Recent in Technology

ভাৰতীয় সংস্কৃতি lesson-7/ class 10 assamese Online textbook

Attention Please!

Namaskaar, Ei article tut class 10 assamese textbook ভাৰতীয় সংস্কৃতি lesson 7 tu online read koribo paribo.

Logote Assam seba board r Class 10 r xokolu subject r সম্পূৰ্ণ প্ৰশ্নোত্তৰ ba textbook buru read koroibo paribo. link bur article tur maje maje diya hoise. 

Ei article tur joriyote aan lagotiyaal xokolu tothyo pabo buli akha thakil.


ভাৰতীয় সংস্কৃতি lesson-7/ class 10 assamese Online textbook




Class 10 Assamese Textbook(Online Read)




ভাৰতীয় সংস্কৃতি/Lesson7




হেম বৰুৰা



ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। আর্য, অনার্য, মংগােলীয় দ্রাবিড়ী এনে তৰহৰ বিভিন্ন সোত উপ-সোত লগলাগি ভাৰতীয় সংস্কৃতিৰ সাগৰ ৰচনা হৈছে। 

ইয়াৰ উপৰিও অতীজতে গ্রীত, শক, হুন, আদি নানা মানৱপুঞ্জ চামে চামে ভাৰত ভূমিলৈ আহিছিল আৰু ইয়াত নিগাজীকৈ বাসভূমি বাছি লৈছিল। পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী তেনেকৈয়ে সমন্বয়ৰে বুৰঞ্জী। 

ভাষাতত্ত্ব, সামাজিক-রাজনৈতিক আদর্শ, সাহিত্য, শিল্পকলা, দর্শন ইত্যাদি ক্ষেত্রত এক বিৰাট সমন্বয়ৰ সৃষ্টি হৈছে। এই সমন্বয়ে ভাৰতীয় সংস্কৃতিৰ স্বৰূপ প্ৰকাশ কৰে। 

ভাৰতীয় সংস্কৃতি সমন্বয়ৰ আদর্শেৰে জীয়াই আছে। এই সাংস্কৃতিক সমন্বয় ইমান গাঢ় হৈছিল যে ইয়াৰ বিভিন্ন ধাৰাৰ মূল ঠাৱৰ কৰাটো প্রায় টান হৈ পৰিছে।

ক্রমবর্ধমান শক্তিয়েই হৈছে প্রকৃত শক্তি। ক্রমবর্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। এই কাৰণেই ভাৰতীয় সংস্কৃতি জীৱন্ত শক্তি। স্পেৰৰ সভ্যতা-সংস্কৃতি সম্বন্ধীয় তথ্যই এই কাৰণেই ভাৰতীয় সংস্কৃতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই। 

বুৰঞ্জীৰ বেলেগ বেলেগ স্তৰে ভাৰতীয় সংস্কৃতি গাত একোটা আঁচোৰ মাৰি গৈছে। এইখিনিতেই আমি সভ্যতা’ আৰু সংস্কৃতি'—এই দুটা শব্দৰ মাজত কিবা পার্থক্য আছেনে চিন্তা কৰি চোৱা উচিত। 
আচলতে এই শব্দ দুটাৰ মাজত পার্থক্য আছে এটাৰ সলনি আনটো ব্যৱহাৰ কৰিব নােৱাৰি। সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱহ বুজায়। ই এটা সমাজ পদ্ধতি। এনে ধৰণৰ জীৱন পদ্ধতিৰ জৰিয়তে সংস্কৃত জীৱন সম্ভৱপৰ নহয়। 

সমাজ সভ্য অর্থাৎ সু-শৃংখল নহ'লে কোনাে ব্যক্তি বা অনুষ্ঠানৰ পক্ষে সৃষ্টিমূলক কাম হাতত লােৱাটে সম্ভৱপৰ নহয়। 

আনহাতে সংস্কৃতি হৈছে কোনাে এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা। এ জাতি সু-সভ্য হ'ব পাৰে। আনহাতে ইয়াৰ তেনে কোনাে লেখত ল'বলগীয়া সাংস্কৃতিক স্তৰ নাথাকি পাৰে। 

ভাষা, সাহিত্য, সুকুমাৰ কলা, দর্শন ইত্যাদি ক্ষেত্ৰত প্রকাশ পােৱা প্রতিভাই হৈছে জাতি বিশেষ সংস্কৃতিৰ মাপকাঠী। সভ্যতাই সমাজ সু-শৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত আৰু ৰূপ দিয়াত সহায়তা কৰে।

সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। ইয়াৰ প্ৰৱাহ বাধাহীন গতিৰ বােৱতী সঁতি। ই অতীজৰে পৰা একেৰাহে নিববিচ্ছিন্নভাবে বৈ আহিছে। 

সমাজৰ ওপৰত প্রাকৃতিক পৰিবেষ্টনৰ সাঁচ পৰাটো স্বভাৱিক কথা। ভাৰতীয় ভৌগােলিক জীবন বৈচিত্র্যময়। 

এফালে শুকান মৰুভূমি; আনহাতে মৌচুমীৰ তাণ্ডৱ নৃত্য। এফালে পর্বতমালাৰ উচ্চ শিখৰ; আনফালে যােজন ব্যাপ্ত সমতল ভূমি। প্রাকৃতিক দৃশ্যাৱলীৰ পার্থক্য, জলবায়ুৰ পার্থক্য, জীৱনৰ গতিধাৰাৰ বৈচিত্র্য ইত্যাদিৰ সৃষ্টিয়েই ভাৰতীয় জীবন। 

ভাৰতীয় মনে প্রাকৃতিক অসামঞ্জস্যক স্বীকাৰ কৰি লৈছে। এনে ধৰণৰ, মনস্তাত্ত্বিক প্রস্তুতিয়ে জীৱনৰ অসামঞ্জস্যকে স্বীকাৰ কৰি ল'বলৈ বাধ্য কৰিছে। ভাবতীয় বিশাল ভূমিখণ্ডই একালত বাহিৰৰ ন ন। মানৱপুঞ্জক আহ্বান জনাইছিল। 

এচিয়াব চৌদিশৰ পৰা অহা মানৱপুৰ সোঁতে দেশ প্লাবিত কৰিছিল। প্রত্যেকেই ব্যক্তিগত প্রতিভা অনুসৰি সংস্কৃতি ৰচনাত বৰঙণি যােগাইছিল। 

পণ্ডিত বাহুল সংকৃত্যায়ন ফ্রম ভলগা টু গংগা’ নামব কিতাপত এই সম্বন্ধে বহুল বর্ণনা কৰিছে। প্রাকৃতিক ব্যৱধানৰ কাৰণেই হওক বা আন কিবা কাৰণেই হওক যিসকল আর্যই প্ৰব্ৰজন কৰি আহি ভাৰত ভূমিত নিগাজীকৈ থাকিবলৈ ল’লে, সেইসকলৰ আদিম বাসভূমি মধ্য-এছিয়াৰ লগত স্বাভাৱিকতে সম্বন্ধ টুটি আহিবলৈ ধৰিলে। 

আনকি ভাৰতবর্ষ আৰু আফগানিস্তানক একগােট কৰি থােবাৰ চেষ্টাও ফলৱর্তী নহ'ল। একালত এই দুই অঞ্চলৰ মাজত যে সংযােগ আছিল, সেইষাৰ কথাৰ সাক্ষী স্বৰূপে আজিও কান্দাহাৰ চহৰ আছে। কান্দাহাৰ ভাৰতীয় নাম। গ্রীকসকলে পঞ্জাব আৰু আফগানিস্তান একগােট কৰি থ'বলৈ চেষ্টা কৰিছিল।

তেওঁলােকৰ এই চেষ্টা ব্যর্থ হৈছিল। সেইদৰে মৌর্যসকলৰ বিস্তাৰ যুগত ভাৰত আৰু কান্দাহাৰ এক গােট কৰি থােৱাৰ প্রচেষ্টা চলিছিল। 

এই প্রচেষ্টাও গ্রীসকলৰ চেষ্টা ব্যর্থ হােৱাৰ দৰে ব্যৰ্থ হৈছিল। ভাৰতীয় সংস্কৃতি একালত সমগ্র দক্ষিণ-পূব অঞ্চলতে বিয়পি পৰিছিল। 

ইয়াৰ প্ৰমাণ ব্ৰহ্মদেশ, কম্বােডিয়া, ইণ্ডোনেচিয়া আদি ঠায়ে আজিও যােগায়। এই অঞ্চলসমূহত বাৰশ বছৰ জুৰি জীয়াই থকা হিন্দু ৰাষ্ট্ৰবােৰেও ইয়াৰ প্রমাণ দিয়ে। 

প্ৰৱল সোঁতে মধ্য এচিয়াৰ পৰা আৰম্ভ কৰি দক্ষিণ-পূৱ এচিয়ালৈকে স্পর্শ কৰিছিল। এই অভিযান জলপথ আৰু স্থলপথ দুয়াে দিশৰ পৰাই সাধিত হৈছিল।

সম্যক দৃষ্টিৰে চালে দেখা যায়, ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী। ইটোৰ পাছত সিটো গােষ্ঠীৰ আক্রমণ বা অভিযান, ইটো পৰিয়ালৰ পাচত সিটো পৰিয়ালৰ শাসনভাৰ গ্রহণ, ইত্যাদি ঘটনাৰে ভাৰতৰ বুৰঞ্জী ভাৰাক্ৰান্ত। 

তথাপি ভাৰতীয় সংস্কৃতিৰ মূল সুতি ক্রমবর্ধমান সোঁতেৰে বৈ আছিল। ই অকস্মাতে বাজ্য ভঙা-গঢ়াৰ হেঁচাত ৰুদ্ধ হৈ যােৱা নাছিল। এয়ে হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বৈশিষ্ট্য। 

মহেঞ্জোদাৰাে আৰু হৰপ্পাৰ সংস্কৃতিয়ে এটা আর্য-পূর্ব যুগৰ কথা কয়। এই সংস্কৃতি কালৰ গৰাহত নষ্ট হৈছিল, সঁচা কথা, তথাপি ই শুকাই চিনচাব নােহােৱা হােৱা

নাছিল। মহেঞ্জোদাৰােৰ সংস্কৃতিক অস্বীকাৰ কৰি নহয়, ইয়াৰ ওপৰত ভেটি কৰিহে পা যুগৰ আৰ্যসকলে নতুন সাংস্কৃতিক জীৱন গঢ়ি তুলিছিল। 

ইয়াৰ বুকুৰ পৰা ভালেখিনি সংস্কৃতিৰ সম্ভাৰ তেওঁলােকে বুটলি লৈছিল। শিৱ আৰু শক্তি পূজাৰ মূল বিচাৰি প্রত্নতাত্ত্বিক পণ্ডিতসকলে ইয়াৰ কাষ চাপিছিল; আৰু ইয়াতেই তেওঁলােকে মূল আৱিষ্কাৰ কৰিছিল। ধ্যানস্থ শিৱৰ কল্পনা মহেঞ্জোদাৰােৰ সাংস্কৃতিক সম্পদ। 

সেই সভ্যতাৰ মাহৰত ই আজিও অংকিত হৈ আছে। ভাৰতীয় সংস্কৃতিৰ মর্মস্থলী সু-সংগঠিত আৰুটনকিয়াল বিধৰ আছিল। 

বাহিৰৰ পৰা অহা অভিযানসমূহ ইয়াৰ আগত প্ৰায়েই ব্যর্থ হৈ গৈছিল। আনহাতে বাহিৰৰ পৰা অহা কমেইহে ভাৰতীয় সংস্কৃতিৰ সর্বগ্রাসী প্ৰভাৱৰ হাত সাৰিব পাৰিছিল। 

উদাহৰণস্বৰূপে ৰাজপুতসকল ভাৰতভূমিৰ বৰ পুৰণি অধিবাসী নহয়। আজি এইষাৰ কথা আমাৰ বহুতৰে স্মৃতিৰ অতীত হৈ পৰিছে।

আৰু এই ৰাজপুতসকলেই ভাৰতীয় সংস্কৃতিৰ ভঁড়াললৈ যে বিশেষ অৱদান যােগাইছিল সেই বিষয়ে সন্দেহ নাই। ৰাজপুত্র চিত্রশিল্পই ইয়াৰ উপযুক্ত প্রমাণ। 

ভাৰতৰ বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল। তাৰ প্রমাণাে অলেখ আছে। 

উদাহৰণস্বৰূপে দ্রাবিড় আৰু আর্য সংস্কৃতিৰ কথা উল্লেখ কৰিব পাৰি । দ্রাবিড় সমাজত প্রচলিত কিছু দেৱ-দেৱীকে আৰম্ভ কৰি ধৰ্ম-পদ্ধতি বিশেষাে আর্য সমাজে গ্রহণ কৰিছিল। 

সেইদৰেই দ্রাবিড় পুৰােহিত শ্ৰেণীকো আর্য ব্রাহ্মণ-সমাজৰ মর্যাদা দি অন্তর্ভুক্ত কৰি লৈছিল। এইখিনিতেই সর্বপল্লী ৰাধাকৃষ্ণণে দিয়া কালিয় দমন’ৰ ব্যাখ্যা মন কৰিবলগীয়া। ই আর্যই অনাৰ্যক সংস্কৃত কৰাৰ প্রতীকধর্মী নৃত্য। এনে উদাহৰণ আৰু বহুতাে আছে।

আর্যৰ বেদত দেৱী পূজাৰ কোনাে উল্লেখ নাই। শক্তিৰ প্রতিকৃতিৰ ক’ত উমান পােৱা নাযায়। সেই অনুপাতে বিষ্ণু আৰু শিৱৰ উল্লেখখা বৰ কমেইহে পােৱা যায়। 

বর্তমান হিন্দু ধর্মত প্রচলিত লিংগ পূজাও যে অনার্য যুগৰ বস্তু, সেইষাৰ কথাও কোনাে পণ্ডিতে কয়। হিন্দুৰ শ্ৰাদ্ধবিধিও অনার্য যুগৰ অৱদান অনার্য সমাজত আজিও মৃতকৰ উপাসনা চলে। 

মৰিশালীত খাদ্যদ্রব্যকে আদিকৰি ব্যৱহাৰৰ আন বস্তুসম্ভাৰ আজিও উছৰ্গা কৰা হয়। আর্য আৰু অনাৰ্যৰ সমন্বয়, এটা ক্রমবর্ধমান গতি পদ্ধতি জৰিয়তে সম্ভৱপৰ হৈছিল। ই হঠাতে হােৱা বস্তু নহয়। 

শিৱক দক্ষ যজ্ঞত অৱহেলা কৰা ঘটনাটো অতি অর্থব্যঞ্জক। শিৱ অনার্য দেৱতা। পার্বতী আর্য সমাজৰ জীয়াৰী। আর্য সমাজত তেতিয়াও অনার্য শিৱক সম্পূৰ্ণৰূপে গ্ৰহণ কৰা হােৱা নাছিল। 

গতিকেই তেওঁৰ প্রতি এই নিষ্ঠুৰ অৱহেলা। কালক্ৰমত শিৱই আৰ্যৰ বেদীত ঠাই পাইছিল। অনার্য সংস্কৃতিয়ে আর্য-সংস্কৃতিৰ বুকুত ঠাই পাওঁতে সময় লাগিছিল। 

ঠাই যে পাইছিল, সেই বিষয়ে অৱশ্যে সন্দেহ নাই। আমাৰ কামাখ্যা দেৱীৰ পূজা-অর্চনাৰ পিনৰ পৰাও এইষাৰ কথাৰ প্রমাণ দিব পাৰি। 

কামাখ্যা আদিতে অনার্য দেৱী। অৱশেষতহে আর্য সমাজে কালী বা দুৰ্গাৰ ৰূপান্তৰ হিচাপে ইয়াক গ্ৰহণ কৰিছিল। বর্তমান প্রচলিত (কোচ ৰজাৰ ৰাজত্বৰ কালৰ পৰা), ব্রাহ্মণ পুৰােহিত সমাজৰ আগতে ইয়াত গাৰাে সমাজৰ মানুহেই পূজাৰী স্বৰূপে আছিল।

বৰঞ্জীয়ে কয় গ্রীকসকলৰ হাতত মাইকেনিয়ান জাতি পৰাজিত হৈছিল যদিও তেওঁলােকে গ্রীকসকলৰ জীৱনলৈ ভালেখিনি পৰিৱৰ্তন আনিছিল। বােমান সাম্রাজ্যবাদৰ অধীন হােৱাৰ পৰৱৰ্তী কালছােৱাত গ্রীকসকলৰ সংস্কৃতিৰ বিষয়েও একেষাৰ কথাকে ক'ব পাৰি। 

ৰাজ্য জয় হৈছিল, সঁচা কথা। সেই বুলি আত্মাৰ জয় হােৱা নাছিল। আনহাতে দেখা যায়, পৰাজিতৰ উচ্চ সংস্কৃতিয়ে বিজয়ীৰ জীৱন জয় কৰিছিল। ভাৰতৰ আদিম অধিবাসীসকল অভিযানকাৰী আর্য-সমাজৰ হাতত পৰাজিত হৈছিল। এনেদৰেই আৰ্যৰ বিজয় অভিযান সার্থক হৈছিল। 

আনহাতে সাংস্কৃতিক ক্ষেত্ৰত অনাৰ্যৰ কৃষ্টি-সমলে আৰ্যৰ ভড়াল বহুতখিনি চহকী কৰিছিল, ই বুৰঞ্জীসন্মত সত্য। এই সমন্বয়ৰ কাহিনী বাদ দিও, ভাৰতীয় সংস্কৃতিৰ পৰিব্যাপ্তিৰ কথাও আছে। আগতে হৈছিল যদিও প্রকৃতপক্ষে বৌদ্ধ ধর্মৰ প্ৰচাৰ যুগকহে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। 
কোনাে কোনাে পণ্ডিতৰ মতে আনকি খ্রীষ্টীয় ‘ছাৰমন অন্ ডি মাউণ্টৰ গুৰিতাে বৌদ্ধ সাহিত্যৰ প্ৰভাৱ বিয়পি আছে। 

আনহাতে যদিও ছুফিবাদৰ মূল কোৰাণ শাস্ত্ৰ বুলি ঘােষণা কৰা হয়, তথাপি ছুফিবাদ আৰু উপনিষদৰ দৰ্শনৰ মাজত এক অভূতপূর্ব মিল দেখা যায়। এনেবোৰ উদাহৰণে ভাৰতীয় সংস্কৃতি যে প্রভাৱশালী সমন্বয়ৰ সম্পদ, সেইষাৰ কথাৰ প্রমাণ দিয়ে। 

এনেবােৰ কাৰণৰ বাবেই আমি ভাস্কর্য, সুকুমাৰ কলা, শিল্প, সাহিত্য এই সকলােতে ভাৰতীয় জীৱনৰ প্ৰাণস্বৰূপ সমন্বয়ৰ ইংগিত পাওঁ। 

উত্তৰ ভাৰতৰ দৰে দাক্ষিণাত্যৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগত প্রভাৱ পােনপটীয়াকৈ পৰা নাছিল। গতিকেই ইয়াৰ এটা নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পােৱা যায়। ই ভাৰতীয় সংস্কৃতিৰ বৈচিত্র্যকে ৰঙীন কৰি তুলিছে। দাক্ষিণাত্যৰ ভাষ্কর্যত কোণ আৰু সৰল ৰেখাৰ প্রাদুর্ভাৱ সৰহ।

গঠনৰ বিশালতা হৈছে ইয়াৰ আন এটা বৈশিষ্ট্য। প্রত্যেকটো ভংগীমাই সকীয়া। ইয়াৰ আৰ্হিত পুনৰাতিৰ  ইয়াৰ আৰ্হিত পুনৰাবৃত্তিৰ স্থান নাই। 

উদাহৰণস্বৰূপে কাঞ্জিভৰামৰ মন্দিৰলৈ আঙুলিয়াব পাৰি। এই মন্দিৰটোত অন্ততঃ এহেজাৰটা স্তম্ভ আছে। ইয়াৰ এটা স্তম্ভৰ আৰ্হি আনটোৰ লগত নিমিলে।

এইবােৰৰ সাজ-সজ্জাৰ জাক-জমকতাই আৰু প্ৰতিকৃতিৰ বিশালতাই সাধাৰণতে অন্তৰ অভিভূত কৰে। আনহাতে উত্তৰ ভাৰতৰ ভাস্কর্য দাক্ষিণাত্যৰ ভাস্কৰ্যৰ লগত নিমিলে। 

উত্তৰ ভাৰতীয় ভাস্কর্যত বৃত্ত আৰু বক্ৰ ৰেখাৰ প্রাদুর্ভাৱ সৰহ। এই অঞ্চলৰ মন্দিৰবােৰত ইছলামীয় ভাস্কর্য ভালেখিনি প্ৰভাৱ পৰা দেখা যায়। ই আচলতে সংহতিৰ ভাস্কর্য। 

ইয়াৰ শােভা সমন্বয় আৰু গঠনৰ সূক্ষ্মতাৰ জৰিয়তে প্রকাশ পাইছে, দাক্ষিণাত্যৰ দৰে কাৰুকাৰ্যৰ বিশালতাৰ সহায়ত নহয়।

গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। ৰেখাৰ লগত ৰেখাৰ সমন্বয় ইয়াতােকৈ অনাৱশ্যকীয় আৰু একো নাথাকে। জ্যামিতিৰ ছবিবােৰৰ দৰে এইবােৰ সৰল। 

আচলতে উত্তৰ ভাৰতীয় ভাস্কর্য সমন্বয়ৰ বস্তু। ইয়াক কোনাে প্রকাৰেই সম্পূর্ণরূপে ইছলামীয় বুলিব নােৱাৰি। 

এইবােৰৰ জৰিয়তে প্রচলিত হিন্দু আৰু বাহিৰৰ ইছলামীয় আদর্শ সন্নিবিষ্ট হৈ নতুন এক ভাৰতীয় পদ্ধতিৰ সৃষ্টি হৈছে। হিন্দু ভাস্কর্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্রাস কৰিছে। ইছলামীয় ভাস্কর্যই হিন্দু

ভাস্কর্যক কারুকার্য প্রদান কৰিছে। এইদবেই এক নতুন ধাৰাৰ উৎপত্তি হৈছে। এই সমন্বয়ৰ আদর্শ য’তেই সফল হৈছে, ত’তেই আমি তাজমহলৰ নিচিনা অপূর্ব সৃষ্টি দেখিবলৈ পাইছোঁ। 

য’তেই হােৱা নাই, ত’তেই সমন্বয়ৰ আদৰ্শ অসার্থক হৈছে। এইখিনিতেই উদাহৰণস্বৰূপে ফটেহপুৰ চিৰি, ইমৎদৌল্লাৰ অসম্পূর্ণ ভাস্কৰ্যৰ কথা উল্লেখ কৰিব পাৰি। 

আনহাতে হিন্দু ভাষৰ কলা-নিদর্শন কেতবােৰ ইছলামীয় অনুষ্ঠানত ব্যৱহাৰ হােৱাৰাে উদাহৰণ আছে। আনকি হিন্দু ভাস্কৰ্যৰ কলহ আৰু পদুম ফুল মুছলমান বাদছাহসকলৰ সমাধি স্থানত ব্যৱহৃত হােৱাৰাে প্রমাণ আছে। 

সাংস্কৃতিক ক্ষেত্ৰত দুয়ােটা সম্প্রদায়ৰ মন উদাৰ আছিল। এই উদাৰতাই সুকুমাৰ কলাৰ ক্ষেত্ৰত নতুন নিদর্শনৰ জন্ম দিছিল। একোটা জাতি বিশেষ সুকুমাৰ কলা-সংস্কৃতিৰ জৰিয়তে জীয়াই থাকে। 

সুকুমাৰ কলাসমূহৰ ভিতৰত সম্ভৱতঃ চিত্রশিল্পই বেছি স্থায়ী। কীটছে ‘গ্রেডিয়ান আর্ণ’ কবিতাত ইয়াৰেই জয়গান গাইছে। ভাষা মানুহৰ সামাজিক আদান-প্রদানৰ বাহক। 

সমাজ পৰিৱর্তনৰ লগত ইয়াৰ গতি-বিধি জড়িত। একোটা গীত বা সংগীতৰ বীতি অতি কম সময়ৰ কাৰণেহে জীয়াই থাকে। সংগীতে আকাৰ-শূন্য ক্ষণস্থায়ী অনুভূতিৰ জন্ম দিয়ে। 

অন্তৰত হিল্লোল তােলাৰ সময়খিনিৰ বাহিৰে ই সৰহ সময় তিষ্ঠি নাথাকে।  চিত্রকলা যদিও বিশ্বজনীন তথাপি ইয়াৰ জৰিয়তে জাতি বিশেষ প্রাণথলীৰ বহুখিনি পৰিচয় পােৱা যায়। চীনা চিত্রকলাই যিদৰে চীন দেশৰ পৰিচয় দিয়ে, সেইদৰে মেক্সিকো চিত্রকলাই সেই দেশৰ চিনাকি দিয়ে!

অজন্তাৰ guhat অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ আছে। ইয়াৰ জৰিয়তে ভালেমান গতিপ্রগতিৰ সমন্বয় উজ্জ্বল হৈ আছে। 

অজন্তাৰ ছবিবােৰত দুটা ভাব-বস্তু প্রকাশ পাইছে। এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়ােবিধ ছবি একেলগে অংকিত হৈছে। দ্বিতীয় পর্যায়ৰ ছবিবােৰ হৈছে—জীৱন আনন্দৰ উদ্যসময় চিত্র। এইবােৰত ফুটি উঠিছে শক্তি, খ্যাতি, প্রেম আৰু যৌৱন। 

প্রথম শাৰীত আছে দয়া, ধ্যান আৰু মৌনতা। ভাৱবস্তুৰ পিনৰ পৰা এই দুয়ােবিধ ছবি একে ধৰণৰ নহয়। দুয়ােবিধতে দুখন সুকীয়া জগত প্রতিফলিত হৈছে। 

তথাপি পৃথক যদিও, এই জগত দুখন পৃথকভাৱে অংকিত হােৱা নাই। জীৱনৰ অসামঞ্জস্যক একেলগে গ্ৰহণ কৰিব পৰা শক্তিৰ সম্ভেদ এই ছবিবােৰত আছে। প্রাক্-মুছলিম যুগৰ জীৱন প্ৰাচুৰ্যৰ কথাও অজন্তাৰ চিত্ৰসমূহত আছে। 

পুরুষ, মহিলা, শিশু বিবিধ ভংগিমাত সকলােবােৰ একে ঠাইতে অংকিত হৈছে। জীৱনৰ প্রাচুর্যই যেন শিরীক মতলীয়া কৰিছে। এই জীৱন প্রাচুর্য একে ঠাইতে ধবি বাখিবলৈ তেওঁলোেক উদ্বাউল হৈছে। 

ছবিবােৰৰ ভাববস্তুৰ অসামঞ্জস্যৰ মাজতাে বাস্তৱৰ অখণ্ডতাৰ কথা বিস্মৃত হােৱা নাই। শিল্পীৰ শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপিত হৈছে। ইয়েই অজন্তাৰ চিত্রশিল্পৰ গৌৰৱ।

মােগল সম্রাট বাবৰৰ আমােলত চিত্রশিল্পৰ নতুন ধাৰা পােন প্রথমে ভাৰতত প্ৰৱেশ কৰে। এই চিত্র-শিল্পৰ মূলতে আছিল প্রচুৰ ব্যক্তিবােধ। 

এনে তৰহৰ ব্যক্তিবাদী আৰ্টত জনজীৱন বা সমষ্টি জীৱনৰ কোনাে সংবাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্রকাশ, ইয়াৰ জন্ম হৈছিল টাইমূৰ খাঁ আৰু চেংগীজ খাঁৰ ৰাজ দৰবাৰত; গতিকেই যুগৰ প্রকৃতি অনুসৰি এই আর্ট ব্যক্তিবাদী আৰু কঠোৰ হ’বলৈ বাধ্য হৈছিল। ইয়াত ভাব-প্রৱণতা নাই, আছে বিপুল উৎসাহ-উদ্দীপনা আৰু প্ৰেৰণা। 

এইখিনিতে উদাহৰণ। স্বৰূপে আমি উর্দুৰ ৰােমাণ্টিক কাব্য সাহিত্যৰ কথা উনুকিয়াব পাবে। বিদ্যাপতিৰ “লাখ লাখ যুগ হিয় হিয় ৰাখনু”—ইত্যাদিৰ তুলনাত এনে কাব্য সাহিত্যত ভাৱ-প্ৰৱণতাৰ পৰিমাণ তাকব।

ব্যক্তিবাদে সাময়িকভাৱে হ'লেও চিত্র-শিল্পত ইংগিত বা সংকেতৰ স্থান প্রায় নােহােৱা কৰিছিল। এইবােৰত ফুটি উঠিছিল বুদ্ধিৰ পৰিচয়। 

বাবৰৰ আমােলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্রকলাৰ লগত প্রচলিত চিত্রধাৰাৰ মিলন ঘটিছিল। এই দুয়ােটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতি উদ্ভৱ হৈছিল। 

অজন্তাৰ সৰলতাৰ লগত নতুন ভাৰসাম্যৰ সংযােগ হৈছিল। এই ফালৰ পৰা চাবলৈ গ'লে অনুভূতিৰ প্ৰসাৰ মােগল আৰু ৰাজপুত আর্ট প্রধান লক্ষণ। এবিধ মূলতে আনন্দাপ্লুত, ৰস-চঞ্চল। আনবিধ ধীৰ, মন্থৰপ্রাণ। এইবােৰৰ স্থবিৰতাৰ মাজতাে হওঁতে লুপ্ত আনন্দধাৰা উজ্জ্বল হৈ আছে। 

ভাৰতীয় উচ্চাংগ সংগীত দাক্ষিণাত্যৰ ভাস্কর্য কলাৰ দৰেই গাম্ভীর্যপূর্ণ আৰু বিচিত্র। উত্তৰ ভাৰতৰ সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায়। গাম্ভীর্যৰ লগত ঠায়ে ঠায়ে এই সংগীতত আমি এক উৰণীয়া ভাবৰ সংযােগ দেখিবলৈ পাওঁ। ইয়াকেই সুৰ-বস্তুৰ ওপৰত লােক-সংগীতৰ প্ৰভাৱ বুলিব পাৰি।

সাধাৰণতে সকলাে আর্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। এটাৰ উদ্দেশ্য কাৰুকার্য আৰু জাক-জমকতাৰ সৃষ্টি; আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা। এটাই বাহ্যিক আৰু দৃষ্টি-মুখৰ আড়ম্বৰৰ জৰিয়তে প্রকাশ বিচাৰে; আনটোৱে আমাক অন্তৰ আত্মা-স্পর্শ কৰি অভিভূত কৰে। 

প্ৰথমটোৱে প্ৰায়েই বিৰাট পটভূমিৰ অৱতাৰণা কৰে; দ্বিতীয়টোৱে নকৰে। প্ৰথমটোৰ বহির্জাগতিক বিস্তৃতি আছে, দ্বিতীয়টোৰ নাই।

বুৰঞ্জীয়ে কয়—মুছলিম আৰু হিন্দুৰ প্রথম সংঘর্ষই হিন্দুৰ মনত পােনতে বিপ্লৱৰ সৃষ্টি কৰিছিল। অৱশেষত বিপ্লৱৰ পতনে তেওঁলােকৰ মনত নৈৰাশ্যৰ জন্ম দিছিল। এই নৈশ্যই ক্ৰমাৎ জীৱনৰ প্ৰতি উদাসীনতাৰ সৃষ্টি কৰিছিল। এই কাৰণেই স্বাভাৱিকতে হিন্দুৰ মনে বাস্তৱ জগতৰ কথা পাহৰি আত্মাৰ জগতলৈ গমন কৰিছিল। 

গতিকেই এনে এক পটভূমিত আধ্যাত্মিকতাৰ সমাদৰ বাঢ়িছিল। ইয়াৰ পৰিণতি ইমান সংকীর্ণ স্তৰলৈ অধােগামী হৈছিল যে আনকি হিন্দুৰ অভিযান, ৰাজ্যবিস্তাৰ, যুদ্ধ জয় ইত্যাদি কাহিনীও সাধু কথালৈ ৰূপান্তৰিত হৈছিল। ইয়াতকৈ সৰহ গুৰুত্ব এইবােৰক দিয়া হােৱা নাছিল। 

বর্তমানৰ হতাশা আৰু পৰাজয়ৰ কাহিনী ঢাকি ৰাখিবলৈ ভৱিষ্যতৰ অনাগত স্বপ্ন ৰাজ্য গঢ়া হৈছিল। এনেদৰেই অতীন্দ্রিয়বাদ আৰুত: বি মােহজালে বাস্তৱ জীৱনৰ হৰা-জিকাৰ কথা তল পেলাইছিল। আধ্যাত্মিকতাবাদে আনহাতে প্রা-লিম যুগৰ হিন্দু সমাজৰ ওপৰত এটা সুকীয়া প্ৰভাৱ bistar কৰিছিল। 

পৰম পুৰুষৰ ধ্যানে মানুহক সামাজিক অসামঞ্জস্যৰ কথাৰ পৰা আঁতৰাই ৰাখিছিল। পদদলি , সর্বসাধাৰণে অদৃষ্টৰ ওপৰত আস্থা ৰাখি জীৱনৰ সকলাে গ্লানি স্বীকাৰ কৰি লৈছিল। এনেদবে ১ গঢ়া জন সমাজৰ ওপৰত পুৰােহিত আৰু সামন্ত শ্ৰেণীৰ প্ৰভাৱ কম নাছিল। 

পণ্ডিত ৰাহুল সংকতা ইয়াৰ আঁতি-গুৰি মাৰি বৰ্ণনা দিছে। সমাজৰ অত্যাচাৰ উৎপীড়নৰ বিপক্ষে জনসাধাৰণে কিয় মুৰ দাতি উঠা নাছিল, ইয়াৰ উহ বিচাৰি সৰহ দূৰ যাব নালাগে। প্রত্যেক জীৱ পৰমব্ৰহ্মাৰ সৃষ্টি। পৰমণ। অসা, অনন্ত; স্থান-কাল সকলােৰে অতীত। 

জগতখন মায়া-মৰীচিকা। জীৱনটো মাথােন এটা মুহুৰ্তৰ অভি। অভিযান শেষ হলে মায়াৰ শেষ হ’ব, ইত্যাদি এনে ধৰণৰ চিন্তা-ধাৰাই বৈপ্লবিক শক্তি নিস্তেজ কৰিছিল। জীৱনৰ ওপৰত যাৰ আস্থা নাই বিপ্লৱৰ ওপৰতাে তাৰ আস্থা নাই।

ইছলামৰ সংঘাতে আমাৰ আধ্যাত্মিকতাৰ ধমনি কঁপাই তুলিছিল। পার্থিব আৰু অপার্থিব দুয়োটাব। ওপৰত ইছলামৰ আস্থা প্রায় সমান। কিছু পৰিমাণে ইছলামে সামাজিক গণতন্ত্রৰ জন্ম দিছিল। 

ই অনিশ্চিত ভৱিষ্যতৰ বস্তু নহয়। এনে চিন্তাধাৰাই সামাজিক বান্ধোন ছিঙি পেলাইছিল। সমাজৰ দৰিদ্র, পদদলিত জনতাই ইয়াৰ জৰিয়তে মুক্তিৰ সন্ধান পাইছিল। 

সামাজিক জীৱনত ব্যক্তিৰ মুক্তি বাণীয়ে ইছলাম ধৰ্মৰ প্রচাৰ দ্রুত কৰি তুলিছিল। ভাৰত ভূমিত ইছলামৰ খৰতকীয়া প্ৰচাৰৰ ইয়াে এটা কাৰণ। সাহিত্য-সম্পদৰ পিনৰ পৰা ভাৰতীয় সংস্কৃতি বিশেষভাৱে চহকী। 

সাধাৰণতে পুৰণি সাহিত্য ভক্তিমূলক আছিল। ই আধ্যাত্মিক চিন্তাধাৰাৰ পিনৰ পৰা সমৃদ্ধিশালী। ইও সমাজৰ বিশেষ এটা স্তৰৰ কথা কয়। পাঠান আৰু মােগল সাম্রাজ্যৰ অধীনত বংগদেশীয় কাব্য-সাহিত্যই যথেষ্ট উৎকর্ষ লাভ কৰিছিল।

সেইদৰে মহাৰাষ্ট্ৰৰ ভক্তিমূলক কাব্য-সাহিত্যৰৰ সৌৰভ বিশ্বজনীন। কবিৰ আৰু সেই সময়ৰ বৈষ্ণব সাহিত্যিকসকলৰ দৃষ্টিৰ সমকক্ষ সাহিত্য আজিও বিৰল। 

তুলসী দাসৰ 'ৰামায়ণ’,শংকৰদেৱৰ কীৰ্তন’, মাধৱদেৱৰ নামঘােষা’ ইত্যাদি জাতিৰ আপুৰুগীয়া সম্পদ। 

ব্রিটিছৰ আমােলত ভাৰতীয় সাহিত্যৰ বৈচিত্র্য বাঢ়িছিল। নতুন প্রকাশভঙ্গী, সামাজিক শক্তিকেন্দ্রী সাহিত্য ইত্যাদিৰ আৱিৰ্ভাৱ হৈছিল। সাহিত্য বিশ্বাত্মিকাৰ পৰশত পূৰঠ আৰু সৌষ্ঠৱপূৰ্ণ হৈছিল। 

নিজৰ মাটিৰ পৰা উঘাল খাই নপৰাকৈ বিশ্বৰ ৰ'দৰ ৰেঙনি গ্ৰহণ কৰিব পৰাটোৱেই হৈছে ভাৰতীয় সাহিত্য-জীৱনৰ বৈশিষ্ট্য। 

আর্টসমূহৰ ভিতৰত ভাস্কর্য-কলাই হৈছে সমাজৰ সৌন্দর্যবােধৰ ওপৰত বেছি নিৰ্ভৰশীল। কবিয়ে ব্যক্তিগত ভাব-তৰংগত উটি-বুৰি ফুৰিব পাৰে। 

চিত্ৰকৰে নিৰলত সপােন ৰচি সম্পূর্ণতা লভিব পাবে। ভাস্কর্য শিল্পীয়েহে কেৱল সমূহীয়া প্রচেষ্টা আৰু সামাজিক ভাব-ধাৰাৰ ওপৰত বিশেষভাবে নির্ভর কৰিব লাগে। বহুতৰ সংযােগতহে ভাস্কর্য-কলা গঢ়ি উঠা সম্ভব। 

গতিকে প্রত্যেকজন সহযােগীৰ কমবেছি পৰিমাণে শিল্পবােধ থকা উচিত। ইউৰােপৰ গথিক গীর্জাসমূহ, দাক্ষিণাত্যৰ শিলৰ মন্দিৰবােৰ, ছাৰাছেনসকলৰ মছজিদবােৰ, এই সকলােখিনি এক সংঘবদ্ধ শান্তিপূর্ণ সমাজৰ দান। 

শিল্প-সৃষ্টিৰ ক্ষেত্ৰত সমাজ-জীৱনৰ দায়িত্ব কম নহয়। ইয়াৰ লগতে সামাজিক পৰিবেশৰ দায়িত্বও আছে। 

নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি গান্ধীজীয়ে মত প্রকাশ কৰিছিল। লগে লগে অতীজৰ যিখিনি সৎ আৰু সত্য বুলি সম্যক দৃষ্টিকোণৰ পৰা স্বীকৃত হৈছে, তাৰে বৰ্তমানৰ সংস্কৃতিৰ ভেটি বান্ধিবলৈ চেষ্টা কৰাটো উচিত হ'ব। 

ইয়াকে কার্যত পৰিণত কৰিবলৈ হ'লে ভাস্কর্য কলাৰ দৰেই নতুন সংস্কৃতি যে সমূহীয়া জীৱনৰ সম্পদ হ'ব লাগিব—সেই বিষয়ে অকণাে সন্দেহ নাই। ই হব সমন্বয়ৰ বস্তু, জনসাধাৰণৰ বাছকবনীয়া সম্পত্তি, স্থান আৰু কালজয়ী শিল্প প্রচেষ্টা জডিলাও।



Class 10 Assamese Notes/Solutions





লেখক-পৰিচয় 

হেম বৰুৱা (১৯১৫-১৯৭৭)  জন্ম তেজপুৰত। ১৯৩২ চনত তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা, ১৯৩৪ চনত কটন কলেজৰ পৰা আই. এ. আৰু ১৯৩৬ চনত বি. এ. পাছ কৰি ১৯৩৮ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এম. এ. পাছ কৰে। ১৯৪০ চনত যােৰহাট কলেজত। 
অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰা বৰুৱাদেৱে ১৯৪৪ চনত গুৱাহাটীৰ ভােলা বৰুৱা কলেজ। অধ্যক্ষ হয়। সাম্প্রতিক কবিতাৰ পথ-প্রদর্শক বৰুৱাদেৱৰ ৰচনাসমূহ হ'ল : ‘বালিছদা’, ‘মনময়ৰী', ‘আধুনিক সাহিত্য’, ‘এই গাও এই গীত’, ‘ৰঙা কৰবীৰ ফুল’, ‘ইজৰাইল’, ‘The Red River and Blue Hill' ইত্যাদি। 

ইয়াৰ উপৰিও তেওঁ ‘জনতা’ আৰু ‘পছােৱা’ আলােচনী সম্পাদনা কৰিছিল। ১৯৭২ চনত ধুবুৰীত অনুষ্ঠিত হােৱা অসম সাহিত্য সভাৰ অধিবেশনৰ সভাপতি আছিল। তেওঁ আছিল সুবক্তা আৰু কৃতী সাংসদ। 


পাঠবােধ 

ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ সংস্কৃতি। ইয়াৰ ইতিহাসে এক সুদীর্ঘ ইতিহাস। আৰ্যসকল অহাৰ আগতেই ভাৰতবৰ্ষত এক শক্তিশালী সংস্কৃতি গঢ় লৈ উঠিছিল। ভাৰতীয় সংস্কৃতিৰ মূল সূঁতি এই আর্যপূর্ব সংস্কৃতি আজিলৈকে প্রবাহিত হৈ আছে। 

ইতিহাসৰ ভিন ভিন স্তৰত ভাৰতবৰ্ষলৈ নানা সংস্কৃতিসম্পন্ন জনগােষ্ঠীৰ আগমন ঘটিছে। এই জনগোষ্ঠীসমূহেও ভাৰতৰ শক্তিশালী সংস্কৃতিৰ প্ৰভাৱত পৰিছে আৰু নিজা নিজা সাংস্কৃতিক উপাদানেৰে ভাৰতীয় সংস্কৃতিকে সমৃদ্ধ কৰিছে। 





শব্দার্থ আৰু টোকা


অদৃষ্ট - ভাগ্য। 
অধােগামী - তললৈ গতি কৰা। 
অবিচ্ছিন্ন - বিৰামহীন, ছিঙি নােযােৱা। 
অলেখ - বহুত; অগণন; অসংখ্য। 
অসামঞ্জস্য - সাদৃশ্য নথকা। 
আঁচোৰ - সাঁচ।
আঁতিগুৰি মাৰি - বিশদভাৱে। 
আনন্দাপ্লুত - আনন্দত আত্মহাৰা হােৱা। 
আফগানিস্তান - ভাৰতৰ উত্তৰ-পশ্চিম ফালে থকা এখন ৰাষ্ট্র। 
আস্থা - বিশ্বাস। 
আড়ম্বৰ - জাকজমকতা। 
উচ্চাঙ্গ সঙ্গীত - শাস্ত্রীয় সংগীত। 
উদ্বাউল -  উদগ্রীৱ। 
চঞ্চল - স্থিৰতা নথকা। 
torohor - বিধৰ, ধৰণৰ, প্ৰকাৰৰ।
তিষ্ঠি - বর্তি।
ধ্যানস্থ - ধ্যানমগ্ন। 
নৈৰাশ্য - নিৰাশ ভাৱ। 
নিস্তেজ - তেজহীন। 
প্রাদুর্ভাৱ - প্রভাৱ। 
প্রেৰণা - উৎসাহ। 
বহিৰাগত - বিদেশী; দেশৰ বাহিৰৰ পৰা অহা লােক।
ব্যৱধান - পার্থক্য।
ব্যাপ্ত - বিয়পি থকা।
বৈশিষ্ট্য - বিশেষত্ব।
ভাৰাক্রান্ত  - ভৰি থকা
মর্মস্থলী - হৃদয়মূল।
মাপকাঠি - জোখ লােৱা সামগ্রী।
যােজন - চাৰি ক্ৰোশ (১৩ কি.মি.= ১ যােজন)
সমন্বয় - সম্প্রীতি; মিলন।
সুকুমাৰ কলা - সংগীত, কবিতা, চিত্রবিদ্যা, স্থাপত্য আৰু ভাস্কর্য এই পাঁচবিধক সুকুমাৰ কলা বােলে।
ক্ষণস্থায়ী - খন্তেকীয়া।
অজন্তা - মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাত অৱস্থিত। বৌদ্ধযুগত গুহাশিল্পৰ বাবে এই ঠাই বিখ্যাত। ইয়াত এতিয়ালৈকে ৩০-টা গুহা আৱিষ্কাৰ হৈছে। গুহাবােৰত প্রাচীন ভাৰতীয় চিত্রকলাৰ অতি উৎকৃষ্ট নিদর্শন পােৱা গৈছে। এই গুহাশিল্পবােৰ খ্রীষ্টপূর্ব দ্বিতীয় শতিকাৰ পৰা নৱম খ্রীষ্টাব্দৰ ভিতৰত অংকিত তথা নির্মিত বুলি অনুমান কৰা
হৈছে। অজন্তাৰ শিলত কটা ভাস্কর্যত জাতকৰ গল্প আৰু বুদ্ধৰ অতীত জীৱনৰ নানান কথা তুলি ধৰা হৈছে।

কীটছ - প্রসিদ্ধ ইংৰাজ ৰােমাণ্টিক কবি। পূৰা নাম জন । মাত্র চাব্বিছ বছৰ বয়সতে
যিবােৰ কবিতা লিখি গৈছে সিয়েই তেওঁক ইংৰাজী সাহিত্যৰ যােগেদি বিশ্বৰ এগৰাকী শ্রেষ্ঠ কবিৰূপে প্রতিষ্ঠা কৰিছে। 

লর্ড টেনিচনৰ মতে ওৱাৰ্ডছৱৰ্থ, কলৰিজ, বায়ন, শ্যেলীৰ নিচিনা কবিসকলতকৈয়াে কীটছৰ কবি প্রতিভা বহু ওপৰত। এই কম বয়সীয়া প্রতিভাসম্পন্ন কবিজনাৰ বিখ্যাত ‘এণ্ডিমিয়ন’ কবিতাৰ ওপৰত তীব্র আক্রোশমূলক আলােচনা ‘কোৱাৰ্টার্লি ৰিভিউ’ কাকতত ওলােৱাত কীছৰ মন ভাগি পৰে। সেয়ে তেওঁৰ মৃত্যুৰ কাৰণ হয়। 

পণ্ডিত ৰাহুল সংকৃত্যায়ন - আচল নাম কেদাৰনাথ পাণ্ডে। উত্তৰ প্ৰদেশৰ আজমগড়ৰ লােক। তেওঁ
সিংহললৈ গৈ বৌদ্ধধর্ম গ্রহণ কৰি নাম লয় ৰাহুল সংকৃত্যায়ন। তেওঁৰ কেইবাটাও ভাষাত দখল আছিল, ভাষাতাত্ত্বিক আৰু ইতিহাসবিদ। 

ৰুছদেশৰ লেনিনগ্রাদ বিশ্ববিদ্যালয়ত সংস্কৃতৰ অধ্যাপক আছিল। হিন্দী সাহিত্যত এওঁৰ এখনি বিশিষ্ট স্থান আছে। মধ্য এচিয়াকা ইতিহাস’ লিখি সাহিত্য অকাডেমীৰ বঁটা লাভ কৰিছিল। ‘ফ্রম ভল্লা টু গংগা’ এওঁৰ এখনি বিখ্যাত গ্রন্থ। এগৰাকী বিশ্ববিশ্রুত ভাৰতীয় পণ্ডিত গৱেষক। 

সর্বপল্লী ৰাধাকৃষ্ণণ - আন্তর্জাতিক খ্যাতিসম্পন্ন ভাৰতীয় দার্শনিক পণ্ডিত। এই পণ্ডিতগৰাকী ইংলেণ্ডৰ অক্সফোর্ড, কেম্ব্রিজ বিশ্ববিদ্যালয়ত বিশেষ বক্তৃতা দি সুখ্যাতি অর্জন কৰিছিল। কলিকতা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। 

বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত উপাচার্য কাম কৰে, ৰুছ দেশত ৰাষ্ট্রদূত ৰূপে দক্ষতাৰে কাম কৰাৰ পাছত ভাৰতৰ উপৰাষ্ট্রপতি আৰু পাছত ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্রপতি হয়গৈ। এওঁৰ আন্তর্জাতিক খ্যাতিসম্পন্ন গ্রন্থৰাজি কেইবাটাও ভাষালৈ অনূদিত হৈছে। এওঁ বিশ্বৰ এগৰাকী প্রখ্যাত দার্শনিক পণ্ডিত ৰূপে জনাজাত।






প্রশ্নাবলী


ভাববিষয়ক 

১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? 
২। ফ্রম ভগ্ন টু গংগা’ কাৰ বচনা? 
৩। সর্বপল্লী ৰাধাকৃষ্ণণে কালিয়দমন’ৰ কি আখ্যা দিছে? 
৪। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? 
৫। শিৱ আৰু শক্তি পূজাৰ মূল ক’ত আৱিষ্কাৰ হৈছিল?
৬। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি? 
৭। অজন্তাৰ ছবিবােৰত প্ৰকাশ পােৱা ভাববস্তু দুটা কি কি? 
৮। গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্রকাশ কৰিছে। 
৯। সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বােলা হৈছে? 
১০। হেম বৰুৱাৰ সাহিত্য-চর্চা সম্পর্কে পঁচিছটামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া। 
১১। ভাৰতীয় সংস্কৃতি’ পাঠটোৰ সাৰাংশ লিখা। 
১২। ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। – এই কথাষাৰ কিমানদূৰ যুক্তিপূর্ণ, ‘ভাৰতীয় সংস্কৃতি’ পাঠটোৰ আধাৰত বিচাৰ কৰা। 
১৩। সভ্যতা আৰু সংস্কৃতি’ শব্দ দুটাৰ মাজৰ পার্থক্য বিচাৰ কৰা। 
১৪। উত্তৰ ভাৰতীয়, ভাস্কৰ্যৰ বিষয়ে তােমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। 
১৫। অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। 
১৬। মােগল সম্রাট বাবৰৰ আমােলত ভাৰতত প্ৰৱেশ কৰা চিত্রকলাৰ নতুন ধাৰাটি কেনে আছিল লিখ। 
১৭। উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে? 
১৮। ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা। 
১৯। প্রাক্-মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কর্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা। 

২০। ব্যাখ্যা কৰা 

(ক) সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। 
(খ) ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী।
(গ) সকলাে আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। 

ভাষা-বিষয়ক

১। সন্ধি ভাঙা
সংস্কৃতি, সমন্বয়, সম্বন্ধ, ভাৰাক্ৰান্ত, সন্মত। 
২। বিশেষ্য বা বিশেষণলৈ নিয়া ?
বৈচিত্র্য, ভৌগােলিক, বিস্তৃতি, নৈৰাশ্য, বিপ্লৱ।


Conclusion:


Class X Assamese textbook lesson 7 দশম শ্ৰেণী ভাৰতীয় সংস্কৃতি tu online read kori kene pale aamar logot share koribo pare coment r joriyote.

Tolotu kisumaan related article r link provide kora hoise, check koribo pare.





Class 10 Science/Notes/Solutions















Wrote by Akshay

Post a Comment

0 Comments

People

Ad Code