদেউৰ আদেশত ৰাজ আলি বান্ধে, পিঠা গুৰি ঢালি দ'ল সাজে।
ৰংঘৰ, কাৰেংঘৰৰ সন্দৰ্যই অসমক স্বৰ্গদেউৰ ৰাজধানী স্বৰ্গপুৰী কৰি তোলে। অসম দেশত মানুহৰ মুখত মৌ বৰষে।অসমৰ এনে মোহনীয় অপৰূপ  ৰূপত মোহ গোজ বহুতো মোগল সেনা নিজ দেশলৈ উভতি নগৈ অসমকে নিজ মাতৃভূমি বুলি আঁকোৱালি লৈ চিৰদিনৰ কাৰণে অসমত থাকি গ'ল।
প্ৰশ্ন৮/ বাখ্যা কৰা।

(ক) " মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয় দেশপ্ৰাণ, মুক্তপ্ৰাণ, অসমৰ স্বদেশ ভকতি।"

উত্তৰ : উদ্ধৃত কবিতাফাকি সুপ্ৰসিদ্ধ গল্পকাৰ ঔপন্যাসিক তথা চৈয়দ আব্দুল মালিক ৰচিত ' মই অসমীয়া' কবিতাটিৰ অন্তৰ্গত। 

কবিতাফাকিৰ জৰিয়তে মোগলসকলে অসম আক্ৰমণ কৰাৰ সময়ত দেখুৱা অসমীয়া ধনৰ বল বিক্ৰম আৰু দেশপ্ৰেমৰ কথা প্ৰকাশ কৰিছে। মোগলসকলে অসম আক্ৰমণ কৰিবলৈ আহোঁতে ভাবি আহিছিল অসমীয়াসকলক সহজতে পৰাভূত কৰি অসম দখল কৰিব আৰু অসমত মুছলিম সাম্ৰাৰাজ্য প্ৰতিষ্ঠা কৰিব। 

অসমীয়া সেনা  তথা পুৰুষ- নাৰীৰ দেশপ্ৰেম, স্বদেশ ভকতি আৰু শক্তিৰ কথা তেওঁলোকে অনুমানেই কৰিব নোৱাৰিছিল। 

অসম আক্ৰমণৰ সময়ত যেতিয়া দেখিলে যে নিজ  মাতৃভূমি ৰক্ষাৰ কাৰণে মৰিবলৈ কোনো অসমীয়া পুৰুষ- নাৰীয়ে ভয় নকৰে, অসীম বীৰত্ব সাহসৰ সমুখত তেওঁলোকে তিস্তিব নোৱাৰি অহা বাটে উভতি যাবলগীয়া হ'ল -- তেতিয়া অসমীয়া মানুহৰ দেশ-প্ৰাণ, মুক্তপ্ৰাণ আৰু স্বদেশৰ ভকতি, শক্তিৰ নৱ পৰিচয় পালে।

(খ) দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা গছকত ভাগে মৰকত হাতী দাঁতেৰে কৰে খৰমৰ চোলা ভৰি ধোৱে পোৱালৰ ভৰা দলঙত।
উত্তৰ : উদ্ধৃত কবিতাফাকি সুপ্ৰসিদ্ধ গল্পকাৰ, ঔপন্যাসিক তথা কবি চৈয়দ আব্দুল মালিক ৰচিত ' মই অসমীয়া' কবিতাটিৰ অন্তৰ্গত। 

অসমখন প্ৰাকৃতিক সম্পদেৰে যে অতি চহকী এই কথা কৈ কবিতাফাকিৰ জৰিয়তে কবিয়ে প্ৰকাশ কৰিছে। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু প্ৰাকৃতিক সম্পদবোৰ দেখি অসম আক্ৰমণ কৰিবলৈ অহা মোগলসকলে আচৰিত খোৱাৰ লগতে মোহিত হৈ পৰিছিল। 

ৰাতিপুৱা সূৰ্যৰ পোহৰত সম্পদেৰে ভৰা এসময়ৰ ধূলি- বালিত মৰকত বাখৰৰ দৰে মূল্যৱান বস্তু পৰি থাকে। গছকত সেইবোৰ প্ৰায়ে ভাঙি যায়।হাতীৰ বহুমূলীয়া দাঁতৰ পৰা খৰম চোলা সাজে। আনকি পোৱালেৰে নিৰ্মিত দলঙত বহি অসমীয়া মানুহে ভৰি ধোৱে।অসমৰ এনে চহকী অৱস্থা দেখি মোগলসকল মোহিত হৈছিল।

(গ) মোৰ গ'ল দূৰণিৰ বিদেশী মোগল অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া, অসমত বন্দী হ'ল, অসমৰ ৰূপ মুগ্ধ দূৰৰ মোগল আহি হ'ল অসমীয়া।
উত্তৰ : উদ্ধৃত কবিতাফাকি  সুপ্ৰসিদ্ধ গল্পকাৰ, ঔপন্যাসিক তথা কবি চৈয়দ আব্দুল মালিকৰ ৰচিত ' মই অসমীয়া ' কবিতাৰ অন্তৰ্গত। 

অসমৰ সম্পদ আৰু বিনন্দীয়া ৰূপত  মুগ্ধ হৈ কেনেদৰে অসম আক্ৰমণ কৰিবলৈ আহি নিজ দেশলৈ উভতি যাবলগীয়া কিছুসংখ্যক মোগল অসমত থাকি গ'ল তাৰেই কথা কবিতাফাকিৰ জৰিয়তে কবিয়ে প্ৰকাশ কৰিছে। 

অসম আক্ৰমণ কৰিবলৈ আহি বিদেশী মোগল সেনাই অসমৰ প্ৰাকৃতিক সম্পদ আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ বিনন্দীয়া ৰূপ দেখি মুগ্ধ হৈ পৰিছিল।

স্বদেশ প্ৰাণ অসমীয়াৰ বিৰত্বৰ আগত তিস্তিব নোৱাৰি পৰাজয় বৰণ কৰি মোগল সেনা চিৰদিনৰ কাৰণে কোনোদিন অসম আক্ৰমণ কৰাৰ সাহস নকৰি উভতি যাবলগীয়া হ'ল যদিও একাংশ মোগল সেনা অসমৰ সৰগৰ বিনন্দীয়া ৰূপত মুগ্ধ হৈ সেই ৰূপত বন্দী হৈ বিদেশী আৰু দূৰৰ হ'লেও অসমতে থাকি অসমক নিজ মাতৃভূমি হিচাপে আঁকোৱালি অসমীয়া হৈ পৰিল। 

অসমৰ বিনন্দীয়া অপৰূপ ৰূপ দেখি প্ৰাকৃতিক সম্পদে তেওঁলোকক নিজ জন্মভূমিৰ কথা কথা পাহৰাই অসমীয়া হবলৈ বাধ্য কৰালে।

(ঘ) জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহ -প্ৰাণ মন; জীয়াই থাকোতে মই অসমৰ অসমীয়া, মৰিলেও বৰি লম অসমৰ অমিয়া মৰণ।
উত্তৰ : উদ্ধৃত কবিতাফাকি সুপ্ৰসিদ্ধ গল্পকাৰ, ঔপন্যাসিক তথা কবি চৈয়দ আব্দুল মালিক ৰচিত ' মই অসমীয়া' কবিতাটিৰ অন্তৰ্গত। 

মোগলসকল অসম আক্ৰমণৰ সময়ত পৰাজিত মোগল সৈন্যৰ একাংশ অসমৰ প্ৰাকৃতিক সন্দৰ্য্ আৰু সম্পদ তথা অসমৰ মানুহৰ মাত- কথাত মোহিত হৈ স্বদেশলৈ ঘূৰি নগৈ অসমকে নিজ মাতৃভূমি হিচাপে মনে-প্ৰাণে গ্ৰহণ কৰি অসমীয়া হৈ থাকি গ'ল।

সেইসকলৰ বংশধৰে এতিয়া অসমৰে অসমীয়া হৈ নিজ মাতৃভূমি আৰু জন্মভূমি বুলি গৌৰৱ সেৱা কৰি আহিছে।

সেইহকলৰে বংশধৰ কবিয়ে নিজকে খাটি অসমীয়া বুলি গৌৰৱ কৰে, মাতৃভূমি  অসমত তেওঁ চিৰদিন অসমীয়া হৈ থাকি আৰু মৰিলে এই অসমতে অমিয়া মৰণ বৰণ কৰিবলৈ মনে প্ৰাণে ইচ্ছা কৰিছে। অসমীয়া দেহ প্ৰাণ, মন লৈ জীৱনে মৰণে তেওঁ চিৰদিন অসমীয়া বুলি হিয়াত অফুৰন্ত আনন্দ পায়।

প্ৰশ্ন৯/ 'মই অসমীয়া' কবিতাটোত কবিয়ে অসমীয়া  জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কয় প্ৰসংশা কৰিছে, -- তোমাৰ কথাৰে বুজাই লিখা।
উত্তৰ : সমগ্ৰ ভাৰাবৰ্ষতে আকণ্টকা সাম্ৰাজ্য স্থাপন কৰা প্ৰবল প্ৰতাপী মোগল সেই সময়ৰ স্বাধীন  অসমতো মুছলিম ৰাজ্য স্থাপন কৰাৰ আশাৰে অসম আক্ৰমণ কৰিছিলহি। 
মোগল ভাবিছিল মোগলৰ দৰে বীৰত্ব আৰু পৰাক্ৰম ভাৰতত ক'তো নাই, স্বাধীন অসমতো নাই।অসমক তেওঁলোকে হেলাৰঙে পৰাভূত কৰি অসম মোগল সাম্ৰাজ্যৰ তলতিয়া কৰিব। 

বিশ্ব বিজয়ী মোগলৰ অনিৰুদ্ধ গতিক কোনেও বাধা দিব নোৱাৰে -- বাধা দিবলৈ সাহস নকৰে।

কিন্তু এই দুৰ্দান্ত পৰাক্ৰমী মোগল যেতিয়া এই মনোবলেৰে অসমৰ মাটিত সমৰ সজ্জাৰে ভৰি থলেহি, তেতিয়া কাৰো আক্ৰমণ সহ্য কৰিব নোৱাৰা , কাৰো ওচৰত শিৰ নত নকৰা, দেশৰ স্বাধীনতা ৰক্ষাৰ কাৰণে প্ৰাণ ত্যাগ কৰিবলৈ অকণো ভয় নকৰা অসমীয়া পুৰুষ- তিৰোতাই হাতত হেংদাং লৈ ৰণচণ্ডী মূৰ্তি ধৰি মোগল সেনাৰ সমুখত থিয় হ'লহি। 
প্ৰবল প্ৰতাপী মোগল সেনাৰ বুকু কঁপি উঠিল। অসমৰ এই পৰিও নপৰা, মৰিও নমৰা পুৰুষ নাৰীৰ সমুখত মোগল সেনাই পৰাজয় বৰণ কৰি পিছ হুহকি যাবলৈ বাধ্য হল। এই কাৰণেই অসমীয়া জাতিৰ বিৰত্ব আৰু পৰাক্ৰমক  কবিয়ে প্ৰসংশা কৰিছে।

প্ৰশ্ন১০/ কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম লম বুলি ভাবিছে, বুজাই লিখা।
উত্তৰ : মোগলসকলে অসম আক্ৰমণ কৰিবলৈ আহি অসমীয়া মানুহৰ বীৰত্ব দেখি বিস্মিত হৈছে। অসমীয়া পুৰুষ তিৰোতাৰ মাজত থকা স্বদেশ প্রেম মোগলৰ অন্তৰ চুই গৈছে। 

পৰাজিত মোগলৰ কিছু অংশই অসমৰ সৌন্দৰ্য আৰু প্ৰাকৃতিক সম্পদ আদিত মুগ্ধ হৈ অসমত থাকি পাছলৈ হাড়ে- হিমজুয়ে অসমীয়া হৈ পৰিল। 

তেওঁলোকে অসমীয়া সাংস্কৃতিক ৰ লগত একাকাৰ হৈ পৰিল। অসমীয়া জাতিৰ বীৰত্বৰ সেই বিজয়গাঁথা আজিও যেন অক্ষুন্ন হৈ আছে। কবিয়ে সেয়ে অসমৰ  বাবে যুঁজিব খুজিছি আৰু অসমৰ পুনৰ অসমীয়া হৈ জনম লম বুলি ভাবিছে।

প্ৰশ্ন১১/ ' মই অসমীয়া' কবিতাটোৰ সাৰাংশ লিখা। [HSLC;20]
উত্তৰ : ভাতৰবৰ্ষত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা বিশ্ববিজয়ী  মোগলসকলে স্বাধীন অসম আক্ৰমণ কৰি অসমতো মুছলিম ৰাজ্য স্থাপনৰ আশাৰে অসমত সসৈন্য পদৰ্পণ কৰিছিলহি। 

মোগলসকল অসমভূমিৰ সমৰথলী উপস্থিত হোৱাত স্বাধীন অসমৰ স্বাধীনচেতিয়া  অসমীয়াই  পুৰুষ- নাৰী সমন্বতে হাতত হেংদাং লৈ অতি বিৰত্ব আৰু সাহসেৰে নিজ মাতৃভূমি স্বাধীনতা তথা স্বতন্ত্ৰতা ৰক্ষা কৰিবলৈ মোগলৰ সমুখত বুকুপাতি থিয় হ'লহি। 

অসমীয়া সেনাৰ সাহস, বল-বিক্ৰমৰ আগত মোগল সেনা তিস্তিব নোৱাৰি পৰাজয় বৰণ কৰি পিছ হুসুকি গ'ল। 

মোগল সেনাই অসমীয়া মানুহৰ বল, বিক্ৰম, সাহস  আৰু দেশ প্ৰেমৰ পৰিচয় পাই আচৰিত হ'ল। আনহাতে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সম্পদসমূহ দেখিও বিস্ময়াভূত হোৱাৰ উপৰিও অতিকে মুগ্ধ হৈ পৰিল।

পৰাজয় বৰণ কৰি স্বদেশলৈ উভতি যোৱা মোগল দেখিলে অসমত চৌদিশে ধূসৰ পাহাৰ, ইয়াৰ সেউজীয়া গছ-গছনি, চৰাই-চিৰিকতিয়ে মনোমোহা ৰূপ ধাৰণ কৰিছে। 

দুবৰিৰ বনত নিয়ৰৰ টোপোলাবোৰ সূৰ্যৰ পোহৰত মুকুটাৰ দৰে তিৰবিৰাই আছে। গছৰ পাতবোৰ জাংফাই মিনাকৰাৰ দৰে জিলিকিছে। ইয়াৰ ধূলি বালিত মৰকত বাখৰৰ দৰে মূল্যৱান বস্তু নিহিত হৈ থাকে, ভৰিৰ গচক পৰিলেই সিবোৰ ভাগি যায়। 

নদীৰ বালিত সোণৰ চেকুৰা পায়, হাতী দাঁতেৰে খৰম চোলা সাজে, স্বৰ্গদেৱে হাঁহ,কণী, চাউলেৰে দেউল নিৰ্মাণ কৰে, বাখৰৰ খাৰু, আঙুঠি গঢ়াই পিন্ধে, ম'হৰ শিঙৰ পেঁপা বজায়, সাগৰ সদৃশ খাল বিলত সোণবৰণীয়া পুঠি মাছে জঁপিয়াই, ভেকুলিয়ে সেন্দুৰৰ ফোঁট লৈ জঁপিয়াই।মাটিৰ চৰুত জুখিহে সোণ-ৰূপ দিয়ে।

অসমৰ এই বিনন্দীয়া ৰূপ দেখি মুগ্ধ হৈ অসমীয়া মানুহৰ মৌ-সনা মাত-কথাত বন্দী হৈ একাংশ মোগল সেনাই অসমকে নিজ মাতৃভূমি বুলি স্বীকাৰ কৰি, ইয়াৰ কলা- সংস্কৃতিত একাকাৰ হৈ অসমতে থাকি গ'ল । 

কবিয়েও অসমৰ কোনো কালে নজহা নপমা এই ঐতিহ্যক সুঁৱৰি, মৰিও তেওঁ অসমীয়া হৈ পুনৰ জনম ল'বলৈ মনে প্ৰাণে কামনা কৰিছে। অসমীয়াৰ পৰিচয়ৰে তেওঁ চিৰকাল অসমতে থাকিব।

প্ৰশ্ন১২/ 'মই অসমীয়া' কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা।
উত্তৰ : অসম অতীততে এখন স্বাধীন ৰাজ্য আছিল। ভাৰতৰ বাকী ৰাজ্য মোগল সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল যদিও সেই সময়ত অসম স্বাধীন আছিল।মোগল একাধিকবাৰ  অসম আক্ৰমণ কৰিছিল যদিও অসমীয়া মানুহৰ সাহস, বল বিক্ৰম সমুখত তিষ্ঠিব নোৱাৰি অসম জয়ৰ আশা চিৰকালৰ কাৰণে পৰিহাৰ কৰিলে।

অসমীয়া মানুহৰ সেই সাহস আৰু বীৰত্ব গৌৰৱৰ বিজয়। অসম প্ৰকৃতিক সম্পদত চহকী। এসময়ত ইয়াৰ  মাটি বালিত বিভিন্ন মূল্যৱান বাখৰ আৰু সোণৰ চেকুৰ পোৱা গৈছিল। 
মানুহে বাখৰ খাৰু আৰু ভৰিত আঙঠি গঢ়াই লৈছিল, হাতী দাঁতৰ খৰমৰ চুলা তৈয়াৰ কৰি লৈছিল।হাঁহকণী, চাউলৰ গুড়ি আদিৰে সজাই লোৱা অতীতৰ মঠ-মন্দিৰসমূহেও, ৰংঘৰ, কাৰেংঘৰ আদিয়ে তেতিয়াই খন্দোৱা সাগৰ সদৃশ পুখুৰীসমূহ অসমৰ গৌৰৱ ঘোষণা কৰি আছে।

অসম এটা সময়ত ইমানেই চহকী আছিল যে চৰুত জুখিহে সোণ-ৰূপ আদান- প্ৰদান কৰিছে।  


প্ৰশ্ন১৩/ ভাষা বিষয়ক।

(ক) বিপৰীত শব্দ লিখা

  • গৌৰৱ - দুযশ
  • আলোক - এন্ধাৰ।
  • স্বাধীনতা - পৰাধীনত
  • পৰাজিত - অপৰাজিত, বিজিত।
  • সপোন - দিঠক।
  • মৰণ - জনম




অসমীয়া ব্যাকৰণ (জ্যোতি)








(অতিৰিক্ত প্ৰশ্নোত্তৰ)



চমু উত্তৰ দিয়া/

(১) 'মই অসমীয়া' কবিতাটিৰ ৰচক কোন?

উত্তৰ : চৈয়দ আব্দুল মালিক।

(২) চৈয়দ আব্দুল মালিকৰ জন্ম ক'ত আৰু কোন চনত হৈছিল?
উত্তৰ: ১৯১৯ চনৰ গোলাঘাট জিলাৰ নাহৰণিত।

(৩)  চৈয়দ আব্দুল মালিকৰ মৃত্যুৰ চনতো লিখা?
উত্তৰ : ২০০০ চন।

(৪) চৈয়দ আব্দুল মালিকৰ এখনি উপন্যাসৰ নাম লিখা।
উত্তৰ : 'অঘৰী আত্মাৰ কাহিনী'।

(৫) চৈয়দ আব্দুল মালিকৰ  এখনি গল্পপুথিৰ নাম লিখা।
উত্তৰ : পৰশমণি।

(৬) চৈয়দ আব্দুল মালিকে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিল।
উত্তৰ : ' অঘৰী আত্মাৰ কাহিনীৰ' বাবে ।

(৭) কোন চনত অসম সাহিত্য সভাৰ অধিবেশনত চৈয়দ আব্দুল মালিকে সভাপতিত্ব কৰিছিল?
উত্তৰ : ১৯৭৭ চনৰ অভয়পুৰী অধিবেশনত।

(৮) চৈয়দ আব্দুল মালিকৰ গল্প- উপন্যাসৰ পৰা কি চলচিত্ৰ নিৰ্মিত হৈছে?
উত্তৰ : 'জেতুকা পাতৰ দৰে' আৰু 'মমতাজ'।

(৯) সুদূৰ পশ্চিম এৰি বিজয় সপোন দেখি অসমলৈ কোন আহিছিল?
উত্তৰ : মোগলসকল।

(১০) "লুইতৰ পাৰত গলো দৃপ্ত উচ্চাসত আপোনাৰ বিজয় গান" -–- কোনে বিজয় গান গাইছিল?
উত্তৰ: মোগলসকলে।

(১১) অসমৰ হেংদাং কোন সময়ত জিলিকিছিল?
উত্তৰ : আক্ৰমনকাৰী মোগলসকলৰ বিপক্ষে দুপৰৰ পূৰ্ণ আলোকত।

(১২) "বুকু পাতিল নামিল ৰণত"--- কোনে?
উত্তৰ : অসমৰ স্বাধীন পুৰুষ- নাৰীয়ে।

(১৩)" বিজয়ৰ গৌৰৱ আৰতি"----কোনে কৰিছিল?
উত্তৰ : বিজয়ী অসমে।

(১৪)  স্বৰ্গদেৱে দেউল কিহেৰে সজাইছিল?
উত্তৰ : হাঁহ, কণী , চাউলেৰে।

(১৫) পুঠিয়ে কাণত কি পিন্ধে বুলি কৈছে?
উত্তৰ : সোণৰ থুৰীয়া।

(১৬) ৰাজআলি কোনে বান্ধিছিল?
উত্তৰ : নিষ্কর্মা ধোদৰ দলে।

(১৭) সোণচৰু , ৰূপচৰু ঘৰে ঘৰে কিহেৰে জুখি দিছিল?
উত্তৰ : মাটিৰ চৰুৰে।

(১৮) " গীত শুনি শিল পমি যায়"---- তাৰ মানে কি?
উত্তৰ : অসমৰ মানুহৰ মৌসনা কণ্ঠৰ গীত শুনি কঠিন, হৃদয়ৰ মানুহৰে অন্তৰ পমি যায়।

(১৯) অসমত খৰগৰ ৰূপ বিনন্দীয়া দেখি কোন মুগ্ধ আৰু বন্দী হৈছিল?
উত্তৰ : অসম জয় কৰিবলৈ অহা মোগলসকলে।

(২০)" অসমৰ হকে যুঁজি, অসমৰ হকে মৰো--- বুলি কোনে কৈছিল?
উত্তৰ : কবিয়ে।

(২১)" সেইদিন ধৰি মই অসমৰ অসমীয়া" ----- বুলি কোনে কৈছিল?
উত্তৰ : কবিয়ে।

(২২) মৰাৰ পিছতো কবিয়ে ক'লৈ ঘূৰি আহিব খুজিছে?
উত্তৰ : প্ৰাণৰ মাতৃ তথা জন্মভূমি অসমলৈ।

(২৩) জনমৰ লগে লগে কবিয়ে " আই" বুলি কাক চিঞঁৰিছিল?
উত্তৰ : জন্মভূমি অসমীক।

(২৪) কবিয়ে ' চিনি পাম, বুজি পাম' বুলি কিহৰ কথা কৈছে?
উত্তৰ : কবিৰ এই অসমীয়া ভাষা।

(২৫) কবিয়ে দোকাণপাতি কি শুনিব বুলি কৈছে?
উত্তৰ : অসমৰ সুৰীয়া গীতটি।




निबंध लेखन (हिंदी)



हिंदी ब्याकरण




অসমীয়া ৰচনা




মই অসমীয়া দশম শ্ৰেণী/মই অসমীয়া দশম শ্ৰেণী question answer/moi axomiya class 10/মই অসমীয়া/মই অসমীয়া দশম শ্ৰেণী question bank/মই অসমীয়া class 10/moi axomiya assamese poem question answer/class 10 assamese chapter 4 question answer/class 10 assamese মই অসমীয়া all question answer/assamese chapter 4 class 10/class 10 assamese moi axomiya question answer/মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখা/class 10 assamese chapter 4/মই অসমীয়া কবিতাৰ মূলভাব/মই অসমীয়া class 10 question answer/moi axomiya class 10 question answer/ম ই অসমীয়া/class 10 assamese lesson 4 question answer/মই অসমীয়া কবিতাৰ সাৰাংশ/মই অসমীয়া question answer/class 10 assamese মই অসমীয়া/মই অসমীয়া দশম শ্ৰেণী সাৰাংশ/moi akhomiya class 10/class 10 assamese moi axomiya/অসমীয়া সাহিত্য চয়নিকা দশম শ্ৰেণী নতুন/মই অসমীয়া কবিতা মূলভাব/চৈয়দ আব্দুল মালিকে কোনখন গ্ৰন্থৰ বাবে চোভিয়েট দেশ নেহৰু বঁটা লাভ কৰিছিল/দশম শ্ৰেণীৰ অসমীয়া মই অসমীয়া/assamese class 10 chapter 4/assamese class 10 chapter 4 question answer/moi akhomiya question answer/দশম শ্ৰেণীৰ অসমীয়া/মৰকত মানে কি/অসমৰ হেংদাং ক'ত জিলিকিছিল/মই অসমীয়া কবিতা চৈয়দ আব্দুল মালিক/হেংদাং মানে কি/মই অসমীয়া কবিতা দশম শ্ৰেণী/মই অসমীয়া মূল ভাৱ/মোগলসকলে অসমৰ ক’ত ভৰি দিছিল?/moi axomiya assamese poem/দশম শ্ৰেণীৰ অসমীয়া সহায়িকা/অসমীয়া সাহিত্য চয়নিকা দশম শ্ৰেণী/মই অসমীয়া প্ৰশ্ন উত্তৰ/মই অসমীয়া সম্পূৰ্ণ কবিতা/চৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা/মোগল সকলে অসমৰ কত ভৰি দিছিল/অসমীয়া দশম শ্ৰেণী/class 10 assamese lesson 4/দশম শ্ৰেণীৰ মই অসমীয়া/assamese class 10 chapter 4/assamese class 10 chapter 4 question answer/moi akhomiya question answer/দশম শ্ৰেণীৰ অসমীয়া/মৰকত মানে কি/অসমৰ হেংদাং ক'ত জিলিকিছিল/অসমৰ হেংদাং ক'ত জিলিকিছিল/হেংদাং মানে কি/মই অসমীয়া কবিতা দশম শ্ৰেণী/moi axomiya assamese poem


Post a Comment

0 Comments

People

Ad Code