Recent in Technology

কানাইৰ চাতুৰী সম্পূৰ্ণ প্ৰশ্নোত্তৰ/class 10 assamese chapter 13 question answer(2022)




Table of Content :


কানাইৰ চাতুৰী সম্পূৰ্ণ প্ৰশ্নোত্তৰ/class 10 assamese chapter 13 question answer(2022)









(কানাইৰ চাতুৰী-Lesson 13)






শ্ৰীধৰ কন্দলী




শ্ৰীধৰ কন্দলীৰ চমু পৰিচয় :

শ্ৰীধৰ কন্দলী মহাপুৰুষ শংকৰদেৱৰ পৰবৰ্তী কালৰ কবি। এওঁৰ কাব্যত ধৰ্মৰ প্ৰভাৱ সুস্পষ্ট। কন্দলীয়ে " কাণখোৱা " আৰু " ঘুনুচা কীৰ্ত্তন " নামৰ দুখন কাব্য ৰচনা কৰে। 

কাণখোৱা পুথিখন নিচুকণি গীতৰ আৰ্হিত ৰচিত। ইয়াত বিষ্ণুৰ আৱৱতাৰৰ লীলা - মাহাত্ম্য সহজ - সৰল আৰু প্ৰাঞ্জল ভাষাত বৰ্ণনা কৰিছে। ইয়াত কৃষ্ণৰ ঈশ্বৰত্ন আৰু মানৱ শিশুত্ব ভাৱ কবিয়ে সুন্দৰভাৱে ফুটাই তুলিছে। পুথিখন দুটা অঙ্কত ভাগ কৰিব পাৰি।

প্ৰথম অংশত কাণখোৱাৰ কথা শুনি ভয়ত টোপনি যোৱা আৰু দ্বিতীয় অংশত ৰাতিপুৱা টোপনিৰ পৰা মাকে জগাবলৈ যোৱাত তেওঁ অভিমানত মাকক নানা কথা কোৱা।

পাঠটিৰ গুৰুত্ব

পাঠটিত শিশুকৃষ্ণৰ ঈশ্বৰত্বৰ পৰিবৰ্তে সাধাৰণ অভিমানেৰে কৰা মানৱ শিশু এটিৰ চিত্ৰ বৰ্ণিত হৈছে, যি পঢ়োতাক নিজৰ স্বৰূপৰ লগত একীভূত হৈ পৰাত অৰিহণা যোগাইছে। 

ইয়াত কৃষ্ণৰ মানৱীয় ৰূপ স্পষ্ট হৈ উঠাৰ ফলত ছাত্ৰ - ছাত্ৰীসকলে তেওঁৰ ঈশ্বৰীয় দিশটো পাহৰি নিজৰ কৰ্মৰাজিৰ লগত সাদৃশ্য উপলব্ধি কৰি আনন্দ পুৱাটোৱেই পাঠটিৰ গুৰুত্ব নিৰ্ভৰ কৰিছে।

শব্দাৰ্থ আৰু টোকা

  • আসি - আমি
  • খেড়ি - খেলা
  • ৰজনী - ৰাতি
  • প্ৰভাত - পুৱা
  • শুতিয়া - শুই
  • ডাক - মাত
  • কিসৰ - কিহৰ
  • হাৰলি - অতি মৰমৰ [HSLC;19]
  • ৰোষ - খং
  • তেজি - ত্যাগ কৰা
  • পুহাইল - পুৱাল
  • সুমৰন্তে - সুৱৰি
  • ডৰত - ভয়তে
  • কৰকৰা ভাত - ঠাণ্ডা বাহি ভাত
  • বেদক পঢ়াইলো - বেদ ভগবানৰ বাণী বুলি কোৱা হয়। এই বেদ ভগৱানে ব্ৰহ্মাক কৈছিল।
  • তাসম্বাক - তেওঁলোকক
  • তাৱক্ষণে - তৎক্ষণাৎ
  • বিগুটিয়া - ঠাট্টা কৰা
  • ছালিবে - ছলনা কৰিলোঁ
  • কটাহ - ঢাকনি বা আৱৰণ। কোনো বস্তুৰ টান ঢাকনি।
  • তত্ব - মূল সত্য
  • কণ্টক বন - কাইটেৰে ভৰা বন।
  • চৌপৰ - চাৰি প্ৰহৰ।
  • গড়ায় - গঢ়াই
  • নটুৱা - মতা বা তিৰোতাৰ বেশ লৈ নচা ল'ৰা।
  • টনা - দুই মূৰ মোনাৰ দৰে সীয়া এৰীয়া গামোচা।
  • সেৱালি - প্ৰণাম, সেৱা।
  • কাঠবাজী - যি তিৰোতাৰ সন্তান নাই।
  • কুকুহা - এবিধ চৰাই। দেখাক কাউৰীৰ সমান, ডাঙৰ, ইটাবৰণীয়া।
  • পাশ - কাষ
  • বাপি - বোপাই
  • খিণ্ডৱে - খণ্ডন বা দূৰ হ'ব
  • কপিল - এজন প্ৰসিদ্ধ মুনি। তেওঁ সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক। কদম মুনি আৰু স্বায়ম্ভুৱ মুনিৰ কন্যা দেৱহুতিৰ পুত্ৰ। এওঁৰ শাপত সৰগ ৰজাৰ ষাঠী হেজাৰ পুত্ৰ ভস্মীভূত হয়। এওঁক বিষ্ণুৰ আন এক অৱতাৰ বুলিও কোৱা হয়।
  • বামন - বিষ্ণুৰ পঞ্চম আৱতাৰ। বিষ্ণুৱে বাওনা মানুহৰ ৰূপ লৈ এই অৱতাৰ ধাৰণ কৰিছিল। এই দৈত্যৰাজ বলিৰ যজ্ঞলৈ আহি তিনিপদ ভূমি বিচৰাৰ ছলেৰে তেওঁক পাতাললৈ পঠিয়াইছিল। অৰ্থাৎ দান কৰাৰ বাবে বলিৰ যি অহংকাৰ হৈছিল তাৰ বিনাশ কৰিছিল।
  • দেৱহুতি - স্বায়ম্ভুৱ মুনিৰ কন্যা
  • কংস - মথুৰাৰ ৰজা। শ্ৰীকৃষ্ণৰ মোমায়েক। এওঁ কৃষ্ণৰ শত্ৰুৰূপে চিন্তা কৰি মৃত্যুবৰণ কৰে।
  • পৃথু - এজন পুৰাণপ্ৰসিদ্ধ বিখ্যাত ৰজা আৰু ৰজা বেনুৰ পুত্ৰ। এই এবাৰ দেশত আকাল হোৱাত গাই এজনীৰ ৰূপ ধাৰণ কৰা পৃথিৱীক খিৰাই প্ৰজাৰ প্ৰাণ ৰক্ষা কৰিছিল বুলি শাস্ত্ৰত উল্লেখ আছে।

পাঠভিত্তিক প্ৰশ্নোত্তৰ

প্ৰশ্ন ১/ অতি চমু উত্তৰ লিখা।

(ক) কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল?
উত্তৰ : গোপশিশুসকলে খেলিবৰ বাবে কৃষ্ণক যগাবলৈ কৈছিল।
(খ) কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল?
উত্তৰ : কৃষ্ণই চাৰি - পাঁচ দিন একেৰাহে শুই থাকিব নোখোৱা নবোৱাকৈ, গৰু চৰাবলৈকো নাযায়। " দিন চাৰি পাঞ্চ, নুঠিবো, নখাইবো, নযাইবো গোৰক্ষ থানে।"

(গ) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? [HSLC;17]
উত্তৰ : মোহিনীৰূপ।

(ঘ) কপিল মুনিৰ মাতৃ কোন আছিল? [HSLC;16/18]
উত্তৰ : দেৱহুতি।

(ঙ) কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক চালনা কৰিছিল? [HSLC;17]
উত্তৰ : বামন ৰূপ।

প্ৰশ্ন 2/ তথাপি তোহোক দেখন্তে ডৰত উৰি যায় মোৰ জীউ।" - এই কথাষাৰ কাৰ উক্তি, কাক দেখি কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা। [HSLC;18]
উত্তৰ : এইষাৰ কৃষ্ণৰ উক্তি। কৃষ্ণই আত্ম পৰিচয় প্ৰদান কৰি কৈছে যে তেওঁ নিজেই নাৰায়ণ আৰু জগতৰ মূল কাৰণ। আনহাতে যশোদা গোৱালৰ জীয়াৰী। 

তথাপিও মাতৃক দেখাৰ লগে লগেই কৃষ্ণৰ জীৱ উৰি যায়। কৃষ্ণই যিমানেই খোৱা, বোৱা নকৰক কিয়, তেওঁৰ অলপো শ্ৰীবৃদ্ধি নহয়।

মাক যশোদাৰ কৃষ্ণৰ প্ৰতি থকা মৰমৰ অভাৱেই তাৰ ঘাই কাৰণ। মাকে কৃষ্ণক ভালদৰে শুবলৈও নিদিয়ে বুলি মিছা অভিযোগ কৰি ৰাতিপুৱা বহু সময়লৈকে শুৱাপাটীত টোপনিৰ ভাও ধৰি শুই আছিল।

প্ৰশ্ন ৩/ " মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম। " - কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল? খৰচি মাৰি লিখা।
উত্তৰ : কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। তেওঁ দেৱতাসকলক অমৃত খুৱাই অমৰত্ব প্ৰদান কৰিছিল।

এই অমৃত লাভৰ বাবে দেৱতা আৰু অসুৰসকলো মিলি সাগৰ মন্থন কৰিছিল যদিও মোহিনী ৰূপেৰে অসুৰক মোহজালত পেলাই দেৱতাক অমৃত পানৰ সুযোগ দিয়া হৈছিল।

প্ৰশ্ন ৪/ মাকৰ কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা। [HSLC;16]

অথবা

"মোহোৰ মুখত লাজ লাগে বৰ তোহাৰ গুণ কহন্তে।" - কাৰ গুণৰ কথা কোৱা হৈছে? এইবোৰ গুণ ক'বলৈ বক্তাৰ কিয় লাজ লাগে, বৰ্ণনা কৰা। [HSLC;19]
উত্তৰ : যশোদাক নগৰবাসীয় কাঠবাজী বুলি হাহিছিল যদিও কৃষ্ণই তেওঁৰ ঘৰত পুত্ৰৰূপে আহি সেই দুখ দূৰ কৰিলে। তথাপিও যশোদাৰ প্ৰতি কৃষ্ণৰ মৰম নাই। সেয়ে কৃষ্ণৰ মাকৰ গুণৰ কথা ক'বলৈ লাজ লাগে বুলি কৈছিল।

যশোদা গোৱালৰ ৰজা নন্দৰ ৰাণী হৈয়ো কৃষ্ণক ছয় ৰতি সোণ খৰচ কৰি এটা সোণৰ বাঁহী তৈয়াৰ কৰি নিদি বাঁহৰ বাঁহী বজাবলৈ দিয়াৰ ফলত দুই ওঁঠ ফাটি তেজ বৈ গৈছে। 
এনেদৰে সাচোতে, গাঁতত পোতোতে ধনত জুই লাগিব। গৰু চৰাবলৈ যাওঁতে পেট। ভৰাই খাবলৈ অন্নমুঠিও যশোদাই নিদিয়ে। এগৰাহ খাই পিছৰ গৰাহ খাবলৈ নোজোৰাৰ বাবে কৃষ্ণই আধাপেটি হৈ কটাবলগীয়া হয়।

গৰু চৰাওতে কাঁইটে বিন্ধি তেওঁক নগুৰনাকতি কৰে। কঠিন ৰ'দটো নটুৱা সাজ পিন্ধি গৰু চৰাই ফুৰিব লাগে। কেকুৰা চুলিবোৰত ধূলি পৰি কুকুহা পৰি যায়, বহুদিন তেল নসনাৰ বাবে চুলিত জতা বান্ধিছে।

গতিকে কৃষ্ণই বৃন্দাবন এৰি মথুৰালৈ গুচি যাব আৰু যশোদাই পুত্ৰশোকত কান্দি মৰিব লাগিব। এনেদৰেই কৃষ্ণই যশোদাৰ হৃদয়হীন অন্তৰৰ স্বৰূপ প্ৰকাশ কৰিছে।


প্ৰশ্ন ৫/ চমুটোকা লিখা।

বামন, দেৱহুতি, কপিল, শ্ৰীধৰ কন্দলী।

বামন : বিষ্ণুৰ পঞ্চম আৱৱতাৰ। বিষ্ণুৱে বাওনা মানুহৰ ৰূপ লৈ এই আৱতাৰ ধাৰণ কৰিছিল। এওঁ দৈত্যৰাজ বলিৰ যজ্ঞলৈ আহি তিনিপদ ভূমি বিচৰা ছলেৰে তেওঁক পাতাললৈ পঠিয়াইছিল। অৰ্থাৎ দান কৰাৰ বাবে বলিৰ অহংকাৰ নাশ কৰিছিল।

দেৱহুতি : স্বায়ম্ভুৱ মুনিৰ কন্যা। এওঁ কপিল মুনিৰ মাতৃ আছিল। মাতৃ দেৱহুতিয়ে কপিলৰ পৰা সাংখ্য দৰ্শন সম্পৰ্কে শ্ৰাৱন কৰিছিল।

কপিল : এজন প্ৰসিদ্ধ মুনি। এওঁ সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক। কদম মুনি আৰু স্বায়ম্ভুৱ মুনিৰ কন্যা দেৱহুতিৰ পুত্ৰ। এওঁৰ শাপত সৰগ ৰজাৰ ষাঠী হাজাৰ পুত্ৰ ভস্মীভূত হয়। এওঁক বিষ্ণুৰ আন এক অৱতাৰ বুলিও জনা যায়।

শ্ৰীধৰ কন্দলী : শ্ৰীমন্ত শংকৰদেৱৰ পৰৱৰ্তী বৈষ্ণৱ কবি। এওঁৰ কাব্যত বৈষ্ণৱ প্ৰভাৱ সুস্পষ্ট। কন্দলীয়ে " কাণখোৱা " আৰু " ঘুনিচা কীৰ্ত্তন " নামৰ দুখন কাব্য ৰচনা কৰিছিল। কাণখোৱা পুথিখন নিচুকণি গীতৰ আৰ্হিত ৰচনা কৰা।

প্ৰশ্ন ৬/ পাঠটিৰ কাহিনী ভাগ তোমাৰ নিজৰ কথাৰে লিখা। [HSLC;19]
উত্তৰ : কনাইৰ চাতুৰী পাঠটিত শ্ৰীকৃষ্ণৰ শিশুসুলভ চাতুৰী প্ৰদৰ্শন কৰা হৈছে। এদিনাখন কৃষ্ণই ছল কৰি বেলি দুপৰীয়ালকে শুই থকাত তেওঁক বিচাৰি নন্দৰজাৰ ঘৰত গোপশিশুসকল উপস্থিত হয় আৰু মাতৃ যশোদাৰ ওচৰত তেওঁলোকৰ খেলা লগৰীয়া কৃষ্ণক বিচাৰি তেওঁক সোনকালে টোপনিৰ পৰা জগাই দিবলৈ অনুৰোধ কৰে।
যশোদাই কৃষ্ণক জগাবৰ কাৰণে নানা ধৰণৰ তোষামোদ কৰিলে যদিও একোতে সৈমান নোহোৱা শিশু কৃষ্ণই অভিমান কৰি ক'লে যে তেওঁৰ মুখত পুত্ৰ নামটো শোভা নাপায়। তেওঁ বৰঞ্চ নাখাই শুই শুইয়ে কটাব, আনকি গৰু চৰাবলৈও নাযায়।

কৃষ্ণই লগতে নিজৰ পৰম পুৰুষত্বৰ ইংগিত দি ক'লে যে - তেওঁ স্বয়ং নাৰায়ণ আৰু যশোদা এগৰাকী গোৱালৰ জীয়ৰী। মই যিমান খাই শুই থাকিলেও শৰীৰৰ শ্ৰীবৃদ্ধি নহয়। 

নিজে ব্ৰহ্মাণ্ডৰ স্রস্তা আৰু প্ৰতিপালক হৈয়ো মই তোমাৰ ঘৰত গৰু চৰায় কৰকৰা ভাত ভক্ষণ কৰি সাধাৰণ শিশুৰ দৰে জীৱন অতিবাহিত কৰিছোঁ।নাৰায়নৰূপে মই জলত অনন্ত শয্যাত শয়ণ কৰোঁ, মোৰ নাভিপদ্মৰ পৰাই ব্ৰহ্মা জাত হৈছে।

মানুহৰ অজ্ঞানতা দূৰ কৰিবৰ কাৰণে ময়েই ব্ৰহ্মাৰ যোগেদি বেদৰ জ্ঞান জনসমাজত প্ৰচাৰ কৰিলোঁ। তোমাৰ ঘৰলৈ আহি মোৰ সকলো ঐশ্বৰ্য ধূলিত পৰিণত হ'ল। 

দেৱতাসকলে ভয়ত মোক চিন্তা কৰাত মোৰ চতুৰ্ভুজ ৰূপ দেখি ত্ৰিদশৰ সকলো মোহিত হৈছিল। এইয়া তুমি মোক কলীয়া কলীয়া বুলি মতি অপমান কৰিছা। মোহিনী ৰূপ ধাৰণ কৰি দেৱতাৰ মঙ্গল সাধন কৰা মোক তুমি দধিচোৰ নামেহে দিলা।

কপিল আৱতাৰত মাতৃ দেৱহুতিক ধৰ্মৰ তত্ব উপদেশ দি, বামণ আৱতাৰত মই বলিক চালনা কৰিছিলোঁ। কিন্তু, তুমি মোক মাতি খোৱা বুলি ককৰ্থনাহে কৰিলা। 

মোৰ ইমানবোৰ মহিমা দেখাৰ পাছতো তোমাৰ মনত আক্ৰশৰ শেষ নাই। ইমান দিনে কাঠবাজী বুলি সমস্ত জগতে তোমাক হাহিলে। মই পুত্ৰৰূপে উপজি তোমাৰ সেই দুখ দূৰ কৰিলোঁ। তথাপিও তুমি মোৰ মৰম নুবুজিলা।

ৰাজপটেশ্বৰী হৈয়ো তুমি চয়ৰতি খৰচ কৰি মোক এটা সোণৰ বাঁহী বনাই দিব নোৱাৰিলা। বাঁহৰ বাঁহী বজাই মোৰ দুই ওঁঠ ফাটি গৈছে, তালৈ তোমাৰ ভ্ৰক্ষেপ নাই। তুমি এনেদৰে কাৰবাবে ধন বোৰ সাঁচি থৈছা? এনেকৈ সাচোঁতে সাচোঁতে তোমাৰ ধনত জুই লাগিব। গৰু চৰাবলৈ যাওঁতে মই ভোক গুচাই ভাত খাবলৈ নাপাওঁ।

দিনৰ দিনটো গৰুৰ পিছে পিছে দৌৰতে দৌৰতে মোৰ অৱস্থা নোহোৱা হয়। গৰু চৰাওঁতে ধূলি লাগি মোৰ কেঁকোৰা চুলিত জত বান্ধে। কিমান দিন যে মূৰত তেল সানিবলৈ আহৰি পোৱা নাই। এইবোৰ কথা ক'বলৈ গ'লে মোৰ চকুলো নিগৰি পৰে। ইমানবোৰ দুখ কষ্ট সহ্য কৰিব নোৱাৰি মই বৃন্দাবন এৰি মথুৰালৈ গুচি যামগৈ।

তোমাৰ কাষৰ পৰা গৈ মই দৈৱকী আইৰ ওচৰ পামগৈ। তেতিয়াহে তুমি মোৰ মৰম বুজি পাবা। কৃষ্ণৰ কথা শুনি যশোদাই পুনৰ কৃষ্ণক তোষামোদ কৰিবলৈ ধৰিলে আৰু ক'লে যশোদাৰ বৰ ভুল হৈছে। গতিকে আজিৰ পিছত যদি এনে দোষ দেখে তেন্তে কৃষ্ণই মাকক গালি পাৰিব। মাকৰ কাতৰভৰা কথা শুনি কৃষ্ণই একে দেৱে গৈ মাকৰ কোলাত উঠি স্তনপান কৰিবলৈ ধৰিলে। যশোদায়ো কৃষ্ণৰ মুখলৈ চাই পৰম শান্তি পালে।

প্ৰশ্ন ৭/ কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল, পাঠৰ আলমত বৰ্ণনা কৰা। [HSLC;18]
উত্তৰ : কানাইৰ চাতুৰী পাঠটোত শিশুকৃষ্ণৰ শিশুসুলভ চাতুৰী আৰু কৌশলৰ বৰ্ণনা দাঙি ধৰিছে।

শ্ৰীকৃষ্ণই নিজেই অনন্ত ব্ৰহ্মাণ্ডৰ স্ৰষ্টা, পালন কৰোঁতা। ব্ৰহ্মাদি দেৱতাসকল তেওঁৰেই সৃষ্টি। নাৰায়ণৰূপে তেওঁ অনন্ত শয্যাত জলত শয়ন কৰে আৰু তেওঁৰ নাভিপদ্মৰ পৰাই ব্ৰহ্মা জাত হৈছে। 

তেওঁ মোহিনী ৰূপ ধাৰণ কৰি সাগৰ মন্থনৰ যোগেদি সংগৃহীত অমৃত পানেৰে দেৱতাসকলক অমৰত্ব প্ৰদান কৰি দেৱতাৰ কাম সিদ্ধি কৰে।

কপিল অৱতৰণত কৰ্দম মুনিৰ ঘৰত দেৱহুতিক শাস্ত্ৰৰ তত্ত্বজ্ঞান প্ৰদান কৰিছিল। বামন অৱতাৰত তিনিপদ ভূমি বিচাৰি বলিক ছলনা কৰি পাতালপুৰীলৈ পঠিয়াইছিল। এতিয়া কৃষ্ণ অৱতাৰ ধাৰণ কৰি বৃন্দাবনত গৰু চৰাইছে যদিও কৃষ্ণৰ পৰম - পুৰুষত্ব সম্পৰ্কে জ্ঞাত নোহোৱা বাবেই মাতৃ যশোদাই কৃষ্ণক এটি সাধাৰণ শিশুৰ দৰেই ব্যৱহাৰ কৰে। 

এনেদৰে কৃষ্ণই বিভিন্ন অৱতাৰ গ্ৰহণ কৰি কেনেধৰণৰ লীলাকৰ্ম সম্পন্ন কৰিছিল, সেইবিষয়ে কবিয়ে প্ৰসংগৰূপে সুন্দৰ বৰ্ণনা দাঙি ধৰিছে।

"মোহিনী স্বৰূপে অমৃত পিয়ালো
সধিলো দেৱৰ কাম।
তোমাৰ ঘৰে আসি বৰ যশ পাইলো
লৈলো দধিচোৰ নাম।।

"কপিল স্বৰূপে কৰ্দমৰ ঘৰে
   হুয়া মই অৱতাৰ।
   দেৱহুতি নামে মাতৃক তাৰিলো
   কৰিও তত্ব বিচাৰ।।

   বামন স্বৰূপে বলিক ছলিয়ে
   বিশ্বৰূপ দৰ্শাইলো। ইত্যাদি।।


প্ৰশ্ন ৮/ কবিতাটোত " কাঠবাজী " বুলি কাক কৈছে? ইয়াৰ অৰ্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে?
উত্তৰ : কবিতাটোত কাঠবাজী বুলি যশোদাক কোৱা হৈছে। "সন্তানহীন" তিৰোতাক কাঠবাজী বুলি কোৱা হয়। শ্ৰীকৃষ্ণই পুত্ৰৰূপে যশোদাৰ সেই অপবাদ দূৰ কৰিছিল। কবিয়ে উল্লেখ কৰিছে - 

"কাঠবাজী বুলি জগতে হাসয়
দেখিলে সুমৰো হৰি।
মই আসি তোৰ ঘৰে পুত্ৰ ভৈলো
সিটো দুখ দূৰ কৰি।"


প্ৰশ্ন ৯/ তাৎপৰ্য বাখ্যা কৰা


(ক) কাঠবাজী বুলি জগতে হাসয়
দেখিলে সুমৰো হৰি।
মই আসি তোৰ ঘৰে পুত্ৰ ভৈলো
সিটো দুখ দূৰ কৰি।

উত্তৰ : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলী বিৰচিত "কানাইৰ চাতুৰি" শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

যশোদা নিঃ সন্তান আছিল বাবেই তেওঁক সমাজত কাঠবাজী বুলি নিন্দা কৰা হৈছিল। কৃষ্ণই পুত্ৰৰূপে আহি তেওঁৰ সেই উপবাদ দূৰ কৰিলেহে। 

কিন্তু, যশোদাই কৃষ্ণৰ প্ৰকৃত স্বৰূপ বুজিব নোৱাৰি তেওঁক সাধাৰণ শিশুৰ দৰেই ব্যৱহাৰ কৰাত শ্ৰী কৃষ্ণই কোপিত হৈ মাকক তেনেদৰে কঠোৰভাৱে সমালোচনা কৰিছিল।

যশোদাৰ মাতৃ কামনা পূৰণৰ বাবেই যদিও কৃষ্ণই তেওঁৰ ভক্তিত সন্তুষ্ট হৈ পুত্ৰৰূপে জাগতিক লীলা সম্পাদন কৰিছেহি, আচলতে তেওঁ পৰমপুৰুষ পুৰুষষোত্তম। সেই কথা উপলদ্ধি কৰিব নোৱাৰি পুত্ৰজ্ঞান কৰি যশোদাই যি ব্যৱহাৰ কৃষ্ণৰ প্ৰতি প্ৰদৰ্শন কৰিছে, তাত তেওঁ অতিশয় অসন্তুষ্ট, সেয়ে তেওঁ মাকক তেনেদৰে সমালোচনা কৰিছে।

(খ) "মোহিনী স্বৰূপে অমৃত পীয়ালো
সাধিলো দেৱৰ কাম।
তোমাৰ ঘৰে আসি বৰ যশ পাইলো
লৈলো দধিচোৰ নাম।।"

উত্তৰ : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলী বিৰচিত "কানাইৰ চাতুৰি" শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

মাতৃ যশোদাই শ্ৰীকৃষ্ণক পুত্ৰজ্ঞান কৰি নানা ধৰণৰ কঠোৰ শাস্তি বিহা আৰু তেওঁৰ প্ৰতি যথোচিত চেনেহ প্ৰদৰ্শন নকৰা বুলি অভিযোগ কৰি শ্ৰীকৃষ্ণই নিজৰ পৰম পুৰুষত্বৰ কথা ঘোষণা কৰিছে আৰু বিভিন্ন অৱতাৰ গ্ৰহণৰ যোগেদি তেওঁ সমাধা কৰা বিভিন্ন লীলা - মাহাত্ম্যৰ সোঁৱৰণ কৰিছে।

দেৱতা আৰু অসুৰৰ মাজত মীমাংসা কৰিবৰ কাৰণে সাগৰ মন্থনত উদ্ভৱ হোৱা অমৃত দেৱতাক ভোগ কৰাই মোহিনী বেশেৰে অসুৰসকলক আকৰ্ষণ কৰি তেওঁলোকক অমৃত ভোগৰ পৰা বঞ্চিত কৰাত সফল হৈছিল। দেৱতাৰ কৰ্ম সাধনৰ কাৰণেই তেওঁ মোহিনী অৱতাৰ ধাৰণ কৰিছিল। 

কিন্তু, ইমানবোৰ লীলা প্ৰদৰ্শন কৰাৰ পিছতো যশোদাৰ ঘৰত আহি অসমত তেওঁৰ গুণানুকীৰ্তন পৰিবৰ্তে "লৱণচোৰ" নামেহে লবলগীয়া হ'ল। ইয়াতকৈ দুৰ্ভাগ্যৰ কথা কি হ'ব পাৰে?

(গ) "মই নাৰায়ণ জগত কাৰণ
তুমি গোৱালৰ জীউ
তথাপি তোহাক দেখন্তে ডৰত
উৰি যায় মোৰ জীউ।"

উত্তৰ : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলী বিৰচিত "কানাইৰ চাতুৰি" শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

শ্ৰীকৃষ্ণই মাতৃ যশোদাৰ মনুষ্য ভাৱনাত অসন্তুষ্টি প্ৰকাশ কৰি কৈছে যে তেওঁ নিজেই নাৰায়ণ, জগতৰ আদি কাৰণ। তেওঁ সৃষ্টি - স্থিতি প্ৰলয়ৰ মূল গৰাকী। অথচ তেওঁৰ স্বৰূপ উপলদ্ধি নকৰি এগৰাকী সাধাৰণ গোৱালৰ জীয়ৰী হিচাপে যশোদাই কৃষ্ণৰ প্ৰতি যি আচৰণ কৰিছে, সেয়া সঁচাই দুখজনক।

যশোদাই কৃষ্ণক ভালদৰে খাবলৈ পিন্ধিবলৈটো নিদিয়েই আনকি প্ৰচুৰ ধন সম্পদ থকা সত্ত্বেও তেওঁক ভালদৰে বাঁহী এটাও তৈয়াৰ কৰি নিদিয়ে। কৃষ্ণই এটা সোণৰ বাঁহী বিচাৰে, যদিও যশোদাই যোগাৰ নধৰাত বাঁহৰ বাঁহী বজাই তেওঁৰ ওঁঠ ফাটি যোৱাৰ উপাক্ৰম হৈছে।

প্ৰশ্ন ১০/ তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা।

আসি, খেড়ি, পূহাইল, নুজুৰাই, হন্তে, বিগুতিয়া।

  • আসি - আহি
  • খেড়ি - খেলা।
  • পূহাইল - পুৱালে।
  • নুজুৰাই - জুৰ নপৰে।
  • হন্তে - পৰা।
  • বিগুতিয়া - ঠাট্টা কৰা। [HSLC;2015]

প্ৰশ্ন ১১/ তলত দিয়া শব্দকেইটাৰ লিংগ পৰিৱৰ্তন কৰা।

সুন্দৰী, মাতৃ, মামা।

  • সুন্দৰী - সুন্দৰ।
  • মাতৃ - পিতৃ।
  • মামা - মামী।

প্ৰশ্ন ১২/ বিপৰীত শব্দ লিখা।

বিশ্বাস, দোষ, আনন্দ, অপমান, অমৃত, ৰজনী, নিদ্রা, শয়ন, ক্রন্দন।

  • বিশ্বাস - অবিশ্বাস।
  • দোষ - গুণ।
  • আনন্দ - বিষাদ।
  • অপমান - মান।
  • অমৃত - বিষ।
  • ৰজনী - প্ৰভাত।
  • নিদ্রা - জাগ্ৰত।
  • শয়ন - জাগ্ৰত।
  • ক্রন্দন - হাঁহি।

অতিৰিক্ত প্ৰশ্নোত্তৰ

প্ৰশ্ন ১/ শব্দাৰ্থ লিখা।

  • ভকত বৎসল - ভকতপ্ৰিয়, ভকতৰ প্ৰতি প্ৰেমযুক্ত।
  • কৃপাময় - কৃপাৰে পৰিপূৰ্ণ, দয়াময়।
  • ঘৰণী - ঘৈনী।
  • নিদ্রা - টোপনি।
  • যদুমনি - কৃষ্ণ, যদুকুলত জন্মা কৃষ্ণ।
  • ৰজনী - ৰাতি।
  • চক্ৰপানি - চক্ৰ আছে পানীত যাৰ, বিষ্ণু।
  • গোৰক্ষ - গৰু চৰোৱা।
  • দুৰ্যশ - দুৰ্গুন।
  • কলংক - বেয়া, দোষ।
  • সুমৰন্তে - সোঁৱৰণ কৰোঁতে।
  • উদ্গতি - উন্নতি।
  • হাতমুঠি - হাতৰ মুঠি।
  • প্ৰতিপাল - পালন কৰা।
  • চৰাচৰ - চৰ আৰু অচৰ।
  • শয়ন - শোৱা।
  • স্ৰজিলো - স্ৰজন কৰিলো, সৃষ্টি কৰিলোঁ।
  • তত্বজ্ঞান - তত্বপূৰ্ণ কথা, দাৰ্শনিক তত্বৰে পূৰ্ণ কথা।
  • ঐশ্বয্য - শ্ৰী, বিভূতি।
  • চতুৰ্ভুজ - চাৰিটা বাহু বিশিষ্ট, বিষ্ণু।
  • দধিচোৰ - লৱনু চোৰ।
  • কদ্দৰ্ময় - কদ্দৰ্ম মুনিৰ (গৃহত)
  • আক্ৰোস - আক্ৰোহ।
  • নজনস - নাজান।
  • তেজ বহি যায় - তে বৈ যায়।
  • বাশৰ বংশী - বাঁহৰ বাঁহী।
  • গড়ায় - গঢ়ায়, তৈয়াৰ কৰি।
  • অধাপেট - খালী পেট, পেট পূৰ্ণ নোহোৱা।
  • আগুৰন্তে - আগচোতে, চম্ভালোতে।
  • কটকুৰা চুলি - কেঁকোৰা চুলি।
  • তাসম্বাক - তেওঁলোকক [HSLC;20]
  • ক্ৰন্দন - কান্দোন।
  • হাবিয়াস - হেঁপাহ।
  • মোৰষিয়ো - মৰ্ষণ কৰা, ক্ষমা কৰা।
  • বনমালী - ডিঙিত বনৰ মালা পৰিধান কৰোঁতা, শ্ৰীকৃষ্ণ।
  • পাৰিবাহা - পাৰিবা।
  • কাৰুণ্য - দুখ, কৰুণা।
  • সন্তোষিত - সুখী হোৱা।
  • চড়িয়া - উঠি।
  • বদন - মুখ।


প্ৰশ্ন ২/ চমুকৈ উত্তৰ লিখা।

(ক) গোপশিশুসকলে কৃষ্ণক কিয় বিচাৰিছিল?
উত্তৰ : খেলিবৰ কাৰণে।

(খ) "নন্দন ঘৰণী" কোন?
উত্তৰ : যশোদা।

(গ) শিশুসকলে কি বুলি কৃষ্ণক জগাইছিল?
উত্তৰ : ৰাতিপুৱাল, যদুমনি উঠা - "পুহাইল ৰজনী, উঠা যদুমণি বুলি ডাকে শিশুগণে।"

(ঘ) কৃষ্ণই কিমানদিন নুঠিব বুলি অংগীকাৰ কৰিছিল?
উত্তৰ : চাৰি পাঁচ দিন। "দিন চাৰি পাঞ্চে, নুঠিবো, নাখাইবো, নাযাইবো গৰক্ষস্থানে" ইত্যাদি।

(ঙ) কৃষ্ণৰ প্ৰাণে কি সহ্য নকৰে বুলি কৈছে?
উত্তৰ : যশোদাই কৃষ্ণৰ যি দুৰ্যশ কলংক দিছে, সেই কথা শুনি তেওঁৰ প্ৰাণে সহ্য কৰিব পৰা নাই।

"দুৰ্যশ কলংক দুখ সুমৰন্তে
নসহে মোৰ পৰাণে।"


(চ) "মই নাৰায়ণ জগত কাৰণ" বুলি কোনে কৈছে?
উত্তৰ : কৃষ্ণই।

(ছ) "তুমি গোৱালৰ জীউ" বুলি কাক কোৱা হৈছে?
উত্তৰ : যশোদাক।

(জ) অনন্ত ব্ৰহ্মাণ্ডখন কোনে স্রজন কৰিছে?
উত্তৰ : কৃষ্ণই।

(ঝ) নাৰায়ণ ৰূপে কৃষ্ণই কি কৰিছিল?
উত্তৰ : অনন্ত শয্যাত জগত শয়ন কৰিছিল।

(ঞ) ব্ৰহ্মাৰ জন্ম কেনেকৈ হৈছিল?
উত্তৰ : ভগৱন্তৰ নাভিপদ্মত।

(ট) মোহিনী ৰূপ কোনে ধাৰণ কৰিছিল?
উত্তৰ : বিষ্ণু বা কৃষ্ণই।

(ঠ) কৃষ্ণক দধিচোৰ নাম কোনে দিছিল?
উত্তৰ : যশোদাই।

(ড) কর্দম কোন আছিল?
উত্তৰ : কর্দম এজন সত্ত্বিক মুনি।

(ঢ) দেৱহুতি কাৰ মাক আছিল?
উত্তৰ : দেৱহুতি কপিল মুনিৰ মাক আৰু কৰ্দম মুনিৰ পত্নী আছিল।

(ণ) বামন অৱতাৰত ভগৱন্তই কি কৰিছিল?
উত্তৰ : বলিক ছালনা কৰিছিল।

(ত) কাঠবাজী বুলি কাক হাহিছিল?
উত্তৰ : যশোদাক।

(থ) মাকৰ কি কথা ক'বলৈ কৃষ্ণই লাজ পাইছিল?
উত্তৰ : গুণৰ কথা।

(দ) ৰাজপতেশ্বৰী কোন?
উত্তৰ : যশোদা। তেওঁ নন্দৰজাৰ ৰাণী।

(ধ) কৃষ্ণৰ ওঁঠ কিয় ফাটিছিল?
উত্তৰ : বাঁহৰ বাঁহী বজোৱাৰ কাৰণে।

(ন) কৃষ্ণই কিহেৰে তৈয়াৰ কৰা বাঁহী বিচাৰিছিল?
উত্তৰ : সোণেৰে তৈয়াৰ কৰা।

(প) গৰু চৰাবলৈ যাওঁতে কিমান অন্ন দিছিল?
উত্তৰ : এমুঠি।

(ফ) কৃষ্ণই কিয় অধাপেটি থাকিবলগীয়া হৈছিল?
উত্তৰ : কৃষ্ণই এগৰাহ খালে আন গৰাহলৈ নাটে বাবে আধাপেটি হৈ ৰ'বলগীয়া হৈছিল।

(ব) গৰু আগছোতে কি হোৱা বুলি কৈছে?
উত্তৰ : প্ৰাণ যায় যেন হৈছিল।

(ভ) কৃষ্ণই কি সাজ পিন্ধি গৰু চৰাইছিল?
উত্তৰ : নটুৱা টনা পিন্ধি।

(ম) কৃষ্ণৰ চুলিবোৰ কেনেকুৱা আছিল?
উত্তৰ : কেঁকোৰা চুলি।

(য) চুলিত তেল নসনাৰ বাবে কি হৈছিল?
উত্তৰ : মূৰত জঁটা বান্ধিছিল।

(ৰ) কংস কোন?
উত্তৰ : মথুৰাৰ ৰজা কংস শ্ৰীকৃষ্ণৰ মোমায়েক আছিল।

(ল) কৃষ্ণ ক'লৈ গুচি যাব বুলি কৈছে?
উত্তৰ : মথুৰালৈ।

(ৱ) মথুৰাত গৈ তেওঁ ক'ত থাকিব?
উত্তৰ : দৈৱকীৰ ওচৰত।

(শ) হাবিয়াস মানে কি?
উত্তৰ : আকাংক্ষা বা হেঁপাহ।

(ষ) যশোদাই নিজকে অভাগী বুলি কিয় কৈছে?
উত্তৰ : কৃষ্ণ মথুৰালৈ গ'লে তেওঁ মাতৃহাৰা হ'ব।

(স) মাকৰ কাৰুণ্য বচন শুনি কৃষ্ণই কি কৰিলে?
উত্তৰ : কৃষ্ণৰ মন সন্তোষিত হ'ল আৰু একে দেৱে গৈ মাকৰ কোলাত উঠিলগৈ।

(হ) কৃষ্ণই কংসৰ ওপৰত কিয় ভৰসা কৰিছে?
উত্তৰ : কংস সম্বন্ধত তেওঁৰ মোমায়েক।

(ক্ষ) দৈৱকী কোন?
উত্তৰ : দৈৱকী কৃষ্ণৰ প্ৰকৃত মাতৃ। তেওঁ বসুদেৱৰ পত্নী আৰু কংসৰ ভনীয়েক 

(ড়) কৃষ্ণক কোলাত লৈ যশোদাই কেনে অনুভৱ কৰিলে?
উত্তৰ : ব্ৰহ্মাণ্ডৰ সুখ অনুভৱ কৰিলে।

(ঢ়)  শ্ৰীধৰ কন্দলী কোন সময়ৰ কবি?
উত্তৰ : শঙ্কৰদেৱেৰ কিছু পৰবৰ্তী কালৰ কবি।

(য়) শ্ৰীধৰ কন্দলীয়ে কি কি কাব্য ৰচনা কৰিছিল?
উত্তৰ : "কানখোৱা" আৰু "ঘুনুচা কীৰ্ত্তন" ৰচনা কৰিছিল।

(ৎ) কানাইৰ চাতুৰী পাঠটি ক'ৰ পৰা লোৱা হৈছে?
উত্তৰ : কানাইৰ চাতুৰী পাঠটি কানখোৱা পুথিৰ দ্বিতীয় অংশৰ পৰা তুলি দিয়া হৈছে।

(অ) "কংসৰ ধংসল প্ৰাণ।" কংসৰ প্ৰাণ কোনে ধ্বংশ কৰিছিল?
উত্তৰ : শ্ৰীকৃষ্ণই।

অসমীয়া ব্যাকৰণ (জ্যোতি):













দশম শ্ৰেণী অসমীয়া সহায়িকা:




দশম শ্ৰেণী অসমীয়া পাঠ্যপুথি:








Post a Comment

0 Comments

People

Ad Code