Recent in Technology

শীতল যুদ্ধৰ যুগ - প্রথম অধ্যায় - (Q&A) - Notes(2022)

অনলাইন পঢ়ি ভাল পালে, আমাৰ এই Site [class10assamese.online] টোৰ জৰিয়তে পঢ়িব পাৰিব। এই আৰ্টিকল টোত আমি HS 2nd year/Class-XII(12)(দ্বাদশ শ্ৰেণীৰ Political Science ৰ [Part-A]/ প্রথম অধ্যায় - শীতল যুদ্ধৰ যুগ  Chapter{অধ্যায়} টোৰ সকলোখিনি প্ৰশ্ন উত্তৰ দিয়া হৈছে।

লগতে, আনবোৰ অধ্যায় (chapters) ৰ লিংকবোৰো ক্লিক কৰি পঢ়িব পাৰিব।[ধন্যবাদ]


শীতল যুদ্ধৰ যুগ/প্রথম অধ্যায় /hs 2nd year notes




#(ক) অতি চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ১ নম্বৰকৈ)

প্রশ্ন ১: শীতল যুদ্ধ বুলিলে কি বুজা।
উত্তৰ : শীতল যুদ্ধ বুলিলে আমেৰিকা আৰু ইয়াৰ মিত্ৰগােষ্ঠীৰ লগত ছােভিয়েট ৰাছিয়া আৰু ইয়াৰ মিত্র গােষ্ঠীৰ চলি থকা প্রতিদ্বন্দ্বিতা, সংঘাট আৰু বিবাদক বুজায়।

প্রশ্ন ২: শীতল যুদ্ধ কেতিয়া আৰম্ভ হয় ?
উত্তৰ : ১৯৪৫ চনত শীতল যুদ্ধ আৰম্ভ হয় আৰু ১৯৯১ চনত ইয়াৰ অন্ত পৰে।

প্রশ্ন ৩ঃ NATOৰ সম্পূর্ণ নাম লিখা। 
উত্তৰ : North Atlantic Treaty Organisation







প্রশ্ন ৪ Warsaw চুক্তি কি?
উত্তৰঃ ছােভিয়েট ৰাছিয়াৰ নেতৃত্বত ১৯৫৫ চনত Warsaw চুক্তি সম্পাদন কৰা হয়। ইয়াৰ মুখ্য উদ্দেশ্য আছিল NATO শক্তিক প্রতিৰােধ কৰা। ইয়াৰ উল্লেখযােগ্য সদস্য ৰাষ্ট্রসমূহ আছিল - 
  1. ছােভিয়েট ৰাছিয়া, 
  2. পােলাণ্ড, 
  3. পূর্ব জার্মানী, 
  4. হাঙ্গেী , 
  5. চেশ্লোভাকিয়া আদি।

প্রশ্ন ৫ : Warsaw চুক্তিৰ মূল উদ্দেশ্য কি আছিল? 
উত্তৰ : Warsaw চুক্তিৰ মূল উদ্দেশ্য আছিল NATO শক্তিক প্রতিৰােধ কৰা । 


প্রশ্ন ৬ : CENTO বুলিলে কি বুজা?
উত্তৰ : দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সংগঠিত হােৱা সামৰিক চুক্তিৰ এটা হ'ল CENTO। এই চুক্তি ১৯৫৫ চনত সম্পাদিত হয়। ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহ আছিল ক্রমে - ইৰান, ইৰাক, টার্কি, পাকিস্তান আৰু আমেৰিকা।

প্রশ্ন ৭ : NAMৰ সম্পূৰ্ণ ৰূপটো লিখা। 
উত্তৰ : Non Aligned Movement. 

প্রশ্ন ৮ : কিউবান সংকট কি আছিল। 
উত্তৰ : আমেৰিকা আৰু ছােভিয়েট ৰাশিৰ মাজত সংঘটিত হ'শ শীতল যুদ্ধৰ যুগ ' যুদ্ধৰ ক্ষেত্ৰত কিউবান সংকটে এক উল্লেখযােগ্য ভূমিকা গ্রহণ কৰিছিল ।

প্রশ্ন ৯ : UNETAD কি?
উত্তৰ : United Nations Conference on Trade and Developmcnt. হৈছে ৰাষ্ট্ৰ সংঘৰ এটা বাণিজ্যিক সংস্থা।

প্রশ্ন ১০ : NAMৰ উদ্দেশ্য পৃথকীকৰণ নে? 
উত্তৰ : হয়।

প্রশ্ন ১১: কোন চনত মার্কিন যুক্তৰাষ্ট্ৰই জাপানৰ মহানগৰ নগাচাকি আৰু হিৰৰশ্বিমাত দুটা আণবিক বােমা নিক্ষেপ কৰিছিল।
উত্তৰ : ১৯৩৯ চনত। 



Class-XII Political Science(Additional Q/A)






প্রশ্ন ১২ : LDC কি?
উত্তৰ : LDC ৰ অৰ্থ হৈছে অতি অনুন্নত দেশসমূহ অর্থাৎ Least Developed Countris.

প্রশ্ন ১৩ : যুদ্ধ নিবাৰক মানে কি বুজা?
উত্তৰ : শীতল যুদ্ধৰ কালছােৱাত গােষ্ঠীনিৰপেক্ষ ৰাষ্ট্রসমূহে যুদ্ধৰ পৰা বিৰত থকাৰ যি নীতি গ্রহণ কৰিছিল তাকেই যুদ্ধ নিবাৰক বােলা হয়।

প্রশ্ন ১৪ : নিয়ন্ত্রণ ৰেখা কি? 
উত্তৰ : নিয়ন্ত্রণ ৰেখা হ’ল - দুখন স্বাধীন ৰাষ্ট্রৰ মাজৰ নির্দিষ্ট সীমাৰেখা বুজায়। 

প্রশ্ন ১৫ : গােষ্ঠীনিৰপেক্ষ আন্দোলনে নির্লিপ্ততা (নিঃ অহ) বজায়নে?
উত্তৰঃ গােষ্ঠানিৰপেক্ষ আন্দোলন নির্লিপ্ততা নহয় এইটো হ'ল এটা সকাৰত্মক নীতি।

প্রশ্ন ১৬ঃ বাক্যটোশুদ্ধকৰা - 
আমেৰিকাই সমাজবাদী আদর্শ অনুসৰণ কৰে। 
উত্তৰ : আমেৰিকাই পুঁজিবাদী আদর্শ অনুসৰণ কৰে। 

প্রশ্ন ১৭ : শূন্যস্থান পূৰণ কৰা - 
(ক) দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰাৰ লগে লগে____আৰম্ভ হয়। 
উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ লগে লগে শীতল যুদ্ধ আৰম্ভ হয়। 

প্রশ্ন ১৮  :শীতল যুদ্ধৰ সময় নির্ধাৰণ কৰা।
উত্তৰ : দ্বিতীয় বিশ্বযুদ্ধ শেষ হােৱাৰ লগে লগে শীতল যুদ্ধ আৰম্ভ হয় আৰু ১৯৯১ চনত ইয়াৰ অন্ত পৰে।

প্রশ্ন ১৯ : হয়’বা নহয় লিখা -
শীতল যুদ্ধ আমেৰিকা আৰু ছােভিয়েট ইউনিয়নৰ মাজত চলি থকা প্রতিযােগিতা। 
উত্তৰ : হয়।


#(খ) চমু প্রশ্নোত্তৰ/(প্রত্যেকটোত ২ নম্বৰকৈ)

প্রশ্ন ১ : দ্বিতীয় বিশ্বযুদ্ধৰ কেনেকৈ আন্ত পৰে?
উত্তৰ : ১৪ আগষ্ট, ১৯৪৫ চনত জাপানে চর্তবিহীনভাৱে মিত্ৰগােষ্ঠীৰ ওচৰত আত্মসমর্পণ কৰাৰ লগে লগে দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰে।

প্রশ্ন ২: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত অভ্যুত্থান হােৱা দুখন মহাশক্তিৰ দেশৰ নাম উল্লেখ কৰা।
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছােভিয়েট ইউনিয়ন



Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ





প্রশ্ন ৩ : দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কোন দুখন চহৰত আণবিক বােমা নিক্ষেপ কৰা হৈছিল?
উত্তৰঃ জাপানৰ হিৰ'ছিমা আৰু নাগাছাকি

প্রশ্ন ৪ : মহা শক্তিধৰ দেশৰ সৰু মিত্র গােটৰ কিয় প্রয়ােজন হয় ?
উত্তৰঃ সৰু মিত্র দেশবােৰৰ পৰা বৃহৎ দেশে নিজৰ অস্ত্র আৰু সৈন্য বাহিনীক উৎক্ষেপণ কৰিব পাৰে।

প্রশ্ন ৫ : পাশ্চাত্য মিত্রগােট আৰু প্ৰাচ্যৰ মিত্ৰগােট বুলিলে কি বুজা?
উত্তৰ : পাশ্চাত্য মিত্রগােট বুলিলে আমেৰিকাৰ নেতৃত্বত থকা গােটক (১৯৪৯) আৰু প্ৰাচ্যৰ মিত্ৰগােট বুলিলে ছােভিয়েট ইউনিয়নৰ নেতৃত্বত মিত্রগােটক বুজাইছে (১৯৫৫ চনত)।

প্রশ্ন ৬ : দুটা বৃহৎ শক্তিধৰ দেশৰ মাজত সংগঠিত হােৱা দুটা অস্ত্র সংৰৰণ চুক্তিৰ বিষয়ে উল্লেখ কৰা।
উত্তৰ :
(i) পৰিকল্পিত অস্ত্র সংবৰণ চুক্তি 
(ii) পৰিকল্পিত অস্ত্র সংবৰণ চুক্তি 
(iii) প্রথম চুক্তিখন ছােভিয়েট ৰাছিয়াৰ ৰাষ্ট্রপতি মিখাইল গর্বাচেভ আৰু আমেৰিকাৰ ৰাষ্ট্রপতি জর্জ বুশ (জ্যেষ্ঠ)ৰ মাজত সম্পাদিত হৈছিল। দ্বিতীয় চুক্তিখন ছােভিয়েট ৰাছিয়াৰ ৰাষ্টপতি বৰিছ ইয়েল্টছিন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জজ বুশ (জ্যেষ্ঠ ) মাজত সম্পাদিত হৈছিল।

প্রশ্ন ৭ : কেতিয়া আৰু ক'ত প্রথম গােষ্ঠীনিৰপেক্ষ সম্মিলন অনুষ্ঠিত হৈছিল ?
উত্তৰ : ১৯৬১ চনৰ ৰ পৰা ছেপ্টেম্বৰলৈকে বেলগ্রেডত প্রথম গােষ্ঠীনিৰপেক্ষ সম্মিলন অনুষ্ঠিত হৈছিল।

প্রশ্ন ৮ : দ্বিতীয় বিশ্বযুদ্ধৰ মিত্র শক্তি আৰু বিৰােধী শক্তি বুলিলে কি বুজা ? 
উত্তৰ : মিত্র শক্তি হ’ল - আমেৰিকা, ব্রিটেন, ফ্রান্স, ৰাছিয়া । বিৰােধী শক্তি হ’ল - জাপান, জার্মানী আৰু ইটালী।

প্রশ্ন ৯ : দ্বিতীয় বিশ্বযুদ্ধৰ পিছত মৰ দাঙি উঠা দই মহাশক্তিৰ নাম লিখ। 
উত্তৰ : দ্বিতীয় বিশ্বযুদ্ধৰ পিছত দুটা শক্তিগােষ্ঠীৰ সৃষ্টি হােৱা দেখা যায়। এটা শক্তিগােষ্ঠীৰ নেতৃত্ব বহন কৰিছিল পুঁজিবাদী আমেৰিকাই আৰু আনটো গােষ্ঠীৰ নেতৃত্ব দিছিল কমিউনিষ্ট ৰুছিয়াই।

প্রশ্ন ১০ : দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আণবিক বােমা নিক্ষেপ কৰা ঠাই দখনৰ নাম লিখা।
উত্তৰ : 
  • হিৰৰচিমা 
  • নাগাচাকি। 

প্রশ্ন ১১ঃ শীতল যুদ্ধৰ আৰম্ভণিৰ মূল কাৰণটো লিখা।
উত্তৰ : আদৰ্শগত পার্থক্য : ছােভিয়েট ৰুছিয়া আৰু এই দেশৰ অনুগামী ৰাষ্ট্রসমূহে সাম্যবাদ নীতি অনুসৰণ কৰিছিল আৰু আমেৰিকা আৰু এই দেশৰ নেতৃত্বাধীন ৰাষ্ট্ৰসমূহ পুঁজিবাদী আদর্শত বিশ্বাসী আছিল। সাম্যবাদী আদর্শত বিশ্বাস ৰাখিয়েই ৰুছিয়াই উদ্যোগসমূহ ৰাষ্ট্ৰীয়কৰণ কৰা নীতি অৱলম্বন কৰিছিল। আনহাতে পুঁজিবাদৰ ওপৰত বিশ্বাসী আমেৰিকাই এই নীতিৰ বিৰােধিতা কৰিছিল।

দ্বিপক্ষীয় ৰাজনীতি : দ্বিতীয় মহাযুদ্ধৰ পিছত বিশ্বত দ্বিপক্ষীয় ৰাজনীতিৰ সৃষ্টি হােৱা পৰিলক্ষিত হয়। এই যুদ্ধত ৰােম বার্লিন-টকিঅ’ অক্ষশক্তি পৰাজিত হয়। জার্মানীক চাৰিটা ভাগত ভাগ কৰি আমেৰিকা, ইংলেণ্ড, ফ্রান্স আৰু ৰুছিয়াৰ নিয়ন্ত্রিত ৰখা হৈছিল। ইংলেণ্ড আৰু ফ্রান্সৰাে শক্তি বহু পৰিমাণে হ্রাস হৈছিল। কেৱল আমেৰিকা আৰু ৰুছিয়াইহে শক্তিশালী ৰাষ্ট্ৰৰূপে স্থিতি লাভ কৰিবলৈ সক্ষম হয়। দুয়ােখন দেশৰ মাজত বিভিন্ন কাৰণত মতভেদৰ সৃষ্টি হােৱাত শীতল যুদ্ধৰ আৰম্ভ হয়




Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ






প্রশ্ন১২ঃ দুই মহাশক্তিক সৰু সৰু সহযােগী প্রয়ােজন কিয় হৈছিল ? 
উত্তৰ : দুই মহাশক্তিয়ে নিজৰ অর্থনৈতিক আৰু সামৰিক শক্তি বৃদ্ধি কৰাৰ বাবে সৰু সৰু দেশৰ সহযােগিতাৰ প্ৰয়ােজন হৈছিল। 

প্রশ্ন ১৩ : দুই মহাশক্তিৰ দ্বাৰা স্বাক্ষৰিত অস্ত্র নিয়ন্ত্ৰণৰ চুক্তি দুখনৰ নাম লিখা। 
উত্তৰ : 
(i) (Partial Nuclear Teast Ban Treaty) আণৱিক অস্তু পৰীক্ষা নিষিদ্ধকৰণ চুক্তি। 
(ii) আণৱিক অস্ত্ৰৰ সম্প্ৰসাৰণ ৰােধকাৰী চুক্তি (Treaty of NonProliferation of Nuclear Weapons)

প্রশ্ন ১৪ : NATO ৰাষ্ট্ৰসমূহৰ ঘঘাষণা পত্র কি?
উত্তৰ : North Atlantic Treaty Organization গঠন শীতল যুদ্ধৰ প্রথম পর্যায়ৰ অন্যতম ঘটনা। ১৯৪৯ চনৰ এপ্রিলত ৱাশিংটন চহৰত এই চুক্তিত কেইবাখনাে ৰাষ্ট্ৰই স্বাক্ষৰ দান কৰি এটা নতুন সংস্থা গঠন কৰে আৰু যিকোনাে দেশৰ আক্ৰমণৰ বিৰুদ্ধে সামূহিকভাৱে থিয় দিবলৈ সংকল্পবদ্ধ হয়। ৰুছিয়াৰ আক্রমণ প্রতিৰােধ কৰাৰ উদ্দেশ্যেই এই সংস্থাটো গঠন কৰা বুলি ক'ব পাৰি।

প্রশ্ন ১৫ : কমিউনিষ্ট পৰিমণ্ডলৰ তিনিখন দেশৰ নাম লিখা। 
উত্তৰ : 
  1. চেকোশ্লোভাকিয়া, 
  2. যুগশ্লোভিয়া, 
  3. ছােভিয়েট ৰাছিয়া। 

প্রশ্ন ১৬ : গােষ্ঠীনিৰপেক্ষতাৰ এক নেতিবাচক নীতি কি? 
উত্তৰ : গােষ্ঠীনিৰপেক্ষতা এক সকাৰত্মক নীতি।

প্রশ্ন ১৭ : দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত ঔপনিৱেশিকতাৰ পৰা মুক্ত হােৱা যিকোনাে চাৰিখন ৰাষ্ট্রৰ নাম লিখা।
উত্তৰ : ভাৰতবর্ষ, পাকিস্তান, শ্রীলংকা, নিউজিলেণ্ড


#(গ) দীঘল প্রশ্নোত্তৰ :/(প্রত্যেকটোত ৪ নম্বৰকৈ)

প্রশ্ন ১ : শীতল যুদ্ধ শীতল’ হৈ থাকিল গৰম’যুদ্ধলৈ কিয় পৰিৱৰ্তিত নহ'ল?
উত্তৰ : আমেৰিকা আৰু ছােভিয়েট ৰাছিয়া এই দুটা পৰস্পৰবিৰােধী মহাশক্তিধৰ দেশৰ আবিৰ্ভাৱৰ লগে লগে তেওঁলােকৰ মাজত শীতল যুদ্ধ আৰম্ভ হয়। দুয়ােখন দেশে সম্মুখ যুদ্ধ কৰিব বিচৰা নাছিল, কিয়নাে পাৰমাণৱিক শক্তিধৰ দুখন দেশৰ মাজত যুদ্ধ আৰম্ভ হ'লে উভয় দেশেই যথেষ্ট ক্ষতিৰ সন্মুখীন হ’ব। আৰু এনে ধ্বংসৰ ফলত কোনাে এখন দেশকে বােধহয় বিজয়ী হিচাপে ঘােষণা কৰা নাযাব। উভয়ৰ হাততে ধ্বংসৰ ইমান অস্ত্র-শস্ত্র মজুত আছিল যে তেওঁলােকে প্রকৃত যুদ্ধত অংশ লােৱাৰ ক্ষেত্ৰত অগ্ৰসৰ হােৱাৰ কথা ভাবিব পৰা নাছিল। প্ৰকৃততে উভয় দেশৰ হাতত থকা পাৰমাণৱিক অস্ত্র ভাণ্ডাৰে যুদ্ধ সংগঠিত কৰাত বাধাৰ সৃষ্টি কৰিছিল। 

প্রশ্ন ২ : মহাশক্তিধৰ দেশসমূহে যি চুক্তি ব্যবস্থাৰ নেতৃত্ব দিছিল তেনে চুক্তিসমূহে সমগ্র পৃথিৱীক দুটা গােটত বিভক্ত কৰিছিল নে? যুক্তি দিয়া।
উত্তৰ : শীতল যুদ্ধ আৰু পৰৱর্তী আঞ্চলিক চুক্তিসমূহে প্রায় সমগ্র বিশ্বৰ দুটা পৰস্পৰবিৰােধী গােটত বিভক্ত কৰিছিল। তেনে পৰিস্থিতিত, গােষ্ঠীনিৰপেক্ষ আন্দোলনৰ আৰম্ভণিয়ে তৃতীয় বিশ্বৰ ৰাষ্টসমূহক এনে আঞ্চলিক চুক্তিসমূহত যােগদান কৰৰ পৰা বিৰত ৰখাৰ সুবিধা দিছিল আৰু দেশসমূহৰ আগত তৃতীয় বিকল্পৰ ব্যৱস্থা কৰিছিল। ভাৰতৰ প্ৰধানমন্ত্রী জৱাহৰলাল নেহৰু, যুগােশ্লোভিয়াৰ জোছেফটিটো আৰু মিচৰৰ জি. এ. নাছেৰে এই ক্ষেত্ৰত আগভাগ লৈছিল। সেয়েহে, গােষ্ঠীনিৰপেক্ষ আন্দোলনে সমগ্র বিশ্বক দুটা ভাগত ভাগ কৰাত বাধা প্রদান কৰিছিল আৰু বিশেষকৈ তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ বাবে বিকল্প পথৰ সন্ধান দিছিল।

প্রশ্ন ৩ঃ সৰু ৰাষ্ট্রসমূহে বৃহৎ শক্তিধৰ ৰাষ্ট্ৰসমূহক কেনেদৰে সহায় কৰে? 
উত্তৰ : সৰু ৰাষ্ট্রসমূহে বিভিন্ন ধৰণে বৃহৎ ৰাষ্ট্ৰসমূহৰ প্রতি সহায় আগবঢ়ায় -

  1. বিভিন্ন ধৰণৰ প্রাকৃতিক সম্পদ যেনে - খাৰুৱা তেল, খনিজ পদার্থ আদি লাভ কৰাত সহায় কৰে।
  2. সৰু ৰাষ্ট্ৰসমূহৰ লগত বন্ধুত্বৰ সম্পর্ক স্থাপন কৰি সেই ৰাষ্ট্ৰসমূহৰ পৰা তেওঁলােকে অস্ত্র-শস্ত্ৰ আৰু সৈন্য বাহিনীক সঞ্চালনা কৰিব পাৰে।
  3. এই সৰু ৰাষ্ট্ৰসমূহৰ পৰা বৃহৰাষ্ট্রসমূহে গুপ্তচৰ বৃত্তি কৰাৰাে সুবিধা লাভ।

প্রশ্ন ৪ : আদর্শগত পার্থক্যই শীতল যুদ্ধৰ জন্ম দিছিল বুলি তুমি ভাবানে?
উত্তৰ : শীতল যুদ্ধ বহুলাংশে পৰস্পৰবিৰােধী আদৰ্শৰ ফলশ্রুতি। এইখিনি কথা সঁচা যে - এই যুদ্ধৰ লগত, ক্ষমতা, সামৰিক প্রাধান্য আৰু ক্ষমতাৰ ভাৰসাম্যতাৰ নীতিও সমানে জড়িত হৈ আছে। আমেৰিকাৰ নেতৃত্বত পাশ্চাত্য দেশসমূহে উদাৰনৈতিক গণতন্ত্র আৰু পুঁজিবাদৰ আদৰ্শক অনুসৰণ কৰিছিল। আনহাতে ছােভিয়েট ৰাছিয়াৰ নেতৃত্বত চলি থকা প্ৰাচ্যৰ দেশসমূহে সমাজবাদ আৰু সাম্যবাদৰ আদৰ্শক গ্রহণ কৰিছিল। এনে পৰস্পৰবিৰােধী আদর্শয়াে শীতল যুদ্ধ সংগঠিত কৰাত যথেষ্ট গুরুত্বপূর্ণ ভূমিকা পালন কৰিছিল। 


#(ঘ) অতি দীঘল প্রশ্নোত্তৰ/(প্রত্যেকটোত ৬ নম্বৰকৈ)

প্রশ্ন ১ঃ কিউবান মিছাইল সংকটৰ ওপৰত এটি টোকা লিখা।
উত্তৰ : এপ্রিল ১৯৬৬ চনত ৰাছিয়াৰ নেতৃবৃন্দ এই দাবীত উদ্বিগ্ন হৈছিল যে - আমেৰিকাই যিকোনাে মুহূৰ্তত কিউবাক আক্রমণ কৰি ফিডেল কাষ্টোক অপসাৰণ কৰিব পাৰে আৰু কিউবাক দখল কৰি ল'ব পাৰে। কিউবাক এনে আশংকাৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে ছােভিয়েট ৰাছিয়াই কিউবালৈ মিছাইল প্ৰেৰণ কৰিছিল আৰু তাত এখন সামৰিক ঘাটিও স্থাপন কৰিছিল। এই ঘটনাৰ তিনি সপ্তাহ পিছত সমগ্র বিশ্বত এই বিষয়টোৰাষ্ট্ৰ হৈ পৰে।

আমেৰিকাৰ ৰাষ্ট্রপতি কেনেডি আৰু তেখেতৰ পৰামৰ্শদাতাসকলে এনে কোনাে কার্য কৰিব খােজা নাছিল যাৰ ফলত পাৰমাণৱিক যুদ্ধ হােৱাৰ আশংকা থাকে। কিন্তু আমেৰিকাই ৰাছিয়াৰ প্ৰধান ক্রশ্চেবক তেওঁলােকৰ অসন্তুষ্টি ভাৱ প্ৰকাশ কৰাৰ উদ্দেশ্যে ৰাছিয়াক কিউবালৈ মিছাইল প্ৰেৰণ স্থগিত ৰাখিবলৈ নির্দেশ দিছিল। এই নির্দেশ আছিল ৰাছিয়াৰ প্ৰতি আমেৰিকাৰ ভাবুকি। উভয়ৰ মাজত সৃষ্টি হােৱা এই দ্বন্দ্বক কিউবান মিছাইল সংকট বুলি জনা যায়। 

এই সংকটৰ বাবে সমগ্র বিশ্ব পাৰমাণৱিক যুদ্ধৰ আশংকাত শংকিত হৈ পৰিছিল। শেষত ছছাভিয়েট ৰাছিয়া কিউবা এৰি যাবলৈ মান্তি হােৱাত সকলাে ৰাষ্ট্ৰই স্বস্তি অনুভৱ কৰে।

প্রশ্ন ২ঃ গােষ্ঠীনিৰপেক্ষ নীতিক নিষ্ক্রিয়তা বুলি ভাবানে? যুক্তি দর্শোৱা।
উত্তৰঃ গােষ্ঠীনিৰপেক্ষ নীতি আৰু নিষ্ক্রিয়তাৰ মাজত যথেষ্ট পার্থক্য আছে। যেনে -

নিষ্ক্রিয়তা : 
  1. নিষ্ক্রিয়তা হৈছে এনে এক পৰিস্থিতি য'তৰাষ্ট্রসমূহে যুদ্ধৰ সময়ত কোনাে পক্ষত অংশ গ্রহণ নকৰে।
  2. নিষ্ক্রিয়তাৰ ধাৰণা আক্রমণাত্মক ধৰণাৰ সম্পূর্ণ বিপৰীত। 
  3. নিষ্ক্রিয়তাৰ ধাৰণা আন্তর্জাতিক আইনৰ লগত জড়িত।
  4. যুদ্ধকালীন সময়ত কেৱলমাত্র এইনীতি কার্যকৰী হয়। এই নীতি ১৮ আৰু ১৯ শতিকাত উদ্ভাৱন হৈছিল।

গােষ্ঠীনিৰপেক্ষতা :
  1. গােষ্ঠীনিৰপেক্ষতা হৈছে এনে এক ধাৰণা যাৰ লক্ষ্য হৈছে স্বাধীন বৈদেশিক নীতি গ্রহণ কৰা আৰু শান্তিপূর্ণ সহাৱস্থান।
  2. গােষ্ঠীনিৰপেক্ষবাদ যুদ্ধ আৰু শান্তি উভয় পৰিস্থিতিতে কার্যকৰী। 
  3. গােষ্ঠীনিৰপেক্ষতা আন্তর্জাতিক সম্পর্কৰ লগত জড়িত। 
  4. এই নীতিয়ে মহাশক্তিধৰ দুটা গােটৰ লগত সমান দূৰত্ব বজাই ৰাখে।
  5. কুৰি শতিকাৰ মাজভাগৰ পৰা এই নীতি কার্যকৰী হৈছে।

প্রশ্ন ৩ঃশীতল যুদ্ধকালছােৱাত গােষ্ঠীনিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে ভাৰতৰ ভূমিকা আলােচনা কৰা।'
উত্তৰ : ভাৰতবৰ্ষই গােষ্ঠীনিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে শীতল যুদ্ধৰ কালছােৱাত এক উল্লেখযােগ্য ভূমিকা পালন কৰিছিল। ভাৰতবৰ্ষই পৰস্পৰবিৰােধী দুটা শক্তি গােটৰ পৰা পাৰ্যমানে আঁতৰত থকাৰ চেষ্টা কৰিছিল। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উদ্দেশ্যে সক্রিয় এই নীতি গ্রহণ কৰা হৈছিল। 

সকলাে আন্তর্জাতিক সমস্যাৰ শান্তিপূর্ণ সমাধানৰ ওপৰত গুৰুত্ব আৰােপ কৰা হৈছিল। ভাৰতবৰ্ষই যিকোনাে ধৰণৰ সামৰিক চুক্তিত যােগদান কৰাৰ ৰা নিজকে বিৰত ৰাখিছিল। কিয়নাে এনে চুক্তিবদ্ধতাই এখন দেশ স্বাধীনভাৱে সিদ্ধান্ত গ্রহণ কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। 

ভাৰতবৰ্ষই গােষ্ঠীনিৰপেক্ষ আন্দোলনৰ উদ্যোক্তা হিচাপে আন আন তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজতাে নিজৰ আচৰণৰ জৰিয়তে শক্তি সঞ্চয় কৰিবলৈ সক্ষম হৈছিল আৰু গােষ্ঠীনিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে আন্তর্জাতিক ক্ষেত্ৰত এক বিশিষ্ট স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল।

প্রশ্ন ৪ঃ শীতল যুদ্ধৰ অন্ত পৰাৰ পিছত গােষ্ঠীনিৰপেক্ষ আন্দোলনে নিজৰ তাৎপর্য হেইছে নে? যুক্তি দর্শোৱা।
উত্তৰ : শীতল যুদ্ধৰ অন্ত পৰাৰ লগে লগে গােষ্ঠীনিৰপেক্ষ আন্দোলনৰ তাৎপৰ্য্য নাইকিয়া হােৱা নাই। কৌশলগতভাৱে গােষ্ঠীনিৰপেক্ষ নীতি শীতল যুদ্ধৰ প্ৰসঙ্গত উদ্ভৱ হৈছিল। কিন্তু গােষ্ঠীনিৰপেক্ষতাত কিছুমান মূল মূল্যবােধ আৰু মজবুত ধাৰণা সন্নিবিষ্ট হৈ আছিল। 

গােষ্ঠীনিৰপেক্ষতা এই স্বীকৃতিৰ ওপৰত গঢ় লৈ উঠিছিল যে ঔপনিৱেশিকতাবাদৰ পৰা মুক্ত হােৱা ৰাষ্ট্ৰবােৰ এক উমৈহতীয়া সম্বন্ধ বহন কৰে আৰু সংঘবদ্ধ হলে তেওঁলােক শক্তিশালী। ইয়াৰ অৰ্থ হৈছে যে দুখীয়া আৰু বিশ্বৰ অতি ক্ষুদ্র দেশবােৰ কোনাে বৃহৎ শক্তিৰ সমর্থক হােৱাৰ প্ৰয়ােজন নাই। তেওঁলােকে স্বতন্ত্র বৈদেশিক নীতি গ্রহণ কৰিব পাৰে। 

প্রচলিত অসমতা দূৰ কৰিবলৈ এক বিকল্প বিশ্ব শৃংখলাৰ বিষয়ে চিন্তা কৰি আন্তঃৰাষ্ট্ৰীয় পদ্ধতিক গণতান্ত্রিক কৰাৰ সংকল্প ওপৰত ই প্রতিষ্ঠিত আছিল। শীতল যুদ্ধ শেষ হােৱাৰ পাছতাে এই মূল ধাৰণাসমূহৰ প্রাসঙ্গিকতা আছে।

প্রশ্ন ৫ঃ ধৰি লােৱা হওক যে শীতল যুদ্ধ সংগঠিত হােৱা নাই আৰু ২/বিশ্ব যুদ্ধৰ পিছত বহুতাে ক্ষমতাৰ কেন্দ্র সৃষ্টি হৈছে। তেনে পৰিস্থিতিয়ে ভাৰতৰ বৈদেশিক নীতিৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ বিস্তাৰকৰিলেহেঁতেন? তিনিটা দিশ বা তিনিটা অঞ্চলক আঙুলিয়াই দি পার্থক্য কল্পনা কৰা। 
উত্তৰঃ যদি শীতল যুদ্ধ সংগঠিত নহ'লহেঁতেন, বিশ্ব ৰাজনীতিতসম্পূর্ণ অন্য ধৰণৰ হ'লহেঁতেন আৰু বিশ্বক বেলেগ ধৰণে প্ৰভাৱান্বিত কৰিলেহেঁতেন। ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ ওপৰতাে তলত উল্লেখ কৰা ধৰণে প্ৰভাৱ পৰিলেহেঁতেন -

(1) আন আন দেশৰ লগত সম্পর্ক : শীতল যুদ্ধৰ সময়ত বিভিন্ন ৰাষ্ট্ৰৰ লগত ভাৰতৰ যি সম্পর্ক আছিল সেই সম্পর্কৰ পৰিৱৰ্তন হ'লহেঁতেন। পাশ্চাত্যৰ বিভিন্ন দেশৰ লগত ভাৰতৰ আৰু অধিক সুসম্পর্ক স্থাপন হ'লহেঁতেন।

(2) কাশ্মীৰ সমস্যা : শীতল যুদ্ধৰ লগত জড়িত ৰাজনীতিয়ে ভাৰতৰ কাশ্মীৰ সমস্যাক জটিল কৰি তুলিছিল। ইয়াৰ ফলত পাকিস্তান আৰু ভাৰতৰ মাজত দুটা যুদ্ধও সংগঠিত হৈছিল। আমেৰিকাই কাশ্মীৰ প্ৰশ্নত সদায় পাকিস্তানক সহায় কৰিছিল এনেকি সামৰিক শক্তি দিয়ে সহায় আগবঢ়াইছিল। কিন্তু যদি শীতল যুদ্ধ নহ'লহেঁতেন তেনেহ'লে কাশ্মীৰ সমস্যা ইমান জটিল কিজানি নহ'লহেঁতেন।

(3) গােষ্ঠীনিৰপেক্ষ নীতি : শীতল যুদ্ধৰ প্ৰভাৱ ভাৰতৰ বৈদেশিকনীতিৰ ক্ষেত্ৰত আন এটা উল্লেখযােগ্য পৰিৱৰ্তন আনিছিল আৰু সেই পৰিৱৰ্তন হৈছে ভাৰতৰ গােষ্ঠীনিৰপেক্ষ নীতি গ্রহণ। দ্বিতীয় বিশ্ব শীতল যুদ্ধৰ কালছােৱাত পৃথিৱীখন দুটা পৰস্পৰবিৰােধী গােটত বিভক্ত হৈছিল। পুঁজিবাদী ৰাষ্ট্ৰসমূহক নেতৃত্ব দিছিল আমেৰিকাই আৰু সাম্যবাদী ৰাষ্ট্রসমূহক নেতৃত্ব দিছিল ছােভিয়েট ৰাছিয়া। ভাৰতৰ দৰে তৃতীয় বিশ্বৰ ভালেমান ৰাষ্ট্ৰই এই দুটা গােটত যােগদান নকৰাকৈ গােষ্ঠীনিৰপেক্ষ গােটৰ সদস্য হৈছিল।শীতল যুদ্ধ সংগঠিত নহ'লে এই গােষ্ঠীনিৰপেক্ষ আন্দোলনৰ ধাৰণাও সৃষ্টিনহ'লহেঁতেন।

প্রশ্ন ৬ : শীতল যুদ্ধ সৃষ্টিৰ যি কোনাে চাৰ্টিা কাৰণ লিখা। 
উত্তৰ : বিভিন্ন কাৰণত শীতল যুদ্ধ আৰম্ভ হৈছিল। 

(ক) আদর্শগত পার্থক্য (Ideological Difference) : ছােভিয়েট ৰুছিয়া আৰু এই দেশৰ অনুগামী ৰাষ্ট্রসমূহে সাম্যবাদ নীতি অনুসৰণ কৰিছিল আৰু আমেৰিকা আৰু এই দেশৰ নেতৃত্বাধীন ৰাষ্ট্রহে পুঁজিবাদী আদর্শত বিশ্বাসী আছিল। সাম্যবাদী আদর্শত বিশ্বাস ৰাখিয়েই ৰুছিয়াই উদ্যোগসমূহ ৰাষ্ট্ৰীয়কৰণ কৰা নীতি অবজ্ঞা কৰিছিল। আনহাতে পুঁজিবাদৰ ওপৰত বিশ্বাসী আমেৰিকাই এই নীতিৰ বিৰােধিতা কৰিছিল। সাম্যবাদী ৰাষ্ট্রসমূহে শ্রমিক শ্রেণীৰ হাতত ক্ষমতা প্রদান নীতিৰ পােষকতা কৰে আৰু ইয়াৰ বিপৰীতে পুঁজিবাদী গােটে এনে নীতিক গণতন্ত্রবিৰােধী আখ্যা দিয়া দেখা যায়।

(খ) সাম্যবাদৰ সম্প্ৰসাৰণ : ১৯১৭ চনৰ ৰুছ বিপ্লৱৰ ফলশ্ৰুতিৰূপে ৰুছিয়াত সাম্যবাদী চৰকাৰ গঠন হৈছিল। এই চৰকাৰে সাম্যবাদ নীতিৰ প্ৰচাৰ অভিযান চলাই ইউৰােপৰ ভালেমান দেশক আকৃষ্ট কৰিবলৈ সক্ষম হয়। আৰু ফলস্বৰূপে দেখা যায় পােলেণ্ড, বুলগেৰিয়া, হাংগেৰী আদি দেশসমুহত সাম্যবাদী চৰকাৰ গঠন হৈছিল। দ্বিতীয় বিশ্বযুদ্ধ বিধ্বস্ত হৈ আর্থিক সংকটৰ সন্মুখীন হােৱা ৰাষ্ট্ৰসমুহ এই আদৰ্শৰ প্রতি আকৃষ্ট হােৱাৰ সম্ভাৱনা নুই কৰিব নােৱাৰি।
আমেৰিকাই সাম্যবাদ নীতিৰ সম্প্ৰসাৰণ ৰােধ কৰাৰ বাবে প্রচেষ্টা চলােৱাত দুয়ােটা গােটৰ মাজত মতানৈক্য প্ৰকট হৈ পৰে।

(গ) এটম বােমাৰ গােপনীয়তা : দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কেৱল আমেৰিকাৰহে এটম বােমা আছিল। এই যুদ্ধত আমেৰিকা আৰু ৰুছিয়াই যদিও ঐক্যবদ্ধভাৱে শত্রু পক্ষৰ বিৰুদ্ধে যুঁজ দিছিল। আমেৰিকাই এই সামৰিক শক্তি সম্পর্কে ৰুছিয়াক কোনাে ধৰণৰ সম্ভেদ দিয়া নাছিল। জাপানৰ হিৰােশিমা আৰু নাগাচাকিত বােমাবর্ষণ কৰাৰ সময়তহে ৰুছিয়াই এই বিষয়ে জানিব পাৰিছিল। আমেৰিকাৰ এনে কাৰ্যই ৰুছিয়াক ক্ষুন্ন কৰাৰ উপৰি সন্দিহান কৰি তুলিছিল। এই পৰিস্থিতিয়েও শীতল যুদ্ধ আৰম্ভ হােৱাত অৰিহণা যােগাইছিল।

(ঘ) শান্তি চুক্তিৰ চৰ্ত সম্বন্ধে বিভেদ (Difference on the terms of Peace Treaties) : দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত শান্তি চুক্তিসমূহৰ চৰ্ত নির্ধাৰণৰ বিষয়টো লৈও সাম্যবাদী আৰু পুঁজিবাদী গােট দুটাৰ মাজত মতানৈক্য গঢ়ি উঠিছিল। পটছদাম সন্মিলনৰ সিদ্ধান্ত মর্মে এখন পৰিষদ গঠন কৰা হয়। আমেৰিকা, ইংলেণ্ড, ফ্রান্স, ৰুছিয়া আৰু চীন এই পাঁচখন দেশৰ বৈদেশিক মন্ত্রীসকল এই পৰিষদৰ সদস্য আছিল। এই পৰিষদৰ সভাত ৰুছিয়াৰ বৈদেশিক মন্ত্রী মলটোভয়ে ত্রিয়েষ্টি চহৰসহ গাের্টেই অঞ্চলটো যুগােশ্লাভিয়াৰ অন্তর্ভুক্ত কৰিব লাগে বুলি দিয়া প্রস্তাৱটো পশ্চিমীয়া দেশৰ বৈদেশিক মন্ত্রীসকলে বিৰােধিতা কৰে। ইয়াৰ উপৰিও আফ্রিকাত থকা ইটালীৰ উপনিৱেশসমূহৰ স্থিতি নির্ধাৰণ, যুদ্ধৰ ক্ষতিপূৰণ হিচাপে ইটালীয়ে দিবলগীয়া ধনৰ পৰিমাণ নির্ণয়। পূর্ব ইউৰােপৰ দেশসমূহৰ ভৱিষ্যৎ সম্বন্ধে দুয়ােটা গােটৰ মাজত যথেষ্ট মনােমালিন্যৰ সৃষ্টি হৈছিল ।


শীতল যুদ্ধৰ যুগ all question answer/শীতল যুদ্ধ class 12/political science class 12 শীতল যুদ্ধৰ যুগ/শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল?/শীতল যুদ্ধ বুলিলে কি বুজা?/বিশ্ব ৰাজনীতিত শীতল যুদ্ধৰ যুগ/শীতল যুদ্ধৰ যুগ class 12/শীতল যুদ্ধৰ প্ৰভাৱ সমূহ আলোচনা কৰা/বিশ্ব ৰাজনীতি শীতল যুদ্ধৰ যুগ/শীতল যুদ্ধৰ যুগ question answer/শীতল যুদ্ধৰ যুগ কি?/শীতল যুদ্ধৰ কাৰণ সমূহ কি কি?/শীতল যুদ্ধৰ বিষয়ে এটি টোকা লিখা/শীতল যুদ্ধৰ সময়ত ভাৰতৰ ভূমিকা কি আছিল?/শীতল যুদ্ধ কিমান চনত আৰম্ভ হৈছিল?/শীতল যুদ্ধৰ ফলাফল সমূহ লিখা/শীতল যুদ্ধৰ কাৰণ আৰু ফলাফল//শীতল যুদ্ধৰ কাৰণ সমূহ লিখা/এক মেৰু বিশিষ্ট বিশ্ব বুলিলে কি বুজা/upsৰ সম্পূৰ্ণ ৰূপটো লিখা।/শীতল যুদ্ধৰ বৈশিষ্ট্য/nato ৰ সম্পূৰ্ণ ৰূপটো লিখা/গোষ্ঠী নিৰপেক্ষ আন্দোলন কি আছিল/গোষ্ঠী নিৰপেক্ষ আন্দোলন বুলিলে কি বুজা/শীতল যুদ্ধৰ কাৰণ সমূহ আলোচনা কৰা/দ্বিতীয় বিশ্ব বুলিলে কি বুজা/শীতল যুদ্ধ কাৰণ/শীতল যুদ্ধ হৈছে গৰম শান্তি/আন্ত গাঁথনি বুলিলে কি বুজা/পুৰণি শীতল যুদ্ধ আৰু নতুন শীতল যুদ্ধৰ মাজত পাৰ্থক্য/ৰাজনীতি বিজ্ঞান দ্বাদশ শ্ৰেণীৰ/শীতল যুদ্ধ মানে কি/দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ প্ৰশ্ন উত্তৰ/political science class 12 chapter 1 question answers in assamese/কিউবা সংকট বুলিলে কি বুজা/শীতল যুদ্ধ উপশম হোৱাৰ দুটা কাৰণ/era of cold war class 12/দ্বিতীয় বিশ্ব মানে কি বুজা/দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণ আৰু ফলাফল/assamese question answer class 12/পুৰণি শীতল যুদ্ধ আৰু নতুন শীতল যুদ্ধৰ পাৰ্থক্য/শীতল যুদ্ধৰ দুটা কাৰণ লিখা/শীতল যুদ্ধ উপশম হোৱাৰ কাৰণ/আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ কাৰণ/উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ৰাজনীতি বিজ্ঞান/the cold war era class 12 notes/গোষ্ঠী নিৰপেক্ষতা বুলিলে কি বুজা/দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল/শীতল যুদ্ধ কাৰ কাৰ মাজত হৈছিল/তৃতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল/নতুন আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক শৃংখলাৰ দুটা নীতি লিখা/পলিটিক্যাল সাইন্স মানে কি/শীতল যুদ্ধৰ প্ৰভাৱসমূহ আলোচনা কৰা।/শীতল যুদ্ধৰ উৎপত্তিৰ কাৰণ/শীতল যুদ্ধৰ বিভিন্ন পর্যায়/গোষ্ঠী নিৰপেক্ষ নীতি মানে কি/গোষ্ঠী নিৰপেক্ষ আন্দোলন বিষয়ে লিখা/পুঁজিবাদ বুলিলে কি বুজা/class 12 assamese chapter 1 question answer

Post a Comment

1 Comments

Unknown said…
Thank you sir...

People

Ad Code