Recent in Technology

বিশ্ব ৰাজনীতিত মার্কিন আধিপত্য/ তৃতীয় অধ্যায় (Q&A) Notes (2022)

অনলাইন পঢ়ি ভাল পালে, আমাৰ এই Site [class10assamese.online] টোৰ জৰিয়তে পঢ়িব পাৰিব। এই আৰ্টিকল টোত আমি HS 2nd year/Class-XII(12)(দ্বাদশ শ্ৰেণীৰ Political Science ৰ [Part-A]/ তৃতীয় অধ্যায় বিশ্ব ৰাজনীতিত মার্কিন আধিপত্য Chapter{অধ্যায়} টোৰ সকলোখিনি প্ৰশ্ন উত্তৰ দিয়া হৈছে।

লগতে, আনবোৰ অধ্যায় (chapters) ৰ লিংকবোৰো ক্লিক কৰি পঢ়িব পাৰিব।[ধন্যবাদ]


বিশ্ব ৰাজনীতিত মার্কিন আধিপত্য/ তৃতীয় অধ্যায় notes hs 2nd year




#(ক) অতি চমু প্রশ্নোত্তৰ/(প্রত্যেকটোত ১ নম্বৰকৈ):

প্রশ্ন ১ঃ একমেৰুকৰণ বুলিলে কি বুজা?
উত্তৰ : যেতিয়া পৃথিৱীৰ প্রায়বােৰ ক্ষমতা আৰু প্রতিপত্তি এটা কেন্দ্র বা এখন দেশত কেন্দ্রীভূত হৈ পৰে ইয়াকে একমেৰুকৰণ বােলা হয়।

প্রশ্ন ২ঃ আধিপত্য শব্দটোৰ লগত প্রাচীন ৰােমৰ সম্বন্ধ আছেনে? 
উত্তৰঃ আধিপত্য শব্দটোৰ উৎপত্তিস্থল হ’ল - গ্রীক সাহিত্য। 

প্রশ্ন ৩ : এককেন্দ্রিক পদ্ধতি কি?
উত্তৰ : য'ত ক্ষমতাৰ কেন্দ্ৰ এজনৰ হাতত ন্যস্ত থাকে তাক এককেন্দ্রিক পদ্ধতি বােলে।






প্রশ্ন ৪ঃ অপাৰেশ্যন ডেজার্ট ঈর্মে কি বুজায় ?
উত্তৰ : প্ৰথমতে উপসাগৰীয় যুদ্ধক পাৰস্য উপসাগৰীয় যুদ্ধ বুলি জনা গৈছিল? এই যুদ্ধক ডেজার্ট ঊর্ম (Operation Desert Storra) বুলিও জনা যায়।

প্রশ্ন ৫ : সমসাময়িক বিশ্ব ৰাজনীতিৰ প্ৰসংগত ৯/১১ এ কি সূচায়।।
উত্তৰ : ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়র্কত অৱস্থিত বিশ্ব বাণিজ্য কেন্দ্র (World Trade Central)টো আক্রমণ কৰি যুক্তৰাষ্ট্ৰৰ বৃহৎ ক্ষতিসাধন কৰে। এই আক্রমণে বিশ্ব সন্ত্রাসবাদৰ ব্যপ্তিক সূচায়।

প্রশ্ন ৬ঃ কোন বছৰত ইাকে কুৱেইট আক্রমণ কৰিছিল?
উত্তৰ : ১৯৯০ চনৰ আগষ্টত ইৰাকে কুৱেইট (Kuawit) আক্ৰমণ কৰে । 

প্রশ্ন ৭ : মার্কিন আধিপত্যৰ আৰম্ভণি হৈছিল কেতিয়া? 
উত্তৰ : ১৯৯১ চনৰ পিছৰ পৰা। 

প্রশ্ন ৮ঃ গােলকীয় ৰাজহুৱা পণ্যৰ এটা উদাহৰণ দিয়া। 
উত্তৰ : কম্পিউটাৰ।


Class-XII Political Science(Additional Q/A)





প্রশ্ন ৯ : প্রথম উপসাগৰীয় যুদ্ধৰ সময়ত মার্কিন রাষ্ট্রপতি কোন আছিল ? 
উত্তৰ : জর্জ ডব্লিউ বুচ (George H.W. Bush}।

প্রশ্ন ১০ঃ ৯/১১ৰ আক্ৰমণত কিমান লােক নিহত হৈছিল ? 
উত্তৰ : এই আক্রমণত প্রায় ৩০০০ ৰাে অধিক ব্যক্তিৰ প্রাণ নাশ কৰে।

প্রশ্ন ১১: ৫ মার্কিন যুক্তৰাষ্ট্রৰ বাহিৰত প্রথম এম বি এ পাঠ্যক্রম কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল?
উত্তৰ : ১৯৫০ চনত।

প্রশ্ন ১২ : ১৮৮৮ চনত মার্কিন যুক্তৰাষ্ট্ৰত প্ৰতিষ্ঠা কৰা প্ৰথমখন বাণিজ্যিক স্কুলৰ নাম লিখা।
উত্তৰ : Wharton School. 

প্রশ্ন ১৩ : গােলকীয় গাঁও কি?
উত্তৰ : ৰাষ্ট্ৰসমূহৰ parosporik নিৰ্ভৰশীলতাৰ ওপৰত গঢ়ি উঠা আৰু তেওঁলােকৰ মাজত সহজ যােগাযােগ ব্যৱস্থা থকা বিশ্বক গােলকীয় গাঁও বুলি জনা যায়।

প্রশ্ন ১৪ : গােলকীয় ৰাজহুৱা পণ্যৰ এটা উদাহৰণ দিয়া। 
উত্তৰঃ Internet

প্রশ্ন ১৫: গাঁথনিগত শক্তি হিচাপে আধিপত্যৰ এটা উদাহৰণ দিয়া। 
উত্তৰ : আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধি, বিশ্ববেংক। 



Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ




প্রশ্ন ১৬ : আমেৰিকাই কিয় ইৰাক আক্রমণ কৰিছিল?
উত্তৰঃ ১৯ মার্চ, ২০০৩ চনত আমেৰিকাই Operation Iraaui Freedom নাম লৈ ইৰাক আক্রমণ কৰে। এই আক্রমণৰ প্রধান উদ্দেশ্য আছিল ইৰাকক মাৰণাস্ত্র প্রস্তুত কৰাৰ পৰা বিৰত ৰখা।

প্রশ্ন ১৭ : আমেৰিকান শক্তিৰ এটা প্রতিবন্ধক লিখা। 
উত্তৰঃ বর্তমান কেইবাখনাে ৰাষ্ট্র সামৰিক আৰু অর্থনৈতিকভাৱে শক্তিশালী হৈ উঠিছে আৰু এইদৰে উঠি অহা শক্তিসমূহে বিশ্ব ৰাজনীতিত আমেৰিকাৰ প্রাধান্যৰ প্রতি এক প্রত্যাহ্বান ৰূপে দেখা দিছে।

প্রশ্ন ১৮ : হয়’বা নহয়’লিখা।
পুৰণি গ্ৰীচৰ এথেঞ্চৰ প্রাধান্য অন্যবােৰ চহৰীয়া ৰাজ্যৰ লগত তুলনা কৰিবলৈ, আধিপত্য শব্দটি ব্যৱহাৰ কৰিছিল।
উত্তৰ : হয়। 

প্রশ্ন ১৯ : শূন্যস্থান পূৰণ কৰা - 

(ক) ১৯৫০ চনত আৰম্ভ কৰা যুক্তৰাষ্ট্ৰৰ সামৰিক গৱেষণা সৃষ্টি।
উত্তৰঃ ইণ্টাৰনেট ১৯৫০ চনত আৰম্ভ কৰা যুক্তৰাষ্ট্ৰৰ সামৰিক গৱেষণা সৃষ্টি। 

প্রশ্ন ২০ : Soft Power বা কোমল শক্তি বুলিলে কি বুজা।
উত্তৰ : প্রতিপত্তিৰ সৈতে জড়িত তৃতীয় অর্থ হৈছে ‘সন্মতি গঠন’কৰাৰ ক্ষমতা। ইয়াৰ অৰ্থ হৈছে বিশ্বত কোনাে এখন ৰাষ্ট্রৰ সামাজিক, ৰাজনৈতিক আৰু বিশেষকৈ বিচাৰধাৰা বা আদৰ্শৰ ক্ষেত্ৰত অন্যান্য ৰাষ্ট্রৰ ওপৰত নিজৰ প্ৰভাৱ খটোৱাৰ ক্ষমতা।

প্রশ্ন ২১ : কোন চনত প্রথম উপসাগৰীয় যুদ্ধ আৰম্ভ হয়? 
উত্তৰ : আগষ্ট, ১৯৯০ চনত প্রথম উপসাগৰীয় যুদ্ধ আৰম্ভ হয়। 

প্রশ্ন ২২ : কঠিন শক্তি কি?
উত্তৰ: আধিপত্যৰ প্ৰথম অর্থবা কঠিন শক্তি হ’ল - সামৰিকসমর্থতা। আমেৰিকাৰ সামৰিক আধিপত্য নিৰংকুশ। কোনাে ৰাষ্ট্ৰ বা ৰাষ্ট্ৰসমূহৰ গােটে এই ক্ষেত্ৰত ভাৰসাম্যতা প্রদান কৰিব নােৱাৰে।



Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ




প্রশ্ন ২৩ : গঠনমূলক শক্তি হিচাপে আধিপত্যৰ এটা উদাহৰণ দিয়া। 
উত্তৰ : 
  • যােগাযােগৰ বাবে সাগৰীয় পথ।

প্রশ্ন ২৪ : সমসাময়িক ৰাজনৈতিক পৰিস্থিতিত ৯/১১ৰ লগত কি ঘটনা জড়িত আছিল?
উত্তৰ : আমেৰিকাৰ World Trade Centre ত সন্ত্রাসবাদীসকলৰ আক্রমণ। 

প্রশ্ন ২৫ : বিশ্ব অর্থনীতিত মার্কিন যুক্তৰাষ্ট্ৰৰ অংশ কিমান? 
উত্তৰ : ২৮%। 

প্রশ্ন ২৬ : কি প্রক্রিয়াৰে মার্কিন আধিপত্য প্রতিষ্ঠিত হৈছিল নির্ণয় কৰা।
উত্তৰ : আমেৰিকাৰ দৃঢ় নীতি আৰু নমনীয় নীতিৰ মিশ্ৰণত বিশ্বত আধিপত্য বিস্তাৰ কৰিছিল।

প্রশ্ন ২৭ : অলকায়দা কি? 
উত্তৰঃ অল-কায়দা এটি সন্ত্রাসবাদী সংগঠন



#(খ) চমু প্রশ্নোত্তৰ /(প্রত্যেকটোত ২ নম্বৰকৈ):

প্রশ্ন ১ : আধিপত্য বুলিলে কি বুজা?
উত্তৰ : এখন ক্ষমতাৰ কেন্দ্ৰৰ পৰা আন্তর্জাতিক ব্যৱস্থাক নিয়ন্ত্ৰণ কৰাকে আধিপত্য বােলে।

প্রশ্ন ২: জনজাগৰণৰ সামগ্রী দুটাৰ উদাহৰণ দিয়া।
উত্তৰ : বিশুদ্ধ বায়ু আৰু পথসমূহ (সাগৰীয় পথ)।

প্রশ্ন ৩ : কোনে কাৰ বিৰুদ্ধে "Operation Enduring Freedom" পৰিচালনা কৰিছিল? 
উত্তৰ : ই আছিল আতংকবাদৰ বিৰুদ্ধে বিশ্বব্যাপী যুদ্ধৰ আহ্বান। আমেৰিকাই ৯/১১ আক্ৰমণৰ প্ৰত্যাহ্বান হিচাপে এই সংগ্রাম আৰম্ভ কৰিছিল। '

প্রশ্ন ৪ কেতিয়াৰ পৰা আমেৰিকাৰ আধিপত্য আৰম্ভ হয়?
উত্তৰ : ছােভিয়েট ৰাষ্ট্ৰৰ পতনৰ (১৯৯১) পাছত বিশ্বত মাত্ৰ এটা শক্তি আছিল আৰু সেইটো হ’ল - আমেৰিকা যুক্তৰাষ্ট্র। সেই সময়ৰ পৰায়ে আমেৰিকাৰ আধিপত্য আৰম্ভ হয়।

প্রশ্ন ৫ঃকোনে আৰু কেতিয়া Bretton Woods System আৰম্ভ কৰে? 
উত্তৰ : দ্বিতীয় মহাযুদ্ধৰ পিছত আমেৰিকাই ব্রিটন উডচ পদ্ধতি স্থাপন কৰিছিল। 

প্রশ্ন ৬ : আমেৰিকান আধিপত্যৰ দুটা উৎপাদনৰ উল্লেখ কৰা। 
উত্তৰ : আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধি, বিশ্ব বাণিজ্য সংস্থা। 

প্রশ্ন ৭ : Bandwagon পৰিকল্পনা কি?
উত্তৰ : এই পদ্ধতি অনুসৰি প্রতিপত্তিশালী দেশৰ বিৰুদ্ধাচৰণ কৰাৰ পৰিৱর্তে এনে ধৰণৰ পৰামর্শ দিয়া হয় যাতে ৰাষ্ট্রসমুহে এই প্রতিপত্তিশালী ৰাষ্ট্ৰীয় ব্যৱস্থাৰ লগত থাকি নিজৰ সা-সুবিধাখিনি আদায় কৰি লয়।

প্রশ্ন ৮ : বিকল্পঅর্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাই আমেৰিকাৰ আধিপত্যক নিয়ন্ত্রণ কৰিব পাৰিবনে?
উত্তৰঃ সমসাময়িক ৰাজনৈতিক পৰিস্থিতিত আমেৰিকাক অকলে বা সন্মিলিতভাৱে কোনাে ৰাষ্ট্ৰই নিয়ন্ত্রণ কৰাৰ অৱস্থাত নাই। 

তথাপি বহুতে বিশ্বাস কৰে যে কিছু বেচৰকাৰী প্রতিষ্ঠান (NGOs), সামৰিক আন্দোলন বা বিশ্বজনমতে কিছু পৰিমাণে হলেও আমেৰিকাক নিয়ন্ত্রণ কৰিব পাৰিব।

প্রশ্ন ৯ : সমসাময়িক বিশ্ব ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত ৯/১১ ই কোনটো ঘটনাক সূচায়?
উত্তৰঃ ১১ছেপ্টেম্বৰ ২০০১ চনত, ১৯ জন উগ্রবাদী অপহৰণকাৰী যিসকলে বিভিন্ন আৰৱ ৰাষ্ট্রৰ বাসিন্দা আছিল। তেওঁলােকে আমেৰিকাৰ চাৰিখন ব্যৱসায়িক বিমানৰ ওপৰত নিজৰ নিয়ন্ত্রণ স্থাপন কৰে। ইয়াৰে একোখন বিমানৰ সহায়ত আমেৰিকাৰ একো একোটা বিশাল অট্টালিকা যেনে নিউয়ৰ্কৰ বিশ্ব বাণিজ্য কেন্দ্র, পেন্টাগন আদি অট্টালিকাক বিস্ফোৰণৰ সহায়ত ধ্বংস কৰে।

প্রশ্ন ১০ : 'Operation Desert Storm' কি?
উত্তৰ : ১৯৯০ চনৰ আগষ্ট মাহত ইৰাকে কুৱেইট আক্রমণ কৰি দখল কৰি লয়। ইৰাকৰ ওপৰত নানা ধৰণৰ কূটনৈতিক হেঁচা সত্ত্বেও ইৰাকে কুৱেইট ত্যাগ কৰিবলৈ মান্তি নােহােৱাত ৰাষ্ট্ৰসংঘই ইৰাকৰ বিৰুদ্ধে সামৰিক অভিযান গ্ৰহণ কৰিবলৈ স্থিৰ কৰে। 

৩৪ খন ৰাষ্ট্ৰৰ পৰা ৬৬০,০০০ সৈন্যবাহিনীয়ে ইৰাকৰ বিৰুদ্ধে যুদ্ধত অৱতীর্ণ হৈ ইৰাকক পৰাস্ত কৰে। ইয়াকে প্রথম উপসাগৰীয় যুদ্ধ বুলি জনা যায়। আৰুৰাষ্ট্ৰসংঘৰ এই পৰিকল্পিত আক্রমণক 'Operation Desert Storm' বুলি জনা যায়। ইয়াৰ নেতৃত্ব প্রদান কৰিছিল আমেৰিকান জেনেৰেল Norman Schwarzkopf.

প্রশ্ন ১১ : নমনীয় শক্তি হিচাপে আধিপত্য কি? 
উত্তৰ : আধিপত্য বিস্তাৰ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্রসমূহে কেতিয়াবা দৃঢ় নীতি অৱলম্বন কৰে। আৰু কেতিয়াবা নমপন্থাৰ আশ্রয় লােৱা দেখা যায়।

ৰাষ্ট্রসমূহে নমপন্থা অৱলম্বন কৰিও নিজৰ আদৰ্শৰ প্রতি অন্য ৰাষ্ট্ৰক আকৃষ্ট কৰাৰ প্রচেষ্টা চলায়। বিশেষকৈ বুজনি, সন্মতি গ্রহণ, ভাৱৰ আদান-প্রদান আদিৰ জৰিয়তে কোনাে ৰাষ্ট্ৰই নিজৰ আধিপত্য বিস্তাৰ কৰিব পাৰে।

প্রশ্ন ১২ : আমেৰিকাৰ প্রভুত্বৰ দুটা ফল উল্লেখ কৰা। 
উত্তৰঃ 
  1. আমেৰিকা যুক্তৰাষ্ট্র বিশ্ব ৰাজনীতিত অদ্বিতীয় বৃহৎ শক্তি হৈ থাকিল।
  2. দ্বিপাক্ষিক আৰু গােষ্ঠী (block) ৰাজনীতিৰ অন্ত পৰে। 


#(গ) দীঘল প্রশ্নোত্তৰ : (প্রত্যেকটোত ৪ নম্বৰকৈ):

প্রশ্ন ১ : গুৱাণ্টামাম বেকি?ইয়াৰ তাৎপর্য লিখা।
উত্তৰ : গুৱাণ্টাম বে কিউবাৰ নৌ ঘাটি। যুক্তৰাষ্ট্রৰ ৯/১১ প্রত্যুত্তৰ দ্রুত আৰু নিষ্ঠুৰ আছিল। যুক্তৰাষ্ট্ৰৰ সেনাই গােটেই পৃথিৱীত মানুহবােৰ আটক আৰু দেশান্তৰিত কৰি জেলত আবদ্ধ কৰি থৈছিল। ইয়াৰে কিছুমানক কিউবাৰ গুৱান্টানাম নৌ ঘাটিত ৰাখিছিল। এই বন্দীসকল অতি দুর্দশাগ্রস্ত অৱস্থাত আছিল।

  • 1/ এই অঞ্চলৰ বন্দীসকলে আন্তর্জাতিক আইনৰ পৰা কোনাে ধৰণৰ ৰক্ষণাবেক্ষণ পােৱা নাছিল, নিজৰ দেশ বা আমেৰিকাৰ আইনী ব্যৱস্থাৰ পৰাও কোনাে সহায় পােৱা নাছিল।
  • 2/ ৰাষ্ট্ৰসংঘৰ প্রতিনিধিসকলকো এওঁলােকক সাক্ষাৎকৰিবলৈ দিয়া হােৱা নাছিল।

প্রশ্ন ২ : আমেৰিকাই ইৰাকক কিয় আক্রমণ কৰিছিল?
উত্তৰঃ ১৯ মার্চ, ২০০৩ চনত আমেৰিকাই ইৰাকৰ বিৰুদ্ধে Operation Iraqi Freedom ৰ ছন্মনামত সামৰিক অভিযান আৰম্ভ কৰিছিল। ৰাষ্ট্ৰসংঘই ইৰাক আক্ৰমণৰ সন্মতি নিদিয়াত যুক্তৰাষ্ট্রৰ পৰিচালনাত চল্লিশখনতকৈয়াে বেছি ইচ্ছুক দেশৰ সংযােগ ঘটে। 

এই আক্রমণৰ মূল উদ্দেশ্য আছিল ইৰাকৰ বৃহৎ ধ্বংসকাৰী অস্ত্র বিকাশত বাধা দিয়া। যিহেতু ইৰাকত বৃহৎ ধ্বংসকাৰী অস্ত্র কোনাে সম্ভেদ পােৱা নাছিল। গতিকে এই আক্রমণৰ উদ্দেশ্য ইৰাকৰ তৈল ক্ষেত্ৰৰ ওপৰত দমন আৰু যুক্তৰাষ্ট্রপক্ষীয় শাসন প্রৱৰ্তন আছিল বুলি ধাৰণা কৰা যায়।

প্রশ্ন ৩ : আমেৰিকা আৰু ভাৰতৰ মাজৰ সম্পর্ক চমুকৈ লিখা। 
উত্তৰ : বিৰােধৰ বিষয়সমূহঃ

  • 1/ভাৰতৰ ছােভিয়েট ৰাছিয়াৰ লগত সুসম্পর্ক : শীতল যুদ্ধৰ কালছােৱাত ভাৰতৰ ছােভিয়েট ৰাছিয়াৰ লগত সুসম্পর্ক আমেৰিকাই ভাল চকুৰে চোৱা'নাছিল।
  • 2/ ভাৰতৰ গােষ্ঠীনিৰপেক্ষ নীতিঃ আমেৰিকাইভাৰতৰ গােষ্ঠীনিৰপেক্ষনীতিক ভাল পােৱা নাছিল।
  • 3/ আমেৰিকাৰ পাকিস্তানৰ প্রতি বন্ধুত্বপূর্ণ ব্যৱহাৰ : আমেৰিকাৰ পাকিস্তানৰ প্ৰতি থকা বন্ধুত্বপূর্ণ ব্যৱহাৰক সদায় ভাৰতে সন্দেহৰ চকুৰে চাইছে। লগতে ভাৰতপাকিস্তান যুদ্ধৰ সময়ত আমেৰিকাৰ পাকিস্তানক সর্বতােপ্ৰকাৰে সহায় কৰাত ভাৰত অসন্তুষ্ট হৈছিল।
  • 4/ সহযােগিতাৰ বিষয়সমূহ : বর্তমান ভাৰত আৰু আমেৰিকাৰ মাজত বিশেষকৈ প্রযুক্তিকৰণৰ ক্ষেত্ৰত আৰু আমেৰিকাত বসবাস কৰা অনাবাসীয় ভাৰতীয়সকলৰ আমেৰিকাৰ বিভিন্ন খণ্ডত অংশ গ্রহণৰ জৰিয়তে উভয়ৰ মাজত সু-সম্পর্ক বৃদ্ধি পাইছে। Software ৰ ক্ষেত্ৰত ভাৰতৰ ৰপ্তানিৰ 67% আমেৰিকালৈ যায়। তিনি লাখ ভাৰতীয় “ছিলিকন ভেলি’ত কাম কৰে। আমেৰিকাৰ উচ্চ প্রযুক্তিকৰণৰ 15% ভাৰতীয় বংশােদ্ভূত আমেৰিকানসকলে আৰম্ভ কৰিছে। উভয় দেশৰ আমদানি ৰপ্তানি ক্ষেতাে সম্পর্ক যথেষ্ট শক্তিশালী হৈছে।

প্রশ্ন ৪ : সমসাময়িক কালত আমেৰিকাৰ আধিপত্য বুলিলে কি বুজা? আমেৰিকাৰ আধিপত্যৰ দুটা প্রত্যাহ্বান কি কি?
উত্তৰ : এখন ক্ষমতাৰ কেন্দ্ৰৰ পৰা আন্তর্জাতিক ব্যৱস্থাক নিয়ন্ত্রণ কৰাকে আধিপত্য বােলে। আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাত এক কেন্দ্রীয় শক্তিৰ ব্যাখ্যাৰ বাবে ‘আধিপত্য’শব্দটোৱেই বেছি উপযুক্ত।

প্রত্যাহ্বানসমূহ : 1/ আমেৰিকাৰ সাংবিধানিক বিচ্যুতি হয়তাে আমেৰিকাৰ ক্ষমতাৰ প্ৰত্যাহ্বানৰ বাবে দায়ী হ'ব পাৰে। সংবিধানে আমেৰিকাৰ কাৰ্যপালিকা, আইন বিভাগ আৰু বিচাৰ বিভাগক স্বতন্ত্র কৰি দিয়াৰ লগতে এটা বিভাগে আনটো বিভাগৰ ওপৰত নিয়ন্ত্রণ আৰােপ কৰিব পাৰে। এনে ক্ষেত্ৰত আমেৰিকাৰ কাৰ্যপালিকাই গ্ৰহণ কৰা বিভিন্ন সামৰিক নীতি আৰু নিয়ন্ত্রণহীন সামৰিক শক্তি প্রয়ােগৰ ওপৰত আইন বিভাগে বাধা আৰােপ কৰিব পাৰে।

2/ দ্বিতীয় বিচ্যুতিও আমেৰিকাৰ সমাজ ব্যৱস্থাৰ লগত জড়িত। আমেৰিকান সমাজ এক মুক্ত সমাজ। আমেৰিকাৰ গণমাধ্যমে সময়ে সময়ে দেশৰ আভ্যন্তৰীণ নীতিৰ ওপৰত জনমত গঠন কৰে আৰু চৰকাৰৰ কার্যপ্রণালীৰ ওপৰত দৃষ্টি ৰাখে। 

প্রশ্ন ৫ : বিশ্ব গাঁওখনত ৰাষ্ট্ৰবিলাকৰ ভূমিকা কি?
উত্তৰ : পৃথিৱীৰ সকলােবােৰ ৰাষ্ট্ৰই এতিয়া যেন এখন ‘বিশ্ব গাঁও'ত বাস কৰে। এই ‘বিশ্ব গাঁও'ত সকলােবােৰ ৰাষ্ট্ৰই গাঁওবুঢ়াৰ প্রতিবেশী। 

কিন্তু যদি গাঁওবুঢ়াৰ ব্যৱহাৰ ৰাষ্ট্ৰসমূহৰ বাবে অসহনীয় হয় তথাপি তেওঁলােকে ‘বিশ্বগাঁও এৰি যাব নােৱাৰে কাৰণ ইয়াৰ কোনাে বিকল্প পৃথিৱী বা গাঁও নাই। তেতিয়া এই ৰাষ্ট্ৰসমূহৰ একমাত্র হাতিয়াৰ হৈছে প্রতিবন্ধকতা গঢ়ি তােলা।



#(ঘ) অতি দীঘল প্রশ্নোত্তৰ(প্রত্যেকটোত ৬ নম্বৰকৈ):

প্রশ্ন ১ : আধিপত্যৰ বিভিন্ন প্রকাৰ উল্লেখ কৰা। প্রত্যেকটোৰ উদাহৰণ দিয়া। 
উত্তৰ : 1/ কঠিন শক্তি হিচাপে আধিপত্য : প্রথমে আধিপত্য শব্দটোৱে দেশৰ মাজত সম্বন্ধ, ধাৰণা আৰু সামৰিক শক্তিৰ ভাৰসাম্য বুজাইছিল। 

এই ক্ষেত্ৰত বর্তমান বিশ্ব ৰাজনীতিত যুক্তৰাষ্ট্ৰৰ স্থান আৰু ভূমিকালৈ লক্ষ্য কৰি আধিপত্য শব্দটোৱে সামৰিক শ্রেষ্ঠতা বুজাবলৈ বিশেষ যুক্তিযুক্ততা আছে। আমেৰিকাৰ সামৰিক একাধিপত্য সম্পূর্ণ অতুলনীয়। সম্পূর্ণতাৰ ক্ষেত্ৰত আজি যুক্তৰাষ্টই পৃথিৱীৰ যিকোনাে বিন্দুত সঠিক সময়ত নিখুঁতভাৱে আঘাত কৰি শত্রুপক্ষক অসমর্থ কৰিব পাৰে।

আমেৰিকাৰ ইৰাক আক্রমণে ইয়াৰ যুদ্ধ জয় কৰাৰ শক্তি যে অলংঘনীয় এয়া প্রমাণ কৰে আৰু এই ক্ষেত্ৰত অধিক ভয়াবহ কথাটো হ'ল যে বর্তমান তেওঁলােকৰ ওচৰ চাপিব পৰা এনে কোনাে শক্তি পৃথিৱীত নাই।

2/ গাঁথনিগত ক্ষমতা : আধিপত্যৰ দ্বিতীয় ভাৱধাৰাটো প্ৰথমটোতকৈ সম্পূর্ণ। বেলেগ। বিশ্ব অর্থনীতিৰ এক বিশেষ অৱস্থা বুজাবলৈ ইয়াৰ উৎপত্তি হৈছে। ইয়াৰ মূল ভাবটো হৈছে যে বিশ্ব অর্থনীতি জন্ম দিবলৈ আৰু বাহাল ৰাখিবলৈ আধিপত্যিক শক্তিৰ আৱশ্যক। 

আধিপত্যিক শক্তিটোৰ সামর্থ্য আৰু শৃঙ্খলাবদ্ধতাৰ বাবে নির্দিষ্ট বিধি তৈয়াৰ কৰাৰ ইচ্ছা থাকিব লাগিব আৰু ই বিশ্ব গাঁথ নিৰ গ্রহণযােগ্য হ'ব লাগিব। আধিপত্যিক শক্তিটোৱে সাধাৰণতে নিজৰ সুবিধাৰ বাবে এইটো কৰে।

যুক্তৰাষ্ট্রই যােগাৰ দিয়া বিশ্বৰ জনসাধাৰণৰ সামগ্ৰীত আধিপত্যিক শক্তিৰ দ্বিতীয় ভাবধাৰাটো প্রকাশ পায়। জনসাধাৰণৰ সামগ্ৰী বুলিলে বিশুদ্ধ বায়ু আৰু সাগৰীয় পথসমূহ বা বিশ্বব্যাপী সংযােগ (Internet) ব্যৱস্থাক বুজায়।

এক কথাত ক'বলৈ গ'লে বিশ্বৰ মুক্ত অর্থনৈতিক ব্যৱস্থাক নিজৰ ইচ্ছা অনুসৰি পৰিচালনা কৰাৰ আমেৰিকা ইচ্ছা এনে দেশৰ বাবে জৰুৰী হৈছে যে এই দেশৰ হাতত ব্যৱস্থাখিনি কার্যকৰী কৰাৰ বাবে নিয়ম-নীতি কার্যকৰী কৰাৰ ক্ষমতা আৰু ইচ্ছা থাকিব লাগিব আৰু বিশ্ব মুক্ত অর্থনীতিক বজাই ৰাখিব লাগিব।

3/ নৰম শক্তি হিচাপে আধিপত্য : আধিপত্যৰ সৈতে জড়িত তৃতীয় অর্থ হৈছে সন্মতি গঠন কৰাৰ ক্ষমতাৰ লগত। ইয়াৰ অৰ্থ হৈছে বিশ্বত কোনাে এখন ৰাষ্ট্রৰ সামাজিক, ৰাজনৈতিক আৰু বিশেষকৈ বিচাৰধাৰা বা আদৰ্শৰ ক্ষেত্ৰত অন্যান্য ৰাষ্ট্রৰ ওপৰত নিজৰ প্ৰভাৱ খটোৱাৰ ক্ষমতা।

আমেৰিকান সংস্কৃতি বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী সংস্কৃতি। আমেৰিকাৰ এই ‘গুণ বা উপাদানক ‘Soft Power বােলে। ইয়াৰ অৰ্থ হৈছে শক্তি প্রয়ােগৰ পৰিৱর্তে মানুহক প্ৰভাৱান্বিত কৰা।

ভাল জীৱন-যাপন কৰা বা ব্যক্তিগত সাফল্য আদর্শ বা বিশ্বজুৰি ব্যক্তিসকলক সপােন কার্যকৰী কৰাৰ ইচ্ছা বাস্তৱত আমেৰিকাত সফল হােৱা দেখা গৈছে। আৰু ভাল জীৱন যাপনৰ আদৰ্শৰ দ্বাৰা বিশ্বৰ মানুহ প্ৰভাৱান্বিত হৈছে।

শীতল যুদ্ধৰ কালছােৱাত আমেৰিকাৰ প্রতিদ্বন্দ্বী দেশ ছােভিয়েট ৰাছিয়াত এয়ােৰ ‘Blue Jeans' বিদেশী অতিথিসকলৰ পৰা ক্ৰয় কৰাৰ বাবে নিজৰ গােটেই বছৰৰ দৰ্মহা খৰচ কৰিবলৈ কুণ্ঠাবােধ কৰা নাছিল।

শীতলযুদ্ধৰ কালছােৱাত আমেৰিকাই সামৰিক দিশত ছােভিয়েট ৰাছিয়াক ৰাস্ত কৰিব নােৱাৰিলেও ‘Soft Power' বা সাংস্কৃতিক আৰু মানুহৰ জীৱনৰ মানদণ্ড ৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াক পৰাস্ত কৰিব পাৰিছিল।

প্রশ্ন ২ : আমেৰিকান প্রতিপত্তিৰ প্ৰত্যাহ্বানসমূহ কি কি ?
উত্তৰঃ ইতিহাসক বিশ্লেষণ কৰিলে দেখিবলৈ পােৱা যায় যে ইয়াৰ অন্তর্নিহিত বিসংগতিয়ে ইয়াৰ পতনৰ কাৰণ আৰু আমেৰিকাৰ যদি ভৱিষ্যতে পতন ঘটে তেনেস্থলত ইয়াৰ কাৰণাে আমেৰিকাৰ অন্তর্নিহিত বিসংগতি। 

(ক) আমেৰিকাৰ সাংবিধানিক বিচ্যুতি হয়তাে আমেৰিকাৰ ক্ষমতাৰ প্ৰত্যাহ্বানৰ বাবে দায়ী হ'ব পাৰে। সংবিধানে আমেৰিকাৰ কাৰ্যপালিকা, আইন বিভাগ আৰু বিচাৰ বিভাগক স্বতন্ত্র কৰি দিয়াৰ লগতে এটা বিভাগে আনটো বিভাগৰ ওপৰত নিয়ন্ত্রণ আৰােপ কৰিব পাৰে। 

এনে ক্ষেত্ৰত আমেৰিকাৰ কাৰ্যপালিকাই গ্রহণ। কৰা বিভিন্ন সামৰিক নীতি আৰু নিয়ন্ত্রণহীন সামৰিক শক্তি প্রয়ােগৰ ওপৰত আইন বিভাগে বাধা আৰােপ কৰে। 

(খ) দ্বিতীয় বিচ্যুতিও আমেৰিকাৰ সমাজ ব্যৱস্থাৰ লগত জড়িত। আমেৰিকান সমাজ এক মুক্ত সমাজ। আমেৰিকাৰ গণমাধ্যমে সময়ে সময়ে দেশৰ আভ্যন্তৰীণ নীতিৰ ওপৰত জনমত গঠন কৰে আৰু চৰকাৰী কার্যপ্রণালীৰ ওপৰত দৃষ্টি ৰাখে।

(গ) তৃতীয় প্রত্যাহ্বান আমেৰিকাৰ ক্ষেত্ৰত আটাইতকৈ জৰুৰী। আন্তর্জাতিক ক্ষেত্ৰত এটা মাত্র সংগঠনে আমেৰিকাক শক্তি প্রয়ােগৰ ক্ষেত্ৰত বাধা আৰােপ কৰিব পাৰে আৰু এই সংগঠন হৈছে NATO। 

আমেৰিকাই সদায় NATO সদস্য ৰাষ্ট্ৰসমূহক সন্তুষ্ট ৰাখিব বিচাৰে আৰু তেনে পৰিস্থিতিত NATO দেশসমুহে প্রয়ােজনত বন্ধুত্ব বজাই ৰখাৰ ভাবুকি দি পাৰে। 

প্রশ্ন ৩ : ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ ক্ষেত্ৰত বর্তমান কালত দেখা দিয়া নতুন দিশসমূহৰ বিষয়ে লিখা। 
উত্তৰ : শীতল যুদ্ধৰ কালছােৱাত ছােভিয়েট ইউনিয়নৰ লগত ভাৰতবৰ্ষৰ ঘনিষ্ঠ বন্ধুত্ব আছিল। ছােভিয়েট ইউনিয়নৰ পতনৰ পিছত বাঢ়ি অহা বিৰােধ, 'আন্তঃৰাষ্ট্ৰীয় পৰিৱেশত হঠাতে ভাৰতবৰ্ষই নিজকে বন্ধুহীন অৱস্থাত পায় ।

তথাপিতাে এই সময়ছোৱাত ভাৰতবৰ্ষই নিজৰ তাহনিীতি শিথিল কৰি বিশ্ব অর্থনীতিৰ লগত চামিল কৰিবলৈ সিদ্ধান্ত লয়। এই নীতি আৰু ভাৰতবৰ্ষৰ বৰ্তমানৰ আকর্ষণীয় আর্থিক বৃদ্ধিৰ হাৰৰ বাবে দেশখনে যুক্তৰাষ্ট্রকে ধৰি বহুকেইখন দেশক আকর্ষণীয় আর্থিক অংশীদাৰী কৰিছে। 

বর্তমান সময়ত ভাৰত যুক্তৰাষ্ট্রৰ সম্বন্ধত দুটা নতুন উপাদান উদ্ভৱ হৈছে। এই উপাদান দুটা হ’ল - কাৰিকৰী জ্ঞান সম্বন্ধীয় বিস্তাৰ আৰু ভাৰতীয় আমেৰিকানসকৰ আদান-প্রদান সম্পর্কীয়। এই উপাদান দুটা পৰস্পৰ সম্বন্ধীয়। যেনে -

  • 1/ ভাৰতৰ ছফটৱেৰ খণ্ডৰ মুঠ ৰপ্তানি প্রায় ৬৫ শতাংশ যুক্তৰাষ্ট্ৰই লয়।
  • 2/ বয়িং কোম্পানীৰ আনুমানিক ৩৫ শতাংশ কাৰিকৰী কৰ্মচাৰী ভাৰতীয় মূলৰ।
  • 3/ চিলিকন ভেলিত প্রায় ৩০০০০০ ভাৰতীয়ই কাম কৰে।
  • 4/ সকলােবোেৰ উচ্চ কাৰিকৰী উদ্ভাৱনৰ ক্ষেত্ৰত ১৫ শতাংশ ভাৰতীয় মূলৰ আমেৰিকানসকলে কৰিছে।

প্রশ্ন ৪ : আমেৰিকাৰ গাঁথনিগত আধিপত্যৰ ক্ষেত্ৰত এক উল্লেখযােগ্য উদাহৰণ হৈছে এক শিক্ষাগত সন্মান (Degree) অর্থাৎ MBA বা Master of Business Administration ব্যাখ্যা কৰা। 
উত্তৰ : ব্যৱসায় পৰিচালনাৰ ক্ষেত্ৰত যে বিশেষ শিক্ষাৰ প্ৰয়ােজন এই বিষয়ে আমেৰিকাই বিশ্বক শিকাইছিল। ব্যৱসায় পৰিচালনাৰ বাবে শিক্ষাগত মাষ্টাৰ উপাধি (MBA) যুক্তৰাষ্ট্ৰৰ গঠনমূলক শক্তিৰ এটা উত্তম উদাহৰণ। 

ব্যৱসায় এনে এটা বৃত্তি যি কৌশল/নিপুণতাৰ ওপৰত নিৰ্ভৰ কৰে আৰু এই বিদ্যা। বিশ্ববিদ্যালয়ে শিকাব পাৰে। পৃথিৱীৰ প্ৰথমখন বাণিজ্যিক বিদ্যালয় হােৱার্টন পেন্সিলভেনিয়া বিশ্ববিদ্যালয়ে ১৮৮১ চনত স্থাপন কৰে। প্রথম এম বি এ পাঠ্যক্রম ১৯০০ চনৰ আশে-পাশে আৰম্ভ হয়। 

যুক্তৰাষ্ট্ৰৰ বাহিৰত প্রথমে এম ব এ পাঠ্যক্ৰম আৰম্ভ হৈছিল ১৯৫০ চনত। বর্তমান পৃথিৱীত এনে কোনাে দেশ নাই যত MBA পাঠ্যক্রম গ্রহণ কৰাৰ ব্যৱস্থা নাই। আৰু বেছিভাগ অভিভাৱকে বিচাৰে যে ব্যৱসায়ত পাৰদৰ্শিতা লাভ কৰাৰ কাৰণে তেওঁলােকৰ সন্তানেও MBA Degree লােৱ উচিত।


class 12 political science notes in assamese medium/সমসাময়িক বিশ্ব ৰাজনীতিত ৯ ১১ বুলি কোনটো ঘটনাক বুজোৱা হয়?/political science class 12 notes assamese medium/hs 2nd year political science notes in assamese/class 12 assamese question answer chapter 3/আধিপত্য বুলিলে কি বুজা?/ahsec notes/এক মেৰু বিশিষ্ট বিশ্ব বুলিলে কি বুজা?/political science class 11 chapter 1 notes in assamese/political science class 12 notes assamese/political science class 12 assamese medium/political science class 12 chapter 3 notes in hindi/আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বৰ ৰাজনীতিত আধিপত্য/political science class 12 ahsec/class 12 assamese notes/class 12 assamese chapter 3 question answer/political science assamese medium class 12/notes hs 1st year political science question answer in assamese/class 12 political science assamese medium/গণমাধ্যম বুলিলে কি বুজা?/বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য/political science class 11 assamese medium/education শব্দটোৰ উৎপত্তি ব্যাখ্যা কৰা/political science class 12 in assamese/class 11 assamese medium political science question answer/অসমীয়া class 12/chapter 3 class 12 political science notes/class 12 assamese question answer chapter /ahsec political science book

Post a Comment

0 Comments

People

Ad Code