Recent in Technology

ছাত্রজীৱন আৰু সমাজসেৱা lesson-6/ class 10 assamese textbook

Attention Please!

Namaskaar, Ei article tut class 10 assamese textbook ছাত্রজীৱন আৰু সমাজসেৱা lesson 6 tu online read koribo paribo.

Logote Assam seba board r Class 10 r xokolu subject r সম্পূৰ্ণ প্ৰশ্নোত্তৰ ba textbook buru read koroibo paribo. link bur article tur maje maje diya hoise. 

Ei article tur joriyote aan lagotiyaal xokolu tothyo pabo buli akha thakil.


ছাত্রজীৱন আৰু সমাজসেৱা lesson-6/ class 10 assamese textbook




Class 10 Assamese Textbook(Online Read)




ছাত্রজীৱন আৰু সমাজসেৱা/Lesson6




ডিম্বেশ্বৰ নেওগ



ছাত্র জীবন শিক্ষাৰ সময়। শিক্ষা বুলিলে শুদা লিখা-পঢ়া কৰিব পৰাকে নুবুজায়। শিক্ষাৰ বিষয়ৰ সীমা নাই। 
মানুহৰ জীৱনৰ লক্ষ্য কি, কি-কি কাম কৰিলে মানুহ জনম ধৰা সার্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকার্য হ'ব পাৰি, মুঠতে' এনেবিলাক বিষয়ৰ জ্ঞানকে শিক্ষা বুলিব পাৰি আৰু ছাত্ৰ জীৱনত আমি এইবিলাক কথাকে শিকিব লাগিব।

“পঢ়াই, পঢ়ে, ৰােৱে পাণ।
- এই তিনিয়ে নিচিন্তে আন।” 

এই নীতি বচনত ‘পঢ়া’ মানে ভাটৌৰ দৰে দুটা কথা কিতাপৰ পৰা আওৰােৱাকে বুজোৱা নাই। ইয়াত পঢ়া’ কথাই শিক্ষা লাভ কৰা বুজাইছে। 

শিক্ষার্থী অর্থাৎ ছাত্ৰৰ একাগ্রতা সঁচাকৈয়ে উন্নতিৰ ঘাই মন্ত্র। এই অৱস্থাত মনৰ গতি একমুখী হ'ব লাগে, বহুমুখী হলে ছাত্র ছাত্রত্ব শক্তি লােপ পাব খােজে। ছাত্ৰ হৈ ঘৰুৱা জঞ্জাল কিছুমান মূৰত জাপি ল'লে, নাইবা বাহিৰত হৈ-চৈ কোলাহল আদিত গা ঢালি দিলে তেনে ছাত্রই নিজ জীৱনত উন্নতি কৰিব নােৱাৰে। এনেবিলাক কথাত কাল আৰু পাত্রভেদে বিচাৰ কৰি চলিব লাগিব। 

জ্ঞান অর্জনৰ কালত জ্ঞান বিতৰণ কৰিবলৈ যােৱাটো ন্যায় বুলিব নােৱাৰি, জ্ঞান অর্জনতহে তেওঁলােকৰ মন বুৰি থাকিব লাগিব।

ছাত্র জীৱনৰ শিক্ষা জীৱন্ত সংসাৰৰ বিষয়ে শিক্ষা। কমাৰ শালত গঢ়িবলৈ হ'লে আগতে জুইশালত গঢ়ি চাব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হ'লে পানীত ননমাকৈ নহয়। গতিকে ছাত্র জীৱনত শিক্ষা নিষ্কর্মা অর্থাৎ কাপ কাকতৰ দূৰৰ পৰা বহি ৰংচোৱা শিক্ষাও নহয়। 

এনে শিক্ষাই অবনুৱাক বনুৱা কৰিব, এয়ে ইয়াৰ উদ্দেশ্য। ছাত্ৰসকলে শালিধানৰ বােকামাটিত নেনামিব পাৰে, কিন্তু কঠীয়াতলিত হাল জুৰি চাব লাগিব, নহ'লে তেওঁলােকৰ কোনাে শিক্ষাই হ'ব নােৱাৰে। শিক্ষাৰ শাৰীৰিক, মানসিক, নৈতিক,

আধ্যাত্মিক আদি যিবােৰ ভাগ আছে, সেই সকলাে বিধৰে অনুশীলন অর্থাৎ চর্চা লাগে। আন বস্তুৰ দৰে ব্যৱহাৰত নলগােৱা স্থানতাে মামৰে ধৰে। অভ্যাসৰ জইশালত লৈ চাবই লাগিব, কিন্তু তেতিয়াও মনত ৰাখিব লাগিব, সেই কাল শিকাৰ ছলেৰেহে।

আমাৰ বর্তমান শিক্ষা কামৰ শিক্ষা নহয়, এয়ে ইয়াৰ ঘাই দোষ। ল'ৰাই কিতাপত পঢ়িব, “দুখীয়াক মৰম কৰিবা।' শিক্ষকে সুধিব, দুখীয়া দন্ত্য দ নে মূর্ধন্য ড? নাইবা ‘খ’ত হ্রস্ব ই-কাৰ নে দীর্ঘ ঈকাৰ?' কিন্তু এই কথা পঢ়ি গৈয়ে যদি ল'ৰাই বাটতে দুখীয়াক তিৰস্কাৰ বা বিদ্রুপ কৰে, তালৈ চকু দিয়াটো শিক্ষকৰ কাম নহয়। ল'ৰাৰ মাক-বাপেকেও চাব কি? 

তেওঁলােকৰ ল'ৰা-ছােৱালীয়ে পঢ়ি শুনি প্রকৃততে কিবা জ্ঞান লাভ কৰিছেনে নাই সেইটো নহয়; তেওঁলােকে বছৰি পৰীক্ষাত উত্তীৰ্ণ হৈছেনে বা শ্ৰেণীত প্রথম বা দ্বিতীয় হৈ উত্তীর্ণ হ'ব পাৰিছেনে নাই, সেইটোহে। সেইদৰে শাৰীৰিক উন্নতিৰ কাৰণে যত্ন কৰা শিক্ষাৰ এটি ঘাই কর্তব্য। 

সেইবাবে পঢ়াশালিয়ে পঢ়াশালিয়ে দেশী-কচৰতৰ শিক্ষা। একোটা পেন্দুকনা ল'ৰাই পুৱাই পুৱাই কৰ্কৰাই-পইতাই এমুঠি গিলি, পাঁচ ছমাইল পর্যন্ত বাট খােজ কাঢ়ি আহি দিনৰ দিনটো, এটা ঠেক ঘৰত সােমাই থাকি লিখা-পঢ়া কৰাৰ পাছত যেতিয়া সিহঁতৰ পেটে কল মলাবলৈ ধৰে তেতিয়াহে তেওঁলােকৰ পৰিল ব্যায়ামৰ চৰ্চাৰ পাল! নাইবা, চাৰি-পাঁচশ ল'ৰাৰ ভিতৰত এঘাৰটা বা বাইশটা ল’ৰাই ফুটবল বা ক্রিকেট খেলিলে। সেয়ে হ’ল সদৌ স্কুলৰ ব্যায়াম চর্চাৰ জোখ। 

আৰু ইয়াতােকৈ আচৰিত কথা এয়ে হে, এটা ল’ৰাই ব্যায়ামৰ নামত হাতভৰি ভাঙি ফুটবলে ক্রিকেটে খেলিব নাইবা দহ মাইল বাট খােজ কাঢ়িব, কিন্তু নিজৰ বাৰীত কোৰ এচাব মাৰিবলৈ বা খৰি এডাল বুটলি আনিবলৈ টান পায়। - এনেবিলাক আমাৰ শিক্ষাৰ দোষ। 

বিলাত আৰু মার্কিন আদি উন্নত আৰু স্বাধীন দেশৰ শিক্ষাত এনেবােৰ চকুত পৰা ত্রুটি দেখিবলৈ পােৱা নাযায়। তথাপি এই শিক্ষাৰ ভিতৰেদিয়েই আমি আৰু আমাৰ দেশৰ দহজন শিক্ষিত হৈ উঠিবই লাগিব। সেইদৰে আমাৰ শিক্ষাৰ দিহা আমি ওপৰঞ্চি স্বৰূপে সভা-সমিতি আদি যি উপায়েৰেই হ'ক কৰি ল'বই লাগিব।

“দুখীয়াক পুতৌ কৰিবা বুলি পঢ়িলেই সেই বিষয়ৰ শিক্ষা পােৱা নহ'ল। হাতে-কামে সেইটো কৰিলেহে সি শিক্ষাস্বৰূপে আমাক গুণ দিব। বিলাতৰ বিশ্ববিদ্যালয় আদিত ছাতৰে সহপাঠী দুখীয়া ছাতক সহায় কৰাৰ ব্যৱস্থা কৰে, দেশৰ কোনাে নতুন আন্দোলন হলে তাত পার্যমানে নেতাসকলৰ লগত হাত উজান দিয়ে।

আমাৰ দেশত ছাত্ৰৰ এনে সহযােগিতা আৰু দেশহিতৈষিতা শিক্ষা কৰিবৰ সুবিধা নাই; কিন্তু নাই বুলিয়ে হাত সাৱটি বহি থাকিলে নহ'ব। আমি নিজে এনেবােৰ সুবিধা উলিয়াই ল'ব লাগিব, দেশৰ এই ঘােৰ দুর্দিনৰ দিনত ডেকাসকলে প্রৌঢ়সকলৰ কান্ধৰ ভাৰখন দাঙি ল’বলৈ সাজু হৈ থাকিব লাগিব। 

কিন্তু ছাত্ৰসকলে এই সকলোেবােৰ কাম কৰিব লাগিব ছাত্র জীৱনৰ সীমাত থাকি, অর্থাৎ শিক্ষা লাভৰ উদ্দেশ্যেহে তেওঁলােকে পঢ়া-শুনা আদি সকলাে কর্তব্য অটুটৰূপে কৰি ওপৰঞ্চিস্বৰূপে এনেবোেৰ বিষয়ত হাত দিব লাগিব, পঢ়া-শুনা এৰি থৈ নহয়। 

ছাত্রসকল দেশৰ ভবিষ্যত, আশা-ভৰসাৰ কলি। এই কলি সময়ত বিকমি. হৈ ফুল আৰু তাৰ পাছত ফল হৈ মাতৃপূজাত লাগে। কাইট-কলিতে এইসকলক পূজাৰ উপচাৰহৃদয়ে মাতৃয়ে গ্রহণ নকৰে। ছাত্ৰসকলক ছাত্ৰ অৱস্থাত যিমান দূৰ পৰা হয় জ্ঞানকী, অর্থকৰী আৰু কার্যত জ্ঞান লাভ কৰিবলৈ দিয়ক, তেওঁলােক পৰিপুষ্ট হৈ দেশসেৱাৰ উপযুক্ত হ’ক। 

এই অবস্থাত তেওঁলােকক চক খুৱাই, হুৰাই আনমনা কৰি দিলে তেওঁলােকৰ অহিত চিন্তা, আপাকে দেশৰ মহা অমঙ্গল কৰা হয়। ছাত্ৰসকলৰ মনৰ গতি মুকলি হ’বলৈ আমি সকলাে সুবিধা দিব লাগিব, তেওঁলােকক পােহৰলৈ ওলাবলৈ দিব লাগিব, চেঁচুকৰ ডেম-ডেউকা কৰি ৰাখিলে নহ'ব।

কার্যকৰী শিক্ষাৰ ঠাই স্বৰূপে আমাৰ ছাত্ৰসকলে সম্প্রতি গাঁৱতে নিজৰ কার্যক্ষেত্র বাছি ল'র পাৰে। এই কুৰি শতিকাৰ মাজ ভাগতাে আমাৰ দেশত অভনতাই নির্বিবাদে ৰাজত্ব কৰিছে, ইয়াতকৈ আৰু ধিক্কাৰৰ কথা কি হ'ব পাৰে। আজিৰ স্বাধীন আৰু উন্নত দেশবােৰ ইয়াৰ তিনি-চাৰিশ বছৰ আগেয়ে যি অৱস্থাত আছিল আমাৰ দেশৰ অধিকাংশ লােক আজিও এই অৱস্থাতে। 

আমাৰ গাঁওবােৰত মাথোন আমাৰ পুৰণি সভ্যতা, শিক্ষা আৰু সাধনাৰ অলপ অৱশেষ দেখিবলৈ পােৱা যায়; কিন্তু অনেক দিন অজ্ঞানতাই সেই সভ্যতাক অসভ্যতা, সেই শিক্ষাক অশিক্ষা আৰু সেই সাধনাক কপটতাত পৰিণত কৰিছে। আজি গাঁও অজ্ঞানতা আৰু কুসংস্কাৰৰ লীলাভূমি। ঈশ্বৰে গাঁও সুজিছে, মানুহে নগৰ সাজিছে। ঋষিসকলৰ পূজনীয় গাঁৱত সােমাই আজি কি দেখিবা? 
সকলাে লােক অজ্ঞনতা অচেতন, গাহৰিৰ দৰে পেটপুহি থকাকে বহুতে জীৱনৰ লক্ষ্য বুলি ভাবিছে; নিজৰ ঘৈণী আৰু ল'ৰা-ছােৱালীৰ বাহিৰে আনৰ মৰম নুবুজে, এচিকটা মাটিৰ কাৰণেই ভায়ে ভায়ে কটা-কটি, মৰামৰি কৰি কাছাৰী ঘৰলৈ আহি পাপৰ বেহা বেহাইছে। 

কানি-ভাং আদিত অনেক মজি আছে, চাৰিওফালে দেশত ক'ত কি কাণ্ড হ’ব লাগিছে তাক খায় নে কাণতে পিন্ধে ক'ব নােৱাৰে; দুহালিচা মাটিৰ খেতিত ল'ৰাই-ছােৱালীয়ে এঘৰৰাৱাল মানুহ লােন-তেলকণৰে পৰা মণি, কেৰু, ‘ছিমলাই' চুৰীয়ালৈকে সকলাে বস্তু লৈ গােহ যাবলৈ আশা পালি আছে। উন্নতিৰ ফালে সমুলি ধাউতি নাই। “দিন যক কাপােৰ নেফাটক" কবি কাল বঞ্চিছে। 

“উদৰ সাত পুৰুষ মৰিল কেঁচা মাছ খাই, বান্দৰৰ সাত পুৰুষ মৰিল ডাল কোবাই”— এই বচন মাতি নিজক উদ আৰু বান্দৰৰ শাৰীত বহুৱাই ৰাখিছে। কুচুট-কপটে আমাৰ গাঁওবােৰ খুলিখুলি খাইছে; গাঁৱত এটিৰ ভাল দেখিলে তাৰ লগতে নিজেও উধাবলৈ চাওক চাৰি কেনেকৈ সেইটিকো নমাই আকৌ তেওঁলােকৰ শাৰীতে থ’ব পাৰিব তাৰ চিন্তাত ৰাতিও টোপনি নাই। 

একেডােখৰ মাটিতে একেডােখন মাটিতে সাৰ-জাবৰ দি কেনেকৈ তাৰ পৰা সৰহ শস্য উলিয়াব পাৰি, কেনেকৈ গৰু জাতিটোক ভালদৰে পােহপাল দি নিজৰ অৱস্থা অলপ টনকিয়াল কৰিব পাৰি, লােকৰ হাত-মুখলৈ নাচাই কেনেকৈ নিজেই নিজৰ লাজ নিবাৰণ কৰিবৰ কাৰণে কানিডােখৰ উলিয়াই ল'ব পাৰে তালৈ মনকান নাই। হায়, যি জতিয়ে লােকৰ হাত-মুখলৈ নেচালে নিজৰ ল'ৰা-ছােৱালীৰ লাজ নিবাৰণ কৰিব নােৱাৰে সেই জাতি সভ্যতা সােপানৰ কিমান তল খাপত!

ছাত্ৰসকলে গাঁৱত সােমাই নিজ ঘৰে-ঘৰে গাঁৱে গাঁৱে অশিক্ষিত লােকসকলৰ এই বিষয়ে চকু মুকলি কৰিব লাগিব; ককাই, দদাই বা দেউতা বুলি তেওঁলােকক নিজ অৱস্থাৰ কথা চকুৰ আগত দাঙি ধৰিব লাগিব, বাতৰি কাকত আৰু জ্ঞান আৰু জগতৰ বাতৰি থকা পুথি পঢ়ি তেওঁলােকৰ অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব, তেওঁলােকৰ মাজৰ পৰা কুচুট-কপট গুচাবলৈ চাব লাগিব, গাৱত কোনাে নৰীয়া আদি হলে উপদেশেৰে বা আন উপায়েৰে সহায় কৰিব লাগিব, উপদেশেৰে আৰু উদাহৰণেৰে নিজৰ ঘৰ আৰু গাঁওখন একোখন আদর্শ গাঁও কৰিবলৈ চাব লাগিব। 

এইবােৰ কাম ছাত্ৰৰ কর্তব্যৰ বাহিৰ নহয়, কিয়নাে এইখিনি কাম তেওঁলােকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথােন। ইয়াতাে তেওঁলােক শিক্ষার্থীহে, শিক্ষক নহয়। এইবিলাক কামত সহানুভূতি নথকা লােকসকলে দূৰৰ পৰা চাই নানা অমঙ্গল আৰু অকৃতকার্যতাৰ স্বপ্ন দেখিব পাৰে। 

কিন্তু আশাশুধীয়াকৈ কাম কৰাসকলৰ হাতত ইয়াৰ মঙ্গল আৰু কৃতকার্যতা ধৰা নপৰি নাথাকে। ইয়াত মই ক'ব খােজা নাই যে গাঁৱৰ সকলাে দোষেই, নগৰত দোষ নাই; মই ইয়াকেহে ক'ব খুজিছোঁ, গাঁও একাধাৰে নগৰৰ জনক-জননী। গাঁৱেই মাতৃস্বৰূপে নগৰক জন্ম দি পিতৃস্বৰূপে পালন কৰিছে। 

নগৰ যেনেকৈ একে উশাহে সৃষ্ট হৈছে, সেইদৰে একে উশাহতে নষ্ট হ’ব; কিন্তু গাঁও অর্থাৎ খেতিয়ক জাতিটো এবাৰ ধ্বংস পালে তাক সহজে পুনৰ জন্মাব নােৱাৰি। সেইদেখি প্রকৃত দেশৰ উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা; গাঁৱত শিক্ষা বিস্তাৰ কৰা, গাঁৱলীয়া লােকসকলক নিজ সন্মান আৰু দায়িত্বৰ কথা সোঁৱৰাই দিয়া। 

পশ্চিমৰ শিক্ষা আৰু সভ্যতাৰ লগত এটি পৱিত্ৰ সাম্য ভাবৰ ঢৌ আহিছে; সেই সাম্যভাব এতিয়া আমি সকলােৱে প্ৰচাৰ কৰিব লাগিব। খােৱা-লােৱা, থকা-মেলা সকলাে বিষয়ে যে গৰু-পন্থৰ জীৱনতকৈ মানুহৰ জীৱন বহু ওখভাৱে নিয়াব লাগে সেই কথাও দেখুৱাব লাগিব। এনেবােৰেই ছাত্ৰসকলৰ আহৰি সময়ৰ উপযুক্ত বন আৰু কাৰ্যকৰী দেশ সেৱাৰ শিক্ষা হ'ব। এই সমাজ সেৱা আৰু দেশ সেৱাৰ শিক্ষাই প্রকৃত শিক্ষা। এই নৰ সেৱাই প্রকৃত নাৰায়ণ সেৱা। 



Class 10 Assamese Notes/Solutions





লেখক-পৰিচয়


ডিম্বেশ্বৰ নেওগ (১৮৯৯-১৯৬৬) : অসমীয়া সাহিত্যৰ বুৰঞ্জী-প্রণেতা হিচাপে পৰিচি ডিম্বেশ্বৰ নেওগ একেধাৰে কবি, নির্ভীক সমালােচক আৰু গৱেষক। 

অসমীয়া বৈষ্ণৱ সাহিত্যৰ এগৰাকী গুণগ্রাহী-প্রবক্তা আৰু সমালােচক, লােক-সাহিত্যৰ সংগ্রাহক তথা আধুনিক যুগৰ (প্রথমছােৱা) অসমীয়া সাহিত্যৰ এজন লব্ধপ্রতিষ্ঠ ব্যাখ্যাকাৰ নেওগৰ জন্ম ১৮৯৯ খ্রীষ্টাব্দত শিৱসাগৰৰ কমাৰদীয়া গাঁৱত। পিত মানিক চন্দ্ৰ নেওগ। 

শিৱসাগৰত স্কুলীয়া শিক্ষা সমাপ্ত কৰি গুৱাহাটীৰ কটন কলেজৰ পৰা বি.এছ.ছি, পাচ কৰি চৰকাৰী স্কুলৰ শিক্ষক হয়। 

পাছলৈ এম. এ. আৰু বি. টি, পাচ কৰি বিভিন্ন ঠাইত শিক্ষকতা কৰি যােৰহাটৰ পৰা অৱসৰ লয়। 

কলেজীয়া সময়ৰ পৰাই ‘বাহী’ আলােচনীত প্ৰৱন্ধ আৰু কবিতা প্রকাশ কৰা নেওগ ডাঙৰীয়াৰ কবিতাপুথিসমূহ হ’ল, ‘মালিকা’, ‘থুপিতৰা’, ‘মালতী', ‘ইন্দ্রধনু’, ‘মুকুতা’, ‘স্বহীদ কাৰবালা’, ‘থাপনা’ আদি। 

আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী’, ‘অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি’, ‘বৈষ্ণৱ ধৰ্মৰ আঁতি-গুৰি’, ‘বৈষ্ণৱ ধৰ্মৰ ক্ৰমবিস্তাৰ’, ‘প্রাক ঐতিহাসিক অসম’, ‘Growth of the Asamiya Language' আদিকে ধৰি কেইবাখনাে সমালােচনাত্মক গ্রন্থ। নেওগদেৱে ৰচনা কৰিছিল। 

আৱাহন’ আলােচনীত প্রকাশিত এই প্রবন্ধটিৰ মাজেৰে ছাত্ৰ-জীৱনত জ্ঞান আহৰণ কৰি নিজৰ লগতে দহৰ উন্নতি সাধন কৰাই যে শিক্ষাৰ উদ্দেশ্য হ'ব লাগে তাক প্রকাশ কৰা হৈছে। 





পাঠবােধ


ছাত্র জীৱন শিক্ষা আহৰণৰ সময়। শিক্ষা শব্দটোৰ অর্থ ব্যাপক। শিক্ষা শব্দই কেৱল লিখা-পঢ়া কৰাকে নুবুজায়। মানৱ জীৱনৰ লক্ষ্য, উদ্দেশ্য, জীৱনত কৃতকার্যতা লাভৰ উপায় ইত্যাদি অনেক বিষয়ৰ জ্ঞানক শিক্ষাৰ পৰিসৰে সামৰি লয়। 

শিক্ষার্থীসকল শিক্ষা লাভৰ সয়মছােৱাত একাগ্র হােৱাটো অতিকে প্রয়ােজনীয় গুণ। এই অৱস্থাত মনৰ গতি একমুখী হ'ব লাগে। 

একাগ্রচিত্তে অধ্যয়নত নিমগ্ন নহৈ বাহ্যিক বাতাবৰণত উটিভাঁহি গ'লে জীৱনত কৃতকার্যতা লাভ কৰিব নােৱাৰি। 

শিক্ষার্থীসকলে শিক্ষাৰ শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি সকলাে দিশৰে অনুশীলন কৰি জীৱনত আগুৱাই যাবলৈ প্ৰয়াস কৰিব লাগে।
আজিৰ শিক্ষা ব্যৱস্থাত অনেক কেৰােণ আছে। বর্তমানৰ শিক্ষা কামৰ শিক্ষা অর্থাৎ কার্যকৰী বা ব্যৱহাৰিক শিক্ষা নহয়। 

এইক্ষেত্ৰত শিক্ষক, অভিভাৱক তথা শিক্ষা ব্যৱস্থাৰ দোষ আছে। শিক্ষকসকলে পাঠৰ আভ্যন্তৰীণ বােধ বা মূল বিষয়বস্তু শিক্ষার্থীক অৱগত কৰােৱাত বহু ক্ষেত্ৰত অপাৰগ হয়, ঠিক একেদৰে অভিভাৱকসকলৰ বহুতেই নিজৰ সন্তানক নম্বৰৰ প্ৰতিযােগিতামূলক পৃথিৱীখনৰ সৈতে ফেৰ মৰােৱাৰ ক্ষেত্ৰতহে অধিক গুৰুত্ব আৰােপ কৰে। 

আনহাতে শাৰীৰিক শিক্ষাৰ বিষয়তাে দেশৰ পঢ়াশালিসমূহত ভেকোভাওনা সদৃশ পৰিস্থিতিয়েহে বিৰাজ কৰা দেখা যায়। 





শব্দার্থ আৰু টোকা 


  • চেঁচুক - ৰ'দ নপৰা চেঁচা আৰু জেকা ঠাই। 
  • ডেম-ডেউকা - জেকা ঠাইত হােৱা এবিধ ৰসাল, বিজলুৱা ক্ষুদ্র গছ। 
  • দুর্দিন - বেয়া দিন, দুখৰ দিন। 
  • পেন্দুকণা - নিচেই সৰু। 
  • সহপাঠী - একেলগে পঢ়োতা।




প্রশ্নাবলী


ভাব-বিষয়ক

১। অতি চমুকৈ উত্তৰ লিখা ।
(ক) লিখকৰ মত ছাত্র-জীৱনৰ প্রকৃত উদ্দেশ্য কি কি? 
(খ) বর্তমান প্রচলিত শিক্ষাৰ দোষ কি কি? 
(গ) ছাত্ৰসকলে কি কি বিষয়ত ওন লাভ কৰি দেশসেৱাত ব্ৰতী হ'ব লাগে? 
(ঘ) ছাত্ৰসকলে কার্যকৰী শিক্ষা ক'ৰ পৰা কিদৰে লাভ কৰিব পাৰে?
(ঙ) লিখকৰ মতে দেশৰ প্রকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা? 

২। ছাত্র-জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল নকৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছােৱাত কেনেবােৰ পন্থা অৱলম্বন
কৰিব পাৰে? দেশ সেরাত ব্ৰতী হ'বলৈ ছাত্র-জীৱনত বহুমুখী শিক্ষাৰ প্রয়ােজনীয়তা সম্বন্ধে আলােচনা
কৰা। 

৩। এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথােন।'—কোনখিনি কাম তেওঁলােকৰ
(ছাত্র-ছাত্ৰীসকলৰ) কার্যকৰী শিক্ষাৰ একোটি পাঠ বুজাই লিখা। 

৪। আমাৰ দেশৰ অধিকাংশ লােক আজিও কেনে অৱস্থাত আছে পাঠটোৰ আধাৰত বুজাই লিখা। 
৫। গাঁও একধাৰে নাৰৰ জনক-জননী।'—কথাষাৰৰ তাৎপর্য বুজাই লিখা। 

৬। ব্যাখ্যা কৰা 

(ক) পঢ়াই, পঢ়ে, ৰােৱে পাণ।
এই তিনিয়ে নিচিন্তে আন।। 
(খ) কমাবশালত গঢ়িবলৈ হ'লে অগিতে জুইশালত গঢ়ি চাব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হ'লে
পানীত ননমাকৈ নহয়। 
(গ) এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পাছত ফল হৈ মাতৃপূজাত লাগে। কাইট
কলিতে এইসকলক পূজাৰ উপচাৰ স্বৰূপে মাতৃয়ে গ্রহণ নকৰে। 
(ঘ) নৰ সেৱাই প্রকৃত নাৰায়ণ সেবা। 

ভাষা-বিষয়ক

১। বিপৰীত শব্দ লিখা ?

নিষ্কর্মা, ত্রুটি, সহযােগিতা, দেশহিতৈষিতা, প্রৌঢ়। 

২। সমার্থক শব্দ লিখ । 

কাৰ্যকৰী, প্রকৃত, সাম্য, আনমনা, অর্থকৰী, কাপ, কাকত। 

ত। বাক্য ৰচনা কৰা ।

নীতি-বচন, কাপ-কাকত, কুচুট-কপট, জনক-জননী, লােণ-তেল।


Conclusion:


Class X Assamese textbook lesson 6 দশম শ্ৰেণী ছাত্রজীৱন আৰু সমাজসেৱা tu online read kori kene pale aamar logot share koribo pare coment r joriyote.

Tolotu kisumaan related article r link provide kora hoise, check koribo pare.



Class 10 Science/Notes/Solutions














Wrote by Akshay

Post a Comment

0 Comments

People

Ad Code