Recent in Technology

পৰিকল্পিত উন্নয়নৰ ৰাজনীতি - [তৃতীয় অধ্যায়] {Q&A} - (Part-B/Notes)

Class-XII(12)/Political Science-[Q/A][Notes][Solutions]-2022 [Free Learning Online][in Assamese][পৰিকল্পিত উন্নয়নৰ ৰাজনীতি][তৃতীয় অধ্যায়][Part-B]


পৰিকল্পিত উন্নয়নৰ ৰাজনীতি - [তৃতীয় অধ্যায়] {Q&A} - (Part-B/Notes)


(পৰিকল্পিত উন্নয়নৰ ৰাজনীতি)





(প্রত্যেকটোত ১ নম্বৰকৈ)


প্রশ্ন ১ঃ বিকাশৰ দুটা আৰ্হি আছিল, এটা আছিল উদাৰ পুঁজিবাদী আৰ্হি আৰু আনটো কি? 
উত্তৰ : সমাজবাদী আৰ্হি। 


প্রশ্ন ২ : পৰিকল্পনা আয়ােগ কেতিয়া গঠন কৰা হৈছিল ? 
উত্তৰ : ১৯৫০ চনত।

প্রশ্ন ৩ : FYP কি? 
উত্তৰ : Five year plan. 


প্রশ্ন ৪ : প্রথম পঞ্চবার্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ কৰা হৈছিল ? 
উত্তৰ : ১৯৫১ চনত।

প্রশ্ন ৫ : প্রথম পঞ্চবার্ষিক পৰিকল্পনাত সন্নিবিষ্ট এটা বৃহৎ মাত্ৰাৰ প্ৰকল্পৰ নাম লিখা।
উত্তৰ : আক্রানাঙ্গল প্রকল্প। 


প্রশ্ন ৬ : খাদ্য সংকটৰ সময়ত ভাৰতে কোনখন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল? 
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত। 

প্রশ্ন ৭ : ভাৰতৰ দুগ্ধমানৱ বুলি কাক কোৱা হয় ? 
উত্তৰ : ভার্গিজ কুৰীয়েনক। 

প্রশ্ন ৮ : পৰিকল্পিত উন্নয়ন বুলিলে কি বুজা ? 
উত্তৰ : পৰিকল্পিত উন্নয়ন বুলিলে নির্দিষ্ট নীতি অনুসৰণৰ জৰিয়তে দেশৰ উন্নয়ন সাধনক সূচায়। 

প্রশ্ন ৯ : ভাৰতত পৰিকল্পনাৰ ধাৰণাটো ক'ৰ পৰা লােৱা হৈছিল? 
উত্তৰ : ছােভিয়েট ইউনিয়ন।

প্রশ্ন ১০ : দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ মূল উদ্দেশ্যটো উল্লেখ কৰা। 
উত্তৰ : ‘সমাজবাদী চানেকি সমাজ গঢ়াৰ আদর্শ। 

প্রশ্ন ১১ : এই পর্যন্ত কিমানটা পঞ্চবার্ষিক পৰিকল্পনা সম্পূর্ণ হৈছে?
উত্তৰ : ১১টা পৰিকল্পনা। 

প্রশ্ন ১২ : ভাৰতৰ সেউজ বিপ্লৱৰ নায়ক বুলি কাক সন্মান কৰা হয়। 
উত্তৰ : আন্না হাজাবে।

প্রশ্ন ১৩ : পকিল্পনা আয়ােগৰ গাঁথনিটো লিখা। 
উত্তৰ : পৰিকল্পনা আয়ােগৰ সভাপতি হৈছে ভাৰতৰ প্ৰধানমন্ত্রী। ইয়াৰ উপৰি ইয়াত প্রায় ৮ জন শক্তিশালী সদস্য থাকে।

প্রশ্ন ১৪ : পি. চি. মহলানবীশ কোন আছিল? 
উত্তৰঃ পি. চি. মহলানবীশ এজন বিশ্ববিখ্যাত বৈজ্ঞানিক তাৰু পৰিসংখ্যাবি আছিল। তেওঁ দ্বিতীয়খন পঞ্চবার্ষিক পৰিকল্পনাৰ স্থপতি আছিল। 

তেখেতে উদ্যোগীকৰণ আৰু চৰকাৰী খণ্ডৰ প্রতিষ্ঠানসমূহৰ বিকাশৰ সমর্থক আছিল। 

প্রশ্ন ১৫ : পৰিকল্পনাৰ অৱকাশ দিন কি?
উত্তৰ : ভাৰতবৰ্ষত চতুর্থ পৰিকল্পনা তাৰম্ভ হােৱাৰ কথা আছিল ১৯৬৬ চনৰ পৰা। সেই সময়ত ভাৰতবৰ্ষ এক অর্থনৈতিক সংকটৰ সন্মুখীন হৈছিল। এই সময়ছােৱাত চৰকাৰে পৰিকল্পনাৰ অৱকাশ ঘােষণা কৰে।

প্রশ্ন ১৬ : 'বম্বে আঁচনি’ কি? 
উত্তৰ : ভাৰতবৰ্ষৰ ডাঙৰ উদ্যোগপতি কেইজনমানে ১৯৪৪ চনত একেল হৈ এটা পৰিকল্পিত অর্থনীতি গঢ়াৰ বাবে এক যুটীয়া খচৰা প্রস্তুত কৰে। ইয়াক বােম্বে পৰিকল্পনা বুলি কোৱা হয়।



Class-XII Political Science 


Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ



Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ




(খ) চমু প্রশ্নোত্তৰ /(প্রত্যেকটোত ২ নম্বৰকৈ) 


প্রশ্ন ১: POSCO প্ৰকল্পৰ বিৰুদ্ধে কিয় উৰিষ্যাৰ গাঁওবাসীয়ে প্রতিবাদ কৰিছিল?
উত্তৰঃ POSCO প্রকল্পৰ বিৰুদ্ধে প্রকল্প নির্মাণ স্বাৰ শতিগ্রত হন। জনসাধাৰণে বিশেষকৈ গাঁওবাসীয়ে প্রতিবাদ কৰিছিল। এই প্রকল্প নির্মাণৰ ফলত সেই অঞ্চলত অতীতৰ পৰা বসবাস কৰি অহা থলুৱা লােকসকল ক্ষতিগ্রত হােৱাৰ সম্ভাৱনা আহিল । 

প্রশ্ন ২ : বােম্বে পৰিকল্পনা কি আছিল? 
উত্তৰ : ১৯৪৪ চনত কিছুমান উদ্যোগপতিয়ে বােম্বাইত মিলিত হৈ ভাৰতত পৰিকল্পিত অর্থনীতি প্রতিষ্ঠা কৰাৰ বাবে এটা যুটীয়া প্ৰস্তাৱৰ খচৰা প্রস্তুত কৰে। এই প্রস্তাৱক ‘বােম্বাই পৰিকল্পনা’ বুলি কোৱা হয়। ইঔদ্যোগিক আৰু অন্যান্য অর্থনৈতিক বিনিয়ােগৰ ক্ষেত্ৰত ৰাষ্ট্ৰই মূল ভূমিকা গ্ৰহণ কৰাটো বিচাৰিছিল।

প্রশ্ন ৩ : চৰকাৰী বাজেটক দুটা ভাগত বিভক্ত কৰা হয়, কি কি? 
উত্তৰ : 
  • (ক) পৰিকল্পনাভূত বাজেট আৰু
  • (খ) পৰিকল্পনা বহির্ভূত বাজেট। 

প্রশ্ন ৪ : কোন চনত প্রথম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল আৰু ভাৰতৰ বিকাশ তীব্ৰ কৰিবলৈ কোৱা অর্থনীতিবিদজন কোন?
উত্তৰ : ১৯৫১ চন আৰু অর্থনীতিবিদজন হ’ল - পি. চি. মহালানবিছ।

প্রশ্ন ৫ : ‘কেৰালা মডেলৰ দ্বাৰা কোনবােৰ বিশেষ বস্তুৰ ওপৰত গুৰুত্ব দিয়া হৈছিল?
উত্তৰ : ‘কেৰালা মডেল’ বুলি ক'লে কেৰালা ৰাজ্যৰ বছৰেকীয়া পৰিকল্পনাক বুজায়। এই আহিটোত শিক্ষা, স্বাস্থ্য, ভূমি সংস্কাৰ, ফলপ্রসূ খাদ্য বিতৰণ আৰু দৰিদ্ৰতা নিবাৰণৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছিল। 

প্রশ্ন ৬ঃ খাদ্যৰ যথােপযুক্ত নিশ্চিত কৰিবৰ বাবে ভাৰতে কি নীতি গ্রহণ কৰিছিল?
উত্তৰ : খাদ্য সংকট দূৰীকৰণ কৰিবৰ বাবে ভাৰতে ১৯৬৮-৬৯ চনত সেউজ বিপ্লৱৰ নীতি গ্রহণ কৰি কৃষিৰ উৎপাদন বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছিল।

প্রশ্ন ৭ :  আধুনিকীকৰণ কিহৰ সৈতে যুক্ত।
উত্তৰ : 
  • (i) আন্তঃগাঁথনি, আৰু অনুষ্ঠানগত পৰিৱৰ্তনৰ সৈতে যুক্ত।
  • (ii) পুৰণা ঔপনিৱেশিক অর্থনীতিৰ পৰিৱৰ্তন সাধন কৰি স্বনিয়ন্ত্রিত ক্রমবর্ধিত অর্থনীতিৰ সৃষ্টি কৰা।

প্রশ্ন ৮ : ‘মিশ্র অর্থনীতি’ বুলিলে কি বুজা? 
উত্তৰ : মিশ্র অর্থনৈতিক ব্যৱস্থাত ৰাষ্ট্ৰীয় খণ্ড আৰু বেচৰকাৰী খণ্ডই একেলগ হৈ দেশৰ অর্থনৈতিক উন্নয়ন সাধন করে। চৰকাৰী খণ্ডৰ হাতত গধুৰ উদ্যোগসমূহৰ দায়িত্ব প্রদান কৰা হয়।

প্রশ্ন ৯ : খাদ্যৰ পর্যাপ্ততা নিশ্চিত কৰিবলৈ ভাবতে কি ধৰণৰ নীতি গ্রহণ কৰিছিল।
উত্তৰ : খাদ্যৰ পর্যাপ্ততা নিশ্চিত কৰিবলৈ ভাৰতবৰ্ষই কৃষি উৎপাদন কৌশলৰ পৰিৱৰ্তন সাধন কৰিছিল।

প্রশ্ন ১০ : পৰিকল্পনাৰ দুটা উদ্দেশ্য উল্লেখ কৰা।
উত্তৰ : 
  • (i) পৰিকল্পনাৰ এটা উল্লেখযােগ্য উদ্দেশ্য ছিল দেশৰ তাহনিীতিক আত্মনিৰ্ভৰশীল কৰা
  • (ii) পৰিকল্পনাৰ আন এটা উল্লেখযােগ্য উদ্দেশ্য দেশৰ আয়ৰ হাৰ বৃদ্ধি

প্রশ্ন ১১ : পৰিকল্পনাৰ যি কোনাে দুটা সুবিধা উল্লেখ কৰা।
উত্তৰ : 
  • (i) পৰিকল্পনাৰ জৰিয়তে সুচিন্তিত আৰু পৰিকল্পিতভাৱে দেশৰ জাতীয় আৰু জনমূৰি আয় বৃদ্ধি কৰা সম্ভৱ।
  • (ii) পৰিকল্পনাৰ জৰিয়তে সামৰিক ন্যায় প্রতিষ্ঠা কৰা সম্ভৱ। আয় আৰু সম্পত্তিৰ অসমতাক হ্রাস কৰি ন্যায় প্রতিষ্ঠা সম্ভৱ।

প্রশ্ন ১২ : কোন বছৰত পৰিকল্পনা আয়ােগ গঠন কৰা হৈছিল আৰু পৰিকল্পনা আয়ােগৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল?
উত্তৰ : ১৯৫০ চনত আৰু ইয়াৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল জৱাহৰলাল নেহৰু।

প্রশ্ন ১৩ : পৰিকল্পিত অর্থনীতিৰ গুৰুত্বপূৰ্ণ ফলাফলবােৰ কি কি?
উত্তৰ : পৰিকল্পিত অর্থনীতিৰ তিনিটা মুখ্য পৰিণাম হৈছে ক্রমে - 
  • (১) অর্থনৈতিক ভেটি স্থাপন 
  • (২) ভূমি সংস্কাৰ 
  • (৩) সেউজ বিপ্লৱ।

প্রশ্ন ১৪ : বিকাশ বুলিলে কি বুজা? 
উত্তৰ : সাধাৰণভাৱে বিকাশ মানে আধুনিক’ হােৱা আৰু আধুনিক হােৱাৰ অৰ্থ হৈছে পাশ্চাত্যৰ উদ্যোগী দেশবােৰৰ দৰে আগবাঢ়ি যােৱাৰ লগতে দেশৰ মানুহৰ জীৱনৰ মানদণ্ডৰ উন্নতি কৰা।

প্রশ্ন ১৫ : পৰিকল্পনাৰ সংজ্ঞা দিয়া।
উত্তৰ : দেশৰ সৰ্বাংগীণ বিকাশৰ বাবে আঁচনি যুগুত কৰক পৰিকল্পনা বুলি কোৱা হয়। 



(গ) চমু প্রশ্নোত্তৰ /(প্রত্যেকটোত ৪ নম্বৰকৈ)


প্রশ্ন ১: দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ খনিকৰ কোন আছিল? ইয়াৰ লক্ষ্যৰ বিষয়ে আলােচনা কৰা।
উত্তৰ : পি. চি. মােহালানবিক দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ খনিকৰ বুলি করা হয় । তেওঁৰ নেতৃত্বতে এদল এনতিবিদে দ্বিতীয় পৰিকল্পনাৰ মূল ৰা মণ কৰি উলিয়াইছিল।

গধুৰ উদ্যোগৰ ওপৰত দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাত গুৰুত্ব প্ৰদান কৰা হৈছিল। এই পৰিকল্পনাৰ মূল উদ্দেশ্য আছিল বিকাশৰ এটা আহি প্ৰস্তুত কৰা; যিটো আৰ্হিয়ে ভাৰতত এখন সমাজবাদী সমাজ প্রতিষ্ঠা কৰিব। 

এই পৰিকল্পনাই অর্থনৈতিক বিকাশে সমাজ নিম্নশ্রেণীৰ লোকসকৰ সহায়ক হােয়াৰ জাগাতে তায়, সম্পদ আদিৰ কেন্দ্রীভূতকৰণ ক্রমাগতভাৱে হ্রাস হােৱাটো বিচাৰিছিল। উদ্যোগিক বিকাশ আছিল এই পৰিকল্পনাৰ মূল লক্ষ্য।

প্রশ্ন ২: ব্যক্তিগত খণ্ড কি ? ৰাজহুৱা খণ্ডৰ লগত ইয়াৰ প্ৰভেদ কি?
উত্তৰ : ব্যক্তিগত খণ্ড হ'ল বিকাশৰ এটা পুঁজিবাদী আহি। যিবােৰ খণ্ডত চৰকাৰী নিয়ন্ত্রণ নাথাকে অর্থাৎ ব্যক্তিগতভাৱে পুঁজি নিয়ােগ কৰিব পাৰে তেনেবোৰ খণ্ডকে ব্যক্তিগত খণ্ড বােলা হয়।

ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডৰ মাজত প্ৰভেদ আছে। প্রথমতে, ব্যক্তিগত খণ্ড হ’ল পুঁজিবাদী আৰ্হি অনুসৰণ কৰা ব্যৱস্থা; আনহাতে, ৰাজা খণ্ড হ’ল সমাজবাদী আহি অনুসৰণ কৰা এটা ব্যৱস্থা। দ্বিতীয়তে, ব্যক্তিগত খণ্ড ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত কিন্তু ৰাজহুৱা খণ্ড ৰাষ্ট্ৰৰ নীতি-নিয়মৰ নিয়ন্ত্রণাধীন।

প্রশ্ন ৩ঃ সেউজ বিপ্লৱ কি? ই কি ধৰণে আৰম্ভ হৈছিল?
উত্তৰ : ভাৰতৰ কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰ বাবে ১৯৬০ৰ দশকৰ মাজভাগৰ পৰা যি প্রচেষ্টা হাতত লৈছিল তাক সেউজ বিপ্লৱ বােলা হয়। 

১৯৬০ৰ দশকত ভাৰতৰ খাদ্য সংকটৰ ফলস্বৰূপে ভাৰতে খাদ্য দ্রব্যৰ বাবে আমেৰিকাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। ইয়াৰ সুবিধা গ্রহণ কৰি আমেৰিকাই ভাৰতৰ বিভিন্ন নীতিত হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰে। 

এনে এক পৰিস্থিতিত ভাৰতে খাদ্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ'বলৈ সিদ্ধান্ত গ্রহণ কৰে আৰু কৃষিখণ্ডত বৈজ্ঞানিক কৌশল প্রৱর্তনৰ দিশে অগ্ৰসৰ হয়, যেনে- উন্নত জাতৰ বীজ, খেতি পথাৰত ৰাসায়নিক সাৰৰ ব্যৱহাৰ, পৰম্পৰাগত কৃষি পদ্ধতিৰ পৰিৱর্তে নতুন আৰু বৈজ্ঞানিক পদ্ধতি প্রয়ােগ আদিৰ ব্যৱহাৰ আৰম্ভ কৰে।

প্রশ্ন ৪ঃ কাক ভাৰতৰ দুগ্ধ মানৱ (Milkmar) বুলি কোৱা হয়? শ্বেত বিপ্লৱৰ (White Revolution) বিষয়ে আলােচনা কৰা।
উত্তৰ : ভার্গিজ কুৰেইনক (Verghese Kurein) ভাৰতৰ দুগ্ধ মানৱ বুলি (ইয়াৰ পিছত ১৩৬নং পৃষ্ঠাৰ ৬নং প্রশ্নৰ উত্তৰ চোৱা)

প্রশ্ন ৫ : সেউজ বিপ্লৱ আৰু শ্বেত বিপ্লৱৰ মাজত থকা পার্থক্যবােৰৰ বিষয়ে আলােচনা কৰা।
উত্তৰ : 
  • (ক) সেউজ বিপ্লৱৰ মূল লক্ষ্য হ’ল খাদ্য দ্রব্যৰ উৎপাদন বৃদ্ধি কৰা; আনহাতে, শ্বেত বিপ্লৱৰ মূল লক্ষ্য হ’ল দুগ্ধ উৎপাদন বৃদ্ধি কৰা।
  • (খ) সেউজ বিপ্লৱৰ সৈতে ড° নর্মান ব’ৰলাউগৰ অৰিহণা জড়িত হৈ আছে; কিন্তু শ্বেত বিপ্লৱৰ সৈতে ভার্গিজ কুৰেইনৰ অৰিহণা জড়িত হৈ আছে।
  • (গ) পঞ্জাৱ, হাৰিয়ানা আদি ৰাজ্য সেউজ বিপ্লৱৰ দ্বাৰা উপকৃত হৈছিল; আনহাতে, গুজৰাটত শ্বেত বিপ্লৱে বিশেষকৈ গা কৰি উঠিছিল।
  • (ঘ) সেউজ বিপ্লৱত সমবায় ভিত্তিক কৃষিৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হােৱা নাছিল; আনহাতে, শ্বেত বিপ্লৱত সমবায় ভিত্তিক দুগ্ধ উৎপাদনৰ ওপৰত বিশেষ গুৰুত্ব দিছিল।

প্রশ্ন ৬ঃ দেশৰ আর্থ-সামাজিক উন্নয়নত পৰিকল্পনা আয়ােগৰ ভূমিকা কি?
উত্তৰ : ভাৰতৰ আর্থ - সামাজিক উন্নয়নৰ বাবে পৰিকল্পনা আয়ােগ কৰা হয়। ভাৰতৰ চৌপিনৰ বিকাশৰ ক্ষেত্ৰত ইয়াৰ উন্নয়নৰ কৌশল তৈয়াৰ কৰাৰ ক্ষেত্ৰত, কোনটো দিশ পৰিগ্ৰহণ কৰিব ইত্যাদি ক্ষেত্ৰত পৰিকল্পনা আয়ােগে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। 

পৰিকল্পনা আয়ােগৰ উদ্দেশ্য আছিল দেশৰ জাতীয় আয় বৃদ্ধি কৰা, দেশৰ কৃষি আৰু উদ্যোগীকৰণৰ অআধুনিকীকৰণ, অর্থনৈতিক ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অর্জন কৰা আৰু সামাজিক ন্যায় প্রতিষ্ঠা কৰা। ভাৰতৰ পৰিকল্পনা আয়ােগে অৱশ্যে যথেষ্ট সাফল্য লাভ কৰিব পৰা নাই। 

১৯৫০ আৰু ১৯৮০ৰ দশকৰ মাজত ভাৰতীয় অর্থনীতি অতি লেহেম গতি আছিল, বছৰি ৩ৰ পৰা ৩.৫ শতাংশকৈ বৃদ্ধি পায়। অদক্ষতা, দুর্নীতি আৰু প্রশাসক তথা আমােলাসকলৰ অর্থনৈতিক বিকাশৰ ক্ষেত্ৰত অনীহাৰ বাবে পৰিকল্পনা আয়ােগে নিজৰ নির্দিষ্ট লক্ষ্যত উপনীত হ'ব পৰা নাছিল।

প্রশ্ন ৭ঃ ১৯৫০ চনৰ কেবিনেট সিদ্ধান্তটো কি আছিল? মিশ্র অর্থনীতিৰ লক্ষ্য সম্পর্কে লিখা। 
উত্তৰঃ ১৯৫০ চনৰ মাৰ্চ মাহত কেবিনেটে এটা সাধাৰণ প্ৰস্তাৱৰ দ্বাৰা পৰিকল্পনা আয়ােগ গঠন কৰে। ই সংবিধান বহির্ভূত এটা অনুষ্ঠান। ইয়াৰ পৰামৰ্শবােৰ মন্ত্রীসভাই অনুমােদন জনালেহে কার্যকৰী কৰিব পৰা যায়।

মিশ্র অর্থনীতি হৈছে সোঁ-পন্থী আৰু বাওঁপন্থা অর্থনৈতিক দৃষ্টি ভংগীৰ সমন্বয়বাওঁপন্থীসকলে দুখীয়া আৰু অতি নিপেষিত শ্ৰেণীৰ বিকাশৰ চিন্ত কৰে আৰু সেই মতে চৰকাৰী নীতি গ্রহণৰ পােষকতা কৰে। আনহাতে সে পন্থীসকলে মুক্ত অর্থনীতি আৰু মুক্ত প্রতিযােগিতাৰ পােষকতা কৰে । 


(ঘ) অতি দীঘল প্রশ্নোত্তৰ /(প্রত্যেকটোত ৬ নম্বৰকে) 


প্রশ্ন ১ঃ বিকাশৰ ধাৰণাটোৰ বিষয়ে আলােচনা কৰা।
উত্তৰ : বিকাশৰ ধাৰণাটো বিভিন্ন শ্রেণীৰ লোকৰ কাৰণে বিভিন্ন। এই ধাৰণাটো আহিছে পশ্চিমীয়া দেশসমূহৰ অভিজ্ঞতাৰ পৰা। 

বিকাশ’ বুলি ক'লে সকলােৱে পশ্চিমীয়া দেশসমূহৰ ফালে লক্ষ্য কৰা হয়। এই দেশসমূহে বর্তমানে যি অৱস্থা লাভ কৰিছে, সেই অৱস্থাটোক ‘বিকশিত’ স্তৰ বুলি ধৰি লৈ বিশ্বৰ অন্যান্য প্রান্তৰ লােকসকলে সেই স্তৰলৈ যাব বিচাৰে আৰু সেই স্তৰত উপনীত হ’বলৈ তেওঁলােকেও পশ্চিমীয়া দেশসমূহে অনুসৰণ কৰা পদ্ধতি অনুসৰণ কৰিব বিচাৰে।

পশ্চিমীয়া উন্নত দেশবােৰক মাপকাঠী হিচাপে লৈ পৃথিৱীৰ বিভিন্ন দেশক উন্নত, উন্নয়নশীল আৰু অনুন্নত এই তিনিটা স্তৰত বিভক্ত কৰা হৈছে।

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়ত বিশ্বত প্ৰধানকৈ বিকাশৰ দুটা আহিৰ প্রচলন আছিল– উদাৰ পুঁজিবাদী আৰ্হি আৰু সমাজবাদী আহি।

বিকাশৰ ধাৰণাটোক লৈ যদিও বহুতাে বিতৰ্কৰ অৱতাৰণা হৈ আহিছে, কিন্তু ইয়াৰ সৈতে প্রধানকৈ কেইটামান সাধাৰণ আৰু সকলােৱে গ্ৰহণ কৰা উপাদান জড়িত হৈ আছে। সেইবােৰ হ’ল -
  • (ক) আধুনিকীকৰণ 
  • (খ) উদ্যোগীকৰণ 
  • (গ) উন্নত প্রযুক্তিৰ ব্যৱহাৰ 
  • (ঘ) উৎপাদন বৃদ্ধি আৰু 
  • (ঙ) প্রতিযােগিতামূলক অর্থনীতি।

প্রশ্ন ২ঃ ভাৰতত পৰিকল্পনা আয়ােগ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ পৰিধিৰ বিষয়ে আলােচনা কৰা।
অথবা পৰিকল্পনা আয়ােগৰ কার্যাৱলীৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ ১৯৫০ চনৰ ১৫ মার্চত পৰিকল্পনা আয়ােগ গঠন কৰা হৈছিল। ১৯৫১ চনত প্রথম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল। এই আয়ােগৰ মূল উদ্দেশ্য আৰু কার্যাৱলী এনে ধৰণৰ -

  • (ক) জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি সাধন : প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ গঠন কৰা সকলাে পৰিকল্পনাতে জনগণৰ জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি সাধনৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈ আহিছে।
  • (খ) জাতীয় আয় বৃদ্ধি কৰা : প্রতিটো পৰিকল্পনাৰে গুৰুত্বপূৰ্ণ উদেশ্য হল জাতীয় আয় বৃদ্ধি কৰা। জাতীয় আয় বৃদ্ধিয়ে দেশৰ তাৰ্থনৈতিক বিকাশত যথেষ্ট সহায় কৰিব। 
  • (গ) সম্পদৰ সদব্যৱহাৰ : ভাৰতৰ সম্পদসমূহ সদব্যৱহাৰ কৰা পৰিকল্পনাৰ এটা অন্যতম উদ্দেশ্য। সামগ্ৰী আৰু সেৱা বৃদ্ধিৰে পৰিকল্পনাই ভাৰতৰ অর্থনৈতিক বিকাশ সাধন কৰিব বিচাৰে। 
  • (ঘ) অর্থনৈতিক অসমতা হ্রাস : দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ পৰা ভাৰতীয় জনগণৰ মাজত থকা অর্থনৈতিক অসমতা হ্রাস কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে বিভিন্ন ধৰণৰ কল্যাণমূলক আঁচনি গ্ৰহণ কৰি দৰিদ্রতা দূৰীকৰণ, নিবনুৱা সমস্যা সমাধান আদি লক্ষ্য নির্ধাৰণ কৰা হৈছে।
  • (ঙ) সামাজিক ন্যায় প্রতিষ্ঠা কৰা : পৰিকল্পনাই সামাজিক ন্যায় প্রতিষ্ঠা কৰাত গুৰুত্ব প্রদান কৰি আহিছে। ইয়াক কার্যকৰী কৰাৰ অৰ্থে ন্যূনতম প্রয়ােজনীয় কার্যসূচী গ্রহণ কৰা হৈছে। 
  • (চ) আঞ্চলিক বিকাশ সাধন : স্বাধীনতা লাভৰ সময়ত ভাৰতৰ বিভিন্ন অঞ্চলৰ মাজত আঞ্চলিক ভাৰসাম্যতা নাছিল। সেয়েহে পৰিকল্পনাৰ জৰিয়তে তুলনামূলকভাৱে পিছপৰা অঞ্চল আৰু ৰাজ্যসমূহৰ দ্রুতবিকাশ সাধন কৰি সকলাে অঞ্চলৰে সমতা স্থাপন কৰিবলৈ বিচৰা হৈছে।

প্রশ্ন ৩ঃ বিকেন্দ্রীভূত পৰিকল্পনাৰ বিষয়ে আলােচনা কৰা।
উত্তৰ : পৰিকল্পনা প্রস্তুত আৰু পৰিচালনা কৰাৰ ক্ষেত্ৰত প্ৰধানকৈ দুটা ব্যৱস্থা আছে। কেন্দ্রীভূত পৰিকল্পনা আৰু বিকেন্দ্রীভূত পৰিকল্পনা।  সমগ্ৰ দেশৰ বাবে আৰু সমাজৰ উচ্চ শ্ৰেণীৰ লােকসকলৰ দ্বাৰা পৰিচালিত পৰিকল্পনাক কেন্দ্রীভূত পৰিকল্পনা বােলা হয়। ইয়াত তৃণমূল পর্যায়ত কার্যকৰীকৰণ কৰা নহয়। আনহাতে, পৰিকল্পনাক বিকেন্দ্রীকৰণ কৰা ব্যৱস্থাই হ’ল বিকেন্দ্রীভূত পৰিকল্পনা। 

কেৰালা চৰকাৰে পােন প্রথমে বিকেন্দ্রীভূত পৰিকল্পনা হাতত লৈ যথেষ্ট সফলতা অর্জন কৰাৰ ফলস্বৰূপে ভাৰতৰ আন আন ৰাজ্যবােৰেও এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগ্রহী হৈ পৰিছে। পঞ্চায়তীৰাজ শাসন ব্যৱস্থা প্রতিষ্ঠাৰ ফলস্বৰূপে এই ব্যৱস্থা গ্রহণ কৰাৰ যথেষ্ট পৰিসৰ আহি পৰিছে। এতিয়া বিভিন্ন ৰাজ্য চৰকাৰে স্থানীয় স্বায়ত্তশাসিত কর্তৃপক্ষৰ হাতত বিভিন্ন ক্ষমতা প্রদান কৰিছে। আনকি কেন্দ্রীয় মৰ বিভিন্ন আঁচনি ৰূপায়ণ কৰাৰ দায়িত্বও এই গােটবােৰৰ হাততে ন্যাস্ত কৰা ৪ পৰিকল্পনা ব্যৱস্থা অধিক গণতান্ত্রিক। ইয়াত জনগণে প্রত্যক্ষভাৱে গহণ কৰিব পাৰে আৰু পৰিকল্পনাৰ সৈতে জড়িত ব্যক্তিসকল জনগণৰ দায়বদ্ধ। অর্থাৎ বিকেন্দ্রীভূত পৰিকল্পনা সদায় জনমুখী। 

প্রশ্ন ৪ঃ ভূমি সংস্কাৰ মানে কি বুজা? ভূমি সংস্কাৰৰ প্রধান ব্যৱস্থাৰবাৰৰ বিষয়ে আলােচনা কৰা। 
উত্তৰঃ স্বাধীনতা লাভৰ ঠিক পিছতে ভাৰত চৰকাৰে কৃষিভূমিৰ ক্ষেত্ৰত ব্রিটিছ ৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ যি সংস্কাৰ সাধন কৰা হৈছিল তাকে ভূমি সংস্কাৰ বােলা হয়। ভূমি সংস্কাৰ এই সময়ছােৱাৰ আটাইতকৈ গুৰুত্বপূর্ণ পদক্ষেপ আছিল। এই প্রচেষ্টাৰ আটাইতকৈ ডাঙৰ সফলতা আছিল ঔপনিৱেশিক ব্যৱস্থাই গঢ়ি তােলা জমিদাৰী ব্যৱস্থাৰ বিলােপ সাধন

জমিদাৰসকলে কৃষিক্ষেত্ৰত বিশেষ মনােনিবেশ কৰা নাছিল, কিন্তু তেওঁলােকে কৃষিভূমিক নিয়ন্ত্রণ কৰিছিল! জমিদাৰী ব্যৱস্থাৰ বিলােপ সাধনে কৃষিভূমিক তেওঁলােকৰ হাতৰ পৰা মুক্ত কৰিছিল। লগে লগে ভূপতিসকলৰ ৰাজনৈতিক শক্তি আৰু প্ৰভাৱৱা সংকুচিত হৈছিল।

ভূমি সংস্কাৰৰ অন্য তিনিটা লক্ষ্য আছিল - 
  • (ক) সিচৰতি হৈ থকা ভূমিক একত্রিত কৰি উৎপাদন বৃদ্ধি কৰা। 
  • (খ) “চিলিং’ ব্যৱস্থা প্রবর্তন কৰি এজন ব্যক্তিৰ হাতত থাকিব পৰা সর্বোচ্চ ভূমিৰ পৰিমাণ নির্ধাৰণ কৰা আৰু উদ্ধৃত ভূমিসমুহ অধিগ্রহণ কৰি ভূমিহীনসকলৰ মাজত বিতৰণ কৰা।
  • (গ) আনৰ ভুমিত খেতি কৰা কৃষকক বিধিগতভাৱে নিৰাপত্তা প্রদান কৰা। উপৰােক্ত এই তিনিওটা লক্ষ্যৰ ভিতৰত ভূমি সংস্কাৰৰ জৰিয়তে প্রথম লক্ষ্যৰ ক্ষেত্ৰতহে কিছু সফলতা লাভ কৰিব পৰা গৈছিল; কিন্তু বাকী দুটা লক্ষ্যৰ ক্ষেত্ৰত চৰম ব্যর্থ হােৱা বুলি ক'ব পাৰি।

প্রশ্ন ৫ : ১৯৬৫ আৰু ১৯৬৭ চনৰ ভিতৰত বিহাৰত সৃষ্টি হােৱা খাদ্য 'ৰ বিষয়ে আলােচনা কৰা। ইয়াৰ এটা চমু বিৱৰণ দিয়া।
উত্তৰ : ১৬৫নং পৃষ্ঠাৰ ৫নং প্রশ্নৰ উত্তৰ চোৱা।


পৰিকল্পিত বিকাশৰ ৰাজনীতি/ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনা/পৰিকল্পনা বুলিলে কি বুজা?/ভাৰতীয় অর্থনৈতিক উন্নয়ন hs 2nd year/ভাৰতৰ প্ৰথম পঞ্চবার্ষিক পৰিকল্পনা/পঞ্চবার্ষিক পৰিকল্পনা কি?/ৰাজনীতি বুলিলে কি বুজা?/বাজেট ৰচনা ৰ নীতি বোৰ/পৰিকল্পনা আয়োগ কেতিয়া গঠন হৈছিল?/প্ৰকল্প class 12/পৰিকল্পনা সংজ্ঞা দিয়া/ৰাজনীতিৰ সংজ্ঞা দিয়া/ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন?/পৰিকল্পিত বিকাশ মানে কি?/সেউজ বিপ্লৱৰ ফলাফল/পৰিকল্পনা আয়োগৰ সভাপতি কোন?/দৰিদ্ৰতা নিবাৰণৰ বাবে অসম চৰকাৰে লোৱা দুটা আঁচনিৰ নাম উল্লেখ কৰা/অর্থনৈতিক উন্নয়ন বুলিলে কি বুজা/হৰপ্পা লোকসকলৰ জীৱন নিৰ্বাহৰ দুটা কৌশল লিখা/পৰিকল্পনা বিকাশৰ ৰাজনীতি/সেউজ বিপ্লৱ বুলিলে কি বুজা?/আৰ্হি মানে কি?/অর্থনৈতিক উন্নয়ন class 10/গণতান্ত্রিক বিকেন্দ্রীকৰণ মানে কি?/ৰাজনীতি মানে কি?/ভাৰতৰ দুগ্ধমানৱ কাক কোৱা হয়/ভূমি সংস্কাৰ কি?/সেউজ বিপ্লৱ মানে কি?/বিকাশৰ সংজ্ঞা/সামাজিক পৰিৱৰ্তন আৰু ৰাজনীতি class 12/ৰাজনীতি বিজ্ঞানৰ সংজ্ঞা দিয়া/মানৱ উন্নয়ন বুলিলে কি বুজা/আৰ্হি পাঠ বুলিলে কি বুজা?/ভাৰতীয় অর্থনৈতিক উন্নয়ন class 12/আধুনিকীকৰণ ৰ সংজ্ঞা দিয়া/সেউজ বিপ্লৱৰ ইতিবাচক ফলাফল/ভাৰতৰ দৰিদ্ৰতা class 12/সেউজ বিপ্লৱ ফলাফল/ভাৰতৰ সেউজ বিপ্লৱ/জনমূৰি আয় বুলিলে কি বুজা?/কোন চনত পৰিকল্পনা আয়োগ স্থাপিত হৈছিল?/ভাৰতবৰ্ষত কিয় সংস্কাৰ আৰম্ভ কৰা হৈছিল?/উন্নয়নৰ সংজ্ঞা/সেউজ বিপ্লৱ ৰচনা/পুঁজিবাদ বুলিলে কি বুজা?/পৰিকল্পনা বাজেট আৰু উন্নয়ন/পৰিকল্পনা কাক বোলে/ৰাজনীতি বিজ্ঞানৰ পৰিসৰ/দৰিদ্ৰতাৰ সংজ্ঞা দিয়া/উদ্যোগীকৰণ কি?/মানুহৰ বিকাশৰ স্তৰ question answer/সামাজিক অসমতা বুলিলে কি বুজা?/পৰিকল্পনা আৰু বাজেট/উন্নয়ন খণ্ড মানে কি?/ভাৰতবৰ্ষৰ দৰিদ্ৰতা ৰচনা/দৰিদ্ৰতা মানে কি/

Post a Comment

0 Comments

People

Ad Code