Recent in Technology

একদলীয় আধিপত্যৰ যুগ - [প্রথম অধ্যায়] {Q&A}-(Part-B/Notes)

Class-XII(12)/Political Science-[Q/A][Notes][Solutions]-2022 [Free Learning Online][in Assamese][একদলীয় আধিপত্যৰ যুগ][প্রথম অধ্যায়][Part-B]


একদলীয় আধিপত্যৰ যুগ - [প্রথম অধ্যায়] {Q&A}-(Part-B/Notes)


(একদলীয় আধিপত্যৰ যুগ)





(ক) অতি চমু প্রশ্নোত্তৰ/ (প্রত্যেকটোত ১ নম্বৰকৈ)


প্রশ্ন ১: ভাৰতীয় সংবিধান কেতিয়া বলবৎ কৰা হৈছিল ? 
উত্তৰ : ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা।


প্রশ্ন ২ : অন্য বহুতো দেশৰ নেতাসকলে কিয় সিদ্ধান্ত লৈছিল যে। ভাৰতে গণতন্ত্র প্রতিষ্ঠা কৰিবলৈ সফল নহ'ব?
উত্তৰ : কাৰণ ভাৰতত বহুতাে অশিক্ষিত আৰু দৰিদ্র লােক ছিল, ভাৰত এখন জনবহুল বিশাল দেশ আৰু বহুতাে অনৈক্য থকাৰ বাবে।


প্রশ্ন ৩ : ভাৰতত নির্বাচন আয়ােগ কেতিয়া গঠন কৰা হৈছিল ? 
উত্তৰ : ১৯৫০ চনৰ জানুৱাৰী মাহত। 

প্রশ্ন ৪ : ভাৰতৰ প্রথম মুখ্য নির্বাচনী আয়ুক্ত কোন আছিল ? 
উত্তৰ : সুকুমাৰ সেন।


প্রশ্ন ৫ : নির্বাচন আয়ােগে কিয় প্রথমখন ভােটাৰ তালিকা নাকচ কৰিছিল ?
উত্তৰ : প্রায় ৪০ লাখ মহিলাৰ নাম ভােটাৰ তালিকাৰ পৰা বাদ পৰা বাবে।

প্রশ্ন ৬ : EVMৰ সম্পূর্ণ নামটো লিখা।
উত্তৰ : ইলেক্ট্রনিক ভোটিং মেচিন।

প্রশ্ন ৭ : কোন চনত দেশৰ প্ৰথমটো সাধাৰণ নির্বাচন অনুষ্ঠিত কৰা হৈছিল? 
উত্তৰ : ১৯৫২ চনত।

প্রশ্ন ৮ : চৰকাৰ গঠন কৰিবলৈ কংগ্ৰেছে কিমান সংখ্যাগৰিষ্ঠ আসন লাভ কৰিছিল?
উত্তৰ : তিনিবাৰ।

প্রশ্ন ৯ : ১৯৫২ চনৰ লােকসভাৰ নিৰ্বাচনত কংগ্ৰেছে কিমান শতাংশ ভােট লাভ কৰিছিল?
উত্তৰ : ৪৫ শতাংশ। 

প্রশ্ন ১০ : কংগ্ৰেছ সমাজবাদী দল কেতিয়া গঠন কৰা হৈছিল? 
উত্তৰ : ১৯৩৪ চনত। 

প্রশ্ন ১১ : PRI ৰ প্ৰতিষ্ঠাপক কোন আছিল ? 
উত্তৰ : পি ই কেলছ।

প্রশ্ন ১২ : বিশ্বৰ এনে দুখন দেশৰ নাম লিখা যত সংবিধানে কেৱল এটা দলকহে অনুমতি প্রদান কৰিছে?
উত্তৰ : চীন আৰু কিউবা। 

প্রশ্ন ১৩ : সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল ? 
উত্তৰ : ভীমৰাও আম্বেদকাৰ। 

প্রশ্ন ১৪ : বলচেভিক বিপ্লৱ কোনখন দেশত হৈছিল? 
উত্তৰ : ছছাভিয়েট ৰাছিয়াত। 

প্রশ্ন ১৫ : ভাৰতীয় জনসংঘ কেতিয়া গঠন কৰা হৈছিল? 
উত্তৰ : ১৯৫১ চনত। 

প্রশ্ন ১৬ : ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? 
উত্তৰ : শ্যামা প্রসাদ মুখার্জী। 

প্রশ্ন ১৭ : স্বতন্ত্র দল কেতিয়া গঠিত, হৈছিল? 
উত্তৰ : ১৯৫৯ চনত। 

প্রশ্ন ১৮ঃ চৰকাৰৰ পৰা স্বতন্ত্র দলে কি বিচাৰিছিল?
উত্তৰঃ অর্থনৈতিক ক্ষেত্ৰত ৰাষ্ট্ৰৰ হস্তক্ষেপ কম হােৱাটো বিচাৰিছিল। 

প্রশ্ন ১৯ : দুটা ম'হৰ মাজত যুঁজ লাগিলে বিৰিণাৰ কি হয়? 
উত্তৰ : মৰণ হয়। 

প্রশ্ন ২০ : স্বতন্ত্র পার্টীয়ে চৰকাৰৰ পৰা কি বিচাৰিছিল?
উত্তৰঃ স্বতন্ত্র পার্টিয়ে ৰাজহুৱা খণ্ডৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ ওপৰত জোৰ দিছিল।

প্রশ্ন ২১ কেতিয়া আৰু কাৰ দ্বাৰা ভাৰতত কংগ্ৰেছ পাটি গঠিত হৈছিল?
উত্তৰ : ১৮৮৫ চনত আলেন অক্টোভিয়ান হিউমৰ দ্বাৰা কংগ্ৰেছ পার্টি গঠিত হৈছিল।

প্রশ্ন ২২ : প্ৰথমটো সাধাৰণ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব কোনে দিছিল?
উত্তৰ : জৱাহৰলাল নেহৰু। 

প্রশ্ন ২৩ঃ ভাৰতীয় দলীয় ব্যৱস্থাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। 
উত্তৰ : বহুদলীয় ব্যৱস্থা। 

প্রশ্ন ২৪ : ১৯৫৭ চনত কেৰালাত কোন দলে চৰকাৰ গঠন কৰিছিল? 
উত্তৰ : চি পি আই দলে চৰকাৰ গঠন কৰিছিল। 

প্রশ্ন ২৫ : কোন চনত ছচিয়েলিষ্ট পার্টি গঠিত হৈছিল ? 
উত্তৰ : ১৯৩৪ চনত। 

প্রশ্ন ২৬ : ভাৰতীয় জনতা পার্টি গঠন কোন দলৰ পৰা হৈছিল ? 
উত্তৰ : জনসংঘ। 

প্রশ্ন ২৭ : কোন বছৰত একদলীয় শাসন ব্যৱস্থাৰ যুগ আৰম্ভ হৈছিল ? 
উত্তৰ : ১৯৫২ চনত। 

প্রশ্ন ২৮ঃ কোনটো ভাৰতীয় দল এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণি দল? 
উত্তৰ : ভাৰতীয় জাতীয় কংগ্রেছ। 

প্রশ্ন ২৯ : দীন দয়াল উপাধ্যায় কোন আছিল? 
উত্তৰঃ দীন দয়াল উপাধ্যায় ভাৰতীয় জনসংঘৰ এক উল্লেখযােগ্য নেতা আছিল। 

প্রশ্ন ৩০ : কংগ্ৰেছক কোনে ছাত্র সংগঠন বুলিছিল? 
উত্তৰঃ Palmer-এ এই মন্তব্য আগবঢ়াইছিল।



Class-XII Political Science 


Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ



Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ




(খ) খালী ঠাই পূৰাবলৈ শুদ্ধ বিকল্প বাছি উলিওৱা।


প্রশ্ন ১: ১৯৫২ চনত হােৱা সাধাৰণ নিৰ্বাচনত লােকসভাৰ লগতে ভাৰতৰ (ৰাষ্ট্ৰপতিৰাজ্যিক বিধানসভা/প্রধানমন্ত্রী নির্বাচন অনুষ্ঠিত হৈছিল ?
উত্তৰ : ৰাজ্যিক বিধানসভাৰ।

প্রশ্ন ২ : (১৯৮৫/১৯৯০/১৯৯৫/২০০৪) চনৰ শেষৰ ফালে নির্বাচন আয়ােগে ইলেক্ট্রনিক ভােটিং মেচিন ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল
উত্তৰ : ১৯৯০

প্রশ্ন ৩ : (১৯৩৪,১৯৪৮,১৯৫২) চনত কংগ্ৰেছ দলৰ মাজত নেতাই যিসকলে কংগ্ৰেছক অধিক মৌলিক আশ গতিশীল হােৱাটো বিচাৰিছিল তেওঁলােকে কংগ্ৰেছ সমাজবাদী দল গঠন কৰিছিল?
উত্তৰ : ১৯৩৪।


(গ) চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ২/৩/৪ নম্বৰকে)।


প্রশ্ন ১ : কোন চনৰ কিমান তাৰিখে ভাৰতীয় সংবিধানৰ খচৰা স্বাক্ষৰিত হৈছিল আৰু এইটো কেতিয়াৰ পৰা বলবৎ কৰা হয় ?
উত্তৰ : স্বাক্ষৰিত বা সংসদৰ দ্বাৰা অনুমােদিত হয় ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে বলবৎ কৰা হয় ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা।

প্রশ্ন ২ : সমাজবাদীসকলে কিয় কংগ্ৰেছক সমালােচনা কৰিছিল ?
উত্তৰ : কৃষক আৰু শ্রমিক অৱহেলা কৰি পুঁজিপতি আৰু জমিদাৰ। শ্ৰেণীক সমর্থন কৰাৰ কাৰণে সমাজবাদীসকলে কংগ্ৰেছক সমালােচনা কৰিছিল।

প্রশ্ন ৩ : আৰ এছ এছৰ সম্পূর্ণ নাম কি? ইয়াৰ প্ৰতিষ্ঠাপক সভাপতিজনৰ নাম লিখা।
উত্তৰ : আৰ এছ এছৰ সম্পূর্ণ নাম হ’ল-- ৰাষ্ট্রীয় স্বয়ং সেৱক সংঘ। ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিল?

প্রশ্ন ৪ : কোন চনত ভাৰতৰ সাম্যবাদী দল গঠিত হৈছিল? এই দলক নেতৃত্ব দিয়া যিকোনাে এজন ব্যক্তিৰ নাম লিখা। 
উত্তৰ : ১৯২৪ চনত।। এই দলক নেতৃত্ব দিয়া এজন প্রসিদ্ধ নেতা হ'ল — এ. কে. গােপালান।

প্রশ্ন ৫ঃ ভাৰতৰ নির্বাচন আয়ােগ কেতিয়া গঠন কৰা হৈছিল ? প্রথম নির্বাচন আয়ুক্ত কোন আছিল?
উত্তৰ : ১৯৫০ চনৰ জানুৱাৰী মাহত। প্রথম নির্বাচন আয়ুক্ত আছিল সুকুমাৰ সেন।

প্রশ্ন ৬ : বেলট কাকতত এজন প্রার্থীৰ দুটা বস্তুক সন্নিবিষ্ট কৰা হৈছিল, সেই দুটা কি কি?
উত্তৰ : প্রার্থীজনৰ (ক) চিহ্ন আৰু (খ) নাম।

প্রশ্ন ৭ : সংবিধানৰ কোনটো অনুচ্ছেদ অনুযায়ী কেৰালাৰ সাম্যবাদী চৰকাৰখন কেন্দ্রীয় চৰকাৰে ভংগ কৰি দিছিল আৰু কোন চনত ?
উত্তৰ : সংবিধানৰ ৩৫৬ নং অনুচ্ছেদ অনুযায়ী ১৯৫৯ চনত কেন্দ্রীয় চৰকাৰে কেৰেলাৰ সাম্যবাদী চৰকাৰ ভংগ কৰি দিছিল।

প্রশ্ন ৮ : এক দলৰ আধিপত্যতাৰ অভিজ্ঞতা লাভ কৰা দুখন দেশৰ নাম লিখা।
উত্তৰ : চীন আৰু কিউবা। 

প্রশ্ন ৯ : কোন চনত ভাৰতৰ সাধাৰণ নির্বাচন অনুষ্ঠিত কৰা হৈছিল? 
উত্তৰ : ১৯৫২ চনত।

প্রশ্ন ১০ : নির্বাচনৰ কোনটো যুগক কংগ্ৰেছ ব্যৱস্থাৰ যুগ বুলি কোৱা হৈছিল?
উত্তৰ : ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনৰ পৰা ১৯৭৭ চনলৈকে। 

প্রশ্ন ১১ : স্বতন্ত্র পাৰ্টিৰ আদৰ্শৰ মার্গদর্শক নীতিসমূহৰ এটা হ’ল --। 
উত্তৰ দেশৰ অর্থনৈতিক ক্ষেত্ৰত ৰাষ্ট্ৰৰ ন্যূনতম ভূমিকাৰ পক্ষপাতী। 

প্রশ্ন ১২ : প্রথমটো নিৰ্বাচনত লােকসভাৰ দ্বিতীয় বৃহৎ সংখ্যক আসনত জয়লাভ কৰা দলটো আছিল – 
উত্তৰ : ভাৰতীয় সাম্যবাদী দল।

প্রশ্ন ১৩ : কেৱল এটা দলৰ সাংবিধানিক ব্যৱস্থা থকা এখন দেশৰ নাম উল্লেখ কৰা।
উত্তৰ : চীন গণৰাজ্য। 

প্রশ্ন ১৪ : কোন তাৰিখে ভাৰতীয় সংবিধানৰ খচৰাত স্বাক্ষৰ কৰা হৈছিল আৰু ই কেতিয়া বলবৎ হৈছিল?
উত্তৰঃ স্বাক্ষৰ কৰা হৈছিল ২৬ নৱেম্বৰ, ১৯৪৯ চনত আৰু বলবৎ হৈছিল ২৬ জানুৱাৰী, ১৯৫০ চনত। 

প্রশ্ন ১৫ঃ সমাজবাদীসকলে কংগ্ৰেছক কিয় সমালােচনা কৰিছিল। 
উত্তৰ : কংগ্ৰেছ দলে পুঁজিপতি আৰু জমিদাৰ শ্ৰেণীক সমর্থন কৰাৰ বাবে আৰু শ্রমিক আৰু খেতিয়কসকলক অৱজ্ঞা কৰাৰ বাবে সমাজবাদীসকলে কংগ্ৰেছক সমালােচনা কৰিছিল।

প্রশ্ন ১৬ঃ আৰ এছ এছৰ সম্পূর্ণ নামটো কি? ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি নাম কি?
উত্তৰ : ৰাষ্ট্রীয় স্বয়ং সেৱক সংস্থা। শ্যামাপ্রসাদ মুখার্জী।

প্রশ্ন ১৭ঃ চি. পি. আই দলটো কেতিয়া গঠিত হৈছিল? দলটোৰ নেতৃত্ব দিয়া এগৰাকী ব্যক্তিৰ নাম লিখা।
উত্তৰ : ১৯২৪ চনত চি. পি, আই দলটো গঠিত হৈছিল। ইয়াৰ এগৰাকী উল্লেখযােগ্য নেতা হৈছে এছ. এ. ডাঙ্গে।

প্রশ্ন ১৮ : বেলট কাকতত এগৰাকী প্রার্থীৰ দুটা বিষয় উল্লেখ থাকে, সেই দুটা কি কি?
উত্তৰঃ প্রার্থীগৰাকীৰ নাম আৰু প্রতীক চিহ্ন থাকে।

প্রশ্ন ১৯ : কেতিয়া আৰু সংবিধানৰ কোন অনুচ্ছেদৰ অধীনত কেন্দ্রীয় চৰকাৰে কেৰালাৰ কমিউনিষ্ট চৰকাৰখন বখাস্ত কৰিছিল?
উত্তৰঃ ১৯৫৯ চনত সংবিধানৰ ৩৫৬নং অনুচ্ছেদ অনুসৰি। 

প্রশ্ন ২০ঃ ছচিয়েলিষ্ট পাৰ্টিৰ দুগৰাকী নেতাৰ নাম লিখা। 
উত্তৰঃ জয়প্রকাশ নাৰায়ণ, অচ্যুত পট্টবর্ধন। 

প্রশ্ন ২১ : ভাৰতৰ একদলীয় শাসনৰ যুগটো উল্লেখ কৰা। 
উত্তৰ : ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈকে। 

প্রশ্ন ২২ : ভাৰতীয় জনসংখ্যাৰ দুটা আদর্শ উল্লেখ কৰা।
উত্তৰ : (i) এই দলে এখন দেশ, এক সংস্কৃতি আৰু এক জাতিৰ আদৰ্শত। বিশ্বাস কৰিছিল।
(ii) এই দলে ভাৰত আৰু পাকিস্তানক একত্ৰীকৰণ কৰি অখণ্ড ভাৰত সৃষ্টিৰ পােষকতা কৰিছিল।

প্রশ্ন ২৩ঃ ভাৰতৰ যি কোনাে দুটা ৰাজনৈতিক দলৰ নাম আৰু প্ৰতীক উল্লেখ কৰা।
উত্তৰ : কংগ্রেছ (ই) দল – হাত, ভাৰতীয় জনতা পার্টি – পদুম। 

প্রশ্ন ২৪ : চি. পি. আইৰ মুখ্য নেতাকেইগৰাকীৰ নাম উল্লেখ কৰা। 
উত্তৰ : এছ. এ. ডাংগে, এম. এন. ৰায়।

প্রশ্ন ২৫ : ১৯৫২-৬৭ৰ নিৰ্বাচনৰ ভিতৰত কিছু সময়ৰ বাবে কংগ্ৰেছ ক্ষমতাত নথকা দুখন ৰাজ্যৰ নাম লিখা।
উত্তৰ : উৰিষ্যা আৰু কেৰালা। 

প্রশ্ন ২৬ : নিৰ্বাচনৰ কোন সময়ছােৱাক কংগ্ৰেছ প্রথা বুলি কোৱা হয়।
উত্তৰঃ স্বৰাজোত্তৰ কালৰ আৰম্ভণিৰ সময়ছােৱাক কংগ্ৰেছী প্রথা বুলি কোৱা হয়।

প্রশ্ন ২৭: সমাজবাদী দলৰ দুজন নেতাৰ নাম লিখা।
উত্তৰ : জয়প্রকাশ নাৰায়ণ, ৰামমনােহৰ লােহিয়া।

প্রশ্ন ২৮ : স্বতন্ত্র দল কেতিয়া গঠন হৈছিল? এই দলৰ দুজন নেতাৰ নাম লিখা।
উত্তৰ : ১৯৫৯ চনত গঠিত হৈছিল। দুজন নেতা হৈছে ক্ৰমে কে. এম. মুন্সী, চি, ৰাজাগােপালাচাৰী। 

প্রশ্ন ২৯ : সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰৰ অৱলম্বনৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা কি ক্ষেত্ৰত সাহসী আৰু বিপদসঙ্কুল আছিল?
উত্তৰ : ভাৰতৰ দৰে এখন দুখীয়া আৰু অশিক্ষিত জনগণৰে গঠিত গণতান্ত্রিক দেশ এখনত সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰ পদ্ধতি গ্রহণ কৰিবলৈ সাহসী আৰু বিপদসঙ্কুল পদক্ষেপ আছিল।

প্রশ্ন ৩০ : ভাৰতীয় ৰাজনৈতিক দলৰ জন্ম কেনে পৰিস্থিতিত হৈছিল?
উত্তৰ : ভাৰতবৰ্ষত দলীয় ব্যৱস্থাটো স্বাধীনতা আন্দোলনৰ উত্তৰাধিকাৰীসূত্রে বিকশিত হৈছে। স্বাধীনতাৰ পিছত ভাৰতবৰ্ষত সংসদীয় গণতান্ত্রিক ব্যৱস্থা প্রতিষ্ঠা হােৱাৰ লগে লগে ৰাজনৈতিক দলৰ উদ্ভৱ বা বিকাশৰ গতি তৰান্বিত হয়।

প্রশ্ন ৩১ : ভাৰতীয় দলীয় প্রথাৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ (i) ভাৰতবৰ্ষত বহুদলীয় ব্যৱস্থা আছে। ইয়াত সৰ্বভাৰতীয় দলৰ সৈতে বিভিন্ন আঞ্চলিক দলৰ উপস্থিতিও চকুত পৰে।
(ii) সাম্প্রদায়িক দলৰ উপস্থিতি ভাৰতীয় দলীয় ব্যৱস্থাৰ আন এটা বৈশিষ্ট্য। ভাৰতবর্ষ যদিও এখন ধর্মনিৰপেক্ষ ৰাষ্ট্র কিন্তু ইয়াত শিৱসেনা, মুছলীম লীগ, আকালি দল আদিৰ দৰে সাম্প্রদায়িক দল আছে।

(ঘ) দীঘল প্রশ্নোত্তৰ /(প্রত্যেকটোত ৪ নম্বৰকৈ)।


প্রশ্ন ১ঃ ভাৰতৰ নির্বাচন আয়ােগে ভাৰতত নির্বাচন অনুষ্ঠিত কৰিবলৈ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল?
উত্তৰ : ১৯৫০ চনৰ জানুৱাৰী মাহত ভাৰতৰ নির্বাচন আয়ােগ গঠন কৰা হৈছিল। 

ভাৰতত সকলাে প্ৰকাৰৰ লােকসভা, ৰাজ্যসভা, ৰাজ্যিক বিধান মণ্ডল, ৰাষ্ট্রপতি) নির্বাচন অনুষ্ঠিত আৰু পৰিচালনা কৰাৰ ক্ষেত্ৰত এই আয়ােগে আৰম্ভণিৰ পৰা বর্তমান সময়লৈকে বলিষ্ঠ ভূমিকা পালন কৰি আহিছে। ভাৰতৰ নির্বাচন অনুষ্ঠিত কৰিবলৈ ই নিম্নলিখিত ব্যৱস্থাসমূহ গ্রহণ। কৰে — 

(ক) ভােটাৰ তালিকা প্রস্তুত কৰা।
(খ) মনােনয়ন পত্র দাখিল কৰা, পৰীক্ষা কৰা আৰু প্রত্যাহাৰ কৰাৰ দিন। ধার্য কৰা।
(গ) মনােনয়ন পত্র গ্রহণ কৰা আৰু পৰীক্ষা কৰা। 
(ঘ) ভােটদানৰ দিন ধার্য কৰা আৰু ভােটদান পৰিচালনা কৰা।
(ও) নির্বাচন পৰিচালনাৰ বাবে প্রয়ােজন হােৱা বিষয়াসকলক নিযুক্তি দিয়া আৰু প্রশিক্ষণ দিয়া।
(চ) প্রার্থীসকলক নির্বাচনী চিহ্ন প্ৰদান কৰা।
(ছ) প্ৰচাৰ অভিযানত দৃষ্টি ৰখা আৰু নির্বাচনী বিধি উলংঘা সম্পর্কীয় বিবাদ নিষ্পত্তি কৰা।
(জ) ভােট গণনা কৰা আৰু ফলাফল ঘােষণা কৰা।

প্রশ্ন ২ : ভাৰতীয় বাতৰি কাকতৰ সম্পাদক এজনে কিয় নির্বাচনক ইতিহাসৰ আটাইতকৈ ডাঙৰ জুৱা খেল বুলি অভিহিত কৰিছিল ?
উত্তৰঃ স্বাধীন ভাৰতত অনুষ্ঠিত কৰা প্ৰথমটো নির্বাচনক পৃথিৱীৰ আটাইতকৈ বৃহৎ নির্বাচন বুলি অভিহিত কৰিব পাৰি।  পৃথিৱীৰ অন্যান্য দেশৰ পণ্ডিতসকলে কেতিয়াও ভবা নাছিল যে ভাৰতে এই নির্বাচন সাফল্যমণ্ডিত কৰিব পাৰিব। কাৰণ সেই সময়ত ভাৰতীয় গণতন্ত্রৰ সন্মুখত বহুতাে প্রত্যাহ্বান আছিল। সকলােৰে জল্পনা-কল্পনাৰ অন্ত পেলাই যেতিয়া ভাৰতত প্ৰথমটো নির্বাচন সুকলমে অনুষ্ঠিত হৈ গৈছিল তেতিয়া বেছিভাগ লােকে আচৰতি হৈছিল। 

প্রথম অৱস্থাত এই নির্বাচন দুবাৰাে স্থগিত ৰাখিব লগীয়া হৈছিল আৰু শেষত এই নির্বাচন ১৯৫১ চনৰ অক্টোবৰ মাহৰ পৰা ১৯৫২ চনৰ ফেব্ৰুৱাৰী মাহলৈকে অনুষ্ঠিত হয়। নির্বাচন আছিল প্রতিযােগিতামূলক আৰু গড় হিচাপত প্রত্যেক সমষ্টিতে চাৰিজনকৈ প্রার্থী আছিল।

এনে ধৰণৰ বৃহৎ প্রত্যাহ্বানৰ সন্মুখীন হৈ নির্বাচন অনুষ্ঠিত কৰিবলগীয়া হােৱাৰ বাবে ইয়াক ইতিহাসৰ আটাইতকৈ ডাঙৰ জুৱা খেল বুলি কোৱা হৈছিল।

প্রশ্ন ৩ : কংগ্ৰেছে কিয় ইয়াৰ সংবিধানখন সংশােধন কৰিছিল আৰু এই সংশােধনৰ ফলত কি হৈছিল ? 
উত্তৰ : স্বাধীনতা লাভৰ আগতে কংগ্ৰেছ দলে সমাজবাদী চিন্তাধাৰা গ্রহণ কৰা লােকসকলৰ দ্বাৰা প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল।  ১৯৩৪ চনত তেওঁলােকে কংগ্ৰেছক অধিক গতিশীল কৰাৰ উদ্দেশ্যে কংগ্ৰেছ সমাজবাদী দল গঠন কৰে। ভৱিষ্যতে এনে ধৰণৰ দলীয় বিভাজন ৰােধ কৰিবৰ বাবে ১৯৪৮ চনত কংগ্ৰেছে সংবিধান সংশােধন কৰিব লগীয়া হৈছিল।

সংবিধান সংশােধনৰ দ্বাৰা ইয়াৰ সদস্যসকলক দুটা দলীয় সদস্য পদ লােৱাত বাধা প্রদান কৰে। ফলস্বৰূপে সমাজবাদীসকলে ১৯৪৮ চনত এটা প্রথম সমাজবাদী দল গঠন কৰিবলৈ বাধ্য হয়।

প্রশ্ন ৪ : বি. আৰ. আম্বেদকাৰ কোন আছিল? তেওঁ কাৰ কাৰণে সংগ্রাম কৰিছিল?
উত্তৰ : ২৫৬ নং পৃষ্ঠাৰ ১ নং প্রশ্ন উত্তৰ চোৱা।

প্রশ্ন ৫ : ভাৰতৰ স্বাধীনতা আন্দোলনৰ ওপৰত সাম্যবাদী লােকসকলৰ ধাৰণাৰ বিষয়ে ব্যাখ্যা কৰা।
উত্তৰ : ভাৰতৰ স্বাধীনতা আন্দোলনৰ ওপৰত সাম্যবাদী লােকসকলে এটা বামপন্থী ধাৰণা গ্ৰহণ কৰিছিল।  তেওঁলােকৰ অধিকাংশই ছােভিয়েট ৰাছিয়াৰ সাম্যবাদী আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈছিল। ১৯২৪ চনত ভাৰতৰ সাম্যবাদী দল গঠন কৰা হয়। এই দলে ভাৰতত ৰাছিয়াৰ পদ্ধতিত সাম্যবাদী সমাজ ব্যৱস্থা গঠন কৰাৰ মতপােষণ কৰিছিল। 

এই দলে লেনিনে অনুসৰণ কৰা বিদ্ৰোহৰ জৰিয়তে ভাৰতৰ স্বাধীনতা সম্ভৱ বুলি ঘােষণা কৰাৰ ফলশ্ৰুতিত ১৯৩৪ চনত ইয়াক ব্রিটিছ চৰকাৰে নিষিদ্ধ ঘােষণা কৰি নেতৃস্থানীয় লােকসকলক গ্রেপ্তাৰ কৰিছিল।  অৱশ্যে ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ বিৰােধিতা আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মিত্রগােষ্ঠীৰ পক্ষত ৰাছিয়াক সমর্থন কৰাৰ বাবে ব্রিটিছ চৰকাৰে এই প্রত্যাহাৰ উঠাই লয়।

প্রশ্ন ৬ কংগ্ৰেছ দলক কিয় ভাৰতীয় ৰাজনীতিৰ কেন্দ্ৰ বুলি কোৱা হয় চমুকৈ ব্যাখ্যা কৰা।
উত্তৰ : ২৫৬ নং পৃষ্ঠাৰ ২ নং প্রশ্ন উত্তৰ চোৱা। 

প্রশ্ন ৭ : কংগ্ৰেছ দল কেতিয়া আৰু কাৰ দ্বাৰা গঠন কৰা হৈছিল?
উত্তৰ : ১৮৮৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দল গঠিত হৈছিল। এই দলটোৰ জন্মদাতা আছিল আলান অক্টোভিয়ান হিউম। ইয়াৰ প্ৰথমখন অধিবেশন অনুষ্ঠিত হৈছিল মুম্বাইত আৰু প্ৰথমজন সভাপতি আছিল উমেশ চন্দ্র বেনার্জী।

প্রশ্ন ৮ঃ প্ৰথমটো সাধাৰণ নিৰ্বাচনৰ সময়ত কিমানটা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দল আছিল?
উত্তৰ : কংগ্ৰেছ পার্টি, ভাৰতীয় জনসংঘ, স্বতন্ত্র দল, সমাজবাদী দল আদি। 

প্রশ্ন ৯ঃ ভাৰতত একদলীয় ব্যৱস্থাৰ শাসনৰ যিকোনাে চাৰিটা কাৰণ লিখা। 
উত্তৰ : (i) কংগ্ৰেছৰ জন্ম, ইতিহাস আৰু সাংগঠনিক শক্তি সেই সময়ৰ আন আন ৰাজনৈতিক দলৰ তুলনাত অধিক শক্তিশালী আছিল।
(ii) কংগ্ৰেছৰ প্ৰভাৱ প্রতিপত্তি জনতাৰ ওপৰত আন আন দলৰ তুলনাত অধিক আছিল।
(iii) কংগ্রেছৰ নেতৃত্বত ভাৰতে স্বাধীনতা লাভ কৰিছিল আৰু সেয়ে শাসনৰ দায়িত্বও জনগণে এই দলক সমর্পণ কৰিছিল।
(iv) দেশৰ স্বাধীনতা সংগ্রামৰ বিশাল বিশাল ব্যক্তিত্বৰে গঠিত এই দলৰ লগত প্রতিদ্বন্দ্বিতাত আন দলে তিষ্ঠি থাকিব পৰা নাছিল।

প্রশ্ন ১০ : ছচিয়েলিষ্ট পার্টি অৱ ইণ্ডিয়াৰ লক্ষ্য আৰু উদ্দেশ্যসমূহৰ তালিকা দিয়া। দলটোৱে কিয় নিজকে কংগ্ৰেছৰ প্ৰভাৱী বিকল্প হিচাপে প্রমাণ কৰিব নােৱাৰিলে?
উত্তৰ : আদৰ্শ আৰু নীতিসমূহ : 
(১) সমাজবাদী দলে আদর্শ হিচাপে গণতান্ত্রিক সমাজবাদত বিশ্বাসী আছিল।
(২) ধনী আৰু সামন্তশ্রেণীৰ বিৰােধী আছিল। কিন্তু এই দলে কংগ্ৰেছৰ বিকল্প হ’ব পৰা নাছিল কাৰণ কংগ্ৰেছে নিজেই সমাজবাদী আদর্শ সমাজ গঠনৰ ওপৰত গুৰুত্ব দিছিল। 

অশােক মেহেতাৰ দৰে সমাজবাদী নেতাই কংগ্রেছৰ লগত সহযােগিতাৰ পক্ষপাতী আছিল। ইয়াৰ উপৰি এই দলে বহুধা বিভক্ত হৈ নতুন নতুন গােটৰ সৃষ্টি কৰিছিল।

প্রশ্ন ১১ : ভাৰতীয় গণতান্ত্রিক ব্যৱস্থাত মৰ্চা যুগৰ সৃষ্টি হােৱাৰ চাৰিটা কাৰণ লিখা।
উত্তৰ : (i) মহাত্মা গান্ধীৰ নেতৃত্বই কংগ্ৰেছক এখন জনগণৰ (Mass brganisation) প্রতিষ্ঠানলৈ পৰিগণিত কৰে।
(ii) কংগ্ৰেছ দল কৃষক, মধ্যবর্গ, নিম্নবর্গ, উচ্চবর্গ, বিভিন্ন বৰ্গৰ, বিভিন্ন ভাষাভাষীৰ, বিভিন্ন স্বার্থৰ লােকৰ এক অপূর্ব সংযুক্ত মৰ্চাত পৰিৱৰ্তিত হৈছিল।
(iii) স্বাধীনতাৰ আগত বহুত অনুষ্ঠান আৰু দলে তেওঁলােকৰ নিজা নীতি, আদর্শ আৰু সংবিধানলৈ কংগ্ৰেছত যােগদান কৰিছিল।
(iv) কংগ্ৰেছ দলত ৰক্ষণশীল আৰু উদাৰপন্থী, বিপ্লৱী আৰু আপােচকাৰী, চড়ান্ত আৰু মধ্যমপন্থী, সোঁপন্থী আৰু বাওঁপন্থী আদি সকলাে একগােট হৈ পৰে।

প্রশ্ন ১২ : ভাৰতীয় দলীয় ব্যৱস্থাৰ যিকোনাে চাৰিটা বৈশিষ্ট্য লিখা। 
উত্তৰ : 
(i) বহুদলীয় ব্যৱস্থাৰ উপস্থিতি। 
(ii) কংগ্রেছৰ দলৰ আধিপত্য। 
(iii) কংগ্ৰেছ দল আছিল এক মর্চা সদৃশ দল য’ত বিভিন্ন ভাষা, শ্রেণী, বর্গ আৰু আদৰ্শৰ লােকৰ সমন্বয় সাধন গঢ়িছিল।
(iv) স্বাধীনতাৰ পৰৱৰ্তী কালত কংগ্ৰেছৰ লগতে বিৰােধী দলসমূহেও টিচনত অংশ গ্রহণ কৰি দুই-এখন আসন লাভ কৰিবলৈ সক্ষম হৈছিল।

প্রশ্ন ১৩ : ‘এটা দলৰ আধিপত্য প্রথাই ভাৰতীয় ৰাজনীতিৰ গণতান্ত্রিক প্ৰকৃতিত কুপ্রভাৱ পেলাইছিল নেকি?
উত্তৰঃ কংগ্ৰেছ এটা ৰাজনৈতিক দল হলেও ইয়াৰ সামাজিক ভেটি বহুত বহল আছিল! এই দলে বিভিন্ন সামাজিক গােটক, যাৰ চিন্তাধাৰা এসময়ত ভিন্নমুখী আছিল, একেটা মঞ্চত উপস্থাপিত কৰিছিল। 

শেষলৈ স্বাধীনতা লাভৰ সময়ত কংগ্ৰেছ দল বিভিন্ন ধর্ম, বিভিন্ন শ্ৰেণীৰ, বিভিন্ন বৰ্গৰ, বিভিন্ন ভাষা-ভাষীৰ, বিভিন্ন স্বার্থৰ লােকৰ এক অপূর্ব সংযুক্ত মৰ্চাত পৰিণত হয়। 

সেয়ে এটা দলৰ আধিপত্য হলেও ইয়াত বিভিন্ন জাতি, গােষ্ঠী, ভাষা আৰু শ্ৰেণীৰ মানুহৰ স্বার্থক প্রতিনিধিত্ব কৰা হৈছিল, যি গণতন্ত্রৰ বাবে অতি প্রয়ােজনীয়। ইয়াৰ উপৰি নেহৰুৱেও নিজৰ ব্যক্তিগত প্রভাৱ খটুৱাই বিৰােধী দলৰ বহু নেতাক নিজৰ কাষলৈ চপাই আনিবলৈ সক্ষম হৈছিল। 

বিৰােধী দলৰ ড° আম্বেদকাৰ আৰু ড° শ্যামাপ্রসাদ মুখার্জীক নেহৰুৱে নিজৰ প্রথম মন্ত্রীসভাত অন্তর্ভুক্ত কৰি লৈছিল। ছচিয়েলিষ্ট দলৰ প্রতি দুর্বলতা থকা বাবে জয় প্রকাশ নাৰায়ণকো মন্ত্রীসভাত যােগদান কৰিবলৈ আহ্বান জনাইছিল। গতিকে দেখা যায় কংগ্ৰেছৰ শাসনৰ প্রথম স্তৰত গণতান্ত্রিক ধাৰাটোৱে এক অনন্য মাত্রা লাভ কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে দ্বিতীয় আৰু তৃতীয় স্তৰত একদলীয় আধিপত্যই গণতান্ত্রিক ভাবধাৰাক প্ৰভাৱান্বিত কৰিছিল।

(ঘ) অতি দীঘল প্রশ্নোত্তৰ /(প্রত্যেকটোত ৬ নম্বৰকৈ)


প্রশ্ন ১: ১৯৫২ চনত অনুষ্ঠিত নির্বাচনৰ ইতিহাসৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা । 
উত্তৰ : স্বাধীন ভাৰতৰ প্ৰথমটো নির্বাচন অনুষ্ঠিত হৈছিল ১৯৫১ চনৰ অক্টোবৰ মাহৰ পৰা ১৯৫২ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত। এই নির্বাচন পৰিচালনা কৰিবলৈ ১৯৫০ চনৰ জানুৱাৰী মাহত ভাৰতৰ নির্বাচন আয়ােগ গঠন। কৰা হৈছিল। লােকসভাৰ মুঠ ৪৮৯ খন আসনৰ বাবে ১৪টা ৰাজনৈতিক দলে প্রার্থিত্ব আগবঢ়াইছিল। লােকসভাৰ লগতে ৰাজ্যিক বিধানসভাবােৰৰাে নির্বাচন অনুষ্ঠিত কৰা হৈছিল। 

ভাৰতৰ সকলােবােৰ ৰাজ্যৰ মুঠ বিধানসভাৰ আসন সংখ্যা আছিল ৩২০০ খন। নির্বাচন অনুষ্ঠিত আৰু পৰিচালনা কৰিবৰ বাবে নির্বাচন আয়ােগে প্রায় তিনি লাখ অফিচাৰ আৰু নিম্নবর্গৰ কৰ্মচাৰীক নিযুক্তি আৰু প্রশিক্ষণ দিবলগীয়া হৈছিল। এই নির্বাচনত শতকৰা ৫০ জনৰ অধিক ভোটাৰে ভােটদান কৰিছিল। ফলাফল অনুযায়ী ভাৰতীয় জাতীয় কংগ্ৰেছ দলে মুঠ ৩৬৪ খন আসন লাভ কৰি জৱাহৰলাল নেহৰুৰ নেতৃত্বত চৰকাৰ গঠন কৰা হৈছিল।

প্রশ্ন ২ : ভাৰতৰ প্রথম তিনিটা নির্বাচনত কংগ্ৰেছৰ আধিপত্যতাৰ বিষয়ে ব্যাখ্যা কৰা।
উত্তৰঃ স্বাধীন ভাৰতৰ প্রথম তিনিটা নির্বাচনত কংগ্ৰেছ দলে তিনি চতুর্থাংশ আসন লাভ কৰি ভাৰতৰ ৰাজনীতিত এক দলৰ আধিপত্যতাৰ প্ৰকৃতিৰ সুচনা কৰিছিল। প্রথমটো নির্বাচন অনুষ্ঠিত হৈছিল ১৯৫১-৫২ চনত। ইয়াত মুঠ ৪৮৯ খন আসনৰ ভিতৰত কংগ্ৰেছে লাভ কৰিছিল ৩৬৪ খন আসন। কিন্তু এইটো দলে মুঠ ভােটৰ শতকৰা ৪৫টা ভােটহে লাভ কৰিছিল।

লােকসভাৰ উপৰিও ৰাজ্যবােৰৰ বিধানসভা নির্বাচনতাে কংগ্ৰেছে বিপুল সংখ্যক আসন লাভ কৰি জয়যুক্ত হৈছিল। এই দলটোৱে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে চৰকাৰ গঠন কৰিছিল। ভাৰতৰ দ্বিতীয়টো নির্বাচন অনুষ্ঠিত হৈছিল ১৯৫৭ চনত। এই নির্বাচনতাে কংগ্ৰেছে তিনি চতুর্থাংশ আসন লাভ কৰি কেন্দ্ৰত চৰকাৰ গঠন কৰিলেও কেৰালাত সাম্যবাদী দলৰ নেতৃত্বত এখন সংযুক্ত চৰকাৰ গঠিত হৈছিল। ভাৰতত বিত্তীয় সাধাৰণ নির্বাচন অনুষ্ঠিত হৈছিল ১৯৫২ চনত। এই নির্বাচনতে কংগ্ৰেছে তিনি চতুর্থাংশ আসন লাভ কৰি কেন্দ্ৰত চৰকাৰ গঠন কৰিলেও কেৰালাত সাম্যবাদী দলৰ নেতৃত্বত এখন সংযুক্ত চৰকাৰ গঠিত হৈছিল। ভাৰতত বিত্তীয় সাধাৰণ নির্বাচন অনুষ্ঠিত হৈছিল ১৯৫২ চনত। 

এই নির্বাচনতে কংগ্ৰেছে তিনি চতুর্থাংশ আসন লাভ কৰি চৰকাৰ গঠন কৰিছিল। এই তিনিওটা নির্বাচনত কংগ্ৰেছ দলে আধিপত্য লাভৰ মূলতে আছিল ইয়াৰ জনপ্রিয়তা আৰু সংগঠন। কাৰণ এইটো দলে আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুখ্য পৃষ্ঠপােষক।

প্রশ্ন ৩ : ভাৰতীয় জনসংঘ কেতিয়া গঠিত হৈছিল? ইয়াৰ আদৰ্শৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ শ্যামা প্রসাদ মুখার্জীক প্রতিষ্ঠাপক সভাপতি হিচাপে লৈ ১৯৫১ চনত ভাৰতীয় জনসংঘ দল গঠন কৰা হয়। আদৰ্শৰ ফালৰ পৰা জনসংঘ দল অন্যান্য দলবিলাকৰ পৰা পৃথক।  ইয়াৰ আদর্শ হল-- এক দেশ, এক সংস্কৃতি আৰু এক জাতি। ই বিশ্বাস কৰে যে ভাৰতীয় সংস্কৃতি আৰু কৃষ্টিৰ ওপৰত ভিত্তি কৰি দেশ, আধুনিক, উন্নত আৰু ক্রিশালী হ’ব পাৰিব। 

অখণ্ড ভাৰত গঢ়ি তােলাৰ বাবে ভাৰত আৰু পাকিস্তান একগােট হােৱাটো বিচাৰে। ইংৰাজীৰ পৰিৱর্তে হিন্দী ভাৰতৰ চৰকাৰী ভাষা হিচাপে প্রতিষ্ঠা হ'ব লাগে আৰু ধর্মীয় আৰু সাংস্কৃতিক সংখ্যালঘিষ্ঠক বিশেষ সুবিধা প্রদান কৰাটো পক্ষপাতী নহয়।

প্রশ্ন ৪ : স্বতন্ত্র দলৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ স্বতন্ত্র দল গঠিত হয় ১৯৫৯ চনৰ আগষ্ট মাহত। ইয়াৰ প্ৰাৰম্ভিক সদস্যসকল আছিল কংগ্ৰেছ দলৰে সদস্য।  কিন্তু কংগ্ৰেছ দলৰ আদৰ্শ আৰু কৰ্মৰ ওপৰত আস্থা হেৰুৱাই তেওঁলােকে চি.ৰাজা, গােপালাচাৰী, কে. এম. মুন্সি, এন. জি. ৰংগ আৰু মিটনা মাচানিৰ নেতৃত্বত স্বতন্ত্র দল গঠন কৰে। এই দলৰ মতে অর্থনীতিত ৰাষ্ট্রৰ হস্তক্ষেপ কম হােৱাটো উচিত। তেওঁলােকে বিশ্বাস কৰে যে। 

ব্যক্তি-স্বতন্ত্রতা থাকিলেহে বিকাশ সম্ভৱ হয়। ই চৰকাৰী খণ্ডত ৰাষ্ট্ৰীয়কৰণ, কেন্দ্রীয় পৰিকল্পনা আদিৰ বিৰােধিতা কৰে। কৃষিভূমিৰ ক্ষেত্ৰত চিলিং ব্যৱস্থা সমবায় ভিত্তিক খেতি পামৰ বিৰােধিতা কৰে। ভাৰতৰ গােষ্ঠীনিৰপেক্ষ নীতি আৰু ছােভিয়েট ৰাছিয়াৰ লগত থকা সম্পৰ্কক সন্দেহৰ চকুৰে চায় আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ লগত ওচৰ সম্বন্ধৰ সমর্থন কৰে। 

প্রশ্ন ৫ঃ ভাৰতত বিৰােধী দলৰ উৎপত্তি সম্পর্কত এটি টোকা লিখা।
উত্তৰঃ দেশ স্বাধীন হােৱাৰ আৰম্ভণিৰ পৰাই ভাৰতবৰ্ষত বহুদলীয় ব্যৱস্থা প্রচলিত হৈছিল। ইয়াৰ কিছুমান ১৯৫২ চনৰ প্রথম নির্বাচনৰ আগতেই গঠিত হৈছিল। ভাৰতীয় জনসংঘ (বর্তমান ভাৰতীয় জনতা পার্টি) ১৯৫১ চনত গঠিত হৈছিল। ভাৰতীয় কমিউনিষ্ট পার্টি স্বাধীনতাৰ আগতেই গঠিত হৈছিল। প্রথম নির্বাচন কমিউনিষ্ট পার্টিয়ে লােকসভাত ১৬ খন আসননা লাভ কৰিছিল। 

এই বিৰােধী দলবিলাকে কংগ্ৰেছৰ নীতিক সমালােচনা কৰি কংগ্ৰেছক নিয়ন্ত্রণত ৰাখি এটা ভাৰসাম্যতাৰ সৃষ্টি কৰিছিল।

প্রশ্ন ৬ঃ ৰাজ্যিক স্তৰত কংগ্ৰেছ দলৰ উৎপত্তিৰ ধাৰাটো আলােচনা কৰা।
উত্তৰ : ভাৰতীয় জাতীয় কংগ্ৰেছ এছিয়াৰ ভিতৰত আটাইতকৈ পুৰণি ৰাজনৈতিক দল। স্বাধীনতাৰ পিছত সকলােবােৰ ৰাজ্যত কংগ্ৰেছৰ আধিপত্য সমান নাছিল।  ১৯৫৪ চনৰ পিছত নতুনকৈ ৰাজ্যিক নির্বাচন পাতিবলগীয়া হৈছিল এবাৰ-কোচিন, পেপছু আৰু অন্ধ্রপ্রদেশত। কাৰণ এই ৰাজ্যবােৰত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল, আৰু অন্ধ্রপ্রদেশ কমিউনিষ্ট দলক বাধা দিছিল, ত্রিবাঙ্কুৰ-কোচিনত কিন্তু কংগ্ৰেছ জয়ী হ'ব পৰা নাছিল। 

ইয়াত কংগ্ৰেছে প্রজাছচিয়েলিষ্ট পাৰ্টিৰ লগ লাগি এখন সংখ্যালঘু চৰকাৰ গঠন কৰিছিল। নতুনকৈ গঠিত কেৰালাত ১৯৫৭ চনত নির্বাচন অনুষ্ঠিত হয় কিন্তু কংগ্ৰেছে ইয়াত পৰাজয় বৰণ কৰিবলগীয়া হয়। ৰাজ্য পুনর্গঠনৰ বাবে মাদ্ৰাজৰ তেলেগুভাষী লােকসকলক আঁতৰাই অন্ধ্রপ্রদেশ সৃষ্টি কৰা হয়। 
এই পুনর্গঠনে কংগ্ৰেছক এইবােৰ ৰাজ্যত সংখ্যাগৰিষ্ঠতা লাভ কৰাত সহায় কৰে। কিন্তু উৰিষ্যা আৰু কেৰালাত কংগ্ৰেছে চৰকাৰ গঠন কৰিব পৰা নাছিল। গতিকে কংগ্ৰেছ দলে যদিও কেন্দ্ৰত আধিপত্য বিস্তাৰ কৰিছিল কিন্তু ৰাজ্যত সমভাৱে নিজৰ প্রতিপত্তি খটুৱাব পৰা নাছিল।

প্রশ্ন ৭ঃ ভাৰতৰ সাম্যবাদী দলৰ গঠন আৰু বিভাজন সম্পর্কে লিখা।
উত্তৰঃ ১৯২০ চনত ভাৰতীয় কমিউনিষ্ট পার্টিৰ জন্ম হৈছিল। এছ এ ডাংগে, এম.এন. ৰায়ে ইয়াৰ নেতৃত্ব বহন কৰিছিল। 

১৯৫২ চনৰ সাধাৰণৰ নিৰ্বাচনত লােকসভাত ১৬ খন আসন লাভ কৰি দ্বিতীয় সর্ববৃহৎ দল হিচাপে স্বীকৃতি লাভ কৰে। ছােভিয়েট ইউনিয়ন আৰু চীনৰ মাজৰ মতবিৰােধে ভাৰতত কমিউনিষ্ট দলৰ বিভাজন আনে ১৯৬৪ চনত। 

ছােভিয়েট সমর্থকসকলে ভাৰতীয় কমিউনিষ্ট পার্টি হিচাপে পৰিচিতি লাভ কৰে। আনহাতে চীনৰ সমর্থকসকলে নিজকে ভাৰতীয় কমিউনিষ্ট পার্টি (মাক্সিষ্ট) নাম গ্রহণ কৰে। এতিয়াও ভাৰতীয় ৰাজনীতিত এই দুটা দলৰ সক্রিয় উপস্থিতি আছে।


এটা দলৰ আধিপত্যৰ যুগ question answer/এটা দলৰ আধিপত্য যুগ/একদলীয় প্রাধান্য যুগ/এক দলীয় প্রাধান্য যুগ প্ৰশ্ন উত্তৰ/ক্ষমতাৰ বিকল্প কেন্দ্ৰ/দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ প্ৰশ্ন উত্তৰ/ৰাজনীতি বিজ্ঞান দ্বাদশ শ্ৰেণীৰ/era of one party dominance class 12/era of one party dominance important questions/ভাৰতৰ দলীয় ব্যবস্থাৰ বৈশিষ্ট্য/ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম কিমান চনত হৈছিল?/ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মদাতা কোন?/একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা।/প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ আধিপত্য/সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল?/সংবিধান কিয় আৰু কেনেকৈ question answer/নিৰ্বাচন আৰু প্রতিনিধিত্ব class 11/ভাৰতৰ ৰাজনৈতিক দলৰ বৈশিষ্ট্য/ভাৰতৰ তিনিটা আঞ্চলিক দলৰ নাম/ভাৰতীয় সংবিধান class 11/পিতলত জিংক আৰু কপাৰৰ শতকৰা পৰিমাণ কিমান?/ভাৰতবৰ্ষৰ দলীয় ব্যবস্থাটোৰ প্ৰধান বৈশিষ্ট্য কি?/ভাৰতৰ ৰাজনৈতিক দলৰ নাম/ভাৰতীয় ৰাজনীতিত জাতিৰ ভূমিকা/সংবিধান সভাৰ প্রথম সভাপতি কোন আছিল?/ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা/ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন আছিল?/ভাৰতৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দল/কালৰ আৰম্ভণিৰ পৰা/উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ৰাজনীতি বিজ্ঞান/one party dominance system/সংবিধান কিয় আৰু কেনেকৈ প্ৰশ্ন উত্তৰ/what is one party dominance/শীতল যুদ্ধৰ উৎপত্তিৰ কাৰণ/সংবিধান কিয় আৰু কেনেকৈ class 11/চীনৰ সাম্যবাদী দলৰ ভূমিকা/ভাৰতৰ প্ৰথম আঞ্চলিক দলটোৰ নাম কি?/চীনৰ সংবিধানৰ বৈশিষ্ট্য/কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠিত হৈছিল?/সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা।/ভাৰতৰ প্ৰথমটো ৰাজনৈতিক দল হৈছে/ভাৰতৰ দলীয় ব্যবস্থা/অসমৰ এটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা/উন্নয়নৰ নীতিসমূহ আৰু অভিজ্ঞতা/বি আৰ আম্বেদকাৰৰ ৰাজনৈতিক জীৱন/সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল?/সংযুক্ত চৰকাৰৰ বৈশিষ্ট্য/ভাৰতীয় সংসদৰ গঠন/ৰাজনৈতিক দল কি?/ভাৰতৰ সংবিধানৰ বৈশিষ্ট্য/

Post a Comment

0 Comments

People

Ad Code