Recent in Technology

পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন/ Lesson-10 Textbook/ Class 9 Assamese

Attention Please!

Assam seba board Online reading textbook Lesson-10 পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন Class 9 Assamese নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা

পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন/ Lesson-10 Textbook/ Class 9 Assamese


পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন/Lesson10




জ্যোতিপ্রসাদ বুঢ়াগােহাঞি



ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা ৩৫০ কিলােমিটাৰ আঁতৰত এখন গাঁও। গাঁওখনৰ নাম হৈছে পিপলান্ত্রি। গাঁও হ'লেও পিপলান্ত্রি এতিয়া কেৱল ভাৰতৰেই নহয়, পৃথিৱীৰ ভিতৰতে এখন বিখ্যাত গাঁও।

 আমি ভাৰতীয় হিচাপে এই গাঁওখনক লৈ গৌৰৱ কৰোঁ। কিহৰ কাৰণে এই গাঁওখন পৃথিৱীৰ এখন বিখ্যাত গাঁও হিচাপে পৰিগণিত হৈছে, সেয়া জানিলে সকলােৱে নিজৰ গাঁওখনক পিপলান্ত্রিৰ দৰে গঢ়ি তুলিবলৈ চেষ্টা কৰিব। 

ৰাজছমন্দ নামৰ জিলাখনৰ অন্তৰ্গত তথা ৰাজপুত বীৰ মহাৰাণা প্রতাপৰ জন্মস্থান উদয়পুৰৰ পৰা সাত কিলােমিটাৰ আঁতৰত অৱস্থিত পিপলান্ত্রি গাঁৱে সকলােকে এনে আৰ্হি দেখুৱাবলৈ সক্ষম হৈছে যে মানুহে কৰোঁ বুলিলে সকলাে কামেই কৰিব পাৰে। 

কেৱল হাতে-কামে আৰু পৰিকল্পনাৰে কামবোেৰ আগুৱাই নিলেই হল। ধৈর্য, একাগ্রতা, সাহস আৰু নিয়ম-শৃংখলা মানি চলি সকলােৱে একেলগে হাত আগবঢ়ালে অসম্ভৱ বুলি ভাবি থকা কামাে অনায়াসে সম্পন্ন হয়। আমাৰ ছাত্ৰ-ছাত্ৰীসকলে এই গাঁওখনৰ বিষয়ে জানি ইয়াৰ কাম-কাজ আৰু মহান আদর্শক সাৰৰাগত কৰিলে দেশৰ প্ৰতিখন গাঁৱেই সমৃদ্ধিশালী হৈ উঠিব বুলি আশা কৰিব পাৰি।

বর্তমান সকলােৰে আদৰ্শ গাঁও হিচাপে পৰিগণিত হােৱা পিপলাক্সি গাঁওখনে এসময়ত পৰিৱেশ প্ৰদূষণ আৰু খেতি-বাতিৰ বাবে পানীৰ নাটনিত ভুগিছিল। 

ইয়াৰ ফলত পিপলাত্রি গাঁৱৰ লােকসকলৰ অৱস্থা অতি দুখ লগা হৈছিল। প্রাকৃতিক সম্পদত অতিশয় চহকী হােৱা সত্ত্বেও গাঁওখনৰ মানুহে জীয়াই থাকিবলৈ কঠোৰ সংগ্ৰাম কৰিছিল। 

মাৰ্বল পাথৰৰ বাবে গ্ৰীণিজ ৱর্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰা পিপলান্ত্রি গাঁৱত ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰে। এই বৃহৎ খনিবােৰৰ ফলত প্রকৃতি ধ্বংস হােৱাৰ লগে লগে প্রাকৃতিক সম্পদো ব্যৱসায়ীৰ হাতলৈ যায়। মাৰ্বল পাথৰ আহৰণৰ বাবে খনিবােৰত দিনে-নিশাই কাম চলাৰ ফলত পিপলান্ত্রি গাঁৱৰ পৰিৱেশ প্রদষিত হয়। 

মানুহে অলপমান বিশুদ্ধ বতাহৰ বাবে হাহাকাৰ কৰিবলগীয়া হয়। গছ-গছনিৰ সংখ্যাও দ্রুতগতিত কমি অহাৰ ফলত বৰষুণৰ পৰিমাণ কম হয়। বৰষুণৰ পৰিমাণ কম হােৱাত গাঁৱৰ মানুহে খেতি-বাতি কৰিবলৈ পানী বিচাৰি হাহাকাৰ কৰিবলগীয়া হয়। নৈ, জলাশয়, পুখুৰী আদিৰ পানীও প্ৰদূষিত হয়।




উপায়হীন হৈ মানুহে সেই পানীকে খােৱাৰ বাবে ব্যৱহাৰ কৰাৰ উপৰিও আন আন কামতাে ব্যৱহাৰ কৰিবলৈ বাধ্য হয়। ইয়াৰ ফলত বেমাৰ-আজাৰৰ পৰিমাণে বৃদ্ধি হয়। 

আনহাতে, গছ-গছনি নােহােৱাৰ ফলত ভূ-গর্ভত পানীৰ স্তৰাে বহু তললৈ নামি যায়। কৃষিভূমিৰ উৰ্বৰ শক্তিও হ্রাস পায়। 

চৰাই-চিৰিকটি আৰু জীৱ-জন্তুৰ সংখ্যাও হ্রাস পায়। দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালবােৰৰ যুৱকসকলে কাম বিচাৰি জয়পুৰ, ভূপাল, ইণ্ডোৰ, হায়দৰাবাদ, দিল্লী, মুম্বাইলৈ যাবলৈ আৰম্ভ কৰে। 

কিন্তু ধ্বংসৰ দিশে গতি কৰা গাঁওখনে আজি বিশ্ববাসীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। এয়া আশ্বৰ্যৰ কথা নহয়নে?

গাঁওখনক পুনৰ জীয়াই তােলাৰ আঁৰত আছে এজন ব্যক্তিৰ অক্লান্ত পৰিশ্ৰম। তেওঁৰ নাম হৈছে শ্যাম সুন্দৰ পালিৱাল। শ্যাম সুন্দৰ পালিৱালে নতুন ৰূপ দিয়া পিপলান্ত্রি গাঁওখন চাবলৈ প্রতি বছৰে বিভিন্ন প্রান্তৰ পৰা মানুহ আহে, চৰকাৰী প্রতিনিধি আহে। 

ইতিমধ্যে ডেনমার্ক প্রাথমিক শিক্ষাৰ পাঠ্যক্ৰমত এই গাঁওখনৰ সফলতা আৰু কাম-কাজৰ বিষয়ে পাঠ অন্তর্ভুক্ত কৰা হৈছে আৰু ছাত্রছাত্ৰীসকলক ইয়াৰ বিষয়ে অধ্যয়ন কৰি নিজৰ দেশৰ প্ৰতি থকা দায়িত্ব পালন কৰিবলৈ প্ৰেৰণা দিয়া হৈছে। 

ৰাজস্থান চৰকাৰৰ শিক্ষা বিভাগেও সপ্তম আৰু অষ্টম শ্রেণীৰ পাঠ্যক্ৰমত এই গাঁওখনৰ বিষয়ে পাঠ অন্তর্ভুক্ত কৰিছে আৰু ছাত্ৰ-ছাত্ৰীয়ে গাঁওখনৰ বিষয়ে পঢ়ি তেনে কাম কৰাৰ অনুপ্ৰেৰণা লাভ কৰিছে। 

আর্জেন্টিনাৰ এটা দলে আহি এই গাঁওখনক লৈ 'Tree Sisters' নামৰ এখন চিনেমা নির্মাণ কৰে। বহুতেই এই গাঁৱক লৈ শতাধিক তথ্যচিত্র কৰিছে। পিপলান্ত্রি' নামৰ এখন হিন্দী ছবিও নির্মাণ হৈছে।

শ্যাম সুন্দৰ পালিৱালৰ যি সময়ত জন্ম হৈছিল, সেই সময়ত পিপলান্ত্রি গাঁৱৰ অৱস্থা আছিল দুখলগা। মাত্র ছবছৰ বয়সতে তেওঁ মাতৃক হেৰুৱাইছিল। 

তাৰ পিছত জীৱন সংগ্ৰামৰ বাবে তেওঁ ৪ নমী । কিত বর বা তাঁতৰি যােৱাৰ পিছতাে তেওঁৰ মনৰ পৰা গাঁৱৰ দুখ লগা পৰিস্থিতিৰ ছবিখন মচ খােৱা নাছিল। গতিকে তেওঁ এটা সময়ত গাঁৱলৈ ঘূৰি আহে। 

গাঁৱলৈ ঘূৰি অহাৰ পিছত তেওঁ কঠোৰ সংগ্ৰাম আৰম্ভ কৰে। কিন্তু মাৰ্বলৰ বৃহৎ খনিয়ে সকলাে শেষ কৰি আহিছিল। ভূগর্ভৰ পানী ৮০০ ফুট তললৈ নামি গৈছিল। 

ইয়াৰ ফলত গাঁৱৰ ৰাইজে সকলাে আশা এৰি দিছিল। কিন্তু ২০০৫ চনত শ্যাম সুন্দৰ পালিৱালে গাঁওখনৰ মুখিয়ালৰ দায়িত্ব লাভ কৰাৰ পিছত সকলাে সলনি হয়। এদিনৰ এটা ঘটনাই সকলাে সলনি কৰি দিয়ে। 

সেইদিনা অসুখত ভুগি থকা তেওঁৰ কন্যা কিৰণৰ মৃত্যু হয়। কন্যাৰ মৃত্যুত ম্রিয়মান হৈ পৰা পালিৱালে এয়া নিয়তিৰ ইচ্ছা বুলি ভাবি লৈ কন্যাৰ স্মৃতিত এটা গছপুলি ৰােপণ কৰে। সেইদিনাই তেওঁ গাঁৱত এটা নতুন নিয়ম প্রবর্তন কৰিলে। 

সেইটো হ'ল, গাঁওখনত জন্ম হােৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে ১১১-টা গছপুলি ৰােপণ কৰিব লাগিব আৰু কিৰণ নিধি যােজনাৰ অধীনত এই কাম আৰম্ভ হয়। 

২০০৫-২০১০ চনলৈ গাঁৱৰ মুখিয়াল হিচাপে কার্যনির্বাহ কৰা শ্যাম সুন্দৰ পালিৱালে গ্ৰহণ কৰা এই একক আৰু মহৎ প্রচেষ্টাই গােটেই গাঁওখনকে এটা নতুন জীৱন দিলে। 

তেওঁ গাঁৱৰ প্ৰতিগৰাকী লােকক চাৰিটা দায়িত্ব অর্পণ কৰে। সেই চাৰিটা দায়িত্ব হ'লকন্যা সন্তানক ল’ৰা সন্তানৰ দৰেই ভালকৈ ডাঙৰদীঘল কৰা, পানী সংৰক্ষণ কৰা, গছ-গছনি ৰুই প্রতিপালন কৰা আৰু খেতি-বাতি কৰি নিজৰ প্রয়ােজন পূৰণ কৰা। 

গাঁৱৰ ৰাইজে এই চাৰিটা দায়িত্ব পালন কৰিবলৈ আৰম্ভ কৰাৰ ফলত গাঁৱৰ চেহেৰাই। সলনি হ'বলৈ ধৰিলে। 

শ্যাম সুন্দৰ পালিৱালে জানিছিল যে প্রকৃতিক ৰক্ষা কৰিবলৈ হ'লে কেৱল গছপুলি ৰােপণ কৰিলেই নহ'ব, সেইবােৰ প্রতিপালনাে কৰিব লাগিব আৰু পানী সংৰক্ষণত গুৰুত্ব দিবই লাগিব। 

কাৰণ গছে এডােখৰ শুকান ঠাইক পুনৰ সেউজীয়া কৰাৰ লগতে ইয়াক সাৰুৱা কৰি তােলে আৰু ভূগৰ্ভৰ পানীৰ স্তৰ ওপৰলৈ অনাত সহায় কৰে। 

আনহাতে বৰষুণৰ পানীক সংৰক্ষণ কৰিব পাৰিলে সেইবােৰ পুনৰ ব্যৱহাৰৰ উপযােগী হােৱাৰ উপৰিও ই ভূগৰ্ভত পানীৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ ফলত উক্ত স্থানত খেতি-পথাৰৰাে উর্ব শক্তি বৃদ্ধি হয়।

আমাৰ দেশৰ বিভিন্ন ৰাজ্যত এতিয়াও কন্যা সন্তানৰ প্রতি বৈষম্যৰ ভাব পােৰণ কৰা হয়। বহুতে কন্যা সন্তানক পেলাই দিবলৈ বিচাৰে বা গর্ভতে হত্যা কৰিবলৈ বিচাৰে। 

জ্বণ-হত্যা অতিশয় গুৰুতৰ অপৰাধ যদিও বহুতে গােপনে গর্ভস্থ সন্তানৰ লিংগ পৰীক্ষা কৰাই ছােৱালী সন্তান বুলি জানিলে গর্ভপাত কৰায়। ইয়াৰ ফলত দেশৰ কিছুমান ৰাজ্যত ল’ৰা আৰু ছােৱালীৰ অনুপাতৰ অনাকাংক্ষিতভাৱে তাৰতম্য ঘটিছে। 

কিন্তু পিপলাত্রি গাঁৱৰ মুখিয়াল শ্যাম সুন্দৰ পালিৱালে কন্যা সন্তানৰ প্রতি গাঁওখনৰ লােকসকলৰ মনােভাৱ সলনি কৰে। তেওঁৰ আহ্বানত গাঁৱত ছােৱালী সন্তান জন্ম হােৱাৰ লগে লগে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। 

ছােৱালী জন্ম হলে দুখ কৰাৰ সলনি আনন্দ-উল্লাস কৰা হয় আৰু সেই ছােৱালীজনীৰ নামত ১১১-টা গছপুলি ৰােপণ কৰা হয়। 

তেওঁ নিয়ম কৰি দিছিল—গাঁৱৰ কোনাে লােকে কন্যা ভ্রণ হত্যা কৰিব নােৱাৰিব। দ্বিতীয়তে, ছােৱালীজনীক যেনেদৰে আলফুলে তুলি-তালি ডাঙৰ কৰা হ'ব, সেই একেই মৰম-চেনেহ আৰু যত্নৰে ১১১-টা গছপুলিকো প্রতিপালন কৰিব লাগিব। 



তৃতীয়তে, কোনাে ছােৱালীকে শিক্ষাৰ পৰা বঞ্চিত কৰিব নােৱাৰিব। চতুর্থতে, কোনাে পৰিস্থিতিতে ছােৱালীৰ বাল্যবিবাহ সম্পন্ন কৰিব নােৱাৰিব। 

পঞ্চমতে, ছােৱালীৰ নামত বেংকত থােৱা ৩১,০০০ টকা ছােৱালীৰ পঢ়া বা বিয়াৰ কামতহে খৰচ কৰিব পাৰিব। শেষত, ছােৱালীৰ জন্মৰ সময়ত ৰােৱা গছপুলিবােৰ গাঁৱৰ সম্পত্তি হ'ব। এখন ষ্টাম্প পেপাৰত এই নিয়মৰ চুক্তি স্বাক্ষৰ কৰি প্রতিশ্রুতি দিবলগীয়া হয় গাঁৱৰ ৰাইজে।

পিপলান্ত্রি গাঁৱত এতিয়া ৮০০০-ৰাে অধিক লােক আছে। প্রতি বছৰে গাৱত এশৰাে অধিক সন্তান জন্ম হয় আৰু ইয়াৰ আধাই হৈছে কন্যা সন্তান। যেতিয়া কন্যা সন্তান এটি জন্ম হয়, তেতিয়া গাঁৱৰ ৰাইজে ২১,০০০ টকা তােলে আৰু সন্তানৰ পিতৃ-মাতৃৰ পৰা ১০,০০০ টাকা লােৱা হয়। 

মুঠ ৩১,০০০ টকা উক্ত কন্যা সন্তানটিৰ নামত বেংকত ‘ফিক্সড ডিপজিট’ কৰি ৰখা হয়। এই ধনখিনি। পিতৃ-মাতৃয়ে কোনাে কাৰণতে আগতীয়াকৈ বেংকৰ পৰা উলিয়াব নােৱাৰিব। 

পঢ়া-শুনা কৰি ছােৱালীয়ে যেতিয়া বিয়াৰ উপযুক্ত বয়সত উপনীত হ'ব, তেতিয়াহে এই ধন বেংকৰ পৰা উলিয়াব পাৰিব। ফিক্সড ডিপজিট হিচাপে ৰখা সেই ধনখিনি তেতিয়া লাখৰাে অধিক হ'বগৈ। ছােৱালীৰ বাহিৰে সেই ধনখিনি যাতে বেলেগত খৰচ কৰা নহয়, তাৰাে নিয়ম কৰা হৈছে। 

আনহাতে, ছােৱালীজনীৰ জন্মৰ সময়ত ৰােৱা গছপুলিটোও এজোপা পূর্ণাংগ গছলৈ ৰূপান্তৰিত হয় আৰু ১১১জোপা গছৰ মূল্যও ১ কোটি ১১ লাখ টকা হয়। কাৰণ এই গছবােৰ অতি মূল্যৱান প্রজাতি। কিন্তু গছে দিয়া অক্সিজেন তাতােকৈও অধিক মূল্যৱান। গতিকে প্ৰতিটো গছপুলিক এজোপা পূর্ণাংগ গছলৈ ৰূপান্তৰিত কৰাৰ দায়িত্ব গাঁৱৰ প্ৰতিজন লােকেই পালন কৰি আহিছে। 

ৰাখী-বন্ধনৰ দিনা গাঁৱৰ ছােৱালী আৰু মহিলাসকলে গছত ৰছী বান্ধে আৰু ইয়াৰ দ্বাৰা গছ আৰু মানুহৰ মাজৰ সম্পৰ্ক আৰু অধিক গভীৰ হৈ পৰে। 

২০০৫ চনৰ পৰা যেতিয়া পিপলাক্সি গাৱৰ মানুহে কন্যা সন্তান জন্ম হ'লে ১১১ -টা মূল্যৱান প্রজাতিৰ গছপুলি ৰােপণ কৰা কাম আৰম্ভ কৰিলে, তেতিয়াৰে পৰাই গাঁৱৰ সুদিন আৰম্ভ হ'ল। লাহে লাহে গাঁওখন সেউজীয়া হ'বলৈ আৰম্ভ কৰে। গছ-গছনিৰ সংখ্যা বৃদ্ধি পােৱাত পুনৰ চৰাই-চিৰিকটি, জীৱ-জন্তুৰ আগমন ঘটিল। 

প্ৰদূষিত বতাহৰ সলনি মুক্ত আৰু বিশুদ্ধ বায়ু বলিবলৈ ল'লে। অধিক গৰমৰ প্রকোপ কমিল আৰু সময় মতে বৰষুণ আহিবলৈ লােৱাত ভূ-গর্ভৰ পানীৰ স্তৰ ওপৰলৈ উঠিল। 

পুখুৰী-জলাশয়ত পানী ভৰি পৰিল। খেতি-বাতিৰ বাবেও পর্যাপ্ত পৰিমাণৰ পানী লাভ কৰিবলৈ সক্ষম হ'ল গাঁৱৰ ৰাইজে। লাহে লাহে গাঁৱলৈ সুখ-সমৃদ্ধি ঘূৰি আহিল।

এতিয়া পিপলান্ত্রি গাঁৱত থকা বিভিন্ন প্রজাতিৰ চৰাই চাবলৈকে প্রতিবছৰে বিভিন্ন ঠাইৰ পৰা মানুহ আহে। কাষত চলি থকা প্ৰকৃতি ধ্বংসকাৰী অবৈধ খনিবােৰ বন্ধ কৰি দিয়ে চৰকাৰে।  

পিপলান্ত্রি গাঁৱক চাবলৈ বিদেশৰ পৰাও যেতিয়া মানুহ আহিবলৈ ধৰিলে, বিশেষকৈ গৱেষকৰ দল, তথ্য-চিত্র নির্মাণকাৰী দল, চিনেমা নির্মাণকাৰী দল আহিবলৈ আৰম্ভ কৰিলে, তেতিয়া ৰাজস্থান চৰকাৰে গাঁওখনৰ ৰাস্তাৰােৰ পকী কৰি দিলে।

চৰকাৰৰ তৰফৰ পৰা বিদ্যালয় স্থাপনৰ ব্যৱস্থা কৰি দিয়াৰ লগতে গাঁও পঞ্চায়তৰ কার্যালয় স্থাপন কৰি দিয়ে, অংগনবাড়ী কার্যালয়, বিশুদ্ধ খােৱাপানীৰ ব্যৱস্থা কৰি দিয়াৰ লগতে বিভিন্ন চৰকাৰী আঁচনিবােৰৰ সুবিধাও কৰি দিয়ে। 

গাঁৱৰ ৰাইজৰ যি যি সমস্যা আছে, সেইবােৰ লৈ তেওঁলােক চৰকাৰৰ ওচৰলৈ যােৱা নাই, চৰকাৰৰ লােকে নিজেই আহি যি যি সমস্যা আছে, সেইবােৰৰ বুজ লৈ সমাধান কৰি দিছে। ৰাজস্থান চৰকাৰৰ প্ৰতিখন জনকল্যাণমূলক আঁচনিৰ সফল ৰূপায়ণ হৈছে পিপলান্ত্রি গাৱত।

খ্রীষ্টীয় ২০০৭ চনত তেতিয়াৰ ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামে পিপলান্ত্রি গাঁৱলৈ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ আগবঢ়ায়। চৰকাৰী আঁচনিসমূহৰ সফল ৰূপায়ণ কৰা বাবেই পিপলাত্রি গাৱে ৰাজস্থান চৰকাৰৰ পৰা বিভিন্ন পুৰস্কাৰ লাভ কৰিছে। 

ভাৰত চৰকাৰে ২০১৫ চনত আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযান’ৰ বহু আগেয়েই পিপলান্ত্রি গাঁৱত সম্পূর্ণ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ কাম চলিছিল। 

মুকলি স্থানত কোনােৱে শৌচ-প্ৰস্ৰাৱ নকৰে। বাহিৰৰ পৰা অহা লােকে গাঁওখনৰ কোনাে ঠাই লেতেৰা কৰিব নােৱাৰে। দেশৰ এনে এখন বাতৰি কাকত নাই, সংবাদ মাধ্যম নাই, যিয়ে পিপলান্ত্রি গাৱৰ বিষয়ে লিখা নাই বা প্ৰচাৰ কৰা নাই। ইউটিউব, ফেচবুক, টুইটাৰ আদি সামাজিক মাধ্যমতাে পিপালাক্সি গাৱৰ বিষয়ে যথেষ্ট তথ্য প্রকাশ পাইছে। 

গাঁওখনৰ বিধৱা, শাৰীৰিকভাৱে বাধাগ্রস্ত লােকেও গছক ৰক্ষণাবেক্ষণ কৰাৰ কামত নিজকে নিয়ােজিত ৰাখিছে। বর্তমান গাঁওখনৰ কোনােবা লােক ঢুকালে তেওঁৰ স্মৃতিততা ১১-টা গছপুলি ৰােপণ কৰা হয়। ইউনিয়ন বেংক অব ইণ্ডিয়াই গাঁওখনৰ তিনিশ ল'ৰা-ছােৱালীৰ পঢ়া-শুনাৰ বাবে ৬০ লাখ টকা আগবঢ়ায়।

আমাৰ বহুতেই প্রায়ে অভিযােগ আনে যে চৰকাৰ-প্রশাসন আদিয়ে আমাক একো নিদিয়ে। খেতি কৰিবলৈ পানীৰ অভাৱ। কিন্তু আমি কেৱল অভিযােগ কৰি হাত সাবটি থাকিলেই হ'বনে? আমাৰ চকুৰ আগতেই একাংশ লােকে বাৰটা মাহত তেৰটা খেতি কৰে। 

ফলত তেওঁলােকে নিজে খােৱাৰ উপৰিও উৎপাদিত সামগ্রী বিক্ৰী কৰি ধন আর্জে। অথচ আমাৰ সৰহভাগ লােকেই চৰকাৰ বা প্রশাসনৰ মুখলৈ চাই, কাম-বন নকৰি আৰামত জীৱন কটাব বিচাৰে। 

পানী নাই বুলি কোৱাতকৈ বৰষুণৰ পানী সংৰক্ষণ কৰি তাক পুনৰ ব্যৱহাৰৰ বাবে প্রচেষ্টা ল’লে বা গছপুলি ৰােপণ কৰি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিলে সময় মতে বৰষুণ হােৱাৰ লগতে মাটিৰ উৰা শক্তিও বৃদ্ধি পায়। লগতে বর্তমান হােৱা পৰিৱেশ প্ৰদূষণাে বােধ হয়। 

গতিকে, শ্যাম সুন্দৰ পালিৱাল আৰু পিপলান্ত্রি গাঁৱৰ লােকে দেশৰ প্ৰতিগৰাকী নাগৰিকলৈ আহ্বান জনাইছে যে গছপুলি ৰােপণ কৰক, প্রতিপালন কৰক, কাম-কাজ কৰক, তেতিয়া নিজে বাস কৰা স্থানেই হৈ পৰিব স্বৰ্গসদৃশ। 

এতিয়া ৰাজস্থানৰ আন আন ঠাইতাে পিপলাক্সি গাঁৱৰ আহি গ্ৰহণ কৰা হৈছে। আমাৰ ৰাজ্যতাে যদি এই গাঁওখনৰ আহি গ্রহণ কৰা হয়, তেতিয়া প্রকৃতি ৰক্ষণাবেক্ষণৰ লগতে প্ৰতিখন গাঁৱেই সমৃদ্ধিশালী হৈ উঠিব।

লেখক-পৰিচয়
জন্ম ধেমাজি জিলাৰ মাছখােৱা মৌজাৰ বৰবাম গােহাঁই গাঁৱত। ধেমাজি মহাবিদ্যালয়ৰ পৰা সমাজশাস্ত্র বিভাগত সুখ্যাতিৰে ডিগ্রী গ্ৰহণ কৰাৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজশাস্ত্ৰত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। 

দুবছৰ ধেমাজিৰ মৰিল মহাবিদ্যালয়ত অধ্যাপনা (চুক্তিভিত্তিত) কৰাৰ পিছত বৰ্তমান অসমৰ আগশাৰীৰ দৈনিক বাতৰি কাকত ‘আমাৰ অসমৰ জ্যেষ্ঠ উপ-সম্পাদক হিচাপে কৰ্মৰত। ইতিমধ্যে বাতৰি কাকতত বিভিন্ন ধৰণৰ লেখা প্রকাশ পাইছে। 

পাঠবােধ
‘পিপলান্ত্রি গাঁও' পাঠটিৰ জৰিয়তে মানুহৰ মানসিক দৃঢ়তা, সুনির্দিষ্ট পৰিকল্পনা, উদ্যম, আগ্রহ আদিৰ দ্বাৰা কেনেকৈ অসম্ভৱ বুলি ভবা কাম এটাও সম্ভৱ কৰি তুলিব পাৰি তাৰ আভাস দিয়া হৈছে। 

যৌথ প্রচেষ্টাৰে সমাজ তথা নিজৰ নিজৰ অঞ্চলৰ সৰ্বাংগীন বিকাশৰ বাবে আমি সকলােৱে আগবাঢ়ি অহা উচিত। 

কন্যা সন্তানৰ প্ৰতি দেখুওৱা অবহেলাৰ বিপৰীতে ল’ৰা আৰু ছােৱালী সকলাে সন্তানেই পিতৃ-মাতৃৰ বাবে সমান হ'ব লাগে। সমাজৰ প্রতি আমি সকলােৱে সমানে দায়ৱদ্ধ। 

শব্দার্থ আৰু টোকা

অক্লান্ত : ভাগৰ নলগাকৈ থকা; ক্লান্ত নােহােৱা। 
অনায়াসে : সহজে। 
আৰ্হি : যাক চাই আন বস্তু বা কার্য সম্পাদন কৰা হয়; চানেকি।
আলফুল : অতি কোমল; ঢিলা; আলসুৱা।
উর্বৰা : সাৰুৱা বা সাৰ থকা; শস্য বেছিকৈ হােৱা (মাটি)। 
কোঙা : বাঢ়িব, লৰচৰ কৰিব বা উদ্‌গতি কৰিব নােৱৰা।
জলাশয় : নৈ, বিল, পুখুৰী, হ্রদ আদি পানী থকা ঠাই; জলাধাৰ। 
তথ্যচিত্র : ৰেডিঅ’, টেলিভিছন আদিত প্ৰচাৰৰ কাৰণে দিয়া কোনাে বিষয়ৰ বিস্তৃত বর্ণনা থকা আলেখ্য।
প্রতিশ্রুতি : অংগীকাৰ।
ভূ-গর্ভ : পৃথিৱীৰ ভিতৰভাগ।
bhron : গৰ্ভত থকা সন্তান।
মচ - কোনাে বস্তু মােহাৰি গুচা।
ৰক্ষণাবেক্ষণ - : মনােযােগেৰে ৰক্ষা কৰা কাৰ্য।
সাৰােগত কৰা - : অতি মূল্যৱান ৰূপে গ্রাহ্য কৰা। 
হ্রাস - : কমি যােৱা অৱস্থা।



প্রশ্নাবলী 

ভাব-বিষয়ক । 
১। চমুকৈ উত্তৰ লিখা ?
(ক) ৰাজপুত বীৰ মহাৰাণা প্রতাপৰ জন্ম কত হৈছিল ? 
(খ) পিপলান্ত্রি গাঁওখন ক’ত অৱস্থিত? 
(গ) কিহৰ বাবে পিপলান্ত্রি গাঁওখনে গ্রীণিজ ৱর্ল্ড ৰেকৰ্ডছত স্থান পাইছিল? 
(ঘ) পৃথিৱীৰ কোনখন দেশৰ পাঠ্যক্ৰমত পিপলান্ত্রি গাঁৱৰ সফলতাৰ কাহিনী অন্তর্ভুক্ত হৈছে? 
(ঙ) 'Tree Sisters' নামৰ চিনেমানখন কোনে নির্মাণ কৰিছিল? 
(চ) কিৰণ কোন আছিল? 
(ছ) ৰাখী-বন্ধনৰ দিনা পিপলান্ত্রি গাঁৱৰ ছােৱালী আৰু মহিলাসকলে কি কৰে? 
(জ) “কিৰণ নিধি যােজনাৰ আঁৰৰ মানুহজন কোন?
(ঝ) কোনাে এজন মানুহৰ মৃত্যুত পিপলান্ত্রি গাঁৱৰ মানুহে কি কৰে? 

২। পিপলান্ত্রি গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল? 
৩। শ্যাম সুন্দৰ পালিৱাল কোন? পিপলান্ত্রি গাঁওখন পৃথিৱীবিখ্যাত হােৱাত তেওঁৰ অৱদান সম্পর্কে।
চমুকৈ লিখা। 
৪। “কিৰণ নিধি যােজনা’ কি? এই যােজনাৰ অধীনত পিপলান্ত্রি গাঁৱৰ মানুহে কি কি বিশেষ চাৰিটা
দায়িত্ব পালন কৰিব লাগে ? 
৫। কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি হৈছিল? 
৬। পিপলান্ত্রি গাঁৱত প্রকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মিক সম্পর্ক গঢ় লৈ উঠিছিল পাঠৰ
৭। পিপলাক্সি গাঁৱৰ সফলতাৰ কাহিনী কোনে কেনেকৈ প্ৰচাৰ কৰিছে? 
৮। পিপলান্ত্রি গাঁওখন কিয় এখন আদর্শ গাঁও বুলি তুমি ভাবা? পাঠটোৰ শিক্ষণীয় দিশ কোনবিলাক? 
৯। বহলাই, বুজাই লিখা
(ক) বাটা মাহত তেৰটা খেতি। 
(খ) স্বচ্ছ ভাৰত অভিযান। 
(গ) সামাজিক মাধ্যম।

ভাষা-বিষয়ক 

১০।বাক্য ৰচনা কৰা 
হাতে কামে; নিয়ম-শৃংখলা; দিনে-নিশাই; খেতি-বাতি; আনন্দ-উল্লাস; ডাঙৰ-দীঘল; সুখ-সমৃদ্ধি। 

১১। কিয় মূর্ধন্য ‘ণ’ হৈছে লিখা ?
বৰষুণ; পৰিমাণ; ৰূপায়ণ। 
১২।তলৰ শব্দবােৰৰ প্ৰতিটোৰে একোটাকৈ সমার্থক শব্দ লিখা ?
মুক্ত; বায়ু; বৃহৎ; পানী; গছ, চকু; গাঁও। 
১৩।তলৰ উপসর্গকেইটাৰে একোটিকৈ শব্দ গঠন কৰা ?  
প্রতি; অধি; উপ; অৱ; দু।

Conclusion:


Assam seba board Class 9 Assamese Online reading textbook Lesson-10 পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা for Online Reader.






Wrote by Akshay

Post a Comment

0 Comments

People

Ad Code