Recent in Technology

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি/ সম্পূৰ্ণ প্ৰশ্নোত্তৰ/ class 10 assamese lesson 8 question answer

Attention Please!

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি/ lesson 8/ সম্পূৰ্ণ প্ৰশ্নোত্তৰ/ আব্দুছ ছাত্তাৰ/অসমৰ জনগোষ্ঠীৰ ভাষা/অসমৰ বিভিন্ন জনগোষ্ঠীৰ উৎসৱ/question answer/অসমীয়া class 10/অসমীয়া সংস্কৃতিলৈ টাই সকলৰ অৱদান/ভাৰতীয় সংস্কৃতি class 10/ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি?

Notun article etaloi aapunak suwagotom jonasu, uporor tothyo anuxori janibo parise sage bikhoi tu ki hoi, tothapiu jonai dibo bisarisu ei post tut aapuni class 10 assamese lesson 8 question answer Notes/Solutions adi pabo.

tolot bohutu related article r link pabo, read koribo pare jodi bisare. xokolu Notes biboroni koi diya hoise. akha koru Online read kori bhale pabo.


অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি/ lesson 8/ সম্পূৰ্ণ প্ৰশ্নোত্তৰ
অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি/ lesson 8/ সম্পূৰ্ণ প্ৰশ্নোত্তৰ



Class 10 Assamese Textbook(Online Read)






অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি


আব্দুছ ছাত্তাৰ


লেখকৰ পৰিচয়

আব্দুছ ছাত্তাৰ (১৯২২-১৯৮৭) : আব্দুছ ছাত্তাৰৰ জন্ম হয় উজনি অসমৰ বৰ্তমান যোৰহাট জিলাৰ তিতাবৰত। 

চিন্তাগধুৰ ৰচনাৰাজিৰ মাধ্যমেৰে আব্দুছ ছাত্তাৰে অসমীয়া সাহিত্য জগতত নিজকে প্ৰতিষ্ঠা কৰে। তেওঁ লিখা কৃষ্ণকান্ত সন্দিকৈৰ জীৱনী, প্ৰসংগকোষ, সংমিশ্ৰণত অসমীয়া সংস্কৃতি, দৃষ্টি আৰু সৃষ্টি, উদ্ধৃতি সহচৰ আদি প্ৰতিখন পুঠিয়েই উন্নত মানসম্পন্ন।

আফগানিস্তানলৈ শিক্ষকতা কৰিবলৈ গৈ সেই ঠাইৰ লগত পুৰণি কলৰ পৰাই ভাৰতৰ যি সম্পৰ্ক, পৰস্পৰৰ মাজত থকা মৰম চেনেহৰ কথা সুন্দৰকৈ বৰ্ণাই লিখিছিল। 

তেওঁ অসম সাহিত্য সভাৰ সম্পাদক আছিল। ১৮৮৭ চনত এইজনা সাহিত্যকৰ অকাল মৃত্যুৱে অসমীয়া সাহিত্য জগতৰ অপুৰণীয় ক্ষতি সাধন কৰিলে।

বিভিন্ন ভাষাগোষ্ঠীৰ, কলা - সংস্কৃতিৰ ৰীতি - নীতি আদিৰ সংমিশ্ৰণত গঢ়ি উঠা অসমীয়া জাতিটো সাম্প্ৰতিক কালৰ ভাঙুনমুখী হৈ পৰিছে। একতাৰ এনাজৰীৰে সকলোকে বান্ধি ভাতৃত্ববোধ জাগ্ৰত কৰাত সহায় কৰাৰ বাবে বৰ্তমান সময়ত এই পাঠটোৰ প্ৰতিজন আছে।


Class 10 Assamese Notes/Solutions





শব্দাৰ্থ আৰু টোকা


আহফলা নীতি --- বিভেদকামী মনোভাৱ।
উপভাষা --- মূল ভাষাৰ আঞ্চলিক ৰূপ।
জাতি --- ফুল, বংশ, কোনো এক ভূখণ্ডত সাধাৰণতে একে ভাষা ধৰ্ম - সংস্কৃতিৰে বসবাস কৰা জনসমষ্টিকে জাতি বোলে।

জাহ যোৱা --- জীন যোৱা, মিলি যোৱা।

ডাক - কিনবদন্তিৰ পুৰুষ ডাকৰ পিতৃ বৰামিহিৰ ব্ৰহ্মা আৰু মাতৃ কুমাৰ কুলৰ নাৰী। জন্মস্থান বৰপেটাৰ ওচৰৰ লেহিভঙৰা গাঁও। অসমৰ সামাজিক জীৱনত 'ডাকৰ বচন বেদৰ বাণী সদৃশ ' বুলি কোৱা হয়। এই বচনবোৰ ব্যৱহাৰিক জীৱনৰ বহু উপদেশমূলক কথাৰে ভৰা, সৰহভাগেই খেতি - বাতি বিষয়ক। কৃষিপ্ৰধান দেশৰ মানুহে যুগ যুগ ধৰি লাভ কৰা অভিজ্ঞতাৰ ই স্বাক্ষৰ। পুৰুষানুক্ৰমে বহুকাল যুগে যুগে চলি অহাৰ পিছতহে লিখিত ৰূপ পায়।
তান্ত্ৰিক ধৰ্ম --- প্ৰাচীন তন্ত্ৰৰ ওপৰত প্ৰতিষ্ঠিত হিন্দু ধৰ্ম।
নিগজী --- স্থায়ী।
প্ৰব্ৰজন --- এখন ঠাইৰ পৰা আন এখন ঠাইত আহি বাস কৰা।
বৌদ্ধ ধৰ্ম ---- গৌতম বুদ্ধই প্ৰচাৰ কৰা ধৰ্ম।
স্বকীয়তা ---- নিজস্বতা।

লোকগীত --- অনাদি কালৰে পৰা যুগে যুগে চলি অহা মৌখিক গীতসমূহকে লোকগীত আখ্যা দিয়া হয়। উদাহৰণ স্বৰুপে - নিচুকণি গীত, নাওখেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বিহুনাম ইত্যাদি।

ইয়াণ্ডাবু সন্ধি --- ১৮২৬ চনত মানৰজা আৰু ব্ৰিটিছৰ মাজত হোৱা সন্ধি চুক্তি। মানে অসম অধিকাৰ কৰি ইয়াত যি অবৰ্ণনীয় অত্যাচাৰ কৰিছিল, তাৰ অৱসান বিচাৰি অসমে ব্ৰিটিছৰ ওচৰত সহায় ভিক্ষা কৰিছিল। ফলত ব্ৰিটিছসকলে মানক অসমৰ পৰা খেদি পঠিয়াই দেশখন মানৰ হাতৰ পৰা নিজৰ হাতলৈ লৈ যায়। এই চুক্তি অনুসৰি অসমৰ স্বাধীনতা সূৰ্য মাৰ যায়। অৰ্থাৎ অসমদেশ মানৰজাৰ কবলৰ পৰা ব্ৰিটিছৰ হাতলৈ যায়।

সংস্কৃতি জাহ যোৱাৰ ব্যৱস্থা --- কোনো এটা সংস্কৃতিসম্পন্ন জাতিয়ে আন এটা সংস্কৃতিসম্পন্ন জাতিৰ ভাললগা ৰীতি - নীতি, আচাৰ - ব্যৱহাৰ, সাঁজ - পাৰ, ৰন্ধন - প্ৰকৰণ আদিৰ প্ৰতি আকৰ্ষিত হৈ সেইবোৰ গ্ৰহণ কৰে। এইদৰে গ্ৰহণ কৰোঁতে পৰস্পৰ এনেদৰে সংমিশ্ৰিত হৈ পৰে যে ইয়াৰ আগ গুৰি বিচাৰি উলিয়াবলৈ টান হৈ পৰে। এটা জাতি আনটোৰ লগত মিলি যায়। ফলত এটা শক্তিশালী সংস্কৃতি গঢ় লৈ উঠে।

সংস্কৃতিৰ ৰূপান্তৰ ঘটা ----- বাহিৰৰ পৰা অহা সংস্কৃতিসম্পন্ন বিভিন্ন জাতিয়ে অসমীয়া ভাষা - সংস্কৃতিৰ লগত মিলি যোৱাৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ আৰম্ভ হ'ল। এই ৰূপান্তৰ কোনেও কাকো বল প্ৰায়োগ কৰি জাপি দিয়া নাছিল। ই মনৰ আবেগৰ পৰা সৃষ্টি হোৱা। ফলত ভাষাৰ ক্ষেত্ৰত বিভিন্ন শব্দমালা সোমাই পৰিল আৰু সংস্কৃতিৰ ক্ষেত্ৰতো বাহিৰৰ সংস্কৃতিৰ লগত সংমিশ্ৰিত হৈ এক বলিষ্ঠ সংস্কৃতি সৃষ্টি হোৱাৰ পথত আগবাঢ়িল।







পাঠভিত্তিক প্ৰশ্নোত্তৰ



প্ৰশ্ন ১/ অতি চমু উত্তৰ লিখা।

(ক) এয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? [HSLC;17]
উত্তৰ : আহোম আৰু মুচলমান গোষ্ঠীৰ লোকসকলে এয়োদশ শতিকাত অসমত প্ৰৱেশ কৰে।

(খ) প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? [HSLC;18]
উত্তৰ : প্ৰাচীন কালৰে পৰা হিন্দুৰ তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম প্ৰচলিত আছিল। আহোমসকলে অসমত দীৰ্ঘদিন ধৰি থকাৰ পাছত হিন্দুধৰ্ম গ্ৰহণ কৰি নিজস্ব কৃষ্টি - সংস্কৃতি প্ৰায় পৰিত্যাগ কৰে। 

সমগ্ৰ অসম দেশখনেই যাদুবিদ্যা আৰু মন্ত্ৰ তথা ইন্দ্ৰজালিক বিদ্যাৰ কাৰণে প্ৰাচীন কালৰে পৰা প্ৰসিদ্ধ আছিল।

(গ) কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে?
উত্তৰ : ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়া কৰিলে।

(ঘ) সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল?
উত্তৰ : সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। এই ভাষাৰ এনাজৰীয়ে মেঘালয়, নাগালেণ্ড, আৰু অৰুণাচলকো বান্ধি ৰাখিছিল।

(ঙ) অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক?
উত্তৰ : আহোমসকলে আৰু তেওঁলোকৰ বিভিন্ন ফৈদ যেনে তাই - ফাকে, তাই - আইতন, তাই খমেয়াং ইত্যাদি।

প্ৰশ্ন ২/ চমু উত্তৰ লিখা।

(ক) অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়? [HSLC;19]
উত্তৰ : ঘাইকৈ কছাৰী, চুটীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি, প্ৰভৃতিয়েই আছিল মূলতে অসমীয়া জনগোষ্ঠীৰ ধাৰক আৰু বাহক। মংগোলীয় জনগোষ্ঠীৰ আগমনৰ আগতে এওঁলোকেই আছিল অসমৰ স্থায়ী বাসিন্দা।

(খ) কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙালী ভাষা চলিছিল ?
উত্তৰ : ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমত অসমীয়াৰ ঠাইত বঙালী ভাষা চলিছিল।

(গ) চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক'ৰপৰা অসমলৈ আহিছিল?
উত্তৰ : চাওতাল, কুৰ্মী, মোছহৰ, মুণ্ডা, তেলেঙা, হো, ভূমিজ, ওৰা, তাঁতী, লোহাৰ আদি লোকসকল আছিল অসমৰ চাহ উদ্যোগৰ কৰ্মী। 

এওঁলোক বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ, উত্তৰপ্ৰদেশ প্ৰভৃতি ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা অসমলৈ আহিছিল।

(ঘ) পাঠটিত থকা খাদ্যবস্তুৰ এখনি তালিকা প্ৰস্তুত কৰা।
উত্তৰ : পৰাথা, পোলাও, ৰ্কোমা, কোপ্তাৰ, কে'ক - বিস্কুট, ৰুটি, ৰসগোল্লা, লালমোহন, চিঙাৰা আদি নানা মিঠাই প্ৰচলনৰ কথা পাঠটিত আছে। লুচি - পুৰী, গজা, চাম্বাৰ, ইডলি আদিও আছে।

প্ৰশ্ন ৩/ অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? [HSLC;16]
উত্তৰ : অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে - আলিখিত গৰখীয়া নাম, নিচুকণি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন ইত্যাদি।

প্ৰশ্ন ৪/ "অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁঠনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।" - কথাষাৰৰ গুৰুত্ব বাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা। [M,Q,2015, HSLC;17]
উত্তৰ : অসম ৰাজ্য বিভিন্ন জাতি - উপজাতি আৰু জনজাতিৰ মিলনভূমি। সেইবাবেই অসমীয়া সংস্কৃতিও বৈচিত্ৰ্যপূৰ্ণ। আদিতে অসম আৰ্য জনগোষ্ঠীৰ বসবাসৰ প্ৰধান কেন্দ্ৰ আছিল। 

এই ঠাইত ঘাইকৈ কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদিৰ বসতি স্থান।
গতিকে মূলতে অসমীয়া জনসংস্কৃতিৰ ধাৰক এইবোৰ জাতি - গোষ্ঠীয়েই আছিল। অতীতত অসম বা কামৰূপ বুলি কওঁতে এটা সময়ত অসমৰ অৰুণাচলৰ অন্তৰ্গত অকা, ডফলা, আবৰ, মিচিমি আদি জনগোষ্ঠীও পৰে। 

অতীতৰ অসমৰ বিভিন্ন জনগোষ্ঠীৰ গাঁথনিলৈ লক্ষ্য কৰিলে দেখা যায় যে আৰ্য, মংগোলীয়, দ্ৰাবিড়, অষ্ট্ৰিক প্ৰভৃতি বিভিন্ন জনগোষ্ঠীৰ মাজত সাংস্কৃতিক আদান প্ৰদান আৰু বিনিময় ঘটিছিল।

অসমলৈ অহা আহোমসকলে নিজৰ পূৰ্বৰ কৃষ্টি - সংস্কৃতি পৰিহাৰ কৰি হিন্দুধৰ্ম আৰু নতুন সংস্কৃতি গ্ৰহণ কৰিলে। তেনেদৰে চাহ জনজাতি আৰু মুছলমান সকলেও থলুৱা ৰীতি - নীতি গ্ৰহণ কৰি পূৰ্বৰ ৰীতি নীতিৰে সৈতে সমিলেৰে অসমীয়া সংস্কৃতিৰ বিকাশত অৰিহণা যোগালে। 

এটা সময়ত আৰ্য সংস্কৃতিতকৈ অনাৰ্য সংস্কৃতিহে বেছি গুৰুত্বপূৰ্ণ আছিল। এই দেশলৈ আহোম, মুছলমানকে ধৰি বিভিন্ন জনগোষ্ঠীৰ মানুহ আছিল - কোনোবাই দেশ জয় কৰিবলৈ আহিল আৰু কোনোবাই যুদ্ধবন্দী হিচাবে ৰ'ল। কোনোবাই বেপাৰ - বাণিজ্য কৰিবলৈ আহি নিগাজিকৈ বহি ল'লে।

কোনোবা আকৌ পূজা - পাৰ্বন অথবা তীৰ্থ সংক্ৰান্তত অসমলৈ আহিল। বহুতে আকৌ ৰাজঘৰীয়া পৃষ্ঠপোষকতাত অসম দেশত নিগাজিকৈ বহিল। পুৰণি কালত অসমৰ থলুৱা বাসিন্দাসকলৰ ভিতৰত কছাৰী, চুতীয়া, কোচ, বড়ো, আদিয়ে ৰ্নিবিবাদে সকলোকে গ্ৰহণ কৰিলে। 

সকলোৱে নিজ - নিজ ধৰ্ম আচৰণ কৰি নিজ নিজ সংস্কৃতি ৰক্ষা কৰিবলৈ ল'লে। একে ভৌগলিক পৰিবেষ্টনীত থাকি ওচৰা - উচৰিকৈ এটা সম্প্ৰদায় আনটো সম্প্ৰদায়ৰ দ্বাৰা প্ৰভাৱিত হ'ল। সেই সময়ত বাহিৰৰ পৰা অহা মানুহবোৰে যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰ ভাষা - সংস্কৃতি ক্ৰমান্বয়ে গ্ৰহণ কৰিবলৈ ধৰিলে।

এইয়া হ'ল এটা সংস্কৃতিসম্পন্ন জাতি আন এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত জাহ যোৱাৰ ব্যৱস্থা। এনেদৰে বাহিৰৰ পৰা বিভিন্ন উদ্দেশ্য লৈ অহা লোকসকলে অসমকেই নিজৰ দেশ বুলি গ্ৰহণ কৰি থলুৱা সংস্কৃতি গ্ৰহণ কৰি বৃহৎ অসমীয়া জাতি গঠনত অৰিহণা যোগালে। 

এনেদৰে বৈচিত্ৰ্যপূৰ্ণপূৰ্ণ জনগাঁথনিয়ে বৈচিত্ৰ্যপূৰ্ণপূৰ্ণ অসমীয়া জাতি গঠনত অৰিহণা যোগালে। 

অসমীয়া সংস্কৃতিত অসম, মুছলমান আৰু উত্তৰ ভাৰতীয় ব্ৰাহ্মণ ক্ষত্ৰিয়সকলৰ সংস্কৃতিগত উপাদানৰ লগতে থাইলেণ্ড দিল্লী আৰু কনৌজৰ পৰা অহা লোকসকলে মূল ঠাইৰ সৈতে সম্পৰ্ক ছিন্ন কৰি এই দেশৰ ভাষা - সংস্কৃতি গ্ৰহণ কৰি বৃহত্তৰ অসমীয়া জাতি গঠনত সহায় কৰিলে। 

অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্যই হৈছে সমন্বয় ভাষা, স্থাপত্য, ভাস্কৰ্য, চিত্ৰকলা, সাজপাৰ, অলংকাৰ প্ৰভৃতি সকলো দিশতে পৰিলক্ষিত হয়।

প্ৰশ্ন ৫/ বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল।' ইয়াত কি ওদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে - পাঠৰ আলমত বিচাৰ কৰা।
উত্তৰ : ইয়াত চাহ উদ্যোগ আৰু তাৰ সৈতে জড়িত চাহ জনগোষ্ঠীৰ লোকৰ কথা কোৱা হৈছে। অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ লগে লগে এদল বৃওিয়াল শ্ৰেণীৰ খাটি খোৱা মানুহ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আহি অসমত বসবাস কৰিবলৈ ধৰিলে।

বিহাৰ, উৰিষ্যা, মধ্য - প্ৰদেশ, উত্তৰ প্ৰদেশ, প্ৰভৃতি ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা চাওঁতাল, কুৰ্মি, মুণ্ডা, মোছহৰ, ভুমিজ, ওৰা, তাঁতী, লোহাৰ আদি বিভিন্ন জাতি - জনগোষ্ঠীৰ লোকসকল আহি অসমত নিগাজীকৈ বসতি কৰিবলৈ ধৰিলেহি। 

কালক্ৰমত এইসকলেই নিজৰ কৃষ্টি - সংস্কৃতি কিছু সংৰক্ষণ কৰি হ'লেও অসমীয়া মাত - কথা গ্ৰহণ কৰি থলুৱা লোকৰ আচাৰ - নীতি, সাঁজ - পাৰ গ্ৰহণ কৰি কালৰ সোঁতত অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ পৰিল।

কিন্তু দেশীয় চৰকাৰে তেওঁলোকৰ শিক্ষা - দীক্ষাৰ কাৰণে কোনো সুকীয়া উদ্যোগ নোলোৱাত তেওঁলোক অগ্ৰসৰ হৈয়ে ৰ'ল। অসমৰ থলুৱা সংস্কৃতিৰ সৈতে খাপ খুৱাত তেওঁলোকৰ যথেষ্ট পলম হ'ল। বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও এওঁলোক থলুৱা সংস্কৃতিৰ পৰাও আঁতৰি পৰিল।







 প্ৰশ্ন ৬/ " এটা সংমিশ্ৰিত সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই।" - ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে? ' নুই কৰাৰ কোনো যুক্তিতৰ্কৰ অৱকাশ নাই।' বোলা কথাষাৰৰ সত্যসত্যতা বিচাৰ কৰা। [HSLC; 19,20]
উত্তৰ : অসমীয়া সংস্কৃতিৰ সমন্বয় প্ৰক্ৰিয়াৰ বিষয়ে ক'বলৈ গৈ লেখকে উক্ত মন্তব্য কৰিছে। অসমত ব্যৱসায় - বাণিজ্য, ধৰ্ম - প্ৰচাৰ, দেশজয়, তীৰ্থভ্ৰমণ, পূজা পাৰ্বন প্ৰভৃতি বিভিন্ন উদ্দেশ্য সিদ্ধি কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে থাইলেণ্ড, চীন, পাকিস্তান, পাৰস্য, ইণ্ডোনেছিয়া প্ৰভৃতি বিভিন্ন ঠাইৰ পৰাও মানুহ অসমলৈ আহিছে।

সেই সময়ত অসমত বসবাস কৰা থলুৱা জনজাতীয় লোকসকলে সকলোকে উদাৰচিত্তে আঁকোৱালি লৈছে। সকলোৱে আন্তৰিকতাৰে এই দেশৰ ভাষা - সংস্কৃতি গ্ৰহণ কৰি অসমকেই নিজৰ দেশ বুলি গ্ৰহণ কৰি বৃহৎ অসমীয়া জাতি গঢ়ি তোলাত অৰিহণা যোগাইছে।

ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক অধিক কটকটীয়া কৰিছে। অসমত পূৰ্বতে বসবাস কৰা থলুৱা জনগোষ্ঠীৰ সৈতে পৰবৰ্তী কালত প্ৰব্ৰজিত হোৱা আহোম, মুছলমান উত্তৰ ভাৰতীয় ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলে পূৰ্বৰ ঠাইৰ সৈতে সম্বন্ধ ছেদ কৰি অসমীয়া ভাষা আৰু সংস্কৃতিক আঁকোৱালি ল'লে। গতিকে অসমীয়া জাতি যে এটা সংমিশ্ৰিত জাতি, সেই সম্পৰ্কে কোনোধৰণৰ যুক্তিতৰ্কৰ অৱকাশ থাকিব নোৱাৰে।

অসমত জনজাতীয় ভাষা কোৱা লোকসকলে অসমীয়া ভাষা ভালদৰে বুজি পায় আৰু সলসলীয়াকৈ ক'ব পাৰে। তেওঁলোকে নিজৰ ভাষাৰ লগতে অন্য মানুহৰ সৈতে যোগাযোগৰ কাৰণে অসমীয়া ভাষা ব্যৱহাৰ কৰে। আনহাতে অসমৰ দাঁতিকাষৰীয়া ৰাজ্য অৰুণাচল, নাগালেণ্ড, মেঘালয় প্ৰভৃতি ৰাজ্যৰ বাসিন্দাসকলৰো সামূহিক ভাষা অসমীয়া।

অসমলৈ পৰবৰ্তী কালত প্ৰব্ৰজিত হোৱা সকলোবোৰ লোকেই নিজ নিজ ভাষা - সংস্কৃতি ত্যাগ কৰি অসমীয়া ভাষা আৰু সংস্কৃতি গ্ৰহণ কৰি অসম দেশকে নিজৰ জন্মভূমি বুলি গণ্য কৰিবলৈ ধৰিলে। গতিকে অসমীয়া জাতি যে এটা সংমিশ্ৰিত, সংস্কৃতিসম্পন্ন জাতি, সেই সম্পৰ্কে কোনো দ্বিমত থাকিব নোৱাৰে। যুগ - যুগ ধৰি আদান - প্ৰদান, বিনিময় আৰু সংস্কৃতি গ্ৰহণৰ মাধ্যমেদি অসমীয়া সংস্কৃতিয়ে বৰ্তমানৰ ৰূপ পৰিগ্ৰহ কৰিছে।

প্ৰশ্ন ৭/ ' লগে - লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।' - কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। [HSLC,15;18]
উত্তৰ : অসমলৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে ভাৰতৰ বাহিৰৰ পাৰস্য, চীন, পাকিস্তান, নেপাল, বাংলাদেশ, তিব্বত, প্ৰভৃতি বহি: ৰাষ্ট্ৰৰ পৰাও বিভিন্ন সময়ত মানুহ আহিছিল আৰু ইয়াত নিগাজীকৈ বসতি স্থাপন কৰিছিল। ইতিহাসৰ বিভিন্ন সময়ত অহা মংগোলীয়, চীন, তিব্বতীয়, তিব্বতবৰ্মিয়, দ্ৰাবিড়, অষ্ট্ৰিক প্ৰভৃতি বিভিন্ন জনগোষ্ঠীৰ লোকৰ আদান - প্ৰদান, বিনিময় আৰু সংস্কৃতি গ্ৰহণৰ যোগেদি বৃহৎ অসমীয়া জাতি আৰু সংস্কৃতি গঢ় লৈ উঠিছে।

অসমৰ থলুৱা বাসিন্দাসকলে বিভিন্ন সময়ত এই দেশলৈ অহা লোকসকলক আদৰি ল'লে। এনেদৰে নতুনকৈ অহা লোকসকলে একে ভৌগলিক আবেষ্টোনীত ওচৰা - উচৰিকৈ থকাৰ বাবে এটা জনগোষ্ঠী আন এটাৰ দ্বাৰা প্ৰভাৱিত হ'ল। সেই সময়ত বাহিৰৰ পৰা অহা মানুহবোৰ মূল ঠাইৰ সৈতে সম্বন্ধ ছেদ কৰি ক্ৰমান্বয়ে এই দেশৰ সংস্কৃতি গ্ৰহণ কৰিবলৈ ধৰিলে। এইয়া হৈছে এটা সংস্কৃতিসম্পন্ন জাতি আন এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত জাহ যোৱাৰ ব্যৱস্থা।

বাহিৰৰ পৰা অহা সকলোৱেই এই দেশখনক নিজৰ দেশ বুলি গ্ৰহণ কৰিলে আৰু লগতে পূৰ্বৰ ভাষা ত্যাগ কৰি অসমীয়া ভাষা গ্ৰহণ কৰিলে। গতিকে আহোম, মুছলমান, ব্ৰাহ্মণ, ক্ষত্ৰিয়, নেপালী, চাহ - জনজাতি, প্ৰভৃতি বিভিন্ন জনগোষ্ঠীৰ সন্মিলিত ৰূপত অসমীয়া ভাষা - সংস্কৃতিয়ে নতুন ৰূপ লাভ কৰিলে। এনেদৰেই বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিল।

অসমীয়া সংস্কৃতিৰ ৰূপান্তৰো এনেদৰেই সম্ভৱ হৈ উঠিল। এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি - নীতি, আচাৰ - ব্যৱহাৰ আন এটা সম্প্ৰদায়ে গ্ৰহণ কৰিলে। খোৱা বস্তু আৰু ৰন্ধন প্ৰকৰণৰো সাল - সলনি হ'ল। 

সাজপাৰ, অলংকাৰ, দৈনন্দিন ব্যৱহাৰ্য আচবাব, বাচন - বৰ্তন সকলোতে পৰিবৰ্তন ঘটিল। এনেদৰই অসমীয়া সংস্কৃতিয়ে সময়ৰ লগে লগে গ্ৰহণ - বৰ্জনৰ যোগেদি পৰিবৰ্তন লাভ কৰি ন ৰূপ লাভ কৰিলে। এইয়া আছিল এক স্বত স্ফুৰ্ত প্ৰক্ৰিয়া। অনুকৰণ, অনুসৰণৰ যোগেদি আদান - প্ৰদান আৰু বিনিময়ৰ যোগেদি হোৱা প্ৰক্ৰিয়া।
প্ৰশ্ন ৮/ তাৎপৰ্য ব্যাখ্যা কৰা।

(ক) দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল অসমীয়া ভাষা।
উত্তৰ : উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আব্দুছ ছাত্তাৰে লিখা 'অসমৰ জনগোষ্ঠীয় গাঁথনি আৰু সংস্কৃতি' শীৰ্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে। 

ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিৰ বান্ধোন অধিক কটকটীয়া কৰিলে। অসমত বাহিৰৰ পৰা আহি বসবাস কৰা লোকসকলে অসমক নিজৰ দেশ হিচাপে গ্ৰহণ কৰাৰ লগতে অসমীয়া ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰিলে।

আহোমসকলে তাই ভাষা, মুছলমানসকলে আৰবী - ফাৰ্চী ভাষা, ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলে সংস্কৃত ভাষা ত্যাগ কৰি থলুৱা অসমীয়া ভাষা গ্ৰহণ কৰি উদাৰতাৰ পৰিচয় দিলে। অসমৰ থলুৱা জনজাতিসকলে নিজ - নিজ জনগোষ্ঠীয় ভাষা জীয়াই ৰখাৰ লগতে বৃহৎ সমাজখনৰ সৈতে যোগাযোগৰ কাৰণে অসমীয়া ভাষাকে ব্যৱহাৰ কৰিছিল।

আনহাতে বিহাৰ, ৰাজস্থান, হাৰিয়ানা, দিল্লী, উত্তৰ প্ৰদেশ প্ৰভৃতি ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা লোকসকলেও হিন্দী, ৰাজস্থানী, ভোজপুৰী প্ৰভৃতি ভাষা বাদ দি অসমীয়া ভাষা গ্ৰহণ কৰিছিল। অসমৰ দাঁতি কাষৰীয়া ৰাজ্যসমুহৰ সৈতে যোগাযোগৰ প্ৰধান ভাষাটো আছিল অসমীয়া। 

গতিকে অসমীয়া ভাষাই থলুৱা অসমৰ জনজাতি অজনজাতি সকলৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আহি অসমত বসবাস কৰা লোকসকল আৰু ভাৰতৰ বাহিৰৰ পৰা আহি ইয়াত স্থায়ীভাৱে বসবাস কৰা লোকসকলৰ মাজত যোগাযোগৰ একমাত্ৰ মাধ্যম আছিল অসমীয়া ভাষা। 

এনেদৰেই অসমীয়া ভাষাই ভাষিক সংমিশ্ৰণৰ মাজেদি বিভিন্ন জাতি - জনগোষ্ঠীৰ লোকসকলক ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰাখিছিল।

(খ) এই গোটেইবোৰ হ'ল স্বতঃ প্ৰনোদিতভাৱে হোৱা প্ৰক্ৰিয়া। [HSLC; 20]
উত্তৰ : উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি ' সাহিত্য সুবাস' ৰ অন্তৰ্গত বিশিষ্ট প্ৰবন্ধকাৰ, শিক্ষাবিদ আব্দুছ ছাত্তাৰ বিৰচিত ' অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি' শীৰ্ষক পাঠটোৰ পৰা তুলি দিয়া হৈছে।

অসমত এটা সময়ত সামাজিক বাধা - নিষেধ ৰ কাৰণে হিন্দু - মুছলমান উভয় সম্প্ৰদায়ৰ মাজত মুকলিভাৱে, বিশেষকৈ কোনো সামাজিক অনুষ্ঠানত সামাজিকভাৱে খোৱা - বোৱা নচলিছিল। 

পৰবৰ্তী কালত হোটেল ব্যৱস্থাৰ সম্প্ৰসাৰণৰ ফলত আগতে লুকঢাককৈ চলা খোৱা - বোৱাৰ ব্যৱস্থা লাহে লাহে মুকলিমুৰীয়াভাৱে হ'বলৈ ধৰিলে।

পাৰথা, কোৰ্মা, পোলাও, আদিৰ লগতে কেক, বিস্কুট, ৰুতি আদিৰ মুকলিকৈ প্ৰচলন হ'ল। বঙ্গদেশৰ ৰসগোল্লা, লালমোহন, ছিংগাৰা আদি বিভিন্ন মিঠাইৰ প্ৰচলন হ'ল। 

লাহে - লাহে লুচি, পুৰিও সোমাই পৰিল। মাদ্ৰাজী ডোচা - চাম্বাৰ আৰু ইড্ডলি হোটেলৰ যোগেদি অসমীয়াই চিনি পোৱা হ'ল। এনেদৰেই জাতকুলৰ পৰম্পৰাগত প্ৰাচীৰ ভাঙি বিয়া, সভা, মৰা - সকাম আদিত হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ লোক একেলগে বহি খাব পৰা হ'ল। ভাতৃত্বৰ বান্ধোন কটকটীয়া হ'ল।

সামাজিক অন্ধবিশ্বাস আৰু কু - সংস্কাৰসমূহ লাহে - লাহে দূৰ হোৱাত মানুহৰ মনবোৰ ফৰকাল হ'ল। এনেদৰেই সময়ৰ পৰিৱৰ্তনৰ লগে - লগে সংস্কৃতিৰ পৰিবৰ্তন সূচিত হ'ল আৰু স্বতঃ প্ৰনোদিতভাৱে মানুহৰ মনৰ পৰা ধৰ্মীয় গোড়ামি আৰু সাম্প্ৰদায়িক ভেদভাৱ নোহোৱা হ'বলৈ ধৰিলে। 
অসমীয়া সংস্কৃতিৰ সমন্বয় আৰু গতিশীলতাৰ কাৰণে এইটো আছিল এক স্বাভাৱিক প্ৰক্ৰিয়া। এনেদৰেই সময়ৰ পৰিৱৰ্তনৰ লগে - লগে আধুনিক শিক্ষা, যাতায়ত আৰু যোগাযোগৰ ব্যৱস্থাৰ সম্প্ৰসাৰণ, সাংস্কৃতিক মূল্যবোধৰ পৰিবৰ্তন প্ৰভৃতি বিবিধ কৰাকে সাম্প্ৰদায়িক সম্প্ৰীতি, ঐক্য আৰু সংহতিৰ বান্ধোন কটকটীয়া কৰি অসমীয়া জাতীয় জীৱন সম্বৃদ্ধ কৰিছে।

(গ) এইয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা।
উত্তৰ : উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি ' সাহিত্য সুবাস' ৰ অন্তৰ্গত আব্দুছ ছাত্তাৰ বিৰচিত ' অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি' শীৰ্ষক পাঠটোৰ পৰা তুলি দিয়া হৈছে।

অসমীয়া সংস্কৃতিৰ মূলতে হৈছে সমন্বয়। এই দেশলৈ বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোক আহিছে যদিও তেওঁলোকে নিজৰ মাতৃভূমিৰ ভাষা - সংস্কৃতি পৰিহাৰ কৰি অসমীয়া সংস্কৃতি আৰু ভাষা নিজৰ বুলি আদৰি লৈছে। 

তেনে কৰিবলৈ যাওঁতে তেওঁলোকে পুৰুষানুক্ৰমে লাভ কৰি অহা বিভিন্ন ৰীতি - নীতি, আচাৰ - ব্যৱহাৰ, অসমীয়া সংস্কৃতিত সোমাই পৰিছে। এনেদৰে আদান - প্ৰদান, বিনিময় আৰু গ্ৰহণ - বৰ্জনৰ মাজেদি অসমীয়া সংস্কৃতিয়ে বৰ্ণাঢ্য আৰু বৈচিত্ৰময় ৰূপ লাভ কৰিছে।

অসমলৈ ব্যৱসায় সূত্ৰে অহা শিখ, পঞ্জাৱী, মাৰোৱাৰী, বিহাৰী, ৰাজস্থানী প্ৰভৃতি ভাৰতৰ অন্যান্য প্ৰদেশৰ পৰা অহা লোকসকলেও মূল পৰিচয় ৰক্ষা কৰিও বহুতেই অসমীয়া হৈ পৰিল। বাহিৰৰ পৰা অহা সকলোৱেই এই দেশখনক নিজৰ বুলি ল'লে - ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰিলে। গতিকে এই সকলো লগ লাগি বৃহৎ অসমীয়া জাতি গঢ়ি উঠিল।

প্ৰশ্ন ৯/ সন্ধি ভঙা :

সংস্কৃতি, জলাঞ্জলি, ভৌগলিক, উচ্চৰিংখল, জগজননি, সংলগ্ন, বৃহস্পতি, নিশ্চয়, দুৰৱস্থা, নিৰাকাৰ।

  • সংস্কৃতি - সম + কৃতি।
  • জলাঞ্জলি - জল + অঞ্জলি।
  • ভৌগলিক - ভৌগোল + ইক।
  • উচ্চৰিংখল - উৎ + শৃংখল।
  • জগজননি - জগৎ + জননী।
  • সংলগ্ন - সম + লগ্ন।
  • বৃহস্পতি - বৃহৎ + পতি।
  • নিশ্চয় - নিঃ + চয়।
  • দুৰৱস্থা - দুঃ + অৱস্থা।
  • নিৰাকাৰ - নিঃ + আকাৰ।

প্ৰশ্ন ১০/ "প্ৰ" উপসৰ্গ লগলগাই তিনিটা শব্দ গঠন কৰা।
উত্তৰ : "প্ৰ" উপসৰ্গটি আৰম্ভ, খ্যাতি, ভাল বেছি প্ৰভৃতি অৰ্থ বুজাবৰ কাৰণে ব্যবহৃত হয় - উদাহৰণ স্বৰূপে -

  • প্ৰখৰ
  • প্ৰগতি
  • প্ৰচলন
  • প্ৰবাহ
  • প্ৰণাম
  • প্ৰশংসা
  • প্ৰভাৱ
  • প্ৰয়োগ
  • প্ৰমোদ
  • প্ৰস্থান

প্ৰশ্ন ১১/ বাক্য ৰচনা কৰা -

ভাষা - সংস্কৃতি, পূজা - পাৰ্বন, বেপাৰ - বাণিজ্য, সহজ - সৰল, দিয়া - লোৱা, এৰা - ধৰা।

ভাষা - সংস্কৃতি : ভাষা - সংস্কৃতিয়ে এটা জাতিৰ শ্ৰেষ্ঠত্ব সুচায়।
পূজা - পাৰ্বন : পূজা - পাৰ্বন হিন্দুধৰ্মত পুৰণি কালৰে পৰা প্ৰচলিত হৈ আছে।
বেপাৰ - বাণিজ্য - বেপাৰ - বাণিজ্যই অৰ্থনৈতিক উন্নতিৰ পৰিচায়ক।
সহজ - সৰল - গাঁৱলীয়া মানুহ দৰাচলতে সহজ - সৰল।
দিয়া - লোৱা - সমন্বয় প্ৰক্ৰিয়াৰ বাবে দিয়া লোৱা অতি জৰুৰী।
এৰা - ধৰা - এৰা - ধৰা মনোভাৱে সম্প্ৰীতিত ইন্ধন যোগায়।




অতিৰিক্ত প্ৰশ্নোত্তৰ


প্ৰশ্ন ১/ অতীতৰ কামৰূপৰ ভিতৰত কোন কোন জনগোষ্ঠী পৰে?
উত্তৰ : অতীতত অসম বা কামৰূপ বুলি কওঁতে এটা সময়ত বৰ্তমান অৰুণাচলৰ অন্তৰ্গত অকা, ডফলা, আবৰ, মিচিমি আদি জনগোষ্ঠীও পৰে।

প্ৰশ্ন ২/ অসমৰ পুৰণি সাহিত্যৰ সমল কি কি?
উত্তৰ : অসমৰ পুৰণি সাহিত্যৰ সমল হৈছে - অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাওখেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুনাম, দেহবিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন ইত্যাদি।

প্ৰশ্ন ৩/ জাহ যোৱাৰ ব্যৱস্থা কি? এই প্ৰক্ৰিয়াটো কেনেদৰে ঘটে?
উত্তৰ : সেই সময়ত বাহিৰৰ পৰা অহা মানুহবোৰ যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰ ভাষা - সংস্কৃতি ক্ৰমান্বয়ে গ্ৰহণ কৰিবলৈ ধৰিলে। এইয়া হ'ল এটা সংস্কৃতিসম্পন্ন জাতি আন এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত জাহ যোৱাৰ ব্যৱস্থা।

প্ৰশ্ন ৪/ অসমীয়া সংস্কৃতিৰ ৰূপান্তৰ কেনেদৰে ঘটিছিল?
উত্তৰ : বাহিৰৰ পৰা অহা সকলোৱেই এই দেশখনক নিজৰ দেশ বুলি ল'লে - ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰিলে। গতিকে এই সকলো লগলাগি বৃহৎ অসমীয়া জাতি গঢ়ি উঠিল। লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।

প্ৰশ্ন ৫/ ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক কেনেদৰে কটকটীয়া কৰিলে?
উত্তৰ : থলুৱা অসমীয়া ভাষাটো নানা ভাষাৰ শব্দমলা ঠাই পালে। ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়া কৰিলে।

প্ৰশ্ন ৬/ অসম ৰাজ্যত ধৰ্মনিৰপেক্ষতাৰ নীতি কেতিয়াৰ পৰা চলি আহিছিল?
উত্তৰ : ভাৰতীয় সংবিধানৰ স্বীকৃত ধৰ্ম - নিৰপেক্ষ নীতি - অঘোষিতভাৱে কোনোবা কালৰ পৰা অসম ৰাজ্যত বৰ্তি আছিল।
প্ৰশ্ন ৭/ অসমৰ থলুৱা জনগোষ্ঠীসমূহে কেনেদৰে নিজৰ ভাষাটোৰ লগতে অসমীয়া ভাষাটো জীয়াই ৰখাত সহায় কৰিছে?
উত্তৰ : মিচিং, কছাৰী, তিৱা, কাৰ্বি, দেউৰী আদি সম্প্ৰদায়ে নিজ নিজ ভাষা জীয়াই ৰখাৰ উপৰি অসমৰ অসমীয়া ভাষাটো বুজে আৰু কয়। বাহিৰৰ পৰা অহা সকলোৱেই এই অসমীয়া ভাষাৰেই এইসকল মূলৰ ভাষাগোষ্ঠীৰ লগত ভাবৰ আদান - প্ৰদান কৰে।

প্ৰশ্ন ৮/ ভাষিক সংমিশ্ৰণৰ সুফল কেনেদৰে অসমে লাভ কৰিছে?
উত্তৰ : ভাষিক সংমিশ্ৰণৰ কাৰণেই অসম ৰাজ্যত আহোমে আহোম ভাষাৰে, ব্ৰাহ্মণ - ক্ষত্ৰিয়ই সংস্কৃতিৰ আৰু মুছলমানে আৰবী - ফাৰ্ছীৰে কথা নাপাতে। এই সকলোবোৰৰ মাতৃভাষা হৈছে অসমীয়া। এইয়া হৈছে জাহ যোৱাৰ নীতি।

প্ৰশ্ন ৯/ অসমৰ স্বাধীনতা সূৰ্য কেতিয়া অস্ত গ'ল?
উত্তৰ : ইয়াণ্ডাবু সন্ধিৰ পাছতে অসমৰ স্বাধীনতা সূৰ্য অস্ত গ'ল।

প্ৰশ্ন ১০/ চাহ বনুৱাসকল ভাৰতবৰ্ষৰ কোন কোন ঠাইৰ পৰা আহিছিল?
উত্তৰ : চাহ বনুৱাসকল ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চল যেনে বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদশ আৰু উত্তৰপ্ৰদেশৰ পৰা আহিছিল।

প্ৰশ্ন ১১/ চাহ জনজাতিসকল কেনেদৰে অসমীয়া জাতিয় সংস্কৃতিৰ সৈতে মিলি গ'ল?
উত্তৰ : চাহ জনজাতিসকলৰ মাজত চাওতাল, কুৰ্মি, মোছহৰ, মুণ্ডা, তেলেঙা, হো, ভূমিজ, ওৰা, তাঁতী, লোহাৰ আদি অসমৰ চাহ - উদ্যোগৰ অপৰিহাৰ্য কৰ্মীৰূপে এইসকল অসমত বৰ্তি থাকিল। 

কালক্ৰমত এইসকলেই নিজৰ কৃষ্টি - সংস্কৃতি কিছু সংৰক্ষণ কৰি হ'লেও অসমীয়া মাত - কথা গ্ৰহণ কৰি থলুৱা লোকৰ আচাৰ - নীতি, সাজপাৰ গ্ৰহণ কৰি কালৰ সোঁতত অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ আৰ্থিক জীৱনত অৰিহণা যোগালে।

প্ৰশ্ন ১২/ ইছলামধৰ্মী লোকসকল মূলতঃ ক'ৰ পৰা প্ৰব্ৰজিত হৈছিল?
উত্তৰ : কুৰি শতিকাৰ চতুৰ্থ দশকত মৈমনসিংহ আৰু পূৰ্ববঙ্গৰ পৰা ভালেমান ইছলামধৰ্মী লোক চৰকাৰী পৃষ্ঠপোষকতাতে আহি অসমত বসতি স্থাপন কৰেহি। 

এওঁলোকে নগাওঁ, কামৰূপ, দৰং আৰু গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত মাটি ভাঙি খেতি কৰিবলৈ আৰম্ভ কৰে। চৰ অঞ্চল বাকৰি আবাদ কৰে।

প্ৰশ্ন ১৩/ অসমৰ ন - অসমীয়া লোকসকল কোন?
উত্তৰ : মৈমনসিংহ আৰু পূৰ্ববঙ্গৰ পৰা লোকসকলে নিজৰ মাতৃভাষা জলাঞ্জলি দি অসমীয়া ভাষাকে গ্ৰহণ কৰি থলুৱা মানুহৰ লগত মিলি যোৱাৰ প্ৰয়াস কৰিলে। এওঁলোকেই ন - অসমীয়া ৰূপে পৰিচিত হ'ল।

প্ৰশ্ন ১৪/ ব্যৱসায় সূত্ৰে কোনসকল লোক আহি অসমত বসতি বিস্তাৰ কৰিছেহি?
উত্তৰ : অসমত যাতায়ত আৰু যোগাযোগৰ সুবিধা হোৱাত বেপাৰ - বাণিজ্যৰ কাৰণে পঞ্জাৱী, শিখ, মাৰোৱাৰী, বিহাৰী, ৰাজস্থানী আদি ভালেমান লোক আহি অসমত বসতি স্থাপন কৰিছেহি।

প্ৰশ্ন ১৫/ জাহ যোৱাৰ এটা প্ৰধান উপায় কি?
উত্তৰ : জাহ যোৱাৰ এটা প্ৰধান উপায় ভাষা গ্ৰহণ। বাণিজ্য সূত্ৰে বিভিন্ন ঠাইৰ পৰা আহি অসমত বাস কৰা লোকসকলে নিজৰ মূল ৰক্ষা কৰিও বহুতেই অসমীয়া হৈ পৰিছে।

প্ৰশ্ন ১৬/ সংস্কৃতিগতভাৱে স্বকীয়তা কেনেদৰে বৰ্তাই ৰাখিব পাৰি?
উত্তৰ : যেতিয়া বাহিৰৰ পৰা অহা সকলে থাইলেণ্ড, দিল্লী আৰু কনৌজ আদি ঠাইৰ লগত সম্বন্ধ বিচ্ছিন্ন কৰি অসমীয়াৰূপে নিজকে গণ্য কৰি এইদেশীয় সংস্কৃতি গ্ৰহণ কৰি থাকিবলৈ ল'লে তেতিয়া আৰু সেইসকল অসমত বিদেশী হৈ নাথাকিল। 

একমাত্ৰ নিজ নিজ ধৰ্ম পালন কৰি সংস্কৃতিগতভাৱে থকাটোতহে স্বকীয়তা পৰিলক্ষিত হয়।

প্ৰশ্ন ১৭/ মুছলমানৰ যোগেদি অহা খাদ্যসম্ভাৰ কি কি?
উত্তৰ : পৰাথা, পোলাও, ৰ্কোমা, কপ্তাৰ, কেক, বিস্কুট, ৰুটি ইত্যাদি খাদ্য সামাজিকভাৱে হোটেলৰ যোগেদি পৰিবেশিত হ'ল।

প্ৰশ্ন ১৮/ বঙ্গদেশৰ পৰা কি কি খাদ্যসম্ভাৰ অসমত প্ৰৱেশ কৰিলে?
উত্তৰ : ৰসগোল্লা, লালমোহন, ছিঙাৰা আদি বঙ্গদেশৰ যোগেদি অসমীয়া খাদ্যসম্ভাৰৰ অন্তৰ্ভুক্ত হ'ল।

প্ৰশ্ন ১৯/ কি কি মাদ্ৰাজী খাদ্যসম্ভাৰ অসমত প্ৰৱেশ কৰিলে?
উত্তৰ : মাদ্ৰাজী ড'চা, চাম্বাৰ আৰু ইডলি হোটেলৰ যোগেদি অসমীয়া খাদ্যসম্ভাৰত অন্তৰ্ভুক্ত হ'ল।

প্ৰশ্ন ২০/ কোনবোৰ প্ৰক্ৰিয়া স্বতঃ প্ৰনোদিতভাৱে সংঘটিত হয়?
উত্তৰ : কালক্ৰমত বিয়া - বাৰুত হিন্দু মুছলমান সকলো লোকে যোগ দিয়া হ'ল। মৰা জীয়াৰ খবৰ কৰা হ'ল। মৰাশ সৎকাৰতো ভাগ লোৱা হ'ল। 

সকলো উৎসৱতে সকলোৱে যোগ দিয়া হ'ল। এই গোটেইবোৰ হ'ল স্বতঃ প্ৰনোদিতভাৱে সংঘটিত হোৱা প্ৰক্ৰিয়া।

প্ৰশ্ন ২১/ অসমীয়া সংস্কৃতিৰ সৰ্থকতা কিহৰ ওপৰত নিৰ্ভৰশীল?
উত্তৰ : জাতীয় সম্প্ৰীতি আৰু সংহতি ৰক্ষাৰ কাৰণে সুসংহত সংস্কৃতিক বৈচিত্ৰময় ৰূপত গঢ়ি তোলাৰ ওপৰতেই অসমীয়া সংস্কৃতিৰ সর্থকতা নিৰ্ভৰ কৰিছে।

প্ৰশ্ন ২২/ ব্ৰিটিছ অহাৰ লগে লগে কি কি দিশত পৰিবৰ্তন সূচিত হ'ল? নাইবা, " ব্ৰিটিছ আহিল - চাহ উদ্যোগ প্ৰতিষ্ঠা হ'ল।" - লিখকে চাহ উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ লগত আমাৰ দেশৰ কি পৰিবৰ্তন লক্ষ্য কৰিছে বুজাই লিখা। [HSLC; 16]
উত্তৰ : ব্ৰিটিছসকল অহাৰ লগে লগে ৰেলগাড়ী যেনেকৈ আহিল, কোট - পেণ্টো আহিল, কেক - বিস্কুটো আহিল, বিমান আৰু মটৰ পৰিবহনো চালু হ'ল। হোটেল প্ৰতিষ্ঠা হ'ল। বিভিন্ন খাদ্যসামগ্ৰী পৰিৱেশন কৰিবলৈ ল'লে।

ব্ৰিটিছসকল অহাৰ লগে লগে যাতায়ত ব্যৱস্থা সুচল হ'ল। জলপথ, স্থলপথ, আৰু আকাশপথেৰে ইঠাইৰ পৰা সিঠাইৰ যোগাযোগৰ স্থাপন হ'ল। 

চাহবাগিচা প্ৰতিষ্ঠা কৰি ব্ৰিটিছসকলে চাহ উদ্যোগৰ সম্প্ৰসাৰণ ঘটালে। লিডু, মাৰ্ঘেৰিটা প্ৰভৃতি ঠাইত কয়লাৰ খনিৰ যোগেদি কয়লাৰ ব্যৱসায় আৰম্ভ কৰিলে। ডিগবৈত তেল শোধনাগাৰ স্থাপন কৰা হ'ল।

দুলিয়াজান, ডিগবৈ, নাহৰকটীয়া, মৰাণ, শিৱসাগৰ প্ৰভৃতি বিভিন্ন ঠাইত খৰুৱা তেলৰ পুং খন্দা হ'ল। অসমত খাৰুৱা তেলৰ উদ্যোগ গঢ়ি উঠিল। 

ঊনবিংশ শতিকাৰ চতুৰ্থ দশকত ইংৰাজী স্কুল প্ৰতিষ্ঠা হ'ল। কুৰি শতিকাৰ প্ৰথম দশকত কলেজ প্ৰতিষ্ঠা হ'ল। গতিকে ব্ৰিটিছৰ আগমনে অসমত শিক্ষা, যাতায়ত, কৃষি, যোগাযোগ, ব্যৱসায় - বাণিজ্য প্ৰভৃতি বিভিন্ন দিশত পৰিৱৰ্তনৰ সুচনা কৰিলে।
প্ৰশ্ন ২৩/ " এইবিলাকক এতিয়া আহফলা বিচাৰেৰে ভাগ কৰিব নালাগে। " তাৎপৰ্য ব্যাখ্যা কৰা।
উত্তৰ : উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি " সাহিত্য সুবাস " ৰ অন্তৰ্গত আব্দুছ ছাত্তাৰ বিৰচিত " অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি " শীৰ্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে। 

অসমত এসময়ত জাতকুলৰ বিচাৰ অতি প্ৰবল আছিল। সমাজৰ কিছুমান ধৰ্মীয় বাধ্যবাধকতাৰ বাবে হিন্দু মুছলমানৰ মাজত সামাজিকভাৱে খোৱা - বোৱা নচলিছিল।

কিন্তু, ব্ৰিটিছসকল অহাৰ পিছত উদ্যোগৰ সম্প্ৰসাৰণৰ ফলস্বৰূপে বিভিন্ন খাদ্য সম্ভাৰ মুকলিকৈ পৰিৱেশনৰ ব্যৱস্থা হোৱাত পৰাথা, পোলাও, কোৰ্মা, কেক, বিস্কুট, ৰসগোল্লা, লালমোহন, ছিঙৰা, লুচি - পুৰী, ডো'চা, চাম্বাৰ, ইডলি প্ৰভৃতি বিবিধ খাদ্য সম্ভাৰত কোনো বাধ্যবাধকতা নোহোৱা হ'ল। 

লাহে লাহে জাত - কুলৰ বান্ধোন শিথিল হৈ পৰিল আৰু মানুহে বিবিধ খাদ্য গ্ৰহণক মুকলিমুৰীয়া ভাৱ প্ৰকাশ কৰিলে।

বিয়া - বাৰু আদিত হিন্দু - মুছলমান উভয় সম্প্ৰদায়ৰ মানুহ একেলগে বহি খাব পৰা হ'ল। তেনেদৰে মৰাশ সৎকাৰতো সকলোৱে একেলগে ভাগ লবলৈ ধৰিলে। বিহু, পূজা, ঈদ আদিত জাতি - ধৰ্ম নিৰ্বিশেষে সকলো মানুহে মুকলিমুৰিয়াকৈ কৰা অংশগ্ৰহণে জাতি ভেদৰ প্ৰাচীৰ ক্ৰমান্বয়ে নোহোৱা কৰিলে। 

মানুহৰ মাজত সদ্ভাৱ - সম্প্ৰীতি বৃদ্ধি পালে। মানুহৰ মনবোৰ মুকলি হ'ল। আগৰ দৰে ধৰ্ম আৰু জাতিভেদৰ নিৰৰ্থক তৰ্ক - যুদ্ধ কৰাৰ সময় উকলি যোৱাৰ কথাটো সকলোৱে মানি ল'লে।

প্ৰশ্ন ২৪/ লগে লগে নতুন এদল বৃত্তিয়াল আহি অসম দেশত বসবাস কৰিবলৈ ল'লে।
উত্তৰ : ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি অসম দেশ ব্ৰিটিছৰ অধীনলৈ যায়। ৰবাৰ্ট ব্ৰুছে উজনি অসমত চাহ আৱিষ্কাৰ কৰি প্ৰথমে চাবুৱাত চাহ খেতি আৰম্ভ কৰে। 

চাহ খেতিত কাম কৰিবৰ বাবে প্ৰয়োজনীয় বনুৱাসমূহ ভাৰতৰ বিভিন্ন ৰাজ্য বিশেষকৈ বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ, আৰু উত্তৰপ্ৰদেশৰ বিভিন্ন ঠাইৰ পৰা অনা হয়।

এই বৃত্তিয়াল লোকসকল অতি পৰিশ্ৰমী আৰু অতি দৰিদ্ৰ হোৱা বাবে বৃটিছে তেওঁলোকক কম মজুৰিতে কামত খটোৱাব পাৰিছিল। 

তাৰ যোগেদি তেওঁলোকে চাহ শিল্পৰ মাধ্যমেদি যথেষ্ট উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। চাহ জনগোষ্ঠীৰ ভিতৰত চাওঁতাল, ভূমিজ, মোছহৰ, তেলেঙা, হো, ওৰা, তাঁতী, লোহাৰ প্ৰভৃতি বিভিন্ন জনগোষ্ঠীয় লোক আছিল।

তেওঁলোক আহি অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে আৰু তেওঁলোকৰ সতি - সন্ততিবোৰেই বৰ্তমানৰ চাহ জনগোষ্ঠীৰ লোকসকল। তেওঁলোক ঊনবিংশ শতিকাৰ তৃতীয় চতুৰ্থ দশকৰ পৰা বিভিন্ন সময়ত অসমলৈ আহিছিল আৰু অসমৰ চাহ শিল্পৰ সম্প্ৰসাৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

তেওঁলোক অশিক্ষিত আছিল বাবেই বৃটিছে তেওঁলোকক অৰ্থনৈতিকভাৱে শোষণ কৰাৰ বাবে সুবিধা পাইছিল। বিভিন্ন স্থানৰ পৰা অহাৰ বাবে বনুৱাসকল প্ৰথম অৱস্থাত সংগঠিত হ'ব পৰা নাছিল।

প্ৰশ্ন ২৫/ জনজাতীয় গোষ্ঠীক অন্য এটা কি নামেৰে জনা যায়? [HSLC;19]
উত্তৰ : " জনজাতি " নামেৰে।

প্ৰশ্ন ২৬/ আব্দুছ ছাত্তাৰে অসম সাহিত্য সভাৰ কি পদত অধিষ্ঠিত হৈছিল? [HSLC;20]
উত্তৰ : সম্পাদক পদত অধিষ্ঠিত হৈছিল।


Conclusion:


অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি lesson tur সম্পূৰ্ণ প্ৰশ্নোত্তৰ bur sai kenekuwa pale comment kori jonaboloi napahoribo. 

Tolor xokolu aricle bhaldore read koribo buli akha thakil. kiba xudhibo loga thakile Fcebook Group t join hoi xudhibo pare.




Class 10 Science/Notes/Solutions












Wrote by Akshay

Post a Comment

2 Comments

People

Ad Code