Recent in Technology

ভাৰতৰ বৈচিত্র্যৰ মাজত ঐক্য/ Lesson-9 Textbook/ Class 9 Assamese

Attention Please!

নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা ভাৰতৰ বৈচিত্র্যৰ মাজত ঐক্য Online textboook Class 9 Assamese lesson-9 Assam seba board

ভাৰতৰ বৈচিত্র্যৰ মাজত ঐক্য/ Lesson-8 Textbook/ Class 9 Assamese


ভাৰতৰ বৈচিত্র্যৰ মাজত ঐক্য/Lesson9




ড° হেমন্ত কুমাৰ শৰ্মা


ভাৰতবর্ষ এখন অতি পুৰণি সুসভ্য ঐতিহ্যপূর্ণ দেশ। কেইবা হাজাৰ বছৰ আগতে যেতিয়া পৃথিৱীৰ বহুতাে দেশ অজ্ঞান আন্ধাৰত বুৰ গৈ আছিল, তেতিয়া ভাৰতবৰ্ষই দর্শন, বিজ্ঞান, সাহিত্য, সুকুমাৰ কলা আদি বিষয়ত উন্নতিৰ উচ্চ শিখৰত উপনীত হৈছিল। 

ভাৰতবর্ষ এখন বৈচিত্র্যপূর্ণ দেশ। ভৌগােলিক অৱস্থাত আৰু বিভিন্ন সময়ত ভাৰতলৈ অহা বিভিন্ন মানৱ জাতিৰ ধৰ্ম-ভাষা, আচাৰ-ব্যৱহাৰ, কলা-সংস্কৃতি আদি বিষয়ত ভাৰতৰ বিচিত্রতা লক্ষ্য কৰিব পাৰি।

ভাৰতবৰ্ষৰ ভৌগােলিক অৱস্থান বৈচিত্র্যপূর্ণ, ইয়াৰ এফালে সুউচ্চ পর্বতমালা, আনফালে সুগভীৰ সাগৰ-মহাসাগৰ, এফালে বিস্তীর্ণ সমতল ভূমি, আনফালে বিৰাট মালভূমি, এফালে দ্বীপমালা, আনফালে হ্রদ-জলাশয়, এফালে গ্রীষ্মৰ তীব্রতা, আনফালে শীতৰ কঠোৰতা, এফালে মৌচুমীৰ তাণ্ডৱনৃত্য, আনফালে শুকান মৰুভূমি। ভাৰতীয় লােকসকলৰ গােষ্ঠীগত বা জাতিগত বৈচিত্র্যও মন কৰিবলগীয়া।

 প্রাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লােকে পৰ্বতৰ গুহা বা গছৰ ধােন্দত বসবাস কৰিছিল, তেওঁলােকক আদিম অধিবাসী বােলে। বর্তমান মধ্যভাৰত, বিহাৰ, উৰিষ্যা আদিত বাস কৰা কোল, মুণ্ডা, চাওঁতাল আদি এওঁলােকৰ বংশধৰ। ভাতৰবৰ্ষলৈ অহা এটি সুপ্রাচীন মানৱ গােষ্ঠী হ’ল দ্রাবিড়সকল। 

তেওঁলােকে পােনতে পাঞ্জাব অঞ্চলত বাস কৰিছিল যদিও আৰ্যসকলৰ হেঁচাত দ্রাবিড়সকল দক্ষিণ ভাৰতলৈ যাবলৈ বাধ্য হ’ল। দক্ষিণ ভাৰতৰ তামিল, তেলেগু, কর্ণাড় আদি লােক দ্রাবিড়সকলৰ বংশধৰ। 

পুৰণি কালত আৰু দুটি মানৱগােষ্ঠী উত্তৰ-পূব চুকেদি সােমাই ভাৰতবৰ্ষত স্থায়ীভাৱে বসতি কৰিবলৈ লৈছিল। তেওঁলােক হ'ল অষ্ট্ৰিক আৰু মংগােলীয় অষ্ট্রিক গােষ্ঠীৰ লােক। নগা, বড়াে, মিছিং, কাৰ্বি, গাৰাে আদি লােকসকল মংগােলীয় গােষ্ঠীৰ।

দ্রাবিড়সকলে উত্তৰ ভাৰতত বসবাস কৰি থকা সময়তেই অর্থাৎ প্রায় চাৰি হাজাৰ বছৰ আগতে আৰ্য্য নামে এটি মানৱগােষ্ঠী উত্তৰ-পশ্চিম ফালেদি ভাৰতত সােমায়। তেওঁলােকে দ্রাবিড়সকলক দক্ষিণ ভাৰতবৰ্ষলৈ

খেদি প্রথমে পাঞ্জাব আৰু পাছত গােটেই উত্তৰ আৰু পূব-ভাৰতত স্থায়ীভাৱে বসতি কৰিবলৈ লয়। আৰ্যসকলৰ পৰাই ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য, শূদ্র— আদি বৰ্ণৰ সৃষ্টি হয়। উল্লেখযােগ্য যে ভাৰতবৰ্ষলৈ অহা এই মানৱগােষ্ঠীসমূহৰ শাৰীৰিক গঠন আৰু ভাষা-সংস্কৃতি একেবাৰেই পৃথক আছিল। আৰ্যসকলৰ পাছতাে ভাৰতলৈ অহা বিদেশীৰ সোঁত বন্ধ হােৱা নাছিল। 

ভাৰতবৰ্ষলৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা মানুহৰ সোঁত বৈ আহিছে। আৰ্যসকল অহাৰ অনেক কালৰ পাছত এছিয়া আৰু ইউৰােপৰ পৰা। 

কেইবাটাও প্রবল পৰাক্ৰমী জাতি আহি ভাৰতবৰ্ষত ৰাজ্য স্থাপন কৰে। সেইসকলৰ ভিতৰত শক, কুশান, পাঠান, মােগল, পর্তুগীজ, ইংৰাজ, ফৰাচী আদিয়েই প্রধান। এই বিজেতাসকলৰ ভিতৰত সৰহভাগেই ভাৰতবর্ষকে আপােন কৰি লৈ ভাৰতীয়ৰ লগতে নিজক মিলাই দিছিল।

পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্রধান খাদ্য ভাত; কিন্তু উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতীয় লােকৰ প্রধান আহাৰ ৰুটি। উত্তৰ, দক্ষিণ আৰু পশ্চিম ভাৰতৰ উচ্চ হিন্দুৰ মাজত মাছ-মাংস নচলে। 

কিন্তু পূর্ব ভাৰতৰ সকলাে লােকেই মাছ-মাংস খায়। পূব ভাৰতৰ মতা মানুহে পােন্ধ মাৰি চুৰিয়া পিন্ধে, কিন্তু দক্ষিণ ভাৰতীয় লােকে পােন্ধ নামাৰি লুঙীৰ দৰে চুৰিয়া পিন্ধে। 




উত্তৰ ভাৰতত পায়জামাৰ আদৰ বেছি। অৱশ্যে বর্তমানে শিন্নিত সমাজত লংপেণ্টৰ প্ৰচলনেই অধিক। ভাৰতীয় তিৰােতাৰ প্ৰধান সাজ শাৰী যদিও অসমীয়া তিৰােতাই মেখেলা-চাদৰ আৰু উত্তৰ ভাৰতৰ তিৰােতাসকলে সাধাৰণতে চুড়িদাৰ, পায়জমা পৰিধান কৰে। 

ভাৰতবৰ্ষত বাস কৰা লােকসকল হিন্দু, বৌদ্ধ, জৈন, শিখ, ইছলাম, খ্রীষ্টান আদি বিভিন্ন ধর্মাৱলম্বী। ধৰ্মৰ এই বিচিত্রতাই ভাৰতীয় মানুহৰ আচাৰ-অনুষ্ঠান আদিতাে বৈচিত্র্যৰ সৃষ্টি কৰিছে। তদুপৰি অঞ্চলবিশেষে মানুহৰ সামাজিক ৰীতি-নীতি, খাদ্য, সাজ-পাৰ আদিততা বৈশিষ্ট্য আনিছে।

ভাৰতবাসীৰ ভাষাৰ বৈচিত্র্যও মন কৰিবলগীয়া। পৃথিৱীৰ দ্বিতীয় জনাকীর্ণ দেশ ভাৰতবৰ্ষত অসমীয়া, বঙলা, হিন্দী, উৰিয়া, তামিল, তেলেগু আদি পােন্ধৰটা আঞ্চলিক ভাষা আৰু কেইবাশ উপভাষা চলে। ভাষা বা অঞ্চল অনুসৰি ভাৰতীয়সকলৰ সুকীয়া সুকীয়া বৈশিষ্ট্যও আছে। 

বিভিন্ন ভৌগােলিক পৰিৱেশ, জাতি-ধর্ম, ভাষা-সংস্কৃতিৰে ভৰা ভাৰতবৰ্ষক বাৰেবৰণীয়া ফুলৰ এখনি মনােম ফুলনি বুলিব পাৰি।

ভাৰতৰ এনেবােৰ বৈচিত্র্যৰ কথা ভাবিলে স্বাভাৱিকতে মনত এটি প্রশ্নৰ উদয় হয়। ইমানবােৰ আঞ্চলিক, ভাষিক, ধর্মীয় বা সাংস্কৃতিক পার্থক্য সত্ত্বেও হাজাৰ হাজাৰ বছৰ ধৰি পৃথিৱীৰ এই বিৰাট ভূভাগৰ লােকসকল কেনেকৈ বাৰু এক ভাৰতীয় হৈ আছে? 

অৱশ্যে ৰাজনৈতিক শক্তি লাভ আৰু ধর্মীয় কাৰণ হেতু ভাৰতবৰ্ষৰ দুটা অঞ্চলৰ লােক, ভাৰতবৰ্ষৰ পৰা ফাটি গৈ স্বাধীন ৰাষ্ট্ৰ হিচাপে থাকিল যদিও প্রাচীন ভাৰতৰ একতা উদাৰতাৰ সুৰ আজিও একেদৰেই ধ্বনিত হৈ আছে। ইয়াৰ প্ৰধান কাৰণসমূহ থুলমূলভাৱে ফঁহিয়াই চাব পাৰি।

পর্বত-পাহাৰ, নৈ-সাগৰ, সমভূমি-মালভূমি আৰু জলবায়ুৰ বৈশিষ্ট্য থকা সত্ত্বেও ভাৰতবৰ্ষৰ ৰত্নগর্ভা। মনােৰমা প্রকৃতিয়ে যুগ যুগ ধৰি যিসকল বিদেশীক আকর্ষণ কৰি আনিছে, তেওঁলােকে অর্থনৈতিক কাৰণত নিজৰ দেশক পাহৰি ভাৰতবর্ষকেই আপােন দেশ বুলি সাবটি লৈছে। 

দ্বিতীয়তে ভাৰতবর্ষ ঋষিমুনিৰ দেশ, তপস্বী-সাধকৰ দেশ। এই দেশতেই ব্যাস, বাল্মীকি, বশিষ্ঠ, বিশ্বামিত্র আদি ত্রিকালজ্ঞ ঋষিসকলৰ জন্ম হৈছিল। 

এই দেশতেই ভগৱান বুদ্ধ, মহাবীৰ, শংকৰাচার্য, ৰামানুজ, ৰামানন্দ, কবীৰ, নানক, শংকৰদেৱ আদি মহাপুৰুষসকলে ত্যাগৰ মন্ত্র, উদাৰতাৰ বাণী আৰু আধ্যাত্মিকতাৰ আদর্শ প্রচাৰ কৰি গৈছে, আৰু। 

সেইবােৰৰ দ্বাৰা অনুপ্রাণিত হৈ ভাৰতবাসীয়ে ভাষা, ধর্ম আৰু আঞ্চলিক পার্থক্য পাহৰি আপােন ভাইভনীৰ দৰে মিলিজুলি থাকিবলৈ লৈছে।

তৃতীয়তে, যিবােৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্র্য আনিছে, সেইবােৰেই আকৌ স্থান বিশেষে ঐক্যৰ সেতু নির্মাণ কৰি দিছে, যেন ই বহুৰঙী সূতাৰে গঁথা এখনি ফুলাম দলিচাহে। 

উদাহৰণ স্বৰূপে অসমত থকা হিন্দু, মুছলমান, শিখ, খ্রীষ্টিয়ান আদি লােকসকলে ধর্মীয় দিশত বিভিন্ন আদর্শ পােযণ কৰে; কিন্তু তেওঁলােকৰ মাতৃভাষা অসমীয়াই তেওঁলােকক এক অসমীয়া জাতিৰূপে বান্ধি ৰাখিছে। 

আনহাতে অসমীয়া হিন্দু এজনৰ ভাষা আৰু আচাৰ-নীতি দক্ষিণ ভাৰতৰ হিন্দু এজনৰ ভাষা আৰু আচাৰ-নীতিৰ মাজত বিভিন্নতা থাকিলেও ধর্মীয় বান্ধোনে দুয়ােজনকে এক কৰি ৰাখিছে। অন্যান্য ধর্মাৱলম্বী লােকৰ ক্ষেত্ৰতাে একে কথাকেই ক'ব পাৰি। 

সেইকাৰণে যেতিয়া এজন ধর্মপ্রাণ অসমীয়া ব্যক্তিয়ে অসমৰ বাহিৰৰ কোনাে ধর্মানুষ্ঠানত যােগ দিয়ে, তেতিয়া তেওঁৰ মনলৈ এনে ভাব অহাটোৱেই স্বাভাৱিক যে ভাষাৰ বিভিন্নতা সত্ত্বেও ধর্মানুষ্ঠানত যােগ দিয়া অন্যান্য ব্যক্তি আৰু তেওঁৰ মাজত যেন ভালেখিনি মিল আছে।

চতুর্থত, ভাষাৰ বিভিন্নতা থকা সত্ত্বেও আৰু বিভিন্ন ভাৰতীয় ভাষাত অগণন গ্রন্থ ৰচিত হৈছে যদিও সেইবােৰৰ মাজত ভাব-চিন্তাধাৰাৰ ঐক্য লক্ষ্য ৰাখিব পাৰি। 

বেদ-উপনিষদ, গীতা-ভাগৱত, ৰামায়ণ, মহাভাৰত আদি গ্রন্থয়াে প্রাচীন কালৰে পৰা ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাব গঢ়াত সহায়ক হৈছে। 

প্রাচীন যুগত সংস্কৃত ভাষাই এই ঐক্য সাধনত বিশেষ বৰঙণি যােগাইছিল। উত্তৰ দক্ষিণ ঐক্য আৰু সম্প্রীতি প্রতিষ্ঠাতাে সংস্কৃত ভাষাত ৰচিত গ্রন্থসমূহেও অনেক সহায় কৰি আহিছে।

পঞ্চমতে, ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিও উলাই কৰিব নােৱাৰি। সংগীত, চিত্রকলা, ভাস্কৰ্য্য, স্থাপত্য আদিয়েই হ’ল সুকুমাৰ কলা। ভাৰতীয় বিভিন্ন সংগীত, চিত্রকলা, স্থাপত্য-ভাস্কৰ্য্য আদিয়ে প্রাচীন কালৰে পৰা ভাৰতবাসীক একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে। 

ভাৰতবৰ্ষত অনুষ্ঠিত কিছুমান উৎসৱ-পার্বণেও ভাৰতবাসীক ঐক্যবদ্ধভাৱে ৰখাত সহায় কৰিছে। পােন্ধৰ আগষ্ট, গণতন্ত্র দিৱস, হিন্দুৰ জন্মাষ্টমী, শিৱৰাত্রি, দেৱালী, হােলি আদি আৰু অন্য ধর্মৰ ধর্মীয় উৎসৱৰ কথা এই প্রসংগত উল্লেখ কৰিব পাৰি।

ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু। যুগে যুগে স্বকীয় সংস্কৃতি লৈ বিভিন্ন জাতি-উপজাতি ভাৰতবৰ্ষলৈ আহিছে, কিন্তু কোনেও কেৱল নিজৰটোকে ধৰি ৰাখিব পৰা নাই। পূৰ্বৰে পৰা ভাৰতবৰ্ষত চলি থকা বিৰাট সাংস্কৃতিক প্রবাহত তেওঁলােকৰ সংস্কৃতি মিলি গ'ল, সমন্বয় সাধন হ'ল।

সামৰণিত ক'ব পাৰি যে ভাষাগত, ধর্মগত বা অঞ্চলগত পার্থক্য থকা সত্ত্বেও ভাৰতীয় লােকৰ মাজত এটি সামূহিক মিল আছে; সেয়ে হ’ল সাংস্কৃতিক মিল। 

এই মিলৰ কাৰণেই এজন ভাৰতীয় মুছলমান বা খ্রীষ্টান, মক্কাত বা জেরুজালেমত থাকিলেও তেওঁৰ প্রথম পৰিচয় হ’ব ভাৰতীয়হে। কাৰণ তেওঁৰ গাত ভাৰতীয় সংস্কৃতিৰ চাপ বিদ্যমান। 

ভাৰতবৰ্ষক যদি ভাৰতমাতা বােলা হয়, তেন্তে ভাৰতৰ বৈচিত্র্যবােৰ হ’ল সেই মাতাৰ বিভিন্ন অংগপ্রত্যংগ আৰু ভাৰতৰ ঐক্য হ’ল ভাৰতমাতাৰ অবিনাশী আত্মা। 

লেখক-পৰিচয় : নলবাৰীৰ অন্তৰ্গত পিপলিবাৰী গাঁৱত ড° হেমন্ত কুমাৰ শৰ্মাৰ জন্ম হয়। কটন কলেজৰ অসমীয়া বিভাগত অধ্যাপনা কৰি থকা কালতেই ১৯৯২ খ্রীষ্টাব্দৰ ১৮ জানুৱাৰীত তেওঁৰ মৃত্যু হয়। তেওঁ অসম সাহিত্য সভা, অসম জনকৃষ্টি সমাজ আদি সাহিত্য আৰু সংস্কৃতি বিষয়ক অনুষ্ঠানৰ লগত বিশেষভাৱে জড়িত আছিল। 

ড° শৰ্মাই একুৰিৰাে অধিক গ্রন্থ ৰচনা তথা সম্পাদনা কৰি থৈ গৈছে। অসমীয়া সাহিত্যৰ দৃষ্টিপাত’, ‘অসমীয়া সাহিত্যৰ ৰেঙনি’, ‘সাহিত্য বিচিত্রা’, ‘সাহিত্যৰ জেউতি’, ‘কাবেৰীৰ পাৰে পাৰে, ‘স্মৃতিৰ পলাশ’, ‘সেই মালাধাৰি, ৰাখি বন্ধন’, ‘সন্ধ্যাৰাগ’, ‘জীৱনী সৌৰভ আদি তেওঁ ৰচনা কৰা পুথি।

‘অসমীয়া লােকগীতি সঞ্চয়ন’, ‘কামৰূপী লােকগীত-সংগ্রহ’ আৰু ‘কিংবদন্তিৰ সাধু, তেওঁৰ উল্লেখযােগ্য সংকলন। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত গৱেষণা কৰি পি. এইচ. ডি. লাভ কৰে।



পাঠবােধ :
এই পাঠটিৰ মাজেৰে লেখকে ভাৰতবৰ্ষৰ নিচিনা এখন বিশাল দেশৰ সাংস্কৃতিক সমন্বয়ৰ বিষয়ে এক সময়ােপযােগী আৰু অতি গুৰুত্বপূর্ণ ব্যাখ্যা আগবঢ়াইছে। 

বিভিন্ন ভাষা-ভাষী, ধৰ্মাৱলম্বী মানুহ বসবাস কৰা সত্বেও সকলােৰে মাজত এক সামূহিক মিল আছে। সেয়া হৈছে আমি সকলাে এক ভাৰতীয়। লেখকে ভাৰতীয়সকলৰ মাজত বিৰাজমান ভাষিক-সাংস্কৃতিক সমন্বয়ৰ অনেক উদাহৰণ দাঙি ধৰিছে। 


শব্দার্থ আৰু টোকা :

অগণন - অলেখ।
অবাৰিত -  বাধা নােহাৱা, মুকলি। 
অবিনাশী - যাৰ বিনাশ নাই, যাৰ ধ্বংস নাই।
আত্মা - সর্বব্যাপী চৈতন্য। প্রাণ; জীৱজগতৰ প্ৰাণস্বৰূপ। 
আৱহমান - চিৰকাল চলি থকা। 
উলাই- তুচ্চ, উলংঘা।
gusthi - বংশ, জাতি, দল, সমুদায়। 
জনাকীর্ণ - মানুহেৰে ভৰা। 
ত্রিকালজ্ঞ - ত্রিকাল অর্থাৎ অতীত, বর্তমান আৰু ভৱিষ্যত কালৰ বিষয়ে যিসকলে জানে। 
তাণ্ডৱ নৃত্য - উদ্ধত নৃত্য; পৌষ-পূর্ণ নৃত্য বিশেষ। 
দর্শন - দৃষ্টি, জ্ঞান, তত্ত্ব, তত্ত্বজ্ঞান। দর্শনত জাগ্রত জীৱন, জগত আৰু ঈশ্বৰ সম্বন্ধীয় আলােচনা থাকে। 
দুটা অঞ্চলৰ লােক - পশ্চিম পাকিস্তান আৰু বাংলাদেশ। 
প্রাগৈতিহাসিক - যি যুগৰ বিষয়ে ইতিহাসে আমাক বিশেষ সমল দিব নােৱাৰে; বুৰঞ্জীয়ে ঢুকি নােপােৱা যুগ। 
বিস্তীর্ণ - বিশাল, বিপুল, বহল। 
ভাস্কৰ্য্য - শিল, ধাতু আদিৰে মূর্তি সজা বিদ্যা। 
সংগীত - গীত, বাদ্য আৰু নৃত্যৰ সমলয়ক সংগীত বােলে। 
সমন্বয় - সংযােগ, মিলন। 
সম্প্রীতি - প্রীতি, পাৰস্পৰিক মিলা-প্রীতি। 
সুউচ্চ - অতি ওখ। 
সুকুমাৰ কলা - কবিতা, সংগীত, চিত্রবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য্য— এই পাঁচবিধক সুকুমাৰ কলা বােলে। 
উপনিষদ - বৈদিক সাহিত্যৰ শেহতীয়া ধর্মগ্রন্থ। গুৰু-শিষ্যৰ কথােপকথনৰ যােগেদি ইয়াত ঈশ্বৰৰ বিষয়ে আলােচনা কৰা হৈছে। ইয়াক বেদান্তও বােলা হয়। ই বেদৰ ঘাই ভাগ। এই ভাগত পৰমেশ্বৰৰ বিষয়ে বাদানুবাদ আছে। 
কবীৰ - (১৫ শতিকা) ৰামানন্দৰ শিষ্য। এগৰাকী ধর্ম প্রচাৰক। কবীৰৰ দোহাবােৰ গভীৰ ভাৱপূর্ণ। 
গীতা - ই বেদব্যাস প্রণিত এখন হিন্দু ধর্মপুথি। ইয়াত শ্ৰীকৃষ্ণই অর্জুনককর্ম, যােগ, জ্ঞান, ভক্তি আদিৰ বিষয়ে দিয়া হিত উপদেশ আছে। ই এখন দার্শনিক গ্রন্থ। 
চৈতন্যদেৱ - বৈষ্ণৱ ধৰ্ম প্ৰচাৰক। নৱদ্বীপত চৈতন্যদেৱ(১৪৮৬-১৫৩৩)ৰ জন্ম হৈছিল।
জেরুজালেম - প্রাচীন পেলেষ্টাইনৰ অন্তৰ্গত এখন নগৰ। ইয়াত খ্রীষ্টধর্ম প্রৱর্তক যীচুৰ জন্ম। হৈছিল। 
নানক - নানক (১৪৬০-১৫৩১) শিখধৰ্মৰ প্ৰৱর্তক। লাহােৰৰ ওচৰত নানকান গাঁৱত তেওঁৰ জন্ম হৈছিল।
বশিষ্ঠ - ব্ৰহ্মাৰ মানসপুত্ৰ আৰু মন্ত্রদ্রষ্টা ঋষি। সূর্যবংশৰ ৰজাসকলৰ কুল পুৰােহিত। গুৱাহাটী, নগৰৰ দক্ষিণফালে পৰ্বতৰ কাণত থকা এখন তীর্থস্থান, ইয়াত বশিষ্ঠই আশ্ৰম কৰি আছিল। 
বাল্মীকি - আদিকাব্য ৰামায়ণ ৰচয়িতা মহর্ষি। আদিকবি। তমসা নদীৰ পাৰত বাল্মীকিৰ আশ্ৰম আছিল।
বিশ্বামিত্র - চন্দ্রবংশীয় গাধিৰজাৰ পুত্র, এজনা ঋষি, এওঁ মন্ত্রদ্রষ্টা আছিল। এওঁ তপস্যাৰ বলেৰে ক্ষত্রিয় কুলৰ পৰা ব্রাহ্মণত্ব লাভ কৰে। এওঁ ৰাজর্ষি হৈছিল।

বুদ্ধ - বৌদ্ধ ধৰ্মৰ প্ৰৱর্তক। বুদ্ধদেৱৰ আচল নাম সিদ্ধার্থ, গৌতম আৰু শাক্যসিংহ। তেওঁৰ পিতাকৰ নাম শুদ্ধোধন আৰু মাকৰ নাম মায়াদেৱী। 

বুদ্ধগয়াৰ বােধিবৃক্ষৰ তলত তেওঁ পৰম জ্ঞান লাভ কৰে। তেতিয়াৰ পৰা সিদ্ধার্থৰ নাম হয় বুদ্ধ। বুদ্ধ শব্দৰ অৰ্থ জ্ঞানী। বুদ্ধদেৱে বৌদ্ধধর্ম প্ৰৱৰ্তন কৰিছিল। বুদ্ধক বিষ্ণুৰ নৱম অৱতাৰ বুলি ধৰা হয়।

বেদ - বেদ সনাতন ধর্মৰ প্ৰধান গ্রন্থ। বেদ চাৰিখন- ঋক, যজু, সাম আৰু অথর্ব। 
ব্যাস -  মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্রণেতা বুলি খ্যাত আৰু বেদ বিভাগ-কর্তা এগৰাকী ঋষি।
ভাগৱত - ওঠৰখন পুৰাণৰ ভিতৰত ভাগৱত পুৰাণ অন্যতম। এই নামেৰে দুখন পুৰাণ আছে এখন শ্রীমদ্ভাগৱত আৰু আনখন দেৱী ভাগৱত।

মক্কা - আৰৱ দেশৰ ৰাজধানী আছিল। প্রাচীন চহৰ। ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ জন্ম স্থান।
মহাবীৰ - জৈন ধৰ্মৰ প্ৰৱৰ্তক। তেওঁৰ প্রকৃত নাম বর্ধমান। উত্তৰ বিহাৰৰ বৈশালী নগৰৰ ওচৰত বর্ধমানৰ জন্ম হৈছিল। প্রায় ত্রিশ বছৰৰ গার্হস্থ্য জীৱন যাপন কৰি থাকোঁতে সংসাৰ ত্যাগ কৰে। অৱশেষত তেওঁ জিন (ৰিপুজয়ী) আৰু নিগ্রস্থ (সংসাৰ বন্ধন বিমুক্ত) ৰূপে পৰিচিত হয়। এই সময়তে বর্ধমানে মহাবীৰ নাম লাভ কৰে।
ৰামানন্দ - এগৰাকী বিখ্যাত ধর্ম প্রচাৰক আৰু কবি। ৰামানন্দৰ শিষ্য কবীৰ।
ৰামানুজ - বিখ্যাত দার্শনিক পণ্ডিত। একাদশ শতিকাৰ দাক্ষিণাত্যৰ কোল ৰাজ্যত (বর্তমান কর্ণাটক ৰাজ্যত) ৰামানুজৰ জন্ম হৈছিল।
xok - যাযাবৰ জাতি বিশেষ। পােনতে অক্ষুনদীৰ পাৰত এওঁলােকে বাস কৰিছিল। পাছত এই জাতিয়ে যাযাবৰী অভ্যাস এৰি গৃহস্থ বৃত্তি গ্রহণ কৰে। এই জাতিটো পাঁচোটা শাখাত বিভক্ত হৈ পৰে। তাৰ ভিতৰত কুশান বংশই শ্রেষ্ঠ। কুশান বংশৰ শ্ৰেষ্ঠ ৰজা আছিল কনিষ্ক।
শংকাৰাচার্য - শংকৰাচাৰ্য্য (৭৮৮-৮২০) জগত প্রসিদ্ধ দার্শনিক পণ্ডিত। বর্তমান কেৰেলা ৰাজ্যৰ কলাদিত এওঁৰ জন্ম। বেদান্ত দর্শন বা অদ্বৈতবাদী দর্শনৰ প্ৰচাৰক। গীতা, উপনিষদ, বেদান্তৰ টীকা আৰু ‘মােহমুগ্ধ’ আদি ৰচনা কৰা বিখ্যাত প্রাচীন পণ্ডিত।
স্থাপত্য - স্থাপন কৰা বিদ্যা অর্থাৎ ঘৰ আদি নির্মাণৰ কলা-কৌশল। গৃহনির্মাণ বিদ্যা।


প্রশ্নাৱলী
ভাব-বিষয়ক : 
১। অতি চমু উত্তৰ দিয়া :
(ক) প্রাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লােক পৰ্বৰ্তৰ গুহা বা গছৰ ধােত বাস কৰিছিল তেওঁলােকক কি বােলা হৈছিল? 
(খ) বুদ্ধদেৱৰ আচল নাম কি?
(গ) মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্রণেতা কোন? 
(ঘ) কুশান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি?
(ঙ) জৈন ধৰ্মৰ প্রৱর্তক কোন? 

২। কি কি বিষয়ত ভাৰতবৰ্ষৰ বিচিত্রতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা। 
৩। ভাৰতবৰ্ষৰ ভৌগােলিক অৱস্থান কি কাৰণে বৈচিত্র্যপূর্ণ বুলি কোৱা হৈছে লিখা। 
৪। আৰ্যসকল ভাৰতলৈ অহাৰ পাছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ সোঁতৰ বিষয়ে
চমুকৈ বর্ণনা কৰা। 
৫। ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে লিখা।
৬। ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজ-পাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে চমুকৈ বর্ণনা কৰা। 
৭। আৰ্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া।। 
৮। “যিবােৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্র্য আনিছে সেইবােৰেই আকৌ স্থান বিশেষে ঐক্যৰ সেতু
নির্মাণ কৰি দিছে।” – এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে চমুকৈ লিখা। 
৯। “ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিও উলাই কৰিব নােৱাৰি।” – এই
কথাষাৰৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষণ কৰা। 
১০। “ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু।” – তাৎপর্য ব্যাখ্যা কৰা। 




১১।চমু উত্তৰ লিখা।
(ক) কোনবােৰ লােক মংগােলীয় গােষ্ঠী। 
(খ) সুকুমাৰ কলা কোনবিলাক? 
(গ) কি কি গ্রন্থই প্রাচীন কালৰেপৰাই ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাব গঢ়াত
সহায় কৰিছে? 

১২।কি কি পার্থক্য থকা সত্ত্বেও ভাৰতীয় লােকসকলৰ মাজত এটি সামূহিক মিল আছে? 
১৩।উত্তৰ ভাৰতৰ তিৰােতাসকলে সাধাৰণতে কেনে ধৰণৰ পােছাক পৰিধান কৰে তাৰ এটি বর্ণনা দিয়া। 

১৪।চমুটোকা লিখা 
(ক) সুকুমাৰ কলা (খ) সংগীত (গ) কুশান (ঘ) ব্যাস (ঙ) মক্কা (চ) বশিষ্ঠ। 
১৫। “ভাৰতবর্ষ এখন অতি সুসভ্য ঐতিহ্যপূর্ণ দেশ।” - কথাষাৰ বহলাই লিখা। 
১৬। তােমাৰ দৈনন্দিন খাদ্যসম্ভাৰত বাহিৰৰ কোন কোন মানৱজাতিৰ খাদ্যাভ্যাস পােৱা যায় চমুকৈ
লিখা। 

ভাষা বিষয়ক

১৭/তলৰ শব্দবােৰৰ সন্ধি ভাঙা : 
অনুষ্ঠান; জনাকীর্ণ স্বাধীন; জন্মাষ্টমী 
১৮।তলৰ শব্দবােৰৰ প্রত্যয় নির্ণয় কৰা 
শাৰীৰিক; সামাজিক সুকীয়া; ভৌগােলিক; ফুলনি; ভাৰতীয়; ফুলাম; অবিনাশী; বাল্মীকি। 
১৯। প্রত্যেকৰে এটা বা দুটাকৈ সমার্থক শব্দ লিখা :
হেতু পৃথিৱী; গ্রন্থ; মাতা। 
২০।বিপৰীত শব্দ লিখা।
পার্থক্য; ত্যাগ; বৈচিত্র্য; প্রাচীন।

Conclusion:

ভাৰতৰ বৈচিত্র্যৰ মাজত ঐক্য Class 9 Assamese Lesson-9 Online Textbook Assam Seba Board নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা







Wrote by Akshay

Post a Comment

0 Comments

People

Ad Code