Recent in Technology

লােকসংস্কৃতি/ Lesson-12 Textbook/ Class 9 Assamese/ SEBA

Attention Please!

লােকসংস্কৃতি নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা class 9 assamese lesson 12 Online textbook for readers Assam seba board


লােকসংস্কৃতি/ Lesson-12 Textbook/ Class 9 Assamese/ SEBA


লােকসংস্কৃতি/Lesson12




ড° নবীন চন্দ্র শর্মা



‘লােকসংস্কৃতি’ নাে কাক বােলে— এই বিষয়ে আলােচনা কৰাৰ আগতে ‘লােক’আৰু সংস্কৃতি’ পদ দুটাৰ বিষয়ে কিছু কথা কোৱা উচিত হ'ব।

আমি পােনতে আলােচনা কৰোঁ ‘লােক’ পদটোৰ অৰ্থৰ বিষয়ে। লােক শব্দটোৰ সলনি জন, গঞা, গণ আদি শব্দ ব্যৱহাৰ কৰিব পাৰি। আমি ৰাইজ বুলিলে যি বুর্জো— তেনে অর্থকেই ‘লােক’ পদটোৱে বুজায়। লােকসংস্কৃতিৰ পণ্ডিত ড°প্রফুল্ল দত্ত গােস্বামীয়ে ‘বিশেষভাৱে লিখা-পঢ়া নথকা গঞা লােককেই সাধাৰণতে লােক বা জন বুলি আখ্যা দিছিল। 

লােক বা জনৰ যি আচাৰ-অনুষ্ঠান, গীত-পদ, নৃত্যনাচ, খােৱা-লােৱা, পিন্ধা-উৰা, পূজা-উপাসনা, ৰীতি-নীতি, উৎসৱ-অনুষ্ঠান, খেলা-ধূলা আদিৰ সমষ্টিকে লােককৃষ্টি বা লােকসংস্কৃতি বা গঞাসংস্কৃতি বুলিব পাৰি। চমুকৈ জনসাধাৰণৰ বা লােকসাধাৰণৰ আচৰণৰ সমষ্টিয়েই হ’ল লােকসংস্কৃতি বা গঞাসংস্কৃতি বা সর্বসাধাৰণৰ সংস্কৃতি।

লােক বা জন বা গঞালােক আৰু সমাজৰ বিশেষ কিছুমান বৈশিষ্ট্য আছে। যেনে – লােক বা জন বা গালােকসকল সাধাৰণতে গাঁৱে-ভূঞে বাস কৰে। 

তেওঁলােক সাধাৰণতে চাকৰিজীৱী বা শিল্পজীৱী নহয়, কৃষিজীৱীহে। এই ফালৰ পৰা তেওঁলােক খেতিয়ক। খেতিয়কসকল প্রায়ে নিৰক্ষৰ, অর্থাৎ পঢ়া-শুনা কৰিব নাজানে। তেওঁলােকে প্রায়ে হাতেৰে নানা বিধৰ সা-সঁজুলি সাজে। এনে সা-সঁজুলি প্ৰায়ে মাটি, বাহ, কাঠ, বেত আদিৰ পৰা প্ৰস্তুত কৰে। যন্ত্রশিল্প অর্থাৎ যন্ত্রত প্রস্তুত কৰা সঁজুলি গঞা ৰাইজে ব্যৱহাৰ কৰিব নােখােজে। 

তেওঁলােকৰ অল নিet আর এত লমলকভাবে কম। টপ্পা-সমল বা কিতাপ-আলােচনী আদিত তেওঁলােকে কম গুৰুত্ব দিয়ে। মুখেমুখে চলি অহা গীত-পদ, কথা-কাহিনী, যােজনা-পটন্তৰ আদিত তেওঁলােকে তুলনামূলকভাৱে অধিক গুৰুত্ব দিয়ে। 

পিক-আতাক-ককাক, আবু-আইতাকৰ দিনৰে পৰা মুখে মুখে চলি অহা সাধুকথা বা ৰামায়ণ-মহাভাৰত বা কোৰান, বাইবেল, জাতক আদিৰ কথা শুনি তেওঁলােকে সীমাহীন আনন্দ লাভ কৰে। নতুন কথা, নতুন উপদেশ আদিতকৈ তেওঁলােকে পীৰিয়ে পীৰিয়ে চলি অহা কথাবােৰতহে অধিক গুৰুত্ব দিয়ে।

লােকসমাজত পুৰণি দিনৰ কথাৰহে অধিক সমাদৰ। চহৰীয়া বা নগৰীয়া মানুহৰ তুলনাত গঞালােক কিছু পৰিমাণে পিছপৰা। লােকজীৱনত যুক্তিতকৈ বিশ্বাসত অধিক গুৰুত্ব দিয়া হয়। 

গভীৰ বিশ্বাসে পুৰণি ধৰণ-কৰণ, ৰীতিনীতি, ভূত-প্রেত, ধর্মীয়কৃত্য, ঔষধ-চিকিৎসা আদিৰ প্রতি তেওঁলােকৰ মন-প্রাণ সদাসর্বদাই আকৃষ্ট কৰি থাকে। 

অতীতৰ প্ৰতি থকা বিশ্বাস আৰু আস্থাই তেওঁলােকক যাদু-পৰায়ণ কৰি তােলে। সেইকাৰণে তেওঁলােকে সর্বত্রতে অশৰীৰী ভূত-প্রেত, বাক-দ’ত, দেৱ-দেৱতাৰ লীলা-খেলা দেখিবলৈ পায়। বেমাৰ-আজাৰ, ৰােগ-ব্যাধি, প্রাকৃতিক ঘটনা-দুর্ঘটনা আদিতাে তেওঁলােকে এই কাৰণে অদৃশ্য শক্তি লীলাখেলা দেখিবলৈ পায়।

লােকসমাজক কোনাে কোনাে লােকতত্ত্ববিদে সমাজৰ নিম্নস্তৰৰ বুলি ক'ব খােজে যদিও এনে ধাৰণা গ্ৰহণ কৰিব নােৱাৰি। বিজ্ঞানসন্মত দৃষ্টিভংগী হলেই যে কোনাে এখন সমাজ উচ্চতৰ হ'ব আৰু তাৰ বিপৰীতে লােক বা গঞাসমাজ নিম্নতৰ হ'ব লাগিব তেনে কোনাে কথা নাই। 





লােকসমাজৰ অংগীভূত মানুহে প্রায়ে গাঁৱে-ভূঞে বাস কৰে আৰু অভিজাত শ্ৰেণীৰ লােকসকল নগৰ-চহৰ আদিত বাস কৰে। হলেও এই ধাৰণা সদা-সর্বদাই গ্রহণযােগ্য হ'ব নােৱাৰে। কাৰণ, গাঁৱতাে শিক্ষিত মানুহে বাস কৰে। তাৰ বিপৰীতে চহৰ বা নগৰতাে গালােকৰ বসতি দেখা যায়। 

নগৰ-চহৰৰ বিভিন্ন কাম-কাজৰ বাবে গঞালােকৰ প্রয়ােজন হয়। তেতিয়া গাললাকে চহৰনগৰত থাকি মজদুৰ বা কামিলাৰ ভূমিকা পালন কৰে আৰু এইদৰে তেওঁলােকে চহৰ বা নগৰবাসী হয়।


লােকসংস্কৃতি : গঞা সমাজে তেওঁলােকৰ বাবে প্ৰয়ােজনীয় কর্মসম্পাদন কৰে এয়ে কৃতি অর্থাৎ কাম আৰু এই কামবােৰেই লােককৃতিৰূপে পৰিচয় লাভ কৰে। 

তাৰ বাহিৰেও বিভিন্ন কর্মৰ মাজতে তেওঁলােকে ঋতু, মাহ, পষ আদি অনুসৰি বিবিধ সভা-উৎসৱ সম্পাদন কৰে। সেই সভা-উৎসৱত গীত-নাচ, অভিনয় কৰা হয়। 

এই কামবােৰৰ সমষ্টিকে লােককৃষ্টি বােলে। লােককৃষ্টিৰ সাধাৰণ উত্তৰণেই লােকসংস্কৃতি। লােককৃষ্টিৰ পৰিমাৰ্জনৰ জৰিয়তে শাস্ত্রীয় সংস্কৃতিৰ জন্ম হয়।

লােকসংস্কৃতিৰ বিষয়বস্তু প্রধানভাৱে দুটা ভাগত ভগাব পাৰি। যেনে : 
১। লােকসাহিত্য বা বাচিক কলা। 
২। লােকজীৱন। লােকসাহিত্য বা বাচিক কলাক কেইটিমান উপভাগত ভগাব পাৰি। যেনে ; 
(ক) লােক বা মৌখিক কবিতা বা বাচিক কবিতা বা লােকগীত; 
(খ) গদ্যধর্মী লােককথা; 
(গ) প্রবচন, বচন, লােকোক্তি, যােজনা, পটন্তৰ;
(ঘ) সাঁথৰ, আৰু 
(ঙ) লােকভাষা।
লােক বা মৌখিক কবিতা বা বাচিক কবিতা আৰু লােকগীত কেইটিমান উপশ্রেণীত বিভক্ত। যেনে – লােককবিতা বা লােকগীত :মালিতা বা কাহিনীগীত, ধর্মীয় গীত, প্রণয়গীত, কর্মগীত, উৎসৱ-অনুষ্ঠানৰ গীত বা সংস্কাৰমূলক গীত, কেঁচুৱা ল'ৰা-ছােৱালীক শােৱাবলৈ গােৱা গীত বা নিচুকনী গীত, শিশুৰ খেলধেমালিৰ লগত জড়িত গীত, তত্ত্বপূর্ণ গীত, বিদ্রুপাত্মক গীত ইত্যাদি।

গদ্যধর্মী লােককথাৰ ভিতৰত পৰে : পুৰাণ-কথা, জনশ্রুতি আৰু সাধুকথা আদি।
তলত দুটি-এটি উদাহৰণ দিয়া হল 

১। ধর্মীয় গীত : ধর্মীয় প্রসংগত গােৱা গীতৰাজিয়েই ধর্মীয় গীত। যেনে ? 
দিহা : অহে গােবিন কি দিবাে যাদৱ ৰায়। অহে ব্রহ্মাণ্ডৰ ভিতৰে যতবস্তু আছে সমস্ত তােমাতে পায়। 
পদ : কিবা মই আসন। দিবাে নাৰায়ণ। গৰুড়ে যাৰ বাহন।
কিবা অলংকাৰে। ৰঞ্জিবাে তােমাৰে। কৌস্তুভে যাৰ ভূষণ।। হেন জানি হৰি। শৰণ পশিলাে। তেজিবাক নুযুৱায়।

২। চিয়া বা দেহবিচাৰৰ গীত :
বৈকুণ্ঠত আছিল দেৱৰ দামে কলা। আহিল ভাৰস্তুত নামি।
পূবলৈ আগকৈ পশ্চিমলৈ গুৰিকৈ। মেৰুৰে মূৰতে থপা।। 

৩। জিকিৰ : চিন্তো হেৰা মােৰ মন আল্লাৰ নামত। ভজো হেৰা মােৰ মন গুৰুৰ পাৱত৷৷ চোৱা চোৱা জীৱসকল ভেলৰ বিলাই।। 
৪। বিহুগীত : আইৰ ঘৰতে। আছিলাে এজনী। ফুলক নুবুলিলাে ফুল, কুমলীয়া তামােল। কেঁাচ নভৰিলে। থােপাই নধৰিলে ফুল। 
৫। হুচৰিগীত :
দেউতাৰ বৰে ঘৰ। দেখােতে ভয়ঙ্কৰ। শৰণ খেৰ মেলিয়ে চায়; মুগাৰে বটীয়া।ন-শ গাঠনি। সৰিয়হ বাগৰি যায়। 
৬। বিয়াগীত : অ ৰ ঘৰৰ পৰা ওলাই আহা লগৰী ঐ। অ মাৰাৰ মােহকে ছাৰি ফুলচনাে লগৰী ঐ।।
৭। ভাইয়াছতকা : কিসেৰ মােৰ ৰান্ধন, কিসেৰ মােৰ বাঢ়ন। মােৰ প্রাণধন অন্যেৰ বাৰী যায়। 
৮। নিচুকনী গীত : আমাৰে ভাইটি শুব এ। বাৰীতে বগৰি ৰুব এ, বাৰীৰে বগৰি পকি সৰিব। ভাইটিয়ে বুটলি খাব এ।। 
৯। মালিতাহাইদাংগীত : হা-অ-হা-অ-হা-এ-হা-হা হা-ইয়হ নমাে নাৰায়ণ। হা-ইয়হ পৃথিৱী হেনাে সৃজইছে।। ১০। মণিৰাম দেৱানৰ গীত : অতিকৈ চেনেহৰে। মুগাৰে মহুৰা। অতিকৈ চেনেহৰ মাকো, অতিকৈ চেনেহৰ। মণিৰাম দেৱান। নেকান্দি কেনেকৈ থাকো। 
১১। লােক কথা বা সাধুকথা : শিয়াল আৰু বান্দৰৰ সাধু নিগনি আৰু সিংহ, শিয়াল আৰু হাতী। 
১২। প্রবচন : ধনেই ধৰ্মৰ মূল; পখী মৰে ৰৈ, মানুহ মৰে কৈ; পৰত আশ বনত বাস। 
১৩। সাঁথৰ : গল বা ডিঙি আছে মূৰ নাই। কাণ আছে, চকু নাই, পেট আছে হাত নাই। মুখ আছে, জিভা নাই সেইটো কি কোৱা ভাই। 
উত্তৰ :কলহ। ঘটি। | লােকজীৱন তিনিটা ভাগত বিভক্ত; যেনে :
(ক) সামাজিক আচাৰ-অনুষ্ঠান, 
(খ) ভৌতিক বা বস্তুসংস্কৃতি আৰু 
(গ) পৰিৱেশ্য কলা।

(ক) সামাজিক আচাৰ-অনুষ্ঠান : মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজতে পৰম্পৰাগত জীৱন। পৰম্পৰাগত জীৱন, মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজৰ সংযােগ সেতু। সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি বা খেতি-বাতি, জন্ম-বিবাহ মৃত্যু আদি বিষয়ক ৰীতি-নীতি, আচাৰ-ব্যৱস্থাঅনুষ্ঠান আদিয়েই সামাজিক আচাৰ-অনুষ্ঠান। 

এইবােৰ প্ৰধানভাৱে লােকবিশ্বাসৰ সৈতে জড়িত। সামাজিক আচাৰ-অনুষ্ঠান চাৰিটা ভাগত বিভক্ত। যেনে : উৎসৱ-অনুষ্ঠান, অৱসৰ-বিনােদন আৰু খেল-ধেমালি, লােকঔষধ আৰু লােকধর্ম। 

(খ) ভৌতিক বা বস্তুসংস্কৃতি : ভৌতিক বা বস্তুসংস্কৃতি হ’ল লােকসংস্কৃতিৰ দৃশ্যমান দিশ। জীৱন ধাৰণৰ বাবে প্রয়ােজনীয় সমল নির্মাণ, নাইবা খােৱা-লােৱা বস্তু সামগ্রী আদিৰ ৰন্ধা-বঢ়া, প্রস্তুতি আদিয়েই ভৌতিকসংস্কৃতিৰ অধ্যয়নৰ সামগ্রী। 

ভৌতিক সংস্কৃতিৰ উপ-বিভাগকেইটি হৈছে : লােককলা, লােকশিল্প, লােক-স্থপতিকলা, লােকআভৰণ আৰু লােকৰন্ধন প্রণালী।

(গ) লােকপৰিৱেশ্য কলা : লােকজীৱনৰ শেষভাগটো হৈছে—লােক পৰিৱেশ্য কলা। পৰম্পৰাগত সংগীত, নৃত্যনাচ আৰু নাট- আদিয়েই লােক পৰিৱেশ্য কলাৰ উপাদান। কোনাে এটা সাধুকথা কোৱা অথবা লােকগীতি গােৱাকে পৰিৱেশন কৰা বােলে। 




এনে ধৰণৰ পৰিবেশন পদ্ধতি এজন বা কেইবাজনাে লােকে লােক বাদ্য-যন্ত্র, নৃত্যৰ পােছাক-পৰিচ্ছদ আৰু দৃশ্য-বিৱৰণিৰ সৈতে ৰূপায়ণ কৰা পদ্ধতিৰ তুলনাত আকস্মিক ধৰণৰ। পৰিৱেশ্য কলাৰ পৰিসৰে গীত, নৃত্ত-নৃত্য, নাটক, বাদ্যযন্ত্র আদিক সামৰে। 

লােকনাট হ’ল গীত আৰু নৃত্যৰ সমষ্টি। সংলাপৰ তুলনাত লােকনাটত গীত আৰু নৃত্যৰ গুৰুত্ব বেছি। আমি লােকসংস্কৃতিৰ বিষয়ে কিছু কথা জানিলো। আমি আৰু এটা কথা জানি থােৱা উচিত হ’ব যে, সমাজৰ পৰিবৰ্তনৰ লগে লগে লােকসংস্কৃতিৰৰ পৰিবর্তন ঘটে। পৰিবৰ্তিত সমাজত লােকসংস্কৃতিয়ে দ্বিতীয় অস্তিত্বত জীয়াই থাকে।  

বিহু-গীত,হুচৰি গীত, জাৰীগীত আদিয়ে লিখিত ৰূপ পাইছে। তেনেদৰে আমাৰ আই-আইতাৰ মুখে মুখে চলি অহা সাধুকথাসমূহেও দ্বিতীয় ৰূপ পাইছে। যেনে : লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদন কৰা বুঢ়ী আইৰ সাধু’। তেনে দৰে ড° ভূপেন হাজৰিকা দেৱে গােৱা -

অ’ মাই যশােৱা হে’ মাইহে যশােৱা 
আমাক লাগিয়া অলপ তােৰ মৰম নাই।।

– এই গীতটিক তেওঁ পােনতে লিখিত ৰূপ দিছে, তাৰ পিছতে গাইছে। এইদৰে চালে দেখা যায় যে লােকসংস্কৃতিৰ উপাদানৰাজি যুগে যুগে মুখপৰম্পৰাত প্ৰচলিত হৈ বা শিক্ষিত লােকৰ হাতত পৰি আধুনিক ৰূপ লৈ যুগসাপেক্ষ বা সময়সাপেক্ষ স্থিতি লাভ কৰে।

তেনে অৱস্থাতাে ofত নিরে সকথ নেহেৰুৱায়। সেইকাৰণে ক'ব পাৰি লােকসংস্কৃতি পুৰণি হৈও নতুন, নতুন হৈও পুৰণি।

লেখক-পৰিচয়:  ড° শৰ্মাই প্রাথমিক বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত সামৰণি মাৰে। সুদীর্ঘ ৪৬ বছৰ শিক্ষকতা কৰি শিক্ষাৰ ক্ষেত্ৰত এক লেখত ল'বলগীয়া অৱদান আগবঢ়ায়। 

বিশেষকৈ অসমৰ লােকসাহিত্য আৰু লােকসংস্কৃতিৰ বিষয়ে তেওঁ গভীৰ জ্ঞান আয়ত্ত কৰে। অসমৰ ওজাপালি’নামৰ পুথিখনৰ যােগেদি তেওঁ ৰােইযাব ধৰা ওজাপালি অনুষ্ঠানটোক অসমৰ ৰাইজৰ ওচৰত মেলি ধৰে। ড° শৰ্মাইআমেৰিকাৰ কেলিফর্ণিয়ালৈকো লােক-সাহিত্যৰ সন্ধানত গৈছিল। 

তাত তেওঁ এই সংক্রান্তত কেইবাখনাে বিশ্ববিদ্যালয় দর্শন কৰে। লােক-সাহিত্য বিষয়ক আৰু পুৰণি সাহিত্যকে ধৰি তেওঁ প্রায় ৯৭- খন পুথি ৰচনা কৰি প্ৰকাশ কৰিছে। কর্মজীৱনত কেইবাটিও বঁটা লাভ কৰা ড°শর্মাই অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চননা লাভ কৰে।


পাঠবােধ :
লােকসংস্কৃতি অবিহনে কোনাে সমাজেই উন্নতি সাধন কৰিব নােৱাৰে। সমাজত জীয়াই থাকিবলৈ মানুহে কিছুমান কাম সম্পাদন কৰিব লগা হয়। সমাজভেদে এই কামাে ভিন ভিন। 

সভা-সমিতি, উৎসৱপার্বণ আদি উপভােগ কৰি মানুহে জীয়াই থকাৰ প্ৰেৰণা লাভ কৰে। মানুহেসম্পাদন কৰা এই সকলােবােৰকে কৃষ্টি আৰু ইয়াৰ উত্তৰণকে সংস্কৃতি বােলা হয়। আজিৰ সমাজত মানুহে যান্ত্রিক জীৱনৰ ব্যস্ততাৰ বাবে নিজৰ নিজৰ কৃষ্টি-সংস্কৃতিক পাহৰি যাবলৈ ধৰিছে। 

ই সমাজ আৰু সভ্যতাৰ বাবে ভাল লক্ষণ নহয়। সেয়েহে এই পাঠটিৰ জৰিয়তে উঠি অহা প্ৰজন্মক নিজৰ নিজৰ কৃষ্টি-সংস্কৃতিৰ প্রতি সজাগ কৰি তুলিব পৰা যাব বুলি আশা কৰা হৈছে। সংস্কৃতিনাে কি তাক উপলব্ধি কৰি এটি সুৰুচিসম্পন্ন জীৱন কটাবলৈ ছাত্র-ছাত্রীসকলে যাতে প্ৰেৰণা লাভ কৰে এই পাঠটিৰ জৰিয়তে তাৰেই চেষ্টা কৰা হৈছে। 

শব্দার্থ আৰু টোকা

অংগীভূত - অংগ হিচাপে পৰিগণিত। 
আচৰণ - ব্যৱহাৰ, চাল-চলন। 
অশৰীৰী - শৰীৰবিহীন। 
আবু - আইতা। 
পীৰিয়ে-পীৰিয়ে - এটা প্ৰজন্মৰ পৰা আন এটা প্রজন্মলৈ। 
লােককৃতি - সমাজত প্ৰচলিত কাম। 
উত্তৰণেই - উন্নতিয়েই।। 
পৰম্পৰাগত - প্ৰজন্মৰ পৰা প্ৰজন্মলৈ। 
সমল - দ্রব্য, বয়-বস্তু। 
জাতক - বুদ্ধদেৱৰ পূর্বজন্মৰ কাহিনীৰে পৰিপূৰ্ণ এখন ধর্মীয় পুথি। 
পষ - পােন্ধৰ দিনৰ সময়সীমা, পষেক।


প্রশ্নাৱলী ভাব-বিষয়ক : 
১। তলৰ প্ৰশ্নসমূহৰ অতি চমুকৈ উত্তৰ লিখা ?
(ক) লােককৃষ্টিৰ সাধাৰণ উত্তৰণক কি বােলা হয়? 
(খ) লােকসমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ? 
(গ) লােককৃষ্টি কাক বােলা হয় ? 
(ঘ) লােকসংস্কৃতিৰ দৃশ্যমান দিশক কি বােলা হয় ?
(ঙ) পিঠত উল্লিখিত লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথাৰ পুথিখনৰ নাম কি? 

২। লােকসমাজ সম্পর্কে কিছুমান লােকতত্ত্ববিদে দিয়া কি ধাৰণা গ্ৰহণ কৰিব নােৱৰি বুলি লিখকে কৈছে?
এই ধাৰণা গ্ৰহণ কৰিব নােৱৰাৰ কাৰণ কি? 
৩। চমু টোকা লিখা :
নিচুকনী গীত, মালিতা বা কাহিনী গীত, সাঁথৰ, জনশ্রুতি, জিকিৰ, দেহবিচাৰৰ গীত, হুঁচৰি গীত। 
৪। লােকজীৱন তিনিটা ভাগত বিভক্ত’ – লােকজীৱন কি কি তিনিটা ভাগত বিভক্ত? প্রত্যেকটি
ভাগৰে চমু আভাস দিয়া। 
৫। বহলাই লিখা ?
(ক) সামাজিক আচাৰ-অনুষ্ঠান 
(খ) লােক পৰিবেশ্য কলা
(গ) ভৌতিক বা বস্তু-সংস্কৃতি 
৬। লােকনাট কিহৰ সমষ্টি বুলি লিখকে কৈছে? এই শ্ৰেণীৰ নাটত সংলাপৰ ওপৰত গুৰুত্ব দিয়া হয়নে?
তােমাৰ নিজৰ কথাৰে লিখা। 
৭। লােকসাহিত্যক কেইটা আৰু কি কি উপভাগত ভগাব পাৰি? ভাগবােৰৰ নাম লিখা। 
৮| ভৌতিক বা বস্তু-সংস্কৃতিৰ অধ্যয়নৰ সামগ্রী কি? ইয়াৰ উপ-বিভাগ কি কি? 
৯। “অ’ মাই যশােৱা হে, মাইহে যশােৱা...’গীতটি কোনে লিখিত রূপ দিয়ে? 

১০। তাৎপর্য ব্যাখ্যা কৰা ; 
(ক) লােকসংস্কৃতি পুৰণি হৈও নতুন, নতুন হৈও পুৰণি।
(খ) সমাজৰ পৰিবৰ্তনৰ লগে লগে লােকসংস্কৃতিৰাে পৰিবর্তন ঘটে। 

ভাষা-বিষয়ক : 
১১। তলৰ শব্দকেইটাত মূর্ধন্য ‘ণ’ আৰু য’ হােৱাৰ কাৰণ দর্শোৱা :
কমি, তানাঠান, ধাৰণ. আহৰণ।
১২। বিপৰীত অর্থ বুজোৱা শব্দ লিখা :
বিশ্বাস; মৌখিক; সংযােগ; প্রয়ােজনীয়; জন্ম; উচিত। 
১৩। সমার্থক শব্দ লিখা :
গা; পিতা; বেমাৰ; চহৰ; লােক।


Conclusion:

Assam seba board class 9 assamese লােকসংস্কৃতি lesson 12 Online textbook নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা







Wrote by Akshay

Post a Comment

0 Comments

People

Ad Code