Recent in Technology

assamese essay for class 10 - rosona কিতাপ | 2023 📙📚 Free Learn🧠

নমস্কাৰ, আপোনাক আকৌ নতুন এটা আৰ্টিকলত স্বাগতম জনাইছো। assamese essay for class 10 যদি দশম শ্ৰেণী অসমীয়া ৰচনা বিচাৰি আছে, তেন্তে সম্পূৰ্ণ পাঠ কৰক।

সকলো গুৰুত্বপূৰ্ণ বিষয় বোৰ ইয়াতে সন্নিৱিষ্ট কৰা হৈছে। সৰ্ব মুঠ ১৩ খন ৰচনা দিয়া হৈছে।


✓মনোযোগ দিব: যদি আপুনি Direct এখন - এখন ৰচনাৰ আৰম্ভণি বা সামৰণি বা অন্য বিষয়বোৰ চাব বিচাৰে, তেন্তে সেউজীয়া লিংকত ক্লিক কৰি redirect হ'ব পাৰিব।

ৰচনাৰ মুখ্য পৃষ্ঠা:

তােমাৰ প্রিয় সাহিত্যিকজন:

ছাত্র-ছাত্রী কর্তব্য:

তােমাৰ জীৱনৰ লক্ষ্য:

বিজ্ঞানৰ অৱদান:

তােমাৰ প্ৰিয় গ্ৰন্থখনি:

অসমৰ প্ৰাকৃতিক সম্পদ:

পুথিভঁৰাল আৰু পুথি অধ্যয়ন:
দূৰদৰ্শন : ইয়াৰ ভাল আৰু বেয়া প্ৰভাৱ:

অসমৰ জলন্ত সমস্যা:

অসমৰ অভয়াৰণ্য আৰু জীৱ-জন্তু:

অসমৰ জাতীয় উৎসৱ:

তুমি পালন কৰা এটি ধর্মীয় উৎসৱ (দুর্গা পূজা):

অসমৰ এজন দেশহিতৈষী পুৰুষ (দেশভক্ত তৰুণৰাম ফুকন):



assamese essay for class 10 - rosona কিতাপ 📝







(অসমীয়া ৰচনা)






(১) তােমাৰ প্রিয় সাহিত্যিকজন / [HSLC 11,'20] 
অথবা, এগৰাকী খ্যাতনামা অসমীয়া লেখক 
অথবা, তুমি ভালপােৱা এগৰাকী লেখক 
অথবা, তুমি ভাল পােৱা এগৰাকী আদর্শ ব্যক্তি।

1/আৰম্ভণি : 

সাহিত্যৰ সংজ্ঞা একেষাৰ কথাতে দিয়া টান। সাহিত্যৰ সংজ্ঞা সম্পর্কত অনেকে অনেক মত প্ৰকাশ কৰিছে। সংস্কৃত আলংকাৰিকসকলৰ মতে সাহিত্য শব্দটো ‘সহিত' শব্দৰ পৰা নিষ্পন্ন হৈছে, সহিতস্য ভাবঃ সাহিত্যম; অর্থাৎ, সহভাব বা মিলনেই সাহিত্য। এই মিলন হ’ল শব্দ আৰু অৰ্থৰ। গতিকে শব্দ আৰু অৰ্থৰ সু-সংগতি বা মিলনকেই সাহিত্য বােলে।

সাহিত্যৰ একান্ত উপাসকসকলকেই সাহিত্যিক বােলে। এই সাহিত্যিকসকলৰ কৰ্তব্য আৰু মহান ব্রত হ’ল সাহিত্য সৃষ্টিৰ জৰিয়তে সমাজত সতাক প্রতিষ্ঠা কৰা। 


এই সত্য শিৱ সুন্দৰৰ পূজাৰী সাহিত্যিকসকল তেওঁলােকৰ অমূল্য লিখনিৰ জৰিয়তে সমাজত। খ্যাত হৈ পৰে। তেওঁলােকে সমাজেৰ প্ৰতিজন নৰ-নাৰীৰ মনৰ কথা, হাঁহি-কান্দোন, সুখদুখ, সমস্যা আৰু তাৰ প্ৰতিকাৰ আদি সাহিত্যৰ মাজেৰে প্ৰকাশ কৰে। 

এই কাৰণেই সাহিত্যিকসকল সমাজৰ প্রিয়, সমাজে তেওঁলােকক আদৰ সন্মান কৰে।

এইসকল সাহিত্যিকৰ মাজৰ পৰা কোনজন মােৰ প্রিয়, বা কোনজনক মই ভাল পাওঁ, এই কথা কোৱাটো কিছু জটিল। তাৰ মাজতে একোজন এনে খ্যাতনামা সাহিত্যিক আছে। 

যাৰ লিখনিৰ মূল্য নির্ণয় কৰা সহজসাধ্য নহয়। অসমীয়া ভাষা-সাহিত্যত অনেকজন এনে। প্রিয় তথা খ্যাতনামা সাহিত্যিক আছে। তাৰে ভিতৰত জ্ঞানপীঠ বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য।

সাহিত্যিকজনৰ সাহিত্যিক পৰিচয় : 


অসমীয়া ভাষা-সাহিত্যত অতি জনপ্রিয়তা লাভ - কৰা অন্যতম সাহিত্যিক হ’ল ড” বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য। 

তেওঁ আছিল একেধাৰে ঔপন্যাসিক, গল্পকাৰ, কবি, নাট্যকাৰ, প্রবন্ধকাৰ আঁৰু সাংবাদিক। প্রকৃতপক্ষে সাংবাদিকতাৰেই তেওঁ সাহিত্যিক জীৱন আৰম্ভ কৰে আৰু ইয়াৰ জৰিয়তেই তেওঁৰ সাহিত্যিক জীৱন প্রতিভাত হৈ উঠে। 

সাহিত্যৰ এনে এটা দিশ নাই য'ত তেওঁ লিখনি আগঢ়োৱা নাই।

সীমিত সংখ্যক কবিতাৰে অসমীয়া কাব্য জগতত এগৰাকী সু-প্রতিষ্ঠিত কবি হিচাপে খ্যাতি লাভ কৰা ড° ভট্টাচাৰ্যৰ বিখ্যাত এটি কবিতা হ’ল বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি ‘চম খণ্ড’ নামৰ কবিতাটোও এটি জনপ্রিয় কবিতা। 
তেওঁৰ কবিতাসমূহৰ মাজেৰে জনতাৰ উত্থান হােৱা আশাৰ ভাব ফুটি ওলাইছে। তেওঁৰ একমাত্র কবিতা পুথি হ’ল সান্ধ্য স্বৰ।

ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্যই সময়ৰ তাগিদাত মাজে সময়ে কবিতা লিখিছিল যদিও তেওঁ প্রখ্যাত হৈ পৰিছিল ঘাইকৈ ঔপন্যাসিক গল্পকাৰ হিচাপেহৈ। 

তেওঁৰ প্রতিভা কথাশিল্পী। হিচাপেহে বেছি উজ্জ্বল সাম্যবাদী চিন্তাধাৰাৰে আৰু সংস্কাৰধৰ্মী আদর্শেৰে তেওঁ যিখিনি। কথা লিখি থৈ গৈছে তাৰ সামগ্রিক বিচাৰ প্ৰকৃতাৰ্থত হ’বলৈ এতিয়াও বাকী। 

১৯৯৭ চনৰ ৬ আগষ্টত হােৱা মৃত্যুৰ সময়লৈকে ড° ভট্টাচাৰ্যৰ ৰাজপথে ৰিঙিয়ায়’, ‘আই’, ইয়াৰুইঙ্গম’, ‘মৃত্যুঞ্জয়’, ‘শতঘ্নী’, ‘প্রতিপদ’, ‘কবৰ আৰু ফুল’, ‘বল্লী’, আদি তেইশখন উপন্যাস প্রকাশ পাইছে। কলং আজিও বয়’, ‘সাতসৰি’, ‘খিৰিকী কাষৰ আসন’ - এই তিনিখন তেওঁৰ গল্পপুথি

ৰেডিঅ’ নাটক হ’ল 

  • “জোনালী’, 
  • ‘ভাৰতী’, 
  • ‘শকুন্তলা’, 
  • ‘যজ্ঞ’, 
  • ‘মুক্তি’, 
  • শতঘ্নী’, 
  • ‘মুখা’, 
  • ‘বিবেক’, 
  • ‘সােণৰ 
  • ভােগজৰা’, 
  • ‘খহনীয়া’, 
  • ‘টুটুফি’, 
  • ‘অহল্যা’, 
  • বলিয়া’, 
  • ‘বৰাগী’, আদি। 

মঞ্চ নাটক হ’ল –‘ব্রহ্মচাৰী। এই নাটকখন এখন ফৰাচী নাটকৰ অনুবাদ। ইয়াৰ উপৰিও তেওঁ ‘গােমধৰ কোৱৰ’, ‘পিয়লি ফুকন’, ‘কুশল কেঁৱৰ’, ‘মণিৰাম দেৱান’, ‘এজন খঙাল যুৱক’ আদি একক অভিনয়মূলক নাটকো ৰচনা কৰিছিল।

একমাত্র প্রবন্ধ সংকলন হ’ল —“আধুনিকতা আৰু সাহিত্য। এই গ্রন্থসমূহৰ উপৰিও ড° ভট্টাচার্যই জীৱনী, ভ্রমণ কাহিনী, সাহিত্য-সংস্কৃতিমূলক আৰু অনূদিত কেইবাখনাে মূল্যবান গ্রন্থ অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়াই গৈছে। 

তাৰ ভিতৰত শ্ৰীঅৰবিন্দ’, বংগদেশৰ নৱজাগৰণ আৰু ঈশ্বৰ চন্দ্র বিদ্যাসাগৰ’, ‘গােপীনাথ বৰদলৈ, কর্মবীৰ নবীন চন্দ্র শর্মা, ৰাছিয়া যাত্রা’, ‘চীনত কি দেখিলোঁ’, ‘ডেৰশ বছৰৰ অসমীয়া সংস্কৃতিত এভুমুকি’, ‘সংবাদ সাহিত্য’, ‘অসমীয়া সাহিত্যত হাস্যৰস’, ‘ভাৰতৰ ইতিহাস’, ‘একুৰি এটা চুটি গল্প’, ‘দেৱ দুন্দুভি বাজে’, ‘কৃষ্ণকান্ত সন্দিকৈৰ সাহিত্য চিন্তা’, ‘সীমাই আমনি কৰে আদি। 

সাংবাদিকতাৰে জীৱন আৰম্ভ কৰা ড° বীৰেন্দ্র ভট্টাচার্যই কলিকতাত আইন পঢ়ি থকা সময়তেই ‘বাহী’ কাকতৰ সহকাৰী সম্পাদকৰূপে কার্যনির্বাহ কৰিছিল। 

তাৰ পিছতেই তেওঁ দৈনিক এডভান্স’ কাকতৰ সাংবাদিক, দৈনিক অসমীয়াৰ সহকাৰী সম্পাদক, ছছিয়েলিষ্ট পার্টীৰ মুখপাত্র ‘জনতা’ৰ সম্পাদক, ১৯৫১ চনৰ পৰা ১৯৬৩ চনলৈ মধেনু’ আলােচনীৰ সম্পাদক, ১৯৬৩ চনৰ ৰা ১৯৬৬ চনলৈ নৱযুগ’ বার্তালােচনীৰ পাদক, দৈনিক অসমত স্তম্ভ লিখক, প্রকাশ’ আলােচনীৰ মুখ্য সম্পাদক আদি বিভিন্ন দকৰ দায়িত্বত থাকি কার্যনির্বাহ কৰে। 

গুৱাহাটী বিশ্ববিদ্যালয়ত সাংবাদিক বিভাগতাে তেওঁ অধ্যাপনা কৰিছিল।

উল্লেখযােগ্য সম্মান আদি :


ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্যই সাহিত্য জগতত বিৰল । সন্মান লাভ কৰি অসমীয়া জাতি তথা ভাষা-সাহিত্যক আৰু অধিক উজ্জ্বল কৰি তুলিছিল। 

১৯৬১ চনত তেওঁৰ নগা সমাজৰ পটভূমিত লিখা ‘ইয়াৰুইঙ্গম উপন্যাস বাঘে সাহিত্য অকাডেমীৰ পূৰস্কাৰ লাভ কৰে। ১৯৭৯ চনত 'মৃত্যুঞ্জয়' উপন্যাসৰ বাবে ভাৰতীয় সাহিত্যৰ শ্রেষ্ঠ সন্মান জ্ঞানপীঠ বঁটা পায়। ১৯৮৭ চনৰ পৰা পাঁচ বছৰলৈ সাহিত্য একাডেমীৰ সভাপতি পদত অধিষ্ঠিত হয়। 

১৯৮৩ চনত বঙাইগাঁৱত অনুষ্ঠিত সাহিত্য। সভাৰ সােণালী জয়ন্তী অধিৱেশনৰ সভাপতি পদ অলংকৃত কৰে। '১৯৯৫ চনত কুৰুক্ষেত্র। বিশ্ববিদ্যালয়ৰ ৰাম মনােহৰ লােহিয়া আসনৰ অধ্যাপক হয়।

1/সামৰণি : 


সহজ-সৰল আৰু অতি মর্মস্পর্শী ৰসাল ভাষাৰে লিখা ড” বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সমূহ লিখনিয়ে অসমীয়া তথা সকলাে পঢ়ুৱৈ সমাজৰে অতি আদৰ। 

ইমানবােৰ গ্রন্থ ৰচনাৰে এতিয়ালৈকে অন্য কোনাে অসমীয়া সাহিত্যিকে নােপােৱা ‘জ্ঞানন্সীঠ বঁটা আৰু সাহিত্য একাডেমীৰ সভাপতি পদ লাভ কৰি অকল তেৱেঁই ধন্য হােৱা নাই, গােটেই অসমীয়া জাতিটোকে ধন্য কৰিলে। তেওঁৰ কোনাে কোনাে লিখনি অন্যান্য ভাষালৈ অনূদিত হৈছে।

১৯৯৭ চনৰ ৬ আগষ্টত এইজনা খ্যাতনামা তথা অতি জনপ্রিয় সাহিত্যিক হঠাতে মৃত্যু। হল যদিও তেওঁৰ অমূল্য লিখনিসমূহে আমাৰ মাজত চিৰকাল তেওঁক তামৰ কৰি ৰাখিব।

আধুনিক অসমৰ এগৰাকী খ্যাতনামা ব্যক্তি 
তুমি ভালপােৱা এগৰাকী বিখ্যাত ব্যক্তি 
তােমাৰ প্রিয় এগৰাকী শিল্পী বা সাহিত্যিক 
এগৰাকী মহান ব্যক্তিৰ জীৱনী। 
এগৰাকী দেশ প্রেমিক 
এই বিষয়সমূহৰ ৰচনাসমূহো ওপৰোক্ত ৰচনাখনৰ সহায়ত লিখিব পৰা যায়। 


Assamese Essay Student Social Service In Assamese



(২) সমাজ সংগঠন ছাত্র-ছাত্ৰীৰ ভূমিকা
অথবা, ছাত্রী-ছাত্রীৰ সমাজ সেৱা। 
অথবা, ছাত্ৰৰ কর্তব্য / [HSLC,11]
অথবা, ছাত্র-ছাত্রী কর্তব্য। 

2/আৰম্ভণি : 


শিক্ষা আহৰণত যিসকল লোেক ব্ৰতী সেইসকলকে ছাত্র বােলা হয়। শিক্ষা। 

আহৰণৰ ক্ষেত্ৰত বয়সৰ কোনাে নির্ধাৰিত সীমা নাই যদিও ছাত্র-ছাত্রী বুলিলে প্রাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় পর্যন্ত যিসকল সৰু ল'ৰা-ছােৱালী আৰু ডেকাগাভৰুৱে শিক্ষা আহৰণত ব্যস্ত থাকে সেইসকলকে সাধাৰণতে ছাত্র-ছাত্রী বুলি ধৰা হয়।


এইসকল ছাত্র-ছাত্রীৰ কর্তব্য সম্পর্কেই ইয়াত আলােচনা কৰা হ'ব।

ছাত্র-ছাত্রীৰ কৰ্তব্য আৰু সমাজ সেৱা : 


শিক্ষা আহৰণ তথা অধ্যয়নত ব্যস্ত লৰা ছােৱালীকে যিহেতু ছাত্র-ছাত্রী বােলা হয় গতিকে বুজা যায় ছাত্র-ছাত্রীৰ প্ৰথম আৰু প্রধান কর্তব্যই হৈছে অধ্যয়ন। 

সংস্কৃতত কোৱা হয় ‘ছাত্রানাম অধ্যয়নং তপঃ ছাত্ৰৰ অধ্যয়নেই তপস্যা। অধ্যয়নৰ জৰিয়তেই ছাত্র-ছাত্রীসকলে ভৱিষ্যৎ জীৱন গঢ়ি তুলিব পাৰে। 

এই সময়ছােৱাত অধ্যয়নৰ প্রতি তথা শিক্ষা আহৰণৰ প্ৰতি যিসকলে আওহেলা কৰে, অকণমান সময়ে অবাবত নষ্ট কৰে সেইসকলৰ ভৱিষ্যৎ জীৱন অন্ধকাৰ। ভৱিষ্যতে তেওঁলােকে কোনাে কামৰে উপযােগী হৈ নপৰে।

সংসাৰত মানুহ হিচাপে চলিবলৈ বিভিন্ন সামগ্রীৰ লগতে অনেক গুণৰাে প্রয়ােজন হয়। এই গুণ আৰু প্ৰতিভাসমূহ লাভ হয় ছাত্র-জীৱনত অধ্যয়নৰ জৰিয়তে। 


অধ্যয়নেই ছাত্ৰৰ মহা ব্ৰত আৰু এই ব্রত ফলৱতী হয় সাধনাৰ জৰিয়তহে। অধ্যয়নত একান্ত আন্তৰিকতাপূর্ণ। 

মনােযােগ, অধ্যৱসায়, ঐকান্তিক অনুশীলন আৰু অনুসন্ধিৎসাৰ যােগেদিহে সাধনা আহে। সমাজৰ কাৰণে নিজকে এজন অতি প্রয়ােজনীয় আৰু অপৰিহাৰ্য ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে ছাত্ৰসকলে একমাত্র অধ্যয়নৰ জৰিয়তে। 

পিতৃ-মাতৃ, আত্মীয়-স্বজনৰ প্ৰতি কর্তব্য, ঘৰ, গাঁও, সমাজ তথা দেশৰ প্রতি কর্তব্য, ৰাজনীতি, সমাজনীতি, অর্থনীতি, বিজ্ঞান, আনকি আধ্যাত্মিক চিন্তাধাৰা আদিসমূহ বিষয়ৰ শিক্ষা লাভ হয় ছাত্র জীৱনতে। 

এই সকলাে আদর্শ শিক্ষাও ছাত্র-ছাত্রীৰ পাঠ্যক্ৰমৰ অন্তর্ভুক্ত কৰা হৈছে। গতিকে নিজকে এজন পূর্ণ মানুহ হিচাপে গঢ়ি তুলিবলৈ ছাত্র জীৱনত একান্ত মনােযােগেৰে অধ্যয়ন আৰু সাধনাৰ জৰিয়তে আহৰণ কৰিব লাগে। ছাত্র জীৱনটো হ’ল নিজৰ বাবে, সমাজ তথা দেশৰ বাবে উপযুক্ত কৰি গঢ়াৰ অমূল্য সময়। এই সময় এবাৰ হেৰাই গ'লে পুনৰ ঘূৰাই পােৱাটো কেতিয়াও সম্ভৱ নহয়।

অধ্যয়নেই ছাত্ৰসকলৰ মুখ্য কাম আৰু ব্ৰত যদিও ইয়াক মুখ্য ব্রত হিচাপে গ্ৰহণ কৰি ইয়াৰ মাজেৰেও ছাত্র-ছাত্রীসকলে সমাজৰ প্ৰতি কৰিবলগীয়া কাম আছে। 

যিহেতু ছাত্ৰসকল একোখন সমাজৰ উল্লেখযােগ্য অংগ গতিকে সমাজৰ প্ৰতি থকা তেওঁলােকৰ দায়িত্বও উল্লেখযােগ্য। ছাত্ৰসকলৰ এই দায়িত্ব সমাজৰ প্রতি এক প্ৰকাৰ সেৱা। সমাজ বাদ দি। 

মানুহে সুস্থ, উন্নত আৰু সুখী-সমুজ্জ্বল জীৱন-যাপন কৰাটো কল্পনাই কৰিব নােৱাৰে। ছাত্র-ছাত্রীসকলে নিজ পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্রী, গুৰুজন, সন্মানীয় ব্যক্তিসকলৰ প্রতি বাধ্য আৰু শ্ৰদ্ধাভক্তিশীল হােৱা উচিত। 

ইয়াে তেওঁলােকৰ সামাজিক কর্তব্য। ছাত্রসমাজৰ ৩ব্যসমূহেই সামাজিক সংগঠনৰ একোটা উল্লেখযােগ্য দিশ। কিয়নাে ছাত্ৰসকলে ছাত্রজীৱনতে আহৰণ কৰিব, যি ভূমিকা ল'ব সেয়াই ভৱিষ্যৎ, সমাজখনৰ ভাল বেয়া নির্ণয় কৰিব। 

হএসকলৈ অধ্যয়নত ৰত্ন থাকিও আজৰি সময়ত, বন্ধৰ দিনত সমাজৰ অন্যান্য ব্যক্তিৰ সহযােগত সমাজ উন্নয়নৰ বিভিন্ন সেৱা আগবঢ়াব পাৰে। গাঁও বা অঞ্চলত অনুষ্ঠিত সংঘ, পুথিভঁৰাল, উৎসৱ, উদ্যাপন আদিত সাধাৰণতে মুখ্য ভূমিকা লয় ছাত্র-ছাত্রীসকলেই।সমাজৰ, গাঁৱৰ বিভিন্ন সেৱা, সংগঠন আৰু উন্নয়নৰ বাবেই এনেবােৰ অনুষ্ঠান নিয়ােজিত হয়। 

গাঁও বা অঞ্চলৰ নিৰক্ষৰতা দূৰীকৰণ, ঐক্য সংহতি স্থাপন কৰি ভাতৃত্ব আৰু সহযােগী মনােভাব গঢ়ি তােলা, ৰাস্তা-ঘাট আদিৰ উন্নয়ন, মেৰামতিকৰণ সামাজিক অন্ধবিশ্বাস দূৰ কৰি বর্তমান বৈজ্ঞানিক দৃষ্টিভংগীৰে সকলাে কথা চালি-জাৰি চোৱা, আর্থিক স্বাৱলম্বিতাৰ বাবে চৰকাৰী আঁচনিসমূহৰ সুযােগ গ্রহণ কৰিবলৈ দুখীয়া তথা নিচলা লােকসকলক উদগনি দিয়া, বিভিন্ন প্রাকৃতিক দুর্যোগ, মহামাৰী আদিত আঞ্চলিক ৰাইজক সহায়-সহযােগ আগবঢ়োরা, দুখীয়া মেধাবী ছাত্র-ছাত্রীৰ অধ্যয়নৰ পথত আহি পৰা বাধা আঁতৰ কৰিবলৈ দান-বৰঙণি তুলি সহায় আগবঢ়োৱা, অঞ্চলত গঢ়ি উঠা বিভিন্ন শিক্ষা, সংস্কৃতিমূলক অনুষ্ঠানৰ সততে জড়িত হােৱা আদি সকলাে কামতে কম বেছি পৰিমাণে ছাত্ৰসকলৰ ভূমিকা উল্লেখযােগ্যভাৱে থাকিব লাগে আৰু বর্তমান সময়ত আছেও। 

আনকি বর্তমান ছাত্রসমাজ ৰাজনীতিতে পােনপটীয়াভাৱে জড়িত হৈ পৰা দেখা যায় যদিও ছাত্রসমাজৰ বাবে ই একেবাৰে শুভ নহয়। ছাত্র-ছাত্রীসকলক ৰাজনীতি বিজ্ঞানৰ শিক্ষা দিয়া হয় যদিও পােনপটীয়াভাৱে ৰাজনীতিত নামি পৰিলে অধ্যয়ন আৰু প্রকৃত কর্তব্যত বাধা আহি পৰে। ছাত্ৰ-ছাত্ৰীসকল ৰাজনৈতিক নেতাসকলৰ কেতিয়াও - দালাল হ'ব নালাগে।
বর্তমান শিক্ষাত যিদৰে বিজ্ঞানক আগস্থান দিয়া হৈছে সেইদৰে বিভিন্ন পাঠ্যক্রমাে বিজ্ঞানসন্মতভাৱে সজোৱা হৈছে। গতিকে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ কেনেকুৱা, বর্তমান সময়ত বিজ্ঞান শিক্ষাৰ প্ৰয়ােজনীয়তা কিমান,- এই কথা কেরল ছাত্রছাত্রীসকল আৰু শিক্ষিত সমাজেহে বাৰুকৈয়ে উপলব্ধি কৰিব পাৰে। গতিকে এ অবস্থাত সাধাৰণ মানুহৰ মাজতাে বিজ্ঞানৰ প্ৰভাৱ আৰু প্রয়ােজনীয়তা সম্পর্কে বুজাই দিয়াৰ দায়িত্বও ছাত্র সমাজৰেই।

2/সামৰণি : 


মুঠতে সমাজৰ এটা উল্লেখযােগ্য অংগ হিচাপে ছাত্রসমাজৰ অধ্যয়নৰ উপৰিও সামাজিক দায়বদ্ধতাও.অধিক। সমাজ উন্নয়নৰ এনে এটা কাম নাই য'ত ছাত্ৰসকল জড়িত নহয়। 




Assamese Essay Aim In Life


(৩) তােমাৰ জীৱনৰ লক্ষ্য /[HSLC 92, '97, 99(R), 99, 02(R), '07, HSLC. '13 HSLC'15]

3/আৰম্ভণি : 


লক্ষ্যহীন জীৱন গুৰিয়ালবিহীন নাৱৰ দৰে। বিশাল জলৰাশিৰ মাজত চলা নাৱত যদি গুৰিয়াল নাথাকে সেই নাও সুস্থিৰে চলাই নিবতাে নােৱাৰিয়েই সি বিপদৰ সন্মুখীন হৈ ধ্বংসও হ'ব পাৰে; ঠিক সেইদৰে লক্ষ্যহীন জীৱনাে সুনির্দিষ্ট পথত আগবাঢ়িব নােৱাৰে। 

আগবাঢ়িলেও পদে পদে নানান বিপদ আৰু অসবিধাৰ সন্মুখীন হ'বলগীয়া হয়; সানকি সঠিকভাৱে জীৱন গঢ়াতাে ব্যর্থ হােৱাৰ ভয় থাকে।

লক্ষ্য স্থিৰ কৰাৰ আৱশ্যকতা : 


আকাংক্ষা মানুহৰ জীৱনৰ এটি সহজাত প্রবৃতি। দুখীয়া-নিচলা, খুজিখােৱা মগনীয়াও আকাংক্ষা কৰে এদিন সিহঁতৰ অৱস্থা ভাল হ'ব, দখৰ দিন আঁতৰিব। 

খেতিয়কে ভাবে তেওঁলােকে খেতিৰ পৰা অধিক উৎপাদন লাভ কৰিব; টকা-পইচা অলপ অলপকৈ সাঁচি হলেও মাটি-বাৰী বঢ়াব; হালােৱা গৰুৰ সলনি টেক্টৰ আদি ল'ব পাৰিব। 

কম টকাৰে আৰম্ভ কৰা ব্যৱসায়ীয়েও আকাংক্ষা কৰে ব্যৱসায়ৰ। জৰিয়তেই তেওঁ এদিন লাখপতি হ’ব। ছাত্র-ছাত্রীসকলেও ভাবে পঢ়ি শুনি ডাঙৰ মানুহ হ'ব; ভাল চাকৰি কৰিব, সা-সম্পত্তি, গাড়ী-মটৰ ঘটিব।

পিছে এই আকাংক্ষা মনত পুহি থাকিলেই ই পূৰ নহয়। তেনে হ’বলৈ সঠিকভাৱে জীৱনত লক্ষ্য কৰি লব লাগিব আৰু যেতিয়াই তেনেভাৱে লক্ষ্য কৰি লােৱা যায় তেতিয়াই সেই লক্ষ্যত উপনীত হ’বলৈ মনত আৰু দেহত কঠোৰ দৃঢ়তা আৰু প্ৰেৰণা আনি দিয়ে। মনৰ দৃঢ়তা আৰু প্ৰেৰণাই হৈছে জীৱনৰ উন্নতিৰ মূলমন্ত্র। 

মােৰ লক্ষ্য আৰু আদর্শ : 


ওপৰৰ এই সমূহ কথা চিন্তা কৰি কিছু জনা-বুজা হােৱাৰে পৰাই মই মােৰ জীৱনৰ লক্ষ্য স্থিৰ কৰি লৈছাে। আজিকালিৰ দিন আগৰ দিনৰ দৰে নহয়। 

আগতে এনে আছিল কি কৰাে, কি হ’ম, পিছৰ কথা, প্রথমে কিছু পঢ়ি শুনিয়েই লওঁচোন। জীৱনৰ কোনাে লক্ষ্য নােহােৱাকৈ তেনেকৈ পঢ়ি শুনিয়েই সেই সময়ত ঘপকৰে মনােমত চাকৰিও পাইছিল অথবা জীৱিকাৰ উপায়াে পাইছিল। কোনাে বহি থাকিবলগীয়া নহৈছিল। 

বর্তমান সেইদিন নাই। ভালদৰে পঢ়া-শুনা কৰিও আজিৰ অনেক ল'ৰা-ছােৱালীয়ে। জীৱিকাৰ উপায় নােপােৱা হৈছে। কিন্তু যােগ্যভােগ্য বসুন্ধৰা,- এই কথাত সাৰােগত কৰি মই মােক এনেভাৱে যােগ্য কৰি তুলিম বুলি ভাবিছোঁ যাতে মই কোনাে প্রকাৰেই কাৰাে বােজা বা সমস্যা হৈ নপৰাে। নিজৰ লগতে আন দহজনেও যাতে জীৱিকাৰ উপায় পায় তাৰ চিন্তা কৰিছোঁ।
মােৰ জীৱনৰ লক্ষ্য হল এজন উপযুক্ত শিক্ষক হােৱা। মই দেখি শুনি বুজিব পাৰিছোঁ এজন উপযুক্ত শিক্ষক হােৱা একেবাৰে সহজ কথা নহয়। উপযুক্ত শিক্ষক হ’ব লাগিলে অনেক গুণৰ প্রয়ােজন। সেই গুণবােৰ হ’ল কর্ম তৎপৰতা, বিনয়ী, সহনশীল, ধীৰ-স্থিৰ, সময়নিষ্ঠতা, গভীৰ অধ্যয়নশীল, বিষয়-জ্ঞান গভীৰতা, মৰমিয়াল, সহযােগী মনােভাব, নি পিপাসু, ব্যক্তিত্বসম্পন্ন আদি। 
এনেবােৰ গুণ আহৰণ কৰিব লাগিলে কঠোৰ সাধনা যত্নৰ প্রয়ােজন। আজিকালি দেখিছাে এনে গুণসম্পন্ন প্রকৃত শিক্ষক খুব কমেইহে পোৱা যায়। ৰাজনৈতিক হস্তক্ষেপত একেবাৰে অৰ্হতাহীন কোনাে কোনাে লােককো শিক্ষক শিক্ষয়িত্ৰী হিচাপে নিযুক্তি দিছে। 

ইয়াৰ ফলত শিক্ষাৰ অপচয় ঘটিছে, ছাত্র-ছাত্রীসকল সুশিক্ষা লাভৰ পৰা বঞ্চিত হৈছে, তেওঁলােকে প্রকৃত পথেৰে আগবঢ়াত অসুবিধা পাইছে; অৱশ্যে তাৰ মাজতে অনেক গুণী-জ্ঞানী শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী আছে, যাৰ সহায়ত অনেক জীৱনত সুশিক্ষা লাভ কৰি সুপথে গতি কৰিব পাৰিছে। 

মই তেনে এজন গুণী-জ্ঞানী শিক্ষক হ’ম বুলি লক্ষ্য স্থিৰ কৰি লৈছোঁ। তেনে গুণীজ্ঞানী শিক্ষক হ’ব লাগিলে যে কঠোৰ অধ্যয়ন লাগিব, কঠোৰ সাধনা লাগিব এই কথা বুজিয়েই পাঠ্য-পুথিৰ বিষয়জ্ঞানকে ভিতৰ কৰি সাময়িক বাহ্যিক জ্ঞান সমূহহা খৰচি মাৰি বুজিবলৈ, জানিবলৈ, আহৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। অর্থ আৰু সামর্থ্যই যিমানলৈকে আটে সিমানলৈকে পঢ়ি মই উপযুক্ত অহ আহৰণ কৰিম।

শিক্ষকতা সময়ত যথেষ্ট অধ্যয়নপুষ্ট হ'ম। অধ্যয় কার্য মােৰ এৰাব নােৱৰা নিত্য কার্য হ’ব। পাঠদান কৰিবলগীয়া বিষয়সমূহ আগতীয়াকৈ পুংখানুপুংখভাৱে পঢ়ি বা বুজিহে শ্ৰেণীত সােমাম। কোনাে কথাত ছাত্র-ছাত্রীক মিছা কথা কৈ ভান্দিবলৈ চেষ্টা নকৰিম। 

শিক্ষক হলেই যে সকলাে কথা জানে এনে নহয়। শ্ৰেণীত পাঠ দান কৰোঁতে বা ছাত্র-ছাত্রীৰ লগত আলাপআলােচনা কৰোঁতে ছাত্র-ছাত্রীয়ে জানিব বিচৰা কোনাে কথাৰ উপযুক্ত উত্তৰ দিব নােৱাৰিলে সহজভাৱে নিজৰ অজ্ঞতা প্রকাশ কৰি তাক চাই-চিতি পিছত ক'ম বুলি ছাত্র-ছাত্ৰীক কৈ থম আৰু পিছত জানি-বুজি ছাত্র-ছাত্রীৰ সেই প্রশ্নৰ উত্তৰ দিম। 

তাকে নকৰি অনেকে আকৌ নিজে নজনাটো নেদেখুৱাই চালে বেৰে লগােৱা একোটা উত্তৰ দি থৈ ছাত্র-ছাত্রীক ভান্দিবলৈ বিচাৰে। ই বৰ অন্যায় কাম। মই তেনে কাম নকৰিম। কথাতে কয় — নজনাটো একো লাজৰ কথা নহয় কিন্তু জানিবলৈ চেষ্টা নকৰাটোহে ডাঙৰ লাজৰ কথা।

সকলাে কথাতে ছাত্র-ছাত্রীৰ লগত সহযােগী আৰু মৰম-চেনেহৰ ভাবেৰে চলিম। সকলাে ছাত্র-ছাত্রী মােৰ চকুত সমান হ’ব। মােৰ কোনাে ক্ষেত্ৰতে যাতে ছাত্র-ছাত্রীয়ে দুর্বলতা দেখিবলৈ নাপায়, তাৰ বাবে মই সততে সতর্ক হৈ চলিম। 

মদ, ভাং, বিৰি, চিগাৰেট আদি সেৱন কৰা শিক্ষকৰ বাবে মই ভাবাে একেবাৰে অনুচিত। তথাপি কোনাবাই তেনে কৰিলেও ছাত্র-ছাত্রীৰ অজ্ঞাতেহে কৰা উচিত। মই ইয়াৰ পৰা বিৰত থাকিম। উপযুক্ত শিক্ষকৰ উপযুক্ত শিক্ষাৰেহে ল’ৰা-ছােৱালী ভৱিষ্যৎ উপযুক্ত মানুহ হ'ব পাৰে, এই কথা মই সততে মনত ৰাখি নিজ কর্তব্য কৰি যাম। 

সমাজ আৰু অভিভাৱকৰ লগত সততে সৎ সম্পর্ক ৰক্ষা কৰি চলিম। দেশৰ একেবাৰে নিম্নস্তৰৰ চাকৰিয়ালৰ পৰা উচ্চস্তৰ চাকৰিয়াললৈকে, নেতাৰ পৰা মন্ত্ৰীলৈকে সকলােকে শিক্ষা দান কৰে শিক্ষকেই। গতিকে শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্য অতি পবিত্র আৰু মহান। শিক্ষক হিচাপে এই কথা মই সততে মনত ৰাখিম।

3/সামৰণি : 


শিক্ষক অতি গুণসম্পন্ন হ’ব লাগে যদিও, শিক্ষকতা এটা অতি দায়িত্বপূর্ণ আৰু মহান কাম যদিও সমাজত এতিয়াও এটা ধাৰণা আন চাকৰি নাপাইহে শিক্ষকতা কৰিছে; আনকি শিক্ষক বুলি এচাম লােকে ছােৱালী দিবলৈকে ইচ্ছা নকৰে। 

ইয়াৰ কাৰণ। হ'ল শিক্ষকসকলে ভেটি নাখায়, অন্যায় টকা আহৰণ নকৰে, সহজ-সৰল জীৱন-যাপন কৰে। আজিৰ বিলাসী জগতত এনেস্থলত এইচাম চাকৰিয়ালৰ স্থানেইবা ক’ত এনে ধাৰণা কিছুমানৰ। 

এই ধাৰণা আঁতৰ কৰিব পৰা যাব সকলাে শিক্ষকে মহান দায়িত্ব আন্তৰিকতাৰে পালন কৰি সমাজৰ সকলাে স্তৰৰ লােককে আকর্ষণ কৰিব পাৰিলে। 



(৪) মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান/ [HSLC.'12]
অথবা মানৱ সভ্যতাৰ বিকাশত বিজ্ঞানৰ অৱদান [HSLC.'19] 
অথবা, বিজ্ঞান আৰু মানৱ সভ্যতা। 
অথবা, বিজ্ঞানৰ অৱদান। |[HSLC'14, '17]

4/আৰম্ভণি : 


বর্তমান যুগটোক বহুতে বিভিন্ন ধৰণে নামকৰণ কৰিছে। কোনােৱে বিজ্ঞানৰ যুগ, কোনােৱে যান্ত্রিক যুগ আকৌ কোনােৱে প্লাষ্টিক যুগ আদি বুলিব বিচাৰিছে।

প্ৰকৃততে যি নামকৰণেই নকৰক কিয় ইয়াৰ মূলতে হ’ল বিজ্ঞান। বিজ্ঞানে বর্তমান মানৱ জীৱন তথা সভ্যতাৰ সকলাে স্তৰতে এনেধৰণেৰে প্ৰভাৱ বিস্তাৰ কৰিছে যে বিশ্বৰ কোনাে মানুহেই, কোনাে দেশেই, কোনাে জাতিয়েই ইয়াক এটা মুহূর্তও এৰাই চলিব নােৱাৰে। 

গতিকে মানৱ সমাজ তথা মানব সভ্যতালৈ বিজ্ঞানৰ অৱদান অপৰিসীম আৰু অতি আশ্চর্যজনক। 

বিজ্ঞানৰ অৱদানসমূহ : 


মানুহৰ এটি সহজাত প্রবৃত্তি হ’ল মানুহ বর্তমান যি অৱস্থাত আছে তাতকৈ উন্নত অৱস্থাৰ চিন্তা কৰে; যি জানিছে তাতকৈ অধিক জানিব বিচাৰে; যি পাইছে তাতে সন্তুষ্ট নাথাকি আৰু অধিক পাৰলৈ বিচাৰে। 

এই প্রবৃত্তি আৰু অনুসন্ধিৎসু মনেই মানুহক লৈ গৈছে বিজ্ঞানৰ ফালে, নতুন আৱিষ্কাৰৰ ফালে। আগতে । মানুহে 'ভাবিছিল পৃথিৱীৰ চাৰিওফালে সূর্যটো ঘূৰে; কিন্তু গেলিলিৱে যেতিয়া পৃথিবী সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি তথ্য আৱিষ্কাৰ কৰিলে তেওঁক ধর্মদ্রোহী বুলি কাৰাগাৰত বন্দী কৰি থ'লে। 

জর্জ ষ্টিফেনচনে ৰেলগাড়ী চলাই দেখুওৱাতাে সেয়া ভূত-প্রেতৰ কাৰ্য বুলি মানহে বিদ্রুপ কৰিছিল। কিন্তু তাৰ পিছত মানুহে তাক সত্য বুলি মানিবলৈ বাধ্য হ’ল। বিজ্ঞানে এনেদৰে প্রাচীন ভাব-ধাৰা, ৰীতি-নীতি, আৱ-হাৱা, কার্যপদ্ধতিৰ আমূল পৰিৱৰ্তন আনিবলৈ ধৰে। 

বিজ্ঞানৰ জৰিয়তে সকলাে দিশতে নতুন নতুন আৱিষ্কাৰ হ’ল। বিজ্ঞানৰ আৱিষ্কাৰসমূহে মানৱ জীৱনলৈ আশ্চর্যজনকভাৱে কঢ়িয়াই আনিলে সুখ আৰু স্বাচ্ছন্দ্য।

আগতে মানুহৰ ব্যৱহার্য অস্ত্র আছিল শিল, বাঁহ, কাঠ আদি। বিজ্ঞানৰ জৰিয়তে পাছত লাে আৰু নানা ধাতুৰ আধুনিক অস্ত্র-শস্ত্র তৈয়াৰ কৰি লবলৈ শিকিলে। 

গছৰ বাৰােং, গুহা, হাবি-জংগলত থকা মানুহে প্রথমে কাঠ-বাঁহ বননিৰে সজা ঘৰত, তাৰ পাছত আধুনিক ধৰণেৰে সজা কাঠ-বাঁহ-খেৰ, টিনপাত, তাৰাে পিছত বর্তমান পকা ঘৰ সাজি থাকিবলৈ ল'লে। এই সকলাে ক্রমােন্নতি বিজ্ঞানৰেই সুফল।

অতি প্রাচীন কালততাে মানুহে কাপােৰেই পিন্ধিব নাজানিছিল । পিছত লাজ আৰু জাৰ, বত আদিৰ পৰা ৰক্ষা পাবলৈ কঁপাহ আদি আঁহ জাতীয় বস্তুৰ পৰা হাতেৰে সূতা কাটি হাতেৰেই কাপোেৰ বৈ লৈছিল। 

আজি বিজ্ঞানে নানান যন্ত্র আৱিষ্কাৰ কৰি অত্যাধুনিক পােছাক-পাতি তৈয়াৰ কৰাৰ সুবিধা কৰি দিছে। হাতেৰে সূতা কাটি হাতেৰে বৈ কষ্ট কৰাৰ আৰু প্রয়ােজন নােহােৱা হ'ল।

খাদ্যাদিৰ বাচন-বৰ্তন, অন্যান্য প্রয়ােজনীয় আহিলা-পাতি, বাচন-বৰ্তনসমূহাে বিজ্ঞানে আৱিষ্কাৰ কৰা যন্ত্রপাতিৰে তৈয়াৰ কৰিব পৰা হ'ল। খাদ্যাদি প্রস্তুতকৰণতাে বিজ্ঞানৰ প্রভাৱ পৰিল। বিজ্ঞান পদ্ধতিৰে তৃপ্তিদায়ক খাদ্যাদি তৈয়াৰ কৰা উপৰিও বহুদিনলৈ সংৰক্ষণণা কৰিব পৰা হ'ল।

বিজুলী পৃথিৱীৰ এক চমকপ্রদ আৰু অতি প্রয়ােজনীয় আৱিষ্কাৰ। সাধাৰণ পােহবকে ভিতৰ কৰি সকলাে প্ৰকাৰ যান-বাহন, কল-কাৰখানা আজি বিজুলী শক্তিৰ দ্বাৰা পৰিচালিত হৈছে। গােটেই বিশ্ব ব্রহ্মাণ্ডই যেন বিজুলী শক্তিৰ দ্বাৰা চালিত হ'ব লাগিছে। দৈনন্দিন জীৱনত এনে এটা মুহূর্ত নাই যি বিজ্ঞানৰ দ্বাৰা চালিত হােৱা নাই।

খেতিৰ সা-সঁজুলি, ৰাসায়নিক সাৰ, খেতিৰ আধুনিক পদ্ধতি আদি বিজ্ঞানৰেই অৱদান। বৈজ্ঞানিক পদ্ধতিৰে জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত এডৰা মাটিতে অধিক উৎপাদন লাভ সম্ভৱ হৈ পৰিছে। যিয়ে এনে পদ্ধতি অৱলম্বন কৰিছে তাৰ আর্থিক অৱস্থাও স্বচ্ছল হৈছে।

বিজ্ঞানৰ বলত মানুহ অধিক বিলাসী হৈ পৰিছে। সেয়ে প্রাকৃতিক প্রসাধন সামগ্ৰীৰ বাহিৰেও আজি বিজ্ঞানে নানা কৃত্রিম প্রসাধন সামগ্রী তৈয়াৰ কৰিছে। 

শিক্ষাৰ বিভিন্ন সামগ্রী কাগজ, কমল, অন্যান্য যন্ত্রপাতি, আচ-বাব, কাৰিকৰী আৰু চিকিৎসাৰ সামান্যতমৰ পৰা আধুনিকতম যন্ত্রপাতি,সাজ-সৰঞ্জাম আদি, ৰােগ নির্ণয় পদ্ধতি, ঔষধ-পাতি আদি একমাত্র বিজ্ঞানৰেই মহৎ অৱদান। 

মিনিটে মিনিটে দেশ-বিদেশৰ খা-খবৰ পােৱা ফোন, ডাক ব্যৱস্থা, ফেক্স আদি বিজ্ঞানৰ অভূতপূর্ব আৱিষ্কাৰ। মুহুৰ্তৰ খবৰ মূহুর্ততে বাতৰি প্ৰচাৰ কৰিব পৰা, ছপা যন্ত্র, কম্পিউটাৰ আদি অত্যাধুনিক যন্ত্রপাতি, দূৰদৰ্শন, ৰেডিঅ’, ‘ভিডিঅ’, ভি.চি.আৰ, টেপ আদিও মানুহলৈ বিজ্ঞানৰে উপহাৰ। 

বিজ্ঞানে আজি বিশ্ব ব্রহ্মাণ্ডকে সৰু কৰি পেলাইছে। আধুনিক যাতায়াত ব্যৱস্থাই দূৰদূৰণি ঠাইতাে তন্মুহুর্ততে উপস্থিত হােৱাৰ সুবিধা কৰি দিছে। 

আনকি উৰি গৈ গ্রহনক্ষত্ৰৰ বুকুতে নামিব পৰা কৰি তুলিছে। বিজ্ঞানৰ বলত গ্রহ-নক্ষত্রৰ গতি-বিধি, গঠন, আকৃতি আদি বিষয়ে জানি আৰু নিৰীক্ষণ কৰি বিজ্ঞানীসকলে নতুন নতুন তথ্য আৱিষ্কাৰ কৰি মানৱ সভ্যতালৈ বিশেষ বৰঙণি আগবঢ়াইছে। 

ৰাজনীতি, সমাজনীতি, অর্থনীতি আদি সকলােতে বিজ্ঞানৰ অৱদান আছে। সমাজত অতীতৰে পৰা চলি থকা কিছুমান অন্ধ বিশ্বাসাে বিজ্ঞানৰ প্ৰভাৱতেই আজি আঁতৰ হৈছে। সমাজৰ সকলাে পর্যায়ৰ লােকৰ মনত এক আধুনিক আৰু উন্নত চিন্তাধাৰাৰ মানসিকতা গঢ় লৈ উঠাত একমাত্র বিজ্ঞানেই সহায় কৰিছে। 

অপকাৰঃ 


বিজ্ঞানে মানৱ সমাজলৈ সুখ আৰু স্বাচ্ছন্দ্য কঢ়িয়াই আনিছে যদিও অপ্রয়ােগৰ ফলত মানৱ সমাজৰ অপকাৰৰা হৈছে উল্লেখযােগ্যভাৱে। 

বিজ্ঞানৰ দ্বাৰা আৱিষ্কৃত বিস্ফোৰক সামগ্ৰী আৰু মৰণাস্ত্রসমূহৰ কাৰণে মানুহ হৈ পৰিছে দানৱীয় প্ৰকৃতিৰ। ইয়াৰ ফলতেই যুদ্ধ-বিগ্রহৰ সূচনা সততে হৈ আছে আৰু হাজাৰ হাজাৰ নিৰীহ লােকৰ মৃত্যুও হ’ব লাগিছে। 

এই সমূহ অৱিষ্কাৰ মানুহৰ মহৎ কামত নিয়ােজিত কৰিব পাৰিলে এনে অপকাৰৰ পৰা মানৱসমাজ ৰক্ষা পৰিব। 

4/সামৰণি : 


বর্তমান বিজ্ঞানমুখী চিন্তাধাৰাৰ প্ৰয়ােজন হৈ পৰিছে। বিজ্ঞান নাজানিলে আজিৰ যুগত চলিবই নােৱাৰি। বিজ্ঞানক জীৱনমুখী আৰু জীৱনক বিজ্ঞানমুখী কৰি তুলিব পাৰিলেহে বিজ্ঞানৰ অৱদানসমূহ উপলব্ধি কৰিব পৰা যায়। 


সদৃশ ৰচনা : বিজ্ঞান শিক্ষাৰ আৱশ্যকতা; 
অথবা দৈনন্দিন জীৱনত বিজ্ঞান/ [HSLC'12, 19] 
অথবা- বিজ্ঞান অধ্যয়নৰ আৱশ্যক 
অথবা- বিজ্ঞানৰ উপকাৰিতা আৰু অপকাৰিতা। 




(৫) তুমি ভালপােৱা এখনি আধুনিক গ্রন্থ 
অথবা, তােমাৰ প্ৰিয় গ্ৰন্থখনি/ [HSLC'12,'13'18] 

5/আৰম্ভণি : 


গ্রন্থ অধ্যয়ন এটা ভাল অভ্যাস। ই জ্ঞান লাভৰ পথে প্রশস্ত কৰে। গ্রন্থ। অধ্যয়ন প্রকৃততে এটা অভ্যাসত পৰিণত হ'লে ভৱিষ্যৎ জীৱনত গ্রন্থই প্রকৃত বন্ধু বুলি ধাৰণা হ'ব আৰু ইয়েই সকলাে ক্ষেত্রতে সহায়ক হৈ পৰিব। 


এই সমূহ উপদেশ শ্ৰদ্ধাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ পৰা সততে শুনি শুনি মােৰ গ্ৰন্থ অধ্যয়নৰ প্ৰতি ৰাপ বাঢ়ি যায়। সেয়ে আজৰি সময়ত পাঠ্য-পুথিৰ বাহিৰেও মই অনেক ন-পুৰণি গ্রন্থ পঢ়িছে। বিষয় অনুযায়ী প্রায় প্রতিখন গ্ৰন্থই মােক আকর্ষণ কৰে আৰু সেয়ে সেইবােৰ গ্ৰন্থ মােৰ প্রিয়। 

যিকেইখন উপন্যাস, গল্পপথি, জীৱনী, ভ্রমণ কাহিনী আৰু পদপুথিৰ কাহিনীমূলক পিঢ়ছাে কম বেছি পৰিমাণে প্রায় কেইখনেই মােৰ মনত আনন্দ দান কৰিছে।

ইয়াৰ বাহিৰেও মই নাটকো দুই চাৰিখন পঢ়িছে। এই নাটককেইখনৰ ভিতৰত নটসূর্য ফণী শৰ্মা ৰচিত ‘চিৰাজ’ নামৰ সামাজিক নাটকখনেই সঁচাকৈয়ে মােক বিশেষভাবে আকর্ষণ। কৰিছে। এই প্রিয় গ্রন্থখনৰ সম্পর্কেই ইয়াত লিখিবলৈ লৈছোঁ। 

গ্ৰন্থৰ নাম আৰু গ্ৰন্থকাৰৰ চমু সাহিত্যিক পৰিচয়ঃ 


নটসূর্য ফণী শৰ্মাৰ ৰচিত ‘চিৰাজ’ এখনি অতি মঞ্চ-সাফল্য নাট। ফণী শৰ্মাই এই নাটখনি বিখ্যাত গল্পকাৰ লক্ষীধৰ শৰ্মাৰ একে নামৰ গল্প এটিৰ পৰা কাহিনী গ্ৰহণ কৰি তাত কিছু মৌলিকত্ব খটুৱাই ৰচনা কৰিছে। 

এই কাহিনীৰ পৰা ফণী শৰ্মাই প্রথমে চিৰাজ’ কথাছবিখন নির্মাণ কৰে আৰু পিছত তাৰ নাট্যরূপ দিয়ে।

ফণী শৰ্মা একেধাৰে কথাছবি পৰিচালক, নাট্যকাৰ, অভিনেতা, নৃত্যবিশাৰদ আৰু সাহিত্যিক। তেওঁ ‘চিৰাজ’ আৰু পিয়লি ফকুন' কথাছবি পৰিচালনা কৰাৰ উপৰিও ১৬খন ছবিত অভিনয় কৰে। তেওঁৰ ৰচিত নাটসমূহ হ’ল –“

চিজ’, ‘ভােগজৰা, ‘কিয়’, ‘এমুঠি চাউল’, ‘নাগপাশ’, ‘ক’লা বজাৰ’, ‘মায়ঙৰ বেজ'। অনূদিত দুখন নাট হ’ল ‘এন ইন্সপেক্টৰছ কল’, ‘মিচৰ কুমাৰী। নৃত্যৰ পাৰদৰ্শিতাৰ বাবেই তেওঁক ‘নটসূর্য উপাধিৰে সন্মানিত কৰা হয়।

গ্ৰন্থৰ বিৱৰণ : বিষয়-বস্তু, চৰিত্ৰ আদি : 


‘চিৰাজ’ এখনি সামাজিক মিলনান্তক নাট। ইয়াৰ কাহিনী চমুকৈ এনেধৰণৰ —আঢ্যৱন্ত চাহ-খেতিয়ক পৰিয়ালৰ উচ্চ শিক্ষিত একমাত্র ল’ৰা কন্দর্প পৰীক্ষাৰ পিছত কলিকতাৰ পৰা ঘৰলৈ আহি তেওঁলােকৰ ঘৰত আশ্রয় লােৱা আৰু কাম কৰাকৈ থকা গাভৰু ছােৱালী সাবিত্রীৰ লগত প্রণয় পাশত আৱদ্ধ হয়। 

সাবিত্রী অন্তঃসত্ত্বা হােৱাত এই কথা জানি কন্দর্পৰ মাক-দেউতাকে বুদ্ধি কৰি কন্দর্পক কলিকতালৈ পঠিয়াই দি সাবিত্রীক তেওঁলােকৰ বাগিচাতে কাম কৰা এজন মহৰীৰ ল'ৰালৈ বিয়া দিয়াৰ, সিদ্ধান্ত কৰে। এই কথা জানি কপই সাবিত্রীক লৈ পলাই যাবলৈ ইচ্ছা কৰিছিল যদিও সাবিত্রী এই কথাত ৰাজী নহ'ল আৰু সেই ৰাতিয়ে সাবিত্রী নিজেই পলাই আঁতৰি গ’ল। 

সাবিত্রী পলাই গৈ দূৰ গাঁৱৰ এটা মছজিদৰ সমুখত অচেতন হৈ পৰি থাকিল। নিচেই পুৱাতে মছজিদলৈ নামাজ পঢ়িবলৈ অহা চিৰাজ নামৰ এজন বৃদ্ধলােকে সাবিত্রীক তেনে অৱস্থাত পৰি থকা দেখা পাই আন মানুহৰ হতুৱাই দাঙি নি নিজৰ ঘৰত ডাক্তৰ মাতি সুস্থ কৰি তােলে। 

তাৰ পিছত হিন্দুৰ ছােৱালী বুলি জানি হিন্দু গাঁৱত থ'বলৈ ইচ্ছা কৰিছিল যদিও চিৰাজৰ ঘৰৰ পৰা সাবিত্রী ক'লৈকো নাযাওঁ বুলি দৃঢ়ভাৱে ক'লে। একমাত্র কন্যা বিয়ােগত সন্তাপিত চিৰাজেও নিজৰ হেৰােৱা কন্যাটিকে পােৱা বুলি ভাবি আশ্রয় দিলে। সাবিত্রীয়ে কিন্তু নামটোত বাহিৰে কোনো পৰিচয় নিদিলে।

ইতিমধ্যে কিছুদিন পিছতে,অন্তঃসত্ত্বা সাবিত্রীয়ে এটি কন্যা সন্তান জন্ম দিয়েই মৃত্যু মুখত পৰে! নিঠৰুৱা চিৰাজে তেওঁৰ ঘৰতে থকা ভনীয়েকৰ সহায়ত কন্যা সন্তানটি লালন-পালন কৰিলে। কন্যাটিৰ মুছলমান নাম দিলে নৰ আৰু হিন্দু নাম দিলে সীতা।

দৈৱক্রমে দই বছৰমানৰ পিছত সেই বাটেৰেই বাগিছালৈ যাওঁতে চিৰাজৰ ঘৰৰ সমখতে কন্দর্পৰ গাড়ী বেয়া হােৱাত সীতাৰ লগত কন্দর্পৰ লগালগি হয়। 

কন্দর্পৰ লগত আছিল তেওঁলােকৰ ঘৰৰ তলামহা জনা, কন্দর্পৰ প্ৰায় অভিভাৱক স্বৰূপ কামকৰা আঘােণা। সীতা আৰু চিৰাজৰ কথাৰ পৰা কন্দর্পৰ আৰু আঘােণাই সকলাে কথা জানিব পাৰি সীতাৰ দেউতাক বুলি কপই চিনাকি দিয়ে।

কল্পই পিছত ঘৰত ক’ব নােরৰাকৈ গােপনে এক বন্ধুৰ ঘৰত ৰাখি সীতাক পঢ়ুৱায়। তাতেই অনিল নামৰ লৰা এজনৰ লগত সীতাৰ পৰিচয় ঘটে আৰু সীতাকবিয়া কৰাবলৈ। খোজে ! শেষত অনেক সংঘাতৰ মাজত সিহঁতৰ বিয়া হয়। থুলমূলকৈ কাহিনী এইখিনিয়েই।
এই নাটখনিৰ প্ৰতিটো কথা আৰু কাৰ্য, চৰিত্রই অতি চিত্তাকর্ষক। ইয়াত হিন্দু-মুছলমানৰ মাজত ঐক্য-সংহতি, সংকীর্ণতা আৰু গােড়ামিৰ বিপৰীতে উদাৰ মনােভাব, মানৱতাবাদ আদি অংকিত হৈছে। 

চিৰাজ মুছলমান হৈয়াে হিন্দুৰ মন্দিৰ নিৰ্মাণ কৰিবলৈ মাটি আৰু টকা উদাৰচিতে দান কৰিছে। সাবিত্রীক আশ্রয় দিওঁতেও তেওঁ হিন্দু-মুছলমান বিচাৰ নকৰি মানুহ বুলিহে আশ্রয় দিছে। 

মুছলমানৰ ঘৰত জন্ম আৰু লালিত-পালিত হােৱা সীতাক হিন্দু ডেকা অনিলে বিয়া কৰাই এক নতুন আদর্শ স্থাপিত কৰিছে। সাবিত্রীৰ চৰিত্ৰয়াে দর্শক পাঠকক মােহিত কৰিব। 

কন্দর্পই পলুৱাই লৈ যাব বিচাৰােতে সাবিত্রীয়ে এনেদৰে কৈছিল –“আপােনাৰ দেউতাকে আমাক অশ্রয় দিছে। প্রতিদানত মই তেওঁলােকৰ একমাত্র সন্তানক বুকুৰ পৰা আজুৰি লৈ যাম? নহয়, নহয় ইমান অকৃতজ্ঞ মই নহওঁ। এনেদৰে অন্যান্য চৰিত্ৰৰাে কথা আৰু কাৰ্যই সততে আকর্ষণ কৰে।

প্রিয় হােৱাৰ কাৰণঃ 


নাটখনৰ ঘটনা আৰু চৰিত্ৰসমূহইে সমাজৰ কাৰণে এটা আদর্শ বহন কৰি আনিছে, যিটো আদর্শ আজিৰ সমাজত অতি প্রয়ােজন। ই হৈছে ধর্মীয় তথা সম্প্রদায়িক সম্প্রীতি, ঐক্য-সংহতি।

ইয়াৰ উপৰি সংলাপ আৰু চাৰিত্রিক বৈশিষ্ট্যসমূহে গ্রন্থখনিক মােৰ অতি প্রিয় কৰি তুলিছে। 

5/সামৰণি : 


একোখন গ্রন্থ পঢ়াৰ পাছত এটা সুনির্দিষ্ট নীতি বা আদর্শ লাভ কৰিব  মনত অপাৰ আনন্দ লাগে; কিতাপখন পঢ়াৰ সার্থকতা লাভ কৰা যেন লাগে। তাপখন পঢ়ি তেনে এটা বিমল আনন্দ লাভ কৰিছোঁ।




(৬) অসমৰ প্ৰাকৃতিক সম্পদ 

6/আৰম্ভণি : 


প্ৰকৃতিৰ বুকুৰ পৰা যিবােৰ সামগ্রী আহৰণ কৰি, অথবা প্ৰকৃতিৰ অনুগ্ৰহত গঢ়ি উঠা যিবােৰ সম্পদ বা সামগ্রী মানুহৰ কামত লগােৱা হয় সেইবােৰকেই চমুকৈ প্রাকৃতিক সম্পদ বােলা হয়। 

প্রাকৃতিক সম্পদসমূহ মানুহে নগঢ়ে, প্রকৃতিৰ বুকুত সেইবােৰ প্রাকৃতিক কাৰণতেই ঘূপ খাই থাকে অথবা প্রকৃতিৰ উপৰিভাগত নিজে নিজেই সেই একে কাৰণতেই গঢ় লৈ উঠে। 

অসম প্রাকৃতিক সম্পদেৰে এখন চহকী ৰাজ্য। ইয়াৰ ভৌগােলিক অবস্থান অতি বৈচিত্র্যপূর্ণ। এই ৰাজ্য সমভূমি, মালভূমি, পর্বত-পাহাৰ, নদ-নদী, উপত্যকা, খাল-বিল, হাবি-জংগলেৰে পৰিপূৰ্ণ। 

অসমৰ গৰ্ভ খনিজ তেল, কয়লা, লোেৰ আঁকৰ আদিৰেও পূৰ হৈ আছে। গতিকে সকলাে প্ৰকাৰৰ প্ৰাকৃতিক সম্পদেই কম-বেছি পৰিমাণে অসমত পােৱা যায়। 

প্রাকৃতিক সম্পদসমূহঃ 


অসমৰ প্ৰাকৃতিক সম্পসমূহকঘাইকৈ চাৰি শ্ৰেণীত ভাগ কৰি আলচ কৰিব পৰা যায় -

1/ খনিজ সম্পদ : 


খনিজ সম্পদৰ ভিতৰত খনিজ তেল, চূণশিল, চিমেন্ট, কয়লা, লাে, সীহ আদিৰ আকৰ, সােণৰ চেকুৰা আদি উল্লেখযােগ্য। খনিজ তেলত অসম অতি চহকী। 

অসমৰ সমগ্ৰ ভূগর্ভ আগুবি এই তেল আছে বুলি ধাৰণা কৰা হৈছে। অসমৰ বিভিন্ন ঠাইত ন ন তেলৰ পুং আৱিষ্কৃত হ'ব লাগিছে। ইতিমধ্যে ডিগহৈ, নাহৰকটীয়া, মৰাণ, লাকোৱা, হুগ্রীজান, গেলেকী, ৰুদ্ৰসাগৰ আদি ঠাইত খনিজ তেলৰ পুং আবিষ্কৃত। হৈছে। 

সমগ্র ব্রহ্মপুত্র উপত্যকাতে প্রচুৰ পৰিমাণৰ তেল সঞ্চিত হৈ আছে বুলি বিশেষজ্ঞসকলে ঠাৱৰ কৰিছে। এই খনিজ তেল শােধন কৰিবলৈকে ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু অসমৰ বাহিৰতাে শােধনাগৰ স্থাপিত হৈছে। এই উদ্দেশ্যে, নুমলীগড়তে শশাধনাগাৰ নিৰ্মাণ হৈছে। 

খনিজ তেলৰ পৰা কেৰাচিন, পেট্র’ল, স্পিৰিট, মবিল, মম, ৰুন্ধন গেছ আদি উৎপাদিত হৈছে। এইদৰে বর্তমান মানুহৰ দৈনন্দিন ব্যৱহৃত সামগ্রী উৎপাদন হােৱাৰ উপৰিও ইয়াত হাজাৰ হাজাৰ মানুহে নিযুক্তি লাভ কৰিব পাৰিছে। 

আর্থিকভাৱে ৰাজ্যখনক ভালেখিনি সকাহ দিব পাৰিছে। তাৰােপৰি ইয়াৰ গইনা লৈ অন্যান্য উদ্যোগ আৰু ব্যৱসায় প্রতিষ্ঠান গঢ়ি উঠিছে।

বঙাইগাঁওত পেট্র’কেমিকেল কমপ্লেক্স, দুলীয়াজানত তেল আৰু প্রাকৃতিক গেছ আয়ােগৰ কেন্দ্র স্থাপিত হৈছে।

লিড়, মাৰ্ঘেৰিটা, বৰগােলাই, টিপং, মাকুম আদি অঞ্চলত কয়লা খনি আছে। কয়লাৰ পৰা আলকাতৰা, নানাবিধ সুগন্ধি মচলা, ৰং আৰু চেকৰিণ তৈয়াৰ কৰা হয়। 

গাড়ী-মটৰ, যানবাহন, উদ্যোগ আদিত কয়লাৰ ব্যৱহাৰ মন কৰিবলগীয়া। ইয়াৰ অর্থনৈতিক দিশটোও উন্নত।

ইয়াৰ উপৰিও কোনাে কোনাে ঠাইত লােৰ আঁকৰ, সােৱণশিৰি নৈৰ বালিত, গাৱালপাৰাৰ পাহাৰ অঞ্চলত সােণৰ চেকৰা পােৱা যায়। অসমৰ পাহাৰীয়া অঞ্চলত লিমিনাইট আৰু গুৱাহাটীৰ আশে পাশে তামৰ খনি থকাৰাে সন্ধান পােৱা গৈছে। 

চণশিলৰৰ সন্ধান পােৱা গৈছে। বােকাজানত চিমেন্ট কাৰখানা স্থাপিত হৈছে। অন্যান্য কিছুমান ঠাইতাে চিমেন্ট তৈয়াৰ হৈছে।

2/ বনজ সম্পদ : 


বনজ সম্পদৰ ভিতৰত অসমৰ হাবি-বননি, পাহাৰ আদিত পােৱা বিবিধ গছ-গছনি, কাঠ-বাঁহ, জীৱ-জন্তু, পক্ষী আৰু শিল আদি। 

আগতে অসমৰ সমতল ভূমিৰ অধিক অংশই আৰু পাহৰুৱা অঞ্চলসমূহাে হাবি-জংগলেৰে ভৰা আছিল। সেইবােৰত স্বাভাৱিকভাৱেই গজিছিল অতি মূল্যৱান শাল, সােণাৰু, নাহৰ, আজাৰ, কৰৈ, গমাৰি, বনচোম, তিতাচপা, চেগুণ, শিলিখা, শিমলু, গন্ধসৰৈ, অগৰু, চন্দন, পমা অনেকবিধ গছ-গছনি। 

কিন্তু অসমত বাহিৰা লােকৰ প্ৰব্ৰজন ঘটাত ঘৰ বান্ধি থাকিবলৈ, খেতি-বাতি কৰিবলৈ হাবি-জংগল, গছ-গছনি কাটি খাস্তাং কৰিলে। 

বর্তমান বনবিভাগ বুলি চৰকাৰী বিভাগ এটা খুলি এইবােৰৰ কিছু ঠাই সংৰক্ষণ কৰি তাত গছ-গছনি ৰুইছে; গছ-গছনি কাটি টকলা কৰা পাহাৰবােৰতাে গছ-গছনি ৰুইছে।

হাবি-জংগল, গছ-গছনি কটাৰ ফলত অসমৰ জলবায়ুৱেই সলনি হৈ গৈছে। বৰষুণৰ পৰিমাণ কমিছে। ইয়াত থকা জন্তু-জানোেৱাৰ, পক্ষীয়ে থাকিবলৈ ঠাই নাপাই হয় আন ঠাইলৈ গুচি গৈছে, নতুবা গাঁৱে-ভূঞে, চহৰে সােমােৱাৰ ফলত মানুহৰ হাতত নিধন হৈছে। 

ঘৰ আৰু দলং আদি সজা আৰু মানুহৰ প্রয়ােজনীয় বিভিন্ন সা-সৰঞ্জাম, সজুলি, আদি তৈয়াৰ কৰাৰ বাবে কাঠ-বাঁহ আদি হ’ল অমূল্য সম্পদ। ভাৰতৰ বিভিন্ন ঠাইলৈ মূল্যৱান কাঠ ৰপ্তানি কৰাৰ উপৰিও ৰেলৱে বিভাগে শালগছসমূহ ৰে'লৰ চিৰিৰ তলত শ্লিপাৰ হিচাপেও ব্যৱহাৰ কৰি আহিছে। 

হাবিত পােৱা খেৰ, বতা, খৰি আদিৰ চাহিদা প্রচুৰ। শিমলু কাঠৰ পৰা জুইশলা তৈয়াৰ কৰিছে। বর্তমান থকাতকৈ জুইশলা নির্মাণ আৰু কাগজ-কল স্থাপনৰ অধিক সম্ভাৱনা অসমত আছে।

অসম বিখ্যাত ইয়াৰ হাবিত থকা এশিঙীয়া গঁড়ৰ বাবে। তাৰােপৰি হাতী, ম'হ, বাঘ, নাৰকমৰ পহু, গাহৰি, ভালুক, বান্দৰ আদি অনেক জীৱ-জন্তু ইয়াৰ হাবিত থাকে। 

ধনেশ ম'ৰা, হাঁহ, কাউৰী, মইনা, ভাটৌ, টিয়া, শগুণ, হাড়গিলা, কুলি, কেতেকী, শালিকা অলেখ পক্ষী অসমৰ হাবিৰ গছ-গছনিত বাস কৰে। এই জীৱ-জন্তুসমূহ অসমৰ
পদ। ইয়াৰ হাবিত অনেক মৌ বাহাে পােৱা যায়। ফল-মূলাে পােৱা যায়।

পাহাৰত পােৱা, নদীবােৰত উটি অহা শিল-বালিসমূহকো বনজ সম্পদৰ ভিতৰত ধৰা হয়। শিল-বালিৰ চাহিদা বর্তমান সময়ত অতি বেছি। এইবােৰ ৰাস্তা-পদূলি, ঘর, দলং আদি নির্মাণত বহুলভাৱে ব্যৱহৃত হৈছে।

3/ জলজ সম্পদঃ 


পানীও মানুহৰ অতি মূল্যবান সম্পদ। আনহাতে ইয়াত থকা মাছকাছ আদিও মানুহৰ প্ৰয়ােজনীয় খাদ্য। অসমৰ মাজেৰে ব্ৰহ্মপুত্ৰ আৰু সুৰমা নদী বৈ যােৱাৰ উপৰিও ইয়াত অনেক অন্যান্য নদী-উপনদীও আছে। 

ইয়াৰ পানী খােৱাৰ উপৰিও জলসিঞ্চনৰ ব্যৱস্থাৰে খেতি পথাৰত দিয়া আৰু বিজুলী শক্তি উৎপাদনৰ কামতাে ব্যৱহাৰ কৰা হৈছে। নদনদী, উপনৈ, বিল-খাল আদিত পােৱা মাছ-কাছৰ ব্যৱসায় কৰিয়েই অনেক লোকে জীৱিকা চলাইছে। 

আনহাতে নিজাকৈ অনেক লােকে মাছ পুহিবলৈ লৈ আর্থিকভাৱে লাভৱান হৈছে। 

4/ কৃষিজ সম্পদ : 


অসম এখন কৃষিপ্রধান ৰাজ্য। ইয়াত মানুহে কৰা বিবিধ খেতিৰ উপৰিও প্ৰকৃতিৰ বুকুত অনেক খাদ্য-সামগ্রী পােৱা যায়। চাহ আৰু অনেক ফল-মূল আগতে প্রকৃতিবেই দান আছিল।

বর্তমান অৱশ্যে এইবােৰৰ খেতি মানুহে উন্নত ধৰণে কৰিবলৈ লৈছে। মানুহে ধান মাহকে ভিতৰ কৰি সকলােবােৰ খেতি কৰে যদিও পানীৰ কাৰণে, জলবায়ুৰ কাৰণে প্ৰকৃতিৰ ওপৰতেই বেছিভাগ নিৰ্ভৰ কৰে। সেই কারণেই অসমৰ কৃষিক প্রাকৃতিক সম্পদৰ ভিতৰত ধৰিব পৰা যায়।

সম্পদসমূহৰ পৰা পােৱা উপকাৰঃ 


এই সম্পদসমূহ মানুহৰ জীৱনৰ এৰাব নােৱৰা সম্পদ। জীৱন নির্বাহ কৰিবলৈ, বিভিন্ন প্রয়ােজন পূৰাবলৈ এই সম্পদসমূহ অসমৰ বাবে অমূল্য সম্পদ। 

ইয়াৰ সম্পদসমূহৰ দ্বাৰা বিভিন্ন উদ্যোগ, কার্যালয় আৰু তান্যান্য কামত অনেক অসমীয়া মানুহে কর্ম সংস্থান পােৱাৰ উপৰিও ৰাজ্য চৰকাৰৰ আৰু ব্যক্তিগতভাবেও আর্থিক লাভৱান হৈছে।

সামৰণি : অসমৰ প্ৰাকৃতিক সম্পদসমূহ উচিতভারে সংৰক্ষণ কৰিব আৰু কামত লগাব পাৰিলে ইয়াৰ প্ৰচুৰ পৰিমাণে উদ্যোগ গঢ়ি উঠিব। 

অসমৰ ভয়াবহ নিবনুৱা সমস্যা আৰু অশান্ত পৰিৱেশৰ মােকামিলা কৰিবলৈ এই উদ্যোগসমূহেই মুখ্য ভূমিকা ল'ব পাৰিব। অসম অধিক লাভৱান হ'ব।

অসমৰ খনিজ সম্পদ এই ৰচনাখনি ইয়াৰ আলমতে অলপ বহলাই লিখিলেই হ'ব।




Essay On Library in Assamese



(৭) পুথিভঁৰাল আৰু পুথি অধ্যয়ন [M.Q.'12, ISLC '12. '17]

7/আৰম্ভণি : 


পুথিভঁৰাল মানেই সাধাৰণ অৰ্থত পুথি জমা কৰি ৰখা ঠাই বিশেষ। কিন্তু প্রকৃত অর্থত যি ঠাইত অধ্যয়নৰ বাবে কিতাপ-পত্ৰ আদি সংগ্রহ কৰি সংৰক্ষিতভারে জমা কৰি ৰখা হয় তাকেই পুথিভঁৰাল আখ্যা দিয়া হয়। 

পুথিভঁৰালক গ্রন্থাগাৰ, পাঠাগাৰ, গ্রন্থালয়, পুস্তকালয় আৰু ইংৰাজীত লাইব্রেৰী আদিও বােলা হয়। পুথিভঁৰালত সকলাে ভাষাৰে সকলাে বিষয়েবে পুথি সংগৃহীত হ'ব পাৰে। তাৰােপৰি ইয়াত সম্ভৱপৰ বিভিন্ন ভাষাৰ আলােচনী, রাতৰিকাকত আদিও অধ্যয়নৰ বাৰে ৰখা হয়।

প্রাচীন কালত কাগজ আৰু ছপাযন্ত্র আরিঙ্কত নােহােৱাৰ সময়ত পুথিভঁৰাল স্থাপন সম্ভৱ নাছিল। অৱশ্যে সাঁচিপাত, গছৰ পাত আদিত হাতেৰে লিখা দুই চাৰিখন গ্রই নিজাববীয়াকৈ সঞ্চিত আৰু সংৰক্ষিত কৰা হৈছিল। 

খষ্টীয় প্রথম শতিকাতে ৰােমত প্রথম পুথিভঁৰাল প্রতিষ্ঠিত হােৱা বুলি জনা যায়। তাৰ পিছত কাগজ তৈয়াৰ হােৱাত আৰু ছপাযন্ত্র ওলােৱাত পুথিভঁৰালসমূহ স্থাপিত হ’বলৈ ধৰে। 

পুথিভঁৰালৰ প্ৰকাৰ : 


গঠন আৰু ব্যৱহাৰ অনুযায়ী পুথিভঁৰালক প্রধানকৈ দুই প্রকাৰত ভাগ কৰিব পাৰি -
(ক) ৰাজহুৱা পুথিভঁৰাল আৰু 
(খ) ব্যক্তিগত বা ঘৰুৱা পুথিভঁৰাল।

(ক) ৰাজহুৱা পুথিভঁৰালঃ এই পুথিভঁৰাল সমূহীয়াকৈ ৰাইজৰ দ্বাৰা অথবা অনুষ্ঠান প্রতিষ্ঠান, চৰকাৰ আদিয়ে ৰাইজৰ ব্যৱহাৰৰ বাবে প্রতিষ্ঠা কৰে।
বাজহুৱা পুথিভঁৰালকো এনেদৰে ভাগ কৰিব পাৰি - 

(১) গাঁৱলীয়া পুথিভঁৰাল : এই পুথিভঁৰাল গাঁও তথা অঞ্চলৰ ৰাইজে অথবা সংঘ আদিয়ে আঞ্চলিক ৰাইজে ব্যৱহাৰ কৰিব পৰাকৈ দান-বৰঙণি তুলি, নাইবা চৰকাৰী আর্থিক সাহায্যত প্রতিষ্ঠা কৰে।

(২) মহকুমা, জিলা আৰু ৰাজ্যিক পুথিভঁৰাল : একোটা মহকুমাৰ সদৰ ঠাইত মহকুমা, জিলাৰ সদৰ ঠাইত জিলা আৰু ৰাজ্যৰ সদৰ ঠাইত ৰাজ্যিক পুথিভঁৰাল স্থাপন কৰে সম্পূর্ণ চৰকাৰী পৃষ্ঠপােষকতাত! এইবােৰ পৰিচালিত হয় চৰকাৰী কৰ্মচাৰীৰ দ্বাৰাই। 

সকলাে ৰাইজেই নির্দিষ্ট নিয়ম-নীতিৰ মাজেৰে ইয়াৰ কিতাপ পঢ়াৰ সুবিধা লাভ কৰে।

(৩) বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় পুথিভঁৰাল : সংশ্লিষ্ট অনুষ্ঠানসমূহত এই পুথিভঁৰালসমূহ স্থাপিত হয়। এনে পুথিভঁৰাল শিক্ষানুষ্ঠানৰ এটি অতি প্রয়ােজনীয় অংগ। 

এই পুথিভঁৰালৰ পৰা কেৱল সেই অনুষ্ঠানৰ লগত জড়িত ছাত্র-ছাত্রী, শিক্ষককর্মচাৰীয়েহে কিতাপ পঢ়াৰ সুবিধা লাভ কৰিব পাৰে। চৰকাৰী অনুদান আৰু বিভাগীয় অনুষ্ঠানৰ সহযােগত এই পুথিভঁৰালসমূহ গঢ় লৈ উঠে। 

(৪) চলন্ত পুথিভঁৰালঃ এই পৃথিভঁৰাল চৰকাৰী সাহায্যতেই হওক বা নিজস্বভাৱেই হওক কোনো এক অনুষ্ঠানে যান-বাহনত এক ধৰণেৰে সংগ্ৰহ আৰু সংৰক্ষিত কৰি বিভিন্ন ঠাইত ঘূৰি ৰাইজক পুথি অধ্যয়নৰ সা-সুবিধা দিয়ে। 

একো ঠাইত এসপ্তাহৰ পৰা শাহ পর্যন্ত থাকি এনে সুবিধা আগবঢ়ায়। তাৰ পিছত আন ঠাইলৈ গৈ সেই একে ধৰণেৰে বাইজলৈ সেবা আগবঢ়ায়।

(খ) ব্যক্তিগত ৰা ঘৰুৱা পুথিভঁৰাল : এই পুথিভঁৰাল কোনাে ব্যক্তিয়ে কেৱল নিজৰ গৰণে অথবা নিজ পৰিয়ালৰ কাৰণে ঘৰতে স্থাপন কৰে। 

ৰাইজে ইয়াৰ পৰা কিতাপ-পত্ৰ ঢৰ সুবিধা পাব নােৱাৰে। সম্পূর্ণভাৱে নিজস্ব ধন খৰচ কৰি ইয়াক পতা হয়।

পুথিভঁৰাল পৰিচালনা : 


পুথিভঁৰালত পুথি সজোৱা, সংৰক্ষণ কৰা আৰু পঢ়ৱৈ সমাজক বিতৰণ কৰা আদি অনেক জানিবলগীয়া নিয়ম নীতি আছে। 

এইবােৰ নাজানিলে হাজাৰ হাজাৰ পুথিৰ মাজৰ পৰা লাগ বুলিলেই লগা কিতাপখন মিনিটতে বাছি উলিযাব নােৱাৰিব; বয়স, শিক্ষা অনুপাতে পুথি পঢ়ুৱৈক দিব নােৱাৰির। আনকি সঠিকভাৱে সজাই সংৰক্ষিতও কৰিব নাজানিব। 

এই উদ্দেশ্যেই বিশ্ববিদ্যালয়ত পুথিভঁৰাল বিজ্ঞান (Library Science) নামৰ এটি বিষয়ৰ শিক্ষণ দিয়া হয়। এই বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী লােককহে মহাবিদ্যালয়, বিশ্ববিদ্যালয়, মহকুমা, জিলা আৰু ৰাজ্যিক পুথিভঁৰালসমূহত পৰিচালক হিচাপে নিযুক্তি দিয়া হয়। 

উচ্চ আৰু উচ্চতৰ বিদ্যালয়সমূহৰৰ অনেকত প্রশিক্ষণপ্রাপ্ত লাইব্রেৰীয়ান আছে। বাকীবােৰ পুথিভঁৰাল অভিজ্ঞ ব্যক্তিৰ দ্বাৰা চলােৱা হয়। - পুথিসমূহ প্রতিজন পাঠকে বহীত নাম লিখি পঢ়াৰ সুবিধা থাকিলে পুথিভঁৰালতে এঘণ্টা, দুঘণ্টা পঢ়ি পুনৰ ফিৰাই দি দিয়ে।

ঘৰলৈ নিব বিচাৰিলে চহী কৰি নি এসপ্তাহৰ ভিতৰত ঘূৰাই দিব লাগে। 

পুথিভঁৰালৰ উপকাৰিতা : 


পুথিভঁৰাল স্থাপিত হয় একমাত্র অধ্যয়নৰ উদ্দেশ্যেই। জগতত অনেক মনীষী আছে, সাহিত্যিক আছে তেওঁলােকৰ ৰচিত সকলােবােৰ অথবা সকলােবােৰ নহ'লেও মনে বিচাৰ পুথিসমূহ নিজে কিনি পঢ়াটো কাৰাে পক্ষেই সম্ভৱ। নহয়। 

পুথিভঁৰালত যথাসম্ভৱ ভালেমান পুথি সংগ্রহ আৰু সংৰক্ষিত কৰা হয়। পঢ়ুৱৈ সমাজে এই পুথিসমূহ এপইচাও খৰচ নকৰাকৈ পঢ়াৰ সুবিধা পায়। ইয়ে মানুহক পুথি অধ্যয়নৰ অভ্যাস গঢ়ি তােলে। ইয়াৰ ফলত নানা জ্ঞান আহৰণ কৰিব পৰা যায়।






Television Essay in Assamese





(৮) দূৰদৰ্শন : ইয়াৰ ভাল আৰু বেয়া প্ৰভাৱ, [HSLC. '19]
অথবা,—দূৰদৰ্শন আৰু আমাৰ সমাজ,
অথবা, শিক্ষাৰ মাধ্যম হিচাপে দূৰদৰ্শন 

8/আৰম্ভণি : 


ঘৰতে বহি দেশ-বিদেশৰ খা-খবৰ, কথা-বতৰা, ঘটনাৱলী শুনাৰ লগতে সেইবােৰ ছবিৰ সহায়ত জীৱন্তভাৱে যি যন্ত্রটিৰ সহায়ত দেখিব পৰা গৈছে সেই যন্ত্রটিৰ নামেই হৈছে দূৰদৰ্শন বা টেলিভিছন যন্ত্র। ই আধুনিক যুগৰ এটি নৱতম আৱিষ্কাৰ। 

মহাকাব্য মহা ভাৰতত বর্ণিতবিখ্যাত চৰিত্ৰ সঞ্জয়েও ঘৰতে বহিয়েই এক আচৰিত শক্তি দূৰদৃষ্টিৰ সহায়ত কুৰুক্ষেত্ৰ ৰণৰ বিৱৰণ বৃদ্ধ ধৃতৰাষ্ট্ৰক দি থাকিব পাৰিছিল। বিজ্ঞানৰ। 

অভূতপূর্ব আৱিষ্কাৰসমূহে আৰু বিজুলী শক্তিৰ আৱিষ্কাৰসমূহে দূৰদৰ্শনৰ ক্ষেত্ৰত প্রকৃত পদক্ষেপ ল’বলৈ সুবিধা কৰি দিয়ে।

দূৰদৰ্শনৰ কলা-কৌশলঃ 


যিবােৰ বৈজ্ঞানিক সূত্র বা কৌশল প্রয়ােগ কৰি এই বিস্ময়কৰ পদ্ধতিটো আৱিষ্কাৰ কৰা হৈছে সি অত্যন্ত জটিল। 

মুঠতে ৰেডিঅ' আৰু চলচ্চিত্ৰৰ যুটীয়া, সংযােগত এই দূৰদৰ্শনৰ কৌশলৰ উদ্ভাৱন কৰিব পাৰি; কিন্তু ৰেডিঅ’ আৰু চলচ্চিত্ৰৰ পদ্ধতিৰ দৰে ঠিক একে নহয়। 

বিভিন্ন সময়ত বিভিন্ন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰা ৰেডিঅ’ শব্দ প্রেৰণ ব্যৱস্থা, ‘ফট’ ইলেকট্রিক এফেক্ট আদিৰ সহায়ত টেলিভিছন বা দূৰদৰ্শন আৱিষ্কাৰ কৰাটো সম্ভৱ হৈ উঠিছে।

আৱিষ্কাৰ আৰু প্ৰচলন : 


১৯২৫-১৯২৬ চনত ইংলেণ্ডৰ বিখ্যাত বিজ্ঞানী জন লগি বেয়ার্ডে (John Logic Baird) দূৰদৰ্শন আৱিষ্কাৰ কৰিছিল যদিও পিছত ৱেইলাৰ কেপলাৰ আদি বিজ্ঞানীসকলেও ইয়াৰ কৌশল তথা পদ্ধতিত উল্লেখযােগ্য বৰঙণি আগবঢ়ায়। 

১৯৩৬ চনত ইংলেণ্ডত পােন প্রথম বৃটিছ ব্রডকাষ্টিং কপােৰেশ্বনে টেলিভিছনযােগে প্ৰচাৰ কাৰ্যৰ ব্যৱস্থা কৰে। ১৯৫৩ চনত ৰঙীন টেলিভিছন প্ৰৱর্তন হয়।

১৯৫৯ চনৰ ১৫ ছেপ্টেম্বৰৰ পৰা ভাৰতৰ দিল্লীৰ আকাশবাণী কেন্দ্ৰত দূৰদৰ্শন স্থাপিত হয়, আৰু ১৯৬৫ চনৰ ১৫ আগষ্টৰ পৰা প্ৰচাৰ কার্য চলায়। 

পােন প্রথমে আকাশবাণীৰ লগত ই সংলগ্ন আছিল যদিও ১৯৭৬ চনৰ ১ এপ্রিলৰ পৰা ইয়াক সুকীয়াকৈ প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। ভাৰতৰ অন্যান্য ঠাইৰ লগতে অসমতাে বর্তমান ইয়াৰ বহুল প্রয়ােগ হৈছে। অসমত একাধিক প্রচাৰ কেন্দ্র স্থাপিত হৈছে।

বর্তমান কৃত্রিম উপগ্রহক দূৰদৰ্শনৰ প্ৰচাৰকার্যত ব্যৱহৃত হােৱাৰ ফলত পৃথিৱীৰ বিভিন্ন ঠাইত ঘটা দৃশ্যাবলী বিভিন্ন ঠাইৰ মানুহে লগে লগেই দেখিবলৈ পােৱাৰ সুবিধা হৈছে। 

শিক্ষাৰ মাধ্যম আৰু সমাজ : 


সমাজে দূৰদৰ্শনৰ এটি অত্যাধুনিক যন্ত্রৰ দ্বাৰা পৃথিৱীৰ সকলাে কথা, কার্য, ঘটনাৱলী ঘৰতে বহি দেখা আৰু শুনাৰ সুবিধা পাইছে যদিও ইয়াৰ ভাল আৰু বেয়া দুটা প্রভাৱ আছে। -

(ক) ভাল প্ৰভাৱ : দূৰদৰ্শনৰ জৰিয়তে মানুহে সংগীত, নৃত্য, নাটক, চলচ্চিত্র, খেলা-ধূলা আদি উপভােগ কৰি জ্ঞান আহৰণ কৰাৰ উপৰিও আনন্দ লভিব পাৰিছে। 

দেশ-বিদেশৰ বাতৰি পােৱাৰ লগতে বহুক্ষেত্ৰত সেইবােৰৰ দৃশ্যও দেখা যায়। ইয়াৰ । যােগে প্রচাৰিত শিক্ষামূলক অনুষ্ঠানসমূহে ছাত্র-ছাত্রী আৰু সমাজৰ সকলাে শ্ৰেণীৰ লােককে উপকৃত কৰিছে। মানুহৰ জ্ঞান বৃদ্ধি হৈছে। 

কৃত্রিম উপগ্রহ, অসংখ্য প্ৰচাৰ কেন্দ্ৰ, তাৰ সংযােগ আদিৰ উপৰিও দ্রুতগতিৰে পৰিবহণ কৰিব পৰা ভিডিঅ', টেপৰ সুবিধাই পৃথিৱীৰ বিভিন্ন পৰিৱেশৰ লগত পৰিচয় কৰাই দিছে। 

বহুধন ভাঙি অথবা ধবন ভাঙি গৈ উপভােগ কৰাৰ সম্ভৱ নথকা অৱস্থাৰ দূৰদূবণিৰ খেল আৰু দৃশ্যসমূহ ঘৰত বহিয়েই উপভােগ কৰা সুবিধা হৈছে। আনকি সমুদ্র গর্ভত, মহাকাশত আৰু অন্যান্য দুর্গম অঞ্চলত অনুসন্ধান বা গৱেষণা কার্য চলাবলৈও দূৰদৰ্শনক শক্তিশালী আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে।

সেইবােৰ জীৱন্ত দৃশ্যও আমি দেখি অনেক নজনা কথা জানিব পাৰিছোঁ।






Flood In Assam Essay For Class 10 About 150 Words




(৯) অসমৰ সমস্যা, অথবা, অসমৰ জলন্ত সমস্যা 

9/আৰম্ভণি : 


অসম এখন সমস্যাবহুল ৰাজ্য। ইয়াৰ ভৌগােলিক অবস্থান যিদৰে বৈচিত্র্যপূর্ণ। ভাষা-সংস্কৃতি যিদৰে বৈচিত্র্যপূর্ণ, ঠিক তেনেদৰেই অসমৰ সমস্যাও অতি বৈচিত্র্যপূর্ণ। 

অসম বিভিন্ন জ্বলন্ত সমস্যাৰ দ্বাৰা জৰ্জৰিত। কোনো এটা সমস্যা সমাধানৰ চেষ্টা কৰিলে আন এটা সমস্যাই ৰক্তবীজৰ দৰে মূৰ দাঙি উঠে। এই সমস্যাসমূহৰ বাবেই ৰাজ্যখনে কোনাে ক্ষেত্রতে আশানুৰূপভাৱে আগুৱাব পৰা নাই।

সমস্যাসমূহঃ অসমৰ জ্বলন্ত সমস্যা দুটা এটা নহয়, অনেক। এই সমস্যাসমূহ হল - 

ৰাজনৈতিক বিশৃংখলতাঃ 


ৰাজ্যৰ শাসনভাৰ লােৱা তথা তান্যান্য ৰাজনৈতিক দলসমূহৰ অন্তর্কল, নেতাসকলৰ অনেকৰ দল বাগৰা দাম্ভিক নেতাৰ সমাজবিৰােধী কার্যকলাপ আদিয়ে ৰাজ্যখনত এক সমস্যাৰ সৃষ্টি কৰিছে। 

অন্যান্য সমস্যা সমাধান কৰাত ৭ তথা দায়িত্বত থকা নেতাসকল ব্যৰ্থ হৈছে। চৰকাৰৰ এই দৰ্বলতাৰ সুবিধা গ্রহণ কৰিছে বিভিন্ন দেশৰ তথা নিজ দেশ আৰু ৰাজ্যৰ কু-চক্রান্তকাৰী, আই,এছ, আই সংস্থাসমূহে। 

এইবােৰে ৰাজ্যখনত ধর্মীয় আৰু সাম্প্রয়াদিক অস্থিৰতা, অনৈক্যৰ মনােভাব সৃষ্টি কৰি। এক অস্থিৰ পৰিৱেশ আনিবলৈ চেষ্টা কৰিছে।

বানপানী সমস্যা : 


অসমৰ এটি এৰাব নােৱৰা জ্বলন্ত সমস্যা হ’ল বানপানী সমস্যা। অসমৰ মাজেৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক দুখন ডাঙৰ নৈ বৈ যােৱাৰ উপৰিও ইয়াৰ অনেককেইখন উপনৈ আছে। 

জহকালি পর্বত-পাহাৰ বৰফ গলা পানী আৰু মৌচুমী বতাহৰ প্রভাৱত প্ৰচুৰ পৰিমাণে হােৱ বৰষুণৰ পানীৰে এই নদ-নদীসমূহ উপচি পৰে। 

এই নদীসমূহৰ পানী প্ৰায়ে বাগৰি প্ৰতিবছৰে একাধিক বানপানীৰ সৃষ্টি কৰে।তাৰােপৰি অপৰিকল্পিতভাৱে কিছুমান মথাউৰি নিৰ্মাণ কৰাৰ ফলতাে অত্যধিক বানপানী হয়। বানপানীৰ ফলত শস্যাদি নষ্ট হােৱাৰ উপৰিও ঘৰ-দুৱাৰ, ৰাস্তাঘাট, দলং আদিৰ বিস্তৰ ক্ষতি হয়, মানুহ, গৰু আৰু অন্যান্য জীৱজন্তুৰ মৃত্যু হয়। 

বানপানীৰ পিছত খাদ্যাভাৱে দেখা দিয়ে; নানান ৰােগ ব্যাধিয়ে আক্রমণ কৰে। গৰাখহনীয়াৰ ফলতাে মাজুলীকে ধৰি অন্যান্য ঠায়ে বিপদৰ সমুখীন হয়।

উগ্রপন্থীৰ সমস্যা : 


এই সমস্যা অসমত তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন কাৰণত অসমত কেইবাটাও উগ্রপন্থী গােটে মূৰ দাঙি উঠিছে। চাৰিওফালে হত্যা, লুণ্ঠন, অপহৰণ, ভীতি প্রদর্শন, ধর্ষণ আদি অতি দুঙ্কাৰ্যৰে ভৰি পৰিছে। 

উগ্রপন্থীক দমনৰ উদ্দেশ্যে চৰকাৰে অসমত কেবাশও সেনা, অৰ্দ্ধসামৰিক লােক পুহি ৰাখিবলগীয়া হৈছে। চৰকাৰী ধন এই ক্ষেত্ৰত, অপর্যাপ্তভাৱে খৰচ কৰিবলগীয়া হােৱাৰ কাৰণে অসমৰ উন্নয়নত দারুণ আঘাত পৰিছে আৰু সমস্যাবােৰ সমস্যা হৈয়েই আছে। 

সীমা বিবাদ আৰু স্বায়ত্ত শাসন, ৰাজ্যৰ দাবী নগালেণ্ড, বাংলাদেশ, আৰুণাচল আদিৰ লগত অসমৰ সীমা বিবাদ সততে হৈ আছে। ইয়াৰ কাৰণে ধন-জনৰাে হানি হৈছে। 

অসমৰে বড়াে আদি কোনাে কোনাে জাতি গােষ্ঠীয়ে স্বায়ত্ত শাসন, বেলেগ ৰাজ্য গঠন আদিৰ বাবে দাবী, আন্দোলন আদি কৰি অন্য এক সমস্যাৰ সৃষ্টি কৰিছে। 

অবৈধ বিদেশীৰ সোঁত, অবৈধ বিদেশীৰ প্ৰব্ৰজনে অসমক বাৰুকৈয়ে জুৰুলা কৰিছে। তেনে লােক অসমলৈ আহি চৰণীয়া পথাৰ, চৰ-চাপৰি আৰু বনাঞ্চল দখল কৰি স্থায়ী লােকসকলক দারুণ বিপদত পেলাইছে। চৰকাৰে ইয়াক সমূলি ৰােধ কৰিব পৰা নাই। 

নিবনুৱা সমস্যা : 


অসমত শিক্ষিতৰ হাৰ ক্ৰমে বৃদ্ধি পােৱাৰ লগে লগে নিবনুৱা সমস্যায়ে দেখা দিছে। অসমত বিভিন্ন উদ্যোগ গঢ় লৈ উঠাৰ সম্ভাৱনা আছে যদিও তেনে নাহােৱাত এইসকল নিবনুৱাই কর্ম সংস্থান পােৱা নাই। অনেকৰ আকৌ সাধাৰণ ব্যৱসায় কৰিবলৈও অনীহা। 

এনে অৱস্থাত নিবনুৱা অনেক যুৱক-যুৱতীয়ে অসৎ পথেৰে ধন, ঘটিবলৈ, চেষ্টা কৰিছে। উগ্রপন্থী সৃষ্টিৰ ইয়াে এটা কাৰণ।

খাদ্য সমস্যাঃ 


অসমত পর্যাপ্ত পৰিমাণে খেতি হয় যদিও প্রতি বছৰে হােৱা বানপানী, খৰাং আদি প্রাকৃতিক দুর্যোগত অসমত খাদ্যৰ অভাৱে দেখা দি আহিছে। এই খাদ্যাভার কেতিয়াবা অতি তীব্ৰতৰ হৈ দেখা দিয়ে। ইয়াৰ উপৰিও বিভিন্ন ঠাইত দুর্নীতি, অস্থিৰ শৈক্ষক বাতাবৰণ, বন্ধ, ধর্মঘট, আন্দোলন। আদিয়েও অসমৰ সমস্যা জটিল কৰি তুলিছে।

সমস্যা সমাধান : 


সকলােবােৰ সমস্যা যে একেলগে বা সম্পূর্ণভাৱে সমাধান কৰিব পৰা যাব তাক কোনেও ক'ব নােৱাৰে। চৰকাৰ আৰু ৰাইজে এই ক্ষেত্ৰত দৃঢ় মনােভাব গ্রহণ কৰি সভাৱে কৰ্ম কৰিলে ইবােৰৰ ভালেখিনি সমাধান কৰিব পৰা যাব। 

ৰাজনৈতিক সকলাে নেতা, চৰকাৰী বিষয়া-কৰ্মচাৰী, মন্ত্রী, বিধায়ক, সাংসদ আদি সকলােৱে দুর্নীতিমুক্ত হৈ ৰাইজৰ সেৱাৰে কাম কৰিলে নিশ্চয় অনেক সমস্যা দূৰ হ’ব। অস্ত্র-শস্ত্ৰৰে কোনাে সমস্যা দূৰ কৰিব নােৱাৰি। 


উগ্রপন্থীৰ সমস্যাটো সকলাে পক্ষই সহনশীল আৰু বুজাবুজি, এৰাধৰাৰে আলােচনাৰ জৰিয়তে সমাধান কৰিব পাৰে। সুপৰিকল্পিতভাৱে কাম কৰিলে অসমৰ নদীসমূহক নিয়ন্ত্রণ কৰিব পাৰে। 

একালৰ চীনৰ দুখ হােৱাংহাে নদীক চীনে নিয়ন্ত্রণ কৰিব পাৰিছে যেতিয়া অসমৰ নদীবােৰক নােৱাৰিবনে? অসমত বিভিন্ন উদ্যোগ স্থাপনৰ সম্ভাৱনা আছে। 

এই উদ্যোগসমূহ স্থাপন কৰি আৰু ব্যৱসায়ৰ বাবে আর্থিক সাহায্য প্রদান কৰি অসমৰ নিবনুৱা সমস্যা কিছু লাঘৱ কৰিব পাৰে। 

অসমৰ সীমাত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰি অবৈধ বিদেশী প্রব্রজন ৰােধ কৰিব লাগে। বিদেশী চিনাক্ত কৰি বহিষ্কাৰৰ ব্যৱস্থা কৰিব লাগে। বৈজ্ঞানিক পদ্ধতিৰে বাৰিষা-খৰালি দুয়াে সময়তে খেতি কৰাৰ ব্যৱস্থা কৰিব লাগে। 

শান্তিপূর্ণভাৱে স্বায়ত্ত্ব শাসন তথা অন্য ৰাজ্যৰ দাবীসমূহ বিচাৰ বিবেচনা কৰি চৰকাৰে অনতিপলমে সমাধান কৰিব লাগে। হত্যা, অপহৰণ, লুণ্ঠন, ধর্ষণ আদি ঘটনা কঠোৰভাৱে ৰােধ কৰিবলৈ চৰকাৰে ব্যৱস্থা কৰিব লাগে। 

9/সামৰণি : 


সমস্যাবহুল জীৱনত সমস্যা থাকিবই; কিন্তু নিজ স্বার্থ ত্যাগ কৰি ৰাজ্য শাসনৰ দায়িত্বত থকা ব্যক্তিসকল সৎ আৰু কর্মতৎপৰ হ'লে, চৰকাৰী বিয়া কৰ্মচাৰী দুর্নীতিমুক্ত হলে বুজাবুজিৰে সকলাে সমস্যা সমাধানৰ চেষ্টা কৰিলে, ৰাইজে তাত সহযোেগ আগবঢ়ালে অসমৰ সমস্যাসমূহ বহুলাংশে সমাধান কৰিব পৰা যাব বুলি আশা কৰিব পাৰি।

সদৃশ ৰচনা : (১) অসমৰ এটি জ্বলন্ত সমস্যা, (২) অসমৰ খাদ্য সমস্যা, (৩) অসমৰ বানপানী, (৪) অসমৰ নিবনুৱা সমস্যা, (৫) অসমৰ উগ্রপন্থী সমস্যা, (৬) অসমৰ বিদেশী সমস্যা




Assames Essay Assam WildLife Sanctuary




(১০) অসমৰ অভয়াৰণ্য আৰু জীৱ-জন্তু। 

10/আৰম্ভণি : 


ভাৰতৰ পূব প্ৰান্তত অৱস্থিত অসম ৰাজ্য পর্বত-পাহাৰে আগুৰা আৰু ইয়াৰ বুকুতো অলেখ পাহাৰ, হাবি-জংগল, নদ-নদী, বিল-খাল আছে। 

এইবােৰত এটা সময়ত অসংখ্য বনৰীয়া জীৱ-জন্তু, পশু-পক্ষী বাস কৰিছিল আৰু নির্ভয়ে বিচৰণ কৰিছিল। 

ৰাতিপুৱা, সন্ধিয়া এইবােৰত বিবিধ চৰাইৰ আতাহ-চিঞৰ, কলকলনিয়ে যিদৰে কাণত মধুৰতা বৰষণ কৰিছিল, সেইদৰে য’তে ত’তে আনকি ঘৰ-বাৰী বস্তিত সততে ওচৰৰ হাবি-জংগল, পাহাৰ আদিত থকা বনৰীয়া জন্তুৰ উপদ্ৰৱে ভয়-সন্ত্রাসৰাে সৃষ্টি কৰিছিল।

বিভিন্ন কাৰণত অসমত জনসংখ্যা বৃদ্ধি হােৱাত অসমৰ বহু ঠাইৰ আৰু পাহাৰৰ বনাঞ্চল ধ্বংস হ’ল। তাত থকা জীৱ-জন্তুসমূহৰ বাসস্থান আৰু বিচৰণৰ ঠাইৰ অভাৱ হ'ল। 

ইয়াৰ ফলত য'তে ত’তে জীৱ-জন্তুসমূহ বিচৰণ কৰিবলৈ আৰু থাকিবলৈ লােৱাত মানুহৰ হাতত অনেকৰ মৃত্যু হ'ল; বহুতাে জীৱ-জন্তু, পক্ষী থকা ঠাই বিচাৰি অসমৰ বাহিৰৰ দূৰ-দূৰণিৰ পর্বত-পাহাৰ, হাবি জংগললৈ গুচি গ'ল। 

আনকি অনেক জীৱ-জন্তুৰ বিলুপ্তিও ঘটিল। 

এনেবোেৰ কাৰণত এই জীৱজন্তু, পশু-পক্ষীসমূহ নিশ্চিতভাৱে সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰে কিছুমান অৰণ্যভূমি সুৰক্ষিত কৰি ৰাখি তাত সেই জীৱ-জন্তু, পশু-পক্ষীসমূহ থাকিবলৈ দিলে। 

এই জীৱ-জন্তু, পক্ষীসমূহে এই অৰণ্যভূমিত নির্ভয়ে থাকিবলৈ আৰু বিচৰণ কৰিব পাৰে কাৰণেই ইয়াক অভয়াৰণ্য বােলা হয়। 

ৰাষ্ট্ৰই এনে অভয়াৰণ্য কিছুমানক স্বীকৃতি প্রদান কৰি বিশেষ সাহায্য প্রদান কৰে। এনে অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যাননা বােলা হয়। 

অসমৰ অভয়াৰণ্য : 


এই উদ্দেশ্যেই অসমৰ বনৰীয়া জীৱ-জন্তুসমূহৰ সংৰক্ষণ কৰিবলৈ বৃটিছৰ শাসন কালতে ১৯০৮ চনত পােন প্রথমে কাজিৰঙা অৰণ্যক সংৰক্ষিত অৰণ্য বুলি ঘােষণা কৰা হয়। অসমৰ প্ৰথম অভয়াৰণ্য এইখনেই। 

কাজিৰঙা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে চৰকাৰে ঘােষণা কৰে ১৯৬৯ চনত। বর্তমান মাটিকালি প্রায় ৪২৫ বর্গ কিলােমিটাৰ। 

ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে নগাঁও আৰু গােলাঘাট জিলাৰ কিছুঅংশ সামৰি এই উদ্যোগ কৰা হৈছে। এশিঙীয়া গঁড় কাজিৰঙাৰ অতি আপুৰুগীয়া আৰু মূল্যৱান সম্পদ। 

ইয়াত গঁড়ৰ উপৰিও বনৰীয়া ম'হ, হৰিণকে ধৰি বিবিধ পন্থ, গাহৰি, হাতী, বাঘ, বান্দৰ, ময়ূৰ, ধনেশ, বনকুকুৰা, বহুবিধ সাপ, বিভিন্ন ধৰণৰ পক্ষী মুক্তভাৱে বিচৰণ কৰিব আৰু থাকিব পাৰে। ই দেশ-বিদেশৰ ভ্ৰমণকাৰীৰ এক আকর্যণৰ উদ্যোগভূমি।

মানাহ তাভয়াৰণ্য হিমালয়ৰ নামনিত, ভূটান সীমান্তৰ বৰপেটা জিলাৰ উত্তৰাংশত অৱস্থিত। ইয়াৰ মাটিকালি ৩৯১ বর্গ কিলােমিটাৰ। 

১৯৮৭ চনত এই অভয়াৰণ্যকো ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘােষণা কৰে। ইয়াৰ প্ৰাকৃতিক সৌন্দর্য অতি মনােমােহা। ই বনৰীয়া ম’হ আৰু হাতীৰ বাবে ভাৰত বিখ্যাত। অন্যান্য জীৱ-জন্তুও ইয়াত সংৰক্ষিত হৈ আছে।

ইয়াৰ উপৰিও পবিতৰা অভয়াৰণ্য, নগাঁও জিলাৰ লাওখােৱা অভয়াৰণ্য, দৰঙৰ ওৰাঙত অৱস্থিত ৰাজীৱ গান্ধী অভয়াৰণ্য আদিও অসমৰ এই আপুৰুগীয়া জীৱ-জন্তুসমূহৰ মুক্তভাৱে বিচৰণৰ অৰণ্যভূমি।

অভয়াৰণ্যৰ জীৱ-জন্তুৰ হানি-বিঘিনি : 


মাংসৰ লােভত আৰু ধন লাভৰ কাৰণে এচাম অসৎ চোৰাং চিকাৰীৰ দ্বাৰা অভয়াৰণ্যসমূহৰ জীৱ-জন্তুৰ সততে হানি-বিঘিনি হৈ থাকে। 

গঁড়ৰ খড়গ আৰু হাতীদাঁতৰ চোৰাং ব্যৱসায়ীয়ে এই দুয়ােবিধ জন্তু চোৰাংভাৱে নিধন, . কৰিয়েই আছে। তাৰােপৰি হৰিণকে ধৰি নানা পহু, অভয়াৰণ্যৰ মাজত থকা বিলৰ মাছ মাৰিবলৈ, মূল্যৱান পক্ষী ধৰিবলৈ আৰু বধ কৰিবলৈ এনে অসৎ লােকে সততে চেষ্টা কৰি থাকে। 

চোৰাং ব্যৱসায়ী আৰু চোৰং চিকাৰীৰ পৰা অভয়াৰণ্যসমূহৰ জীৱ-জন্তুৰ বিস্তৰ ক্ষতি হয়। তাৰােপৰি ইয়াৰ গছ-গছনিও সেইচাম লােকে কাটি নিব বিচাৰে। গৰাখহনীয়ায়ে বিস্তৰ ক্ষতি সাধন কৰে। বানপানীৰ সময়তাে জীৱ-জন্তুৰ কিছুসংখ্যক মৃত্যু ঘটে। সেই সময়ত জীৱ-জন্তুবােৰে ওখ ঠাইত আশ্রয় ল’বলৈ যাওঁতে মানুহৰ হাতত মৃত্যু হয়। 

জীৱ-জন্তুৰ সংৰক্ষণৰ ব্যৱস্থা : 


অভয়াৰণ্যৰ জীৱ-জন্তুকে ধৰি হাবি-জংগল গছগছনি, মাছ অদিৰ সংৰক্ষণৰ কাৰণে চৰকাৰে বিশেষ ধৰণে ব্যৱস্থা নােলােৱা নহয়, চৰকাৰৰ বন বিভাগে এই দিশত তদাৰক কৰে। 

বন্দুকধাৰী লােকেৰে ইয়াৰ কটকটীয়া পহৰাৰ ব্যৱস্থা কৰিছে; কিন্তু তাৰে মাজতেই অসৎ লােকে মাজে মাজে কাম কৰিয়েই আছে। গতিকে পহৰাৰ ব্যৱস্থা অধিক শক্তিশালী কৰা উচিত। 

বানপানীৰ সময়ত যাতে জীৱ-জন্তুবােৰ আশ্রয় ল’বলৈ ওখ ঠাই বিচাৰি ভয়াবণ্যৰ বাহিৰলৈ যাবলগীয়া নহয় তাৰবাবে অভয়াৰণ্যৰ মাজত ঠায়ে ঠায়ে ওখ ঠাই নির্মাণ কৰি দিব লাগে। 

অৱশ্যে কাজিৰঙা, মানাই আদিত এই ব্যৱস্থা সামান্যভাৱে কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই প্রতিবছৰে কাজিৰঙাৰ মাটিকালি হ্ৰাস কৰিয়েই আছে। 

ইয়াক প্রতিৰােধ কৰিবলৈ স্থায়ী ব্যৱস্থা কৰাৰ অতি প্রয়ােজন হৈ পৰিছে। তাৰােপৰি ভয়াৰণ্যৰ অবাধ ধ্বংসলীলা আৰু বেদখলে যি ভয়াৱহৰূপ ধাৰণ কৰিছে তাক দৃঢ়তাৰে ৰােধ কৰাৰ চৰকাৰী ব্যৱস্থা নল'লে ইয়াৰ অধিক ক্ষতি হােৱাৰ সম্ভাৱনা আছে। 

দুপ্রাপ্য 'জীৱ-জন্তু তথা অসমত নথকা জীৱ-জন্তু, পশু-পক্ষী আন ঠাইৰ পৰা সংগ্ৰহ কৰি এইবােৰ অভয়াৰণ্যত সংৰক্ষণ কৰিব লাগে।

10/সামৰণি : 


মানুহক ধৰি সকলাে প্রাণী জীৱ-জন্তু, পশু-পক্ষীয়েই জীৱন ধাৰণত ইটোৰ ওপৰত সিটো নিৰ্ভৰশীল। এই জীৱ-জন্তুসমূহ নিশ্চিতভাৱে অভয়াৰণ্যৰ জৰিয়তে সংৰক্ষণ। 

নকৰিলে এসময়ত পৃথিৱীৰ বুকুৰ পৰা অনেক মূল্যবান জীৱ-জন্তু বিলুপ্ত হ'ব। ইতিমধ্যে কিছুমান জীৱ-জন্তু বিলুপ্ত হৈছেই। তাৰােপৰি মানুহৰ মনােৰঞ্জন, অৱসৰ বিনােদনৰ কাৰণেও সৌন্দর্যময়ী ঠাই। 

ইয়াৰ প্ৰাকৃতিক মনােৰম সৌন্দর্যই, বনৰীয়া জন্তু, পক্ষীৰ পালে পালে কৰা বিচৰণৰ চিত্তকর্ষক দৃশ্যই সকলােকে আপ্লুত কৰি তােলে। এই কথা উপলব্ধি কৰি সমাজৰ সকলাে শ্ৰেণাৰ লােকেই অভয়াৰণ্য তথা ইয়াৰ জীৱ-জন্তুসমূহৰ সংৰক্ষণৰ প্ৰতি সততে মনােযােগ দিয়া উচিত। কিয়নাে জীৱ-জন্তুসমূহাে এক ৰাষ্টীয় সম্পদ।



Bihu Festival Essay In Assamese Language




(১১) অসমৰ জাতীয় উৎসৱ

11/আৰম্ভণি : 


যি উৎসৱক কোনাে এটা জাতিয়ে সমহীয়াভাৱে নিজৰ সম্পদ হিচাপে গ্রহণ কৰি সমূহীয়াভাৱেই পালন কৰে, যি উৎসৱৰ জৰিয়তে জাতিটোৰ সামাজিক ৰীতিনীতি, আচাৰ-ব্যৱহাৰ, হাঁহি-কান্দোন, সুখ-দুখ, ৰং-ৰইছৰ আদি ছবি সুন্দৰভাৱে প্রতিফলিত হয়, তেনে উৎসৱকে সেই জাতিৰ জাতীয় উৎসৱ বােলা হয়। 

পৃথিৱীৰ সকলাে জাতি, উপজাতি, গােষ্ঠী তথা দেশৰে এনে নিজা নিজা জাতীয় উৎসৱ আছে। এই জাতীয় উৎসর নিজ জাতিটোৰ বাপতি সাহােন, হিয়াৰ আমঠৰ দৰে পৰম আপােন, অতিকে মৰমৰ। 

এনে জাতীয় উৎসৱ পালনৰ সময়ত জাতিটোৰ প্ৰতিগৰাকী নৰ-নাৰীয়ে, ডেকা-ডেকেৰী, ল'ৰাছােৱালীয়ে আপােন পাহৰা হয়; সকলাে বিভেদ পাহৰি মৰম-চেনেহত এক হৈ পৰে; খােৱা-লােৱা, দিয়া-নিয়াৰ মহান আয়ােজন কৰে।

অসমৰাে এটি জাতীয় উৎসৱ আছে, সেয়া হ’ল বিহু।

অসমৰ জাতীয় উৎসৱ বিহুঃ 


বিহু অসমৰ জাতীয় উৎসৱ। এই উৎসৱ অসমত বসবাস কৰা কোনাে এটা নির্দিষ্ট গােষ্ঠী বা ধৰ্মৰ উৎসৱ নহয়, ইয়াত বসবাস কৰা সকলাে ধৰ্মৰ সকলাে সম্প্রদায়ৰে উৎসৱ। 

জাতি-বর্ণ নির্বিশেষে যি নিজকে অসমীয়া বুলি মনে-প্রাণে ভাবে, তেওঁ এই জাতীয় উৎসৱত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিব নােৱাৰিলেও অপাৰ আনন্দ পায়, প্ৰাণৰ উৎসৱ বুলি অনুভৱ কৰে। 

সেই কাৰণেই ভাৰতৰ বিভিন্ন ঠাইত থকা অসমীয়াকে ভিতৰ কৰি সুদূৰ ইংলেণ্ড, আমেৰিকা আদিত স্থায়ীভাৱে থাকিবলৈ লােৱা অসমীয়া লােকসকলেও এই জাতীয় উৎসৱ বিহুটি পালন কৰি পম গৌৰৱ অনুভর কৰে।অসমৰ এই জাতীয় উৎসৱ বিহু তিনিটা সময়ত তিনিধৰণে পালন কৰা হয়। সেই কাৰণেই তিনিওটা বিহুৰ নামাে বেলেগ বেলেগ।

বসন্ত কালত আনন্দত প্ৰকৃতিৰ প্রাণ চঞ্চল হয়। মানুহ আৰু অন্যান্য জীৱ-জন্তুও ৰংবইছত মতলীয়া হৈ পৰে। 

এই সময়তে চ'তৰ সংক্ৰান্তিৰ পৰা (শেষ দিনৰ পৰা) ব'হাগৰ ছা তাৰিখলৈ সাতদিন ধৰি এই বিহু পালন কৰা হয়। ৰং আৰু আনন্দৰ বিহু কাৰণে ইয়াকৰঙালী বিহু বােলে। এই বিহুত ডাঙৰক সৰুৱে, জীয়াৰী-বােৱাৰীয়ে সম্মানীয় ব্যক্তিক আৰু মৰমৰ ব্যক্তিক গামােচা আৰু অন্যান্য কাপােৰ-কানি উপহাৰ দি সেৱা-সন্মান কৰে। 

নানান পিঠা-পনা সজাই আপােনজনক খুৱাই-বুৱাই আনন্দ লাভ কৰে। ডেকা-গাভৰুৱে বিহুগীত গায়, বিহুনাচ নাচে। আজি-কালি এই উৎসৱ গােটেই ব'হাগ মাহ জুৰি পালন কৰিবলৈ লৈছে। ঘৰচীয়া জন্তু গৰু, ম'হ, ছাগলীক ধুৱাই, তেল দি নতুন পঘাৰে বান্ধে।

শৰৎ কালত আহিন মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত মানুহৰ খােৱা-লােৱাৰ কিছু অসুবিধা হয়; বিশেষকৈ খেতিয়কসকলৰ। 

খেতিয়কসকলেই সাধাৰণতে এই বিহুটি পালন কৰে। অভাৱৰ সময়ত এই বিহুটি পালন কৰে কাৰণেই ইয়াক কঙালী বিহু বােলে। এই বিহুক লখিমী আদৰা বিহুও বােলে। 

বিহুৰ দিনা সন্ধিয়া। তুলসীৰ তলত চাকি জুলােৱাৰ উপৰিও বাৰী-বস্তি, খেতিপথাৰৰ মাজতাে চাকি জুলাই লখিমীক আদৰে। মাহ-প্ৰসাদ, পিঠা-পনা আদিৰাে ব্যৱস্থা কৰে। কোনাে কোনাে ঠাইত নাম-কীর্তননা কৰে।

পুহমাহৰ শেষৰ দিনা তৃতীয় বিহুটো পালন কৰা হয়। এই বিহুক মাঘ বিহু বা ভােগালী বিহু বােলে। এই সময়ত খেতিয়কসকলে খেতি-বাতি চপাই ঘৰত মজুত কৰে। 

সকলােৰে অভাৱ দূৰ হয়। চুঙাপিঠা আৰু অন্যান্য পিঠা, লাৰু আদি বনাই দৈ, চিৰা, মিঠাই আদি প্রচুৰভাৱে আটায়ে যােগাৰ কৰে। বিহুৰ আগদিনা সকলাে ঠাইতে ৰাইজে মিলিজুলি ভোেজভাত খায়।

গৰখীয়াসকলে বন্ধা মেজি, ভেলাপুজি আদি বিহুৰ দিনা খুৱ পুৱাতে ভক্তিসহকাৰে জুলাই দি হাতভৰি সেকে, জুই পুৱায়। মিতিৰ-কুটুমক মাতি খুৱাই-বুৱাই এই বিহুটিত বৰ আনন্দ পায়। ডেকা-গাভৰুসকলৰ মাজত নানা ধৰণৰ খেল-ধেমালিৰ প্রতিযােগিতা, প্রীতি খেল আদি অনুষ্ঠিত হয়?






Essay On Durga Puja In Assamese Language



(১২) তুমি পালন কৰা এটি ধর্মীয় উৎসৱ (দুর্গা পূজা)।

12/আৰম্ভণি : 


ধর্মীয় উৎসৱসমূহৰ ভিতৰত ঘাইকৈ হিন্দুসকলৰ দুর্গা পূজা, সৰস্বতা পূজা, ৰাস উৎসৱ, লক্ষ্মীপূজা, বাসুদেউ পূজা আদি; মুছলমানসকলৰ ঈদ, ফাতেহা, আদি, খ্রীষ্টানসকলৰ বৰদিন আদি, আৰু অন্যান্য ধর্মৰাে অনেক ধর্মীয় উৎসৱ পালন কৰি অহা হৈছে। 

মই পালন কৰা ধর্মীয় উৎসৱসমূহৰ ভিতৰত দুর্গা পুজাৰ বিষয়েই বর্ণনা কৰিবলৈ লােৱা হ'ল।

ইতিহাসে ঢুকি নােপােৱা সময়ৰ পৰাই ভাৰতবৰ্ষত শক্তি উপাসনাৰ পৰম্পৰা চলি আহিছে। ৰামায়ণ আৰু অন্যান্য প্রাচীন সাহিত্যৰাজি তথা বিভিন্ন ধর্মীয় ক্ষেত্রই এই কথাৰ প্রমাণ দাঙি ধৰে। 

ৰামায়ণত শ্ৰীৰামে যুদ্ধজয়ৰ মানসেৰে শক্তিস্বৰূপা দুর্গাদেৱীৰ আৰাধনা কৰাৰ উল্লেখ পােৱা যায়। সেই অকালত অর্থাৎ শৰৎকালত আয়ােজন কৰা দুর্গা পূজাই আজিৰ আড়ম্বৰপূৰ্ণ মহােৎসৱৰ ৰূপলােৱাৰ কথা ঠাৱৰ কৰিব পাৰি। কোনাে কোনাে স্থানত বসন্ত কালতাে দুর্গা দেৱীক পূজা-উপাসনা কৰা দেখা যায় আৰু বহুতৰ মতে সেয়াহে দুর্গা পূজাৰ প্ৰকৃত সময়। 

কিন্তু বর্তমান শৰৎ কালতহে দুর্গাপূজা পূর্ণোদ্যমে অনুষ্ঠিত হয়। সেই বাবেএই উৎসৱক শাৰদীয় দুর্গাপূজা বা শাৰদীয় পূজা বােলা হয়।

মূল পূজাভাগ : 


দুর্গা পূজাৰ মূল পূজাভাগ অতি গাম্ভীর্যপূর্ণ। দেৱী দুর্গা শক্তিৰ প্রতীক; তেওঁ বিপদ আৰু দুর্গতিৰ পৰা ভক্তক উদ্ধাৰ কৰে, দুর্জনক সংহাৰ কৰে। 

পাপাত্মা মহিষাসুৰ দমন দ্বাৰা মহাজগতক উদ্ধাৰ কৰাৰ আনন্দত ভক্তসকলে নানা প্রকাৰে দেৱীৰ আৰাধণা কৰে। শিল্পীয়ে প্রাণ উজাৰি দেৱী-প্রতিমা সাজে। সিংহ বা বাঘৰ পিঠিত আৰােহিতা দেৱীয়ে বর্শাৰে খুচি মহিষাসুৰক বধ কৰাৰ দৃশ্য অতিশয় জীৱন্ত। 

তেওঁৰ সোঁফালে থাকে ধন-সম্পদৰ দেৱী লক্ষ্মী। বাওঁফালে বিদ্যাৰ অধিষ্ঠাত্রী দেৱী সৰস্বতী। সিদ্ধিদাতা বিনায়ক আৰু দেৱতাগণৰ সেনাপতি কার্তিক দেরীৰ দুয়ােফালে থাকে।

বহুভূজা, মহিষমর্দিনী দেৱীৰ পূজা আৰম্ভ হয় শুক্লাষষ্ঠীত। সেইদিনা দেৱীৰ বােধনৰ পাছত পূজাৰীয়ে আৱাহন, অধিবাসাদি পূজা সম্পন্ন কৰে। ইয়াৰ পিছত তিথি অনুসৰি ক্রমে, সপ্তমী, অষ্টমী আৰু নৱমী পূজা অনুষ্ঠিত হয়। ধূপ-দীপ-নৈবেদ্যৰে গাম্ভীর্যপূর্ণ। 

পৰিৱেশত এইকেইদনৰ পূজা চলে। পূজাৰী আৰু ভক্তসকলে দেৱীৰ আৰতি কৰে। দশমীৰ দিনা পূজাৰ শেষ দিন। বিজয়া দশমীত ভক্তসকলে মাংগলিক ধ্বনিৰে সমদল কৰি পৱিত্ৰজলত মূর্তি বিসর্জন দিয়ে।

দুর্গা পূজাৰ আনুষগিংক কার্যাবলী : 


মূল গাম্ভীর্যপূর্ণ পূজাভাগৰ লগতে পূজাৰ মেলা আদি অনুষ্ঠিত হয়। আটকধুনীয়াকৈ সজোৱা মণ্ডপত দেৱী দুর্গা আৰু অন্যান্য দেৱ-দেৱীৰ মূর্তি স্থাপন কৰা হয়। ভক্তবৃন্দৰ বাবেও ৰভা সজোৱা হয়। 

থলুৱা পৰম্পৰা অনুসৰি এই ৰভাৰ তলতে বিভিন্ন লােক অনুষ্ঠান চলে। অসমত ওজাপালি, ঢুলীয়া আৰু আয়তীসকলে সভক্তিৰ নানান অনুষ্ঠান পৰিবেশন কৰে। 

দুর্গা পূজাৰ লগতে নানা দোকান-পােহাৰ আৰু বৈদ্যুতিক সজ্জাই আধুনিক যুগত মেলাৰ দৃষ্টি কৰে। এই মেলালৈ জাতি-ধর্ম-নির্বিশেষে সকলাে মানুহে ঢাপৰি মেলে। এনেদৰে দুর্গা পূজাই এক সার্বজনীন ৰূপ পৰিগ্ৰহণ কৰিছে। 

প্ৰকৃতিৰ ফালৰ পৰাও দুর্গা পূজাৰ সময়খিনি আনন্দ-উৎসৱৰ বাবে অতিশয় প্রশস্ত। নির্মল আকাশৰ তলত সকলােৱে নির্বিঘ্নে এই উৎসৱৰ আনন্দ উপভােগ কৰে। 

এই সময়ত গৰমৰ প্রকোপ লােপ পায়, অথচ ঠাণ্ডাও নপৰে। বৰষুণ আৰু ব’দৰ তাপৰ পৰা মুক্ত হৈ সকলােৱে মুকলি মনেৰে ভাতৃত্ববােধৰ মাজেদি দুর্গা পূজা পালন কৰে। ছাত্র-ছাত্রীয়ে দীঘলীয়া ছুটী পায়। অফিচ-কাছাৰীও যথাবিধি বন্ধ থাকে। 

পূজাৰ আনন্দত অৰিহণা যােগাবলৈ কাকত-আলােচনীও তৎপৰ হৈ উঠে আৰু বিশেষ পূজা সংখ্যা বা শাৰদীয় সংখ্যা প্রকাশ কৰে। এইদৰে শাৰদীয় দুর্গা পূজা ভাৰতবৰ্ষৰ এক জাতীয় উৎসৱত পৰিণত হৈছে। সকলােৱে নিজৰ সাধ্যানুসাৰে নতুন কাপােৰ পিন্ধি এই উৎসৱত ভাগ লয়।

12/সামৰণি : দুর্গা পূজা মূলতঃ 


এক গাম্ভীর্যপূর্ণ অনুষ্ঠান। অত্যধিক মেলামুখিতাৰ মাজত যাতে এই গাম্ভীর্য বিলুপ্ত হৈ নাযায়, তাৰ বাবে সকলােৱে যত্ন কৰা উচিত। 

দুর্গা পূজাৰ অজুহাতত জুৱা, মদ আদিত লিপ্ত হােৱা দুষ্কৃতিকাৰীসকলৰ পৰা সকলােৱে মিলি পূজাৰ পৱিত্ৰতা ৰক্ষা কৰিব লাগে। তেতিয়াহে আমি বিশ্ববাসীৰ ওচৰত আমাৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱনৰ পৰিচয় সগৌৰৱে প্ৰকাশ কৰিব পাৰিম।


(১৩) অসমৰ এজন দেশহিতৈষী পুৰুষ (দেশভক্ত তৰুণৰাম ফুকন)


13/আৰম্ভণি : 


অসমত অনেকজন দেশহিতৈষী পুৰুযে জন্মলাভ কৰি দেশসেৱাত আত্মনিয়ােগ তথা আত্মবলিদান কৰি গৈছে। 

সেইসকল ব্যক্তিৰ ব্যক্তিত্ব আৰু দেশ প্ৰেমৰ ফলশ্রুতিত আধুনিক অসম গঢ় লৈ উঠিছে। সেইসকলৰ ভিতৰত অন্যতম দেশভক্ত তৰুণৰাম ফুকন। দেশভক্ত’ উপাধিয়েই ফুকনদেৱৰ দেশৰ প্ৰতি থকা ভক্তিৰ গভীৰতাৰ ইংগিত দিয়ে।

ফুকনদেৱৰ শৈশৱ আৰু শিক্ষাজীৱনঃ গুৱাহাটীৰ ভৰলুমুখত ১৮৭৭ চনত তৰুণৰাম । ফুকনৰ জন্ম হয়। তেখেতৰ পিতৃ বলােৰাম ফুকন আৰু মাতৃ ভাগীৰথী দেরী। আধুনিক অসমৰ প্রখ্যাত ব্যক্তি আনন্দৰাম ঢেকীয়াল ফুকনৰেই এক বংশজ হিচাপে তৰুণৰাম ফুকনে কুলৰ মান উচ্চ কৰিছে।

ফুকনদেৱে কলেজিয়েট স্কুলৰ পৰা ছাত্ৰ-বৃত্তি সহকাৰে মেট্রিক পাছ কৰে। ইয়াৰ পিছত কলিকতাৰ প্ৰেচিডেন্সী কলেজত নাম লগায় আৰু দুবছৰ পিছত এফ, এ, পাছ কৰে। কিন্তু বি.এ. পৰীক্ষাত তেখেত উত্তীর্ণ হ'ব নােৱাৰিলে। 

তৰুণৰাম ফুকনদেৱৰ বেৰিষ্টাৰ হােৱাৰ হেঁপাহ আছিল। এই হেপাহক বাস্তৱায়িত কৰিবলৈ সেই কালত বিলাতলৈ যাব লাগিছিল! কিন্তু তেখেতৰ হাতত বিলাতলৈ যাব পৰাকৈ ধন নাছিল। কিন্তু তেখেতে মনােবল হেৰুওৱা নাছিল। 

তাৱশেষত তেখেতৰ ভাতৃ জীৱনৰামৰ এজন বন্ধু ভােলানাথ চৌধুৰীৰ পৰা বন। ধাৰলৈ লৈ বিলাতলৈ যাবলৈ সাজু হয়। বার্ণশ চাহাবে সেই টকা লৈ তেখেতক বিলাত যাত্ৰাৰ বন্দবস্ত কৰি দিয়ে। কুৰি বছৰ বয়সত তৰুণৰাম ফুকনে বিলাতলৈ ৰাওনা হয়। 

তৰুণৰাম ফুকনৰ কৰ্মজীৱনঃ 


বিলাতৰ পৰা বেৰিষ্টাৰ হােৱাৰ মনােৰথ পূৰণ কৰি আহি ফুকনদেৱে কলিকতাত কৰ্মজীৱনৰ পাতনি মেলে। 

কিছুদিনৰ ভিতৰতে তেখেত, প্রথম শ্রেণীৰ বেৰিষ্টাৰ হ’বলৈ সক্ষম হয়। ইয়াৰ পিছত তেখেতে ডিব্ৰুগড়ৰ পৰশুৰাম খাউণ্ডৰ কন্যা বিদ্যুৎপ্রভাক বিয়া কৰায়।

১৯২০ চনত গুৱাহাটীত আর্ল ল কলেজ স্থাপিত হয় আৰু ফুকনদেৱে তাৰ অধ্যাপক হিচাপ নিযুক্তি লাভ কৰে। এই কার্যই ফুকনদেৱৰ ত্যাগৰ নমুনা দাঙি ধৰে। বেছ অর্থ উপার্জনকাৰী বেৰিষ্টাৰী বাদ দি অধ্যাপনা গ্রহণ কৰাটোৰ দ্বাৰাই এই কথা বুজিব পাৰি।

স্বাধীনতা আন্দোলনত ফুকনদেৱৰ অৱদান : 


তৰুণৰাম ফুকনে আর্ল ল কলেজত অধ্যাপনা আৰম্ভ কৰাৰ সময়তে অসহযােগ আন্দোলন আৰম্ভ হয়। 

ৰাজনৈতিক ঘটনাৰ প্রতি তেখেতে সদায়ে সচেতনতা অৱলম্বন কৰিছিল আৰু সেইবাবেই তেখেতে আন্দোলন জড়িত হৈ পৰে।এদিন গােপীনাথ বৰদলৈদেৱ ফুকনদেৱৰ ঘৰলৈ আহিছিল। 

তেখেতে ফুকনদেরক আন্দোলনত যােগদান কৰিবলৈ বিশেষভাৱে অনুৰােধ জনায়। বৰদলৈদেৱে তেখেতক এনেদৰে কয় যেন তেখেতৰ সহযােগ অবিহনে আন্দোলন চলােৱা অসম্ভৱ। 

এই কথাই ফুকনদেৱৰ অন্তৰৰ ৰেখাপাত কৰিলে আৰু সর্বস্ব বাদ দি তেখেত আন্দোলনত নামি পৰে। ফুকনদেৱৰ যােগদানৰ ফলত অসমত স্বাধীনতা আন্দোলনে নতুন ৰূপ লয়।
১৯২২ চনত অখিল ভাৰতীয় কংগ্ৰেছ কমিটীৰ অধিবেশন নাগপুৰত অনুষ্ঠিত হয়।

তৰুণৰাম ফুকনে এই অধিবেশনত যােগদান কৰেগৈ। তেখেতে তাত গান্ধীজীৰ সাক্ষাৎ লাভ কৰে আৰু কথা-বতৰাৰ শেষত গান্ধীজীক অসমলৈ আহিবলৈ আমন্ত্রণ জনায়।

ইয়াৰ পিছত তেখেতে পূৰামাত্রাই আন্দোলনত নামি পৰে আৰু অধ্যাপক পদৰ পৰা ইস্তাফা দিয়ে। আগষ্ট মাহত গান্ধীজী অসমলৈ আহে। গান্ধীজী ফুকনদেৱৰ ঘৰত আলহী হয়। 

ইয়াৰ ফলত ফুকনদেৱ ত্যাগৰ মহামন্ত্র দীক্ষিত হয়। তেখেতে নিজৰ গাড়ী আৰু দামী বিদেশী কাপােৰ দাহ কৰে। মহাত্মাজীয়ে ফুকনৰ কর্মদক্ষতাক ভূয়সী প্রশংসা কৰে। গান্ধীজী অসমৰ পৰা উভতি যােৱাৰ পাছত তৰুণৰাম ফুকন অসমৰ অহিংস আন্দোলনৰ নেতা হৈ পৰে। 

তেখেত প্রদেশ কংগ্ৰেছৰ সভাপতি নির্বাচিত হয়। তেখেতৰ নেতৃত্বত অসমৰ চৌদিশে আন্দোলনৰ জুই দপ-দপকৈ জুলি উঠে। ইংৰাজে তেখেতৰ ওপৰত ৰাজদ্ৰোহৰ আৰােপ লগায়। চৰকাৰে তেখেতৰ বিৰুদ্ধে মােকদর্মা চলায়; কিন্তু ন্যায়ালয়ে তেখেতক নির্দোষ হিচাপে ৰায় দিয়ে। 

ইয়াৰ পিছত তৰুণৰামে বকোত পুনৰ প্ৰচাৰ কাৰ্য আৰম্ভ কৰে। ইংৰাজ চৰকাৰে তেখেতৰ বিৰুদ্ধে মােকদর্মা পুনৰ চলায়। তেখেতে এই মােকর্দমাৰ বিৰােধিতা নকৰাকৈয়ে এবছৰৰ কাৰাবাস খাটে। কাৰাবাসতে ফুকনদেৱে দাঁতৰ অসুখত ভােগে। 

এইবাবে ' তেখেতক এমাহৰ বাবে কাৰাবাসৰ পৰা অব্যাহতি দিয়া হয়। এমাহ পূৰ হােৱাৰ লগে | লগে তেখেত পুনৰ কাৰাবাসলৈ যাবলগীয়া হয়। ইয়াৰ ডেৰ মাহৰ পিছত তেখেতৰ । 

মুক্তি হয়। ইয়াৰ কিছু দিনৰ পিছত কংগ্ৰেছত মতভেদে দেখা দিয়ে। স্বৰাজবাদী দল পৰাভূত হ'লেও হতাশ নহ'ল।

ফুকনদেৱৰ সাহিত্য চর্চা : 


তৰুণৰাম ফুকন এগৰাকী সু-সাহিত্যিকো আছিল। ইংৰাজী। শিক্ষাৰে শিক্ষিত হ'লেও তেখেতৰ অসমীয়া ভাষাতত সমানে দক্ষতা আছিল। তেখেতৰ অন্যতম পুথি হ’ল কবিতা সংগ্রহ ‘স্তুতি মালা’ আৰু দাম্পত্য জীৱনৰ উপযােগী পুথি ‘যৌনতত্ত্ব”। 

ইয়াৰ উপৰিও তেখেতে চিকাৰ সম্বন্ধীয় প্রবন্ধ-পাতি আৰু ৰাজনৈতিক প্রবন্ধও । লিখি অসমীয়া সাহিত্যৰ ভাণ্ডাৰলৈ অৰিহণা যােগাই থৈ গৈছে। তেখেতৰ এক লিখিত ভাষণাে আছে। 

গান্ধীজীয়ে অসমত প্ৰদান কৰা বক্তৃতামালাৰ অনুবাদেৰে ফুকনদেৱে সকলােকে চমকিত কৰি থৈ গৈছে। তেখেতে ইংৰাজী আৰু অসমীয়া ভাষাৰ উপৰিও বাংলা, হিন্দী, উর্দু আৰু সংস্কৃত ভাষাও ভালদৰে জানিছিল। 

দুঃসাহসিক কার্যত ফুকনদেৱঃ দুঃসাহসিক কাৰ্যৰ দ্বাৰা তৰুণৰাম ফুকনে আনন্দ লাভ কৰিছিল। তেখেত প্রখ্যাত চিকাৰী আছিল। দুর্গম ঠাইলৈ গৈ বাঘ চিকাৰ কৰি তেখেতে আনন্দ লভিছিল। 






Class 10 Assamese Notes





Class 10 Assamese Textbook






Class 10 Assamese Grammar




Class 10 Assamese Essay







Class 10 Hindi Notes




Class 10 Hindi Textbook




Class 10 Hindi Essay






Class 10 Hindi Grammar




Class 10 Science Notes


CHEMISTRY

BIOLOGY

PHISICS


Class 10 English Notes





Class 10 Maths Notes


Post a Comment

2 Comments

AK Production said…
dhnyabaad, article buror pora kiba eta xikibo parisa jodi, kindly share kori diba nijoor friend r logot.

People

Ad Code