Recent in Technology

ভাৰতীয় সংস্কৃতি-সম্পূৰ্ণ প্ৰশ্নোত্তৰ দশম শ্ৰেণী solution 2023

মুখ্য পৃষ্ঠা:


=

 
ভাৰতীয় সংস্কৃতি-সম্পূৰ্ণ প্ৰশ্নোত্তৰ-(class-x),দশম শ্ৰেণী-(সমাধান)/class 10 assamese lesson 7 question answer-(2022)




=

পাঠ-7(ভাৰতীয় সংস্কৃতি)-(সমাধান)





হেম বৰুৱা




কবিৰ পৰিচয় :


হেম বৰুৱাৰ জন্ম হয় তেজপুৰত, ১৯১৫ চনত। তেওঁৰ পিতৃৰ নাম আছিল বিনন্দিৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল পদ্মলোচনী দেৱী। 

হেম বৰুৱাই যোৰহাটত প্ৰাথমিক শিক্ষা লাভ কৰি গুৱাহাটীৰ কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। পিছত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 

তেওঁ প্ৰথমে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত কৰ্ম জীৱন আৰম্ভ হয় আৰু পিছত ভোলানাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে।
সেই সময়ত তেওঁ সক্ৰিয় ৰাজনীতিত যোগদান কৰে আৰু লোকসভাৰ সদস্য নিৰ্বাচিত হয়। হেম বৰুৱা আধুনিক অসমীয়া কবিতাৰ অন্যতম গুৰি ধৰোঁতা। 

তেওঁ একেধাৰে কবি, সমালোচক, ভ্ৰমনকাহিনী ৰচক, সাংবাদিক আৰু ৰাজনীতিক। হেম বৰুৱাই আৱাহন, জয়ন্তী, ৰামধেনু আদি বিভিন্ন আলোচনী, বাতৰি কাকতত  নিয়মিতভাৱে কবিতা , প্ৰৱন্ধ আদি লিখিছিল। 

=
পাশ্চাত্য সাহিত্যত অগাধ দখল থকা হেম বৰুৱাই অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বৰঙণি যথেষ্ট। তেওঁৰ ৰচনাসমূহ এনে ধৰণে : -

  • 'আধুনিক সাহিত্য' ,(১৯৫৭); 
  • 'সানমিহলি'(১৯৫৭), 
  • 'সাহিত্য আৰু সাহিত্য' (১৯৫২); 
  • 'সাহিত্য আৰু সমস্যা' (১৯৭৮) , 
  • 'এই গাঁও এই গীত' (১৯৬১), 
  • 'আচুফুল' (১৯৬৪), 
  • 'ডাকপখিলী' (১৯৬৮), 
  • 'বহাগতে পাতি যাওঁ বিয়া' (১৯৬৯); 
  • 'স্মিতিৰ পাপৰি' (১৯৭০); 
  • 'ছিন্নমচল' (১৯৭৩); 
  • 'বিয়াল্লিশৰ গণ-বিপ্লৱত অসম' (১৯৪৭); 
  • 'সত্য আৰু অহিংসা : গান্ধীজী' (১৯৭১) ইত্যাদি।

'বালিছন্দা' (১৯৫৯) আৰু 'মনময়ুৰী' (১৯৬৫) তেওঁৰ দুখন মনোজ্ঞ কবিতাৰ সংকলন। হেম বৰুৱাই কেইবাখনো ভ্ৰমণ কাহিনী ৰচনা কৰে। তাৰ ভিতৰত 'সাগৰ দেখিছা' (১৯৫৪), 'ৰঙা কৰবীৰ ফুল' (১৯৫৯);  'ইজৰাইল' (১৯৬৫) আৰু 'মেকং নৈ দেখিলো' বিশেষভাবে উল্লেখযোগ্য। তেওঁ কেইবাখনো গ্ৰন্থ অসমীয়ালৈ ভাঙনি কৰি উলিয়ায়।

ইংৰাজী ভাষাটো হেম বৰুৱাই কেইবাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰে। তাৰ ভিতৰত 'The August Revolution in Assam' (1946); 'The Red River and the Blue Hils' (1954); 'Idle Hours' (1961); 'Assamese Literature' (1962); 'Folk Songs of India' (1965); 'Our Laxminath Bezbaruah' (1961). অসমীয়া ভ্ৰমণ সাহিত্য আৰু আধুনিক কাব্য সাহিত্যক জনপ্ৰিয় কৰি তোলাত হেম বৰুৱাৰ গুৰুত্ব অস্বীকাৰ কৰিব নোৱাৰি। 'বান্দৰ' কবিতাৰ যোগেদি অসমীয়া কবিতালৈ নতুনত্ব আদৰি আনে।

পাঠভিত্তিক প্ৰশ্নোত্তৰ

তলত দিয়া প্ৰশ্নসমূহৰ যথাযথ উত্তৰ দিয়া :

প্ৰশ্ন১/ ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?/ভাৰতীয় সংস্কৃতি প্ৰাণ কি?
উত্তৰ : ক্ৰমবৰ্দ্ধমান শক্তি হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। এই কাৰণেই ভাৰতীয় সাহিত্য সংস্কৃতিৰ জীৱন্ত শক্তি।

প্ৰশ্ন২/ 'ফ্ৰম ভল্গা টু গংগা' কাৰ ৰচনা?
উত্তৰ: পণ্ডিত ৰাহুল সংকৃত্যায়নৰ।

প্ৰশ্ন৩/ সৰ্বপল্লী ৰাধাকৃষ্ণণে 'কালিয়দমন'ৰ কি আখ্যা দিছে?
উত্তৰ : ৰাধাকৃষ্ণণনৰ মতে কালিয়দমন অৰ্য্ই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতিকধৰ্মী নৃত্য।

প্ৰশ্ন৪/ কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ 'বিস্তাৰ যুগ' বুলিব পাৰি?
উত্তৰ: প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগকহে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। কোনো কোনো পণ্ডিতৰ মতে আনকি খ্ৰীষ্টীয় 'ছাৰমান অন ডি মাউন্ট'ৰ গুৰিতো বৌদ্ধ সাহিত্যৰ প্ৰভাৱ বিয়পি আছে।

প্ৰশ্ন৫/ শিৱ আৰু শক্তিপূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল?
উত্তৰ : শিৱ আৰু শক্তিৰ মূল বিচাৰি প্ৰত্নতাত্ত্বিক পণ্ডিতসকলে মহেঞ্জোদাৰো সভ্যতাৰ কাষ চাপিছিল আৰু ইয়াতেই তেওঁলোকে মূল আৱিষ্কাৰো কৰিছিল।
ধ্যানস্থ শিৱৰ কল্পনা মহেঞ্জোদাৰোৰ সাংস্কৃতিক সম্পদ। সেই সভ্যতাৰ মোহৰত ই অজিও অঙ্কিত হৈ আছে। মহেঞ্জোদাৰো আৰু হৰপ্পা সংস্কৃতি আৰ্যপূৰ্ব যুগৰ আৰু ইয়াৰ ওপৰত ভেটি কৰিয়েই পৰৱৰ্তী কালৰ সংস্কৃতি গঢ় লৈ উঠিছে।

প্ৰশ্ন৬/ ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি?
উত্তৰ: গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ।ৰেখাৰ লগত ৰেখাৰ সমন্বয়--- ইয়াতকৈ আৰু আৱশ্যকীয় আৰু একো নাথাকে। 

=
জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰ সৰল। ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছে আৰু হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্রাস কৰিছে।

প্ৰশ্ন৭/ অজন্তাৰ ছবিবোৰত প্রকাশ পোৱা ভাৱবস্তু দুটা কি কি ?[HSLC.'17]
উত্তৰ: অজন্তাৰ ছবিবোৰত দুটা ভাৱবস্তু প্ৰকাশ পাইছে। এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অঙ্কিত হৈছে। 

দ্বীতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱন আনন্দৰ উচ্ছাসময় চিত্ৰ। এইবোৰত উঠিছে শক্তি, ব্যক্তি , প্ৰেম প্ৰেম আৰু যৌৱন। প্ৰথম শাৰীত আছে দয়া, ধ্যান আৰু মৌনতা। ভাৱবস্তুৰ পিনৰ পৰা দুয়োবিধ ছবি একেধৰণৰ নহয়। দুয়োবিধতে দুখন সুকীয়া জগত প্ৰতিফলিত হৈছে।

প্ৰশ্ন৮/ গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে?
উত্তৰ : নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি গান্ধীজীয়ে মত প্ৰকাশ কৰিছিল। লগে লগে অতীজৰ মিলিত সৎ আৰু সত্য বুলি সম্যক দৃষ্টিকোণৰ পৰা স্বীকৃত হৈছে , তাৰে তাৰে বৰ্তমানৰ হয় সংস্কৃতিৰ ভেটি বান্ধিবলৈ চেষ্টা কৰাটো উচিত হ'ব। 

ইয়াকে কাৰ্যত পৰিণত কৰিবলৈ হ'লে ভাস্কৰ্য কলাৰ দৰেই নতুন সংস্কৃতি নে সমূহীয়া জীৱনৰ সম্পদ হ'ব লাগিব - সেই বিষয়ে অকণো সন্দেহ নাই। ই হব সমন্বয়ৰ বস্তু, জনসাধাৰণৰ বাছকবনিয়া সম্পত্তি, স্থান আৰু কালজয়ী শিল্প প্ৰচেষ্টা জীউলাও।

প্ৰশ্ন৯/ সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে?
উত্তৰ : সুকুমাৰ কলাসমূহৰ ভিতৰত সম্ভৱতঃ চিত্রশিল্পই বেছি স্থায়ী। কীটছে 'গেছিয়ান আৰ্ণ' কবিতাত ইয়াৰেই জয় গান গাইছে।

প্ৰশ্ন১০/ হেম বৰুৱাৰ সাহিত্যচৰ্চা সম্পৰ্কে পঁচিশটামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া।
উত্তৰ : ১৯১৫ খ্ৰীষ্টাব্দত তেজপুৰত জন্ম গ্ৰহণ কৰা হেম বৰুৱাই গুৱাহাটীৰ কটন কলেজৰ পৰা বি. এ আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত এম. এ পাছ কৰি প্ৰথমে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত শিক্ষকতা কৰে আৰু পিছত বি.বৰুৱা মহাবিদ্যালয়ত যোগদান কৰি অধ্যক্ষ পদ অলংকৃত কৰে । 

পিছত তেওঁ ৰাজনীতিত যোগদান কৰি লোকসভাৰ সদস্যৰূপে কাৰ্যনিৰ্বাহ কৰে। হেমবৰুৱা আধুনিক কবিতাৰ বাটকটীয়া। 
তেওঁ কবি, সাংবাদিক, সমালোচক, ভ্ৰমণ কাহিনী ৰচক, অনুবাদক, ঔপন্যাসিক আৰু ৰাজনীতিক। তেওঁৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহৰ ভিতৰত 'কালীয়দমন', 'মনময়ূৰী'  আদি ভ্ৰমণ কাহিনী বিশেষ উল্লেখযোগ্য। 

হেম বৰুৱাই কেইবাখনো ইংৰাজী গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছিল। সেই সমূহৰ ভিতৰত - 

  • 'The Red River and the Blue Hill' , 
  • 'August Revolution in Assam' , 
  • Assamese Literature' 

আদি বিশেষভাৱে উল্লেখযোগ্য।

প্ৰশ্ন১১/ ভাৰতীয় সংস্কৃতি পাঠটিৰ সাৰাংশ লিখা।
উত্তৰ: ভাৰতীয় সংস্কৃতি সমন্বয়ৰ সংস্কৃতি। যুগ যুগ ধৰি আৰ্য,অনাৰ্য, দ্ৰাবিড়, মংগোলীয় প্ৰভৃতি বিবিধ সংস্কৃতিৰ উপাদান সানমিহলি হৈ ভাৰতীয় সংস্কৃতিৰ মূলভেটি নিৰ্মিত হৈছে। 

ভাষা, সাহিত্য আৰু সংস্কৃতিৰ বিভিন্ন দিশ, বিশেষকৈ শিল্পকলা, দৰ্শন, ভাস্কৰ্য, চিত্ৰকলা প্ৰভৃতি বিভিন্ন দিশত যুগ যুগ ধৰি হোৱা আদান-প্ৰদান , বিনিময় আদিৰ মাজেদি পতিবৰ্তিত পৰিস্থিতিত ভাৰতীয় সংস্কৃতিযে স্বকীয় ৰূপত আত্মপ্ৰকাশ কৰিছে।

ক্ৰমবৰ্ধমান শক্তিয়ে হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। ইতিহাসৰ বিভিন্ন যুগত ভাৰতীয় সংস্কৃতিৰ গাত ৰাজনৈতিক আৰু সামাজিক স্তৰত কিছু পৰিৱৰ্তন সাধিত হ'লেও ইয়াৰ প্ৰবাহ বাধাহীনভাৱে অবিছিন্ন গতিত প্ৰবাহিত হৈ আছে।

 ভাৰতীয় সংস্কৃতিৰ মৰ্মস্থলী সুসংগঠিত আৰু শক্তিশালী হোৱাৰ কাৰণেই বাহিৰৰ পৰা অহা সকলোবোৰ প্ৰভাৱৰ পৰা হাত সাৰি ভাৰতীয় সংস্কৃতিয়ে নিজৰ গতিৰে প্ৰবাহিত হৈ যাবলৈ সক্ষম হৈছিল। 

চিত্ৰকলা, ভাস্কৰ্য, স্থাপত্য, সংগীত প্ৰভৃতি সুকুমাৰ কলাৰ বিভিন্ন দিশসমূহলৈ লক্ষ কৰিলেই এই কথাৰ প্ৰমাণ পাব পাৰি।

আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সমন্বয় ভাৰতীয় ধৰ্মৰ ইতিহাসতো সমন্বয়ৰ বাৰ্তা বহন কৰিছে। এই সমন্বয় হঠাতে হোৱা বস্তু নহয়, এটা ক্ৰমবৰ্দ্ধমান গতিৰ মাজেদি ই অগ্ৰসৰ হৈ বৰ্তমানৰ অৱস্থা লাভ কৰিছে। শিৱ আৰু শক্তি পূজাৰ সৈতে জড়িত বিভিন্ন কাহিনীয়ে এই বিষয়ে অনুমান কৰা সহায় কৰে। 

ভাৰতৰ আদিম অধিবাসীসকল অভিযানকাৰী আৰ্য সমাজৰ হাতত পৰাজিত হৈছিল যদিও সাংস্কৃতিক ক্ষেত্ৰত আৰ্যসকলে অনাৰ্য কৃষ্টি সমল গ্ৰহণ কৰি স্বকীয় সংস্কৃতিৰ পৰিবৰ্দ্ধন কৰিছিল।

বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ সময়ছোৱাত ভাৰতীয় সংস্কৃতিযে বিস্তাৰিত ৰূপ লাভ কৰে। চুফীবাদ আৰু উপনিষদীয় দৰ্শনৰ মাজতো এক অভূতপূৰ্ব মিল পৰিলক্ষিত হয়। এনেবোৰ প্ৰভাৱ ভাৰতীয় সংস্কৃতিৰ সমন্বয়ৰে পৰিচয় দাঙি ধৰে।

হিন্দু আৰু ইছলামীয় ভাস্কৰ্যৰ সমন্বয়ত নতুন এক ভাস্কৰ্য পদ্ধতিৰ সৃষ্টি হৈছে, যি পদ্ধতিয়ে ইছলামীয় পদ্ধতিৰ জটিলতা হ্ৰাস কৰি ভাৰতীয় হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছে। এইদৰেই ভাৰতীয় ভাস্কৰ্যত এক নতুন ধাৰাৰ সৃষ্টি হৈছে। 
আনহাতে হিন্দু ভাস্কৰ্য্ কলাৰ কেতবোৰ নিদৰ্শন ইছলামীয় অনুষ্ঠানত ব্যৱহাৰ হোৱাটো নিদৰ্শন পোৱা যায়। সাংস্কৃতিক ক্ষেত্ৰত উভয়-সম্প্ৰদায় উদাৰ মনেৰে কেতবোৰ নতুন নিদর্শনৰ জন্ম দিছিল। ইয়াৰ যোগেদি সুকুমাৰ কলাৰ দিশত ভাৰতীয় সংস্কৃতি এখোজ আগুৱাই যাবলৈ সক্ষম হৈছিল।

সুকুমাৰ কলাসমূহৰ ভিতৰত চিত্ৰকলাই মানুহৰ মনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰা দেখা যায়। চিত্ৰকলা বিশ্বজনীন হলেও তাৰ মাজতেই ইয়াৰ প্ৰণালীৰ পৰিচয় পোৱা যায়। 

অজন্তাৰ ছবিবোৰ যেনেকৈ বৌদ্ধ যুগৰ সংস্কৃতিৰ কথা মনত পেলাই দিয়ে, তেনেদৰে চীন অথবা মেক্সিকোৰ চিত্ৰকলাই দেশৰ সেই দেশৰ বৈশিষ্ট্যৰ কথা সোঁৱৰাই দিবলৈ নাপাহৰে।

অজন্তাৰ ছবিবোৰত দুটা ভাব বস্তু প্ৰকাশ পাইছে। এটা হৈছে সৈন্ন্যাস জীৱনটো আনটো হৈছে সামূহিক জীৱন। ভাৱবস্তুৰ পিনৰ পৰা দুয়োবিধ ছবি একে নহয়।

দুয়োখনতে দুখন সুকীয়া জাতৰ প্ৰতিচ্ছবি প্ৰকাশিত হৈছে। জীৱনৰ অসামঞ্জস্যক একেলগে গ্ৰহণ কৰিব পৰা শক্তিৰে সম্ভেদ এই ছবিবোৰত আছে। 

ছবিবোৰৰ ভাৱবস্তুৰ অসামঞ্জস্যৰ মাজতো বাস্তৱৰ অখণ্ডতাৰ কথা বিস্মৃত হোৱা নাই। শিল্পীৰ শিল্পীজগত আৰু বাস্তৱ জগতৰ মাজত সমন্বয় স্থাপিত হৈছে। 

মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতবৰ্ষত প্ৰৱেশ কৰে নতুন চিত্ৰশিল্পৰ ধৰাই প্ৰচুৰ ব্যক্তবাদী চিন্তাৰ প্ৰকাশ ঘটায়, য'ত সমষ্টি জীৱনৰ পৰিৱৰ্তে শক্তি জীবনে অধিক প্ৰাধান্য লাভ কৰে।

এই ব্যক্তিবাদী চিন্তাধাৰাই প্ৰচলিত চিন্তাধাৰাৰ সৈতে মিলিত হয় উভয়ৰ সংমিশ্ৰণ ত এক নতুন পদ্ধতিৰ বিকাশত সহায় কৰে। চিত্ৰকলৰ দৰেই সংগীতৰ ক্ষেত্ৰতো সমন্বয় লক্ষ্য কৰা যায়। 

ভাৰতীয় অধ্যাত্মবাদে প্ৰাক- মুছলিম যুগত ভাৰতীয় হিন্দু সমাজৰ ওপৰত একেধৰণৰ বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছিল। পৰম পুৰুষৰ ধ্যানে মানুহক সামাজিক অসামঞ্জসৰ কথাৰ পৰা আঁতৰাই ৰাখিছিল। 

পদদলিত সাধাৰণ মানুহে অদৃষ্টৰ ওপৰত আস্থা ৰাখি জীৱনৰ সকলো গ্লানি , পৰাজয় স্বীকাৰ কৰি লৈছিল।সাহিত্য সম্পদৰ পিনৰ পৰা ভাৰতীয় সংস্কৃতি বিষেশভাৱে চহকী। সাধাৰণতে পুৰণি সাহিত্য ভক্তিমূলক আছিল যদিও আধ্যাত্মিকতাৰ দিশত ই আছিল অত্যন্ত চহকী। 

মধ্যযুগৰ বৈষ্ণৱ কবিসকলৰ সৃষ্টিৰাজিৰ মাজত বিশ্বজনীন মানৱীয় আবেদনৰ পৰিচয় স্পষ্ট। আনহাতে ব্ৰিটিছৰ আমোলত নতুন আঙ্গিক আৰু প্ৰকাশভংগীৰ মাজেদি ভাৰতীয় সাহিত্যই বৈচিত্ৰ্যময় ৰূপ লাভ কৰিছিল।

ভাস্কৰ্য- কলাই সমাজৰ সন্দৰ্যবোধৰ ওপৰত স্থায়ী প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম আৰু ইয়াৰ যোগেদি সামূহিক ভাৱধাৰাৰ বিকাশ দ্ৰুততৰ হয়। কবি অথবা চিত্রকৰৰ তুলনাত ভাস্কৰ্যবিদৰ শিল্পবোধ এইখিনিতে কিছু পৰিমানে সামাজিক ভাৱধাৰাৰ ওপৰত অধিক নিৰ্ভৰশীল।

মহাত্মাগান্ধীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ আৰ্হিত প্ৰস্তুত হোৱাটো কামনা কৰিছে। অতীজৰ সৎ সৰু সত্যৰূপে স্বীকৃত সাংস্কৃতিক সম্পদৰ সৈতে বৰ্তমানৰ সংস্কৃতিৰ ভেটি-নিৰ্মাণৰ চেষ্টা কৰিলেহে ভাৰতীয় সংস্কৃতিয়ে নব্যৰূপ লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। ভাৰতীয় সংস্কৃতিয়েও সমন্বয়ৰ আৰ্হি আগত ৰাখিহে যুগজয়ী ৰূপত আগবাঢ়িব পাৰে।

প্ৰশ্ন১২/  'ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু।' ---- এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ , 'ভাৰতীয় সংস্কৃতি' পাঠটোৰ আধাৰত বিচাৰ কৰা।[M.Q.'15,HSLC.'16/19]
উত্তৰ: হেম বৰুৱাই 'ভাৰতীয় সংস্কৃতি ' পাঠটিৰ আৰম্ভণিতেই ভাৰতীয় সংস্কৃতিৰ স্বৰূপ সম্পৰ্কে ক'বলৈ গৈ উল্লেখ কৰিছে যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। 

আৰ্য, অনাৰ্য, মংগোলীয় দ্ৰাবিড়ি প্ৰভৃতি বিভিন্ন জনগোষ্ঠীৰ প্ৰবাহমান সোঁতৰ সমন্বয়ত ভাৰতীয় সংস্কৃতিয়ে নির্দিষ্ট ৰূপত আত্মপ্ৰকাশ কৰিছে  ভাৰতীয় সংস্কৃতিলৈ যুগ যুগ ধৰি বিভিন্ন দেশী-বিদেশী সংস্কৃতিৰ সোঁত আহিছে, গ্ৰীক শক হূন প্ৰভৃতি বিভিন্ন গোষ্ঠীৰ লোক চামে চামে ভাৰতলৈ আহিছে আৰু ইয়াত নিগাজীকৈ বসতি বিস্তাৰ কৰিবলৈ লৈছে।
পুৰণি ভাৰত বুৰঞ্জীত বিভিন্ন অভিযানৰ কথা পোৱা যায়। এই অভিযানসমূহত থলুৱা ভাৰতীয় আৰু ভাৰতৰ বাহিৰৰ পৰা প্ৰব্ৰজিত লোকসকলৰ মাজত যেনেদৰে সংগ্ৰাম আৰু সংঘৰ্ষ হৈছে , ঠিক তেনেদৰে পৰস্পৰৰ মাজত ভাৱ- ভাষা আৰু কলা -সংস্কৃতিৰ আদান -প্ৰদান আৰু বিনিময়ো হৈছে।

গতিকে দেখা যায় যে ভাৰতীয় সংস্কৃতিৰ ইতিহাস ইয়াৰ ৰাজনৈতিক ইতিহাসৰ দৰেই সমন্বয় আৰু আদান- প্ৰদান , বিনিময় আৰু সংস্কৃতি গ্ৰহণৰ ইতিহাস। 

ভাৰতীয় ৰাজনীতি, সমাজনীতি, শিল্প, সাহিত্য, দৰ্শন , চিত্ৰকলা , ভাস্কৰ্য, সংগীত প্ৰভৃতি বিভিন্ন দিশত যুগ যুগ ধৰি হোৱা বিনিময় আৰু আদান-প্ৰদানৰ মাজেদি বৰ্তমান ভাৰতীয় সংস্কৃতিয়ে বিচিত্র ৰূপ পৰিগ্ৰহ কৰিছে। সমন্বয়ৰ আদৰ্শত গঢ় লৈ উঠাৰ বাবেই ভাৰতীয় সংস্কৃতিয়ে বিচিত্ৰ ৰূপ পৰিগ্ৰহ কৰিছে।

প্ৰশ্ন১৩ / 'সভ্যতা আৰু সংস্কৃতি' শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।[HSLC,'18]/সভ্যতা আৰু সংস্কৃতি পার্থক্য?
উত্তৰ: 'সভ্যতা' আৰু 'সংস্কৃতি' এই শব্দ দুটাৰ মাজত কিবা পাৰ্থক্য আছে নেকি বিচাৰ কৰি চোৱা উচিত। আচলতে এই শব্দ দুটাৰ মাজত পাৰ্থক্য আছে। 

এটাৰ সলনি আনটো ব্যৱহাৰ কৰিব নোৱাৰি। সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায়। ই এটা সমাজ পদ্ধতি। এনে ধৰণৰ জীৱন পদ্ধতিৰ জৰিয়তে সংস্কৃত জীৱন সম্ভৱপৰ নহয়। 

সমাজ সভ্য অৰ্থাৎ সুশৃঙ্খল নহলে কোনো ব্যক্তি বা অনুষ্ঠানৰ পক্ষে সৃষ্টিমূলক কাৰ্য হাতত লোৱাটো সম্ভৱপৰ নহয়। আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা। এটা জাতি সুসভ্য হব পাৰে। আনহাতে ইয়াৰ তেনে কোনো সাংস্কৃতিক স্তৰ থাকিব নোৱাৰে। 

ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি।  সভ্যতাই সমাজ সুশৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত সহায় কৰে।

সংস্কৃতি হৈছে মানৱ সৃষ্ট পৰিৱেশৰ এটা উন্নত আৰু শিল্পীত ৰূপ। ই  মানৱৰ মনোজগতত উদ্ভৱ হোৱা সকলো ধৰণৰ মানৱীয় কাৰ্যকে সামৰি লয়। মুঠতে মানুহৰ চিন্তা , আদৰ্শ , জ্ঞান , কলা, বিশ্বাস, আইন আচাৰ আদিৰ এক মিশ্ৰণ। এই সমূহ উপাদানৰ শিল্পীত আৰু পৰীশিলিত ৰূপকেই সংস্কৃতি আখ্যা দিব পাৰি।

সংস্কৃতি হৈছে মানৱ কৃতিৰ শ্ৰেষ্ঠ অংশ। ব্যক্তিৰ ব্যক্তিত্ব গঠনত সমাজ আৰু সংস্কৃতিৰ প্ৰভাৱ অনস্বীকাৰ্য। কর্ষণেই কৃষ্টি সংস্কৃতি তাৰ সোণালী ফচল। সেইবাবেই সংস্কাৰ বা পৰিমাৰ্জন  সংস্কৃতিৰ বাবে অপৰিহাৰ্য। সভ্যতাৰ বিকাশৰ কাৰণে জ্ঞানৰ বিকাশ অপৰিহাৰ্য।

শিক্ষা আৰু যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণে মানৱ সভ্যতাৰ বিকাশত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে।আনহাতে , সভ্যতা আৰু সংস্কৃতি পৰস্পৰ সম্পৰ্ক যুক্ত। 

দুয়োটাৰে ধাৰণাৰ মাজত কিছু পাৰ্থক্য থাকিলেও দুয়োবিধ ধাৰণাৰ কৰ্মৰাজিৰ মাজত মিলো পৰিলক্ষিত হয়।

সভ্যতাই দৰাচলতে মানুহৰ বৰ্হিজীৱন আৰু সংস্কৃতিয়ে মানুহৰ অন্তজীৱনৰ প্ৰতিনিধিত্ব কৰে। মানুহে নিজৰ মস্তিষ্কৰ কৰ্ষণ আৰু বৃদ্ধিৰ যথাৰ্থ প্ৰয়োগৰ যোগেদি সভ্যতা নিৰ্মান কৰে। আনহাতে হৃদয়বৃত্তিৰ কৰ্ষণ আৰু শৈল্পিক কাৰুকাৰ্য নিৰ্মানেৰে সংস্কৃতি নিৰ্মাণত সহায় কৰে।

প্ৰশ্ন১৪/  উত্তৰ ভাৰত, দাক্ষিণাত্য আৰু ইছলামীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা।
উত্তৰ: ভাৰতীয় সংস্কৃতি যে প্ৰতিভাশালী সমন্বয়ৰ সম্পদ সেই কথা যুগ যুগ ধৰি ক্ৰমবৰ্দ্ধমান ৰূপত হোৱা আদান-প্ৰদান আৰু বিনিময়ৰ পৰাই উপলব্ধি কৰিব পাৰি। 

সেইবাবেই আমি ভাৰতীয় ভাস্কৰ্য, সুকুমাৰ কলা, শিল্প আৰু সাহিত্য সকলোতেই সমন্বয়ৰ নিদৰ্শন দেখিবলৈ পাওঁ।উত্তৰ ভাৰতৰ দাক্ষিণাত্যৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগত প্ৰভাৱ পোনপটীয়াকৈ পৰা নাছিল। গতিকে ইয়াৰ এটা নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা যায়।

ই ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰকে ৰঙীন কৰি তুলিছে। দাক্ষিণাত্যৰ ভাস্কৰ্যত কোণ আৰু সৰলৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ । গঠনৰ বিশালতা হৈছে ইয়াৰ আন এটা বৈশিষ্ট্য। প্ৰত্যেকটো ভঙ্গিমাই সুকীয়া। ইয়াৰ আৰ্হিত পুনৰাবৃত্তিৰ স্থান নাই। 

উদাহৰণস্বৰূপে কাঞ্জিভৰামৰ মন্দিৰলৈ আঙুলিয়াব পাৰি। এই মন্দিৰটোত অন্ততঃ এহেজাৰটা স্তম্ভ আছে। ইয়াৰ এটা আৰ্হি আনটোৰ লগত নিমিলে। এইবোৰৰ সাজসজ্জাৰ জাকজমকতাই আৰু প্ৰকৃতিৰ বিশালতাই সাধাৰণতে অন্তৰ অভিভূত কৰে।

আনহাতে উত্তৰ ভাৰতৰ ভাস্কৰ্য দাক্ষিণাত্যৰ ভাস্কৰ্যৰ লগত নিমিলে। উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু বক্র ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। ই আচলতে সংহতিৰ ভাস্কৰ্য। ইয়াৰ শোভা-সমন্বয় আৰু গঠনৰ সূক্ষ্মতাৰ জৰিয়তে প্ৰকাশ পাইছে, দাক্ষিণাত্যৰ দৰে কাৰুকাৰ্যৰ বিশালতাৰ সহায়ক নহয়। 

গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ।ৰেখাৰ লগত ৰেখাৰ সমন্বয় ইয়াতকৈ অনাৱশ্যকীয় আৰু একো নাথাকে।

জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰ সৰল। আচলতে উত্তৰ ভাৰতীয় ভাস্কৰ্য সমন্বয়ৰ বস্তু। ইয়াক কোনো প্ৰকাৰেই সম্পূৰ্ণৰূপে ইছলামীয় বুলিব নোৱাৰি। এইবোৰৰ জৰিয়তে প্ৰচলিত হিন্দু আৰু বাহিৰৰ ইছলামীয় আদৰ্শ সন্নিবিষ্ট হৈ নতুন এক ভাৰতীয় পদ্ধতিৰ সৃষ্টি হৈছে। 

হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছে। ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছে। এইদৰেই এক নতুন ধাৰাৰ উৎপত্তি হৈছে। 

এই সমন্বয়ৰ আদৰ্শ য'তেই সফল হৈছে , তাতেই আমি তাজমহলৰ নিচিনা অপূৰ্ব সৃষ্টি দেখিবলৈ পাইছোঁ। য'তেই হোৱা নাই, ত'তেই সমন্বয়ৰ আদৰ্শ অসার্থক হৈছে।

প্ৰশ্ন১৫/  অজন্তাৰ গুহাত শিল্পকলৰ এটি বিৱৰণ দিয়া।[HSLC,17/20]
উত্তৰ: অজন্তাৰ গুহাত অন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ আছে। ইয়াৰ জৰিয়তে ভালেমান জাতি প্ৰজাতিৰ সমন্বয় উজ্জ্বল হৈ আছে। অজন্তাৰ ছবিবোৰত দুটা ভাব বস্তু প্ৰকাশ পাইছে। এটা হৈছে সন্যাস জীৱন আনটো হৈছে সমূহীয়া জীৱন। 

দুয়োবিধ ছবি একেলগে অংকিত হৈছে। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে --জীৱন আৰু আনন্দৰ উচ্ছাসময় চিত্ৰ। এইবোৰত ফুটি উঠিছে  শান্তি, গতি, প্ৰেম আৰু যৌৱন।

প্ৰথম শাৰীত আছে দয়া, ধ্যান আৰু যৌনতা।ভাৱবস্তুৰ পিনৰ পৰা দুয়োবিধ ছবি একে ধৰণৰ নহয়। দুয়োবিধতে সুকীয়া সুকীয়া জগত প্ৰতিফলিত হৈছে। তথাপি পৃথক যদিও , এই জগত দুখন পৃথকভাৱে অঙ্কিত হোৱা নাই। 

জীৱনৰ অসামঞ্জস্যক একেলগে গ্ৰহণ কৰিব পৰা শক্তিৰ সম্ভেদ এই ছবিবোৰত আছে। প্ৰাক-মুছলিম যুগৰ জীৱনৰ প্ৰাচুৰ্যৰ কথাও অজন্তাৰ চিত্ৰসমূহত আছে।

পুৰুষ, মহিলা, শিশু বিবিধ ভঙ্গীমাত সকলোবোৰ একে ঠাইতে অঙ্কিত হৈছে। জীৱনৰ প্ৰাচুৰ্যই যেন শিল্পীক মতলীয়া কৰিছে। এই জীৱনৰ প্ৰাচুৰ্য এক ঠাইতে ধৰি ৰাখিবলৈ তেওঁলোক উদ্ধাউল হৈছে। 

ছবিবোৰৰ ভাৱবস্তুৰ অসামঞ্জস্যৰ মাজতো বাস্তৱৰ অখণ্ডতাৰ কথা বিস্মৃত হোৱা নাই। শিল্পীৰ শিল্পজাত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় সাধিত হৈছে। ইয়েই অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ।

প্ৰশ্ন১৬/ মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰবেশ কৰা চিত্ৰকলৰ নতুন ধাৰাটি কেনে আছিল লিখা। [HSLC,'20]
উত্তৰ: মোগল সম্ৰাট বাবৰৰ আমোলত চিত্ৰকলৰ নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰে। এই চিত্ৰশিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ। 

এনেতৰহৰ ব্যক্তিবাদী আৰ্টত জনজীৱন বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ। ইয়াৰ জন্ম হৈছিল টাইমূৰ খাঁ আৰু ছেংগীজ খাঁৰ ৰাজ দৰবাৰত , গতিকে যুগৰ প্ৰকৃতি অনুসৰি এই আৰ্ট ব্যক্তিবাদী আৰু কঠোৰ হবলৈ বাধ্য হৈছিল। ইয়াত ভাৱ প্ৰৱণতা নাই।

আছে বিপুল উৎসাহ উদ্দীপনা আৰু প্ৰেৰণা। এইখিনিতে উদাহৰণস্বৰূপে আমি উৰ্দুৰ ৰোমাণ্টি কাব্য সাহিত্যৰ কথা উনুকীয়াব পাৰি। বিদ্যাপতিৰ 'লাখ লাখ যুগ হিয়ঁ হিয়ঁ ৰখেনু' ইত্যাদিৰ তুলনাত এনে কাৰ্য সাহিত্যত ভাৱ-প্ৰৱণতাৰ পৰিমাণ তাকৰ। 
ব্যক্তিবাদে সময়িকভাৱে হ'লেও চিত্ৰশিল্পত ইংগিত বা সংকেতৰ স্থান নোহোৱা কৰিলে।

এইবোৰত ফুটি উঠিছিল বুদ্ধিৰ পৰিচয়। বাবৰৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্ৰচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল। এই দুয়োটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল।এই ফালৰ পৰা চাবলৈ গলে  অনুভূতিৰ প্ৰসাৰ মোগল আৰু ৰাজপুট আৰ্টৰ প্ৰধান লক্ষণ। 

এবিধ মূলতে আনন্দাপ্লুত , ৰস -চঞ্চল। আনবিধ ধীৰ, মন্থৰ প্ৰাণ। এইবোৰ স্থৱিৰতাৰ মাজতো হওঁতে লুপ্ত আনন্দধাৰা উজ্জ্বল হৈ পৰে।

প্ৰশ্ন১৭/ উত্তৰ ভাৰতৰ সংগীতে কি নতুন বতো আমি চকুত পৰা বুলিছে?
উত্তৰ : ভাৰতীয় উচ্চাঙ্গ সঙ্গীত দাক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰেই গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ। উত্তৰ ভাৰতৰ সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায়, গাম্ভীৰ্যৰ লগত ঠায়ে ঠায়ে আমি এক উৰণীয়া ভাবৰ সংযোগ দেখিবলৈ পাওঁ। 
ইয়াতেই দূৰ-বস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ বুলিব পাৰি।

প্ৰশ্ন১৮/ ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা।
উত্তৰ : গঠনৰ সফলতা আৰু সূক্ষ্মতাৰ যোগেদি ইছলামীয় আদৰ্শই ভাৰতীয় সংস্কৃতিত নতুনত্বৰ সূচনা কৰিছে। হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছে আৰু ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছে। এনেদৰেই এক নতুন ধাৰাৰ সৃষ্টি হৈছে। 

এই সমন্বয়ৰ আদৰ্শ য'তেই সফল হৈছে, ততেই আমি তাজমহলৰ নিচিনা অপূৰ্ব সৃষ্টি দেখিবলৈ পাইছোঁ। য'তেই হোৱা নাই, তাতেই সমন্বয়ৰ আদৰ্শ অসার্থক হৈছে।

মোগল সম্ৰাট বাবৰৰ আমোলত চিত্ৰ শিল্পৰ নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰে। এই চিত্ৰ শিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ। এনে তৰহৰ ব্যক্তিবাদী আৰ্টত জনজীৱন বা সমষ্টি জীৱনৰ কোনো সম্বাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তি জীৱনৰ প্ৰকাশ। 

ইয়াৰ জন্ম হৈছিল টাইমূৰ খাঁ আৰু ছেংগীজ খাঁৰ ৰাজদবাৰত। গতিকে যুগৰ প্ৰকৃতি অনুসৰি এই আৰ্ট ব্যক্তিবাদী আৰু কঠোৰ হ'বলৈ বাধ্য হৈছিল। ইয়াত ভাৱ প্ৰৱণতা নাই। আছে বিপুল উৎসাহ উদ্দীপনা আৰু প্ৰেৰণা। 

এইখিনিতে উদাহৰণস্বৰূপে আমি উৰ্দুৰ ৰোমাণ্টিক সাহিত্যৰ কথা উনুকীয়াব পাৰো। ইছলামৰ সংঘাতে আমাৰ অধ্যাত্মিকতাৰ ধমনী কঁপাই তুলিছে। পাৰ্থিৱ আৰু অপাৰ্থিৱ দুয়োটাৰ ওপৰত ইছলামৰ আস্থা প্ৰায় সমান। কইছ্যু পৰিমানে ইছলামে সামাজিক গণতন্ত্ৰৰ জন্ম দিছিল। 

ই অনিশ্চিত ভৱিষ্যতৰ বস্তু নহয়। এনে চিন্তাধাৰাই সামাজিক বান্ধোন ছিঙি পেলাইছিল। সমাজৰ দৰিদ্ৰ পদদলিত জনতাই ইয়াৰ জৰিয়তে মুক্তিৰ সন্ধান পাইছিল। সামাজিক জীৱনত ব্যক্তিৰ মুক্তি বাণীয়ে ইছলাম ধৰ্মৰ প্ৰচাৰ দ্রুত কৰি তুলিছিল। ভাৰতভূমিত ইছলামৰ খৰকতীয় প্ৰচাৰৰ এটা কাৰণ।

প্ৰশ্ন১৯/  প্ৰাক-মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা।
উত্তৰ : প্ৰাক মুছলিম যুগৰ জীৱন প্ৰাচুৰ্যই কথাও অজন্তাৰ চিত্ৰসমূহত আছে। পুৰুষ, মহিলা, শিশু বিবিধ ভংগীমাত সকলোবোৰ একে ঠাইতে অঙ্কিত হৈছে। জীৱনৰ প্ৰাচুৰ্যই যেন শিল্পীক মতলীয়া কৰিছে। এই জীৱন প্ৰাচুৰ্য একে ঠাইতে ধৰি ৰাখিবলৈ তেওঁলোক উদবাউল হৈছে। 
ছবিবোৰৰ ভাৱবস্তুৰ অসামঞ্জস্যৰ মাজতো বাস্তৱন আখণ্ডতাৰ কথা বিস্মৃত হোৱা নাই। শিল্পীৰ শিল্পীজগত আৰু বাস্তৱ জগতৰ মাজত এক সুন্দৰ সমন্বয় স্থাপিত হৈছে।

মোগল সম্ৰাট বাবৰৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰে। এই চিত্ৰশিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ । এনে তৰহৰ ব্যক্তিবাদী আৰ্টত জনজীৱন আৰু সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল। 

ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ, ইয়াৰ জন্ম হৈছিল টাইমূৰ খাঁ আৰু ছেংগীজ খাঁৰ ৰাজদৰবাৰত। গতিকে যুগৰ প্ৰকৃতি অনুসৰি এই আৰ্ট ব্যক্তিবাদী আৰু কঠোৰ হবলৈ বাধ্য হৈছিল। ইয়াত ভাৱ-প্ৰৱণতা নাই। আছে বিপুল উৎসাহ উদ্দীপনা আৰু প্ৰেৰণা। এইখিনিতে উদাহৰণস্বৰূপে আমি উৰ্দুৰ ৰোমাণ্টিক সাহিত্যৰ কটায় উনুকিয়াব পাৰোঁ।

ব্যক্তিবাদে সময়িকভাৱে হলেও চিত্ৰশিল্পত ইংগিত বা সংকেতৰ স্থান প্ৰায় নোহোৱা কৰিছিল। এইবোৰত ফুটি উঠিছিল যুদ্ধৰ পৰিচয়। বাবৰৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্ৰচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল। এই দুয়োটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। 

অজন্তাৰ সৰলতাৰ লগত নতুন ভাৰসাম্যৰ সংযোগ হৈছিল। এই দিশৰ পৰা চাবলৈ গলে অনুভূতিৰ প্ৰসাৰ মোগল আৰু ৰাজপুট আৰ্টৰ প্ৰধান লক্ষণ। এবিধ মূলতে  আনন্দাপ্লুত, ৰস-চঞ্চল।আনবিধ ধীৰ, মন্থৰ প্ৰাণ।

প্ৰশ্ন ২০/ বাখ্যা কৰা

(ক) 'সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ ।' [HSLC,'18]

উত্তৰ : উদ্ধৃত কথাখিনি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হেম বৰুৱা বিৰচিত 'ভাৰতীয় সংস্কৃতি' শীৰ্ষক পাঠটোৰ পৰা তুলি দিয়া হৈছে।

ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। আৰ্য, অনাৰ্য, দ্ৰাবিড়, মংগোলীয় প্ৰভৃতি বিবিধ জনগোষ্ঠীৰ সমিলমিল, সংস্কৃতি গ্ৰহণ আৰু বিনিময়ৰ যোগেদি ভাৰতে বৰ্তমানৰ ৰূপ পৰিগ্ৰহ কৰিছে। ভাৰতবৰ্ষলৈ বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোকৰ প্ৰবজন ঘটিছে। 

বাধাহীন গতিত হোৱা প্ৰবজনৰ ফলস্বৰূপে ভাষাতত্ত্ব,চিত্ৰকলা, ভাস্কৰ্য, সাহিত্য, দৰ্শন , প্ৰভৃতি বিভিন্ন দিশত সমন্বয় আৰু সমিলমিল সংঘটিত হৈ ভাৰতীয় সংস্কৃতিয়ে বাধাহীন গতিৰে নিৰৱচ্ছিন্ন বৈ আহি ভাৰতীয় সংস্কৃতিক বৈচিত্ৰ্যময় ৰূপ প্ৰদান কৰিছে।

পুৰণি ভাৰতৰ ইতিহাসত বিভিন্ন অভিযানৰ বৰ্ণনা পোৱা যায়। এনে অভিযানৰ যোগেদি ভাৰতলৈ প্ৰবাহিত হোৱা জনসাধাৰণে কঢ়িয়াই অনা সাংস্কৃতিক সম্পদৰ সৈতে থলুৱা সমাজৰ সমন্বয় সাধিত হৈছে।

এসময়ত আৰ্যসকলৰ আগমণ ঘটিল যদিও তেওঁলোকে ইয়াত বসবাস কৰা দ্ৰাবিড় , মংগোলীয় আৰু অন্যান্যসকলৰ শিল্পকলা , স্থাপত্য , ভাস্কৰ্য্য আদি গ্ৰহণ কৰি তাক নতুন ৰূপ দিলে। 

গ্ৰীক, শক, হূন প্ৰভৃতিৰ আগমণেও ভাৰতীয় সংস্কৃতিক ক্ৰমান্বয়ে সমৃদ্ধ কৰিলে। এনেদৰেই বিভিন্ন সাংস্কৃতিক সম্পদেৰে ভাৰতীয় জীৱন সমৃদ্ধ হৈছে।

(খ) 'ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ বুৰঞ্জী।' 
উত্তৰ : উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য-সুবাসৰ অন্তৰ্গত হেম বৰুৱা বিৰচিত 'ভাৰতীয় সংস্কৃতি' শীৰ্ষক প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে।

ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন আৰু ভঙা-গঢ়াৰ বুৰঞ্জী। এই দেশৰ সম্পদ আৰু প্ৰাচুৰ্যৰ প্ৰতি বিভিন্ন দেশৰ শেনচকু অতি প্ৰাচীন কালৰে পৰাই আছিল। 

এই দেশলৈ ইটোৰ পিছত সিটো গোষ্ঠীৰ আক্ৰমণ বা অভিযান, ইটো পৰিয়ালৰ পিছত সিটো পৰিয়ালৰ শাসনভাৰ গ্ৰহণ, ইত্যাদি ঘটনাৰে ভাৰতৰ বুৰঞ্জী ভাৰাক্ৰান্ত। তথাপি ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি ক্ৰমবৰ্দ্ধমান সোঁতেৰে বৈ আছিল।

ই আকস্মাতে ৰাজ্য ভঙা-গঢ়াৰ হেঁচাত ৰুদ্ধ হৈ যোৱা নাছিল। এয়ে হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বৈশিষ্ট্য। শক, হূন, পাঠান, মোগলৰ বিভিন্ন দল আক্ৰমনকাৰী ৰূপত এই ভাৰতলৈ আহিল আৰু ভাৰতীয় সংস্কৃতিৰ সৈতে মিলি গল । 

এনেদৰে বিভিন্ন সময়ত হোৱা আক্ৰমণ প্ৰতি আক্ৰমণ, অভিযান আৰু প্ৰতি অভিযানৰ ইতিহাসেৰে ভাৰতৰ বুৰঞ্জী ভাৰাক্ৰান্ত। 

মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সংস্কৃতি ধ্বংসৰ পিছত ইয়াত আৰ্যসংস্কৃতি প্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম হয়। তথাপিও তাৰ মাজতেই আৰ্য-  অনাৰ্যৰ সমন্বয় আৰু সমাৰোহণৰ যোগেদি ভাৰতীয় সংস্কৃতি বিকশিত হোৱাৰ সুযোগ পায়।

(গ) 'সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।' [HSLC,'18]
উত্তৰ : উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হেম বৰুৱা বিৰচিত 'ভাৰতীয় সংস্কৃতি' শীৰ্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে।

সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে। এটাৰ উদ্দেশ্য কাৰুকাৰ্য আৰু জাকজমকতাৰ  সৃষ্টি; আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বহীনতা। এটাই বাহ্যিক আৰু দৃষ্টিসুখৰ আড়ম্বৰৰ জৰিয়তে প্ৰকাশ বিচাৰে, আনটোৱে আমাক অন্তৰ আত্মা স্পৰ্শ কৰি অভিভূত কৰে। 

প্ৰথমটোৱে প্ৰায়েই বিৰাট পটভূমিৰ আতিশয্য কৰে, দ্বিতীয়টোৱে নকৰে। প্ৰথমটোৰ বহিৰ্জাগতিক বিস্তৃতি আছে। দ্বিতীয়টোৰ নাই।

আৰ্ট জীৱনৰ পৰা উদ্ভুত হৈ হৈ জীৱনৰ ওপৰতে ক্ৰিয়া কৰে। আৰ্ট বা কলাৰ উদ্দেশ্য হৈছে আনন্দ প্ৰদান আৰু তাৰ যোগেদি শৈল্পিক অনুভূতিৰ সঞ্চাৰ কৰা। সূক্ষ্ম আৰ্টে মানুহৰ অন্তৰাত্মাত তীব্ৰ অনুভূতিৰ সঞ্চাৰ কৰি মানুহক অনুভূত কৰি তুলিবলৈ সক্ষম হয়।  

প্ৰথমবিধ আৰ্টে বাহ্যিক জাকজমকতাৰ যোগেদি আত্মপ্ৰকাশ কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে। আনহাতে দ্বিতীয়বোধে আড়ম্বহীনতাৰ মাজেদি মানুহৰ অনুভূতিত প্ৰবল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি যুগমীয়া প্ৰভাৱ বিস্তাৰ কৰে।

প্ৰশ্ন ২১/ সন্ধি ভাঙা


সংস্কৃতি, সমন্বয়, সম্বন্ধ, ভাৰাক্ৰান্ত, সন্মত
  • সংস্কৃতি=সম+ কৃতি,
  • সমন্বয়=সম+ অনন্বয়,
  • সম্বন্ধ = সম+বন্ধ
  • ভাৰাক্ৰান্ত =ভাৰ+ আক্ৰান্ত,
  • সন্মত =সম+ মত

প্ৰশ্ন ২২/ বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া


বৈচিত্ৰ, বিস্তৃতি, বিপ্লৱ, ভৌগোলিক, নৈৰাশ 

  • বৈচিত্ৰ=বিচিত্ৰতা
  • বিস্তৃতি=বিস্তৃত
  • বিপ্লৱ=বৈপ্লৱিক
  • ভৌগোলিক=ভূগোল
  • নৈৰাশ=নিৰাশ

শব্দাৰ্থ আৰু টোকা


  • অদৃষ্ট=ভাগ্য, দশা।
  • অধোগামী=তললৈ গতি কৰা।
  • অবিছিন্ন=বিৰামহীন, ছিঙি নোযোৱা
  • অলেখ=বহুত, অসংখ্য, লেখিব নোৱাৰা
  • অসামঞ্জস্য=সাদৃশ্য নথকা
  • আঁচোৰ=সাঁচ
  • আঁতিগুৰি মাৰি=বিশদভাবে, পুংখানুপূংখকৈ
  • আনন্দাপুল্লুত=আনন্দত আত্মহাৰা, বৰকৈ আনন্দ পোৱা।
  • অফগানিস্তান=ভাৰতৰ উত্তৰ পশ্চিম ফালে থকা এখন ৰাষ্ট্ৰ।
  • আস্থা=বিশ্বাস।
  • আডম্বৰ=জাক-জমকতা।
  • উচ্চাঙ্গ সংগীত=শাস্ত্ৰীয় সংগীত।
  • উদবাউল=উদগ্ৰীৱ।
  • চঞ্চল=স্থিৰতা নথকা।
  • তৰহৰ=বিধৰ, ধৰণৰ , প্ৰকাৰৰ।
  • তিষ্ঠি=বৰ্তি।
  • ধ্যনস্থ=ধ্যনমগ্ন, ধ্যানত থকা অৱস্থা।
  • নৈৰাশ্য=নিৰাশ ভাব।
  • নিস্তেজ=তেজহীন।
  • প্ৰাদুৰ্ভাৱ=প্ৰভাৱ।
  • প্ৰেৰণা=উৎসাহ।
  • বহিৰাগত=দেশৰ বাহিৰৰ পৰা অহা লোক, বিদেশী।
  • ব্যৱধান=প্ৰাৰ্থক্য, অমিল।
  • ব্যাপ্ত=বিয়পি থকা।
  • বৈশিষ্ট্য=বিশেষত্ব।
  • ভাৰাক্ৰান্ত=ভৰি থকা।
  • মৰ্মস্থলী=হৃদয় মূল।
  • মাপকাঠী=জোখ লোৱা সামগ্ৰী
  • যোজন=চাৰি ক্ৰোশ (১৩ কি.মি,=১ যোজন।)
  • সমন্বয়=মিলন, সম্প্ৰীতি।
  • সুকুমাৰ কলা=সংগীত, কবিতা, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য--এই পাঁচবিধক সুকুমাৰ কলা বোলে।
  • ক্ষণস্থায়ী=ক্ষন্তেকীয়া।
  • অজন্তা=মহাৰাষ্ট্ৰৰ ঔৰংগবাদ জিলাত অৱস্থিত। বৌদ্ধযুগৰ গুহা-শিল্পৰ বাবে এই ঠাই বিখ্যাত। ইয়াত এতিয়ালৈকে ৩৩ টা গুহা আবিষ্কাৰ হৈছে। গুহাবোৰত প্ৰাচীন ভাৰতীয় চিত্ৰকলাৰ অতি উৎকৃষ্ট নিদৰ্শন পোৱা গৈছে। এই গুহা শিল্পবোৰ খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ পৰা নৱম শতিকাৰ ভিতৰত অংকিত তথা নিৰ্মিত বুলি অনুমান কৰা হৈছে। অজন্তাৰ শিলত কটা ভাস্কৰ্যত জগতৰ গল্প আৰু বুদ্ধৰ অতীত জীৱনৰ নানান কথা তুলি ধৰা হৈছে।

অতিৰিক্ত প্ৰশ্নোত্তৰ


ভাৰতীয় সংস্কৃতিৰ সাগৰ কেনেদৰে ৰচিত হৈছে?

উত্তৰ : আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড়ী প্ৰভৃতি বিভিন্ন তৰহৰ সোঁত-উপসোঁত লগ লাগি ভাৰতীয় সংস্কৃতিৰ সাগৰ ৰচিত হৈছে।

ভাৰতীয় সংস্কৃতিৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে?

উত্তৰ : পুৰণি ভাৰতৰ বুৰঞ্জী যেনেদৰে অভিযানৰ বুৰঞ্জী, তেনেকৈয়ে সমন্বয়ো বুৰঞ্জী। এই সমন্বয়ে ভাৰতীয় সংস্কৃতিৰ স্বৰূপ প্ৰকাশ কৰে।

ভাৰতীয় সংস্কৃতি মূলতে কি?

উত্তৰ : ভাৰতীয় সংস্কৃতি মূলতে এক বিৰাট সমন্বয়। সমন্বয়ৰ আদৰ্শৰে এই সংস্কৃতি জীয়াই আছে।

ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ?

উত্তৰ : ক্ৰমবৰ্দ্ধমান শক্তিয়ে হৈছে প্ৰকৃত শক্তি। এই ক্ৰমবৰ্দ্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।

সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থ্যক আছেনে?

উত্তৰ : 'সভ্যতা' আৰু 'সংস্কৃতি' এই শব্দ দুটাৰ মাজত পাৰ্থক্য দেখা। এটাৰ সলনি আনটো ব্যৱহাৰ কৰিব নোৱাৰি।

সভ্যতা কি ?

উত্তৰ : সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক আস্থা বুজায়। ই এটা সমাজ পদ্ধতি।

জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠী কি?

উত্তৰ : এটা জাতি সুসভ্য হ'ব পাৰে, কিন্তু তেনে কোনো এটা লেখত ল'বলগীয়া সংস্কৃতি নাথাকিব পাৰে। ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতিবিশেষৰ সংস্কৃতিৰ মাপকাঠী।

ভাৰতীয় সংস্কৃতিৰ মূল সম্পদ কি ?

উত্তৰ : সংস্কৃতিৰ অবিছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। ইয়াৰ প্ৰবাহ বাধাহীন গতিৰ বোৱতী সুঁতি। ই অতীজৰে পৰা একেধাৰে নিৰৱচ্ছিন্নভাৱে বৈ আহিছে। 

ভাৰতীয় ভৌগোলিক জীৱন কেনেদৰে বিচিত্ৰ্যময় ৰূপত প্ৰকাশ পাইছে? [HSLC,'17]

উত্তৰ : ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্ৰ্যময়। এফালে শুকান মৰুভূমি; আনফালে মৌচুমীৰ তাণ্ডৱ নৃত্য। এফালে পৰ্বতমালাৰ উচ্চ শিখৰ; আনফালে যোজন ব্যাপ্ত সমতল ভূমি। 

প্ৰাকৃতিক দৃশ্যৱলীৰ পাৰ্থ্যক, জলবায়ুৰ পাৰ্থ্যক, জীৱনৰ গতিধাৰাৰ বৈচিত্ৰ্য ইত্যাদিৰ সৃষ্টিয়েই ভাৰতীয় জীৱন।

'Form Volga to Ganga' গ্ৰন্থত কিহৰ বৰ্ণনা পোৱা যায়?

উত্তৰ : ভাৰতীয় বিশাল ভূমিখণ্ডই একালত বাহিৰৰ ন ন মানৱপুঞ্জৰ সোঁতে দেশ প্লাবিত কৰিছিল। প্ৰত্যেকৰে ব্যক্তিগত প্ৰতিভা অনুসৰি সংস্কৃতিৰ ৰচনাত বৰঙণি যোগাইছিল। 

পণ্ডিত ৰাহুল সংকৃত্যায়নৰ 'From Volga to Ganga' গ্ৰন্থত এই বিষয়ে বৰ্ণনা কৰা হৈছে।

ভাৰতীয় সংস্কৃতি একালত ক'লৈকে প্ৰবাহিত হৈ আছিল?

উত্তৰ : ভাৰতীয় সংস্কৃতি একালত সমগ্ৰ দক্ষিণ -পূৱ অঞ্চলতে বিয়পি আছিল। ইয়াৰ প্ৰমাণস্বৰূপে ব্ৰহ্মদেশ, কম্বোদিয়া, ইণ্ডোনেছিয়া আদি ঠায়ে আজিও যোগায়। এই অঞ্চলসমূহত বাৰশ বছৰ ধৰি জিয়াই থকা হিন্দু ৰাষ্ট্ৰবোৰেও ইয়াৰ প্ৰমাণ দিয়ে।

ভাৰতৰ বুৰঞ্জীত কিহৰ উত্থান-পতনৰ কাহিনী সন্নিবিষ্ট হৈছে?

উত্তৰ : ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী। ইটোৰ পাছত সিটো গোষ্ঠীৰ আক্ৰমণ বা অভিযান, ইটো পৰিয়ালৰ পাছত সিটো পৰিয়ালৰ শাসনভাৰ গ্ৰহণ, ইত্যাদি ঘটনাৰে ভাৰতৰ বুৰঞ্জী ভাৰাক্ৰান্ত।

প্ৰশ্ন১৩ / কোন ঠাইৰ সংস্কৃতিয়ে আৰ্যপূৰ্ব যুগৰ কথা কয়?
উত্তৰ : মহেঞ্জোদাৰো আৰু হৰপ্পা সংস্কৃতিয়ে এটা অপূৰ্ব যুগৰ কথা কয়। এই সংস্কৃতি  কালৰ গৰাহত নষ্ট হৈছিল সঁচা, তথাপি ই শুকাই চিনছাব নোহোৱা হোৱা নাছিল। 

মহেঞ্জোদাৰোৰ সংস্কৃতিক অস্বীকাৰ কৰি নহয়, ইয়াৰ ওপৰত ভেটি কৰিহে পাছৰ যুগৰ আৰ্যসকলে নতুন সংস্কৃতিক জীৱন গঢ়ি তুলিছিল। 

প্ৰশ্ন ১৪/ শিৱ আৰু শক্তিপূজাৰ মূল কি?
উত্তৰ : শিৱ আৰু শক্তিপূজাৰ মূল বিচাৰি প্ৰত্নতাত্ত্বিক  পণ্ডিতসকলে মহেঞ্জোদাৰো- হৰপ্পা সভ্যতাৰ কাষ চাপিছিল আৰু ইয়াতেই তেওঁলোকে মূল আৱিষ্কাৰটো কৰিছিল।

প্ৰশ্ন ১৫/ ধ্যানস্থ শিৱৰ কল্পনা কোন সংস্কৃতিৰ সম্পদ?
উত্তৰ : ধ্যানস্থ শিৱৰ কল্পনা মহেঞ্জোদাৰোৰ সাংস্কৃতিক সম্পদ। সেই সভ্যতাৰ পোহৰত ই আজিও অংকিত হৈ আছে।

প্ৰশ্ন ১৬/ বাহিৰৰ অভিযানসমূহৰ ব্যর্থতাৰ কাৰণ কি আছিল?
উত্তৰ : ভাৰতীয় সংস্কৃতিৰ মৰ্মস্থলী সুসংগঠিত আৰু টনকিয়াল বিধৰ আছিল। বাহিৰৰ পৰা অহা অভিযানসমূহ ইয়াৰ আগত প্ৰায়েই ব্যৰ্থ হৈছিল।

প্ৰশ্ন ১৭/ আৰ্য আৰু দ্ৰাবিড় সংস্কৃতিৰ সমন্বয় কেনেকৈ সাধিত হৈছিল?
উত্তৰ : দ্ৰাবিড় সমাজত প্ৰচলিত কিছু দেৱ- দেৱীক আৰম্ভ কৰি ধৰ্ম-পদ্ধতি বিশেষো আৰ্য সমাজে গ্ৰহণ কৰিছিল আৰু এনেদৰেই আৰ্য আৰু দ্ৰাবিড় সংস্কৃতিৰ সমন্বয় সাধিত হৈছিল। 

সেইদৰে দ্ৰাবিড় পুৰোহিত শ্ৰেণীকো আৰ্য ব্ৰাহ্মণ সমাজে মৰ্যাদা দি অন্তৰ্ভুক্ত কৰি লৈছিল।

প্ৰশ্ন১৮/ আৰ্য বেদত দেৱ- দেৱীৰ কোনো উল্লেখ পোৱা যায় নে?
উত্তৰ : আৰ্যৰ বেদত দেৱ- দেৱী পূজাৰ কোনো উল্লেখ নাই। শক্তিৰ প্ৰতিকৃতিৰো ক'তো উমান পোৱা নাযায়। সেই অনুপাতে বিষ্ণু আৰু শিৱৰ উল্লেখ বৰ কমেইহে পোৱা যায়।

প্ৰশ্ন ১৯/  বৰ্তমান হিন্দু সমাজত প্ৰচলিত লিংপূজাৰ মূল কি?
উত্তৰ : বৰ্তমান হিন্দু সমাজত প্ৰচলিত লিঙ্গ পূজাও যে অনাৰ্য যুগৰ বস্তু, সেইবোৰ কথাও কোনো কোনো পণ্ডিতে কয়। হিন্দুৰ শ্ৰাদ্ধবিধিও অনাৰ্য যুগৰ অৱদান। অনাৰ্যসমাজত আজিও মৃতকৰ উপাসনা চলে।

প্ৰশ্ন ২০/ আৰ্য-অনাৰ্যৰ সমন্বয়ৰ পদ্ধতিটো কেনে ধৰণৰ?
উত্তৰ : আৰ্য- অনাৰ্যৰ সমন্বয় এটা ক্ৰমবৰ্দ্ধমান গতি পদ্ধতিৰে হৈছিল, ই হঠাতে হোৱা বস্তু নহয়।

প্ৰশ্ন ২১/ শিৱৰ প্ৰতি দক্ষৰ অৱহেলাৰ কাৰণ কি?
উত্তৰ : শিৱক দক্ষ যজ্ঞত অৱজ্ঞা কৰা কথাটো অতি অৰ্থব্যঞ্জক। শিৱ অনাৰ্থ দেৱতা। পাৰ্বতী আৰ্য সমাজৰ জীয়ৰী। আৰ্য সমাজত তেতিয়াও অনাৰ্য শিৱক সম্পূৰ্ণৰূপে গ্ৰহণ কৰা হোৱা নাছিল। গতিকে এই নিষ্ঠুৰ অৱহেলা।

প্ৰশ্ন২২/ কামাখ্যা আদিতে কিহৰ দেৱী আছিল?
উত্তৰ : কামাখ্যা আদিতে অনাৰ্য দেৱী। অৱশেষতহে আৰ্য সমাজে কালী বা দূর্গাৰ ৰূপান্তৰ হিচাপে ইয়াক গ্ৰহণ কৰিছিল।

প্ৰশ্ন ২৩/ বিজিত আৰু পৰাজিতৰ সংস্কৃতিৰ সংঘৰ্ষৰ মাজতো আৰ্যৰ অভিযান কেনেদৰে সফল হৈছিল?
উত্তৰ : পৰাজিতৰ উচ্চ সংস্কৃতিয়ে বিজয়ীৰ জীৱন জয় কৰা দেখা যায়। ভাৰতৰ আদিম অধিবাসীসকল অভিযানকাৰী আৰ্য সমাজৰ ওচৰত পৰাজিত হৈছিল। এনেদৰেই আৰ্যৰ বিজয় অভিযান সাৰ্থক হৈছিল।

প্ৰশ্ন ২৪/ সাংস্কৃতিকৰ ক্ষেত্ৰত অনাৰ্যৰ কৃষ্টিসমল কিমান চহকী?
উত্তৰ : সাংস্কৃতিক ক্ষেত্ৰত অনাৰ্যৰ কৃষ্টি সমলে আৰ্যৰ ভঁৰাল বহুতখিনি চহকী কৰিছিল। ই বুৰঞ্জীসন্মত সত্য।

প্ৰশ্ন ২৫/ ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ কোনটো?
উত্তৰ : প্ৰকৃতপক্ষে বৌদ্ধধৰ্মৰ প্ৰচাৰৰ যুগটোক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি।

প্ৰশ্ন ২৬/ চুফীবাদৰ সৈতে উপনীষদীয় দৰ্শনৰ মিল আছেনে?
উত্তৰ : চুফীবাদৰ মূল কোৰাণশাস্ত্ৰ বুলি কোৱা হয় যদিও চুফীবাদ আৰু উপনিষদীয় দৰ্শনৰ মাজত যথেষ্ট মিল পৰিলক্ষিত হয়।

প্ৰশ্ন ২৭/ দাক্ষিণাত্যৰ ভাস্কৰ্যৰ নিদৰ্শন কেনেধৰণৰ?
উত্তৰ : দাক্ষিণাত্যৰ ভাস্কৰ্যৰ কোণ আৰু সৰলৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। গঠনৰ বিশালতা হৈছে ইয়াৰ আন এটা বৈশিষ্ট্য। প্ৰত্যেকটো ভংগীমাই সুকীয়া। ইয়াৰ আৰ্হিত পুনৰাবৃত্তিৰ স্থান নাই।

প্ৰশ্ন ২৮/ উত্তৰ ভাৰতৰ ভাস্কৰ্যৰ স্বৰূপ নিৰূপন কৰা।
উত্তৰ : উত্তৰ ভাৰতৰ ভাস্কৰ্য দাক্ষিণাত্যৰ লগত নিমিলে উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু বক্রৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। এই অঞ্চলৰ মন্দিৰবোৰত ইছলামীয় ভাস্কৰ্যৰ ভেলেখিনি প্ৰভাব পৰা দেখা যায়। ই আচলতে সংহতিৰ ভস্কৰ্য।

প্ৰশ্ন ২৯/ ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি?
উত্তৰ : গঠনৰ ফলৰ পৰা সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। ৰেখাৰ লগত ৰেখাৰ সমন্বয়----ইয়াতকৈ অনাৱশ্যকীয় আৰু একো নাথাকে। জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰ সৰল।

প্ৰশ্ন ৩০/ হিন্দু আৰু মুছলমানৰ ভাস্কৰ্যৰ সমন্বয় কেনেদৰে সাধিত হৈছিল?
উত্তৰ : হিন্দু ভাস্কৰ্যৰ কলা-নিদৰ্শন কেতবোৰ ইছলামীয় অনুষ্ঠানত ব্যৱহাৰ হোৱাৰো উদাহৰণ পোৱা যায়। আনকি হিন্দু ভাস্কৰ্যৰ কলহ আৰু পদুমফুল মুছলমান বাদছাসহকলৰ সমাধি স্থলত ব্যৱহৃত হোৱাৰো প্ৰমাণ পোৱা যায়।

প্ৰশ্ন ৩১/ সুকুমাৰ কলাৰ নতুন নিদর্শনৰ জন্ম কেনেদৰে হৈছিল?
উত্তৰ : সাংস্কৃতিক ক্ষেত্ৰত হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ মন উদাৰ আছিল আৰু উদাৰতাই সুকুমাৰ কলাৰ ক্ষেত্ৰত নতুন নিদর্শনৰ জন্ম দিছিল।

প্ৰশ্ন ৩২/ এটা জাতি কিহৰ ভিত্তিত জীয়াই থাকে?
উত্তৰ : একেটা জাতি বিশেষ সুকুমাৰ কলা-সংস্কৃতিৰ জৰিয়তে জীয়াই থাকে।

প্ৰশ্ন ৩৩/ সুকুমাৰ কলাসমূহৰ ভিতৰত স্থায়ী বস্তু কি?
উত্তৰ : সুকুমাৰ কলাসমূহৰ ভিতৰত সম্ভৱতঃ চিত্ৰ শিল্পই অধিক স্থায়ী।

প্ৰশ্ন ৩৪/ ভাষাৰ গতিবিধি কিহৰ সৈতে জড়িত?
উত্তৰ : ভাষা মানুহৰ সামাজিক আদান-প্ৰদানৰ বাহক। সমাজ পৰিবৰ্তনৰ লগত ইয়াৰ গতি - বিধি জড়িত।

প্ৰশ্ন ৩৫/ সংগীতৰ স্থিতিকাল কিমান সময় বৰ্তি থাকে?
উত্তৰ : একেটা গীত বা সংগীতৰ ৰীতি কম সময়ৰ কাৰণেহে জীয়াই থাকে। সংগীতে আকাৰ শূণ্য ক্ষণস্থায়ী অনুভূতিৰ জন্ম দিয়ে।  

অন্তৰত হিল্লোল তোলাৰ সময়খিনিৰ বাহিৰে ই সৰল সময় তিষ্ঠি থাকিব নোৱাৰে।

প্ৰশ্ন ৩৬/ অজন্তাৰ ছবিবোৰে কোন যুগৰ সোঁৱৰণি আনি দিয়ে?/অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোনটো যুগৰ কথা সোঁৱৰায় ?
উত্তৰ : অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধযুগৰ কথা সোঁৱৰাই দিয়ে।

প্ৰশ্ন ৩৭/ অজন্তাৰ গুহাৰ সাৰ্বজনীনতা কেনেধৰণৰ?
উত্তৰ : অজন্তাৰ গুহাত অনন্তকালৰ বাবে শিল্পকলা সংজীৱিত হৈ আছে।

প্ৰশ্ন :৩৮/ অজন্তাৰ ছবিবোৰত প্ৰকাশিত দিশ দুটা কি কি ?
উত্তৰ : অজন্তাৰ ছবিবোৰত দুটা ভাৱবস্তু প্ৰকাশ পাইছে। এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অঙ্কিত হৈছে।

প্ৰশ্ন ৩৯/  ভাৱবস্তুৰ দিশৰ পৰা অজন্তাৰ ছবিৰ প্ৰকৃতি কেনেধৰণৰ ?
উত্তৰ : ভাৱবস্তুৰ পিনৰ পৰা অজন্তাৰ দুয়োবিধ ছবি একে ধৰণৰ নহয়। দুয়োবিধতে দুখন সুকীয়া জগত প্ৰতিফলিত হৈছে।

প্ৰশ্ন ৪০/ প্ৰাক- মুছলমান যুগৰ চিত্ৰত জীৱনৰ প্ৰাচুৰ্যৰ পৰিমাণ কেনেধৰণৰ ?
উত্তৰ : প্ৰাক- মুছলমান যুগৰ জীৱন প্ৰাচুৰ্যৰ কথাও অন্তৰ চিত্ৰসমূহত আছে। পুৰুষ, মহিলা, শিশু বিবিধ ভংগীমাত সকলোবোৰ একে ঠাইতে অঙ্কিত হৈছে। 

জীৱনৰ প্ৰাচুৰ্যই যেন শিল্পীক মতলীয়া কৰিছে। এই জীৱন প্ৰাচুৰ্য একে ঠাইতে ধৰি ৰাখিবলৈ তেওঁলোক উদবাউল হৈছে। 

প্ৰশ্ন ৪১/ বাবৰৰ আমোলত কোনবিধ চিত্রশিল্পই বিকাশ লাভ কৰিছিল ?
উত্তৰ : মোগল সম্ৰাট বাবৰৰ আমোলত চিত্ৰশিল্পৰ নতুনধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰে। এই চিত্ৰশিল্পৰ মূলতে আছিল প্রচুৰ ব্যক্তিবোধ। 

প্ৰশ্ন ৪২/ ব্যক্তিবাদী আৰ্টত সাধৰণতে কি পৰিলক্ষিত হয়?
উত্তৰ : ব্যক্তিবাদী আৰ্টত ব্যক্তিজীৱনৰ প্ৰাধান্যৰ পৰিবৰ্তে জনজীৱন বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ। 

ইয়াৰ জন্ম হৈছিল টাইমূৰ খাঁ আৰু ছেংগীজ খাঁৰ ৰাজদুবাৰত; গতিকেই যুগৰ প্ৰকৃতি অনুসৰি এই আৰ্ট ব্যক্তিবাদী আৰু কঠোৰ হবলৈ বাধ্য হৈছিল। ইয়াত ভাৱ-প্ৰৱণতা নাই, আছে বিপুল উৎসাহ উদ্দীপনা আৰু প্ৰেৰণা।

প্ৰশ্ন ৪৩/ ভাৰতীয় সংগীতে কি নতুন তথ্যৰ যোগান ধৰে ?
উত্তৰ : ভাৰতীয় উচ্চাঙ্গ সংগীত দাক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰেই গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ। উত্তৰ ভাৰতৰ সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায়। গাম্ভীৰ্যৰ লগত ঠায়ে ঠায়ে এই সংগীতত আমি এক উৰণীয়া ভাবৰ সংযোগ দেখিবলৈ পাওঁ।

প্ৰশ্ন ৪৪/ আৰ্টত কি কি বিপৰীত পন্থাই প্ৰকাশ লাভ কৰে? অথবা ---"সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত সন্থাই কাম কৰা দেখা যায়।" ইয়াত উল্লেখ কৰা বিপৰীত পন্থা দুটাৰ নাম লিখা।
উত্তৰ : সাধাৰণতে আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে। এটা উদ্দেশ্য কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা।

প্ৰশ্ন ৪৫/ হিন্দুৰ নৈৰাশ্য আৰু উদাহীনতাৰ মূল কাৰণ কি আছিল?
উত্তৰ : মুছলিম আৰু হিন্দুৰ প্ৰথম সংঘৰ্ষই হিন্দুৰ মনত পোনতে বিপ্লৱৰ সৃষ্টি হৈছিল। অৱশেষত বিপ্লৱৰ পতনে তেওঁলোকৰ মনত নিৰাশাৰ জন্ম দিছিল। এই নিৰাশাই ক্ৰমাৎ জীৱনৰ প্ৰতি উদাহীনতাৰ সৃষ্টি কৰিছিল।

প্ৰশ্ন ৪৬/ আধ্যাত্মিকতাই প্ৰাক মুছলমান যুগৰ সমাজত কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছিল ?
উত্তৰ : আধ্যাত্মিকতাবাদে প্ৰাক- মুছলিম যুগৰ হিন্দু সমাজৰ ওপৰত এটা সুকীয়া প্ৰভাৱ বিস্তাৰ কৰিছিল। পৰম পুৰুষৰ ধ্যানে মানুহক সামাজিক অসামঞ্জস্যৰ কথাৰ পৰা আঁতৰাই ৰাখিছিল। পদদলিত সৰ্বসাধাৰণে অদৃষ্টৰ ওপৰত আস্থা ৰাখি জীৱনৰ সকলো গ্লানি স্বীকাৰ কৰি লৈছিল।

প্ৰশ্ন ৪৭/ কিহৰ সংঘাতে আমাৰ অধ্যত্মিকতাৰ ধমনী কঁপাই তুলিছিল ?
উত্তৰ : ইছলামৰ সংঘাতে আমাৰ অধ্যাত্মিকতাৰ ভেটি কঁপাই তুলিছিল। পাৰ্থিৱ আৰু অপাৰ্থিৱ দুয়োটাতে ইছলামৰ আস্থা প্ৰায় সমান।

প্ৰশ্ন ৪৮/ ভাৰতীয় জাতিৰ আপুৰুগীয়া সম্পদ কি ?
উত্তৰ : তুলসীদাসৰ "ৰামায়ণ" , শংকৰদেৱৰ "কীৰ্তন" ,মাধৱদেৱৰ "নামঘোষা" প্ৰভৃতি জাতিৰ আপুৰুগীয়া সম্পদ। আৰ্টসমূহৰ ভিতৰত ভাস্কৰ্য কলাই হৈছে সমাজৰ সন্দৰ্যবোধৰ ওপৰত বেছি নিৰ্ভৰশীল।

প্ৰশ্ন ৪৯/ কবি, চিত্ৰকৰ আৰু ভাস্কৰ্যৰ কাৰ্যৰ মাজত প্ৰভেদ কোনখিনিত ?
উত্তৰ : কবিয়ে ব্যক্তিগত ভাব- তৰঙ্গত উটি ঘূৰি ফুৰিব পাৰে, চিত্ৰকৰে নিৰলত সপোন ৰচি সম্পূৰ্ণতা লভিব পাৰে। ভাস্কৰ্য শিল্পীকহে কেৱল সমূহীয়া প্রচেষ্টা আৰু সামাজিক ভাৱধাৰাৰ ওপৰত বিশেষভাৱে নিৰ্ভৰ কৰিবলগীয়া হয়।

প্ৰশ্ন ৫০/ পণ্ডিত ৰাহুল সংকৃত্যায়নে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছিল ? [M.Q,'2015]
উত্তৰ : "মধ্য এছিয়া কা ইতিহাস" নামৰ গ্ৰন্থৰ বাবে।

প্ৰশ্ন ৫১/ লিখকে ভাৰত বুৰঞ্জীক কিয় ৰাজ্যৰ উত্থান-পতন, ভঙা- গঢ়াৰ বুৰঞ্জী বুলি কৈছে ?
উত্তৰ : ভাৰতৰ বুৰঞ্জী হৈছে উত্থান- পতন আৰু ভঙা- গঢ়াৰ বুৰঞ্জী। এই দেশৰ সম্পদ আৰু প্ৰাচুৰ্যৰ প্ৰতি বিভিন্ন দেশৰ শেনচুক অতি প্ৰাচীন কালৰে পৰাই আছিল। 

এই দেশলৈ ইটোৰ পাছত সিটো গোষ্ঠীৰ আক্ৰমণ বা অভিযান, ইটো পতিয়ালৰ পিছত সিটো পৰিয়ালৰ শাসনভাৰ গ্ৰহণ, ইত্যাদি ঘটনাৰে ভাৰতৰ বুৰঞ্জী ভাৰাক্ৰান্ত। তথাপি ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি ক্ৰমবৰ্দ্ধমান সোঁতেৰে বৈ আছিল। ই অকস্মাতে ৰাজ্য ভঙা-গঢ়াৰ হেঁচাত ৰুদ্ধ হৈ যোৱা নাছিল। 

এয়ে হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বৈশিষ্ট্য। শক, হূন, পাঠান, মোগলৰ বিভিন্ন দল আক্ৰমকাৰী ৰূপতভাই ভাৰতলৈ আহিল আৰু ভাৰতীয় সংস্কৃতিৰ সৈতে মিলি গ'ল। এনেদৰে বিভিন্ন সময়ত হোৱা আক্ৰমণ প্ৰতি আক্ৰমণ, অভিযান আৰু প্ৰতি অভিযানৰ ইতিহাসেৰে ভাৰতৰ বুৰঞ্জী ভাৰাক্ৰান্ত।

মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সংস্কৃতি ধ্বংসৰ পিছত ইয়াত আৰ্যসংস্কৃতি প্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম হয়। তথাপিও তাৰ মাজতেই আৰ্য- অনাৰ্যৰ সমন্বয় আৰু সমাৰোহণৰ যোগেদি ভাৰতীয় সংস্কৃতি বিকশিত হোৱাৰ সুযোগ পায়।




Class 10 Assamese Notes





Class 10 Assamese Textbook






Class 10 Assamese Grammar




Class 10 Assamese Essay







Class 10 Hindi Notes




Class 10 Hindi Textbook




Class 10 Hindi Essay






Class 10 Hindi Grammar




Class 10 Science Notes


CHEMISTRY

BIOLOGY

PHISICS


Class 10 English Notes





Class 10 Maths Notes


Post a Comment

0 Comments

People

Ad Code