Recent in Technology

দ্বিমেৰু বিভাজনৰ সমাপ্তি - দ্বিতীয় অধ্যায় - (Q&A) - Notes(2022)

অনলাইন পঢ়ি ভাল পালে, আমাৰ এই Site [class10assamese.online] টোৰ জৰিয়তে পঢ়িব পাৰিব। এই আৰ্টিকল টোত আমি HS 2nd year/Class-XII(12)(দ্বাদশ শ্ৰেণীৰ Political Science ৰ [Part-A]/ দ্বিতীয় অধ্যায় দ্বিমেৰু বিভাজনৰ সমাপ্তি Chapter{অধ্যায়} টোৰ সকলোখিনি প্ৰশ্ন উত্তৰ দিয়া হৈছে।

লগতে, আনবোৰ অধ্যায় (chapters) ৰ লিংকবোৰো ক্লিক কৰি পঢ়িব পাৰিব।[ধন্যবাদ]


দ্বিমেৰু বিভাজনৰ সমাপ্তি - দ্বিতীয় অধ্যায় notes hs 2nd year




#(ক) অতি চমু প্রশ্নোত্তৰ/ (প্রত্যেকটোত ১ নম্বৰকৈ):

প্রশ্ন ১ঃ কেতিয়া ছােভিয়েট ৰাছিয়াৰ উত্থান হয় ? 
উত্তৰ : 1917 চনত

প্রশ্ন ২ঃ কেতিয়া দ্বি-মেৰুকৰণৰ অৱসান ঘটে? 
উত্তৰ - 1991 চনত 

প্রশ্ন ৩ঃ মিখাইল গর্বাচেভ কোন?
উত্তৰ - ১৯৮৫ চনত মিখাইল গর্বাচেভ ছভিয়েট ৰাছিয়াৰ সাম্যবাদী দলৰ সাধাৰণ সম্পাদক নির্বাচিত হৈছিল। তেওঁ ৰাছিয়াৰ ৰাষ্ট্রপতি নির্বাচিত হৈছিল আৰু তেওঁৰ সময়তে ছােভিয়েত ৰাছিয়াৰ পতন হৈছিল।



Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ





প্রশ্ন ৪ : ছােভিয়েট ইউনিয়নৰ উত্তৰসূৰী কোন ৰাষ্ট্ৰ হৈছিল? 
উত্তৰ : ৰাছিয়া। 

প্রশ্ন ৫ : কোন বছৰত ৰাৰ সন্ধি ভংগ হৈছিল? 
উত্তৰ : ১৯৯১ চনত।

প্রশ্ন ৬ঃ কোনখন দেশ ভাঙি পৰাটোক দ্বিতীয় বিশ্ব ভাঙি পৰা বুলি জনা যায়? 
উত্তৰঃ ছােভিয়েট ৰাছিয়া।। 

প্রশ্ন ৭ঃ কোনখন দেশ ভাঙি পৰাৰ পিছত শীতল যুদ্ধৰ সমাপ্তি ঘটিছিল? 
উত্তৰঃ ছােভিয়েট ৰাছিয়া।

প্রশ্ন ৮ : USSRত কিমান ইউনিয়ন গণৰাজ্য আছিল। 
উত্তৰ : ১৫ খন। 

প্রশ্ন ৯ : বলছেভিক কমিউনিষ্ট পাৰ্টীৰ প্ৰতিষ্ঠাপক কোন আছিল? 
উত্তৰ : লেনিন।

প্রশ্ন ১০ঃ ছোভিয়েট ইউনিয়ন কেতিয়া এটা মহাশক্তি হৈ উঠিছিল? 
উত্তৰ : দ্বিতীয় বিশ্বযুদ্ধৰ পাছত।




Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ





প্রশ্ন ১১ :  USSRত ৰাজনৈতিক আৰু অর্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল?
উত্তৰঃ মিখাইল গর্বাচেভে। 

প্রশ্ন ১২। ছােভিয়েট সমাজবাদী গণৰাজ্যসমূহৰ সংঘ কোতয়া হৈছিল? 
উত্তৰঃ ১৯৯১ চনত।

প্রশ্ন ১৩ : দ্বিমেৰুত বিভক্ত আন্তর্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি কেতিয়া ঘটাইছিল?
উত্তরঃ ১৯৯০-৯১ চনত। 

প্রশ্ন ১৪ : ছােভিয়েট সমাজবাদী গণৰাজ্যত কোন দলে শাসন কৰিছিল? 
উত্তৰ: সাম্যবাদী দলে। 

প্রশ্ন ১৫। ছােভিয়েট ইউনিয়ন কি আদৰ্শৰ ওপৰত প্রতিষ্ঠিত আছিল? 
উত্তৰঃ সাম্যবাদী আদৰ্শৰ ওপৰত প্রতিষ্ঠিত আছিল। 

প্রশ্ন ১৬ঃ বাৰ চুক্তিখন কোন চনত ভংগ কৰা হৈছিল? 
উত্তরঃ ১৯৯১ চনত। 

প্রশ্ন ১৭ : কোনখন দেশৰ ধ্বংসক দ্বিতীয় বিশ্বৰ ধ্বংস বুলি জনা যায় ? 
উত্তৰঃ ছােভিয়েট ৰাছিয়া। 



Class-XII Political Science(Additional Q/A)





প্রশ্ন ১৮ বােনখন দেশৰ ধবংসই শীতল যুদ্ধৰ সমাপ্তি ঘটায়? 
উত্তৰঃ ছােভিয়েট ৰাছিয়া। 

প্রশ্ন ১৯ : শুদ্ধ কৰা ষ্টেলিনে ছােভিয়েট ৰাছিয়াত সংস্কাৰ আৰম্ভ কৰিছিল? 
উত্তৰঃ মিখাইল গর্বাচেভে ছােভিয়েট ৰাছিয়াত সংস্কাৰ আৰম্ভ কৰিছিল। 

প্রশ্ন ২০ঃ কোন দলে ছােভিয়েট ৰাছিয়াক শাসন কৰিছিল? 
উত্তৰঃ সাম্যবাদী দলে। 

প্রশ্ন ২১ঃ ছােভিয়েট ৰাছিয়াৰ পতনতাৎক্ষণিক কাৰণ কি আছিল?
উত্তৰ - ছােভিয়েট ইউনিয়নৰ ৰাষ্ট্রপতি হিচাপে গর্বাচেভে ১৯৯১ চনৰ ২৫ ডিচেম্বৰত পদত্যাগ কৰাৰ লগে লগে ছােভিয়েট ইউনিয়নৰ পৰিসমাপ্তি ঘটে।

প্রশ্ন ২২ হােভিয়েট ৰাছিয়াৰ পতনৰ পিছত এক মাত্র শক্তিধর দেশ হিচাপে কোন ৰাষ্ট্ৰৰ উত্থান ঘটে?
উত্তৰ : আমেৰিকা। 

প্রশ্ন ২৩ঃ CISৰ সম্পূর্ণ নাম লিখা।
উত্তৰ : কমনৱেলথ অর ইণ্ডিপেনডেন্ট ষ্টেট। 

প্রশ্ন ২৪ঃ ছােভিয়েট ইউনিয়ন কোন আদৰ্শৰ দ্বাৰা পৰিচালিত হৈছিল ? 
উত্তৰ : সাম্যবাদী আদর্শ।








#(খ) চমু প্রশ্নোত্তৰ /(প্রত্যেকটোত ২ নম্বৰকৈ):

প্রশ্ন ১ঃ দ্বিতীয় বিশ্ব’ বুলিলে কি বুজায় ?
উত্তৰ : পুর্ব ইউৰােপৰ সমাজবাদী ৰাষ্ট্রসমূহ আৰু যিসকল ৰাষ্ট্র Warsaw চুক্তি স্বাক্ষৰকাৰী আছিল, তেওঁলােকক সন্মিলিতভাৱে সমাজবাদী গােট বা দ্বিতীয় বিশ্ব বােলে। এই দেশবােৰৰ ৰাজনৈতিক আৰু অর্থনৈতিক গাঁথনি ছােভিয়েট ৰাষ্ট্ৰৰ দৰে। এই ৰাষ্ট্রসমূহে ফেchiবাদী শাসকসকলৰ পৰা মুক্তি লাভ কৰি শেষত সমাজবাদী গােটত যােগদান কৰে।

প্রশ্ন ২ঃ গর্বাচেভে আৰম্ভ কৰা দুটা সংস্কাৰৰ নাম উল্লেখ কৰা। 
উত্তৰ : Glasnots আৰু Perestroika, Glasnots মানে হৈছে মুক্ত বাতাবৰণ আৰু Perestroika মানে হৈছে পুনর্গঠন। 

প্রশ্ন ৩ঃ ছােভিয়েট ইউনিয়ন পতন কোনে আৰু কেতিয়া ঘােষণা কৰিছিল? 
উত্তৰ : ২৫ ডিচেম্বৰ, ১৯৯১ চনত গর্বাচেভে ঘােষণা কৰিছিল। 

প্রশ্ন ৪ : পুঁজিবাদী অর্থনীতিৰ লগত ছােভিয়েট অর্থনীতিৰ দুটা পার্থক্য লিখা। 
উত্তৰ : 
  • (i) দেশৰ অর্থনৈতিক ব্যৱস্থাক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল 
  • (ii) ছােভিয়েট ৰাষ্ট্ৰই সকলাে শ্ৰেণীৰ জনসাধাৰণৰ জীৱনৰ মানদণ্ড বজাই বখাটো নিশ্চিত কৰিছিল আৰু লগতে স্বাস্থ্য, শিক্ষা, শিশু আৰু অন্যান্য কল্যাণকামী পৰিকল্পনাত বিত্তীয় সহায় আগবঢ়াইছিল।

প্রশ্ন ৫ঃ ছােভিয়েট ৰাছিয়াৰ পতনৰ পিছত উদ্ভৱ হােৱা দুখন ৰাষ্ট্রৰনাম লিখা। 
উত্তৰ : 
  • আর্মেনিয়া
  • কাজাখিষ্টান।

প্রশ্ন ৬ : শ্বক থেৰাপি বুলিলে কি বুজা?
উত্তৰ : দ্বিতীয় বিশ্বৰ বেছি ভাগ দেশত সাম্যবাদী ব্যৱস্থা ধ্বংস হৈ যােৱাৰ পাছত এই ৰাষ্ট্রসমূহে একনায়কত্ববাদী সাম্যবাদী ব্যৱস্থাৰ পৰা গণতান্ত্রিক পুঁজিবাদী ব্যবস্থালৈ নিজস্ব অর্থনৈতিক আৰু ৰাজনৈতিক ব্যৱহাক অতি কার্যকল পর্যায়ৰ মাজেদি বিবর্তিত কৰিব লগা হয়।  বেংক আৰু আন্তর্জাতিক মুদ্রানীধিৰ প্ৰভাৱত ৰাছিয়া, মধ্য এছিয়া আৰু পূর্ব । ইউৰােপৰ দেশসমূহৰ এই পৰিৱৰ্তন প্রক্রিয়াক শ্বক থেৰাপি বুলি জনা যায়।

প্রশ্ন ৭ঃ ছােভিয়েট ইউনিয়ন ধ্বংস হৈ যােৱাৰ পিছত বিশ্বৰ ৰাজনীতিৰ ক্ষমতাৰ সম্পর্ক কেনেকৈ পৰিৱর্তিত হয় ?
উত্তৰ - ছােভিয়েট ইউনিয়ন ধ্বংস হৈ যােৱাৰ পিছত বিশ্ব ৰাজনীতিত আমেৰিকাৰ আধিপত্য স্থাপিত হয়। লগতে বিভিন্ন গােটসমূহে বিশ্বত এক নতুন ব্যৱস্থা সৃষ্টিৰে এক শক্তিশালী ভূমিকা পালন কৰিবলৈ আৰম্ভ কৰে য'ত কোনাে এখন দেশে দমনকাৰীৰ ভূমিকা পালন কৰিব নােৱাৰে।

প্রশ্ন ৮ঃ ছােভিয়েট ইউনিয়নৰ ধ্বংসেই কেনেকৈ শীতল যুদ্ধৰ অৱসান ঘটাইছিল?
উত্তৰ : ছােভিয়েত ইউনিয়ন বিভাজনৰ লগে লগে শীতল যুদ্ধৰ সমাপ্তি ঘটে। সমাজবাদী আৰু পুঁজিবাদী আদৰ্শৰ শ্ৰেষ্ঠতা প্রতিপন্ন কৰাৰ সংঘাতৰ অৱসান ঘটে। শীতল যুদ্ধৰ সমাপ্তিত নিয়ন্ত্ৰীৰণ প্ৰক্ৰিয়াৰ প্ৰভাৱত, পৃথিৱীত শান্তি প্রতিষ্ঠাৰ এক নতুন যুগ আৰম্ভ হয়।

প্রশ্ন ৯ : ছােভিয়েটৰ বিভাজনৰ পিছত সৃষ্টি হােৱা দুখন দেশৰ নাম লিখা। 
উত্তৰঃ 
  • ইউক্রেইন (Ukraine), 
  • বেলাৰুছ (Belarus)।

প্রশ্ন ১০ : ছােভিয়েট বিভাজনৰ পিছত বিশ্ব ৰাজনীতিত কিদৰে শক্তিৰ সম্পৰ্কবােৰৰ সলনি হৈছিল?
উত্তৰঃ ছােভিয়েটৰ বিভাজনৰ পিছত দ্বিমেৰু কৰাৰ পৰিৱর্তে একমেৰুকৰণ ব্যৱস্থা প্রচলিত হৈছে। আমেৰিকাৰ একচেটিয়া প্রভুত্বৰ বিস্তাৰ হৈছে।

প্রশ্ন ১১। ছােভিয়েটৰ বিভাজনে কিদৰে শীতল যুদ্ধৰ বিবাদৰ অন্ত পেলাইছিল?
উত্তৰঃ ছােভিয়েট ৰাষ্ট্ৰ বৰ্তি থাকোতে পৃথিৱীৰ ভালেমান দেশৰ কিছুমানে পুঁজিবাদী ৰাষ্ট্ৰ আমেৰিকাৰ বন্ধু বা সমর্থক হিচাপে কাম কৰিছিল। আনহাতে আন কিছুমান দেশে ছােভিয়েট ৰাছিয়াৰ পক্ষ অৱলম্বন কৰিছিল। আন্তর্জাতিক পৰিস্থিতিত এই ব্যৱস্থা দ্বিমেৰুকৰণ ব্যৱস্থা বুলি কোৱা হৈছিল। কিন্তু ছােভিয়েট ৰাছিয়াৰ পতনৰ লগে লগে দ্বিমেৰুকৰণ ব্যৱস্থাৰ অন্ত পৰিছিল।

প্রশ্ন ১২ঃ আকস্মিকভাৱে ছােভিয়েট ইউনিয়নৰ পতনৰ দুটা কাৰণ লিখা। 
উত্তৰঃ অর্থনৈতিক স্থবিৰতা : অর্থনৈতিক স্থবিৰতা ছােভিয়েট ইউনিয়ন dhonxor অন্যতম কাৰণ বুলি ক'ব পাৰি। আমেৰিকাৰ সৈতে সামৰিক প্রতিযােগিতাত অৱতীৰ্ণ হৈ আণৱিক শক্তি বৃদ্ধি কৰাত ব্যস্ত হৈ পৰাত ছােভিয়েট চৰকাৰৰ ৰাজকোষৰ অধিকাংশ ধন খৰচ কৰি আঁচনিসমূহ কার্যকৰী কৰে। ফলস্বৰূপে নিজৰ দেশৰ নাগৰিকসকলৰ অভাৱ-অভিযােগ পূৰণ কৰাত চৰকাৰ ব্যর্থ হৈ পৰিছিল। এনে পৰিস্থিতিত স্বাভাৱিকতে জনসাধাৰণ ক্ষুন্ন হৈ পৰিছিল। এনে কাৰণবশতঃ ছােভিয়েট চৰকাৰৰ দক্ষতাৰ ওপৰত জনসাধাৰণে বিশ্বাস হেৰুৱায়। গর্বাচেভৰ নেতৃত্বত ১৯৮৫ চনত মিখাইল গর্বাচেভ ছােভিয়েট ৰুছিয়াৰ নতুন নেতা নির্বাচিত হয়। আৰু তেতিয়াৰ পূৰাই ৰাষ্ট্ৰখনত ৰাজনৈতিক, অর্থনৈতিক, সামাজিক আদি বিভিন্ন দিশত বেমেজালিৰ সৃষ্টি হয়। গর্বাচেভে ছভিয়েট ইউনিয়নত মুক্ত অৱস্থা (Glasnost) আৰু পুনৰগঠন (Perestorika) নীতিৰ ঘােষণা কৰে। তেওঁ গ্ৰহণ কৰা সংস্কামুলক আঁচনিসমুহাে যুক্তিসহকাৰে জনসাধাৰণৰ ওচৰত প্রতিপন্ন কৰিবলৈ সক্ষম নােহােৱাত তেওঁ জনসমর্থন হেৰুৱায় আৰু অৱশেষত ইয়েই ৰাষ্ট্ৰখনৰ ভাঙোনৰ মূল কাৰণ হৈ পৰে।

প্রশ্ন ১৩ঃ ছােভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা। 
উত্তৰঃ 
  1. একদলীয় শাসন ব্যৱস্থা।
  2. গণতান্ত্রিক কেন্দ্রীয়কৰণ নীতিৰ উপস্থিতি। 

প্রশ্ন ১৪ : শ্বক থেৰাপীৰ যিকোনাে দুটা নেতিবাচক প্রভাব লিখা।
উত্তৰঃ 
  1. ৰুছিয়াত ৰাষ্ট্ৰীয় নিয়ন্ত্রণাধীন বৃহৎ ঔদ্যোগিক এলেকাসমূহৰ পতন ঘটাইছিল। প্রায় ৯০ শতাংশ উদ্যোগকেই ব্যক্তি বা কোম্পানীক বিক্রী। কৰিবলগীয়া হয়।
  2. ৰুছিয়াত প্রচলিত মুদ্ৰাৰ মূল্য দ্রুতগতিত হ্রাস হয়। মুদ্রাস্ফীতিৰ হাৰ দ্রুত গতিত বৃদ্ধি পােৱাত জনসাধাৰণে তেওঁলােকৰ সকলাে সঞ্চিত ধন হেৰুৱাবলগীয়া হয়।

প্রশ্ন ১৫ : গ্লাচনষ্টৰ অর্থ ব্যাখ্যা কৰা। 
উত্তৰঃ গ্লাচনষ্টৰ অৰ্থ হ'ল - মুক্ত অৱস্থা যত মানুহে নিজৰ মতামত ব্যক্ত কৰিব পাৰে।

প্রশ্ন ১৬ : বার্লিনৰ দেৱাল কেতিয়া ভঙা হৈছিল ? 
উত্তৰঃ ১৯৮৯ চনত। 

প্রশ্ন ১৭ঃ গ্লাচনষ্টৰ অর্থ ব্যাখ্যা কৰা।
উত্তৰঃ গ্লাচনষ্ট বুলিলে মুক্ত অৱস্থা বুজায়। যত মানুহে নিজৰ নিজৰ মত প্রকাশ কৰিব পাৰে। তেতিয়া চৰকাৰৰ বিৰুদ্ধে মত প্ৰকাশ কৰিব পাৰে।

প্রশ্ন ১৮ : ছােভিয়েট ভাঙোনৰ পাছত বিশ্ব ৰাজনীতিত ক্ষমতাৰ সম্বন্ধৰ কেনেদৰে পৰিৱৰ্তন ঘটিছিল।
উত্তৰ : ছােভিয়েট ইউনিয়নৰ বিলগ্ন হােৱাৰ পিছত গােটেই বিশ্বখন দ্বিমেৰুকৰণৰ পৰিৱর্তে আমেৰিকাৰ আধিপত্যত এক মেৰুকৰণৰ ফালে গতি কৰিছে। অৱশ্যে আমেৰিকাৰ লগতে আৰু কেইবাটাও ক্ষমতাৰ কেন্দ্র বিন্দু গঢ়ি উঠিছে।

প্রশ্ন ১৯ - ছােভিয়েট সংঘ হঠাতে ধ্বংস হােৱাৰ কাৰণসমূহ উল্লেখ কৰা।
উত্তৰ : অর্থনৈতিক স্থবিৰতা, ৰাজনৈতিক আৰু প্রশাসনিক দুর্বলতা, জাতীয়তাবােধ আৰু সার্বভৌমত্ব, গর্বাচেভৰ নেতৃত্ব। 

প্রশ্ন ২০ঃ আঘাত নিৰাময়ৰ ৰাজনৈতিক ফলাফল পৰীক্ষা কৰা।
উত্তৰঃ দ্বিতীয় বিশ্বৰ বেছিভাগ দেশত সাম্যবাদী ব্যৱস্থা ধ্বংস হৈ যােৱাৰ পাছত এই ৰাষ্ট্রসমূহে একনায়কত্ববাদী সাম্যবাদী ব্যৱস্থাৰ পৰা গণতান্ত্রিক পুঁজিবাদী ব্যৱস্থালৈ নিজৰ অর্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাক অতি কার্যকৰ পৰ্যায়ৰ মাজেদি পৰিৱৰ্তন কৰিব লগা হয়।

প্রশ্ন ২১ঃ সমগ্র বিশ্বত মানৱ অধিকাৰৰ সুৰক্ষাৰ লগত জড়িত দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা।
উত্তৰঃ  
  1. Amnesty International, 
  2. Human Watch. 



#(গ) দীঘল প্রশ্নোত্তৰ /(প্রত্যেকটোত ৪ নম্বৰকৈ):

প্রশ্ন ১ : দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত ছােভিয়েট ইউনিয়নৰ অৱস্থা বর্ণনা কৰা।
উত্তৰঃ দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত ছােভিয়েট অর্থব্যৱস্থা যথেষ্ট উন্নত আছিল। ছােভিয়েট অর্থব্যৱস্থা ৰাষ্ট্ৰৰ দ্বাৰা পৰিকল্পিত আৰু নিয়ন্ত্রিত আছিল।এই অর্থ ব্যৱস্থা সমাজবাদৰ আদৰ্শ আৰু জনকল্যাণৰ সৈতে জড়িত আছিল। ছােভিয়েট ৰাছিয়াই এনে ধৰণৰ গৃহ উদ্যোগ স্থাপন কৰিছিল য'ত আলপিনৰ পৰা তাৰ গাড়ীলৈকে সকলাে বস্তু উৎপাদন কৰা হৈছিল। ছােভিয়েট অর্থ ব্যৱস্থাত মানুহৰ মৌলিক চাহিদাখিনি পূৰণ কৰাৰ লক্ষ্যত স্বাস্থ্য, শিক্ষা বা শিশুৰ যত্ন আদিৰ ক্ষেত্ৰত বিত্তীয় সহায় আগবঢ়োৱা হৈছিল।

কেন্দ্রীয় পৰিকল্পনা আৰু ৰাষ্ট্র নিয়ন্ত্রণ ব্যৱস্থাক কার্যকৰী কৰাৰ ক্ষেত্ৰত বােলশেভিক দলৰ উল্লেখযােগ্য ভূমিকা আছিল। আন কোনাে ৰাজনৈতিক দল বা গােটক স্বীকৃতি প্রদান কৰা হােৱা নাছিল। বােলশেভিক নিয়ন্ত্রণক ছােভিয়েন ব্যৱস্থা’ বুলি জনা যায়। এই ব্যৱস্থা পূর্ব ইউৰােপৰ বিভিন্ন দেশত কার্যকৰী কৰা হৈছিল।

প্রশ্ন ২: ছােভিয়েটব্যৱস্থাক লৈ ছােভিয়েট ইউনিয়নৰ মানুহ কিয় সন্তুষ্ট নাছিল? চাৰিটা কাৰণ দর্শাৱা। 
উত্তৰঃ 
  1. ছােভিয়েট ব্যৱস্থা জনসাধাৰণৰ ওচৰত দায়বদ্ধ নাছিল। ইয়াৰ ফলত এই ব্যৱস্থাই জনপ্রিয়তা হেৰুৱাইছিল।
  2. ছােভিয়েট ব্যৱস্থাত দেখা দিয়া অৰাজকতা, সাংগঠনিক দুর্বলতা আৰু দুর্নীতি আৰু জনসাধাৰণৰ স্বাধীনতা নথকাৰ বাবে প্রশাসন প্রতি জনসাধাৰণৰ মােহ ভংগ হৈছিল।
  3. সাধাৰণ জনতাতকৈ দলীয় নেতাসকলে অধিক সা-সুবিধা ভােগ কৰিছিল।
  4. ৰাজনৈতিক বা প্রশাসনিক দিশৰ লগত জনগণৰ কোনাে সম্পর্ক নােহেৱাৰ বাবে জনগণৰ সন্মতি হেৰুৱাইছিল।

প্রশ্ন ৩ঃ ছােভিয়েট বিভাজনৰ ফলাফল অতি চমুকৈ লিখা। 
উত্তৰ : বিশ্বৰাজনীতিত ছােভিয়েট ৰাছিয়াৰ পতনৰ যথেষ্ট প্রভাৱ পৰিলক্ষিত হয়। 

(ক) বিৰােধৰ পৰিসমাপ্তিঃ 
  1. ছােভিয়েট ৰাছিয়াৰ ধ্বংসই এই বিবাদৰ অন্ত পেলাইছিল যে সমাজবাদী নে পুঁজিবাদী কোন ব্যৱস্থা ভাল আৰু গ্রহণযােগ্য,
  2. এই ঘটনাই বিশ্বত সস্ত্রীকৰণৰ গতিক নিয়ন্ত্রণ কৰিব বুলি আশা কৰা হৈছিল আৰু লগতে বিশ্ব শান্তি স্থাপনৰ আশা দেখা গৈছিল। অস্ত্র প্রতিযােগিতা আৰুসামৰিক গােট গঠন কৰাৰ প্ৰয়ােজন লাঘৱ হৈছিল।

(খ) ক্ষমতাৰ সম্বন্ধৰ পৰিৱর্তনঃ 
  1. ছভিয়েট ৰাছিয়াৰ পতনে আমেৰিকাক বিশ্বৰ একমাত্র মহাশক্তিধৰ দেশ হিচাপে পৰিগণিত কৰে। আমেৰিকাক প্রত্যাহান জনাব পৰা বর্তমান বিশ্বত কোনাে ৰাষ্ট্র নাই।
  2. বিভিন্ন দেশ বা বিভিন্ন দেশৰ গেট বন্ধনেও আন্তর্জাতিক ৰাজনীতিত এক মুখ্য ভুমিকা পালন কৰিব পাৰে আৰু তেনে ক্ষেত্ৰত বহুমেৰণ ব্যৱস্থাৰ উদ্ভৱ হ'ব পাৰে। 

(গ) নতুন দেশসমূহৰ উত্থানঃ 

ছেভিয়েট ৰাছিয়াৰ পৰা আঁতৰি যােৱা দেশসমূহৰ নিজৰ স্বাধীন অস্তিত্ব আৰু ব্যক্তিগত পছন্দ-অপছন্দ আছে, বাল্টিক গণৰাজ্যসমূহে অর্থাৎ ইষ্টোনিয়া, লাটভিয়া, লিথুয়ানিয়া আৰু পূর্ব ইউৰােপৰ গণৰাজ্যসমূহে ইউৰােপিয়ান ইউনিয়নত যােগদান কৰাৰ লগতে NATO সদস্যভুক্ত হ'ব বিচাৰিছে। সেয়ে তেওঁলােকে এহাতে ৰাছিয়াৰ লগত আৰু আনহাতে, পশিচমী দেশৰ লগত, আমেৰিকা আৰু চীনৰ লগত ঘনিষ্ঠ সম্পর্ক ৰাখিব বিচাৰিছে। 

প্রশ্ন ৪ঃ ছােভিয়েট ইউনিয়ন বিভাজনৰ পৰা অহা নতুনৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ছােভিয়েট ইউনিয়ন পতন হােৱা বাবে বহুতাে নতুন ৰাষ্ট্রৰ জন্ম হয়। এই ৰাষ্ট্ৰসমূহৰ নিজা স্বাধীন আশা আৰু আকাংক্ষা আছে। ইয়াৰে কিছুমান দেশে বিশেষকৈ Baltic আৰু পূর্ব ইউৰােপৰ দেশসমূহে Europian Union ৰ লগত থাকিবলৈ ইচ্ছা প্রকাশ কৰে আৰু NATO ৰ সদস্যভুক্ত হয়। কেন্দ্রীয় এছিয়াৰ দেশসমুহে নিজ ভৌগােলিক অবস্থানৰ সুবিধা গ্রহণ কৰি ৰাছিয়াৰ লগত ওচৰ সম্বন্ধ ৰক্ষাৰ উপৰিও পশ্চিমীয়া দেশ, চীন আৰু আমেৰিকাৰ লগত সুসম্পর্ক ৰক্ষা কৰাৰ পক্ষপাতী। এনেদৰে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত নিজৰ স্বকীয়তা বজাই ৰাখি বহুতাে নতুন খেলুৱৈৰ জন্ম হৈছে যাৰ নিজস্বৰাজনৈতিক ব্যৱস্থা আছে। 

প্রশ্ন ৫ : ভাৰত আৰু ৰাছিয়াৰ মাজত সুসম্পর্ক বজাইআছেবুলি তুমি ভাবানে? চাৰিটাকাৰণ দর্শোৱা।
উত্তৰ : ভাৰতে সকলাে উত্তৰসূৰী সাম্যবাদী দেশসমূহৰ লগত এক ভাল সম্বন্ধ বর্তাই চলিছিল। কিন্তু সকলােতকৈ গাঢ় সম্বন্ধ আছিল ভাৰত আৰুৰাছিয়াৰ মাজত। ছােভিয়েটৰাছিয়াৰ বিভাজনৰ পিছত এই সম্বন্ধত অলপনাকাৰাত্মক প্রভাৱ পৰিছিল। কিন্তু ২০০০ চনত Vladimir Putin ক্ষমতাত অহাৰ পিছত সেই সম্পর্ক পুনৰ উন্নত হয়।
  1. মহাকাশ আৰু প্ৰতিৰক্ষাৰ পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ৰাছিয়াই সহযােগিতা আগবঢ়ায়।
  2. দুয়ােখন দেশে বাণিজ্য, বিমান প্রস্তুতকৰণ আৰু নিচাযুক্ত দ্রব্যৰ বেআইনী ব্যৱসায়ক নিয়ন্ত্রণ কৰাৰ বাবে চুক্তি সম্পাদন কৰে।
  3. ২০০৪ চনতৰাহিয়াৰদ্ৰ ভাৰতমণকালত দুয়ােখন দেশে প্রতিক্ষা, কাৰিকৰী কৌশল, সন্ত্রাসবাদ আৰুঅথনেতিক ক্ষেত্ৰত সহযােগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰে।
  4. ৬০তকৈ অধিক চুক্তি ভাৰত আৰু ৰাছিয়াৰ মালে Agreement ৰ আধাৰত স্বাক্ষৰিত হয়।

প্রশ্ন ৬ : শ্বক থেৰাপীৰ ৰাজনৈতিক পৰিণতি nirnoy kora/
উত্তৰঃ 
  • 1/মুক্ত বাণিজ্য : ৰাছিয়া গণৰাজ্যৰ হঠাতে ৰাজনৈতিক আৰু অর্থনৈতিক পৰিৱৰ্তন সংঘটিত হােৱাৰ বাবে তৎক্ষণাৎ তেওঁলােকে ৰক্ষণশীল বাণিজ্য ব্যৱস্থাৰ পৰা মুক্ত বাণিজ্যলৈ গতি কৰে। প্ৰথম অৱস্থাত তেওঁলােকে ব্যৱসায়বাণিজ্যক পশ্চিমীয়া দেশৰ পুঁজিবাদী হস্তক্ষেপৰ পৰা দূৰত ৰাখিছিল। 
  • 2/ প্রত্যক্ষ বিদেশী ধন বিনিয়ােগ : প্রত্যক্ষ বিদেশী ধন বিনিয়ােগ শ্বক থেৰাপীৰ আন এটা উল্লেখযােগ্য প্রভাৱ। যিহেতু ৰাছিয়া আৰু সহযােগী দেশসমূহে মুক্ত বাণিজ্যত সমর্থন জনাইছিল। সেয়ে বিদেশী বিনিয়ােগকাৰীসকলেও ৰাছিয়ান। গণৰাজ্যসমূহক ধন বিনিয়ােগ কৰিবলৈ আগুৱাই আহিছিল। এই বিনিয়ােগ গণৰাজ্যসমূহৰ অর্থনৈতিক উন্নয়ন সাধন কৰাৰ লগতে নিবনুৱা সমস্যাৰাে কিছু গৰিমাণে সমাধান কৰে।
  • 3/ ব্যবসায়িক চুক্তিৰ পৰিসমাপ্তি : এই পৰিৱর্তনে তদানীন্তন ছােভিয়েট ৰাছিয়াৰ গণৰাজ্যসমূহৰ মাজত থকা আর্থিক চুক্তিসমূহৰ সমাপ্তি ঘটায়। বর্তমানে এই গােটসমূহৰ স্বাধীন গণৰাজ্যবােৰে নিজাববীয়াকৈ পশ্চিমীয়া দেশসমুহৰ লগত চুক্তিত আবদ্ধ হােৱাৰ সুবিধা লাভ কৰে।



#(ঘ) অতি দীঘল প্রশ্নোত্তৰ/(প্রত্যেকটোত ৬ নম্বৰকৈ):

প্রশ্ন ১ঃ ছােভিয়েট ইউনিয়নৰ কিয় বিভাজন হয়?
উত্তৰঃ বিশেষজ্ঞসকলে তলত উল্লেখ কৰা বিষয়সমূহক ছােভিয়েট ৰাছিয়াৰ পতনৰ কাৰণে দায়ী কৰিছে ।

  • 1/ ত্রুটিপূর্ণ নেতৃত্ব :  ছভিয়েট ৰাছিয়াৰ পতনৰ উল্লেখযােগ্য কাৰণ হৈছে ত্রুটিপূর্ণ নেতৃত্ব ব্যৱস্থা। দলৰ নেতাজনক চৰকাৰৰ নেতা আৰু দেশৰ নেতা বুলি মান্যতা দিয়া হৈছিল। এই নেতাসকলে বিলাসবহুল জীৱন যাপন আৰু ভ্ৰষ্টাচাৰমূলক কার্যত লিপ্ত আছিল। দুর্বল নেতা আৰু দেশৰ কল্যাণৰ বিষয়ে চিন্তা নকৰা এই নেতৃত্ব ছভিয়েট ৰাছিয়াৰ পতনৰ এক উল্লেখযােগ্য কাৰণ।
  • 2/ গর্বাচেভৰ সংস্কামূলক নীতি : মিখাইল গর্বাচেভৰ সংস্কাৰ ব্যৱস্থাইও ছােভিয়েট ৰাছিয়াৰ পতন মাতি আনিছিল। তেখেতে দেশৰ জনগণক স্বাধীনতা, সমতা, জাতীয়তাবােধ, অর্থনৈতিক স্ব-নিৰ্ভৰশীলতা আদিৰ বিষয়ে অৱগত বা প্রস্তুত নকৰাকৈ ৰাছিয়াত তেওঁৰ বিখ্যাত Glasnot (মুক্ত বতাহ) আৰু Perestroike (পুনর্গঠন) ধাৰণা কার্যকৰী কৰিব বিচাৰিছিল।
  • 3/ অর্থনৈতিক স্থিতাৱস্থা : ছােভিয়েট ৰাষ্ট্ৰই পূর্ব ইউৰােপত থকা দেশসমূহক, মধ্য গগণৰাজ্যসমূহক সদায় নিয়ন্ত্ৰণত ৰখাৰ বাবে বছৰে বহু ধন কেৱল মাত্র সাম ব্যৱস্থাক যথেষ্ট শক্তিশালী আৰু আধুনিক কৰি ৰখাৰ বাবে ব্যয় কৰিছিল। ইয়াৰ ফলত হােভিয়েট অর্থ-ব্যৱস্থাৰ ওপৰত যথেষ্ট বােজা পৰিছিল। ছােভিয়েট নাগৰিকসকলে পশ্চিমীয়া দেশৰ নাগৰিকসকলৰ দৰে অর্থনৈতিক দিশত আগবাঢ়িব পৰা নাছিল আৰু ইয়াৰ বাবে তেওঁলােকৰ মনত অসন্তোষৰ সৃষ্টি হৈছিল। 
  • 4/ ৰাজনৈতিক আৰু প্ৰশাসনীয় স্থিতাৱস্থা : ছােভিয়েট ৰাষ্ট্ৰইৰাজনৈতিক আৰু প্রশাসনীয় দিশত স্থিতাৱস্থা ৰক্ষা কৰাত ব্যক্ত আছিল। শাসক সাম্যবাদী দল জনগণৰ ৩৮ত দায়বদ্ধ নাছিল। দেশত প্রশাসকসকলৰ মাজত ভ্রষ্টাচাৰ যথেষ্ট পৰিমাণে বিয়পি পৰিছিল। কিন্তু প্রশাসকসকলে ক্ষমতা বিকেন্দ্রীকৰণ কৰাৰ বাবে বা নিজকে জনগণৰ ওচৰত দায়বদ্ধ কৰাৰ বাবে কোনাে ধৰণৰ বিহিত ব্যৱস্থা হাতত লােৱা নাছিল। 
  • 5/ জাতীয়তাবাদৰ উত্থান : ছােভিয়েট দেশৰ পতনৰ এক উল্লেখযােগ্য কাৰণ হৈছে বিভিন্ন গণৰাজ্যৰ জণগণৰ মাজত জাতীয়তাবােধৰ উত্থান আৰু সার্বভৌত্ব ৰাষ্ট্র হােৱাৰ আকাংক্ষা। বিশেষকৈৰাছিয়া, বাল্টিক গণৰাজ্যসমূহ, ইষ্টোনিয়া, লাটভিয়া, লিথুৱানিয়া, ইউক্রেইন, জর্জিয়া আদি গণৰাজ্যসমূত জাতীয়তাবাদী মনােভাৱ আৰু স্বাধীনতাৰ স্পৃহাই ছােভিয়েট ৰাছিয়াৰ পতন সুগম কৰিছিল।

প্রশ্ন ২ঃশ্বক থেৰাপি কি? সাম্যবাদোত্তৰ দেশসমূহত এই ব্যৱস্থাৰ কি প্রভাব পৰিছিল? সাম্যবাদী ব্যৱস্থাৰ পৰা পুঁজিবাদী ব্যৱস্থালৈ স্থানান্তকৰণৰ ক্ষেত্ৰত ই আটাইতকৈ ভাল ব্যৱস্থা আছিলনে?
উত্তৰ : দ্বিতীয় বিশ্বৰ বেছি ভাগ দেশত সাম্যবাদী ব্যৱস্থা ধ্বংস হৈ যােৱাৰ পাছত এই ৰাষ্ট্রসমূহে একনায়কত্ববাদী সাম্যবাদী ব্যৱস্থাৰ পৰা গণতান্ত্রিক পুঁজিবাদী ব্যৱস্থালৈ নিজৰ অর্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাক কার্যকৰী কৰিব লগা হয়। বিশ্ববেংক আৰু আন্তর্জাতিক মুদ্রানিধিৰ প্ৰভাৱত ৰাছিয়া, মধ্যএছিয়া আৰু পর্ব ইউৰােপৰ দেশসমূহৰ এই পৰিৱৰ্তন প্রক্রিয়াক শ্বক থেৰাপি বুলি জনা যায়।

প্রতিক্রিয়া সমূহ/-

  • 1/ মুক্ত বাণিজ্য : ৰাছিয়াৰ লগতে আন আন সুধীন ৰাষ্ট্ৰসমূহত হঠাত ৰাজনৈতিক আৰুঅর্থনৈতিক পৰিৱৰ্তন সংঘটিত হোৱাৰ বাবে তেলের ৰক্ষণশীল বাণিজ্য ব্যৱস্থাৰ পৰা মুক্ত বাণিজ্যলৈ গতি কৰে।
  • 2/ প্রত্যক্ষ বিদেশী ধন বিনিয়ােগ : প্রত্যক্ষ বিদেশী ধন বিয়ে আন এটা উল্লেখযােগ্য প্রভার। যিহেতু ৰাছিয়া অঞ্চসহযো? দেস বা শাক স, জাইছিল, সেয়ে বিদেশী বিনিয়ােগকাৰীসকলেও ৰাছিয়া চোঙা কৰিবলৈ আগুৱাই আহিছিল। এই বিনিয়ােগে গণৰাজ্যসমূহৰ তানৈতিক উন্নয়ন সাধন কৰাৰ লগতে নিবনুৱা সমস্যাৰ কিছু পৰিমাণে সমাধান কৰিছিল। 
  • 3/ ব্যৱসায়িক চুক্তিৰ পৰিসমাপ্তি : এইপৰিৱর্তনে তদানীন্তন ছােভিয়েটৰাছিয়াৰ গণৰাজ্যসমুহৰ মাজত থকা আর্থিক চুক্তিসমূহৰ সমাপ্তি ঘটায়।বর্তমানে এই গােটসমূহৰ স্বাধীন গণৰাজ্যাবােৰে নিজাববীয়াকৈ পশ্চিমীয়া দেশসমূহৰ লগত চুক্তিত আবদ্ধ হােৱাৰ সুবিধা লাভ কৰে। 
  • 4/ অর্থনৈতিক উন্নয়ন : পৰিৱর্তনৰ বাবে যি শ্ব থেৰাপিৰ অভিজ্ঞতা এই গণৰাজ্যসমুহৰ হৈছিল এই থেৰাপিয়ে অর্থনৈতিক উন্নয়ন সাধন কৰিছিল। শ্ব থেৰাপি এনে পৰিৱর্তনৰ বাবে আটাইতকৈ ভাল কৌশল নাছিল। কিয়নাে ইয়াৰ যথেষ্ট নাকাৰাত্মক প্রভাৱ দেখিবলৈ পােৱা যায় -

  1. সাধাৰণ মানুহৰ ওপৰত ইয়াৰ কু-প্রভাৱ পৰিছিল। 
  2. শ্বক থেৰাপিয়ে ছােভিয়েট অর্থব্যৱস্থাক সমূলে ধ্বংস কৰিছিল।
  3. এই প্রক্রিয়াই চৰকাৰী খণ্ডৰ উদ্যোগসমূহক বিক্রী কৰাৰ ব্যৱস্থা কৰি নিবনুৱা সমস্যাৰ সৃষ্টি কৰিছিল।
  4. ভােগ্য বস্তুৰ বজাৰত অভাৱ দেখা দিয়াৰ ফলত মুদ্রাস্ফীতিৰ সৃষ্টি হয়।
  5. এই থেৰাপিয়ে ভােগ্য বস্তুৰ নাটনি সৃষ্টি কৰাৰ লগতে খাদ্য দ্রব্যৰ নাটনিও সৃষ্টি কৰিছিল।
  6. নতুন ৰাছিয়া আৰু আন আন গণৰাজ্যসমূহত টকাৰ মূল্য হ্রাস পায় আৰু জনগণৰ সঞ্চয়ৰ পৰিমাণ বা মূল্য হ্রাস হয়।

প্রশ্ন ৩ঃ কি কি পৰিস্থিতিত গর্বাচেভেক ছােভিয়েট ৰাছিয়াত সংস্কাৰ সাধক কৰিবলৈ বাধ্য কৰাইছিল?
উত্তৰ : গর্বাচেভক সংস্কাৰ সাধন কৰিবলৈ বাধ্য কৰােৱা পৰিস্থিতিসমূহ এনেধৰণৰ আছিল -
  1. পাশ্চাত্যৰ দেশসমূহত তথ্য প্রযুক্তিৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন সংগঠিত হৈছিল কিন্তু ছােভিয়েট ৰাছিয়া এই ক্ষেত্ৰত যথেষ্ট পিছপৰি আছিল। প্রশাসনীয় আৰু ৰাজনৈতিক দিশত ৰাষ্ট্ৰখনে পৰিৱৰ্তনৰ পৰিৱর্তে স্থিতাৱস্থা বজাই ৰাখিছিল।
  2. ছােভিয়েট ৰাছিয়াই নিজৰ বছৰেকীয়া বাজেটৰ বেছি অংশ পৰমাণু শক্তি বৃদ্ধি আৰু সামৰিক অস্ত্র-শস্ত্ৰৰ বাবে ব্যৱহাৰ কৰিছিল। এনে কাৰ্যই ছােভিয়েট অর্থ ব্যৱস্থাৰ ওপৰত যথেষ্ট বােজাৰ সৃষ্টি কৰিছিল।
  3. ১৯৭৯ চনত ছােভিয়েট ৰাছিয়াৰ দ্বাৰা আফগানিস্থান আক্রমণ কৰাৰ ফলত ছােভিয়েট ব্যৱস্থা আৰু অধিক দুর্বল হৈ পৰিছিল। উৎপাদনৰ পৰিমাণ আৰু কাৰিকৰী দিশত ছেভিয়েট ৰাছিয়া যথেষ্ট পিছপৰি গৈছিল। ইয়াৰ ফলস্বৰূপে ভােগ্যজাত সামগ্রী যথেষ্ট নাটনি হৈছিল। প্রতি বছৰে খাদ্যবস্তুৰ আমদানিৰ পৰিমাণ বৃদ্ধি পাইছিল। ছােভিয়েট অর্থনীতিৰ কোনাে ধৰণৰ অগ্রগতি হােৱা নাছিল।

প্রশ্ন ৪ ধৰি লােৱা যাক ছােভিয়েট ৰাছিয়াৰ বিভাজন হােৱা নাই।১৯৮০ দশকৰ মাজ ভাগৰ দৰে পৃথিৱীখনত দ্বিমেৰুকৰণ ব্যৱস্থা চলি আছে। শেষৰ দুটা দশকতই উন্নতিৰ ক্ষেত্ৰত কেনেদৰে প্ৰভাৱ পেলালেহেঁতেন? তিনিটা অঞ্চল বা ক্ষেত্ৰৰ উল্লেখ কৰা যত উন্নতি এনে ধৰণৰ পৃথিৱীত সংঘটিত হােৱা নাই।
উত্তৰ - ১৯৯১ চনত ছােভিয়েট ৰাষ্ট্রৰ পতনৰ লগে লগে শীতল যুদ্ধৰ অন্ত পৰে আৰু দ্বিমেৰুকৰণ পৃথিৱীৰৰ অন্ত পৰে। ইয়াৰ লগে লগে আমেৰিকাৰ আধিপত্যৰ যুগ আৰম্ভ হয় আৰু একমেৰকৰণ ব্যৱস্থা আৰম্ভ হয়। যদি ছােভিয়েট ৰাছিয়াৰ বিভাজন নহ'লহেঁতেন তেনেহ'লে ইয়াৰ প্ৰভাৱ পৃথিৱীত এনেদৰে পৰিলেহেঁতেন
  • 1/ প্রথমে আমেৰিকা ইমান বেছি শক্তিশালী ৰাষ্ট্ৰত পৰিণত নহ'লহেঁতেন আৰু বিশ্বত ইয়াৰ আধিপত্য স্থাপন নহ'লহেঁতেন। ছােভিয়েট ৰাছিয়াৰ বিভাজনৰ লগে লগে আমেৰিকাই বিশ্ব ৰাজনীতিত অধিক পৰিমাণে হজুক্ষেপ কৰিবলৈ আৰম্ভ কৰে আৰু প্রধান প্রধান সিদ্ধান্তৰ ক্ষেত্ৰত নিজৰ মতামত জাপি দিবলৈ আৰম্ভ কৰে।
  • 2/ ছোভিয়েট ৰাছিয়াৰ পতনৰ লগে লগে ৰাষ্ট্ৰসংঘত আমেৰিকাৰ মর্যাদা আৰু অধিক বৃদ্ধি পায়। ৰাষ্ট্ৰসংঘৰ প্ৰায় সকলােবােৰ সিদ্ধান্ত আমেৰিকাৰ ইচ্ছানুসাৰে গ্ৰহণ কৰা হয়। যদি ছােভিয়েটৰাছিয়াৰ পনহ'লেহেঁনে তেনে ক্ষেত্রত আমেৰিকাৰ প্রতিপত্তি ৰাষ্ট্ৰসংঘত ইমান বেছি বৃদ্ধি নাপালেহেঁতেন।
  • 3/ ১৯৯১ চনত ছেভিয়েট ৰাষ্ট্র যদি বিভাজননহ'লহেঁতেন ইৰাক, আফগানিস্থান, আৰু ইৰাণত আমেৰিকাৰ হস্তক্ষেপ ইমান অধিকন’লহেঁতেন, আমেৰিকাই ইৰাক আৰু আফগানিস্থানত এনেদৰে প্ৰৱেশ নকৰিলেহেঁতেন আৰু ইৰাণক এনে ভাবুকি নিদিলেহেঁতেন। আমেৰিকাই নিজৰ পুতলা চৰকাৰ এই দুই দেশত প্রতিষ্ঠা কৰিব নােৱাৰিলেহেঁতেন।

ছোভিয়েট ইউনিয়ন ভাঙোনৰ কাৰণ/ছোভিয়েট ইউনিয়ন কিয় ভংগ হৈছিল?/শীতল যুদ্ধৰ ফলাফল সমূহ লিখা/আঘাত নিৰাময় মানে কি?/ছোভিয়েট ইউনিয়নত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল/ৰাজনীতি বিজ্ঞান দ্বাদশ শ্ৰেণীৰ/আঘাত নিৰাময় বুলিলে কি বুজা/দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান pdf/political science class 12 chapter 2 question answers in assamese/পলাশী যুদ্ধৰ কাৰণ আৰু ফলাফল/দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণ আৰু ফলাফল/ছোভিয়েট ৰাছিয়া/ছোভিয়েট ইউনিয়ন কেতিয়া ভংগ হৈছিল/দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ প্ৰশ্ন উত্তৰ/দ্বিতীয় বিশ্ব বুলিলে কি বুজা?/দশম শ্ৰেণীৰ সমাজ বিজ্ঞান অর্থনীতি মুদ্ৰা আৰু বেংক ব্যৱস্থা/কু সংস্কাৰ বুলিলে কি বুজা?/এক মেৰু ব্যৱস্থা মানে কি?/দ্বিতীয় বিশ্বযুদ্ধৰ ফলাফল/সাম্যবাদী ৰাষ্ট্ৰ মানে কি/উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ৰাজনীতি বিজ্ঞান/ছোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ দুটা কাৰণ লিখা।/দি ৰাষ্ট্ৰ বাদৰ অৱসান/শীতল যুদ্ধৰ পৰিণতি/ছোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ পৰিণতিসমূহ আলোচনা কৰা।/hs 2nd year political science question and answer in assamese/ৰাষ্ট্ৰ বুলিলে কি বুজা?/মুদ্ৰাৰ দুটা বৈশিষ্ট্য লিখা/জাতীয়তাবাদৰ বৈশিষ্ট্য/class 12 assamese question answer/সঞ্চয়ৰ অৰ্থ কি?

Post a Comment

0 Comments

People

Ad Code