Recent in Technology

অসমৰ জনগােষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি lesson-8/ class 10 assamese

Attention Please!

Namaskaar, Ei article tut class 10 assamese textbook অসমৰ জনগােষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি lesson 8 tu online read koribo paribo.

Logote Assam seba board r Class 10 r xokolu subject r সম্পূৰ্ণ প্ৰশ্নোত্তৰ ba textbook buru read koroibo paribo. link bur article tur maje maje diya hoise. 

Ei article tur joriyote aan lagotiyaal xokolu tothyo pabo buli akha thakil.


দশম শ্ৰেণী অসমৰ জনগােষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি/ class 10 assamese textbook lesson 8




Class 10 Assamese Textbook(Online Read)




অসমৰ জনগােষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি




আব্দুছ ছাত্তাৰ


সমগ্র অসম ৰাজ্যখনেই বিভিন্ন জাতি, উপজাতি আৰু জনজাতীয় জনগােষ্ঠীৰে যে পৰিপূৰ্ণ এনে নহয় – নানা সমস্যাৰেও পৰিপূর্ণ। সেইদৰে অসমৰ সংস্কৃতিও বাৰেবৰণীয়া আৰু বৈচিত্র্যপূর্ণ। 
ত্রয়ােদশ শতিকাত হুকং উপত্যকাৰ পৰা অহা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা অহা মংগােলীয় বহিৰাগত গােষ্ঠীৰ কাৰণে অসমেই আছিল স্থিতি লােৱা ঠাই। এইসকল অহাৰ আগতে অসম আছিল জন-জাতীয় গােষ্ঠীৰ অর্থাৎ অনার্য জাতিৰ বসতি স্থান। ঘাইকৈ কছাৰী, চুটিয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়াে, তিৱা, কাৰ্বি আদিৰ বসতি স্থান। 

গতিকে মুলতে অসমীয়া জনসংস্কৃতিৰ ধাৰক এইবােৰ জাতি-গােষ্ঠীয়েই আছিল। অতীতত অসম বা কামৰূপ বুলি কওঁতে এটা সময়ত বর্তমান অৰুণাচলৰ অন্তৰ্গত অকা, ডফলা, আবৰ, মিছিমি আদি জনগােষ্ঠীও পৰে। 

এই অতীতৰ অসমৰ পৰা চকলা-চকলে গাৰাে, মিজো, খাছী, জয়ন্তীয়া আৰু গাৰােপাহাৰ কটা গ'ল। নিজৰ ভাষাসংস্কৃতি ৰক্ষা কৰি এতিয়া হ’ল – নগাভূমি, মিজোৰাম, অৰুণাচল আৰু মেঘালয় ৰাজ্য। অতীতৰ এই সমগ্ৰ অসমৰ জনগােষ্ঠীৰ গাঁথনিলৈ যদি লক্ষ্য কৰা যায় তেন্তে দেখা যাব যে এই সকলােবােৰেই আর্য নাছিল। 

অসমলৈ বহিৰাগত হৈ অহা মংগােলীয় গােষ্ঠীয়ে তেওঁলােকৰ নিজা ভাষা, ধর্ম আৰু সামাজিক ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ এটা সময়ত থলুৱা লােকৰ প্ৰভাৱত এৰিব লগা হয়। এই অসম দেশত প্রাচীন কালৰে পৰা হিন্দুৰ তান্ত্রিক ধৰ্ম আৰু বৌদ্ধ ধর্ম প্রচলিত আছিল। আহােমসকলে অসমত দীর্ঘ দিন থকাৰ পাছত হিন্দু ধর্ম গ্রহণ কৰি নিজস্ব কৃষ্টি-সংস্কৃতি প্রায় পৰিত্যাগ কৰে। 

থলুৱা জনজাতীয় সংস্কৃতিত ধর্মই বিশেষ স্থান লাভ কৰিছিল। এটা সময়ত মহ-বলি, নৰ-বলি পর্যন্ত হৈছিল। সমগ্ৰ অসম দেশখনেই যাদু-মন্ত্র আৰু ঐন্দ্রজালিক বিদ্যাৰ কাৰণে প্রাচীন কালৰে পৰা প্ৰসিদ্ধ আছিল।

অসমৰ পুৰাণ সাহিত্যৰ সমল হেছে – আলাখ গৰখায় নাম, নিকাণ গাত, ও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্র সাহিত্য আর ডাকৰ বচন আদি। কিন্তু লিখিত ৰূপলৈ অহাৰ লগে লগে কিছুমান গীত মূলৰপৰা বেলেগ হৈ গ'ল। 

আধুনিকতাৰ প্ৰভাৱ পৰিল। মুঠতে এটা সময়ত অসমৰ আর্য-সংস্কৃতিতকৈ প্ৰাক্-আর্য সংস্কৃতিহে বেছি গুৰুত্বপূৰ্ণ আছিল। অতীতৰ বুৰঞ্জী দোহােৰাবৰ কোনাে কাৰণ নাই যে কি কি কাৰণত অসমৰ একালৰ বাসিন্দাসকলৰ মাজত ত্রয়ােদশ শতিকাৰ পৰা কি ধৰণে এই দেশত আহােম-মুছলমান আৰু ভাৰতৰে অন্যান্য ৰাজ্যৰ লােকসকল ইয়ালৈ আহি নিগাজীকৈ বহাৰ সুযােগ পালে। 

কোনােবাই দেশ জয় কৰিবলৈ আহিল, কোনােবাই আকৌ যুদ্ধবন্দী হিচাপে ৰ’ল। কোনােবা বেপাৰ-বাণিজ্য সূত্রে বহি ললে, কোনােবা আকৌ পূজা-পার্বণ আৰু তীর্থ-সংক্রান্তত অসমলৈ আহিল। বহুতে আকৌ ৰজাঘৰীয়া পৃষ্ঠপােষকতাত অসম দেশত নিগাজীকৈ বহিল। সেই কালৰ সৰল-সহজ কছাৰী, চুটিয়া, কোচ, বড়াে আদিয়ে নির্বিবাদে সকলােকে গ্রহণ কৰিলে। 

সকলােৱে নিজ নিজ ধর্ম আচৰণ কৰি নিজ নিজ সংস্কৃতি ৰক্ষা কৰিবলৈ ল’লে। একে ভৌগােলিক পৰিবেষ্টনিত থাকি ওচৰা-উচৰিকৈ এটা সম্প্রদায় আনটো সম্প্রদায়ৰ দ্বাৰা প্রভাৱান্বিত হ’ল। সেই সময়ত বাহিৰৰ পৰা অহা মানুহবােৰ যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰ ভাষা-সংস্কৃতি ক্রমান্বয়ে গ্ৰহণ কৰিবলৈ ধৰিলে। 

এইয়া হল এটা সংস্কৃতিসম্পন্ন জাতি আন এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত জাহ যােৱাৰ ব্যৱস্থা। বাহিৰৰ পৰা অহা সকলােৱেই এই দেশখনক নিজৰ দেশ বুলি ল'লে – ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰিলে। গতিকে এই সকলোে লগলাগি বৃহৎ অসমীয়া জাতি গঢ়ি উঠিল। 

লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। এটা সম্প্রদায়ৰ ভাল লগা কিছুমান ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আন এটাই গ্রহণ কৰিলে। খােৱা বস্তু আৰু ৰন্ধন-প্ৰকৰণৰৰ সাল-সলনি হ'ল। পােছাক-পৰিচ্ছদততা পৰিৱর্তনে দেখা দিলে। দৈনন্দিন ব্যৱহাৰৰ আচবাব-পত্ৰতাে পৰিৱৰ্তন সূচালে – নতুন সাজ-সজ্জা, অলংকাৰ আহিল। এইয়া আছিল দিয়া-লােৱা আৰু এৰা-ধৰাৰ ব্যৱস্থা। কোনােৱে কাকো জাপি দিয়া নাছিল।

ভাষাৰ ক্ষেত্ৰতাে একেই। থলুৱা অসমীয়া ভাষাতাে নানা ভাষাৰ শব্দমালাই ঠাই পালে। ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়া কৰিলে। গতিকে অসমীয়া সংস্কৃতিত ইয়াৰ পূৰ্বৰ থলুৱা গােষ্ঠীৰ উপাদানৰ উপৰি আহােম, মুছলমান আৰু উত্তৰ ভাৰতীয় ব্রাহ্মণ-ক্ষত্রিয়সকলৰ সংস্কৃতিগত উপাদানৰ সংমিশ্রণ ঘটিল। 

যেতিয়া বাহিৰৰ পৰা অহাসকলে থাইলেণ্ড, দিল্লী আৰু কনৌজ আদি ঠাইৰ লগত সম্বন্ধ বিচ্ছিন্ন কৰি অসমীয়াৰূপে নিজকে গণ্য কৰি এই দেশীয় সংস্কৃতি গ্ৰহণ কৰি থাকিবলৈ ল'লে তেতিয়া আৰু সেইসকল অসমত বিদেশী হৈ নাথাকিল। একমাত্র নিজ নিজ ধর্ম পালন কৰি সংস্কৃতিগতভাৱে থকাটোতহে স্বকীয়তা পৰিলক্ষিত হ’ল। ভাৰতৰ সংবিধান স্বীকৃত ধর্ম নিৰপেক্ষ নীতি অঘােষিতভাৱে কোনােবা কালৰে পৰা অসম ৰাজ্যত বৰ্তি আছিল। 

ধর্ম পালন কৰিবলৈ যােৱাটোতহে নামঘৰ, মছজিদ, মন্দিৰ, বৌদ্ধ-বিহাৰ আদি অনুষ্ঠান প্রৱর্তন হােৱা দেখিবলৈ পাওঁ। বাকী সকলাে ক্ষেত্ৰত বিৰাট অসমীয়া জাতি – এটা সংমিশ্রিত তসম্পন্ন জাতি ইয়াক নুই কৰাৰ কোনাে যুক্তি-তর্কৰ অৱকাশ নাই।

প্রশ্ন হয় – বিভিন্ন ধর্মাৱলম্বী আৰু বিভিন্ন ভাষাগােষ্ঠী থকা সত্ত্বেও এই সকলােবােৰ কেনেকৈ অসমীয়া হৈছে? মিচিং, কছাৰী, তিৱা, কাৰ্বি, দেউৰী আদি সম্প্রদায়ে নিজ নিজ ভাষা জীয়াই ৰখাৰ উপৰি অসমৰ অসমীয়া ভাষাটো বুজে আৰু কয়। 

বাহিৰৰ পৰা অহা সকলােৱেই এই অসমীয়া ভাষাৰেই এইসকল মূলৰ ভাষাগােষ্ঠীৰ লগত ভাবৰ আদান-প্রদান কৰে। সেয়েহে মেঘালয়, নাগালেণ্ড, সৰুণাচলকে লৈ এই গােটেই অঞ্চলৰ সামূহিক ভাষাটো আছিল অসমীয়া। দেখা যায় সকলােকে বান্ধি থােৱা এনাজৰীডাল আছিল - অসমীয়া ভাষা। ভাষিক সংমিশ্রণৰ কাৰণেই অসম ৰাজ্যত আহহামে আহােম ভাষাৰে, ব্রাহ্মণ-ক্ষত্রিয়ই সংস্কৃতেৰে আৰু মুছলমানে আৰবী-ফাছীৰে কথা নাপাতে।

এই সকলােবােৰৰ মাতৃভাষা হৈছে - অসমীয়া। এইয়া আছিল জাহ যােৱাৰ নীতি। ইংৰাজীত ক’ব পাৰি – Process of Assimilation অর্থাৎ সমন্বয়ৰ প্রক্রিয়া। গতিকে অসমীয়া ভাষা-সংস্কৃতি গ্রহণ কৰিয়েই নহয় অসম দেশকে নিজৰ জন্মভূমি বুলি গণ্য কৰি সকলাে অসমীয়া হৈ পৰিল। এইয়া আছিল স্বাভাৱিক গতি আৰু নীতি। এইয়া মই গােটেইবােৰ স্বাধীন অসমৰ কথাকে কৈছোঁ।

উনৈশ শতিকাৰ পৰা কুৰি শতিকাৰ আগভাগলৈকে এক নতুন প্ৰব্ৰজন আৰম্ভ হ'ল। বৃটিছ আহিল ইয়াণ্ডাবু সন্ধিৰ পাছত। তেতিয়াই অসমৰ স্বাধীনতা সূর্য অস্ত গ'ল। বৃটিছৰ লগে লগে অসম দেশত নতুন নতুন সংস্কৃতিসম্পন্ন লােক আহিল। কিছু আহিল চাকৰি সম্পৰ্কত, কাৰােবাক আকৌ আনি বহুৱালে। 

এইসকলৰ বহুতে অসমীয়া ভাষাটো গ্রহণ যে নকৰিলেই, আনকি অসমীয়া ভাষা বহিষ্কাৰ কৰিবঙলা ভাষাটো বৰপীৰাত বহুৱাই ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমীয়াৰ ঠাইত বঙলা ভাষা স্কুলীয়া শিক্ষাৰ মাধ্যম কৰিলে। কিন্তু দেশপ্রাণ অসমীয়াৰ যত্ন আৰু প্ৰচেষ্টাত অসমীয়া ভাষা আমাৰ স্কুল-আদালতত পুনৰ প্ৰচলন হ’ল। এটা অপচেষ্টাৰ সিমানতে অন্ত পৰিল। বিচ্ছিন্নতাকামীৰ প্ৰথম অপচেষ্টা বিফল হ’ল। অসমীয়াৰ বিপর্যয়টি অনুষ্ঠান প্রৱর্তন হােৱা দেখিবলৈ পাওঁ। 

বাকী সকলাে ক্ষেত্ৰত বিৰাট অসমীয়া জাতি — এটা সংমিশ্রিত অতিসম্পন্ন জাতি-ইয়াক নুই কৰাৰ কোনাে যুক্তি-তর্কৰ অৱকাশ নাই।
প্রশ্ন হয় – বিভিন্ন ধর্মাৱলম্বী আৰু বিভিন্ন ভাষাগােষ্ঠী থকা সত্ত্বেও এই সকলোেবাৰ কেনেকৈ অসমীয়া হৈছে? মিচিং, কছাৰী, তিৱা, কাৰ্বি, দেউৰী আদি সম্প্রদায়ে নিজ নিজ ভাষা জীয়াই ৰখাৰ উপৰি অসমৰ অসমীয়া ভাষাটো বুজে আৰু কয়। 

বাহিৰৰ পৰা অহা সকলােৱেই এই অসমীয়া ভাষাৰেই এইসকল মূলৰ ভাষাগােষ্ঠীৰ লগত ভাবৰ আদান-প্রদান কৰে। সেয়েহে মেঘালয়, নাগালেণ্ড, অৰুণাচলকে লৈ এই গােটেই অঞ্চলৰ সামূহিক ভাষাটো আছিল অসমীয়া। দেখা যায় সকলােকে বান্ধি থােৱা এনাজৰীডাল আছিল - অসমীয়া ভাষা। ভাষিক সংমিশ্রণৰ কাৰণেই অসম ৰাজ্যত তাহামে আহােম ভাষাৰে, ব্রাহ্মণ-ক্ষত্রিয়ই সংস্কৃতেৰে আৰু মুছলমানে আৰবী-ফাছীৰে কথা নাপাতে। এই সকলােবােৰৰ মাতৃভাষা হৈছে – অসমীয়া। 

এইয়া আছিল জাহ যােৱাৰ নীতি। ইংৰাজীত ক’ব পাৰি – Process of Assimilation অর্থাৎ সমন্বয়ৰ প্রক্রিয়া। গতিকে অসমীয়া ভাষা-সংস্কৃতি গ্রহণ কৰিয়েই নহয় অসম দেশকে নিজৰ জন্মভূমি বুলি গণ্য কৰি সকলাে অসমীয়া হৈ পৰিল। এইয়া আছিল স্বাভাৱিক গতি আৰু নীতি। এইয়া মই গােটেইবােৰ স্বাধীন অসমৰ কথাকে কৈছে।

উনৈশ শতিকাৰ পৰা কুৰি শতিকাৰ আগভাগলৈকে এক নতুন প্রব্রজন আৰম্ভ হ'ল। বৃটিছ আহিল ইয়াণ্ডাবু সন্ধিৰ পাছত। তেতিয়াই অসমৰ স্বাধীনতা সূর্য অস্ত গ'ল। বৃটিছৰ লগে লগে অসম দেশত নতুন নতুন সংস্কৃতিসম্পন্ন লােক আহিল। কিছু আহিল চাকৰি সম্পৰ্কত, কাৰােবাক আকৌ আনি বহুৱালে। 

এইসকলৰ বহুতে অসমীয়া ভাষাটো গ্রহণ যে নকৰিলেই, আনকি অসমীয়া ভাষা বহিষ্কাৰ কৰি বঙলা ভাষাটো বৰপীৰাত বহুৱাই ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমীয়াৰ ঠাইত বঙলা ভাষা স্কুলীয়া শিক্ষাৰ মাধ্যম কৰিলে। কিন্তু দেশপ্রাণ অসমীয়াৰ যত্ন আৰু প্ৰচেষ্টাত অসমীয়া ভাষা আমাৰ স্কুল-আদালতত পুনৰ প্রচলন হ’ল। এটা অপচেষ্টাৰ সিমানতে অন্ত পৰিল। বিচ্ছিন্নতাকামীৰ প্ৰথম অপচেষ্টা বিফল হ’ল। অসমীয়াৰ বিপর্যয় প্রতিহত হ’ল।

বৃটিছ আহিল – চাহ উদ্যোগ প্রতিষ্ঠা হ’ল। লগে লগে নতুন এদল বৃত্তিয়াল আহি অসম দেশত বসবাস কৰিবলৈ ল'লে। এওঁলােক দেহে খাটি খােৱা মানুহ চাহ বনুৱাসকল। এওঁলােক আহিল ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা। বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা। 

চাওঁতাল, কুর্মি, মােছহৰ, মুণ্ডা তেলেঙ্গা, হাে, ভূমিজ, ওৰাং, তাঁতী, লােহাৰ আদি অসমৰ চাহ উদ্যোগৰ অপৰিহাৰ্য কৰ্মীৰূপে এইসকল অসমত বৰ্তি থাকিল। কালক্ৰমত এইসকলেই নিজৰ কৃষ্টি-সংস্কৃতি কিছু সংৰক্ষণ কৰি হ'লেও অসমীয়া মাত-কথা গ্রহণ কৰি থলুৱা লােকৰ আচাৰ-নীতি, সাজ-পাৰ গ্ৰহণ কৰি কালৰ সোঁতত অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ অসমৰ আর্থিক জীৱনত অৰিহণা যােগালে। 
কিন্তু এওঁলােকক শিক্ষা দিয়াৰ কাৰণে কোনাে ব্যৱস্থা নােলােৱাত অতি অনগ্রসৰ হৈ ৰ'ল। অসমৰ থল সংস্কৃতিৰ লগত খাপ খােৱাত যথেষ্ট পলম হ’ল। বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লােৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল।

এইদৰেই আহিল অসম চৰকাৰৰ উদ্যোগত কুৰি শতিকাৰ চতুর্থ দশকত (ভাৰতে স্বাধীনতা পােৱাৰ আগতে) মৈমনসিংহ আদি পূর্ববংগৰ ঠাইৰ লােক। ধর্ম অনুযায়ী এওঁলােক মুছলমান মানুহ। এওঁলােক কৃষি কর্মত পাৰ্গত লােকৰূপে নগাঁও, কামৰূপ, দৰং, গােৱালপাৰা আদি ঠাইৰ মাটি ভাঙি বকৰাণিত খেতি কৰি অসমত খেতি কৰা বিবিধ প্রণালী আৰু পদ্ধতি প্রৱৰ্তন কৰিলে। চৰ অঞ্চল আৰু বাকৰি আবাদ কৰিলে। মৰাপাটৰ খেতিৰ বহুল প্রচাৰ আৰু প্ৰসাৰতা লাভ হ’ল এওঁলােকৰ পৰাই। 

কিন্তু মন কৰিবলগীয়া যে এওঁলােকে নিজৰ মাতৃভাষা জলাঞ্জলি দি অসমীয়া ভাষাকে গ্রহণ কৰি অসমীয়া মাধ্যমৰ স্কুল পাতি এই দেশৰ থলুৱা প্ৰজাৰ লগত মিলিবলৈ চেষ্টা চলালে। কালক্ৰমত এওঁলােককে ন-অসমীয়া মুছলমান বুলি কোৱা হ'ল। এই গােটেইবােৰক লৈয়েই অসমীয়া জাতি। অসমীয়া ভাষাৰে এওঁলােকে নিজক প্রতিষ্ঠা কৰি থাকিল।

বৃটিছৰ দিনতে অসমলৈ ৰেলগাড়ী আহিল। যাতায়াত সুবিধা হ’ল। বেপাৰ-বাণিজ্যৰ কাৰণে বহুতাে পাঞ্জাৱী, শিখ, মাৰােৱাৰী, বিহাৰী, ৰাজস্থানী আদি আহিল। ওচৰ-চুবুৰীয়া দেশ হিচাপে নেপালীসকল আগৰে পৰা অসমলৈ আহি আছিল। 

ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা আহি অসমৰ ভৌগােলিক পৰিসীমাৰ মাজত থাকি অসমীয়া হৈ পৰিল ভাৰতৰ অন্যান্য ৰাজ্যৰ পৰা অহা লােকসকল, কিন্তু এইসকলৰ বেছিভাগেই নিজ নিজ এলেকাৰ লগত সম্পূর্ণ সম্বন্ধ বজাই ৰাখিলে। গতিকে অসমত অৰ্জা ধনেৰে অসমত চলাৰ উপৰিও আন এখন ঘৰ নিজ ঠাইত অটুট ৰাখিলে। জাহ যােৱাৰ আন এটা প্রধান উপায় হৈছে – ভাষা গ্রহণ। 

এওঁলােকে নিজৰ মূল পৰিচয় ৰক্ষা কৰিও বহুতেই অসমীয়া হৈ পৰিল। ৰাজনৈতিক বিচাৰত আৰু সামাজিক বিচাৰত এওঁলােক হৈ পৰিল অসমীয়া। অবশ্যে বহুতেই আকৌ অসমীয়া ভাষাটো গ্ৰহণ নকৰিলে। অসমীয়া মাধ্যমৰ বাহিৰেও এওঁলােকৰ দ্বাৰাই আন মাধ্যমৰ স্কুল অসমত প্রতিষ্ঠা হ'ল।

ভাৰত স্বাধীন হ’ল - ১৯৪৭ চনৰ ১৫ আগষ্টত। দেশ বিভাজন হ’ল – পাকিস্তানলৈ যােৱাসকল গুচি গ'ল। কালক্ৰমত পূর্ব পাকিস্তান গৈ বাংলাদেশ হ’ল। অনুপ্ৰৱেশ ঘটিল অসমলৈ। 

গতিকে আহি পৰিল বিদেশী নাগৰিকৰ বহিষ্কৰণ। এইয়া ৰাজনৈতিক বিচাৰ - দেশৰ গৰাকীয়ে ভাৰতৰ বাহিৰৰ নাগৰিকক বহিষ্কাৰ কৰক। তাত কোনাে অসমীয়াই তথা, ভাৰতীয়ই বাধা দিয়াৰ অধিকাৰ নাই। অসমীয়া প্রজাসাধাৰণে নিজৰ ভাষা-সাহিত্য, মাত-কথা, কৃষ্টি-সংস্কৃতি, সাজ-সজ্জা ৰক্ষা কৰক। বেশভূষাত বিদেশী ৰূপ ধাৰণ কৰি থাকিও সেইসকল অসমীয়া – জীৱনে-মৰণে অসমীয়া। 

বৃটিছ অহাৰ লগে লগে ৰেলগাড়ী যেনেকৈ আহিল – কোট-পেন্টো আহিল, কেক-বিস্কুটো আহিল, বিমান আৰু মটৰ পৰিবহনাে চালু হ’ল। হােটেল প্রতিষ্ঠা হ’ল। বিভিন্ন খাদ্যসামগ্রী পৰিবেশন কৰিবলৈ ললে। 

এটা সময়ত বৃটিছ গ'ল – চাহ উদ্যোগ ৰ’ল, ৰেলগাড়ী ৰ'ল, প্লেন ৰ’ল। আগৰে পৰা হিন্দুমুছলমান সমাজত লুক-ঢাককৈ চলা খানা-পিনা সামাজিকভাৱে আৰু হােটেলৰ যােগেদি পৰিৱেশনৰ ব্যৱস্থা হ'ল। পাৰাথা, পােলাও, কোর্মা-কোপ্তাৰ লগতে কেক-বিস্কুট, ৰুটি প্রচলন হ’ল। 

বংগদেশীয় ৰসগােল্লা, লালমােহন, চিঙ্গাৰা আদি নানা মিঠাই প্রচলন হ’ল। লুচি-পুৰীও সােমাই পৰিল। মাদ্রাজী ড’চা, চাম্বাৰ আৰু ইডলি হােটেলৰ যােগেদি অসমীয়াই চিনি পােৱা হ'ল। জাত-কুলৰ বিচাৰ হেৰাই গল। চুৱাৰ অন্ত পৰিল। একেলগে সকলােৱে খােৱাৰ ব্যৱস্থা হ’ল। ক্রমান্বয়ে বিয়া-বাৰুত হিন্দু-মুছলমান সকলাে লােকে যােগ দিয়া হ'ল। মৰা-জীয়াৰ খবৰ কৰা হ’ল। 

মৰাশ সকাৰতাে ভাগ লােৱা হ'ল। সকলাে উৎসৱতে সকলােৱে যােগ দিয়া হ'ল। এই গােটেইবােৰ হ’ল স্বতঃপ্রণােদিতভাৱে হােৱা প্রক্রিয়া। সংস্কৃতিৰ এইয়া স্বাভাৱিক প্রক্রিয়া। এইবিলাকক এতিয়া আঁহফলা বিচাৰেৰে ভাগ কৰিব নালাগে। অসমীয়াৰ জনসংখ্যাৰ ক্ষুদ্ৰতালৈ মনত ৰাখি অসমীয়াৰ মাজত জাহ গৈ থকা বিভিন্ন সম্প্রদায় আৰু জনগােষ্ঠীক যেন পৃথককৰণ কৰিবলৈ নাযাওঁ। 

এই গােটেইবােৰক লৈহে অসমীয়া সমাজখন। জাতীয় সংহতি আৰু সম্প্রীতি ৰক্ষাৰ কাৰণে সুসংহত সংস্কৃতিক আমি যেন উৎখাত কৰিবলৈ নলওঁ। অসমৰ বৈচিত্র্যপূর্ণ জনগােষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে। 

লেখক-পৰিচয় 
আব্দুছ ছাত্তাৰ (১৯২২-১৯৮৭) : ছাত্তাৰদেৱৰ তিতাবৰত জন্ম হৈছিল। চিন্তাগধুৰ লিখনিৰে অসমীয়া সাহিত্য জগতত নিজকে প্রতিষ্ঠা কৰিছিল। ছাত্তাৰে লিখা ‘কৃষ্ণকান্ত সন্দিকৈ’, ‘প্রসংগ কোষ, সংমিশ্ৰণত অসমীয়া সংস্কৃতি’, ‘দৃষ্টি আৰু সৃষ্টি’, ‘উদ্ধৃতি সহচৰ আদি প্ৰতিখন পুথিয়েই উন্নত মানসম্পন্ন।

আফগানিস্তানলৈ শিক্ষকতা কৰিবলৈ গৈ সেই ঠাইৰ লগত পুৰণি কালৰ পৰাই ভাৰতৰ যি সম্পর্ক, পৰস্পৰৰ মাজত থকা মৰম-স্নেহৰ কথা সুন্দৰকৈ বর্ণাই লিখিছিল। তেওঁ অসম সাহিত্য সভাৰ প্রধান সম্পাদক আছিল। ১৯৮৭ চনত এইজনা সাহিত্যিকৰ অকাল মৃত্যু ঘটে।



Class 10 Assamese Notes/Solutions






পাঠবােধ


বিভিন্ন ভাষা-গােষ্ঠী, কলা-সংস্কৃতি, ৰীতি-নীতি আদিৰ সংমিশ্ৰণত গঢ়ি উঠা অসমীয়া জাতিটো সাম্প্রতিক কালত ভাঙোনমুখী হৈ পৰিছে। একতাৰ এনাজৰীৰে সকলােকে বান্ধি ভাতৃত্ববােধ জাগ্রত কৰাত সহায় কৰাৰ বাবে বর্তমান সময়ত এই পাঠটোৰ প্ৰাসংগিকতা আছে। 

বিশেষকৈ অসমৰ পটভূমিত প্রাচীন কালৰে পৰাই বিভিন্ন ভাষা-ভাষী, ধৰ্মাৱলম্বী লােকে সমিল-মিলেৰে বসবাস কৰি যি সঞ্জী আহি দেখুৱাই আহিছে সেয়া সকলাে সময়তে প্রাসংগিক আৰু প্রয়ােজনীয় হৈ ৰ'ব। 




শব্দার্থ আৰু টোকা 


আঁহফলা নীতি : বিভেদকামী মনােভাৱ। 
উপভাষা : মূল ভাষাৰ আঞ্চলিক ৰূপ। 
জাতি : কুল, বংশ। কোনাে এক ভূ-খণ্ডত সাধাৰণতে একে ভাষা, ধর্ম-সংস্কৃতিৰে বস কৰা জনসমষ্টিকে জাতি বােলা হয়। 
জাহ যােৱা : জীণ যােৱা, মিলি যােৱা। 
ডাক : কিংবদন্তী পুৰুষ ডাকৰ পিতৃ বৰাহমিহিৰ ব্ৰাহ্মণ আৰু মাতৃ কুমাৰ কুলৰ নাৰী।
জন্মস্থান বৰপেটাৰ ওচৰৰ লেহিডঙৰা গাঁও। অসমৰ সামাজিক জীৱনত ‘ডাকৰ বচন বেদৰ বাণী সদৃশ’ বুলি কোৱা হয়। এই বচনবােৰ ব্যৱহাৰিক জীৱনৰ বহু উপদেশমূলক কথাৰে ভৰা, সৰহভাগেই খেতি-বাতি বিষয়ক। কৃষি প্রধান দেশৰ মানুহে যুগ যুগ ধৰি লাভ কৰা অভিজ্ঞতাৰ ই বাহক। পুৰুষানুক্রমে বহুকাল মুখে মুখে চলি অহাৰ পিছতহে ই লিখিত ৰূপ পায়। 
তান্ত্রিক ধর্ম : প্রাচীন তন্ত্রৰ ওপৰত প্রতিষ্ঠিত হিন্দু ধর্ম। 
নিগাজী : স্থায়ী।
প্ৰব্ৰজন : এখন ঠাইৰ পৰা আন এখন ঠাইলৈ আহি বাস কৰা কাৰ্য। 
বৌদ্ধ ধর্ম : গৌতম বুদ্ধই প্ৰচাৰ কৰা ধর্ম। এই ধৰ্মৰ মূলমন্ত্র হ’ল – অহিংসাই পৰম ধর্ম।। 
স্বকীয়তা : নিজস্বতা। 
লােকগীত : অনাদি কালৰে পৰা মুখে মুখে চলি অহা মৌখিক গীতসমূহকে লােকগীতৰ আখ্যা
দিয়া হয়। উদাহৰণ স্বৰূপে – নিচুকণি গীত, নাওখেলােৱা গীত, বাৰমাহী গীত, আই নাম, বিয়া নাম, বিহুগীত, বনগীত ইত্যাদি। 
ইয়াণ্ডাবু সন্ধি : ১৮২৬ চনত মানৰজা আৰু বৃটিছৰ মাজত হােৱা সন্ধিচুক্তি। মানে অসম অধিকাৰ
কৰি ইয়াত যি অবর্ণনীয় অত্যাচাৰ কৰিছিল, তাৰ অৱসান বিচাৰি অসমে বৃটিছৰ ওচৰত সহায় ভিক্ষা কৰিছিল।
ফলত বৃটিছসকলে মানক অসমৰ পৰা খেদি পঠিয়াই দেশখন মানৰ হাতৰ পৰা নিজৰ হাতলৈ লৈ যায়। এই চুক্তি অনুসৰি আমাৰ স্বাধীনতা সূর্য মাৰ যায়। এই চুক্তি অনুযায়ী অসমদেশ মান ৰজাৰ পৰা বৃটিছৰ হাতলৈ যায় আৰু অসমৰ স্বাধীনতা সূর্য অস্তমিত হয়। 

এটা সংস্কৃতি সম্পন্ন জাতি-আন এটা সংস্কৃতি সম্পন্ন জাতিৰ লগত জাহ যােৱাৰ ব্যৱস্থা : কোনাে দুটা সংস্কৃতি সম্পন্ন জাতিয়ে পৰস্পৰৰ ভাল লগা ৰীতি-নীতি, আচাৰব্যৱহাৰ, সাজ-পাৰ, ৰন্ধন-প্রকৰণ আদিৰ প্ৰতি আকর্ষিত হৈ সেইবােৰ গ্ৰহণ কৰে। 

এইদৰে গ্ৰহণ কৰোঁতে পৰস্পৰ এনেদৰে সংমিশ্ৰিত হৈ পৰে যে ইয়াৰ আগ-গুৰি বিচাৰি উলিয়বালৈ টান হৈ পৰে। এটা জাতি আনটোৰ লগত মিলি যায়। ফলত এটা শক্তিশালী সংস্কৃতি গঢ় লৈ উঠে। 

সংস্কৃতিৰ ৰূপান্তৰ ঘটাঃ বাহিৰৰ পৰা অহা সংস্কৃতিসম্পন্ন বিভিন্ন জাতিয়ে অসমীয়া ভাষাসংস্কৃতিৰ লগত মিলি যােৱাৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ আৰম্ভ হ'ল। এই ৰূপান্তৰ কোনেও কাকো বল প্রয়ােগ কৰি জাপি দিয়া নাছিল। ই এক স্বাভাৱিক প্রক্রিয়াৰে সম্পন্ন হৈছিল। 

ফলত ভাষাৰ ক্ষেত্ৰত বিভিন্ন শব্দমালা সােমাই পৰিল আৰু সংস্কৃতিৰ ক্ষেত্ৰতাে থলুৱা সংস্কৃতি বাহিৰৰ সংস্কৃতিৰ লগত সংমিশ্ৰিত হৈ এক বলিষ্ঠ সংস্কৃতি সৃষ্টি হােৱাৰ পথত আগবাঢ়িল।


প্রশ্নাৱলী/ভাব-বিষয়ক । 
১। অতি চমু উত্তৰ লিখা ? 
(ক) ত্রয়ােদশ শতিকাত অসমলৈ অহা বহিৰাগত গােষ্ঠী কোনটো? 
(খ) প্রাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্রসিদ্ধ আছিল? 
(গ) কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? 
(ঘ) সকলােকে বান্ধি থােৱা এনাজৰীডাল কি আছিল?
(ঙ) অসমৰ মঙ্গোলীয় গােষ্ঠীৰ লােক কোনবিলাক? 

২। চমু উত্তৰ লিখা ?
(ক) অসমীয়া জনগােষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায় ? 
(খ) কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল? 
(গ) চাহ-উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলােক ক'ৰ ক'ৰ পৰা অসমলৈ আহিছিল? 
(ঘ) পাঠটিত থকা খাদ্য-বস্তুৰ এখন তালিকা প্রস্তুত কৰা।।

৩। অসমৰ পুৰণি সাহিত্যৰ সমলবােৰ কি কি? 
৪। অসমৰ বৈচিত্রপূর্ণ জনগােষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।– কথাষাৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগােষ্ঠীৰ বৈচিত্র্যৰ কথা বর্ণনা কৰা। 
৫। বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লােৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল। ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে, কিহৰ বাহে আঁতৰি পৰাৰ কথা কৈছে – পাঠৰ আলমত বিচাৰ কৰা। 
৬। এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি, ইয়াকনুই কৰাৰ কোনাে যুক্তি-তর্কৰ অবকাশ নাই।'- ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে। নুই কৰাৰ কোনাে যুক্তি তর্কৰ অৱকাশ নাই। বােলা কথাষাৰৰ সত্যাসত্য বিচাৰ কৰা। 
৭। লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।’ – কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। 

৮| তাৎপর্য ব্যাখ্যা কৰা ।
(ক) দেখা যায় সকলােকে বান্ধি থােৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। 
(খ) এই গােটেইবােৰ হ’ল স্বতঃপ্রণােদিতভাৱে হােৱা প্রক্রিয়া।
(গ) এইয়া আছিল দিয়া-লােৱা আৰু এৰা-ধৰাৰ ব্যৱস্থা। 

ভাষা বিষয়ক 
১। সন্ধি ভাঙা 
সংস্কৃতি, জলাঞ্জলি, স্বাধীন। 
২। প্র’ উপসর্গ লগ লগাই তিনিটা শব্দ গঠন কৰা। 
৩। বাক্য ৰচনা কৰা ?
ভাষা-সংস্কৃতি, পূজা-পার্বণ, বেপাৰ-বাণিজ্য, সহজ-সৰল, দিয়া-লােৱা, এৰা-ধৰা।


Conclusion:


Class X Assamese textbook lesson 8 দশম শ্ৰেণী অসমৰ জনগােষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি tu online read kori kene pale aamar logot share koribo pare coment r joriyote.

Tolotu kisumaan related article r link provide kora hoise, check koribo pare.




Class 10 Science/Notes/Solutions















Wrote by Akshay

Post a Comment

0 Comments

People

Ad Code