Recent in Technology

গােলকীকৰণ - [নৱম অধ্যায়] {Q&A} - (Notes 2022)

Class-XII(12)/Political Science-[Q/A][Notes][Solutions]-2022 [Free Learning Online][in Assamese][গােলকীকৰণ][নৱম অধ্যায়][Part-A]


গােলকীকৰণ  - [নৱম অধ্যায়] {Q&A} - (Notes 2022)


(গােলকীকৰণ)




(ক) অতি চমু প্রশ্নোত্তৰ ? (প্রত্যেকটোত ১ নম্বৰকৈ)।


প্রশ্ন ১: বিশ্বায়ন মানে কি?
উত্তৰ : বিশ্বায়ন বুলিলে বিভিন্ন অঞ্চলৰ জনসাধাৰণ আৰু ৰাষ্ট্ৰসমূহৰ মাজত বিশেষকৈ সামাজিক আৰু অর্থনৈতিক ক্ষেত্ৰত পৰস্পৰ নিৰ্ভৰশীলতাক বলে বিশ্বায়ন অর্থাৎ প্রবাহ, এটা অঞ্চলৰ পৰা আনটো অঞ্চললৈ পুঁজি, আদর্শ, বস্তু আমি, প্রবাহক সূচায়।


প্রশ্ন ২ঃ বিশ্বায়নৰ এটা সাকাৰাত্মক ফল উল্লেখ কৰা ।
উত্তৰঃ বিশ্বায়নে ৰপ্তানি বাণিজ্যৰ পৰিসৰ বৃদ্ধি আৰু বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত ভাৰসাম্যতা স্থাপন কৰে।

প্রশ্ন ৩ঃ হয়নে নহয় লিখা। গােলকীকৰণৰ ক্ষেত্ৰত প্রযুক্তি হল গুৰুত্বপূর্ণ কাৰকসমূহৰ ভিতৰত এটা। 
উত্তৰ : হয়। 


প্রশ্ন ৪ঃ অর্থনৈতিক বিশ্বায়ন বুলিলে কি বুজা?
উত্তৰঃ অর্থনৈতিক বিশ্বায়ন বুলিলে অধিক পৰিমাণে অর্থনৈতিক বস্তুৰ প্ৰবাহক বুজায়। 

এটা অঞ্চলৰ পৰা আনটো অঞ্চললৈ মূলধন, বস্তু, কাৰিকৰী কৌশল আদিৰ আদান-প্রদানক সূচায়।


প্রশ্ন ৫ঃসাংস্কৃতিক সমৰূপতা কি?
সাংস্কৃতিক ক্ষেত্ৰত বিশ্বায়নৰ সর্বগ্রাসী প্ৰভাৱ চকুত পৰে বিশ্বায়নে সাংস্কৃতিক বিবিধতাৰ পৰিৱর্তে সাংস্কৃতিক সমৰূপতাৰ সৃষ্টি কৰে। 

ইয়াত বিশ্ব সংস্কৃতিৰ নামত অনুন্নত দেশসমূহৰ ওপৰত পাশ্চাত্য সংস্কৃতিৰ প্রভাব বৃদ্ধি পােৱা পৰিলক্ষিত হয়।

প্রশ্ন ৬ঃ শূন্যস্থান পূৰণ কৰা ? সাংস্কৃতিক সমৰূপতা -এটা দিশ। 
উত্তৰঃ বিশ্বায়নৰ।

প্রশ্ন ৭ঃ ভাৰতে কেতিয়াৰ পৰা অর্থনৈতিক সংস্কাৰ আৰম্ভকৰিছিল ? 
উত্তৰঃ ১৯৯১ চনৰ পৰা।।

প্রশ্ন ৮ : বিশ্ব সামাজিক ফৰম কি ? 
উত্তৰঃ বিশ্ব সামাজিক ফ’ৰাম এখন বিশ্বমঞ্চ, য'ত মানৱ অধিকাৰ কৰ্মীসকল, পৰিৱেশবিদসকল, শ্রমিক, যুৱসম্প্রদায় আৰু মহিলাকর্মীসকলে একে লগ হৈ নতুন উদাৰনৈতিক বিশ্বায়নৰ বিৰােধিতা কৰে। 

প্রশ্ন ৯ : ১৯৯৯ চনৰ চিটোলৰ সন্মিলনৰ তাৎপর্য কি?
উত্তৰ  : ১৯৯৯ চনত চিটোলৰ বিশ্ব বাণিজ্য সংস্থাৰ মন্ত্ৰীস্তৰীয় সন্মিলনত অর্থনৈতিকভাৱে শক্তিশালী ৰাষ্ট্ৰবােৰে ব্যৱসায়ৰ ক্ষেত্ৰত অন্যায় নীতি অৱলম্বন কৰাৰ দোষাৰােপ কৰি বিস্তৃত প্রতিবাদ কৰা হৈছিল।

প্রশ্ন ১০ : গােলকীকৰণ বুলিলে কি বুজা?
উত্তৰ : বিশ্বায়ন বুলিলে বিভিন্ন অঞ্চলৰ জনসাধাৰণ। বিভিন্ন অঞ্চলৰ আৰু ৰাষ্ট্ৰসমূহৰ মাজত বিশেষকৈ সামাজিক আৰু অর্থনৈতিক ক্ষেত্ৰত পৰম্পৰ নিৰ্ভৰশীলতা বুজায়। 

বিশ্বায়ন অর্থাৎ প্রবাহ, এটা অঞ্চলৰ পৰা আনটো অঞ্চললৈ পুঁজি, আদর্শ, বস্তু আদিৰ প্রবাহক সূচায়।

প্রশ্ন ১১ : অর্থনৈতিক গােলকীকৰণে কি বুজায় ? 
উত্তৰঃ অর্থনৈতিক গােলকীকৰণে অর্থনৈতিক ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্রৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতা বুজায়। 

এই ক্ষেত্ৰত উন্নয়নশীল দেশসমূহ অধিক পৰিমাণে উন্নত দেশৰ ওপৰত নিৰ্ভৰশীল।

প্রশ্ন ১২ : সাংস্কৃতিক একীভূতকৰণ মানে কি?
উত্তৰঃ গােলকীকৰণৰ প্ৰভাৱ কেৱল মাত্র অর্থনৈতিক আৰু ৰাজনীতিৰ ক্ষেত্ৰত পৰিলক্ষিত নহয়। সাংস্কৃতিক ক্ষেত্ৰতাে ইয়াৰ সর্বগ্রাসী প্ৰভাৱ চকুত পৰে। 

গােলকীকৰণে সাংস্কৃতিক বিবিধতাৰ পৰিৱর্তে সাংস্কৃতিক সমৰূপতাৰ সৃষ্টি কৰে।

প্রশ্ন ১৩ : খালী ঠাই পূৰণ কৰা : সাংস্কৃতিক একীভূতকৰণ - ৰ এটা ৰূপ। 
উত্তৰ : গােলকীকৰণ।

প্রশ্ন ১৪ : ভাৰতে ইয়াৰ অর্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ কৰিছিল ? 
উত্তৰঃ ১৯৯০ চনত। 

প্রশ্ন ১৫ঃ গােলকীকৰণৰ এটা নেতিবাচক দিশ লিখা। 
উত্তৰঃ গােলকীকৰণে ধনী আৰু দুখীয়াৰ মাজৰ ব্যৱধান বৃদ্ধি কৰিছে আৰু লগতে উন্নত আৰু উন্নয়নশীল দেশৰ মাজৰ ব্যৱধানাে বৃদ্ধি কৰিছে।

প্রশ্ন ১৬ : WTOৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰ : World Trade Organisation. 

প্রশ্ন ১৭ঃ গােলকীকৰণৰ এটা বৈশিষ্ট্য লিখা।
উত্তৰ : বিশ্বায়নৰ মূল বিষয় হৈছে প্রবাহ। প্রবাহ বিভিন্ন ধৰণৰ হ'ব পাৰে। বিশ্বৰ এটা অঞ্চলৰ পৰা আনটো অঞ্চললৈ বিচাৰ ধাৰাৰ গতি কৰা। 

এক দেশৰ পৰা মানৱ সম্পদ অন্য দেশত গতি কৰা, অর্থাৎ বিশ্বব্যাপী পাৰস্পৰিক নিৰ্ভৰশীলতা, বিশ্বায়নৰ এক উল্লেখযােগ্য বৈশিষ্ট্য।

প্রশ্ন ১৮ : গােলকীকৰণৰ এটা ব্যাখ্যা উল্লেখ কৰা।
উত্তৰ : গােলকীকৰণৰ সু-প্ৰভাৱ বিশ্ববাসীয়ে সার্বজনীনভাৱে উপভােগ কৰিব পৰা নাই।

প্রশ্ন ১৯ : বহুজাতিক নিগম বুলিলে কি বুজা?
উত্তৰ : বহুজাতিক নিগমসমূহক Trans national Corporations বুলিও জনা যায়। 

যিসকল সংস্থা বা সংগঠনে নিজৰ উৎপাদিত বস্তু, সেৱা আদিক এখন দেশত কেন্দ্রীভূত নকৰাকৈ বিশ্বৰ বিভিন্ন দেশত বিয়পাই দিয়ে তেনে। সংগঠনসমূহক বহুজাতিক নিগম বােলে।


Class-XII Political Science 


Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ



Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ



(খ) চমু প্রশ্নোত্তৰ/(প্রত্যেকটোত ২ নম্বৰকৈ)


প্রশ্ন ১ঃ বিশ্বায়নৰ দুটা কাৰণ লিখা। 
উত্তৰঃ (ক) টেলিগ্রাফ, টেলিফোন আৰু মাইক্রোচিপৰ নবীনতম আৱিষ্কাৰে পৃথিৱীৰ বিভিন্ন দেশৰ যাতায়াত আৰু যােগাযােগ ব্যৱস্থাৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱর্তন সাধন কৰে আৰু বিশ্বায়নৰ প্রবাহক তৰান্বিত কৰে। 
(খ) পৃথিৱীৰ এখন দেশৰ পৰা আন এখন দেশলৈ পুঁজি, বস্তুবাহানি আৰু মানুহৰ প্রবাহ তৰান্বিত হােৱাটো বিশ্বায়নৰ আন এটা কাৰণ।

প্রশ্ন ২ঃ বিশ্বায়নৰ বিভিন্ন দিশ উল্লেখ কৰা। 
উত্তৰঃ বিশ্বায়নৰ প্ৰধানকৈ তিনিটা দিশ আছে, অর্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক।

প্রশ্ন ৩ঃ বিশ্বায়নে কেনেকৈ ৰাষ্ট্ৰৰ সার্বভৌমত্বত প্রভাব বিস্তাৰ কৰে।
উত্তৰঃ বিশ্বায়নৰ ধাৰণাই পাৰম্পৰিক সার্বভৌমত্বৰ অর্থকো পৰিৱৰ্তন কৰিছে। 

ৰাষ্ট্ৰৰ ক্ষমতাক এই বিশ্বায়নে অন্তঃসাৰশূন্য যেন দেখুৱাইছে। ৰাষ্ট্র বা চৰকাৰে বহু ক্ষেত্ৰত নিজাববীয়াকৈ সিদ্ধান্ত ল'ব নােৱাৰে।

প্রশ্ন ৪ঃঅর্থনৈতিক বিশ্বায়নৰ লগত জড়িত দুটা এক্টৰ (Actor)ৰ নাম লিখা।
উত্তৰঃ (ক) বিশ্ব বাণিজ্য সংস্থা। (খ) আন্তর্জাতিক মুদ্রা নিধি। 

প্রশ্ন ৫ঃবিশ্বায়নে বিশ্বৰ বিবিধ সংস্কৃতিৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টিকৰিছেনে?
উত্তৰঃ বিশ্বায়নৰ ফলত সৃষ্টি হােৱা সাংস্কৃতিক সমৰূপতাই বিশ্বৰ আন আন বৈশিষ্ট্যপূর্ণ সংস্কৃতিৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিছে। অন্যান্য সংস্কৃতিৰ স্বকীয়তালৈ। তিষ্ঠি থকাটো অসুবিধাজনক হৈ পৰিছে। 
প্রশ্ন ৬ঃ বিশ্বায়নৰ সাংস্কৃতিক প্রভাৱক সদায় নাকাৰাত্মক বুলি ভাবানে?
উত্তৰঃ বিশ্বায়নৰ সাংস্কৃতিক প্রভাৱ সদায় নাকাৰাত্মক নহয়। সংস্কৃতি স্থিতিশীল বস্তু নহয়। সকলাে সংস্কৃতিয়েই বাহিৰৰ প্ৰভাৱবিলাক গ্ৰহণ কৰি নিজৰ সংস্কৃতিক আৰু চহকী কৰে। 

কেতিয়াবা বাহিৰৰ প্ৰভাৱসমূহে আমাৰ পছন্দৰ বিকল্পৰ সংখ্যা বঢ়াই দিয়ে আৰু লগতে সেইবােৰে আমাৰ সংস্কৃতিৰ সংশােধন কৰে।

প্রশ্ন ৭ঃ সাংস্কৃতিক বিবিধতা বুলিলে কি বুজা? 
উত্তৰঃ সাংস্কৃতিক বিবিধতাই প্রত্যেকক নিজৰ বৈচিত্র্যপূর্ণ সংস্কৃতি ৰক্ষা কৰাৰ বাবে এটা মন্ত্র প্রদান কৰে। 

সাংস্কৃতিক বিবিধতাই মানুহক বিভিন্ন বিবিধ সংস্কৃতিৰ লগত পৰিচিত কৰাই নিজৰ সংস্কৃতিক আৰু চহকী কৰাৰ সুবিধা প্রদান কৰে।

প্রশ্ন ৮ : প্রযুক্তিবিদ্যাই বিশ্বায়নৰ ক্ষেত্ৰত কি অৰিহণা যােগাইছে?
উত্তৰঃ বিশ্বায়নৰ উদ্ভৱ কোনাে এটা বিশেষ কাৰণৰ বাবে হােৱা নাই যদিও এই ক্ষেত্ৰত প্রযুক্তিবিদ্যাৰ এক মুখ্য ভূমিকা আছে।
  • (ক) টেলিগ্রাফ, টেলিফোন আৰু মাইক্রোচিপৰ নবীনতম আরিষ্কাৰে পৃথিৱীৰ বিভিন্ন দেশৰ যাতায়াত আৰু যােগাযােগ ব্যৱস্থাৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱর্তন। সাধন কৰে।
  • (খ) পৃথিৱীৰ এখন দেশৰ পৰা আন এখন দেশলৈ পুঁজি, বস্তুবাহানি আৰু মানুহৰ প্রবাহ অতি তৰান্বিত হােৱাৰ প্ৰধান কাৰণ হৈছে প্রযুক্তি বিদ্যাৰ উন্নয়ন।

প্রশ্ন ৯ঃ বিশ্বায়নৰ প্ৰভাৱ সকলাে ঠাইত একেই হয় নে? 
উত্তৰঃ বিশ্বায়নৰ একে ধৰণৰ নীতিয়ে সকলাে ঠাইতে একে ফলাফল নিদিয়ে। 

যদিও বিশ্বায়নে পৃথিৱীৰ বিভিন্ন প্রান্তৰ চৰকাৰসমূহে গ্ৰহণ কৰা একে ধৰণৰ অর্থনৈতিক নীতি মানি চলে, এইটোৱে পৃথিৱীৰ বিভিন্ন প্রান্ত বিস্তৃতভাৱে বিভিন্ন ফলাফল সৃষ্টি কৰে।

প্রশ্ন ১০ : গােলকীকৰণৰ কাৰণবােৰ কি কি?
উত্তৰঃ গােলকীকৰ্ণৰ উদ্ভৱ কোনাে এটা বিশেষ কাৰণৰ বাবে হােৱা নাই যদিও এই ক্ষেত্ৰত কাৰিকৰী দিশৰ এক মুখ্য ভূমিকা আছে।
  • (ক) টেলিগ্রাফ, টেলিফোন অফ মাইক্রোচিপৰ (microchip) নবতম আৱিষ্কাৰে পৃথিৱীৰ বিভিন্ন দেশৰ যাতায়াত আৰু যােগাযােগ ব্যৱস্থাৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰে।
  • (খ) পৃথিৱীৰ এখন দেশৰ পৰা আন এখন দেশলৈ পুঁজি, বস্তু-বাহানি আৰু , মানুহৰ প্রবাহ অতি ত্বৰান্বিত হােৱাৰ প্ৰধান কাৰণ হৈছে প্রযুক্তি বিদ্যাৰ উন্নয়ন।

প্রশ্ন ১১ : ৰাষ্ট্ৰৰ সার্বভৌমত্বক গােলকীকৰণে কিদৰে প্ৰভাৱিত কৰে?
উত্তৰ : ৰাষ্ট্রৰ ক্ষমতাক এই গােলকীকৰণে অন্তঃসাৰশূন্য যেন দেখুৱাইছে। ৰাষ্ট্র বা চৰকাৰে বর্তমানে বহু কার্য কৰাৰ ক্ষেত্ৰত নিজাববীয়াকৈ সিদ্ধান্ত ল’ব নােৱাৰে। 

ৰাষ্ট্ৰৰ কল্যাণকামী চৰিত্ৰৰ পৰিৱৰ্তে ৰাষ্ট্রৰ ক্ষমতা সীমিত হৈ পৰিছে।

প্রশ্ন ১২ : অর্থনৈতিক গােলকীকৰণৰ সৈতে জড়িত দুটা কাৰক উল্লেখ কৰা। 
উত্তৰ : 
  • (ক) অর্থনৈতিক গােলকীকৰণে অর্থনৈতিক ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্রৰ। মাজত পাৰস্পৰিক নিৰ্ভৰশীলতা বৃদ্ধি কৰিছে।
  • (খ) মুক্ত বাণিজ্যৰ দ্বাৰা ৰাষ্ট্রসমূহে বহু পৰিমাণে নিজৰ সুবিধা আৰু প্রয়ােজন অনুসৰি আঁচনি প্রস্তুত কৰিব পাৰিছে। 

প্রশ্ন ১৩ : গােলকীকৰণত প্রযুক্তিয়ে কিদৰে বৰঙণি যােগায়।
উত্তৰঃ তথ্য-প্রযুক্তিবিদ্যা (Information Technology)ৰ দ্রুত বিকাশে গােলকীকৰণত অৰিহণা যােগাইছে। তথ্যৰ সৰবৰাহ বিশেষকৈ টেলিভিছন, ম’বাইল আদিয়ে বিশ্বখনক একেবাৰে সৰু কৰি তুলিছে।

প্রশ্ন ১৪ : গােলকীকৰণৰ শেহতীয়া বৈশিষ্ট্যবােৰ কি কি?
উত্তৰঃ 
  • (ক) আন্তর্জাতিক বাণিজ্যৰ দ্রুত অগ্রগতি : গােলকীকৰণে বিশ্বৰ চৌদিশত ব্যৱসায়-বাণিজ্যৰ গতি ত্বৰান্বিত কৰিছে। বিশ্বৰ সম্পদৰাজিৰ সম্পূর্ণ বাৱহাৰ আৰু আন্তর্জাতিক বাণিজ্যক শক্তিশালী কৰাৰ বাবে বিশ্ব বাণিজ্য সংস্থাই যথেষ্ট চেষ্টা চলাইছে।
  • (খ) বহুজাতিক সংস্থাৰ গুৰুত্ব বৃদ্ধি : গােলকীকৰণৰ চৰিত্ৰক বুজিব লগা হলে বহুজাতিক সংস্থাসমূহৰ গুৰুত্ব উপলব্ধি কৰিব লাগিব। এই সংস্থাসমূহে নিজৰ দেশৰ উপৰিও আন আন দেশত ধন বিনিয়ােগ কৰে। কর্মসংস্থানৰ ব্যৱস্থা কৰে আৰু বজাৰৰ পৰিসৰ বৃদ্ধি কৰে।

প্রশ্ন ১৫ : গােলকীকৰণৰ ইতিবাচক প্রভাৱ কি কি? 
উত্তৰ : 
  • (ক) গােলকীকৰণে ভাৰতৰ ৰপ্তানি বাণিজ্যৰ পৰিসৰ বৃদ্ধি আৰু বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত ভাৰসাম্যতা স্থাপন কৰিছে। 
  • (খ) গােলকীকৰণে প্রযুক্তিবিদ্যাৰ উন্নয়ন সাধন কৰিছে। বিশ্ব বজাৰত ভাৰতৰ স্থান শক্তিশালী কৰিছে আৰু ভাৰতবৰ্ষত বিদেশী অর্থ বিনিয়ােগৰ পৰিসৰ যথেষ্ট বৃদ্ধি কৰিছে।

প্রশ্ন 16 : ভাৰতৰ গােলকীকৰণৰ বিৰােধিতাৰ অভিজ্ঞতা কেনেকুৱা?
উত্তৰ : ভাৰতবৰ্ষত গােলকীকৰণৰ বিৰুদ্ধে বিভিন্ন সংগঠনৰ পৰা প্রতিবাদ সাব্যস্ত কৰা হৈছে। বাওঁপন্থীসকলে অর্থনৈতিক উদাৰীকৰণৰ বিৰুদ্ধে বাওঁপন্থী দলসমূহৰ সহায়ত প্রতিবাদ উত্থাপন কৰিছে।

ভাৰতীয় সামাজিক সংস্থাইও এই ক্ষেত্ৰত নিজৰ প্রতিবাদ কার্যকৰী কৰিছে।
ভাৰতৰ সংস্কৃতিৰ ওপৰতাে গােলকীকৰণৰ নাকাৰক প্ৰভাৱ লৈ ভাৰতৰ বিভিন্ন স্থানত প্রতিবাদ কৰা হৈছে।

প্রশ্ন 17 : বিশ্ব সামাজিক ফ’ৰাম কি?
উত্তৰ : World Social Foram বা বিশ্ব সামাজিক সংস্থাৰ দৰে বিশ্ব মঞ্চ এখনে বিশ্বায়নৰ বিৰুদ্ধে এখন সংযুক্ত গােট গঠন কৰিছে যি গােটখনত একেৰাহে। 

মানৱ অধিকাৰ ৰক্ষা সংক্রান্ত কার্যকর্তাসকল, পৰিবেশবিদসকল, শ্ৰমিকসকল, যুৱ সমাজ আৰু মহিলা কার্যকঠাক সামৰি লােৱা হৈছে।



(গ) দীঘল প্রশ্নোত্তৰ ? (প্রত্যেকটোত ৪ নম্বৰকৈ)


প্রশ্ন ১ : বিশ্বায়নৰ ফলাফল কি?
উত্তৰঃ 
  • (ক) বিশ্বায়নে ৰাজনৈতিক ক্ষেত্ৰত উল্লেখযােগ্য প্ৰভাৱ বিস্তাৰ কৰিছে। এই ধাৰণাই পাৰম্পৰিক সার্বভৌমত্বৰ অৰ্থক পৰিৱৰ্তন কৰিছে। 
  • (খ) বিশ্বায়নৰ প্ৰসাৰৰ বাবে বহুজাতিক সংস্থাৰ প্ৰৱেশ আৰু ইয়াৰ গুৰুত্ব সকলাে দেশত বৃদ্ধি পােৱাৰ বাবে চৰকাৰৰ ক্ষমতা ক্রমান্বয়ে হ্রাস পাইছে। 
  • (গ) বিশ্ব অর্থনৈতিক দিশত বিশ্বায়নৰ যথেষ্ট প্রতিক্রিয়া দেখিবলৈ পােৱা যায়। অর্থনৈতিক বিশ্বায়নে পৃথিৱীৰ ৰাজনৈতিক চেহেৰাৰ পৰিৱৰ্তন সাধন কৰিছে। অর্থনৈতিক বিশ্বায়নৰ বিভিন্ন আন্তর্জাতিক বিত্তীয় সংগঠনৰ যেনে আন্তর্জাতিক বিত্তীয় সংগঠনৰ যেনে আন্তর্জাতিক মুদ্রানিধি, বিশ্ব বেংক আদিৰ লগত ঘনিষ্ঠ সম্পর্ক আছে। 
  • (ঘ) বিশ্বায়নে মানুহৰ জীৱনশৈলী, বিচাৰধাৰা, খাদ্যাভাস আদি ক্ষেত্ৰতাে পৰিৱর্তন আনিছে।

প্রশ্ন ২ : ভাৰতবৰ্ষত বিশ্বায়নৰ প্ৰভাৱ আলােচনা কৰা। 
উত্তৰ : ভাৰতবৰ্ষত প্রকৃত অর্থতি বিশ্বায়নৰ আৰম্ভ ১৯৯১ চনৰ পৰা আৰম্ভ হয়।
  • (ক) বাণিজ্যিক নীতিৰ ক্ষেত্ৰত সংস্কাৰঃ ভাৰতৰ বাণিজ্যিক নীতিৰ ক্ষেত্ৰত বিশ্বায়নৰ প্ৰভাৱত যথেষ্ট সংস্কাৰ সাধন কৰা হয়। আমদানিকৃত বস্তুৰ অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত যথেষ্ট শিথিলতা প্রদান কৰা হয়।
  • (খ) ঔদ্যোগিক নীতিৰ সংস্কাৰঃ ঔদ্যোগিক ক্ষেত্রত সংস্কাৰ সাধনৰ উদ্দেশ্যে অনুজ্ঞাপত্ৰৰ বাধা সম্পূৰ্ণৰূপে উঠাই লােৱা হয়। অৱশ্যে কেইটামান বিশেষ উদ্যোগৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ এতিয়াও প্রয়ােজন।
  • (গ) বিত্তীয় সংস্কাৰঃ বিত্তীয় ক্ষেত্ৰতাে আমূল পৰিৱর্তন সাধন কৰা হয়। ব্যক্তিগত খণ্ডৰ বেংকসমূহৰ লগতে যৌথভাৱে পৰিচালিত বিদেশী বেংকসমূহকো তেওঁলােকৰ বিত্তীয় কার্যৰ পৰিধি বৃদ্ধি কৰাৰ অনুমতি প্রদান কৰা হয়।
  • (ঘ) বিশ্ব বাণিজ্য সংস্থাৰ প্ৰভাৱ : বিশ্ব বাণিজ্য সংস্থাৰ প্ৰভাৱ বিভিন্ন বয়বস্তুৰ পৰা বাণিজ্য শুষ্ক উঠাই দিয়া হয়। লগতে ১৯৯১ চনত টকাৰ পুনমূল্যায়ন কৰা হয়।

প্রশ্ন ৩ঃবিশ্বায়নৰ অর্থনৈতিক তাৎপর্য কি?
উত্তৰঃ অর্থনৈতিক বিশ্বায়নে পৃথিৱীৰ ধনী-দুখীয়াৰ মাজত ব্যরধান বৃদ্ধি কৰিছে বুলি যদিও সমালােচনা কৰা হয়, কিন্তু ইয়াৰ সমর্থকসকলে বিশ্বায়নৰ সাকাৰাত্মক দিশ সম্পর্কে এনেদৰে উল্লেখ কৰিছে।
  • (ক) অর্থনৈতিক বিশ্বায়নে বিভিন্ন দেশ অর্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি কৰাৰ লগতে সংখ্যাগৰিষ্ঠ মানুহৰ কল্যাণ সাধন কৰিছে।
  • (খ) যিহেতু অর্থনৈতিক বিশ্বায়নে বিভিন্ন ৰাষ্ট্ৰৰ মাজত ব্যৱসায়-বাণিজ্যৰ পৰিসৰ বৃদ্ধি কৰে, সেয়েহে সমর্থকসকলৰ মতে এই বিভিন্ন ৰাষ্ট্ৰৰ মাজত চলি থকা বাণিজ্যই প্রতিখন দেশক নিজে যি বস্তু উৎপাদন কৰিলে আটাইতকৈ লাভবান হয়, সেই বস্তু উৎপাদনৰ সুবিধা প্রদানৰ লগতে সমগ্র বিশ্বৰ উপকাৰ সাধন কৰে।
  • (গ) বিশ্বায়নে এক প্রত্যাহ্বানৰ সৃষ্টি কৰে আৰু এই প্রতিযােগিতা বা প্রত্যাহ্বানক সমালােচনা কৰাৰ পৰিৱর্তে জ্ঞান, যুক্তি, বুদ্ধি প্রয়ােগ আৰু বিশ্বায়নৰ লাভবান হােৱাৰ চেষ্টা কৰা উচিত।

প্রশ্ন ৪ : বিভিন্ন দিশৰ পৰা ভাৰতবৰ্ষত বিশ্বায়নক ৰােধ কৰাৰ চেষ্টা কৰা হৈছে”-ব্যাখ্যা কৰা।
উত্তৰ ভাৰতবৰ্ষত বিশ্বায়নৰ বিৰুদ্ধে বিভিন্ন সংগঠনৰ পৰা প্রতিবাদ সাব্যস্ত কৰা হৈছে। অর্থনৈতিক উদাৰীকৰণৰ বিৰুদ্ধে বাওঁপন্থীসকলে প্রতিবাদ সাব্যস্ত কৰিছে। 
ভাৰতীয় সামাজিক সংস্থাইও এই ক্ষেত্ৰত নিজৰ প্রতিবাদ কার্যকৰী কৰিছে। ইয়াৰ উপৰি বিভিন্ন সামাজিক আন্দোলনৰ কর্মকর্তাসকলে, বিভিন্ন শ্রমিক সংগঠন, খেতিয়কসকলৰ সংগঠন আদিয়েও বহুজাতিক সংস্থাসমূহৰ বিৰুদ্ধে প্রতিবাদ কৰি বিশ্বায়নৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছে। 

আমেৰিকা আৰু ইউৰােপীয় ফাৰ্মৰ দ্বাৰা নিমপাতৰ Patent কৰাৰ বিৰুদ্ধেও যথেষ্ট প্রতিবাদ কৰা হৈছিল।

ভাৰতৰ সংস্কৃতিৰ ওপৰতাে বিশ্বায়নৰ নাকাৰাত্মক প্রভাৱক লৈ ভাৰতৰ বিভিন্ন স্থানত প্রতিবাদ কৰা হৈছে।

বিশেষকৈ মহিলাসকলৰ সাজপাৰ, বিদেশী Tv. Channel ৰ দ্বাৰা অশােভন দৃশ্য প্রদর্শন, Valentine Dayৰ নতুন উৎসৱ পালন কৰাৰ বিৰুদ্ধে ভাৰতৰ বিভিন্ন ৰাজ্যত যথেষ্ট প্রতিক্রিয়া আৰু প্ৰদি দেখিবলৈ পােৱা হৈছে।



(ঘ) অতি দীঘল প্রশ্নোত্তৰ /(প্রত্যেকটোত ৬ নম্বৰকৈ)


প্রশ্ন ১ঃ উন্নয়নশীল ৰাষ্ট্ৰৰ বিশ্বায়নৰ পৰিপ্ৰেক্ষিতত ক্ষমতা বৃদ্ধি আৰু ক্ষমতা হ্রাসৰ বিষয়ে লিখা।
উত্তৰঃ বিশ্বায়নে উন্নয়নশীল ৰাষ্ট্রৰ কার্যপৰিচালনাৰ ক্ষেত্ৰত নিঃসন্দেহে পৰিৱর্তন আনিছে বিশ্বায়নৰ যুগত। কোনাে দেশে সম্পূর্ণ অর্থত স্বয়ংসম্পূর্ণ নহয়, প্রত্যেকে আনৰ ওপৰত নিৰ্ভৰশীল। এই যুগত উন্নয়নশীল ৰাষ্ট্ৰই নিজৰ বিদেশনীতি আৰু অর্থনৈতিক নীতি এনেদৰে প্ৰস্তুত কৰিব লাগিব যাতে আন আন ৰাষ্ট্রৰ সৈতে ভাল আৰু বন্ধুত্বপূর্ণ সম্পর্ক ৰক্ষা কৰিব পৰা যায়। বিদেশী বিনিয়ােগৰ ফলত, প্রত্যেক উন্নয়নশীল ৰাষ্ট্ৰই নিজৰ বজাৰ বিশ্বৰ বাবে মুক্ত কৰি দিব লগা হৈছে।

বিশ্বায়নে উন্নয়নশীল ৰাষ্ট্ৰৰ অর্থনৈতিক নীতিৰ ওপৰতাে প্ৰভাৱ বিস্তাৰ কৰিছে। নিজৰ অর্থনৈতিক নীতি প্রস্তুত কৰাৰ বাবে এই ৰাষ্ট্ৰসমূহৰ বিশ্ব বেংক, বিশ্ব বাণিজ্য সংস্থা, আন্তর্জাতিক মুদ্রা নিধি আৰু আন আন দেশৰ অর্থনৈতিক নীতিৰ দ্বাৰা বাধ্যতামূলকভাৱে প্ৰভাৱান্বিত হ'ব লাগে। বিশ্বায়নৰ প্ৰভাৱ চৰকাৰ উদাৰীকৰণনীতি, চৰকাৰী অনুদান হ্রাস আৰু কৃষি নীতিৰ ওপৰত স্পষ্টকৈ দেখিবলৈ পােৱা যায়। সেয়েহে, আমি ক’ব পাৰাে যে বিশ্বায়নে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ কাৰ্যৰ পৰিধি ক'ৰবাত বৃদ্ধি কৰিছে আৰু ক'ৰবাত হ্রাস কৰিছে।

প্রশ্ন ২ঃ বিশ্বায়নৰ সাংস্কৃতিক প্রভাব সম্পর্কে লিখা। 
উত্তৰঃ বিশ্বায়নৰ প্ৰভাৱত একেই ধৰণৰ এক বিশ্ব সংস্কৃতিৰ উদ্ভৱ হৈছে যাক সাংস্কৃতিক সমৰূপতা বুলি আখ্যা দিব পৰা যায়। সাংস্কৃতিক সমৰূপতাই বিশ্বৰ আন আন বৈশিষ্ট্যপূর্ণ সংস্কৃতিৰ ক্ষেত্ৰত ভাবুকি সৃষ্টি কৰে। আন্যান্য সংস্কৃতিৰ স্বকীয়তা লৈ তিষ্ঠি থকাটো অসুবিধাজনক হৈ পৰে। সাংস্কৃতিক সমৰূপতাৰ ফলত মানুহে নিজৰ সংস্কৃতি বাদ দি এটা নির্দিষ্ট সংস্কৃতি অনুসৰণ কৰিবলৈ আৰম্ভ কৰিছে। 

জিন্স সংস্কৃতি, Fast Food উপভােগ কৰাৰ প্রবৃত্তি, পাশ্চাত্য সংস্কৃতিক অনুসৰণ কৰাৰ ইচ্ছা আদি বিশ্বায়নৰ প্ৰভাৱ।

প্রশ্ন ৩ঃ সমগ্র বিশ্বৰ মাজত সংযােগ স্থাপনৰ অর্থ কি? ইয়াৰ উপাদানসমূহ কি কি?
উত্তৰঃ বিশ্বায়নৰ এটা উল্লেখযােগ্য উপাদান হৈছে প্রযুক্তি বিদ্যা। এই প্রযুক্তি বিদ্যাৰ উন্নয়নে সমগ্র বিশ্বৰ মাজত সংযােগ স্থাপন কৰিছে।  ইয়াত কোনাে সন্দেহ নাই যে বর্তমান সময়ত তাঁবার্তা প্ৰেৰণ যন্ত্র, দূৰভাষ আৰু অণুবীক্ষণ যন্ত্রৰ আৱিষ্কাৰে পৃথিৱীৰ বিভিন্ন প্রান্তৰ কৰ্মবার্তাসকলৰ যােগযােগ ব্যৱস্থাৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিছে। 

উন্নত যােগাযােগ ব্যৱস্থাৰ ফলস্বৰূপে পৃথিৱীৰ বিভিন্ন প্রান্ত মানুহে আন প্ৰান্তৰ সৈতে আন্তঃসংযােগ সাধন কৰিব পাৰিছে।  বর্তমানে পৃথিৱীৰ এটা প্ৰান্তত সংঘটিত ঘটনাই আন এটা অঞ্চলৰ ওপৰত প্ৰভাৱ পেলায়। একেদৰে যেতিয়া বৃহৎ অর্থনৈতিক ঘটনা সংঘটিত হয় ইয়াৰ প্ৰভাৱ ওচৰৰ স্থানীয়, জাতীয় পৰিৱেশৰ লগত বিশ্ব পর্যায়ত অনুভূত হয়।



বিশ্বায়ন class 12/বিশ্বায়নৰ বৈশিষ্ট্য/বিশ্বায়ন বুলিলে কি বুজা ইয়াৰ বৈশিষ্ট্য লিখা?/বিশ্বায়ন বুলিলে কি বুজা অসমীয়া/বিশ্বায়ন মানে কি অসমীয়া/বিশ্বায়নৰ প্ৰভাৱ/ভাৰতত বিশ্বায়নৰ প্ৰভাৱ/গোলকীকৰণৰ প্ৰভাৱ/গোলকীকৰণ বুলিলে কি বুজা?/গোলকীকৰণৰ বৈশিষ্ট্য/বিশ্বায়নৰ কাৰণ/গোলকীকৰণ কি?/গোলকীকৰণৰ কাৰণ সমূহ/বিশ্বায়নৰ সুবিধা আৰু অসুবিধা/গোলকীকৰণ কাক বোলে/বিশ্বায়নৰ এটা সুফল আৰু এটা কুফল উল্লেখ কৰা।/বিশ্বায়ন কি অসমীয়া/গোলকীকৰণৰ সুবিধা/গোলকীকৰণৰ দুটা নীতি উল্লেখ কৰা/গোলকীকৰণৰ নীতি/গোলকীকৰণৰ কি?/বিশ্বায়ন hs 2nd year/গোলকীকৰণ মানে কি?/বিশ্বায়ন কাক বোলে অসমীয়া/সামাজিক পৰিৱৰ্তন আৰু ৰাজনীতি class 12/সংস্কৃতিৰ ওপৰত বিশ্বায়নৰ প্ৰভাৱ/সামাজিক সংস্থা class 12 প্ৰশ্ন উত্তৰ/বিশ্বায়ন আৰু অসমীয়া সংস্কৃতি/ৰাজনীতি বিজ্ঞানৰ পৰিসৰ আলোচনা কৰা/বিশ্বায়নৰ কাক বোলে?/বিশ্বায়নৰ সংজ্ঞা/অসমীয়া সংস্কৃতিত বিশ্বায়নৰ প্ৰভাৱ/উদাৰীকৰণ বৈশিষ্ট্য/অসমৰ ৰাজনৈতিক বিকাশ class 12/সামাজিক সংস্থা বুলিলে কি বুজা?/গোষ্ঠী নিৰপেক্ষতাৰ উৎপত্তিৰ দুটা কাৰণ/ৰাষ্ট্ৰৰ উপাদানসমূহ কি কি/সাংস্কৃতিক মানে কি অসমীয়া/যাতায়াত বুলিলে কি বুজা?/সামাজিক পৰিৱৰ্তন বুলিলে কি বুজা?/ৰাজনীতি মানে কি?/শেহতীয়া বিষয় আৰু প্ৰত্যাহ্বান/সংস্কৃতি বুলিলে কি বুজা?/অৰ্থনৈতিক উদাৰীকৰণ কি?/

Post a Comment

0 Comments

People

Ad Code