Recent in Technology

সমসাময়িক বিশ্বত নিৰাপত্তা - [সপ্তম অধ্যায়] {Q&A} - (Notes 2022)

Class-XII(12)/Political Science-[Q/A][Notes][Solutions]-2022 [Free Learning Online][in Assamese][সমসাময়িক বিশ্বত নিৰাপত্তা][সপ্তম অধ্যায়][Part-A]


সমসাময়িক বিশ্বত নিৰাপত্তা - [সপ্তম অধ্যায়] {Q&A} - (Notes 2022)


(সমসাময়িক বিশ্বত নিৰাপত্তা)






(ক) অতি চমু প্রশ্নোত্তৰ /(প্রত্যেকটোত ১ নম্বৰকৈ)


প্রশ্ন ১ঃ নিৰাপত্তা কি?
উত্তৰঃ যিকোনাে ধৰণৰ ভাবুকিৰ পৰা মুক্তি পােৱাকে নিৰাপত্তা বােলা হয়। ভাবুকি সামৰিক বা অসামৰিক হ'ব পাৰে।


প্রশ্ন ২ঃ আভ্যন্তৰীণভাৱে স্থানচ্যুত মানুহ বুলিলে কি বুজা?
উত্তৰঃ যিবােৰ মানুহে নিৰাপত্তাহীনতাৰ বাবে নিজৰ ঘৰ এৰি যায় কিন্তু নিজৰ দেশৰ চাৰিসীমাৰ ভিতৰতে থাকে তেওঁলােকক আভ্যন্তৰীণভাৱে স্থানচ্যুত মানুহ বুলি কোৱা হয়।

প্রশ্ন ৩ঃ ভাৰতে কি কাৰণে পাৰমাণৱিক পৰীক্ষণ কার্য সম্পাদন কৰিছিল ? 
উত্তৰ ভাৰতে ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত কৰাৰ স্বাৰ্থত পাৰমাণৱিক পৰীক্ষণ কার্য সম্পাদন কৰিছিল।


প্রশ্ন ৪ : মানৱ নিৰাপত্তা বুলিলে কি বুজা?
উত্তৰঃমানৱ নিৰাপত্তা হ’ল জনগণৰ নিৰাপত্তা। ইয়াৰ প্রাথমিক লক্ষ্য হ’ল ব্যক্তিক সুৰক্ষা প্ৰদান কৰা।

প্রশ্ন ৫ঃ গােলকীয় নিৰাপত্তাৰ এটি উদাহৰণ দিয়া। 
উত্তৰঃ গােলকীয় উষ্ণতা। 


প্রশ্ন ৬ : আন্তর্জাতিক সন্ত্রাসবাদ কি?
উত্তৰঃ সন্ত্রাসবাদবুলিলে জনৈতিক হিংসাকবুজায় যি হিংসাই জনগণৰ নিৰাপত্তাৰ ক্ষেত্ৰত ইচ্ছাকৃতভাৱে ভাবুৰি সৃষ্টি কৰে। 

আন্তর্জাতিক সন্ত্রাসবাদ বুলিলে এখনতকৈ অধিক দেশৰ জনগণ বা ভৌগােলিক অঞ্চল জড়িত থকা বুজায়।

প্রশ্ন ৭ঃ কিহে ধনী ৰাষ্ট্ৰক আৰু অধিক ধনী কৰে? 
উত্তৰঃ জনসংখ্যা হ্রাস আৰু লগতে আয় বৃদ্ধিয়ে। 

প্রশ্ন ৮ঃসমন্বিত নিৰাপত্তা বুলিলে কি বুজা?
উত্তৰ : আন্তঃৰাষ্ট্ৰীয় সহযােগিতা এক অতি উল্লেখযােগ্য মাধ্যম যাৰ সহায়ত অপাৰস্পৰিক বহু ধৰণৰ ভাবুকি মােকাবিলা কৰা যায়। 

ইয়াক সমন্বিত নিৰাপত্তা বােলে। এই সহযােগিতা দ্বিপাক্ষিক, আঞ্চলিক, মহাদেশীয় নাইবা গােলকীয় পর্যায়ত হ'ব পাৰে।

প্রশ্ন ৯ : মানুহে কিয় স্থানান্তৰ কৰে? 
উত্তৰঃ মানুহে পাৰস্পৰিক আৰু অপৰিস্পৰিক নিৰাপত্তাৰ বাবে এক স্থান এৰি আন স্থানলৈ যায়। 

প্রশ্ন ১০ঃ গােলকীয় ভাবুকিৰ এটা উদাহৰণ দিয়া। 
উত্তৰ : বিভিন্ন ধৰণৰ প্রাণঘাতী ৰােগৰ বিস্তাৰ। 

প্রশ্ন ১১ : সহযােগী নিৰাপত্তা কি?
উত্তৰ : অ - প্ৰাৰম্ভিক সুৰক্ষা ভাবুকি ক্ষেত্ৰত সামষিক বিৰােধিতাৰ পৰিৱর্তে সহযােগিতাৰ প্রয়ােজন।

প্রশ্ন ১২ : মানুহে প্ৰবজন কিয় কৰে।
উত্তৰ : বিভিন্ন কাৰণবশতঃ মানুহে এখন ঠাই অথবা ৰাষ্ট্ৰৰ পৰা অন্য এখন ঠাইলৈ বা ৰাষ্ট্ৰলৈ গতি কৰি নিজৰ বাসস্থান পৰিৱৰ্তন কৰে।

প্রশ্ন ১৩ : NATOৰ সম্পূৰ্ণ ৰূপটো কি? 
উত্তৰ : North Atlantic Treaty Organisation. 

প্রশ্ন ১৪ : কোন বছৰ গােলকীয় নিৰাপত্তাৰ উদ্ভৱ হয়? 
উত্তৰ : ১৯৯০ চনত। 

প্রশ্ন ১৫ : অস্ত্র নিয়ন্ত্ৰণৰ এটা উদাহণৰ দিয়া। 
উত্তৰ : এন্টি-বেলিষ্টিক মিছাইল চুক্তি (ABM)। 

প্রশ্ন ১৬ : ভাৰতৰ নিৰাপত্তা কৌশলৰ এটা উপাদান লিখা। 
উত্তৰ : সামৰিক ক্ষমতা বৃদ্ধি।

প্রশ্ন ১৭ঃ কিমান দেশে ৰাসায়নিক অস্ত্র চুক্তিত সন্মতি দিছিল?
উত্তৰ : ১৮১ খন। 

প্রশ্ন ১৮ঃ আভ্যন্তৰীণভাৱে বিতাৰিত ব্যক্তি বুলিলে কি বুজা?
উত্তৰঃ কোনাে বিশেষ কাৰণ যেনে- গােষ্ঠী দ্বন্দ্ব বা প্রাকৃতিক দুর্যোগৰ বাবে এখন দেশৰ এটা প্রধান অঞ্চলৰ মানুহ যদি আনটো অঞ্চললৈ স্থানান্তৰিত হব লগা হয় তেনে বিতাৰিত ব্যক্তিসকলক আভ্যন্তৰীণভাৱে বিতাৰিত ব্যক্তি বুলি অভিহিত কৰা হয়।

প্রশ্ন ১৯ : সকলোেবােৰ সমাজতে নিৰাপত্তাৰ ধাৰণাটো একেইনে? 
উত্তৰ : সকলাে ৰাষ্ট্র বা সমাজৰ সুৰক্ষা সম্পর্কে ধাৰণা একেই নহয়।

প্রশ্ন ২০ : বিশ্ব দৰিদ্ৰতা কি?বিশ্ব দৰিদ্ৰতাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : সুৰক্ষাৰ ক্ষেত্ৰত এক উল্লেখযােগ্য ভাবুকি হৈছে বিশ্ব দৰিদ্রতা। উন্নত আৰু উন্নয়নশীল দেশৰ মাজত এই পার্থক্য আৰু অধিক বৃদ্ধি পাই আছে। 

তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহত জনসংখ্যা বৃদ্ধি এই দৰিদ্ৰতাৰ এক অন্যতম প্রধান কাৰণ।

প্রশ্ন ২১ : সন্ত্রাসবাদ কি?
উত্তৰ : সন্ত্রাসবাদ হৈছে এক অপৰাধজনিত আৰু হিংস্র কার্য যি কার্যখিনি এটা শ্ৰেণীৰ জনগণে সমাজ বা ৰাষ্ট্রৰ বিৰুদ্ধে নিজৰ দাবী পূৰণ কৰাৰ বাবে অস্ত্র হাতত লয়।

প্রশ্ন ২২ : ভাৰতে কোনটো বছৰত প্ৰথম আণৱিক অস্ত্ৰ পৰীক্ষা কৰিছিল? 
উত্তৰঃ ১৯৯০ চনত।



Class-XII Political Science 


Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ



Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ



(খ) চমু প্রশ্নোত্তৰ /(প্রত্যেকটোত ২ নম্বৰকৈ)।


শূন্যস্থান পূৰণ কৰা

প্রশ্ন ১ঃ অপৰম্পৰাগত নিৰাপত্তা দৃষ্টিভংগীক নাইবা – বুলি কোৱা হয়।
উত্তৰঃ অপৰম্পৰাগত নিৰাপত্তা দৃষ্টিভংগীক মানৱ নিৰাপত্তা’নাইবা গােলকীয় নিৰাপত্তা’বুলি কোৱা হয়।

প্রশ্ন ২ঃ পাৰম্পৰিক আৰু অপাৰম্পৰিক নিৰাপত্তাৰ মাজত পার্থক্য কি?
উত্তৰ : পাৰম্পৰিক নিৰাপত্তাইৰাষ্ট্র এখনৰ আভ্যন্তৰীণ আৰু বাহ্যিক নিৰাপত্তাৰ কথা বুজায়। ইয়াত প্রধানকৈ নিৰাপত্তাৰ সামৰিক দিশটো অন্তর্ভুক্ত কৰা হয়। 

আনহাতে অপাৰম্পৰিক নিৰাপত্তাৰ ধাৰণাটোৱে সামৰিক ভাবুকিৰ দিশটো অতিক্ৰম কৰি এক বিস্তৃত পৰিসৰৰ ভয়াবহতা আৰু ভাবুকিক অন্তর্ভুক্ত কৰিছে।

প্রশ্ন ৩ঃ প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত পার্থক্য কি ?
উত্তৰ : এক উন্নতৰ জীৱন, বিশেষকৈ উন্নতৰ অর্থনৈতিক সুযােগ সন্ধান মানুহৰ যি স্থানান্তৰ হয় তাক প্ৰব্ৰজন বােলে। 

আনহাতে মানুহে যেতিয়া যুদ্ধ, প্রাকৃতিক দুর্যোগ আৰু ৰাজনৈতিক উৎপীড়নৰ কাৰণে পলায়ন কৰে তেতিয়া তেওঁলােকক শৰণার্থী বােলে।

প্রশ্ন ৪ : দুটা স্বাস্থ্যজনিত মহামাৰীৰ নাম লিখা। 
উত্তৰঃ 
  1. এইচ, 
  2. পক্ষ জ্বৰ। 

প্রশ্ন ৫ : ভাৰতৰ নিৰাপত্তা পৰিকল্পনাৰ দুটা উপাদানৰ নাম লিখা। 
উত্তৰঃ 
  • (ক) সামৰিক ক্ষমতা বৃদ্ধিঃ  ভাৰতৰ নিৰাপত্তা পৰিকল্পনাৰ প্রধান উপাদান হৈছে সামৰিক ক্ষমতা বৃদ্ধি।
  • (খ) আভ্যন্তৰীণ নিৰাপত্তা : ভাৰতৰ নিৰাপত্তা ব্যৱস্থাৰ আন এটা উপাদান হৈছে। আভ্যন্তৰীণ নিৰাপত্তা ৰক্ষা কৰা।

প্রশ্ন ৬ঃ সন্ত্রাসবাদক নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি বুলি ভাবানে? কিয়?
উত্তৰঃ হয়, সন্ত্রাসবাদ নিৰাপত্তাৰ ক্ষেত্ৰত এক ভাবুকি স্বৰূপ। 

সন্ত্রাসবাদ নিৰাপত্তাৰ ক্ষেত্ৰত এক অপাৰম্পৰিক ভাবুকি স্বৰূপ সন্ত্রাসবাদ হৈছে এক সংগঠিত ৰাজনৈতিক হিংসা, অত্যাচাৰ যাৰ জৰিয়তে দেশত জনসাধাৰণক লক্ষ্য হিচাপে বিবেচনা কৰি জধেমধে অত্যাচাৰ চলােৱা হয়।

প্রশ্ন ৭ঃ ভাবুকিৰ দুটা নতুন উৎসৰ উদাহৰণ দিয়া। 
উত্তৰঃ গােলকীয় উষ্ণতা, আন্তর্জাতিক সন্ত্রাসবাদ।

প্রশ্ন ৮ঃনতুন স্বাধীন দেশসমূহে নিৰাপত্তাৰ ক্ষেত্ৰত যি ধৰণৰ ভাবুকিৰ সন্মুখীন হৈছেইয়াৰ পৰা ইউৰােপ সন্মুখীন হােৱা ভাবুকি কেনেকৈ পৃথক ?
উত্তৰঃ  
  • (ক) উন্নত দেশৰ বাবে (ইউৰােপীয়) আভ্যন্তৰীণ নিৰাপত্তা প্রায় নিশ্চিত। কিন্তু নতুন দেশসমূহে আভ্যন্তৰীণ আৰুবাহ্যিক দুটা দিশতে নিৰাপত্তাহীনতাৰ সন্মুখীন হৈছে।
  • (খ) উন্নত দেশ বা ইউৰােপীয় দেশসমূহে সাধাৰণতে নিৰাপত্তাৰ অপাৰম্পৰিক দিশসমূহৰ সন্মুখীন হৈছে কিন্তু নতুন স্বাধীন দেশসমূহে অপাৰম্পৰিক আৰুপাৰম্পৰিক দুয়াে ধৰণৰ নিৰাপত্তাত ভুগি আছে।

প্রশ্ন ৯ঃ ভাৰতৰ নিৰাপত্তা কৌশলৰ দুটা উপাদান লিখা। 
উত্তৰ : 
  • (ক) সামৰিক ক্ষমতা বৃদ্ধি 
  • (খ) আভ্যন্তৰীণ নিৰাপত্তা। 

প্রশ্ন ১০ঃ ভাবুকিৰ দুটা নতুন উৎস লিখা। 
উত্তৰ : প্ৰব্ৰজন, সন্ত্রাসবাদ। 

প্রশ্ন ১১ঃ গােলকীয় নিৰাপত্তাৰ ধাৰণাটো কি? 
উত্তৰঃ বিশ্ব নিৰাপত্তা বুলিলে এনে বিষয়সমূহৰ পৰা সুৰক্ষাক বুজায় যি । 

বিষয়সমূহৰ বিশ্ব চৰিত্ৰৰ যেনে - গ্লোবেল ওৱার্মিং, আন্তর্জাতিক সন্ত্রাসবাদ, বিভিন্ন ধৰণৰ মহামাৰী যেনে -  
  • AIDS, 
  • ASRS, 
  • SWINEFLU, 
  • BIRDFLUE 
আদিৰ পৰা হােৱা ক্ষতি শংকাৰ পৰা মুক্তি পােৱাক বুজায়। যিহেতু এনে আশংকাসমূহ বিশ্ব চৰিত্ৰৰ সয়েহে এনে বিপদসমূহক নির্মূল কৰাৰ বাবে বিভিন্ন ৰাষ্ট্রৰ মাজত সহযােগিতা প্রয়ােজন ।

প্রশ্ন ১২ : পৰম্পৰাগত নিৰাপত্তা নীতিৰ দুটা উপাদান লিখা। 
উত্তৰঃ 
  • (ক) অৱৰােধ 
  • (খ) ৰক্ষা 
  • (গ) ক্ষমৰ ভাৰসাম্যতা 
  • (ঘ) মিত্রজোট। 

প্রশ্ন ১৩ : মানৱ অধিকাৰ বুলিলে কি বুজা ?
উত্তৰ : মানৱ অধিকাৰ সামাজিক জীৱনৰ কিছুমান চার্ট যাৰ সহায়ত এজন মানুহে নিজৰ মানৱীয় অস্তিত্ব ৰক্ষা কৰিব পাৰে। 

মানৱ অধিকাৰক মানুহৰ ব্যক্তিত্ব বিকাশৰ এক মৌলিক আহিলা বুলিও আখ্যা দিব পাৰি।

প্রশ্ন ১৪ : মানৱ অধিকাৰৰ বিভিন্ন ধৰণৰ শ্রেণী বিভাগবোৰ কি কি? 
উত্তৰ : মানৱ অধিকাৰসমূহক তিনিটা ভাগত ভগাব পাবি।
  • (ক) অসামৰিক আৰু ৰাজনৈতিক অধিকাৰ 
  • (খ) সাংস্কৃতিক, অর্থনৈতিক আৰু সামাজিক অধিকাৰ 
  • (গ) সামূহিক অধিকাৰ।



(গ) দীঘল প্রশ্নোত্তৰ /(প্ৰত্যেকটোত ৪ নম্বৰকৈ) 


প্রশ্ন ১ঃ পাৰম্পৰিক নিৰাপত্তাৰ ধাৰণাৰ বাহ্যিক ভাবুকিৰ ক্ষেত্ৰত চাৰিটা উপাদান লিখা।
উত্তৰঃ 
  • (ক) অৱৰােধ : ইয়াৰ অৰ্থ হৈছে যুদ্ধৰ আশংকাক বাধা প্রদান কৰা। এই ক্ষেত্ৰত ভাৰতৰ পাৰমাণৱিক পৰীক্ষণৰ বিষয় উল্লেখ কৰিব পৰা যায়।
  • (খ) ৰক্ষাঃ যুদ্ধক সীমিত ৰখা বা ইয়াক সমাপ্ত কৰাক ৰক্ষা বুলি কোৱা হয়।
  • (গ) ক্ষমতাৰ ভাৰসাম্যতাঃ প্ৰতিখন চৰকাৰে আন দেশৰ সৈতে নিজৰ ক্ষমতাৰ ভাৰসাম্যতা ৰক্ষা কৰিব বিচাৰে। 
  • (ঘ) মিত্ৰগােট গঠনঃ মিত্রগােট মানে হৈছে কেইখনমান ৰাষ্ট্ৰৰ সন্মিলন যিসকলে নিজৰ কার্যাৱলীৰ মাজত সমন্বয় সাধন কৰি যুদ্ধ সংঘটিত কৰাত বাধাৰ সৃষ্টি কৰিব পাৰে। যেনে- NATO, CENTO আদি।

প্রশ্ন-২ঃ মানৱ অধিকাৰ কি? মানৱ অধিকাৰৰ বিভিন্ন প্রকাৰ সম্পর্কে লিখা।
উত্তৰ : মানুহ হিচাপে ভালদৰে জীয়াই থকাৰ বাবে প্রয়োজনীয় অধিকাৰখিনিক মানৱাধিকাৰ বােলা হয়। এই অধিকাৰখিনিৰ অবিহনে মানুহে নিজৰ সম্পূর্ণ বিকাশ সাধন কৰিব নোৱাৰে। বিভিন্ন প্ৰকাৰ পৌৰ অধিকাৰ -
  • (ক) জীৱনৰ, স্বাধীনতাৰ আৰু নিৰাপত্তাৰ অধিকাৰ
  • (খ) পক্ষপাতিত্বৰ বিৰুদ্ধে অধিকাৰ, 
  • (গ) দাসত্ব প্ৰথাৰ বিৰুদ্ধে অধিকাৰ, 
  • (ঘ) শিক্ষাৰ অধিকাৰ আৰু 
  • (ঙ) অত্যাচাৰৰ বিৰুদ্ধে অধিকাৰ।

ৰাজনৈতিক অধিকাৰঃ

  • (ক) আইনৰ চকুতসকলােৱে সমান আৰু সমানে আইনগত নিৰাপত্তা পােৱাৰ অধিকাৰী, 
  • (খ) শান্তিপূর্ণ অৱস্থান আৰু সংঘ গঢ়ি তােলাৰ অধিকাৰ,
  • (গ) চৰকাৰত আৰু মুক্ত নির্বাচনত অংশ গ্রহণ কৰাৰ অধিকাৰ, 
  • (ঘ) বিদেশত আশ্রয়। লােৱাৰ অধিকাৰ।

অর্থনৈতিক অধিকাৰঃ 

  • (ক) সম্পত্তিৰ অধিকাৰ, 
  • (খ) কর্মৰ অধিকাৰ, একে ধৰণৰ কামৰ বাবে সমমজুৰি লাভ কৰাৰ অধিকাৰ, 
  • (গ) বিশ্রাম আৰু অৱকাশৰ অধিকাৰ, 
  • (ঘ) সামাজিক নিৰাপত্তা আৰু
  • (ঙ) জীৱনৰ মানদণ্ডৰ উন্নীত কৰাৰ অধিকাৰ।

প্রশ্ন ৩ঃ ক্ষমতাৰ ভাৰসাম্যতা কি? কেনেকৈ এখন ৰাষ্ট্ৰই ইয়াক লাভ কৰে।
উত্তৰ : সাধাৰণতে বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ প্রত্যেকৰ নিজৰ স্বার্থ আছে আৰু সেই স্বাস্থ্য পূৰণ কৰিবলৈ চেষ্টা কৰাৰ ফলত বহু ক্ষেত্ৰত ৰাষ্ট্ৰবিলাকৰ মাজত সংঘর্ষ হােৱা দেখা যায়। 

এনে সংঘর্ষ বা অনিশ্চয়তা আঁতৰ কৰিবৰ কাৰণে ক্ষমতাৰ তুলনামূলক পৰিমাণৰ ওপৰত ভিত্তি কৰি এক প্ৰকাৰ ভাৰসাম্যৰ সৃষ্টি কৰা হয়। ক্ষমতাৰ এনে তুলনামূলক পৰিমাণকে ভাৰসাম্য বুলি কোৱা হয়। এখন ৰাষ্ট্ৰই বিভিন্ন উপায়েৰে ভাৰসাম্য ৰক্ষা কৰিব পাৰে।

(ক) মৈত্রী : বর্তমান বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ মাজত বিভিন্ন দিশত প্রতিযােগিতা দেখা যায়। কেতিয়াবা এখন শক্তিশালী ৰাষ্ট্ৰৰ ক্ষমতা প্ৰতিৰােধ কৰিবৰ কাৰণে দুর্বল এখন বা ততােধিক ৰাষ্ট্ৰ লগ লাগি বন্ধুত্ব স্থাপন কৰে।

(খ) সশস্ত্রীকৰণঃ কোনাে এখন দেশে নিজ নিৰাপত্তাৰ কাৰণে অস্ত্ৰৰ পৰিমাণ বৃদ্ধি কৰিলে ওচৰ-চুবুৰীয়া আনখন দেশত নিজৰ নিৰাপত্তাৰ কাৰণে অস্ত্রশস্ত্ৰৰ পৰিমাণ বৃদ্ধি কৰিবলৈ ধৰে, সেই দৃষ্টিকোণৰ পৰা সশস্ত্রীকৰণ ক্ষমতাৰ ভাৰসাম্য ৰক্ষাৰ আন এটা উপায়।

(গ) নিৰস্ত্রীকৰণঃ নিৰস্ত্রীকৰণাে ক্ষমতাৰ ভাৰসাম্যতা ৰক্ষাৰ আন এটা উল্লেখযােগ্য উপায় । দুখন ৰাষ্ট সামৰিক দিশত শক্তিশালী হ'লে ৰাষ্ট্ৰ দুখনৰ মাজত নিৰস্ত্রীকৰণ ব্যৱস্থা কৰিও ক্ষমতাৰ ভাৰসাম্যতা ৰক্ষা কৰিব পৰা যায়।

(ঘ) অন্তঃস্থ অঞ্চল : অন্তঃস্থ অঞ্চল গঢ়ি তুলিও ক্ষমতাৰ ভাৰসাম্যতা ৰক্ষা কৰিব পৰা যায়। 

(ঙ) বিভাজনমূলক নীতি : ক্ষমতাৰ ভাৰসাম্য ৰক্ষাৰ আন এটা উপায় হৈছে। বিভাজনমূলক নীতি গ্রহণ কৰাটো। কেইবাখনাে ৰাষ্ট্ৰৰ মাজত ক্ষমতাক লৈ প্রতিযােগিতা হলে অধিক প্রভাৱশালী ৰাষ্ট্ৰখনে আনকেইখন ৰাষ্ট্ৰক আঁতৰাই ৰাখি ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰে! 

(চ) হস্তক্ষেপঃ আন ৰাষ্ট্ৰৰ ঘৰুৱা বিষয়তাে হস্তক্ষেপ কৰি ক্ষমতাৰ ভাৰসাম্যতা ৰক্ষা কৰিব পাৰে।

প্রশ্ন ৪ : অপাৰম্পৰিক নিৰাপত্তাজনিত ভাবুকিৰ ক্ষেত্ৰত, সহযােগিতা খুব প্রয়ােজনীয় বুলি ভাবানে? আন্তর্জাতিক সহযােগিতাই অপাৰম্পৰিক ভাবুকিত কেনেদৰে নিয়ন্ত্রণ কৰে?
উত্তৰ : হয়, অপাৰম্পৰিক নিৰাপত্তাজনিত ভাবুকিৰ ক্ষেত্ৰত আন্তর্জাতিক সহযােগিতাই এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। 

অপাৰম্পৰিক সুৰক্ষা ভাবুকিৰ ক্ষেত্ৰত সামৰিক বিৰােধিতাৰ পৰিৱর্তে সহযােগিতাৰ প্রয়ােজন। সন্ত্রাসবাদক নির্মূল কৰাৰ বাবে বা মানৱাধিকাৰক কার্যকৰী কৰাৰ বাবে সামৰিক কার্যকলাপৰ প্রয়ােজন হয়। 

কিন্তু প্ৰব্ৰজন দৰিদ্রতা, ভগনীয়াৰ সমস্যা, মহামাৰী আদিক বলপ্রয়ােগৰ জৰিয়তে নিয়ন্ত্রণ কৰিব পৰা নাযায়। এনে ধৰণৰ ভাবুকিৰ পৰা ৰক্ষা পােৱাৰ বাবে বিশ্ব পর্যায়ত সহযােগিতাৰ প্রয়ােজন।

এনে ধৰণৰ সুৰক্ষা দ্বিপক্ষীয়, আঞ্চলিক, বৈশ্বয়িক চৰিত্ৰৰ হ'ব পাৰে। সাধাৰণতে। সুৰক্ষা ভাবুকিৰ চৰিত্ৰৰ ওপৰত সহযােগিতাৰ চৰিত্ৰ নিৰ্ভৰ কৰে। এনে সহযােগিতাৰ। লগত বিভিন্ন আন্তর্জাতিক সংগঠন যেনে ৰাষ্ট্ৰসংঘ, বিশ্ব বেংক, আন্তর্জাতিক মুদ্রানিধি আদি জড়িত থাকে। 

বিভিন্ন বেচৰকাৰী প্রতিষ্ঠান যেনে - ৰেডক্ৰছ, শ্রমিক সংস্থা, Amenesty International, বিভিন্ন ধৰণৰ নিগম আদিও জড়িত থাকে। এনে প্রয়াসত বিশেষ বিশেষ ব্যক্তিসকলেও সহায়ৰ হাত আগবঢ়ায়।


(ঘ) অতি দীঘল প্রশ্নোত্তৰ/(প্ৰত্যেকটোত ৬ নম্বৰকৈ) 


প্রশ্ন ১ঃ মানৱ নিৰাপত্তা কি?ইয়াৰ ঠেক আৰু বহল ধাৰণা সম্পর্কে আলােচনা কৰা। বা মানৱ নিৰাপত্তা সম্পৰ্কে টোকা লিখা।
উত্তৰঃ অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাটোৱে সামৰিক ভাবুকি দিশটো অতিক্রম কৰি এক বিস্তৃত পৰিসৰৰ ভাবুকি আৰু ভয়াবহতা অন্তর্ভুক্ত কৰিছে। যিবােৰে মানুহৰ অস্তিত্ব বিপদাপন্ন কৰি তােলে। অপৰম্পৰাগত নিৰাপত্তাৰ দৃষ্টিভংগীক ‘মানৱ নিৰাপত্তা’নাইবা ‘গােলকীয় নিৰাপত্তা’বুলি কোৱা হয়।

মানৱ নিৰাপত্তাৰ সংকীর্ণ ধাৰণাৰ প্রবক্তাসকলে কৈছে যে মানৱ নিৰাপত্তাৰ প্রাথমিক লক্ষ্য হ’ল ব্যক্তিক সুৰক্ষা প্রদান কৰা। এই সংকীর্ণ ধাৰণাৰ প্ৰবক্তাসকলে ব্যক্তিৰ প্ৰতি থকা হিংসাত্মক ভাবুকিৰ দিশটোত মনােযােগ দিছে।  ৰাষ্ট্ৰসংঘৰ পূৰ্বৰ সচিবপ্রধান কফি আন্নানে এইদৰে মন্তব্য কৰিছে, ‘আভ্যন্তৰীণ হিংসাৰ পৰা সম্প্রদায়। আৰু ব্যক্তিক সুৰক্ষা প্রদান কৰা।

মানৱ নিৰাপত্তাৰ উদাৰ ধাৰণাৰ প্রবক্তাসকলে এইদৰে যুক্তি আগবঢ়াইছে ভাবুকিৰ তালিকাখনত ডােক, ৰােগ আৰু প্রাকৃতিক দুর্যোগক অন্তর্ভুক্ত কৰা উচিত। কাৰণ এইবােৰ যুদ্ধ, গণহত্যা আৰু সন্ত্রাসবাদতকৈ বহুত অধিক মানুহ হত্যা কৰে। 

তেওঁলােকে যুক্তি দিছে যে মানৱ নিৰাপত্তা নীতিয়ে মানুহক হিংসাৰ লগতে এইবােৰ ভাবুকিৰ পৰাও সুৰক্ষা দিবলাগিব। মানৱ নিৰাপত্তাৰ বহল দৃষ্টিভংগীয়ে অর্থনৈতিক নিৰাপত্তা আৰু মানৱীয় মর্যাদাকো সামৰি লৈছে। আন কথাত ক'বলৈ গ'লে মানৱ নিৰাপত্তাই ‘অভাৱৰ পৰা মুক্ত’আৰু ‘ভয়ৰ পৰা মুক্ত’ হােৱাত গুৰুত্ব প্রদান কৰে।

প্রশ্ন ২ : সামৰিক জোঁটসমূহৰ উদ্দেশ্য কি?
উত্তৰঃ পৰম্পৰাগত নিৰাপত্তা ব্যৱস্থাৰ এটা উপাদান হ’ল সামৰিক জোট গঠন কৰা। ইয়াৰ অৰ্থ হৈছে ৰাষ্ট্ৰসমুহৰ মাজত মৰ্চা গঠন কৰি সামৰিক আক্ৰমণৰ বিৰুদ্ধে প্রতিৰােধ গঢ়ি তােলা বা প্রতিক্ষা স্থাপনৰ এক সামুহিক প্রচেষ্টা। 

কেতিয়াবা দেশবােৰে আন দেশ বা মিত্র জোঁটৰ তুলনাত ক্ষমতা বৃদ্ধি কৰিবলৈ মিত্র জোট গঠন কৰে। মিত্র জোঁটৰ গঠন ৰাষ্ট্ৰীয় স্বার্থৰ ওপৰত নিৰ্ভৰ কৰে আৰু ৰাষ্ট্রীয় স্বার্থৰ পৰিৱর্তনৰ লগে লগে মিত্র জোঁটৰ পৰিৱর্তন হয়। 

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে আমেৰিকাৰ নেতৃত্বত ছােভিয়েট ৰাছিয়াৰ বিৰুদ্ধে সামৰিক গােট গঢ়ি তােলা হৈছে, ইয়াক NATO (North Atlantic Treaty Organization) বুলি জনা যায়। নাটো'ৰ বিৰুদ্ধে ছােভিয়েট ৰাছিয়াই আন কেইখনমান সাম্যবাদী দেশৰ লগত লগ হৈ ‘Warsaw Pact নামৰ আন এটা সামৰিক গােট গঢ়ি তােলে। 

ছভিয়েট ইউনিয়নৰ বিচ্ছিন্নতাৰ পিছত পূর্ব ইউৰােপৰ ভালেমান নতুনকৈ স্বাধীনতা লাভ কৰা ৰাষ্ট্ৰই ‘নাটো’ৰ সদস্যপদ গ্রহণ কৰে। এনেদৰে পৰিস্থিতিৰ পৰিৱর্তনৰ লগে লগে সামৰিক গােটৰ চৰিত্ৰৰাে পৰিৱৰ্তন হয়। 

প্রশ্ন ৩ঃ সন্ত্রাসবাদ দমনৰ বাবে কেইটামান পৰামৰ্শ আগবঢ়োৱা।
উত্তৰঃ সন্ত্রাসবাদ দমনৰ বাবে বিভিন্ন ব্যৱস্থা হাতত ল'ব পৰা যায়। যেনে -
  • ১।পুলিচ আৰু নিৰাপত্তা বাহিনীক আধুনিক কৰিব লাগিব অর্থাৎ আধুনিক অস্ত্রশস্ত্ৰৰে সুসজ্জিত কৰিব লাগিব।
  • ২। সন্ত্রাসবাদ আৰু হিংসাক নিয়ন্ত্রণ কৰিব লগা হ'লে যথেষ্ট কঠোৰ আইন প্রণয়ন কৰিব লাগিব। ভৱিষ্যতে সন্ত্রাসবাদী কার্য বা হিংসাৰ আশ্ৰয় যাতে নলয় তাৰ বাবে উদাহৰণমূলক শাস্তি প্রদান কৰিব লাগিব।
  • ৩। ভূমি সংস্কাৰ ব্যৱস্থাক সঠিকভাৱে কাৰ্যকৰী কৰিব লাগিব যাতে সমাজত সমতা থাকে। সামাজিক আৰু অর্থনৈতিক ন্যায় প্রতিষ্ঠা হয়।
  • ৪। জনগণে চৰকাৰৰ প্রতি সকলাে ধৰণৰ সহযােগিতা আগবঢ়াব লাগিব। 
  • ৫। সন্ত্রাসবাদৰ বিৰুদ্ধে বিশ্ব জনমত গঢ়ি তােলাৰ চেষ্টা কৰিব লাগিব। যিসকল ৰাষ্ট্রই সন্ত্রাসবাদীসকলক সহায় কৰে তেওঁলােকক এনে কাৰ্যৰ পৰা বিৰত থকাৰ। বাবে আন্তর্জাতিক চাপ সৃষ্টি কৰিব লাগিব।
  • ৬। যিবােৰ ৰাষ্ট্ৰত বহুধৰ্মাৱলম্বী মানুহ আছে তেনে দেশসমূহত সকলাে সম্প্রদায়। মাজত মিলা-প্রীতি বজাই ৰাখিব লাগিব।


আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলিলে কি বুজা?/মানৱ অধিকাৰ মানে কি বুজা?/মানৱ অধিকাৰৰ গুৰুত্ব/মানৱ অধিকাৰ মানে কি?/ মানৱ অধিকাৰৰ বিকাশ/ মানৱ অধিকাৰ আৰু সুৰক্ষা আইন/ভাৰতৰ দৰিদ্ৰতা class 12/ৰাষ্ট্ৰৰ মৌলিক উপাদান চাৰিটা কি কি?/আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বুলিলে কি বুজা?/ভাৰসাম্য মানে কি?/তুলনামূলক ৰাজনীতি বুলিলে কি বুজা?/তুলনামূলক ৰাজনীতি পৰিসৰ/তুলনামূলক ৰাজনীতি কি?/ তুলনামূলক ৰাজনতি ৰ পৰিসৰ/তুলনামূলক ৰাজনীতি মানে কি?/ক্ষমতাৰ ভাৰসাম্য নীতি/দুই প্ৰকাৰৰ দৰিদ্ৰতা কি কি?/দৰিদ্ৰতা বুলিলে কি বুজা?/পৌৰ অধিকাৰ সমূহ কি কি?/সমতা বুলিলে কি বুজা?/ৰাষ্ট্ৰৰ উপাদান/দৰিদ্ৰতা মানে কি?/দৰিদ্ৰতাৰ উদ্দেশ্য?মানৱ বিকাশৰ তিনিটা মৌলিক অঞ্চল কি কি?/সন্ত্রাসবাদ কি অসমীয়া/সামাজিক মাধ্যম বুলিলে কি বুজা/দৰিদ্ৰতাৰ কাৰণ/দৰিদ্ৰতাৰ অৰ্থ

Post a Comment

0 Comments

People

Ad Code