Recent in Technology

মানৱ বন্দনা / textbook/ class 9 assamese/ lesson 2/ নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা/ Assam seba board/ 2021

Attention Please!

মানৱ বন্দনা class 9 assamese lesson 2 textbook online read assam seba board নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা for online reader.


মানৱ বন্দনা / textbook/ class 9 assamese/ lesson 2/ নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা/ Assam seba board


মানৱ বন্দনা/Lesson2

(নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা মানৱ বন্দনা)


চন্দ্ৰকুমাৰ আগৰৱালা



আহিছে মানুহ  গইছে মানুহ
মানুহ ময়াপী জীৱ, 
মানুহ সোঁতৰ  অন্ত নাইকিয়া
বুলিলে মত কিয় ? 
মানৱী জনম দিয়া উটুৱাই
মানৱী কম সোঁতে
মানুহৰ মৰম বুজিবা মানুহে 
ধৰম যে মৰমতে। 
মানুহেই লগ মানুহেই সংগ 
মানুহেই পৰাৎপৰ, 
এই যে পৃথিৱী স্বৰ্গতাে অধিক 
মানুহৰ নিজাপী ঘৰ। 
মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ, 
কৰা কৰা পূজা পাদ্য অর্ঘ্য লই
জয় জয় মানৱ দেৱ। 




কবি-পৰিচয় : চন্দ্ৰকুমাৰ আগৰৱালা (১৮৬৭-১৯৩৮): অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্রিমূর্তিৰ অন্যতম। ৰােমাণ্টিক যুগৰ এগৰাকী শ্রেষ্ঠ কবি। কবিতা পুথি—‘প্রতিমা’ (১৯১৪) আৰু ‘বীণ ব’ৰাগী’ (১৯২৩)। সম্পাদিত কাকত-আলােচনী—“জোনাকী', 'সাদিনীয়া অসমীয়া।


পাঠবােধ

উদাৰ মানৱতাবাদ প্রকাশ পােৱা ‘মানব বন্দনা কবিতাটিৰ মাজেদি কবিৰ মানৱ সেৱাৰ মনােভাৱ। অতি সুন্দৰভাৱে প্ৰকাশ পাইছে। 

মানুহৰ পাৰস্পৰিক মৰম-চেনেহৰ জৰিয়তে যে এই মর্ততেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰি এই কথাও কবিতাটিত পৰিস্কৃত হৈছে। কবিতাটিৰ সাংগীতিক লয়াে ইয়াৰ আন এক বিশেষত্ব। মানুহৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰাটোৱেই কবিতাটোৰ ঘাই উদ্দেশ্য। 


শব্দার্থ আৰু টোকা : 

  • অর্ঘ্য : পূজাৰ উপকৰণ।
  • kewo - কেও, কোনাে। 
  • ধৰম - ধর্ম। 
  • নিজাপী : সম্পূর্ণ নিজৰ। 
  • ময়াপী; মায়া, মােহ, ভ্রান্তি উপজোৱা জীৱ। 
  • পৰাৎপৰ : শ্রেষ্ঠতকৈয়াে শ্রেষ্ঠ, পৰম সত্য। 
  • পাদ্য : ভৰি ধুবলৈ দিয়া পানী।


প্রশ্নাৱলী 

ভাব-বিষয়ক : 

১। চমু উত্তৰ লিখা ?

ক) মানুহেই পৰাপৰ বােলা কথাষাৰৰ অর্থ কি? 
খ) মানুহক 'মহাপী জীৱ’ বােলাব অর্থ কি?
গ) পাদ্য অর্ঘ্য লৈ মানুহক পূজা কৰাৰ অর্থ কি? 

২। “মানৱ বন্দনা' কবিতাটিৰ সাৰাংশ তােমাৰ নিজৰ কথাৰে বিৱৰি লিখা। 
৩। এই যে পৃথিৱী স্বৰ্গত অধিক মানুহৰ নিজাপী ঘৰ।'— কথাষাৰৰ অৰ্থ বুজাই লিখা। 

৪। তাৎপর্য ব্যাখ্যা কৰা

(ক) মানৱী জনম
দিয়া উটুৱাই মানৱী কৰম সেঁতে,
মানুহৰ মৰম বুজিবা মানুহে ধৰম 
যে মৰমতে। 

(খ) মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ, 
কৰা কৰা পূজা পাদ্য অর্ঘ্য লই
জয় জয় জয় মানৱ দেৱ।। 



ভাষা-বিষয়ক : 

৫। সমার্থক শব্দ লিখা 
মানুহ; সংগ; পৃথিৱী; সেত; স্বর্গ; দেৱ।। 

৬। সংস্কৃত কর্ম, ধর্ম আদি শব্দৰ পৰা কৰম, ধৰম আদি শব্দৰ উৎপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্রস্তুত কৰা।

Conclusion:

Class 9 assamese lesson 2 textbook মানৱ বন্দনানৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা/ Assam seba board





Wrote by Akshay

Post a Comment

0 Comments

People

Ad Code