Recent in Technology

ভাৰতৰ বহিঃসম্পর্ক - [চতুর্থ অধ্যায়] {Q&A} - (Part-B/Notes)

Class-XII(12)/Political Science-[Q/A][Notes][Solutions]-2022 [Free Learning Online][in Assamese][ভাৰতৰ বহিঃসম্পর্ক][চতুর্থ অধ্যায়][Part-B]

ভাৰতৰ বহিঃসম্পর্ক - [চতুর্থ অধ্যায়] {Q&A} - (Part-B/Notes)


(ভাৰতৰ বহিঃসম্পর্ক)





(ক) অতি চমু প্রশ্নোত্তৰ /(প্রত্যেকটোত ১ নম্বৰকৈ)।


প্রশ্ন ১ঃ ভাৰতৰ বৈদেশিক নীতিৰ প্ৰধান স্থপতি বুলি কাক কোৱা হয়? 
উত্তৰ : জৱাহৰলাল নেহৰু। 


প্রশ্ন ২ঃ গােলকীয় পর্যায়ত দুটা শিবিৰক নেতৃত্ব দিয়া বিশ্বৰ শক্তিশালী দেশ দুখন কি কি?
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট আৰু ছােভিয়েট ৰাছি।
 
প্রশ্ন ৩: কোন চনত চীনে তিব্বত অধিগ্রহণ কৰিছিল ? 
উত্তৰ : ১৯৫০ চনত। 


প্রশ্ন ৪ : NEFA মানে কি সূচায় ? 
উত্তৰ : North Eartern Frontier Agency.

প্রশ্ন ৫ : নেহৰুৰ পিছত চীন ভ্রমণ কৰা আনগৰাকী প্রথম প্রধানমন্ত্রী কোন আছিল?
উত্তৰ : ৰাজীৱ গান্ধী (১৯৭৯ চনত)।

প্রশ্ন ৬ : লালবাহাদুৰ শাস্ত্রী আৰু জেনেৰেল আয়ুব খানে ১৯৬৬ চনত কৰা চুক্তিখনক কি বুলি জনা যায়?
উত্তৰ : তাছখণ্ড চুক্তি। 


প্রশ্ন ৭ : কোন চনত বাংলাদেশৰ যুদ্ধ আৰম্ভ হৈছিল ? 
উত্তৰ : ১৯৭১ চনত।

প্রশ্ন ৮ঃ কোন চনত মেকমােহন লাইনক ভাৰত আৰু চীনৰ মাজৰ সীমাৰেখা বুলি নিৰ্ধাৰণ কৰা হৈছিল ?
উত্তৰ : ১৯১৪ চনত।

প্রশ্ন ৯ : কাশ্মীৰ বিভাজনৰ প্ৰস্তাৱ কোনে আগবঢ়াইছিল ? 
উত্তৰ : ৰাষ্ট্ৰসংঘই। 

প্রশ্ন ১০ : চিমলা চুক্তি কোন চনত অনুষ্ঠিত হৈছিল ?
উত্তৰ : ১৯৭২ চনত।

প্রশ্ন ১১ : গােষ্ঠীনিৰপেক্ষ সম্মিলন প্রথমে ক'ত অনুষ্ঠিত হৈছিল ?
উত্তৰ : ইন্দোনেছিয়াৰ বান্দুং চহৰত। 

প্রশ্ন ১২ : বৈদেশিক নীতি মানে কি বুজা?
উত্তৰ : কোনাে এখন স্বাধীন দেশে বিশ্বৰ আন আন দেশৰ সৈতে সম্পর্ক স্থাপন কৰা বাবে যি নীতি গ্রহণ কৰে তাকে বৈদেশিক নীতি বলে।

প্রশ্ন ১৩ : ভাৰতীয় বৈদেশিক নীতিৰ এটা মৌলিক নীতি লিখা। 
উত্তৰঃ গােষ্ঠীনিৰপেক্ষতা। 

প্রশ্ন ১৪ঃ ভাৰতীয় জাতীয় বাহিনী (আজাদ হিন্দ ফৌজ)ৰ প্ৰতিষ্ঠাপক কোন? 
উত্তৰ : সুভাষ চন্দ্র বসু।

প্রশ্ন ১৫ : ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত বৈদেশিক নীতিৰ বিষয়ে উল্লেখ আছে?
উত্তরঃ ৫১নং অনুচ্ছেদত। 

প্রশ্ন ১৬ : চীনে কেতিয়া ভাৰতবর্ষ আক্ৰমণ কৰিছিল? 
উত্তৰ : ১৯৬২ চনৰ ২০ অক্টোবৰত। 




Class-XII Political Science 


Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ



Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ



(খ) শুদ্ধ উত্তৰটো বাছি উলিওৱা / (প্রত্যেকটোত ১ নম্বৰকৈ)


প্রশ্ন ১ঃ বেগ্রেডত অনুষ্ঠিত প্রথম গােষ্ঠীনিৰপেক্ষ সন্মিলনখন কিমান চনত হৈছিল। 
(ক) ১৯৬০ চনত 
(খ) ১৯৬১ চনত 
(গ) ১৯৬২ চনত 
উত্তৰ : (খ) ১৯৬১ চনত।

প্রশ্ন ২ : পঞ্চশীল চুক্তিখন স্বাক্ষৰিত হৈছিল ভাৰত আৰু (পাকিস্তান/চীন/আমেৰিকা যুক্তৰাষ্ট্রৰ) মাজত।
উত্তৰ : চীন।

প্রশ্ন ৩ : (১৯৯৮/১৯৯৯/২০০০) চনৰ মে’ আৰু জুন মাহৰ ভিতৰত কার্গিল মতানৈক্য হৈছিল। 
উত্তৰঃ ১৯৯৯ চনত। 

প্রশ্ন ৪ : জনতা দলৰ চৰকাৰ ক্ষমতালৈ আহিছিল (১৯৭৬/১৯৭৭/ ১৯৭৮) চনত। 
উত্তৰ : ১৯৭৭ চনত। 

প্রশ্ন ৫ : চিমলা চুক্তি স্বাক্ষৰিত হৈছিল (ইন্দিৰা গান্ধী আৰু মিঃ ভূট্টোৰ/ ডালাইলামা আৰু ইন্দিৰা গান্ধী/জৱাহৰলাল নেহৰু আৰু মিঃ ভুট্টোৰ) মাজত।
উত্তৰ : ইন্দিরা গান্ধী আৰু মিঃ ভুট্টোৰ মাজত।



(গ) চমু প্রশ্নোত্তৰ /(প্রত্যেকটোত ২ নম্বৰকৈ)


প্রশ্ন ১ঃ ভাৰতৰ বৈদেশিক নীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মূল নীতি দুটা ব্যাখ্যা কৰা।
উত্তৰঃ স্বাধীন ভাৰতে গ্ৰহণ কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ বৈদেশিক নীতি দট হ'ল— 
  • (ক) গােষ্ঠীনিৰপেক্ষতা আৰু 
  • (খ) আন ৰাষ্ট্রৰ আভ্যন্তৰীণ বিষয়ক হস্তক্ষেপৰ পৰা বিৰত থকা।

(ক) গােষ্ঠীনিৰপেক্ষতা : দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সৃষ্টি হােৱা দুটা পৰস্পৰবিৰােধী শিবিৰত যােগদানৰ পৰা নিজকে আঁতৰাই ৰাখি ভাৰতে গােষ্ঠীনিৰপেক্ষ নীতি অনুসৰণ কৰি আহিছে। 

ভাৰতবর্ষ হ’ল গােষ্ঠীনিৰপেক্ষ ৰাষ্ট্ৰসমুহৰ এখন অগ্রণী। দেশ। এই নীতি অনুসৰণৰ জৰিয়তে ভাৰতে বিশ্ব শান্তি প্রতিষ্ঠা হ'ব বুলি ভাবিছিল? অৱশ্যে ইয়াৰ জৰিয়তে ভাৰতে নিজৰ জাতীয় স্বাস্থ্য অক্ষুন্ন ৰাখিব বিচাৰিছিল।

(খ) অহস্তক্ষেপ নীতি : ১৯৫৪ চনত ভাৰতে চীনৰ সৈতে কৰা চুক্তিৰ এটা অন্যতম পঞ্চশীল নীতি হিচাপে অহস্তক্ষেপ নীতি গ্রহণ কৰিছিল যদিও ভাৰতে সদায় আন ৰাষ্ট্রৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপৰ পৰা আঁতৰি আছে। 

ভাৰতে আন ৰাষ্ট্ৰ আক্ৰমণৰ পৰিৱর্তে সহযােগিতাত বিশ্বাসী আৰু আলােচনাৰ জৰিয়তে আন্তর্জাতিক বিবাদ নিষ্পত্তি কৰিব বিচাৰে।

প্রশ্ন ২ঃ পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্কৰ দুটা মতানৈক্যৰ বিষয় উল্লেখ কৰা। 
উত্তৰ : 
  • (ক) জম্মু আৰু কাশ্মীৰ।
  • (খ) বাংলাদেশ স্বাধীনতা। 

প্রশ্ন ৩ : পঞ্চশীল বুলিলে কি বুজা ?
উত্তৰঃ ১৯৫৪ চনত তিব্বত সম্পর্কে ভাৰত আৰু চীনৰ মাজত হােৱা চুক্তিখনত প্ৰধানকৈ পাঁচটা নীতি গ্রহণ কৰা হৈছিল। ইয়াকে পঞ্চশীল বােলা হয়।

প্রশ্ন ৪ : নেহৰুৰ বৈদেশিক নীতিৰ যিকোনাে দুটা প্রধান উদ্দেশ্য উল্লেখ কৰা।
উত্তৰ : 
  • (ক) দেশৰ সার্বভৌমত্বৰ সংৰক্ষণ।
  • (খ) দেশৰ দ্রুত অর্থনৈতিক বিকাশ সাধন। 

প্রশ্ন ৫ : NPT আৰু CTBTৰ সম্পূর্ণ নাম দুটা লিখা। 
উত্তৰ : 
  • NPT = Nuclear Non-proliteration Treaty.
  • CTBT = Comprehensive Test Ban Treaty.

প্রশ্ন ৬ : চীনৰ সৈতে থকা ভাৰতৰ দুটা প্রধান বিবাদৰ বিষয়ে বিৱৰণ দিয়া।
উত্তৰ : 
  • (ক) সীমা বিবাদ : চীনে তাৰম্ভণিৰ পৰাই লাডাখৰ আৰ্চাই চীন আৰু পলৰ অৰুণাচলক সদায় তেওঁলােকৰ অন্তৰ্গত অঞ্চল বুলি দাবী জনাই আহিছে। আনকি  চীনে  অৰ্কচাই চীন অঞ্চল দখল কৰি পথ নিৰ্মানো কৰিছে। এই ক্ষেত্ৰত দুয়ােখন দেশৰ মাজত হােৱা আলােচনাবােৰেও সমাধান উলিয়াব পৰা নাই।
  • (খ) ডালাইলামাৰ আশ্রয় : ১৯৫৯ চনত তিব্বত ধর্মগুৰু দালাইলামাই পলাই কাতি ভাৰতত ৰাজনৈতিক আশ্রয় গ্রহণ কৰা বিষয়টো চীনে সদায় সন্দেহৰ চকুৰে চাই আহিছে।

প্রশ্ন ৭ ভাৰতৰ দ্বাৰা কেতিয়া প্রথম পাৰমাণৱিক বিস্ফোৰণ ঘটোৱা হৈছিল?
উত্তৰ : ১৯৭৪ চনৰ মে’ মাহত ভাৰতে পােনপ্ৰথমে পাৰমাণৱিক বিস্ফোৰণ ঘটাইছিল।

প্রশ্ন ৮ : এখন দেশৰ বৈদেশিক নীতিত প্ৰভাৱ পেলােৱাৰ উপাদানবােৰ কি কি?
উত্তৰ : 
  • (ক) দেশখনৰ ভৌগােলিক অৱস্থান। 
  • (খ) দেশখনত থকা প্রাকৃতিক সম্পদ। 
  • (গ) ঐতিহাসিক আৰু সাংস্কৃতিক পটভূমি। 
  • (ঘ) জাতীয় স্বার্থ। 
  • (ঙ) আদর্শ। 
  • (চ) আন্তর্জাতিক পৰিৱেশ।

প্রশ্ন ৯ : চিমলা চুক্তিৰ দুটা বিষয় উল্লেখ কৰা৷
উত্তৰ : ১৯৭২ চনত ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত চিমলা চুক্তিৰ। দুটা প্রধান বিষয় হ’ল -
  • (ক) দুয়ােখন ৰাষ্ট্ৰই দ্বিপাক্ষিক শান্তিপূর্ণ আলােচনাৰে পাৰস্পৰিক বিবাদ আৰু সংঘাত নিষ্পত্তি কৰা। 
  • (খ) দুয়ােখন ৰাষ্ট্ৰই পৰস্পৰৰ ভৌগােলিক অখণ্ডতাৰ বিৰুদ্ধে শক্তি প্রয়ােগ নকৰা।

প্রশ্ন ১০ : ভাৰতৰ বৈদেশিক নীতিয়ে ইয়াৰ জাতীয় স্বার্থ ৰক্ষা কৰিবলৈ কিমান দূৰ সক্ষম হৈছে?
উত্তৰ : ভাৰতৰ বৈদেশিক নীতিৰ মূল লক্ষ্য হ'ল ভাৰতৰ জাতীয় স্বার্থ সুৰক্ষ আৰু পূৰণ কৰা।
 
গোষ্ঠীনিৰপেক্ষ নীতি গ্রহণৰ জৰিয়তে এহাতে ভাৰতে নি স্বাধীন স্থিতি বজাই ৰাখিবলৈ বিচৰাৰ উপৰিও দুয়ােখন পৰস্পৰবিৰােই শক্তিশালী ৰাষ্ট্ৰৰ পৰা সহায় আৰু সহযােগিতা আদায় কৰিবলৈও চেষ্টা কৰা হৈছিল। 

ভাৰতে বৈদেশিক নীতিৰ ওপৰত ভিত্তি কৰি বিশ্বৰ আন আন ৰাষ্ট্র, সৈতে যিবােৰ চুক্তি সম্পাদন কৰিছে, সেইবােৰেও ভাৰতৰ জাতীয় স্বার্থ সংৰক্ষণত সহায়ক হৈছে।

প্রশ্ন ১১ ভাৰতবৰ্ষই স্বাধীনভাৱে গ্ৰহণ কৰা যিকোনাে দুটা আন্তর্জাতিক বিষয়ৰ উদাহৰণ দিয়া।
উত্তৰঃ 
  • (ক) আণৱিক অস্ত্র-শস্ত্ৰক লৈ যিবােৰ চুক্তি সম্পাদিত হৈছে, সেইবােৰত স্বাক্ষৰ কৰিবলৈ ভাৰতক কোনাে ৰাষ্ট্ৰই এতিয়াও বাধ্য কৰাব পৰা নাই।
  • খে) শীতল যুদ্ধ সৃষ্টিকাৰী আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছােভিয়েট ৰাছিয়াৰ নেতৃত্বত গঠিত কোনাে এটা শিবিৰতে ভাৰতে যােগদান কৰা নাছিল।

প্রশ্ন ১২ : শান্তিপূর্ণ সহঅৱস্থান মানে কি বুজা?
উত্তৰ : ভাৰতৰ বৈদেশিক নীতিৰ অন্তৰ্গত পঞ্চশীল নীতিৰ এটা অন্যতম নীতি হল- সহ-অৱস্থানৰ নীতি। ভাৰতে পৃথিৱীৰ সকলাে দেশৰ লগতে শান্তিপূর্ণভাৱে বসবাস কৰিব বিচাৰে। 

সকলাে ৰাষ্ট্রৰ আভ্যন্তৰীণ আৰু বহির্সার্বভৌমত্বৰ প্রতি শ্রদ্ধা কৰি নিজৰ স্বাধীন অস্তিত্ব বজাই ৰখাকে সহ-অৱস্থান বুলি কোৱা হয়।

প্রশ্ন ১৩ : বান্দাং সন্মিলনৰ তাৎপর্য কি?
উত্তৰ : ১৯৫৫ চনত আফ্রো-এছিয়ানৰ এখন সন্মিলন ইণ্ডোনেছিয়াৰ চহৰ বান্দাঙত অনুষ্ঠিত হৈছিল। এছিয়া আৰু আফ্রিকাৰ সৰ্বমুঠ ২৯ খন দেশৰ প্রতিনিধিয়ে ইয়াত অংশগ্রহণ কৰিছিল। 

এই সন্মিলনখনকেই গােষ্ঠীনিৰপেক্ষ দেশসমূহৰ প্রথম সন্মিলন বুলি অভিহিত কৰিব পাৰি। বৰ্ণ-বৈষম্য নিমূলকৰণ, ঔপনিবেশিক শাসনৰ অৱসান, আণৱিক অস্ত্ৰৰ পৰীক্ষণ নিষিদ্ধকৰণ আদিৰ বিষয়ে ইয়াত আলােচনা হৈছিল। 

এই বান্দাং সন্মিলনেই পিছলৈ গােষ্ঠীনিৰপেক্ষ আন্দোলনৰ জন্ম দিয়ে।

প্রশ্ন ১৪ : কোনটো পদক্ষেপক ভাৰত-চীন সম্পৰ্কৰ কেন্দ্রবিন্দু (Eornerstone) বুলি কোৱা হয়।
উত্তৰঃ ১৯৫৪ চনত তিব্বত সম্পর্কে ভাৰতৰ প্ৰধানমন্ত্রী জৱাহৰলাল নেহৰু প্রধানমন্ত্রী চৌ-এন-লাইৰ মাজত হােৱা চুক্তি মর্মে যি পঞ্চশীল নীতি গ্রহণ কৰা হৈছিল তাকে পিছলৈ ভাৰত-চীন সম্পর্কৰ কেন্দ্রবিন্দু বুলি বিবেচনা কৰা হয়। সেই পঞ্চশীল নীতিবােৰ হ’ল -
  • (ক) প্রত্যেক দেশৰ ভৌগােলিক অখণ্ডতা আৰু সার্বভৌমত্বৰ প্রতি শ্রদ্ধা প্রদর্শন কৰা। 
  • (খ) অনা-আক্রমণাত্মক নীতি। 
  • (গ) আভ্যন্তৰীণ বিষয়ত অহস্তক্ষেপ নীতি। 
  • (ঘ) সমতা আৰু পাৰস্পৰিক সুবিধা। 
  • (ঙ) শান্তিপূর্ণ সহ-অৱস্থান।

প্রশ্ন ১৫ : কোন চনত আৰু কোনে পঞ্চশীল পাঁচটা নীতি ঘােষণা কৰিছিল? 
উত্তৰঃ ১৯৫৪ চনত। ভাৰতৰ প্ৰধানমন্ত্রী জৱাহৰলাল নেহৰু আৰু চীনৰ প্রধানমন্ত্রী চৌ-এন-লাই এ এই পঞ্চশীল নীতি ঘােষণা কৰিছিল। 

প্রশ্ন ১৬ : ভাৰতৰ বিদেশনীতিয়ে দেশখন ৰাষ্ট্ৰীয় স্বার্থক সুৰক্ষা দিবলৈ কিমানখিনি সক্ষম হৈছে? 
উত্তৰ : জৱাহৰলাল নেহৰুৰ পৰা পৰৱর্তী সকলাে প্রধানমন্ত্রী আৰু বিদেশমন্ত্রীয়ে নিজৰ জাতীয় স্বার্থক আগত ৰাখি লগতে বিশ্বশান্তি, নিৰস্ত্রীকৰণ, গােষ্ঠীনিৰপেক্ষবাদ, শান্তিপূর্ণ, সহাৱস্থানৰ নীতিক অনুসৰণ কৰি দেশৰ ৰাষ্ট্ৰীয় স্বার্থ ৰক্ষাৰ লগতে বিশ্ব ৰাজনীতিতে অৰিহণা যােগাই আহিছে।

প্রশ্ন ১৭ঃ ভাৰতে স্বতন্ত্র স্থিতি লােৱা আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ উদাহৰণ দিয়া। 
উত্তৰ : ভাৰতবৰ্ষই ১৯৯৫ চনত NPTক বিৰােধিতা কৰিছিল আৰু ব্যাপক পৰীক্ষা বন্ধৰ চুক্তি স্বাক্ষৰ কৰিবলৈ অমান্তি হয়।

প্রশ্ন ১৮ ৪শান্তিপূর্ণ সহাৱস্থান বুলিলে কি বুজা?
উত্তৰ : শান্তিপূর্ণ সহাৱস্থানৰ অৰ্থ হৈছে ভাৰতবৰ্ষই স্বায়ত্তশাসন আৰু শান্তিপূর্ণভাৱে অন্যান্য ৰাষ্ট্ৰৰ সৈতে সহবাসৰ অধিকাৰক বিশ্বাস কৰে।

প্রশ্ন ১৯ কোনটো পদক্ষেপক ভাৰত-চীন সম্পর্কৰ ধাৰক বুলি ভবা হয়। 
উত্তৰঃ পঞ্চশীল চুক্তিক ভাৰত-চীন সম্পর্কৰ ধাৰক বুলি ভবা হয়। চীনৰ প্রধানমন্ত্রী চৌ য়েন লাইৰ লগত ভাৰতৰ প্ৰধানমন্ত্রী জৱাহৰলাল নেহৰুৱে। শান্তিপূর্ণ সহৱস্থানৰ চুক্তি স্বাক্ষৰ কৰিছিল।

প্রশ্ন ২০ : ভাৰতে প্রতিবেশী ৰাষ্ট্ৰসমূহৰ সৈতে গঢ়ি তােলা সম্পর্কৰ ভেটি স্বৰূপ দুটা নীতি লিখা। 
উত্তৰ : 
  • (i) শান্তিপূর্ণ সহাৱস্থান।
  • (ii) আনৰ সার্বভৌমত্ব সন্মান প্রদর্শন। 

প্রশ্ন ২৪ঃ বৈদেশিক নীতিৰে সম্পর্কিত ৰাষ্ট্রৰ নিৰ্দেশাত্মক নীতিৰ যিকোনাে এটা উল্লেখ কৰা।
উত্তৰঃ আন্তর্জাতিক শান্তি-সম্প্রীতি ৰক্ষাত অৰিহণা যােগায়। 

প্রশ্ন ২৫ : ভাৰতে প্রথম কেতিয়া আণৱিক বিস্ফোৰণ ঘটাইছিল?
উত্তৰঃ ১৯৯৮ চনৰ মে’ মাহত অটল বিহাৰী বাজপেয়ীৰ প্রধানমন্ত্রিত্বৰ কালত ভাৰতবৰ্ষই এলানি পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে।



(গ) দীঘল প্রশ্নোত্তৰ /(প্রত্যেকটোত ৪ নম্বৰকৈ)


প্রশ্ন ১ঃ বৈদেশিক সম্পর্কবােৰৰ বাবে ভাৰতে গ্ৰহণ কৰা নীতিৰ মৌলিক লক্ষ্য কি?
উত্তৰ : ভাৰতৰ বৈদেশিক নীতিৰ গুৰুত্বপূৰ্ণ লক্ষ্যসমূহ হ'ল -
  • (ক) দেশৰ ভৌগােলিক অখণ্ডতা আৰু সার্বভৌমত্ব ৰক্ষা কৰা। 
  • (খ) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা আৰু উৎসাহিত কৰা।
  • (গ) ভাৰতৰ চাৰিসীমাৰ ভিতৰত থকা লােকসকলৰ নিৰাপত্তা নিশ্চিত কৰা 
  • (ঘ) চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে বন্ধুত্বসুলভ সম্পর্ক স্থাপন কৰা । 
  • (ঙ) অন্যান্য ৰাষ্ট্ৰৰ সৈতে ব্যৱসায় বৃদ্ধি কৰা। 
  • (চ) ভাৰতৰ আকাশমার্গ আৰু নৌমার্গ সুচল কৰা।
  • (ছ) ঔপনিৱেশিক শাসনৰ অধীনত থকা ৰাষ্ট্ৰসমূহৰ স্বাধীনতাক উৎসাহিত কৰা।
  • (জ) জাতিগত বৈষম্য আৰু বর্ণবৈষম্যতাৰ বিৰােধিতা কৰা।

প্রশ্ন ২ঃ ভাৰতৰ বৈদেশিক নীতি নির্ধাৰণৰ যিকোনাে চাৰিটা উপাদানৰ নাম লিখা ?
উত্তৰ : ভাৰতৰ বৈদেশিক নীতি নির্ধাৰণত প্ৰভাৱ পেলােৱা প্রধান চাৰিটা কাৰক বা উপাদান হ'ল -
  • (ক) ভাৰতৰ স্বাধীনতা আন্দোলন। 
  • (খ) ভাৰতৰ ভৌগােলিক অৱস্থান আৰু প্রাকৃতিক সম্পদ। 
  • (গ) ভাৰতৰ আৰ্থ-সামাজিক পৰিৱেশ। 
  • (ঘ) সমসাময়িক আন্তর্জাতিক পৰিৱেশ। 

প্রশ্ন ৩ : নিৰপেক্ষতা আৰু গােষ্ঠীনিৰপেক্ষতাৰ মাজত থকা পার্থক্যবােৰ আলােচনা কৰা।
উত্তৰ : কোনাে শক্তিগগােষ্ঠীত যােগদান নকৰাকৈ দুয়ােটা শক্তিগােষ্ঠীৰ মাজত সদৱ ৰাখি দেশৰ জাতীয় স্বার্থ পূৰণ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা বৈদেশিক নীতিয়েই হৈছে গােষ্ঠীনিৰপেক্ষতাবাদ নীতি।
 
গােষ্ঠীনিৰপেক্ষতাবাদে নিৰপেক্ষতা বা নিস্ক্রিয়তাক নুবুজায়। ই এটা সক্রিয় বা গঠনমূলক নীতি। গােষ্ঠীনিৰপেক্ষতাবাদৰ আদর্শ গ্রহণ কৰা দেশসমূহে কোনাে শক্তিগােষ্ঠীয়ে সৃষ্টি কৰা সামৰিক শক্তি যােগদান নকৰে।

প্রশ্ন ৪ : নেহৰুৰ যুগত আফ্রো-এছিয়ান একতাৰ ওপৰত ভাৰতৰ ভূমিকাৰ বিষয়ে আলােচনা কৰা।
উত্তৰ : (১৮৪ নং পৃষ্ঠাৰ ৫নং প্রশ্নৰ উত্তৰ চোৱা)। 

প্রশ্ন ৫ঃ চিমলা চুক্তিৰ ওপৰত এটি চমুটোকা যুগুত কৰা।
উত্তৰ : ১৯৭২ চনৰ জুন মাহত ভাৰত আৰু পাকিস্তানৰ সমস্যাসমূহ আলােচনাৰ বাবে চিমলাত এখন 'সন্মিলন অনুষ্ঠিত কৰা হৈছিল। 

ইয়াত পাকিস্তানৰ ৰাষ্ট্রপতি জুলফিকৰ আলী ভুট্টো আৰু ভাৰতৰ প্ৰধানমন্ত্রী ইন্দিৰা গান্ধীয়ে। অংশগ্রহণ কৰিছিল আৰু তেওঁলােকে এখন চুক্তি স্বাক্ষৰিত কৰে। ইয়াকে চিমলা। চুক্তি নামে জনা যায়। 

এই চুক্তিৰ কেইটামান গুৰুত্বপূর্ণ ব্যৱস্থা হ'ল - 

  • (ক) দুয়ােখন ৰাষ্ট্ৰই দ্বিপাক্ষিক শান্তিপূর্ণ আলােচনাৰ জৰিয়তে তেওঁলােকৰ বিবাদ আৰু সংঘাতৰ সমাধান কৰিব।
  • (খ) দুয়ােখন ৰাষ্ট্ৰই পৰস্পৰৰ জাতীয় একতা, ভৌগােলিক অখণ্ডতা, ৰাজনৈতিক স্বাধীনতা আৰু সার্বভৌম ক্ষমতাৰ প্রতি সম্মান প্রদর্শন কৰিব। 
  • (গ) দুয়ােখন ৰাষ্ট্ৰই পৰস্পৰৰ ভৌগােলিক অখণ্ডতাৰ বিৰুদ্ধে শক্তি প্রয়ােগ নকৰিব।

প্রশ্ন ৬ : কাশ্মীৰ সমস্যাৰ ওপৰত এটা চমু টোকা লিখা। 
উত্তৰ : কাশ্মীৰ সমস্যাটোক কেন্দ্ৰ কৰিয়েই ভাৰত আৰু পাকিস্তানৰ মাজত স্বাধীনতাৰ দিনৰ পৰাই তিক্ততাপূর্ণ সম্পর্ক গঢ়ি উঠিছে। ইয়াৰ সৈতে কাশ্মীৰী লােকসকলৰ আত্যু পৰিচয়ৰ বিষয়টোও জড়িত হৈ আছে। ভাৰত বিভাজনৰ সময়ত জম্মু-কাশ্মীৰ এখন দেশীয় ৰাজ্য আছিল। 

এই সময়ত মহাৰজা হৰি সিঙে ভাৰত বা পাকিস্তানৰ সৈতে চামিল হােৱাৰ পৰিৱর্তে জম্মু-কাশ্মীৰৰ স্বতন্ত্র স্থিতি বজাই ৰাখিবলৈ বিচাৰিছিল আৰু সেই অনুযায়ী দেশ বিভাজনৰ সময়ত এই অঞ্চলৰ সুকীয়া স্থিতি বজাই ৰখা হয়। 

কিন্তু হঠাৎ ১৯৪৭ চনৰ জুন মাহত পাকিস্তানী সৈন্যই কাশ্মীৰ অধিগ্রহণৰ উদ্দেশ্যে অঞ্চলটোত প্ৰৱেশ কৰে। এই আক্রমণত ভীতিগ্রস্ত হৈ মহাৰজা হৰি সিঙে ভাৰত্ৰ শৰণাপন্ন হয়। 

অৱশ্যে হৰি সিঙে ভাৰতৰ সৈতে চামিলকৰণ চুক্তি স্বাক্ষর কৰাৰ পিছতহে ভাৰতীয় সৈন্যই কাশ্মীৰক পাকিস্তানী সৈন্যৰ পৰা মুক্ত কৰে। তেতিয়াৰ পাইকাশ্মীৰ ভাৰ এটা অংগ হৈ আহিছে। 

এই বিষয়ে ৰাষ্ট্ৰসংঘত পাকিস্তানে গােচৰাে তৰিছিল। পৰৱৰ্তী সময়ত নিয়মিতভাৱে গণতান্ত্রিক নির্বাচনৰ জৰিয়তে চৰকাৰ গঠ কৰি আহিলেও কাশ্মীৰক কেন্দ্ৰ কৰি বহুতাে বিবাদ বিশেষকৈ কার্গিল যুদ্ধৰ সৃষ্টি হৈছিল।

প্রশ্ন ৭ঃ ৰাষ্ট্ৰসংঘত ভাৰতৰ ভূমিকাৰ বিষয়ে এটা চমু টোকা লিখা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ জন্মলগ্নৰ পৰাই ভাৰতে ইয়াৰ ওপৰত বিশ্বাস ৰাখি আহিছে আৰু ইয়াৰ বিভিন্ন কাৰ্যসূচীত অংশগ্রহণ কৰি আহিছে। 

ঔপনিৱেশিক শাসনৰ পৰা এছিয়া আৰু আফ্রিকাৰ ৰাষ্ট্রসমূহক মুক্ত কৰা, বৰ্ণ-বৈষম্যতাবাদৰ উচ্ছেদ কৰা, মানৱ অধিকাৰক শক্তিশালী কৰা আদি কাৰ্যসূচী আৰু উদ্দেশ্যবােৰত ভাৰতৰ সহযােগিতা অতিকৈ প্রশংসনীয়। 

বর্তমানলৈ ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে কেবাবাৰাে মনােনীত হৈছে। ৰাষ্ট্ৰসংঘত ভাৰতৰ ভূমিকাৰ ওপৰত ভিত্তি কৰিয়েই বর্তমানে ভাৰতে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ দাবী উত্থাপন কৰিছে আৰু ইতিমধ্যে ভাৰতে পৃথিৱীৰ বহুত দেশৰ সমর্থন আদায় কৰিবলৈ সক্ষম হৈছে।

প্রশ্ন ৮ঃ তিব্বত উপত্যকাই কিয় ভাৰত আৰু চীনৰ মাজত থকা সম্পর্ক উদ্বেগ সৃষ্টি কৰিছে আলােচনা কৰা।
উত্তৰ : ১২৭ নং পৃষ্ঠাৰ ৬নং প্রশ্নৰ উত্তৰ চোৱা।

প্রশ্ন ৯ : বাংদাং সম্মিলনৰ তাৎপর্য কি আছিল?
উত্তৰ : উপৰােক্ত চমু প্রশ্নৰ উত্তৰৰ (২ নম্বৰী) ১৩নং প্রশ্ন চোৱা ।

প্রশ্ন ১০ : অপ্রসাৰণ চুক্তিৰ নিচিনা আন্তর্জাতিক চুক্তিবােৰৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা কি ?
উত্তৰ : ভাৰতবৰ্ষই আন্তর্জাতিক চুক্তিবােৰৰ ক্ষেত্ৰত সদায় নিজস্ব ভূমিকা ৯১৮ একৰি আহিছে।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্রসমূহে যিবােৰে ৪তমধ্যে পাৰমাণৱিক শক্তিৰ অধিকাৰী হৈছিল সেইবােৰ ৰাষ্ট্ৰই ১৯৬৮ চনত পৃথিবীৰ আনবােৰ দেশৰ ওপৰত আণৱিক অসম্প্রসাৰণ চুক্তিখন জাপি দিব বিচাৰিছিল। 

কিন্তু ভাৰতে এই চুক্তিখনক প্রভেদকাৰী চুক্তি বুলি বিবেচনা কৰিছিল আৰু ইয়াত চহী কৰিবলৈ অস্বীকাৰ কৰিছিল। 

আনকি একেটা কাৰণতে ভাৰতে সুসংহত পৰীক্ষা নিষিদ্ধকৰণ চুক্তি স্বাক্ষৰ কৰাৰ পৰাও বিৰত আছে।

উক্ত বিষয়টোৰ পৰা স্পষ্ট হ’ল যে ভাৰতে সদায় আন্তর্জাতিক চুক্তিত সমতাৰ বিষয়টোৰ ওপৰত গুৰুত্ব দি আহিছে। 

ভাৰতে ১৯৯৮ চনত পাৰমাণৱিক পৰীক্ষাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাপানৰ অর্থনৈতিক নিষেধাজ্ঞাৰ সন্মুখীন হলেও ভাৰতে নিজৰ স্বাধীনচেতীয়া অস্তিত্বক বিসর্জন দিয়া নাই। 

প্রশ্ন ১১ঃ ৰাজনৈতিক নেতৃত্বই কিদৰে এখন দেশৰ বৈদেশিক নীতিত প্ৰভাৱ পেলায়? উদাহৰণসহ ভাৰতৰ বৈদেশিক নীতিৰ বিষয়ে ব্যাখ্যা কৰা।
উত্তৰ : কোনাে এখন দেশৰ বৈদেশিক নীতি নির্ধাৰণৰ ক্ষেত্ৰত ব্যক্তিগত নেতৃত্বই গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। 

ৰাজনৈতিক নেতৃত্বৰ ওপৰত যিদৰে দেশখনৰ আভ্যন্তৰীণ বিষয়বােৰ নিৰ্ভৰ কৰে ঠিক সেইদৰে আন্তর্জাতিক সম্পর্ক আৰু বৈদেশিক নীতিৰ ৰচনাতাে তেওঁলােকৰ আদৰ্শগত আৰু ব্যক্তিত্বৰ প্ৰভাৱ স্পষ্টভাৱে দেখা যায়। 

উদাহৰণ স্বৰূপে ভাৰতৰ বৈদেশিক নীতি ইয়াৰ মহান নেতাসকলৰ বুদ্ধিমত্তাৰ দ্বাৰাও প্ৰভাৱিত হৈছিল। পণ্ডিত জৱাহৰলাল নেহৰুৰ ব্যক্তিগত প্রভাৱে ভাৰতৰ বৈদেশিক নীতিৰ ৰচনাত যথেষ্ট প্রভাৱ বিস্তাৰ কৰিছিল। 

তেওঁৰ বাহিৰেও ডঃ ৰাধাকৃষ্ণণ, কৃষ্ণ মেনন, পাণিকাৰ আদি নেতাসকলৰ প্ৰভাৱেও ভাৰতৰ বৈদেশিক নীতিত প্ৰভাৱ পেলাইছিল। জৱাহৰলাল নেহৰুক ভাৰতৰ বৈদেশিক নীতিৰ খনিকৰ বুলি আখ্যা দিয়া হয়।

প্রশ্ন ১২ : ভাৰতে কিয় গােষ্ঠীনিৰপেক্ষ নীতি গ্রহণ কৰিছিল?
উত্তৰ : ভাৰতে নিম্নলিখিত কাৰণবােৰৰ বাবে গােষ্ঠীনিৰপেক্ষ নীতি গ্রহণ কৰিছিল—
  • (ক) ভাৰতৰ দৰে বিশাল ৰাষ্ট্র এখনে কোনাে শক্তিগগাষ্ঠীৰ লগ নলগাকৈ স্বাধীনভাৱে বৈদেশিক নীতি গ্রহণ কৰি বিশ্বৰ ৰাজনীতিত:সম্মানসূচক আসন গ্রহণ কৰিব পাৰিব বুলি নেতাসকলৰ দৃঢ় বিশ্বাস আছিল।
  • (খ) অর্থনৈতিক উন্নয়নৰ বাবে শান্তিপূর্ণ পৰিৱেশৰ প্রয়ােজন। সেয়েহে ভাৰতে কোনাে বিশেষ মিত্রগােষ্ঠীৰ সৈতে মিত্রতা গঢ়াৰ পৰিৱর্তে সকলাে ৰাষ্টৰ সৈতে বন্ধুত্বপূর্ণ পৰিৱেশ ৰক্ষাৰ ওপৰত গুৰুত্ব দিছিল।
  • (গ) ভাৰতৰ দ্ৰুত অর্থনৈতিক উন্নয়নৰ বাবে সুয়ােটা বৃহৎ শক্তিগােষ্ঠীৰ পৰা সাহায্য লাভ কৰিবলৈ হ'লে গােষ্ঠীনিৰপেক্ষতাই আছিল উত্তম আহিলা।
  • (ঘ) স্বাধীনতা লাভৰ সময়ত ভাৰতবৰ্ষ সামৰিক দিশত শক্তিশালী নাছিল। গােষ্ঠীনিৰপেক্ষ নীতি গ্রহণৰ জৰিয়তে যুদ্ধৰ 'ভয়াবহতাৰ পৰা ৰক্ষা পােৱাটো সহজ হৈছিল।
  • (ঙ) গােষ্ঠীনিৰপেক্ষ নীতিয়ে ভাৰতৰ আভ্যন্তৰীণ দিশতাে যথেষ্ট জনপ্রিয়তা লাভ কৰিছে। ভাৰতৰ প্রায় আটাইবােৰ ৰাজনৈতিক দলেই এই নীতিৰ প্রতি সমর্থন আগবঢ়াইছে।

প্রশ্ন ১৩ : ভাৰতৰ বৈদেশিক নীতিৰ প্ৰধান লক্ষ্যসমূহৰ তালিকা প্রস্তুত কৰা।
উত্তৰ : উপৰােক্ত দীঘল প্রশ্নৰ উত্তৰৰ (৪ নম্বৰী) ১নং প্রশ্নৰ উত্তৰ চোৱা।

প্রশ্ন ১৪ : ভাৰত আৰু পাকিস্তানৰ মাজত হােৱা 'টাছকেণ্ট চুক্তিৰ বিষয়ে লিখা।
উত্তৰঃ ১৯৬৫ চনৰ এপ্রিল মাহত পাকিস্তানী সৈন্যই গুজৰাটৰ ৰান-অৱ-কচ্ছ অঞ্চলেৰে ভাৰতবৰ্ষৰ জম্মু আৰু কাশ্মীৰত কৰা আক্ৰমণৰ প্রত্যুত্তৰ হিচাপে যেতিয়া ভাৰতে পাকিস্তান প্রতি আক্রমণ কৰে তাৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ মধ্যস্থতাও ১৯৬৬ চনৰ জানুৱাৰী মাহত ভাৰতৰ প্ৰধানমন্ত্রী লালবাহাদুৰ শাস্ত্রী আৰু পাক ৰাষ্ট্রপতি আয়ুব খানৰ মাজত তাছকেণ্টত এখন চুক্তি স্বাক্ষৰিত কৰিছিল। এই চুক্তি অনুসৰি দুয়ােখন দেশে ১৯৬৬ চনৰ ২৫ ফেব্ৰুৱাৰীৰ ভিতৰত পূৰ্বৰ স্থানলৈ ওভতাই নিবলৈ সন্মত হয়।

তেওঁলােকে জম্মু আৰু কাশ্মীৰ বিভাজন সীমাৰেখাত যুদ্ধবিৰতি পালন কৰিবলৈ একমত হৈছিল। দুয়ােজন নেতাই স্বীকাৰ কৰিছিল যে তেওঁলােকৰ সমস্যাসমূহ শান্তিপূর্ণ আলােচনাৰে সমাধান কৰিব পাৰে।

দুয়ােজন নেতাই ঘােষণা কৰিছিল যে দুয়ােখন দেশৰ লােকসকলৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক বজাই ৰাখিবলৈ আৰু স্বাভাৱিক তথা শান্তিপূর্ণ সম্পর্ক ৰক্ষা কৰিবলৈ চেষ্টা কৰিব! অৱশ্যে এই চুক্তিৰ কিছুদিন পিছতে লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যু হয়।

প্রশ্ন ১৫ঃ পঞ্চশীলৰ মুখ্য নীতিবােৰৰ বিষয়ে লিখা। 
উত্তৰ : তিব্বত সম্পৰ্কত ভাৰত আৰু চীনৰ মাজত ১৯৫৪ চনত স্বাক্ষৰিত হােৱা চুক্তিৰ সময়ত পাঁচটা নীতি গ্রহণ কৰা হৈছিল। ইয়াকে পঞ্চশীল নীতি বুলি কোৱা হয়। পিছলৈ নীতিকেইটা গােষ্ঠীনিৰপেক্ষ আন্দোলনৰ মুল ভেটি পৰিগণিত হয়। এই পাঁচটা নীতি আছিল ক্রমান্বয়ে -
  • (ক) প্রত্যেক দেশৰ ভৌগােলিক অখণ্ডতা ৰক্ষা কৰা আৰু সার্বভৌমত্বৰ প্রতি পাৰস্পৰিক শ্রদ্ধা প্রদর্শন কৰা।
  • (খ) আন দেশক আক্রমণৰ পৰা বিৰত থকা। 
  • (গ) আন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ পৰা বিৰত থকা। 
  • (ঘ) সকলাে দেশকে সমভাৱে বিবেচনা কৰা আৰু পাৰস্পৰিক সহযােগ কৰা। 
  • (ঙ) শান্তিপূর্ণ সহ-অৱস্থানৰ প্রতি সমর্থন জনােৱা। 

প্রশ্ন ১৬ : বহিঃসম্পর্ক বিষয়ক ভাৰতৰ নীতিৰ মূল উদ্দেশ্য কি? 
উত্তৰঃ 
  • (i) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বৃদ্ধি কৰা। 
  • (ii) ৰাষ্ট্ৰসমূহৰ মাজত ন্যায্য সম্মানজনক সম্বন্ধ ৰক্ষা কৰা। 
  • (iii) আন্তঃৰাষ্ট্ৰীয় বিধি আৰু সন্ধিজনিত দায়িত্ববােধৰ প্রতি শ্রদ্ধা বঢ়োৱা। 
  • (iv) মধ্যস্থতাৰ যােগেদি আন্তঃৰাষ্ট্ৰীয় দ্বিাদ নিষ্পত্তি কৰাত উৎসাহ প্রদান কৰা। 

প্রশ্ন ১৭ঃ ভাৰতৰ বৈদেশিক নীতিৰ যিকোনাে চাৰিটা নির্ণায়কৰ বিষয়ে লিখা।
উত্তৰঃ 
  • (i) সার্বভৌমত্বৰ সুৰক্ষা 
  • (ii) বিশ্বশান্তিৰ অগ্রগতি
  • (iii) নিৰস্ত্রীণক সমর্থন 
  • (iv) শান্তিপূর্ণ সহাৱস্থান। 

প্রশ্ন ১৮ঃ নিস্ত্ৰীকৰণত আন্তঃৰাষ্ট্ৰীয় চুক্তিসমূহৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি কি? 
উত্তৰ : যেতিয়া নিৰাপত্তা পৰিষদৰ ৫ খন সদস্য ৰাষ্ট্ৰই পাৰমাণৱিক শক্তিৰ অধিকাৰী আৰু ১৯৬৮ চনত পাৰ্মাণৱিক অস্ত্র-প্রসাৰ নিৰােধক নীতি (NPT) কার্যকৰী কৰাৰ বাবে বিশ্বৰ দেশসমূহক আহ্বান জনায় তেতিয়া ভাৰতে ইয়াৰ বিৰােধিতা কৰিছিল কাৰণ এই নীতি পৃথককাৰক (discriminatory)।

প্রশ্ন ১৯ : এখন দেশৰ ৰাজনৈতিক নেতৃত্বই কিদৰে দেশখনৰ বৈদেশিক নীতিক প্ৰভাৱিত কৰে? ভাৰতৰ বৈদেশিক নীতিক উদাহৰণ হিচাপে লৈ ব্যাখ্যা কৰা।
উত্তৰ : এখন দেশৰ ৰাজনৈতিক নেতৃত্বৰ চিন্তাধাৰা, আদর্শ, ব্যক্তিৰ প্ৰভাৱ, সেই দেশৰ বৈদেশিক নীতিক যথেষ্ট প্রভাৱান্বিত কৰে। ভাৰতাে এই ক্ষেত্ৰত ব্যতিক্রম নহয়। 

ভাৰতবৰ্ষৰ প্রথম প্রধানমন্ত্রী, জুৱাহৰলাল নেহৰুৱে গােষ্ঠীনিৰপেক্ষ নীতি, পঞ্চশীল নীতি আদিক বৈদেশিক নীতিৰ মূল উপাদান বুলি অহণ কৰিছিল। ইন্দিৰা গান্ধীৰ ব্যক্তিত্ব আৰু চিন্তাধাৰাৰ প্রতিফলনাে তেওঁৰ  বৈদেশিক নীতিত প্রভাব বিজাৰ কৰিছিল। 

বাংলাদেশৰ জন্মৰ লগত ইণ্ডিৰা গান্ধীৰ নাম ওতপ্রােতভাবে জড়িত আছে। মনমোহন সিঙে মুক্ত বাণিজ্য নীতিক আঁকোৱালি লৈ নিজৰ বিদেশী নাতিক পৰিচালনা কৰিছিল। 

ঠিক তেনেদৰে প্রধানমন্ত্রী অটলবিহাৰী বাজপেয়ীৰ নেতৃত্বত ভাৰতে পৰমাণু বিশেফাৰণ ঘটাই নিজৰ স্থিতি সম্পর্কে বিশ্বক অৱগত কৰিছিল।

প্রশ্ন ২০ঃ ভাৰতে কিয় গােষ্ঠীনিৰপেক্ষতাৰ নীতি গ্রহণ কৰিছে? 
উত্তৰ : 
  • (i) শান্তিপূর্ণ বিশ্ব স্থাপনৰ সপােনক বাস্তবায়িত কৰাৰ বাবে;
  • (ii) তুলনামূলকভাৱে অর্থনৈতিক, ৰাজনৈতিক ক্ষেত্ৰত দুর্বল দেশৰ পক্ষে এই নীতি গ্রহণৰ জৰিয়তে মহাশক্তিধৰ গােট দুটাৰ প্ৰভাৱৰ পৰা মুক্ত কৰাৰ বাবে।
  • (iii) দুয়ােটা গােষ্ঠীৰ পৰা সমানে সুযােগ-সুবিধা লাভ কৰাৰ বাবে।
  • (iv) যুদ্ধ সদৃশ পৰিৱেশৰ পৰা নিজকে আঁতৰত ৰাখি নিজৰ দেশৰ পুনর্গঠনত মনােনিৱেশ কৰাৰ বাবে।

প্রশ্ন ২১ঃ ভাৰতৰ বৈদেশিক নীতিৰ স্থপতিগৰাকী কোন আছিল? নেহৰুৰ বৈদেশিক নীতিৰ তিনিটা মূল নীতি উল্লেখ কৰা।
উত্তৰ : জৱাহৰলাল নেহৰু।

মূলনীতি : 

  • (i) গােষ্ঠী নিৰপেক্ষতা : গােষ্ঠীনিৰপেক্ষতা ভাৰতৰ বৈদেশিক নীতিৰ অন্যতম মূল নীতি।
  • (ii) পঞ্চশীলঃ পঞ্চশীল নীতি নেহৰুৰ বৈদেশিক নীতিৰ অন্যতম মূল তত্ত্ব। এই নীতিকেইটা হৈছে - অহস্তক্ষেপিত পাৰস্পৰিক সমতা, শক্তিপূর্ণ সহ-অৱস্থান, আনৰ সার্বভৌমত্বক শ্রদ্ধা কৰা, অখণ্ডতা আৰু কোনাে দেশে অইন দেশক আক্রমণ নকৰা।
  • (iii) শান্তিপূর্ণ সহাবস্থান : ভাৰতবৰ্ষই স্বায়ত্তশাসন আৰু শান্তিপূর্ণভাৱে সহৱস্থানৰ অধিকাৰক স্বীকৃতি দিয়ে।

প্রশ্ন ২২ : চীনৰ সৈতে ভাৰতৰ বিবাদৰ কাৰণসমূহ লিখা। 
উত্তৰঃ 
  • (i) তিব্বতৰ সমস্যা লৈ দুয়ােখন ৰাষ্ট্রৰ মাজত বিৰােধৰ পৰিৱেশ সৃষ্টি হৈছিল।
  • (ii) তিব্বতৰ ধর্মগুৰু দলাইলামাক ভাৰতে ৰাজনৈতিক আশ্রয় প্রদান কৰি চীনৰ সৈতে শত্রুতা বৃদ্ধি কৰিছিল।
  • (iii) ভাৰত-চীন সীমা সংক্রান্ত মেমােহন লাইনক ভাৰতে সন্মান জনালেও চীনে এই লাইন নমনা হৈছিল। চীনে ভাৰত ভূ-খণ্ডত ৫০,০০০ বর্গ মাইল দাবী কৰি তেওঁলােকৰ সৈন্যবাহিনী নেফা (বর্তমান অৰুণাচল) লৈকে প্রেৰণ কৰিছিল।
  • (iv) ভাৰতৰ পাৰ্মাণৱিক পৰীক্ষণেও চীনৰ লগত ভাৰতৰ সম্পৰ্কৰ অৱনতি ঘটাইছিল।

প্রশ্ন ২৩ঃ ভাৰতৰ বৈদেশিক নীতিয়ে ইয়াৰ এক উল্লেখযােগ্য আঞ্চলিক শক্তি হােৱাৰ ইচ্ছা প্রতিফলিত কৰে নেকি? 
উত্তৰ : প্ৰতিখন ৰাষ্ট্ৰৰ বৈদেশিক নীতিৰ উদ্দেশ্য থাকে নিজৰ জাতীয় স্বার্থ ৰক্ষাৰ জৰিয়তে নিজৰ আন্তর্জাতিক ক্ষেত্ৰত প্ৰভাৱ-প্রতিপত্তি বৃদ্ধি কৰা।  ভাৰতবর্ষও এই ক্ষেত্ৰত ব্যতিক্রম নহয়। ভাৰতৰ ওচৰ-চুবুৰীয়া ৰাষ্ট্ৰবােৰৰ তুলনাত ভাৰতৰ ৰাজনৈতিক, অর্থনৈতিক আৰু প্ৰাকৃতিক-ভৌগােলিক পৰিৱেশ অধিক শক্তিশালী। 

মানৱ সম্পদেৰেও ভাৰত এখন চহকী ৰাষ্ট্ৰ। সেয়ে স্বাভাৱিকতে ভাৰতে নিজৰ বৈদেশিক নীতিৰ সহায়ত আন প্রতিবেশী ৰাষ্ট্ৰৰ সৈতে সু-সম্পর্ক বজাই ৰখাৰ জৰিয়তে নিজৰ শক্তি বৃদ্ধি বাবে প্রচেষ্টা চলায়।

এক আঞ্চলিক শক্তি হিচাপে ভাৰতে চুবুৰীয়া দেশসমুহক প্রয়ােজনত আর্থিক সহায় আৰু আন আন সহায় আগবঢ়াইছিল। 

এনেকি বিপদত সামৰিক সহায় আগবঢ়ায়। ভাৰতে বাংলাদেশ ৰাষ্ট্র গঠনত সহায় কৰিছিল। শ্রীলংকাৰ জাতিগত সমস্যা সমাধানৰ ক্ষেত্ৰতাে ভাৰতে আগভাগ লৈছিল।  মালদ্বীপৰ সামৰিক অভুথ্যান নিয়ন্ত্রণতাে ভাৰতৰ সহায় বিচৰা হৈছিল। সেয়েহে এই অঞ্চলৰ তুলনামূলক শক্তিশালী দেশ হিচাপে নিজকে প্রতিষ্ঠা কৰিবলৈ ভাৰত সক্ষম হৈছে। 



(ঘ) দীঘল প্রশ্নোত্তৰ /(প্রত্যেকটোত ৬ নম্বৰকৈ)


প্রশ্ন ১ঃ বৈদেশিক নীতি বুলিলে কি বুজা? চমুকৈ ব্যাখ্যা কৰা। 
উত্তৰ : এখন দেশে বিশ্বৰ আন আন দেশৰ সৈতে সম্পর্ক স্থাপন কৰিবৰ বাবে যি নীতি গ্রহণ কৰে তাকে বৈদেশিক নীতি বােলা হয়। 

বৈদেশিক নীতি হ’ল কোনাে এখন দেশৰ জাতীয় স্বার্থ পূৰণ কৰা অন্যতম মাধ্যম। দেশখনৰ বৈদেশিক নীতিবােৰ দীর্ঘস্থায়ী। 

দেশৰ আভ্যন্তৰীণ চৰকাৰৰ পৰিৱৰ্তন হ'লেও বৈদেশিক নীতিৰ পৰিৱৰ্তন নহয়। বৈদেশিক নীতি নির্ধাণত বিভিন্ন উপাদানে প্ৰভাৱ পেলায়। সেইবােৰ হ’ল -
  • (ক) ভৌগােলিক পৰিস্থিতি আৰু দেশখনৰ প্রাকৃতিক সম্পদ।
  • (খ) দেশখনৰ ঐতিহাসিক পটভূমি।
  • (গ) জাতীয় স্বার্থ।
  • (ঘ) দেশখনে গ্ৰহণ কৰা মতাদর্শ। 
  • (ঙ) অর্থনৈতিক আৰু সাংস্কৃতিক উপাদান। 
  • (চ) শাসনত থকা নেতৃবৃন্দৰ ব্যক্তিত্ব। 
  • (ছ) সমসাময়িক আন্তর্জাতিক পৰিৱেশ।

প্রশ্ন ২ঃ ভাৰত আৰু চীনৰ মাজত থকা সীমা বিবাদৰ ওপৰত দুটা টোকা লিখা।
উত্তৰ : ষাঠিৰ দশকৰ শেষৰ ফালে ভাৰত আৰু চীনৰ মাজত সীমা বিবাদ আৰম্ভ হৈছিল! ভাৰতে দাবী কৰে যে ঔপনিৱেশিক কালতে চীনৰ সৈতে সীমা বিবাদ নিষ্পত্তি হৈছে, কিন্তু ঔপনিৱেশিক কোনাে সিদ্ধান্ত প্রযােজ্য নহয়। প্রধান বিবাদ হ’ল পশ্চিম আৰু পূব সীমান্তৰ এক বিশাল অঞ্চল। চীনে ভাৰতৰ দুটা অঞ্চল দাবী কৰিলে। সেয়া হ’ল আকাই চীন অঞ্চল আৰু জম্মু-কাশ্মীৰৰ লাখ অঞ্চল। 

ইয়াৰ উপৰিও তেতিয়াৰ নেফা আৰু বৰ্তমানৰ অৰুণাচল অঞ্চলে তেওঁলােকে দাবী কৰিলে। ১৯৫৭-৫৮ চনৰ ভিতৰত চীনে আকাই চীন অঞ্চল দখল কৰে আৰু এটা ৰাস্তাও তৈয়াৰ কৰে। নেতাসকলৰ মাজত বহু যােগাযােগ আৰু আললাচনাৰ পিছতাে কোনাে সিদ্ধান্তত উপনীত হ’ব পৰা নগ’ল। দুয়ােখন দেশৰ সেনাৰ মাজত সামান্য যুঁজবাগৰ পৰিলক্ষিত হ’ল। ১৯৬২ চনৰ অক্টোবৰ মাহত বিবদমান দুয়ােটা অঞ্চলতে চীনে হঠাৎ আক্রমণ চলায়।

প্রশ্ন ৩ঃ পাকিস্তানৰ সৈতে ভাৰতৰ পৰিৱৰ্তিত সম্পৰ্কৰ ওপৰত চমুকৈ লিখা। 
উত্তৰ : ১৩৮ নং পৃষ্ঠাৰ ২নং প্রশ্নৰ উত্তৰ চোৱা।

প্রশ্ন ৪ : ভাৰতৰ বৈদেশিক নীতিয়ে আশানুৰূপভাৱে এটা গুৰুত্বপূর্ণ আঞ্চলিক শক্তি হিচাপে প্রতিবিম্বিত হৈছেনে? ১৯৭১ চনৰ বাংলাদেশৰ যুদ্ধক এটা উদাহৰণ হিচাপে লৈ তােমাৰ যুক্তি দিয়া।
উত্তৰঃ ১৯৬২ চনৰ চীনৰ আক্ৰমণৰ পিছৰে পৰা ভাৰতবৰ্ষই নিজৰ সামৰিক , স্থিতি সবল কৰি গুৰুত্বপূৰ্ণ আঞ্চলিক শক্তি হিচাপে প্রতিষ্ঠা লাভ কৰিবলৈ লক্ষ্য স্থিৰ কৰিছিল। 

এই ক্ষেত্ৰত আঞ্চলিকভাৱে লগতে আন্তর্জাতিকভাৱে ভাৰতৰ বৈদেশিক নীতিয়ে প্রচেষ্টা অব্যাহত ৰাখিছে। চীনৰ আক্ৰমণৰ পৰৱৰ্তী সময়ত ভাৰতে নিজকে এটা গুৰুত্বপূৰ্ণ আঞ্চলিক শক্তি হিচাপে প্রতিষ্ঠা লাভ কৰিছে বুলি ক’ব পৰা যায়। 

উদাহৰণ স্বৰূপে ১৯৭১ চনত বাংলাদেশৰ জন্মৰ ক্ষেত্ৰত ভাৰতে পাকিস্তানৰ সৈতে যি যুদ্ধত লিপ্ত হ'বলগীয়া হৈছিল তাৰ ফলস্বৰূপে ভাৰতৰ আঞ্চলিক স্থিতি অধিক মজবুত হৈছিল। উল্লেখযােগ্য যে এই যুদ্ধৰ ঠিক এবছৰ পিছতে ১৯৭২ চনত পাকিস্তানৰ সৈতে যি চিমলা চুক্তি স্বাক্ষৰিত হৈছিল।

সেইটোক ভাৰতৰ বৈদেশিক নীতিৰ এটা অন্যতম সফলতা বুলিব পাৰি।

প্রশ্ন ১৫ঃ ভাৰতৰ বৈদেশিক নীতি শান্তি আৰু সহযােগিতা কেন্দ্ৰ কৰি efত হৈছিল। কিন্তু ১৯৬২ আৰু ১৯৭২ চনৰ মাজৰ সময়ছােৱাত দহ বছৰত তে তিনিখন যুদ্ধ কৰিছিল। ইয়াক তুমি ভাৰতৰ বৈদেশিক নীতিৰ বিফলতা বুলি ভাবানে?
উত্তৰ : ভাৰতৰ বৈদেশিক নীতিৰ অন্যতম ভিত্তি হৈছে শান্তি আৰু সহযােগিতা। ভাৰতে পৃথিৱীৰ বিভিন্ন দেশৰ সৈতে কৰা সম্পর্ক আৰু চুক্তিবােৰত ইয়াৰ প্রতিফলন ঘটিছে। কিন্তু ভাৰতে ১৯৬২ চনৰ পৰা ১৯৭২ চনৰ ভিতৰত চীন আৰু পাকিস্তানৰ সৈতে তিনিখনকৈ যুদ্ধত অৱতীৰ্ণ হ'বলগীয়া হৈছিল। সেয়েহে ভাৰতে গ্ৰহণ কৰা শান্তি আৰু সহযােগিতাৰ নীতিক লৈ বহুতৰে মনত সন্দেহৰ ভাব সৃষ্টি হৈছিল। 

কাৰণ যুদ্ধই কেতিয়াও শান্তি আৰু সহযােগিতাক নুবুজায়। যুদ্ধৰ সৃষ্টি মানে হ’ল শান্তি ভংগ আৰু সেই সময়ত সহযােগিতাৰ প্রশ্নই নাহে। বহুতৰ মনত সন্দেহৰ ভাব হলেও অৱশ্যে উক্ত সময়ছােৱাত ভাৰতে সন্মুখীন হােৱা যুদ্ধৰ বিষয়টো সম্পূর্ণ সুকীয়া। কিয়নাে উক্ত তিনিওখন যুদ্ধতে ভাৰতে আক্রমণাত্মক নীতি গ্রহণ কৰা নাছিল। চীনৰ ক্ষেত্ৰত হােৱা যুদ্ধখন সম্পূর্ণ আত্মৰক্ষাত্মক আছিল। চীনে আকস্মিকভাৱে যি আক্রমণ কৰিছিল সেয়া ভাৰতৰ বাবে অতিকৈ দুর্ভাগ্যজনক। ১৯৬৫ চনত আৰু ১৯৭১ চনত পাকিস্তানৰ সৈতে হােৱা যুদ্ধৰ ক্ষেত্ৰতাে ইয়াৰ ব্যতিক্রম নহয়। ১৯৬৫ চনত পাকিস্তানে ভাৰতৰ ভূখণ্ডৰ ভিত্ৰত ৰা আক্ৰমণৰ বাবেহে তেওঁলােকক বাধা দিব লগীয়া হােৱা যুদ্ধ হৈছিল। 

১৯৭১ চনত বাংলাদেশ মুক্তি সংগ্রামলৈ ভাৰতে আগবঢ়োৱা নৈতিক আৰু বস্তুগত সমর্থনৰ প্ৰতিবাদত পাকিস্তানে ভাৰতৰ পঞ্জাৱ আৰু ৰাজস্থানৰ লগতে জম্মু কাশ্মীৰ আক্ৰমণ কৰিছিল। ইয়াৰ যােগ্য প্রত্যুত্তৰ দিয়াৰ ফলত বাংলাদেশৰ জন্ম হয়। এনেদৰে বিচাৰ কৰিলে দেখা যায় যে চীন আৰু পাকিস্তানৰ সৈতে হােৱা যুদ্ধই ভৰাৰ মাৰি মহমনির নীতিৰ ওপৰত কোনাে প্রভাৱ পেলাব পৰা নাই। সন্দেহৰ ভাব সৃষ্টি হৈছিল। কাৰণ যুদ্ধই কেতিয়াও শান্তি আৰু সহযােগিতাক নুবুজায়। যুদ্ধৰ সৃষ্টি মানে হ’ল শান্তি ভংগ আৰু সেই সময়ত সহযােগিতাৰ প্রশ্নই নাহে। 

বহুতৰ মনত সন্দেহৰ ভাব হলেও অৱশ্যে উক্ত সময়ছােৱাত ভাৰতে সন্মুখীন হােৱা যুদ্ধৰ বিষয়টো সম্পূর্ণ সুকীয়া। কিয়নাে উক্ত তিনিওখন যুদ্ধতে ভাৰতে আক্রমণাত্মক নীতি গ্রহণ কৰা নাছিল। চীনৰ ক্ষেত্ৰত হােৱা যুদ্ধখন সম্পূর্ণ আত্মৰক্ষাত্মক আছিল। চীনে আকস্মিকভাৱে যি আক্রমণ কৰিছিল সেয়া ভাৰতৰ বাবে অতিকৈ দুর্ভাগ্যজনক। ১৯৬৫ চনত আৰু ১৯৭১ চনত পাকিস্তানৰ সৈতে হােৱা যুদ্ধৰ ক্ষেত্ৰতাে ইয়াৰ ব্যতিক্রম নহয়। 

১৯৬৫ চনত পাকিস্তানে ভাৰতৰ ভূখণ্ডৰ ভিতৰত কৰা আক্ৰমণৰ বাবেহে তেওঁলােকক বাধা দিব লগীয়া হােৱা যুদ্ধ হৈছিল। ১৯৭১ চনত বাংলাদেশ মুক্তি সংগ্রামলৈ ভাৰতে আগবঢ়োৱা নৈতিক আৰু বস্তুগত সমর্থনৰ প্ৰতিবাদত পাকিস্তানে ভাৰতৰ পঞ্জাৱ আৰু ৰাজস্থানৰ লগতে জম্মু-কাশ্মীৰ। আক্রমণ কৰিছিল। ইয়াৰ যােগ্য প্রত্যুত্তৰ দিয়াৰ ফলত বাংলাদেশৰ জন্ম হয়।

এনেদৰে বিচাৰ কৰিলে দেখা যায় যে চীন আৰু পাকিস্তানৰ সৈতে হােৱা যুদ্ধই ভাৰতৰ শান্তি আৰু সহযােগিতাৰ নীতিৰ ওপৰত কোনাে প্রভাৱ পেলাব পৰা নাই।

প্রশ্ন ৬ : ভাৰতীয় বৈদেশিক নীতিৰ আভ্যন্তৰীণ আৰু বহিঃ উপাদানবােৰৰ বিৱৰণ দিয়া।
উত্তৰ : ভাৰতৰ বৈদেশিক নীতিৰ ৰচনাত তলত আলােচনা কৰা বিভিন্ন আভ্যন্তৰীণ আৰু বহিঃ উপাদানবােৰে অৰিহণা আগবঢ়াইছে -

(ক) ভৌগােলিক পৰিস্থিতি : ৰাষ্ট্ৰৰ ভৌগোলিক অখণ্ডতা আৰু সার্বভৌমত্ব ৰক্ষা কৰাই হ’ল বৈদেশিক নীতিৰ প্রধান লক্ষ্য। 

ভাৰতে ইয়াৰ চাৰিদিশে বিয়পি থকা পাকিস্তান, চীন, ম্যানমাৰ, বাংলাদেশ, আদিৰ লগত সুসম্পর্ক ৰক্ষাৰ বা গােষ্ঠীনিৰপেক্ষ আৰু শান্তিপূর্ণ সহৱস্থানৰ নীতি গ্রহণ কৰিছে। 

(খ) ঐতিহাসিক পটভূমি : ভাৰতৰ বৈদেশিক নীতিৰ ৰচনাৰ ক্ষেত্ৰত ইয়াৰ দীঘলীয়া ঐতিহাসিক পটভুমিয়ে প্রভাৱ পেলাইছে।

(গ) জাতীয় স্বার্থ : ভাৰতৰ জাতীয় স্বার্থই বৈদেশিক নীতি নির্ধাৰণত মুখ ভূমিকা পালন কৰিছিল। ভাৰতীয় নেতাসকলে দেশখনে সন্মুখীন হােৱা বিভিন্ন সমস্যাৰ পৰা মুক্তি পােৱাৰ উদ্দেশ্যে বৈদেশিক নীতি প্রস্তুত কৰিছিল।

(ঘ) আদর্শগত দিশ : ভাৰত্বৰ্ষই সাম্রাজ্যবাদ, উপনিৱেশবাদ, বর্ণবাদ আদিৰ বলি হ'বলগীয়া হৈছিল আৰু সেয়েহে স্বাধীনতাৰ পিছত ভাৰতে এইবােৰৰ বিৰােধিতা কৰি আহিছে আৰু বিশ্বশান্তি তথা সহৱস্থানৰ ওপৰত বিশ্বাস ৰাখি আহিছে।

(ঙ) জাতীয় আন্দোলন : ইংৰাজসকলৰ বিৰুদ্ধে চলােৱা সুদীর্ঘ জাতীয় আন্দোলনে ভাৰতৰ বৈদেশিক নীতিৰ ওপৰত বৰকৈ প্ৰভাৱ বিস্তাৰ কৰিছিল। 

প্রকৃততে ভাৰতৰ বৈদেশিক নীতি খচৰা জাতীয় আন্দোলনৰ সময়ছােৱাতে ৰচিত হৈছিল। 

(চ) ব্যক্তিগত উপাদান : অন্যান্য দেশৰ নিচিনাকৈ ভাৰতৰ বৈদেশিক নীতিৰ ক্ষেত্ৰতাে নেতৃত্ব প্রদান কৰা লােকসকলৰ ব্যক্তিত্ব আৰু আদৰ্শৰ প্ৰভাৱ পৰিছিল। 

প্রশ্ন ৭ঃ ‘আৰম্ভণিৰ পৰাই ওচৰ-চুবুৰীয়া দেশবােৰৰ সৈতে ভাৰতৰ সম্পৰ্কত ঘুণে ধৰিছিল’ ব্যাখ্যা কৰা। 
উত্তৰ : ভাৰতৰ চুবুৰীয়া দেশ বুলিলে প্রধানকৈ চীন, পাকিস্তান, নেপাল, ভূটান, ম্যানমাৰ, বাংলাদেশ আৰু শ্রীলংকাকে বুজোৱা হয়। 

চীন আৰু পাকিস্তানৰ বাহিৰে আনবােৰ ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ সম্পর্ক কেতিয়াও বেয়া বুলিব নােৱাৰি। কিন্তু পাকিস্তান আৰু চীনৰ সৈতে আৰম্ভণিৰ পৰাই বিভিন্ন বিষয়ক লৈ ভাৰতৰ সংঘাত হৈ আহিছে। আনকি এই দুখন দেশৰ সৈতে ভাৰতবৰ্ষই তিনিখনকৈ যুদ্ধৰ সম্মুখীন হ'বলগীয়া হৈছে।

পাকিস্তানৰ সৈতে ভাৰতৰ সংঘাতৰ সূত্রপাত ঘটিছিল দেশ স্বাধীন হােৱাৰ লগে লগে। 

ধৰ্মৰ ওপৰত ভিত্তি কৰি যেতিয়া ইংৰাজসকলে ভাৰত আৰু পাকিস্তানৰ জন্ম দিয়ে সেয়েহে আৰম্ভণিৰ পৰাই সাম্প্রদায়িক সংঘর্ষ, ভৌগােলিক চাৰিসীমা, শৰণাৰ্থী আৰু ভগনীয়া আদি অনেক সমস্যাই দেশ দুখনৰ মাজত তিক্ত সম্পর্ক সৃষ্টি কৰিছে। 

ইয়াৰ অন্যতম বিবদমান বিষয় হল - জম্মু-কাশ্মীৰ আৰু পূর্ব পাকিস্তান (বর্তমান বাংলাদেশ) এই দুটা বিষয়ক লৈ ১৯৬৫ আৰু ১৯৭১ চনত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধৰ সৃষ্টি হৈছে।

চনত চীনৰ সাম্যবাদী শাসন ব্যৱস্থাক জন্মলগ্নতে ভাৰতে স্বীকৃতি লও দেশখনৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰম্ভণিৰ পৰাই মধুৰ নহয় বুলিব পাৰি ভৌগােলিক সীমাৰেখা, তিব্বতৰ স্বীকৃতি, চীন আকাই অঞ্চল, লাচল প্রদেশ আদিক লৈ ১৯৬২ চনত চীন-ভাৰতৰ যুদ্ধ হৈছিল। পৰৱৰ্তী সময়ত এই সম্পর্ক উন্নতি ঘটাবলৈ দুয়ােপক্ষৰ পৰা চেষ্টা কৰা হৈছে a তেওঁলােকৰ মাজত থকা পাৰস্পরিক সন্দেহ এতিয়াও আঁতৰা নাই।



(ক) চমু টোকা লিখা ।


প্রশ্ন ১ : ভাৰতৰ পাৰমাণৱিক নীতি
উত্তৰ : ১৯৪০ৰ দশকৰ শেষৰ ফালে ভাবাৰ নেতৃত্বত ভাৰতত পাবমাণৱিক কাৰ্যসূচী আৰম্ভ হয়। নেহৰু পাৰমাণৱিক অস্ত্র-শস্ত্ৰৰ বিৰােধী আছিল আৰু সেয়েহে তেওঁ এইবােৰৰ সুসংহত নিৰীকৰণৰ বাবে আবেদন জনাইছিল। 

কিন্তু ভাৰতে পাৰমাণৱিক অ-প্ৰসাৰণ চুক্তিৰ বিৰােধিতা কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ আহ্বান সত্ত্বেও ভাৰতে এই চক্তিত এতিয়ালৈকে স্বাক্ষৰ কৰা নাই। 

ইয়াৰ মূল কাৰণ হৈছে যে ই এখন বৈষম্যমূলক চুক্তি। কিন্তু ভাৰতে ১৯৬৩ চনৰ আংশিক পৰীক্ষানিষিদ্ধকৰণ চুক্তি স্বাক্ষৰ কৰিছে। 

অৱশ্যে ভাৰতে ১৯৭৪ আৰু ১৯৯৮ চনত দুবাৰকৈ পাৰমাণৱিক পৰীক্ষা সম্পাদন কৰিছে। ১৯৯৯ চনত ভাৰতে বিশ্বাসযােগ্য ননতম প্ৰতিৰােধৰ ওপৰত আধাৰিত এটা পাৰমাণৱিক মতবাদ আৰম্ভ কৰে। ভাৰতে ঘােষণা কৰে যে ৰাষ্ট্ৰখনে প্রথমে কেতিয়াও পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰ নকৰিব।

প্রশ্ন ২ : বৈদেশিক নীতিৰ সহমত
উত্তৰ : বৈদেশিক নীতিৰ এটা প্রধান লক্ষণ হ’ল যে ইয়াৰ ক্ষেত্ৰত সহমত উপস্থিতি। দেশৰ এই নীতিসমূহ সাধাৰণতে এটা নির্ধাৰিত সময়ত আৰু কোনাে নির্ধাৰিত ব্যক্তিৰ দ্বাৰা ৰচিত নহয়। 

দেশখনে অনুসৰণ কৰা এটা দীঘলীয়া বা যুগমীয়া আদর্শ, পৰম্পৰা আদিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। 

ভিন্ন দেশৰ ভিন্ন বৈদেশিক নীতি থাকিলেও বহুতাে নীতিৰ ক্ষেত্ৰত ভিন্ন দেশৰ নেতাসকলৰ মাজত সহমত গঢ়ি উঠে যাৰ ফলত তেওঁলােকৰ মাজত চুক্তি স্বাক্ষৰিত কৰি সহযােগিতামূলক সম্পর্ক প্রতিষ্ঠিত হয়। ইয়াৰ ফলতে পৃথিৱীত বিভিন্ন দেশৰ মাজত বিভিন্ন সংগঠন, মিত্র গােষ্ঠী আদিৰ জন্ম হৈছে।

গােষ্ঠীনিৰপেক্ষ আন্দোলন ইয়াৰ ব্যতিক্রম নহয়। দেশবােৰৰ মাজত বৈদেশিক নীতিৰ ক্ষেত্ৰত সহমত অভাৱ হ'লেই মতানৈক্য, সংঘাত আদি গঢ়ি উঠে যাৰ পৰিণতি ভয়াবহ হৈ যুদ্ধৰ ৰূপ ধাৰণ কৰা দেখা গৈছে।

প্রশ্ন ৩ : ভাৰতৰ বৈদেশিক নীতিৰ খনিকৰ কোন আছিল? নেহৰ বৈদেশিক নীতিৰ তিনিটা মৌলিক উদ্দেশ্য ব্যাখ্যা কৰা।
উত্তৰঃ জৱাহলাল নেহৰুক ভাৰতৰ বৈদেশিক নীতিৰ খনিকৰ বুলি কোৱা হয় কাৰণ তেওঁৰ প্রধানমন্ত্রিত্বৰ কালছােৱাতে 'ভাৰতৰ বৈদেশিক নীতিৰ ভেটি ৰচনা কৰা হৈছিল।

নেহৰুৰ বৈদেশিক নীতিৰ প্ৰধান তিনিটা মৌলিক উদ্দেশ্যৰ বিষয়ে তলত চমু ব্যাখ্যা আগবঢ়োৱা হ’ল -

  • (ক) কঠোৰ শ্ৰম কৰি উপাৰ্জন কৰা সার্বভৌমত্ব ৰক্ষা কৰাঃ জৱাহৰলাল নেহৰুৱে সদায় দেশৰ সার্বভৌমত্ব ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব দিছিল। তেওঁ ইয়াৰ বাবে গােষ্ঠীনিৰপেক্ষ নীতি গ্রহণ কৰি দেশৰ স্বাধীনতা যাতে বৃহৎ শক্তিগগাষ্ঠীৰ দ্বাৰা খর্ব নহয় সেইটো বিচাৰিছিল।
  • (খ) দেশৰ অখণ্ডতা ৰক্ষা কৰা : বিভাজিত হৈ স্বাধীনতা লাভ কৰা ভাৰতবৰ্ষই যাতে পুনৰ বিভাজনৰ সন্মুখীন হ'বলগীয়া নহয় সেইটো নিশ্চিত কৰিবলৈ নেহৰুৱে গুৰুত্ব প্রদান কৰিছিল।
  • (গ) দ্রুত অর্থনৈতিক বিকাশ : নেহৰুৱে গ্ৰহণ কৰা বৈদেশিক নীতিৰ জৰিয়তে দেশৰ অর্থনৈতিক বিকাশক অগ্রাধিকাৰ প্ৰদান কৰা হৈছিল। ইয়াৰ বাবে তেওঁ পৃথিৱীৰ উন্নত ৰাষ্ট্ৰবােৰৰ সৈতে ভাল সম্পর্ক বজাই ৰাখিবলৈ বিচাৰিছিল।

প্রশ্ন ৪ঃ ভাৰতৰ প্ৰধানমন্ত্রীয়ে চীন ভ্রমণলৈ যাব ওলাইছে আৰু ইয়াৰ বাবে তােমাক এটা টোকা প্রস্তুত কৰিবলৈ কোৱা হৈছে। সীমা আৰু অর্থনৈতিক সহযােগিতাৰ ওপৰত ভাৰত আৰু চীনা পক্ষৰ হৈ এটাকৈ দিশ লিখি উলিওৱা। 
উত্তৰঃ চীন ভ্রমণলৈ ওলােৱা প্ৰাক্ষণত আপােনাক শুভেচ্ছা জনালাে। উক্ত ভ্ৰমণত আশা কৰে আপুনি বহু পুৰণি সীমা বিবাদ আৰু অর্থনৈতিক সহযােগিতাৰ ওপৰত গুৰুত্ব দিব। 

ভাৰতৰ ফালৰ পৰা লাডাখ, আকাই চীন আৰু অৰুণাচল প্রদেশৰ আটাইবােৰ অঞ্চলৰ যাতে চীনে ভৱিষ্যতে তাঁৰ ওপৰত গুৰুত্ব দিব। অর্থনৈতিক সহযােগিতাৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰৰ পানী যাতে পর্যাপ্ত পৰিমাণে এৰি দিয়ে আৰু চীনা ঔদ্যোগিক প্রতিষ্ঠানসমূহক ভাৰতত উদ্যোগ স্থাপন কৰিবলৈ আমন্ত্রণ জনাই তেওঁলােকৰ সৈতে থকা সম্পর্ক উন্নতি ঘটাবলৈ চেষ্টা কৰিব।


ভাৰতৰ বৈদেশিক সম্পৰ্ক class 12/ভাৰতৰ বৈদেশিক নীতিৰ বৈশিষ্ট্য/ভাৰতৰ বৈদেশিক নীতিৰ উপাদান/ভাৰতৰ বৈদেশিক সম্বন্ধ/পঞ্চশীল বুলিলে কি বুজা?/বৈদেশিক নীতি মানে কি?/পঞ্চশীল মানে কি বুজা?/বৈদেশিক নীতি কাক বোলে অসমীয়া/ভাৰতৰ পাৰমাণৱিক নীতিৰ বিষয়ে লিখা/পঞ্চশীল নীতি বুলিলে কি বুজা?/পঞ্চশীল নীতি কাক বোলে?/নেহৰু উদ্দেশ্য সম্পর্কে/ভাৰত বিভাজনৰ পৰিণতি সমূহ আলোচনা কৰা/ৰাষ্ট্ৰৰ মৌলিক উপাদান চাৰিটা কি কি?/ভাৰত আৰু চীনৰ সম্পৰ্ক লিখা/ভাৰতৰ জলসম্পদ class 12/ভাৰতৰ বৈদেশিক সম্পর্ক/দেশ বিভাজনৰ পৰিণতি/ভাৰতৰ চাৰিসীমাৰ নাম/নির্দেশাত্মক নীতি অসমীয়া/ভাৰত আৰু চীনৰ সম্পৰ্ক আলোচনা কৰা/জৱাহৰলাল নেহৰু বিষয়ে ৰচনা/ভাৰত বিভাজনৰ কাৰণ/ৰাজনৈতিক তত্ত্ব class 11 questions answer/ভাৰতৰ চাৰিসীমা ৰ নাম/পঞ্চশীল চুক্তি কি?/ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থানৰ বিষয়ে লিখা/ভাৰতৰ দুটা আঞ্চলিক দলৰ নাম/বিশ্ব খনিকৰ question answer/জৱাহৰলাল নেহৰুৰ ৰচনা/নির্দেশাত্মক নীতি কাক বোলে?/তুলনামূলক চৰকাৰ মানে কি/পাৰমাণৱিক শক্তি কাক বোলে?/ভাৰতীয় সংবিধানৰ উৎস সমূহ কি কি?/

Post a Comment

0 Comments

People

Ad Code