Recent in Technology

অন্ধবিশ্বাস আৰু কুসংস্কাৰ/ Lesson-8 Textbook/ Class 9 Assamese

Attention Please!

Assam seba board class 9 assamese নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা lesson-8 অন্ধবিশ্বাস আৰু কুসংস্কাৰ textbook for online readers

অন্ধবিশ্বাস আৰু কুসংস্কাৰ/ Lesson-8 Textbook/ Class 9 Assamese


অন্ধবিশ্বাস আৰু কুসংস্কাৰ/Lesson8




জয়ন্ত মাধৱ বৰা


ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল—“অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বােজা।” একবিংশ শতিকাৰ বাবেই এক অভিশাপ। 

সাম্প্রতিক অসমৰ কাৰণে জ্বলন্ত সামাজিক সমস্যা। দূষিত বায়ু, অবাঞ্চিত বিশৃংখল শব্দ, মাটি, পানী এইবােৰৰ প্ৰদূষণে আমাৰ চৌপাশৰ পৰিৱেশ যেনেদৰে প্ৰদূষিত কৰি মানুহৰ সুস্থ জীৱন ধাৰণ প্ৰণালীত প্রতিকূলতাৰ সৃষ্টি কৰে, ঠিক সেইদৰে অন্ধবিশ্বাস আৰু কু-সংস্কাৰেও প্রেম, মমতা, মানৱতা আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনক কলুষিত কৰে। 

জনজীৱনৰ সুস্থ জীৱন-ধাৰণৰ ব্যৱস্থাটোক বিপর্যস্ত কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তােলে। অথচ এই অন্ধবিশ্বাস, কুসংস্কাৰ, উৰাবাতৰিৰ অপপ্ৰচাৰ মানুহেই সৃষ্টি কৰে। মানুহেই মানুহৰ শত্ৰু হৈ পৰে। সেই অর্থত অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বােজা। 

অন্ধবিশ্বাস, কুসংস্কাৰ আৰু উৰাবাতৰি বুলি কোনবােক কোৱা হয় :

যিবোেৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্রতিষ্ঠিত নহয়, বিজ্ঞানে যিবােৰ বিশ্বাসক, ধাৰণাক, ঘটনাক অসত্য আৰু অমূলক বুলি প্রতিপন্ন কৰিছে সেইবােৰেই অন্ধবিশ্বাস। 

যিবােৰ নীতি-নিয়ম, ব্যৱস্থা, পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী, সমাজৰ অগ্ৰগতিত গতিৰােধক হৈ থিয় দিয়ে সেইবােৰেই কুসংস্কাৰ।

সংস্কাৰ এক জীৱন-পদ্ধতি। কিন্তু সেই সংস্কাৰে যদি মানুহৰ সভ্যতাক নতুন নতুন চিন্তাৰে উজ্জীৱিত কৰি সময়ৰ লগত দৌৰাৰ পৰিবৰ্তে স্থিতাৱস্থাক বাহাল ৰাখে, তেন্তে সেই সংস্কাৰ আদৰণীয় নহয়। 

কুসংস্কাৰে মানুহৰ চিন্তাৰ দিগন্তক প্ৰসাৰিত নকৰে। আকৌ যিবােৰ বাতৰি সত্যৰ ওপৰত প্রতিষ্ঠিত নহয়, অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবেই উদ্দেশ্যপ্রণােদিতভাৱে প্রচাৰ কৰা হয় আৰু চিন্তাশূন্য, বিবেকশূন্য কিছু লােকে সেই বাতৰিক সত্য বুলি বিশাসাে কৰে, সেয়াই উৰাবাতৰি।

অতীজৰে পৰা আমাৰ সমাজখন অন্ধবিশ্বাসে আৱৰি থকাৰ উদাহৰণ বহুত পােৱা যায়। ১৮২৬ খ্রীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসম যেতিয়া বৃটিছৰ অধীনলৈ আহিল, সেই সময়তে উজনি অসমৰ শদিয়ালৈ খ্রীষ্টান ধর্ম প্রচাৰৰ বাবে আহিছিল মিছনেৰীসকল। 

শদিয়াত মিছনেৰীসকল বহু প্রতিকূল পৰিস্থিতিৰ সন্মুখীন হৈছিল। শদিয়াৰ সেমেকা জলবায়ুত তেওঁলােকৰ অসুখ আৰম্ভ হৈছিল। কলেৰাত আক্ৰান্ত হৈছিল। কেৱল মিছনেৰীসকলেই নহয়, সেই সময়ত কলেৰাত স্থানীয় লােকসকলাে আক্রান্ত হৈছিল। মিছনেৰীসকলে স্থানীয় লােকসকলক কলেৰাৰ পৰা উপশম পাবৰ বাবে কলেৰা নিমূলৰ বড়ি খাবলৈ দিছিল। 

কিন্তু স্থানীয় লােকসকলে সেই বড়ি খাবলৈ অস্বীকাৰ কৰিছিল। তেওঁলােকে ভাবিছিল কোনােবা অপদেৱতাৰ কু-প্ৰভাৱৰ বাবেহে কলেৰাৰ দৰে বেমাৰবােৰ হৈছে। সেইহেতু বেমাৰ ভাল হ'বৰ বাবে বড়ি খােৱাৰ পৰিবৰ্তে পূজা-পাতল কৰিবলৈ আৰম্ভ কৰিছিল। তন্ত্র-মন্ত্র, বেজৰ সহায় লৈছিল। দৰৱ খােৱাৰ পৰিবৰ্তে বেজৰ মন্ত্রপূত পানীহে খাইছিল। 

সেই পানী খাই মানুহ বেছিকৈহে মৃত্যুমুখত পৰিছিল। অসুখ ভাল হ'বৰ বাবে বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা ঔষধ খাব লাগে। তাৰ পৰিৱর্তে সেয়া কোনাে অপদেৱতাৰ কাম, অপদেৱতাক পূজা-পাতল দি সন্তুষ্ট কৰিলেই অসুখ ভাল হৈ যাব, এনেধৰণৰ বিশ্বাসবােৰেই হ'ল অন্ধবিশ্বাসৰ উদাহৰণ। 

আকৌ স্থানীয় কিছু লােকে উপায়হীন হৈ মিছনেৰীসকলৰ পৰা কলেৰা উপশম হােৱাৰ বড়ি খাইছিল। কিন্তু সমাজৰ বাকী লােকসকলে মিছনেৰীসকলৰ পৰা লৈ বড়ি খােৱা লােকসকলক জাত গ’ল বুলি অপবাদ দি সমাজৰ পৰা এঘৰীয়া কৰিছিল।




বেলেগ ধৰ্মৰ মানুহৰ হাতৰ পৰা কিবা খালেই জাত-কুল যায়, এইবােৰ কুসংস্কাৰৰ উদাহৰণ। ধর্ম, জাতকুল লৈ আমাৰ সমাজত বহুতাে কুসংস্কাৰ আছে। এই কুসংস্কাৰবােৰে বহু সময়ত জটিল সামাজিক সমস্যাৰ সৃষ্টি কৰে।

ভূতক লৈও আমাৰ সমাজত বহুত অন্ধবিশ্বাস আছে। গ্রামাঞ্চলত আজিও ৰাতি ভূত ওলায় বুলি বহুতে বিশ্বাস কৰে। দিনত বৰগছৰ তলত বুঢ়াডাঙৰীয়া ওলায় বুলি গুজব ৰটে।  ফুটুকানিৰ মাজত যখিনীয়ে কিৰিলি পাৰি হাঁহে বুলি কাহিনী শুনায়। সৰু ল'ৰা-ছােৱালীক ভূতৰ ভয় দেখুৱাই খাবলৈ, শুবলৈ বাধ্য কৰায়। 

যখিনী আৰু বুঢ়াডাঙৰীয়াৰ ভয় দেখুৱাই সৰু ল'ৰা-ছােৱালীক নদীৰ পাৰলৈ, পুখুৰীৰ পাৰলৈ যােৱাত বাধা দিয়ে। কিন্তু ডাঙৰসকলে এবাৰাে ভাবি নেচায় যে সৰুতে মনত সুমুৱাই দিয়া এই ভ্রান্ত বিশ্বাসেই সৰু ল'ৰা-ছােৱালীবােৰ ডাঙৰ হােৱাৰ পিছতত অন্ধবিশ্বাস হিচাপে মনত খােপনি পুতি বহে। 

ফলস্বৰূপে গধুলি হ'লেই অকলে বাহিৰলৈ যাবলৈ ভয় কৰে। জয়াল ঠাই পাৰ হওঁতে ভয়ত পেপুৱা লাগে। কেৱল গাঁও অঞ্চলতে নহয়, চহৰাanchal ল'ৰা-ছােৱালীৰ মনত ভূতৰ ভয় আছে। ল'ৰা-ছােৱালীৰে নহয়, ডাঙৰৰাে আছে। এইবােৰাে অন্ধবিশ্বাসৰ উদাহৰণ। ভূত-প্রেত, যখিনী-ডাইনী এইবােৰৰ অস্তিত্ব বিজ্ঞানে নস্যাৎ কৰিছে।

বর্তমান সময়তাে আমাৰ সমাজত বিশেষকৈ গ্রামাঞ্চলবােৰত ‘ডাইনীক লৈ এক অন্ধবিশ্বাসে গা কৰি উঠিছে। ইয়াৰ পৰিণামস্বৰূপে বহুত অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আনকি সংঘর্ষ বা হত্যা আদি অমানৱীয় ক্রিয়া-কলাপাে সংঘটিত হৈছে। 

‘ডাইনী'—এক সামাজিক ব্যাধি, এক কল্পিত সন্ত্রাস। ডাইনী এক ভ্রান্ত বিশ্বাস। অঞ্চলটোত কাৰােবাৰ ঘৰত অসুখ হৈছে। দৰব খাইছে ভাল পােৱা নাই। হয়তাে উপযুক্ত চিকিৎসা কৰা হােৱা নাই; কিন্তু প্রচাৰ কৰি দিয়ে এইবুলি যে, ডাইনীৰ কাৰণেই অঞ্চলটোৰ প্ৰায়বােৰ পৰিয়ালত অসুখ-বিসুখে দেখা দিছে। ডাইনীৰ কাৰণেই অসুখ ভাল হােৱা নাই। 

এই যে উদ্দেশ্যপ্রণােদিতভাৱে এটা ভ্রান্ত ধাৰণা মানুহৰ মনৰ মাজত সুমুৱাই দিয়া হয়, সেই ধাৰণাটো লাহে লাহে ইজনৰ পৰা সিজনলৈ বিয়পিবলৈ ধৰে। এটা সময়ত ডাইনী বুলি চিহ্নিতজনৰ দৈনন্দিন জীৱনৰ সৰু সৰু বিসংগতিবােৰ অপদেৱতাৰ কালিকা লগা কার্য বুলি সকলােৱে ভাবিবলৈ আৰম্ভ কৰে। 

আচলতে ডাইনী বুলি সন্দেহ কৰা মানুহজনৰ তেনেকুৱা কোনাে বিসংগতি নাথাকে। অন্ততঃ বিজ্ঞানে সেই কথা আজিলৈকে প্রমাণ কৰিব পৰা নাই। অথচ অঞ্চলটোৰ কিছুলােকৰ অসুখ, অপায়-অমংগলৰ বাবে এগৰাকী লােকক ডাইনী সজাই সমস্ত দোষ তেওঁৰ ওপৰত জাপি দিয়ে। 

আচলতে ডাইনী বুলি একো নাই। কিছু লােকে ঈর্ষান্বিত হৈ বা স্বার্থসিদ্ধিৰ বাবে এই অপপ্ৰচাৰ চলায়। কাৰােবাৰ গাত ‘আই লম্ভে বুলি, ‘শিৱ’ লম্ভে বুলি, কিবা ঐশ্বৰিক শক্তি আহি গাত সােমাই বুলি মাজে মাজে হৈ চৈ হােৱা শুনা যায়। অদ্ভুত কথা কিছুমান সেই সময়ত প্রকাশ হয়। 

‘আই’ গৰাকীয়ে বা ‘শিৱ’ লম্ভাজনে বা ‘ঐশ্বৰিক শক্তি লাভ কৰাজনে হেনাে চুই দিলেই সকলাে বেমাৰ ভাল হৈ যায়। মূৰত হাতখন থ’লেই সকলাে সমস্যাৰ সমাধান হৈ যায়। তেওঁৰ হাতেদি দিয়া পানী অমৃত সমান। 

খালে সৌভাগ্যই লগ দিয়ে। এনেধৰণৰ কথাই তােলপাৰ লগায়। আশ্চৰ্যকৰ কথাটো হ'ল একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ চৰম উন্নতিৰ যুগতাে হাতত দামী স্মার্ট ফোন লৈ শিক্ষিত মানুহৰ লানি নিচিগা সোঁত বয় সেই ‘আইৰ, সেই ‘শিৱৰ, সেই ঐশ্বৰিক শক্তি লাভ কৰা বুলি গুজব ওলােৱাজনৰ ভৰি দুটা চুবলৈ, তেওঁৰ কাষত থকা পাত্ৰটোৰ পৰা পানী খাবলৈ। 

সেই পাত্ৰৰ পানী কিমান লেতেৰা ঠিক নাই, সৌভাগ্যৱান হােৱাৰ লােভত সেই লেতেৰা পানীকে পৰম শ্ৰদ্ধাৰে মুখত দিয়ে। আচলতে এইবােৰ অন্ধবিশ্বাসৰে ফল। সহজভাৱে টকা ঘটিবলৈ খুব চতুলিৰে কৰা এইবােৰ দুষ্ট লােকৰ কাম। ‘সােপাধৰা আন এক অন্ধবিশ্বাস। কিছুমান ঠাইত ‘ল’ৰাধৰা বুলিও মানুহৰ মাজত, প্রচলিত।

এই সম্পৰ্কত উৰাবাতৰি এনেদৰে ওলায় যে বেলেগ ঠাইৰ পৰা বেলেগ দেহাবয়বৰ এজন বা দুজন লােক আহি সেই ঠাইৰ সৰু ল'ৰাৰ মুখত সােপা মাৰি ধৰি লৈ যায়। 

এনে ধৰণৰ গুজব ওলালেই মানুহে সত্যাসত্য বিচাৰ নকৰি অচিনাকি আৰু সচৰাচৰ নেদেখা দেহাবয়বৰ মানুহ দেখিলেই আক্রমণ কৰি এক অপ্রীতিকৰ অমানৱীয় পৰিস্থিতিৰ সৃষ্টি কৰে। এনেধৰণৰ অন্ধবিশ্বাস, কু-সংস্কাৰ, উৰাবাতৰি হ'ল মানৱ সভ্যতাৰ বাবে একো একোটা ভয়ংকৰ অভিশাপ। 

অন্ধবিশ্বাস, কুসংস্কাৰৰ কাৰণসমূহ :

কি কাৰণে মানুহ অন্ধবিশ্বাসী হয়? কি কাৰণে মানুহে কুসংস্কাৰকে সংস্কাৰ বুলি গ্ৰহণ কৰে? কি কাৰণে এজন মানুহে উৰাবাতৰি প্ৰচাৰ কৰে আৰু কি কাৰণে সমাজৰ বাকী মানুহে বিনাদ্বিধাই চিন্তাশূন্যভাৱে সেই উৰাবাতৰিকে, সেই অপপ্ৰচাৰকে সত্য বুলি মানি লয়?

প্রথম কাৰণ : সম্প্রতি অসমৰ সাক্ষৰতাৰ হাৰ ৭৩.১৮ শতাংশ। পুৰুষৰ ৭৮.৮১ শতাংশ আৰু মহিলাৰ ৬৭.২৭ শতাংশ। সেই দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে শিক্ষাৰ অভাৱৰ বাবে বুলি কোৱাতকৈ জ্ঞানৰ অভাৱৰ বাবেহে মানুহ কুসংস্কাৰ, অন্ধবিশ্বাসৰ বশৱতী হয় বুলি ক'ব পাৰি। জ্ঞানৰ অভাৱৰ বাবেই এজন মানুহে তেওঁৰ আৱেগক নিয়ন্ত্রণ কৰি ৰাখিব নােৱাৰে। 

৭৩.১৮ শতাংশ মানুহ শিক্ষিত হােৱাৰ পিছতাে জ্ঞানৰ অভাৱ বুলি কিয় কোৱা হৈছে? কাৰণ আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হলেই মানুহক জ্ঞানী বুলি ক'ব নােৱাৰি৷ বৰঞ্চ আজিৰ পৰা বহু বছৰৰ আগেয়েই আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত নােহােৱা আমাৰ সমাজৰ বহু লোেকৰ চিন্তাধাৰা ইমান আধুনিক, বিজ্ঞানসন্মত আৰু বৈপ্লৱিক আছিল যে সেই চিন্তা আজিও প্রাসংগিক আৰু মানৱ সমাজৰ বাবে হিতকৰ বুলি প্রমাণিত হৈছে। 

শংকৰদেৱৰ বৈষ্ণৱ দৰ্শনৰ মূলমন্ত্রই আছিল মানৱতা, যি দর্শন আজিও বন্দিত আৰু ভৱিষ্যতলৈও বন্দিত হৈ থাকিব। কিন্তু বর্তমান যুগৰ উন্মত্ত ভােগবাদে শিক্ষাক জ্ঞান আহৰণৰ আহিলাৰ পৰিৱর্তে এটা চাকৰি লাভ কৰাৰ অনিবার্য পথ হিচাপেহে পৰিণত কৰাইছে।

কৃচ্ছসাধনাই হ'ল জীৱনৰ সর্বশ্রেষ্ঠ সাধনা। অথচ এই কৃচ্ছসাধনাৰ পৰা আজিৰ মানুহক বহু দূৰলৈ আঁতৰাই নিছে ভােগ-বিলাস আৰু সস্তীয়া আনন্দ আহৰণৰ প্ৰৱণতাই। 

সমাজত বিশৃংখল পৰিৱেশ সৃষ্টি হােৱাৰ, অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হােৱাৰ, অমানৱীয় কার্যকলাপ সংঘটিত হােৱাৰ এটা অন্যতম কাৰণ হৈছে বর্তমান সময়ৰ মানুহৰ অনিয়ন্ত্রিত আবেগ। আবেগ নিয়ন্ত্রণ কৰিব নােৱৰাৰ এটা মূল কাৰণ হৈছে অধ্যয়নবিমুখিতা। মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়নবিমুখ।

দ্বিতীয় কাৰণঃ প্রত্যেক মানুহেই নিজৰ স্বভাৱ, চৰিত্ৰ আৰু জীৱনৰ পৰা পােৱা শিক্ষাৰ ওপৰত ভিত্তি কৰি সন্মুখত দেখা ঘটনা একোটাক বিশ্লেষণ কৰে। ঘটনাটোত তেওঁৰ ভূমিকা ইতিবাচক হ'ব নে নেতিবাচক হ’ব, সেইটো নিৰ্ভৰ কৰে তেওঁৰ দৃষ্টিভংগীৰ ওপৰত। 

আচলতে প্রতিটো কথাই ইতিবাচক দৃষ্টিভংগীৰে চাব লাগে। তেতিয়াই প্ৰতিটো সমস্যাৰ সমাধান হয় খুব সহজ আৰু শান্তিপূর্ণভাৱে। কিন্তু ভােগসর্বস্ব, অধ্যয়নবিমুখ, গভীৰ চিন্তাৰে নিজক উজ্জ্বলাব নােৱৰা আজিৰ প্ৰায়বােৰ মানুহে কথাবােৰ, সন্মুখত ঘটা ঘটনাবােৰ প্ৰায়ে নেতিবাচক দৃষ্টিভংগীৰে চায়। ইতিবাচক চিন্তা কৰিব নােৱৰা সমাজক পংগু সমাজ বুলি গণ্য কৰা হয়। 



সদায় নেতিবাচক কথা শুনি শুনি আমনি লাগি মানুহে ভাবিবলৈ বাধ্য হৈছে—সমাজত ভাল খবৰ নােহােৱাই হ'ল নেকি? আচলতে সমাজত ভাল কাম বহুত হৈ আছে। নেতিবাচক খবৰৰ ভীৰৰ মাজত সেইবােৰ হেৰাই গৈছে। 

সকলােৱে এবাৰৰ বাবে যদি ইতিবাচক চিন্তাক গুৰুত্ব দিবলৈ আৰম্ভ কৰে, তেনেহ'লে ফলাফলবােৰৰা ইতিবাচক হ'ব। হেৰাই যাব সমাজৰ পৰা সকলাে নেতিবাচক চিন্তা আৰু ধাৰণা। লগে লগে অপ্রীতিকৰ অমানৱীয় ঘটনাবলী সমাজত নঘটা হ'ব।

তৃতীয় কাৰণ : যিবিলাক মানুহক ভাল কাম কৰাৰ দায়িত্ব দিয়া হৈছে, দেখা গৈছে ক্ষুদ্র ক্ষুদ্র স্বার্থসিদ্ধিৰ বাবে সেই দায়িত্বশীল মানুহবােৰেও কেতিয়াবা সমাজৰ বাবে নেতিবাচক কাম কৰে। 

নেতৃস্থানীয় ব্যক্তিসকলৰ তেনে কাম-কাজ তেওঁৰ অনুগামীসকলেও অনুকৰণ কৰিবলৈ আৰম্ভ কৰে। এনে কার্য সমাজৰ কাৰণে কেতিয়াবা ভয়ংকৰভাৱে ক্ষতিকাৰক হৈ পৰে।

চতুর্থ কাৰণ : শিক্ষাৰ এক অন্যতম অংগ হৈছে ভ্রমণ। ভ্ৰমণৰ যােগেদি মানুহে নজনা কথা জানে, বিভিন্নজনৰ লগত পৰিচয় ঘটে। ভ্রমণে মনৰ পৰিধি বহল কৰে। 

ভিতৰুৱা যােগাযােগ ব্যৱস্থাৰ সুবিধা নথকা অঞ্চলৰ বহু লােকে মনৰ ভাৱ বাহিৰৰ অঞ্চলৰ লােকৰ সৈতে বিনিময় কৰাৰ সুবিধা নাপায়। বিনিময় যদি নহয়েই, মনৰ দিগন্ত প্ৰসাৰিত হ'ব কেনেকৈ? অন্ধবিশ্বাসী হােৱাৰ, কু-সংস্কাৰ সাৱটি থকাৰ ইও এটা কাৰণ। 

কিন্তু ভিতৰুৱা অঞ্চলতাে প্রচণ্ড আশাবাদী, যােগাত্মক চিন্তাৰ মানুহ নােহােৱা নহয়। সংখ্যাত কম হ'ব পাৰে৷ সেই মানুহখিনিয়েই ঠাইখনৰ উন্নয়নৰ বাবে অহৰহ লাগি থাকে।

পঞ্চম কাৰণঃ স্বার্থপূৰণৰ বাবেও কিছুমান অসৎ প্রবৃত্তিৰ লােকে কেতিয়াবা সমাজত অন্ধবিশ্বাস বিয়পাই দিয়ে। উৰাবাতৰিৰে মানুহক উত্তেজিত কৰি তােলে। ইমান চতুৰালিৰে এই অন্ধবিশ্বাসবােৰ প্ৰচাৰ কৰে যে অশিক্ষিত মানুহৰ কথা বাদেই শিক্ষিত সমাজেও সেইবােৰ বিশ্বাস কৰি লয়। 

তাৰ দ্বাৰা সেই অসৎ প্রবৃত্তিৰ লােকজনৰ কিবা এটা স্বার্থ সিদ্ধি হয়, কিন্তু ঘটিব নলগীয়া অমানৱীয় ঘটনা এটাও হয়তাে ঘটি যায়। কিছুমান দুষ্ট প্রকৃতিৰ লােকে সমাজক ভীতিগ্রস্ত আৰু অস্থিৰ কৰি তুলিবলৈও উৰাবাতৰি প্ৰচাৰ কৰে। 

এনেধৰণৰ উৰাবাতৰি আৰু অন্ধবিশ্বাসৰ কথা সেইজনে বিশ্বাস নকৰিব, যিজনে কথাবােৰ যুক্তিৰে বিচাৰ কৰে। তেনেকুৱা এটা মনৰ অধিকাৰী সেইজনহে হয়, যিজন অধ্যয়নৰ দ্বাৰা বাস্তবমুখী জ্ঞানেৰে সমৃদ্ধ হয়।

ষষ্ঠ কাৰণ : আৰু এটা প্ৰৱণতা আছে আমাৰ মাজত। কষ্ট নকৰাকৈ কম আয়াসতে আমাক সকলাে লাগে। কষ্ট নকৰাকৈ সাফল্য লাগে, কষ্ট নকৰাকৈ ধন-সম্পত্তি ঘটিবলৈ লাগে, ভােগ-বিলাসত মত্ত হ'বলৈ লাগে। সহজে সকলাে পাবৰ বাবেও অন্ধবিশ্বাসী হয়।

সপ্তম কাৰণ : মূল কথাটো হ'ল মনােবৃত্তি। অন্ধবিশ্বাস, কু-সংস্কাৰৰ গৰাহত নপৰিবৰ বাবে লাগিব এটা যুক্তিবাদী মন, লাগিব বিজ্ঞানমনস্কতা। আচলতে আমি বিজ্ঞান এটা বিষয় হিচাপে গণ্য কৰোঁ। ভাবাে, বিজ্ঞান কেৱল শ্ৰেণীকোঠাত পঢ়া এটা বিষয়। 

সেই কাৰণেই বিজ্ঞান বিষয়টো বৰ টান টান লাগে। সেই কাৰণেই বিজ্ঞান বুলি ক'লে ভয় লাগে। প্রকৃত অর্থ বিজ্ঞান কেৱল এটা বিষয় নহয়। বিজ্ঞান এক সংস্কৃতি। বিজ্ঞান এক সভ্যতা। বিজ্ঞান সর্বব্যাপী। বিজ্ঞান জীৱন ধাৰণৰ এটা প্রণালী। কেৱল শ্ৰেণীকোঠাৰ ভিতৰতেই নহয়, আমাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো খােজতে বিজ্ঞানৰ আৱশ্যক। 

সাধাৰণ মানুহে যে বিজ্ঞান বুজিব নােৱাৰে এনে নহয়। সকলােৱে বিজ্ঞান বুজিব পাৰে আৰু ক’ব নােৱৰাকৈয়ে সকলােৱে বিজ্ঞানৰ ধাৰণাসমূহ, সূত্রসমূহ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিও আছে। মনােবৃত্তি বিজ্ঞানৰ যুক্তিৰ ওপৰত প্রতিষ্ঠিত হ'লেহে মানুহৰ মনৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ আঁতৰ কৰিব পৰা যাব। 

নিয়ন্ত্ৰণ ব্যৱস্থা :
অন্ধবিশ্বাস আৰু কু-সংস্কাৰ আঁতৰ কৰাৰ ক্ষেত্ৰত সজাগতা হ’ল এটা শক্তিশালী আহিলা। সজাগতা মানে সভা পাতি ভাষণ দিয়াটো নহয়। সজাগতা মানে ৰাস্তাই ৰাস্তাই শােভাযাত্রা কৰাটো নহয়। বিদ্যালয়ৰ পাঠ্যক্ৰমত এই বিষয়টো অন্তর্ভুক্ত কৰাৰ উদ্দেশ্যটোৱেই হৈছে যাতে সৰুৰে পৰা ছাত্র-ছাত্রীয়ে বুজি পায় অন্ধবিশ্বাস, কুসংস্কাৰৰ ভয়াবহতা। 

অন্ধবিশ্বাস, কুসংস্কাৰে যে সমাজ এখনক পংগু কৰে, একৈশ শতিকাৰ সমাজ এখনক যে আকৌ আদিম স্তৰলৈ লৈ যায় সেইটো বুজি পাব লাগিব। বিদ্যালয় আৰু মহাবিদ্যালয় পর্যায়ত ৰচনা প্রতিযােগিতা বা তেনেধৰণৰ অন্যান্য প্রতিযােগিতাৰে ছাত্ৰ-ছাত্ৰীক জড়িত কৰিও সজাগতা আনিব পৰা যায়। তথ্যচিত্র বা তেনেধৰণৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতা অনাটো খুব জৰুৰী। 

সকলােৱে বুজিব লাগিব যে ‘ডাইনী’ অথবা ‘সােপাধৰাৰ দৰে অন্ধবিশ্বাসৰ সুযােগ গ্রহণ কৰি এচাম স্বার্থপৰ লােকে সমাজত হত্যাৰ দৰে অসামাজিক আৰু অমানৱীয় কার্য সমাধা কৰিছে। 

সাধাৰণতে দেখা গৈছে, সম্পত্তিৰ লােভত বা ওচৰ-চুবুৰীয়া কাৰােবাৰ যদি উন্নতি হয় তেওঁৰ প্রতি ঈর্ষান্বিত হৈও সেই বিশেষ মানুহঘৰৰ কাৰােবাক ‘ডাইনী বুলি অভিহিত কৰি অসৎ মনােবৃত্তিৰ মানুহে সামাজিক উৎপীড়ন চলায়। এনেদৰে স্বার্থসিদ্ধিৰ বাবেই ‘সােপাধৰাৰ অপপ্ৰচাৰ চলায়। কেতিয়াবা হত্যাৰ দৰে জঘন্য ঘটনা সংঘটিত হয়। 

‘ডাইনী’ অথবা ‘সােপাধৰা' বিষয়টো সমাজৰ আৱেগ-অনুভূতি আৰু ভুল বুজাবুজিৰ সাধাৰণ ঘটনা হিচাপে ৰেহাই দিয়াটো একেবাৰে উচিত নহয়। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে উদাসীনতাই স্বার্থান্বেষী লােকক উৎসাহিত কৰে।

মনত ৰখা জৰুৰীঃ
দেখা গৈছে যে ‘ডাইনী বুলি উৰাবাতৰি প্ৰচাৰৰ ফলস্বৰূপে যি বৰ্বৰ ঘটনা সংঘটিত হয়, সেই অমানৱীয় ঘটনাত শতকৰা নব্বৈ ভাগৰাে অধিক ক্ষেত্ৰত মহিলাসকলেই আক্রান্ত হয়। 

সােপাধৰা বুলি উৰাবাতৰি প্ৰচাৰৰ ফলস্বৰূপে অচিনাকি আৰু প্রায় ক্ষেত্রতে বিশেষভাৱে সক্ষম লােকেই আক্রান্ত হােৱা দেখা গৈছে। এইবােৰে সমাজক পশ্চাদপদ কৰি ৰাখে। সেয়েহে অন্যান্য সামাজিক, রাজনৈতিক, অর্থনৈতিক সমস্যাসমূহ সমাধানৰ লগতে জনসাধাৰণৰ মাজত সামাজিক মনস্তাত্ত্বিক জাগৰণৰাে সৃষ্টি কৰা উচিত। 


লেখক-পৰিচয়ঃ 
গল্পকাৰ, ঔপন্যাসিক জয়ন্ত মাধৱ বৰা শিক্ষা বিভাগৰ এগৰাকী বিষয়া। বর্তমান অসম সচিবালয়, দিছপুৰত কৰ্মৰত। পদার্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীধাৰী জয়ন্ত মাধৱ বৰাৰ এতিয়ালৈকে ৮ খন গল্প সংকলন, ১৩ খন উপন্যাস, ২ খন গৱেষণামূলক গ্রন্থ, ৫ খন অনুবাদ গ্রন্থ, ৫ খন শিশু গ্রন্থ প্রকাশ পাইছে। ইয়াৰ উপৰিও ৩ খন গ্রন্থ সম্পাদনা কৰিছে, ৩ খন আলােচনী আৰু ৭ খন স্মৃতিগ্রন্থ সম্পাদনা কৰিছে। অনাতাঁৰ কেন্দ্ৰ যােগে। 

৬ খন নাটক আৰু বহু কথিকা, গুৱাহাটী দূৰদৰ্শন আৰু ব্যক্তিগত চেনেলযােগে জয়ন্ত মাধৱ বৰাৰ কাহিনী আৰু চিত্রনাট্যৰে ৬৪ খন ধাৰাবাহিক আৰু ১২ খন তথ্যচিত্র প্রচাৰিত হৈছে। ১ খন চলচিত্র চিত্রনাট্য কৰিছে। বাতৰি কাকত, আলােচনীত বহু প্ৰৱন্ধ, গল্প, উপন্যাস প্রকাশিত হৈ থাকে। 

জিলা প্রাথমিক শিক্ষা আঁচনি আৰু সৰ্বশিক্ষা অভিযানত কৰ্মৰত অৱস্থাত শিক্ষা বিভাগৰ বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলােচনা চক্ৰত গৱেষণা পত্র পাঠ কৰিছে। 

সন্মান : 
(১) “অমৃত” উপন্যাসৰ বাবে ১৯৮৭ চনত অসম সাহিত্য সভাৰ গিৰিধৰ শৰ্মা বঁটা লাভ 
(২)“জাকৈয়া ছােৱালী গল্প সংকলনৰ বাবে ২০১৩ চনত অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা লাভ (৩)“মৰিয়াহহালা” উপন্যাসৰ বাবে ২০১৪ চনত গােলাঘাট জিলা সাহিত্য সভাৰ চৈয়দ আব্দুল মালিক বঁটা লাভ 
(৪) “মৰিয়াহােলা” উপন্যাসৰ বাবে ২০১৭ চনত সাহিত্য অকাডেমী বঁটা লাভ।
(৫) ২০১৯ চনত ডঃ বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় সাহিত্য বঁটা লাভ।


শব্দার্থ আৰু টোকা  

  • অপদেৱতা : অহিত বা অপকাৰ সধা দেৱতা; ভূত-প্রেত। 
  • অবাঞ্ছিত : যিটো বাঞ্ছা কৰা নহয়, বিচৰা নহয়। 
  • ইতিবাচক : কোনাে কথা বা কামৰ প্রতি সন্মতিসূচক। 
  • কলুষিত : কলংকযুক্ত। 
  • গতিৰােধক : গতিক বাধা দিয়া ব্যবস্থা।
  • guzobw : উৰাবাতৰি। 
  • দেহাবয়ব : দেহৰ গঠন; দেহৰ অবয়ব। 
  • নেতিবাচক : অসন্মতি প্ৰকাশ কৰা, ঋণাত্মক। 
  • প্রতিকূলতা : বিপৰীত অৱস্থা, বাধা। 
  • প্রমূল্য : মানদণ্ড, বিশেষ মূল্য। 
  • বন্দিত : যাক বন্দনা কৰা হয়, পূজনীয়। 
  • বড়ি : ঔষধৰ সৰু ঘূৰণীয়া গুটি। 
  • ভ্রান্ত বিশ্বাস : ভুল ধাৰণা। 
  • মনস্তাত্ত্বিক : মনৰ প্রকৃতি সম্পকীয়। 


প্রশ্নাবলী 
ভাৰ-বিষয়ক : 

১। চমু উত্তৰ দিয়া । 
(ক) উৰাবাতৰি মানে কি? 
(খ) কুসংস্কাৰ বলিলে কি বজা?
(গ) অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বােজা।'কথাষাৰ কোনে কৈছিল ? 
(ঘ) কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম বৃটিছৰ অধীনলৈ যায় ? 
(ঙ) অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কেনে ধৰণৰ ৰােগত আক্রান্ত হৈছিল? 

২। অন্ধবিশ্বাস মানে? অন্ধবিশ্বাসে সমাজত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা। 
৩। কি কি কাৰণত অন্ধবিশ্বাস, কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয় ? 
৪। অন্ধবিশ্বাস, কুসংস্কাৰ আদি নিয়ন্ত্রণ কৰিবলৈ কেনে ধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি?
৫। ডাইনী’, ‘সােপাধৰা’এইবােৰ অন্ধবিশ্বাস। অন্ধবিশ্বাস বুলি জানিও কিছু লােকে এই বিষয় দুটাকলৈ উৰাবাতৰি প্ৰচাৰ কৰে আৰু বহু লােকে বিশ্বাস কৰিও লয়। ইয়াৰ কাৰণ কি কি বুলি ভাবা? 
৬। তােমালােকৰ অঞ্চলত প্রচলিত অন্ধবিশ্বাস, কুসংস্কাৰ আদি তােমাৰ চকুত পৰিছে নেকি? সেইবােৰ নিৰাময়ৰ বাবে তােমাৰ ফালৰ পৰা কি কি ব্যৱস্থা ল’বা—এই বিষয়ে এটি টোকা প্রস্তুত কৰা। 

৭। ব্যাখ্যা কৰা :
(ক) অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বােজা। 
(খ) সংস্কাৰ এক জীৱন পদ্ধতি।
(গ) মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়নবিমুখ। 



ভাষা-বিষয়ক  

৮। উদাহৰণটো চাই বাকীকেইটা কৰা ?
উদাহৰণ: মানবীয় – অমানবীয়।
সজাগতা; সামাজিক; ৰাজনৈতিক; সাংবিধানিক প্রচাৰ। 

৯। তলৰ শব্দবােৰৰ বিপৰীত অর্থ বুজোৱা শব্দবােৰ লিখা ?
ইতিবাচক; সৎ, যােগাত্মক; সক্ষম; উচিত; অভিশাপ। 

১০। পাঠত উল্লেখ থকা পাঁচোটা যুৰীয়া শব্দ বিচাৰি উলিওৱা। 

১১।বাক্য ৰচনা কৰা ।
মৌলিক অধিকাৰ; অমানবীয় কার্য; প্রচাৰ মাধ্যম; সজাগতা সভা; স্বার্থান্বেষী লােক; আদিম স্তৰ।


Conclusion:


নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা class 9 assamese lesson 8 textbook অন্ধবিশ্বাস আৰু কুসংস্কাৰ Assam seba board





Wrote by Akshay

Post a Comment

0 Comments

People

Ad Code