Recent in Technology

কানাইৰ চাতুৰী lesson-13/ class 10 assamese Online textbook

Attention Please!

Namaskaar, Ei article tut class 10 assamese textbook কানাইৰ চাতুৰী lesson 13 tu online read koribo paribo.

Logote Assam seba board r Class 10 r xokolu subject r সম্পূৰ্ণ প্ৰশ্নোত্তৰ ba textbook buru read koroibo paribo. link bur article tur maje maje diya hoise. 

Ei article tur joriyote aan lagotiyaal xokolu tothyo pabo buli akha thakil.


কানাইৰ চাতুৰী lesson-13/ class 10 assamese Online textbook




Class 10 Assamese Textbook(Online Read)



কানাইৰ চাতুৰী




শ্ৰীধৰ কন্দলী



একদিন প্রতি ভকতবৎসল
কৃপাময় দেৱ হৰি।। 
ৰজনী প্রভাতে শুতিয়া আছন্ত 
মিছা অপমান কৰি।। 
সেহি সময়ত গােপ শিশু যত
আসি বােলে যশােদাক। 
খেড়ি খেলাইবাক লাগয় সুন্দৰী
সত্বৰে কৃষ্ণক ডাক।। 
শুনিয়া তেখনে নন্দৰ ঘৰণী
কৃষ্ণক ডাকিবে লৈলা। 
এত নিদ্ৰা কৰ কিসৰ ভাগৰ
আদিত্য উদয় ভৈলা।। 
উঠিয়াে কৃষ্ণ হাৰলি বােপাই
ৰােষ তাপ তেজি মনে। 
পুহাইল ৰজনী উঠা যদুমণি
বুলি ডাকে শিশুগণে।। 
যশােদাৰ বাণী শুনি চক্রপাণি
বােলন্ত মতা মাৱ।
তােহােৰ আতাই বােপাই বােলন্ত
নুজুৰাই মােৰ গাৱ।।
দিন চাৰি পাঞ্চ নুঠিবাে নাখাইবাে
নাযাইবাে গােৰক্ষ স্থানে। 
দুর্যশ কলঙ্ক দুখ সুমৰন্তে
নসহে মােৰ পৰাণে।। 
মই নাৰায়ণ জগত কাৰণ
তুমি গােৱালৰ জীউ। 
তথাপি তােহাক দেখন্তে ডৰত
উৰি যায় মােৰ জীউ।। 
যত খাও দাও ততাে শুকাই যাও
নাহি মােৰ উদগতি। 
হাতমুষ্টি যেন কঙ্কালখানি যে
বান্ধত ছিগিল অতি।। 
নিজ ৰূপে মই অনন্ত ব্রহ্মাণ্ড
সুজি আছাে লীলা কৰি। 
সমস্তে জগত প্রতিপাল কৰি
আত্মাৰূপে আছাে ধৰি।। 
ব্রহ্মা আদি কৰি যত চৰাচৰ
মােক সেৱা কৰি যাই।
তােৰ ঘৰে আসি গৰু চাৰি ফুৰাে
কৰকৰা ভাত খাই।। 
নাৰায়ণ ৰূপে অনন্ত শয্যাত
জলত কৰি শয়ন। 
নাভিপদ্ম হন্তে ব্রহ্ম উপজাইলাে
সুজিলাে তিনি ভুৱন।।
বেদক পঢ়াইলাে তত্ত্বজ্ঞান কৈলাে
অজ্ঞান কৰিলাে দূৰ। 
তােহােৰ ঘৰত যতেক ঐশ্বর্য
সবে ভৈল মষিমূৰ।।
অসুৰৰ ভয়ে পূর্বে দেৱগণে
চিন্তবে গৈয়া আমাক। 
চতুর্ভুজ ৰূপে আসি তাৱক্ষণে
দেখা দিলাে তাসম্বাক।। 
মােৰ ৰূপ দেখি চমক লাগিল
ত্রিদশ পৰিল ঢলি। আবে তুমি মােক বিগুটিয়া মাতা 
কলীয়া কলীয়া বুলি।। 
মােহনী স্বৰূপে অমৃত পিয়ালাে
সাধিলাে দেৱৰ কাম। 
তােমাৰ ঘৰে আসি বৰ যশ পাইলাে
লৈলাে দধিচোৰ নাম।। 
কপিল স্বৰূপে কর্দময় ঘৰে
হুয়া মই অৱতাৰ।
দেৱহৃতি নামে মাতৃক তাৰিলাে
কৰিও তত্ত্ব বিচাৰ।। 
বামন স্বৰূপে বালিক ছলিবে
বিশ্বৰূপ দশাইলাে। 
চৰণৰ নখে কটাহ ফুটাইলাে
গঙ্গাক আনি নমাইলাে।।
সেহি পদজল শিৰত ধৰিল
মহেশ বাটত পাই। 
আবে তুমি মােক বিগুটিয়া মাতা
দিয়া মাটি খােৱা দায়।। 
আন যত মােৰ মহিমা আছয়
কহিবাক লাগে কিক। 
মই হেন পুত্ৰক মাৱ বােলাইবাক
তােহােৰ আছােক ধিক।।
কিছু কিছু কৰি দেখিয়া আছাহা
তথাপি কৰা আক্রোশ। 
এক ক্ষণিতেকে সুৰুতি উৰাইবাে
নাথাকোক মােৰ দোষ।। 
কাঠবাজী বুলি জগতে হাসয়
দেখিলে সুমৰে হৰি। 
মই আসি তােৰ ঘৰে পুত্ৰ ভৈলাে
সিটো দুখ দূৰ কৰি।। 
তথাপি আমাৰ স্নেহ নজানস
নকৰ মােত বিশ্বাস। 
আগেয়ে আছিল তেনয় কৰিববা
দিন চাৰি বাট চায়।। 
মােহােৰ মুখত লাজ লাগে বৰ
তােহােৰ গুণ কহন্তে। 
দুই ওঠ ফাটি তেজ বহি যায়
বাসৰ বংশী বজান্তে।। 
ছয়ৰতি সােণাৰ বংশী গড়ায় নেদ
ৰাজ পটেশ্বৰী হুই।। 
গাতে পােততে পেটাৰি বান্ধন্তে
ধনত লাগিবে জুই।। 
গৰু জাক লাগি অন্ন দি পঠাস
সিয়াে হােৱে একমুঠি। 
এক গ্রাস খাইলে আউৰ গ্রাসে নাটে
যাও আধাপেটে উঠি৷৷ 
গৰু আগুন্তে ধাতু যায় মােৰ
কণ্টক বনত বিন্ধি। 
চৌপৰ দিনতাে লবৰিয়া ফুৰাে
নটুৱা টক পিন্ধি।।
কুটকুৰা চুলি পৰে গৰু-ধূলি
কুকুহা পৰিয়া যাই। 
গুটাগুটি কৰি জটা বান্ধিলেক
তৈল মাথে দেখা নাই।। 
কথাক কহন্তে ক্রন্দন আসয়
যত অপমান পাওঁ। 
যেবে তেও মই সি বাপুৰ পুত
তােক তেবে কন্দুৱাওঁ।। 
কংস মামা মােৰ সাৰথি আছয়
আমাক নিব মতাই। 
ইটো অপমান সকলে শুজিবাে
মথুৰা পুৰীক যাই।। 
দৈৱকী আইত মােৰ ঘৰ বুলি
থাকিবাে তাহান পাশ। 
আমাক দেখিবে লাগিয়া তােহাৰ
হৈব বৰ হাবিয়াস।। 
কৃষ্ণৰ বচন শুনিয়া যশােদা
পুনু মাতে পাশ চাপি। 
এৰ হাবিয়াস মােৰ মাথা খাস
নকান্দিবা মােৰ বাপি।। 
মই অভাগীৰ ইবাৰ দোষক
মৰষিয়ে বনমালী। 
আন কাল যদি দোষ দেখা মােৰ
পাৰিবাহা মােক গালি।। 
মাৱৰ কাৰুণ্য। বচন শুনিয়া
সন্তোষিত ভৈল মন। 
একে ডেৱে গৈলা কোলাত চড়িয়া
পিবাক লাগিলা স্তন।।
পৰম আনন্দে থাকিৱন্ত কৃষ্ণে
চাৰু দান্ত দশাই।। 
ব্রহ্মাণ্ডৰ সুখে থাকিলা যশােদা
কৃষ্ণৰ বদন চাই।।




Class 10 Assamese Notes/Solutions





কবি-পৰিচয়


শ্রীধৰ কন্দলী মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তী কালৰ কবি। এওঁৰ কাব্যত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ সুস্পষ্ট। কন্দলীয়ে কাণখােৱা আৰু ‘ঘুনুচা কীৰ্ত্তন’ নামৰ দুখন কাব্য ৰচনা কৰে। 

কাণখােৱা পুথিখন নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা। 

ইয়াত বিষ্ণুৰ অৱতাৰৰ লীলা-মাহাত্ম্য সহজ-সৰল আৰু প্ৰাঞ্জল ভাষাত বৰ্ণনা কৰিছে। ইয়াত শ্ৰীকৃষ্ণৰ ঈশ্বৰত্ব আৰু মানৱ-শিশুত্ব ভাৱ কবিয়ে সুন্দৰভাৱে ফুটাই তুলিছে। 

পুথিখন দুটা অংশত ভাগ কৰিব পাৰি। প্রথম অংশত কাণখােৱাৰ কথা শুনি ভয়ত টোপনি যােৱা আৰু দ্বিতীয় অংশত ৰাতিপুৱা টোপনিৰ পৰা মাকে জগাবলৈ যােৱাত তেওঁ অভিমানত মাকক কোৱা নানা কথাৰ বিষয়ে বর্ণনা কৰা হৈছে। 




পাঠবােধ


এই পাঠত উদ্ধত পাঠটি কাণখােৱা’ পুথিৰ দ্বিতীয় অংশৰ পৰা কিছু অংশ বাদ দি তুলি দিয়া হৈছে। পাঠটিত শিশুকৃষ্ণৰ ঈশ্বৰত্বৰ পৰিবৰ্তে সাধাৰণ অভিমানেৰে ভৰা মানৱ শিশু এটিৰ চিত্র বর্ণিত হৈছে, যি পঢ়োঁতাক নিজৰ স্বৰূপৰ লগত একীভূত হৈ পৰাত অৰিহণা যােগাইছে। 

ইয়াত কৃষ্ণৰ মানবীয় ৰূপ প্ৰকট হৈ উঠাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে তেওঁৰ ঐশ্বৰিক দিশটো পাহৰি নিজৰ কৰ্মৰাজিৰ লগত সাদৃশ্য উপলব্ধি কৰি আনন্দ পােৱাতেই পাঠটিৰ গুৰুত্ব নির্ভৰ কৰিছে। 





শব্দার্থ আৰু টোকা


আসি : আহি। 
খেডি : খেলা। 
ৰজনী : ৰাতি। 
প্রভাত : পুৱা। 
শুতিয়া : শুই।
ডাক : মাত। 
কিসৰ : কিহৰ। 
হালি : অতি মৰমৰ।
ৰােষ : খং। 
তেজি : ত্যাগ কৰি। 
পুহাইল : পুৱাল। 
সুমৰন্তে : সুঁৱৰি।
ডৰত : ভয়তে। 
কৰকৰা ভাত : ঠাণ্ডা (বাহি) ভাত। 
বেদক পঢ়াইলাের : বেদ ভগৱানৰ বাণী বুলি কোৱা হয়। এই বেদ ভগৱানে ব্রহ্মাক কৈছিল।
তাসম্বক : তেওঁলােকক। 
তাক্ষণে : তৎক্ষণাৎ। 
বিগুটিয়া : ঠাট্টা কৰা। 
ছালিবে : ছলনা কৰিলোঁ। 
কটাহ: ঢাকনি বা আৱৰণ। কোনাে বস্তুৰ টান বাকলি।
তত্ত্ব : মূল সত্য। 
কণ্টক বন : কাঁইটেৰে ভৰা বন।
চৌপৰ : চাৰি প্ৰহৰ। 
গড়ায় : গঢ়াই। 
নটুৱা : মতা বা তিৰােতাৰ বেশ লৈ নচা ল’ৰা । 
টনা : দুই মূৰ মােনাৰ দৰে সীয়া এৰীয়া গামােচা। 
সেৱালি : প্রণাম; সেৱা। 
কাঠবাজী : যি তিৰােতাৰ সন্তান নাই।
কুকুহা : এবিধ চৰাই। দেখাত কাউৰীৰ সমান, ডাঙৰ, ইটাবৰণীয়া। 
পাশ : কাষ।
বাপি : বােপাই। 
খিণ্ডবে : খণ্ডন বা দূৰ হ'ব। 
কপিল : এজন প্রসিদ্ধ মুনি। এওঁ সাংখ্যা দৰ্শনৰ প্রবর্তক। কর্দম মুনি আৰু স্বায়ম্ভুব মুনিৰ কন্যা দেৱহুতিৰ পুত্র। এওঁৰ শপত সৰগ ৰজাৰ ষাঠি হেজাৰ পুত্র ভস্মীভূত হয়। এওঁক বিষ্ণুৰ আন এক অৱতাৰ বুলিও ধৰা হয়। 
বামন : বিষ্ণুৰ পঞ্চম অৱতাৰ। বিষ্ণুৱে বাওনা মানুহৰ ৰূপ লৈ এই অৱতাৰ ধাৰণ
কৰিছিল। এওঁ দৈত্যৰাজ বলিৰ যজ্ঞলৈ আহি তিনি পদ ভূমি বিচৰাৰ ছলেৰে তেওঁক পাতাললৈ পঠাইছিল।
দেৱহুতি : স্বয়ংম্ভৱ মুনিৰ কন্যা। 
কংস : মথুৰাৰ ৰজা। শ্রীকৃষ্ণৰ মামায়েক। এওঁ কৃষ্ণক শত্ৰুৰূপে চিন্তা কৰি তেওঁৰ হাততে মৃত্যু বৰণ কৰে। 
পৃথু : পুৰাণ প্রসিদ্ধ এজন বিখ্যাত ৰজা আৰু ৰজা বেনৰ পুত্র; এওঁ এবাৰ দেশত আকাল হােৱাত গাই এজনীৰ ৰূপ ধাৰণ কৰা পৃথিৱীক খীৰাই প্ৰজাৰ প্রাণ ৰক্ষা কৰিছিল বুলি শাস্ত্ৰত উল্লেখ আছে। 




প্রশ্নাবলী


ভাব-বিষয়ক 
১। অতি চমু উত্তৰ দিয়া ? 
(ক) কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশােদাক কৈছিল? 
(খ) কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নােখােৱাকৈ থাকিব বুলি মাকক জনাইছিল? 
(গ) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? 
(ঘ) কপিল মুনিৰ মাতৃ কোন আছিল? 
(ঙ) কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল? 

২। তথাপি তােহাক দেখন্তে ডৰত
উৰি যায় মােৰ জীউ।। - এইষাৰ কাৰ উক্তি? কাক দেখি, কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা। 
৩। “মােহিনী স্বৰূপে অমৃত পিয়ালাে  সধিলাে দেৱৰ কাম।” —কোনে মােহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কার্য সাধন কৰিছিল; খৰচি মাৰি লিখা।
৪। মাকৰ কি কি গুণৰ কথা ক’বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তােমাৰ নিজৰ কথাৰে বহলাই লিখা। 
৫। চমু টোকা লিখা :
(ক) বামন (খ) দেবহুতি (গ) কপিল (ঘ) শ্ৰীধৰ কন্দলী (ঙ) দৈৱকী। 
৬। পাঠটিৰ কাহিনীভাগ তােমাৰ নিজৰ কথাৰে লিখা। 
৭। কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কার্য সাধন কৰিছিল পাঠৰ আলমত
বর্ণনা কৰা।
৮। কবিতাটোত ‘কাঠবাজী’ বুলি কাক কৈছে? ইয়াৰ অর্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে? 
৯। তাৎপর্য ব্যাখ্যা কৰা ? 
(ক) কাঠবাঁজী বুলি ।
জগতে হাসয়  দেখিলে সুমৰে হৰি। মই আসি তােৰ। ঘৰে পুত্ৰ ভৈলাে  সিটো দুখ দূৰ কৰি।। 
(খ) মােহিনী স্বৰূপে  অমৃত পিয়ালাে। সাধিলাে দেৱৰ কাম। তােমাৰ ঘৰে আসি বৰ যশ পাইলাে লৈলাে দধিচোৰ নাম।। 
(গ) মই নাৰায়ণ।
জগত কাৰণ। তুমি গােৱালৰ জীউ। তথাপি তােহাক দেখন্তে ডৰত উৰি যায় মােৰ জীউ।। 




ভাষা-বিষয়ক 


১। তলত দিয়া শব্দবােৰৰ আধুনিক ৰূপ লিখা ? 
(ক) আসি। 
(খ) খেড়ি 
(গ) পুহাইল 
(ঘ) নুজুৰাই
(ঙ) হন্তে 
(চ) বিগুটিয়া। 

২। তলত দিয়া শব্দকেইটাৰ লিংগ পৰিবৰ্তন কৰা ? 
(ক) সুন্দৰী (খ) মাতৃ (গ) মামা।


Conclusion:


Class X Assamese textbook lesson 13 দশম শ্ৰেণী কানাইৰ চাতুৰী tu online read kori kene pale aamar logot share koribo pare coment r joriyote.

Tolotu kisumaan related article r link provide kora hoise, check koribo pare.












Wrote by Akshay

Post a Comment

2 Comments

Unknown said…
Apunaluke question answer nidiye neki?
AK Production said…
link bilak click kori Q/A bur sabo pariba.

People

Ad Code