Recent in Technology

প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মােক / textbook/ class 9 assamese/ lesson 4/ নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা/ Assam seba board/ 2021

Attention Please!


Class 9 assamese textbook প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মােক lesson 4 নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা/ Assam seba board

প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মােক / textbook/ class 9 assamese/ lesson 4/ নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা/ Assam seba board



প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মােক/Lesson4




ড° ভূপেন হাজৰিকা




প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মােক 
তােমাৰ প্রাপ্য কি কোৱা ? 
মনৰ দুৱাৰ মেলি নিভীকভাৱে ক'লোঁ। 
তােমাৰ শক্তিখিনি দিয়া। 
বজ্ৰৰ গর্জনে বক্ষ উজাৰি ক'লে, 
তােমাৰ কাম্য কি কোৱা ? 
মই ক'লোঁ, বজ্ৰ তােমাৰ 
শক্তিশালী উদাত্ত কণ্ঠটি দিয়া।
এদিন আকাশে কলে, জনৈক গীতিকাৰে 
‘অকণি আকাশ’ দেখে মাগে। 
তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে 
মাগিছা সর্বাকাশ সত্তা ? 
মই ক'লোঁ, তুমিয়েতাে কৈছিলা ৰাতিপুৱা 
যিমানে বিলাই দিবা, সিমানে মহান হ’বা 
তাৰে নাম সঁচা উদাৰতা।
সেয়েহে আকাশ তুমি দিব যদি খুজিছাই 
সংকীর্ণতা এৰি দিয়া 
অৱদান ৰূপে তােমাৰ পূর্ণ বিশালতা 
দিয়া যদি আজিয়েই দিয়া।
মহাকাশে দিলে মােক বিশাল দৃষ্টি 
আৰু ধুমুহাই প্রচণ্ড শক্তি 
বজ্ৰই দিলে মােক উদাত্ত কণ্ঠ 
আৰু দিলে সাহসৰ যুক্তি।
বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে 
গীত গাই কঁপাম দিগন্ত 
দানৱৰ সমাজতাে গাম মানৱৰ গীত 
কলিজাৰ সঁচা-সুৰ সিক্ত।
মুমূর্ষ মানৱক জীৱনৰ বিদ্যুৎ 
কিঞ্চিততা যদি দিব পাৰোঁ 
আকাশ, ধুমুহা আৰু বজ্রক
তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ। 





কবি-পৰিচয়ঃ
জন্ম শদিয়াত ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত। গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা লাভ কৰে। গুৱাহাটীৰ কটন কলেজৰ পৰা আই. এ. পৰীক্ষাত উত্তীৰ্ণ হৈ বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ উপাধি লাভ কৰে। 

পৰৱৰ্তী সময়ত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰাও শিক্ষা বিজ্ঞানত স্নাতকোত্তৰ উপাধি লাভ কৰাৰ লগতে উক্ত বিশ্ববিদ্যালয়ৰ পৰাই পি. এইচ. ডি. উপাধি লাভ কৰে। 

বি. বৰুৱা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনাৰ লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰতাে কার্যনির্বাহ কৰিছিল। 

অসাধাৰণ প্ৰতিভাৰ অধিকাৰী এইজনা ব্যক্তিয়ে ঘাইকৈ কণ্ঠশিল্পী, গীতিকাৰ, চলচ্চিত্র পৰিচালক হিচাপে কেৱল অসম বা ভাৰততে নহয়, বিশ্বৰ বিভিন্ন স্থানত সমাদৰ পাবলৈ সক্ষম হৈছে। 

১৯৫৬ চনত “এৰাবাটৰ সুৰ’ চলচ্চিত্ৰৰ যােগেদি চলচ্চিত্র-পৰিচালক হিচাপে আত্মপ্রকাশ কৰিছিল আৰু আঠখন অসমীয়া, এখন বাংলা আৰু এখন হিন্দী চলচ্চিত্র পৰিচালনা কৰিছিল। 

ইয়াৰে কেইখনমান হ'ল শকুন্তলা’ (১৯৬১), ‘প্রতিধ্বনি’ (১৯৬৪), লটিঘটি’ (১৯৬৬), ‘চিকমিক বিজুলী' (১৯৬৯), ‘চিবাজ’ (১৯৮৮) আদি। অসমীয়া চলচ্চিত্ৰৰ লগতে বাংলা, হিন্দী, ভােজপুৰী, কাৰ্বি, বড়াে, মালায়ালম ভাষাৰ শতাধিক ছবিৰ সংগীত পৰিচালনা কৰিছিল। 

পৰিচালনা কৰা তথ্যচিত্ৰৰ সংখ্যা নখন। কেইবাখনাে চলচ্চিত্ৰত অভিনয় কৰিছিল। সম্পাদিত আলােচনী : ‘আমাৰ প্রতিনিধি’, ‘বিন্দু’, ‘প্রতিধ্বনি’ আদি। ৰচিত গ্রন্থ পঞ্চাশখনতকৈও অধিক। ড° হাজৰিকাই দেশে-বিদেশে অর্ধশতাধিক বঁটা-সন্মান লাভ কৰিছিল।

ইয়াৰ ভিতৰত ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক, শ্রেষ্ঠ সংগীত-পৰিচালনাৰ ৰাষ্ট্ৰীয় বঁটা, দাদা চাহেব ফাল্কে বঁটা, পদ্মভূষণ, অসম সাহিত্য সভাৰ সাহিত্যাচার্য সন্মান আদি বিশেষভাৱে উল্লেখযােগ্য। 

২০১১ চনৰ ৫ নবেম্বৰত মুম্বাইৰ কোকিলাবেন ধীরুভাই আম্বানি হাস্পাতালত দেহাৱসান ঘটে। আধুনিক অসমীয়া তথা ভাৰতীয় গীতি-কবিতাৰ ইতিহাসত ড° হাজৰিকাৰ গীতি-কবিতাসমূহে এক বিশেষ স্থান লাভ কৰিছে। 

মানুহৰ হৃদয়ৰ বিচিত্র ভাবানুভূতিৰ লগতে প্রকৃতি আৰু মানৱ সমাজসংস্কৃতিক তেওঁ সংগীতৰ মূৰ্চ্চনাৰে বাত্ময় কৰি তুলি অত্যন্ত হৃদয়স্পর্শী আবেদনৰ সৃষ্টি কৰিবলৈ সক্ষম  হৈছে। খ্রষ্টীয় ১৯৬৩ চনত ৰচিত এই গীতি কবিতাটিৰ জৰিয়তে গীতিকাৰে প্রকৃতি জগতৰ নানা উপাদানৰ পৰা নানা গুণ আহৰণ কৰি মহৎ মানৱীয় অনুভূতিৰ জয়গান গাৰ বিচাৰিছে। 

পাঠবােধ

কবিতাটোত প্রবাহিত হৈ আছে মানৱতাৰ সুৰ। ধুমুহাৰ দৰে প্রচণ্ড শক্তি লাভ কৰি সমাজৰ উত্তৰণত সেই শক্তি প্রয়ােগ কৰিবলৈ কবি আগ্রহী। বজ্ৰৰ দৰে নিৰ্ভীকতা আৰু উদাত্ত কণ্ঠেৰে মানৱতাৰ জনগান গাবলৈ কবিয়ে যেন ইচ্ছা প্রকাশ কৰিছে। 

আকাশৰ বিশালতাই কবিক যেন সোঁৱৰাই দিছে— সংকীর্ণতাৰ পৰিধি ভঙা এক মানৱিক উদাৰতাৰ কথা। মুমূর্য মানৱক মানৱতাবােধেৰে পুনৰ সঞ্জীৱিত কৰাটোৱেই কবিতাটোৰ মুখ্য অভিপ্রায়।


শব্দার্থ আৰু টোকা

উদাত্ত কণ্ঠ - গুৰু-গম্ভীৰ মাত।
কাম্য -কামনা কৰা, বিচৰা।
জনৈক - অনির্দিষ্ট কোনাে এজন।
সত্তা - অস্তিত্ব, উপস্থিতি, বিদ্যমানতা।
সিক্ত - তিতা, আৰ্দ্ৰ, জিভা।
মূমূৰ্ষ - মৃতপ্ৰায়।
প্ৰনিপাত - সেৱা।
মনৰ দুৱাৰ মেলি - অন্তঃ কৰণেৰে, মুক্তভাৱে, অন্তৰত কোনো খোকোজা নৰখাকৈ।
বজ্রৰ গৰ্জনে বক্ষ উজাৰি ক'লে - বজ্রই হৃদয় উদঙাই স্বাভাৱিক শব্দৰেই ক'লে।


প্রশ্নাবলী

ভাব-বিষয়ক

১। চমু উত্তৰ দিয়া ।

(ক) কবিয়ে কাক সংকীর্ণত এৰি দি পূর্ণ বিশালতা দিবলৈ আহ্বান জনাইছে? 
(খ) কবিৰ প্রাপ্য কি তাক সুধি কোনে প্রশ্ন কৰিছিল ? 
(গ) কবিক বিশাল দৃষ্টি কোনে দিলে? 
(ঘ) “মুমূর্য মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিততা যদি দিব পাৰোঁ’—ইয়াত ‘বিদ্যুৎ' শব্দই কি বুজাইছে? 
(ঙ) প্রচণ্ড ধুমুহাই কবিক কি প্রশ্ন কৰিছিল ? 



২। বজ্রই কবিক কি কি দিলে? 
৩। কবিয়ে সঁচা উদাৰতা’ কথাষাৰেৰে কি বুজাব খুজিছে? 
৪। কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে চমুকৈ বুজাই লিখা। 
৫। কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে? 
৬। আকাশ, ধুমুহা আৰু বজ্রক কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছে বহলাই লিখা। 

৪। ব্যাখ্যা কৰা : 

(ক) বজ্ৰৰ গর্জনে বক্ষ উজাৰি ক'লে,
তােমাৰ কাম্য কি কোৱা ? 
মই ক'লোঁ,  বজ্ৰ তােমাৰ
 শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। 

(খ) সেয়েহে আকাশ তুমি দিব যদি খুজিছাই 
সংকীর্ণতা এৰি দিয়া। 
অৱদান-ৰূপে তােমাৰ পূর্ণ বিশালতা
দিয়া যদি আজিয়েই দিয়া। 

(গ) মহাকাশে দিলে মােক বিশাল দৃষ্টি
আৰু ধুমুহাই প্রচণ্ড শক্তি। 
বজ্ৰই দিলে মােক উদাত্ত কণ্ঠ 
আৰু দিলে সাহসৰ যুক্তি।

(ঘ) মুমূর্য মানৱক জীৱনৰ বিদ্যুৎ
কিঞ্চিতাে যদি দিব পাৰোঁ 
আকাশ, ধুমুহা আৰু বজ্রক
তাৰ বাবে প্ৰণিপাত কৰোঁ। 

ভাষা-বিষয়ক 
৫। তলত দিয়া শব্দবােৰৰ সমার্থক শব্দ লিখা ।
ধুমুহা; বুকু; কাম্য; সংকীর্ণতা; বিশাল; দানৱ; প্রণিপাত; সিক্ত। 

৬। তলত দিয়া শব্দকেইটাত কি কাৰণে ‘ণ’ হৈছে লিখা ।
কণ্ঠ; পূর্ণ; প্রচণ্ড; সংকীর্ণতা; প্রণিপাত।। 

৭। তলত দিয়া শব্দকেইটাত কি কাৰণে ‘য’ হৈছে লিখা ?
মুমূর্য দৃষ্টি। 

৮। সন্ধি ভাঙা ।
দিগন্ত; সর্বাকাশ; সংকীর্ণ।


Conclusion:


প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মােক Only for textbook reader class 9 assamese lesson 4 নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা/ Assam seba board.







Wrote by Akshay

Post a Comment

0 Comments

People

Ad Code