Recent in Technology

শিশুলীলা/ textbook/ Class 9 Assamese/ অসমীয়া সাহিত্য চয়নিকা নৱম শ্ৰেণী/ Assam Board/ Assam SEBA Board/ 2021

Attention Please!

শিশুলীলা class 9 assamese lesson 1 textbook online read assaam seba board নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা শিশু কৃষ্ণ লীলা শ্রীকৃষ্ণ শিশুলীলা

শিশুলীলা/ textbook/ Class 9 Assamese/ অসমীয়া সাহিত্য চয়নিকা নৱম শ্ৰেণী/ Assam Board/ Assam SEBA Board


শিশুলীলা/Lesson1

(নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা শিশু লীলা)



শ্ৰীমন্ত শংকৰদেৱ



দিনেক যশােদা নদ জায়া! 
আপুনি মথন্ত দধি গৈয়া।। 
কৃষ্ণৰ শৈশৱ লীলাক স্মৰি। 
কৃষ্ণগীত গাৱন্ত সুন্দৰী।। 
ক্ষৌম বস্ত্র পিন্ধি দিব্য কাছে। 
কটিত মেখলা বান্ধি আছে।। 
পুত্রস্নেহে স্ৰৱে দুয়াে স্তন। 
আজোড়ন্তে লড়ে ঘনে ঘন।। 
ৰুণ ঝুণ কেয়ূৰ কঙ্কণ।। 
শ্রম জলে উজ্জ্বল বদন।। 
কর্ণত কুণ্ডল দোলে আতি। 
খসি পড়ে খােপাৰ মালতী।। 
এহিমতে মথন্তে প্রয়াসি।। 
বেমাৱক ধৰিলা কৃষ্ণে আসি। 
মথনিত ধৰিয়া নিষেধি। 
মথিবাক নেদে আউৰ দধি।। 
হাসি কোলে লৈলা নন্দ জায়া। 
দিলা স্তন পুত্রমুখ চায়া।।
দেখন্তে উথলি দুগ্ধ পড়ে। 
পুত্র এৰি গৈলন্ত লৱড়ে।। 
স্তন পিবে নাপায়া কৃষ্ণৰ। 
কাম্পে কোপে অৰুণ অধৰ।। 
দশন কামুৰি আতি চাণ্ড। 
শিলায়ে ভাঙ্গিলা দধিভাণ্ড। 
মহাকোপে কোঠা পশিলন্ত। 
সিঞ্চিৰাই লৱণু ভুন্ত।। 
আসিলা যশােদা নমাই ক্ষীৰ। 
দেখৈ হাণ্ডি ভাঙ্গিলা দধিৰ।। 
জানিলা পুত্ৰৰ কর্ম গােপী। 
হাসিয়া দেখিলা পশি খুপি।।
উড়ল উপৰে বসি হৰি। 
ভুঞ্জন্ত লৱনু চুৰি কৰি৷৷ 
শিকিয়াৰ পৰা নমাই আনি। 
বানৰকো দেন্ত দলি হানি।। 
শঙ্কিত নয়নে নাহি সাৰি। 
দেখিয়া যশােদা লৈলা বাড়ি।। 
মাৰিবে আসন্ত জানি ডৰে। 
দিলা লড় নামি উড়লৰে।। 
পাচে পাচে যশােদা খেদন্ত।
ভয়ে লাগ মাৱক নেদন্ত।। 
যাক যযাগী নপাৱে ধ্যানত। 
হেন হৰি পলান্ত ভয়ত৷৷ 
পুত্ৰক খেদন্ত মহাসতী। 
শ্রোণী ভৰে আক্ৰমিলা গতি।। 
বেগত মেলান ভৈল খােপা। 
খসি পড়ে মালতীৰ থােপা।। 
গােবিন্দে মাৱৰ শ্ৰম দেখি। 
ৰহিল কান্দন্তে মুদি আখি।। 
সভয় নয়ন চান্ত ডৰে।
যশােদা ধৰিল আসি কৰে।। 
ভাণ্ড ভাঙ্গি আবে যাইবি কোথা। 
খাইবে আজি কৃষ্ণ তােৰ মাথা।। 
সকল লৱণু কৈলি নাশ।। 
শুনি প্রভু ভৈলা মহাত্রাস।। 
দেখি বাড়ি এৰিলাহা সতী। 
কৃষ্ণক বান্ধিৰে ভৈলা মতি।। 
নাহি আদি অন্ত পূৰ্ব্বাপৰ। 
পূর্ণব্রহ্ম জগত ঈশ্বৰ।। 
তাহাঙ্ক তনয় মানি বলে। 
যশােদা বান্ধস্ত উড়ুখলে।। 
বান্ধস্ত কৃষ্ণক আনি ধৰি। 
নােজোড়ে আঙ্গুল দুই জৰী।।





কবি-পৰিচয় 

নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯—১৫৬৮)ৰ নগাঁৱৰ আলিপুখুৰীত জন্ম হয়। তেওঁ অকল ধর্মগুৰুৱেই নহয়, অসমীয়া সাহিত্যৰ গুৰি ধৰোতাও আছিল। শংকৰদেৱ অসমীয়া সাহিত্যৰ এগৰাকী যুগস্রষ্টা কবি তথা সাহিত্যিক। 

তেওঁ অসমীয়া জাতিৰ সংগঠক, সংস্কাৰক। ধৰ্মৰ লগতে সাহিত্যসংস্কৃতিৰ প্ৰচাৰৰ অর্থেও সংস্কৃত গ্রন্থ অধ্যয়ন কৰি তাৰ পৰা তত্ত্বকথা আয়ত্ত কৰি গীত, পদ, নাট, উপাখ্যান আদি ৰচনা কৰিছিল। এইদৰেই তেওঁ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যায়। 

শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ আছিল কীৰ্ত্তন-ঘােষা”। ইয়াৰ উপৰি ভাগৱতৰ কেইবাটাও স্কন্ধ, ‘উত্তৰাকাণ্ড ৰামায়ণ তেওঁ অসমীয়ালৈ অনুবাদ কৰে। 

ৰুক্মিণীহৰণ’, ‘হৰিশ্চন্দ্ৰ উপাখ্যান’আদি কাব্য ৰচনা কৰাৰ লগতে বৰগীততা ৰচনা কৰিছিল। ৰুক্মিণীহৰণ’, ‘পাৰিজাত হৰণ’, ‘কেলিগােপাল’, ‘কালিদমন', 'ৰামবিজয়’ আদি অঙ্কীয় নাট ৰচনা কৰিছিল। ভক্তিৰত্নাকৰ শংকৰদেৱৰ এখন শ্রেষ্ঠ তত্ত্বমূলক গ্রন্থ। 

সংলাপবিহীন নাট ‘চিহ্ন্যাত্রা'ৰে শংকৰদেৱে অসমীয়া নাট্যবুৰঞ্জীৰ পাতনি মেলিছিল। সুদূৰ পােন্ধৰ শতিকাতে শংকৰদেৱে অসমীয়া ভাষা-সাহিত্যৰ কিদৰে উন্নতি সাধন কৰিছিল তাৰ আভাস ছাত্ৰ-ছাত্ৰীসকলে এই পাঠটিৰ জৰিয়তে পাব। কৃষ্ণই সাধাৰণ শিশু এটিৰ দৰে কৰা আচৰণৰবাৰে ছাত্র-ছাত্রীৰ মনত আনন্দ দিব বুলিও আশা কৰা হৈছে।


পাথবোধ

শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘কীৰ্ত্তন-ঘােষাৰ ‘শিশুলীলা’পাঠটিত ভক্তিৰসৰ অমৃত নিজৰা প্রবাহিত হৈছে। যশােদাৰ অচলা ভক্তিৰ বলত জগতৰ স্ৰষ্টা কৃষ্ণক পুত্ৰৰূপে লাভ কৰিছে। পৰম ব্রহ্ম হৈও তেওঁ যশােদাৰ পুত্ৰৰূপে ধৰা দিছে। 

পাঠটিত কবি শংকৰদেৱে কৃষ্ণৰ মানৱীয় লীলাৰ কথা কৈছে যদিও তাৰ আঁৰত ভগৱানৰ পৰমপুৰুষ স্বৰূপৰ ইংগিত দিছে। শিশুলীলাৰ আখ্যানভাগত কৃষ্ণ হৈ পৰিছে চিৰন্তন শিশুৰ এক মােহনীয় ৰূপ। এয়া যেন আমাৰ চিনাকি এক শিশুৰহে দুষ্টালি। 

কিন্তু এই বাল্যলীলাৰ আঁৰত লুকাই থকা জগত সৃষ্টিকাৰী ঈশ্বৰৰ প্ৰতি ভক্তিহে পাঠটিৰ মূল তাৎপর্য। বৈষ্ণৱ কবিজনাইকৃষ্ণৰ মানৱীয় কার্যকলাপ বৰ সুন্দৰকৈ অংকন কৰিছে। অনুপম বর্ণনাৰীতি, মনােৰম ছন্দ আৰু শব্দ ব্যৱহাৰৰ সুমাই ‘শিশুলীলা’ পাঠটিক এক সুকীয়া গাম্ভীর্য প্রদান কৰিছে। 


শব্দার্থ আৰু টোকা

আউৰ - আৰু। 
আখি - চকু।
আজোড়ন্তে - আজুৰি থাকোতে।
কঙ্কণ - খাৰু। 
কোপে - খঙত।
খসি - খহি।
চাণ্ড - জোৰকৈ। 
ছায়া - চাই। 
ডৰে - ভয়তে।
দৰ্শন - দাঁত।
দিব্য - স্বর্গীয়। 
দোলে - দুলি থাকে; লৰে। 
নন্দজায়া - নন্দৰজাৰ পত্নী। 
নিষেধ - বাধা দি। 
পশিলন্ত - সােমালহি।
প্রয়াসি - যত্ন কৰি।
বদন মুখ।
বসি বহি।
ভুজন্ত - খালে।
মথনি - গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সজুলি।
মহত্রাস - খুব বেছি ভয় খোৱা
মেলান - মেল খোৱা বা মুকলি হোৱা।
শিকিয়া - কোনো বস্তু ওপৰত আৰি থ'বৰ বাবে ৰছীৰে প্ৰস্তুত কৰা এবিধ সজুলি।
শ্ৰেণী ভৰে - নিতম্ব বা তপিনাৰ ভৰত।
সিঞ্চিৰাই - ছটিয়াই দি, সিঁচি দি।
স্ৰবৈ - বৈ থকা।
ক্ষৌম বস্ত্ৰ - পাটৰ কাপোৰ।



প্রশ্নাৱলী 

ভাব-বিষয়ক : 

১। অতি চমু প্রশ্নৰ উত্তৰ লিখা 

(ক) কৃষ্ণগীত গাৱন্ত সুন্দৰী৷৷কৃগীত গােৱা সুন্দৰীগৰাকী কোন? 
(খ) কর্ণত কুণ্ডল দোলে আতি।—কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে? 
(গ) কাম্পে কোপে অৰুণ অধৰ।—ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে? 
(ঘ) “মথনিত ধৰিয়া নিষেধি।‘মথনি’ শব্দৰ অর্থ কি? 
(ঙ) “নােজোড়ে আঙ্গুল দুই জৰী’—ইয়াত কাৰ জৰীৰ নাটনি হৈছে? 
(চ) ৰুণ ঝুণ কেয়ূৰ কঙ্কণ’।কাৰ কেয়ূৰ কঙ্কণৰ ৰুণ ঝুণ’ শব্দৰ কথা ইয়াত কোৱা হৈছে? 

২। “শিশুলীলা’ পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। 
৩। শংকৰদেৱৰ মহত্ত্বম সৃষ্টি কীর্তন-ঘােষাৰ বিষয়ে এটি চমুটোকা লিখা। 
৪। “শিশুলীলা’ পাঠটিৰ অন্তর্নিহিত তাৎপর্য বুজাই লিখা। 
৫। তাহাঙ্ক তনয় মানি বলে। যশােদাবান্ধস্ত উড়ুখলে।'কথাষাৰৰ অন্তর্নিহিত তাৎপর্য বুজাই লিখা। 
৬। নাহি আদি অন্ত পূর্বাপৰ।। পূর্ণব্রহ্ম জগত ঈশ্বৰ।।'—ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা।

৭। ব্যাখ্যা কৰা 

(ক) যাক যােগী নপাৱে ধ্যানত।হেন হৰি পলান্ত ভয়ত।। 
(খ) ভাণ্ড ভাঙ্গি আবে যাইবি কোথা।খাইবাে 'আজি কৃষ্ণ তােৰ মাথা।। 
(গ) পাচে পাচে যশােদা খেদন্ত।ভয়ে লাগ মাৱক নেদন্ত।। 

৮। “শিশুলীলা’ পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা। 
৯। মহাকোপে কোঠা পশিলন্ত সিঞ্চিৰাইলৱণু ভুজ।।—কোনে অতি খঙেৰে কোঠাত সােমাইছিল? তেওঁ কিয় লৱণুবােৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা। 
১০। কৃষ্ণক ধৰিবলৈ গৈ যশােদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা। 

ভাষা-বিষয়ক 

১১। তলত দিয়া শব্দবােৰৰ এটা বা দুটাকৈ সমার্থক শব্দ লিখা ।
  • কর্ণ 
  • অৰুণ 
  • দধি 
  • বস্ত্র 
  • বদন 
  • লৱণু 
  • কোপ 
  • দর্শন 
  • দুগ্ধ 
  • ঈশ্বৰ।। 

১২। তলৰ পুৰণি অসমীয়া শব্দবােৰৰ আধুনিক ৰূপ লিখা :
তাহাঙ্ক; নােজোৰে; খসি; ৰহিল; আসি; ভৈলা; আসন্ত; শিলায়ে; কাম্পে; মাৱক; বসি; প্রয়াসি; খেদন্ত। 

১৩। তলৰ শব্দকেইটাত কি কি কাৰণত মূর্ধন্য ‘ণ’ আৰু মূর্ধন্য ষ’ হৈছে বুজাই লিখা :
অৰুণ; কঙ্কণ; কর্ণ; শ্রোণী; ভাণ্ড; নিষেধি। 

১৪। পাঠটোত থকা অসমাপিকা ক্রিয়া শব্দ পাঁচোটা বাছি উলিয়াই লিখা।


Conclusion:

class 9 assamese lesson 1 শিশুলীলা textbook online read assaam seba board নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা শিশু কৃষ্ণ লীলা শ্রীকৃষ্ণ শিশুলীলা







Wrote by Akshay

Post a Comment

0 Comments

People

Ad Code