Recent in Technology

আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহ - [ষষ্ঠ অধ্যায়] {Q&A} - (Notes 2022)

Class-XII(12)/Political Science-[Q/A][Notes][Solutions]-2022 [Free Learning Online][in Assamese][আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহ][ষষ্ঠ অধ্যায়][Part-A]


আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহ - [ষষ্ঠ অধ্যায়] {Q&A} - (Notes 2022)


(আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহ)



(ক) অতি চমু প্রশ্নোত্তৰ (প্রত্যেকটোত ১ নম্বৰকৈ):

প্রশ্নঃ১ : “যুদ্ধতকৈ বকবকনি বেছি ভাল”, কোনে কৈছিল ? 
উত্তৰ : চার্চিল।


প্রশ্ন ২ঃ যেতিয়া ৰাষ্ট্ৰসংঘ চনদখন স্বাক্ষৰ কৰা হৈছিল, তেতিয়া কেইখন ৰাই । ইয়াত স্বাক্ষৰ দান কৰিছিল?
উত্তৰ : ৫১ খন ৰাষ্ট্রই। 

প্রশ্নঃ ৰাষ্ট্ৰসংঘৰ প্রধান উদ্দেশ্য কি? 
উত্তৰ : বিশ্ব শান্তি ৰক্ষা কৰা।

প্রশ্নঃ ৪ : বর্তমানে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ কিমান? 
উত্তৰঃ ১৯২ খন। 


প্রশ্ন ৫ : শূন্য স্থান পূৰণ কৰা নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা
উত্তৰ : ৫ খন। 

প্রশ্ন ৬ঃ বর্তমান ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান কোন? 
উত্তৰ : বান-কি-মুন! 


প্রশ্নঃ IAEAৰ সম্পূর্ণ নাম কি ? 
উত্তৰ : International Atomic Energy Agency. 

প্রশ্ন ৮ ভেটো প্রয়ােগ বুলিলে কি বুজা?
উত্তৰঃ কোনাে এটা সিদ্ধান্ত গ্রহণ কৰাৰ ক্ষেত্ৰত বাধা দান কৰা প্রক্রিয়াক ‘ভেটো প্রয়ােগ বােলে।

প্রশ্ন ৯ : ৰাষ্ট্ৰসংঘৰ প্রথম সচিবপ্রধান কোন আছিল?
উত্তৰঃ Trygve Lie of Norway 

প্রশ্ন-১০: কোনখন দেশে ৰাষ্ট্ৰসংঘ আটাইতকৈ বেছি বদান আগবঢ়োৱায় ? 
উত্তৰ : আমেৰিকা ।

প্রশ্নঃ১১ : কোনটো দিনত ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়।
উত্তৰ : ২৪ অক্টোবৰ।

প্রশ্নঃ ১২ : কোন বছৰত ৰাষ্ট্ৰসংঘই শান্তি সৃষ্টিৰ পুঁজি গঠন কৰিছিল ?
উত্তৰ : ২০০৫ চনত। 

প্রশ্নঃ 13 ৰাষ্ট্ৰসংঘৰ পৰিষদৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ কোন আছিল ? 
উত্তৰ : বিজয়লক্ষ্মী পণ্ডিত। 

প্রশ্নঃ 14 : ৰাষ্ট্ৰসংঘৰ সর্বোচ্চ কার্যবাহীৰ নাম কি? 
উত্তৰ : সচিব প্ৰধান

প্রশ্ন ১৫ : পাৰিপাৰ্শ্বিকতা কাৰ্যসূচী সম্পৰ্কীয় আন্তঃৰাষ্ট্রীয় অঙ্গিকৰণটোৰ নাম লিখা।
উত্তৰ : Green Peace International. 

প্রশ্ন ১৬ : ৰাষ্ট্ৰসংঘৰ সহস্রাব্দ ঘােষণা-পত্ৰ কেতিয়া অনুমােদিত হৈছিল? 
উত্তৰ : ২০০৫ চনত।

প্রশ্ন :17 : NGO সমূহৰ এটা দুর্বলতা লিখা। 
উত্তৰ : নিজৰ সিদ্ধান্ত কার্যকৰী কৰাৰ বাবে আইনগত কর্তব্য নাথাকে। 

প্রশ্ন 18 : ভাৰত কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল? 
উত্তৰ : ৩০ অক্টোবৰ, ১৯৪৫ চনত ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘৰ সদস্য পদ লাভ কৰে।

প্রশ্নঃ19 : নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰহে কেৱল ভােট প্রদানৰ ক্ষমতা আছে। শুদ্ধ/অশুদ্ধ।
উত্তৰ : শুদ্ধ।

প্রশ্ন ২০ : ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সদস্যসকল স্বতঃস্ফূর্তভাৱে আন সকলাে প্রধান অংগৰ সদস্য। শুদ্ধ/অশুদ্ধ।
উত্তৰ : অশুদ্ধ। 

প্রশ্ন 21 : খালী ঠাই পূৰণ কৰা :

(ক) ৰাষ্ট্ৰসংঘৰ মুখ্য উদ্দেশ্য হ’ল শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা। 
উত্তৰ : আন্তর্জাতিক। 

(খ) ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূর্ণ কার্যকৰী সংস্থাটোক কোৱা হয় – উত্তৰ সাধাৰণ সভা। গেৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ -খন স্থায়ী আৰু – খন অস্থায়ী সদস্য ৰাষ্ট্র আছে।
উত্তৰ : ৫, ১০ 

প্রশ্ন :22 : UNDPৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰ : 'United Nations Development Programme. 

প্রশ্ন 23 : ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা কৰােতে কিমান সদস্যই স্বাক্ষৰ কৰিছিল? 
উত্তৰ : প্রথম অৱস্থাত ৫০ খন ৰাষ্ট্ৰই চনত স্বাক্ষৰ কৰিছিল আৰু ১৫ অক্টোবৰত পােলেণ্ডে "বৰ কৰাৰ বাবে ইয়াৰ মুঠ সদস্য ৰাষ্ট্ৰ আছিল ৫১খন। 

প্রশ্ন 24 : ৰাষ্ট্ৰসংঘত বর্তমান কেইখন সদস্য রাষ্ট্র আছে? 
উত্তৰ : ১৯২ খন সদ্য ৰাষ্ট্র।



Class-XII Political Science 


Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ



Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ




(খ) চমু প্রশ্নোত্তৰ /(প্রত্যেকটোত ২ নম্বৰকৈ)


প্রশ্ন ১ঃ আন্তর্জাতিক সংগঠনৰ প্রয়ােজন কিয়?
উত্তৰঃ যুদ্ধৰ সম্ভাৱনাক গাইকিয়া কৰা, বিৰােধী গােটসমূহক আলাপ-আলােচনাৰ মেজলৈ লৈ অনা আৰু বিশ শান্তিৰক্ষা কৰাৰ বাবে আওর্জাতিক সংগঠনৰ প্রয়ােজন।

প্রশ্ন ২ঃৰাষ্ট্ৰসংঘ এখন শ্রেষ্ঠ ৰাষ্ট্ৰনে? যুক্তি দিয়া। 
উত্তৰঃ ৰাষ্ট্ৰসংঘ এখন শ্রেষ্ঠ ৰাষ্ট নহয়। ই সদসঃ ৰাষ্ট্ৰবােৰ ওপৰত কর্তৃত্ব প্রয়ােগ কৰিব নােৱাৰে। ইয়াক ৰাষ্ট্ৰবিলাকে সন্মতিক্রমে সৃষ্টি কৰিছে। 

ইয়াৰ আন আন সদস্য ৰাষ্ট্ৰবােৰৰ ওপৰত সার্বভৌম ক্ষমতা প্রয়ােণৰ অধিকাৰ নাই । আৰু ইয়াৰ সার্বভৌম ক্ষমতাও নাই। সেয়ে, ৰাষ্ট্ৰসংঘ এখন শ্রেষ্ঠ ৰাষ্ট্ৰ নহয়।

প্রশ্ন ৩ঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিদৰ স্থায়ী সদস্য রাষ্ট্র কেইখনৰ নাম লিখা। 
উত্তৰ : আমেৰিকা, ৰাছিয়া, ইংলেণ্ড, ফ্রান্স আৰু চীন। 

প্রশ্ন ৪ঃ স্থায়ী সদস্যসকলে ভােগ কৰা বিশেষ দুটা সুবিধাৰ উল্লেখ কৰা। 
উত্তৰঃ (ক) স্থায়ী সদস্যসকলভেটে’ প্রয়ােগৰ অধিকাৰ আছে।
(খ) ভেটো প্রয়ােগৰ দ্বাৰা তেওঁলােকে কোনে! জৰুৰী সিদ্ধান্ত কার্যকৰী কৰাত বাধা আৰােপ কৰিব পাৰে।

প্রশ্ন ৫ : Ameristy International কি?
উত্তৰঃ Amensty International এক আন্তঃৰাষ্ট্রীয় স্বয়ংসেৱা সংস্থা, যি সংস্থাৰ মূল উদ্দেশ্য হৈছে বিশ্বত মানৱাধিকাৰৰক্ষা কৰা।

প্রশ্ন ৬ঃ বর্তমান বিশ্বত আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘৰ তাৎপর্য কি?
উত্তৰঃ (ক) বর্তমান বিশ্বতৰাষ্ট্ৰসংঘৰ যথেষ্ট তাৎপর্য আছে। ছােভিয়েট ৰাছিয়াল পতনৰ পিছত বিশ্বত একমাত্র মহাশক্তিধৰ দেশ আমেৰিকা ৰৈ গ'ল! 'আমেৰিকা নিয়ন্ত্রণ কৰাৰ শক্তি আন দেশৰ নাই সেই ক্ষেত্ৰতৰাষ্ট্ৰসংঘই আমেৰিকাক কিছুপৰিমানে নিয়ন্ত্রণ কৰিবলৈ সক্ষম।

(খ) ৰাষ্ট্ৰসংঘই একমাত্র সংস্থা যিয়ে যুদ্ধ সংগঠিত হােৱাৰ ক্ষেত্ৰত বাধা pradaan কৰি পুৰবিৰােধী ৰাষ্টসহ আলােচনাৰ বাবে একেটা মত জানিব পাৰে। পৃথিৱীৰ বিভিন্ন অঞ্চলত হ'ব লগা যুদ্ধৰ পৰা ৰাষ্ট্ৰসংঘই দেশসমূহক ৰক্ষা কৰিছে। 

প্রশ্ন ৭ : মানবাধিকাৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত থকা দুটা NGOৰ নাম লিখা।
উত্তৰঃ 

  • (i) Amensty International, 
  • (ii) Human Rights Watch.

প্রশ্ন ৮ ৰাষ্ট্ৰসংঘৰ দুটা সংগঠনৰ নাম লিখা যিয়ে সামাজিক আৰু আর্থিক বিষয়ৰ লগত জড়িত।
উত্তৰঃ 

  • (ক) অর্থনৈতিক আৰু সামাজিক পৰিষদ। 
  • (খ) আন্তর্জাতিক শ্রমিক সংস্থা।

প্রশ্ন ৯ঃ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলে উপভােগ কৰা দুটা সুবিধা। উল্লেখ কৰা।
উত্তৰঃ ভেটো ক্ষমতা নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলে ভেটো ক্ষমতা প্রয়ােগ কৰিব পাৰে।

প্রশ্ন ১০ : "Amnesty International. 
উত্তৰঃ Amnesty international এটা বেচৰকাৰী সংস্থা। ১৯৬১ চনত লণ্ডনত আইনজীৱী পিটাৰ বেনেনচন (Peter Benelison)য়ে এই সংস্থাটো প্রতিষ্ঠা কৰিছিল। মানৱ অধিকাৰৰ অপপ্রয়ােগ ৰােধ আৰু ভংগ কৰাৰ ক্ষেত্ৰত ন্যায় দাবী কৰাই এই সংস্থাৰ প্ৰধান উদ্দেশ্য।


প্রশ্ন 11: সমগ্র বিশ্বতে মানৱ অধিকাৰৰ সুৰক্ষাৰ হকে কাম কৰা দুটা NGO ৰ নাম লিখা।
উত্তৰঃ Amnesty International, Human Rights Watch. 

প্রশ্ন ১২ : নিৰস্ত্রীকৰণৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি কি?
উত্তৰ : ভাৰতবৰ্ষই সদায় আক্রমণাত্মক মাৰণাস্ত্রসমূহ নিয়ন্ত্রণ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘক সমর্থন জনাইছে। 

যদিও ভাৰতে কুইবাৰ পাৰমাণৱিক শক্তিৰ পৰীক্ষণ কৰিছে কিন্তু লগতে স্পষ্ট কৰি দিছে যে নিজৰ নিৰাপত্তাৰ বাবেই এই পৰীক্ষণ কার্য কৰা হৈছে। ভাৰতবৰ্ষই সকলাে দেশকে শান্তিৰ বাবে আণবিক শক্তি ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনাইছে।

প্রশ্ন ১৩ : ৰাষ্ট্ৰসংঘৰ সচিবালয় ক’ত অৱস্থিত? ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী সচিবপ্রধান কোন আছিল?
উত্তৰ : Newyork, প্রথম সচিব, গ্লেডীন যেৰ

প্রশ্ন ১৪ : নিৰাপত্তা পৰিষদৰ কার্য কি?
উত্তৰঃ নিৰাপত্তা পৰিষদক তলত উল্লেখ কৰা দায়িত্বসমূহ প্রদান কৰিছে :-
(ক) নিৰাপত্তা পৰিষদে যিকোনাে বিবাদ সম্পর্কে আলােচনা বা তদন্ত কৰিব পাৰে আৰু সদস্য ৰাষ্ট্রসমূহক এনে সমস্যাৰ শান্তিপূর্ণ মীমাংসাৰ বাবে পৰামর্শ আগবঢ়াব পাৰে ।
(খ) নিৰাপত্তা পৰিষদৰ যথেষ্ট নির্বাচনী ক্ষমতা আছে। এই পৰিষদে নতুন ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰসংঘত অন্তর্ভুক্তিৰ ক্ষেত্ৰত সাধাৰণ সভাক পৰামর্শ দিয়ে।

প্রশ্ন ১৫ : নিৰাপত্তা পৰিষদ গাঁথনি সম্পর্কে লিখা।
উত্তৰ : নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূর্ণ অংগ। আৰম্ভণিতে পৰিষদৰ স্থায়ী সদস্য ৫ জন আৰু অস্থায়ী সদস্য ৬ জন আছিল। ১৯৬৫ চনত অস্থায়ী সদস্য সংখ্যা ১০ জনলৈ বৃদ্ধি কৰা হয়। 

নিৰপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নির্বাচিত কৰে। ইয়াৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ’ল - 

  • আমেৰিকা যুক্তৰাষ্ট্র, 
  • গ্রেট ব্রিটেইন, 
  • ফ্রান্স, 
  • ৰুছিয়া আৰু 
  • চীন।

প্রশ্ন ১৬ : ৰাষ্ট্ৰসংঘৰ সংস্কাৰ কিয় বিচৰা হৈছে?
উত্তৰ : পৰিৱর্তিত পৰিৱেশত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা ৰক্ষা কৰাৰ বাবে কেইটামান পদক্ষেপ গ্রহণ কৰাৰ সিদ্ধান্ত লােৱা হয়।
(ক) শান্তিৰক্ষা আয়ােগৰ প্ৰতিষ্ঠা। 
(খ) যদি কোনাে ৰাষ্ট্ৰই নিজৰ নাগৰিকসকলক যিকোনাে ধৰণৰ অত্যাচাৰ অথবা বিপদৰ পৰা ৰক্ষা কৰিবলৈ ব্যর্থ হয়, তেন্তে আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ে সেই দায়িত্ব বহন কৰিব লাগে।

প্রশ্ন ১৭ : বর্তমান এক মেৰুবিশিষ্ট বিশ্বত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা কি? 
উত্তৰঃ এক মেৰুকৰণৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘই হৈছে এনে একমাত্র প্রতিষ্ঠান যি প্রতিষ্ঠানে আমেৰিকাৰ স্বেচ্ছাধীন ক্ষমতাৰ ওপৰত কিছু পৰিমাণে হলেও নিয়ন্ত্রণ আৰােপ কৰিব পাৰে।

প্রশ্ন ১৮ : ৰাষ্ট্ৰসংঘৰ মুখ্য উদ্দেশ্য কি?
উত্তৰ : (ক) আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা। যদি কোনাে ৰাষ্ট্ৰই আন্তর্জাতিক শান্তি ভংগৰ কাৰণে ভাবুকি দিয়ে তেন্তে বাষ্ট্রসংঘই তাত বাধা প্রদান কৰিব পাৰে।
(খ) সমতা আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত বিশ্বর বিভিন্ন ৰাষ্ট্ৰৰ মাজতন্ধুত্ব স্থাপন কৰিবৰ কাৰণে চেষ্টা কৰা তদুপৰি বিশ্বশান্তি ৰক্ষণৰ কাৰণে আৱশ্যকীয় সকলাে ব্যৱস্থা গ্ৰহণ কৰা।


(গ) দীঘল প্রশ্নোত্তব /(প্রত্যেকটোত ৪ নম্বৰকৈ) 


প্রশ্ন ১ঃ নিৰাপত্তা পৰিষদৰকার্যাৱলী কি কি?
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ চনদে নিৰাপত্তা পৰিষদক তলত উল্লেখ কৰা দায়িত্বসমূহ প্রদান কৰিছে।
(ক) নিৰাপত্তা পৰিষদে যিকোনাে বিবাদ সম্পর্কে আলােচনা বা তদন্ত কৰিব পাৰে আৰু সদস্য ৰাষ্ট্রসমূহক এনে সমস্যাৰ শান্তিপূর্ণ মীমাংসাৰ বাৰে পৰামর্শ আগবঢ়াব পাৰে।
(খ) নিৰাপত্তা পৰিষদৰ যথেষ্ট নির্বাচনী ক্ষমতা আছে। এই পৰিষদে নতুন ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰসংঘত অন্তর্ভুক্তিৰ ক্ষেত্ৰত সাধাৰণ সভাক পৰামর্শ দিয়ে।
(গ) ইয়াৰ স্থায়ী সদস্য রাষ্ট্রসমূহৰ ‘ভেটো প্রয়ােগৰ ক্ষমতা আছে। এই ক্ষমতা প্রয়ােগ কৰি যিকোনাে সদস্য ৰাষ্ট্ৰই এটা নির্দিষ্ট সিদ্ধান্ত লােৱাৰ ক্ষেত্ৰত বাধা প্রদান কৰিব পাৰে।
(ঘ) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ দ্বাৰা কোনাে সদস্য ৰাষ্ট্ৰক বহিষ্কাৰ কৰাৰ ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ অনুমােদন প্রয়ােজন।

প্রশ্ন ২ঃ-তুমি ৰাষ্ট্ৰসংঘক এক সার্থক আন্তর্জাতিক সংগঠন বুলি ভাৰানে? যুক্তি দর্শোৱা।
উত্তৰঃ ৰাষ্ট্ৰসংঘ এখন সার্থক আন্তর্জাতিক সংগঠন। বিশ্বত শান্তি আৰু নিৰাপত্তা প্রতিষ্ঠা কৰাৰ বাবে বিশ্বৰ নেতৃবর্গ এই আন্তর্জাতিক প্রতিষ্ঠান গঢ়ি তুলিছিল। 

বিভিন্ন ৰাষ্ট্রৰ মাজত সংঘটিত বিবাদসমূহৰ শান্তপূর্ণ মীমাংসাৰ ক্ষেত্ৰত এনে প্রতিষ্ঠানে উল্লেখযােগ্য ভূমিকা পালন কৰে। তদুপৰি পৃথিৱীয়ে এনে কিছুমান সমস্যাৰ বা প্রত্যাহ্বানৰ সন্মুখীন হয় যি সমস্যাসমূহ সকলােৰে মিলিত প্রচেষ্টাৰ অবিহনে সমাধান কৰা নাযায়।

এনে ক্ষেত্ৰত এই আন্তর্জাতিক প্রতিষ্ঠানে সকলাে ৰাষ্ট্রৰ মাজত সহযােগিতা স্থাপন কৰাৰ চেষ্টা কৰে। উদাহৰণ স্বৰূপে কিছুমান বেমাৰ সম্পূৰ্ণৰূপে নির্মূল কৰিব পৰা যায় যেতিয়া সকলাে ৰাষ্ট্ৰই ইয়াৰ টীকাকৰণৰ ক্ষেত্ৰত আগবাঢ়ি আহে।

প্রশ্ন ৩ঃ বিশ্ব বাণিজ্য সংস্থা (WTO)ৰ ওপৰত এটি টোকা লিখা।
উত্তৰঃ বিশ্ব বাণিজ্য সংস্থা এটি আন্তর্জাতিক সংগঠন, যি বিশ্ব বাণিজ্য নীতি প্রণয়ন কৰে। দ্বিতীয় মহাযুদ্ধৰ পিছত বাণিজ্য আৰু শুল্ক বিষয়ক চুক্তিৰ উত্তৰাধিকাৰী সুত্রে এই সংস্থা ১৯৯৫ চনত স্থাপন কৰা হয়। ইয়াৰ মুঠ সদস্য সংখ্যা ১৫০ জন আছিল। 

ইয়াৰ সকলাে সিদ্ধান্ত সর্বসম্মতিক্রমে লােৱা হয়। কিন্তু প্রধান অর্থনৈতিক শক্তি যেনে - যুক্তৰাষ্ট্র, ইউৰােপীয়ান ইউনিয়ন আৰু জাপানে নিজৰ স্বার্থ সিদ্ধি পুৰণ কৰাৰ বাবে ইয়াক ব্যৱহাৰ কৰা দেখা যায়। উন্নয়নশীল দেশসমূহে এনে কাৰ্যৰ বিৰুদ্ধাচৰণ কৰা দেখা যায়।

প্রশ্ন ৪ঃ নিৰাপত্তা পৰিষদত তুমি ভাৰতৰ স্থায়ী সদস্য পদ বিচাৰানে? যুক্তিসহ উত্তৰ লিখা।
উত্তৰ : ভাৰতৰ নাগৰিক হিচাপে মই ভাৰতৰ এই দাবীক পূর্ণ সমর্থন জনাওঁ। কাৰণ -
(ক) ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় জনবহুল দেশ। 
(খ) ভাৰতবৰ্ষই বিশ্বৰ আটাইতকৈ বৃহত্তম গণতন্ত্র আৰু গণতান্ত্রিক মূল্যবােধক স্বীকৃতি দিয়ে।
(গ) ৰাষ্ট্ৰসংঘৰ সকলাে ধৰণৰ কার্যত ভাৰতে সক্রিয়ভাৱে অংশ গ্রহণ কৰে। 
(ঘ) ৰাষ্ট্ৰসংঘৰ বছৰেকীয়া বাজেটত ভাৰতে নিয়মীয়াকৈ অৱদান যােগায়।
(ঙ) ভাৰতবৰ্ষই মানবাধিকাৰক সন্মান জনায় আৰু সকলাে ধৰণৰ মানৱাধিকাৰক ৰক্ষাৰ কাৰণে সচেষ্ট থাকে।
(চ) ভাৰতবৰ্ষই অর্থনৈতিক ক্ষেত্ৰতাে যথেষ্ট উন্নতি সাধন কৰিছে। এছিয়াৰ ভিতৰত অর্থনৈতিক দিশত ভাৰত দ্বিতীয় স্থানত আছে।

ওপৰত উল্লেখ কৰা চৰ্তসমুহৰ দ্বাৰা স্পষ্টভাৱে দেখুৱা হৈছে যে ভাৰতৰ এই দাবী যুক্তিযুক্ত।

প্রশ্ন ৫: বিশ্ব বেংক সম্পর্কে টোকা লিখা।
উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছতেই বিশ্ব বেংক গঠন কৰা হয়। ইয়াৰ প্রধান কার্যসমূহ এনে ধৰণৰ -
  • (ক) বিশ্ব বেংকে মানৱ সম্পদ, কৃষি, গ্রাম্য উন্নয়ন, পৰিৱেশ ৰক্ষা, আন্তঃগাঁথনি, প্রশাসনীয় আদি দিশত উন্নতিৰ বাবে কার্য কৰে।
  • (খ) সদস্যৰাষ্ট্ৰসমুহক ঋণ আৰু অনুদান আগবঢ়ায়। এইদৰে বিশ্ব বেংকেউন্নয়নশীল দেশসমুহৰ অর্থনৈতিক নীতিৰ ওপৰত যথেষ্ট প্রভাৱ বিস্তাৰ কৰে।
  • (গ) আন্তর্জাতিক বাণিজ্যৰ ক্ষেত্ৰত দীর্ঘকালীন ভাৰসাম্য স্থাপনৰ বাবে উৎপাদনশীল সম্পদৰ ক্ষেত্ৰত আন্তর্জাতিক বিনিয়ােগৰ ওপৰত গুৰুত্ব দিয়ে।
  • (ঘ) ধন বিনিয়ােগৰ জৰিয়তে সদস্য ৰাষ্ট্ৰসমূহৰ পুনর্গঠন আৰ উন্নয়নৰ বাবে প্রচেষ্টা চলায়।


(ঘ) অতি দীঘল প্রশ্নোত্তৰ :


প্রশ্ন ১ : এক মেৰকৰণ বিশ্বত ৰাষ্ট্ৰসংঘক তুমি আমেৰিকাৰ ক্ষেত্ৰত ভাৰসাম স্থাপন কৰা প্রতিষ্ঠান বুলি ভাবানে? যুক্তিসহ উত্তৰ লিখা।
উত্তৰঃ শীতল যুদ্ধৰ অন্ত পৰাৰ লগে লগে আমেৰিকা সন্দেহাতীতভাৱে বিশ্বৰ একমাত্র মহাশক্তিধৰ দেশ হিচাপে পৰিণত হয়। 

পৃথিরীত এনে কোনাে শক্তিধৰ দেশ নাই যি দেশে আমেৰিকাৰ স্বেচ্ছাধীন ক্ষমতাক নিয়ন্ত্রণ কৰিব পাৰে। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘ হৈছে এনে একমাত্র প্রতিষ্ঠান যি প্রতিষ্ঠানে আমেৰিকাৰ স্বেচ্ছাধীন ক্ষমতাৰ ওপৰত কিছু পৰিমাণে হ'লেও নিয়ন্ত্রণ আৰােপ কৰিব পাৰে।

অৱশ্যে ৰাষ্ট্ৰসংঘৰ পক্ষে সহজে আমেৰিকাক নিয়ন্ত্রণ কৰা সম্ভৱ নহয়, কিয়নাে ৰাষ্ট্ৰসংঘ আমেৰিকাৰ নিউইয়র্ক মহানগৰীত অৱস্থিত আৰু ইয়াৰ অধিকাংশ আধিকাৰিক হৈছে আমেৰিকাৰ নাগৰিক । 

তদুপৰি আমেৰিকাই ৰাষ্ট্ৰসংঘক এক বুজন পৰিমাণৰ ধন বাশি অনুদান হিচাপে প্ৰদান কৰে আৰু নিৰাপত্তা পৰিষদত আমেৰিকাৰ নাকাৰাত্মক ভােট অর্থাৎ ‘ভেটো প্ৰদানৰ ক্ষমতা আছে। 

সেয়েহে ৰাষ্ট্ৰসংঘয়াে আমেৰিকাৰ ক্ষমতা প্রকৃত ভাৰসাম্য প্রতিষ্ঠান হিচাপে কার্যনির্বাহ কৰিব নােৱাৰে। তথাপি, একমেৰুকৰণ বিশ্বত ৰাষ্ট্ৰসংঘই বিভিন্ন বিষয়ত আমেৰিকা আৰু অন্যান্য ৰাষ্ট্রৰ মাজত আলােচনাৰ সুবিধা কৰি দিব পাৰে। 

আমেৰিকায়াে মানিবলৈ বাধ্য হৈছে যে বিভিন্ন আন্তর্জাতিক দ্বন্দ্ব, সামাজিক, অর্থনৈতিক উন্নতিৰ প্রশ্ন জড়িত বিষয়ত ৰাষ্ট্ৰসংঘই বিশ্বৰ ১৯০ খন দেশৰ মাজত আলােচনাৰ সুবিধা প্রদানৰ ব্যৱস্থা কৰিব পাৰে। ৰাষ্ট্ৰসংঘই অন্ততঃ এখন ঠাই প্রদান কৰিব পাৰিছে য'ত আমেৰিকাৰ দৃষ্টিভংগী আৰু নীতিসমূহৰ সংস্কাৰৰ বাবে আহ্বান জনােৱাৰ সুবিধা আছে।

আমেৰিকাৰ লগত ৰাষ্ট্ৰসংঘৰ তুলনা কৰিব পৰা নাযায় যদিও ইয়াৰ ভুমিকাক অস্বীকাৰ কৰিব পৰা নাযায়। গােলকীকৰণৰ যুগত ৰাষ্ট্ৰসংঘৰ প্রতিপত্তি বৃদ্ধি পাই আছে। পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰই নিজৰ আৰু বহল অর্থত বিশ্ব সম্প্রদায়ৰ স্বাৰ্থ আৰু সুবিধাৰ বাবে এই প্রতিষ্ঠান নিশ্চয় ব্যৱহাৰ কৰিব পাৰে।

প্রশ্ন ২ঃ ৰাষ্ট্ৰসংঘক সংস্কাৰ কৰা মানে নিৰাপত্তা পৰিষদক সংস্কাৰ কৰা’,- মন্তব্য কৰা।
উত্তৰ : হয়, ৰাষ্ট্ৰসংঘক সংস্কাৰ কৰা মানে নিৰাপত্তা পৰিষদক পুনর্গঠন কৰা ! নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ আটাইতকৈ প্ৰভাৱশালী অংগ, যি অংগই বিশ্ব শান্তি ৰক্ষাৰ বাবে দায়বদ্ধ। ইয়াৰ সদস্য সংখা ১৫-৫ জন স্থায়ী সদস্য আৰু ১০ জন অস্থায়ী সদস্য যিসকলক প্রতি ২ বছৰৰ বাবে সাধাৰণ সভাই নির্বাচিত কৰে।

পাঁচজন স্থায়ী সদস্যই ‘ভেটো’প্রয়ােগৰ ক্ষমতা ভােগ কৰে। ইয়াৰ অৰ্থ হৈছে এজন সদস্যই যদি নাকাৰাত্মক ভােট প্রদান কৰে তেনেহ'লে সিদ্ধান্ত ল'ব পৰা নাযায়। ইয়াৰ অর্থ হৈছে নিৰাপত্তা পৰিষদত স্থায়ী সদস্য ৰাষ্ট্রসমূহ বা ইয়াৰ বন্ধু ৰাষ্ট্ৰসমূহৰ বিৰুদ্ধে। 

কোনাে সিদ্ধান্ত ল'ব পৰা নাযায়। শান্তিৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি হলে বা দুই বা ততােধিক ৰাষ্ট্ৰৰ মাজত যুদ্ধ লগাৰ আশংকা দেখা দিলে নিৰাপত্তা পৰিষদে শাস্তি স্থাপনৰ বাবে সচেষ্ট হ'ব লাগে। 

সেয়ে নিৰাপত্তা পৰিষদ যিহেতুৰাষ্ট্ৰসংঘৰ আটাইতকৈ শক্তিশালী অংগ, ইয়াৰ সংস্কাৰৰ প্রয়ােজন যাতে অধিক সংখ্যক ৰাষ্ট্ৰক ইয়াৰ সদস্য হিচাপে অন্তর্ভুক্ত কৰা উচিত।



আন্তর্জাতিক সংগঠন class 12/ নিৰাপত্তা পৰিষদৰ মুঠ সদস্য সংখ্যা/ভেটো কি অসমীয়া/ভেটো ক্ষমতা কি অসমীয়া/এক মেৰু বিশ্বত আন্তৰ্জাতিক সংগঠন/আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য/আন্তর্জাতিক সংস্থা class 10/ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য/আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বুলিলে কি বুজা/সামাজিক সংস্থা class 12 question answer/ৰাষ্ট্ৰসংঘৰ প্রথম সচিব প্ৰধান কোন?/ৰাষ্ট্ৰসংঘৰ দুটা মুখ্য উদ্দেশ্য উল্লেখ কৰা।/আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ নিৰ্ভৰশীলতা তত্ত্বটো আলোচনা কৰা/ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল/ৰাষ্ট্ৰসংঘ কেতিয়া স্থাপিত হৈছিল? ইয়াৰ মূল লক্ষ্যটো কি?/ৰাষ্ট্ৰসংঘৰ ভূমিকা/ৰাষ্ট্ৰসংঘ কেতিয়া গঠন হৈছিল?/ৰাষ্ট্ৰসংঘৰ অংগ/ৰাষ্ট্ৰসংঘৰ গঠন/সমতা বুলিলে কি বুজা?/মানৱ অধিকাৰৰ প্ৰাসংগিকতা

বিশ্বায়ন hs 2nd year/ৰাষ্ট্ৰসংঘ কেতিয়া স্থাপিত হৈছিল?/ইয়াৰ মূল লক্ষ্যটো কি?/আন্তৰ্জাতিক সংগঠন/আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ/ভেটো ক্ষমতা বুলিলে কি বুজা/দ্বিতীয় বিশ্বৰ ভাঙোন আৰু দ্বি মেৰুৰ পৰিসমাপ্তি/আন্তৰ্জাতিক সম্পৰ্ক/নিৰাপত্তা পৰিষদ/class 12 political science chapter 6/International Organisations/class 12 Political Science – Part I – Chapter 6/ষষ্ঠ অধ্যায়/আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহ /আন্তর্জাতিক সংগঠন class 12

Post a Comment

0 Comments

People

Ad Code