Recent in Technology

গণতান্ত্রিক ব্যৱস্থাৰ সংকট - ষষ্ঠ অধ্যায় - (Q&A) - Notes(2022)

Class-XII(12)/Political Science-[Q/A][Notes][Solutions]-2022 [Free Learning Online][in Assamese]গণতান্ত্রিক ব্যৱস্থাৰ সংকট]ষষ্ঠ অধ্যায়][Part-B]


গণতান্ত্রিক ব্যৱস্থাৰ সংকট - ষষ্ঠ অধ্যায় - (Q&A) - Notes(2022)



গণতান্ত্রিক ব্যৱস্থাৰ সংকট



(ক) অতি চমু প্রশ্নোত্তৰ /(প্রত্যেকটোত ১ নম্বৰকৈ):

প্রশ্ন ১ঃ জয়প্রকাশ নাৰায়ণ কোনখন ৰাজ্যৰ লােক আছিল ? 
উত্তৰ : বিহাৰৰ। 


প্রশ্ন ২ঃ ভাৰতৰ সাম্যবাদী দল (মার্ক্সবাদী-লেনিনবাদী) কোনে গঠন কৰিছিল?
উত্তৰ চাৰু মজুমদাৰ।

প্রশ্ন ৩ঃ ভাৰতত পােন প্রথমবাৰৰ বাবে কেতিয়া জৰুৰী অৱস্থা ঘােষণা কৰা হৈছিল?
উত্তৰ : ১৯৭৫ চনত। 

প্রশ্ন ৪ঃ কাৰ দ্বাৰা শ্বাহ আয়ােগক নেতৃত্ব দিয়া হৈছিল ? 
উত্তৰ : জে চি শ্বাহ।


প্রশ্ন ৫: গুজৰাট আৰু বিহাৰৰ ছাত্র আন্দোলনক কোনে নেতৃত্ব প্রদান কৰিছিল ?
উত্তৰ : জয় প্রকাশ নাৰায়ণে।

প্রশ্ন ৬ঃইন্দিৰা গান্ধীৰদ্বাৰা ঘােষণা কৰা কুৰিদীয়া আঁচনিৰ যিকোনাে এটা বিষয়ৰ নাম লিখা।
উত্তৰ : ভূমি সংস্কাৰ, ভূমি বিতৰণ। 

প্রশ্ন ৭ঃ জনতা চৰকাৰ যেতিয়া ক্ষমতালৈ আহিছিল? 
উত্তৰ : ১৯৭৭ চনত। 


প্রশ্ন ৮ : কোন চৰকাৰৰ দিনত মণ্ডল আয়ােগ নিযুক্তি দিয়া হৈছিল? 
উত্তৰ : জনতা দলৰ চৰকাৰৰ দিনত।

প্রশ্ন ৯ : ১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনত কোন দলে জয়লাভ কৰিছিল? 
উত্তৰ : জনতা দলে।

প্রশ্ন ১০ : ভাৰতত কোনে উৎসর্গিত আমােলাতন্ত্ৰ আৰু ন্যায়ালয় প্রবর্তন কৰিছিল?
উত্তৰ : ইন্দিৰা গান্ধীয়ে। 

প্রশ্ন ১১ঃ ১৯৭৫.চনত জৰুৰী অবস্থা ঘােষণা কৰা ৰাষ্ট্রপতিজনৰ নাম কি?
উত্তৰ : ফকৰুদ্দিন আলী আহমেদ। 

প্রশ্ন ১২ : গণতন্ত্র সংৰক্ষণৰ প্রতীক কোন হৈছিল। 
উত্তৰ : জয়প্রকাশ নাৰায়ণ। 

প্রশ্ন ১৩ : চাৰু মজুমদাৰ কোন আছিল? 
উত্তৰ : চাৰু মজুমদাৰ এজন প্রখ্যাত সমাজবাদী নেতা আছিল। তেৱেঁই ছিল ভাৰতৰ সাম্যবাদী দল (মার্ক্সবাদ, লেনিনবাদ)ৰ প্ৰতিষ্ঠাপক। 

প্রশ্ন ১৪ : ‘গণতন্ত্ৰৰ বাবে কংগ্ৰেছৰ নেতা কোন আছিল? 
উত্তৰ : জগজীৱন ৰাম। 

প্রশ্ন ১৫ : ভাৰতৰ কোনটো অঞ্চলত মার্ক্সবাদ-লেনিনবাদ শক্তিশালী আছিল?
উত্তৰ : পশ্চিমবংগৰ দার্জিলিং অঞ্চলত।

প্রশ্ন ১৬ঃ ইন্দিৰা গান্ধীৰ দ্বাৰা কুৰি দফীয়া কাৰ্যসূচীৰ অন্তর্ভুক্ত যিকোনাে এটা বিষয় উল্লেখ কৰা। 
উত্তৰ : গৰিবী হাটাও। 

প্রশ্ন ১৭ঃ নৱ নির্মাণ আন্দোলন কোন ৰাজ্যত আৰম্ভ হৈছিল? 
উত্তৰঃ গুজৰাট। 

প্রশ্ন ১৮ : যিকোনো এটা সামাজিক স্বতন্ত্রতা সংগঠনৰ নাম লিখ। 
উত্তৰ : PUCL (People's Union for Civil Liberties)

প্রশ্ন ১৯ জনতা পার্টি প্রথম সভাপতিগৰাকী কোন আছিল? 
উত্তৰ : মােৰাৰজী দেশাই। 

প্রশ্ন ২০ : দায়বদ্ধ আমােলাতন্ত্র’ৰ এটা বৈশিষ্ট্য লিখা। 
উত্তৰ : দায়বদ্ধ আমােলাৰ অৰ্থ হ'ল চৰকাৰৰ নীতি আৰু কর্মসুচীৰ প্রতি আমােলাসকলৰ পূর্ণ আনুগত্য প্রকাশ।

প্রশ্ন ২১ঃ ১৯৭৪ চনৰ ৰেলৱে ধৰ্মঘটৰ নেতৃত্ব কোনে দিছিল? 
উত্তৰঃ জয়প্রকাশ নাৰায়ণে। 

প্রশ্ন ২২ : ১৯৭৭ চনৰ পিছত ভাৰতৰ প্ৰধানমন্ত্রী কোন হৈছিল? 
উত্তৰ : মােৰাজী দেশাই। 

প্রশ্ন ২৩ : সম্পূর্ণ বিপ্লৱৰ আহ্বান কোনে দিছিল? 
উত্তৰ : জয়প্রকাশ নাৰায়ণে।

প্রশ্ন ২৪ঃ জয়প্রকাশ নাৰায়ণ কোন আছিল?
উত্তৰ : জয়প্রকাশ নাৰায়ণ ভাৰতৰ সমাজবাদী আদৰ্শৰ নেতা আছিল। বিহাৰৰ ছাত্র আন্দোলনত তেখেতে নেতৃত্ব প্রদান কৰিছিল। পূর্ণ বিপ্লৱৰ জৰিয়তে তেওঁ ভাৰতবৰ্ষত প্রকৃত গণতন্ত্র প্রতিষ্ঠাৰ ওপৰত গুৰুত্ব আৰােপ কৰিছিল।


প্রশ্ন ২৫ : শুদ্ধ শব্দটো বাছি উলিওৱা।

(ক) ১৯৭১ চনৰ নিৰ্বাচনত (কংগ্ৰেছ দলে/জনতা দলে) গীবী হাতাও শ্লোগান দিছিল।
উত্তৰ : কংগ্ৰেছ দলে।

(খ) (১৯৬৬/১৯৬৭) চনত দার্জিলিং পাহাৰৰ নক্সালবাদী আৰক্ষী থানা অঞ্চলত এটা কৃষক বিদ্রোহ হৈছিল ?
উত্তৰ : ১৯৬৭ চনত।

(গ) ১৯৭৫ চনত ভাৰতীয় সংবিধানৰ (৩৫২/৩৫৬) নং অনুচ্ছেদ অনুযায়ী জৰুৰী অৱস্থা ঘােষণা কৰা হৈছিল?
উত্তৰ : ৩৫২নং অনুচ্ছেদ।

(ঘ) ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত (মােৰাৰজী দেশাই/চৰণ সিং) জনতা দলৰ চৰকাৰৰ প্রধানমন্ত্রী হৈছিল।
উত্তৰ : মােৰাৰজী দেশাই।

(ঙ) ১৯৭৪ চনৰ ৰেল আন্দোলনক নেতৃত্ব প্রদান কৰিছিল (জয় প্রকাশ নাৰায়ণে/ জর্জ ফার্ণাণ্ডেজে)
উত্তৰ : জর্জ ফার্ণাণ্ডেজে। 

(চ) শাহ আয়ােগ নিযুক্তি দিয়া হৈছিল (১৯৭৫/১৯৭৭/১৯৮০) চনত। 
উত্তৰ : ১৯৭১ চনত। 

(ছ) নক্সালবাদী আন্দোলন আৰম্ভ হৈছিল (১৯৬৭/১৯৬৯/১৯৭৪) চনত। 
উত্তৰঃ ১৯৬৭ চনত। 

(জ) সর্বাত্মক বিপ্লৱৰ আহ্বান জনাইছিল ( মােৰাৰজী দেশাই/ জর্জ ফার্ণাণ্ডেজ/ জয়প্রকাশ নাৰায়ণে)
উত্তৰ : জয়প্রকাশ নাৰায়ণে।



Class-XII Political Science 


Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ



Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ



(খ) চমু প্রশ্নোত্তৰ /(প্রত্যেকটোত ২ নম্বৰকৈ):

প্রশ্ন ১ কোনে আৰু কিয় কুৰিদফীয়া আঁচনি প্রবর্তন কৰিছিল ? 
উত্তৰ : ইন্দিৰা গান্ধীয়ে।দুখীয়া লােকসকলৰ কল্যাণ সাধনৰ বাবে ইন্দিৰা গান্ধীয়ে ১৯৭৫ চনত কৰি দফীয়া আঁচনি ঘােষণা কৰিছিল।

প্রশ্ন ২: দাক্ষিণাত্যৰ ৰাজ্যৰবাৰত কংগ্ৰেছে জয়লাভ কৰাৰ দুটা কাৰণ দাঙি ধৰা।
উত্তৰ : (ক) দক্ষিণ ভাৰতৰ জৰুৰী অৱস্থাৰ ক্ষীণ প্ৰভাৱ।
(খ) উত্তৰ ভাৰতৰ নিচিনাকৈ দক্ষিণ ভাৰতত বিৰােধী দলসমূহ কংগ্ৰেছৰ। বিৰুদ্ধে ঐক্যবদ্ধ হােৱা নাছিল।

প্রশ্ন ৩ : ১৯৭৪ চনৰ ৰেল ধমর্ঘটৰ ওপৰত এটি টোকা লিখা। 
উত্তৰ : ১৯৭৪ চনৰ মে’ মাহত জর্জ ফার্ণাণ্ডেজৰ নেতৃত্বত The National Co -ordination Committee for Railwaymen's Struggle নামৰ সংগঠনটোৱে কৰ্মচাৰীসকলৰ অতিৰিক্ত সুযােগ-সুবিধা আৰু কাম কৰাৰ পৰিৱেশ উন্নীতকৰণৰ দাবীত সমগ্র দেশ জুৰি এক ধর্মঘট কৰা হয়। 

ইয়াৰ ফলত দেশৰ সমগ্র অঞ্চলতে ৰেল গাড়ীৰ চলাচল বন্ধ কৰি দিয়া হয় আৰু দেশত এক অস্থিৰ পৰিৱেশৰ সৃষ্টি হয়। 

প্রশ্ন ৪ : সমগ্র দেশজুৰি কোনে আৰু কিয় সত্যাগ্রহ আৰম্ভ কৰিছিল ? 
উত্তৰ : জয় প্রকাশ নাৰায়ণে। তেওঁৰ উদ্দেশ্য আছিল সমগ্ৰ দেশতে প্রকৃত গণতান্ত্রিক শাসন ব্যৱস্থা প্রতিষ্ঠা কৰা আৰু ইন্দিৰা গান্ধী একনায়কত্ববাদী শাসনৰ পৰা দেশক ৰক্ষা কৰা।

প্রশ্ন ৫ সংবিধানৰ মৌলিক গাঁথনি বুলিলে কি বুজা? 
উত্তৰ : সংবিধানৰ প্ৰস্তাৱনাৰ লক্ষ্য আৰু আদৰ্শৰ ওপৰত ভিত্তি কৰি বিধানমণ্ডল, কার্যপালিকা, ন্যায়পালিকা (কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে), মৌলিক অধিকাৰ, নির্দেশাত্মক নীতি, কেন্দ্ৰ আৰু ৰাজ্যৰ সম্পৰ্ক আদি বিষয়বােৰক সংবিধানৰ মৌলিক গাঁথনি বােলা হয়। 

প্রশ্ন ৬ঃ ভাৰতৰ উৎসর্গিত আমােলাতন্ত্রৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখা।
উত্তৰ :
(ক) ভাৰতৰ উৎসর্গিত আমােলাতন্ত্রই চৰকাৰ গঠন কৰা ৰাজনৈতিক দলৰ নীতি আৰু কর্মসূচীৰ সৈতে জড়িত। 
(খ) সংবিধানৰ নীতি আৰু আদৰ্শৰ প্রতি দায়বদ্ধতা প্রকাশ কৰাৰ উপৰিও ক্ষমতাধিষ্ঠিত ৰাজনৈতিক দলৰ মতাদৰ্শৰ প্রতি দায়বদ্ধ। 

প্রশ্ন ৭ঃ কংগ্ৰেছ চৰকাৰৰ দ্বাৰা কিয় আৰু কি ভিত্তিত জৰুৰীকালীন অবস্থা ঘােষণা কৰা হৈছিল?
উত্তৰঃ কংগ্ৰেছ চৰকাৰে আভ্যন্তৰীণ বিশৃংখলতাৰ ভিত্তিত জৰুৰীকালীন অৱস্থা ঘােষণা কৰিছিল। সেই সময়ত ন্যায়পালিকা-কাৰ্যপালিকাৰ সংঘাত, ইন্দিৰা গান্ধীৰ অদমনীয় মনােভাৱ, বিভিন্ন আর্থ-সামাজিক পৰিস্থিতি আদিৰ ফলস্বৰূপে ভাৰতত এক সংকটকালীন পৰিৱেশৰ সৃষ্টি হয়। 

ইন্দিৰা গান্ধীৰ পদত্যাগৰ দাবীত বিৰােধী দলসমুহৰ আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰে। উল্লেখযােগ্য যে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নির্দেশৰ বিৰুদ্ধে ইন্দিৰা গান্ধীয়ে উচ্চতম ন্যায়ালয়ত যি আবেদন কৰিছিল তেতিয়া উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়দান সাময়িকভাৱে স্থগিত ৰাখিবলৈ নির্দেশ দিয়ে। লগে লগে এই সুযােগ গ্রহণ কৰি ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা ঘােষণা কৰিবলৈ ৰাষ্ট্রপতিক পৰামর্শ দিয়ে। 

প্রশ্ন ৮ঃ আমেৰিকাই কিয় ভাৰতলৈ সকলাে সাহায্য বন্ধ কৰি দিছিল? দুটা যুক্তি দিয়া। 
উত্তৰঃ (১) বাংলাদেশৰ যুদ্ধত ভাৰতে আগবঢ়োৱা নৈতিক আৰু অর্থনৈতিক সমর্থনত পাকিস্তান ক্ষুব্ধ হৈছিল আৰু আমেৰিকাই পাকিস্তানৰ সমৰ্থনত ভাৰতলৈ আগবঢ়োৱা সাহায্য বন্ধ কৰি দিছিল।
(২) ভাৰতত বৃদ্ধি পােৱা বাঁওপন্থী আন্দোলনৰ কার্যকলাপত আমেৰিকা অসন্তুষ্ট হৈছিল।

প্রশ্ন ৯ঃ জৰুৰী অৱস্থাৰ প্ৰয়ােগৰ বিষয়ে তালিকা কৰা।
উত্তৰঃ (ক) ১৯৭৫ চনৰ ১২ জুন তাৰিখত এলাহাবাদ উচ্চ ন্যায়ালয়ে ইন্দিৰা গান্ধীৰ নির্বাচিত হােৱাটো অবৈধ ঘােষণা।
(খ) ১৯৭৫ চনৰ ২৪ জুনৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়দান উচ্চতম ন্যায়ালয়ৰ দ্বাৰা আংশিক স্থগিতাদেশ জাৰি।
(গ) ১৯৭৫ চনৰ ২৫ জুনত ৰাষ্ট্রপতি ফকৰুদ্দিন আলী আহমেদৰ দ্বাৰা জৰুৰী অৱস্থা ঘােষণা।

প্রশ্ন ১০ঃ আৰক্ষী বাহিনী আৰু আমােলাতন্ত্রৰ কাৰ্যৰ ওপৰত জৰুৰী অৱস্থাৰ প্রভাৱৰ বিষয়ে লিখা। 
উত্তৰঃ জৰুৰীকালীন অৱস্থা ঘােষণা হােৱাৰ লগে লগে আৰক্ষী বাহিনী আৰু আমােলাতন্ত্রই বিশেষ ক্ষমতাশালী হৈ পৰিছিল। আভ্যন্তৰীণ নিৰাপত্তা ৰক্ষা আইন আৰু নিবাৰক আটক 'আইনৰ অধীনত আৰক্ষীয়ে বহুতো নিৰপৰাধী ব্যক্তি তথা বিৰােধী দলৰ সদস্যক আটক কৰিছিল।  ৰাষ্ট্ৰৰ সকলাে ক্ষমতা প্রধানমন্ত্রী আৰু তেওঁৰ কেইজনমান সহযােগী আমােলাতান্ত্রিক বিষয়াৰ হাতত কেন্দ্রীভূত হৈছিল আৰু সমস্ত শাসন ব্যৱস্থা তেওঁলােক ইচ্ছানুযায়ী পৰিচালনা কৰিছিল। 

পশ্ন ১১ : সংবাদ মাধ্যমৰ নিষেধাজ্ঞা বুলিলে কি বুজা? 
উত্তৰঃ বাতৰি কাকতসমূহে যিকোনাে বাতৰি প্ৰকাশৰ পূর্বে চৰকাৰৰ পৰা আগতীয়াকৈ ল'বলগীয়া অনুমােদনক সংবাদ মাধ্যমৰ নিষেধাজ্ঞা বােলা হয়।  ইয়াৰ ৰকাৰে সংবাদ মাধ্যমৰ স্বাধীনতা বাতিল কৰা হয়। এই ব্যৱস্থা প্রবর্তন কৰিছিল ১৯৭৪ চনত ইন্দিৰা গান্ধীৰ দ্বাৰা ঘােষিত জৰুৰী অৱস্থাৰ সময়ত। 

প্রশ্ন ১২ : নিবাৰক আটক (Preventive Detention) মানে কি বুজা?
উত্তৰ : নিবাৰক আটক হ’ল জৰুৰী অৱস্থাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা এখন। তাই। এই আইনৰ অধীনত চৰকাৰে সেই সময়ত বহুতাে নিৰাপত্তা লােকক আটক কৰে। ভৱিষ্যতে তেওঁলােকৰ দ্বাৰা চৰকাৰবিৰােধী কার্যকলাপ সংঘটিত হ'ব পাৰে বুলিয়েই তেওঁলােকক আটক কৰিছিল।

প্রশ্ন ১৩ : অকংগ্ৰেছী দলবােৰে কিয় কংগ্ৰেছ চৰকাৰৰ বিৰােধিতা কৰিছিল? 
উত্তৰ : ইন্দিৰা গান্ধীৰ প্রধানমন্ত্রিত্বৰ সময়ছােৱাত কংগ্ৰেছ দলটোৱে অনেক দমনমূলক, অগণতান্ত্রিক আৰু বে-আইনী কার্যকলাপ সৃষ্টি কৰিছিল। 

ভাৰতৰ আটাইবােৰ বিৰােধী দলৰ নেতাক জৰুৰী অৱস্থাৰ সময়ত আটক কৰিছিল। গতিকে ইন্দিৰা গান্ধী একনায়কত্ববাদী শাসনৰ পৰা ভাৰতক ৰক্ষা কৰিবলৈ আৰু ভাৰতত পূর্ণ গণতান্ত্রিক ব্যৱস্থাৰ প্ৰচলন কৰিবলৈ বিৰােধী দলবােৰে একগােট হৈ কংগ্ৰেছ দলৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিছিল।

প্রশ্ন ১৪ : ১৯৭৭ চনৰ নিৰ্বাচনৰ আগমুহুর্ত গঠিত নতুন ৰাজনৈতিক দলবােৰৰ নাম লিখা। 
উত্তৰ : (ক) জনতা দল।
(খ) গণতন্ত্রৰ বাবে কংগ্ৰেছ দল। 

প্রশ্ন ১৫ঃ ১৯৭৭ চনৰ লােকসভা নির্বাচনৰ যিকোনাে দুটা ফলাফল লিখা। 
উত্তৰ : 
(ক) কংগ্ৰেছ দলৰ আধিপত্যৰ সমাপ্তি আৰু জনতা দলৰ দ্বাৰা চৰকাৰ গঠন।
(খ) কেন্দ্রত প্রথম মৰ্চা চৰকাৰ গঠন। 

প্রশ্ন ১৬ : সংবিধানৰ বুনিয়াদী গাঁথনি বুলিলে কি বুজা? 
উত্তৰ : সংবিধানৰ কিছুমান অংশ বা অনুচেছদ প্রকৃতিগতভারে মৌলিক গতিকে এইবােৰ সংশােধন কৰিব পৰা নাযায় , এইবােৰ সংবিধানৰ মৌলিক গাঁথনি।

প্রশ্ন ১৭ঃ কিয় আৰু কিহৰ ভিত্তিত কংগ্ৰেছ চৰকাৰে জৰুৰীকালীন অব ঘােষণা কৰিছিল?
উত্তৰঃ ১৯৭১ চনৰ নিৰ্বাচনত ইন্দিৰা গান্ধীৰ বিজয়ৰ বিৰুদ্ধে ১৯৭৫ এলাহাবাদত উচ্চ ন্যায়ালয়ে ইন্দিৰা গান্ধীৰ বিৰুদ্ধে দিয়া ৰায়ৰ পৰিপেট ইন্দিৰা গান্ধীয়ে জৰুৰী অৱস্থা ঘােষণা কৰে। 

ইয়াৰ উপৰি খাদ্যাভাৱ, মুল্যবদি ৰেল কৰ্মচাৰীৰ ধর্মঘট, বিহাৰ আৰু গুজৰাটৰ ছাত্র আন্দোলনৰ পৰিপ্ৰেক্ষিতলে এই জৰুৰী অৱস্থা জাৰি কৰা হয়। 

প্রশ্ন ১৮ : মার্কিন যুক্তৰাষ্ট্ৰই ভাৰতলৈ সকলাে সাহায্য বন্ধ কৰিছিল কি? দুটা কাৰণ উল্লেখ কৰা।
উত্তৰ : 
(i) পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰাৰ বাবে। 
(ii) আমেৰিকাৰ নির্দেশ অমান্য অগ্রাহ্য কৰাৰ।

প্রশ্ন ১৯ : সংবাদ মাধ্যমৰ চেঞ্চৰশ্বিপ বুলিলে কি বুজা?
উত্তৰ : সংবাদ মাধ্যমৰ চেঞ্চৰশ্বিপ বুলিলে বাতৰি কাকতবিলাকে কোনাে বিশেষ বাতৰি প্ৰচাৰ কৰাৰ আগতে চৰকাৰৰ অনুমােদন লােৱা প্রক্রিয়াক বুজায়।

প্রশ্ন ২০ : প্রতিবােধমূলক আটক বুলিলে কি বুজা?
উত্তৰ : এই আটক আইনৰ জৰিয়তে জৰুৰী অৱস্থাৰ সময়ত কাৰণ দর্শন নকৰাকৈ বিশেষ বিশেষ ৰাজনৈতিক নেতাসকলক আটক কৰা হৈছিল।

প্রশ্ন ২১ঃ অনাকংগ্ৰেছী দলসমূহে কংগ্ৰেছৰ বিৰােধিতা কিয় কৰিছিল?
উত্তৰঃ খাদ্য দ্রব্যৰ মূল্যবৃদ্ধি, আন উপভােগ্য সামগ্ৰীৰ মূল্যবৃদ্ধি, দুর্নীতি আদি কংগ্ৰেছৰ চৰকাৰৰ নাকাৰাত্মক নীতিসমূহৰ বাবে বিৰােধিতা কৰিছিল।

প্রশ্ন ২২ঃ ১৯৭৭ চনৰ নির্বাচন উপলক্ষে গঠন হােৱা নতুন দলসমূহৰ নাম লিখা। 
উত্তৰ : 
(i) জনতা পার্টি।
(ii) ভাৰতীয় লােকদল।
(iii) Congress for Democracy পাৰ্টি। 

প্রশ্ন ২৩ : ১৯৭২ চনৰ লােকসভা নির্বাচনৰ যিকোনাে দুটা ফলাফল ব্যাখ্যা। কৰা। 
উত্তৰ : 
(i) অর্থনৈতিক সংকট।
(ii) নিবনুৱা সমস্যা বিশেষকৈ গ্রাম্য অঞ্চলত এই সমস্যাই ব্যাপক ৰূপ ধাৰণ কৰে।

প্রশ্ন ২৪ : সামাজিক স্বতন্ত্র সংগঠন বুলিলে কি বুজা?
উত্তৰ : ১৯৭৬ চনৰ ১৭ অক্টোবৰত এক জাতীয় আলােচনাচক্ৰত পৌৰ স্বাধীনতা আৰু গণতান্ত্রিক অধিকাৰ ৰক্ষাৰ বাবে সামাজিক স্বতন্ত্র সংগঠন গঢ়ি তােলা হয়।

প্রশ্ন ২৫ঃ ৪২ সংখ্যক সংবিধান সংশােধনী আইনৰ দুটা মূল বিধানৰ বিষয়ে লিখা। 
উত্তৰ : 
(i) ন্যায়পালিকাৰ ক্ষমতা খর্ব কৰা হয়।
(ii) সংসদৰ কাৰ্যকাল ৫ বছৰৰ পৰা ৬ বছৰলৈ বৃদ্ধি কৰা হয়।


(গ) দীঘল প্রশ্নোত্তৰ /(প্রত্যেকটোত ৪ নম্বৰকৈ):

প্রশ্ন ১ঃ ১৯৮০ চনত মধ্যবর্তীকালীন নির্বাচন অনুষ্ঠিত কৰাৰ কাৰণবােৰ কি আছিল? 
উত্তৰঃ শাসনভাৰ গ্ৰহণৰ ১৮ মাহ পিছতে জনতা দল বিভাজিত হয় যাৰ ফলস্বৰূপে মােৰাৰজি দেশাইৰ চৰকাৰখনে সংখ্যাগৰিষ্ঠতা হেৰুৱায়। 

এই চৰকাৰৰ পতনৰ পিছত চৌধুৰী চৰণ সিঙে কংগ্ৰেছৰ সমৰ্থনত চৰকাৰ গঠন কৰে। কিন্তু এইখন চৰকাৰেও মাত্র চাৰি মাহহে শাসনত তিষ্ঠি থাকিবলৈ সক্ষম হয়। 

ইয়াৰ ফলত ১৯৮০ চনত মধ্যবর্তীকালীন নির্বাচন অনুষ্ঠিত হ'বলগীয়া হয়। মুঠতে এই নির্বাচনৰ মূল কাৰণ হ’ল চৰকাৰৰ সঘন পৰিবর্তন, নেতৃত্বৰ প্ৰত্যাহ্বান, সংখ্যাগৰিষ্ঠতাৰ অভাৱ ইত্যাদি।

প্রশ্ন ২ঃ জৰুৰী অৱস্থাই (১৯৭৫-১৯৭৭) ভাৰতীয় নাগৰিকসকলৰ মৌলিক অধিকাৰৰ ওপৰত কি প্ৰভাৱ পেলাইছিল? উদাহৰণ দিয়া।
উত্তৰ : ১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈ ঘােষিত জৰুৰী অৱস্থাই ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰবােৰ খর্ব কৰিছিল। 

তেওঁলােকৰ এই অধিকাৰৰ ওপৰত নিষেধাজ্ঞা প্রদান কৰা হৈছিল। আনকি এইবােৰ ন্যায়পালিকাৰ দ্বাৰাও সুৰক্ষিত কৰাৰ ব্যৱস্থা প্রত্যাহাৰ কৰা হৈছিল। 

সংবাদ পত্ৰৰ স্বাধীনতাৰ ওপৰত নিষেধাজ্ঞা আৰােপ কৰিছিল। আভ্যন্তৰীণ শান্তি ৰক্ষা আইন আৰু নিবাৰক প্ৰতিৰােধ আইনৰ ওপৰত ভিত্তি কৰি বিৰােধী দলৰ নেতাসকলকে ধৰি অনেক নিৰপৰাধী লােকক আটক কৰা হৈছিল। 

বিখ্যাত সমাজবাদী নেতা চাৰু মজুমদাৰকে আদি কৰি বহুতাে ব্যক্তিক আৰক্ষীয়ে কৰা নির্মম অত্যাচাৰত আৰক্ষীৰ জিম্মাতে মৃত্যুবৰণ কৰে।

প্রশ্ন ৩ঃ জৰুৰী অৱস্থা মানে কি বুজা? আভ্যন্তৰীণ অশান্তিৰ বাবে ঘােষণা কৰা জৰুৰী অৱস্থাৰ যিকোনাে এটা প্ৰভাৱ লিখা।
উত্তৰ : ভাৰতীয় সংবিধানত ৩৫২ নং অনুচ্ছেদৰ পৰা ৩৫০ নং অনুচ্ছেদটো তিনিবিধ জৰুৰী অৱস্থাৰ বিষয়ে উল্লেখ আছে।

সেইবােৰ হ’ল জাতীয় জৰুৰী অৱস্থা, ৰাজ্যত সাংবিধানিক অচলাৱস্থাৰ জৰুৰী অৱস্থা আৰু বিত্তীয় জৰুৰী অৱস্থা। এই জৰুৰী অৱস্থা ঘােষিত হলে দেশত কেন্দ্রীয় চৰকাৰে একাত্বক চৰকাৰলৈ ৰূপান্তৰিত হয়। অৱশ্যে ইয়াক বর্তমানে কেৱল কেন্দ্রীয় মন্ত্রী পৰিষদৰ পৰা লিখিত অনুমােদন লাভ কৰিলেহে ৰাষ্ট্রপতিয়ে ঘােষণা কৰিব পাৰে।

১৯৭৫ চনত ৩৫২নং অনুচ্ছেদ অনুযায়ী দেশত আভ্যন্তৰীণ অশান্তিৰ নামত জৰুৰী অৱস্থা ঘােষণা কৰা হৈছিল। ইয়াৰ ফলস্বৰূপে নাগৰিকৰ সংবিধানত উল্লেখ থকা সকলাে প্ৰকাৰৰ মৌলিক অধিকাৰ বাতিল কৰা হৈছিল। 

প্রশ্ন ৪ : কোনে আৰু কিয় কুৰি দফীয়া আঁচনি প্রবর্তন কৰিছিল।
উত্তৰ : (ওপৰৰ ২ নম্বৰী প্ৰশ্নৰ ১ নং প্রশ্ন চোৱা) 

প্রশ্ন ৫ : কাৰ আবেদনৰ ওপৰত ভিত্তি কৰি ন্যায়ালয়ে ইন্দিৰা গান্ধীৰ নির্বাচনক অবৈধ বুলি ঘােষণা কৰা হৈছিল?
উত্তৰ : ১৯৭১ চনৰ নিৰ্বাচনত ইন্দিৰা গান্ধীয়ে প্ৰৱঞ্চনাৰ আশ্রয় লােৱাৰ লগতে চৰকাৰী যন্ত্ৰটোক নির্বাচনী উদ্দেশ্যত ব্যৱহাৰ কৰা বুলি তেওঁ পৰাজিত কৰা প্রতিদ্বন্দ্বী ৰাজ নাৰায়ণে এলাহাবাদ উচ্চ ন্যায়ালয়ত এটা গােচৰ দিয়ে আৰু তেওঁৰ এই গােচৰৰ ওপৰত ভিত্তি কৰিয়েই ন্যায়ালয়ে ইন্দিৰা গান্ধীৰ নির্বাচনক অবৈধ বুলি ঘােষণা কৰিছিল।

প্রশ্ন ৬ জৰুৰীকালীন ব্যৱস্থা হ'ল ভাৰতীয় ৰাজনীতিৰ আটাইতকৈ এটা মতানৈক্যগত বিষয়’ – যুক্তি দিয়া।
উত্তৰ : ১৯৭৫ চনত ঘােষণা কৰা জৰুৰীকালীন ব্যৱস্থা হৈছে ভাৰতীয় ৰাজনীতিৰ আটাইতকৈ এটা মতানৈক্যগত বিষয়। প্রথমতে ইয়াৰ ভিত্তিক লৈ চলা বিতর্ক। ইয়াক ঘােষণা কৰা হৈছিল ৩৫২নং অনুচ্ছেদ অনুযায়ী আভ্যন্তৰীণ অশান্তিৰ বাবে। কিন্তু প্রকৃততে সেই অনুচ্ছেদত দেশৰ নিৰাপত্তা, সার্বভৌমত্ব আদিৰ সংকটৰ বাবে জৰুৰী অৱস্থা ঘােষণা কৰাৰ ব্যৱস্থা আছে। এই অৱস্থাৰ সময়ত নাগৰিকৰ সকলাে প্ৰকাৰৰ অধিকাৰ খর্ব কৰা হৈছিল। 

সংবাদ মাধ্যমৰ ওপৰত নিষেধাজ্ঞা আৰােপ কৰা হৈছিল। আনকি আদালতৰ বন্দী প্রত্যক্ষীকৰণ ব্যৱস্থাও প্রত্যাহাৰ কৰা হৈছিল। দেশত অশান্তি দমনতকৈও চৰকাৰৰ বিৰােধী।

দমন কৰাৰ ওপৰতহে অধিক গুৰুত্ব আৰােপ কৰা হৈছিল। ইয়াৰ বাবে বিৰােধী একনায়কত্ববাদী শাসকৰ নিচিনাকৈ দমন আৰু অত্যাচাৰ চলাইছিল। 

প্রশ্ন ৭ : জৰুৰী অৱস্থাৰ সময়ত কি ঘটিছিল সেই সম্পর্কে সমালােচনামূলকভাৱে পৰীক্ষা কৰা।
উত্তৰ (ওপৰৰ ৬ নং প্রশ্নৰ উত্তৰ চোৱা) 

প্রশ্ন ৮ঃ জৰুৰী অৱস্থাৰ পিছত শেষ হৈ নােযােৱা বিষয়বােৰৰ নাম লিখা।
উত্তৰ : ১৯৭৭ চনত জৰুৰী ব্যৱস্থা প্রত্যাহাৰ কৰা হয় যদিও কিছুমান বিষয়। ইয়াৰ পিছততা শেষ হৈ নগ’ল! সেইবােৰ হ’ল -

(১) সংখ্যাগৰিষ্ঠতা লাভ কৰা দলৰ একচেটিয়া মনােভাৱ। 
(২) চৰকাৰৰ বিৰুদ্ধে কৰা প্রতিবাদ আৰু আন্দোলন। 
(৩) কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত চলা সংঘাত। 
(৪) চৰকাৰ গঠন কৰা দল আৰু বিৰােধী দলৰ মাজত থকা বেয়া সম্পর্ক। 
(৫) আৰক্ষী আৰু আমােলাসকলৰ চৰকাৰ গঠন কৰা দলৰ প্ৰতি থকা বিশেষ পক্ষপাতিত্ব।

প্রশ্ন ৯ঃ জৰুৰী অৱস্থাৰ পৰা সমাজৰ ভিন ভিন গােটে কি কি ভিন ভিন আশা কৰিছিল?
উত্তৰ : ১৯৭৫ চনত ঘােষণা কৰা জৰুৰী অৱস্থাই সমাজৰ বিভিন্ন গােটৰ মাজত বিভিন্ন আশা-আকাংক্ষা তথা সমর্থন আৰু বিৰােধিতাৰ সূচনাৰ সৃষ্টি কৰিছিল। 

কংগ্ৰেছ দলক সমর্থন কৰা সকলৰ মতে জৰুৰী আৱস্থাই সমাজৰ উন্নতিত সহায়ক হ'ব। চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিসমূহ কাৰ্যকৰীকৰণৰ বাবে আভ্যন্তৰীণ অশান্তি দূৰীকৰণ কৰিবৰ বাবে জৰুৰী অৱস্থাৰ প্ৰয়ােজন হৈছিল। 

ইয়াৰ উপৰি এই অৱস্থাক সমর্থন কৰা ভাৰতৰ সাম্যবাদী দলৰ নেতাসকলে বিশ্বাস কৰিছিল যে সেই সময়ত ভাৰতত জাতীয় ঐক্য বিনষ্ট কৰিবৰ বাবে আন্তর্জাতিক পর্যায়ত গভীৰ ষড়যন্ত্র ৰচনা কৰা হৈছিল আৰু এনে পৰিস্থিতিত দেশৰ আভ্যন্তৰীণ বিদ্রোহ দমন কৰিবৰ বাবে জৰুৰী অৱস্থাৰ প্ৰয়ােজন লৈছিল। 

বিৰােধী দলৰ নেতা আৰু এই অৱস্থাৰ বিৰােধিতা কৰাসকলৰ মতে ইয়াৰ দ্বাৰা ভাৰতীয় গণতন্ত্র ম্লান হৈ পৰিব আৰু সাধাৰণ লােকসকলৰ কোনাে ধৰণৰ স্বাধীনতা নাথাকিব।

প্রশ্ন ১০ : জৰুৰী অৱস্থাৰ ক্ষেত্রও তলৰ উক্তিবােৰ সঁচা নে মিছা উল্লেখ কৰা

(ক) ইয়াক ১৯৭৫ চনত ইন্দিৰা গান্ধীৰ দ্বাৰা ঘােষণা কৰা হৈছিল।
উত্তৰ : সঁচা। 

(খ) ইয়াৰ দ্বাৰা সকলাে মৌলিক অধিকাৰ বাতিল কৰা হৈছিল। 
উত্তৰ : সঁচা। 

(গ) অর্থনৈতিক অৱস্থাৰ অৱনতিৰ বাবে ইয়াক ঘােষণা কৰা হৈছিল। 
উত্তৰ : মিছা। 

(ঘ) জৰুৰী অৱস্থাৰ সময়ত বহুতাে বিৰােধী দলৰ নেতাক আটক কৰা হৈছিল। 
উত্তৰ : সঁচা। 

(ঙ) ভাৰতৰ সাম্যবাদী দলে জৰুৰী অৱস্থাৰ ঘােষােক সমর্থন জনাইছিল। 
উত্তৰ : সঁচা। 

প্রশ্ন ১১ঃ জৰুৰী অৱস্থাৰ ঘােষণা সন্দৰ্ভত নিমিলাটো বাছি উলিওৱা। 
(ক) সর্বাত্মক বিপ্লৱৰ আহ্বান। 
(খ) ১৯৭৪ চনৰ ৰেল ধর্মঘট। 
(গ) নক্সালবাদী আন্দোলন। 
(ঘ) এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়দান। 
(ঙ) শ্বাহ আয়ােগৰ প্রতিবেদনৰ বিষয়বস্তু। 
উত্তৰ : ১৯৭৪ চনৰ ৰেল ধর্মঘট। 

প্রশ্ন ১২ : কেশৱানন্দ ভাৰতী গােচৰৰ ওপৰত এটা টোকা লিখা।
উত্তৰঃ ১৯৭৪ চনত কেশৱানন্দ ভাৰতী গােচৰৰ সন্দৰ্ভত ন্যায়ালয়ে তলত উল্লেখ কৰা বিষয়কেইটাৰ ওপৰত এনেদৰে ৰায় দিয়ে -
(ক) সংসদৰ সংবিধানৰ মৌলিক গাঁথনি সংশােধন কৰা বা ভংগ কৰাৰ ক্ষমতা নাই।
(খ) সংসদৰ সংবিধানৰ যিকোনাে অংশ পৰিৱৰ্তন বা সংশােধন কৰাৰ ক্ষমতা। আছে।
(গ) কোনাে সংশােধনে মৌলিক গাঁথনি ভংগ কৰিছে নে নাই সেইটো নিশ্চিত কৰাৰ চুড়ান্ত ক্ষমতা ন্যায়ালয়ৰ হাতত ন্যস্ত কৰা হৈছে।


(ঘ) অতি দীঘল প্রশ্নোত্তৰ /(প্রত্যেকটোত ৬ নম্বৰকৈ):

প্রশ্ন ১ঃ ১৯৭৫ চনৰ ২৫ জুনত ঘােষিত জৰুৰী অৱস্থাৰ ছটা ফলাফল বিৱৰণ দিয়া।
উত্তৰ : 
(ক) নাগৰিকৰ মৌলিক অধিকাৰসমূহৰ বাতিলকৰণ।
(খ) সংবাদ মাধ্যমৰ স্বাধীনতাত নিষেধাজ্ঞা। 
(গ) নিবাৰক নিৰােধ আইনৰ প্ৰৱর্তন। 
(ঘ) বিৰােধী ৰাজনৈতিক দলৰ নেতা, কর্মী আৰু সমর্থক গ্রেপ্তাৰ আৰু কাৰাবন্দী। 
(ঙ) যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো একাত্মক ব্যৱস্থালৈ ৰূপান্তৰ। 
(চ) ধর্মঘট, হৰতাল আদিক নিষিদ্ধকৰণ।

প্রশ্ন ২ঃ ১৯৮০ চনত মধ্যবর্তীকালীন নির্বাচন অনুষ্ঠিত হ'বলগীয়া কাৰণবােৰ কি কি আছিল? 
উত্তৰ : (ওপৰৰ ৪ নম্বৰী প্ৰশ্নৰ ১ নং প্রশ্নৰ উত্তৰ চোৱা)

প্রশ্ন ৩ঃ ১৯৭৭ চনত জনতা দলৰ চৰকাৰৰদ্বাৰা শ্বাহ আয়ােগ নিযুক্তি দিয়া হৈছিল। ইয়াক কিয় নিযুক্তি দিয়া হৈছিল আৰু ইয়াৰ প্ৰতিবেদনত কি আছিল?
উত্তৰঃ ১৯৭৭ চনৰ মে’ মাহত ন্যায়াধীশ জে চি শ্বাহৰ নেতৃত্বত জনতা দলৰ চৰকাৰে এখন আয়ােগ গঠন কৰিছিল। 

এই আয়ােগৰ মূল উদ্দেশ্য আছিল জৰুৰীকালীন অৱস্থাৰ সময়ত হােৱা সমস্যাসমূহৰ তদন্ত কৰা। বিশেষকৈ ইয়াৰ জৰিয়তে জৰুৰী অৱস্থা চলি থকাৰ সময়ত চৰকাৰৰ দ্বাৰা হােৱা ক্ষমতাৰ অপব্যৱহাৰ, গণতন্ত্রবিৰােধী কঠোৰ নীতি-নিয়ম প্রবর্তন আদিক অনুসন্ধান কৰিবলৈ এই আয়ােগক নিযুক্তি দিয়া হৈছিল। 

এই আয়ােগৰ অনুসন্ধানত এইটো প্রমাণিত হৈছিল যে জৰুৰী অৱস্থাৰ সময়ত ইন্দিৰা গান্ধীকে ধৰি আন আন কেইজনমান সহযােগী নেতাই চৰকাৰৰ ক্ষমতাক ব্যক্তিগত স্বার্থ পুৰণৰ অর্থে ব্যৱহাৰ কৰিছিল। ইন্দিৰা গান্ধীৰ ঘনিষ্ঠ কেইজনমান আমােলাইও কংগ্ৰেছ দলৰ স্বাৰ্থ পূৰণত প্রত্যক্ষভাৱে সহায় কৰিছিল।

আৰক্ষী বাহিনীয়েও ৰাষ্ট্রৰ ক্ষমতাক অপব্যৱহাৰ কৰিছিল আৰু নির্দোষী জনতাৰ ওপৰত অমানুষিক অত্যাচাৰ চলাইছিল বুলি আয়ােগৰ অনুসন্ধানত প্রমাণিত হৈছিল। 

প্রশ্ন ৪ঃ ১৯৭৭ চনৰ নিৰ্বাচনত বিৰােধী পক্ষই প্রথমবাৰৰ বাবে কেন্দ্রত ক্ষমতালৈ অহাটো দেখা পাইছিল। ইয়াৰ বিকাশৰ বাবে তুমি কি কি যুক্তিক বিবেচনা কৰা ?
উত্তৰ : 
  • (ক) জৰুৰী অৱস্থাৰ সময়ত কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰা অগণতান্ত্রিক নীতি, নিয়ম, অত্যাচাৰ, মৌলিক অধিকাৰ খর্ব আদিৰ দ্বাৰা জনগণ অতিষ্ঠ হৈ পৰিছিল।
  • (খ) প্রধান বিৰােধী দলসমুহে নিজৰ নিজৰ ক্ষুদ্র স্বার্থ বা আদর্শগত পার্থক্যক, বিসর্জন দি কেরল কংগ্ৰেছবিৰােধী আদর্শ গ্রহণ কৰি শক্তিশালী ৰূপত আত কৰিছিল।
  • (গ) কংগ্ৰেছ দলত হােৱা আভ্যন্তৰীণ বিদ্রোহেও বিৰােধী পক্ষৰ মনত আশাৰ সঠি কৰিছিল।
  • (ঘ) বিৰােধী দলসমূহে একগােট হৈ জনতা দল গঠন কৰাৰ পিছনে কংগ্ৰেছবিৰােধী ভােটসমূহ বিভাজিত হােৱাৰ আশংকা নাইকিয়া হয়।
  • (ঙ) ইন্দিৰা গান্ধীৰ একনায়কত্ববাদী আচৰণে জনগণক ভীতিগ্রস্ত কৰিছিল। 
  • (চ) জৰুৰী অৱস্থাৰ সময়ত সংবাদ মাধ্যমৰ ওপৰত চলােৱা অগণতান্ত্রিক ব্যৱস্থা আৰু নিষেধাজ্ঞাৰ পােটক ল’বলৈ এইবােৰে চেষ্টা চলাইছিল আৰু কংগ্ৰেছবিৰােধী জনমত গঠন কৰাত সহায় কৰিছিল।

প্রশ্ন ৫ঃ আমাৰ ৰাজনৈতিক ব্যৱস্থাৰ নিম্নলিখিত বিষয়বােৰৰ ওপৰত জৰুৰী অৱস্থাৰ প্ৰভাৱৰ বিষয়ে আলােচনা কৰা।

(ক) নাগৰিকৰ পৌৰ স্বাধীনতাৰ ওপৰত প্ৰভাৱ
উত্তৰ : জৰুৰীকালীন অৱস্থা ঘােষিত হৈ থকাৰ সময়ত নাগৰিকৰ। সকলােবােৰ মৌলিক অধিকাৰ বাতিল কৰি দিয়া হৈছিল। 

আনকি নাগৰিকৰ অধিকাৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত ন্যায়পালিকাৰ ক্ষমতাও কৰ্তন কৰা হৈছিল। এই সময়ত নিবাৰণ আটক আইন বলবৎ কৰি চৰকাৰে বহুতাে নিৰপৰাধী লােকক আটক কৰিছিল।  চৰকাৰে ধর্মঘট, হতাল, আন্দোলন আদি সকলােতে নিষেধাজ্ঞা আৰােপ কৰি আন্দোলনকাৰীসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

(খ) কার্যপালিকা আৰু ন্যায়পালিকাৰ মাজৰ সম্পৰ্কৰ ওপৰত প্ৰভাৱ
উত্তৰ : জৰুৰীকালীন ব্যৱস্থাৰ ঘােষণাই ভাৰতৰ কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত থকা সম্পৰ্কৰ অৱনতি ঘটাইছিল। ইয়াৰ মূল কাৰণ আছিল ইন্দিৰা গান্ধীৰ স্বেচ্ছাচাৰীমূলক মনােভাৱ। 

জৰুৰী অৱস্থা ঘােষণাৰ প্ৰাকমুহূর্তত উচ্চতম ন্যায়ালয়ে সংসদে সংবিধানৰ মৌলিক গাঁথনি পৰিৱৰ্তন কৰিব নােৱাৰে বুলি ৰায়দান কৰে। 

ইয়াৰ ওপৰত অসন্তুষ্ট হৈ পােটক লােৱাৰ উদ্দেশ্যে ইন্দিৰা। গান্ধীয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নিযুক্তি দিয়াৰ ক্ষেত্ৰত তােষামােদকাৰী ব্যৱস্থা গ্ৰহণ কৰিছিল। 

ন্যায়ালয়ৰ সৈতে ইন্দিৰা গান্ধীৰ সংঘাতে চুড়ান্ত ৰূপ ধাৰণ কৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ অন্তত। ১৯৭১ চনৰ নির্বাচনত ইন্দিৰা গান্ধীয়ে চৰকাৰী ব্যৱস্থাক নিজৰ নির্বাচনী উদ্দেশ্যে ব্যৱহাৰ কৰাৰ অভিযােগৰ ওপৰত ভিত্তি কৰি তেওঁৰ নির্বাচন অবৈধ বুলি ঘােষিত হােৱাৰ

লগে লগে তেওঁ পূর্বতকৈ অধিক আক্রোশী হৈ পৰে আৰু ইয়াৰ পৰৱৰ্তী সময়তে জৰুৰী অৱস্থাৰ ঘােষণা কৰে।

(গ) সংবাদ মাধ্যমৰ কার্য।
উত্তৰ : জৰুৰী অৱস্থা ঘােষণাৰ পাছত সংবাদ মাধ্যমসমুহৰ স্বাধীনতা সম্পৰ্ণৰূপে লােপ পায়। বাতৰি প্ৰকাশৰ ক্ষেত্ৰত বাতৰি কাকতসমূহে আগতীয়াকৈ চৰকাৰী অনুমােদন ল’বগীয়া হয়। 

ইণ্ডিয়ান এক্সপ্ৰেছ, ষ্টেটমেন আদি বাতৰি কাকতবােৰে ইয়াৰ প্ৰতিবাদত চৰকাৰে নিষিদ্ধ কৰা বাতৰিসমূহৰ স্থান উকা কৰি ৰাখিছিল। 

আনহাতে, চেমিনাৰ, মেইীম আদি আলােচনীবােৰে ইয়াৰ প্রতিবাদত সাময়িকভাৱে প্রকাশ বন্ধ কৰি দিছিল। জৰুৰী অৱস্থাৰ বিৰােধিতা কৰা বহুকেইগৰাকী সাংবাদিক গ্রেপ্তাৰ কৰা হৈছিল। 

(ঘ) আৰক্ষী আৰু আমােলাতন্ত্রৰ কার্য
উত্তৰ : ১৯৭৫ চনৰ জৰুৰী অৱস্থা ঘােষণা কৰাৰ লগে লগে ভাৰতৰ আৰক্ষী। বাহিনী আৰু আমােলাতন্ত্র এক শক্তিশালী তথা স্বেচ্ছাচাৰী ৰূপত আত্মপ্রকাশ কৰিছিল। 

আৰক্ষী বাহিনীয়ে নিবাৰক নিৰােধ আইন আৰু আভ্যন্তৰীণ নিৰাপত্তা সাব্যস্তকৰণ আইনৰ দ্বাৰা ভাৰতৰ অগণন লােকক বিশেষকৈ বিৰােধী দলৰ নেতা, সদস্য, বুদ্ধিজীৱী, সাংবাদিক আদিক আটক কৰাৰ উপৰিও বিভিন্ন অত্যাচাৰ কৰিছিল। 

আনকি বহুকেইজন লোেকৰ আৰক্ষী জিম্মাতে মৃত্যুও ঘটিছিল। আমােলাতন্ত্রৰ ক্ষেত্ৰতাে একেটা প্ৰভাৱ দেখা গৈছিল। কংগ্ৰেছ দলৰ কেইজনমান বিশ্বস্ত আমােলা বিষয়াই অধিক ক্ষমতাশালী হৈ পক্ষপাতিত্বমূলক আচৰণ কৰিছিল। তেওঁলােকে গ্রহণ কৰা নীতিবােৰে কংগ্ৰেছ দলৰ স্বাৰ্থ পুৰণত সহায় কৰিছিল। অর্থাৎ ভাৰতত কমিটেড আমােলাতন্ত্রৰ উত্থান দেখা গৈছিল।

(ঙ) জৰুৰী ব্যৱস্থাৰ প্রয়ােগে ভাৰতীয় দলীয় ব্যৱস্থাত কি ধৰণৰ প্ৰভাৱ পেলাইছিল? উদাহৰণৰ সৈতে তােমাৰ উত্তৰটো বুজাই লিখা।
উত্তৰ : ভাৰতত জৰুৰী ব্যৱস্থাৰ প্রয়ােগে দলীয় ব্যৱস্থাৰ ওপৰতাে বিভিন্ন ধৰণে প্ৰভাৱ পেলাইছিল। সেইবােৰ হ’ল -

(ক) প্রতিহিংসামূলক মনােবৃত্তি : জৰুৰী অৱস্থাৰ সময়ত কংগ্ৰেছ দলে বিৰােধী দলৰ নেতা তথা সাধাৰণ সদস্যবােৰৰ ওপৰত যিধৰণৰ হিংসাত্মক কার্যকলাপ সংঘটিত কৰিছিল তাৰ পৰিণতিত পৰৱৰ্তী সময়তাে সেই দলবােৰে কংগ্ৰেছৰ ওপৰত প্রতিহিংসাত্মক ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছিল।

(খ) ঐক্যবদ্ধ বিৰােধী দল : বিৰােধী দলৰ সকলাে নেতাই উপলব্ধি কৰিছিল যে তেওঁলােকৰ প্ৰধান শত্রু হ’ল কংগ্ৰেছ আৰু কংগ্ৰেছক পৰাজিত কৰিবলৈ হ'লে সকলাে বিৰােধী দল ঐক্যবদ্ধ হােৱাটো প্রয়ােজন। সেয়েহে বহুতাে দলে দলীয় আদর্শগত প্রভেদ নেওচি ঐক্যবদ্ধভাৱে জনতা দল গঠন কৰিছিল। 

(গ) কংগ্ৰেছত আভ্যন্তৰীণ কন্দল : কংগ্ৰেছ দলৰ সকলাে সদস্যই জৰুৰী অৱস্থাক সমর্থন জনােৱা নাছিল। অর্থাৎ এই দলৰ ভিতৰত এটা আভ্যন্তৰীণ বিদ্ৰোহৰ সুচনা হৈছিল। তেওঁলােকে অৱশ্যেত জগজীৱন ৰামৰ নেতৃত্বত। ‘গণতন্ত্ৰৰ বাবে কংগ্ৰেছ’ নামৰ এটা ৰাজনৈতিক দল গঠন কৰে। 

(ঘ) কংগ্ৰেছৰ একচ্ছত্রী শাসনৰ সামৰণি : এই জৰুৰী ব্যৱস্থাই কংগ্ৰেছ দলৰ একচ্ছত্ৰী শাসন ব্যৱস্থাৰ অন্ত পেলােৱাত অৰিহণা যােগাইছিল। 

১৯৭৭ চনৰ নির্বাচনত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিব নােৱৰাত ভাৰতৰ কেন্দ্ৰত পােন। প্রথমবাৰৰ বাবে এখন অকংগ্ৰেছী চৰকাৰ গঠন হয়।

প্রশ্ন ৬ঃ জনতা দলৰ নীতি আৰু কাৰ্যসূচীৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ জনতা দলে ১৯৭৭ চনৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰে। এই দলে গ্ৰহণ কৰা নীতি আৰু কাৰ্যসূচীবােৰ এনে ধৰণৰ -

  • (ক) সংবিধানৰ ৪৪ নং সংশােধনীৰ জৰিয়তে কংগ্ৰেছ চৰকাৰে জৰুৰী, অৱস্থাৰ সময়ত কৰা ৪২ নং সংশােধনীৰ সকলােবােৰ নেতিবাচক দিশ আঁতৰ কৰা।
  • (খ) সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰৰ পৰা আঁতৰাই এই অধিকাৰক আইনগত অধিকাৰৰ মর্যাদা প্রদান কৰা।
  • (গ) লােকসভা আৰু ৰাজ্যিক বিধানসভাৰ কার্যকাল ছয় বছৰৰ পৰা পুনৰ পাঁচ বছৰলৈ হ্রাস কৰা।
  • (ঘ) উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহৰ পৰা কাঢ়ি নিয়া ক্ষমতা আৰু পদমর্যাদা পুনৰ প্রতিষ্ঠা কৰা।
  • (ঙ) জৰুৰী অৱস্থাত প্রবর্তন কৰা কঠোৰ আৰু বিতর্কমূলক আইনসমূহ বাতিল কৰা।
  • (চ) নির্দেশক নীতিৰ তুলনাত মৌলিক অধিকাৰক অগ্রাধিকাৰ প্ৰদান কৰা।

প্রশ্ন ৭ : ১৯৭৭ চনৰ লােকসভা নির্বাচনৰ তিনিটা ফলাফল ব্যাখ্যা কৰা।
উত্তৰঃ ১৯৭৭ চনৰ ষষ্ঠ লােকসভা নির্বাচন ভাৰতীয় ৰাজনীতিৰ বাবে বিভিন্ন দিশৰ পৰা বিশেষভাৱে গুৰুত্বপূৰ্ণ আছিল। এই নির্বাচনৰ তিনিটা গুৰুত্বপূর্ণ। ফলাফলৰ বিষয়ে আলােচনা কৰা হ'ল।

(ক) কংগ্ৰেছৰ আধিপত্যৰ অন্ত : ১৯৭৭ চনৰ, নির্বাচনে কংগ্ৰেছ দলৰ ছিপত্য কিছু সময়ৰ বাবে হলেও অন্ত পেলায়। এই নির্বাচনত প্ৰথমবাৰৰ বাবে গছ পৰাস্ত হয়। এই দলে মাত্র ১৫৩ খন আসন লাভ কৰে, আনহাতে জনতা হলে লাভ কৰে ২৯৫ খন আসন। আনকি ইন্দিৰা গান্ধী আৰু তেওঁৰ পুত্র সঞ্জয় গান্ধীও এই নির্বাচনত পৰাজিত হয়।

(খ) কেন্দ্রত প্রথম মৰ্চা চৰকাৰঃ ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত কেন্দ্ৰত পােন প্রথমবাৰৰ বাবে মৰ্চা চৰকাৰ গঠন কৰা হয়। জনতা দলৰ সৈতে বহুকেইটা ৰাজনৈতিক দলে এই মৰ্চা চৰকাৰত অংশগ্রহণ কৰে। এই মৰ্চা চৰকাৰৰ পৰম্পৰা আজিও ভাৰতীয় ৰাজনীতিত বিদ্যমান। 

(গ) অন্যান্য পিছপৰা সম্প্রদায়ৰ সংৰক্ষণ ব্যৱস্থা : ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত অন্যান্য পিছপৰা সম্প্রদায়ৰ বাবে সংৰক্ষণৰ বিষয়টো যথেষ্ট বিতর্কিত হৈ পৰে। বিশেষকৈ বিহাৰত এই সমস্যাটো অধিক জটিল হয়। জনতা দলে ইয়াৰ বাবে মণ্ডল আয়ােগ গঠন কৰি দিয়ে। 

প্রশ্ন ৯ঃ ১৯৭৩ চনত ন্যায়পালিকা আৰু সংসদৰ মাজত চলা সংঘাতৰ বিষয়ে বিৱৰণ দিয়া। 
উত্তৰ : ১৯৬৭ চনৰ নিৰ্বাচনৰ পিছত বিভিন্ন গুৰুত্বপূর্ণ বিষয়ক কেন্দ্ৰ কৰি কার্যপালিকা আৰু ন্যায়পালিকাৰ মাজত সংঘাতে তীব্র ৰূপ ধাৰণ কৰিছিল। 

ন্যায়পালিকাত কেইবাটাও ৰায়ে কংগ্ৰেছক অসন্তুষ্ট কৰিছিল। কংগ্ৰেছৰ দৃষ্টিত এয়া আছিল গণতন্ত্রৰ নীতি আৰু সংসদীয় প্রাধান্যতাৰ প্রতি ন্যায়পালিকাৰ পৰা অহা প্রত্যাহ্বান। 

কংগ্ৰেছে অভিযােগ উত্থাপন কৰে যে ন্যায়পালিকা এটা ৰক্ষণশীল অনুষ্ঠান আৰু সেয়ে এই অনুষ্ঠানটোৱে কংগ্ৰেছৰ দৰিদ্ৰপন্থী কল্যাণমূলক কার্যসূচী কার্যকৰী কৰাত বাধাৰ সৃষ্টি কৰিছে।

ইন্দিৰা গান্ধীৰ একনায়কত্ববাদী চৰিত্ৰক নিয়ন্ত্রণ কৰিবৰ বাবে ন্যায়পালিকাসমূহত বিভিন্ন সাংবিধানিক প্রশ্নৰ উদয় হৈছিল। প্ৰথমতে, সাংসদে মৌলিক অধিকাৰ বাতিল কৰিব পাৰেনে? 

দ্বিতীয়তে, সংবিধান সংশােধনীৰে সম্পত্তি অধিকাৰ সংকুচিত কৰিব পাৰেনে? তৃতীয়তে, নির্দেশক নীতিৰ খাতিৰত মৌলিক অধিকাৰ সংকুচিত কৰিব পাৰেনে? 

এইবােৰ প্ৰশ্নত ন্যায়ালয়ে নকাৰাত্মক স্থিতি গ্ৰহণ কৰিছিল। ফলস্বৰূপে ন্যায়পালিকা আৰু সংসদৰ মাজত সংঘাত আৰম্ভ হয়। এই সংঘাত অধিক তীব্র হয় কেশবানন্দ ভাৰতী মােকর্দমাত। ইন্দিৰা গান্ধীয়ে ন্যায়ালয়ৰ এই স্থিতি সহ্য কৰিব নােৱাৰি কিছু দিনৰ পিছতে উচ্চতম ন্যায়ালয়ৰ মুখত ন্যায়াধীশৰ পদটো খালী হােৱাত তিনিজন জ্যেষ্ঠ ন্যায়াধীশক অতিক্রম কৰি এ . এন. বায়ক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াত তীব্র প্রতিক্রিয়া সৃষ্টি হয়। 

প্রশ্ন ১০ : ১৯৭৫ চনৰ জৰুৰী ব্যৱস্থাৰ প্ৰভাৱৰ (legacy) বিষয়ে পৰীক্ষা কৰা।
উত্তৰ : ১৯৭৫ চনত ঘােষিত জৰুৰী ব্যৱস্থাই ভাৰতীয় ৰাজনীতিত সদৰ প্রসাৰী প্ৰভাৱ সৃষ্টি কৰিছিল। সেইবােৰৰ ভিতৰত কেইটামান গুৰুত্বপূর্ণ প্রভার এনেধৰণৰ

(ক) মৰ্চা ৰাজনীতি : ১৯৭৫ চনৰ জৰুৰী অৱস্থাৰ পিছত অনুষ্ঠিত নির্বাচনত কংগ্ৰেছ দল পৰাস্ত হয় আৰু ভাৰতত পােন প্রথমবাৰৰ বাবে কেন্দ্ৰত মৰ্চা চৰকাৰ গঠন কৰা হয়। এই চৰকাৰ ব্যৱস্থা বর্তমানলৈকে ভাৰতীয় ৰাজনীতিত অতি গুৰুত্বপূর্ণ অংশ হৈ আছে। 

(খ) উৎসর্গিত আৰক্ষী আৰু আমােলাতন্ত্র : জৰুৰী অৱস্থাৰ সময়ত কংগ্ৰেছ চৰকাৰে আৰক্ষী বাহিনী আৰু আমােলাতন্ত্রক দলীয় আঁচনি আৰু আদর্শ পুৰণত ব্যৱহাৰ কৰিছিল। উল্লেখযােগ্য যে পৰৱৰ্তী সময়তাে আৰক্ষী আৰু আমােলাতন্ত্রক চৰকাৰ গঠন কৰা দলে নিজা দলীয় স্বার্থ পূৰণ ব্যৱহাৰ কৰা দেখা যায়। 

(গ) দলীয় সংঘাত : জৰুৰী অৱস্থাৰ সময়ত কংগ্ৰেছ আৰু বিৰােধী দলবােৰৰ মাজত যি সংঘাতৰ সূচনা হৈছিল তাৰ পৰিণতিত প্রতিহিংসাত্মক কার্যত লিপ্ত হােৱা দেখা গৈছিল। বর্তমানেও বিৰােধী দলে চৰকাৰক গঠনমূলক পৰামর্শ প্রদান কৰাৰ পৰিৱর্তে সকলাে সময়তে বিৰােধিতা কৰা দেখা যায়।

(ঘ) কংগ্ৰেছৰ আভ্যন্তৰীণ কন্দল : জৰুৰী অৱস্থাক কেন্দ্ৰ কৰি কংগ্ৰেছ দলৰ নেতাসকলৰ মাজত যি আভ্যন্তৰীণ কন্দল আৰম্ভ হৈছিল সেই কন্দল এতিয়ালৈকে অন্ত পৰা নাই।


গণতন্ত্ৰৰ সংকট/সাংবিধানিক ব্যৱস্থাৰ সংকট/সাংবিধানিক শৃংখলাৰ সংকট/ভাৰতীয় গণতন্ত্ৰ class 10/বিধানমণ্ডল মানে কি?/গণতান্ত্ৰিক উত্থান আৰু মৰ্চা ৰাজনীতি/জৰুৰীকালীন অৱস্থা মানে কি বুজা?/সনাতন গণতন্ত্ৰৰ দুটা বৈশিষ্ট্য/গণতন্ত্ৰ বুলিলে কি বুজা?/কার্যপালিকা কি?/ভাৰতৰ সংবিধানত থকা অধিকাৰ/ন্যায়পালিকা মানে কি?/ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ গুৰুত্ব ৰচনা/গণতন্ত্ৰ মানে কি?/সংবিধানৰ প্ৰস্তাৱনাৰ ওপৰত এটি টোকা লিখা।/সামাজিক পৰিৱৰ্তন আৰু ৰাজনীতি class 12/গণতান্ত্ৰিক বিকেন্দ্ৰীকৰণ মানে কি?/মৌলিক অধিকাৰ class 11/গণতন্ত্ৰ বৈশিষ্ট্য/সংসদীয় চৰকাৰৰ বৈশিষ্ট্য/মুক্ত দুৱাৰ নীতি বুলিলে কি বুজা?/নির্দেশাত্মক নীতি অসমীয়া/দুটা সংবাদ মাধ্যমৰ নাম লিখা/মৰ্চা চৰকাৰ বুলিলে কি বুজা?/ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা/সত্যাগ্রহ বুলিলে কি বুজায়/বনানীকৰণৰ গুৰুত্বৰ বিষয়ে লিখা/পৌৰ অধিকাৰ সমূহ কি কি?/ভাৰতৰ কোনখন ৰাজ্যৰ নিজা সংবিধান আছে/গণতান্ত্রিক বিকেন্দ্রীকৰণ কি অসমীয়া/ভাৰতীয় সংসদৰ গঠন/সামাজিক আন্দোলন class 12/গণতন্ত্ৰ আৰু ইয়াৰ নীতি সমূহ/ভাৰতৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন?

political science class 12 chapter 6 question answers/class 12 political science chapter 6 international organisation notes/class 12 political science book 2 chapter 6 notes.

Post a Comment

0 Comments

People

Ad Code