Recent in Technology

যুঁজ/ Lesson-11 Textbook/ Class 9 Assamese/ SEBA Board

Attention Please!

নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা যুঁজ class 9 assamese lesson 11 Online textbook for readers Assam seba board


যুঁজ/ Lesson-11 Textbook/ Class 9 Assamese/ SEBA Board


যুঁজ/Lesson11

(নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা যুঁজ)




ড° মৃণাল কলিতা


একেটা ঘটনাৰ পুনৰাবৃত্তি হল। এদিন দুদিনকৈ আজি কেবাদিনাে। আজি প্রশান্তৰ বেগৰ পৰা টকা চুৰি হ’ল। প্রশান্তই অভিযােগ দিয়াৰ লগে লগে সিহঁতৰ শ্রেণী শিক্ষক মহেন্দ্র মাষ্টৰ খঙত অগ্নিশর্মা হৈ পৰিল। হবই। মাথো দুদিনমান আগতে তেওঁ সকলােকে সাৱধান কৰি দিছিল। 

খঙত তেওঁ গর্জি উঠিল। ‘তহঁতক কৈছিলোঁ যে স্কুললৈ সৰহকৈ টকা নানিবি। দৰ্কাৰ নাথাকিলে নানিবিয়েই। ‘ছাৰ, দুখন বহী কিনিব লগা আছিল।’ – প্রশান্তই কৈফিয়ৎ দিবলৈ চেষ্টা কৰিলে। তাৰ কথালৈ ভ্রুক্ষেপ নকৰি তেওঁ কৈ গ'ল।

‘তহঁতক আৰু কৈছিলোঁ যে চোৰ যদি ধৰা পৰ, এইখন স্কুলৰ পৰা খেদা খাব লাগিব। এইখন স্কুলত চোৰৰ বাবে ঠাই নাই। এইবাৰ তেওঁ ছাত্র-ছাত্রীসকলৰ ফালে আগবাঢ়িল আৰু এফালৰ পৰা সকলােৰে জেপ আৰু বেগবােৰ পৰীক্ষা কৰিবলৈ ধৰিলে। সিদ্ধার্থৰ বেগটো খুলি মহেন্দ্র মাষ্টৰে তাৰ মুখলৈ তীক্ষ্ণ দৃষ্টিৰে চাই ৰ’ল। বেগত দুখন পঞ্চাশ টকীয়া আৰু সৰু কেইখনমান নােট। প্রশান্তৰৰ দুখন পঞ্চাশ টকীয়া নােট হেৰাইছে।

‘মােৰ নিজৰ, মায়ে দিছে। ‘ফাকি মাৰিবলৈ আহিছ?’– মহেন্দ্র মাষ্টৰ গর্জি উঠিল।
‘পৃথিৱীত পঞ্চাশটকীয়া নােট কি মাত্র দুখনেই?’– মহেন্দ্র মাষ্টৰৰ চকুৰ ফালে চাই সিদ্ধার্থ প্রায় চিঞৰি উঠিল। খঙত সি কঁপিবলৈ ধৰিছে। সকলোে হতভম্ব হৈ গ'ল। 

সিহঁতৰ শ্ৰেণীত শিক্ষকক আজিলৈ কোনেও এনেধৰণে ব্যৱহাৰ কৰি পােৱা নাই। মহেন্দ্র মাষ্টৰৰ দৰে কঢ়া শিক্ষকৰ চকুৰ ফালে চাই এনেধৰণে কথা কোৱাৰটো প্রশ্নই নুঠে। 

গােটেই শ্ৰেণীকোঠা কাঁহ পৰি জীণ যােৱাৰ দৰে হ’ল। মাষ্টৰে কোনােমতে নিজকে চম্ভালি লৈ শান্ত কিন্তু দৃঢ়ভাবে ক'লে—
“ঠিক আছে। কিন্তু যিদিনাই প্রমাণসহ ধৰা পৰ সিদিনাই এইখন স্কুলত তােৰ শেষ দিন জানিবি।

(২)

ইচ্ছা কৰিয়েই নির্মল অলপ পলমকৈ স্কুলৰ গেটৰ বাহিৰ ওলাল। কিবা এটা কৌতূহল আৰু সন্দেহৰ বশবর্তী হৈ সি পাণদোকানখনলৈ আগবাঢ়িল। অনুমান কৰামতেই সি দূৰৰ পৰাই সিদ্ধার্থক পাণদোকানখনত দেখা পালে। নির্মলে তাক এই দোকানখনত প্ৰায়েই দেখা পায়। 

দুই-এদিন দোকানৰ আঁৰত লুকাই সিদ্ধার্থক চিগাৰেট টানি থকাও সি দেখা পাইছে। প্রথমতে দেখি সি হতভম্ব হৈ গৈছিল। সিহঁতৰ দৰে ইমান সৰু ল'ৰাক নির্মলে চিগাৰেট খােৱা আগতে দেখা নাই। 

এই দোকানীজনক নির্মলৰ কিবা ভাল নালাগে। দোকানলৈ যােৱা ল'ৰা-ছােৱালীবােৰক তেওঁ খুব মন দি নিৰীক্ষণ কৰে যেন লাগে তাৰ। নির্মলকো দোকানীজনে কেইবাদিনাে লক্ষ্য কৰাৰ পিছত এদিন তাৰ ঘৰৰ কথা সুধিছিল। তাৰ মাক-বাপেক, ভনীয়েকৰ বিষয়ে সােধা কথাবােৰত সি অকণাে আন্তৰিকতা বিচাৰি পােৱা নাছিল। 

বৰং আনৰ ঘৰৰ কথা জনাৰ অতিৰিক্ত আগ্রহে নির্মলৰ চকুত মানুহজনক এক ৰহস্যময় চৰিত্ৰ কৰি তুলিছিল। পৰাপক্ষত সি এই দোকানখনলৈ নাযায় আজিকালি। এই দোকানীজনৰ লগত সিদ্ধার্থৰননা কি ইমান কথা পাতিব লগা থাকে। সেই কথা নির্মলে কোনােদিনে সােধা নাই। হয়তাে সিদ্ধার্থৰ বেপৰােৱা স্বভাৱৰ বাবেই আনসকলৰ দৰে নির্মলেও তাক এৰাই চলিবলৈ আৰম্ভ কৰিছিল।

কিন্তু সিদ্ধার্থ আগতে এনেকুৱা নাছিল। সি সিহঁতৰ লগত হাঁহিছিল, খেলিছিল। আজি কেইমাহমানৰ পৰা সি গহীন, খিংখিঙীয়া আৰু বেপৰােৱা হৈ পৰিছে, বন্ধুসকলৰ পৰা আঁতৰি শ্ৰেণীত পিছফালে বহিবলৈ লৈছে, শিক্ষকে কৰিবলৈ দিয়া ঘৰৰ কাম প্রায়েই নকৰে, আনকি মাজে মাজে স্কুলাে খতি কৰিবলৈ লৈছে।

 নির্মলে সিদ্ধার্থৰ মাক-দেউতাকৰ বিষয়ে কিছুমান কথা ইকাণ-সিকাণকৈ শুনিবলৈ পাইছিল। ভাবিছিল তাৰ এই পৰিবৰ্তনাে চাগে সেইবােৰ কাৰণতে হৈছে। হয়তাে সেই কথা সঁচাও। কিন্তু এই ৰহস্যময় দোকানখনত তাৰ সঘন উপস্থিতিয়ে যেন নির্মলক এক দুর্বোধ্য সাঁথৰৰ মাজলৈ টানি লৈ গ'ল। 

এই সাঁথৰৰ সমাধান, এই ৰহস্যৰ উদঘাটন কৰিব লাগিব। এটা ৰহস্যৰ পকনীয়াত আপােন বন্ধ এজনক হেৰাই যাবলৈ দিব নােৱাৰি। অকলে পঢ়াত ভাল হােৱাত, আচল সুখ নাথাকে। নির্মল দোকানখনৰ ফালে আগবাঢ়ি গ'ল।

“কি লাগে?’– দোকানীজনৰ কণ্ঠস্বৰত ফুটি উঠা বিৰক্তিৰ সুৰটো নির্মলৰ চিনিবলৈ টান নহ'ল।
‘সিদ্ধার্থক লাগে।' – নির্মলেও বেপৰােৱাভাৱে উত্তৰ দিলে। এইবাৰ সি সিদ্ধার্থৰ ফালে চাই প্রায় কর্তৃত্বৰ সুৰত ক'লে—
‘তােৰ লগত মােৰ কথা আছে।




হয়তাে দায়িত্ববােধে কর্তৃত্বও প্ৰদান কৰে। সেই কর্তৃত্বৰ পৰা উৎসাৰিত নির্দেশত যেন সিদ্ধার্থ দৰে গুৰু গােসাই নমনা ল'ৰাজনাে দুর্বল হৈ পৰিল। 

নির্মলৰ পিছে পিছে সি খােজ ল’লে। দোকানখনৰ পৰা কিছু দূৰত নির্মল ৰ’ল। কোনাে পানি নেমেলাকৈ নির্মলে তাক পােনপটীয়াকৈ প্রশ্ন কৰিলে।
‘প্রশান্তৰ পৰা টকা কিয় চুৰ কৰিলি?

‘তহঁত সকলােৱে মােকেই কিয় সন্দেহ কৰ?’ সিদ্ধার্থই নিজেও বুজি পালে তাৰ কথাত জোৰ কমি গৈছে, আত্মবিশ্বাসৰ চিননা তাত নাই। তথাপি সি শেষ চেষ্টা এটা কৰি চালে
মই চুৰ কৰা নাই।

‘মােৰ চকুৰ ফালে চাই ক।—নির্মলৰ কথাৰ সুৰত নিজে নজনাকৈয়ে যেন হঠাতে কোমলতা এসােপা মিহলি হৈ গ'ল।
‘তােৰ চকুৰ ফালে চাব নােৱাৰিব লগা কি আছে।”— তলমূৰকৈ সিদ্ধার্থই ক'লে।

কেইটিমান মুহূর্ত অস্বস্তিকৰ নীৰৱতাৰে পাৰ হৈ গ'ল। নির্মলে দেখিলে মহেন্দ্র মাষ্টৰৰ চকুত চকু থৈ ভেকাহি মাৰি উঠা উদণ্ড বেপৰােৱা ল'ৰাজন যেন তাৰ সন্মুখত নিষ্প্রভ হৈ পৰিছে। | ‘তােৰ কি হৈছে, মােক ক’বি?

নাই, সিদ্ধার্থই একো কোৱা নাই। সি একো ক'ব খােজা নাই। সি একো ক'ব নােৱাৰে। কি হ'ল জানাে—নির্মলে কিবা বুজি পােৱাৰ আগতেই সিদ্ধার্থই চকুৰ আগেৰে পাৰ হৈ যাব ধৰা চিটি বাছ এখনৰ পিছে পিছে দৌৰিবলৈ আৰম্ভ কৰিলে। কোনােবা এপাকত সি জাপ মাৰি পাওদানিত ওলমি দিলে কোনােমতে। সি শুনিবলৈ পালে নির্মলৰ কণ্ঠস্বৰ।
‘তােৰ কি হৈছে মােক ক’বই লাগিব সিদ্ধার্থ!

(৪)
সিদ্ধার্থ প্রায় এসপ্তাহ বিদ্যালয়লৈ যােৱা নাই। যাবলৈ তাৰ সাহস হােৱা নাই। নির্মলৰ কথাষাৰ তাৰ যন্ত্রণাদগ্ধ বুকুৰ মাজত বাজি শান্তিৰ সংগীত হৈ ৰৈছে।
‘তােৰ কি হৈছে মােক ক'বই লাগিব সিদ্ধার্থ!

এইষাৰ কথা কব পৰা মানুহবােৰেই সিদ্ধার্থৰ জীৱনৰ পৰা বহু দূৰলৈ গুচি গ'ল। নােপােৱা মৰম পােৱাৰ আশাই যেন তাক দুর্বল আৰু অভিমানী কৰে। কাৰ ওপৰত এই অভিমান সিদ্ধার্থই যেন নিজেও বুজি নাপায়।

মহেন্দ্র মাষ্টৰৰ কর্কশ কঠোৰ বাক্যবাণৰ মুখামুখি হােৱা যেন সহজ—তাৰ দৰে বেপৰােৱা উদণ্ড ল’ৰা এজনৰ বাবে চকুত চকু থৈ সেই আক্রমণৰ প্ৰত্যুত্তৰ দিয়াও সহজ; কিন্তু নির্মলৰ দৰে লৰাৰ মুখামুখি হােৱা সহজ নহয়। তাৰ দৰে ল'ৰাৰ কথাৰ উত্তৰ দিব নােৱাৰি অস্বস্তিকৰ মৌনতাৰ মাজত মাথো ছটফটাইহে ৰ'ব পাৰি।

নির্মলৰ মুখামুখি হ’বলৈ সিদ্ধার্থক অলপ মানসিক প্রস্তুতিৰ দৰকাৰ।
নির্মলৰ সৈতে মুখামুখি হােৱাৰ ভয় নে নির্মলৰ কথাবােৰে অনা প্ৰৱল প্ৰতিৰােধ সিদ্ধার্থই বুজি নাপায়। সি এসপ্তাহ পাণ দোকানখনলৈ যাব পৰা নাই। 

হয়তাে সেইবাবেই পুৰণি বিষাদৰ পােৰণিবােৰ বাঢ়িছে, অস্থিৰতাও বাঢ়িছে কিবা এক অনিশ্চয়তা আৰু ভীতিৰ ভাবে প্রবল ৰূপ লৈ তাক যেন গ্রাস কৰিবলৈ খেদি আহিছে বাৰে বাৰে। সিদ্ধার্থই মন কৰিলে তাৰ হাত-ভৰিৰ কঁপনিবােৰ বাঢ়িছে।

পাণদোকানীজন, নির্মল আৰু যিবােৰ মানুহ তাৰ আপােন আছিল, আপােন হৈ থাকিব লাগিছিল। সেইসকলৰ ভিন্নমুখী টনা-আজোৰা আৰু স্মৃতিৰ অসহনীয় ভৰত বিছত ছটফটাই থাকে সি। অকলশৰে। ঘৰটোৰ মৃত্যুশীতল নির্জনতাত ডুবি থাকে সি। তাৰ বুকুৰ মাজত সঞ্চিত কেইটামান শব্দই যেন চৌচিৰা কৰি পেলায় তাৰ নিজৰ নিঃসংগ নির্জন জগতখন ‘তােৰ কি হৈছে, মােক ক'বই লাগিব সিদ্ধার্থ।

(৫)
শ্ৰেণীকোঠাত সােমায়েই মহেন্দ্র মাষ্টৰে ছাত্ৰ-ছাত্ৰীসকলৰ মুখবােৰত চকু ফুৰালে। তাৰ পিছত যেন এটা সন্তুষ্টিৰ হাঁহি মাৰি তেওঁ ক'লে—এই বজ্জাতটো আজিও স্কুললৈ অহা নাই। চোৰ ধৰা পৰি এতিয়া লাজতে আহিব নােৱৰা হৈছে। নির্মলৰ মনটো যেন সেমেকি গ'ল। 

কিবা এটা ক’বলৈ ওলায়াে সি ৰৈ গ'ল। মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতাে হয়তাে কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য। সেইবােৰকে সি বিচাৰি ফুৰিছে। সেইবােৰ সি বিচাৰি উলিয়াবই।

কোঠাটোৰ ভিতৰত আন্ধাৰে জুম বান্ধিছে। বিছনাৰ পৰা উঠি গৈ লাইটটো জ্বলাবলৈ সিদ্ধার্থ। মন যােৱা নাই। মাক সম্ভৱতঃ এতিয়াও ঘৰ পােৱাহি নাই। 

আজি অতদিনে সি স্কুললৈ যােৱা নাই, তাকে লৈ মাকৰ কোনাে উদ্বিগ্নতা নাই। মাথো এদিনেই সুধিছিল—“স্কুললৈ নাযাৱ?’ সি গা বেয়া বুলি কৈ সামৰি থৈছিল। তাৰ উত্তৰত মাক ইমান সহজেই আশ্বস্ত হৈছিল যে তাৰ পিছত আৰু এদিননা তাক একো নুসুধিলে। নাই, নাই, তাৰ অভিমান হােৱা নাই। যিবোেৰ আঘাত আৰু দুখ প্রাত্যহিক হৈ পৰে, সেইবােৰে হয়তাে মানুহক অভিমানী কৰিব পৰাৰ ক্ষমতাও হেৰুৱাই পেলায়।

দেউতাকে সিহঁতক এৰি যােৱাৰ দুবছৰেই হ'ল কিজানি। বুজা হােৱা বয়সৰ পৰাই সি দেখিছিল তাৰ মাক-বাপেকৰ মাজৰ দুৰ্বাদল কাজিয়া। প্রচণ্ড চিঞৰ-বাখৰ, উফৰি অহা তীক্ষ্ণ গালি-গালাজৰ শ্বাসরুদ্ধকৰ সময়খিনিত সি নির্বাক হৈ চাই ৰৈছিল মাক-বাপেকৰ প্ৰস্তৰ কঠিন মুখ দুখন। 

মাক নে বাপেক কাৰ পক্ষ ল’ব সি—সেই নিদাৰুণ প্রশ্নৰ আঘাতত অবিৰত ৰক্তক্ষৰণ হৈছিল তাৰ কোমল বুকুৰ ভিতৰখনত। উজাগৰ ৰাতিবােৰত তাৰ চকুৰ পানীবােৰ চকুতে শুকাইছিল—সেইবােৰ মচি দিব পৰাকৈ তাৰ মাকৰ হাতদুখনৰ কোমলতাখিনি যেন ক'ৰবাত হেৰাই গৈছিল। বাপেকৰাে।

আৰু এদিন বাপেকে সিহঁতক এই ঘৰটোত এৰি থৈ ক'ৰবালৈ গুচি গৈছিল। মাক-বাপেকৰ মাজত কি এনে এক প্রচণ্ড, অমােঘ, অমীমাংসিত প্রশ্ন আহি পৰিছিল, যি প্রশ্নই  তেওঁলােকৰ নিজৰ সন্তানকো দুখ-যন্ত্রণাৰ অতল আৰু পাৰাপাৰহীন সাগৰত নিক্ষেপ কৰাৰ পৰা বাৰণ কৰিব পৰা নাছিল?

আহিছিল। সপ্তাহ-পষেকৰ মূৰে মূৰে দেউতাকে তাক স্কুল ছুটীৰ পিছত আহি লগ ধৰিছিল। দেউতাকে তালৈ বিধে বিধে চকলেট লৈ আহিছিল। ঘৰলৈ আহি যেতিয়া সি চকলেটত কামােৰ দিছিল, চকলেটৰ স্বাদ তাৰ জিভাত লগাৰ আগতেই দুচকু ভৰি পৰিছিল পানীৰে; অবাধ্য চকুপানীবােৰ সৰসৰকৈ সৰি পৰিছিল।

মাক-বাপেকৰ কি সেই অমীমাংসিত প্রশ্ন, যি আছিল তাৰ চকুপানীবােৰতকৈও গধুৰ। খুব সােনকালেই বাপেকে অনা চকলেটৰ সাঁচি ৰখা কাগজবােৰেৰে ভৰি পৰিছিল সিদ্ধাৰ্থৰ এটা ডাঙৰ পেঞ্চিল বক্স। তাতকৈও সােনকালে ভৰি পৰিছিল তাৰ বুকুখন—অসহনীয় শূন্যতাৰে। 

হাঁহিব নােৱাৰি, খেলিব নােৱাৰি, শুব নােৱাৰি—ইমানেই তীব্র সেই শূন্যতাৰ ভাৰ, দুখৰ দাহন।।
আৰু এদিন সি দেউতাকক কৈছিল—“তুমি আৰু মােক লগ ধৰিবলৈ নাহিবা। দেউতাকৰ মুখলৈ সি চোৱা নাছিল, তাৰ ভয় হৈছিল—দেউতাকৰ চকুৰ কোণত জমিবলৈ
ধৰা চকুপানীবােৰে তাকো আমনি কৰে বুলি।
“কিন্তু কিয় ?
দেউতাকৰ প্ৰশ্নৰ উত্তৰ সি দিয়া নাছিল। দেউতাককো সি কোনােদিনে সােধা নাছিল—কিয়। এৰি গৈছিল তাক!

(৭)
কথাবােৰ ক'ৰ পৰা ক’ত পালেগৈ সেইবােৰত সিদ্ধার্থৰ যেন নিয়ন্ত্রণ নাছিল। ব’ঠা নাইকিয়া নাও এখনত যেন সি উটি-ভাহি ফুৰিছিল। নৈৰ সোঁত আৰু ধুমুহাই নাওখন য’লৈকে নিয়ে সেয়াই যেন হৈ পৰিছিল তাৰ গন্ত।

আছে, সকলাে মনত আছে তাৰ।
ঘৰত তাৰ ভাল নলগা হৈ আহিছিল। স্কুল ছুটীৰ পিছত অনাই-বনাই ঘূৰি ফুৰি পলমকৈ ঘৰ চাপিছিল। মাকৰ তাৰ প্রতি মনােযােগ কমি গৈছিল। 

কেতিয়াবা মাকে কিবা প্রশ্ন কৰিলেও সি হৈ পৰিছিল বেপৰােৱাভাবে আক্রমণাত্মক। হয়তাে মাকৰ বিৰুদ্ধেও আছিল তাৰ তীব্র আক্রোশ। পাবলগীয়া মৰমবােৰ হেৰুৱাই এখন ভাগি যােৱা সংসাৰৰ সি হৈ পৰিছিল এটা বিদ্রোহী অথচ কৰুণ চৰিত্ৰ।

সকলাে অৱলম্বন হেৰুৱাই সি বিচাৰিছিল এটা অৱলম্বন, নিৰাশ্ৰয় হৈ বিচাৰিছিল কাৰােবাৰ সামান্য স্নেহৰ ছায়া, ডুবন্ত মানুহৰ দৰে দুহাত মেলি সি বিচাৰি ফুৰিছিল সামান্য এডাল খেকুটা।



তেনে সময়তে সিদ্ধার্থই লগ পাইছিল এই পাণদোকানীজনক। তেওঁৰ সৈতে কথা পাতি পাৰ কৰিছিল সি বহু সময়। দোকানীজনৰ সামান্য স্নেহস্পৰ্শত উথলি উঠিছিল তাৰ বুকুখন। বুকু উজাৰ কৰি সি কৈ গৈছিল তাৰ দুখৰ কাহিনী।

আৰু এদিন দোকানীজনে তাৰ হাতত তুলি দিছিল এটা চিগাৰেট। প্রথমতে সি খাব খােজা নাছিল। মানুহজনে তাক প্রলুব্ধ কৰিছিল—“খাই চোৱাচোন, দেখিবা তােমাৰ দুখ বহুত কমি গৈছে, মনটো বহুত ভাল লাগি গৈছে।

কম্পিত আঙুলিৰ ফাকত চিগাৰেটডাল লৈ সি মনৰ মাজত বিচাৰি ফুৰিছিল এনে এখন মুখৰ ছবি যিখন দেখিলে সি অনায়াসে পেলাই দিব পাৰে সেই চিগাৰেটডাল।
সি বিচাৰি পােৱা নাছিল।

চিগাৰেটডাল শেষ হােৱাৰ অলপ সময় পিছতে সি অনুভৱ কৰিছিল তাৰ দেহৰ ভিতৰেদি বাগৰি ফুৰিছে এটা উল্লাসৰ টৌ—সেই ঢৌৰবাৰে উটুৱাই লৈ গৈছে তাৰ দুখৰ ভাৰ! কোনােদিনে অনুভৱ নকৰা এটা প্রশান্তিৰ ভাবত আচ্ছন্ন হৈ পৰিছিল তাৰ দেহ-মন।

বহুদিন পিছত সেইদিনা ৰাতি তাৰ দীঘলীয়া আৰু গভীৰ টোপনি হৈছিল। পিছদিনা ৰাতিপুৱা। সাৰ পাই উঠাৰ কেইঘণ্টামান পিছত সি ভীষণভাবে অস্থিৰ হৈ উঠিছিল। পুৰণি দুখ-যন্ত্রণাবােৰে এইবাৰ যেন আগতকৈও বেছি তীব্রভাবে যাতনা দিবলৈ আৰম্ভ কৰিছিল। 

দ্বিতীয় এটা চিগাৰেটৰ বাবে সি পাগলৰ দৰে হৈ পৰিছিল আৰু উপস্থিত হৈছিলগৈ পাণদোকানৰ সন্মুখত। দোকানীজনে তাৰ ফালে চাই মিচিকিয়াই হাঁহিছিল। হাঁহিটো তাৰ ভাল লগা নাছিল; কিন্তু সেই হাঁহিটোক ঘৃণা কৰিবলৈ সাহস দিবলৈ তাৰ কান্ধত নাছিল স্নেহময় হাতৰ স্পর্শ।

খুব সােনকালেই সিদ্ধার্থই বুজি পাইছিল ছিগাৰেটবােৰত ধপাতৰ লগত মিহলি হৈ আছে নিষিদ্ধ ডাগছ। ইতিমধ্যে সি নিচাসক্ত হৈ পৰিছিল। এদিন দোকানীজনে তাক কৈছিল—
‘এইবােৰৰ বহুত দাম। অনাৰাে ৰিস্ক আছে, পুলিচৰ ঝামেলা আছে। এতিয়াৰে পৰা পইচা দিবা, বস্তু ল’বা।'

এদিন মাকে গা ধুবলৈ বাথৰূমত সােমাওঁতে সি চুৰ কৰিছিল মাকে খুলি থােৱা খাৰুযােৰ যি সময়ত সি সােণৰ খাৰুযােৰ পাণদোকানীজনৰ হাতত তুলি দিছিল, সেই সময়তে পুলিচে সিহঁতৰ ঘৰৰ কাম কৰা ছােৱালীজনীক বান্ধি নি লকআপত ভৰাইছিল। 

অন্তর্দ্বন্দ্ব হৈছিল তাৰ। ভাল-বেয়া, ভুল-শুদ্ধ, কাম কৰা ছােৱালীজনীৰ কৰুণ মুখখন আৰু নিচাৰ প্রতি তীব্র আসক্তি—এই সকলােবােৰৰ টনা-আজোৰাৰ মাজেৰে এটা বিনিন্দ্ৰ ৰাতি পাৰ কৰি এসময়ত সি অনুভৱ কৰিছিল—তাৰ ভিতৰৰ মানুহটোৰ ইতিমধ্যে মৃত্যু হৈছে। 

আজিকালি সেইবােৰ সি একো নাভাবে। মাকে দিয়া হাত খৰচ, মাকে অসাবধানতাৰে অতি তত ৰখা টকাবােৰ সকলােবােৰ সি তুলি দিয়ে দোকানীজনৰ হাতত। মাজে মাজে সি খুচৰিব লগা হৈছে সহপাঠীসকলৰ বেগবােৰ। 

আন্ধাৰৰ মাজত খেপিয়াই গাৰুৰ কাষতে ৰখা পেঞ্চিল বক্সটো হাতত তুলি ল'লে সি। এইটো পেঞ্চিল বক্সতে এসময়ত সি বৰ হেঁপাহেৰে দেউতাকে দিয়া চকলেটৰ কাগজবােৰ সাঁচি ৰাখিছিল। বক্সটো খুলি ভিতৰখন চুই চালে সি-ছিগাৰেট, গুড়ি টেবলেট সকলােবােৰ প্রায় শেষ হৈ গ'ল। বহুদিন সি পাণদোকানখনলৈ যােৱা নাই। স্কুললৈ সদ্যহতে যােৱাৰ কথা ভাবিব পৰা নাই। কাইলৈ পাণদোকানখনলৈ এবাৰ—

তােৰ কি হৈছে মােক ক'বই লাগিব সিদ্ধার্থ। আন্ধাৰৰ বুকুৰ তলিৰ পৰা হঠাৎ যেন ওপৰলৈ উঠি আহিব খােজে নির্মলৰ মাতষাৰ।

সিদ্ধার্থই বিছনাত শােৱাৰ পৰাই দেখিলে আন্ধাৰ কোঠাটোৰ ভিতৰত এটা কণমানি জোনাকী পৰুৱা। হয়তাে সিদ্ধার্থই নজনাকৈয়ে খােলা আছিল কোনােবা এখন খিৰিকি। হয়তাে সেইফালেদিয়েই জোনাকী পৰুৱাটো সােমাই যেনি-তেনি উৰি অ'ত-ত'ত পােহৰাই ডাঠ আন্ধাৰৰ মাজত গঢ়িব লাগিছে এটা-দুটাকৈ পােহৰৰ অজস্র বিন্দু!

(৮)
সিদ্ধার্থৰ ঘৰটো কোনেও চিনি নাপায়। আজিলৈ কোনেও তাৰ ঘৰলৈ যােৱা নাই। যাবলৈ বিচাৰিলে সিদ্ধার্থই নিব নােখােজে। বাধ্য হৈ নির্মলে স্কুল ছুটীৰ পিছত পাণদোকানখনলৈ বাট পােনালে। নির্মলক দেখিয়েই দোকানীজনৰ মুখৰ ৰং সলনি হৈ গ'ল। দোকানখনৰ সন্মুখত বাইকত বহি থকা ল'ৰা দুজনেও যেন তাক সন্দেহৰ দৃষ্টিৰে চাবলৈ ধৰিলে।

‘সিদ্ধার্থ আহিছিল নেকি?—অস্বস্তিৰ মাজেৰেই নির্মলে দোকানীজনক সুধিলে।
নাই অহা। আজি কেবাদিনাে অহা নাই।'—চেপি ৰখাৰ পিছতাে দোকানীজনৰ মুখৰ শব্দবােৰ ক্ষোভ মিহলি হৈ ওলাল। নির্মলে তাৰ পৰা আহিবলৈ লওঁতে দোকানীজনে তাক আকৌ ক'লে—
‘শুন। কাম নাথাকিলে ইয়ালৈ আহি বিৰক্ত নকৰিবি।

কথাষাৰ সতর্কবাণীৰ দৰেই শুনা গ'ল। নির্মল গুচি আহিল। খােজ কাঢ়ি স্কুলৰ গেট পাৰ হােৱাৰ পিছতে আচম্বিতে ঘটি গল ঘটনাটো। নির্মলৰ গাৰ কাষ পাওঁতেই বাইক এখনৰ গতি কমিল আৰু বাইকৰ পিছফালে বহি অহা ল'ৰাজনে প্রচণ্ড জোৰেৰে তাৰ মুখৰ ফালে লক্ষ্য কৰি ঘােচা এটা মাৰি দিলে। 

নির্মলে কিবা এটা কৰাৰ আগতেই গতি বঢ়াই বাইকখন মুহূর্ততে আঁতৰি গৈ সন্মুখৰ কেঁকুৰিটোত অদৃশ্য হৈ গ'ল। নির্মলৰ নাক ভাগি তেজৰ সোঁত এটা বৈ আহিল। প্রচণ্ড যন্ত্রণাত পথৰ দাঁতিত মুখ ঢাকি নির্মল বহি পৰিল।

ৰাস্তাৰ সিপাৰৰ পৰা চিটিবাছৰ পৰা নামিয়েই ঘটনাটো দেখিলে সিদ্ধার্থই। দৌৰি সি নির্মলৰ ওচৰ পালে।
‘কোনে মাৰিলে তােক?

‘পাণদোকানখনলৈ গৈছিলোঁ। তাৰ পৰা আহোঁতেই—হয়তাে দোকানখনৰ সন্মুখত বাইকত বহি থকা ল'ৰা দুজনে—সেই দোকানীজন ভাল নহয় বুজিছ’ –একে উশাহতে কৈ উঠে নির্মলে।

কিয় গৈছিলি দোকানখনলৈ?'—প্রচণ্ড খঙত যেন কঁপি উঠিছে সিদ্ধার্থ। ‘তােক বিচাৰি।। নাযাবি তালৈ। কেতিয়াও।। ‘তই যাৱ বাবেহে যাব লগা হ'ল।
সিদ্ধার্থ নিৰুত্তৰ হৈ ৰ'ল। ক’বৰ বাবে কেইটামান শব্দ বিচাৰি সি যেন হায়ণ হ'ল। তীব্র যন্ত্রণাৰ মাজেৰে উচ্চাৰিত কেইটামান শব্দ সিদ্ধার্থৰ কাণত পৰিল—
‘তই মােক বিচাৰি আহিছিলিনে পাণ দোকানখনলৈহে আহিছিলি?

সিদ্ধার্থই দেখিলে মুখৰ পৰা হাত দুখন আঁতৰাই নির্মলে উত্তৰৰ আশাৰে তাৰ মুখলৈ চাই ৰৈছে। তাৰ নাকটো ফুলি প্ৰকাণ্ড হৈ উঠিছে। নাকেৰে তেজ তেতিয়াও বৈ আছে।
“তােৰ কি হৈছে মােক ক'বই লাগিব সিদ্ধার্থ।'—সেহাই সেহাই নির্মলে আকৌ ক'লে। সিদ্ধার্থই মন কৰিলে—তেজেৰে ৰাঙলী হৈ পৰিছে নির্মলৰ দুহাত, যন্ত্রণাত কঁপি আছে ল'ৰাটো।

(৯)
আজি বহুদিনৰ মূৰত সিদ্ধার্থ পঢ়া মেজত বহিছে। কিন্তু পঢ়াত সি একেবাৰে মন বহুৱাৰ পৰা নাই। মাথোঁ খালী হৈ যােৱা পেঞ্চিল বক্সটো লিৰিকি বিদাৰি খােলা খিৰিকিখনেৰে বাহিৰলৈ চাই ৰৈছে। সেই ঠাইখিনি পিতনি, বােকাৰে ভৰা। সােনকালেই হয়তাে তাত গজি উঠিব এটা ফ্লেট। 

পিতনিৰ কচুৱনিৰ ওপৰেদি হাজাৰ-বিজাৰ জোনাকী পৰুৱা উৰিছে—জ্বলিছে নুমাইছে। এনেকুৱা সৰু সৰু দৃশ্যবােৰ কিমান দিন যে মন দি চোৱা নাই সি। শূন্য পেঞ্চিল বক্সটোলৈ এবাৰ চালে সিলগে লগেই তাৰ নির্মলৰ কথা মনত পৰিল! কি দৰ্কাৰ তাৰ তাক বিচাৰি পাণদোকানখনলৈ যােৱাৰ? 

কি দৰ্কাৰ তাৰ কথাবােৰ জনাৰ? কি লাভ হ'ব তাৰ? সিদ্ধার্থৰ চকুৰ সন্মুখত নির্মলৰ ৰক্তাক্ত মুখখনৰ ছবি ভাহি উঠিল। লাভ-লােকচানৰ হিচাব-নিকাচৰ বাহিৰৰ পৃথিৱী এখনাে আছে নেকি এইখন পৃথিৱীত? সেইখন পৃথিৱীকে বিচাৰি এবাৰ নির্মলৰ ওচৰলৈ যাবলৈ বৰ মন গৈছে তাৰ।

(১০) 
বিলম্বিত লয়ত চহৰখনলৈ গধূলি নামিছে। সন্মুখত নৈখন লৈ ঘঁ-পােহৰৰ মাজত বহি আছে। সিদ্ধার্থ আৰু নির্মল। ধীৰ, শান্ত গতিত নৈখন বৈ গৈছে।

কিবা অচিন চৰাই এটাই চো মাৰি যেন ঠোটেৰে নৈৰ পানীখিনি চোওঁ নােচোওঁ কৰি আকৌ ওপৰলৈ উঠি উৰি গুচি গৈছে। নাই—সিদ্ধার্থৰ বাবে এইবােৰ এখন অচিনাকি জগত। আনকি বুৰ যাবলৈ ধৰা হেঙুলীয়া ৰঙৰ বেলিটোও তাৰ বৰ চিনাকি নহয়। শান্ত মৃদু স্বৰেৰে সিদ্ধার্থই ক'লে—
হয়তাে জীৱনটোৱে মােক প্ৰবঞ্চনা কৰিলে।

নির্মলে ক’ব খােজা কথাৰ সোঁতত বাধা দিবলৈ চেষ্টা নকৰিলে। কওক, সিদ্ধার্থই বুকু উজাৰ কৰি কথাবােৰ কওক৷ তাৰ বুকুখন জুৰ পৰক ! অলপ বৈ সিদ্ধার্থই আকৌ ক'লে—‘সাধুকথা শুনি খুব ভাল পাইছিলোঁ জান! পিছে সাধু ক’বলৈহে কোনাে নাছিল।

শৈশৱৰ যি সময়ছােৱাত নির্মলহঁতে মাক বা দেউতাকৰ পৰা পক্ষীৰাজ ঘোঁৰাত উঠি মেঘৰ মাজত ঘূৰি ফুৰা কোনােবা ৰাজকোৱৰৰ সাধু শুনিছিল, সেই ৰাতিবােৰ সিদ্ধার্থই মাক-দেউতাকৰ কাজিয়াৰ মাজত উজাগৰে পাৰ কৰিছিল। নির্মলে বুজি পালে বাহিৰত বেপৰােৱা আপাত কঠিন সিদ্ধার্থৰাে এটা স্পর্শকাতৰ ধুনীয়া মন আছিল, হয়তাে আছে এতিয়াও ক'ৰবাত—নিৰালম্বন, নিৰাশ্ৰয় হৈ পৰা সেই মনটো থাউনি নােপােৱা দুখত হয়তাে ককবকাই আছে বহু বছৰ জুৰি।

অতদিনে জোৰকৈ বান্ধি ৰখা কথাৰ প্ৰবল সোঁত এটাহে যেন মুকলি হৈ গ'ল হঠাতে। সিদ্ধার্থই কৈ গ'ল সকলাে কথা—তাৰ দুখ, যন্ত্রণা, একাকীত্ব আৰু চকুপানীৰ সমস্ত দস্তাবেজ। নিজকে মুকলি কৰি দিবলৈ নির্মলৰ ৰূপত সি যেন অপ্রত্যাশিত অৱলম্বন এটা পাই গ'ল। 

সিদ্ধার্থই কৈ গ'ল তাৰ মাক-দেউতাকৰ বিচ্ছেদৰ পৰা সি ড্রাগছ আসক্ত হােৱালৈ সকলাে, অকপটে—স্পর্শকাতৰ আবেগেৰে জীপাল ল’ৰা এজন নিষিদ্ধ, অপৰাধসুলভ আন্ধাৰ জগত এখনলৈ ক্রমশঃ সােমাই যােৱাৰ দুখৰ এটা দীঘল কাহিনী। এসময়ত সিদ্ধার্থই তাৰ কাহিনী সামৰি ক'লে—

‘বেলি বুৰিল। আন্ধাৰ হ'ল। সিপাৰৰ ঘৰবােৰত এটা-দুটাকৈ লাইটবােৰ জ্বলিছিল।
বেলি বুৰে। আন্ধাৰৰা হয়। তথাপি এই আশা, এই প্রতিশ্রুতি সদায়েই জাগরূক হৈ থাকে যে কাইলৈ বেলিটো ৰঙা হৈ আকৌ ওলাব। বেলি বুৰে, আন্ধাৰ হয়—সেয়াই শেষ সত্য নহয়। একে সময়তে আন ক'ৰবাত বেলি ওলায়, তাত পােহৰ হয়—সেয়াও সত্য। নির্মলে মনে মনে ভাবিলে।

নির্মলে দেখিলে—সিদ্ধার্থই আন্ধাৰৰ মাজত ৰহস্যময় হৈ পৰা নৈখনলৈ চাই আছে একেথিৰে। হয়তাে আন্ধাৰ সদায়েই ৰহস্যময়। নির্মলে ক’বলৈ আৰম্ভ কৰিলে—‘সমস্যা এটাৰ পৰা পলাই নিচাসক্ত হৈ তই একো ভাল কাম কৰা নাই। বৰং নতুন সমস্যা এটা বঢ়াই ললি।

অলপ ৰৈ নির্মলে সিদ্ধার্থক ক'লে—“তই এইবােৰ এৰিব লাগিব সিদ্ধার্থ। হয়তাে কথাষাৰ অনুৰােধ, মৰম, শাসন সকলােবােৰ মিহলি হৈ ওলাল। অলপ চিন্তা কৰি সিদ্ধার্থই হতাশাত ভাগি পৰা মাতেৰে নির্মলক অসহায়ভাবে কৈ উঠে—‘বৰ সহজ নহয় অ’। 

আজি মই ড্ৰাগছ লােৱা নাই। চা চোন—মােৰ হাত ভৰিবােৰ কেনেদৰে কঁপিবলৈ ধৰিছে।  নির্মলে দেখিলে—সঁচাকৈয়ে সিদ্ধার্থৰ হাত-ভৰিবােৰ ঠাণ্ডাত কঁপাৰ দৰে কঁপিছে। আনকি তাৰ জিভাৰ শব্দবোেৰ যেন ক'ৰবাত লাগি ধৰিব খােজে।

‘সহজ নহয়, জানাে। হয়তাে তােৰ ড্ৰাগছৰ ওপৰত নিৰ্ভৰতা বাঢ়ি গৈছে। কিতাপ-আলােচনীত মই অলপ পঢ়িছিলো, জান। ড্ৰাগছৰ এই ভুল পথে মানুহক অকাল মৃত্যু আৰু অপৰাধ জগতলৈ সােনকালে টানি লৈ যায়।

‘জানাে, হয়তাে ময়াে সেই পথত।'—হুমুনিয়াহ এৰি সিদ্ধার্থই ক'লে। আতংকৰ সলনি তাৰ মুখত যেন হতাশাৰ গভীৰ ছায়া। 

বইমান সহজে ভাগি পৰিলে কেনেকৈ হ'ব?'—নির্মলে সিদ্ধার্থক ধমক দি ক’লে। পথ এটা বিচাৰি সি—“মই অকলে নােৱাৰিম। হয়তাে তােক ডাক্তৰৰ সহায় লাগিব। কথাবােৰ মই কাৰােবাক ক'ব লাগিব। সিদ্ধার্থ যেন আতংকিত হৈ উঠিল—“ওহে ন'কবিকাকো নকবি।

ৰ—ভয় কৰিলে নহ'ব। মহেন্দ্ৰ ছাৰক নকওঁ। ক’লেই তােক স্কুলৰ পৰা খেদি দিব। সেইটো সমাধান হ'ব নােৱাৰে। কথাবােৰ অনুভৱ ছাৰক কম। তেওঁ বুজি পায়, বুজি পাব। তেওঁ বাট এটা বিচাৰি উলিয়াব—মই জানাে।

সিদ্ধার্থই এইবাৰ কোনাে প্রতিবাদ নকৰিলে। বহুদিনৰ পিছত কাৰােবাৰ আশ্ৰয়ত অকমান। জিৰাবলৈ মন গৈছে তাৰ।



‘আচল কথা কি জান? মনটো! তই কৈছিলি জীৱনটোৱে তােক প্রবঞ্চনা কৰিলে। জীৱনটোক ভাল পালে জীৱনটোৱে কেতিয়াও প্রবঞ্চনা নকৰে। এই নদী, পাহাৰ, মূৰৰ ওপৰৰ আকাশ, জোনটো, তৰাবােৰ মন গ'লেই ভাল পাব পাৰি, আপােন কৰি ল'ব পাৰি। 

এইবােৰ ভাল পােৱা মানুহ কেতিয়াও নিঃস্ব নহয়, শূন্য নহয়। আচলতে মন গ'লেই সুখী হ'ব পাৰি জান। প্রকৃতিৰ জগতখন যেনেদৰে আছে, তেনেদৰে আছে গানৰ জগত, কিতাপৰ জগত। গান গাব নােৱাৰিব পাৰোঁ, গল্প, উপন্যাস লিখিব নােৱাৰিব পাৰো—কিন্তু মন গ'লেই ধুনীয়া ধুনীয়া গানবােৰ শুনিব পাৰোঁ, ধুনীয়া ধুনীয়া কবিতাবােৰ পঢ়িব পাৰোঁ!

কথাবােৰ নির্মলে নিজকেই কৈছে নে তাকেই কৈছে সিদ্ধার্থই যেন বুজিব নােৱাৰিলে। সিদ্ধার্থi

anubhob কৰিলে—তাৰ এই লগৰীয়াজন যেন সিহঁততকৈ বহুত ডাঙৰ, চকুৰ আগত থাকিও যেন তেনেই অচিনাকি।। সকলাে মানুহৰেই জীৱনবােৰ একো একোখন যুঁজ। সেই যুঁজখনতেই হয়তাে জীৱনৰ আমেজ—হয়তাে খুঁজখনেই জীৱনটো! নিয়মৰ মাজেৰেই জীৱনৰ যুঁজখন যুঁজি যাব লাগিব। নিয়মৰ বাহিৰ হৈ খেলিলে নিজেই বজাব লাগিব ৰেফাৰীৰ হুইছেলটোও।

ৰহস্যময় নৈখনৰ ফালে চাই নির্মলে কৈ গ'ল—
‘অহা সপ্তাহত মই বাহিৰলৈ যাম—বহুত দিনৰ বাবে। মােৰ দেহত এটা জটিল ৰােগ বুজিছ। ময়াে খুঁজিছে। সবেই খুঁজে—মার্থে সকলােৰে যুঁজবােৰ বেলেগ বেলেগ।  

নির্মলৰ জটিল ৰােগৰ আকস্মিক খবৰৰ প্রচণ্ড আঘাতত যেন নির্বাক, নিস্পন্দ হৈ পৰিল সিদ্ধার্থ। কি ক’ব ভাবি পােৱাৰ আগতেই নির্মলৰ কোমল শব্দবােৰ আন্ধাৰ উজাই তাৰ কাণলৈ আহিল
‘বাধা দিবলৈ, বুজাবলৈ, সাহস দিবলৈ মই নাথাকিলেও তই সেই পাণদোকানখনলৈ নাযাবি।
সিদ্ধার্থৰ বুকুখন যেন মােচৰ খাই উঠিলে। সিদ্ধার্থই অনুভৱ কৰিলে এই অনুৰােধৰ উত্তৰ সি দিবই লাগিব। নির্মলৰ হাত এখনত খামুচি সেপ ঢুকি সিদ্ধার্থই কলে—

‘মই নিশ্চয় চেষ্টা কৰিম নির্মল। চকুৰ সন্মুখত নাথাকিলেও মােৰ বুকুৰ ভিতৰৰ পৰাই তই মােক বাধা দি থাকিবি—মই জানাে।
কোমল হাঁহি এটা বিয়পি পৰিল নির্মলৰ মুখমণ্ডলত। মহেন্দ্র মাষ্টৰক চকু পাতি ধৰি ভেকাহি মাৰি উঠা ল'ৰাজনেও এনেকৈ কথা ক'ব পাৰেনে? 

অলপ আগতে সিদ্ধার্থই নির্মলক কৈছিল—তাৰ ভিতৰৰ মানুহজন কেতিয়াবাই মৰি গ'ল। ওঁহাে ভিতৰৰ মানুহজন কেতিয়াও মৰি নাযায়। হয়তাে কেতিয়াবা শুই পৰে। হয়তাে শুই পৰা ভিতৰৰ মানুহজনক মাজে মাজে কোনােবাই জগাই দিব লাগে।কোনােবাই জগাই দিব লাগে।

সিদ্ধার্থই খামুচি ধৰি থকা নির্মলৰ হাতখন জোকাৰ খাই উঠিছে—নিচাসক্তিৰ কঁপনিৰ বাবে নহয়। হয়তাে সিদ্ধার্থই কান্দিছে—হয়তাে তাৰ দুচকু ভৰি পৰিছে পানীৰে—ঘন আন্ধাৰত তাৰ উমান পাব নােৱাৰি।
আন্ধাৰত যদি নীৰৱে সৰি পৰিছে এটোপাল দুটোপাল চকুপানী—ক্ষতি কি?


লেখক-পৰিচয় :
জন্ম কামৰূপ (গ্রাম্য) জিলাৰ বামুন্দীত। গল্পকাৰ ঔপন্যাসিক আৰু নিবন্ধকাৰ হিচাপে কলিতাই অসমীয়া সাহিত্যত এক সুকীয়া স্থান অধিকাৰ কৰিছে। 

ছাত্ৰাৱস্থাৰে পৰা সাহিত্যচর্চা কৰি অহা কলিতা মূলতঃ গল্পকাৰ হিচাপে অধিক পৰিচিত। তেওঁৰ গল্পৰ বিষয়বস্তুৰ বৈচিত্র্য আৰু কলা-কৌশলে পঢ়ুৱৈক মুগ্ধ কৰে। সহজ-সৰল ভাষাৰ মাজেৰে পঢ়ুৱৈয়ে তেওঁৰ গল্পত এখন সজীৱ পৃথিৱী বিচাৰি পায়।

গল্পৰ দৰে উপন্যাসতাে কলিতাই সমাজ জীৱনৰ নানা ছবি আৰু ব্যক্তি জীৱনৰ নানা দ্বন্দ্ব অংকন কৰিছে। বুকল ফুলৰ দৰে নামৰ উপন্যাসখনৰ জৰিয়তে তেওঁ অসমীয়া সাহিত্যলৈ মূল্যৱান বৰঙণি যােগাইছে। 

এতিয়ালৈকে প্রকাশিত কলিতাৰ গ্ৰন্থসমূহ হৈছে—“অনুশীলন’ (গল্প), 'অযান্ত্রিক অনুশীলন (গল্প), মৃত্যুৰ সিপাৰে’ (গল্প), ‘গডফাদাৰৰ হাত আৰু চয়তানৰ মগজু’ (ভিন্নধর্মী ৰচনা সংকলন), ‘গণিতৰ বৰ্ণিল জগত' (গণিত বিষয়ক ৰচনাৰ পুথি) আৰু ‘বকুল ফুলৰ দৰে' (উপন্যাস)। ড° মৃণাল কলিতা সম্প্রতি পাণ্ডু মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ৰূপে কৰ্মৰত।


পাঠবােধ 
যুঁজ’ গল্পটোত এজন নিচাসক্ত কিশােৰৰ মনৰ জগতখন অংকন কৰা হৈছে। সিদ্ধার্থ নামৰ সংবেদনশীল কিশােৰজনে পাৰিবাৰিক কাৰণত নিঃসংগতা আৰু হতাশাত ভুগি ড্ৰাগছৰ আশ্ৰয় লৈছে। কিন্তু সেই অন্ধকুপৰ পৰা সিদ্ধার্থ উভতি অহাৰ ইংগিত দেখা গৈছে। 

তাৰ বন্ধু নির্মলৰ মৰম আৰু দায়িত্ববােধে সিদ্ধার্থক পােহৰৰ বাট দেখুৱাইছে। নিচাসক্তি এখন যুঁজৰ দৰে। নিজৰ বিৰুদ্ধে যুঁজি মানুহে ইয়াৰ পৰা মুক্ত হ'ব পাৰে। আনহাতে গল্পটোত নির্মলে যুঁজিছে নিজৰ জটিল ৰােগৰ বিৰুদ্ধে। হৰা-জিকা পাছৰ কথা; কিন্তু যুঁজ কৰি যাবই লাগিব সহজ-সৰল কথনভংগীৰে গল্পকাৰে আমাক এই বার্তা দিছে। ‘যুঁজ’ গল্পটোত নিচাসক্তজনৰ প্ৰতি থাকিবলগীয়া সামাজিক গুৰুত্বৰ প্ৰসংগ উত্থাপিত হৈছে।

শব্দার্থ আৰু টোকা

অগ্নিশর্মা - মহাক্ৰোধী বা খঙাল মানুহ। 
পকনীয়া - নৈৰ সোঁতৰ পাক, চাকনৈয়া। 
পাওদানি - যান-বাহনৰ দুৱাৰত ভৰি থােৱা ঠাই। 
পােৰণি -  জ্বলন;পুৰি যােৱাৰ দৰে লগা।
মৃত্যুশীতল - মৃত্যুৰ দৰে শীতল অনুভূতি। 
সঞ্চিত - সাঁচি থােৱা। 
পাৰাপাৰহীন - ইপাৰ-সিপাৰ নােহােৱা।
dubonto - ডুবিবলৈ ধৰা, বুৰ যাবলৈ ধৰা। 
আচ্ছন্ন - ঢাক খাই থকা। 
কেঁকুৰি - ভাজ। 
বিনিদ্র - নিদ্রাহীন, টোপনি নহা।


প্রশ্নাৱলী ভাব-বিষয়ক

১। অতি চমুকৈ উত্তৰ লিখা :
(ক) কাৰ বেগৰ পৰা টকা চুৰ হৈছিল? 
(খ) সিদ্ধার্থইতৰ শ্রেণী শিক্ষকগৰাকীৰ নাম কি? 
(গ) নির্মলে কাক বিচাৰি দোকানখনলৈ থৈছিল? 
(ঘ) সিদ্ধার্থই পেঞ্চিলবক্সত কি সাঁচি থৈছিলে?
(ঙ) নির্মলে কিয় বহুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল? 

২। তলৰ প্রশ্নবােৰৰ উত্তৰ দিয়া ।
(ক) সিদ্ধার্থই কিয় প্রশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল ? 
(খ) কি কি কাৰণত সিদ্ধার্থ নিচাসক্ত হৈ পৰিছিল? 
(গ) নির্মলে সিদ্ধার্থক বিচাৰি কিয় পাণদোকানখনলৈ গৈছিল ? 
(ঘ) সিদ্ধার্থই প্রথমতে কিয় নির্মলৰ মুখামুখি হ'ব খােজা নাছিল?
(ঙ) নির্মলৰ জটিল ৰােগৰ কথা জানি সিদ্ধার্থই কি কৈছিল? 

৩। “তােৰ কি হৈছে, মােক ক’বই লাগিব সিদ্ধার্থ’ – নির্মলৰ এই কথাখিনিয়ে সিদ্ধার্থক কেনেকৈ প্ৰভাৱিত কৰিছিল? 
৪। সিদ্ধার্থই কিয় নিঃসংগতাত ভুগিছিল বুজাই লিখা। 
৫। নির্মলে কেনেদৰে সিদ্ধার্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বিৱৰি লিখা।
৬। তাৰ দৰে ল’ৰাৰ কথাৰ উত্তৰ দিব নােৱাৰি; অস্বস্তিকৰ মৌনতাৰ মাজত মাথো ছটফটাবহে পাৰি’ কথাষাৰৰ অন্তর্নিহিত ভাব বিশ্লেষণ কৰা। 
৭। ঘঁহিব নােৱাৰি, খেলিব নােৱাৰি, শুব নােৱাৰি—ইমানেই তীব্র সেই শূন্যতাৰ ভাৰ-দুখৰ দাহ্ন’— | কথাষাৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছে বুজাই লিখা। 
৮। সিদ্ধার্থই কিহৰ তাড়নাত মাকৰ খাৰুযোেৰ চুৰ কৰিছিল আৰু পাছত তাৰ কিয় অন্তর্দ্বন্দ হৈছিল বুজাই
লিখা। 
৯। আচলতে মন গ'লেই সুখী হ'ব পাৰি জান।—নির্মলে কি প্ৰসংগত সিদ্ধার্থক এনেদৰে কৈছিল
বুজাই লিখা।


১০।ব্যাখ্যা কৰা 
(ক) নােপােৱা মৰম পােৱাৰ আশাই যেন তাক দুর্বল আৰু অভিমানী কৰে। 
(খ) মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতাে হয়তাে কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য। 
(গ) পাবলগীয়া মৰমবােৰ হেৰুৱাই এখন ভাগি যােৱা সংসাৰৰ সি হৈ পৰিছিল এটা বিদ্রোহী অথচ কৰুণ চৰিত্র।
(ঘ) সকলাে মানুহৰেই জীৱনবােৰ একো একোখন যুঁজ। 

১১। যুঁজ’ গল্পটোৰ শিৰােনামৰ তাৎপর্য বুজাই লিখা।

ভাষা বিষয়ক
১২। ব্যাসবাক্যসহ সমাসৰ নাম লিখা :
মৃত্যুশীতল; অসহনীয়; অতল; অমীমাংসিত; বেপৰােৱা; অচিনাকি। 
১৩। বাক্য ৰচনা কৰা ।
উজাগৰ; অবাধ্য; অৱলম্বন; খেৰকুটা। 
১৪। সমার্থক শব্দ লিখা ।
নীৰৱতা; বিষাদ; প্রস্তৰ; একাকীত্ব; আন্ধাৰ। 

অতিৰিক্ত 
প্রশ্ন : ১৫। ড° মৃণাল কলিতাৰ যুঁজ’ গল্পটোৰ ড্ৰাগছ আসক্ত মানুহৰ প্রতি কেনেধৰণৰ মানৱীয় সঁহাৰি দেখুওৱা
হৈছে বুজাই লিখা। 
১৬। নিচাসক্ত মানুহৰ প্ৰতি থকা মানৱীয় সঁহাৰি কেনেধৰণৰ হ'ব লাগে নিজৰ কথাৰে লিখা।


Conclusion:

Assam seba board class 9 assamese lesson 11 যুঁজ Online reading textbook নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা






Wrote by Akshay

Post a Comment

0 Comments

People

Ad Code