Recent in Technology

কংগ্ৰেছী পদ্ধতিৰ প্ৰত্যাহ্বান আৰু পুনৰাবর্তন - [পঞ্চম অধ্যায়] {Q&A} - (Part-B/Notes)

Class-XII(12)Political Science-[Q/A][Notes][Solutions][Learning Online][Assamese][কংগ্ৰেছী পদ্ধতিৰ প্ৰত্যাহ্বান আৰু পুনৰাবর্তন][পঞ্চম অধ্যায়][Part-B]

কংগ্ৰেছী পদ্ধতিৰ প্ৰত্যাহ্বান আৰু পুনৰাবর্তন - [পঞ্চম অধ্যায়] {Q&A} - (Part-B/Notes)



(কংগ্ৰেছী পদ্ধতিৰ প্ৰত্যাহ্বান আৰু পুনৰাবর্তন)





(ক) অতি চমু প্রশ্নোত্তৰ /(প্রত্যেকটোত ১ নম্বৰকৈ)


প্রশ্ন ১ঃ ভাৰতবৰ্ষত কোনটো বছৰক ‘ভয়ংকৰ দশক’ (dangerous decade) বুলি কোৱা হয় ? 
উত্তৰ : ১৯৬০ৰ দশকক। 


প্রশ্ন ২ : লাল বাহাদুৰ শাস্ত্রী কোন ৰাজ্যৰ আছিল? 
উত্তৰ : উত্তৰ প্ৰদেশ। 

প্রশ্ন ৩ঃ লাল বাহাদুৰ শাস্ত্রী কোনজনা প্রধানমন্ত্ৰীৰ উত্তৰাধিকাৰী আছিল? 
উত্তৰ : জৱাহৰলাল নেহৰু।


প্রশ্ন ৪ : কোনটো চনক ভাৰতৰ ৰাজনৈতিক আৰু নির্বাচনী ইতিহাসৰ (landmark) বুলি আখ্যা দিয়া হয়? 
উত্তৰ : ১৯৬৭ চনক। 

প্রশ্ন ৫ : D.M.Kৰ সম্পূর্ণ নামটো লিখা। 
উত্তৰঃ Dravida Munnetra Kazhagam 


প্রশ্ন ৬ : ভাৰতত মৰ্চা ব্যৱস্থাৰ আৰম্ভণি কেতিয়া হয়? 
উত্তৰ : ১৯৬৭ চনত। 

প্রশ্ন ৭ঃ কোনটো অঞ্চলৰ বিধায়কসকলক আয়া ৰাম গয়া ৰাম’ বুলি কোৱা।
উত্তৰ : হাৰিয়ানা।

প্রশ্ন ৮ : চতুর্থ নির্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? 
উত্তৰ : ১৯৬৭ চনত 

প্রশ্ন ৯ঃ ১৯৬৭ চনৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে কিমানখন আসন লাভ কৰিছিল?
উত্তৰ : ২৮৩ খন। 

প্রশ্ন ১০ : দলত্যাগৰ অর্থ কি? 
উত্তৰ : ৰাজনৈতিক দলৰ নেতাসকলে এটা দল ত্যাগ কৰি আন এটা দলত যােগদান কৰা বা নতুনকৈ এটা দল গঠন কৰাকে দল ত্যাগ বােলা হয়।

প্রশ্ন ১১ : ‘চিণ্ডিকেট’ বুলিলে কি বুজা?
উত্তৰঃ ‘চিণ্ডিকেট’ৰ অর্থ হ’ল শক্তিশালী আৰু প্ৰভাৱশালী নেতাৰ গােট। দলৰ সংগঠনৰ নিয়ন্ত্ৰণত ৰখা কংগ্ৰেছ নেতাৰ আনুষ্ঠানিক গােটকে ‘চিণ্ডিকেট বােলা হয়।

প্রশ্ন ১২ : SVD ৰ সম্পূর্ণ নামটো লিখা। 
উত্তৰঃ Sangjukta Vidayani Dal. 

প্রশ্ন ১৩ : পণ্ডিত জৱাহৰলাল নেহৰুৰ কেতিয়া মৃত্যু হৈছিল ? 
উত্তৰঃ ১৯৬৪ চনৰ ২৭ মে'ত। 



প্রশ্ন ১৪ : শুদ্ধ উত্তৰটো কোৱা


(ক) লাল বাহাদুৰ শাস্ত্রী ভাৰতৰ (প্রথম/দ্বিতীয়/তৃতীয়) প্রধানমন্ত্রী আহিল ? 
উত্তৰ দ্বিতীয়।

(খ) বিখ্যাত শ্লোগান ‘জয় জোৱান জয় কিষাণ’ কৰিছিল (ইন্দিৰা গান্ধী/ মােৰাজী দেশাই/লাল বাহাদুৰ শাস্ত্রী)
উত্তৰ : লাল বাহাদুৰ শাস্ত্রী।

(গ) কংগ্ৰেছ চিণ্ডিকেটক নেতৃত্ব দিছিল (কাৰপূৰী ঠাকুৰ/কে কামৰাজ/এছ। এিসিংগাপা)
উত্তৰ : কে কামৰাজ। 

(ঘ) ভাৰতৰ নির্বাচন অনুষ্ঠিত হৈছিল (১৯৬৭/১৯৭৭/১৯৮২) চনত। 
উত্তৰ : ১৯৬৭ চনত। 

(ঙ) ডি এম কে ভাৰতৰ (উত্তৰ প্ৰদেশ/তামিলনাড়ু/মধ্যপ্রদেশৰ)অন্তর্গত। 
উত্তৰ : তামিলনাড়।

(চ) মৰ্চা চৰকাৰৰ যুগ আৰম্ভ হৈছিল (১৯৭১/১৯৮৯/১৯৬৯/১৯৬৭) চলত।
উত্তৰ : ১৯৬৭ চনত। 

(ছ) চিণ্ডিকেটৰ নেতা আছিল (কে কামৰাজ/এছ কে পবিল/সঞ্জীৱা ৰেড়ি/ওপৰৰ আটাইকেইজন)।
উত্তৰ : ওপৰৰ আটাইকেইজন। 

(জ) ইন্দিৰা হাতাও’ শ্লোগানটো কোনে দিছিল? 
উত্তৰঃ ১০৭১ চনত কংগ্ৰেছ সভাপতি এহ নিজালিংগপাই বৃহৎ মিত্রজোটৰ হৈ।

প্রশ্ন ১৫ ১৯৬০ দশকটোক কিয় বিপজ্জনক দশক আখ্যা দিয়া হৈছিল? 
উত্তৰঃ এই দশকত ভাৰতৰ ৰাজনীতিত যথেষ্ট সুদূৰপ্ৰসাৰী ঘটনা ঘটিছিল। লগতে সংযুক্ত মৰ্চা চৰকাৰৰ ধাৰণা, দলত্যাগৰ দৰে মূল্যহীন নীতি, কংগ্ৰেছত বিভাজন, ছিণ্ডিকেট পদ্ধতি আদি গা কৰি উঠিছিল।

প্রশ্ন ১৬ : ১৯৭০ চনত ইন্দিৰা গান্ধী চৰকাৰৰ জনপ্ৰিয়তাৰ কাৰক এটা লিখা।
উত্তৰ : ইন্দিৰা গান্ধীৰ গৰিবী হাটাও’ ৰাজনীতি। 

প্রশ্ন ১৭ঃ ১৯৬৭ চনত কোনটো দল লােকসভাৰ মুখ্য বিৰােধী দল আছিল। 
উত্তৰঃ স্বতন্ত্র দল। 

প্রশ্ন ১৮ : লাল বাহাদুৰ শাস্ত্ৰীৰ ৰাজনৈতিক উত্তৰাধিকাৰী কোন আছিল? 
উত্তৰ : ইন্দিৰা গান্ধী। 

প্রশ্ন ১৯ঃ ১৯৬৭ চনৰ নিৰ্বাচনৰ বিষয়ে কোনটো/কোনবােৰ উক্তি সত্য? 
(a) কংগ্ৰেছে লােকসভা নির্বাচনত জয়লাভ কৰিছিল কিন্তু বহুতাে ৰাজ্যত বিধানসভা নির্বাচনত ৰাজয় বৰণ কৰিছিল। 
(b) কংগ্ৰেছে লােকসভা আৰু বিধানসভা দুয়ােটা নির্বাচনত হাৰিছিল। 
(c) কংগ্ৰেছে লােকসভাত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল কিন্তু সন্মিলিত চৰকাৰ গঠন কৰিছিল।
(d) কংগ্ৰেছে কেন্দ্ৰৰ ক্ষমতা ধৰি ৰাখিছিল। 
উত্তৰ : a, b, d. 



Class-XII Political Science 


Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ



Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ



(খ) চমু প্রশ্নোত্তৰ /(প্রত্যেকটোত ২ নম্বৰকৈ)।


প্রশ্ন ১: ১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈ লাল বাহাদুৰ শাস্ত্রী চমু অধানমন্ত্রিত্বৰ কালছােৱাত ভাৰতে সন্মুখীন হােৱা প্ৰত্যাহ্বান দুটা কি কি আছিল?
উত্তৰ :
  • (ক) মনচুনৰ অভাৱৰ বাবে সৃষ্টি হােৱা অনাবৃষ্টি আৰু খাদ্য সংকট। 
  • (খ) 1965 চনত পাকিস্তানৰ লগত হােৱা যুদ্ধ।

প্রশ্ন ২ : দ্বিতীয়বাৰৰ বাবে কেতিয়া আৰু কিয় কংগ্ৰেছ ৰাজনৈতিক উত্তৰাধিকাৰীৰ সন্মুখীন হৈছিল?
উত্তৰ : ১৯৬৬ চনৰ আৰম্ভণিতে। যেতিয়া ১৯৬৬ চনৰ জানুৱাৰী মাহত ১০ বখে লাল বাহাদুৰ শাস্ত্ৰীৰ আকস্মিক বিয়ােগ হয়।

প্রশ্ন ৩ঃ লাল বাহাদুৰ শাস্ত্রীৰ বিষয়ে তুমি কি জানা ?
উত্তৰঃ স্বাধীন ভাৰতৰ দ্বিতীয় প্রধানমন্ত্রী আছিল লাল বাহাদুৰ শাস্ত্রী। তেত্ত ১৯৬০ চনৰ পৰা স্বাধীনতা আন্দোলনত যােগদান কৰিছিল, উত্তৰ প্ৰয়ে মন্ত্রীসভাৰ সদস্য আছিল, কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিল, 1951 চনৰ ১৯৫৬ চনলৈ কেন্দ্রীয় মন্ত্রীসভাৰ সদস্য আছিল, ১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈ তেওঁ ভাৰতৰ প্ৰধানমন্ত্রী আছিল।

প্রশ্ন ৪ঃ চতুর্থ সাধাৰণ নির্বাচনে কিয় কংগ্ৰেছত জোকাৰণিৰ সৃষ্টি কৰিছিল?
উত্তৰ : চতুর্থ সাধাৰণ নির্বাচন (লােকসভা আৰু বিধানসভা) অনুষ্ঠিত হৈছিল ১৯৬৭ চনত। এই নির্বাচনক বহুতাে বিশ্লেষকে ৰাজনৈতিক ভূমিকম্প’ বলি অভিহিত কৰে। কাৰণ ১৯৫১ চনৰ পৰা আৰম্ভ কৰি এইটো নির্বাচনতে কংগ্ৰেছে আটাইতকৈ কম আসন (২৮৩) লাভ কৰিছিল। ইন্দিৰা গান্ধী মন্ত্রীসভাৰ আধাতকৈ বেছিসংখ্যক সদস্যই পৰাজয় বৰণ কৰিছিল। 

ৰাজ্যবােৰৰ ক্ষেত্ৰতাে কংগ্রেছে সাতখন ৰাজ্যত সংখ্যাগৰিষ্ঠতা হেৰলে আৰু দুখন ৰাজ্যত দলত্যাগ কৰাৰ ফলত চৰকাৰ গঠন কৰিব নােৱাৰিলে।

প্রশ্ন ৫ : সংযুক্ত চৰকাৰ বুলিলে কি বুজা?
উত্তৰ : নিৰ্বাচনৰ ফলাফল অনুযায়ী যেতিয়া কোনাে এটা নির্দিষ্ট ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিবলৈ প্রয়ােজন হােৱা সংখ্যাগৰিষ্ঠ আসন লাভ নকৰে তেতিয়া একাধিক ৰাজনৈতিক দলে একগােট হৈ উমৈহতীয়াভাৱে এজন নেতা মনােনীত কৰি চৰকাৰ গঠন কৰাকে সংযুক্ত চৰকাৰ বােলে।

প্রশ্ন ৬ : তলৰ শ্লোগান দুটাৰ বাবে জনাজাত দুজন নেতাৰ নাম লিখা। 
(ক) জয় জোৱান, জয় কিষাণ’। 
(খ) আয়া ৰাম, গয়া ৰাম'। 
উত্তৰঃ 
  • (ক) লাল বাহাদুৰ শাস্ত্রী ‘জয় জোৱান, জয় কিষাণ’। 
  • (খ) গয়া ৰাম, হাৰিয়ানাৰ এজন বিধায়ক – ‘আয়া ৰাম, গয়া ৰাম’। 

প্রশ্ন ৭ : আয়া ৰাম, গয়া ৰাম’ ভাৱটো ব্যাখ্যা কৰা। এইটো কেনেদৰে আৰম্ভ হৈছিল?
উত্তৰ : ভাৰতৰ ৰাজনৈতিক দলৰ সদস্যসকলে দলত্যাগ কৰা বা দল সলনি কৰাৰ বিষয়টোক বুজাবলৈ ব্যৱহাৰ কৰা জনপ্রিয় বাক্যাংশটো হ’ল ‘আয়া ৰাম, গয়া ৰাম। ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত হাৰিয়ানাৰ গয়া ৰাম নামৰ এজন অতি আচৰিতভাৱে দুই সপ্তাহৰ ভিতৰত তিনিবাৰ দল ত্যাগ কৰিছিল। তেতিয়াৰ পৰা সঘনাই দলত্যাগ কৰা বিষয়টোক বুজাবলৈ ‘আয়া ৰাম, গয়া ৰাম’ বুলি ব্যৱহাৰ কৰা হয়।

প্রশ্ন ৮ঃ ৰাজনৈতিক ভূমিকম্প' শব্দটোৱে ভাৰতীয় ৰাজনীতিত কি তাৎপর্য বহন কৰে?
উত্তৰ : ওপৰৰ ৪ নং প্রশ্নৰ উত্তৰ চোৱা। 

প্রশ্ন ৯ : ‘অকংগ্ৰেছবাদ' কি ? 
উত্তৰঃ ১৯৬৭ চনৰ নিৰ্বাচনৰ সময়ত কংগ্ৰেছবিৰােধী ধাৰাটোক সুচাবলৈ ৰাম মনােহৰ লােহিয়াই ‘অকংগ্ৰেছবাদ’ শব্দটো ব্যৱহাৰ কৰিছিল। 

সেইটো দহকত ১৬২ চনৰ চীনৰ লগত হােৱা যুদ্ধ, ১৯৬৫ চনত পাকিস্তানৰ লগত হােৱা যুদ্ধ, দেশত দেখা দিয়া খাদ্য সংকট, অর্থনৈতিক দুৰৱস্থা আদিয়ে দেশখনক জুৰুলা কৰিছিল। 

এইবােৰৰ পৰা ৰক্ষা পাবলৈ আৰু দেশত এখন কংগ্ৰেছহীন চৰকাৰ গঠন কৰিবলৈ বিৰােধী দলবােৰে আদৰ্শ আৰু আঁচনিৰ মতপার্থক্য থাকিলেও একগােট হৈ নির্বাচনী অভিযান চলাইছিল।

প্রশ্ন ১০ঃ এছ ভি ডি স্থিতিৰ বিষয়ে লিখা। 
উত্তৰ : ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনত কোনাে এটা দলে সংখ্যাগৰিষ্ঠ আসন নােপােৱাৰ বাবে অ-কংগ্ৰেছী দলবােৰে একগােট হৈ যুটীয়া বিধায়িনী দল গঠন কৰি চৰকাৰ গঠন কৰিছিল বাবে ইয়াক সংযুক্ত চৰকাৰ বা এছ ভি ডি বােলা হয়। 

প্রায় বেছিভাগ ক্ষেত্ৰতে এই দলবােৰৰ মাজত আদর্শগত প্রভেদ আছিল। সেই . সময়ত ভাৰতৰ ১৬ খন ৰাজ্যৰ ভিতৰত আধাসংখ্যক ৰাজ্যতে এই চৰকাৰ গঠন হৈছিল। 

অৱশ্যে দলবােৰৰ মাজত আদর্শ, কার্যসূচী, আঁচনি আদিৰ ক্ষেত্ৰত প্রভেদ আছিল বাবে বিভিন্ন মতানৈক্যৰ সৃষ্টি হৈছিল। 

প্রশ্ন ১১ : ১৯৬৭ চনত লােকসভাৰ প্ৰধান বিৰােধী দলটো কি? 
উত্তৰ : ৪৪ খন আসন লাভেৰে স্বতন্ত্র পার্টি। 

প্রশ্ন ১২ : বৃহৎ মিত্রজোট’ কি ব্যাখ্যা কৰা।
উত্তৰঃ ১৯৭১ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত কেৱল ভাৰতৰ সাম্যবাদী দল আৰু কংগ্ৰেছৰ বাহিৰে আন সকলােবােৰ ৰাজনৈতিক দলে ইন্দিৰা গান্ধীৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ সংকল্পৰে যি নির্বাচনী মিত্রতা গঠন কৰিছিল তাকে বৃহৎ জোট’ বােলা হয়। 

ইয়াৰ অধীনত থকা প্রধান দলবােৰ আছিল সংযুক্ত বাদী দল, প্রজা সমাজবাদী দল, ভাৰতীয় জন সংঘ, স্বতন্ত্র দল আৰু ক্রান্তি দল। 

প্রশ্ন ১৩ঃ হুইপ’ বুলিলে কি বুজা?
উত্তৰ : হুইপ’ৰ অর্থ হ’ল দলীয় নেতৃবৰ্গৰ দ্বাৰা সদস্যসকলক পা কঠোৰ নিদের্শ, যি নিদের্শ দলৰ প্ৰতিগৰাকী সদস্যই মানি চলাটো বাধ্যতামূলক।

প্রশ্ন ১৩ : মােৰাৰজী দেশাইৰ বিষয়ে কেইটামান শাৰী লিখা।
উত্তৰ : ১৯৭৭ চনত গঠন হােৱা ভাৰতৰ প্ৰথমখন অকংগ্ৰেছী দ চৰকাৰখনৰ প্রধানমন্ত্রী আছিল মােৰাৰজী দেশাই। 

তেওঁ এজন গান্ধীবাদী, আছিল। বােম্বেৰ মুখ্যমন্ত্রী হােৱাৰ উপৰি তেওঁ ১৯৬৬ চনৰ পৰা ১৯৬৯ s. তেওঁ ভাৰতৰ উপ-প্রধানমন্ত্রী আছিল। ১৯৬৯ চনত কংগ্ৰেছ দল বিভাজন হােৱাত তেওঁ কংগ্ৰেছ (0)ত যােগদান কৰে।

প্রশ্ন ১৪ : শাস্ত্রী প্রধানমন্ত্রিত্ব কেতিয়া শেষ হৈছিল ? তেওঁৰ ৰাজনৈতিক উত্তৰাধিকাৰী কোন আছিল ?
উত্তৰঃ ১৯৬৬ চনৰ ১০ জানুৱাৰীত ৰাছিয়াৰ তাছকেণ্ট চহৰত হঠাৎ শাস্ত্ৰীৰ বিয়ােগ ঘটাত তেওঁৰ প্রধানমন্ত্রিত্বৰ অৱসান ঘটে। ইন্দিৰা গান্ধী আছিল লাল বাহাদুৰ শাস্ত্ৰীৰ ৰাজনৈতিক উত্তৰাধিকাৰী। 

প্রশ্ন ১৫ঃ লাল বাহাদুৰ শাস্ত্ৰীৰ চমু প্রধানমন্ত্রিত্বৰ সময়ছােৱাত ১৯৬৪ৰ পৰা ১৯৬৬ চনলৈ ভাৰতে সম্মুখীন হােৱা প্ৰত্যাহ্বানসমূহ লিখা। 
উত্তৰ : 
  • (ক) চীনৰ লগত যুদ্ধৰ পৰিণাম শেষ নােহােৱা।
  • (খ) খাদ্যৰ নাটনি আৰু আকাল অৱস্থা।
  • (গ) ১৯৬৫ চনৰ পাকিস্তানৰ লগত যুদ্ধ আদি। 

প্রশ্ন ১৬ : কংগ্ৰেছে কেতিয়া আৰু কিয় দ্বিতীয়বাৰলৈ ৰাজনৈতিক উত্তৰাধিকাৰত্বক লৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল? 
উত্তৰঃ শাস্ত্ৰীৰ মৃত্যুৰ পিছত ৰাজনৈতিক উত্তৰাধিকাৰীত্বক লৈ বিৰােধৰ সৃষ্টি হৈছিল। ইন্দিৰা গান্ধীয়ে গােপন বেলট ভােটত মােৰাৰজী দেশাইক প্রধানমন্ত্রী প্রার্থী হিচাপে হৰুৱাই প্রধানমন্ত্ৰীৰ পদ লাভ কৰিছিল।

প্রশ্ন ১৭ঃ মােৰাজী দেশাইৰ বিষয়ে কেইশাৰীমান লিখা।
উত্তৰঃ মােৰাৰজী দেশাই বৰ্তমানৰ মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ মুখ্যমন্ত্রী আছিল। শাস্ত্রীৰ পিছত প্রধানমন্ত্ৰীৰ বাবে তেখেত এক উচ্চ দাবীদাৰ আছিল। তেখেত ইন্দিৰা গান্ধী আৰু শাস্ত্রী মন্ত্রীসভাত তথ্য মন্ত্রী আছিল। শেষত তেওঁ জনতা আমলত ভাৰতৰ প্রধানমন্ত্রিত্ব লাভ কৰিছিল।

প্রশ্ন ১৮ : তলত দিয়া শ্লোগান দুটাৰ সৈতে জড়িত নেতা দুগৰাকী কোন আছিল?
(ক) জয় জোৱান, জয় কিষাণ
(খ) গৰিবী হটাও।
উত্তৰ : 
  • (ক) লাল বাহাদুৰ শাস্ত্রী।
  • (খ) ইন্দিৰা গান্ধী। 

প্রশ্ন ১৯ ভাৰতত আঞ্চলিক অভ্যুত্থানৰ দুটা কাৰণ লিখা। 
উত্তৰ : 
  • (ক) হিন্দী আগ্রাসনৰ পৰা দক্ষিণৰ ৰাজ্যসমূহক মুক্ত ৰখাৰ বাবে। 
  • (খ) ৰাজ্যসমূহৰ বাবে অধিক ক্ষমতা লাভৰ উদ্দেশ্যে।



(গ) দীঘল প্রশ্নোত্তৰ /(প্রত্যেকটোত ৪ নম্বৰকৈ)


প্রশ্ন ১ঃ সংযুক্ত চৰকাৰ উৎপত্তিৰ বিষয়ে ব্যাখ্যা কৰা।
উত্তৰ : ভাৰতত প্ৰথমবাৰৰ বাবে ১৯৫২ চনত গিয়ান সিং ৰাৰেৱালাৰ নেতৃত্বত পাটিয়ালা এণ্ড ইষ্ট পঞ্জাৱ ষ্টেটছ ইউনিয়ন সংযুক্তৰ চৰকাৰ গঠিত হয়। ১৯৫৯ চনত উৰিষ্যাত ড° হৰেকৃষ্ণ মেহতাবৰ অধীনত দ্বিতীয়খন সংযুক্ত চৰকাৰ গঠন হৈছিল। ১৯৬৭ চনৰ পৰা ভাৰতত সংযুক্ত চৰকাৰৰ ৰাজনীতি আৰম্ভ হােৱা বুলিব পাৰি। 

১৯৬৭ চনত ভাৰতৰ মুঠ আঠখন ৰাজ্যত সংযুক্ত চৰকাৰ গঠন কৰা হৈছিল। অৱশ্যে ইউনাইটেড ফ্ৰণ্টৰ এই চৰকাৰৰ অংশীদাৰী দলসমূহৰ আদর্শ, উদ্দেশ্য, কাৰ্যসূচী আদিৰ মাজত বহুতাে প্রভেদ আছিল। ইয়াৰ বাবে এই চৰকাৰসমূহৰ সুস্থিৰতা নাইকিয়া হৈ পৰে আৰু মধ্যবর্তীকালীন নির্বাচন অনুষ্ঠিত কৰিবলগীয়া হয়। 

এই নির্বাচনটো উত্তৰ প্ৰদেশ, কেৰালা, উৰিষ্যা, পশ্চিমবংগ, বিহাৰ আৰু মণিপুৰত আকৌ সংযুক্ত চৰকাৰ গঠিত হৈছিল। কেন্দ্রীয় চৰকাৰৰ ক্ষেত্ৰত ১৯৭৭ চনত পােন প্ৰথমবাৰৰ বাবে মােৰাৰাজী দেশাইৰ নেতৃত্বত সংযুক্ত চৰকাৰ গঠন কৰা হয়।

প্রশ্ন ২ঃ ১৯৬৯ চনত কংগ্ৰেছ দলত হােৱা বিভাজন অৱশ্যম্ভাৱী আছিলনে? ব্যাখ্যা কৰা।
উত্তৰ : ১৯৬৯ চনৰ ৰাষ্ট্রপতি নির্বাচনৰ সময়ত ইন্দিরা গান্ধী আয় ছিণ্ডিকেট মজব শত্রুতা মুকলিকৈ প্রকাশ পায়। কংগ্ৰেছ সংসদীয় বউৰ সভাত ইন্দিৰা গাইয়ে ৰাষ্ট্ৰপতিৰ পদৰ বাবে জগজীৱন ৰামৰ নামটো প্রস্তাব কৰাৰ বিপৰীতে ছিণ্ডিকেট নেতাসকলে নীলম সঞ্জীৱা ৰেডিঙৰ নামটো প্রস্তাৱ কৰে আৰু শেষত তেওঁলোর প্রস্তাৱটো গৃহীত হয়। 

ইন্দিৰা গান্ধীয়ে অসন্তুষ্ট হৈ সেইসময়ত ই ৰাষ্ট্রপতি হিচাপে কার্যনির্বাহ কৰা ভি ভি গিৰিক নির্দলীয় প্রার্থীৰূপে প্ৰক্ষেপ কৰি সমর্থন আগবঢ়ায়। কৌশলগতভাৱে তেওঁ ১৪টা আগশাৰীৰ বেংকক ৰাষ্ট্ৰীয়কৰণ কৰাৰ লগতে প্রিভি পাৰ্ছ কর্তন কৰি এলানি জনকল্যাণমুখী নীতি প্রণয়ন কৰে। 

গতিকে দুয়াে পক্ষৰ মাজত সংঘাত তীব্র হয়। কংগ্ৰেছ সভাপতিয়ে দলীয় প্রার্থী ৰেডিক ভােটদান কৰিবলৈ হুইল্প জাৰি কৰে আৰু ইন্দিৰা গান্ধীয়ে ‘বিবেক ভােট’ আহ্বান কৰে। এই ৰ্বিাচনত ৰেড়িৰ পৰাজয় আৰু ভি ভি গিৰিৰ বিজয়ে কংগ্ৰেছ দলৰ বিভাজন প্রক্রিয়া সম্পূর্ণ কৰে। ইন্দিৰা গান্ধীক দলৰ পৰা বহিষ্কাৰ কৰা গােটটোক কংগ্রেছ (R) আৰু চিণ্ডিকেটে নেতৃত্ব দিয়া গােটটোক কংগ্ৰেছ (O) বুলি জনা যায়।

প্রশ্ন ৩ : দেশীয় ৰাজ্যবােৰৰ প্রিভি পাৰ্ছ' বিলােপ সাধনৰ ওপৰত এটা চমুটোকা লিখা। 
উত্তৰ : দেশীয় ৰাজ্যবােৰক ভাৰতৰ সৈতে চামিলৰণৰ সময়ত তাত প্রচলিত ৰাজকীয় শাসন উঠাই দিয়া হয় যদিও সেই শাসকসকলৰ পৰিয়ালবােৰে কিছু ব্যক্তিগত সা-সম্পত্তি লাভ কৰিছিল আৰু তাৰ উত্তৰাধিকাৰীসকলক চামিলকৰণ ৰাজ্যখনৰ আয়ৰ ওপৰত ভিত্তি কৰি চৰকাৰী অনুদান আগবঢ়োৱাৰ ব্যৱস্থা আছিল। 

ইয়াক প্রিভি পাছ বােলা হয়। চামিলকৰণত ইয়াক সমালােচিত হ'লেও, ঐক্যবদ্ধ কৰাৰ বাবে ই প্রয়ােজনীয় আছিল। জৱাহৰলাল নেহৰু, মােৰাৰজি দেশাই আদি নেতাসকল ইয়াক লৈ অসন্তুষ্ট আছিল। ১৯৬৭ চনৰ নির্বাচনৰ পিছত ইন্দিৰা গান্ধীৰ চৰকাৰে ইয়াক বাতিলকৰণ উচিত বুলি বিবেচনা কৰিছিল। 

১৯৭০ চনত এই সম্পর্কে এখন সংবিধান সংশােধনী বিধেয়ক আনিবলৈ চেষ্টা কৰা হৈছিল যদিও ৰাজ্যসভাত গৃহীত নহ'ল। ইয়াৰ পিছত এখন অধ্যাদেশ জাৰি কৰা হৈছিল আৰু ইয়াকো উচ্চতম ন্যায়ালয়ে নাকচ কৰে। 

১৯৭১ চনত অনুষ্ঠিত নির্বাচনত ইন্দিৰা গান্ধীয়ে ইয়াক প্ৰচাৰ পত্ৰ হিচাপে গ্ৰহণ কৰি ৰাইজৰ পৰা বিপুল সঁহাৰি পাই নির্বাচনেও সংখ্যাগৰিষ্ঠতা লাভ কৰাত অনায়াসে সংবিধান সংশােধনীৰ জৰিয়তে আইনী বাধা আতৰাই এই ‘প্রিভি পাছ' ব্যৱস্থাৰ বিলপ্তি ঘটায়।

প্রচলিত ৰাজকীয় শাসন উঠাই দিয়া হয় যদিও সেই শাকসকলৰ পৰিয়ালবােৰে কিছু ব্যক্তিগত সা-সম্পত্তি লাভ কৰিছিল আৰু তাৰ উত্তৰাধিকাৰীসকলক চামিলকৰণ ৰাজ্যখনৰ আয়ৰ ওপৰত ভিত্তি কৰি চৰকাৰী অনুদান আগবঢ়োৱাৰ ব্যৱস্থা আছিল। ইয়াক প্রিভি পাৰ্ছ বােলা হয়। 

চামিলকৰণত ইয়াক সমালােচিত হলেও, ঐক্যবদ্ধ কৰাৰ বাবে ই প্রয়ােজনীয় আছিল। জৱাহৰলাল নেহৰু, মােৰাৰজি দেশাই আদি নেতাসকল ইয়াক লৈ অসন্তুষ্ট আছিল। ১৯৬৭ চনৰ নির্বাচনৰ পিছত ইন্দিৰা গান্ধীৰ চৰকাৰে ইয়াক বাতিলকৰণ উচিত বুলি বিবেচনা কৰিছিল। 

১৯৭০ চনত এই সম্পর্কে এখন সংবিধান সংশােধনী বিধেয়ক আনিবলৈ চেষ্টা কৰা হৈছিল যদিও ৰাজ্যসভাত গৃহীত নহ’ল। ইয়াৰ পিছত এখন অধ্যাদেশ জাৰি কৰা হৈছিল আৰু ইয়াকো উচ্চতম ন্যায়ালয়ে নাকচ কৰে। 

১৯৭১ চনত অনুষ্ঠিত নির্বাচনত ইন্দিৰা গান্ধীয়ে ইয়াক প্ৰচাৰ পত্ৰ হিচাপে গ্ৰহণ কৰি ৰাইজৰ পৰা বিপুল সঁহাৰি পাই নির্বাচনেও সংখ্যাগৰিষ্ঠতা লাভ কৰাত অনায়াসে। সংবিধান সংশােধনীৰ জৰিয়তে আইনী বাধা আঁতৰাই এই ‘প্রিভি পাছ’ ব্যৱস্থাৰ বিলুপ্তি ঘটায়।

প্রশ্ন ৪ঃ ১৯৭০ৰ দশকত প্রথমছােৱাত ইন্দিৰা গান্ধীৰ চৰকাৰে জনপ্রিয়তা লাভ কৰাৰ কাৰণবােৰ কি কি ?
উত্তৰ : ১৯৭০ ৰ দশকত ইন্দিৰা গান্ধীৰ জনপ্রিয়তা বৃদ্ধিৰ মূল কাৰণসমূহ তলত আলােচনা কৰা হল -
  • (ক) অসাধাৰণ ব্যক্তিত্ব : ইন্দিৰা গান্ধীৰ উর্ধ্বমুখী জনপ্রিয়তাৰ মূল কাৰণ আছিল তেওঁৰ অসাধাৰণ ব্যক্তিত্ব। জৱাহৰলাল নেহৰুৰ নিচিনাকৈ ইন্দিৰা গান্ধীৰ ব্যক্তিত্ব আছিল অতুলনীয়। তেওঁৰ আনক নেতৃত্ব দিব পৰা গুণবােৰ আছিল। ৮নিক দিশত কঠোৰতা, নিয়মানুবর্তিতা, নিপুণতা আৰু বিচক্ষণতাৰ বাবে এ গান্ধীৰ দলক ১৯৭১ চনত জনগণে ব্যাপক হাৰত ভােট দিছিল।
  • (খ) সাজবাদী আদৰ্শৰ নীতি : ইন্দিৰা গান্ধীয়ে গ্রহণ কৰা সমাজবাদী আদৰ্শৰ বাৰে তেওঁৰ জনপ্রিয়তাত অৰিহণা যােগাইছিল। বেংকৰ ৰাষ্ট্ৰীয়কৰণ, ভুমি সত্মাৰ, আদি নীতিবােৰৰ বাবে তেওঁক জনগণে ভাল পাইছিল।
  • (গ) কল্যাণমুখী আঁচনি : ইন্দিৰা গান্ধীৰ নির্বাচনী ’গান আছিল ‘গৰীবী হাটাও’ ইয়াৰ জৰিয়তে তেওঁ ভাৰতৰ পৰা দৰিদ্রতা দূৰীকৰণৰ ইংগিত দিছিল। ইয়াৰ বাবে তেওঁ ভাৰতৰ পিছপৰা শ্রেণী, আদিবাসী, নিবনুৱা যুৱক-যুৱতী, অনুসূচিত জাতি, জনজাতি আদি লােকৰ পৰা সমর্থন লাভ কৰিবলৈ সক্ষম হৈছিল।
  • (ঘ) পাকিস্তানৰ সৈতে হােৱা যুদ্ধৰ সফলতা : ইন্দিৰা গান্ধীৰ জনপ্রিয়তা বদ্ধিৰ আন এটা গুৰুত্বপূর্ণ উপাদান হ’ল ১৯৭১ চনত পাকিস্তানৰ সৈতে হােৱা যুদ্ধত কৃতকার্যতা। এই যুদ্ধত পাকিস্তানী বাহিনী সম্পূৰ্ণৰূপে দমন কৰাৰ বাবে ইন্দিৰা গান্ধীৰ জনপ্রিয়তা অধিক হাৰত বৃদ্ধি পাইছিল।

প্রশ্ন ৫ঃ ১৯৬৭ চনত ইন্দিৰা চৰকাৰে কিয় ভাৰতীয় টকাৰ মূল্য হ্রাস কৰিবলৈ সিদ্ধান্ত লৈছিল? ইয়াৰ ফলাফল কি আছিল?
উত্তৰঃ ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাক-মুহুর্তত ইন্দিৰা চৰকাৰে বহুতাে বিত্তীয় সংকটৰ সন্মুখীন হ'বলগীয়া হৈছিল। খেতিৰ উৎপাদন হ্রাস, খাদ্য সংকট, বাণিজ্যত বৈদেশিক বিনিয়ােগ হ্রাস, সামৰিক খৰচ বৃদ্ধি আদিয়ে দেশত অর্থনৈতিক অস্থিৰ অৱস্থাৰ সৃষ্টি কৰিছিল। 

ইন্দিৰা চৰকাৰৰ প্রথম সিদ্ধান্ত হ’ল 'টকাৰ মূল্য হ্রাস কৰা। এই সিদ্ধান্ত গ্রহণ কৰা হৈছিল আমেৰিকাৰ হেঁচাত। পূর্বতে আমেৰিকাৰ এক ডলাৰ পাঁচ টকাৰাে কমত ক্ৰয় কৰা হৈছিল আৰু এতিয়া সাত টকাৰাে অধিক হয়। ইয়াৰ ফলস্বৰূপে দেশত অভূতপূর্বভাৱে মূল্য বৃদ্ধি হয়। ইয়াৰ ফলত সমগ্র শেতে ইয়াৰ প্ৰতিবাদী কার্যসচী ৰূপায়ণ কৰা হয়। ধর্মঘট, হৰতাল আদিয়ে দেশৰ আইন-শৃংখলাৰ অৱনতি ঘটাইছিল। 

সাম্যবাদী দলৰ একাংশই সশস্ত্র বিপ্লৱ তথা কৃষকসকলক উত্তেজিত কৰি তুলিছিল।

প্রশ্ন ৬ : সংযুক্ত চৰকাৰৰ নতুন যুগত SVD ৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ  ১৯৬৭ চনৰ সাধাৰণ নির্বাচনে সংযুক্ত চৰকাৰ ব্যৱস্থা ভাৰতত প্রবর্তন ghotai। যিহেতু কোনাে দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাই সেইবাবে অ - কংগ্ৰেছী দলবােৰ একগােট হৈ যুটীয়া বিধায়িনী দল বা SVD গঠন কৰি তাকংগ্ৰেছী চৰকাৰ গঠন কৰে। 

প্রায় বেছিভাগ ক্ষেত্ৰত দলবােৰৰ মাজত আদর্শগত প্রভেদ আছিল। উদাহৰণস্বৰূপে বিহাৰ SVD চৰকাৰে বাঁওপন্থী চি পি আই আৰু সোঁপন্থী জনসংঘৰ লগত দুটা সমাজবাদী দল এছ এছ পি আৰু পি এছ পি লণ লাগি চৰকাৰ গঠন কৰে। 

পঞ্জাবত দুয়ােটা আকালি দলে সাম্যবাদী দল, এছ এছ পি ৰিপাব্লিকান আৰু জনসংঘৰ লগত লগ লাগি চৰকাৰ গঠন কৰে। এনেদৰে ভাৰতৰ ৯ খন ৰাজ্যত SVD চৰকাৰ গঠন কৰা হৈছিল।

প্রশ্ন ৭ঃ ভাৰতৰ কোন চাৰিখন ৰাজ্যত বিধানসভাৰ কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল? 
উত্তৰ : 
  • (ক) তামিলনাড়ু
  • (খ) পশ্চিমবংগ 
  • (গ) মহাৰাষ্ট্ৰ আৰু
  • (ঘ) বিহাৰ 

প্রশ্ন ৮ঃ ১৯৬৭ চনৰ চতুর্থ সাধাৰণ নিৰ্বাচনৰ নির্বাচনী ৰায় (ফলাফল) কি আছিল?
উত্তৰঃ ১৯৬৭ চনৰ চতুর্থ সাধাৰণ নিৰ্বাচনত (লােকসভা) ফলাফল এনে ধৰণৰ -

  • ভাৰতীয় জাতীয় কংগ্ৰেছ – ২৮৩
  • স্বতন্ত্র দল – ৪৪
  • ভাৰতীয় জনসংঘ -- ৩৫
  • ভাৰতীয় সাম্যবাদী দল - ২৩
  • এছ এছ পি - ২৩
  • ভাৰতীয় সাম্যবাদী দল (এম) - ১৯
  • পি এছ পি - ১৩

উল্লেখযােগ্য যে কেন্দ্ৰত সাধাৰণ সংখ্যাগৰিষ্ঠতাৰে কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিলেও এই দলে ৰাজ্যৰ বিধানসভাবােৰত মুখ থেকেচা খালে। মুঠ সাতখন ৰাজ্যত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা হেৰুৱায় আৰু দুখন ৰাজ্যত দলত্যাগৰ বাবে কংগ্ৰেছ চৰকাৰ গঠন কৰিব নােৱাৰিলে।

প্রশ্ন ৯ : পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পিছত ভাৰতৰ ৰাজনীতিত কি সন্দেহৰ উদয় হৈছিল?
উত্তৰঃ ১৯৬৪ চনৰ ২৭ মে'ত নেহৰুৰ মৃত্যুৰ পিছত ভাৰতত ৰাজনীতিত শংকাৰ উদ্ভৱ হৈছিল। 

তেওঁৰ ৰাজনৈতিক উত্তৰাধিকাৰী বিচাৰি পােৱা এছিয়া আৰু আফ্রিকাৰ বহুতাে দেশৰ দৰে তেওঁৰ মৃত্যুৰ পিছত ভাৰতৰ ভংগ হৈ যাব নেকি?  সেই সময়ত যিহেতুকে ভাৰতৰ আভ্যন্তৰীণ সংকটে গা কৰি উঠিছিল তাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ শাসনযন্ত্র সেনা বাহিনীয়ে কৰিব পাৰিব নেকি? 

এনেধৰণৰ বহুতাে আশংকা, বিভিন্ন সন্দেহ, বিভিন্ন প্রশ্ন আদিৰ উদ্ভৱ হৈছিল।

প্রশ্ন ১০ : কংগ্ৰেছ (R)ৰ প্ৰকৃতিৰ বিষয়ে আলােচনা কৰা। 
উত্তৰঃ ১৯৬৯ চনৰ ৰাষ্ট্রপতি নির্বাচনক কেন্দ্ৰ কৰি ছিণ্ডিকেটৰ নেতাসকলৰ সৈতে ইন্দিৰা গান্ধীৰ মতানৈক্য সৃষ্টি হয় আৰু ইয়াৰ ফলত কংগ্ৰেছ (0) আৰু কংগ্রেছ (R) নামৰ দুটা দলৰ জন্ম হয়। 

ইন্দিৰা গান্ধীৰ নেতৃত্বত গঠিত দলটোক কগেছ (R) বুলি জনা যায়। তেওঁ এই বিভাজনক সমাজবাদী আৰু ৰক্ষণশীলৰ তথা দৰিদ্র পন্থী আৰু ধনীপন্থীৰ মাজৰ বিভাজন বুলি আখ্যা দিয়ে। 

অর্থাৎ ইন্দিৰা গান্ধীয়ে নিজে তেওঁৰ দলটোক সমাজবাদী আদৰ্শৰ আৰু দৰিদ্ৰসকলৰ বাবে বুলি কৈছিল। সেয়েহে তেওঁ কেইটামান গুৰুত্বপূর্ণ তথা জনমুখী নীতি গ্রহণ কৰে। এই নীতিসমূহৰ ভিতৰত ভূমি সংস্কাৰ আইনৰ কাৰ্যসূচীকৰণ, ভূমিৰ সর্বোচ্চ মালিকানাস্বত্ব নির্ধাৰণ আদি উল্লেখযােগ্য। 

এইবােৰ কাৰণতে এই দলটোৱে অতি কম সময়ৰ ভিতৰতে জনপ্রিয়তা অর্জন কৰি জনসাধাৰণৰ মাজত খােপনি পুতিবলৈ সমর্থ হয়। 

প্রশ্ন ১১ : ১৯৭১ চনৰ বৃহৎ মৰ্চাৰ বিষয়ে তুলৰ কোনটো উক্তি শুদ্ধ - 
(ক) অসাম্যবাদী আৰু অকংগ্ৰেছীৰ দ্বাৰা গঠিত 
(খ) স্পষ্ট ৰাজনৈতিক আৰু আদৰ্শগত আঁচনি আছিল। 
(গ) সকলাে অকংগ্ৰেছী দলৰ দ্বাৰা গঠিত আছিল। 
উত্তৰ : (গ) সকলাে অকংগ্ৰেছী দলৰ দ্বাৰা গঠিত আছিল।

প্রশ্ন ১২ : ১৯৬৭ চনত কংগ্ৰেছে পৰাজিত হােৱাৰ যুক্তিবােৰ উল্লেখ কৰা। 
উত্তৰ : ১৯৬৭ চনৰ নিৰ্বাচনত কংগ্ৰেছে বৃহৎ প্রত্যাহ্বানৰ সন্মুখীন হােৱাৰ কাৰণ আছিল এনেধৰণৰ -

(ক) অর্থনৈতিক সংকট : ১৯৬০ৰ দশকত ভাৰতত উদ্ভৱ হােৱা অর্থনৈতিক জনগণক জুৰুলা কৰি পেলাইছিল। সেইবাবে ভাৰতীয় জনগণে বিভিন্ন পদ্ধতিৰে কংগ্ৰেছ চৰকাৰৰ বিপক্ষে আন্দোলন আৰম্ভ কৰে।

(খ) আন্দোলনৰ প্ৰতি অৱজ্ঞা : কংগ্ৰেছ চৰকাৰে জনসাধাৰণৰ এই আন্দোলন আৰু বিক্ষোভৰ প্রতি বিশেষ গুৰুত্ব প্রদান নকৰাত অধিক ক্ষোভৰ সৃষ্টি হয়। আনকি স্বাধীন ভাৰতত প্রথমবাৰৰ বাবে একাংশ লােকে সশস্ত্র বিদ্ৰোহৰ সূচনা কৰে।

(গ) ঐক্যবদ্ধ বিৰােধী দল : কংগ্রেছৰ দুৰ্বলতাৰ সুযােগ লৈ আদর্শগত প্রভেদক পৰিত্যাগ কৰি ভাৰতৰ বিৰােধী দলবােৰে ঐক্যবদ্ধ সংগ্রাম কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে। আনকি এই দলববাৰে একত্ৰিত হৈ উমৈহতীয়া কাৰ্যসূচী গ্রহণ কৰিবলৈও আগবাঢ়ি আহে।

(ঘ) আকর্ষণীয় নেতাৰ অভাৱ : নেহৰুৰ মৃত্যুৰ পিছত পােন প্ৰথমবাৰৰ বাবে কংগ্রেছকো আকর্ষণীয় নেতাৰ অবিহনে নির্বাচনী যুঁজত অৱতীৰ্ণ হােৱা বাবে শােচনীয় ফলাফল লাভ কৰিবলগীয়া হয়।

প্রশ্ন ১৩ : মৰ্চা চৰকাৰৰ উৎপত্তি ব্যাখ্যা কৰা।
উত্তৰ : ১৯৬৭ চনৰ নির্বাচনে ভাৰতৰ নির্বাচনী ব্যৱস্থাৰ ক্ষেত্ৰত বহুতাে নতুন ধাৰণাৰ সৃষ্টি কৰিছিল। এই নির্বাচনতে সংযুক্ত মৰ্চা চৰকাৰৰ ধাৰণাটোৰ ভেটি স্থাপন হয় ভাৰতত। 

এই নির্বাচনতে এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছিল যে ভাৰতৰ বিভিন্ন ৰাজ্যত অনাকংগ্ৰেছী চৰকাৰ গঢ়ি উঠিছিল। ১৯৬৭ চনৰ নির্বাচনে ভাৰতবৰ্ষত সংযুক্ত মৰ্চাৰ ধাৰাটো কাৰ্যকৰী কৰে। 

কোনাে এটা দলে সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ বাবে বিভিন্ন বিৰােধী ৰাজনৈতিক দল একগােট হৈ যাক ‘সংযুক্ত বিধায়ক দল’ বুলি কোৱা হয়, চৰকাৰ গঠন কৰে।

প্রশ্ন ১৪ : ৰাজকীয় ৰাজ্যসমূহৰ ৰাজসাহায্য বিলুপ্তিৰ বিষয়ে এটি টোকা লিখা।
উত্তৰ : দেশে স্বাধীনতা লাভৰ সময়ত দেশীয় ৰাজ্যবােৰৰ শাসনৰ অৱসান ঘটোৱা হৈছিল আৰু লগতে আশ্বাস দিয়া হৈছিল ৰাজন্যসকলৰ পৰিয়ালবৰ্গৰ চলিবৰ বাবে এটা ভাট্টা বা ৰাজসাহায্য প্রদান কৰা হ’ব। 

জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধী এই ভাট্টাৰ বিৰােধী আছিল যদিও ইয়াক সহজে উঠাব পৰা নাছিল। শেষত ১৯৭১ চনৰ নিৰ্বাচনৰ পিছত সংবিধান সংশােধন কৰি এই ৰাজন্য ভাট্টাৰ ব্যৱস্থাটোক উঠাই দিয়া হয়। ই ইন্দিৰা গান্ধীৰ সমাজবাদী আদৰ্শৰ প্রতিফলন আছিল।

প্রশ্ন ১৫ : দেশৰ কোন চাৰিখন ৰাজ্যত কংগ্ৰেছে ৰাজ্যিক বিধানসভাত ১৯৬৭ৰ নিৰ্বাচনত জয়লাভ কৰা নাছিল?
উত্তৰঃ বিহাৰ, কেৰালা, উৰিষ্যা, মাদ্রাজ, পঞ্জাৱ আৰু পশ্চিমবংগত কংগ্ৰেছে। সংখ্যাগৰিষ্ঠতা হেৰুৱাই গাদীচ্যুত হৈছিল।

প্রশ্ন ১৬ : নতুন কংগ্ৰেছ (আৰ) পাৰ্টিৰ প্ৰকৃতিৰ বিষয়ে আলােচনা কৰা।
উত্তৰ : 
  • (i) কংগ্ৰেছ (আৰ) পাৰ্টিৰ নেতৃত্ব গ্রহণ কৰিছিল ইন্দিৰা গান্ধীয়ে।
  • (ii) সংসদৰ মজিয়াত কৰ কৰিবলৈ সক্ষম হৈছিল।

প্রশ্ন  ১৭ : ১৯৬৭ চনত কংগ্ৰেছৰ পৰাজয়ৰ কাৰণবােৰ উল্লেখ কৰা। তােমাৰ উত্তৰৰ কাৰণবােৰ দশোৱা। 
উত্তৰ : 
  • (i) বস্তুৰ মূল্য বৃদ্ধি। 
  • (ii) অর্থনৈতিক দুৰৱস্থাৰ বাবে সমগ্র দেশজুৰি সঘনে বন্ধ আৰু হৰতাল সংঘটিত হৈছিল।
  • (iii) চৰকাৰে এনে প্রতিবাদক আইন-শৃংখলাৰ বিষয় হিচাপে গণ্য কৰি জনসাধাৰণৰ তিক্ততা আৰু অধিক বৃদ্ধি কৰিছিল। 
  • (iv) পৃথক পৃথক ৰাজনৈতিক দলবােৰৰ মাজত গঢ়ি উঠা নির্বাচনী মিত্ৰতা। 

প্রশ্ন ১৮ : কংগ্ৰেছ দলত ছিণ্ডিকেটে কেনে ভূমিকা পালন কৰিছিল। 
উত্তৰঃ ছিণ্ডিকেট কিছুমান জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ গােটৰ অনানুষ্ঠানিক নাম। এই ছিণ্ডিকেটে লাল বাহাদুৰ শাস্ত্রী তাক ইন্দিৰা গান্ধীক প্রধানমন্ত্রী হােৱাত অগ্রণী ভূমিকা পালন কৰিছিল। 

এই ছিণ্ডিকেটে এনেকি ইন্দিৰা গান্ধীৰ প্রথম মন্ত্রীসভা গঠনত আৰু চৰকাৰী নীতি গঠনততা প্রধান ভূমিকা পালন কৰিছিল। 

কিন্তু ১৯৬৯ চনৰ কংগ্ৰেছ বিভাজনৰ পিছত ছিণ্ডিকেট পন্থীসকল কংগ্রেছ (অ) হিচাপে জনাজাত হয় আৰু ইন্দিৰা গান্ধীৰ কংগ্ৰেছক কংগ্ৰেছ (আৰ) বুলি জনাজাত হয়। 



(ঘ) অতি দীঘল প্রশ্নোত্তৰ : (প্ৰত্যেকটোত ৬ নম্বৰকৈ)।


প্রশ্ন ১ঃ ১৯৬৯ চনত কংগ্ৰেছ দলে বিভাজনৰ সন্মুখীন হ'বলগীয়া যিকোনো ছটা কাৰণ ব্যাখ্যা কৰা।
উত্তৰঃ ১৯৬৯ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দল কংগ্ৰেছ (0) আৰু কংগ্ৰেহ মেৰে দুটা দলত বিভক্ত হয়। ইয়াৰ বাৰে দায়বদ্ধ ছটা কাৰণৰ বিষয়ে তলত আলােচনা কৰা হ'ল -

(ক) দলীয় মতভেদ : ৰাষ্ট্রপতি নির্বাচনক কেন্দ্ৰ কৰি ইন্দিৰা গান্ধী আৰু কেটৰ সদস্যসকলৰ মাজত যি মতানৈক্যৰ সৃষ্টি হৈছিল, সেইটোৱে আছিল doltur বিভাজন হােৱাৰ mul kaaron.

(খ) ৰাষ্ট্রপতি পদত দলীয় প্রার্থীৰ পৰাজয় : 1969 চনত ৰাষ্ট্রপতির নির্বাচনত কংগ্ৰেছ দলৰ পৰা আনুষ্ঠানিকভাৱে সঞ্জীব ৰেঙ্কি প্রস্তাৱ কৰা হৈছিল যদিও ইন্দিৰা গান্ধীয়ে তেওঁৰ প্রতি অনাস্থা প্রদর্শন কৰি ভি ভি গিৰিক সমর্থন দিছিল। অৱশেষত দলীয় প্রার্থীজন পৰাজিত হােৱাৰ লগে লগে কংগ্ৰেছ দল বিভাজিত হৈ পৰে।

(গ) হুইপ অমান্য : ৰাষ্ট্রপতি নির্বাচনত কংগ্ৰেছৰ সভাপতি নিজালিন গাপ্লাই দলীয় প্রার্থীক ভােট দিবলৈ হুইপ জাৰি কৰিছিল। কিন্তু ইন্দিৰা গান্ধীৰ গােটটোৱে এই হুইপ অমান্য কৰিছিল। এইটোৱে দলটোৰ বিভাজন নিশ্চিত কৰি তুলিছিল।

(ঘ) পৰস্পৰবিৰােধী মন্তব্য : কংগ্ৰেছ দল বিভাজিত হােৱা আন এটা কাৰণ হ'ল দুয়ােটা গােটৰ সদস্যসকলে বিশেষকৈ চিণ্ডিকেট আৰু ইন্দিৰা পন্থীৰ সদস্যসকলে এটাই আনটোৰ বিৰােধী মন্তব্য আগবঢ়াইছিল। আনকি ইন্দিৰা গান্ধীয়ে নিজে এই বিভাজনক দৰিদ্ৰপন্থী আৰু ধনীপন্থী বিভাজন বুলি আখ্যা দিছিল।

(চ) ১৯৬৭ চনৰ শােচনীয় ফলাফল : ১৯৬৭ চনত অনুষ্ঠিত নির্বাচনত কংগ্ৰেছে কেন্দ্ৰৰ চৰকাৰ গঠন কৰিব পাৰিলেও বহুকেইখন ৰাজ্যত পৰাজিত হ'বলগীয়া হৈছিল যাৰ ফলস্বৰূপে এটা পক্ষই আনটোৰ ওপৰত দোষ জাপি - দিবলৈ চেষ্টা কৰিছিল। ইয়াৰ ফলত দলীয় নেতাসকলৰ মাজত থকা ঐক্য নােহােৱা হৈ পৰিছিল।

প্রশ্ন ২ঃ ১৯৬৭ চনৰ নিৰ্বাচনত কংগ্ৰেছে পৰাজিত হােৱাৰ যুক্তি দিয়া আৰু তলত উল্লিখিত যুক্তিবােৰৰ সপক্ষে তােমাৰ মতামত দাঙি ধৰা -
(ক) কংগ্ৰেছ দলত আকর্ষণীয় নেতাৰ অভাৱ। 
(খ) কংগ্ৰেছ দলত দেখা দিয়া বিভাজন। 
(গ) আঞ্চলিক, জাতিগত আৰু সাম্প্রদায়িক গােটৰােৰৰ উত্থান। 
(ঘ) অকংগ্ৰেছী দলবােৰৰ বর্ধিত ঐক্য। 
(ঙ) কংগ্ৰেছ দলত হােৱা আভ্যন্তৰীণ পার্থক্য।
উত্তৰঃ 
  • (ক) কংগ্ৰেছ দলত হােৱা আকর্ষণীয় নেতাৰ অভাৱ হ’ল ১৯৬৭ চনৰ নির্বাচনত এই দলটোৱে দুর্বল প্রদর্শন দাঙি ধৰাৰ অন্যতম কাৰণ। জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পিছত কংগ্ৰেছৰ তেনে ধৰণৰ কোনাে বিশেষ ব্যক্তিত্বৰ নেতা নিথকাৰ বাবে ইয়াৰ প্রতি জনসাধাৰণৰ আকৰ্ষণৰ পৰিমাণ হ্রাস হৈছিল।
  • (খ) ১৯৬৭ চনৰ সমসাময়িক সময়ত বিভিন্ন কাৰণত কংগ্ৰেছ দলৰ নেতাসকলৰ মাজত দেখা দিয়া মতপার্থক্যই ইয়াৰ দলীয় ভাঙোন আৰম্ভ কৰিছিল। তেওঁলােকৰ মাজত যিহেতুকে একতা নাছিল সেয়েহে ঐক্যবদ্ধভাৱে নির্বাচনী ৰণনীতি প্রয়ােগ কৰাত তেওঁলােক ব্যৰ্থ হৈছিল আৰু ইয়াৰ প্রত্যক্ষ প্রভাৱ পৰিছিল নির্বাচনত।
  • (গ) ১৯৬৭ চনৰ নিৰ্বাচনৰ আগমুহুর্তত সমগ্ৰ দেশতে বিভিন্ন সংকটে দেখা ইয়াৰ প্ৰতিবাদত সমগ্ৰ দেশতে হতাল, ধর্মঘট আদি সঘনাই হৈছিল। মাদ্ৰাজ ৰাজ্যত হিন্দী ভাষাক ৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰাৰ ত ছাত্ৰসকলে প্রতিবাদ কৰিছিল এইটোৱে ডি এম কে দলক বৰকৈ লাভান্বিত কৰিছিল।
  • (ঘ) অ-কংগ্ৰেছী দলবােৰে একগােট হৈ ঐক্যবদ্ধভাৱে নির্বাচনী যুঁজত অৱতীর্ণ হোৱাৰ বাবে ১৯৬৭ চনৰ নিৰ্বাচনত কংগ্ৰেছে মুখথেকেচা খাবলৈ বাধ্য হৈছিল। ei দলবােৰে অনুভৱ কৰিছিল যে তেওঁলােকৰ ভােট বিভাজনে কংগ্ৰেছক শাসনত বহুৱাইছিল। সেয়েহে দলীয় আদর্শ আৰু আঁচনিত মতভেদ থাকিলেও তেওঁলােকে একগােট হােৱাৰ ওপৰত গুৰুত্ব দিছিল।
  • (ঙ) কংগ্ৰেছ দলৰ ভিতৰত হােৱা আভ্যন্তৰীণ পার্থক্যইও দলটোক ১৯৬৭ চনত সংকটত পেলাইছিল। নেতৃত্বৰ প্রতি আস্থা, চৰকাৰে দলীয় সংকট দূৰীকৰণ কৰিবলৈ হােৱা ব্যর্থতা, মূল্যবৃদ্ধি আদি বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি দলীয় নেতাসকলৰ মাজত অন্তর্কলহৰ সৃষ্টি হৈছিল। আৰু এইটোও আছিল দলটোৱে দুর্বল প্রদর্শন দাঙি ধৰাৰ অন্যতম কাৰণ।

প্রশ্ন ৩ঃ ষাঠিৰ দশকক কিয় ‘ভয়ংকৰ দশক হিচাপে অভিহিত কৰা হয় ? 
উত্তৰঃ ২৮৬ নং পৃষ্ঠাৰ ৩ নং প্রশ্নৰ উত্তৰ চোৱা)।

প্রশ্ন ৪ঃ ১৯৬৭ চনৰ নিৰ্বাচনৰ পিছত ইন্দিৰা গান্ধীয়ে সন্মুখীন হােৱা দুটা প্রত্যাহ্বানৰ নাম লিখা। সেই প্রত্যাহানবােৰৰ প্ৰতি তেওঁৰ ৰণনীতি উল্লেখ কৰা।
উত্তৰ : ১৯৬৭ চনৰ নিৰ্বাচনৰ পিছত ইন্দিৰা গান্ধীয়ে সন্মুখীন হােৱা দুটা প্রত্যাহ্বান আছিল -

(ক) কংগ্ৰেছ চিণ্ডিকেটৰ সৈতে হােৱা মতানৈক্য : প্ৰকৃততে ইন্দিৰা গান্ধীৰ প্রতি ভাবুকি বিৰােধী পক্ষৰ পৰা অহা নাছিল, আহিছিল নিজৰ দলৰ পৰাহে। 

তেওঁলােক আছিল উচ্চস্তৰীয় চিণ্ডিকেট সদস্য। এইসকল সদস্যই তেওঁলােকৰ কথা মতে গান্ধীয়ে কাম নকৰাৰ বাবে বিৰােধিতা কৰিছিল। গান্ধীয়ে তেওঁলােকৰ পৰা মুক্ত হ’বলৈ এটা সাহসী পদক্ষেপ গ্রহণ কৰিলে। তেওঁ এলানি বাঁওপন্থী আঁচনী গ্ৰহণ কৰি আদৰ্শৰ পৰিৱৰ্তন সাধন কৰিবলৈ চেষ্টা ব্যৰিলে আৰু অৱশেষত তেও দলৰ পৰা বাহিৰ হ'বলগীয়া হ'লেও তেওঁৰ গোটটোৱে ১৯৭১ চনৰ নির্বাচনত জয়লাভ কৰিছিল।

(খ) ৰাষ্ট্রপতি নির্বাচন প্রার্থী : ইন্দিৰা গান্ধীয়ে সন্মুখীন হােৱা আন এটা প্রত্যাহ্বান আছিল ১৯৬৯ চনৰ ৰাষ্ট্রপতি নির্বাচনৰ বাবে ঘােষণা কৰা প্রার্থী। 

কংগ্ৰেছ দলে সঞ্জীব ৰেড্ডিক প্রার্থিত্ব প্রদান কৰিলেও ইন্দিৰা গান্ধীয়ে সমর্থন দিয়া নাছিল আৰু অৱশেষত দলীয় নির্দেশ অমান্য কৰি তেওঁ ভি ভি গিৰিক সম আগবঢ়াইছিল। তেওঁ দলীয় সদস্যসকলক বিবেক ভােট দিবলৈ আহ্বান জনাইছিল আৰু অৱশেষত তেওঁৰ সমর্থিত প্রার্থীয়ে এই নির্বাচনত জয়লাভ কৰিছিল। 

প্রশ্ন ৫ : ষাঠিৰ দশকত কংগ্ৰেছত প্রচলন থকা চিণ্ডিকেটে কি বুজায়? কংগ্ৰেছ দলত চিণ্ডিকেটে কি ভূমিকা পালন কৰিছিল? 
উত্তৰ : চিণ্ডিকেটৰ অৰ্থ হ’ল শক্তিশালী আৰু প্ৰভাৱশালী নেতাৰ দ্বাৰা গঠিত গােট। দলৰ সংগঠনক নিয়ন্ত্ৰণত ৰখা কংগ্ৰেছ দলৰ আনুষ্ঠানিক গােটটোৰ নাম হ’ল চিণ্ডিকেট।

১৯৬৯ চনৰ আগলৈ চিণ্ডিকেটে কংগ্ৰেছ দলত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। দলৰ সাংগঠনিক নীতি গ্রহণ, পৰিচালনা, নেতা নির্বাচন, দলীয় বিবাদ নিষ্পত্তি আদি সকলােতে চিণ্ডিকেটে প্ৰভাৱ বিস্তাৰ কৰিছিল। 

আনকি লাল বাহাদুৰ শাস্ত্রী আৰু ইন্দিৰা গান্ধীয়ে এই চিণ্ডিকেট সমর্থনতে প্রধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল। মাদ্ৰাজৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছ সভাপতি কে কামৰাজে ইয়াক পৰিচালনা কৰিছিল। ইয়াত ৰাজ্যৰ ক্ষমতাশালী নেতাসকলক অন্তর্ভুক্ত কৰা হৈছিল। 

তেওঁলােকৰ ভিতৰত বােম্বাইৰ এছ কে পাটিল, মহীশূৰৰ এছ। নিজলিংগাপ্পা, অন্ধৰ সঞ্জীব ৰেড়ি, পশ্চিমবংগৰ অতুলল্য ঘােষ আদিয়ে আছিল । অন্যতম। প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ সৈতে হােৱা মতানৈক্যৰ ফলত এই গােটটো কংগ্রেছ (0) বুলি খ্যাত হয়।

প্রশ্ন ৬ঃ কংগ্ৰেছ (0) আৰু কংগ্ৰেছ (R)ৰ মাজত থকা প্রভেদবােৰ কি কি?
উত্তৰঃ ১৯৬৯ চনত ৰাষ্ট্রপতি নির্বাচনক কেন্দ্ৰ কৰি ভাৰতীয় জাতীয় কংগ্রেছ। দল দুটা ভাগত বিভক্ত হয়। ইয়াৰে এটা হ’ল কংগ্ৰেছ (O) আৰু আনটো হ'ল কংগ্ৰেছ (R)। 

ইয়াক পুৰণি কংগ্ৰেছ আৰু নতুন কংগ্ৰেছ বুলিও জনা যায়। ইয়াৰে প্রথম দলটোৰ নেতৃত্ব বহন কৰিছিল চিণ্ডিকেট সদস্যসকলে আৰু দ্বিতীয় দলটোক প্রতিনিধিত্ব কৰিছিল ইন্দিৰা গান্ধীয়ে। 

দুয়ােটা দলৰ মাজত থকা পার্থক্যক ইন্দিৰা গান্ধীয়ে এনেদৰে কৈছে – কংগ্ৰেছ (0) এ প্রতিনিধিত্ব কৰিছে ৰক্ষণশীল আদৰ্শৰ আৰু সমাজৰ উচ্চ তথা ধনী শ্রেণীক আনহাতে, কংগ্ৰেছ (R) এ প্রতিনিধিত্ব কৰিছে সমাজবাদী আদর্শক আৰু সমাজৰ দৰিদ্র শ্রেণীক।

প্রশ্ন ৭ঃ নতুন কংগ্ৰেছ (R) দলৰ প্ৰকৃতিৰ বিষয়ে চমুকৈ আলােচনা কৰা। 
উত্তৰ ওপৰৰ ৪ নম্বৰী প্ৰশ্নৰ ১০ নং প্রশ্নৰ উত্তৰ চোৱা।


কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যাহ্বান আৰু পুনৰ প্ৰতিষ্ঠা?/ৰাজনৈতিক ভূমিকম্প বুলিলে কি বুজা?/সাংবিধানিক শৃংখলাৰ সংকট/ৰাজনৈতিক ভূমিকম্প কি?/প্ৰত্যাহ্বান মানে কি?/নিৰ্বাচন বুলিলে কি বুজা?/গান্ধীবাদ বুলিলে কি বুজা?/শীতল যুদ্ধৰ উৎপত্তিৰ কাৰণ/ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন হৈছিল?/ভাৰতৰ জাতীয় কংগ্ৰেছ কেতিয়া গঠন হৈছিল?/মৰ্চা চৰকাৰ বুলিলে কি বুজা?/ৰাজনৈতিক দল বুলিলে কি বুজা answer/ভূমিকম্প বিষয়ে ৰচনা/নিৰ্বাচন আৰু প্রতিনিধিত্ব class 11/নির্বাচন আৰু প্রতিনিধিত্ব/ভাৰতৰ তৃতীয় ৰাজনৈতিক দলটোৰ নাম কি আছিল?/১৯৬৭ চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ ফলাফল কি আছিল আলোচনা কৰা/প্ৰত্যাহ্বান অর্থ/ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিষয়ে চমুকৈ লিখা/শীতল যুদ্ধৰ উৎপত্তি/জৱাহৰলাল নেহৰু বিষয়ে ৰচনা/জৱাহৰলাল নেহৰুৰ ৰচনা/ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পৰ্কে এটি চমুটোকা লিখা/ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দল/জনজাতি বুলিলে কি বুজা?/

Post a Comment

0 Comments

People

Ad Code