Recent in Technology

মােৰ দেশ / textbook/ class 9 assamese/ lesson 5/ নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা/ Assam seba board/ 2021

Attention Please!

Class 9 assamese textbook মােৰ দেশ lesson 4 নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা/ Assam seba board.


মােৰ দেশ / textbook/ class 9 assamese/ lesson 5/ নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা/ Assam seba board


মােৰ দেশ/Lesson5





হীৰেন ভট্টাচার্য



মােৰ প্ৰাণৰাে প্ৰাণৰ, মােৰ গানৰ গানৰ, মােৰ দেশ। 
মােৰ প্ৰতিটো কামে, মােৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে 
শইচ-সােণােৱালী ভৱিষ্যতৰ সপোেন। মােৰ জীৱনৰ আঁহে আঁহে, 
মােৰ যৌৱনৰ কোহে কেঁহে সেই সপােনৰ কলৰােল।

দেশে দেশে দেশ আছে। এনে বহু দেশৰ অৰঙে-দৰঙে 
মই ঘূৰিছে। বহু বন্ধুৰ স’তে হাতে হাতে হাত ধৰি ফুৰিছোঁ। 
কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা 
পাহাৰতলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ সতে প্রাণ খুলি 
প্ৰাণৰ কথা পাতিছোঁ। তাৰ পিছত আকৌ আৰম্ভ কৰিছে নতুন যাত্রা।

এনে বহু যাত্ৰাৰ শেষ মােৰ দেশ। যাৰ বুকুৰ উমে মােক 
দিছে ভালপােৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য! জীৱনৰ নতুন অর্থ। 
এই দেশৰ প্ৰতিটো পুৱাই মােলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। 
প্রতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। প্ৰতিটো ঋতুৱে 
মােক দি যায় জীৱনৰ আশীর্বাদ।

এই দেশৰ বাবে মই জীয়াই আছে। এই দেশৰ বাবে মই 
জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ। ৰণুৱা, বনুৱা, হালােৱা 
এইসকলৰ মাজত মই আছোঁ মােৰ দেশৰ বাবে। অনৈক্যৰ 
মাজত ঐক্য হৈ, বিৰােধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছে। 
জীৱনে-মৰণে, শয়নে-সপােনে এই দেশৰ আহ্বান মই শুনিছোঁ।

শত্রু-মিত্র সকলােকে মই চিনিছোঁ। সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে। 
জিনিছে। শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই মই দিছোঁ— ভঁৰালৰ 
এমুঠি ধান, পৰাণৰ একোটি গান। 
আৰুততা মােৰ একো নাই! 
মােৰ দেশ— মােৰ কল্লোলিত সপােনৰ উত্তাল তৰংগই 
মােক লৈ যায় গভীৰৰ পৰা গভীৰতৰলৈ, আদর্শৰ
কঠিন পর্বত-মূললৈ... 





কবি-পৰিচয় :

হীৰেন ভট্টাচার্য (১৯৩২-২০১২) ৰ জন্ম যােৰহাটত। কেইবাখনাে চহৰত স্কুলীয়া শিক্ষা গ্রহণ কৰে। গুৱাহাটীৰ ভােলানাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা আই.এ.পাছ কৰে। ছপাশালৰ কাম আৰু শিক্ষকতাৰ লগতে চিত্ৰবন প্ৰেছৰ গৰাকীও আছিল। সুগন্ধি পখিলাৰ কবি’ হিচাপে জনাজাত। 

তেওঁৰ কবিতাপুথি হ’ল—বৌদ্র কামনা’, ‘তােমাৰ বাঁহী’, ‘সুগন্ধি পখিলা’, ‘বিভিন্ন দিনৰ কবিতা’, ‘মােৰ প্রিয় বর্ণমালা’ ইত্যাদি। 'শইচৰ পথাৰ মানুহ’ কবিতাপুথিৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।


পাঠবােধ :

‘মােৰ দেশ’ কবিতাটিত স্বদেশপ্ৰেমৰ নিভাঁজ ৰূপ জিলিকি উঠিছে। কবি তেওঁৰ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্রতি সদায় দায়বদ্ধ। 

দেশৰ ঐক্য, সংহতি আৰু সম্প্রীতিৰ তেওঁ সদা সচেতন প্ৰহৰীস্বৰূপ। দেশৰ হকে কিবা এটা কৰাৰ প্রতিশ্রুতি কবিতাটিৰ মাজত জিলিকি আছে। কবিয়ে বিভিন্ন দেশ-বিদেশ ভ্রমণ কৰিছে যদিও সকলােৰে ওপৰত নিজৰ দেশক স্থান দিছে। প্ৰতিগৰাকী দেশবাসীৰ ৰক্তপ্রবাহত দেশানুৰাগ প্রবাহিত কৰিবলৈ কবিতাটিয়ে অনুপ্রাণিত কৰে।


শব্দার্থ আৰু টোকা :

  • ঐশ্বর্য - বিপুল ধন-সম্পত্তি; বিভূতি।
  • কলৰােল -  কলৰৱ। 
  • পৰাণ - প্রাণ। 
  • প্রাচুর্য - উভৈনদী হৈ থকা অৱস্থা; আধিক্য। 
  • সুবাস - ভাল গােন্ধ; সুগন্ধি; সুবভি।


প্রশ্নাবলী
ভাব-বিষয়ক ; 

১। (ক) হীৰেন ভট্টাচাৰ্যৰ ক'ত জন্ম হৈছিল?
(খ) হীৰেন ভট্টাচার্য সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা।
(গ) দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে? 

২। “মােৰ দেশ’ কবিতাটোৰ মূলভাৱ লিখা। 
৩। ব্যাখ্যা কৰা 
(ক) অনৈক্যৰ মাজত ঐক্য হৈ, বিৰােধৰ মাজত
সংহতিৰ সম্ভাৱনা হৈ মই আছে। 
(খ) মােৰ জীৱনৰ আঁহে আঁহে,
মােৰ যৌৱনৰ কেঁাহে কেঁহে সেই সপােনৰ কলৰােল। 

৪। কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে, বুজাই লিখা। 
৫। প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে? 
৬। শান্তিৰ চৰাইজনীক আঁজলি ভৰাই কবিয়ে কি দিছে? 




ভাষা-বিষয়ক : 
৭। সমার্থক শব্দ লিখা
দেশ, কাম, কলৰােল, সাগৰ, সপােন, বন্ধু, শেষ, সম্ভাৰ, শইচ, বুকু, তৰংগ, কল্লোল। 

৮। বিপৰীতার্থক শব্দ লিখা ;
সপােন, দেশ, জীৱন, পাহাৰ, ঐক্য, সংহতি, শয়ন, বিশ্বাস, শত্রু।


Conclusion:

মােৰ দেশ textbook lesson 5 class 9 assamese assam seba board 2021. নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা.






Wrote by Akshay

Post a Comment

0 Comments

People

Ad Code