Recent in Technology

অৰণ্যযাত্রা lesson-11/ class 10 assamese Online textbook

Attention Please!

Namaskaar, Ei article tut class 10 assamese textbook অৰণ্যযাত্রা lesson 11 tu online read koribo paribo.

Logote Assam seba board r Class 10 r xokolu subject r সম্পূৰ্ণ প্ৰশ্নোত্তৰ ba textbook buru read koroibo paribo. link bur article tur maje maje diya hoise. 

Ei article tur joriyote aan lagotiyaal xokolu tothyo pabo buli akha thakil.


অৰণ্যযাত্রা lesson-11/ class 10 assamese Online textbook




Class 10 Assamese Textbook(Online Read)



অৰণ্যযাত্রা



অনুৰাধা শৰ্মা পূজাৰী


পাহিৰ যােৱা তিনিদিনমান ধৰি গাত তত নাইকিয়া হৈছে। এইবাৰ বিদ্যালয়ৰ গৰমৰ বন্ধৰ প্রথম সপ্তাহতে চাৰিদিনৰ বাবে অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক এখন অৰণ্যলৈ নিয়া হ'ব বুলি শ্রেণী শিক্ষকে ঘােষণা কৰাৰ দিনৰেপৰা দুয়ােটা শ্ৰেণীত উখল-মাখল পৰিৱেশ। 

ছাত্র-ছাত্রীসকলৰ মাজত কেৱল এটাই আলােচনা—কোনখন অৰণ্যলৈ যাব। কোনােবাই মানাহ অভয়াৰণ্যৰ কথা ক'লে; কোনােবাই কাজিৰঙাৰ কথা ক'লে। 
কিন্তু বিদ্যালয় কর্তৃপক্ষই ক'লে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সপক্ষত মত বেছি হৈছে বাৰে তালৈকে নিয়া হ'ব। 

কিছুসংখ্যক ছাত্র-ছাত্রী আকৌ পূর্বতে কাজিৰঙালৈ যােৱাৰ অভিজ্ঞতা থকা বাবে যাবই নুখুজিলে। তথাপি দুয়ােটা শ্ৰেণীৰ পঞ্চাশগৰাকী ছাত্ৰ-ছাত্ৰী আৰু পাঁচ-ছয়গৰাকী শিক্ষক-শিক্ষয়িত্রী মিলি দলটো ডাঙৰেই হ'ল। ছাত্র-ছাত্রীসকলক লগত নিব লগা প্রয়ােজনীয় বয়-বস্তুৰ তালিকা দিয়া হ'ল। 

লগতে ইয়াকো কোৱা হ'ল যে প্রত্যেক ছাত্র-ছাত্রীয়ে নিব লগা বয়-বস্তু যাতে আনৰ সহায় নােলােৱাকৈ নিজেই গােটাই ল’বলৈ যত্ন কৰে। কেমেৰা, ম'বাইল ফোন ভুলতাে যাতে কোনেও লগত নলয়।

পাহি আৰু ককায়েক পল অৰণ্যলৈ যাবলৈ সাজু হ'ল। পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে। কিন্তু পাহিয়ে মন কৰিলে, তাই শিক্ষকে দিয়া তালিকা অনুসৰি বস্তুবােৰ গােটাইছে পলে একো কৰাই নাই। গৰমৰ বন্ধ আৰম্ভ হােৱা দিনটোৰ পৰাই, পলে পুৱা পঢ়া-শুনা কমকৈ কৰে, বেলিকৈও শুই উঠে। 

সুধিলে কয়—“স্কুল বন্ধ, অলপ বেলিলৈকে শুলে একো নহয়। পাহিয়ে পুৱা চাহ-জলপান খােৱাৰ পাছত মাকক বাচন-বৰ্তন ধােৱা আৰু ঘৰৰ আচৰাবৰ ধূলি মচা-সৰাত সহায় কৰি দিয়ে। 

পলে খােৱা কঁাহী-বাটি এৰি থৈ গ'লে পাহিৰ খং উঠে আৰু কয়— ‘পল দাদা, এইখিনি কোনে ধুবলৈ বুলি এৰি গৈছা ? স্কুল থাকিলে তােমাক ধুবলৈ নকওঁ, কিন্তু এতিয়া স্কুল বন্ধ, নিজৰ কাম নিজেই নকৰা কিয়?”

পলে হাঁহি মাৰি উত্তৰ দিলে-“মইতাে ল’ৰা। এইবােৰ ছােৱালীৰ কাম, তােমালােকে করা। মইতাে দেউতাক এইবােৰ কাম কৰা দেখা নাই।

পলৰ কথা শুনি পাহিয়ে মাকক এদিন সুধিলে-“মা, ল’ৰা আৰু ছােৱালীৰ কামবােৰ কোনে পৃথক কৰিলে? ময়াে দেখােন দাদাৰ দৰেই পঢ়া-শুনা কৰোঁ। 

দাদাই কিয় নিজৰ পিন্ধা কাপােৰ জাগি নথয়, জোতাযােৰ পৰিষ্কাৰকৈ নাৰাখে, গা ধােৱাৰ পাছত তিতি থকা গামোচাখন কিয় বিছনাতে পেলাই থৈ যায়? 

দাদাই এই কামবােৰ কিয় তুমি কৰি দিবা বুলি ভাবে, বা মই কৰি দিম বুলি ভাবে? ল'ৰাই নিজৰ জোতাযযাৰ পৰিষ্কাৰ কৰিব নালাগে বা নিজে খােৱা কঁাহীখন কেতিয়াও ধুব নালাগে বুলি ক'ৰবাত লিখা আছে নেকি? 

মাকে হাঁহি মাৰি ক'লে—“পাহি সােণজনী, তুমি নিজেই দেখিছা, তােমাললাকে যি বয়সত যিবােৰ কাম কৰিব পাৰা, সেই কাম বয়স অনুযায়ী মই শিকাই আহিছে তােমালােক দুয়ােটাকে। 

তােমালােকে পঢ়াশুনা কৰি এসময়ত ভাল চাকৰি বা ব্যৱসায় কৰিবা, ধন উপার্জন কৰিবা। কিন্তু নিজৰ প্রয়ােজনীয় কামখিনি কৰিব নাজানিলে পৰনিৰ্ভৰশীল হ'বলৈ বাধ্য হবা। 

তেতিয়া কেতিয়াবা সময়েও তােমালােকক ঠগিব আৰু মানুহেও ঠগিব।' 

পাহিয়ে ককায়েকৰ পিঠিত ঢাকা এটা মাৰি ক'লে--‘শুনিছা দাদা, মায়ে কি কৈছে? তুমি যে বিপদত পৰিব৷ 

এদিন, সেয়া খাটাং। তুমি নিজৰ কামবােৰ মায়ে কৰিব বুলি থােৱা নহয়, মায়ে মৰমতে এতিয়া কৰি দিয়ে, যেতিয়া বাহিৰত থাকি পঢ়িবা, কাম কৰিবা, তেতিয়া কোনে কৰি দিব?

পলাে কম নহয়। পাহিৰ চুলি একেঁাচা টানি কয়—“তেতিয়া নিজে কৰিম নহয়, নহ'লে তােক লৈ আহিম, তই কৰিবি!

ইয়াৰ পাছতে আৰম্ভ হয় দুয়ােটা ককাই-ভনীৰ খেদাখেদি, এটাই যদি পিঠিত ঢকা মাবে, আনটোৱে জিভা উলিয়াই চিঞৰি দিয়ে। 

মাকেই অৱশেষত মিঠাই, বিস্কুট নতুবা বাৰীত লগা কলথােকৰ পকা কল দুটা সিহঁতৰ হাতত দি কাজিয়াৰ সামৰণি মাৰিব লগা হয়।

গৰমৰ বন্ধৰ অৰণ্যযাত্ৰাৰ আগদিনা আবেলি পাহিয়ে নিজৰ পিঠিত ল'ব পৰা ডাঙৰ বেগটোত তালিকাত লিখামতেই বস্তু ভৰাই গ'ল। 

এখন ডাঙৰ আৰু এখন সৰু টোকাবহী, কাপােৰৰ আৰামদায়ক জোতা, টুপী, পাতল গামােচা, প্রাথমিক চিকিৎসাৰ ঔষধ, টর্চলাইট, কপাহী কাপােৰ, কলম ইত্যাদি। 

পাহিয়ে নিজৰ বয়-বস্তু লােৱাৰ পাছত পলৰ পিঠিত লােৱা বেগটো চাই আচৰিত হৈ গ'ল। পলে একো ভৰােৱাই নাই। পল সন্ধিয়া ক্রিকেট খেলি অহাৰ পাছত পাহিয়ে দেখুৱালে নিজে গােটোবা বস্তুবােৰ। 

পলে তেতিয়াহে চিঞৰ-বাখৰ আৰম্ভ কৰিলে—মই বাৰু পাহৰিলোঁ, তই মােৰ বস্তুকেইটাও লগতে বেগত ভৰাই সাজু কৰি দিব নােৱাৰিলি। অ’ মা, মা...'
পলৰ চিঞৰত মাক দৌৰি আহিল ৰান্ধনিঘৰৰ পৰা।

‘চোৱাচোন মা, কাইলৈ ৰাতিপুৱা আমি যাম, পাহিয়ে নিজৰ বস্তুবােৰ সামৰি ললে, মােৰ বাবে একো কৰি নিদিলে, মই নাযাওঁ..।

পলৰ ঠেহ ভাঙিবলৈ মাকে ক'লে—“তুমি নিজৰ বস্তু সামৰি গােটাই লােৱা নাই কিয়? এয়া পাহিৰ দোষ নহয়, তােমাৰ দোষ। 

ঠিক আছে, নােযােৱাকৈ থাকিব নালাগে, মই তােমাৰ নিব লগা বেগটো সাজু কৰি দিম—এতিয়া মন মাৰি নাথাকিবা।

বেলি উদয় হােৱাৰ আগতেই পাহিয়ে সাৰ পাই খিৰিকীৰে বাহিৰলৈ চালে। আন্ধাৰ হৈয়ে আছে। ঘড়ীত ‘এলার্ম দিয়া আছে, তথাপি পাহিয়ে আকৌ টোপনি যাবলৈ ভয় কৰিলে। 

বিছনাতে বাগৰি পাহিয়ে কল্পনাৰে এখন সেউজ অৰণ্যৰ মাজলৈ যাত্ৰা কৰিলে। পাহিয়ে গছ-লতা, ফুল বৰ ভাল পায়। কিন্তু সৰু চহৰত থকা সিহঁতৰ ঘৰখনত মাটি কম বাবে টাবতহে ফুল লগাব পাৰে। 

তথাপি পাহিয়ে ৰৈ ৰৈ চায় ওখ গছবােৰ।

প্রতিজোপা গছৰ ৰং ভিন্ন, পাতৰ আকাৰ ভিন্ন; তামােলগছৰ কাষতে থকা আমগছজোপাৰ চেহেৰাৰ মিল নাই, দুজোপা ভিন্ন ধৰণৰ গছ যদিও ওচৰা-উচৰিকৈ মিলা-প্ৰীতিৰে থাকে। 

আকৌ কলগছজোপাৰ কাষতে থাকে নেমুগছজোপা; নেমুৰ কাইটে কলগছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায়। প্রকৃতিৰ এই সুন্দৰ নিয়মবােৰ গছবােৰে মানি চলে, সেইবাবেই পাহিয়ে গছ ভাল পায়। 

এনেতেই বাজিল ঘড়ীৰ সংকেত। পাহি একেজাপেই বিছনাৰ পৰা নামিল। পলক গাত হেঁচুকি জগালে আৰু মুখ-দাঁত পৰিষ্কাৰ কৰিবলৈ পাহি কোঠাৰপৰা ওলাই গল। 

পল আৰু পাহিয়ে চাহ-জলপান খাই স্ফুর্তিৰে যাবলৈ ওলাওঁতেই মাক আৰু দেউতাক সিহঁত। দুয়ােটাৰে ওচৰত থিয় হ'লহি। দেউতাকে ক'লে—“শিক্ষকৰ লগ নেৰিবা, যি কথা কয়, সেইমতে চলিবা। মই খবৰ লৈ থাকিম।  

মাকে ক'লে- তােমালােকে পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছা, অৰণ্যৰপৰা শিকিব লগা বহুত কথা আছে। যিমান পাৰা শিকিবা আৰু নিজৰ লগতে নিজৰ বয় বস্তুবােৰ চম্ভালিবা।
প্রাহি আব; প্রলে মাক-দেউতাকৰ ভৰি চই ত্যাশীৰ্বাদ ল'লে।



Class 10 Assamese Notes/Solutions




যাত্ৰাৰ আনন্দ


বেছ হুলস্থূল আৰু গান-নাচ কৰি দুখন বাছ আগবাঢ়িছে কাজিৰঙা অভয়াৰণ্যৰ দিশে। দুয়ােখন বাছৰ ল'ৰা-ছােৱালীবােৰে এইদৰে একেলগে সমনীয়াৰ সৈতে অহাৰ আনন্দ আগেয়ে পােৱা নাছিল। 

বাছৰ ভিতৰতে শিক্ষকসকলে ছাত্র-ছাত্রীৰ মাজৰপৰা নেতা-নেত্রী পাতি দিলে। 

পাহি আৰু বিদিশাক দায়িত্ব দিয়া হ’ল বাছত থক হত্র-ছাত্রীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহলৈ মন দিবলৈ। নৱম শ্রেণীৰ সৌৰভ আৰু আফতাবকে দায়িত্ব দিয়া হ'ল খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল

সকলােৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ। সৌৰভে কামটো টান পাই ক'লে—“পাহি আৰু বিদিশা খাদ্য বিলাওক, আমি সিহঁতক দিয়া কামটো কৰে। 

কাৰণ আমি ল’ৰা, লগৰীয়াবােৰে উৎপাত কৰিলে শাসনাে কৰিব পাৰিম আৰু অসুবিধাববাৰলৈও মন দিব পাৰিম।

আফতাবেও সৌৰভৰ কথাত হয়ভৰ দিলে। অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰে খং কৰি ক'লে তেতিয়া—“কামত ল'ৰা-ছােৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।
পাহি বা বিদিশাক যি কাম দিছে, তেওঁলােকেতাে আপত্তি কৰা নাই। তেওঁলােকক খাদ্য বিতৰণ কৰিবলৈ দিলেও কৰিব। অর্থাৎ তেওঁলােকে দুয়ােটা কাম ভালদৰে কৰিব পাৰিব। 

তােমালােকেহে। এটা কাম পাৰিলে আনটো নােৱৰা। তেন্তে দুর্বল কোন ? সৌৰভ আৰু আফতাব নহয় জানাে? 

সৌৰভে লাজতে ক'লে— “ছাৰ পাৰিম—পাৰিম। সকলােৱে গির্জনি মাৰি হাঁহিলে সৌৰভৰ কথাত। বিজ্ঞানৰ শিক্ষয়িত্রী মালৱিকা বাইদেৱে উচ্চ স্বৰত ক'লে—‘মৰমৰ ছাত্ৰ-ছাত্ৰীহঁত, শুনা শুনা।


সকলাে নীৰৱ হৈ গ'ল তৎক্ষণাত। বাইদেৱে কৈ গ'ল—“তােমালােকক আমি এইকেইদিন। প্ৰতিটো মুহূর্ততে পর্যবেক্ষণ কৰিম। 

তােমালােকে সমনীয়াৰ সৈতে ভালদৰে মিলা-প্ৰীতিৰে থাকিবা, শিক্ষকৰ কথা শুনিবা আৰু কি কি দেখিলা, শিকিলা তােমালােকৰ টোকাবহীত লিখি যাবা। সমস্বৰে সকলােৱে হয়ভৰ দিলে, হয় বাইদেউ।'

ইয়াৰ পাছতে, অসমীয়া বিষয়ৰ শিক্ষক তপন বৰুৱাই ক’বলৈ আৰম্ভ কৰিলে—“তােমালােক সকলােৱে জানা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে পৃথিৱীবিখ্যাত। 

কিন্তু তােমালােকক। কেৱল গড় চাবলৈকে আমি লৈ অহা নাই। তােমালােকে অৰণ্যৰ গছ-গছনি, লতা, তৃণ সকলােবােৰ ভালদৰে চাবা। আমাৰ পৃথিৱীখনত কোনাে বস্তু এনেই সৃষ্টি হােৱা নাই।' 

প্রতিজোপা গছৰ যিদৰে প্রয়ােজন, তেনেদৰে কীট-পতংগৰৰ প্রয়ােজন। গছ আৰু বহু জীৱই বায়ুত থকা এঙাৰ গেছ সেৱন কৰি অম্লজান বায়ুত এৰি দিয়ে। 

যি অম্লজানে মানুহক সুস্থ শৰীৰেৰে জীয়াই ৰাখে। আমি চিকিৎসালয়ত বহু ৰােগীক মুখত অম্লজানৰ মুখা পিন্ধাই উশাহ-নিশাহ স্বাভাৱিকভাৱে লােৱাত সহায় কৰা দেখো। 

সাগৰতলিলৈ যােৱা ডুবাৰুসকলক এনে অম্লজানৰ চুঙা পিঠিত বান্ধি লৈ যােৱা দেখে। কিন্তু আমি বিনামূল্যে অম্লজান লাভ কৰিছে। 

আমি য'তেই নাথাকো, অতি কমেও পঁয়ত্রিশ শতাংশ। অম্লজান আমি লাভ নকৰিলে শৰীৰ সুস্থ হৈ নাথাকে। একোখন অৰণ্য মানুহৰ হাওঁফাওঁৰ দৰে। 

সেয়েহে একোখন অৰণ্যক, গছ-গছনিক সুৰক্ষা দিয়াৰ দায়িত্ব তােমালােকৰ আছে। গাছে ফল দিয়ে, ছাঁ দিয়ে, চৰাই-চিৰিকটি, কীট-পতংগক আশ্রয় দিয়ে; কিন্তু সকলােতকৈ ডাঙৰ কথা, ফল নিদিয়া গছেও আমাক জীয়াই থকাৰ প্ৰধান সমল অম্লজান দিয়ে। 

কাইলৈ দোকমােকালিতে উঠি আমি অৰণ্যৰ ভিতৰলৈ যাম। তােমালােকে জানিব খােজা প্রশ্নবােৰৰ উত্তৰ সকলাে পাবা। 

সকলাে প্রশ্ন আৰু উত্তৰ লিখি যাবা। পুৱা চাৰি বজাত শুই উঠি পৰিষ্কাৰ হৈ ওলাবা। বেগত প্রয়ােজনীয় বস্তুবােৰ ল’বা। কোনােবাই

পলম কৰিলে লগত লৈ যােৱা নহ'ব।
পাছৰ কথাখিনি শুনি সকলােৱে বু বু-বা বাকৈ কোলাহল কৰিলে। 

পলে চিঞৰিয়েই দিলে “পুৱা চাৰি বজাত ! হে ভগবান! বহুতৰে আপত্তি আৰম্ভ হ'ল, ফুৰিবলৈ আহিও পুৱা চাৰি বজাত উঠিব লাগিবনে? পৰীক্ষাও নাই এতিয়া দেখােন। 

মালৱিকা বাইদেৱে সুধিলে—“গড়, হাতী, হৰিণা পন্থ চাবলৈ কাৰ কাৰ মন আছে। সকলােৱে হাত দাঙিলে। ‘পুৱা চাৰি বজাত কোন কোন উঠিবা?’

কিছুমানে হাত তুলিলে, কিছুমানে হাত নুতুলিলে। মালৱিকা বাইদেৱে ক'লে—“ঠিক আছে, যিয়ে চাৰি বজাত উঠিব সিয়ে জীৱ-জন্তুবােৰ দেখিব, আৰু যিয়ে পুৱা চাৰিবজাতে সাজু হ'ব নােৱাৰে, সি চাব নালাগে, আমি শুবলৈ দিম।

সকলােৱে তেতিয়া চিঞৰ-বাখৰকৈ ক'লে—আমি চাৰি বজাতে উঠিম—উঠিম।
হাঁহি-আনন্দৰে এইদৰে আহোঁতেই কেতিয়া বাছ দুখন আহি কাজিৰঙা পাবৰ হ'ল, কোনেও গমকে নাপালে।





নতুন নতুন বিপদ 


কাজিৰঙা পােৱাৰ পাছত, ছাত্র-ছাত্রীসকলক আনি যি ঠাইত থাকিবলৈ দিয়া হ'ল, সেই ঠাইখন অতি মনোেমহা। 

অতি ধুনীয়া আৱাস আৰু কিছুমান সুন্দৰ ওখ চাংঘৰ দেখি পাহি-পলহঁতৰ আনন্দই হিয়া নধৰা হ'ল। শিক্ষক-শিক্ষয়িত্ৰীসকলে, ল'ৰা আৰু ছােৱালীৰ পৃথক বাসগৃহবােৰ দেখুৱাই কলে— ‘তােমালােক প্রত্যেকৰে বাবে বিছনা আছে, কিন্তু বিছনাবােৰ পৰিপাটিকৈ পাৰি থােৱা, নিশা আঁঠুৱা তৰা কাম নিজে কৰিব লাগিব। 

তােমালােকৰ নিজৰ বয়-বস্তু পৰিষ্কাৰকৈ থ’ব লাগিব। তােমালােকক খাবলৈ দিয়াৰ পাছত নিজৰ বাচন-বৰ্তন আমি দেখুৱাই দিয়া স্থানত থৈ দিবা।

এই কথাবােৰ শুনি পল পাহিৰ কাষ চাপি আহি ক'লে—“কি বিপদ এইবােৰ? মই আহিবই নালাগিছিল। তই মনে মনে আহি মােৰ বিছনাখন ভালকৈ ৰাতিপুৱা পাৰি দিবিহি দেই! মই তােক চকলেট দিম।

পাহিয়ে চকু ঘােপাকৈ ক'লে—“মনে-মনে থাকা। ঘৰ-বাইদেৱে শুনিলে দিব মজাপালি।
ডাঙৰ চৌহদৰ, গছ-গছনিৰে ভৰা সুবৃহৎ আলহীঘৰটোৰ চাৰিওফালে ল'ৰা-ছােৱালীবােৰে ঘূৰি আনন্দ কৰিলে। 

কোনােবা গৈ দোন্নত উঠিল, কোনােবাই ফুটবল উলিয়াই আনিলে, ছােৱালীবােৰে জুম বান্ধি নানা ফালে বহি কথা পাতিবলৈ লাগিল। 

দুপৰীয়াৰ ভাতসাজ খাবলৈ সকলােৱে এটা ডাঙৰ খােৱাঘৰত কেবাখনাে সুন্দৰ মেজত গৈ বহিলেগৈ। হঠাতে পাহিয়ে বেৰত লিখি থােৱা কথাখিনিলৈ আঙুলিয়াই দেখুৱালে। 

ইংৰাজীতে লিখা আছে – “Self Service', অর্থাৎ সকলােৱে নিজেই নিজৰ খােৱাবস্তু ল'ব লাগিব, কাহী-বাটি থৈও আহিব লাগিব। 

এনেতে শিক্ষয়িত্রী বাইদেৱে আহি ক'লে—“বহি থাকিলে খাবলৈ নােপােৱা, তােমালােকে কি খাবা আমি কৈ থৈছোঁ, যােৱা লৈ আহাগৈ।

পাহিয়ে কলে— “বাইদেউ, বেৰত লিখা কথাষাৰ দেখি মই সকলােকে কৈছোঁ। কেবাগৰাকীও ছাত্র-ছাত্রীয়ে আকৌ নুবুজিলেই কথাষাৰ, কি ‘ছেলফ ছাৰ্ভিচ’? 

আমাৰ বিদ্যালয়ে পইচা দিছে, আমিও নির্ধাৰিত পইচা দিছে, আমি ইয়ালৈ আহি নিজে কিয় সকলাে কাম কৰিব লগা হৈছে? 

পলৰ মুখখন ওফন্দি গ'ল, সি পাহিক ক'লে—“মই ইয়ালৈ নহা হ'লে ৰাতিপুৱা বেলিলৈকে শুলোহেঁতেন, আবেলি ফুটবল খেলিলোঁহেঁতেন—মােৰ বাবে দিয়া পইচাখিনিৰে ভাল বস্তু কিনিলোঁহেঁতেন।

ল'ৰা-ছােৱালী দুজনমান দৌৰাদৌৰিকৈ ঠেলা-হেঁচা কৰি খােৱা বস্তু দিয়া মেজখনত উবুৰি খাই পৰিলগৈ। পাহিয়ে তেনেতে চিঞৰি ক'লে—এনেকৈ নহয়, শাৰী পাতা সকলােৱে।

শিক্ষক-শিক্ষয়িত্ৰীয়ে পাহিক প্রশংসা কৰিলে। পাহি আৰু তাইৰ বান্ধৱী বিদিশাই ছাত্রছাত্রীসকলক শাৰী পাতিবলৈ সহায় কৰিলে। এই কামত সহায় কৰিবলৈ অৰ্পণ আৰু সৌমাৰাে আগবাঢ়ি আহিল। 

প্রত্যেকেই হাত পাতি ল'লে ভাতৰ কাহী। পৰিচালকসকলে ভাগে ভাগে খােৱাবস্তু কাহীত দিলে। 

ভাত, দাইল, ভাজি, চালাদ আৰু ভজা মাছ। মাছ নােখাৱাসকলৰ বাবে বেঙেনা আৰু ৰঙালাওৰ বৰ। পিছে বহুতে নিজৰ কাহীখনকে ভালদৰে নিব নােৱাৰিলে। 

পৰিপাটিকৈ, মাটিত খাদ্য নপৰাকৈ যিসকলে ভাত খালে,  তেওঁলােকক শিক্ষক-শিক্ষয়িত্ৰীয়ে প্রশংসা কৰিলে। 

ভাত খােৱাৰ পাছত সকলাে ছাত্র-ছাত্রীক জিৰণি ল’বলৈ শিক্ষকসকলে আদেশ দিলে। কাৰণ আবেলি সকলােকে ফুৰাবলৈ নিয়াৰ পৰিকল্পনা আছে।

দুপৰীয়া ভাত-পানী খাই প্রত্যেকেই নির্দিষ্ট কোঠালিত বিছনাবােৰত শুই পৰিলগৈ। পিছে পল, আফতাব আৰু সৌৰভে ফুচফুচাই কথা পাতিবলৈ ধৰিলে। 

পলে ক'লে—‘এইদৰে শুই থকাতকৈ আমি বাহিৰলৈ গৈ অলপ ফুৰা চকা কৰোঁগৈ ব’ল। কোনে জানে, আনে নেদেখা কিবা জীৱ-জন্তু কিজানি আমি আগেয়েই দেখো! তেতিয়া সকলােৰে আগত বাহাদুৰি মাৰি আমি ক’ব পাৰিমহি।

যেনে কথা তেনে কাম। সিহঁত তিনিওটাই মনে মনে পিছফালৰ বাৰাণ্ডাৰে নামি বননিৰ ফালে গ’ল। দুটা সুবৃহৎ কোঠালিত ল'ৰা-ছােৱালীবােৰ পৃথকে আছিল। 

সিহঁতৰ মাজৰ কিছুমানে লগত লৈ অনা লড়খেলত ব্যস্ত হল, কিছুমান শুলে, কিছুমানে ৰং, কাগজ উলিয়াই ছবি আঁকাত লাগিল।

এনে সময়ৰ সুৱর্ণ সুযােগ ল’লে পল, আফতাবহঁতে। কোনেও সিহঁতৰ ফালে মনােযােগেই নিদিলে।
পলহঁত সুবৃহৎ আৱাসৰ পিছফালে গ'ল। 

পিছফালৰ বাৰীত আম, জামু আদি ফলৰ গছ আছে। সিহঁতে দেখিলে পিছফালে এখন ডাঙৰ লােহাৰ জপনা আছে। জপনাখন শিকলিৰে বন্ধা। 

সৌৰভে ক'লে—“আগফালে থকা চন্তৰীবােৰে নেদেখাকৈ আমি এইফালেই ওলাই যাব পাৰিম। গতিকে জপনাখন বগাই উঠিব লাগিব। আটাইকেইটাই সেইটোকে কৰিলে। 

জপনাখন পাৰ হৈ সিহঁতে দেখিলে এখন ডাঙৰ বিল, বিলৰ সিপাৰে পথাৰ, পথাৰৰ সিপাবে হাবি। মানুহ-দুনুহ নাই। দূৰৈত দুটামান জুপুৰিঘৰ। 

সিহঁত আটাইকেইটাৰে মন ৰােমাঞ্চিত হৈ পৰিল। হঠাতে পলে দেখুৱালে— ‘সৌৱা চা, এখন নাও আছে পুখুৰীটোত।

সৌৰভে ক’লে—“এইটো পুখুৰী নহয়, ইমান ডাঙৰ, মেটেকাৰে ভৰি থকা বাবে পানী আছে বুলি ধৰিব পৰা নাছিলোঁ। এইখন বিল। পিছে নাওখন কাৰ বাৰু?

‘নাৱৰীয়া নাই যেতিয়া ব’ল উঠোগৈ, আজিলৈকে মই নাও চলাই পােৱা নাই’পলে আনন্দৰে কলে। নির্জন দুপৰীয়া। বেলি পশ্চিমৰ হাবিডৰাৰ ফালে হালি পৰিছে। 

বতৰটো বৰ গৰম যদিও এছাটি মৃদু বতাহে গা জুৰ পেলাইছে। সিহঁত তিনিওটা বিলৰ কাষেৰে গৈ নাওখনত উঠিলেগৈ। নাওখন টুলুং-ভুটুং কৰিলে। 

আফতাবে নাওখন বান্ধি থােৱা বছীডাল খুটিৰ পৰা খুলি পেলালে। ব’ঠাপাট পলেই হাতত ল'লে। নাওখন পানীৰ ওপৰতে লৰচৰ কৰি থাকিল। পলে স্থিৰ পানীখিনিত সর্বশক্তিৰে বঠা মাৰিলে। 

নাওখন লৰচৰ কৰি আগুৱাই গ'ল। আটাইকেইটাই স্ফুর্তিতে চিঞৰি দিলে নাও চলিল, চলিল।

কিছুদূৰ এইদৰে নাওখন গৈ মেটেকাৰ মাজত সােমাই পৰিল। ইফালে নাওখনৰ ভিতৰত পানী সােমাবলৈ আৰম্ভ কৰিলে। 
আফতাবে হঠাতে চিঞৰ মাৰি দিলে-“নাওখনৰ তলিত ফুটা আছে, সেইকাৰণে পানী সােমাইছে। সিহঁত তিনিওটাৰে অণ্ঠ-কণ্ঠ শুকাই গ'ল।

এই বিপদৰ পৰা কোনে উদ্ধাৰ কৰিব এতিয়া। সৌৰভৰ চকুপানী ওলাল, সি কান্দি কান্দি ক'লে—“আমি মৰিলোঁ আজি মই সাঁতুৰিব নাজানাে।

‘ময়াে নাজানাে ভালকৈ’—আফতাবে কনামুৱা হৈ কলে। ‘ৰচোন, ময়াে নাজাননা, কিন্তু আমি চিঞৰিবতে পাৰোঁ। 

এইবুলি পলে চিঞৰিবলৈ আৰম্ভ কৰিলে—“বচোৱা, কোন আছা, আমাক বচোৱা।
ইয়াৰ লগে লগে পলে নাৱৰ পানী সােমােৱা ফুটাটো জোৰে সজোৰে বন্ধ কৰাৰ চেষ্টা চলালে। সৌৰভ আৰু আফতাবে মেটেকাবােৰ ব’ঠাৰে গুচাই নাওখন পাৰলৈ আনিব খুজিলে যদিও

ব্যর্থ হ'ল। নাওখন একে ঠাইতে ঘূৰি থাকিল। প্রাণপণে সিহঁত তিনিওটাই চিঞৰি থাকিল। কিন্তু এই নির্জন ঠাইলৈ কোন আহিব। 

নাওখনৰ ভিতৰৰ পানী আফতাবে দুই হাতৰ আঁজলিৰে বাহিৰলৈ পেলাই সর্বশক্তিৰে পানী সিঁচিবলৈ লাগিল। সিহঁতে যেন কান্দিবলৈ পাহৰি গৈছে। 

এনেতেই সিহঁতে দেখিলে, পথাৰৰ মাজেৰে কেইজনীমান ছােৱালী আহিছে। সিহঁতৰ গাত বােকা, হাতত জাকৈ। 

ছােৱালীকেইজনীয়ে সিহঁতক দেখা নাই। পলে ছােৱালীকেইজনীক উদ্দেশ্য কৰি চিঞৰিলে—“অ’ বাইদেউহঁত, আমাক বচোৱা, বচোৱা।” 

লগতে সৌৰভ আৰু আফতাবেও চিঞৰিলে। ছােৱালীকেইজনীয়ে বিলখনৰ মাজত সিহঁতক দেখি আচৰিত হ'ল। 

আটাইকেইজনী দৌৰি আহি বিলখনৰ পাৰ পালেহি। ঠিক তেনেতেই নাওখন কাতি হৈ পল পানীত পৰিল। আফতাব আৰু সৌৰভে চিঞৰত গগন ভেদিলে। ইয়াৰ পাছৰ দৃশ্য দেখি সৌৰভ আৰু আফতাবৰ মাত বন্ধ হৈ গ'ল। 

দুজনী ছােৱালী তৎক্ষণাত বিলত জঁপিয়াই দিলে। সিহঁত সাঁতুৰি আহি বিলৰ পানীত জোলােকা-জোলােকে পানী খাই ডুবিব খােজা পলক টানি নি পাৰত পেলালেগৈ। 

আনহাতে আন এজনীয়ে সাঁতুৰি গৈ নাৱত উঠি, ব’ঠা বাই বহু কষ্টৰে নাওখন পাৰত লগাব খােজোতেই নাওখন কাতি হৈ গ'ল। 

পানীত আফতাব আৰু সৌৰভ পৰিল। এই সমগ্ৰ ঘটনাটো পাৰৰপৰা বেছি দুৰৈত নাছিল বাবে আটাইকেটাকে ছােৱালীকেইজনীয়ে উদ্ধাৰ কৰিলে। পলে পানী খাইছিল। 

সেয়ে পলক ওভােতাই তাৰ পেটৰপৰা ছােৱালকেইজনীয়ে পানী উলিয়ালে। পলে চকু মেলিলত ছােৱালীকেইজনীয়ে উধাই-মুধাই গালি পাৰিলে। তেতিয়াহে সিহঁতে মন কৰিলে—পাঁচজনী ছােৱালী। 

তাৰে দুজনী ছােৱালী ডাঙৰ, বাকীকেইজনী সিহঁতৰ সমনীয়াই হ'ব। ডাঙৰ ছােৱালী এজনীয়ে খঙেৰে সুধিলে—‘ক’ৰ ল'ৰা তহঁত ? 

এই ফুটা নাৱত উঠি কিয় মৰিব খুজিছিলি? ভাগ্য ভাল, আজি আমি সিখন বিলত মাছ মাৰি আহোঁতে পলম হ’ল। নহ'লে নির্ঘাত মৰিলিহেঁতেন।

আফতাবে ভয়ে ভয়ে ক'লে— আমাৰ বৰ ভুল হ’ল। আমাক নিশ্চয় ছাৰ-বাইদেউহঁতে বিচাৰি আছে। সৌৰভে সিহঁত ক'ৰপৰা আহিছে, কিয় আহিছে সকলাে কথা কৈ ছােৱালীকেইজনীক ধন্যবাদ জনালে। 

ডাঙৰ ছােৱালীজনীয়ে ক'লে তেতিয়া—‘ব’ল, তহঁতক থৈ আহোঁ। নহ'লে আমাৰ ঠাইৰ বদনাম হ'ব। মােৰ নাম দীপালী, মােক বাইদেউ বুলিলেই হ'ব। 

এয়া ৰুমী, শেৱালি, জিনা আৰু লক্ষী। পলে কষ্টৰে ক'লে—“বাইদেউ, তােমালােকক কেনেকৈ ধন্যবাদ জনাম?

আটাইকেইজনী ছােৱালীয়ে পলৰ কথা শুনি হাঁহি দিলে খিলখিলাই। ‘ব’লা তােমালােকক আগবঢ়াই দিওঁ।—জিনা নামৰ ছােৱালীজনীয়ে ক'লে। পলে ক'লে—“হ'ব আমি পাৰিম। 

ছােৱালীকেইজনী গুচি গ'ল। যাওঁতে কৈ গ'ল—“ঠিক আছে, ভালকৈ যাবা, আৰু আগলৈ নজনা কামত মৰ সাহস নেদেখুৱাবা।

পলহঁত এইবাৰ সিহঁত থকা আৱাসৰ চৌহদৰ বেৰৰ কাষে কাষে আহি আগফালৰ জপনাৰে সােমাল। সকলােৱে সিহঁতক পানীত তিতি-বুৰি অহা দেখি প্রশ্নৰ উপৰি প্রশ্ন আৰম্ভ কৰিলে। 

পিছে কোনাে কথা নুলুকুৱাকৈ সিহঁতে আদ্যোপান্ত কাহিনী ক'লে। 

সিহঁতৰ মনৰপৰা ভয় গুচা নাছিল বাবে শিক্ষক-শিক্ষয়িত্ৰীয়ে সিহঁতক গৰম পানীৰে ভালকৈ গা ধুবলৈ দি পৰিষ্কাৰ কাপােৰ পিন্ধিবলৈ ক'লে। 

গা-পা ধুই অহাৰ পাছত তিনিওটাকে তিনি গিলাচ গৰম গাখীৰ খাবলৈ দিলে। পলহঁত আচৰিত হ’ল শিক্ষক-শিক্ষয়িত্ৰীয়ে সিহঁতক গালি নপৰাৰ বাবে। 

বৰঞ্চ সকলােকে ফুৰিবলৈ যাবলৈ সাজু হ'বলৈ কৈ অংকৰ ছাৰে ক'লে—‘পল, সৌৰভ আৰু আফতাব যাব নালাগে। সিহঁতে জিৰণি লওক।
পলহঁতে মূৰ তললৈ কৰি নিজৰ বিছনালৈ গ'ল।

নিশা ভাত খােৱাৰ ঠিক আগে আগে দুখন বাছৰপৰা হুলস্থূলকৈ ছাত্র-ছাত্রীবােৰ নামিল। সিহঁতৰ মনত স্ফুর্তি। ককায়েক পলৰ বাবে পাহিৰ মনটো বেয়া লাগি আছে। 

ঘটনাটো শুনাৰ পাছৰে পৰা তাইৰ ভয় লাগি আছে। যদি আজি পলহঁত পানীত ডুবি থাকিলহেঁতেন! সবাতােকৈ বেয়া লাগিল— পল, আফতাব আৰু সৌৰভে আজি ধুনীয়া গাঁও এখন নেদেখিলে। 

গাঁৱত সকলােৱে জলপান খালে, বিহুনাচ নাচিলে, কিমান স্মৃর্তি হ’ল—এইবােৰৰ পৰা ককায়েকহঁত বঞ্চিত হ’ল। 

নিশা ভাত খােৱাৰ পৰত এখন সভা বহিল। প্রথমেই এই যাত্ৰাৰ দলপতি হাজৰিকা ছাৰে ক'লে—“আজি আমি সকলােৱে বৰ আনন্দ কৰিলোঁ যদিও আজি অতি দুখৰ খবৰ এটাও তােমলােকক দিব খুজিছোঁ। 

আজি আমাৰ মৰমৰ তিনিজন ছাত্রই আমাক অৱমাননা কৰাই নহয়, আমাৰ বিদ্যালয়খন বদনামৰ পৰা কথমপিহে ৰক্ষা পৰিল। ইয়াৰ ফলত কাইলৈৰ যি অৰণ্য দর্শন কার্যসূচী আছিল, সেয়া বাতিল কৰিব খুজিছে। আমি সকলাে কাইলৈ উভতি যামগৈ। 

কাৰণ ছাত্র-ছাত্রীৰ দলটোক লৈ ঘূৰি ফুৰিবলৈ কেৱল আমি শিক্ষকসকল দায়িত্বশীল হ'লেই নহ'ব। তােমালােক সুস্থ শৰীৰেৰে ওভতাই নিয়াটোও এতিয়া আমাৰ প্রধান কর্তব্য। 

হাজৰিকা ছাৰৰ এই বক্তব্য শুনাৰ পাছত কাঁহ পৰি জীণ গ’ল কোঠালিটো। 

কাৰাে মুখত মাত নাই। পল, আফতাব আৰু সৌৰভলৈ সকলােৱে খঙেৰে চালে। সিহঁতে তলমূৰ কৰি থাকিল। তেনেতে পাহিয়ে থিয় হৈ মাত লগালে—“আমি দুঃখিত আৰু ক্ষমা বিচাৰিছো ছাৰ। 

কাৰণ, আমাৰ মাজৰ ছাত্ৰই এটা গর্হিত কাম কৰি সকলােৰে আশাত চেঁচাপানী ঢালিলে। কিন্তু তাৰ বাবে দোষ নকৰাসকলে শাস্তি পােৱাটো জানাে উচিত? বৰঞ্চ যি দোষ কৰিছে তেওঁলােকক কাইলৈ লগত লৈ যােৱা নহওক।

পাহিৰ কথাত সকলােৱে হয় ছাৰ, হয় বাইদেউ বুলি চিঞৰি হুলস্থূল লগালে। তেনেতে পলে থিয় হৈ ক'লে—“ছাৰ, আমাক কি শাস্তি দিয়ে দিয়ক। আমাৰ বাবে এই যাত্ৰাটো অসফল হ'ল বুলি

যাতে বদনাম নাপাওঁ, তাৰ বাবে আমাৰ বাহিৰে সকলােকে কাইলৈ কাজিৰঙা অৰণ্য দর্শনলৈ লৈ যাওক। আমি যি বেয়া কাম কৰিলোঁ, তাৰ বাবে আমাক এৰি যােৱাটোতকৈ ডাঙৰ শাস্তি একো নাই।'

আকৌ নীৰৱ হৈ পৰিল সকলাে। ছাৰ-বাইদেৱে ফুচফুচাই কিবা আলােচনা কৰিলে। তাৰ পাছত ক'লে— ‘তােমালােক সকলােৱে ভাত খাই লােৱাৰ পাছত আমি সিদ্ধান্ত দিম।

ভাত খাওঁতে এক থমথমীয়া পৰিৱেশ হ'ল। সকলােৰে মনবােৰ বেয়া। কোনেও স্ফুর্তি বা হুলস্থূল কৰা নাই। ভাত খােৱা হােৱাৰ পাছত আকৌ সমৱেত হ'ল সকলাে আলহীগৃহৰ দীঘল বাৰাণ্ডাত। 

শিক্ষক-শিক্ষয়িত্ৰীসকল গােট খালে। কিছুপৰ নীৰৱতাৰে পাৰ হােৱাৰ পাছত হাজৰিকা ছাৰে ঘােষণা কৰিলে—“ইয়াৰ পৰা গৈ তােমালােকে এই যাত্ৰাৰ অভিজ্ঞতাৰে এখন ৰচনা লিখি আমাক দিব লাগিব। 

পল, সৌৰভ আৰু আফতাবে আজি কৰা বেয়া কামটোৰ বিষয়ে আৰু কথমপি মৃত্যুমুখৰ পৰা ৰক্ষা পৰাৰ বিষয়ে সকলাে কথা ৰচনাত স্বীকাৰ কৰি লিখিব লাগিব। তেতিয়াহে কাইলৈ পুৱাই আমি সকলাে সাজু হ'ম অৰণ্য দর্শন কৰিবলৈ।

লগে লগেই সকলােৱে স্ফুর্তিত চিঞৰি উঠিল। হাত চাপৰি বজালে।
পলহঁতে ক'লে—“আমি ৰচনাত সকলাে লিখিম, আৰু জীৱনত এনে কাম নকৰোঁ ছাৰধন্যবাদ, আমাকো যাবলৈ দিয়া বাবে।”




শেষ ভালেই সকলাে ভাল 


কাজিৰঙা অৰণ্য পৰিভ্ৰমণ কৰি উভতি আহোঁতে দুপৰীয়া হৈছিল। ছাত্র-ছাত্রীসকল গাড়ীৰে গৈছিল যদিও কিছুমান ছাত্র-ছাত্রীক ইচ্ছানুযায়ী হাতীৰ পিঠিত উঠি চাবলৈও শিক্ষকসকলে অনুমতি দিলে। 

হাতীৰ পিঠিত উঠা, স্পর্শ কৰা ছাত্র-ছাত্রীবােৰে হাতীৰ ওচৰলৈ যাবলৈ ভয় কৰাসকলক ক'লে—‘হাতীৰ গাটো খহটা, পিছে বৰ মৰমিয়াল, শুৰেৰে আমাক মৰম কৰিলে।

‘হাতী আমাৰ কোনােদিনে শত্রু নাছিল। পিছে আমি মানুহবােৰে হাতী-বাঘ থকা ঠাইবােৰ দখল কৰি পেলাইছোঁ বাবে সিহঁতৰ খাবলৈ, থাকিবলৈ নােহােৱা হৈছে। 

কোনাে বন্য জন্তুৱে মানুহক অপকাৰ কৰিবলৈ নাযায়। আমি মানুহে সিহঁতক অপকাৰ কৰোঁ আৰু খং তােলোঁ বাবে সিহঁতে আত্মৰক্ষাৰ বাৰে আক্ৰমণ কৰে মানুহক। 

সেয়েহে তােমাললাকে বন্য জীৱ-জন্তুক শত্ৰু বুলি কেতিয়াও নাভাবিবা।'ৰঞ্জিত হাজৰিকা ঘৰে ক'লে।

‘ছাৰ, গড় কিয় কাজিৰঙাতহে থাকে?’ – অষ্টম শ্ৰেণীৰ মানসীয়ে প্রশ্ন কৰিলে। ‘গড় গােটেই বিশ্বতে আছে, নানা অৰণ্যত। পিছে কিছুমান গঁড় দুটা খৰ্গৰ। 

এটা খৰ্গৰ গঁড় সর্বাধিক পােৱা যায় অসমত। পবিতৰা, মানাহ, ওৰাং—এইবােৰ অৰণ্যতাে কম-বেছি পৰিমাণে গড় আছে। কাজিৰঙাক গঁড়ৰ বসতিস্থল বােলা হয়, কাৰণ ইয়াত গড় সর্বাধিক। 

ছাৰে উত্তৰ দি যােৱাৰ মাজতে আফতাবে সুধিলে-“ছাৰ, কোনে বাৰু চিনি পালে প্রথমে এইটো গড় বুলি। ইমান হাবিৰ মাজলৈ গড় চাবলৈ কোন আহিছিল প্রথমতে ? 

এইবাৰ মালৱিকা বাইদেৱে হাঁহি মাৰি ক'লে— ‘বঢ়িয়া প্রশ্ন আফতাব। এটা গল্প কম মই এতিয়া। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি হৈছিল। তাৰ পাছতহে কাজিৰঙা হাবিৰ কাষে কাষে মানুহৰ গাঁও বহিছিল। 

অসম বুৰঞ্জীত মানৰ আক্ৰমণৰ কথা পাবা। এনে আক্ৰমণৰ পৰা বাচিবলৈ মানুহ পলাই আহি হাবিত আশ্ৰয় লৈছিলহি। ভাৰত স্বাধীন হােৱাৰ আগেয়ে ইংৰাজৰ শাসন আছিল। তেতিয়া কাজিৰঙাত চিকাৰ কৰিবলৈ ইংৰাজসকল গৈছিল। 

পিছে এবাৰ ব্রিটিছ ভাইচৰয় লর্ড কার্জনৰ পত্নী মেৰী কার্জনাে আহিছিল কাজিৰঙাৰ জীৱ-জন্তু চাবলৈ। 

লগত গৈছিল কাজিৰঙাৰ এখন গাঁৱৰ বাসিন্দা বাপীৰাম হাজৰিকা, যি নিগনা চিকাৰী নামে জনাজাত আছিল। নিগনা চিকাৰী ভাল হাতী মাউত আছিল। 
এই নিগনাই প্রথম লেডী কার্জনক গড় দেখুৱালে। কেতিয়াও নেদেখা এনে এবিধ জন্তু কাজিৰঙাত দেখি আহি লেডী কার্জনে এই প্রাণীবিধ আৰু লগতে কাজিৰঙা অৰণ্য সংৰক্ষণ কৰিবলৈ লর্ড কার্জনক অনুৰােধ কৰিলে। পাছত কেইবাটাও পর্যায়ত কাজিৰঙা বনাঞ্চল সংৰক্ষণৰ পর্যায়লৈ গৈ বিশ্ব ঐতিহ্য ক্ষেত্র হ'ল। 

কাজিৰঙাৰ প্রথম ভাৰতীয় তথা অসমীয়া বন বিষয়াজন আছিল মহীচন্দ্র মিৰি। তেওঁ কাজিৰঙাৰ গঁড় আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গঁড়ৰ বসতিস্থল, সেই কথা সমগ্র জগতক প্রথম জনালে। 

বিশ্ব মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্রথম ব্যক্তিজগৰাকী হ’ল মহীচন্দ্ৰ মিৰি। তােমালােকে কাজিৰঙা অৰণ্যৰ সৈতে জড়িত ইতিহাস সদায় মনত ৰাখিবাহঁক।

ছাত্র-ছাত্রীসকলৰ ডােক লাগিছিল। দুপৰীয়া ভাত-পানী খােৱাৰ পাছত সকলােকে পুনৰ ওভতনি যাত্ৰাৰ বাবে সাজু হ'বলৈ কোৱা হ'ল। শিক্ষকসকলে সকলােৰে ফটো তুলি দিয়াৰ উপৰি দলীয় ফটোও কেবাখনাে তুলিলে। এই ফটোবােৰ প্ৰতিগৰাকী ছাত্র-ছাত্রীৰ হাতত দিয়া হ'ব বুলি হাজৰিকা ছাৰে ক'লে ।




সুন্দৰ স্মৃতিৰে ওভতনি যাত্রা


বাছত উঠাৰ আগে আগে সকলাে ছাত্র-ছাত্রীকে সমবেত হ'বলৈ শিক্ষকসকলে ক'লে। লগত অনা বস্তু যাতে এৰি থৈ নাযায়, তাৰ বাবে বেগ পুনৰ পৰীক্ষা কৰিবলৈ দিয়া হ'ল। 

সমবেত ছাত্র-ছাত্রীসকলক উদ্দেশ্য কৰি এই যাত্ৰাৰ দলপতি হাজৰিকা ছাৰে ক’বলৈ আৰম্ভ কৰিলে—‘মৰমৰ ছাত্র-ছাত্রীসকল, তােমালােকে এই যাত্রা ভাল পালানে?

‘পালোঁ, বৰ ভাল লাগিল’-- সকলােৱে সমস্বৰে চিঞৰি ক'লে।

এই যাত্ৰাৰপৰা পােৱা তিনিটা প্রধান শিক্ষা কোনােবাই ক'ব পাৰিবানে ?
ল’ৰা-ছােৱালীবােৰ মনে মনে ব’ল। 

পাহিয়ে কিছুপৰৰ পাছত মাত লগালে—“নিজে কৰিব পৰা কামসমূহ নিজেই কৰিব লাগে, আনে কৰি দিব বুলি বাট চাব নালাগে।

‘গছ হ’ল বনৰ জীৱ-জন্তু আৰু মানুহৰ বন্ধু, আমি গছ নহ'লে জীয়াই থাকিব নােৱাৰিম’বিদিশাই ক'লে। ‘ল’ৰা আৰু ছােৱালী সকলাে সমান। 

আমাক ছােৱালীকেইজনীয়ে উদ্ধাৰ নকৰা হ'লে আজি কাজিৰঙাই নেদেখিলোঁহেঁতেন’—পলে কওঁ-নকওঁকৈ কথাষাৰ কোৱাৰ লগে লগে সকলােৱে গির্জনি মাৰি হাঁহি দিলে। 

‘আৰু—আৰু আত্মৰক্ষা কৰিব নাজানিলে মৰসাহ দেখুওৱা মূখৰ কাম’—আফতাবে ক’লে হাঁহি হাঁহি। ‘দলীয়ভাৱে ক'ৰবালৈ গ'লে অনুশাসন-শৃংখলা মানি চলাটো জৰুৰী কথা’-সৌৰভে ক'লে।

‘ৰ’বা ৰবা, তােমালােকক তিনিটা শিক্ষাৰ কথাহে সুধিছিলোঁ, বেছিহে শিক্ষা পালা দেখেন। আমি বৰ ভাল পাইছোঁ। 

প্ৰকৃততে তােমালােকৰ মনত আত্মবিশ্বাস বঢ়াবলৈ এই অৰণ্যযাত্রাৰ আমি পৰিকল্পনা কৰিছিলোঁ। পাঠ্যপুথিয়ে দিব নােৱৰা জ্ঞান ফুৰা-চকা কৰিলে পাব পাৰি। 

তােমালােকক ধন্যবাদ। তােমালােক আমাৰ বিদ্যালয়ৰ ভৱিষ্যৎ, দেশৰ ভৱিষ্যৎ'—হাজৰিকা ছাৰ আৱেগিক হৈ পৰিল।

এইবাৰ সকলাে বাছত উঠিল। সকলােৱে পাছলৈ উভতি চাই হাত জোকাৰিলে—আৱাসস্থলৰ চন্তৰীসকললৈ। বাছ চলিল। 

সন্ধিয়া সময়ৰ পাছত সকলাে ঘৰ পাবগৈ লাগিব। এক নীৰৱতা বিৰাজ কৰিলে বাছৰ ভিতৰত। সকলােৱে যেন কঢ়িয়াই অনা সুন্দৰ সময়খিনিৰ স্মৃতি মনৰ মাজত বিচাৰিবলৈ আৰম্ভ কৰিলে। 




লেখক-পৰিচয় 


অনুৰাধা শৰ্মা পূজাৰী হ'ল অসমৰ এগৰাকী বিশিষ্ট লেখিকা তথা সাংবাদিক। তেওঁৰ জন্ম হৈছিল ১৯৬৪ চনত যােৰহাটত। 

যােৰহাটৰ দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীর্ণ হােৱাৰ পাছত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজশাস্ত্র বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। 

কলিকতাৰ বিৰলা ইনষ্টিটিউট অব লিবাৰেল আৰ্টছ এণ্ড মেনেজমেন্টত সাংবাদিকতাৰ পাঠ্যক্রম সম্পূর্ণ কৰা অনুৰাধা শর্মা পূজাৰীয়ে পশ্চিমবংগ বােলছবি কেন্দ্র, তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আর্ট এণ্ড ফিল্ম এপিছিয়েছন পাঠ্যক্রমাে সমাপ্ত কৰে। 

কলিকতাৰ একাডেমী অব ফাইন আর্টছৰ অধীনত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰা শৰ্মা পূজাৰীয়ে ‘আমাৰ অসম' কাকতততা সাংবাদিক হিচাপে কৰ্মৰত আছিল।

বর্তমান তেওঁ সাদিন’ নামৰ সাপ্তাহিক কাকত আৰু সাতসৰী' নামৰ মাহেকীয়া আলােচনীৰ সম্পাদক হিচাপে কার্যনির্বাহ কৰি আছে। 

তেওঁৰ উল্লেখযােগ্য উপন্যাসসমূহ হ'ল- হৃদয় এক বিজ্ঞাপন’, ‘চাহেব পুৰাৰ বৰষুণ’, ‘কাঞ্চন’, ‘নাহৰৰ নিৰিবিলি ছ’, ‘ব’ৰাগী নদীৰ ঘাট’, ‘মেৰেং’, ‘সোণ হৰিণৰ চেকুৰ ইত্যাদি। 

গল্প-সংকলনৰ ভিতৰত ‘বসন্তৰ গান’, ‘এজন অসামাজিক কবিৰ বায়গ্রাফী’, ‘কেথেৰীণাৰ সৈতে এটি নির্জন দুপৰীয়া’, ন' মেনছ লেণ্ড’ আদি উল্লেখযােগ্য। 

কলিকতাৰ চিঠি’, ‘ডায়েৰি’, ‘অট’গ্রাফ’ আদি তেওঁৰ আত্মজীৱনীমূলক প্ৰৱন্ধ-সংকলন। চাহেবপুৰাৰ বৰষুণ’ নামৰ উপন্যাসৰ বাবে তেওঁ ২০০৩ চনত অসম সাহিত্য সভাৰ কুমাৰ কিশােৰ সোঁৱৰণী বঁটা লাভ কৰে। ২০১৩ চনত তেওঁ সাহিত্য আৰু সংবাদ সেৱাৰ স্বীকৃতিস্বৰূপে ৰেনেছাঁ অসম বঁটা লাভ কৰে। 




পাঠ-বােধ


প্রকৃতিয়েই হ'ল মানুহৰ জীৱনৰ প্রথম পাঠশালা। প্রকৃতি জগতখনক ভালদৰে নিৰীক্ষণ কৰিলে আমি আমাৰ জীৱনৰ বাবে প্রয়ােজনীয় শিক্ষা প্রকৃতিৰ পৰাই আহৰণ কৰিব পাৰোঁ। 

ইয়াৰ উপৰিও জ্যেষ্ঠজনৰ হাক-বচন শুনি তেওঁলােকৰ পৰামর্শ মতে আগবাঢ়ি গ'লে আমি কেতিয়াও বিপদত পৰিবলগীয়া নহয়। 

ল'ৰাই হওক বা ছােৱালীয়েই হওক প্রত্যেকেই নিজৰ কামবোেৰ সময়ত কৰি গ'লে এখন ঘৰ তথা এখন সমাজ সুশৃংখলভাৱে আগবাঢ়ি যাব পাৰে। 

আত্মবিশ্বাসী তথা আত্মনিৰ্ভৰশীল হ'বলৈ হ'লে কিতাপৰ শিক্ষাৰ উপৰিও যে ভ্ৰমণৰ প্ৰয়ােজনীয়তা আছে এই কথা পাঠটিত সুন্দৰকৈ প্রকাশ পাইছে। 




শব্দার্থ আৰু টোকা


কাতি - এঢলীয়া, এফালে ওখ এফালে চাপৰ। 
গির্জনি - বহুত মানুহে একেলগে ইহাৰ শব্দ। 
চন্তৰী - প্ৰহৰী। 
টলং-ভটং - থৰক-বৰক কৰা। 
ডুবাৰু - পানীত বুৰ মৰাত পাকৈত। 



প্রশ্নাবলী ভাব-বিষয়ক

১। চমুকৈ উত্তৰ লিখা 
(ক) বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্রেণীৰ শিক্ষার্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল? 
(খ) পূল আৰু পাহি কোন কোন শ্রেণীত পঢ়ে ?
(গ) পলে কোনবােৰ কাম ছােৱালীৰ বুলি পাহিক কৈছিল?
(ঘ) লর্ড কার্জন কোন? 

২। ল'ৰা-ছােৱালীৰ কামৰ পার্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি | বুজনি দিছিল? 
৩। প্রকৃতিৰ কোনবােৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে? 
৪। কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল? 
৫। কামত ল'ৰা-ছােৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।'—এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল আঁতিগুৰি মাৰি লিখা। 
৬। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফতাবহঁত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল? 
৭। শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দর্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি
কি হ'ল বহলাই লিখা। 
৮। মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল? 
৯। নিগনা চিকাৰীৰ প্রকৃত নাম কি? তেওঁ কাক প্রথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল? 
১০। কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষার্থীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল? 

ভাষা-বিষয়ক 
১। বাক্য ৰচনা কৰা
ককাই-ভনী, টুলুং-ভুটুং, চিঞৰ-বাখৰ, মানুহ-দুনুহ, তিতি-বুৰি।

২। মূর্ধন্য ‘ণ’ হােৱাৰ কাৰণ দর্শোৱা ?
অৰণ্য, অর্পণ, কণ্ঠ, ওৰণি, পােৰণি, আড়ম্বৰপূর্ণ।


Conclusion:


Class X Assamese textbook lesson 11 দশম শ্ৰেণী অৰণ্যযাত্রা tu online read kori kene pale aamar logot share koribo pare coment r joriyote.

Tolotu kisumaan related article r link provide kora hoise, check koribo pare.














Wrote by Akshay

Post a Comment

0 Comments

People

Ad Code