Recent in Technology

Class 9 assamese গীত আৰু ছবি/ textbook/ class 9 assamese/ নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা/ Assam seba board/ 2021

Attention Please!

নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা Class 9 assamese গীত আৰু ছবি Lesson 3 textbook for online reader Assam seba board

Class 9 assamese গীত আৰু ছবি/ textbook/ class 9 assamese/ নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা/ Assam seba board


গীত আৰু ছবি/Lesson3



দুর্গেশ্বৰ শৰ্মা



কোনেও সেইটি গীত ভাল নুবুলিব
বিটি গীত বুজাইছে বুজে; 
কোনেও সেইটি ছবি ভাল নেদেখিব
যাৰ মূল আটায়ে নুবুজে। 
যিটি দেখি সকলােৱে একে বং পায়,
জগতৰাে উলাহ বঢ়ায়, 
সিহে পায় নিজে নিজে আলাসত ঠাই
সকলােৱে ভাল বুলি কয়। 
যিমান নুবুজা হওঁ তথাপি শুনিলে
ভাল গীতে হৃদয় জগাব, 
যিমান নজনা হওঁ চকুত পৰিলে
ভাল ছবি মনত সােমাব। 
সদায় চকুৰে দেখা গছ-পাতটিও
ছবিটিত ভাল হৈ পৰে, 
সদায় কাণেৰে শুনা সৰু কথাটিও
গীত হলে প্রাণ টানি ধৰে। 
মিহি ভাব মিহি গতি কৌশলী বিদ্যাৰ
নাই মৃত্যু অজৰ-অমৰ,
য’তে পৰে ত’তে গজে, বিভিন্ন আকাৰ,
ঠাই বুজি দীঘল-ডাঙৰ।





কবি-পৰিচয় 

দুর্গেশ্বৰ শৰ্মা (১৮৮২-১৯৬১)ৰ জন্ম যােৰহাটৰ পটীয়গাঁৱত। পিতৃৰ নাম কমলেশ্বৰ শৰ্মা। যােৰহাট চৰকাৰী হাইস্কুলৰ পৰা ১৮৯৯ চনত এস্ট্রেন্স পাছ কৰি কোচবিহাৰ কলেজত নাম লগায়। 

ইয়াৰ পৰাই ১৯০৩ চনত বি. এ. আৰু ১৯০৬ চনত আইনৰ পৰীক্ষা পাছ কৰি যােৰহাটতে ওকালতি আৰম্ভ কৰে। ১৯১১ চনত ই. এ. চি.ৰূপে কামত যােগদান কৰি পৰৱৰ্তী সময়ত বিভিন্ন উচ্চপদবীলৈ পদোন্নতি লাভ কৰি অৱসৰ লয়। 

১৯৬১ চনত গুৱাহাটীত তেওঁৰ মৃত্যু হয়। এগৰাকী কবি আৰু নাট্যকাৰ হিচাপে প্রসিদ্ধি লাভ কৰা দুর্গেশ্বৰ শৰ্মাৰ নাটককেইখন হৈছে— অমিত্রাক্ষৰ ছন্দত লিখা ‘পার্থ পৰাজয়' (১৯০৯), চে’ক্সপীয়েৰৰ এজ ইউ লাইক ইট’ৰ ভাঙনি ‘চন্দ্ৰাৱলী (১৯১০), ‘পদ্মাবতী’, ‘বালিবধ’ আদি। কবিতাপুথি- ‘অঞ্জলি’ (১৯১০) আৰু ‘নিবেদন' (১৯১৫)।


পাঠবােধ

“গীত আৰু ছবি’ কবিতাটোৰ জৰিয়তে কবিয়ে প্রকৃত গীত আৰু ছবিৰ সার্বজনীন আবেদন আৰু মহত্বৰ কথা কলাত্মক ৰূপত তুলি ধৰিছে। 


শব্দার্থ আৰু টোকা 

  • অজৰ-অমৰ - যাৰ জন্মও নাই, মৃত্যুও নাই; চিৰস্থায়ী। 
  • আলাস - আকাশ; শূন্য। 
  • মিহি - সূন্ন; নিমজ; পাতল। 
  • মূল - প্রধান; গুৰি; ঘাই কাৰণ; গুৰি কথা। 


প্রশ্নাবলী

ভাব-বিষয়ক

১। চমু উত্তৰ দিয়া

(ক) কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নােবেলে?
খ) সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে? 
(গ) কবিৰ মতে কোনবােৰ বস্তু অজৰ-অমৰ? 
(ঘ) কেনেকুৱা গীত আৰু ছবিক সকলােৱে ভাল বুলি কয় ?
(ঙ) ‘সিহে পায় নিজে নিজে আলাসত ঠাই’—ইয়াত ‘আলাস’ শব্দটোৰ অর্থ কি? 

২। ভাল গীত আৰু ছবিৰ মহত্ত্ব কেনেকুৱা কবিতাটোৰ সহায়ত বুজাই লিখা।

৩। সদায় চকুৰে দেখা গছ পাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা ? নিজৰ মতামত আগবঢ়োৱা। 

৪। কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নােবােলে আৰু কোনবােৰ গীত আৰু ছবিক সকলােৱে | ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে নিজৰ ভাষাৰে বৰ্ণনা কৰা। 



৫। গীত আৰু ছবি’ কবিতাটোৰ সাৰাংশ লিখা। 
৬। ব্যাখ্যা কৰা 

(ক) সদায় চকুৰে দেখা গছ-পাতটিও
ছবিটিত ভাল হৈ পৰে, সদায় কাণেৰে শুনা সৰু কথাটিও
গীত হলে প্রাণ টানি ধৰে। 

(খ) মিহি ভাব মিহি গতি কৌশলী বিদ্যাৰ
নাই মৃত্যু অজৰ-অমৰ য’তে পৰে ত’তে গজে, বিভিন্ন আকাৰ
ঠাই বুজি দীঘল-ডাঙৰ। 

ভাষা-বিষয়ক 

৭। সমার্থক শব্দ লিখা 
জগত; উলাহ; চকু সৰু; ভাল; কাণ। 

৮। বাক্য ৰচনা কৰা
কৌশলী বিদ্যা; অজৰ-অমৰ; আলাসত ঠাই ডাঙৰ-দীঘল। 

৯। বিপৰীত শব্দ লিখা 
মিহি; প্রাণ; মৃত্যু; মূল; ক্ষুদ্র।


Conclusion:


Class 9 assamese গীত আৰু ছবি lesson 3 নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা textbook Assam seba board






Wrote by Akshay

Post a Comment

0 Comments

People

Ad Code