Recent in Technology

মই অসমীয়া lesson-4/ class 10 assamese Online textbook

Attention Please!

Namaskaar, Ei article tut class 10 assamese textbook মই অসমীয়া lesson 4 tu online read koribo paribo.

Logote Assam seba board r Class 10 r xokolu subject r সম্পূৰ্ণ প্ৰশ্নোত্তৰ ba textbook buru read koroibo paribo. link bur article tur maje maje diya hoise. 

Ei article tur joriyote aan lagotiyaal xokolu tothyo pabo buli akha thakil.


মই অসমীয়া lesson-4/ class 10 assamese Online textbook




Class 10 Assamese Textbook(Online Read)




মই অসমীয়া/Lesson4




চৈয়দ আব্দুল মালিক



সদূৰ পশ্চিম এৰি,
এৰি থৈ স্বর্ণপুৰী ৰাজঅন্তঃপুৰ, 
বিজয় সপােন দেখি আহিলোঁ যিদিনা
উজনি সোঁতত মেলি ভটীয়নি ভূৰ;
বিজয়ৰ তৃষা লৈ, গৌৰৱৰ কৰি অভিযান,
লুইত পাৰত গালো দৃপ্ত উচ্ছ্বসিত,
আপােনাৰ বিজয়ৰ গান। 

ভৰি দিলো – অসমৰ সেউজীয়া দূবৰি বনত - 
সেই দিনা - যিদিনা অসমৰাজ অসমৰ সিংহ-আসনত। 
বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন, 
প্রান্তে প্রান্তে বাজে মাথোঁ গৌৰৱৰ, বিজয়ৰ
মুক্তগীত বিৰাম বিহীন। 

সেইদিনা অসমত বিচাৰিলোঁ আপােনাৰ বল
মােগলৰ বিজয়ী শকতি, 
দেখুৱাম অসমক বিশ্বজয়ী মােগলৰ অনিৰুদ্ধ গতি। 
অসমৰ মজিয়াত মােশ্নেমৰ মুক্তৰাজ কৰিম থাপনা, 
অসম আমাৰ হ'ব, কামৰূপ হ'ব মােগলৰ
কায়মনে কৰিলো কামনা।
যিদিনা নামিলো আহি অসমৰ সমৰ-থলীত,
মিনাক বনৰ বুকুত, 
অসমৰ হেংদাং জিলিকিল দুপৰৰ পূর্ণ আলােকত। 
পুৰুষ-তিৰােতা আহি স্বদেশৰ স্বাধীনতা হেতু
থিয় দিলে ৰণ-প্ৰাংগণত, 
ৰণচণ্ডী মূর্তি ধৰি স্বাধীন পুৰুষ-নাৰী
বুকুপাতি নামিল ৰণত! 
ক'তনাে লুকাল বল ৰাজপুতজয়ী মােগলৰ সবল বাহুৰ
অসমৰ সমৰ-থলীত, 
ক’ৰ অত পালে বল অসমৰ সেনানীয়ে
শুকান সান্দহ আৰু পানী আঁজলিত !! 
বিজয়ী অসমে গালে অসমৰ স্বাধীনতা গান
বিজয়ৰ গৌৰৱ আৰতি, 
মােগলে এবাৰ পালে, শকতিৰ নৱ পৰিচয়
দেশ-প্রাণ, মুক্ত-প্রাণ, অসমৰ স্বদেশ ভকতি। 
পৰাজিত মােগলৰ সেইদিনা পৰিল চকুত 
অসমৰ বিনন্দীয়া ৰূপ,
ভক্তি-প্রেম সৌন্দৰ্য্যৰ খনি; 
কাণত পৰিল আহি মুক্ত-প্রাণ অসমৰ
উচ্ছ্বসিত সংগীতৰ সুমধুৰ ধ্বনি।

মােগলে উভতি চালে—
এয়েই অসম, চৌদিশে ধসৰ পাহাৰ, 
প্রতিটো বনৰ পাত জাংফাই, মিনাকৰা, ৰূপ জাতিষ্কাৰ।
দূবৰিৰ পাতে পাতে মুকুতাৰ থােপা, গচকত ভাগে মৰকত, 
হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা,
ভৰি ধােৱে পােৱালৰ ভৰা দলঙত।

বাঘনখ পিন্ধে খাৰু, ভৰিৰ আঙঠি, মহ-শিং পেপাটি বজায়, 
হাঁহ-কণী, চাউলেৰে অসমৰ স্বৰ্গদেৱে দেউল সজায়। 
নদীৰ বালিত ভৰা সােণ চেকুৰীয়া,
গুড়ি হয় গচকত ভাগি, 
পুঠিয়ে কাণত পিন্ধে সােণৰ থুৰীয়া
ভেকুলীয়ে ফোট লৈ সজায় সুৱাগী; 
নিষ্কর্মা ধােদৰ দলে বান্ধে ৰাজ আলি,
দ’ল সাজে ঢালি পিঠা গুড়ি; 
বাৰটি সাগৰ’ খানি, ৰচে বননিত
ৰংঘৰ কাৰেংঘৰ দীপ্ত স্বর্গপুৰী। 
সােণৰ অসম ই যে, হীৰা-মণি মৰকত ধূলিত বাগৰে, 
মাটিৰ চৰুত জুখি, সােণচৰু ৰূপচ দিয়ে ঘৰে ঘৰে।

মুখৰ মাতত সৰে মৰমৰ মউ,
গীত শুনি শিল পমি যায়;
এয়েই অসম দেশ জগতত আৰু
এনুৱা অসম দেশ, এনুৱা ৰূপেৰে
নাই ক’ততা নাই। 
মােহ গল দূৰণিৰ বিদেশী মােগল
অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ-বিনন্দীয়া, 
অসমত বন্দী হ'ল, অসমৰ ৰূপ-মুগ্ধ
দূৰৰ মােগল আহি হ'ল অসমীয়া।। 
আহােম আমাৰ ৰজা, সেই দিন ধৰি
মােৰ দেশ এই কামৰূপ। 
অসমৰ হকে যুঁজি, অসমৰ হকে মৰোঁ,
জ্বলি ইয়াতে শেষ হয় জীৱনৰ ধুপ।

সেই দিন ধৰি মই অসমৰ অসমীয়া,
ধর্ম মােৰ, জাতি মােৰ অসমীয়া প্ৰাণৰ আপােন। 
বিকশি উঠিল মােৰ অসমৰ দূবৰিতে
নন্দনৰ বিনন্দীয়া সুখৰ সপােন! 
জীয়াই থাকোতে মই এই পৃথিৱীত 
চিৰদিন ইয়াৰে অসমীয়া
মৰিলেও অসমৰে মই। 
মৰাৰ পিছততা যদি আহোঁ পুনু কেতিয়াবা 
আহিম ইয়ালৈ ঘূৰি, 
স্মিৰিতিৰ ইতিহাস লৈ।
অসমৰে অসমীয়া হৈ। 
অসমীয়া ভাষা মােৰ, কথা মােৰ, গীত মােৰ,
অসমৰ প্ৰকৃতিয়ে ৰচা, 
বিহগ কিন্নৰ য'ত শুনিলে নিৰৱ হয়
অসমীয়া গীত মােৰ হৃদয় ওপচা। 
জনমৰ লগে লগে সুৱদী অসমী মাতে
অসমীক চিঞৰিলোঁ—‘আই’ 
যিদিনা মুদিম চকু সিদিনাও যাওঁ বুলি
কৈ যাম অসমীক দু-ওঁঠ কঁপাই।
সৰগত কেতিয়াবা থাকোতে সুখত ভােল
স্মৃতিহীন আলােক পুৰত, 
মৰতত কোনােবাই সুঁৱৰিলে নাম মােৰ
অসমৰ সুৱদীয়া ভাষাৰ সুৰত। 
চিনি পাম, বুজি পাম আমৰণ সৰগতাে
সৰগত কেতিয়াবা থাকোতে সুখত ভােল
স্মৃতিহীন আলােক পুৰত, 
মৰতত কোনােবাই সুঁৱৰিলে নাম মােৰ
অসমৰ সুৱদীয়া ভাষাৰ সুৰত। 
চিনি পাম, বুজি পাম আমৰণ সবগতাে
মােৰ এই ভাষা অসমীয়া, 
সৰগৰ গীত এৰি, শুনিম দুকাণ পাতি
অসমৰ গীতটি সুৰীয়া।
জীৱনে-মৰণে মই চিৰদিন অসমীয়া,
অসমীয়া দেহ-প্রাণ-মন; 
জীয়াই থাকোতে মই অসমৰে অসমীয়া,
মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ। 




কবি-পৰিচয়

চৈয়দ আব্দুল মালিকৰ জন্ম হয় ১৯১৯ চনত গােলাঘাট জিলাৰ নাহৰণিত। তেওঁ অসমীয়া গন্ধ আৰু উপন্যাস সাহিত্যলৈ এক নতুন তৰংগ কঢ়িয়াই আনিছিল। তেওঁক গল্পসম্রাট বুলি কোৱা হয়। গল্পকাৰ আৰু ঔপন্যাসিক হােৱা বাবে তেওঁ কবি হিচাপে অল্পচচিত। 
কিন্তু তেওঁৰ কবিতায়াে আমাৰ সাহিত্য বাৰুকৈয়ে সমৃদ্ধ কৰিছে। তেওঁৰ একমাত্র কবিতা পুথিখনৰ নাম হৈছে ‘বেদুইন'। অসমীয়া আধুনিক কবিসকলৰ প্রথম পর্বত তেওঁ গুরুত্বপূর্ণ বৰঙণি মােগাইছে। তেওঁৰ কবিতাত শব্দৰ সুৰম আৰু অৰ্থৱহ ব্যবহার দেখা যায়। তেওঁ ‘অঘৰী আত্মাৰ কাহিনী' নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। 'সুৰুষমুখীৰ স্বপ্ন’ তেওঁৰ আন এখন বিখ্যাত উপন্যাস। 

তেওঁৰ গল্পউপন্যাসৰ ভাষাতাে এক কাব্যিক আয়তন দেখা যায়। গল্প-উপন্যাসৰ পৰা জেতুকা পাতৰ দৰে', ‘মমতাজ' আদি চলচ্চিত্র নির্মিত হৈছে। মুঠতে কবি, গল্পকাৰ আৰু ঔপন্যাসিক চৈয়দ আব্দুল মালিকে অসমীয়া সাহিত্যলৈ যাউতিযুগীয়া অৱদান আগবঢ়াইছে। 

তেওঁৰ ন আন ৰচনাৰাজি হ'ল - ‘পৰশমণি', 'আধাৰশিলা’, ‘মহা ফুল’, ‘ৰূপতীৰ্থৰ যাত্ৰী’, ‘ধন্য নতনু ভাল’, ‘স্বাক্ষ', 'ছবিঘৰ', ৰঙাগৰা’, ‘ৰজনীগন্ধাৰ চকুলাে' ইত্যাদি। তেওঁ ১৯৭৭ চনৰ অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতি আসন অলংকৃত কৰিছিল। এইজনা বিখ্যাত সাহিত্যিকৰ ২০০০ চনত দেহান্তৰ ঘটে। 



Class 10 Assamese Notes/Solutions





পঠবােধ


“মই অসমীয়া কবিতাটোৰ মাজেৰে কবিৰ স্বদেশ প্রতি আনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা নিভাজ ভালপোৱা প্ৰকাশিত হৈছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হােৱা কবিতাটোত অসম বুৰঞ্জীৰ ননা দিশো ফুটি উঠিছে। মােগলসকলে অসম আক্ৰমণ কৰিবলৈ আহি অসমীয়া মানুহৰ বীৰত্ব দেখি বিস্মিত হৈছে। অসমীয়া ল'ৰা-তিবােতাৰ মাজত দেখা পোৱা স্বদেশপ্রেমে মােগলসকলৰ অন্তৰ চুইছে।

পৰাজিত মােগলৰ বহুতেই যুদ্ধবন্দী হিচালে অসমত থাকি পাছলৈ অসমীয়া হৈ পৰিল। হাড়ে-হিমজুৰে তেওঁলােকে অসমীয়া সংস্কৃতিৰ লগত একাকাৰ হৈ পৰিল। কবিয়ে কবিতাটোত মােগলৰ দৃষ্টিৰে অসমৰ অতিত ইতিহাস অৱলুকন কৰিছে। অসমীয়া জাতিৰ বীৰত্বৰ শেষ বিজয়গাথা আজিও যেন অক্ষুণ্ণ হৈ আছে। কবিয়ে সেয়েহে অসমৰ বাবে যুঁজিব খুজিছে আৰু অসমৰ বাবে মৰিবও খুজিছে।

মৰিলেও অসমীয়া হৈ জনম ল'বলৈ তেওঁ আশা কৰিছে। অসমীয়া পৰিচয়েৰে তেওঁ জীৱনে-মৰণে চিৰকাল থাকিব খােজে এই মাটিৰ মায়াত বন্দী হৈ। অসমীয়া গীত-মাত আৰু ভাষা তেওঁ সৰগতাে চিনি পাব বুলি দৃঢ়তাৰে কৈছে। এই দৃঢ়তাই আমাৰ অতীত আৰু বৰ্তমানৰ সংযোেগ-সেতু। জীবনেমৰণে অসমীয়া হ'ব খােজা কবিজনাৰ এয়া এক অনুপম কবিতা য'ত ঐতিহ্যৰ মাজেৰে জাগৰিত হৈছে মাতৃভূমিৰ প্রতি গভীৰ কৃতজ্ঞতা। 





শব্দার্থ আৰু টোকা


অনিৰুদ্ধ - যাক বােধ কৰিব নােৱাৰি; বাৰণ কৰিব নােৱাৰি। 
আপােনাৰ - নিজৰ। 
আলােক - পােhor। 
এনুৱা - এনেকুৱা। 
উচ্ছ্বাস - উলাহ; আনন্দ; আবেগ। 
কায়মনে - মনে-প্রাণে; অন্তৰেৰে। 
কাৰেংঘৰ - আহােম ৰজাই বাস কৰা ঘৰ। 
কিন্নৰ - কুবেৰৰ পাৰিষদ; দেৱলােকৰ গায়ন, এওঁলােকৰ মুখ ঘোৰাৰ দৰে গা মানুহৰ দৰে। 
খৰম - ভৰিত পিন্ধা কাঠৰ পাদুকা। 
খৰমৰ চুলা - কাঠৰ পাদুকাযােৰত পিন্ধাৰ বাবে খুটি এটা থাকে। তাকে খৰমৰ চুলা বােলা
জাতিষ্কাৰ - জকমকীয়া; উত্তমরূপে সজোৱা।
তৃষা - তৃষ্ণাতুৰ; বৰকৈ হেঁপাহ জগা।
দৃপ্ত - গর্বযুক্ত মনােভাৱ।।
দীপ্ত - আলােকিত; উজ্জ্বল; জিলিকি থকা।
ধােদ - এলেহুৱা।
ধূসৰ - অস্পষ্ট, ধোৱাময়।
নদীৰ বালিত ভৰা সােণ চেঁকুৰীয়া - সকলাে বস্তুৰে উভৈনদী অসমত নদীৰ বালিতে সােণ পােৱা গৈছিল।

নিষ্কর্মা ধােদৰ দলে বান্ধে ৰাজ আলি - বােদ মানে অতি এলেহুৱা লােক। এনে লােকে কোনাে কাৰণতে কাম কৰি নাখায়। এনেহ্নে ধােদেও স্বৰ্গদেউৰ সুশাসনৰ ফলত ৰাজআলি নির্মাণ কৰিছিল।

পুঠিয়ে কাণত পিন্ধে... সজায় সুৱাগী - অসমৰ সকলাে বস্তুবেই ইমান মূল্যৱান আৰু ধুনীয়া যে পুঠি
মাছৰ দৰে সৰু জীৱটোৱেও কাণত সােণৰ খুৰীয়া পিন্ধে আৰু ভেকুলীৰ নিচিনা ক্ষুদ্র প্রাণীটোৱেও ফোট লৈ ধুনীয়া হৈ থাকে। অর্থাৎ অসম প্ৰকৃতিৰ দানত অপৰূপা হৈ পৰে।
পুনু - পুনৰ। 
পােৱাল ভৰা দলঙত: প্রবাল এবিধ মূল্যবান সামগ্রী। ইয়াৰ দ্বাৰা নির্মিত দলঙত অসমীয়াই ভৰি
ধােৱা কার্য সম্পাদন কৰে। 
জাংফাই - অসমৰ উত্তৰ-পূৱ ফালৰ মিচিমি পৰ্বতত পােৱা এবিধ গছৰ ৰঙীন গােটমৰা আঠা। ইয়াৰে কেৰু, মণি তৈয়াৰ কৰা হয়। 
বিনন্দীয়া - ধুনীয়া; মনােমােহা।
বিহগ - চৰাই, পক্ষী। 
বিৰাম বিহীন - কোনাে যতি বা বাধা নপৰাকৈ নিৰবিচিন্নভাৱে।
ভকতি - ভক্তি; শ্রদ্ধা।
ভটীয়নি - নৈৰ ভাটি বা নামনিফাল।
ভুৰ - কেইডালমান কলগছ নাইবা বাঁহ নাইবা কেইখনমান কাঠৰ পাত একলগে
বেবান্ধি নাৱৰ দৰে ব্যৱহাৰ কৰা সঁজুলি। 
মৰকত - এবিধ সেউজীয়া ৰঙৰ বাখৰ। 
মৰত - মর্ত। 
মিনাকৰা - মিনা লগােৱা; মিনাৰ ৰহণসনা। 
মুক্তৰাজ - মুকলিমূৰীয়া একছত্রী শাসন। 
মােশ্লেম - মুছলমান; মােগল জাতি। 
ৰংঘৰ - আহােম স্বৰ্গদেউসকলে বা ডাঙৰীয়াসকলে ৰং-ধেমালি কৰা আৰু তাত বহি বাহিৰৰ চোতালত মানুহ, জন্তু আদিৰ যুঁজ, খেল-ধেমালি আদি চোৱা ঘৰ। স্বৰ্গদেউ প্রমত্ত সিংহৰ ৰাজত্বকালত এই ৰংঘৰ নিৰ্মাণ কৰা হৈছিল। 
ৰণচণ্ডী - যুদ্ধলৈ সাজু হৈ উঠা মানুহ। 
ৰাজ অন্তঃপুৰ - ৰজাৰ অন্তেষপুৰ। 
শকতি - শক্তি; বল। 
শুকান সান্দহ - তিওৱা চাউল ভাজি খুন্দি প্ৰস্তুত কৰা এবিধ জলপান। 
সমৰ - যুদ্ধ।
সৰগ - স্বর্গ।
সাগৰ খানি - আহােম স্বৰ্গদেউসকলৰ ৰাজত্বকালত ঠায়ে ঠায়ে ডাঙৰ ডাঙৰ পুখুৰী খন্দা হৈছিল। পুখুৰীবােৰ ইমান ডাঙৰ যে ইয়াক সাগৰৰ লগতহে তুলনা কৰিব পাৰি। উদাহৰণস্বৰূপে শিৱসাগৰ, জয়সাগৰ, গৌৰীসাগৰ, ইত্যাদি।
সুবাগি - লাগী তিৰোতা; অধিক ধুনীয়াকৈ নিজকে সদালা। 
স্বর্ণপুৰী - সােণেৰে নিৰ্মাণ কৰা নগৰ। 
স্মিৰিতি - স্মৃতি। 
হাঁহকণী, চাউলেৰে অসমৰ স্বৰ্গদেৱে দেউল সজায় - অসমৰ পুৰণি মঠ-মন্দিৰবােৰ নিৰ্মাণ কৰোতে স্বৰ্গদেউসকলে হাঁহ কণী, বৰা চাউল আদিৰে কৰাল তৈয়াৰ কৰি ব্যৱহাৰ কৰিছিল। 
হেংদাং - আহােম যুগত ব্যৱহাৰ কৰা এবিধ তৰােৱাল। 






প্রশ্নাৱলী


ভাব-বিষয়ক 

১। চমু উত্তৰ দিয়া :
ক) চৈয়দ আব্দুল মালিকৰ কবিতা-পুথি এখনৰ নাম লিখা। 
খ) মােগলসকলে অসমৰ ক'ত ভৰি দিছিল? 
গ) অসমৰ হেংদাং ক'ত জিলিকিছিল? 
ঘ) অসমীয়াসকলে কিহেৰে তৈয়াৰী পেপা বজাইছিল?
ঙ) অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? 
২। অসমৰ হেংদাং জিলিকিল।
দুপৰৰ পূর্ণ আলােকত'— কথাখিনিৰ তাৎপর্য ব্যাখ্যা কৰা। 
৩। অসমৰ পুৰুষ-নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা। 
৪। ক'ত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আজলিত। - কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা। 
৫। 'মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্রতিফলিত হৈছে বুজাই লিখা। 
৬। কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া। 
৭। অসমলৈ যুদ্ধ কৰিবলৈ আহি মােগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা।

৮। ব্যাখ্যা কৰা : 

(ক) মােগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়
দেশ-প্রাণ, মুক্ত-প্রাণ, অসমৰ স্বদেশ ভকতি।

(খ) দুৱৰিৰ পাতে পাতে মুকুতাৰ থােপা গচকত ভাগে মৰকত, 
হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা, ভৰি ধােৱে পােৱালৰ ভৰা দলঙত। 

(গ) মােহ গ'ল দূৰণিৰ বিদেশী মােগল
অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া, 
অসমত বন্দী হ'ল, অসমৰ ৰূপ-মুগ্ধ
দূৰৰ মােগল আহি হ'ল অসমীয়া।। 

(ঘ) জীৱনে মৰণে মই চিৰদিন অসমীয়া
অসমীয়া দেহ-প্ৰাণ মন; 
জীয়াই থাকোতে মই অসমৰে অসমীয়া,
মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ।

৯। 'মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্রশংসা কৰিছে, তােমাৰ কথাৰে বুজাই লিখা। 

১০। কবিয়ে কিয় মৰাৰ পাছত পুনৰ অসমতে জনম ল'ম বুলি ভাবিছে বুজাই লিখা। 
১১। মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখা। 
১২। 'মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা। 




ভাষাবিষয়ক


(১) ব্যাসবাক্যসহ সমাসৰ নাম লিখা ।
স্বর্ণপুৰী; মুক্তগীত; অনিৰুদ্ধ; নিষ্কর্মা। 

(২) তলৰ শব্দবােৰৰ নিচিনা পাঁচোটা শব্দ সাজা ।
বাঘনখ, হাঁহ কণী, মহশিং। 

(৩) বিপৰীত শব্দ লিখা
গৌৰৱ; আলােক; স্বাধীনতা; পৰাজিত; সপােন; মৰণ।


Conclusion:

Class X Assamese textbook lesson 4 দশম শ্ৰেণী মই অসমীয়া tu online read kori kene pale aamar logot share koribo pare coment r joriyote.

Tolotu kisumaan related article r link provide kora hoise, check koribo pare.


Class 10 Science/Notes/Solutions













Wrote by Akshay

Post a Comment

0 Comments

People

Ad Code