Recent in Technology

অৰণ্য যাত্ৰা সম্পূৰ্ণ প্ৰশ্নোত্তৰ | class 10 assamese lesson 11 question answer seba 2023 📚

মুখ্য পৃষ্ঠা:



অৰণ্য যাত্ৰা সম্পূৰ্ণ প্ৰশ্নোত্তৰ | class 10 assamese lesson 11 question answer seba 2023 📚



=






অৰণ্য যাত্ৰা




 অনুৰাধা শৰ্মা পূজাৰী




কবিৰ পৰিচয়


বিশিষ্ট লেখিকা, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ জন্ম হৈছিল ১৯৬৪ চনত যোৰহাটত। 

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজ শাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ digree আৰু কলিকতাৰ ইনষ্টিটিউট অব লিবাৰেল আৰ্টছ এণ্ড মেনেজমেণ্টৰ পৰা সাংবাদিকতা পাঠ্যক্ৰম সম্পূৰ্ণ কৰা অনুৰাধা শৰ্মা পূজাৰীয়ে পশ্চিমবঙ্গৰ কেন্দ্ৰ, তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম এপ্ৰিচিয়েশ্বন পাঠ্যক্ৰমো সমাপ্ত কৰিছিল।

=
কলিকতাৰ একাডেমী অব ফাইন আৰ্টৰ অধীনত কৰ্মজীৱন আৰম্ভ কৰা শৰ্মা পূজাৰীয়ে 'আমাৰ অসম' কাকততো সাংবাদিক হিচাপে কাম কৰিছিল। 

বৰ্তমান তেওঁ 'সাদিন' কাকত আৰু 'সাতসৰী' মাহেকীয়া আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

অসমীয়া সাহিত্যৰ ভঁৰাললৈ তেওঁৰ উল্লেখযোগ্য অৱদান হ'ল-- উপন্যাস : 'হৃদয় এক বিজ্ঞাপন', 'সোণ হৰিণৰ চেঁকুৰ', 'চাহেবপুৰাৰ বৰষুণ', 'কাঞ্চন', 'নাহৰৰ নিৰিবিলি ছাঁ, 'বৰাগী নদীৰ ঘাট', 'মেৰেং', ইত্যাদি। 

গল্প সংকলনৰ ভিতৰত--- 'বসন্তৰ গান', 'এজন অসমাজিক কবিৰ বায়গ্ৰাফী', 'কেথেৰীণাৰ সৈতে এটি নিৰ্জন দুপৰীয়া', 'ন'মেনছ লেণ্ড' আদি। 'কলিকতাৰ চিঠি ', 'ডায়েৰী', 'অট'গ্ৰাফ' আদি তেওঁৰ আত্মজীৱনীমূলক প্ৰবন্ধ সংকলন। 

'চাহেবপুৰাৰ বৰষুণ' নামৰ উপন্যাসৰ বাবে তেঁও ২০০৩ চনত অসম সাহিত্য সভাৰ 'কুমাৰ কিশোৰ সোঁৱৰণী বঁটা' লাভ কৰে। সংবাদ সেৱাৰ স্বীকৃতিৰূপে ২০১৩ চনত তেওঁ 'ৰেনেছাঁ অসম বঁটা' লাভ কৰে।


শব্দাৰ্থ আৰু টোকা


  1. কাতি----- এঢলীয়া, এফালে ওখ এফালে চাপৰ।
  2. গিজনি------- বহু মানুহে একেলগে হাঁহৰ শব্দ।
  3. চন্তৰী-------প্ৰহৰী।
  4. টুলুং ভুটুং----- থৰকবৰক কৰা।
  5. ডুবাৰু------- পানীত বুৰ মাৰাত পাকৈত।
  6. পৰিৱেশ------- চাৰিওফালৰ  অৱস্থা।
  7. উখল- মাখল------ কিবা কাম কৰিবলৈ আয়োজন কৰোঁতে হোৱা হুলস্থুল।
  8. পৰনিৰ্ভৰশীল----- আনৰ ওপৰত নিৰ্ভৰ কৰি চলা।
  9. ঠেহ---------- গপ, অভিমান, ৰোহ।



পাঠভিত্তিক প্ৰশ্নোত্তৰ


ভাৱ বিষয়ক

প্ৰশ্ন ১/ চমু উত্তৰ দিয়া
(ক) বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষার্থীসকলক কোনখন অৰণ্যলৈ  নিয়াৰ সিদ্ধান্ত লৈছিল?
উত্তৰ : কাজিৰঙা অভয়াৰণ্যলৈ।

(খ) পল আৰু পাহি কোন কোন শ্ৰেণীত পঢ়ে?
উত্তৰ : পল নৱম আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে।

(গ) পলে কোনবোৰ কাম ছোৱালীৰ বুলি কৈছে?
উত্তৰ : কাঁহী-বাটি, বাচন-বৰ্তন ধোঁৱা, ঘৰৰ আচবাবৰ ধূলি মচা-সৰা আদি কাম।

(ঘ) লৰ্ড কাৰ্জন কোন?
উত্তৰ : ব্ৰিটিছ ভাইচৰয়।

প্ৰশ্ন২/ ল'ৰা- ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে তাৰ প্ৰত্যুত্তৰত পাহিক কি বুলি বুজনি দিছিল?
উত্তৰ : ল'ৰা- ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কৈছিল--- "মা ল'ৰা আৰু ছোৱালীৰ কামবোৰ কোনে পৃথক কৰিলে? ময়ো দেখোন দাদাৰ দৰে পঢ়া- শুনা কৰোঁ। 

দাদাই কিয় নিজৰ কাপোৰ জাপি নথয়, জোটাযোৰ পৰিষ্কাৰকৈ নাৰাখে, গা ধোঁৱাৰ পাছত তিতি থকা গামোচাখন কিয় বিছনাত পেলাই থৈ যায়? দাদাই এই কামবোৰ কিয় তুমি কৰি দিবা বুলি ভাৱে বা মই কৰি দিম বুলি ভাবে? 

ল'ৰাই নিজৰ জোতাযোৰ পৰিষ্কাৰ কৰিব নালাগে বা নিজে খোৱা কাঁহীখন কেতিয়াও ধুব নালাগে বুলি ক'ৰবাত লিখা আছে নেকি?"
 
মাকে তাৰ প্ৰত্যুত্তৰত এই বুলি বুজনি দিলে----পাহি সোণজনী, তুমি নিজেই দেখিছা, তোমালোকে যি বয়সত যিবোৰ কাম কৰিব পৰা, সেই কাম বয়স অনুযায়ী মই শিকাই আহিছোঁ তোমালোক দুয়োটাকে।

তোমালোকে পঢ়া- শুনা কৰি ভাল চাকৰি বা ব্যৱসায় কৰিবা, ধন উপাৰ্জন কৰিবা। কিন্তু প্ৰয়োজনীয় কামখিনি কৰিব নাজানিলে পৰনিৰ্ভৰশীল হ'বলৈ বাধ্য হ'বা। তেতিয়া কেতিয়াবা সময়েও তোমালোকক ঠগিব আৰু মানুহেও ঠগিব।

প্ৰশ্ন ৩/ প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে?
উত্তৰ : পাহিহঁত নগৰত বাস কৰে যদিও প্ৰকৃতিৰ সুন্দৰ নিয়মবোৰে পাহিক বৰকৈ আকৃষ্ট কৰে।

প্ৰতিজোপা গছৰ ৰং ভিন্ন, পাতৰ আকাৰ ভিন্ন, তামোল গছৰ কাষতে আমগছ জোপাৰ চেহেৰাৰ মিল নাই, দুজোপা ভিন্ন ধৰণৰ গছ যদিও ওচৰা- উচৰিকৈ মিলা- প্ৰীতিৰে থাকে। 

আকৌ কলগছ জোপাৰ কাষতে থাকে নেমুজোপা, নেমুৰ কাঁইটে কলগছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ গছবোৰে মানি চলে। সেইবাবেই প্ৰকৃতিৰ এই নিয়মবোৰে পাহিক আকৃষ্ট কৰে।

প্ৰশ্ন ৪/কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?
উত্তৰ : মাকে এইবুলি উপদেশ দিছিল যে সিহঁত পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছে, অৰণ্যৰ পৰা শিকিবলগা বহুত কথা আছে। যিমান পাৰে শিকিব আৰু নিজৰ লগতে নিজৰ বস্তুবোৰ চম্ভালিব।
দেউতাকেও শিক্ষকৰ লগ নেৰিবলৈ, যি কয় সেইমতে চলিবলৈ ক'লে। আনহাতে তেওঁ সিহঁতৰ খবৰ লৈ থাকিম বুলি ক'লে।

প্ৰশ্ন ৫/ "কামত ল'ৰা- ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।"--- এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল, আঁতিগুৰি মাৰি লিখা। [HSLC,'20]
উত্তৰ : এই কথাষাৰৰ বক্তা আছিল পাহি- পলহঁতৰ অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰৰ। কাজিৰঙা অভয়ৰণ্যলৈ গৈ থকা অৱস্থাতে বাছৰ ভিতৰতে শিক্ষকসকলে ছাত্ৰ- ছাত্ৰীৰ মাজৰ পৰা নেতা- নেত্ৰী পাতি দিছিল। পাহি আৰু বিদিশাক দায়িত্ব দিয়া হৈছিল বাছত থকা ছাত্ৰ- ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহলৈ মন দিবলৈ।

নৱম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক দায়িত্ব দিয়া হৈছিল খাদ্য বস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ। 

সৌৰভে কামটো টান পাই কৈছিল 'পাহি আৰু বিদিশাই খাদ্য বিলাওক, আমি সিহঁতক দিয়া কামটো কৰোঁ, কাৰণ আমি ল'ৰা, লগৰীয়াবোৰে উৎপাত কৰিলে শাসনো কৰিব পাৰিম আৰু অসুবিধাবোৰলৈও মন দিব পাৰিম। আফতাবেও সৌৰভৰ কথাত হয়ভৰ দিলে। তেতিয়া অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰে খং কৰি উক্ত কথাষাৰ কৈছিল।

প্ৰশ্ন ৬/ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল- আফতাবহঁত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিঁহতক কোনে উদ্ধাৰ কৰিছিল?
উত্তৰ : পাহি- পলহত কাজিৰঙা গৈ পোৱাৰ পিছত শিক্ষক- শিক্ষয়িত্ৰীসকলৰ পৰামৰ্শক্ৰমে আলহীঘৰৰ নিৰ্দিষ্ট কোঠাত নিজা নিজা বিছনাপত্ৰ পাৰি খেলত ব্যস্ত হ'ল আৰু কিছুমানে ৰং, কাগজ উলিয়াই ছবি অঁকাত লাগিল। পিছে পল, আফতাব আৰু সৌৰভে এইবোৰ একো নকৰি কোনেও ক'ব নোৱাৰাকৈ আবাসৰ পিছফালে গৈ শিকলিৰে বান্ধি থোৱা জপনা বগাই পাৰ হ'ল।

সিহঁতৰ আটাইৰে মন ৰোমাঞ্চিত হৈ পৰিল। একেবাৰে নিৰ্জন ঠাইখনত মনৰ আনন্দতে তিনিও অলপ আগুৱাই গৈ আধা অংশ মেটেকাৰে আগুৰি থকা এটা পুখুৰী আৰু তাত বান্ধি থোৱা এখন নাও দেখা পালে। 

নাও বোৱাৰ আনন্দত বান্ধি থোৱা ঠাইৰ পৰা নাওখন এৰি দি তিনিও নাৱত উঠি বাই নিবলৈ ধৰিলে। সিহঁতৰ এজনেও ভালদৰে নাও বা হাতুৰিব নাজানিছিল।

নাও গৈ মেটেকাৰ মাজত সোমোৱাৰ লগে লগে নাওৰ এটা ফুটাইদি নাৱৰ ভিতৰলৈ জোৰেৰে পানী সোমাবলৈ ধৰিলে। তাৰ পৰা ৰক্ষা পাবলৈ কোনো উপায় নাছিল। 

নাওখন পানীত ডুবিলেই তিনিউজনৰে মৃত্যু অনিবাৰ্য। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পলহঁত এই বিপদত গৈ পৰিছিল।

ইয়াৰ পৰা উদ্ধাৰ পাবলৈ তিনিও কান্দি কান্দি চিঞৰিবলৈ ধৰিলে (আমি মৰিলোঁ, বচোৱা, কোন আছা আমাক বচোৱা)। ইতিমধ্যে নাওখন কাতি হৈ পল পানীত পৰিল।

আফতাব আৰু সৌৰভে চিঞৰত গগণ ভেদিলে। এনেতে পাঁচজনী মাছমৰীয়া ছোৱালী জাকৈ- খালৈ লৈ সেইপিনে গৈ থাকি সিহঁতৰ চিঞৰ শুনি আৰু অৱস্থা দেখি তালৈ দৌৰি গ'ল আৰু সিহঁতৰ দুজনী ডাঙৰ ছোৱালীয়ে একে জাঁপে পানীত নামি সাঁতুৰি গৈ নাওসহ সিহঁত তিনিওকে পাৰলৈ তুলি আনিলে। পলে যথেষ্ট পানী খাইছিল। 

তাৰ এজনী ছোৱালীয়ে তাৰ পেটত হেচুকি পানীখিনি উলিয়াই তাক সুস্থ কৰি তুলিলে। এনেদৰেই সেই মাছমৰিয়া ছোৱালীকেইজনীয়ে সেই বিপদৰ পৰা সিহঁতক উদ্ধাৰ কৰিছিল।

প্ৰশ্ন ৭/ শিক্ষক- শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছত পৰিস্থিতি কি হ'ল বহলাই লিখা।
উত্তৰ : পল, আফতাব আৰু সৌৰভে শিক্ষকৰ কথা অমান্য কৰি যি বিপদত পৰিছিল আৰু কোনো ৰকমেহে প্ৰাণ ৰক্ষা পৰিল বিদ্যালয়খন। 

এই ডাঙৰ বদনামৰ পৰা উদ্ধাৰ পালে। সিহঁতৰ এই দুর্ঘটনাই আৰু কাৰ্যই সকলোকে দুখ দিছে। এই কাৰণেই শিক্ষক- শিক্ষয়িত্ৰীসকলে অৰণ্য কাৰ্যসূচী বাতিল কৰিব খুজিছিল। 

ছাৰসকলৰ এই কথাত ছাত্ৰ- ছাত্ৰীসকলৰ মন মনত বৰ বেয়া লাগিল আৰু পলহঁতলৈ খং উঠিল।

তেতিয়া পলে সকলোৰে ওচৰত ক্ষমা খুজি ছাত্ৰসকলে যি শাস্তি দিয়ে তাকে ল'বলৈ সাজু বুলি কৈ সিহঁতৰ বাবেই অৰণ্য দৰ্শন বাতিল কৰিব নালাগে বুলি অনুৰোধ জনালে। 

সিহঁত তিনিওকে এৰি বাকীসকলক অৰণ্য দর্শনলৈ লৈ গ'লেই সিহঁতৰ ডাঙৰ শাস্তি হ'ব বুলি ক'লে। ইয়াৰ পিছত নিশা ভাত খাই উঠি ছাত্ৰ- ছাত্ৰীসকলৰ আগত ঘোষণা কৰিলে 'ইয়াৰ পৰা গৈ তোমালোকে এই যাত্ৰাৰ অভিজ্ঞতাৰে এখন ৰচনা লিখি আমাক দিব লাগিব। 

পল, সৌৰভ আৰু আফতাবে আজি কৰা বেয়া কামটোৰ বিষয়ে আৰু কথমপি মৃত্যুমুখৰ পৰা ৰক্ষা পৰাৰ বিষয়ে সকলো কথা ৰচনাত স্বীকাৰ কৰি লিখিব লাগিব। তেতিয়াহে কাইলৈ পুৱাই আমি সকলো সাজু হম অৰণ্য দৰ্শন কৰিবলৈ।'

লগে লগেই সকলোৱে ফুৰ্তিত চিঞৰি উঠিল আৰু হাতচাপৰি বজালে। পলহঁতে ক'লে, 'আমি ৰচনাত সকলো লিখিম আৰু জীৱনত এনে কাম নকৰোঁ ছাৰ---- ধন্যবাদ, আমাকো যাবলৈ দিয়া বাবে।

প্ৰশ্ন ৮/ মহিচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?
উত্তৰ : মহিচন্দ্ৰ মিৰি আছিল কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া বন বিষয়া। তেওঁ কাজিৰঙাৰ গঁড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গঁড়ৰ বসতিস্থল, সেই কথা সমগ্ৰ জগতক প্ৰথম জনালে। 

বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তিগৰাকী হ'ল মহিচন্দ্ৰ মিৰি।

প্ৰশ্ন ৯/ নিগিনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল?
উত্তৰ : নিগিনা চিকাৰীৰ প্ৰকৃত নাম হ'ল-- বাপীৰাম হাজৰিকা। তেওঁ প্ৰথম লেডী কাৰ্জনক গঁড় দেখিছিল। 

প্ৰশ্ন ১০/ কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক - শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল? [HSLC,'20]
উত্তৰ: কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে যি বিশেষ শিক্ষা লাভ কৰিলে তাক শিক্ষক- শিক্ষয়িত্ৰীসকলৰ আগত এইদৰে অৱগত কৰিছিল---- পাহিয়ে ক'লে যে নিজে কৰিব পৰা কামসমূহ নিজেই কৰিব লাগে, আনে কৰি দিব বুলি বাট চাব নালাগে। পলে ক'লে ল'ৰা আৰু ছোৱালী সকলো সমান।

ছোৱালীকেইজনীয়ে সিহঁতক সেই বিপদৰ পৰা উদ্ধাৰ নকৰিলে সিহঁতে কাজিৰঙাই দেখা নাপালেহেঁতেন। আফতাবে ক'লে যে আত্মৰক্ষা কৰিব নাজানিলে মৰসাহ কৰাটো মূৰ্খৰ কাম। 

শেষত সৌৰভে ক'লে যে দলিয়ভাৱে ক'ৰবালৈ গ'লে অনুশাসন- শৃংখলা মানি চলাটো জৰুৰী কথা।



ভাষা বিষয়ক পাঠভিত্তিক প্ৰশ্নোত্তৰ



প্রশ্ন ১১/ বাক্য ৰচনা কৰা/

ককাই- ভনী, টুলুং ভুটুং, চিঞৰ- বাখৰ, মানুহ- দুনুহ, তিতি বুৰি।
উত্তৰ : ককাই- ভনী : ঘৰখনত ককাই- ভনী আটায়ে মিলা - প্ৰীতিৰে থাকিব লাগে।
টুলুং - ভুটুং : নাওখনে পানীত টুলুং- ভুটুং কৰাত নাওখনত থকা সৰু ল'ৰা- ছোৱালীকেইটিয়ে ভয়তে চিঞৰিলে।
চিঞৰ - বাখৰ : চিঞৰ- বাখৰ কৰি থাকিলে বৰ অশান্তি লাগে।
মানুহ- দুনুহ : মানুহ দুনুহ কোনো নাই, ঘৰখন উদং হৈ আছে।
তিতি- বুৰি : নাৱৰ পৰা পানীত পৰি পলহঁত তিতি- বুৰি আছিল।

প্ৰশ্ন ১২/ মূৰ্দ্ধন্য 'ণ' হোৱাৰ কাৰণ দৰ্শোৱা :

অৰণ্য, কণ্ঠ, ওৰণি, পোৰণি, আড়ম্বন
উত্তৰ : অৰণ্য ---- 'ৰ' ৰ পিছত মূৰ্দ্ধন্য 'ণ' হয় কাৰণে।
অৰ্পণ ------ 'ৰ' ৰ পিছত ন মূৰ্দ্ধন্য 'ণ' হয় কাৰণে।
ওৰণি ---- 'ৰ' ৰ পিছত ন মূৰ্দ্ধন্য 'ণ' হয় কাৰণে।
পোৰণি ----- 'ৰ' ৰ পিছত ন মূৰ্দ্ধন্য 'ণ' হয় কাৰণে।
আডম্বন ----- 'ৰ' ৰ পিছত ন মূৰ্দ্ধন্য 'ণ' হয় কাৰণে।
কণ্ঠ ---- 'ঠ' ৰ লগত যুক্ত হোৱাৰ কাৰণে।


অতিৰিক্ত প্ৰশ্নোত্তৰ



চমু প্ৰশ্নোত্তৰ

প্ৰশ্ন ১/ 'অৰণ্য যাত্ৰা' প্ৰবন্ধটোৰ লেখক কোন?
উত্তৰ : অনুৰাধা শৰ্মা পূজাৰী।

প্ৰশ্ন ২/ অনুৰাধা শৰ্মা পূজাৰীৰ জন্ম ক'ত হৈছিল?
উত্তৰ : ১৯৬৪ চনত যোৰহাটত।

প্ৰশ্ন ৩/ অনুৰাধা শৰ্মা পূজাৰীযে সাংবাদিকতাৰ পাঠ্যক্ৰম ক'ত সম্পূৰ্ণ কৰিছিল?
উত্তৰ : কলিকতাৰ বিৰলা ইনষ্টিটিউট অব লিবাৰেল আৰ্টছ এণ্ড মেনেজমেণ্টত।

প্ৰশ্ন ৪/ অনুৰাধা শৰ্মা পূজাৰী কোনখন কাকতৰ বৰ্তমান সম্পাদকৰ দায়িত্বত আছে?
উত্তৰ : পষেকীয়া কাকত 'সাদিন'ৰ।

প্ৰশ্ন ৫/ অনুৰাধা শৰ্মা পূজাৰীয়ে সম্পাদনা কৰা আলোচনীৰ নাম কি?
উত্তৰ : 'সাতসৰী'।

প্ৰশ্ন ৬/ অনুৰাধা শৰ্মা পূজাৰীৰ এখন উপন্যাসৰ নাম লিখা?
উত্তৰ : 'হৃদয় এক বিজ্ঞাপন'।

প্ৰশ্ন ৭/ অনুৰাধা শৰ্মা পূজাৰীৰ এখন আত্মজীৱনীমূলক গ্ৰন্থৰ নাম লিখা।
উত্তৰ : 'ডায়েৰি'।

প্ৰশ্ন ৮/ কোন কোন শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীক কাজিৰঙালৈ লৈ গৈছিল?
উত্তৰ : অষ্টম আৰু নৱম শ্ৰেণীৰ।

প্ৰশ্ন ৯/ ছাত্ৰ- ছাত্ৰীসকলক কোনখন অভয়াৰণ্যলৈ নিয়াৰ সিদ্ধান্ত কৰিছিল?
উত্তৰ : কাজিৰঙা অভয়াৰণ্যলৈ।

প্ৰশ্ন ১০/ কাজিৰঙালৈ যোৱা ছাত্ৰ- ছাত্ৰীৰ দলটোত কিমান গৰাকী ছাত্ৰ- ছাত্ৰী আছিল?
উত্তৰ : পঞ্চাশগৰাকী।

প্ৰশ্ন ১১/ পল আৰু পাহি সম্বন্ধত কি আছিল?
উত্তৰ : ককাই- ভনী।

প্ৰশ্ন ১২/ কাজিৰঙালৈ যাওঁতে ছাত্ৰ- ছাত্ৰীসকলক লগত কি নল'বলৈ কোৱা হৈছিল?
উত্তৰ : কেমেৰা, ম'বাইল ফোন।

প্ৰশ্ন ১৩/ মাকে পল আৰু পাহিৰ কাজYAৰ সামৰণি কেনেকৈ মাৰিছিল? 
উত্তৰ : পকা কল দুটা সিহঁতৰ হাতত দি বা মিঠাই, বিস্কুট দি।

প্ৰশ্ন ১৪/ 'পাহি আৰু পলে মাক- দেউতাকৰ ভৰি চুই আশীৰ্বাদ ল'লে।'--/ কিহৰ আশীৰ্বাদ লৈছিল?
উত্তৰ : শিক্ষক- শিক্ষয়িত্ৰীসহ অন্যান্য ছাত্ৰ- ছাত্ৰীৰ লগত কাজিৰঙালৈ যাবলৈ ওলাই আশীৰ্বাদ লৈছিল।

প্ৰশ্ন ১৫/ কেইখন বাছত কাজিৰঙালৈ পলহঁত যাত্ৰা কৰিছিল?
উত্তৰ : দুখন বাছত।

প্ৰশ্ন ১৬/ পাহি আৰু বিদিশাক কি দায়িত্ব দিয়া হৈছিল?
উত্তৰ : বাছত থকা ছাত্ৰ- ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহ মন দিবলৈ।

প্ৰশ্ন ১৭/ সৌৰভ আৰু আফতাবক কি দায়িত্ব দিয়া হৈছিল?
উত্তৰ : খাদ্য বস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমবিতৰণ কৰিবলৈ।

প্ৰশ্ন ১৮/ সৌৰভ আৰু আফতাব কোন শ্ৰেণীৰ ছাত্ৰ?
উত্তৰ : নৱম শ্ৰেণীৰ।

১৯/ বিজ্ঞানৰ শিক্ষয়িত্ৰীগৰাকীৰ নাম কি আছিল?
উত্তৰ : মালবিকা।

প্ৰশ্ন ২০/ অংকৰ শিক্ষকজনৰ নাম কি?
উত্তৰ : ৰঞ্জিত হাজৰিকা।

প্ৰশ্ন ২১/ বিজ্ঞানৰ শিক্ষয়িত্ৰী মালবিকা বাইদেউৱে ছাত্ৰ- ছাত্ৰীসকলক কি বুলি কৈছিল?
উত্তৰ : তেওঁ কৈছিল---- "তোমালোকক আমি এই কেইদিন প্রতিমুহূৰ্ততে পৰ্যবেক্ষণ কৰিম। 

তোমালোকে সমনীয়াৰ সৈতে ভালদৰে মিলা- প্ৰীতিৰে থাকিবা। শিক্ষকৰ কথা শুনিবা আৰু কি কি দেখিলা, শিকিলা তোমালোকৰ টুকাবহীত লিখি যাব ।"

প্ৰশ্ন ২২/ অসমীয়া বিষয়ৰ শিক্ষকজনৰ নাম কি ?
উত্তৰ : তপন বৰুৱা।

প্ৰশ্ন ২৩/ গঁড়, হাতী হৰিণা পহু চাবলৈ কেই বজাত ছাত্ৰ- ছাত্ৰীসকলক ৰাতিপুৱা উঠিবলৈ কৈছিল?
উত্তৰ : ৰাতিপুৱা চাৰি বজাত।

প্ৰশ্ন ২৪/ খোৱা ঘৰৰ বেৰত কি লিখা আছিল?
উত্তৰ : 'Self Service'.

প্ৰশ্ন ২৫/ "এনেকৈ নহয়, শাৰী পাতা সকলোৱে" বুলি কোনে কৈছিল?
উত্তৰ : পাহিয়ে।

প্ৰশ্ন ২৬/ ভাত খোৱাৰ পাছত ছাত্ৰ- ছাত্ৰীসকলক ক'লৈ যাবলৈ কোৱা হৈছিল?
উত্তৰ : জিৰণি ঘৰলৈ।

প্ৰশ্ন ২৭/ পলহঁত উঠা নাওখনত কেনেকৈ পানী সোমাইছিল?
উত্তৰ : নাওখনৰ তলীত থকা ফুটাৰে।

প্ৰশ্ন ২৮/ "বচোৱা,কোন আছা, আমাক বচোৱা"---- বুলি কোনে চিঞঁৰিছিল?
উত্তৰ : পলে।

প্ৰশ্ন ২৯/ পলহঁতক বিপদৰ পৰা কোনে উদ্ধাৰ কৰিছিল?
উত্তৰ : মাছমাৰিবলৈ যোৱা ছোৱালীকেইজনীয়ে।

প্ৰশ্ন ৩০/ পলহঁতক বিপদৰ পৰা উদ্ধাৰ কৰা ছোৱালীকেইজনীৰ নাম কি কি?
উত্তৰ : দিপালী, ৰুমী, শেৱালি, জিনা আৰু লক্ষী।

প্ৰশ্ন ৩১/  পলহঁতক বিপদৰ পৰা উদ্ধাৰ কৰা মাছমৰিয়া ছোৱালী কেইজনী আছিল?
উত্তৰ : পাঁচজনী।

প্ৰশ্ন ৩২/ ছোৱালীকেইজনীয়ে গুচি যাওঁতে পলহঁতক কি বুলি কৈ গ'ল?
উত্তৰ : "ঠিক আছে, ভালকৈ যাবা আৰু আগলৈ নজনা কামত মৰসাহস নেদেখুৱাবা।" 

প্ৰশ্ন ৩৩/ গা- পা ধুই অহাৰ পাছত পলহঁতক কি খাবলৈ দিছিল?
উত্তৰ : গৰম গাখীৰ।

প্ৰশ্ন ৩৪/ ফুৰিবলৈ যাবলৈ ওলাই "পল, সৌৰভ আৰু আফতাব যাব নালাগে । সিহঁতে জিৰণি লওক।"----- বুলি কোনে কৈছিল?
উত্তৰ : অংকৰ ছাৰে।

প্ৰশ্ন ৩৫/ কাজিৰঙা যাত্ৰাৰ দলপতি কোন আছিল?
উত্তৰ : হাজৰিকা ছাৰ।
প্ৰশ্ন ৩৬/ "তোমালোকে সকলোৱে ভাত খাই লোৱাৰ পাছত আমি সিদ্ধান্ত ল'ম।"---- ইয়াত কিহৰ সিদ্ধান্ত লোৱাৰ কথা কৈছে?
উত্তৰ : কাজিৰঙা অভয়াৰণ্যৰ ভিতৰলৈ গৈ দৰ্শন কৰা নকৰাৰ সিদ্ধান্ত।

প্ৰশ্ন ৩৭/ মানসী কোন শ্ৰেণীৰ ছাত্ৰী?
উত্তৰ : অষ্টম শ্ৰেণীৰ।

প্ৰশ্ন ৩৮/ এটা খৰ্গৰ গঁড় সৰ্বাধিক ক'ত পোৱা যায়?
উত্তৰ : অসমৰ কাজিৰঙাত।

প্ৰশ্ন ৩৯/ ইয়াণ্ডাবু সন্ধি কোন চনত হৈছিল?
উত্তৰ : ১৮২৬ চনত।

প্ৰশ্ন ৪০/ ব্ৰিটিছ ভাইচৰয় জনৰ নাম কি?
উত্তৰ : লৰ্ড কাৰ্জন।

প্ৰশ্ন ৪১/ ব্ৰিটিছ ভাইচৰয় লৰ্ড  কাৰ্জনৰ পত্নীৰ নাম কি আছিল?
উত্তৰ : মেৰী কাৰ্জন।

প্ৰশ্ন ৪২/ বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তিজন কোন আছিল?
উত্তৰ : বন বিষয়া মহিচন্দ্ৰ মিৰি।

প্ৰশ্ন ৪৩/ গৰমৰ বন্ধত পল আৰু পাহিয়ে কি কৰিছিল?
উত্তৰ : গৰমৰ বন্ধ আৰম্ভ হোৱাৰ দিনৰে পৰাই পলে পুৱা পঢ়া- শুনা কমকৈ কৰিছিল, দেৰিকৈ শুই উঠিছিল। পাহিয়ে কিন্তু পুৱা চাহ- জলপান খোৱাৰ পাছত মাকক বাচন - বৰ্তন ধোৱা আৰু ঘৰৰ আচবাবৰ ধূলি মচা- সৰাত সহায় কৰিছিল।

প্ৰশ্ন ৪৪/ অৰণ্যযাত্ৰাৰ আগদিনা পাহিয়ে বেগত কি কি বস্তু বেগত ভৰাই লৈছিল?
উত্তৰ : এখন ডাঙৰ আৰু এখন সৰু টোকা বহী, কাপোৰৰ আৰামদায়ক জোতা, টুপী, পাতল গামোচা, প্ৰাথমিক চিকিৎসাৰ ঔষধ, টৰ্চলাইট, কপাহী কাপোৰ, কলম ইত্যাদি।

প্ৰশ্ন ৪৫/ পলৰ ঠেহ ভাঙিবলৈ মাকে কি বুলি কৈছিল?
উত্তৰ : "তুমি নিজৰ বস্তু সামৰি গোটাই লোৱা নাই কিয়? এয়া পাহিৰ দোষ নহয়, তোমাৰ দোষ। ঠিক আছে নোযোৱাকৈ থাকিব নালাগে, মই তোমাৰ নিবলগা বেগটো সাজু কৰি দিম----- এতিয়া মন মাৰি নাথাকিবা।"

প্ৰশ্ন ৪৬/ "একোখন অৰণ্যৰ মানুহৰ হাওঁফাওঁৰ দৰে।" --- কথাষাৰি বুজাই লিখা?
উত্তৰ : অৰণ্যত থকা গছ- গছনি আৰু কিছুমান জীৱ- জন্তুই বায়ুত থকা এঙাৰ গেছ সেৱন কৰি অম্লজান বায়ুত এৰি দিয়ে। এই অম্লজানেই মানুহক সুস্থ শৰীৰে জীয়াই ৰাখে। 

গছ নাথাকিলে মানুহ জীয়াই থাকিব নোৱাৰে। কিছুমান ৰোগীকো জীয়াই ৰাখিবলৈ অম্লজানৰ মুখা পিন্ধাই দিয়া হয়। পানীৰ তললৈ যোৱা ডুবাৰুসকলে অম্লজানৰ চুঙা পিঠিত বান্ধি লৈ যায়।

এই অম্লজান তৈয়াৰ কৰিব পাৰে একমাত্ৰ গছ-গছনি আৰু অৰণ্যত থকা কিছুমান জীৱ জন্তুৱেহে। সেই কাৰণেই অৰণ্যক মানুহৰ হাওঁফাওঁৰ লগত তুলনা কৰিছে। 

হাওঁফাওঁৰ অবিহনে মানুহ জীয়াই নাথাকে। সেইদৰে মানুহক জীয়াই ৰখা অম্ললজন তৈয়াৰ কৰা অৰণ্য ন'হলেও মানুহ বাচি নাথাকিব।



Class 10 Assamese Notes





Class 10 Assamese Textbook





Class 10 Assamese Grammar




Class 10 Assamese Essay







Class 10 Hindi Notes




Class 10 Hindi Textbook




Class 10 Hindi Essay






Class 10 Hindi Grammar




Class 10 Science Notes


CHEMISTRY

BIOLOGY

PHISICS


Class 10 English Notes





Class 10 Maths Notes


Post a Comment

0 Comments

People

Ad Code