Recent in Technology

ৰাষ্ট্ৰ গঠনৰ প্ৰত্যাহ্বান - [দ্বিতীয় অধ্যায়] {Q&A} - (Part-B/Notes)

Class-XII(12)/Political Science-[Q/A][Notes][Solutions]-2022 [Free Learning Online][in Assamese][ৰাষ্ট্ৰ গঠনৰ প্ৰত্যাহ্বান][দ্বিতীয় অধ্যায়][Part-B]


ৰাষ্ট্ৰ গঠনৰ প্ৰত্যাহ্বান - [দ্বিতীয় অধ্যায়] {Q&A} - (Part-B/Notes)


(ৰাষ্ট্ৰ গঠনৰ প্ৰত্যাহ্বান)





(প্রত্যেকটোত ১ নম্বৰকৈ)


প্রশ্ন ১: ভাৰতীয় প্রথম প্রধানমন্ত্রী কোন আছিল? 
উত্তৰ : পণ্ডিত জৱাহৰলাল নেহৰু। 


প্রশ্ন ২ : স্বাধীন ভাৰতে কিমান প্ৰকাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ? 
উত্তৰ : তিনি প্ৰকাৰ।

প্রশ্ন ৩ঃ ১৯৪৭ চনত ১৪-১৫ আগষ্টত দুখন জাতিৰাষ্ট্রৰ উৎপত্তি হৈছিল-- এখন ভাৰতবৰ্ষ, আনখন কি ? 
উত্তৰ : পাকিস্তান।


প্রশ্নঃ ৪ : দেশ বিভাজনৰ সময়ত সাম্প্রদায়িক অঞ্চলত বিভক্ত দুখন চহৰৰ নাম লিখা।
উত্তৰ : 
  • (ক) কলিকতা আৰু 
  • (খ) লাহােৰ। 

প্রশ্ন ৫ : দেশীয় ৰাজ্য মানে কি? 
উত্তৰ : দেশীয় ৰাজ্য হ’ল ব্রিটিছৰ আমােলাত ৰজাৰ শাসনাধীন ৰাজ্য। 

প্রশ্ন ৬ : চৰ্দাৰ বল্লভ ভাই পেটেল কোন আছিল ?
উত্তৰ : চৰ্দাৰ বল্লভ ভাই পেটেল আছিল স্বাধীন ভাৰতবৰ্ষৰ প্ৰথমজন উপপ্রধানমন্ত্রী আৰু গৃহমন্ত্রী।

প্রশ্ন ৭ : স্বাধীনতা লাভৰ সময়ত মণিপুৰত মহাৰজা কোন আছিল ? 
উত্তৰ : মহাৰজা বােধচন্দ্র।

প্রশ্ন ৮ : নাগপুৰ অধিবেশন কোন চনত অনুষ্ঠিত হৈছিল ? 
উত্তৰ : ১৯২০ চনত। 

প্রশ্ন ৯ : দেশ বিভাজনৰ দ্বাৰা প্ৰভাৱিত হােৱা দুখন ৰাজ্যৰ নাম লিখা। 
উত্তৰ : 
  • (ক) পঞ্জাৱ আৰু 
  • (খ) কাশ্মীৰ । 

প্রশ্ন ১০ : ৰাজকীয় ৰাষ্ট্র কি? 
উত্তৰ : ব্রিটিছ শাসনকালত সৰকাৰে শাসনৰ সুবিধাৰ বাবে সমগ্ৰ ভাৰতবর্ষক কিছুমান প্রদেশ আৰু দলীয় ৰাজ্যত বিভক্ত কৰিছিল। 

দেশীয় ৰাজ্যবিলাকৰ আভ্যন্তৰীণ শাসন ৰাজকীয় শাসকসকলক অর্পণ কৰা হৈছিল। এই দেশীয় ৰাজ্যবােৰে আছিল ৰাজকী ৰাষ্ট্র।

প্রশ্ন ১১ : পণ্ডিত নেহৰুৰ লক্ষ্য কি আছিল? 
উত্তৰ : ঐক্যবদ্ধ শক্তিশালী ভাৰতবর্ষ গঠন কৰা।

প্রশ্ন ১২ : হায়দৰাবাদৰ জনসাধাৰণে নিজামৰ শাসনৰ কিয় বিৰােধিতা কৰিছিল?
উত্তৰ : হায়দৰাবাদৰ জনসাধাৰণে নিজামৰ নিষ্পেষণত অতিষ্ঠ হৈ তেওঁৰ বিৰােধিতা কৰিছিল।

প্রশ্ন ১৩ : নিজামৰ অত্যাচাৰৰ বলি কোন হৈছিল ? 
উত্তৰ : হায়দৰাবাদৰ তেলেগু জনসাধাৰণ।

প্রশ্ন ১৪ : সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰৰ ভিত্তিত কোনখন ৰাজকীয় ৰাজ্যই প্রথমতে নির্বাচন অনুষ্ঠিত কৰিছিল?
উত্তৰ : মণিপুৰ।

প্রশ্ন ১৫ : ভাৰতৰ অংগৰাজ্য হােৱাৰ ক্ষেত্ৰত কোনখন ৰাজকীয় ৰাজ্যই '' কিছুমান সমস্যাৰ সৃষ্টি কৰিছিল?
উত্তৰ : ত্রিবাংকুৰ।

প্রশ্ন ১৬ : কোন তাৰিখে জম্মু আৰু কাশ্মীৰৰ মহাৰজাই ভাৰতত চামিলকৰণৰ দলিলত স্বাক্ষৰ কৰিছিল?
উত্তৰ : ১৯৪৭ চনৰ ২৭ অক্টোবৰত। 

(খ) সঁচা নে মিছা কোৱা


প্রশ্ন ১৭ঃ বিতংকৈ স্বাধীন ভাৰতবৰ্ষই তিনি প্রকাৰৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল?
উত্তৰ : সঁচা।

প্রশ্ন ১৮ : ১৯৪৭ চনটো আছিল এটা আটাইতকৈ বৃহৎ, আটাইতকৈ অপৰিকল্পিত আৰু দুখ লগা ঘটনাৰ বছৰ। 
উত্তৰ : সঁচা।

প্রশ্ন ১৯ : পাকিস্তান সৃষ্টি আৰু ৰজাই শাসিত ৰাজ্যবােৰৰ সংহতিৰ লগে লগে জাতি গঠন প্রক্রিয়া সমাপ্ত হৈছিল ? 
উত্তৰ : মিছা ।



Class-XII Political Science 


Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ



Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ


(খ) চমু প্রশ্নোত্তৰ /(প্রত্যেকটোত ২ নম্বৰকৈ)


প্রশ্ন ১ঃ ভাৰতে গ্ৰহণ কৰিবলগীয়া প্ৰথমটো প্রত্যাহ্বানৰ বিষয়ে উল্লেখ কৰা।
উত্তৰ : ২৭০ নং পৃষ্ঠাৰ ৪ নং প্রশ্ন উত্তৰ চোৱা ।

প্রশ্ন ২ : আমাৰ এটা মুছলিম সংখ্যালঘিষ্ঠ অংশ আছে যিসকল সংখ্যাত ইমান বেছি যে তেওঁলােকে যদি বিচাৰেও, কোনাে ঠাইলৈ যাব নােৱাৰে’-- কোনে কৈছিল আৰু কেতিয়া? 
উত্তৰ : জৱাহৰলাল নেহৰুৱে। ১৯৪৭ চনত ১৫ অক্টোবৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী সকললৈ প্ৰেৰণ কৰা এখন পত্ৰত এনেদৰে কৈছিল।

প্রশ্ন ৩ঃ স্বাধীনতাৰ আগতে ইয়াত এটা দ্বিজাতি তত্ত্ব আছিল’ মুছলিম লীগৰ মন্তব্য। এই তত্ত্বটোত অন্তর্গত দুটা জাতি কি কি?
উত্তৰ : হিন্দু আৰু মুছলিম। 

প্রশ্ন ৪ঃ মহাত্মা গান্ধীক কেতিয়া হত্যা কৰা হৈছিল আৰু কাৰ দ্বাৰা।
উত্তৰ : ১৯৪৮ চনৰ ৩০ জানুৱাৰীত নাথুৰাম গডচেৰ দ্বাৰা মহাত্মা গান্ধীক হত্যা কৰা হৈছিল।

প্রশ্ন ৫ : ব্রিটিছ ভাৰতবৰ্ষ দুটা অঞ্চলত বিভক্ত কৰা হৈছিল। এই দুটা কি কি আছিল?
উত্তৰ : ভাৰতবৰ্য আৰু পাকিস্তান। 

প্রশ্ন ৬ : নিজাম’ মানে কি বুজা?
উত্তৰ : ব্রিটিছ শাসিত ভাৰতবৰ্ষত হায়দৰাবাদৰ শাসকক ‘নিজাম’ বুলি জনা গৈছিল

স্বাধীনতা লাভ কৰাৰ পিছত হায়দৰাবাদক ভাৰতবৰ্ষ আৰু পাকিস্তানত চামিলকৰণক লৈ নিজামে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল।

প্ৰশ্ন ৭/ সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষৰ কোনটো অংশত প্ৰথম নিৰ্বাচন অনুষ্ঠিত হৈছিল?
উত্তৰ : মণিপুৰত। ১৯৪৮ সোণৰ জুন মাহত।

প্ৰশ্ন ৮/ দেশ বিভাজনৰ ফলস্বৰূপে প্ৰভাৱিত হোৱা দুখন ৰাজ্যৰ নাম লিখা?
উত্তৰ : 
  • (ক) জম্মু কাশ্মীৰ, 
  • (খ) হায়ইদৰাবাদ,বেংগল।

প্ৰশ্ন ৯/ এসময়ত কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে থকা দুখন ৰাজ্যৰ নাম লিখা।
উত্তৰ : 
  • (ক) গােৱা আৰু 
  • (খ) চিকিম।

প্রশ্ন ১০ : ৰাজ্যসমূহৰ পুনৰগঠন আইন কেতিয়া গ্ৰহণ কৰা হৈছিল? এই আইনৰ ওপৰত ভিত্তি কৰি সৃষ্টি হােৱা যিকোনাে এখন ৰাজ্যৰ নাম লিখা।
উত্তৰ : ১৯৫৬ চনৰ নৱেম্বৰ মাহত ৰাজ্যসমূহৰ পুনৰগঠন আইন গৃহীত হয়।
এই আইনৰ ওপৰত ভিত্তি কৰি মুঠ ১৪ খন ৰাজ্য যেনে - মহাৰাষ্ট্র, হাৰিয়ানা। গুজৰাট আদি গঠন কৰা হয়।

প্রশ্ন ১১ : “দ্বিৰাষ্ট্র সূত্র’ৰ ধাৰণাটো উল্লেখ কৰা।
উত্তৰঃ মহম্মদ আলী জিন্নাৰ হিন্দু আৰু মুছলমানসকলক দুটা জাতি হিচাপে উল্লেখ কৰি উভয় সম্প্রদায়ৰ বাবে পৃথকে পৃথকে ভাৰতক দ্বিখণ্ডিত কৰি যি দুখন। 
স্বাধীন ৰাষ্ট্রৰ দাবী উত্থাপন কৰিছিল, ইয়ে আছিল দ্বিৰাষ্ট্র তত্ত্ব।

প্রশ্ন ১২ : ৰাজ্য পুনৰ গঠন আইন কেতিয়া গৃহীত হৈছিল? এই আইন অধীনত গঠন হােৱা যি কোনাে এখন ৰাজ্যৰ নাম লিখা।
উত্তৰ : ১৯৫৩ চনত। কেৰালা ৰাজ্য। 

প্রশ্ন ১৩ : স্বাধীন ভাৰতে সন্মুখীন হােৱা প্ৰত্যাহ্ন তিনিটা কি কি আছিল?
উত্তৰঃ 
  • (ক) ঐক্য 
  • (খ) গণতন্ত্র প্রতিষ্ঠা 
  • (গ) বিকাশ আৰু সমৃদ্ধ এই তিনিটা লক্ষ্যক প্রতিষ্ঠা কৰাৰ প্ৰত্যাহ্বান।

প্রশ্ন ১৪ : জম্মু আৰু কাশ্মীৰক বিশেষ মর্যাদা প্রদান কৰা যিকোনাে দুটা ব্যৱস্থাৰ উল্লেখ কৰা।
উত্তৰ : (ক) পৃথক সংবিধানৰ ব্যৱস্থা।
(খ) বিশেষ সাংবিধানিক মর্যাদা প্রদান। 

প্রশ্ন ১৫ : নেহৰুৰ নীতিৰ দুটা নেতিবাচক লক্ষ্য লিখা। 
উত্তৰ : 
  • (ক) দেশৰ শাসনযন্ত্ৰত চৰকাৰৰ আধিপত্য সৃষ্টি কৰা। 
  • (খ) ভাৰতীয় যুক্তৰাষ্ট্ৰত ৰাজনৈতিক কেন্দ্রীকতা প্রতিষ্ঠা। 

প্রশ্ন ১৬ : ৰাজ্যৰ পুনৰগঠন আইনৰ অধীনত কিমানখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চল গঠন কৰা হৈছিল? 
উত্তৰ : ১৪ খন ৰাজ্য আৰু ৬ খন কেন্দ্রীয় শাসিত অঞ্চল গঠিত হৈছিল।

প্রশ্ন ১৭ঃ জাতীয় আন্দোলনৰ নেতৃবৃন্দই কিয় ধর্মনিৰপেক্ষ ৰাষ্ট্রৰ ধাৰণার্ক পােষণ কৰিছিল ? কাৰণ দর্শাৱা। 
উত্তৰ : ভাৰতৰ স্বাধীনতা সংগ্রামী জাতীয় নেতাসকলে ভাৰতবৰ্ষক এখন ধর্মনিৰপেক্ষ দেশ হিচাপে প্রথমৰ পৰাই গণ্য কৰি আহিছিল। 

স্বাধীনতা সংগ্রামৰ নেতাসকলে সকলাে ধৰ্মৰ মানুহৰ প্ৰতি সমানে আচৰণ কৰাৰ পক্ষপাতী আছিল। স্বাধীনতা লাভ আৰু দেশ বিভাজনৰ পাছতাে তেওঁলােকৰ আদৰ্শ একেই আছিল আৰু এতিয়াও আছে।

প্রশ্ন ১৮ঃ ৰাজ্য পুনগঠন আয়ােগৰ অতি গুৰুত্বপূৰ্ণ পৰামৰ্শটো কি আছিল? 
উত্তৰ : ভাষা ভিত্তিক ৰাজ্য পুনগঠন।

প্রশ্ন ১৯ : কেন্দ্রীয় চৰকাৰে নিৰিচৰা বাবে গােৱাক মহাৰাষ্ট্রৰ সৈতে চামিল। কৰা হােৱা নাছিল। ব্যাখ্যা কৰা।
উত্তৰ : ভাৰত চৰকাৰে ১৯৬১ চনৰ ডিচেম্বৰৰ নিশা সশস্ত্র বিজয় আক্রমণ চলাই ১৯৬১ চনৰ ১৯ ডিচেম্বৰক গােৱাক পর্তুগীজ শাসনৰ পৰা মুক্ত কৰিছিল। 

কেন্দ্রীয় চৰকাৰে তেতিয়া গােৱাক মহাৰাষ্ট্ৰৰ লগত চামিল কৰাৰ পৰিৱর্তে এই অঞ্চলক এক কেন্দ্রীয় শাসিত অঞ্চলৰ মর্যাদা দিয়াৰ পক্ষপাতী আছিল।

প্রশ্ন ২০ঃ দেশ বিভাজন সন্দৰ্ভত তলত দিয়া ভাষ্যবােৰৰ কোনটো অসত্য। 
  • (ক) ভাৰত বিভাজন ‘দ্বিৰাষ্ট্র সূত্র’ৰ ফল। 
  • (খ) ধৰ্মৰ ভিত্তিত বিভাজন কৰা প্ৰদেশ দুখন আছিল পঞ্জাৱ আৰু বংগ। 
  • (গ) পূর্ব পাকিস্তান আৰু পশ্চিমে লগালগিকৈ নাছিল। 
  • (ঘ) দেশ বিভাজনৰ আঁচনিয়ে সীমান্তৰ দুয়ো ফাললৈ জনসংখ্যা হস্তান্তৰণৰ এক পৰিকল্পনা সামৰি লৈছিল। 
উত্তৰঃ (ঘ) দেশ বিভাজনৰ আঁচনিয়ে সীমান্তৰ দুয়াে ফাল লৈ জনসংখ্যা হস্তান্তৰণৰ এক পৰিকল্পনা সামৰি লৈছিল।

প্রশ্ন ২১: শ্বিলং কোন ৰাজ্যৰ ৰাজধানী আছিল? সেই ৰাজ্যখনৰ পৰা ইয়াক কেতিয়া আঁতৰাই নিয়া হয় ?
উত্তৰঃ শ্বিলং অসমৰ ৰাজধানী আছিল। ১৯৭২ চনত শ্বিলঙক অসমৰ পৰা আঁতৰাই নিয়া হয়।



(গ) দীঘল প্রশ্নোত্তৰ /প্রত্যেকটোত ৪ নম্বৰকৈ)


প্রশ্ন ১: স্বাধীনতা লাভৰ ঠিক পিছতে ভাৰতে সন্মুখীন হােৱা দুটা প্রত্যাহানৰ বিষয়ে আলােচনা কৰা।
উত্তৰ : ২৭০ নং পৃষ্ঠাৰ ৪ নং প্রশ্ন উত্তৰ চোৱা । 

প্রশ্ন ২: দুই জাতিৰ তত্ত্ব'ৰ বিষয়ে চমুকৈ আলােচনা কৰা। 
উত্তৰ : ১৯০৬ চনত জন্ম হােৱা মুছলিম লীগে ‘দুই জাতি তত্ত্ব’ আগবঢ়াইছিল। এই তত্ত্ব মতে ভাৰতবৰ্ষত প্ৰধানকৈ দুটা জাতিৰ লােক বসবাস করে - হিন্দু আৰু মুছলিম। 

এই তত্ত্বৰ সমর্থকসকলৰ মতে ব্রিটিছসকলে ভাৰতবৰ্ষক দুটা খণ্ডত বিভক্ত কৰি স্বাধীনতা প্রদান কৰিব লাগে। 

তেওঁলােকে মুছলিম জাতিপ্রধান অঞ্চলক লৈ আৰম্ভণিৰ পৰা স্বাধীন পাকিস্তানৰ দাবী তুলি আহিছিল আৰু ব্রিটিছসকলেও এই তত্ত্বৰ ওপৰত ভিত্তি কৰি ভাৰতবর্ষ আৰু পাকিস্তান হিচাপে স্বীকৃতি প্রদান কৰি স্বাধীনতা প্রদান কৰিছিল।

প্রশ্ন ৩ঃ গান্ধীজীৰ কাৰ্যবােৰ কিয় সকলােৱে ভালপােৱা নাছিল ব্যাখ্যা কৰা।
উত্তৰঃ দেশ বিভাজনৰ পিছত গান্ধীজীয়ে সাম্প্রদায়িক একতাৰ বাবে যিবােৰ প্রচেষ্টা গ্ৰহণ কৰিছিল সকলাে ললাকে বিশেষকৈ উগ্র সাম্প্রদায়িক গােটসমূহে সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিল। 

ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব খােজা হিন্দু সাম্প্রদায়িক শক্তিসমূহে গান্ধীক শত্রুজ্ঞান কৰিছিল। গান্ধীক তেওঁলােকে মুছলিম সকলৰ স্বাৰ্থৰ প্ৰতি অধিক সজাগ আৰু সংবেদনশীল বুলি অভিযােগ কৰিছিল। 

তেওঁৰ সাম্প্রদায়িক সম্প্রীতিৰ ভাবধাৰাক বাৰে বাৰে বাধা দিব বিচৰা এই হিন্দু সাম্প্রদায়িক শক্তিসমূহে আনকি তেওঁক হত্যা কৰাৰাে চেষ্টা চলাইছিল। 

অৱশেষত ১৯৪৮ চনৰ ৩০ জানুৱাৰী তাৰিখে নাথুৰাম গডচে তেওঁক দিল্লীৰ সন্ধিয়াৰ প্রার্থনা সভাত প্ৰৱেশ কৰি হত্যা কৰে।

প্রশ্ন ৪ঃ ব্রিটিছ ভাৰতীয় প্রদেশবােৰ কি কি আছিল? সেই প্রদেশবােৰ দেশীয় ৰাজ্যবােৰৰ পৰা কেনেদৰে পৃথক আছিল?
উত্তৰঃ ব্রিটিছ ঔপনিৱেশিক ব্যৱস্থাত ভাৰতবৰ্ষত দুই ধৰণৰ প্ৰদেশ আৰু ৰাজ্য আছিল ব্রিটিছ ভাৰতীয় প্রদেশ আৰু দেশীয় ৰাজ্যবােৰ। 

যিবােৰ প্রদেশ সম্পূর্ণরূপে ব্রিটিছ সংসদৰ নিয়ন্ত্ৰণত আছিল সেইবােৰ আছিল ব্রিটিছ ভাৰতীয় প্রদেশ। এই প্রদেশবােৰৰ কোনাে ধৰণৰ স্বতন্ত্রতা নাছিল। দেশীয় ৰাজ্য আৰু ব্রিটিছ শাসিত প্ৰদেশৰ মাজত বহুতাে প্রভেদ আছিল। 

দেশীয় ৰাজবােৰে বহু ক্ষেত্ৰত স্বতন্ত্রতা লাভ কৰিছিল। ব্রিটিছসকলে এই ৰাজ্যসমূহৰ ৰজাসকলক নিজৰ দেশৰ জনসাধাৰণৰ পৰা হ'ব পৰা বিদ্রোহ তথা বহিঃশত্ৰুৰ আক্ৰমণ - দুয়ােটা ক্ষেত্ৰতে ৰক্ষণাবেক্ষণ প্রদান কৰিছিল। কিন্তু এই ৰাজ্যবােৰেও ব্রিটিছসকলৰ সর্বোচ্চ কর্তৃত্ব মানি হৈছিল।

প্রশ্ন ৫ঃ ভাৰতৰ সৈতে কাশ্মীৰৰ চামিলকৰণৰ ব্যাখ্যা কৰা।
উত্তৰ : কাশ্মীৰৰ পশ্চিম অঞ্চলত দেখা বিভাজনৰ পিছত দাংগা হাংগামা আৰম্ভ হয় আৰু বহু মুছলমান মানুহক হত্যা কৰা হয়। এই ঘটনাই এই অঞ্চলৰ মানুহক কাশ্মীৰৰ মহাৰাজাৰ বিৰুদ্ধে বিদ্রোহ ঘােষণা কৰিবলৈ উচটনি জনায়।

পাকিস্তানে এই সুযােগত পাকিস্তানী জনজাতি সৈন্যক কাশ্মীৰলৈ প্ৰেৰণ কৰে। এই আক্ৰমণত শংকিত হৈ কাশ্মীৰৰ মহাৰাজাই ভাৰত চৰকাৰৰ সহায় বিচাৰে। 

ভাৰত চৰকাৰে তেতিয়া হৰিসিঙক অন্তর্ভুক্তিৰ চুক্তি স্বাক্ষৰ কৰিবলৈ আহ্বান জনায়। হৰিসিঙে উপায় নাপাই এই চুক্তি স্বাক্ষৰ কৰে আৰু কাশ্মীৰৰ নেচনেল কনফাৰেন্সৰ অবিসম্বাদী নেতা শেখ আব্দুলাই অনুমতি প্রদান কৰাত ভাৰতে জম্মু আৰু কাশ্মীৰক ভাৰতৰ অংগ হিচাপে গ্রহণ কৰে। 

প্রশ্ন ৬ঃ হায়দৰাবাদৰ গণ আন্দোলনৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ হায়দৰাবাদৰ শাসক যাক নিজাম বুলি জনা যায়, তেখেত এগৰাকী কট্টৰপন্থী মুছলমান আছিল। তাত হিন্দু প্রজাৰ সংখ্যা অধিক আছিল

হায়দৰাবাদৰ তেলেগুভাষী মানুহখিনি নিজামৰ অত্যাচাৰত অতিষ্ঠ হৈ তেখেতৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি তুলিছিল। লগতে এই মানুহখিনিয়ে ভাৰতৰ লগত চামিল হােৱাৰ পক্ষে পৃষ্ঠপােষকতা কৰিছিল। এই গণ আন্দোলনত পুৰুষৰ লগত মহিলা সকলাে চামিল হৈছিল। 

নিজামে ৰাজাকাৰ নামৰ অর্ধসামৰিক বাহিনী গঠন কৰি বিদ্রোহীসকলৰ ওপৰত অকথ্য অত্যাচাৰ চলাইছিল।

প্রশ্ন ৭ঃ ভাৰতৰ স্বাধীনতা লাভৰ পথটো সেন্দুৰীয়া নাছিল। ব্যাখ্যা কৰা।
উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষ স্বাধীন হৈছিল ঠিকেই কিন্তু ভাৰতবর্ষ দ্বিখণ্ডিত হৈ ভাৰত আৰু পাকিস্তান নামৰ দুখন ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল। 

দুখন ৰাষ্ট্র সৃষ্টিৰ ফলস্বৰূপে দুই ৰাষ্ট্ৰত বাস কৰা সংখ্যালঘু মুছলমান আৰু হিন্দুসকলৰ পাকিস্তান আৰু পূর্ব পাকিস্তানৰ পৰা লাখ লাখ হিন্দু শৰণার্থী ভাৰতবৰ্ষলৈ আহিছিল আৰু সেইদৰে লাখ লাখ মুছলমান শৰণাৰ্থী ভাৰতৰ পৰা পাকিস্তানলৈ গৈছিল। 

দেশ বিভাজিত হৈ স্বাধীনতা লাভ কৰা ভাৰতবৰ্ষত দেশ বিভাজনৰ ফলত প্রায় দহ লাখমান মানুহৰ প্ৰাণ গৈছিল। বহু লুণ্ঠন, বলাকাৰ, ধর্মান্তৰকৰণ, হত্যা আদি সংঘটিত হৈছিল। 

স্বাধীনতা সংগ্ৰামৰ সময়ত ব্রিটিছৰ অত্যাচাৰত যিমান মানুহৰ মৃত্যু হৈছিল তাতকৈ বহু বেছি সংখ্যা মানুহৰ মৃত্যু হৈছিল ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত। 

প্রশ্ন ৮ঃৰাজশাসিত ৰাজ্যবিলাকৰ একত্ৰীকৰণত চৰ্দাৰ বল্লভভাই পেটেলৰ ভূমিকা আলােচনা কৰা। 
উত্তৰ : ৰাজশাসিত ৰাজ্যবােৰৰ অন্তর্ভুক্তিৰ ক্ষেত্ৰত তদানীন্তন ভাৰতবৰ্ষৰ । উপ-প্রধানমন্ত্রী তথা গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল যাক ভাৰতৰ লৌহমানৱ বুলি কােৱা হয়, অতি বিচক্ষণত পৰিচয় দিছিল। পেটেলে সৰু দেশীয় ৰাজ্যবােৰকো ভাৰতত অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈছিল। চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰচেষ্টাত ত্রিবাংকুৰ, হায়দৰাবাদ, মণিপুৰ, কাশ্মীৰ আদি ৰাজ্যবিলাকক ভাৰতত অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈছিল।



(ঘ) দীঘল প্রশ্নোত্তৰ /(প্রত্যেকটোত ৬ নম্বৰকৈ) 


প্রশ্ন ১ঃ স্বাধীন ভাৰতবৰ্ষই সহজভাৱে লাভ কৰিব পৰা দুটা লক্ষ্যৰ বিষয়ে ব্যাখ্যা কৰা।
উত্তৰঃ স্বাধীন ভাৰতবৰ্ষই মূল লক্ষ্য হিচাপে গ্ৰহণ কৰা বিষয়বােৰৰ ভিতৰত কেইটামান হ’ল গণতান্ত্রিক শাসন প্রতিষ্ঠা, ধর্মনিৰপেক্ষতাবাদ, দুখীয়া আৰু পিছপৰা লােকৰ কল্যাণ সাধন, জাতীয় ঐক্য আৰু সংহতি ৰক্ষা কৰা ইত্যাদি। 

এইবােৰৰ ভিতৰত স্বাধীন ভাৰতবৰ্ষই গণতান্ত্রিক শাসন ব্যৱস্থা প্রতিষ্ঠা কৰা আৰু দুখীয়া আৰু পিছপৰা শ্ৰেণীৰ লােকৰ কল্যাণ সাধন কৰা — এই দুটা লক্ষ্য পূৰণ কৰাৰ ক্ষেত্ৰত বহুত কষ্ট কৰিবলগীয়া হােৱা নাছিল। 

১৯৫২ চনৰ ভিতৰত দেশৰ সকলাে অঞ্চলতে সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰ ব্যৱস্থাৰ জৰিয়তে নির্বাচন অনুষ্ঠিত কৰি গণতান্ত্রিক শাসন প্রতিষ্ঠা কৰিবলৈ সফল হৈছিল। ইয়াৰ জৰিয়তে ভাৰত্বৰ্ষই পৃথিৱীৰ ভিতৰত আটাইতকৈ বৃহৎ গণতান্ত্রিক দেশ হিচাপে আত্মপ্রকাশ কৰিছিল। 

দ্বিতীয়টো লক্ষ্য অর্থাৎ দুখীয়াসকলৰ কল্যাণ সাধনৰ জৰিয়তে দেশৰ সর্বাংগীণ উন্নতিৰ পথত অনতিপলমে অগ্ৰসৰ হৈছিল। এই লক্ষ্যৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে বিভিন্ন কল্যাণমূলক আঁচনি প্রণয়ন কৰিছিল।

প্রশ্ন ২ঃ ভাৰতবৰ্ষই গ্ৰহণ কৰিবলগীয়া হােৱা তিনিটা প্রত্যাহ্বানৰ বিষয়ে বিৱৰণ দিয়া।
উত্তৰ : প্ৰথমতে: এখন ৰাষ্ট্র গঠন কৰা, যিখন ৰাষ্ট্ৰত বৈচিত্রৰ মাজত ঐক্য ৰক্ষা কৰা হ'ব। ভাৰতবর্ষ এখন এনেকুৱা ৰাষ্ট্ৰ য'ত বিভিন্ন ভাষা, লােক, ধৰ্ম আৰু সংস্কৃতি আছে। এনে এক অৱস্থাত ভাৰতবৰ্ষ এখন ৰাষ্ট্ৰ হিচাপে বেছি সময় চলিব নােৱাৰে বুলি বহুতে মন্তব্য প্রকাশ কৰিছিল। দেশ বিভাজনে সকলােৰে মনত সন্দেহৰ সৃষ্টি কৰিছিল।

দ্বিতীয়তে: এখন গণতন্ত্রৰ ধাৰণাই সৃষ্টি কৰিছিল এক প্রত্যাহ্বান। ভাৰতীয় সংবিধানত মৌলিক অধিকাৰ আৰু প্রত্যেক নাগৰিকৰ ভােটদানৰ অধিকাৰ আছে। ভাৰতবৰ্ষত প্রতিনিধিত্বমূলক গণতন্ত্র আছে। যাৰ ভিত্তি হ’ল - সংসদীয় চৰকাৰ ব্যৱস্থা। একমাত্র এনেকুৱা গণতান্ত্রিক সংবিধান এখনে প্রকৃত গণতন্ত্র সৃষ্টি কৰিব নােৱাৰে। সংবিধান অনুযায়ী প্রকৃত গণতন্ত্র বিকাশ কৰাটো আছিল আন এটা প্রত্যাহ্বান।

তৃতীয়তে: প্রত্যাহ্বান হ’ল - সমাজৰ সকলাে লােকৰ বিকাশ আৰু হিত চিন্তা কৰা। ভাৰতীয় সংবিধানত মৌলিক অধিকাৰে সমতা আৰু পিছপৰা লােকসকলৰ বাবে বিশেষ গুৰুত্ব প্রদানৰ কথা উল্লেখ কৰিছে। সামাজিক আৰু ধর্মীয় সম্প্রদায়ৰ লােকৰ ক্ষেত্ৰতাে বিশেষ গুৰুত্ব দিছে। সংবিধানত থকা নির্দেশাত্মক নীতিৰ দ্বাৰা কল্যাণকামী লক্ষ্যত উপনীত হােৱাৰ কথাও উল্লেখ কৰিছে। এই ক্ষেত্ৰতাে প্রকৃত প্রত্যাহ্বান হ’ল আর্থিক পৰিৱৰ্তনৰ দ্বাৰা দৰিদ্রতা দূৰ কৰাৰ বাবে প্রয়ােজনীয় নীতিৰ ব্যৱস্থা কৰা।

প্রশ্ন ৩ঃ দেশ বিভাজনৰ ফলাফলৰােৰৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ ১৯৪৭ চনৰ ১৪ আগষ্ট আৰু ১৫ আগষ্ট তাৰিখে ব্রিটিছ চৰকাৰে দ্বিজাতি তত্ত্বৰ ওপৰত ভিত্তি কৰি পাকিস্তান আৰু ভাৰতবর্ষ হিচাপে বিভক্ত কৰি স্বাধীনতা প্রদান কৰে। 

এই দেশ বিভাজনৰ ফলস্বৰূপে বিভিন্ন সংকটৰ সন্মুখীন হ'ব লগীয়া হৈছিল। ইয়াৰ প্ৰভাৱ আছিল সুদূৰপ্ৰসাৰী! এইবোৰৰ বিষয়ে অলপ চমুকৈ উল্লেখ কৰা হ'ল -
  • (ক) হিন্দু আৰু মুছলমানৰ মাজত সা . যাৰ ফলত তাগণন নিৰীহ লােক প্রাণহানি হয়।
  • (খ) শৰণাৰ্থীৰ সমস্যাই দুয়ােখন দেশতে প্রকটৰূপ ধাৰণ কৰিছিল। দুয়ােখন দেশৰ বহুতাে লােকে ওচৰ-চুবুৰীয়া দেশবােৰত শণার্থী হিচাপে থাকিব লগীয়া হৈছিল।
  • (গ) দেশীয় ৰাজ্যবােৰৰ স্থিতিও অতিকৈ গুৰুত্বপূর্ণ সমস্যাৰ সৃষ্টি কৰিছিল। বিশেষকৈ জুনাগড়, কাশ্মীৰ, হায়দৰাবাদ আৰু মণিপুৰক লৈ দুয়ােখন দেশত প্ৰভাৱ পৰিছিল। 
  • (ঘ) দেশ বিভাজনৰ আন এটা গুৰুত্বপূৰ্ণ প্ৰভাৱ হ'ল ৰাজ্যসমূহৰ পুনৰ গঠন। এই সম্পর্কে ভাৰতত ৰাজ্য পুনৰ গঠন আইন গ্রহণ আৰু এটা ৰাজ্য পুনৰ গঠন আয়ােগ গঠন কৰা হৈছিল, যাৰ ফলত ভাৰতৰ ৰাজ্যসমূহক ভাষাৰ ওপৰত ভিত্তি কৰি পুনৰ গঠন কৰা হৈছিল।
  • (ঙ) দেশ বিভাজনে সম্পদ বিভাজনৰ ক্ষেত্ৰতাে প্ৰভাৱ পেলাইছিল। স্বাধীনতা লাভৰ কেইদিনমানৰ ভিতৰতে প্ৰশাসনীয় ব্যৱস্থাৰ উপৰিও ইয়াৰ অন্তর্গত সকলােবােৰ সম্পদৰ দুয়ােখন দেশে ভগাই লােৱাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল।
  • (চ) ধৰ্মৰ ওপৰত ভিত্তি কৰি দেশ বিভাজিত হােৱা বিষয়টো ভাৰতীয় জাতীয় কংগ্ৰেছৰ কিছুমান লােকে সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিল। ইয়াৰ ফলত ভাৰতত হিন্দু সাম্প্রদায়িক শক্তিৰ উত্থান ঘটিছিল আৰু এই আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈয়ে নাথুৰাম গডচে জাতিৰ পিতা মহাত্মা গান্ধীক হত্যা কৰিছিল।

প্রশ্ন ৪ঃ ৰাজ্যসমূহৰ পুনৰ গঠন আয়ােগ কেতিয়া নিযুক্তি দিয়া হৈছিল? ইয়াৰ কার্যাৱলীৰ বিষয়ে আলােচনা কৰা
উত্তৰ : ১৬৮ নং পৃষ্ঠাৰ ৫নং প্রশ্ন উত্তৰ চোৱা।

প্রশ্ন ৫ঃ ১৯৪৭ চনৰ ১৫ অক্টোবৰত মুখ্যমন্ত্ৰীসকললৈ লিখা পত্ৰত পণ্ডিত জৱাহৰলাল নেহৰুৱে কি মতামত প্রকাশ কৰিছিল?
উত্তৰ : জৱাহৰলাল নেহৰুৱে ১৯৪৭ চনৰ ১৫ অক্টোবৰত দেশৰ মুখ্যমন্ত্রী স্কললৈ লিখা চিঠিত উল্লেখ কৰিছিল, ‘আমাৰ ইয়াত মুছলমান সংখ্যালঘু লােক বহুত আছে। 

তেওঁলােকে নিজে ইচ্ছা কৰিলেও আন কলৈকো যাব নােৱাৰে। পাকিস্তানৰ পৰা যিমানেই প্ৰৰােচনা নাহক কিয়, নাইবা তাত থকা অনা মুছলমানখিনিৰ ওপৰত যিমানেই অত্যাচাৰ নহওক কিয় আমি এই সংখ্যালঘুসকলক সন্মানসহকাৰে ব্যৱহাৰ কৰিব লাগিব।  আমি যদি এইখিনি কৰিব নােৱাৰাে তেনেহ'লে আমাৰ ৰাষ্টযন্ত্ৰটোৱেই বিষাক্ত হৈ পৰিব আৰু সিয়ে হয়তাে আমাৰ ধ্বংস মাতি আনিব পাৰে।

প্রশ্ন ৬ : জাতিৰ ভিত্তিত কিদৰে ৰাজ্যসমূহ পুনৰ গঠন কৰা হৈছিল ব্যাখ্যা কৰা।
উত্তৰ : ১৯৫২ চনৰ ডিচেম্বৰ মাহত পৃথক অন্ধ্রপ্রদেশ ৰাজ্য গঠনৰ পিছত আন আন অঞ্চলতাে ভাষা ভিত্তিক ৰাজ্য গঠনৰ দাবী উত্থাপিত হয়। ১৯৫৩ চনত কেন্দ্রীয় চৰকাৰে এখন ৰাজ্য পুনগঠন সমিতি গঠন কৰি দিয়ে। এই সমিতিৰ প্রতিবেদন মর্মে ১৪ খন ৰাজ্য আৰু ৬ খন কেন্দ্রীয় শাসিত অঞ্চল গঠিত হয়। 

ৰাজ্য পুনর্গঠনৰ ফলত বহু সৰু সৰু ৰাজ্য ডাঙৰ ৰাজ্যৰ লগত চামিল হয় আৰু কিছুমান ৰাজ্যৰ কিছু অংশ ফালি আনি আন ৰাজ্যৰ লগত লগ লগােৱা হয়। সেইমতে বােম্বে, মধ্যপ্রদেশ, মহীশূৰ, পাঞ্জাৱ আৰু ৰাজস্থানৰ সীমা বঢ়াই দিয়া হয় কিছুমান দাঁতিকাষৰীয়া সৰু সৰু ৰাজ্য সংলগ্ন কৰি। হায়দৰাবাদ ৰাজ্য বিভাজন কৰি বােম্বে, মহীশুৰ আৰু অন্ধ্রপ্রদেশৰ মাজত ভগাই দিয়া হয়। 

সেইদৰে মাদ্রাজ ৰাজ্যৰ আৰু ত্রিবাংকুৰ কেচিনৰ মালয়ালমভাষী অঞ্চল কাটি আনি কেৰালা ৰাজ্য গঠন কৰা হয়। ১৯৬০ চনত বােম্বেক ভাষা আন্দোলনৰ ফলত বিভাজন কৰি গুজৰাট আৰু মহাৰাষ্ট্ৰ ৰাজ্যৰ সৃষ্টি কৰা হয়। ভাষাভিত্তিক ৰাজ্য গঠনৰ সমস্যা এতিয়াও আছে। ১৯৬৬ চনত পাঞ্জাৱীভাষী অঞ্চলক পঞ্জাৱ আৰু হিন্দীভাষী অঞ্চলক লৈ হাৰিয়ানা নামৰ দুখন পৃথক ৰাজ্য গঠন কৰা হয়। ১৯৭২ চনত খাচি জয়ন্তীয়া পাহাৰ অঞ্চল অসমৰ পৰা কাটি লৈ মেঘালয় ৰাজ্য সৃষ্টি কৰা হয়। 

একে চনতে মণিপুৰ আৰু ত্রিপুৰা ৰাজ্যৰাে সৃষ্টি হয়। ১৯৬৩ চনতে নাগালেণ্ড ৰাজ্য গঠিত হয়। ১৯৮৭ চনত অৰুণাচল প্রদেশ আৰু মিজোৰামৰ সৃষ্টি হয়। ভাষাভিত্তিক সর্বশেষ তেলংগানা ৰাজ্য গঠিত হৈছে।


জাতি গঠনৰ প্ৰত্যাহ্বান প্ৰশ্ন উত্তৰ/ৰাজ্য পুনৰ গঠন আইন কেতিয়া গ্ৰহণ কৰা হৈছিল?/দ্বি জাতি তত্ত্ব সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰা/ৰাষ্ট্ৰ কি?/জাতি ৰাষ্ট্ৰ কি?/প্ৰত্যাহ্বান মানে কি?/ৰাজনৈতিক তত্ত্ব class 11 স্বাধীনতা/ৰাজনৈতিক তত্ত্ব class 11 questions answer/ৰাজনৈতিক তত্ত্ব class 11 chapter 1/ৰাজনৈতিক তত্ত্ব class 11 chapter 2/ৰাজনৈতিক তত্ত্ব class 11 question answer/ৰাজ্য পুনৰ গঠন আয়োগ কেতিয়া গ্ৰহণ কৰা হৈছিল?/ৰাষ্ট্ৰ মানে কি?/ৰাজনৈতিক তত্ত্ব এক চমু পৰিচয় class 11/জাতি আৰু ৰাষ্ট্ৰ/জাতি নিৰ্মাণৰ প্ৰত্যাহ্বান সমূহ/শীতল যুদ্ধৰ উৎপত্তি/স্বতন্ত্রতা ৰক্ষাৰ দুটা উপায়/ৰাজনৈতিক তত্ত্ব class 12/ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য/দ্বিজাতি তত্ত্ব মানে কি?/ভাৰতৰ ৰাজ্য আৰু ৰাজধানী সমূহৰ নাম/জাতি আৰু ৰাজনীতি/জৱাহৰলাল নেহৰু চমু পৰিচয়

Post a Comment

0 Comments

People

Ad Code