Recent in Technology

অৰুণিমা সিনহা | সম্পূৰ্ণ প্ৰশ্নোত্তৰ | 2023 📚 | class 10 assamese lesson 10 question answer

 মুখ্য পৃষ্ঠা:




অৰুণিমা সিনহা | সম্পূৰ্ণ প্ৰশ্নোত্তৰ | class 10 assamese lesson 10 question answer | 2023




মুখ্য পৃষ্ঠা:








অৰুণিমা সিনহা




ড° জয়শ্ৰী গোস্বামী মহন্ত




কবিৰ পৰিচয়


বিশিষ্ট সাহিত্যক, শিক্ষাবিদ আৰু ৰাজসভাৰ ভূতপূৰ্ব সাংসদ ড° জয়শ্ৰী গোস্বামী মহন্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপক। 


তেওঁ গল্প, কবিতা, উপন্যাস, শিশু সাহিত্য ৰচনা কৰাৰ উপৰি সমসাময়িক আৰ্থ-সামজিক আৰু ৰাজনৈতিক দিশৰ ভালেমান মননশীল প্ৰৱন্ধও ৰচনা কৰিছিল।

১৯৯৯ চনৰ পৰা ২০০২ চনলৈ তেওঁ ৰাজ্য সভাৰ সাংসদ আছিল। সাহিত্য ক্ষেত্ৰত তেওঁৰ অৱদান হ'ল--- 'মহাকবি', 'গান্ধাৰী', 'চানক্য' আদি উপন্যাস; 'অন্য এক ৰত্নাকৰ' , 'উৱলি যোৱা চাদৰ' আদি গল্প সংকলন; 'অসম আন্দোলন: যুগমীয়া চিন্তাৰ প্ৰতিফলন ' শীৰ্ষক প্ৰৱন্ধ সংকলন; 'চেমনীয়াৰ বিশ্ব সাহিত্য', 'বিশ্বৰ শ্ৰেষ্ঠ সাধু' আদি শিশু- কিশোৰ উপযোগী গ্ৰন্থ আদি। 

বৰ্তমান তেওঁ 'এদিনৰ সংবাদ' কাকতৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। 

২০১৮ চনত ড° গোস্বামী মহন্তক ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰিছে।

শব্দাৰ্থ আৰু টোকা


  1. অদম্য---- যাক দমন কৰিব নোৱাৰি।
  2. অভিনযাত্ৰী----- দুৰ্গম পথেৰে যোৱা সাহসী লোক।
  3. তুমৰলি---- তেজেৰে লুতুৰি- পুতুৰি হোৱা।
  4. পদাৰ্পণ----- এঠাইত গৈ উপস্থিত হোৱা।
  5. প্ৰতিকূল---- অসুবিধা সৃষ্টিকাৰী, বিৰুদ্ধ।
  6. লুণ্ঠন---- লুট কৰা কাৰ্য, ডকাইতি।
  7. বিপদাপন্ন ---- বিপদত পৰা।
  8. বিচ্যুত---- স্খলিত, যিটো এৰা পৰিছে।


ভাৱ বিষয়ক প্ৰশ্নোত্তৰ



প্ৰশ্ন ১/চমু উত্তৰ দিয়া -

(ক) অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? [HSLC,'20]
উত্তৰ : ভলীবল খেলত।

(খ)  অৰুণিমা সিন্হাৰ ঘৰ ক'ত? 
উত্তৰ : উত্তৰ প্ৰদেশত।

(গ) হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল?
উত্তৰ : হিমালয় শৃংগলৈ উঠাৰ সপোনে।

(ঘ) চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল?
উত্তৰ : এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালক লগ ধৰিছিল, এভাৰেষ্ট শৃংগ আৰোহণৰ প্ৰশিক্ষণ ল'বৰ বাবে।


(ঙ) মাউন্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় আছিল?
উত্তৰ : ২০১৩ চনৰ ২১ মে' তাৰিখে আৰু তাত তেওঁ ডেৰঘণ্টা কাল আছিল।

প্ৰশ্ন ২/ অৰুণিমা সিন্হাই ৰে'লযাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল? এই ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল?
উত্তৰ : অৰুণিমা সিন্হাই ৰে'লযাত্ৰাৰ সময়ত ডবাৰ ভিতৰত এদল ডকাইতৰ মুখামুখি হ'বলগীয়া হৈছিল। 

ডকাইতৰ দলে ডবাটোৰ আন যাত্ৰীসকলৰ পৰা ভয় দেখুৱাই, ডাবি দি টকা- পইচা, সোণৰ আ- অলংকাৰ আদি লুট কৰিছিল। যাত্ৰীসকলেও প্ৰাণৰ ভয়ত  সিহঁতক বিনা বাক্যে এই সকলো ডকাইতৰ হাতত অৰ্পণ কৰিছিল।

কিন্তু সেই ডবাটোতে যাত্ৰীৰূপে যোৱা অৰুণিমা সিন্হাই ডকাইতৰ ডাবি ধমকনি আৰু দেখুৱা ভীষণ ভয়কো কেৰেপ নকৰি সিহঁতে বাৰে বাৰে খোঁজা সত্বেও নিজৰ গলৰ চেইনডাল নিদিলে। 

তেওঁ মাকৰ মৰমৰ উপহাৰ এই চেইনডাল সিহঁতক নিদিওঁ বুলি কোৱাত তেওঁক সিহঁতে দাঙি নি বস্তা দলিওৱাদি ট্ৰেইনৰ বাহিৰলৈ দলিয়াই দিলে।

সেই সময়ত আন এখন ট্ৰেইন কাষৰ লাইনেৰে আহি আছিল আৰু সেই ট্ৰেইনখনে তেওঁক ভীষণভাৱে আঘাত কৰি গুচি গ'ল ৰে'ল যাত্ৰাৰ সময়ত এই দুৰ্ঘটনাৰ তেওঁ মুখামুখি হৈছিল। 

এই দুৰ্ঘটনাতে তেওঁ চিৰদিনৰ কাৰণে এখন ভৰি হেৰুৱালে আৰু ইখন ভৰিও চিৰদিনৰ কাৰণে ঘুনিয়া হ'ল।

প্ৰশ্ন ৩/ অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰি পালে কেনেদৰে সহায় কৰিছিল?
উত্তৰ : কৰুণভাৱে আঘাতপ্ৰাপ্ত হৈ হস্পিতালৰ বিছনাত শুই থাকোঁতে অৰুণিমা সিন্হাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোন জাগি উঠিছিল। 

তেওঁ দুৰ্ঘটনাত এখন ভৰি চিৰদিনৰ কাৰণে হেৰুৱাই কৃত্ৰিম ভৰি ল'বলগীয়া হৈছে আৰু আনখন ভৰিত লোৰ ৰড সুমুৱাই তাৰ সহায়ত চলা- ফিৰা কৰাৰ ব্যৱস্থা কৰা হৈছে। 

তথাপি এনে অৱস্থাতো অৰুণিমাই নিজৰ সপোন পূৰাবলৈ হস্পিতালৰ পৰা ওলাই ঘৰলৈ নগৈ এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালৰ ওচৰ পালেগৈ। 

বাচেন্দ্ৰি পালে তেওঁৰ সকলো কথা সহমৰ্মিতাৰে শুনিলে। ছোৱালীজনীৰ দুচকুৰ সপোন, প্ৰত্যহ্বান আৰু আত্মপ্ৰত্যয়ৰ ভাবে তেওঁৰ মনতো বিশ্বাস জগালে যে সঠিক প্ৰশিক্ষণ আৰু সাহস পালে এইগৰাকী ছোৱালীয়ে নিশ্চয় এদিন তাইৰ সপোন পূৰণ কৰিব পাৰিব। 

তেওঁৰ আকাংক্ষা দেখি বহুজনে এনে কৃত্ৰিম ভৰিৰে এই দুৰুহ কাম নকৰিবলৈ পৰামৰ্শ দিছিল যদিও তেওঁ দমি ন'গল। তেওঁ দুচকুত হেজাৰ সপোন লৈ বাচেন্দ্ৰি পালৰ পৰামৰ্শক্ৰমে উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিচন গ্রুপত যোগদান কৰিলেগৈ।

টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়িনী বাচেন্দ্ৰি পালৰ তত্ত্বাৱধানত অনুশীলন চলিল। প্ৰায় এবছৰকাল একেলেথাৰিয়ে বাচেন্দ্ৰি পালৰ তত্ত্বাৱধানত উৎসাহ -উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অৰুণিমাই অনুশীলন আত্মসমৰ্পন কৰিছিল।

প্ৰশ্ন ৪/ এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল?
উত্তৰ : এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই হস্পিতালৰ পৰা ওলাই ঘৰলৈ নগৈ এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালৰ ওচৰ পালেগৈ। 

অৰুণিমাৰ মনোবল, সাহস আৰু আত্মপ্ৰত্যয়ৰ কথা জানি এখন ভৰিত কৃত্ৰিমভাবে লগোৱা আৰু আনখন লোৰ ৰড লগোৱা ভৰিৰে এই মানুহজনীক বাচেন্দ্ৰি পালে সহায় কৰিবলৈ গাত ল'লে।

তেওঁৰ পৰামৰ্শমতেই অৰুণিমাই উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিচন গ্রুপত যোগদান কৰিলেগৈ। 

তাত বাচেন্দ্ৰি পালৰ তত্ত্বাৱধানত তেওঁ অনুশীলন আৰম্ভ কৰিলে। শাৰীৰিক , মানসিক দুয়ো দিশতে দৃঢ়তা আৰু অধ্যাৱসায়ৰ জোৰত ভৰিখন হেৰুৱাৰ দুৰ্ভাগ্যক অৰুণিমাই সৌভাগ্য বুলি লৈ ৰূপান্তৰিত কৰিবলৈ উঠি -পৰি লাগিছিল। 

তেওঁ প্ৰায় এবছৰ কাল একেলেথাৰিয়ে উৎসাহ - উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অনুশীলনত আত্মসমৰ্পণ কৰিছিল। কেতিয়াবা এনেকুৱাও হৈছিল যে আন স্বাভাৱিক মানুহে যিটো খোজ দিওঁতে দুই মিনিটতে শিকিব পাৰে, তেওঁৰ ক্ষেত্ৰত সেৱা তিনি ঘণ্টাও লাগিছিল। তথাপি আশা এৰি দিয়া নাছিল অৰুণিমাই।

প্ৰশ্ন ৫/ অৰুণিমা সিন্হাই কিয় লাডাখত থকা মাউন্ট চামছেৰ কাংৰিৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে?
উত্তৰ : লাডাখত থকা মাউন্ট চামছেৰ কাংৰিৰ উচ্চতম শিক্ষৰৰ উচ্চতা আছিল ২১,৭৯৮ ফুট। অৰুণিমাক এই অভিযানত সহায় কৰা শ্বেৰপাজনে তেওঁৰ তেজেৰে লুতুৰি পুতুৰি হোৱা ভৰি দুখনৰ অৱস্থা দেখি নিজৰ প্ৰাণ বচাবলৈ উভতি যাবলৈ পৰামৰ্শ দিছিল যদিও অৰুণিমাই কোনো কথা নামনি চেষ্টা অব্যাহত ৰাখিলে।

বহু কষ্টৰ মূৰত অৱশেষত অৰুণিমাই লাডাখত মাউন্ট চামছেৰ কাংৰিৰ ২১,১০৮ ফুট উচ্চতালৈহে মাত্ৰ আৰোহণ কৰিবলৈ সক্ষম হ'ল। সেই সময়ত বতৰ অত্যন্তভাৱে প্ৰতিকূল অৱস্থাত আছিল। 

বতৰৰ এনে প্ৰতিকূল অৱস্থাৰ কাৰণেই লাডাখত থকা এই মাউন্ট চামছেৰ কাংৰিৰ অভিযান অৰুণিমাই সম্পূৰ্ণ কৰিব নোৱাৰিলে।

প্ৰশ্ন ৬/ অৰুণিমা সিন্হাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া।
উত্তৰ : এভাৰেষ্ট অভিযানৰ আগতে লাডাখত থকা মাউন্ট চামছেৰ কাংৰি অভিযানত ব্যৰ্থ হ'লেও অৰুণিমাৰ এভাৰেষ্ট বিজয়ৰ সপোন ভাগি যোৱা নাছিল। 

এইবাৰ নতুন উদ্যম আৰু মনোবলেৰে মাউন্ট এভাৰেষ্ট বগাবলৈ সাজু হ'ল অৰুণিমা। মাউন্ট এভাৰেষ্টৰ শৃংগত থিয় হৈ ফটো তোলাৰ ভিডিঅ'ৰ  জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ অভিপ্ৰায়েৰে দুটাকৈ কেমেৰা লগত লৈ গৈছিল। 

লৈছিল পানী আৰু অক্সিজেন। চাৰি নং কেম্প পাওঁতে দুয়োখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ অৱস্থা হৈছিল। লগত নিয়া অক্সিজেনো প্ৰায় শেষ হওঁ হওঁ হৈছিলগৈ। লগত যোৱা শ্বেৰপাজনে অৰুণিমাক বাৰে বাৰে সকীয়াই দিছিল যে যিকোনো মুহূৰ্ততে লগত নিয়া অক্সিজেন শেষ হৈ যাব পাৰে। 

তেতিয়া মৃত্যু নিশ্চিত। পিছে কোনো সকীয়নিকে মন নকৰি তেওঁ আগুৱাই গৈ থাকিল।
বাটত যাওঁতে তেওঁ আঁঠু দুটাৰ পৰা নিগৰি অহা তেজবোৰ ৰুমালেৰে মচি গৈ থাকোঁতে বহুতে অভিযাত্ৰীৰ মৃতদেহ দেখা পাইছিল। কিন্তু একোৱে তেওঁক নিৰস্ত কৰিব পৰা নাছিল। 

প্ৰচণ্ড পৰিশ্ৰম, অদম্য মনোবল আৰু কষ্ট সহিষ্ণুতাৰ ফল অৱশেষত ফলিল। যাত্ৰা কৰাৰ দিনৰ অন্তত নিশা প্ৰায় ৮ বজাত অৰুণিমাই ৮৮৪৮ মিটাৰ উচ্চতাত অৱস্থিত মাউন্ট এভাৰেষ্ট শৃংগত পদাৰ্পণ কৰিবলৈ সমৰ্থ হ'ল। তেওঁৰ অক্সিজেন শেষ হ'বলগীয়া হৈছিল। 

লগত যোৱা শ্বেৰপাজনক মাউন্ট এভাৰেষ্টৰ শিখৰত থিয় হৈ থকা অৱস্থাত তেওঁৰ ফটো আৰু ভিডিঅ' ল'বলৈ অনুৰোধ কৰিলে। সপোন পূৰ হোৱাৰ আনন্দত তেওঁ সেই শিখৰত প্ৰায় ডেৰঘণ্টা সময় আছিল। তাৰিখতো আছিল ২০১৩ চনৰ ২১ মে'।
প্ৰশ্ন ৭/ "একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।"--- কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্হাৰ জীৱনৰ আধাৰত বুজাই লিখা। [HSLC,'20]
উত্তৰ : ভিন ভিন সময় আৰু ভিন ভিন পৰিৱেশত একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে, এই কথা অসীম সাহস, ধৈৰ্য, কষ্ট, সহিষ্ণু, প্ৰত্যাহ্বান আৰু আত্মপ্ৰত্যয়ৰ প্ৰতীক অৰুণিমাৰ বিস্ময়কৰ কৰ্মজীৱনে সঁচা প্ৰমাণিত কৰিছে।

ইতিমধ্যে নিজৰ কঠোৰ শ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে ভলিবলৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ খেলুৱৈ হিচাপে সুনাম অর্জন কৰি ভাৰতৰ লক্ষগৰাকী নাৰীৰ অন্তৰত প্ৰেৰণা যোগাইছে যে নাৰীয়ে সকলো খেলতে চেষ্টা কৰিলে একোটা আদৰ্শ হৈ পৰিব পাৰে। 

পিছত এটা ৰে'লযাত্ৰাত এক ভয়ংকৰ পৰিস্থিতিত পৰি দুৰ্ঘটনাত এই গৰাকী প্ৰতিভাবান নাৰীয়ে নিজৰ 
এখন ভৰি চিৰকালৰ কাৰণে হেৰুৱাবলগীয়া হয়। আনখন ভৰিটো লোৰ ৰড লগোৱা হৈছিল। এখন ভৰিত কৃত্ৰিম ভৰি লগোৱা আনখনো বাৰুকৈয়ে ঘূনীয়া হোৱা অৱস্থাতে অৰুণিমা সিন্হাই এক অবিশ্বাস্য সপোন দেখিছিল--- হিমালয়ৰ মাউন্ট এভাৰেষ্ট শৃংগ জয় কৰাৰ। 

বহুতৰ হাক বচন আৰু এনে ভৰিৰে পৰ্বত বগোৱাতো অসম্ভৱ বুলি কৰা মন্ত্যব্যই অৰুণিমাৰ মন দমাব নোৱাৰিলে। আনকি এভাৰেষ্ট বিজয়িনী বাচেন্দ্ৰি পালেও এভাৰেষ্ট অভিযান কিমান দুৰুহ অভিযান এই কথা তেওঁক বুজায়ো অৰুণিমাক টলাব নোৱাৰিলে। 


অৱশেষত তেওঁৰ সাহস, আত্মপ্ৰত্যয় আৰু মনোবল দেখি বাচেন্দ্ৰি পালে অনুশীলনী সহযোগ কৰিলে---- প্ৰশিক্ষণ দিলে আৰু অৱশেষত এভাৰেষ্ট যাত্ৰাত হোৱা নানান কষ্ট, অসুবিধা, দুয়োখন ভৰিৰে তেজ নিগৰি ওলোৱা অৱস্থাতে বাৱন্ন দিনৰ অন্তত অৰুণিমাই এভাৰেষ্টৰ শিখৰত মোৰ দাঙি থিয় দি বিজয় নিচান উৰুৱাত গোটেই বিশ্ববাসী আচৰিত হোৱাৰ লগতে অসীম প্ৰেৰণা লাভ কৰিলে। 

পংগু হৈয়ো যে মনোবল, সাহস, আত্মপ্ৰত্যয়, কঠোৰ শ্ৰম কৰাৰ মানসিকতা থাকিলে পৃথিৱীত কৰিব নোৱাৰা কোনো কাম নাথাকে---- এই কথা অৰুণিমাই প্ৰমাণ কৰিলে--- যিদৰে বিশেষ সক্ষম ব্যক্তি হৈয়ো ষ্টিফেন হকিঙে এগৰাকী বিখ্যাত বিজ্ঞানী হিচাপে পৃথিৱীবাসীক চমৎকৃত কৰিছে। 

অৰুণিমা সিন্হা, ষ্টিফেন হকিং আদিৰ দৰে ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে যুগে যুগে সকলোকে এনেদৰে প্ৰেৰণা দি আহিছে।

প্ৰশ্ন ৮/ ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল?
উত্তৰ : পংগু অৱস্থাতো অৰুণিমা সিন্হাৰ এভাৰেষ্ট জয় কৰাৰ আকাংক্ষা তীব্রতৰ হৈ উঠা কালছোৱাত তেওঁৰ মনোবল বঢ়াই লক্ষ্যত উপনীত হোৱাৰ বাবে আগবাঢ়ি যোৱাত প্ৰখ্যাত ক্ৰিকেটাৰ যুৱৰাজ সিঙে অৰুণিমাক অনুপ্ৰাণিত কৰিছিল। 

কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হোৱাটো অৰুণিমাই দেখিবলৈ পাইছিল। যুৱৰাজে দেখুৱাই দিছিল--- মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটতো ই হেঙাৰ হ'ব নোৱাৰে। 

ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ এই কথাই অৰুনিমাক ভীষণভাৱে অনুপ্ৰাণিত কৰিছিল।

প্ৰশ্ন ৯/ চমু টোকা লিখা।

বাচেন্দ্ৰি পাল : ভাৰতৰ নকুৰী নামৰ ঠাইত ১৯৫৪ চনৰ ২৪ মে' তাৰিখে বাচেন্দ্ৰি পালৰ জন্ম হৈছিল। এওঁ হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা মাউন্ট এভাৰেষ্ট বিজয়িনী। 

১৯৮৪ চনত এওঁ মাউন্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰিছিল। বৰ্তমান তেওঁ টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত পৰ্বত আৰোহণ অনুশীলন কেম্পৰ এগৰাকী প্ৰশিক্ষক তথা নিৰ্দেশক।

টেনেজিং নৰগে : এইজন ভাৰতীয় নেপালী লোকৰ জন্ম হয় ১৯১৪ চনৰ ২৯ মে' তাৰিখে। তেওঁ সাধাৰণতে চেৰপা টেনজিং নামেৰেই জনাজাত আছিল। ইংৰাজ পৰ্বতাৰোহনকাৰী এডমাণ্ড হিলাৰীৰ সৈতে তেওঁ ১৯১৪ চনৰ ২৯ মে' তাৰিখে হিমালয়ৰ মাউন্ট এভাৰেষ্ট শৃংগ জয় কৰে। 

তেওঁৱেই প্ৰথগৰাকী ভাৰতীয় মাউন্ট এভাৰেষ্ট শৃংগ আৰোহণকাৰী। ইয়াৰ বাবে তেওঁ ভাৰত চৰকাৰ আৰু বিশ্ববাসীৰ পৰা বহুতো আদৰ সন্মান পায়। ১৯৮৬ চনৰ ৯ মে' তাৰিখে দাৰ্জিলিংত টেনজিং নৰগেৰ  দেহাৱহান ঘটে।

ষ্টিফেন হকিং : ১৯৪২ চনৰ ৮ জানুৱাৰীত ইংলেণ্ডত জন্মগ্ৰহন কৰা ষ্টিফেন হকিং এগৰাকী বিশেষ সক্ষম পৃথিৱী বিখ্যাত বিজ্ঞানী। 

অতি মেধাশক্তিসম্পন্ন পদাৰ্থ বিজ্ঞানীজনে গোটেই জীৱন ধৰি এটা অসহনীয় পংগু জীৱন কটাবলগীয়া হৈছিল যদিও তেনেকৈয়ে তেওঁ গৱেষণাৰ কামত অহৰহ ব্যস্ত আছিল। চকা লগোৱা আসনতেই পৃথিৱীৰ বিভিন্ন ঠাইলৈও গৈ তেওঁ বিজ্ঞানভিত্তিক আলোচনা আদিত যোগদান কৰিছিল। 

তেওঁ কৃষ্ণ Gohboror ওপৰত গৱেষণা কৰিছিল। ২০১৮ চনৰ ২৪ মাৰ্চ তাৰিখে এইজনা বিজ্ঞানীৰ দেহাৱসান ঘটে।



ভাব বিষয়ক প্ৰশ্নোত্তৰ


প্ৰশ্ন ১০/ সন্ধি ভাঙা

সংশয় =সম + শয়।
হিমালয় = হিম + আলয়।
বিপদাপন্ন = বিপদ + আপন্ন।
পৰ্বতাৰোহন = পৰ্বত + আহোৰণ।
প্ৰত্যাহ্বান = প্ৰতি + আহ্বান।

প্ৰশ্ন ১১/ উপসৰ্গ ভাঙি দেখুওৱা

অনুৰাগ = অনু + ৰাগ।
অভিনয় = অভি + নয়।
অনুভৱ= অনু+ ভৱ।
প্ৰতিফল =প্ৰতি + ফল।



অতিৰিক্ত প্ৰশ্নোত্তৰ




১/ চমু প্ৰশ্নৰ উত্তৰ দিয়া 

ক/ 'অৰুণিমা সিন্হা' প্ৰবন্ধটিৰ লেখক কোন?
উত্তৰ : ড° জয়শ্ৰী গোস্বামী মহন্ত।

খ/ ড° জয়শ্ৰী গোস্বামী মহন্তৰ এখনি উপন্যাসৰ নাম লিখা।
উত্তৰ : 'চানক্য'।

গ/ ড° জয়শ্ৰী গোস্বামী মহন্তৰ এখনি গল্প সংকলনৰ নাম লিখা।
উত্তৰ : 'অন্য এক ৰত্নাকৰ'।

ঘ/ ড° জয়শ্ৰী গোস্বামী মহন্তৰ এখনি শিশু গ্ৰন্থৰ নাম লিখা।
উত্তৰ : 'বিশ্বৰ শ্ৰেষ্ঠ সাধু'।

ঙ/ ড° জয়শ্ৰী গোস্বামী মহন্তৰ এখনি প্ৰৱন্ধ সংকলনৰ নাম লিখা।
উত্তৰ : 'অসম আন্দোলন : যুগমীয়া চিন্তাৰ প্ৰতিফলন'।

চ/ ড° জয়শ্ৰী গোস্বামী মহন্তই কোনখন বাতৰি কাকতৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
উত্তৰ : 'এদিনৰ সংবাদ' কাকতৰ।

ছ/ কোন চনত ভাৰত চৰকাৰে ড° জয়শ্ৰী গোস্বামী মহন্তক পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰিছিল?
উত্তৰ : ২০১৮ চনত।

জ/ অৰুণিমা সিন্হা দুৰ্ঘটনাত পতিত হোৱা ৰে'লগাড়ীখন ক'ৰ পৰা ক'লৈ গৈ আছিল?
উত্তৰ : লক্ষ্ণৌৰ পৰা দিল্লীলৈ গৈ আছিল।

ঝ/ ৰে'লযাত্ৰাত ডকাইতে অৰুণিমাক বাৰে বাৰে কি দিবলৈ কৈ আছিল?
উত্তৰ : অৰুণিমাই পিন্ধি থকা সোণৰ চেইনডাল।

ঞ/ "এয়া মায়ে মোক মৰমেৰে দিয়া আশীৰ্বাদ।"---- অৰুণিমাই কিহৰ কথা কৈছে?
উত্তৰ : অৰুণিমাই গলত পিন্ধি থকা সোণৰ চেইনডালৰ কথা কৈছে।

ট/ অৰুণিমাই ইতিমধ্যে কিহত ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম আৰ্জি থৈছে?
উত্তৰ : ভলীবল খেলত।

ঠ/ কোন চনত অৰুণিমাৰ ৰেলযাত্ৰাত দুর্ঘটনাটো ঘটিছিল?
উত্তৰ : ২০১১ চনত।

ড/ ৰেলগাডীখনত একেটা ডবাত থকা আন যাত্ৰীয়ে কি দিবলৈ অৰুণিমাক ইংগিত দি আছিল?
উত্তৰ : ডকাইতক চেইনডাল দিবলৈ।

ঢ/ ডকাইতে বাৰে বাৰে ধমক দি চেইনডাল সিহঁতক দিবলৈ কোৱাৰ পিছতো অৰুণিমাক সিহঁতে কি কৰিলে?
উত্তৰ : দুজন ডকাইতে অৰুণিমাক দাঙি নি চলন্ত গাড়ীৰ পৰা দুৱাৰ মুখেৰে বাহিৰৰ এন্ধাৰলৈ দলিয়াই দিলে।

ণ/ অৰুণিমা কিমান সময় ৰে'ল আলিৰ কাষত আঘাতপ্ৰাপ্ত হৈ পৰি আছিল?
উত্তৰ : প্ৰায় সাতঘণ্টা।
ত/ আঘাতপ্ৰাপ্ত হৈ ৰেল আলিৰ কাষত অৰুণিমা পৰি থাকোঁতে তেওঁৰ কাষেৰে কিমানখন ৰেলগাড়ী পাৰ হৈছিল?
উত্তৰ : উনচল্লিশখন।

থ/ অৰুণিমাক প্ৰথমে কোন হস্পিতালত ভৰ্তি কৰোৱা হৈছিল?
উত্তৰ : বেৰিলী হস্পিতালত।

দ/ দুৰ্ঘটনাটোত অৰুণিমাই চিৰদিনৰ কাৰণে কি হেৰুৱালে?
উত্তৰ : এখন ভৰি।

ধ/ হস্পিতালৰ বিছনাত পৰি থাকোঁতে অৰুণিমাৰ মনত কি সপোন তীব্ৰ হবলৈ ধৰিছিল?
উত্তৰ : হিমালয়ৰ শৃংগলৈ উঠাৰ সপোন।

ন/ বাচেন্দ্ৰি পাল কোন? 
উত্তৰ : ভাৰতৰ প্ৰথম গৰাকী মহিলা এভাৰেষ্ট বিজয়ী।

প/ হস্পিতালৰ পৰা উলাই ঘৰলৈ নগৈ অৰুণিমা কাৰ ওচৰ পালেগৈ?
উত্তৰ : এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালৰ ওচৰ।

ফ/ নতুন ভৰিখন লগাবলৈ অৰুণিমাক কিমান টকাৰ প্ৰয়োজন হৈছিল?
উত্তৰ : প্ৰায় ষাঠি- সত্তৰ হেজাৰ টকাৰ।

ব/ অৰুণিমাই অনুশীলন কৰিবৰ কাৰণে কত যোগদান কৰিছিল?
উত্তৰ : উত্তৰ কাশীত থকা 'ইকো এভাৰেষ্ট এক্সপেডিচন গ্ৰুপ'ত।

ভ/ অনুশীলন কেম্পটো কোনে চলাইছিল?
উত্তৰ : টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে।

ম/ কাৰ তত্বাৱধানত অৰুণিমাই অনুশীলন চলাইছিল?
উত্তৰ : এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালৰ তত্বাৱধানত।

য়/ পৰ্বতাৰোহণত প্ৰাণ বচাবলৈ অৰুণিমাক উভতি যাবলৈ কোনে পৰামৰ্শ দিছিল? 
উত্তৰ : অভিযানত সহায় কৰা শ্বেৰপাজনে।

ৰ/ মাউন্ট চামছেৰ কাংৰি শিখৰ কত আছিল?
উত্তৰ : লাডাখত।
ল/ চামছেৰ কাংৰিৰ উচ্চতম শিখৰৰ উচ্চতা কিমান?
উত্তৰ : ২১,৭৮৯ ফুট।

ৱ/ অৰুণিমাই মাউন্ট চামছেৰ কাংৰিৰ কিমান উচ্চতালৈ উঠিবলৈ সক্ষম হৈছিল?
উত্তৰ : ২১,১০৮ ফুট উচ্চতালৈ।

শ/ অৰুণিমাই চামছেৰ কাংৰিৰ সম্পূৰ্ণ উচ্চতালৈ কিহৰ কাৰণে উঠিব নোৱাৰিলে?
উত্তৰ : অত্যন্ত প্ৰতিকূল বতৰৰ কাৰণে।

ষ/ যুৱৰাজ সিং কোন?
উত্তৰ : এগৰাকী প্ৰখ্যাত ক্ৰিকেটাৰ।

স/ কোনজন প্ৰখ্যাত ক্ৰিকেটাৰ পৰা অৰুণিমাই প্ৰেৰণা পাইছিল?
উত্তৰ : প্ৰখ্যাত ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ পৰা।

হ/ ক্ৰিকেটাৰ যুৱৰাজ সিঙে কি ৰোগত ভুগিছিল?
উত্তৰ : কৰ্কট ৰোগত।

ক্ষ/ কষ্টকৰ সময়ছোৱাত আগবাঢ়ি যোৱাত অৰুণিমাক কোনে সহায় কৰিছিল?
উত্তৰ : তেওঁৰ ভাতৃ আৰু বাচেন্দ্ৰি পালে।

অ/ অভিযানৰ সময়ত বাটত অৰুণিমাই কাৰ মৃতদেহ দেখা পাইছিল?
উত্তৰ : বহুতো অভিযাত্ৰীৰ মৃতদেহ।

আ/ অভিযানৰ বাবে অৰুণিমাহঁতে ক'ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল?
উত্তৰ : কাঠমাণ্ডুৰ পৰা।

ই/ মাউন্ট এভাৰেষ্ট শৃংগৰ উচ্চতা কিমান?
উত্তৰ : ৮৮৪৮ মিটাৰ।

ক/ কিমান দিনৰ মূৰত অৰুণিমাই মাউন্ট এভাৰেষ্ট শৃংগত উপস্থিত হৈছিলগৈ ?
উত্তৰ : যাত্ৰা আৰম্ভ কৰাৰ পৰা বাৱন্ন দিনৰ অন্ত নিশা ৮ বজাত।

খ/ অৰুণিমাৰ এভাৰেষ্ট বিজয়ৰ তাৰিখতো কি আছিল?
উত্তৰ : ২০১৩ চনৰ ২১ মে' ।

গ/ এভাৰেষ্ট  শৃংগত আৰোহণ কৰি তাত অৰুণিমা কিমান সময় আছিল?
উত্তৰ : প্ৰায় ডেৰঘণ্টা সময়।

ঘ/ ভাৰত চৰকাৰে অৰুণিমাক কিমান চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল?
উত্তৰ : ২০১৫ চনত।


ঙ/ ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা অৰুণিমাই ২০১৫ চনত আৰু কি সন্মান লাভ কৰিছিল?
উত্তৰ : টেনজিং নৰগে সন্মান।

চ/ অৰুণিমাই  "এমেজিং ইণ্ডিয়ান এৱাৰ্ড" কাৰ পৰা লাভ কৰিছিল?
উত্তৰ : ভূতপূৰ্ব ৰাষ্ট্ৰপতি ড° এ.পি. জে. আব্দুল কালামৰ পৰা।

ছ/ অৰুণিমাই লিখা কিতাপখন কোনে উন্মোচন কৰিছিল?
উত্তৰ : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

জ/ কোনে শব্দভেদী শৰ মাৰিবলৈ শিকিবলৈ গোটেই নিশা ঘিটমিটীয়া এন্ধাৰৰ মাজত অৰণ্যৰ ভিতৰলৈ গৈ কাড় মাৰিবলৈ অভ্যাস কৰিছিল?
উত্তৰ : অৰ্জুনে।

ঝ/ কোন বিশেষভাৱে সক্ষম বিজ্ঞানীয়ে সমগ্ৰ বিশ্ববাসীৰ হৃদয় জয় কৰিব পাৰিছিল?
উত্তৰ : বিশ্ববিখ্যাত বিজ্ঞানী ষ্টিফেন হকিঙে।

প্ৰশ্ন ২/ৰে'ল যাত্ৰাত ডকাইতে চেইনডাল দিবলৈ বাৰে বাৰে অৰুণিমা সিন্হাক ধমক দিয়াত তেওঁ ডকাইতক কি বুলি কৈছিল?
উত্তৰ : "মই দিব নোৱাৰোঁ। মোৰ ডিঙিৰ চেইনডাল কেৱল এডাল চেইন নহয়, এয়া মায়ে মোক মৰমেৰে দিয়া আশীৰ্বাদ। ইয়াৰ মাৰ হাতৰ পৰশ লাগি আছে, সেয়ে এইডাল মই কোনোমতে তোমালোকক দিব নোৱাৰোঁ"---- বুলি অৰুণিমা সিন্হাই দৃঢ়তাৰে কৈছিল। 

প্ৰশ্ন ৩/ ডকাইতে অৰুণিমাক পিন্ধি থকা চেইনডাল বাৰে বাৰে দিবলৈ কোৱাটো নিদিয়াত ডকাইতে কি কৰিলে?
উত্তৰ : ডকাইতহঁতে বাৰে বাৰে চেইনডাল দিবলৈ কোৱাত অৰুণিমাই নিদিয়াত সিহঁতৰ ভীষণ খং উঠিল। 

মুহূৰ্ততে দুজন ডকাইত আগবাঢ়ি আহিল আৰু কোনেও একো তলকিব পৰাৰ আগতেই অৰুণিমাক ডাং কোলাকৈ তুলি নি চলন্ত ৰে'লগাডীৰ পৰা দুৱাৰেৰে বাহিৰৰ আন্ধাৰলৈ দলিয়াই দিলে।

প্ৰশ্ন ৪/ ডকাইতে অৰুণিমাক দাঙি নি চলন্ত ৰে'লৰ পৰা দুৱাৰেৰে বাহিৰৰ আন্ধাৰলৈ দলিয়াই দিয়াত অৰুণিমাৰ কি হৈছিল?
উত্তৰ : ডকাইত দুজনে অৰুণিমাক চলন্ত ৰে'লৰ পৰা বাহিৰৰ আন্ধাৰলৈ দলিয়াই দিয়াৰ সময়ত ওচৰেৰে আন এখন ৰেলগাড়ী আহি আছিল। 

অৰুণিমাৰ শৰীৰটো সেই গাড়ীখনত খুন্দা খাই বস্তা এটাৰ দৰে তললৈ পৰি গল। অৰুণিমাই প্ৰাণপনে চিঞৰিলে যদিও ৰেলৰ ইঞ্জিন আৰু চকাৰ শব্দত তেওঁৰ মাত তল পৰি গ'ল।

প্ৰায় সাতঘণ্টা সময় তেওঁ ৰে'লৰ আলিৰ কাষত পৰি ৰ'ল। নিশাৰ এন্ধাৰত তেওঁক কোনেও দেখা নাপালে। দেখিলে যদিও ভয়তে কোনেও আগবাঢ়ি নাহিল। তেওঁ তাত পৰি থকা অৱস্থাত তেওঁৰ কাষেৰে উনচল্লিছখন ৰেলগাড়ী পাৰ হৈ গৈছিল। 

এই দুর্ঘটনাত তেওঁ এখন ভৰি চিৰদিনৰ কাৰণে হেৰুৱালে আৰু বাকীখনতো ডাক্তৰে লোৰ ৰড লগাই দি পিছত খোজ কঢ়াৰ সুবিধা কৰি দিছিল। তেওঁক প্ৰথমে বেৰিলী হস্পিতালত আৰু পিছত দিল্লীৰ 'অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেল ছায়েন্স'ত চিকিৎসা কৰা হৈছিল।

প্ৰশ্ন ৫/ অৰুণিমা দুৰ্ঘটনাত পতিত হৈ ৰে'ল আলিৰ কাষত পৰি থকাত মানুহে কেনেধৰণৰ মন্তব্য কৰিছিল?
উত্তৰ : ৰে'ল পথৰ কাষত গুৰুতভাৱে আহত অৱস্থাত অৰুণিমা পৰি থকা দেখি কোনো কোনোৱে ক'লে টিকট নোহোৱাকৈ ভ্ৰমণ কৰা অৰুণিমাই কণ্ডাক্টৰে টিকট বিচৰাত ৰেলগাড়ীৰ পৰা জাঁপ মাৰি দিছিল, কোনোৱে আকৌ আন কিবা কাৰণত অৰুণিমাই আত্মহত্যা কৰিবলৈ ৰে'ল আলিলৈ গৈছিল বুলি মন্তব্য কৰিছিল।

প্ৰশ্ন ৬/ অৰুণিমাৰ আকাংক্ষা দেখি বহুজনে কি পৰামৰ্শ দিছিল?
উত্তৰ : অৰুণিমাৰ আকাংক্ষা দেখি বহুজনে এইবুলি পৰামৰ্শ দিছিল যে তেওঁৰ কৃত্ৰিম ভৰি, আনখন থাকিও নথকাৰ দৰে,--- এই অৱস্থাৰে পৰ্বতাৰোহনত যিবিলাক অতি কৌশল আৰু পৰিশ্ৰম , তাত সাফল্য লাভ কৰা তেওঁৰ বাবে সম্ভৱ হ'বগৈ। তাতোকৈ সাধাৰণভাৱে জীৱনটো পাৰ কৰক,---- এনেবিলাক কামলৈ আগবাঢ়ি জীৱনটো বিপদাপন্ন কৰিব নালাগে।

প্ৰশ্ন ৭/ অৰুনিমা সিনহাই নিজৰ পঙ্গু অৱস্থাৰেও এভাৰেষ্ট জয় কৰাৰ পিছত সকলোৰে প্ৰতি কি কৈছিল?
উত্তৰ : "মই মাত্ৰ এজনী আৰুনিমা নহয়, মোৰ দৰে হাজাৰ বিজাৰ আৰুনিমা আছে, আপোনালোকে সেইসকলক চিনাক্ত কৰি জীৱনৰ বাটত আগবাঢ়ি যাবলৈ, লক্ষ্যভেদ কৰিবলৈ প্ৰেৰণা যোগালে সঁচা অৰ্থত দেশৰ কাম কৰা হ'ব - এনেদৰে অৰুনিমাই সকলোৰে প্ৰতি কৈছিল।
প্ৰশ্ন ৮/ এভাৰেষ্টৰ বুকুত ভৰি থৈয়ে অৰুনিমাহঁতে খৰখেদাকৈ কিয় নামি আহিবলৈ বাধ্য হৈছিল?
উত্তৰ : লগত নিয়া অক্সিজেন প্ৰায় শেষ হওঁ হওঁ অৱস্থা হোৱাৰ কাৰণে অৰুনিমাহঁতে খৰখেদাকৈ নামি আহিবলৈ বাধ্য হৈছিল।



Class 10 Assamese Notes





Class 10 Assamese Textbook






Class 10 Assamese Grammar




Class 10 Assamese Essay







Class 10 Hindi Notes




Class 10 Hindi Textbook



Class 10 Hindi Essay






Class 10 Hindi Grammar




Class 10 Science Notes


CHEMISTRY

BIOLOGY

PHISICS


Class 10 English Notes





Class 10 Maths Notes


Post a Comment

0 Comments

People

Ad Code