Recent in Technology

পৰিৱেশ আৰু প্রাকৃতিক সম্পদ - [অষ্টম অধ্যায়] {Q&A} - (Notes 2022)

Class-XII(12)/Political Science-[Q/A][Notes][Solutions]-2022 [Free Learning Online][in Assamese][পৰিৱেশ আৰু প্রাকৃতিক সম্পদ][অষ্টম অধ্যায়][Part-A]



পৰিৱেশ আৰু প্রাকৃতিক সম্পদ - [অষ্টম অধ্যায়] {Q&A} - (Notes 2022)




(পৰিৱেশ আৰু প্রাকৃতিক সম্পদ)






(ক) অতি চমু প্রশ্নোত্তৰ : প্রত্যেকটোত ১ নম্বৰকৈ:


প্রশ্ন ১: UNEP ৰ সম্পূর্ণ নাম কি? 
উত্তৰ : United Nations Environinent Programme. 


প্রশ্ন ২ : ভূশীর্ষ সন্মিলন’ কি? 
উত্তৰঃ ১৯৯২ চনৰ জুন মাহত ব্রাজিলৰ ৰাজধানী চহৰ ৰিঅ’দা জেনেৰিঅ'ত অনুষ্ঠিত হােৱা ৰাষ্ট্ৰ সংঘৰ পৰিবেশ আৰু উন্নয়ন বিষয়ক সভাখনক ‘ভুশীর্ষ সন্মিলন’ বুলি জনা যায়।

প্রশ্ন ৩ঃ ভাৰতবৰ্ষই কেতিয়া কী য়টো আচৰণ বিধিখন চহী কৰে? 
উত্তৰ : ভাৰতে ২০০২ চনৰ আগষ্ট মাহত চহী কৰে। 


হয় নে নহয়’ লিখা

প্রশ্ন ৪ঃ ‘ৰিঅ’ সম্মিলনে ২১ দফীয়া কাৰ্যসূচী গ্রহণ কৰিছিল। 
উত্তৰ : হয়।

প্রশ্ন ৫ঃ ৰিঅ' সন্মিলনে এজেণ্ডা - ২১ নামৰ উন্নয়নমূলক প্রকৰণৰ এক তালিকাত অনুমােদন জনাইছিল ?
উত্তৰ : হয়। 


প্রশ্ন ৬ : UNFCCCৰ সম্পূর্ণ নাম কি ? 
উত্তৰঃ United Nations Framework Conventions on Climate Change.

প্রশ্ন ৭ঃ প্রথম বিশ্বক সাধাৰণতে কি বুলি জনা যায়। 
উত্তৰঃ Global North. 

প্রশ্ন ৮ : খিলঞ্জীয়া লােকৰ বিশ্ব পৰিষদ কোন চনত গঠিত হৈছিল? 
উত্তৰ : ২০০৭ চনৰ ১৩ ছেপ্টেম্বৰ। 


প্রশ্ন ৯ : পৰিৱেশ সচেতনতা দিৱস কোন দিন উদযাপন কৰা হয়? 
উত্তৰ : ৫ জনু।

প্রশ্ন ১০ : এজেণ্ডা - ২১ কি?
উত্তৰ : ৰিয়’ শীর্ষ সমিন্মলনত জলবায়ু পৰিৱৰ্তন, জৈৱ-বিচিত্রতা, বনানীক আদিৰ দৰে বিষয়সমূহ অন্তর্ভুক্ত কৰি এক ২১ দফীয়া কাৰ্যসূচী গ্রহণ কৰা হৈছিল।

প্রশ্ন ১১ : ১৯৯২ চনৰ ধৰিত্ৰী শীর্ষ সন্মিলনত কিমানখন ৰাষ্ট্ৰই জ লৈছিল?
উত্তৰ : ১৭০ খন ৰাষ্ট্র।

প্রশ্ন ১২ : জলবায়ু পৰিৱৰ্তন সম্পর্কীয় ৰাষ্ট্ৰসংঘৰ আধাৰ অভিৱৰ্তন কোন চনত অনুষ্ঠিত হৈছিল।
উত্তৰ : ১৯৯২ চনত।



Class-XII Political Science 


Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ



Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ


(খ) চমু প্রশ্নোত্তৰ /(প্ৰত্যেকটোত ২ নম্বৰকৈ)।


প্রশ্ন ১ঃ কীয়টো আচৰণ বিধিৰ পৰা ভাৰতক বাদ দিয়া হৈছিল কিয়?
উত্তৰ : বর্তমানে উন্নয়নশীল ৰাষ্ট্রসমূহে জনমূৰি নিৰ্গৰ্মন কৰা সেউজ গৃহ পৰিমাণ উন্নত দেশৰ জনমূবি নির্গমনৰ তুলনাত যথেষ্ট কাম। 

সেয়েহে ভাৰতৰ দনে উন্নয়নশীল দেশসমূহক 'কীয়টো আচৰণ বিধিৰ পৰা ৰেহাই দিয়া হৈছিল।

প্রশ্ন ২ঃ সামূহিক সম্পদৰ দুটা উদাহৰণ দিয়া। 
উত্তৰ  : 
  • পৃথিৱীৰ জলবায়ু, 
  • এন্টার্কটিকা মহাদেশ। 

প্রশ্ন ৩ঃ সামূহিক সম্পদৰ ক্ষেত্ৰত সহযােগিতা সহজ নহয়, কিয়?
উত্তৰ : বিশ্বৰ সামূহিক সম্পদৰাজিৰ ক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ মাজত সহযােগিতা সৃষ্টি হােৱাটো বৰ সহজ নহয়। 

পাৰিপাৰ্শ্বিকতা সমন্ধীয় বিষয়সমূহৰ লগত জড়িত এটা উল্লেখযোগ্য সমস্যা হৈছে অস্পষ্ট বৈজ্ঞানিক সাক্ষ্যৰ ওপৰত ভিত্তি কৰি সামূহিক পাৰিপাৰ্শ্বিক বিষয়সমূহৰ ওপৰত সর্বসম্মত সিদ্ধান্ত গ্রহণৰ ক্ষেত্ৰত থকা জটিলতা।

প্রশ্ন ৪ঃ Global Warming সৃষ্টিৰ ক্ষেত্ৰত্ন গুরুত্বপূর্ণ ভূমিকা থকা দুটা Gas নাম লিখা। 
উত্তৰঃ কার্বন-ডাই-অক্সাইড, মিথেন।

প্রশ্ন ৫ঃখিলঞ্জীয় অধিবাসী বুলিলে কি বুজা?
উত্তৰঃৰাষ্ট্ৰসংঘইখিলঞ্জীয়াসকলৰ সংজ্ঞা দিবলৈ যাওতে কৈছে যে খিলঞ্জীয়াসকষ্ট হ’ল এবং নির্দিষ্ট স্থানত বসতি স্থাপন কৰা প্রথম অধিবাসীসকলৰ প্ৰতিসন্তান যাক পৃথক জনগােষ্ঠীৰ বা সাংস্কৃতিক লােকে পৰাভূত কৰিছিল । তেওঁলােকে নিৰে স্বকীয়তাক ৰক্ষা কৰি জীয়াই থাকিব বিচাৰে।

প্রশ্ন ৬ : সামূহিক সম্পদ কি?
উত্তৰঃ সামুহিক সম্পদ বুলিলে তেনে সম্পদৰাজিক বুজায় যিখিনিৰ ওপৰত ব্যক্তি বিশেষৰ পৰিৱর্তে সমাজৰ বা সম্প্রদায়ৰ অধিকাৰ থাকে। যেনে - উদ্যান, নদী আদি। 

প্রশ্ন ৭ঃ পাৰিপাৰ্শ্বিকতাৰ বিষয়সমূহ বর্তমান বিশ্ব ৰাজনীতিত যথেষ্ট গুৰুত্ব দিয়া হৈছে কিয়?
উত্তৰঃ পাৰিপাৰ্শ্বিক বিপদ আৰু পাৰিপাৰ্শ্বিক অৱস্থাক পৰিষ্কাৰ-পৰিচ্ছন্ন ৰখাৰ গুৰুত্ব বর্তমান বিশ্ব ৰাজনীতিত যথেষ্ট গুৰুত্ব লাভ কৰিছে। 

বহনক্ষম উন্নয়ন’ৰ। ধাৰণাই পাৰিপাৰ্শ্বিকতাৰ গুৰুত্ব উপলব্ধি কৰাত যথেষ্ট সহায় কৰিছে।

প্রশ্ন ৮ঃ খিলঞ্জীয়া লােক সম্পর্কে সংঘৰ সূত্ৰটো লিখা।
উত্তৰঃ ৰাষ্ট্ৰসংঘই বিশ্বসংস্থা হিচাপে খিলঞ্জীয়া লােকসকলৰ অধিকাৰ ঘুৰাই দিয়াৰ বাবে ব্যৱস্থা ল'ব লাগিব। 

সদস্য ৰাষ্ট্রসমুহেও এওঁলােকৰ ৰক্ষণাবেক্ষণ বাবে ব্যৱস্থা কৰিব লাগিব।

প্রশ্ন ৯ঃ সম্পদৰ ভূৰাজনীতি বুলিলে কি বুজা?
উত্তৰঃ সমুদ্রকেন্দ্রিক ভূৰাজনীতি হ’ল মূলত কোনে কি পায়, কেতিয়া পায়, ক'ত পায় আৰু কেনেকৈ পায় আদি বিষয়ক লৈ জড়িত সম্পদেই ইউৰােপক সমগ্র বিশ্বতে নিজৰ ক্ষমতা প্রতিষ্ঠা কৰাৰ মূল উপায় আৰু উদ্দেশ্যৰ সন্ধান দিছিল।

প্রশ্ন ১০ : জল প্ৰদূষণৰ দুটা কাৰণ লিখা।
উত্তৰ : বিভিন্ন উদ্যোগসমূহে বায়ুমণ্ডলত বিভিন্ন ধৰণৰ বিষাক্ত গেছ এৰি দিয়ে। এই গেছসমূহৰ ভিতৰত উল্লেখযােগ্য হৈছে কার্বন-ডাই-অক্সাইড, ছালফাৰ ডাই অক্সাইড গেছ আদি। 

এই গেছবােৰে পানীৰ উৎসসমূহক আটাইতকৈ অধিক প্ৰদূষিত কৰে। অতিৰিক্ত কীটনাশক ব্যৱহাৰ নদীত স্নান কৰা বা কাপােৰ ধােৱা আদিয়েও নদীৰ পানীৰ প্ৰদূষিত কৰে।

প্রশ্ন ১১ : ধৰিত্ৰী শীর্ষ সন্মিলনৰ তাৎপর্য লিখা।
উত্তৰঃ ১৯৭২ চনৰ জুনত ষ্টকহমত মানৱ পৰিৱেশৰ ওপৰত ৰাষ্ট্ৰসংঘৰ উদ্যোগত এখন সন্মিলন অনুষ্ঠিত হয়। সন্মিলনখনত ১৪৪ খন ৰাষ্ট্ৰৰ প্রতিনিধিয়ে যােগদান কৰে। 

এইখনেই আছিল বিশ্বৰ সর্ববৃহৎ পৰিৱেশ সম্বন্ধীয় সন্মিলন। সন্মিলন খনে ২৬ টা নীতি সন্নিবিষ্ট কৰি এখন ঘােষণা পত্র প্রকাশ কৰে।

প্রশ্ন ১২ : বিশ্বৰ উমৈহতীয়া সম্পদৰ দুটা উদাহৰণ দিয়া।
উত্তৰ : 
  1. সমুদ্র, 
  2. খাৰুৱা তেল।

প্রশ্ন ১৩ : ৰাষ্ট্ৰসংঘই দিয়! থলুৱা অধিবাসীৰ সংজ্ঞাটো লিখা।
উত্তৰ : ৰাষ্ট্ৰসংঘই থলুৱা অধিবাসীৰ সংজ্ঞা দিবলৈ গৈ কৈছে যে খিলঞ্জীয়াসকল হ'ল এক নির্দিষ্ট স্থানত বসতি স্থাপন কৰা প্রথম অধিবাসীসকলৰ সন্তান যাক পৃথক জনগােষ্ঠীৰ বা সাংস্কৃতিক লােকে পৰাভূত কৰিছিল। 

তেওঁলােকে নিজৰ স্বকীয়তাক ৰক্ষা কৰি জীয়াই থাকিব বিচাৰে।



(গ) দীঘল প্রশ্নোত্তৰ /(প্রত্যেকটোত ৪ নম্বৰকৈ):


প্রশ্ন ১ঃ ৰাষ্ট্ৰসংঘই পাৰিপাৰ্শ্বিকতা বিষয়ৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশ্বৰ ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত কি ভূমিকা পালন কিৰছে?
উত্তৰঃ ৰাষ্ট্ৰসংঘই পাৰিপাৰ্শ্বিকতাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ লগতে ৰাষ্ট্ৰসংঘই পৰিবেশ কার্যসূচীৰ অধীনত বিভিন্ন আন্তঃৰাষ্ট্রীয় সভাৰ আয়ােজন কৰাৰ লগতে পৰিবেশ সংক্রান্তীয় সমস্যাসমূহৰ বিস্তৃত অধ্যয়ন কৰি এইবােৰৰ সমাধানৰ অর্থে ফলপ্রসু উপায় আৱিষ্কাৰ কৰাৰ ওপৰত গুৰুত্ব দি আহিছে। 

তেতিয়াৰে পৰা পৰিবেশ সংক্রান্তীয় বিষয়সমূহ বিশ্ব ৰাজনীতিৰ গুৰুত্বপূর্ণ বিষয় হিচাপে চিহ্নিত হৈপৰিছে। ১৯৭২ চনতৰাষ্ট্ৰসংঘৰ উদ্যোগত Stockholm সন্মিলন অনুষ্ঠিত হয়। 

১৯৯২ চনত ব্রাজিলৰ ৰাজধানী চহৰ ৰিঅ'দা জেনেৰিঅ'ত ‘ভূশীর্ষ সন্মিলন অনুষ্ঠিত হয়। ইয়াৰ উদ্যোগত কীয়টো আচৰণবিধি গৃহীত হয়। এনেদৰে ৰাষ্ট্ৰসংঘই অবিৰতভাৱে এই ক্ষেত্ৰত কাম কৰি আছে। 

প্রশ্ন ২ঃ বিশ্বৰ সামূহিক সম্পদৰাজি বুলিলে কি বুজা? ইয়াৰ ৰক্ষণাবেক্ষণৰ বাবে  দুটা পৰামর্শ দিয়া।
উত্তৰঃ সামুহিক বা ৰাজহুৱা সম্পদ বুলিলে সেই সমুহ সম্পদক বুজোৱা হয় - যিবােৰ কোনাে ব্যক্তিৰ বাবে নহয় বৰং এটা সম্প্রদায়ে ভােগ কৰে। এখন নদী, এখন উদ্যান, এটা সামূহিক কেন্দ্ৰ আদি সামুহিক বা ৰাজহুৱা সম্পদৰ ভিতৰত পৰে। বিশ্বত এনে বহুতাে অঞ্চল আছে যিবােৰ কোনাে সার্বভৌম ৰাষ্ট্রৰ চাৰিসীমাৰ ভিতৰত নপৰে এনে অঞ্চল বা সম্পদবােৰক বিশ্বৰ সামূহিক সম্পদ বােলা হয়। যেনে - পৃথিৱীৰ জলবায়ু, এন্টার্কটিকা মহাদেশ, বৰফাবৃত অঞ্চল আৰু মহাকাশ অন্যতম। 

পৰামর্শ  
  • (ক) সামূহিক সম্পদসমূহৰক্ষা কৰিব লগা হ'লে উত্তৰ গােলার্ধ আৰু দক্ষিণ গােলার্ধৰ ৰাষ্ট্ৰসমূহৰ মাজত এই ক্ষেত্ৰত ঐক্যমত থাকিব লাগিব।
  • (খ) উপকূলীয় অঞ্চলত জনবসতি হ্রাস কৰাৰ বাবে চেষ্টা কৰিব লাগিব। 

প্রশ্ন ৩ঃৰিঅ’সন্মিলনৰ সিদ্ধান্ত কি আছিল? 
উত্তৰ : 
  • (ক) “পৃথিৱীৰ পৰিস্থিতিতন্ত্রৰ সুৰক্ষা, সংৰক্ষণ আৰু সংবর্ধনৰ বাবে বিশ্বৰ ৰাষ্ট্ৰসমুহে বিশ্ব অংশীদাৰিত্বৰ ভাৱনাৰ দ্বাৰা উদ্বুদ্ধ হৈ সহযােগিতা কৰা উচিত।
  • (খ) বিশ্বৰ পাৰিপাৰ্শ্বিকতা নষ্ট কৰাৰ ক্ষেত্ৰত পৃথক অংশীদাৰিত্ব থকাৰ বাবে পাৰিপাৰ্শ্বিকতা সংৰক্ষণৰ ক্ষেত্ৰতাে ৰাষ্ট্ৰসমূহৰ সামূহিক কিন্তু পৃথকীকৃত দায়বদ্ধতা থাকিব।
  • (গ) ৰিঅ'শীর্ষ সন্মিলনত জলবায়ু পৰিৱৰ্তন জৈৱ-বিচিত্রতা, বনানীকৰণ আদিৰ দৰে বিষয়সমূহ অন্তর্ভুক্ত কৰি এক ২১ দফীয়া কাৰ্যসূচী গ্রহণ কৰা হৈছিল। 

প্রশ্ন ৪ঃ খিলঞ্জীয়া লােকসকলৰ অধিকাৰৰক্ষাৰ বাবে হাতত লােৱা কেইটামান ব্যৱস্থা উল্লেখ কৰা। 
উত্তৰঃ 
  • (ক) ১৯৭৫ চনত খিলঞ্জীয়া লােকৰ বিশ্ব সংসদ নামৰ সংস্থাটোৰ জন্ম হয়। বর্তমানে ইৰাষ্ট্ৰসংঘৰ পৰামর্শদাতা হিচাপে স্বীকৃতি লাভ কৰিছে। 
  • (খ) পৃথিৱীৰ বিভিন্ন দেশৰ সংবিধানত এওঁলােকৰ অধিকাৰ ৰক্ষা কৰাৰ বাবে বিভিন্ন ব্যৱস্থাৰ উল্লেখ কৰা হৈছে।
  • (গ) ভাৰতৰ দৰে দেশত এওঁলােকক ন্যায় প্রদান কৰাৰ বাবে সংৰক্ষণ আদিৰ ব্যৱস্থা কৰা হৈছে।
  • (ঘ) যাতায়াত যােগাযােগ ব্যৱস্থাৰ উন্নতিৰ ফলত পৃথিৱীৰ বিভিন্ন দেশৰ খিলঞ্জীয়া লােকসকলৰ মাজত বুজাবুজি আৰু সামূহিকতাৰ ধাৰণাৰ উদ্ভৱ হৈছে।


(ঘ) অতি দীঘল প্রশ্নোত্তৰ ? (প্রত্যেকটোত ৬ নম্বৰকৈ)। 


প্রশ্ন ১ঃ পাৰিপাৰ্শ্বিকতাৰ বিষয়সমূহৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকাৰ বিষয়ে লিখা।
উত্তৰঃ বিশ্ব সম্প্রদায়ৰ খােজত খােজ মিলাই ভাৰতেও পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ ক্ষেত্ৰত বহুতাে ব্যৱস্থা হাতত লৈছে। 
  • (ক) ভাৰত চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় যানবাহনৰ ইন্ধন পূর্বৰ তুলনাত বেছি পৰিস্কাৰ হােৱাটো বাধ্যতামূলক কৰিছে।
  • (খ) ২০০১ চনত ভাৰতীয় সংসদে পাছ কৰা শক্তি সংৰক্ষণ আইনে ইন্ধন পাৰিপাৰ্শ্বিকতা বৃদ্ধিৰ উদ্দেশ্যে গ্ৰহণ কৰিবলগীয়া পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰিছে।
  • (গ) বিদ্যুৎ শক্তি আইন ২০০৩ য়ে নবীকৰণযােগ্য শক্তিৰ ব্যৱহাৰত উৎসাহ যােগাইছে।
  • (ঘ) শেহতীয়াকৈ ভাৰতে প্রাকৃতিক গেছ আমদানি কৰি আৰু পৰিস্কাৰ কয়লা আহৰণৰ প্ৰযুক্তিবিদ্যা গ্ৰহণ কৰাত উৎসাহ যােগাই ভাৰতে যে পৰিবেশ সংক্রান্তীয় বিষয়সমূহ আন্তৰিকতাৰে লৈছে সেইটো প্রমাণ কৰিছে।

প্রশ্ন ২ : সামূহিক কিন্তু পৃথক দায়বদ্ধতা কি?
উত্তৰ : উত্তৰ গােলার্ধ আৰু দক্ষিণ গােলার্ধৰ ৰাষ্ট্ৰসমূহৰ মাজত পৰিবেশ সংক্রান্ত বিষয়ক লৈ মতানৈক্য আছে। 

উত্তৰৰ উন্নত ৰাষ্ট্রসমূহে পাৰিপাৰ্শ্বিকতাৰ অৱক্ষয় ৰােধৰ ক্ষেত্ৰত সকলাে ৰাষ্টকে সমভাৱে দায়বদ্ধ থকাটো বিচাৰে। আনহাতে দক্ষিণ উন্নয়নশীল ৰাষ্ট্রসমূহে ভাবে যে সমগ্র বিশ্বতে পাৰিপাৰ্শ্বিকতাৰ যি অৱক্ষয় ঘটিছে তাৰ বাবে বহুলাংশে উন্নত ৰাষ্ট্রসমূহে সৃষ্টি কৰা উদ্যোগীকৰণ জগৰীয়া। 

যিহেত তেওঁলােক বেছি জগৰীয়া সেয়েহে পৰিৱেশ সংৰক্ষণৰ বাবে বেছি মূল্য দিব লাগিব। ইয়াৰ উপৰি উন্নয়নশীল ৰাষ্টসমূহে এতিয়াহে উদ্যোগীকৰণ আৰম্ভ কৰিছে। গতিকে উন্নত ৰাষ্ট্ৰসমূহত প্রযােজ্য হােৱা বাধা-নিষেধসমূহ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰতাে সমভাৱে প্রযােজ্য হােৱাটো উচিত নহয়। 

এনে বিশেষ প্রয়ােজনীয়তাসমূহ ১৯৯২ চনৰ ৰিঅ'শীর্ষ সন্মিলনত গৃহীত হােৱা ৰিঅ' ঘােষণাপত্ৰত মানি লােৱা হৈছিল। এই নীতিটোক সামূহিক কিন্তু পৃথকীকৃত দায়বদ্ধতা বুলি জনা যায়।

প্রশ্ন ৩ঃ বিশ্ব ৰাজনীতিত তেল আৰু জলৰ তাৎপৰ্যৰ বিষয়ে লিখা।
উত্তৰঃ  জল : বিশ্ব ৰাজনীতিত সামপ্রতিক সময়ত অতি গুৰুত্বপূৰ্ণ হৈ পৰা এটা প্রাকৃতিক সম্পদ হৈছে পানী। 

পানীৰ আঞ্চলিক তাৰতম্যতা আৰু বিশ্বৰ বিভিন্ন অংশত সৃষ্টি হােৱা পানীৰ নাটনিয়ে এইটো সন্দেহাতীত কৰি তুলিছে যে একবিংশ শতিকাত পানীয়েই হৈ পৰিব ৰাষ্ট্ৰসমূহৰ মাজত সংঘাতৰ মূল কাৰণ।

দুই বা ততােধিক ৰাষ্ট্ৰৰ মাজেৰে বৈ অহা নদীৰ জলধাৰা ব্যৱহাৰক কেন্দ্ৰ কৰি সংশ্লিষ্ট ৰাষ্ট্ৰকেইখনৰ মাজত বিবাদ সৃষ্টি হােৱাটো স্বাভাৱিক। 

নদীৰ উৎস বা উজনি অংশ যি ৰাষ্টত থাকে সেই ৰাষ্ট্ৰই নদীত বান্ধ সাজি বা ব্যাপক জলসিঞ্চনৰ ব্যৱস্থা কৰি নদীৰ নামনি অংশৰ পানী প্ৰদূষিত ৰা বা পানীৰ গতিক নিয়ন্ত্রণ কৰাৰ ফলত সংশ্লিষ্ট ৰাষ্ট্ৰকেইখনৰ মাজত বিবাদ সৃষ্টি হ'ব পাৰে।

জর্দান আৰু য়াৰমুক নদীৰ জলধাৰাক নিজৰ নিজৰ সুবিধাজনক দিত বােৱাই নিয়াৰ চেষ্টা কৰাৰ ফলত ইজৰাইল, জর্দান আৰু চিৰিয়াৰ মাজত হিংসাত্মক বিৰােধৰ সূত্রপাত ঘটিছিল। 

ইউফ্রেটাছনদীত বান্ধ সজাৰ বিষয়টোক কেন্দ্ৰ কৰি তুর্কী, চিৰিয়া আৰু ইৰাকৰ মাজত তীব্র বিৰােধৰ সূত্রপাত হৈছিল।

একাধিক অধ্যয়নে প্রমাণ কৰিছে যে যেতিয়া এখন নদীৰ অংশীদাৰিত্ব একাধিক ৰাষ্ট্ৰই ভােগ কৰে তেতিয়া তেনে অংশীদাৰ ৰাষ্ট্ৰসমূহৰ মাজত নদীৰ জলধাৰাক লৈ সংঘাতৰ সৃষ্টি হয়।

তেলঃ ইন্ধন হিচাপে অতি অপৰিহাৰ্য আৰু লগতে সহজে বহন কৰিব পৰা গুণ থকাৰ বাবেই কুৰি শতিকাৰ বিশ্ব অর্থনীতি তেলনির্ভৰ হৈ পৰিছিল। 

বিশ্বৰ যাতায়াত ব্যৱস্থাত প্রয়ােজন হােৱা ইন্ধনৰ ৯৫ শতাংশ আহে খাৰুৱা তেলৰপৰা। ঔদ্যোগিক দিশত আগবঢ়া বিশ্বৰ উন্নত ৰাষ্ট্রসমূহ তেলৰ ওপৰত অত্যন্ত নির্ভৰশীল। 

মানুহ প্রকৃততে তেল অবিহনে জীয়াই থাকিব নােৱাৰে। এ তেলৰ লগত জড়িত থকা বিশাল ধন-সম্পদৰ কাৰণে তেলৰ ওপৰত নিয়ন্ত্রণ সাব্যস্ত কৰিবলৈ ৰাষ্ট্ৰসমূহৰ মাজত সংঘাত, সংঘৰ্ষৰ সৃষ্টি হৈছিল আৰুবর্তমানেও আছে। সেয়েহে কোৱা হয় যে খাৰুৱা তেলৰ ইতিহাস হ’ল প্ৰকৃততে সংঘাত আৰু সংঘৰ্ষৰ ইতিহাস। পশ্চিম আৰু মধ্য এছিয়াৰ ইতিহাসে এইটো স্পষ্টভাৱে প্রমাণ কৰে।

সমগ্র বিশ্বত উৎপাদিত তেলৰ ৩০ শতাংশ আহে পশ্চিম এছিয়া বিশেষকৈ উপসাগৰীয় অঞ্চলসমূহৰ পৰা। সেয়েহে বধিত তৈল চাহিদা পূৰণ কৰিব পৰা ক্ষমতা কেৱল এই অঞ্চলটোৰহে আছে। কেৱল ছৌদি আৰবতে বিশ্বৰ তৈল ভাণ্ডাৰৰ এক তৃতীয়াংশ মজুত আছে। ছৌদি আৰবৰ পিছতেই স্থান হ’ল ইৰাকৰ।

প্রশ্ন ৪ : বিশ্বৰ সামূহিক সম্পদৰাজিৰ ওপৰত এটি টোকা লিখা। 
উত্তৰ : সামূহিক বা ৰাজহুৱা সম্পদ বুলিলে সেই সমূহ সম্পদক বুজোৱা হয় যিবােৰ কোনাে ব্যক্তিৰ বাবে নহয় বৰং এটা সম্প্রদায়ে ভােগ কৰে। এখন নদী, এখন উদ্যান, এটা সামূহিক কেন্দ্র আদি সামূহিক বা ৰাজহুৱা সম্পদৰ ভিতৰত পৰে। বিশ্বত এনে বহুতাে অঞ্চল আছে যিবােৰ কোনাে সার্বভৌম ৰাষ্ট্রৰ চাৰিসীমাৰ ভিতৰত অৱস্থিত নহয় আৰু সেয়েহে বিশ্বসমুদায়ে সামূহিকভাৱে এনে অঞ্চলবােৰ শাসন ক্রা প্রয়ােজন। 

এনে সম্পদবােৰক বিশ্বৰ সামূহিক সম্পদ বুলিব পৰা যায়। বিশ্বৰ এনে সামূহিক সম্পদসমূহৰ ভিতৰত পৃথিৱীৰ জলবায়ু, এন্টার্কটিকা মহাদেশ, বফাবৃত অঞ্চল আৰু মহাকাশ অন্যতম। বিশ্বৰ সামূহিক সম্পদৰাজিৰ ক্ষেত্ৰতৰাষ্ট্ৰসমূহৰ মাজত সহযােগিতাৰ সৃষ্টি হােৱাটো ৰ সহজ নহয়। অৱশ্যে ১৯৫৯ চনৰ এন্টার্কটিকা সন্ধি, ১৯৮৭ চনৰ মণ্টীলে আচৰণ বিধি আৰু ১৯৯১ চনৰ এন্টার্কটিকা পাৰিপাৰ্শ্বিকতা আচৰণ বিধিৰ দৰে উল্লেখযােগ্য সহযােগিতাও সৃষ্টি হােৱা দেখা গৈছে। 

ইয়াতে উল্লেখ কৰিব পৰা যায় যে এনে সামূহিক সম্পদসমূহক বিশেষকৈ আগবঢ়া দেশসমূহৰ দ্বাৰা দুপ্ৰয়ােগ কৰাৰ বাবে বর্তমান প্রজন্মকে নহয় ভৱিষ্যৎ প্রজন্মকো ক্ষতিগ্রস্ত কৰাৰ সম্ভাৱনা আছে।


পৰিৱেশ আৰু প্রাকৃতিক সম্পদ/পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ/বিশ্ব ৰাজনীতিত পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ/উমৈহতীয়া সম্পদ সমূহ কি কি?/পাৰিপাৰ্শ্বিক মানে কি?/জল প্ৰদূষণ ৰচনা/বনানীকৰণ বুলিলে কি বুজা?/বিশ্বজনীন উমৈহতীয়া মানে কি?/প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ ব্যৱহাৰ/পৰিৱেশ সংৰক্ষণ ৰ উপায়/পৰিবেশ বুলিলে কি বুজা class 10/প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা?/বহনক্ষম উন্নয়ন চমু টোকা/পৰিৱেশ বুলিলে কি বুজা?/পৰিৱেশ ব্যৱস্থা বুলিলে কি বুজা?/ভাৰতৰ প্ৰাকৃতিক পৰিৱেশ/বহনক্ষম উন্নয়নৰ ধাৰণাটো লিখা।/বহনক্ষম উন্নয়ন বুলিলে কি বুজা?/প্রাকৃতিক সম্পদ বুলিলে কি বুজা?/শক্তি সম্পদ বুলিলে কি বুজা?/বহনক্ষম উন্নয়ন ধাৰণা টো লিখা/জলবায়ু বুলিলে কি বুজা/পৰিৱেশ আৰু বহনক্ষম উন্নয়ন/পৰিৱেশৰ সংজ্ঞা দিয়া/প্ৰাকৃতিক সম্পদ সমূহ কি কি?/শক্তি সম্পদ মানে কি অসমীয়া/পৰিৱেশ মানে কি?/সম্পদ সংৰক্ষণ বুলিলে কি বুজা?/সম্পদৰ ধাৰণা আৰু শ্ৰেণী বিভাগ/পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা class 10/পানী সংৰক্ষণৰ ওপৰত এটা চমু টোকা লিখা/পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা/পানী প্ৰদূষণ দুটা কাৰণ লিখা/পৰিবেশ বুলিলে কি বুজা?/পৰিৱেশৰ সমস্যা সমূহ কি কি?/বহনক্ষম উন্নয়ন ৰ ধাৰণা/সেউজ গৃহ গেছ ৰ উদাহৰণ/উদ্যোগীকৰণ কি/পৰিৱেশ সমস্যা মানে কি/

Post a Comment

0 Comments

People

Ad Code