Recent in Technology

বিষাদ যােগ lesson-15/ class 10 assamese Online textbook

Attention Please!

Namaskaar, Ei article tut class 10 assamese textbook বিষাদ যােগ lesson 15 tu online read koribo paribo.

Logote Assam seba board r Class 10 r xokolu subject r সম্পূৰ্ণ প্ৰশ্নোত্তৰ ba textbook buru read koroibo paribo. link bur article tur maje maje diya hoise. 

Ei article tur joriyote aan lagotiyaal xokolu tothyo pabo buli akha thakil.


বিষাদ যােগ lesson-15/ class 10 assamese Online textbook




Class 10 Assamese Textbook(Online Read)



বিষাদ যােগ



শ্রীভট্টদেৱ


ধৃতৰাষ্ট্রে সঞ্জয়ত প্রশ্ন কৰন্ত—“হে সঞ্জয়, মােৰ পুত্ৰসৱ পাণ্ডপুত্ৰসৱ ধৰ্ম্মভূমি কুৰুক্ষেত্ৰত যুদ্ধ ইছাই মিলিত হুয়া কি কৰ্ম কৰিলা—আত মােক কহা।”

সঞ্জয়ে কহন্ত—“জানা ৰাজা পাণ্ডৱৰ সেনাসৱ বেহুৰূপে ৰহিবাৰ দেখি তােমাৰ পুত্র দুর্যোধন দ্রোণাচাৰ্য্য সমীপক যায়া বুলিবে লাগিলা—হে আচাৰ্য, পাণ্ডৱসৱৰ বিস্তৰ সেনা দেখা; দ্রুপদৰ পুত্ৰ শিষ্য ধৃষ্টদ্যুম্নে বেহু পাতি আছে। ভীমার্জুনসম মহা ধনুৰ্ধৰসৱাে আছে । 
তাৰ নাম শুনা—সাত্যকি, বিৰাট, চেকিতান, কাশীৰাজ, পুৰুজিত, কুন্তীভােজ, যুধামন্য, দ্রৌপদীৰ পাঁচ পুত্র, প্রতিবিন্ধ্যাদি; আৰা সৱে মহাৰথী। 

তাৰ লক্ষণ শুনা—যি একে দশ সহস্র ধানুকীক যুঝৱৈ তাক মহাৰথী বুলি। আমাৰ সৈন্যৰ যি যি বিশিষ্ট সেনাপতিসৱ তাক কহাে, তুমি সাৱধানে শুনা। গুৰু দ্রোণ, ভীষ্ম পিতামহ, কর্ণ মহাৰথী, কৃপ অগ্রগণী, অশ্বত্থামা, বিকর্ণ, সােমদত্ত পুত্র ভূৰিশ্ৰবা। 

আনাে বিস্তৰ বীৰসৱ মােৰ অৰ্থে প্রাণকে এড়িবে ইছা কৰিছে। সৱে নানা অস্ত্রত নিপুণ, সৱে যুদ্ধত বিশাৰদ। 

এহি বীৰসৱ যুক্ত হুইতেও, ভীষ্ম সেনাপতি সৰ্বত্ৰভাৱে ৰাখিতেও আমাৰ একাদশ অক্ষৌহিণী সেনায়াে পাণ্ডৱসমে যুঝিয়ে সমৰ্থ হেন প্রকাশ নকৰিলা। ই সাত অক্ষৌহিণী পাণ্ডৱসেনা ভীমমাত্র ৰক্ষিতে হুয়াে আমাক যুঝিবে সামর্থ হেন প্রকাশ কৰে। 

এতেকে তােৰাসৱে সাৱধানে যুদ্ধভূমিত থাকি ভীষ্মক ভালমতে ৰক্ষা কৰিবা। সমুখে যুঝিতে কেহহ যেন পাছত প্ৰহাৰ নকৰে। 

ভীষ্মক জীৱনে আমাৰ জীৱন। এমনে বহুমানযুক্ত বচন ৰাজাৰ শুনি মহাপ্রতাপী কুৰুৰীৰ ভীষ্মে ৰাজাক হৰিষ কৰিতে সৰ্ব প্ৰাণীৰ ভয়ঙ্কৰ সিংহ সদৃশ মহানাদ কৰিলা, উচ্চ কৰি শ বজাইলা। 

এমনে সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি সকল ঠাইতে শঙ্খ, ভেৰী, আনক, গােমুখ আদি নানা বাদ্য বজাইলা; তাৰ মহাশব্দ ভৈল।”

‘আবে পাণ্ডৱসৱৰ যুদ্ধোৎসৱ শুনা। শুক্লবর্ণ চাৰি হয়, মহাৰথত উঠি কৃষ্ণার্জুনে দিব্য শঙ্খ বাইল। তাৰ নাম শুনা। কৃষ্ণে পাঞ্চজন্য শঙ্খ ফুস্কিলা। 

অর্জুনে দেৱদত্ত শঙ্খ ফুঙ্কিলা। পৌণ্ড্রক নাম মহাশয় ভীমে ফুঙ্কিলা। অনন্ত নাম মহাশঙ্খ যুধিষ্ঠিৰে বজাইলা। নকুলে সুঘােষ নামে শঙ্খ বাইলা। 

সহদেরে মণিপুষ্পক ধ্বনি কৰিলা। কাশীৰাজ, সাত্যকি, ধৃষ্টদ্যুম্ন, বিৰাট, দ্রুপদ, দ্রৌপদীৰ পাঞ্চপুত্র, সুভদ্ৰাৰ পুত্র অভিমন্যু আৰসৱে পৃথকে পৃথকে শঙ্খ বাইলা। 

সেই শঙ্খৰ মহাশব্দ আকাশ পৃথিৱী সমে দশদিশ পুৰি কৌৰৱ সৈন্যৰ মহাভয় জন্মাইলা, হৃদয় বিদাৰ কৰিলা।” 

“পাছে কপিধ্বজ অর্জুনে কৌৰৱ সৈন্যক যুদ্ধ সমুখ দেখি অস্ত্র-বৃষ্টিয়ে পূৰিবে লাগিলা। গাণ্ডীর ধনু ধৰি হৃষীকেশ ভগৱন্তক এহি বাক্য বুলিলা—হে অচ্যুত, এই উভয় সেনাৰ মধ্যত মােৰ ৰথক ৰাখিও, যাৱে যুবাস্তা বীৰসৱক চাঞো। 

বুলিবা তুমি বুঝন্তাসে যুদ্ধ চোৱা নােহা, তাত শুনা। মঞি কাৰ সমে যুদ্ধ কৰিম। দুর্বুদ্ধি দুর্যোধনৰ প্ৰীতি কৰিবাক ইছায় যি যি বীৰসৱ আসি আছে তাৰাক চাঞো, তাৱত দুই সেনাৰ মাধ্যম ৰথক ৰাখিবা।”

সঞ্জয়ে বােলন্ত—“জানা ৰাজা, অর্জুনৰ এহি বাক্য শুনি শ্রীকৃষ্ণেসকল ৰাজাৰ মধ্যত ভীষ্ম, দ্রোণ সমুখত ৰথক ৰাখি বুলিবে লাগিলা—হে পার্থ, কুৰুবীৰসৱক চক্ষু মেলি দেখা। 

তাতে অর্জুনে পিতৃব্য, পিতামহ আচার্য্য, মাতুল, ভ্রাতৃ, পুত্র, পৌত্র, সখি, শশুৰ, সুহৃদসৱক দুই সেনাত দেখিলা। সেহি সকল বন্ধুসৱ যুদ্ধক ইছাই সমুখে থাকিবাৰ দেখি পৰম কৃপায়ে ব্যাপ্ত হুয়া মহাদুঃখে শ্রীকৃষ্ণক বুলিলা। 

“হে কৃষ্ণ, এই জ্ঞাতিসৱ যুঝিতে ইছায়ে যুদ্ধত উপস্থিত দেখি মােৰ কৰ-চৰণাদি ভাগি যায়, মুখাে শুখায়, শৰীৰৰ কাম্পে, ৰােম শিহঁৰয়, দেখা গাণ্ডীৱ ধনু হাতৰ খসি পৰে, চৰ্ম্মো তাপ কৰে। 

আচোক যুঝিবে আগত ৰহিবে নপাৰাে, মনাে মহাভ্রম হয়, বিমঙ্গলসৱ দেখাে। ওপৰত শগুণ ফুৰে, শৃগালাে আৰাৱ কৰে। যুদ্ধত স্বজন বধে কিচো ফলক নেদেখু, বিজয়কো আকাঙ্খা নকৰু, ৰাজ্যক ইছা নাই, সুখক নবাগ্লো।

হে গােবিন্দ; আমাৰ ৰাজ্য ভােগত কিবা প্রয়ােজন? যি বন্ধুসৱৰ অৰ্থে আমৰা ৰাজ্যভােগ ইছা কৰি সি বন্ধুসৱ প্রাণত্যাগক অঙ্গীকাৰ কৰি যুদ্ধত উপস্থিত হুয়া আছে তাক শুনা। 

আচার্য্য, পিতৃব্য, পিতামহ, মাতুল, শশুৰ, শ্যালা সম্বন্ধীসৱ। আৰা যদি আমাক মাৰে তথাপি আমি তাৰাক মাৰিতে যােগ্য নয়। ত্রৈলােক্য ৰাজ্যৰ অর্থেও নবধি, পৃথিৱীৰ পদে বধিবাে, তাক কি বুলিম? 

হে জনার্দন, ধৃতৰাষ্ট্রৰ পুত্ৰসৱ বধিলে আমাৰ কি প্রীতি হৈব? যদ্যপি আৰা আমাক বিষ দিতে চাইছে, অগ্নিও দিছে, ধন সর্বস্ব হৰিছে, ৰাজ্যভাৰকো কাঢ়ি নিয়া আছে, ভাৰ্য্যাকো অপকাৰ কৰিছে, অস্ত্র ধৰি যুঝিছে— এই ছয় দোষত আততায়ী। 

অর্থশাস্ত্র মতে আততায়ীক বধিলেও দোষ নাই, তথাপি ধর্মশাস্ত্র মতে আৰাক বধিলে আমাক দোষে পাইব। এতেকে ধৃতৰাষ্ট্ৰ পুত্ৰসৱ আমাৰ বান্ধৱ, তাৰাক বধিতে আমাৰ ভাল নহে, যাতে বন্ধুসৱ বধক অন্যায় অধর্ম দেখি। হে মাধৱ, বন্ধুসৱ বধি কেমনে ইহলােক সুখী হইবাে? 
যদ্যপি আৰা লােভত থাকি কুলক্ষয় দোষ মিত্রদ্রোহ পাপক নেদেখে, তথাপি আমি সেই

দোষ দেখি কেনে পাপত নিবৃত্তি নহৈবাে? আৱে সেহি দোষক শুনা—কুলক্ষয় হৈলে কুলধর্ম নষ্ট হৈব, ধর্ম নষ্ট ভৈলে অৱশিষ্ট কুলকো অধর্মে ব্যাপিব। 

অধর্মে ব্যাপিলে কুলস্ত্রীসৱ দুষ্টা হৈব। স্ত্রী দুষ্ট হৈলে বর্ণসঙ্কৰ হৈব, কুল নৰকগতি হৈব, তেৱে পিতৃসৱ লুপ্তপিণ্ড জলাঞ্জলিহীন হুয়া পৰিব। 

এহি দোষে সৱে জাতিধর্ম, কুলধর্ম, বর্ণাশ্রম ধর্ম নষ্ট হুয়া মনুষ্যসৱ নৰকত বাসা কৰিব। তাক আমি শ্ৰুতিত শুনিছি। 

অহাে, কি কষ্ট। মহাপাপ কৰিতে আমি নিচয় কৰিলাে। ৰাজ্যসুখ লােভে স্বজন বধিতে আমি উদ্যত ভৈলাে। এমনে মহাপাপ কৰি মৰিবে নিচয় কৰন্ত ‘মঞি অস্ত্র নধৰি মৌনে ৰহাে। 

তবে দুৰ্য্যোধনাদি যদি অস্ত্র ধৰি মােক বধে তেবে মােৰ মহা প্রিয় হয়, যাতে পাপ নিসিজিব।” সঞ্জয়ে কহন্ত—“জানা ৰাজা, যুদ্ধৰ সমুখত অৰ্জ্জুনে এহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা, ৰথৰ উপৰত বসিলা।” 



Class 10 Assamese Notes/Solutions




লেখক-পৰিচয়


শ্রীভট্টদেৱ (১৫৫৮–১৬৩৮) : অসমীয়া গদ্যৰ জন্মদাতা ভট্টদেৱৰ সম্পূর্ণ নাম বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য্য। 

কামৰূপ জিলাৰ বৰনগৰ অঞ্চলৰ ভেৰাগ্রাম নিৱাসী চন্দ্রভাৰতীৰ তেওঁ দ্বিতীয় পুত্র বুলি জনা যায়। পিতৃৰ নির্দেশানুক্রমে তেওঁ শ্রীদামােদৰদেৱত শৰণ লয়। 

ভাগৱতত বিশেষ ব্যুৎপত্তি আৰু শাস্ত্ৰৰ ব্যাখ্যাত অগাধ পাণ্ডিত্যৰ কাৰণে তেওঁ পণ্ডিত সমাজৰ পৰা কৰিত্ন আৰু ভাগৱত ভট্টাচার্য উপাধি লাভ কৰে। 

গুৰুৰ নির্দেশমতে সর্বসাধাৰণে বুজিব পৰাকৈ কথাত (গদ্যত) ভট্টদেৱে ‘ভাগৱত পুৰাণ’, ‘গীতা আৰু ভক্তি ৰত্নাৱলী ৰচনা কৰে। 

ইয়াৰ উপৰি অসমীয়া ভাষাত শৰণ মালিকা’, ‘গুৰু বংশাৱলী’, ‘প্রসঙ্গমালা’ আৰু সংস্কৃত ভাষাত ‘ভক্তিসাৰ আৰু ভক্তিবিৱেক’ ৰচনা কৰে। 

ভট্টদেৱৰ পূর্বে কোনাে উত্তৰ ভাৰতীয় ভাষাতে গদ্যত পুথি ৰচিত হােৱা নাছিল। ভট্টদেৱে অসমীয়া গদ্যত তত্ত্বগধুৰ কথা ৰচনাৰ আৰ্হি দেখুৱাই গ'ল। 

তেওঁৰ গদ্য অৱশ্যে বুৰঞ্জীৰ ভাষাৰ দৰে কথিত গদ্য নহয়; তেওঁ সমসাময়িক পদ্যৰ ভাষাৰ দ্বাৰা প্ৰভাৱিত হৈছিল—ছন্দৰীতিৰ কিছু লক্ষণ তেওঁৰ ভাষাত বিদ্যমান ‘বিষাদ যােগ’ পাঠটি কথাগীতাৰ পৰা তুলি দিয়া হৈছে। 




পাঠবােধ


গীতাশাস্ত্র ভাৰতীয় সাহিত্যৰ উচ্চপর্যায়ৰ গভীৰ তত্ত্ব বিষয়ৰ এখন গ্রন্থ। ভট্টদেৱে অনুবাদ কৰা কথাগীতাৰ এই ‘বিষাদ যােগ’ অধ্যায়ত কৌৰৱ বাহিনীৰ সৈতে কুৰুক্ষেত্ৰ ৰণৰ সমুখ সমৰত উপস্থিত হৈ অর্জুন কেনেকৈ বিষাদগ্রস্ত হৈছিল, আপােন মানুহৰ সৈতে যুদ্ধ নকৰোঁ বুলি কেনেকৈ ধনুশৰ পেলাই দিছিল তাৰ আভাস আছে। 

অৰ্জুনৰ মনােজগতৰ অভ্যন্তৰৰ বিষাদবােধ পাঠটোৰ মূল বিষয়।



শব্দার্থ আৰু টোকা


অগ্রগণী : মুখ্য, প্রধান। 
অক্ষৌহিণী এক অক্ষৌহিণীত ২১, ৮৭০ ৰথ আৰু হাতী, ৬৫,৬১০ ঘোঁৰা আৰু ১,০৯,৩৫০ পদাতিক বীৰ থাকে। 
কপিধ্বজ : যাৰ ধ্বজ বা পতাকাত বান্দৰৰ প্রতীক আছে। 
জনার্দন : দুষ্টজনক অৰ্দন বা পীড়ন কৰে কাৰণে কৃষ্ণ বা বিষুক জনার্দন বােলে। 
জলাঞ্জলিহীন : যাৰ উদ্দেশ্যে তর্পণ কৰা নহয়। 
ধানুকী : ধনুৰ্ধৰ বীৰ।
নয় : নহয়। 
নিবৃত্তি : বিৰতি। 
পিতৃব্য : পিতৃৰ ভাই, খুড়া, সম্পর্কীয় বয়সীয়া পুৰুষ। 
পুৰি : পূৰ্ণ কৰি।। 
বর্ণসঙ্কৰ : ভিন ভিন জাতিৰ স্ত্ৰী-পুৰুষৰ মিলনত জন্ম সন্তান। 
বর্ণাশ্রম ধর্ম : ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শুদ্র— এই চাৰি বৰ্ণ বা জাতিৰ ব্ৰহ্মচর্য গার্হস্থ্য, বানপ্রস্থ আৰু সন্যাস— এই চাৰি আশ্ৰমৰ শাস্ত্রবিহিত ধর্ম। 
বেহুৰূপে : যুদ্ধৰ কাৰণে প্ৰণালীবদ্ধৰূপে সজাই থােৱা অৱস্থা। 
লুপ্তপিণ্ড : যাৰ পিণ্ড লােপ হয়।
হয় :  ঘোঁৰা। 
হৃষীকেশ : ইন্দ্ৰিয়ৰ গৰাকী, ইন্দ্ৰিয়ৰ অধিপতি। জিতেন্দ্রিয়।





প্রশ্নাৱলী


ভাব-বিষয়ক
 
১। চম, উত্তৰ দিয়া 
(ক) মহাৰথী কাক বােলে? 
(খ) কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা। 
(ঘ) সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল? 
(ঙ) আততায়ী কাক বােলে ? 
(চ) কুলক্ষয় দোষ কি?

২। তােমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা। 
৩। অর্জুনে শ্রীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল? 
৪। অর্জুনে যুদ্ধক্ষেত্রলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলােকক দেখা পাই শ্রীকৃষ্ণক কি ক'লে তােমাৰ নিজৰ কথাৰে লিখা। 
৫। কুলক্ষয় দোষক কিয় মহাপাপ বােলা হৈছে আলােচনা কৰা। 
৬। “জানা ৰাজা যুদ্ধৰ সন্মুখত অর্জুনে এহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা......।” এইদৰে কোনে কাক কৈছে? অর্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তােমাৰ কথাৰে লিখা। 




ভাষা-বিষয়ক


১। তলত দিয়া শব্দবোেৰৰ একোটিকৈ সমার্থক শব্দ লিখা ।
নিপুণ, সমীপ, বিস্তৰ, সহস্র, সদৃশ, বাদ্য, কৰ-চৰণ, চর্ম, শ্রুতি, বিমঙ্গল, বান্ধৱ। 
২। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা :
হুয়া, কহা, চক্ষু, কৰিলা, চাঞো, মঞি, বুলিলা, খাস, ফুস্কিলা, বাইলা, বহিবে, ৰহহা। 
৩। ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।


Conclusion:


Class X Assamese textbook lesson 15 দশম শ্ৰেণী বিষাদ যােগ tu online read kori kene pale aamar logot share koribo pare coment r joriyote.

Tolotu kisumaan related article r link provide kora hoise, check koribo pare.











Wrote by Akshay

Post a Comment

0 Comments

People

Ad Code