Recent in Technology

সমসাময়িক দক্ষিণ এছিয়া - [পঞ্চম অধ্যায়] {Q&A}(Notes 2022)


Class-XII(12)/Political Science-[Q/A][Notes][Solutions]-2022 [Free Learning Online][in Assamese][সমসাময়িক দক্ষিণ এছিয়া][পঞ্চম অধ্যায়][Part-A]


সমসাময়িক দক্ষিণ এছিয়া - [পঞ্চম অধ্যায়] {Q&A}(Notes 2022)


(সমসাময়িক দক্ষিণ এছিয়া)





(ক) অতি চমু প্রশ্নোত্তৰ :(প্রত্যেকটোত ১ নম্বৰকৈ):

প্রশ্ন ১ঃ দক্ষিণ এছিয়া বুলিলে কি বুজা?
উত্তৰঃবাংলাদেশ, ভুটান, মালদ্বীপ, নেপাল, পাকিস্তান আৰু শ্রীলংকা, দক্ষিণ এছিয়া উক্তিৰে এই দেশসমূহক সামৰি লয়। দক্ষিণ এছিয়া’ বুলিলে প্ৰতিটো ক্ষেত্ৰত বিভিন্নতা থকা এক ভূৰাজনৈতিক অঞ্চলক আখ্যা দিয়া হয়।


প্রশ্ন ২ঃ চীন দক্ষিণ এছিয়াৰ অংশ নে? 
উত্তৰ : নহয়, চীন দক্ষিণ এছিয়াৰ অংশ।

প্রশ্ন ৩ঃ দক্ষিণ এছিয়াৰ কোনখন ৰাষ্ট্ৰই নিজৰ অর্থনীতিক প্রথমে উদাৰীকৰণ কৰিছিল?
উত্তৰঃ শ্রীলংকা। 

প্রশ্ন ৪ : SAARC ৰ সম্পূর্ণ নাম লিখা।  
উত্তৰ : South Asian Association for Regional Co-operation. 


প্রশ্ন ৫ঃ হয় নে নহয়’ লিখা। SAFTA ইছলামাবাদত অনুষ্ঠিত ১২তম ছার্ক অধিবেশনত সম্পাদিত হয়। 
উত্তৰঃ হয়।

প্রশ্ন ৬ঃ ভাৰতে শ্রীলংকালৈ কিয় শান্তি ৰক্ষা বাহিনী প্ৰেৰণ কৰিছিল?
উত্তৰ : শ্রীলংকাৰ সৈতে ভাৰতৰ এক চুক্তিৰ ফলস্বৰূপে শ্রীলংকাৰ চৰকাৰ আৰু তামিলৰ মাজৰ সম্পৰ্কক স্থায়িত্ব দিবৰ বাবে ভাৰতে শান্তিৰক্ষা বাহিনী প্ৰেৰণ কৰিছিল।

প্রশ্ন ৭ঃ শ্রীলংকাৰ ৰাজনীতিত সংখ্যাগৰিষ্ঠ-সম্প্রদায়ে প্রাধান্য বিস্তাৰ কৰিছে। 
উত্তৰঃ সিংহলি। 


প্রশ্ন ৮ : ভাৰতৰ 'Look EastPolicy’অংশীদাৰ ৰাষ্ট্র কোনখন আছিল। 
উত্তৰঃ শ্রীলংকা। 

প্রশ্ন ৯ঃভাৰতে ১৯৯৮ চনত কোন স্থানত পৰমাণু পৰীক্ষণ কার্যসূটী চলাইছিল।
উত্তৰ : guজৰাটৰ পােৰাণত। 

প্রশ্ন ১০ : SAARCৰ প্ৰধান উদ্দেশ্য কি?
উত্তৰ : দক্ষিণ এছীয় দেশসমুহৰ মাজত সহযােগ স্থাপনৰ কাৰণে এই আঞ্চলিক প্রতিষ্ঠান গঢ়ি তােলা হৈছিল।

প্রশ্ন ১১ঃ কোন ঠাইত চতুর্দশ SAARC শীর্ষ সন্মিলন অনুষ্ঠিত হৈছিল ? 
উত্তৰ : ২০০৭ চনত নতুন দিল্লী।

প্রশ্ন ১২ : কোন বছৰত ভাৰতে শ্রীলংকালৈ শান্তিৰক্ষা বাহিনী প্ৰেৰণ কৰিছিল?
উত্তৰ : ১৯৮৭ চনত।

প্রশ্ন ১৩ : কোন বছৰত ভাৰত আৰু পাকিস্তানে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল?
উত্তৰ : ১৯৯৮ চনত। 

প্রশ্ন ১৪ : শ্রীলংকা কেতিয়া স্বাধীন হৈছিল। 
উত্তৰ : ১৯৪৮ চনত।

প্রশ্ন ১৫ : প্রথম SAARC শীর্ষ সন্মিলনখন ক’ত অনুষ্ঠিত হৈছিল? 
উত্তৰ : ১৯৮৫ চনত ঢাকা (বাংলাদেশ)। 

প্রশ্ন ১৬ : SAARC কেতিয়া গঠিত হৈছিল?
উত্তৰঃ ১৯৮৫ চনৰ ৮ ডিচেম্বৰত বাংলাদেশ ঢাকাত দক্ষিণ এছীয় আঞ্চলিক সহযােগিতা সংস্থাটোৰ গঠন কৰা হয়।

প্রশ্ন ১৭ঃ কোন বছৰত মালদ্বীপত বহুদলীয় ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল? 
উত্তৰ : ২০০৫ চনত। 

প্রশ্ন ১৮ঃ কোন ঠাইত পঞ্চদশ SAARC শীর্ষ সন্মিলন অনুষ্ঠিত হৈছিল ? 
উত্তৰ : ২০০৮ চনত কলম্বাে (শ্রীলংকা)। 

প্রশ্ন ১৯ : কোনগৰাকী ভাৰতীয় প্রধানমন্ত্রীয়ে লাহােৰলৈ ৰাছ যাত্রা কৰিছিল ? 
উত্তৰ : অটল বিহাৰী বাজপেয়ী।



Class-XII Political Science 


Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ



Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ



(খ) চমু প্রশ্নোত্তৰ/(প্রত্যেকটোত ২ নম্বৰকৈ):


প্রশ্ন ১: দক্ষিণ এছিয়াত অন্তর্ভুক্ত ৰাষ্ট্ৰসমূহৰ নাম লিখ। 
উত্তৰঃ দক্ষিণ এছিয়াত অন্তর্ভুক্ত দেশসমূহ হৈছে - ভাৰতবর্ষ, পাকিস্তান, বাংলাদেশ, শ্রীলংকা, নেপাল, ভূটান আৰু মালদ্বীপ। 

প্রশ্ন ২: শূন্যস্থান পূৰণ কৰা। বাংলাদেশ__চনৰ পৰা__চনলৈ পাকিস্তানৰ অংশ আছিল।
উত্তৰঃ ১৭৪৭ চনৰ পৰা ১৯৭১ চনলৈ। 

প্রশ্ন ৩ : শ্রীলংকাৰ পৰস্পৰ বিবদমান দুটা গােটৰ নাম লিখা। 
উত্তৰ : সিংহলি আৰু তামিল।

প্রশ্ন ৪ : Look East Policy কি?
উত্তৰ : ভাৰতবৰ্ষই দক্ষিণ-পূর্ব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ লগত সম্পর্ক বিশেষকৈ অর্থনৈতিক সম্পর্ক বৃদ্ধিৰ যি নীতি গ্রহণ কৰিছেইয়াকে Look East Policy বােলা হয়। 

এই দক্ষিণ-পূর্ব এছিয়াত প্রধানকৈ পাঁচটা ৰাষ্ট্ৰ আছে- 
  1. ইণ্ডোনেছিয়া, 
  2. মালয়েছিয়া, 
  3. ফিলিপাইন, 
  4. ছিংগাপুৰ
  5. থাইলেণ্ড।

প্রশ্ন ৫ : পাকিস্তানে ভাৰতৰ পাৰমাণৱিকপৰীক্ষণৰ ক্ষেত্ৰত কি ধৰণৰ প্রতিক্রিয়া ব্যক্ত কৰিছিল ?
উত্তৰ : ১৯৯৮ চনত ভাৰতে আণৱিক পৰীক্ষা কৰে। ইয়াৰ প্রতিক্রিয়া স্বৰূপে পাকিস্তানে কিছুদিনৰ পাছত ছাগাই পাহাৰত আণৱিক পৰীক্ষা কৰে। তেতিয়াৰে পৰা দুয়াে দেশৰ মাজত এনে এক সামৰিক সম্পর্ক স্থাপন হ’ল যে প্রত্যক্ষ আৰু পূর্ণ যুদ্ধ হােৱাৰ আংশকা কমি গ'ল।

প্রশ্ন ৬ : এনে দুটা বিষয়ৰ নাম উল্লেখ কৰা যত ভাৰত আৰু বাংলাদেশে সহযােগিতা কৰিছে?
উত্তৰঃ 
  • (ক) দুয়ােখন ৰাষ্ট্ৰই দৃঢ়ভাৱে তাৰ সৈতে নিজৰ দেশৰ মাটিক সন্ত্রাসবাদীক ব্যৱহাৰ কৰিব নিদিব বুলি মত প্রকাশ কৰিছে।
  • (খ) দুয়ােখন দেশে অর্থনীতি, বিত্ত, ব্যৱসায়-বাণিজ্য, যাতায়াত যােগাযােগ উন্নতিৰ ক্ষেত্ৰত সন্মিলিত প্রচেষ্টা চলাব বুলি আশা ব্যক্ত কৰিছে।

প্রশ্ন ৭ : ভাৰত আৰু নেপালৰ মাজত বিশেষ সম্পর্ক আছে বুলি ভাবানে? কেনেকৈ?
উত্তৰ : ভাৰত আৰু নেপালে এক বিশেষ সম্পর্ক ৰক্ষা কৰে যি পৃথিৱীত বহু কম আছে। দুয়ােখন দেশৰ মাজত হােৱা চুক্তিয়ে পাছপ'র্ট আৰু ভিছা নােহােৱাকৈ দুয়াে দেশৰ নাগৰিকক যাতায়াত অাৰু কাম কৰাৰ 'অনুমতি দিয়ে। 

উভয়ৰ মাজত কিছু বিভেদ থাকা সত্ত্বেও ভাৰত-নেপালৰ সম্পর্ক স্থায়ী আৰু শান্তিময়। বাণিজ্য, বৈজ্ঞানিক সহযােগ, উমৈহতীয়া প্রাকৃতিক সম্পদ, বিদ্যুৎ উৎপাদন আৰু যুটীয়া জলসম্পদ, নিয়ন্ত্রণ কৰাই দুয়াে দেশক একগােট কৰি ৰাখিছে।

প্রশ্ন ৮ : শ্রীলংকাৰ বিবাদত লিপ্ত দুটা সম্প্রদায়ৰ নাম লিখা। 
উত্তৰঃ সিংহলী, তামিল।

প্রশ্ন ৯ : ভাৰতৰ পাৰমাণৱিক পৰীক্ষণৰ প্রতি পাকিস্তানে কেনে সঁহাৰি দিছিল?
উত্তৰ : ১৯৯৮ চনত বাজপেয়ী চৰকাৰৰ সময়ত ১১ আৰু ১৩ মে ত পােখৰাণ (Pokhran)ত ভাৰতে আণৱিক বিস্ফোৰণৰ পৰীক্ষা কৰে।

প্রশ্ন ১০ : SAARC গঠন কৰা ৰাষ্ট্র সাতখনৰ নাম লিখা। 
উত্তৰ : ভাৰত, বাংলাদেশ, পাকিস্তান, নেপাল, ভূটান, মালদ্বীপ, শ্রীলংকা।

প্রশ্ন ১১ঃ ১৯৯৮ চনৰ ডিচেম্বৰত মুক্ত বাণিজ্য চুক্তি অন্তর্ভুক্ত হােৱা দেশসমূহৰ নাম লিখা।
উত্তৰ : ভাৰত, বাংলাদেশ, পাকিস্তান, নেপাল, ভুটান, মালদ্বীপ, শ্রীলংকা। 

প্রশ্ন ১২ : ফাৰাক্কা সন্ধিত স্বাক্ষৰ কৰা দেশ দুখনৰ নাম লিখা। 
উত্তৰ : ভাৰত আৰু বাংলাদেশ।

প্রশ্ন ১৩ : ভাৰতৰ দক্ষিণ দিশত থকা SAARCৰ যিকোনাে দুখন সদস্য ৰাষ্ট্রৰ নাম লিখা। 
উত্তৰ : শ্রীলংকা, মালদ্বীপ। 

প্রশ্ন ১৪ : চখণ্ড চুক্তিৰ তাৎপর্য লিখা। 
উত্তৰঃ ১৯৬৫ চনত ভাৰত আৰু পাকিস্তানৰ মাজত তাচখণ্ড চুক্তি সম্পাদিত হৈছিল। দুয়াে দেশে একমত হৈছিল যে আলােচনা আৰু শান্তিপূর্ণ উপায়েৰে বিৰােধ মীমাংসা কৰিব।

প্রশ্ন ১৫ঃ ভাৰত আৰু বাংলাদেশৰ মাজৰ সহযােগিতা আৰু বিবাদৰ দুটাকৈ ক্ষেত্ৰৰ উল্লেখ কৰা।
উত্তৰঃ 
  • (ক) সহযােগিতাৰ ক্ষেত্ৰত ব্যৱসায়-বাণিজ্য আৰু জলবণ্টন।
  • (খ) বিবাদৰ ক্ষেত্ৰত সীমা বিবাদ আৰু সন্ত্রাসবাদ। 

প্রশ্ন ১৬ : পাকিস্তানত সুস্থিৰ গণতন্ত্রৰ বিফলতাৰ দুটা কাৰণ লিখা। 
উত্তৰ : পাকিস্তানত গণতন্ত্র স্থায়ীভাৱে প্রতিষ্ঠা কৰিবলৈ ব্যর্থ হােৱাৰ কাৰণ -

  • (ক) সামৰিক বাহিনী, যাজক মণ্ডলী, জমিদাৰী আভিজাত্য (Landown in aristocracy) ৰ ওপৰত থকা সামাজিক প্ৰভাৱৰ বাৰে অতি সঘনে পাকিস্তানত নির্বাচিত চৰকাৰ ক্ষমতাত হয় আৰু সামৰিক শাসন প্রতিষ্ঠা কৰা হয়।
  • (খ) 'ভাৰত তাৰু, পাকিস্তানৰ মাজত থকা সংঘর্ষয়াে ৰাষ্ট্ৰখনত সামৰিক শাসন জনসাধাৰণৰ দ্বাৰা সমর্থিত হৈ আহিছে। ভাৰতৰ এই কার্যহ পাকিস্তানক নিৰাপত্তাৰ । প্রতি সজাগ কৰি তােলে আৰু পাকিস্তানে ১৯৯৮ চনৰ মে’ মাহৰ শেষৰ ফালে বেলুচিস্তানৰ 'চাগাই পাহাৰত একে ধৰণৰ পৰীক্ষা কৰি তাৰ প্রত্যুত্তৰ দিয়ে।

প্রশ্ন ১৭ : ভাৰত আৰু বাংলাদেশে সহযােগিতা কৰা দুটা বিষয় উল্লেখ কৰা। 
উত্তৰ : বাণিজ্য, জলবণ্টন ।

প্রশ্ন ১৮ : SAARC এটা প্রভাৰী সংগঠন কৰি তােলাৰ বাবে ভাৰতে কৰা দুটা প্রচেষ্টাৰ বিষয়ে লিখা।
উত্তৰ : SAARCত ভাৰতৰ বিশষ মর্যাদা আছে। দক্ষিণ এছিয়াৰ ৭২ শতাংশ ভাৰতৰ অন্তর্ভুক্ত। ৭৭ শতাংশ জনসংখ্যা আৰু ৭৮ শতাংশ মুঠ উৎপাদন ভাৰতৰে। ভাৰতৰ সামৰিক শক্তি সমগ্ৰ অঞ্চলৰ ৫০ শতাংশ। 

ভাৰতবৰ্ষই অন্য ছয়খন দেশৰ লগত সীমা ভগাই লৈছে। সেয়ে আটাইতকৈ বৃহৎ ৰাষ্ট্র, অর্থনৈতিক ভূখণ্ড আৰু জনসংখ্যাৰ দিশত আটাইতকৈ শক্তিশালী হােৱাৰ বাবে ছাকত বিশেষ প্রতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে।

প্রশ্ন ১৯ : SAFTAয়ে বুজায় কি?
উত্তৰ : SAFTA ৰ সম্পূর্ণ নাম হৈছে South Asian Free Trade Agreement- ছাৰ্কৰ ১২ তম ইছলামিক সন্মিলনত ২০০৪ চনত এই চুক্তি সম্পাদিত হয়। এই চুক্তিৰ উদ্দেশ্য হৈছে সমগ্র দক্ষিণ এছিয়াৰ বাবে এক মুকলি বাণিজ্য স্থল স্থাপনৰ বাবে প্রতিশ্রুতিবদ্ধ হােৱা ।

প্রশ্ন ২০ : LTTEৰ অর্থ লিখা।
উত্তৰ : ইয়াৰ সম্পূর্ণ নাম হৈছে Liberation Tiger of Tamil Eelam. ১৯৮৩ চনৰ পাছৰে পৰা এই সামৰিক বাহিনীটোৱে শ্ৰীলংকাৰ সেনাৰ সৈতে সশস্ত্র সংগ্রাম কৰি আৰু শ্ৰীলংকাত তামিলসকলৰ বাবে এখন পৃথক ৰাষ্ট্ৰ বিচাৰিছে।

প্রশ্ন ২১ঃ ৰাজতন্ত্রৰ পিছত নেপালত গণতন্ত্র কি দৰে প্ৰৱৰ্তন কৰা হৈছে।
উত্তৰ : ১৯৯০ চনত ৰাজতন্ত্ৰৰ বিৰুদ্ধে গুঢ়ি উঠা কমিউনিষ্ট আন্দোলনৰ পৰিপ্ৰেক্ষিতত ৰজা বীৰেন্দ্ৰই ৰাজনৈতিক সংস্কাৰ সাধন কৰিবলৈ বাধ্য হয়। ফলস্বৰূপে নেপালত সংসদীয় ৰাজতন্ত্র প্রৱৰ্তন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। এই সংসদীয় গণতন্ত্র ৰজা ৰাষ্ট্রৰ মুৰব্বী আৰু প্রধানমন্ত্রী চৰকাৰৰ মুৰব্বী।

প্রশ্ন ২২ : ভাৰত আৰু পাকিস্তানৰ মাজৰ দ্বন্দৰ দুটা ক্ষেত্র উল্লেখ কৰা। 
উত্তৰ : 
  • ১। পাকিস্তান আৰু ভাৰতৰ মাজৰ বিৰােধৰ এটা বিষয় হৈছে কাশ্মীৰ । 
  • ২। নদীৰ পানী বণ্টনক লৈ ভাৰত আৰু পাকিজানৰ মাজত অসন্তোষ আছে।


(গ) দীঘল প্রশ্নোত্তৰ : /(প্রত্যেকটোত ৪ নম্বৰকৈ):

প্রশ্ন ১ঃ দক্ষিণ এছিয়াৰ সকলােবোেৰ ৰাষ্ট্ৰই একে ধৰণৰ ৰাজনৈতিক ব্যবস্থা অনুসৰণ কৰেনে? তােমাৰ উত্তৰৰ সপক্ষে যুক্তি দর্শোৱা। 
উত্তৰঃ দক্ষিণ এছিয়াৰ সকলােবােৰ ৰাষ্ট্ৰত একেই ধৰণৰ ৰাজনৈতিক ব্যৱস্থা নাই। ভাৰতবর্ষ আৰু শ্ৰীলংকাই স্বাধীনতাৰ চিৰ পৰাই গণতান্ত্রিক পৰম্পৰাক মানি চলি: আছে।পাকিস্তান আৰু বাংলাদেশে সামৰিক আৰু অসামৰিক দুয়ােধৰণৰ শাসনৰ তলত আছিল।বর্তমানে বাংলাদেশ গণতান্ত্রিক ব্যৱস্থা আছে। 

২০০৬ লৈক গােলত ৰাজতন্ত্র আছিল। ২০০৬ চনত এক গণ উত্থানে নেপালত দলীয় গণতন্ত্রণ প্রতিষ্ঠা কৰে তাৰ ৰজা নামমাত্র শাসকত পৰিণত হয়। ভূটানত এতিয়াও, ৰাজতন্ত্র ব্যৱস্থা চলি পহে। অৱশ্যেৰজাই পর্যায়ক্রমে চৰকাৰকবহুদলীয় গণতন্ত্ৰলৈ ৰূপান্তৰ কৰাৰ প্রচেষ্টা নাই। মালদ্বীপ ১৯৬৮ চনলৈকে চুলতানৰ শাসনৰ তলতীয়া আছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মালদ্বীপ গণৰাজ্য আৰু ৰাষ্ট্রপতি শাসিত চৰকাৰলৈ পৰিৱর্তিত হয়। 

প্রশ্ন ২ঃ কি কি কাৰণত পাকিস্তানত স্থায়ী গণতন্ত্র প্রতিষ্ঠা হ'ব নােৱাৰিলে ?
উত্তৰঃ পাকিস্তানত এক স্থায়ী গণতন্ত্র প্রতিষ্ঠাৰ ব্যর্থতাৰ কেইবাটাও কাৰণ আছে। সেনাৰ সামাজিক দমন ধর্মীয় যাজক আৰু দুর্বল অভিজাত তই নির্বটত চৰকাৰ দলিয়াই পেলােৱা আৰু সেনাৰ শাসন প্রতিষ্ঠা কৰাত অৰিহণা যােগাইছি।

পাকিস্তান-ভাৰ সংঘাতেও সেনা শাসৰ পক্ষে থকা সকলক অধিক শক্তিশাল কৰি তুলিছে। এওঁলােকৰ মতে পাকিস্তানত ৰাজনৈতিক দৃ আৰু গত সােৱাহ, সেয়েহে ৰাষ্ট্ৰৰ কল্যাণৰ বাবে ইয়াত সেনাৰ শাসনে উপযুক্ত।

যদিও পাকিস্তানত গণতন্ত্র সফল হ’ব পূৰ! তাই, শত গণতন্ত্র এক শিন মত আছে। এক নিভাক অতি ভারত "সংবা মাধ্যম হয়ে আন্দোলনকাৰীসকলও আছে। 

প্রশ্ন ৩ : পূর্ব পাকিস্তানৰ মানুহে কি কি কাৰণত স্বাধীনতা আন্দোলন আৰম্ভ কৰিছিল?
উত্তৰ : ১৯৪৭ চনৰ পৰা ১৯৭১ চনলৈ বাংলাদেশ পাকিস্তানৰ অংশ আছিল। ব্রিটিছ ভাৰতৰ পৰা অসম আৰু বংগক পৃথক কৰা ভূখণ্ডক লৈ ই গঠিত। এই অঞ্চলৰ জনসাধাৰণৰ ভাষা বাংলা আৰু ইয়াৰ সংস্কৃতিৰ লগত পশ্চিম পাকিস্তান সংস্কৃতিৰ সাদৃশ্য নাছিল। 

বাংলা ভাষা আৰু সংস্কৃতিৰ প্রতি পশ্চিম পাকিস্তানৰ বেয়া ব্যৱহাৰে তেওঁলােকৰ মনত অসন্তোষৰ সৃষ্টি কৰিছিল। তেওঁলােকে শাসন উচিত প্রতিনিধিত্বৰৰ দাবী কৰিছিল। পূর্ব পাকিস্তানত ১৯৭০ চনৰ নিৰ্বাচনত শেখ মুজিবুৰৰ নেতৃত্বত আৱামী লীগে সকলাে আসন দখল কৰে আৰু প্ৰস্তাৱিত পাকিস্তানৰ সংবিধান সূভাত সংখ্যাগৰিষ্ঠতা নিশ্চিত কৰে। কিন্তু পশ্চিম পাকিস্তানৰ নেতৃবৃন্দই সভাখন পতাৰ অনুমতি দিয়া নাছিল। 

শেখ মুজিবুৰক গ্রেপ্তাৰ কৰা হয়। এনে পৰিস্থিতিত পূর্ব পাকিস্তানে পশ্চিম পাকিস্তানৰ বিৰুদ্ধে স্বাধীনতা আৰম্ভ কৰিছিল।

প্রশ্ন ৪ঃ বাংলাদেশৰ লগত ভাৰতৰ সুসম্পর্ক আৰু বেয়া সম্পৰ্কৰ দুটা দিশ আঙুলিয়াই দিয়া।
উত্তৰঃ 

সুসম্পর্ক - 

  • (ক) দুয়ােখন ৰাষ্ট্ৰই দৃঢ়তাৰ সৈতে নিজৰ দেশৰ মাটি সন্ত্রাসবাদীক ব্যৱহাৰ কৰিব নিদিব বুলি মত প্রকাশ কৰিছে।
  • (খ) দুয়ােখন দেশে অর্থনীতি, বিত্ত, ব্যৱসায়-বাণিজ্য, যাতায়াত যােগাযােগৰ উন্নতিৰ ক্ষেত্ৰত সম্মিলিত প্রচেষ্টা চলাৰ বুলি আশা ব্যক্ত কৰিছে।

অসন্তোষৰ সম্পর্ক -

  • (ক) গংগাৰ পানীৰ ভাগ-বাটোৱাৰাক লৈ উভয় দেশৰ মাজত অসন্তোষৰ সৃষ্টি হয়। বিশেষকৈ ফাৰাক্কা বান্ধ ভাৰতৰ দ্বাৰা নিৰ্মাণ কৰাৰ পিছত এই দুই দেশৰ মাজত বিভিন্ন চুক্তি সম্পাদিত হলেও বিৰােধ বর্তমান আছে।
  • (খ) অনুপ্ৰৱেশকাৰীক ৰােধ কৰাৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত কাঁইটীয়া তzৰ বেৰ দিয়াক লৈও উভয় দেশৰ মাজত মতবিৰােধ হােৱা দেখা যায়।

প্রশ্ন ৫ : ভাৰত-শ্রীলংকাৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত কি অসুবিধা আছে।
উত্তৰঃ 'ভাৰত বংশােদ্ভূত প্রায় বহুসংখ্যক তামিল মানুহ বহুদিনৰ পৰা শ্রীলংকাত বসবাস কৰে। কিন্তু শ্রীলংকা চৰকাৰে ইয়াৰ এক ক্ষুদ্রতম অংকহেনাগৰিকত্ব প্রদান কৰিছে। বাকী জনসাধাৰণক ভাৰতলৈ উভতি যাবলৈ কোৱা হৈছে। এনে পৰিস্থিতিৰ বাবে ভাৰত-শ্রীলংকাৰ মাজত বিৰােধৰ সৃষ্টি হয়। 

দ্বিতীয়তে, কেতিয়াবা দুখন দেশৰ মৎস্যজীবীসকলে মাছ ধৰাৰ উদেশ্যে সাগৰ সীমা অজ্ঞতাৰে অতিক্ৰম কৰে। এনেদৰে উভয় দেশৰ বহু মৎস্যজীবীক সীমা উলংঘা কৰাৰ বাবে হত্যা কৰা হয় , এনে ধৰণৰ ঘটনাৰ বাবেও উভয়ৰ সম্পৰ্কৰ মাজত তিক্ততাৰ সৃষ্টি হয়।



(ঘ) অতি দীঘল প্রশ্নোত্তৰ /(প্রত্যেকটোত ৬ নম্বৰকৈ):


প্রশ্ন ১| 'ভাৰতৰ প্রতিবেশী ৰাষ্ট্রসমূহে প্রায়ে ভাবে ভাৰতে প্রতিবেশী রাষ্ট্রসমূহৰ আভ্যন্তৰীণ ক্ষেত্রত হস্তক্ষেপ কৰে'তুমি এই ধাৰণাক সঠিক বুলি ভাবানে : যুক্তি দর্শোৱা।
উত্তৰ : নহয়, ই সত্য বাৰণ নহয় । ভাৰতে সদায় অন্য দেশৰ আভ্যন্তৰীণ ক্ষেত্ৰত হস্তশ্নে নকৰা নীতিক বিশাস কৰে আৰু অন্য ৰাষ্ট্ৰক নিয়ন্ত্রণ কৰিবও চেষ্টা নকৰে। ভাবতে শ্রীলংকালৈ নিজৰ শান্তি ৰক্ষা বাহিনী পঠাইছিল শ্রীলংকা চৰকাৰৰ অনুৰোধ মর্মে! শ্রীলংকাই যেতিয়া এই বাহিনীক ওভতাই আনিব কৈছিল, ভাৰতে তৎক্ষণাৎ নিজৰ সৈন্য বাহিনীক ওভতাই আনিছিল। 

ভাৰতে নেপাল আৰু ভূটানৰ দৰে সৰু ৰাষ্ট্ৰসমূহক যথেষ্ট টকা দি এই ৰাষ্টসমূহক অর্থনৈতিক উন্নতিৰ ক্ষেত্ৰত সহায় আগবঢ়াইছে। ২০০৫ চনত পাকিস্তানে ভূমিকম্পৰ সন্মুখীন হােৱা সময়ত ভাৰতে সাহায্য পঠিয়াইছিল। ভাৰতে সঁচাকৈ বিশ্বাস কৰে যে দক্ষিণ এছিয়াৰ ৰাষ্ট্রসমূহে মুক্ত অর্থনৈতিক ব্যৱস্থাৰ নীতি গ্রহণ কৰিলে সমগ্ৰ অঞ্চলটো উপকৃত হ’ব।

 সেয়েহে, ভাৰতে সদায় নিজৰ প্রতিবেশী ৰাষ্ট্ৰসমূহৰ লগত সুসম্পর্ক ৰাখিব বিচাৰে আৰু পার্মানে সহায় সহযােগিতা আগবঢ়াবৰ চেষ্টা কৰে! কিন্তু অন্যায়ভাৱে কেতিয়াও আন দেশৰ আভ্যন্তৰীণ ক্ষেত্রত হস্তক্ষেপ নকৰে।

প্রশ্ন ২ঃ SAFTA কেতিয়া চহী কৰা হয়?'ইয়াৰ প্ৰধান উদ্দেশ্যসমূহ কি কি? 
উত্তৰ: SAFTAৰ সম্পূর্ণ নাম হৈছে- 'South Asian Free Trade Agreement’ ছাৰ ১২তম সন্মিলনত ২০০৪ চনত এই চুক্তি সম্পাদিত হয়। 

এই চুক্তিৰ উদ্দেশ্য হৈছে সমগ্র দক্ষিণ এছিয়াৰ বাবে এক মুকলি বাণিজ্য স্থল স্থাপনৰ বাবে প্রতিশ্রুতিবদ্ধ হােৱা। যদিহে অঞ্চলটোৰ আটাইবােৰ দেশে চাৰিসীমা অতিক্রম কৰি মুকলি বাণিজ্য কৰিবলৈ অনুমতি দিয়ে তেতিয়া শান্তি আৰু সহযােগিতাৰ এক নতুন অধ্যায় স্থাপিত হ’ব। 

২০০৪ চনত এই চুক্তি স্বাক্ষৰিত হয় আৰু ২০০৬ চনৰ ১ জানুৱাৰীৰ পৰা ই কার্যকৰী হয়। SAFTA এ ২০০৭ চনলৈ বাণিজ্য নিৰিখ ২০ শতাংশ হ্রাস কৰাৰ উদ্দেশ্য আছিল।

প্রশ্ন ৩ঃ ছাৰ্কৰ ভূমিকা আৰু সীমাবদ্ধতাৰ বিষয়ে লিখা।
উত্তৰঃ দক্ষিণ এছিয়াৰ দেশবােৰৰ মাজত বহুতাে দ্বিাদ থকা সত্ত্বেও এই দেশবােৰে তেওঁলােকৰ মাজত সহযােগ আৰু বন্ধুত্বমূলক সম্পৰ্কৰ আৱশ্যকতাক মানি লয় ।

ইয়াৰে ফলশ্ৰুতি স্বৰূপে ১৯৮৫ চনত SAARC বা টাউথ এচ'ছিয়েশ্বন ফ’ৰ ৰিজনেল কো-অপাৰেশ্বৰ নামৰ এক আঞ্চলিক সংগঠন গঢ়ি তােলা হয়। ইয়াৰ সদস্যসকল হৈছে- ভাৰত, পাকিস্তান, নেপাল, বাংলাদেশ, ভুটান, শ্রীলংকা আৰু মালদ্বীপ।

SAARC ত ভাৰতৰ বিশেষ মর্যাদা আছে। দক্ষিণ এছিয়াৰ ৭২ শতাংশ অঞ্চল ভাৰতৰ অন্তর্ভুক্ত। ৭৭ শতাংশ জনসংখ্যা আৰু ৭৮ শতাংশ মুঠ উৎপাদন ভাৰতৰ। ভাৰতৰ সামৰিক শক্তি সমগ্ৰ অঞ্চলৰ ৫০ শতাংশ। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত ভাৰতে ছাৰ্কত বিশেষ প্রতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে। ভাৰতে ছাৰ্কৰ অধিৱেশন সমূহত বিভিন্ন ধৰণৰ নতুন ধাৰণা যেনে পৰিৱেশৰ ভিন্নতা, জলবায়ুৰ পৰিৱর্তন, ত’জন লেয়াৰৰ ৰক্ষণ আদি তুলি ধৰিছে। দিল্লীয়ে ছাৰ্কৰ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰিছে। 

SAARC ৰ এখন সন্মিলনত দক্ষিণ এছিয়ান মুক্ত বাণিজ্য চুক্তি সম্পাদিত হৈছিল। ছাৰ্কৰ বিশেষ অধিৱেশনসমূহত কৃষি সংক্রান্ত, বিজ্ঞান আৰু কাৰিকৰী কৌশল সংক্রান্ত বিষয় লৈ আলােচনা অনুষ্ঠিত হৈছে। ছাৰ্কৰ সফলতাৰ ক্ষেত্ৰত বিভিন্ন অন্তৰায় আছে। ৰাষ্ট্রসমূহ উন্নয়নশীল হােৱাৰ বাবে ধনৰ অভাৱ, পৰস্পৰৰ মাজত অবিশ্বাস, আলােচনাৰ মাজত দ্বিপক্ষীয় বিষয়ৰ উত্থাপন আদিয়ে ছাকৰ সন্মিলনক সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে।

ভাৰতৰ সীমা আৰু ইয়াৰ ক্ষমতাক লক্ষ্য কৰি আন আন সদস্য ৰাষ্ট্ৰই ভাৰতক ককায়েক সদৃশ ব্যৱহাৰ কৰাৰ বাবে সমালােচনা কৰে। তেওঁলােকে ভাবে যে ভাৰতে তেওঁলােকক দমন কৰি তেওঁলােকৰ সার্বভৌমত্বৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিব। 

প্রশ্ন ৪ঃ চীনৰ বর্তমান অর্থ ব্যৱস্থা আগৰ পৰা কি ধৰণে পৃথক উল্লেখ কৰা।
উত্তৰ : চীনৰ অৰ্থ ব্যৱস্থাই যােৱা ৩০ বছৰত যথেষ্ট উন্নতি সাধন কৰিছে। পৰিকল্পিত বন্ধ অর্থ ব্যৱস্থাৰ পৰা চীনে মুক্ত আৰু বজাৰ অৰ্থনীতিৰ ফালে গতি কৰিছে।

মাওৰ নেতৃত্বত হােৱা সাম্যবাদী বিপ্লৱৰ পিছত ১৯৪৯ চনত গণ প্রজাতান্ত্রিক হিচাপে ছােভিয়েট আর্থিক গ্ৰহণ কৰা হৈছিল। পুঁজিবাদী দেশসমূহৰ লগত ইয়াৰ কোনাে সম্পর্ক নাছিল। ইয়াৰ আহি আছিল কৃষিৰ পৰা আহৰণ কৰা মুলধনেৰে ৰাষ্ট্ৰৰ মালিকীস্বত্ব গুৰু উদ্যোগ খণ্ড প্রতিষ্ঠা কৰা। চীনে আমদানিৰ বিকল্প হিচাপে। ঘৰুৱা সামগ্রী ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। 

কুৰি শতিকাৰ ৭০ৰ দশকত চীনৰ নেতৃবর্গই গুৰুত্বপূৰ্ণ নীতি সম্পৰ্কীয় সিদ্ধান্ত গ্রহণ কৰিছিল। ১৯৭২ চনত আমেৰিকাৰ লগত সম্পর্ক স্থাপন কৰি ই ৰাজনৈতিক আৰু অর্থনৈতিক বিচ্ছিন্নতাৰ সমাপ্তি ঘটাইছিল ১৯৭৮ চনত চীনৰ নেতা ডেং জিয়াঅ’ পিঙে চীনত ‘মুক্ত দ্বাৰ’ নীতি আৰু অর্থনৈতিক সংস্কাৰৰ নীতি ঘােষণা কৰিছিল। 

এই নীতিৰ মূল উদ্দেশ্য আছিল বিদেশৰ পৰা অনা মূলধন আৰু প্ৰযুক্তিবিদ্যা বিনিয়ােগ কৰি উচ্চ উৎপাদনশীলতা সৃষ্টি কৰা। চীনে তেওঁলােকৰ অর্থনীতি লাহে লাহে মুকলি কৰিছিল। ১৯৮২ চনত কৃষি ব্যক্তিগতকৰণ কৰিছিল আৰু ১৯৯৮ চনত উদ্যোগৰ ব্যক্তিগতকৰণ কৰিছিল!বাণিজ্যৰ ক্ষেত্ৰত থকা প্রতিবন্ধকতাবােৰ কেৱল“বিশেষ অর্থনৈতিকমণ্ডল”বােৰতহে লােহােৱা কৰা হৈছিল। 

চীনৰ অর্থনীতি উদ্যোগ আৰু কৃষি এই দুয়ােটা খও সামৰি লৈ অতি দ্রুত হাৰত বৃদ্ধি পাইছিল।বিদেশ প্রত্যক্ষ বিনিয়ােগৰ বাবে চীন আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষ্যস্থল হিচাপে পৰিগণিত হৈছে। ২০০১ চনত বিশ্ব বাণিজ্য সংগঠনত চীন অন্তর্ভুক্তি হৈছে ইয়াৰ বহির্জগতত জনাজাত কৰাৰ আন এটা পদক্ষেপ।
অতীতৰ বন্ধ অর্থনীতি’ৰ পৰা বৰ্তমানৰ ‘মুক্ত দ্বাৰ অর্থনীতি’ৰ মাজত যথেষ্ট পার্থক্য আছে। সময়ৰ লগত খাপ খুওৱাকৈ নিজৰ অর্থ ব্যৱস্থাক সলনি কৰি চীনে বর্তমান বিশ্বত এক লেখত ল'বলগীয়া দেশত পৰিণত হৈছে।


Political Science Class 12 Notes Chapter 5/class 12 political science chapter 5 notes AHSEC 2021/Class 12 Political Science Quick Revision Notes/Class 12 Political Science Notes Chapter 5/AHSEC/Class 12 Political Science Notes.ভাৰতৰ জলসম্পদ class 12/chapter 5 political science class 12 notes/class 12 political science chapter 5 notes/ভাৰতৰ অৰ্থনীতিত কৃষিৰ ভূমিকা

Post a Comment

0 Comments

People

Ad Code