Recent in Technology

অন্যৰ প্রতি ব্যৱহাৰ/ Lesson-6 Textbook/ Class 9 Assamese/ SEBA

Attention Please!

class 9 assamese lesson 6 অন্যৰ প্রতি ব্যৱহাৰ textbook নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা Assam seba board for online reader


অন্যৰ প্রতি ব্যৱহাৰ/ Lesson-6 Textbook/ Class 9 Assamese/ SEBA


অন্যৰ প্রতি ব্যৱহাৰ/Lesson6

(নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা অন্যৰ প্ৰতি ব্যৱহাৰ)



সত্যনাথ বৰা (১৮৬০-১৯২৫)


যিবিলাক মানুহেৰে সৈতে সম্বন্ধ জন্মে, বা যিবিলাকেৰে সৈতে সংসাৰত সমাজ পাতি থকা হয়, সেইবিলাক মানুহৰ ভিতৰত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখেসন্তোষে কাল নিয়াব পাৰি, সংসাৰ-যাত্ৰীয়ে তাক ভালকৈ জনা উচিত। 

ইয়াকে নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। সজ ব্যৱহাৰ যদিও সজ চৰিত্ৰৰ গুণ তথাপি চৰিত্র সজ হ'লেই ব্যৱহাৰ সজ হয় বুলি ভবা উচিত নহয়। 

অনেক চৰিত্ৰৱন্ত মানুহ ব্যৱহাৰৰ দোষত আনৰ হিংসা-গৰিহণাৰ ভাজন হয়। আকৌ অনেক কপটীয়া-ছলাহী মানুহাে ব্যৱহাৰৰ গুণত সকলােৰে মৰম পায়। এতেকে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উলাই ইতিকিং নকৰি মন দি শিকা উচিত।

মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্র। স্বভাৱত বহুত দোষ থাকিলে মিঠা মাতৰ গুণত সৰবৰহী হ'ব পাৰি। তােমালৈ আনৰ মৰম-ভক্তি জন্মােৱা সজ ব্যৱহাৰৰ মুখীয়াল উদ্দেশ্য। 

ব্যৱহাৰত মিঠা মাতৰ নাটনি হলে সেই উদ্দেশ্য সিদ্ধ নহয়। মিঠা মাত ব্যৱহাৰৰ কলপ বা ৰহণৰ নিচিনা। গঢ়ত প্রতিমা বিতােপন হ'লেও ৰহণ নলগালে শুৱনি নহয়। সেই দৰে সজ ব্যৱহাৰত মিঠা মাতৰ ৰহণ নিদিলে সি মানুহৰ মনত সন্তোষ লগাব নােৱাৰে। 

মিঠা বস্তুৰ কলপ লগাইহে বেজেও অকটা দৰৱ ৰুগীয়াক দিয়ে। অবাবত কেটে মাত মাতি মানুহৰ মনত বেজাৰ দিয়া অযুগুত, কিন্তু নির্বোধ খিংখিঙীয়া মানুহে ভৱিষ্যত নুগুণি কেটে মাৰিহে মানুহৰ লগত কথা কয়। এই শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ। 

সিহঁতে মনে জানি কাৰাে অহিত নকৰিলেও, কেৱল কঠুৱা মাতৰ দোষতেই সকলােৰে চকুৰ কুটা যেন হৈ পৰে; সিহঁতৰ গাত লক্ষ গুণ থাকিলেও অকল তিতা মাতেই সকলােকে ঢাকি পেলায়। তিতা মুখে মাতিলে সহস্ৰ উপকাৰ মানুহে 

একেতিলে পাহৰে, অর্বুদ দানৰ ফল একে নিমিষতে লয় হয়। সেই দেখি জ্ঞানীসকলে দানত বিনয় বিধান কৰিছে।

নম্রতা সজ ব্যৱহাৰৰ অনুপান। উচিত অনুপানেৰে ঔষধ খালে সি বেছি গুণ দিয়ে। সেইদৰে সজ ব্যৱহাৰত নম্রতা মিহলালে তাৰে উপকাৰ সৰহ হয়। 

দম্ভালি কথা মানুহৰ কাণত কঁাড় ফুটা দিয়ে, সেই দেখি আনৰ লগত আলাপ-আচৰণ কৰোতে দম্ভালি এৰি নম্র হােৱা উচিত। বহুতে ভাবে যে লােকৰ আগত নম্র হলে নিজক সৰু বা লঘু কৰা হয়। এই বিশ্বাস ভুল। নম্রতা ডাঙৰ আশয়ৰ চিন; তাৰ পৰা আশয়ৰ উচ্চতাহে প্রকাশ পায়। 

নম্রতা এটা মনৰ গুণ, মিঠা মাত তাৰ ফল। মনত নম্ৰতাৰ ভাব থাকিলে মুখেৰে আপােনা-আপুনি মিঠা মাত ওলায়। মনত অহঙ্কাৰ ৰাখি মুখে নম্র হলে মানুহক ছল কৰা হয়। তেনেকুৱা আচৰণ অনুচিত। ব্যৱহাৰত মনে-মুখে একে হ’বলৈ সততে চেষ্টা কৰা যুগুত।

আনৰ ভাল গুণ প্রয়ােজন অনুসৰি ফুটাই বখনা উচিত। কোনাে কোনােৱে ভাবিব পাৰে যে আনক বখানিলে নিজক সৰু পতা হয়, কিন্তু দৰাচল পক্ষত তাৰ পৰা বখানােতাৰ মহত্ত্বহে প্রকাশ পায়। গুণীৰ গুণ তাৰ মুখৰ আগত বখনা অযুগুত, মুখৰ আগত বখানিলে নিন্দা কৰা 




যেন হয় আৰু সিজনে তােমাক চাটুকাৰ বুলি ভবাৰাে আটক নাই। সমুখত প্রশংসা কৰা চাটুকাৰৰ স্বভাৱ। চাটুকাৰক মূখ বা দাম্ভিক মানুহে ভাল পাব পাৰে; কিন্তু জ্ঞানী মানুহে ঘিণায়। কোনাে মানুহৰ গুণৰ কথা তাৰ সমুখতেই ক’বলগীয়া হ'লে, সংক্ষেপ কৰি কোৱা উচিত, ব্যাখ্যা কৰি বহলাই কোৱা উচিত নহয়। 

এজনৰ গুণৰ কথা আন এজনৰ আগত কোৱাহে ভাল, কিয়নাে তাৰ পৰা তােমাৰ সৰলতাৰ চিনাকি পােৱা যায়, আৰু গুণীজনৰাে উপকাৰ হয়। মানুহে নিজৰ গুণৰ কথা নিজ মুখে আনৰ আগত ক’ব নােৱাৰে, সেই কাম বন্ধু-বান্ধৱৰ পৰা সিদ্ধ হ’ব লাগে।

সকলােৰে সৈতে মিলেৰে থাকিব খুজিলে আনৰ গুপ্ত কথা লুকাই ৰাখিবলৈ জানিব লাগে। গুপ্ত কথা লুকাই ৰাখিব পৰা এটা ডাঙৰ গুণ। অনেক মানুহে এই গুণৰ অভাৱত বন্ধু-বান্ধৱ হেৰুৱায় আৰু আনৰ গৰিহণা খায়। গুপ্ত কথা লুকাই ৰখা বৰ টান কাম নহয়, তুমি নকওঁ বুলি মন বান্ধি থাকিলে তাক কোনেও বলেৰে উলিয়াই নিব নােৱাৰে। 

কেতবিলাক মানুহে লগ-লগৰীয়াক হঁহুৱাবলৈ লােকৰ গুপ্ত কথা সদৰী কৰে। এই শ্রেণী মানুহৰ স্বভাৱ নিচেই পাতল। সিহঁতে লােকৰ বেয়া হওক বুলি মনে জানি গুপ্ত কথা প্রকাশ নকৰে, কেৱল পাতল স্বভাৱৰ দোষত হঠাৎ কেতিয়াবা কৈ পেলায়। সিহঁতে নিজৰ গুপ্ত কথাও পেটত ৰাখিব নােৱাৰে, তাকো আনৰ আগত কৈ নিজৰ বিপদ নিজে মাতি আনে। গুপ্ত কথা লােকৰেই হওক বা নিজৰেই হওক সদায় লুকাই ৰখা উচিত। 

লােকৰ গুপ্ত কথা প্ৰকাশ কৰিলে তাৰ কোপত পৰিব লাগে, আৰু নিজৰ গুপ্ত কথা প্রকাশ কৰিলে মানুহৰ গৰিহণা খাব লাগে। দুৰাচাৰ বা খিয়লীয়া মানুহৰ আগত নিজৰ গুপ্ত কথা ভাঙি কলে ভৱিষ্যতে হিংসা কৰিবলৈ সুচল কৰি দিয়া হয়। 

লােকৰ গুপ্ত কথা সম্বন্ধে আৰু বিবেচনা কৰা উচিত যে, যি মানুহে তােমাৰ আগত তাৰ গুপ্ত কথা ভাঙি কয়, তুমি সেই কথা বিশ্বাসত ৰাখিবা বুলি আশা কৰে; এনে স্থলত কথাটো প্রৌঢ়ী কৰি সমাজত তাক হাঁহিয়াতৰ পাত্ৰ কৰা কোনােমতে যুগুত নহয়, তেনে কৰিলে বিশ্বাস ঘাতকতা কৰা হয়। যি কথা প্রকাশ কৰিলে দুজনৰ ভিতৰত কন্দল লাগিব পাৰে, তেনে কথাও সাৱধানে লুকাই ৰাখিব লাগে। 

এইদৰে গুপ্ত কথা লুকাই ৰাখিব পাৰিলে সকলােৰে সজাতী হ’ব পাৰি। যি মানুহে পেটত কথা ৰাখিব নােৱাৰে, সি আনৰ গুপ্ত কথা শুনিবলৈ হেঁপাহ কৰা উচিত নহয়, আৰু আনে ক'ব খুজিলেও শুনিবলৈ মান্তি হােৱা অনুচিত। 

লােকৰ কথা খোঁচৰি ফুৰা বহুত মানুহৰ স্বভাৱ; কিন্তু তাৰ পবা কাৰাে কোনাে উপকাৰ নহয়। যি আনব দোষ বিচাৰি ফুৰে সি তাৰ নীচ আশয়ৰ চিনাকি দিয়ে আৰু যাৰ দোষ বিচাৰে তাৰ কোপত পৰে। এতেকে সততে আনৰ দোষৰ ভাগ এৰি দি গুণৰ ভাগ ধৰাই শ্রেয়। কোনাে মানুহৰ বিষয়ে কথা ক'ব লাগিলে তাৰ যি গুণ আছে তাকেহে কোৱা উচিত, নাইবা মুঠেই একো নােকোৱাও ভাল। 

যি মানুহে যি কথা শুনিবলৈ ভাল নাপায় সেই কথা তাৰ আগত কোৱা উচিত নহয়। কোনাে মানুহৰ শৰীৰত কোনাে খুঁত থাকিলে তাক ভেঙুচালি বা বিগতি কৰা অনুচিত। বিগতি, ভেঙুচালি বহুৱাৰ কাম, তেনে কাম আনে কৰা অযুগুত। সকলােৰে সৈতে গহীন হৈ চলাই ভাল, কিয়নাে গহীনালিৰ লগত উপলুঙালি বা পাতলালি থাকিব নােৱাৰে। ভেঙুচালি উপলুঙালিৰ ফল। 

এতেকে যত উপলুঙালি নাই, তাত ভেঙুচালিও থাকিব নােৱাৰে। আনৰ আগত নিজৰ গুণৰ কথাও ক'ব নালাগে। নিজৰ মুখত নিজৰ গুণ আনৰ কাণত বিহ যেন লাগে। নিজৰ গুণ নিজে বখানিলে গুণৰ গৌৰৱাে নাথাকে। আন মানুহৰ লগত মেল কৰোঁতে বিশেষ প্রয়ােজন নাথাকিলে নিজৰ কথা সৰহকৈ নােকোৱাই ভাল।

পৃথিৱীত নানা ৰকমৰ মানুহ আছে, কোনাে সাধু, কোনাে চোব, কোনাে শঠ, কোনাে সৰল। কিন্তু কোনটো কোন বিধৰ তাক দেখিলেই চিনিব নােৱাৰি, কাৰণ বহুত চোৰেও আনক ছলিবলৈ সাধুৰ ভাও ধৰে। এতেকে অচিনাকি মানুহক পােন প্রথমে বিশ্বাস কৰা যুগুত নহয়। কোনাে মানুহক শঠ বুলি জানিব পাৰিলে তাৰ লগত সম্বন্ধ ছিঙি দিয়া উচিত। শঠৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্রয় দিয়া হয়।

সংসাৰত মানুহৰ অৱস্থা সদায় সমানে নাথাকে। একালৰ আঢ্যৱন্ত একালত দৰিদ্ৰ হয়। তেনেকুৱা মানুহৰ লগত ব্যৱহাৰ কৰোঁতে আঢ্যৱন্ত অৱস্থাত তাৰ লগত যেনে ৰূপে ব্যৱহাৰ কৰা হৈছিল, দৰিদ্র অৱস্থাতাে তেনে ৰূপেই ব্যৱহাৰ কৰা উচিত। আঢ্যৱন্ত অৱস্থাত মান দেখুৱাই দৰিদ্ৰ অৱস্থাত অমান্য কৰা ভাল নহয়। সুদিনত সকাৰ আৰু দুর্দিনত ইতিকিং কৰা সৰু মনৰ চিন। 

সামান্য মানুহ ডাঙৰ হলেও তাৰ প্রতি ব্যৱহাৰ সলােৱা উচিত, অর্থাৎ তাৰ লগত আগে যেনে ব্যৱহাৰ কৰিছিল, বিদ্যা বুদ্ধিৰ বলত সি ডাঙৰ হৈ উঠাতাে তেনে ব্যৱহাৰ কৰা উচিত নহয়। তেতিয়া সি তাৰ অৱস্থা অনুরূপ মান-সৎকাৰ পাব লাগে।

কোনাে কোনাে মানুহে মান্যৱন্ত লােকক অমান্য কৰিলে পুরুষালি কৰা যেন পায়, সেই দেখি ছল পালে অমান্য কৰিবলৈ নেৰে। কিন্তু সিহঁতে ভাবি নাচায় যে মান্যৱন্তক অমান্য কৰি তাৰ মূল্য কমাব নােৱাৰি। সােণৰ জেউতি অমান্য কৰিলে নকমে।

লেখক-পৰিচয় :

গুৱাহাটীৰ ভৰলুমুখত সত্যনাথ বৰা (১৮৬০-১৯২৫)-ৰ জন্ম হয়। সৰুৰে পৰাই সাহিত্যৰ প্ৰতি আকর্ষিত হয় আৰু বিভিন্ন বিষয়ত ৰচনা লিখি থৈ যায়। তেওঁৰ সাৰুৱা মৌলিক বিষয়ৰ ৰচনা ‘আসাম বন্ধু', 'মৌ', জোনাকী’, ‘বিজুলী’ আদি আলােচনীত প্রকাশ পায়। নিভাজ ঘৰুৱা গদ্যৰীতি আৰু জতুৱা-ঠাচৰ উপযুক্ত ব্যৱহাৰে ৰচনাসমূহক এক গভীৰ বৈশিষ্ট্য দান কৰিছে। সাৰথি’ আৰু বহল ব্যাকৰণ তেওঁৰ উল্লেখযােগ্য গ্রন্থ।



পেচাত তেওঁ ওকালতি কৰিছিল যদিও কটন কলেজত অসমীয়া বিভাগৰ অধ্যাপক আৰু আর্ল ল কলেজত আইনৰ প্ৰবক্তা আছিল। জোনাকী নামৰ মাহেকীয়া কাকতখন গুৱাহাটীৰ পৰা ওলােৱা সময়ত তেওঁ সম্পাদনা কৰিছিল।


পাঠবােধ :
‘অন্যৰ প্ৰতি ব্যৱহাৰ’ পাঠটি সাৰথি’ পুথিৰ পৰা সংগৃহীত। সজগুণৰ কৰ্ষণ বা অনুশীলনে ব্যক্তিত্ব বিকাশত অৰিহণা যােগায়। এজন মানুহৰ মাত কথা, আচাৰ-ব্যৱহাৰত ব্যক্তিগৰাকীৰ চৰিত্ৰৰ বিভিন্ন দিশ প্রতিফলিত হয়। 

জীৱনৰ বাটত আগুৱাই যাওঁতে সততা, নিষ্ঠা, বিনয়, জ্যেষ্ঠজনৰ অভিজ্ঞতা, শাবাক্য আদিয়ে সাৰথিৰ কাম কৰে। চৰিত্ৰ গঠনত পাঠটিৱে ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাবে সহায় কৰিব।

পাঠটিত উনবিংশ-বিংশ শতিকাৰ অসমীয়া গদ্যৰ চানেকি দেখিবলৈ পােৱা যায়। সত্যনাথ বৰাৰ বাক্যবােৰ চুটি চুটি আৰু সাৰগৰ্ভ। ভাষা সংযমিত আৰু গহীন প্ৰকৃতিৰ। 

কথাৰ আওঁপাক তেওঁৰ গদ্যত নাই। এই পাঠটিৰ জৰিয়তে লেখকে ছাত্র-ছাত্রীসকলক জীৱন-যুদ্ধৰ আঁতি-গুৰি আৰু জীয়াই থকাৰ কৌশলবােৰ বুজাই দিবলৈ চেষ্টা কৰিছে। মানুহ সজ হােৱাৰ লগতে আনৰ অন্তৰ জয় কৰিবলৈ কেনে ব্যৱহাৰ কৰিব লাগিব সেই বিষয়েও পাঠটিত গুৰুত্ব আৰােপ কৰা হৈছে। 

শব্দার্থ আৰু টোকা ।
অনুপান - দৰৱৰ লগত মিহলাই খােৱা আনুষঙ্গিক উপাদান।
আটক : অবৰােধ; অভাৱ; নাটনি। 
চাটুকাৰ : ছলাহী কথাৰে আনৰ অন্তৰ জয় কৰা মানুহ; স্তাৱক। 
প্রৌঢ়ী : জনাজাত, ব্যক্ত । 
বিগতি : ইতিকিং।


প্রশ্নাবলী :
ভাব-বিষয়ক 
১। (ক) সাৰথি’ পুথিখন কাৰ ৰচনা?
(খ) কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায় ? 
(গ) কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ?
(ঘ) সজ ব্যৱহাৰৰ অনুপান কি? 
(ঙ) মনত অহঙ্কাৰ ৰাখি মুখত নম্র হলে মানুহক কি কৰা হয় ? 
(চ) এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল। ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা
(ছ) কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্রয় দিয়া হয়?
(জ) বহল ব্যাকৰণ’ পুথিখন কাৰ ৰচনা ? 

২। চমুকৈ বুজাই লিখা :
(ক) ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নােৱাৰি?
(খ) বিনয় ভাবত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? 

৩। তাৎপর্য ব্যাখ্যা কৰা :
(ক) নম্রতা সজ ব্যৱহাৰৰ অনুপান।
(খ) সােণৰ জেউতি অমান্য কৰিলে নকমে। 

ভাষা-বিষয়ক : 

৪। বিপৰীতার্থক শব্দ লিখা :
সুখ; সন্তোষ; সজ; চৰিত্ৰৱন্ত; কপটীয়া; মিঠা; বিনয়; নম্রতা; লঘু; উচ্চ; নিন্দা; গুপ্ত; দোষ; গহীন;আঢ্যন্ত। 
৫। বাক্য ৰচনা কৰা :
চকুৰ কুটা; পেটত কথা ৰাখ।


Conclusion:


অন্যৰ প্রতি ব্যৱহাৰ class 9 assamese lesson 6 Assam seba board নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা textbook for online reader.









Wrote by Akshay

Post a Comment

0 Comments

People

Ad Code