Recent in Technology

ক্ষমতাৰ বিকল্প কেন্দ্রসমূহ - চতুর্থ অধ্যায় Q&A) Notes (2022)


Class-XII(12)/Political Science-[Q/A][Notes][Solutions]-2022 [Free Learning Online][in Assamese][ক্ষমতাৰ বিকল্প কেন্দ্রসমূহ][চতুর্থ অধ্যায়][Part-A]


ক্ষমতাৰ বিকল্প কেন্দ্রসমূহ - চতুর্থ অধ্যায় Q&A) Notes (2022)


ক্ষমতাৰ বিকল্প কেন্দ্রসমূহ





(ক) অতি চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ১ নম্বৰকৈ):


প্রশ্ন ১: মার্শাল পৰিকল্পনা কি?
উত্তৰ : মার্শাল পৰিকল্পনা অনুসৰি ১৯৪৮ চনত ইউৰােপীয় আর্থিক সহযােগ সংগঠন স্থাপন কৰা হয়। এই সংগঠনৰ সহায়ত পশ্চিম ইউৰােপৰ দেশসমূহক আর্থিক সহযােগিতা প্রদান কৰা হয়।


প্রশ্ন ২ : ইউৰােপীয় ইউনিয়নৰ মুদ্রা কি ? 
উত্তৰ : ইউৰাে।

প্রশ্ন ৩ : ASEAN ৰ সম্পূর্ণ নাম লিখ।
উত্তৰ : Association of South East Asian Nations

প্রশ্ন ৪ : বেংকক ঘােষণা পত্র কি?
উত্তৰঃ ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনচ, চিঙ্গাপুৰ আৰু থাইলেণ্ডে বেংকক ঘােষণা পত্ৰত স্বাক্ষৰ কৰি ১৯৬৭ চনত এচিয়ান প্রতিষ্ঠা কৰিছিল।


প্রশ্ন ৫ : কোন চনত ARF স্থাপন কৰা হৈছিল ? 
উত্তৰ : ১৯৯৪ চনত ASEAN Regional Forum স্থাপন কৰা হয় । 

প্রশ্ন ৬ : ‘হয়’ৰা নহয়' লিখা - ভাৰত ASEAN ৰ সদস্য। 
উত্তৰ : নহয়। 

প্রশ্ন ৭ : চীনৰ সাম্যবাদী বিপ্লৱ কাৰ নেতৃত্বত হৈছিল। 
উত্তৰঃ মাও জে দং। 


প্রশ্ন ৮ : মুক্ত দ্বাৰ নীতি কি?
উত্তৰ : ১৯৭৮ চনত সেই সময়ৰ চীনৰ নেতা ডেং জিয়াঅ’ পিঙে চীনত মুক্ত দ্বাৰ’ নীতি ঘােষণা কৰিছিল। এই নীতি আছিল বিদেশৰ পৰা অনা মূলধন আৰু প্রযুক্তিবিদ্যা বিনিয়ােগ কৰি উচ্চ উৎপাদনশীলতা সৃষ্টিকৰা।

প্রশ্ন ৯ : কোন বছৰত প্রধানমন্ত্রী ৰাজীৱ গান্ধীয়ে চীন ভ্রমণ কৰিছিল ? 
উত্তৰ : ১৯৮৮ চনত। 

প্রশ্ন ১০ : কোন বছৰত একক বজাৰৰ সৃষ্টি কৰা হৈছিল ? 
উত্তৰ : ২০০৯ চনত ।

প্রশ্ন ১১ : কোন বছৰত ইউৰােপীয় পৰিষদ প্রতিষ্ঠা কৰ হৈছিল ? 
উত্তৰ : ১৯৯২ চনত । 

প্রশ্ন ১২ : কোন বছৰত ASEAN আলিক মঞ্চ স্থাপন কৰা হৈছিল ? 
উত্তৰ : 1967 চনত ।

প্রশ্ন ১৩ : চীৰ নিবনুৱা ?
উত্তৰ : চীন দেশত নিবনুৱা সাস্যাই যথেষ্ট ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এতিয়াও চীনৰ কৰ্ম প্ৰাৰ্থৰ সংখ্যা প্রায় ১ কোটি ।

প্রশ্ন ১৪ : ১৯৫০ চনত তিব্বতৰ ৰাজনৈতিক আৰু পৰ্মীস নেতা কোন আছিল?
উত্তৰ : দলাই লামা ।

প্রশ্ন ১৫ : ১৯৭১ চনত চীনে কোন প্রধান ৰাষ্ট্ৰৰ সৈতে দ্বিধানিক সম্পৰ্ক স্থাপন কৰিছিল ?
উত্তৰ : আমেৰিকা। 

প্রশ্ন ১৬ : ‘চাৰি আধুনিকীকৰণ বুলিলে কি বুজা?
উত্তৰ : ১৯৭২ প্রধানমন্ত্রী Zhou Enlai চাৰি আধুনিকীণৰ প্ৰস্তাৱ আগবঢ়াইছিল। চাৰ্বি আধুনিকীকৰণ’ হ’ল - 
  • কৃষি, 
  • শিল্প, 
  • বিজ্ঞান, 
  • প্রযুক্তি
  • সামৰিক।

প্রশ্ন ১৭ : ভাৰত-চীন দেশৰ যুদ্ধ কেতিয়া হৈছিল ? 
উত্তৰ : ১৯৬২ চনত।

প্রশ্ন ১৮ঃ ইউৰোপীয় সংঘই উমৈহতীয়াভাৱে কি মুদ্রা ব্যৱহাৰ কৰে? 
উত্তৰ : ইউৰাে ই। 

প্রশ্ন ১৯ : ASEANৰ এটা উদ্দেশ্য লিখা। 
উত্তৰ : প্রতি ৰাষ্ট সার্বভৌমত্ব, ভৌগােলিক অখণ্ডতা আৰু ৰাষ্ট্ৰীয় সক্রিয়তা। 

প্রশ্ন ২০ : ভাত ASEAN ৰ সদস্য হয়নে? 
উত্তৰ : নহয় 

প্রশ্ন ২১ : মিষ্টিখটৰ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল?
উত্তৰ : ইউৰােপীয় সদ্য এই চুক্তিৰ জৰিয়তে আনুষ্ঠানিকভাৱে এখন। তাঞ্চলিক সংগঠনত পৰিণত হয়।

প্রশ্ন ২২ ঃ ইউৰােপীয় সংঘৰ সদস্য সংখ্যা কিমান ?
উত্তৰ : বর্তমান ২৭ খন ৰাষ্ট্র! 

প্রশ্ন ২৩ : 3 WTQৰ সম্পূৰ্ণ ৰূপ কি? 
উত্তৰ : World Trade Organisation

প্রশ্ন ২৪ : ভাৰত লৌহ মানৱ বুলি কাক কোৱা হৈছিল ? 
উত্তৰ : চর্দাৰ বল্লভভাই পেটেল। 


Class-XII Political Science 


Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ



Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ





(খ) চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ২ নম্বৰকৈ):

প্রশ্ন ১ : ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ইউৰােপীয় ইউনিয়নৰ পৰা থকা সদস্য ৰাষ্ট্ৰবােৰৰ নাম লিখা।
উত্তৰঃ বৃটেইন আৰু ফ্রান্স।

প্রশ্ন ২ : শীতল যুদ্ধই ইউৰােপীয় সংহতি স্থাপনত সহায় কৰিছিল নে? কেনেদৰে কৰিছিল?
উত্তৰঃ ইউৰােপীয় সহযােগিতা ১৯৪৫ চনৰ পিছত শীতল যুদ্ধৰ দ্বাৰা তৰান্বিত হৈছিল। মার্শাল পৰিকল্পনাৰ আধাৰত আমেৰিকাই ইউৰােপীয় অর্থনীতিৰ পুনর্গঠনৰ বাবে যথেষ্ট বিত্তীয় সহায় আগবঢ়াইছিল। 

প্রশ্ন ৩ : ইউৰােপীয় ইউনিয়নে এখন জাতীয় ৰাষ্ট্ৰৰ ভূমিকা পালন কৰিআছেনে? যুক্তিদর্শোৱা। 
উত্তৰঃ সময়ৰ লগে লগে ইউৰােপীয় সংঘই অর্থনৈতিক সংস্থাৰ পৰিৱর্তে নিজকে অধিক পৰিমাণে এটা ৰাজনৈতিক সংস্থা হিচাপেহে প্ৰকাশ কৰিছে। 

ই জাতীয় ৰাষ্ট্র হিচাপেহে অধিক কার্য কৰিবলৈ আৰম্ভ কৰিছিল ইয়াৰ নিজস্ব সংবিধান এখন নাথাকিলেও, নিজৰ পতাকা, সঙ্গীত, প্রতিষ্ঠা দিৱস আৰু মুদ্রা আছে। ইয়াৰ কিছু পৰিমাণে উমৈহতীয়া বৈদেশিক আৰু প্ৰতিৰক্ষা নীতিও আছে।

প্রশ্ন ৪ : ASEANৰ উদ্দেশ্যসমূহ কি কি?
উত্তৰঃ আছিয়ানৰ মুখ্য উদ্দেশ্য আছিল অর্থনৈতিক বৃদ্ধি খৰতকীয়া কৰা আৰু ইয়াৰ জৰিয়তে সামাজিক প্রগতি আৰু সাংস্কৃতিক বিকাশ’ৰ ব্যৱস্থা।

আৰু এটা গৌণ উদ্দেশ্য হৈছে আইনৰ শাসন আৰুৰাষ্ট্ৰসংঘৰ চনৰ ওপৰত ভিত্তিকৰি আঞ্চলিক স্থিৰতা আৰু শান্তি স্থাপন কৰা।

প্রশ্ন  ৭ : আঞ্চলিক সংগঠন গঠন কৰাৰ উদ্দেশ্য কি?
উত্তৰ  : 

  1. আইনৰ অনুশাসন আৰু ৰাষ্ট্ৰসংঘৰ চনৰ ওপৰ্ত নিৰ্ভৰ কৰি আঞ্চলিক শান্তি আৰু স্থিতা বজাই ৰখা।
  2. এখন সমূহীয়া বিদেশ আৰু নিৰাপত্তা সংক্রান্তনীতি যুগুত কৰা, ন্যায় আৰু আভ্যন্তৰীণ ক্ষেত্ৰত সহযােগিতা কৰা।

প্রশ্ন ৮ : ইউৰােপীয়ান ইউনিয়ন গঠন কৰাৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰ : ইউৰােপীয় সংঘই নিজৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সুসম্পর্ক বজাই ৰখাৰ বাবে সদস্যৰাষ্ট্ৰসমূহৰ মাজত ৰাজনৈতিক, আর্থিকআৰু সামাজিক সাংস্কৃতিক সম্পর্ক দিশত উন্নয়নৰ ওপৰত গুৰুত্ব দিছিল।

প্রশ্ন ৯ : এছিয়াৰ দুই মহাশক্তিৰ নাম লিখা ? 
উত্তৰ : ভাৰত, চীন। 

প্রশ্ন ১০ : চীনৰ নতুন অর্থনৈতিক নীতিৰ দুটা অসুবিধা লিখা।
উত্তৰ : নতুন অর্থনৈতিক নীতি চীন দেশত প্ৰয়ােগ কৰাৰ ফলত চীন দেশৰ অর্থব্যৱস্থাৰ প্রভূত উন্নয়ন হৈছে যদিও দেশৰ সকলাে শ্ৰেণীৰ নাগৰিকে এই সুবিধা সমানে ভােগ কৰিবলৈ সক্ষম হােৱা নাই। 

  1. চীন দেশত নিবনুৱা সমস্যাই যথেষ্ট ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।
  2. মহিলা কর্মচাৰীসকলৰ কামৰ পৰিৱেশ ইউৰােপৰ ১৮ আৰু ১৯ শতিকাৰ পৰিৱেশৰ দৰে তেনেই বেয়া।

প্রশ্ন ১১ ইউৰােপীয়া সংঘৰ দুটা লক্ষ্য লিখা।
উত্তৰঃ ইউৰােপীয় সংঘই নিজৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সুসম্পর্ক বজাই ৰখাৰ বাবে সদস্যৰাষ্ট্ৰসমূহৰ মাজত ৰাজনৈতিক, আর্থিক আৰু সামাজিক সাংস্কৃতিক সম্পর্ক দিশত উন্নয়নৰ ওপৰত গুৰুত্ব দিছিল।

প্রশ্ন ১২ : মস্ত্রিমেট সন্ধিয়ে কি বুজায় ?
উত্তৰঃ সংহতিত ইউৰােপৰ ধাৰণাটো অধিক শক্তিশালী কৰিবৰ বাবে ১৯৯১ চনত ১২ খন ৰাষ্ট্র মাছটি (Mass Stricht)ত মিলিত হয়। এই ৰাষ্ট্ৰকেইখন হ'ল - 
  • বেলজিয়াম,
  • ব্রিটেইনডেনমার্ক, 
  • ফ্রান্স, 
  • জার্মানী, 
  • গ্রীচ, 
  • আয়াৰলেণ্ড, 
  • ইটালী,
  • শাক্সেমবাগ, 
  • নেদকেও, 
  • পর্তুগাল আৰু 
  • স্পেইন। 

এই ১২ খন ৰাষ্ট্ৰই এখন চুক্তি স্বাৰ কৰি ইউৰােপীয় অর্থনৈতিক সমাজৰ নামটো সলনি কৰি ইউৰােপীয় সংঘ (European Unionৰে।

প্রশ্ন ১৩ : দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰােপত কি প্রধান প্রত্যাহ্বানৰ সৃষ্টি হৈছি?
উত্তৰ : 
  1. দ্বিতীয় মহাযুদ্ধই ইউৰােপৰ দেশসমূহৰ যিবােৰ ধাৰণা আৰু গাঁথনিৰ ওপৰত প্রতিষ্ঠিত আছিল তাৰ বহুখিনিক বিনষ্ট কৰিছিল।
  2. দ্বিতীয় মহাযুদ্ধৰ পৰিসমাপ্তিৰ পিছত ইউৰােপৰ অর্থনৈতিক ব্যৱস্থাই যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছিল।

প্রশ্ন ১৪ : ইউৰােপীয় সংঘ গঠনৰ বাবে সহায়ক দুটা কাৰণ লিখা।
উত্তৰ : 

  1. মার্শাল পৰিকল্পনাৰ অধীনত ১৯৪৮ চনত ইউৰােপীয় আর্থিক সহযােগ সংগঠন কৰা হয় যাৰ মাধ্যমত পশ্চিম ইউৰােপৰ দেশসমূহক আর্থিক সহযােগ প্ৰেৰণ কৰা হয়। 
  2. এই সংগঠনৰ সহায়ত পশ্চিম ইউৰােপৰ দেশসমূহে ব্যৱসায়-বাণিজ্য আৰু অর্থনৈতিক ক্ষেত্ৰত সহযােগিতা আগবঢ়োৱাৰ সুবিধা লাভ কৰে।

প্রশ্ন ১৫ : ইউৰােপীয় সংঘৰ অধীনৰ অনুষ্ঠানসমূহৰ নাম লিখা।
উত্তৰ : ইউৰােপীয় পামাণৱিক শক্তি সমাজ (European Atomic Energy Community)

প্রশ্ন ১৬ : ভাৰতে FTASত স্বাক্ষৰ কৰা দুই ASEAN সদস্যৰ নাম লিখা? 
উত্তৰঃ ছিংগাপুৰ, থাইলেণ্ড। এখন সাধাৰণ বিদেশ আৰু নিৰাপত্তা নীতি প্রস্তুত কৰা।




(গ) দীঘল প্রশ্নোত্তৰ : (প্রত্যেকটোত ৪ নম্বৰকৈ):

প্রশ্ন ১ : “ইউৰােপীয় সংঘই অর্থনৈতিক সংস্থাৰ পৰিৱর্তে এটা ৰাজনৈতিক সংস্থা হিচাপেহে প্ৰকাশ কৰিছে”- ব্যাখ্যা কৰা।
উত্তৰঃ ১৯৪৫ চনত ইউৰােপৰ ৰাষ্ট্ৰবােৰ অর্থনৈতিক বিপর্যয়ৰ সন্মুখীন হ'বলগীয়া হৈছিল। আমেৰিকাই “মার্শাল পৰিকল্পনাৰ অধীনত ইউশৈীর তাৰ্থনীতিৰ পুনৰ উখানৰ বাবে প্ৰচুৰ বিত্তীয় সহায় আগবঢ়াইছিল। 

১৯৪৮ চনত মার্শাল পৰিকল্পনাৰ অধীনত পশ্চিম ইউৰােপী, ৰাষ্ট্ৰবােৰলৈ সাহায্য প্রবাহৰ বাবে ইউৰােপীয় অর্থনৈতিক সহযােগিতা সংগঠন প্রতিষ্ঠা হয়। এনেদৰে বিশেষকৈ অর্থনেতিক সংস্থা হিচাপে ১৯৯২ চনত ইউৰােপীয় সংয গঠন হয়। 

কিন্তু সময়ৰ লগে লগে ইউৰােপীয় সংঘই অর্থনৈতিক সংস্থাৰ পৰিৱর্তে নিজকে অধিক পৰিমাণে এটা ৰাজনৈতিক সংস্থা হিচাপেহে নিজকে। গঢ়ি তুলিব বিচাৰিছে। ইউৰােপীয় সংঘৰ বাবে এখন সংবিধান প্রস্তুত কৰিব নােৱাৰিলেও এখন ৰাষ্ট্ৰৰ দৰে ইয়াৰ নিজৰ পতাকা, সঙ্গীত, প্রতিষ্ঠা দিৱস আৰু মুদ্রা আছে। আন ৰাষ্ট্রৰ লগত সম্পর্ক স্থাপনৰ ক্ষেত্ৰত ইয়াৰ কিছু পৰিমাণে উমৈহতীয়া বৈদেশিক আৰু প্ৰতিৰক্ষা নীতি আছে।

প্রশ্ন:২ : ‘চৌ এনলাইয়ে’ চীনত কি চাৰিবিধ বস্তুক আধুনিকীকৰণ কৰিব বিচাৰিছিল?
উত্তৰঃ চীনৰ ৰাষ্ট্র প্রধান চৌ এনলাইয়ে ১৯৭৩ চনত ‘চাৰিবিধ আধুনিকীকৰণৰ অর্থাৎ কৃষি, উদ্যোগ, বিজ্ঞান আৰু প্রযুক্তিবিদ্যা আৰু সামৰিক ব্যৱস্থাৰ আধুনিকীকৰণৰ প্রস্তাৱ আগবঢ়াইছিল।

প্রশ্ন ৩ : চীনৰ অর্থনৈতিক নীতি যাৰ সহায়ত চীনৰ অৰ্থ ব্যৱস্থাৰ পৰিৱর্তন হৈছিল সেই সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ ১৯৭৮ চনলৈকে বিশ্বৰ পৰা চীন সম্পূর্ণ আঁতৰত আছিল। ১৯৭৮ চনত তৎকালীন নেতা ডেঙে চীন দেশৰ অর্থনৈতিক সংস্কাৰৰ বাবে মুক্ত দ্বাৰ’নীতি গ্রহণ কৰিছিল। এইনীতি অনুসৰি বিদেশী ধন বিনিয়ােগ আৰুপ্রদ্যোগিক ক্ষেত্ৰত চীন দেশক মুক্ত কৰি দিয়া হয়। 

বিদেশী বিনিয়ােগৰ ক্ষেত্ৰত এই দেশ এক কেন্দ্রস্থল হৈপৰে। চীনৰ এই মুক্ত অর্থ ব্যৱস্থা তেওঁলােকৰ নেতা ডেঙৰ দেশৰ বাবে উপহাৰ স্বৰূপ। নতুন অর্থনৈতিক নীতিৰ বাবে চীনে নিজৰ অৰ্থ ব্যৱস্থাক জড়তাৰ পৰা মুক্ত হােৱাৰ সুবিধা পায়। 

কৃষি খণ্ডৰ ব্যক্তিগতকৰণৰ বাবে কৃষি উৎপাদন তথা গ্রামীণ অর্থ ব্যৱস্থাৰ উন্নতি সাধন হয়। কৃষি আৰু উদ্যোগ উভয় ক্ষেত্ৰতেই চীনৰ অর্থব্যৱস্থাই উন্নতিৰ হাৰ লক্ষ্য কৰে।

প্রশ্ন ৪ : চীন দেশৰ অর্থনৈতিক সংস্কাৰে সকলাে শ্রেণীক সামৰি ল'ব পাৰিছিল নে? যক্তি দর্শোৱা।
উত্তৰ : নতুন অর্থনৈতিক নীতি চীন দেশত প্ৰয়ােগ কৰাৰ ফলত চীন দেশৰ অর্থ। ব্যৱস্থাৰ প্রভূত উন্নয়ন হৈছে যদিও দেশৰ সকলাে শ্ৰেণীৰ নাগৰিকে এই সুবিধা সমানে ভােগ কৰিবলৈ সক্ষম হােৱা নাই। তেওঁলােকে এতিয়াও বিভিন্ন ধৰণৰ অর্থনৈতিক প্রতিবন্ধকতাৰ সন্মুখীন হৈছে -

  1. চীন দেশত নিবনুৱা সমস্যাই যথেষ্ট ভয়ঙ্কৰ ৰূপ ধাৰণ কৰিছে। এতিয়াও চীনৰ কম প্রার্থী সংখ্যা প্রায় ১০ কোটি। 
  2. মহিলা কর্মচাৰীসকলৰ কামৰ পৰিৱেশ ইউৰােপৰ ১ আৰু ১৯ শতিকাৰ পৰিৱেশৰ দৰে তেনেই বেয়া।
  3. পৰিবেশৰ ক্ষতিগ্রস্ততা আৰু ভ্ৰষ্টাচাৰে চীনৰ হনতিক আৰু সামাজিক পৰিৱেশক যথেষ্ট ক্ষতিগ্রস্ত কৰিছে। 
  4. অর্থনৈতিক অসমতাও বৃদ্ধি পাইছে। বিশেষকৈ gaon আৰু চহৰ অঞ্চলৰ মানুহৰ মাজত তথা নদীৱতী অঞ্চলে আৰু মুখ্য ভূমিত বসবাস কৰা মানুহৰ ক্ষেত্ৰত অসমতা বৃদ্ধি পাইছে।। 
  5. বিভিন্ন ক্ষেত্রত মানৱাধিকাৰ লংঘন কৰা হৈছে । 

প্রশ্ন ৫ : ASEAN Vision 2020' ৰ উপাদানসমূহ লিখা।
উত্তৰ : আছিয়ানে এটা অতি গুৰুত্বপূৰ্ণ আঞ্চলিক সংগঠন হিচাপে দ্রুতগতিত আগবাঢ়ি আহিছে। ইয়াৰ লক্ষ্য ‘Vision 2020 য়ে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত আছিয়ানৰ বাবেবহির্মুখী দৃষ্টিভংগীৰ ভূমিকা নির্ধাৰণ কৰিছে। 

অঞ্চলটোৰ সংঘাতসমূহ আলােচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ উৎসাহিত কৰা আছিয়ানৰ নীতিৰ ওপৰত ই প্রতিষ্ঠিত। এইদৰে আছিয়ানে কম্বােদিয়াৰ বিবাদ মীমাংসা কৰিবলৈ আৰু পূব টিমৰৰ সমস্যা সমাধান কৰিবলৈ মধ্যস্থতা কৰিছিল।তদুপৰি পূব এছীয় সহযােগিতাৰ বিষয়ে আলােচনা কৰিবলৈ বার্ষিক সন্মিলন অনুষ্ঠিত কৰে। 



(ঘ) অতি দীঘল প্রশ্নোত্তৰ : (প্রত্যেকটোত ৬ নম্বৰকৈ):

প্রশ্ন ১ : আছিয়ান সম্প্রদায় (Community) কি?'ইয়াৰ প্ৰধান সংস্থাকেইটাৰ বিষয়ে লিখা।
উত্তৰ : ১৯৬৭ চনত দক্ষিণ-পূর্ব এছিয়া অঞ্চলৰ কেইখনমান ৰাষ্ট্র অর্থাৎ ইন্দোনেছিয়া, মালয়েছিয়া, ফিলিপাই, ছিংগাপুৰ আৰু থাইলেণ্ডে সন্মিলিতভাৱে ইয়াৰ জন্ম দিছিল।

আছিয়ান প্রধান তিনিটা সংস্থা হৈছেক্রমে নিৰাপত্তা কমিউনিটি, আর্থিককমিউনিটি আৰু সামাজিক-সাংস্কৃতিক কমিউনিটি। 

আছিয়ান নিৰাপত্তা কমিউনিটি : (ক) এইকমিউনিটি প্রধান লক্ষ্য হৈছেদক্ষিণ এছীয় ৰাষ্ট্ৰসমূহৰ মাজত শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা। নিৰাপত্তা বিষয়ত এই ৰাষ্ট্ৰসমূহ প্রায়ে মিলিত হৈ নিজৰ নিৰাপত্তাজনিত সমস্যাসমুহ সমাধান কৰে।

(খ) এই ৰাসনুহে তেওঁলোকৰ এই অঞ্চলে শান্তিৰ আপল হিচাপে গঢ়ি তুলি। বিচারে। সে স'সবাদী আৰ, উগ্রপন সমস্যাসমূহ দমন কৰাৰ বাবে এওঁলােকে সন্মিলিতভারে কার্যনির্বাহ কৰে ।

আছিয়ান অর্থনৈতিক কমিউনিটি : (ক) ইয়াৰ লক; হৈছে 'আছিয়ান ৰাষ্ট্ৰসমূহৰ বাৰে এখন মহা বজাৰ আৰু উৎপাদনস্থলী গঢ়ি তোলা! আৰু এই অঞ্চলের নানা অবক উন্নতিৰ বাবে সই?-সহযোগিতা আগবঢ়োৱা ।

(খ) ইয়াৰ অai এট লক্ষ্য হৈছে মুক্ত বাণিজ্য অঞ্চল স্থাপন কৰা যত ধন, শ্রমিক, আৰু বিভিন্ন ধৰণৰ সেৱাৰ বিনিয়ােগ সম্ভৱ। 

আছিয়ান সামাজিক সাংস্কৃতিক কমিউনিটি :  (ক) আছিয়ান দেশসহ পৃথিৱীৰ সকলাে অঞ্চলৰ লগত ঘনিষ্ঠ সাংস্কৃতিক সম্পর্ক ৰক্ষা কৰিব বিচাৰে। আছিয়া আৰু তা-আছিয়ান ৰাষ্টমূহৰ মাজত প্ৰায়ে খেলুৱৈ দল, সাংস্কৃতিক গােষ্ঠীৰ আদান প্ৰদান হয়।

(খ) তেওঁলােকে ভাৱে যে ঘনিষ্ঠ সাংস্কৃতিক সম্বন্ধই আছিয়ান ৰাষ্ট্ৰসমূহৰ মাজত ঐক্যৰ বান্ধোন আৰু অধিক শক্তিশালী কৰিব। আছিয়ান অঞ্চলৰ ভিতৰত তেওঁলোকে সাহিত্যিকটা প্ৰদানৰ ব্যৱস্থাও কৰিছে।

প্রশ্ন ২ : তিনিট বিকল্প শক্তি কেন্দ্ৰৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ হােভিয়েট ৰাছিয়া বিভাজুনাৰ পিছত আমেৰিকাই বিশ্বৰ একমাত্র মহাশক্তিধৰ দেশত পৰিণত হৈছি কিন্তু বর্তমানে ইউৰােপিয়ান ইউনিয়ন, আছিযান বাইনত আৰু চীন দেশব তথনৈতিক উন্নতিয়ে আমেকিাৰ আধিপত্যৰ ক্ষেত্ৰত কিছু পৰিমাণে নিয়ন্ত্রণ আৰােপ কৰিছে।

1/ ইউৰােপীয় সংঘ : ইউৰােপীয় সংঘ বিশ্বৰ ভিতৰত আটাইতকৈ ধুনী অর্থ ব্যৱস্থাৰ অধিকাৰ। ইয়াৰ ২০০৩ চনত আয় আছিল £12 অযুত কোটি ইউৰােপীয় সংঘ। মুদ্রা ইউৰােই আমেৰ্কিবি ডলাৰৰ প্রভুত্বৰ ক্ষেত্ৰত বিপদাশংকাৰ সৃষ্টি কৰিব পাৰে । 

ইয়াৰ অর্থ ব্যৱস্থাৰ প্ৰভার ওচৰ চুবুৰীয়া দেশৰ ওপৰত ৰাৰ লগতে এছিয়া আৰু আফ্রিকার দেশসমূহৰ ওপৰতাে পৰিছে ইউৰােপীয় সংঘৰ সন্মিলিত সামৰিক শক্তি বিশৰ ভিতৰত দ্বিতীয় বৃহত্তম শক্তি ইউরোপীয় সঘ প্রধান দুটা সদস্য রাষ্ট্র ব্রিটেই আৰু ফ্রান্স ৰাষ্ট্ৰসংগ্ৰৰ নিৰাপত্তা পৰি স্থায়ী সদস্য।

2/আছিয়ান ৰাষ্ট্ৰসমূহ : দক্ষিণ পূর্ব এতিৰ ৰাষ্ট্ৰসমূহে দুশ্চি? ক'ব এছিয়াৰ কাষ্টসহ সংগঠন; আছিয়ান গঠন কৰে। এই অপরলুব পাখনা বাঈ - ইলেতেছিয়া, মালয়েছি, ফিলিপাইন, ছিংগাপুৰ আৰু থাইলেণ্ড থেকে ঘোষণা পত্রত স্বৰু কৰি ১৯৬৭ চত এহিয়ান প্রতিষ্ঠা কৰিছিল। 

অছিয়া ৰাষ্ট্ৰবোৰে পাৰস্পৰিক সম্পৰ্কৰক্ষাৰ বাবে অনানুষ্ঠানিক, সংঘাতবিহীন আৰু সহযােগিতাপূর্ণ এটা বিশেষ ধৰণৰ পন্থা তবলম্বন কৰি আহিছে আৰুই আছিয়ান পন্থা হিচাপে জনাজাত হৈছে। ২০০৩ চনত আছিয়ান নিৰাপত্তা গােষ্ঠী, আছিয়ান অর্থনৈতিক গােষ্ঠী আৰু আছিয়ান সামাজিক-সাংস্কৃতিক গােষ্ঠী এই তিনিটা স্তম্ভক লৈ আছিয়ানে ইউৰােপীয় সংঘৰ পথেৰে অগ্ৰসৰ হৈছে। 

১৯৯৪ চনত প্রতিষ্ঠা হােৱা আছিয়া আঞ্চলিক মঞ্চ হৈছে নিৰাপত্তা আৰু বৈদেশিক নীতিৰ ক্ষেত্ৰত সহযােগিতা ৰক্ষা কৰা সংগঠন। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনে ইতিমধ্যে আছিয়াৰ সৈতে মুক্ত বাণিজ্য অঞ্চল চুক্তি সম্পাদন কৰিবলৈ আগবাঢ়ি আহিছে। বিশেষকৈ ভাৰত আৰু চীনৰ দৰে ভাই অহা এছীয় অর্থনীতিৰ ব্যৱসায়িক আন বনিয়ােগৰ সহযােগী হিচাপে ইয়াৰ অর্থনৈতিক গুৰুত্বই সংগঠনটোক এটা আকর্ষণীয় শক্তি হিচাপে গডি তুলিছে।

3/চীন : চীন দেশৰ তথনৈতিক দিশত স্থিৰ গতি বৃদ্ধিয়ে এই দেশক আমেৰিকাৰ তার্থনৈতিক গতি বৃদ্ধিৰ তুলনাত অধিক শক্তিশালী কৰিব পাৰে। নিজ ভৌগােলিক অঞ্চলৰ বিভিন্ন ৰাষ্ট্ৰৰ অর্থনৈতিক ব্যৱস্থাৰ মাজত সমন্বয় সাধন কৰাৰ জৰিয়তে পূর্ব এছিয়াৰ অর্থনৈতিক প্রগতিৰ ক্ষেত্ৰত মূল চালিকা শক্তি হিচাপে পৰিণত হৈছে। ইয়াৰ অথনৈতিক প্রগতিৰ লগত অন্যান্য উপাদান যেনে--- জনসম্পদ, ভৌগােলিক পৰিসৰ, সম্পৰাজি, ৰাজনৈতিক প্রভাৱ আদিয়ে ইয়াৰ প্ৰতিপত্তি আৰু বৃদ্ধি কৰিছে আৰু চীন দেশক বিশ্বৰ ক্ষমতা তৃতীয় বৈকল্পিক উৎস হিচাপে গঢ়ি তুলিছে।  

প্রশ্ন ৩ : ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক চমকৈ লিখা। 
উত্তৰ : ভাৰতবৰ্ষ আৰু চীন উভয়ে পুৰণি সভ্যতা, উভয়ৰ মাজত সাধাৰণ উমৈহতীয়া ভৌগােলিক সীমা আছে আৰু উভয়ৰ মাত পুৰণি সম্পর্ক আছে। ভাৰতৰ পৰা বৌদ্ধ ধর্ম চীন দেশলৈ প্ৰচাৰিত হৈছিল আৰু চীন দেশৰ পৰা বহু পাওঁত ভাৰতলৈ আহছিল। 

স্বাধীনতাৰ পিছত চীনৰ সৈতে ভাৰতৰ যথেষ্ট সু-সম্পর্ক স্থাপিত হৈছিল। ভাৰতবৰ্ষ অছিল প্রথম ৰাষ্ট্ৰবােৰৰ মাজত এখন যি ৰাষ্ট্ৰইসাম্যবাদী চীনকস্বীকৃতি প্রদান কৰিছিল। ১৯৫০ চনৰ কোৰিয়ান যুদ্ধৰ সময়ত ৰাষ্ট্ৰসংঘৰ সাধাৰ সভাত চীন আক্রমণকাৰী হিচাপে ঘোষণা ত ভাৰতে এই প্রস্তাৱৰ বিৰুদ্ধে ভােটাধিকাৰ প্ৰদান কৰে।

১৯৫৪ চনত ভাৰতে চীন লগত বিখ্যাত ‘পঞ্চশীল নীতিত চহী কৰে। এই নীতিয়ে ভাৰত আৰু চীনৰ সম্পৰ্কৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সৃষ্টি কৰে আৰু উভয়ৰ মাজত আফ্রিকা, এছিয়ান দেশসমূহক লৈ যি বান্দুং সন্মিলন অনুষ্ঠিত হৈছিল তাত ভাৰতে চীনক সম্পূর্ণ নৈতিক আৰু কুটনৈতিক সহযােগিতা আগবঢ়াইছিল আৰু টানেও গোৱাৰ ওপৰত ভাৰতৰ দাৰীক সমর্থন জনাইছিল। 

কিন্তু না দেখে যেতিয়া তিব ত আক্ৰাণ্ড কছিল, তেতিয়া তিব্বতৰ বৰ্গীয় তথা ৰাজনৈতিক গুৰু দালাই লামাই ভাৰতবৰ্ষত আশ্রয় গ্রহণ কৰিছিল। ভাৰতৰ এই আশ্রয় দিয়াব ঘটনাকটানে মানি ল'ব পৰা নাছিল । সেযে দায়ে দেশৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটিছিল। চীন আৰু ভাৰতৰ মাজত চলি থকা সীম; বিবাদেও উভযৰ সৰ্ক বিনষ্ট কৰিছে।

উভয়ৰ সীমা অর্থাৎ মেকমােহন লাইন চীনে মানিব খােজ! নাই। চীন দেশ বেআইনীভাৱে ভাৰতবৰ্ষৰ অৰুণাচল প্রদেশৰ ২ালে প্রায় ১,২৮,০০০ বর্গ কিলােমিটাৰ ভূমি দাবী কৰিছে আৰু লােখ অঞ্চলৰ আকলাইন তঞ্চলৰ ওপৰত নিজ দবি সাব্যস্ত কৰে। এই অঞ্চলবােৰৰ ওপৰত চীনে প্রায় আক্রমণ কৰি দেশৰ ব্যসংহতিৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিছে। 

ভাৰতৰ পাৰমাণৱিক পৰীক্ষণ কার্যকে! চীনে সমালােচনা কৰিছে। তেওঁলোকে এই বুলি মন্তব্য কৰে যে ভাৰতৰ এই পৰণে প্ৰতিৱেশী সৰু সৰু ৰাষ্ট্ৰৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিব।

পাকিস্তানক চীনে আগবঢ়োৱা সহায় বিশেষকৈ ১৯৬৫ চন আৰু ১৯৭১ চনৰ যুদ্ধৰ কালছােৱাত ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰে।

১৯৯৯ চনত পাকিস্তানৰ দ্বাৰা কার্গিল আক্রমণ কৰা ঘটনাক চীনে সমালােচনা কৰে। ২০০৩ চনত তৎকালীন প্রধানমন্ত্রী বাজপেয়ী চীন ভ্রমণে দুয়াে দেশৰ মাজৰ সম্পর্ক পুনৰ বন্ধুত্বপূর্ণ পৰিৱেশলৈ লৈ আহে। আন্তর্জাতিক ৰাজনীতি আৰু এছিয়া । মহাদেশৰ বাবে এই দুয়াে দেশৰ মাজত সু-সম্পর্ক থকা অতি জৰুৰী। উভয় দেশৰ ৰাজনীতিকসকলৰ সৈতে দুয়াে দেশৰ সৰ্বসাধাৰণ ৰাইজেও এই সু-সম্পর্ক ৰক্ষা কৰিব বিচাৰে।

প্রশ্ন ৪ : আছিয়ান সম্প্রদায় গঠন হােৱাৰ প্রক্রিয়া লিখা। 
উত্তৰঃ দীঘল প্রশ্নৰ ১নম্বৰ প্ৰশ্নত্তোৰ চোৱা । 

প্রশ্ন ৫ : চীন-ভাৰতৰ সম্পর্ক উন্নয়নৰ বাবে পৰামৰ্শ আগবঢ়োৱা।
উত্তৰঃ চীন-ভাৰতৰ মাজৰ সম্পর্ক উন্নত কৰাৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা লােৱা উচিত।

  1. ভাৰত আৰু চীনৰ নেতা আৰু বিষয়াসকলৰ বেইজিং আৰু নতুন দিল্লীৰ ভ্রমণ বিভিন্ন উদ্দেশ্য আগত লৈ সঘনে হ'ব লাগে।
  2. পৰস্পৰ বুজাবুজিৰ মাধ্যমেৰে নিজৰ মাজত থকা বিৰােধসমূহ আঁতৰ কৰাৰ চেষ্টা কৰিব লাগে। 
  3. দুয়ােখন দেশৰ নতুন অর্থনৈতিক শক্তি হিচাপে উত্থান হৈছে। তেওঁলােকৰ উমৈহতীয়া অর্থনৈতিক স্বার্থ ৰক্ষাৰ বাবে আৰু এছিয়া তথা সমগ্র বিশ্বত নিজৰ প্ৰভাৱ বিস্তাৰ কৰাৰ বাবে উভয়ে উমৈহতীয়া কাৰ্যসূচী যুগুত কৰিব লাগে।
  4. বিজ্ঞান, প্রযুক্তিবিদ্যা, বাণিজ্যিক ক্ষেত্ৰত উভয়ৰ মাজত সমন্বয় সাধন কৰিব লাগে।
  5. যাতায়ত-যােগাযােগ ব্যৱস্থাৰ উন্নতি, সাধাৰণ অর্থনৈতিক স্বার্থ, বিশ্বৰ ৰাজনীতি সম্পর্কে সচেতন আদিয়ে উভয়ৰ মাজৰ সম্পৰ্কক ভৱিষ্যৎ আৰু অধিক ঘনিষ্ঠ কৰিব বুলি আশা কৰা হয়।


ক্ষমতাৰ বিকল্প কেন্দ্ৰ question answer/ক্ষমতাৰ বিকল্প কেন্দ্ৰ প্ৰশ্ন উত্তৰ/অৰ্থনৈতিক শক্তি হিচাপে চীনৰ উত্থান সম্পৰ্কে চমুকৈ আলোচনা কৰা/অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থল/ইউৰোপীয় সংঘ কি?/আধুনিকীকৰণ বুলিলে কি বুজা?/সামাজিক সংস্থা ৰূপত বজাৰ question answer/আছিয়ান পথ’ বুলিলে কি বুজা?/ভাৰতীয় অর্থনৈতিক উন্নয়ন class 12/ভাৰতীয় অর্থনৈতিক উন্নয়ন class 11/সংবিধান বুলিলে কি বুজা class 11/class 12 assamese question answer chapter 4/ৰাষ্ট্ৰ আৰু ইয়াৰ বিকাশ class 11/সামাজিক সংস্থা class 12/মূল অৰ্থনৈতিক সমস্যাসমূহ/ৰাষ্ট্ৰৰ উপাদান কি?

Class 12 Political Science Solutions helps you handle different kinds of questions/question answer chapter 4 political science class 12/Class 12 Political Science Chapter 4/explanations of the complete chapter 4/Class 12: Ch 4/solutions for Class 12 Political-Science Chapter 4

Post a Comment

0 Comments

People

Ad Code