Recent in Technology

চোৰধৰা/ Lesson-15 Textbook/ Class 9 Assamese/ SEBA Board

Attention Please!

নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা ভাৰতৰ বৈচিত্র্যৰ মাজত ঐক্য Online textboook Class 9 Assamese lesson-15  চোৰধৰা chapter

চোৰধৰা/ Lesson-15 Textbook/ Class 9 Assamese/ SEBA Board


চোৰধৰা/Lesson15

(নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা চোৰধৰা)


শ্রীশ্রীমাধৱদেৱ



কথা : গােপী বােল-হে মাই যশােদে, তােহে তাপ তেজহ। হামু তােহাৰি বালক কানাই দেখল। এক গােৱালীক লৱনু চোৰি কৰিতে ঘৰ মহ পৈসল। আহে পেখি সে গােৱালী লৱণু-চোৰ ধৰিয়ে থিক। শ্রীকৃষ্ণ তাহেক উত্তৰ কৰাইছে, আহে ঢাণ্ডি হামু কৈছে চোৰ। 

বালক সমে ৰাজ মাৰগে ফিৰত। তােহোঁ আপনে দধি খায়া হামাক চোৰ বােলত। তাহে শুনি গােপী পড়াক গােপী সাখী মানত। শ্রীকৃষ্ণ আপন হাতক লৱণু গােপীক মুখে মাখিয়ে বােলত, আহে গােপীসৱ, দেখু দেখু, আৱৰ সাখীত কমন প্রয়ােজন? উনিকৰ মুখহ সাক্ষী। শুনি গােপী লাজ পাৱল। কৃষ্ণক উত্তৰে আটয়ে নাহি পাৰি গােপীসৱ ভঙ্গ মানল। তাহে পেখি শ্রীকৃষ্ণ আঞ্চোলে ধৰি টানিয়ে আনত। 

গােপী কাতৰ কয় বােলত, হে কানাই, তােহাে হামাক ছাড়হ। তােহাক হামু লৱণু দেৱব। তাহে শুনি শ্রীকৃষ্ণ গােপীক ছাড়ল। গােপীকৃষক লৱণু দেলহ। শ্রীকৃষ্ণ তাহেক ভােজন কয়ক আনন্দে নৃত্য কয়ল। আহে মাই যশােদে, তােহো কি পুণ্য কয় শ্রীকৃষ্ণ পুত্র পাৱল। শ্রীকৃষ্ণ সৱ গােকুলবাসীক আনন্দ কৰাৱয় থিক। অব লতাহাৰি কানাই বহুত চোৰ চাতুৰীয়ে গােপীক ভঙ্গ কৰাই নানা বিধ কৌতক নৃত্য কৰিয়ে থিক। ইহা জানি হে মাই চিন্তা-শােক ছাড়হ।।

সূত্র : তদন্তৰে যশােদা আপুন পুত্ৰক শুভ বাত শুনিয়ে কহু, গােপীক ভঙ্গ কবাই, নানাবিধ কৌতুকনৃত্য কৰিয়ে থিক। ইহা শুনি চিন্তা-শােক তেজিৱে পৰম হরষিত ভেল।

কথা : যশােদা বােল-হে মাই গােৱালী, কোন ঠামে হামাৰ বালক থিক। তথি হামাক নিয়া যায়।।
সূত্র : ওহি বুলি গােপী যশােদা সহিত গৈয়া, গােৱালীসৱক ঠামে শ্রীকৃষ্ণক দেখাঅল। শ্রীকৃষ্ণ গােপীসৱক মধ্যে নৃত্য কয় থিক। আপন পুত্রক দেখিয়ে যশােদাক সৱ শৰীব জডাৱল। 

কৃষ্ণক কোলে কয়ে, গলে বান্ধি বদন চুম্বন কয়ে পৰম আনন্দ পাৱল। শ্রীকৃষ্ণ মাৱক স্তন পান কয়ে, মাৱক বদন নিবেখি, কান্দি কান্দি গােপী সৱ বৃত্তান্ত শুনাৱল। শুনি যশােদা গােৱালীসৱক গাৰি দিয়ে জৈচন বােল তাে দেখহ শুনহ।।

কথা : যশােদা বােল-আহে ঢাণ্ডি, গােৱালীসৱ, দাসীক দাসী, তােহোঁসৱ হামাৰ ওহি বালক কৃষ্ণক চোৰ বুলিয়ে কলঙ্ক কৰসি। ছিঃ তােহাৰি মুখে ছাৰ পৰােক। হে বাপু কৃষ্ণ, ওহি বান্দীসৱক থানে আৱৰ নাহি আৱব। হামাৰ ঘৰে দধি দুগ্ধ লৱণু কে পুছত? যত খাইতে পাৰ তত হামু দেৱব। 

তােহাৰি বালাই লঞ, আহে বাপু তােহহা হামাৰ কৌটি পুৰুষক দেৱকো পৰম দেৱতা, মাথাক মুকুট, গলাক সাতসৰী বুকে শীতল চন্দন।।




সূত্র : ওহি বুলি যশােদা গােৱালীসৱক ঠেঙ্গনা দিয়ে খেদাই কহু, আপুনে আঞ্চোৰে কৃষ্ণক ধুলা ঝাৰি, বুকে বান্ধি কোলে কৰি বদন চুম্বন দিয়ে, পরম আনন্দে আপুন গৃহে আনি, শীতল জলে স্নান কৰাই, পঞ্চামৃত ভােজন কৰাৱল। সুগন্ধ চন্দনে, দিব্য বস্ত্র-অলঙ্কাৰে ভূষিত কৰাই, কৃষ্ণক সুন্দৰ বদন নিবেখিয়ে, মিেক্ষতে অধিক আনন্দ লভিয়ে পৰম সন্তোষে ৰহল। 

আহে সভাসদলােক, শ্রীকৃষ্ণক পৰম কৃপালু গুণ দেখহ। কোটি ব্রহ্মাণ্ডক ঈশ্বৰ হুয়া নন্দক গৃহে বেকত হুয়া, নানান বিনােদননৃত্য কয়ল। ইহাক শ্ৰৱণ-কীৰ্ত্তন কৰিয়ে, সব লােক সংসাৰ ঘােৰ নিকাৰ তৰব। ইহা জানি শ্রীকৃষ্ণ চৰণে শৰণ সাৰ কৰিয়ে নিৰন্তৰে হৰি বােল হৰি বােল। 

লেখক-পৰিচয় :
শ্রীশ্রীমাধৱদেৱ (১৪৮৯-১৫৯৬)ৰ লক্ষিমপুৰৰ নাৰায়ণপুৰত জন্ম হয়। অসমৰ নৱবৈষ্ণৱ ভক্তিধর্ম আন্দোলনৰ এগৰাকী গুৰি ধৰোঁতা। 

জীৱনৰ প্ৰথমছােৱাত শাক্তধর্মী আছিল। শংকৰদেৱৰ সৈতে তেওঁ আহােম ৰাজ্যৰ উজনি অসম পৰিত্যাগ কৰে আৰু নামনিৰ কোচৰাজ্যৰ বৰপেটা অঞ্চলত থাকিবলৈ লয়। 

শংকৰদেৱে বৰপেটাৰ ওচৰৰ চূণপােৰা এৰি পাটবাউসীত থাকিবলৈ লােৱা সময়তে মাধৱদেৱে গণককুছিত থাকিবলৈ লয়। এইসময়তে গুৰু শংকৰৰ সৈতে তেওঁ তীর্থভ্রমণলৈও যায়। 

মহাপুৰুষ শংকৰদেৱৰ বিয়ােগৰ পাছত মহাপুৰুষ মাধৱদেৱে অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ গুৰু দায়িত্ব গ্রহণ কৰে। মাধৱদেৱে জীৱনৰ শেষ সময়খিনি কোচবেহাৰৰ ৰজা লক্ষ্মীনাৰায়ণৰ ৰাজ্যৰ ভেলাদুৱাৰত থাকিবলৈ লয়। তাতেই তেওঁৰ মহাপ্রয়াণ ঘটে। 

মহাপুৰুষ মাধৱদেৱে ধর্মপ্রচাৰৰ উপৰি সাহিত্য ৰচনাতাে বিশিষ্ট বৰঙণি আগবঢ়ায়। পুৰণি ধর্মগ্রন্থৰ আধাৰত আখ্যানমূলক কাব্য, তত্ত্বমূলক ৰচনা, নাট, বৰগীত ৰচনা কৰে। মাধৱদেৱ-ৰচিত নামঘােষা, ভক্তি ৰত্নাৱলী, বৰগীত আৰু নাট-ঝুমুৰাসমূহ অসমীয়া লােকৰ অতি আদৰৰ।


পাঠবােধ :
মাধৱদেৱে ৰচনা কৰা নাটসমূহৰ একমাত্র ‘দধিমথন’ বা ‘অর্জুন-ভঞ্জন’ৰ বাহিৰে বাকীকেইখনক ঝুমুৰা বুলিহে কোৱা হয়। একোটা সম্পূর্ণ বিষয়বস্তু বা ঘটনাৰ সলনি ক্ষুদ্র ঘটনা বা পৰিস্থিতিক লৈ চমু পৰিসৰত ৰচনা কৰা নাটককেই ঝুমুৰা বুলি কোৱা হয়। 

ইয়াত ‘চোৰধৰা’ ঝুমুৰাৰ নির্বাচিত একাংশ তুলি দিয়া হৈছে। ইয়াৰ জৰিয়তে ছাত্র-ছাত্রীসকলে এই শ্রেণীৰ সাহিত্যৰ আভাস পাব আৰু শিশু কৃষ্ণৰ চতুৰালি দেখি আমােদ লাভ কৰিব। মাধবদেৱৰ ঝুমুৰা সম্পর্কেও কিছু আভাস পাব।

শব্দার্থ আৰু টোকা :

তাপ - দুখ।
তেজহ - ত্যাগ কৰা।
হামু - মই।
দেখল - দেখিলোঁ।
ঘৰ মহ - ঘৰৰ ভিতৰত।
থিক - আছে।
পৈসল - প্রৱেশ কৰিলে, সােমালে।
পেখি - দেখি।
উত্তৰকৰাইছে - উত্তৰ দিছে
ঢাণ্ডি - শকত-আৱত, লুধুমী।
কৈছে - কেনেকৈ
ৰাজ মাৰগে -  ৰাজবাটত।
ফিৰত -  ঘূৰি ফুৰা।
পড়াক - চুবুৰীৰ।
সাখী মানত - সাখী(সাক্ষী) কৰিলে।
মাখিয়ে - সানি।
উনিকৰ - এওঁৰ।
পাৱল - পালে।
উত্তৰে আটয়ে নাহি পাৰি - উত্তৰত বলে নােৱাৰি।
ভঙ্গ মানল - পৰাজয় স্বীকাৰ কৰিলে।
কয় কৰ্ছ - কৰি পেলাই।
চোৰ চাতুৰীয়ে - চলে-কৌশলে।
বাত - বার্তা।
ঠামে  - ঠাইত।
তথি  - তালৈ।
জুড়াৱল - শান্ত হল।
গাৰি - গালি।
জৈচন - যেনেকৈ।
কলঙ্ক কৰসি - বদনাম ৰটিছে।
মুখে ছাৰ পৰক : মুখত ছাই পৰক অর্থাৎ মৰি যাওক। 
বালাই লঞ - অশুভ বা বিপদ মূৰ পাতি লওঁ। 
বেকত হুয়া - ব্যক্ত হৈ, আৱিৰ্ভাৱ হৈ। 
বিনােদ নৃত্য - আনন্দদায়ক নাচ। 
ঠেঙ্গনা - গালি। 
আঞ্চোৰে - আঁচলেৰে। 
নিকাৰ - যন্ত্রণা। 
পঞ্চামৃত - এৱা গাখীৰ, দৈ, ঘিউ, মৌ আৰু চেনি মিহলাই কৰা পানীয়। 



সূচীপত্র/ Class 9 Assamese Textbook Lessons

গদ্যাংশ



সূচীপত্র/ Class 9 Assamese Textbook Lessons


পদ্যাংশ



সূচীপত্র/ Class 9 Assamese Textbook Lessons

গদ্যাংশ



প্রশ্নাবলী ভাববিষয়ক 

১। অতি চমুকৈ উত্তৰ লিখা 
(ক) কানাই বুলি কাৰ কথা কোৱা হৈছে? 
(খ) লৱণু-চোৰ কৃষ্ণই গােপীৰ মুখত কি সানি দিছিল? 
(গ) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ কি? 
(ঘ) ওহি বান্দীসৱক থানে আৱৰ নাহি। | - ‘আৱৰ নাহি’ বুলি কোনে, কাক কৈছিল? 
২। (ক) “হে মাই যশােদে, তােহে তাপ তেজহ। – যশােদাৰ মনৰ তাপ গুচাবলৈ গােপীয়ে কিয় ক’ব লগা হৈছিল? 
(খ) শ্রীকৃষ্ণই গােপীৰ মুখত কিয় লৱণু সানি দিছিল? 
৩। ইহা শুনি চিন্তা-শােক তেজিৱে পৰম হৰষিত ভেল?'— কোনে, কাৰ আৰু কি কথা শুনি হৰষিত হৈছিল? 
৪। মাক যশােদাই কানাইক লগ পাই কি কি কথা কৈছিল আৰু কিদৰে চেনেহ প্ৰকাশ কৰিছিল ? 

ভাষাবিষয়ক : 
৫। তলৰ পুৰণি শব্দবােৰৰ আধুনিক ৰূপ লিখা :
তেজহ; তােহাৰি; হামু; থিক; মাখিয়ে; উনিকৰ; ফিৰত; গাৰি। 
৬। বিপৰীত শব্দ লিখা:
চোৰ; উত্তৰ; কাতৰ; পুণ্য; শােক; হর্ষ শীতল।


Conclusion:


চোৰধৰা lesson 15 নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা class 9 assamese assam seba board textbook for online readers





Wrote by Akshay

Post a Comment

0 Comments

People

Ad Code