Recent in Technology

সময়/ Lesson-7 Textbook/ Class 9 Assamese/ SEBA

Attention Please!

সময় Class 9 Assamese Lesson-7 read online textbook নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা only for Online Textbook Reader Assam seba board

সময়/ Lesson-7 Textbook/ Class 9 Assamese/ SEBA



সময়/Lesson7

(সময় class 9)





নীলমণি ফুকন (জ্যেষ্ঠ)
(১৮৮০-১৯৭৮)



নৈৰ সোঁতৰ লগত সময়ক তুলনা কৰা হয়। দুয়াে ৰৈ নাথাকে, বৈ যায়। নৈৰ সোঁত যাওঁতে চকুৰে দেখি, সময়ৰ সােত এইদৰে বৈ নাযায়। কার্যক্ষেত্ৰতহে তাৰ গম পােৱা যায়। 

কার্যক্রম অনুসৰি সময় ভাগ কৰা হয়। সময়ৰ ডাঙৰ ভাগবিলাকেই যুগ, কল্প, শতাব্দী; মজলীয়া ভাগবিলাকেই ঋতু, বছৰ, মাহ আৰু সৰু ভাগবিলাকেই দিন-ৰাতি, প্ৰহৰ। তাৰাে ভগ্নাংশবিলাক হৈছে দণ্ড, পল, অনুপল। সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্রান্ত। এই কাৰণে হিন্দু শাস্ত্রমতে চাৰি যুগৰ লক্ষণবিলাক নির্ণয় কৰি থােৱা আছে। কলি যুগত কল্কি অৱতাৰৰ পিছত সত্যযুগৰ প্ৰৱর্তন, খ্রীষ্টানসকলৰ মতে মিলেনিয়াম বা হাজাৰ বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহদি আগমন ইত্যাদি ঘটনাৱলীয়েই একো একো যুগৰ লক্ষণ। 

এই যুগবিলাকৰ পৰিৱর্তনেই কল্পান্তৰ, চাইক্লিক আদি বিভিন্ন নামত প্রখ্যাত। অর্থাৎ সময় সদায় বৃত্তাকাৰ গতিত ঘূৰিবই লাগিছে। কার্য গতিকে এই বৃত্তৰ ব্যাস আৰু পৰিধিৰ বেছ কম হয় বাবেই সময়ৰ বিভিন্ন বিভাগৰ কল্পনা। 

একো একোটা বিশেষ ঘটনা বা মানুহৰ কার্যকলাপ অৱলম্বন কৰিও সময়ৰ ভাগ কৰা হয়। ধর্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ-বিগ্রহ, ৰাজত্ব আদি বিষয়বিলাকে সময়ৰ একো একোটা ঢাপ তুলি সীমাবদ্ধ কৰি থৈ যায়। সংবৎ, শকাব্দ, খ্রীষ্টাব্দ, হিজৰি, শংকৰাব্দ, চৈতন্যাব্দ ইত্যাদি সময়বিভাগৰ গুৰিতে এনে একোটা স্মৰণীয় ঘটনা আছে।

প্রকৃতি জগতৰ গতি-বিধি লক্ষ্য কৰিও সময় নিরূপণ কৰা হয়। ছয় ঋতুৰ উদ্ভৱ ইয়াতেই। জাৰত ঠেটুৱৈয়ে ধৰি ঠেৰেঙা হৈ থকা গছৰ ডালত কুঁহিপাত ওলালেই বসন্ত ঋতুর আগমন ধৰিব পাৰি। পদুম ' ফুলপাহ ৰাতিপুৱা মুকলি হৈ আৰু সন্ধিয়া জাপ গৈ সূর্য উদয় হােৱা আৰু অস্ত যােৱা সময়ছােৱা দেখুৱাই বেলিফুল সূৰ্যৰ লগে লগে ঘূৰে। ইয়াক বেলি-ঘড়ীও বুলিব পাৰি৷ 

কঁঠালে মুচি পেলালে, আমে মলিয়ালে, ধান পকিলে, বাঁহে গাজ মেলিলে, ঢাপত কেতেকী গােন্ধালে একো একোটা ঋতুৰ সম্ভেদ পােৱা যায়।

জীৱ-জন্তুৰ আচৰণতাে সময় নিৰূপণ কৰিব পাৰি। কেঁকোৰা গাঁতত সােমালে, শামুকে পথাৰত দেখা দিলে, বালিমাহী চৰাই ওলালে, কুলি-কেতেকীয়ে মাতিলে, মাছে কণী পাৰিলে, চৰায়ে কুটা কঢ়িয়ালে, ভেকুলীয়ে টোৰটোৰালে, একো একোটা ঋতুৰ গম পােৱা যায়। 

গৰুৱে চৰা ঠাইৰ পৰা ধূলি উৰাই উলটি আহোঁতে গধূলি হােৱা দেখা যায়। শিয়ালে হােৱা দি দি প্রতি প্রহৰৰ বাতৰি দিয়ে। কেঁচুৱে জালি দি, টঙিত পাৰই ৰুণ দি জনায় পােহৰ হ’বলৈ আৰু বেছি পৰ নাই। কুকুৰাৰ ডাকত ৰাতি পুৱাল বুলি মানুহে শােৱা ঢাৰি-পাটী এৰিবৰ উপক্ৰম কৰে। আদিতে মানুহে প্রাকৃতিক জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি একো একোটা সাধাৰণ উপায়েৰে সময় নিৰূপণ কৰি কাম চলাইছিল। 

এঠাইলৈ যাবলৈ কিমান সময় লাগিব সেই কথা ৰিংটোৱে, তামােলখন খাই শেষ কৰা কথাটোৱে একেটা উশাহে নিৰ্ধাৰিত কৰিছিল। বেলিটোৰ গতিৰ লগে লগে নিজৰ গাৰ ছাঁটো কিমান দীঘল-চুটি হয়, তাক চাই সময় ঠিক কৰিছিল।

উদ্ভাৱিকা শক্তিৰ বলত মানুহে লাহে লাহে সময় নিৰূপণ কৌশল উলিয়াবলৈ ধৰে। গ্রহ-নক্ষত্ৰৰ গতিৰ লগত সামঞ্জস্য ৰাখি সময়ৰ সম্বন্ধ স্থিৰ কৰি লয়। চন্দ্র-সূৰ্যৰ গতি চাই দিন, মাহ গণনা কৰিবলৈ ধৰে। এইদৰে সময়ৰ সূক্ষ্মতম অংশ নিমিষ, মুহূর্তকো ধৰিব পৰা হ'ল। 

বিজ্ঞানৰ বলত ক্রমে সময় নিৰূপক যন্ত্রপাতি উলিয়াই এই ভাগবিলাক কৰায়ত্ত কৰি মানুহে যাৱতীয় কাম সম্পাদন কৰি আহিছে। মানুহে বৈজ্ঞানিক যন্ত্রপাতিৰ সহায়ত সময়ৰ ক্ষুদ্রতম অংশবিলাককো স্থিৰ কৰিব পাৰিছে যদিও সময়ৰ প্ৰকৃত যন্ত্রপাতি হৈছে কর্ম। 

কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। এলেহুৱাৰ দিনটো নাযায়-নুপুৱায়। কিন্তু কর্মী লােকৰ মানত দিনটো চকুৰ পচাৰতে গ'ল যেন লাগে। এই কাৰণেই বােধকৰাে মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয়। মানুহৰ এক কল্প বা এহেজাৰ যুগে ব্ৰহ্মাৰ মাত্র এদিন আৰু এৰাতি। 

বিশ্বব্রহ্মাণ্ডৰ খণ্ড আৰু মহাপ্রলয়ৰ মাজেদি ব্রহ্মাই সৃষ্টিৰ গতি অব্যাহত ৰাখিবলৈ কি বিৰাট কর্মক্ষেত্র পাতিব লগা হৈছে, সেইকথা মানুহৰ কল্পনাৰাে অতীত। ব্রহ্মাই যিমানখিনি সৃষ্টিৰ কাম কৰিব লগা হয় মানুহৰ দিন-ৰাতিৰ কামৰ তুলনাত যথার্থতে এহেজাৰ যুগৰ কাম হৈ উঠে। মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন আৰু এৰাতিৰ অর্থও এয়েই।



সময়ৰ সদ্ব্যৱহাৰ কৰা কথাৰ ওপৰতে তাৰ যথার্থ মূল্য স্থিৰ কৰিব পাৰি। কৰিবলগীয়া কামখিনি শৃংখলা লগাই কৰি উঠিলেই সময়ৰ সদ্ব্যৱহাৰ কৰা হ'ল বুলি ক'ব পাৰি। শৃংখলা লগাই বে’লগাড়ীৰ সময় তালিকা নিৰূপণ কৰা হয় বাবেই কেৰ্কেটুৱাই গছে গছে বগাই ফুৰাৰ দৰে, মানুহে ইখন ৰেল এৰি সিখন ৰেলত উঠি দেশ-বিদেশ, বৰঘৰ-মালঘৰ যেন কৰি ফুৰিব পাৰিছে। 

ঘৰখন চলােৱাৰ পৰা এখন ৰাজ্য চলােৱালৈকে সকলাে কামতে শৃংখলাৰ মাজেদি সময়ৰ সদ্ব্যৱহাৰ নকৰিলে ঘৰ গুচি অচিৰেই বাঁহতল হৈ উঠে, ৰাজ্য গুচি অৰাজকতাত পৰিণত হয়।

সময়ৰ টিকনিডাল হেনাে আগফালে। কাজেই সময়তকৈ দুখােজ সদায় আগবাঢ়ি যাব নােৱাৰিলে সময়ে পাখিলগা কাঁড়ৰ দৰে উৰা মাৰিব খুজিলে, পাছফালৰ পৰা সেই টিকনিত ধৰি ৰখা টান হয়। এই কাৰণেই জ্ঞানী আৰু কৰ্মীলােকে নির্ধাৰিত সময়ৰ দুই-চাৰি মিনিট আগেয়ে হলেও প্রস্তুত থাকে। 

ইস চকুৰ আগতেই ৰেলখন এৰিলে’ বুলি আধা মিনিট সময় বেলি কৰি দিনটো ষ্টেচনত ৰৈ থাকিবলগীয়া হােৱা ঘটনাও নঘটা নহয়। নির্ধাৰিত সময়ত উপস্থিত হ'ব নােৱৰাত অর্থহানি, মনস্তাপ হােৱা দৃষ্টান্তও পােৱা যায়। পাছৰ পৰা বল দিয়া সেনা গৈ পােৱা পাঁচ মিনিট পলম হােৱা বাবেই দিগ্বিজয়ী নেপােলিয়নে ৱাটাৰ্ল যুদ্ধত ঘাটিল বুলি কোৱা আছে। 

যুদ্ধ-বিগ্ৰহত সময়ৰ মূল্য দিহে জয়ী হ’ব পাৰি, এই কথা ভালদৰে হৃদয়ংগম কৰি লাচিতে মােমায়েকৰ মূৰটো কাটিও কার্যসিদ্ধি কৰিছিল। সেই কথা বুজিছিল বাবে লাচিত আজি মহাবীৰ।

সময় অমূল্য ধন বােলা কথাষাৰ সঁচা। একোজন ধনকুবেৰে এক মিনিটত হাজাৰ হাজাৰ টকা উপার্জন কৰে। এজন মানুহে হয়তাে গােটেই জীৱনত একেলগে হাজাৰ টকা চকুৰে নেদেখে। ঘোঁৰা চেকুত এক মুহূৰ্তৰ আগতে অহা ঘোঁৰাৰ গিৰিহঁতে লক্ষ লক্ষ টকা পােৱাৰ দৃষ্টান্ত আছে। 

ঘণ্টাত কুৰি মাইল যােৱা লৰীমটৰ এখনৰ উপার্জন ঘণ্টাত দুমাইল যােৱা গৰুগাড়ীখনৰ সমান হ'ব নােৱাৰে। ঘনাই মাকোটো মাৰিব পৰা শিপিনীয়ে দিনটোত উলিওৱা দুখন গামােচাৰ মূল্য তিনিবাৰ টোঁৱাই মাকো মাৰি দিনটোত উলিওৱা এখন গামােচাৰ মূল্যতকৈ নিশ্চয় বেছি। পৰীক্ষাত প্রশ্নকাকত পিটিকি থাকি সময় নষ্ট কৰা পৰীক্ষার্থীতকৈ তলব মূৰ ওপৰ কৰিবলৈ সময় নােপােৱা পৰীক্ষাৰ্থীয়ে নম্বৰ বেছি পাবই পাব।

সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা, সেই শবে শহা এটাকো মাৰিব নােৱাৰে। তােক চৰি যােৱাৰ পিছত মাছে-মঙহে এগাল খালেও পিত্তৰ বাহ গুচোৱা টান। বতৰ চাই কঠীয়া নেপেলালে জেঠৰ বৰখৰত সিঁচিলে গুণ নধৰে। 

চোৰে সিন্ধি দি বৰপেৰাটো উলিয়াই নিয়াৰ পাছত সিন্ধিৰ মুখত চোৰ ধৰিবলৈ খাপ দি থাকিলে বয়বস্তু উলিয়াই লৈ পথাৰৰ মূৰত পেলাই থৈ যােৱা শুদা পেৰাটোকে পােৱাৰ আশা নাথাকে। ৰােগে দেখা দিওঁতেই দুপালি ঔষধৰ ব্যৱস্থা নকৰিলে, ৰােগীক তুলসী-গুৰিলৈ উলিয়াই ধনন্তৰী মাতিলেও কাম নিদিয়ে। কর্মী লােকৰ সময়ৰ ভাগবিলাক দেখিলে আচৰিত হ'ব লাগে। 

মহাত্মা গান্ধীৰ চৌবিশ ঘণ্টাৰ কার্যতালিকা চালেই এই কথাৰ গম ধৰিব পাৰি। পৰুৱাৰ দৰে লানি নিছিগা কামেও তেওঁক জুমুৰি দি ধৰিব নােৱাৰে। এওঁলােকৰ মানত সময়ৰ সুৰুঙা বােলা ঠাই এডােখৰ নাই। সুৰুঙা থাকিলেও সি ভগা বেৰত জলঙা নহয়, বাঁহীৰ ফুটাকেইটাহে। 

বাঁহীত মুখ দিয়া মাত্রেই আঙুলিবিলাক তাত নাচি উঠি সপ্তসুৰৰ ঢৌ তুলি দিয়ে। বিশ্রাম বােলা কথাটো তেওঁলােকৰ মানত বিশেষ ৰকমৰ শ্ৰমহে, তাৰ পৰা বিৰতি নহয়। তেওঁলােকে কৰ্মৰ পৰা অব্যাহতি নােলােৱা সাধাৰণ দুদিনীয়া জীৱন যাপন কৰিও অনন্ত সময়ক কমগ্রিন্থিৰে বান্ধি অনন্ত কাললৈ অমৰধাম লাভ কৰে। সময়ৰ জোখ কামতহে, ঘড়াৰ কাঁইটকেইডালত নাই।


লেখক-পৰিচয় :

নীলমণি ফুকন (১৮৮০-১৯৭৮)ৰ ডিব্ৰুগড় জিলাত জন্ম হয়। পিতৃ লম্বােদৰ খাৰঘৰীয়া ফুকন। স্কুলীয়া শিক্ষা ডিব্ৰুগড়ত, কটন কলেজত এফ এ আৰু কোচবিহাৰৰ পৰা বি এ আৰু কলকাতাত আইন শিক্ষা গ্রহণ কৰে। জর্জ ইন্সষ্টিটিউট হাইস্কুলৰ প্ৰধান শিক্ষক আৰু পিছলৈ চাহবাগিচাৰ ব্যৱসায়ী। 

কংগ্ৰেছত যােগ দি বিধানসভাৰ সদস্য হয়। সাহিত্য কৃতি হ’ল সাহিত্য-কলা’, ‘চিন্তামণি’, ‘জ্যোতিকণা’, ‘মানসী', ‘সন্ধানী'। আলােচনী আৰু ন-জোন’ কাকতৰ সম্পাদক। অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ সভাপতিৰ আসন শুৱনি কৰে।

পাঠটিয়ে সময় সম্পর্কে সচেতনতাৰ ভাব সৃষ্টি কৰিবলৈ আৰু তাৰ উচিত ব্যৱহাৰ সম্পর্কে শুদ্ধ জ্ঞান দিবলৈ সক্ষম হ’ব। 

বিভিন্ন ধর্ম সম্পর্কে কিছু আভাস, প্রকৃতি জগতৰ পৰিবৰ্তনৰ প্রতি সজাগতা, লগতে প্রাণীজগতৰ আচৰণ সম্পর্কে কিছু আভাস, অতীতত সময় সম্বন্ধে ধাৰণা ইত্যাদি দিশৰ পৰা সময়ৰ মূল্যায়ন কৰাত সহায় কৰিব। লগতে বিজ্ঞানৰ আৱিষ্কাৰ, জ্যামিতি, বুৰঞ্জী সম্বন্ধেও জ্ঞান আহৰণ কৰাত সহায় কৰিব। ইয়াৰ উপৰিও জতুৱা-ঠাঁচ আৰু যােজনাৰ বিষয়েও জানিব পাৰিব। 


পাঠবােধ :

সময়ানুৱৰ্তিতা ‘সময়’ পাঠৰ কেন্দ্রীয় বিষয়। সময় সচেতনতা আৰু তাৰ উচিত ব্যৱহাৰৰ জৰিয়তে শৃংখলিত জীৱন-যাপনৰ পথ পাঠটিত নিদের্শিত হৈছে। ঘড়ীৰ কাঁইটকেইডালে সময় সূচিত কৰে যদিও কৰ্মৰ জৰিয়তেহে প্ৰকৃতাৰ্থত সময়ৰ মূল্যায়ন কৰিব পাৰি। 

সময়ৰ সদ্ব্যৱহাৰ কৰি উৎকৃষ্ট কর্ম-চানেকি ৰাখি যােৱাটোৱেই সময়ৰ প্ৰকৃত মূল্যায়ন।
চুটি চুটি বাক্য-গাঁথনি, স্পষ্ট ভাব, বাহুল্যবর্জিত পােনপটীয়া ভাষা আৰু প্রতিপাদ্য বিষয় সমর্থনত উদাহৰণৰ উত্থাপন লেখকৰ গদ্যৰ অন্যতম বিশেষত্ব। 


শব্দার্থ আৰু টোকা :

কল্প - হিন্দু শাস্ত্রমতে ব্রহ্মাৰ এদিন এৰাতি; এই কালৰ দৈর্ঘ এহেজাৰ যুগ বা চাৰিশ বত্রিশ কোটি বছৰ। 
কল্লান্তৰ - এটা কল্পৰ পৰা আন এটা কল্পলৈ পৰিবর্তন।
ঢাৰি-পাটি - বিছনা। 
বতৰ চাই কঠীয়া পেলা - সুযােগ বুজি কাম কৰা।
বাঁহতল - বিশৃংখল বা অশান্তিকৰ ঠাই বা অৱস্থা। 

বেলিঘড়ী - বেলিফুল বা সূর্যমুখী ফুল। সূৰ্যৰ লগে লগে ঘূৰে। এই ফুলে ঘড়ীৰ নিচিনাকৈ সূর্য থকা স্থান লৈ সময় নির্ণয় কৰে। সময়ৰ হিচাপ দিয়ে কাবণে বেলিঘড়ী বােলা হয়।

যুগ - কালৰ এটা ভাগ। যুগ বুলিলে - সত্য, ত্ৰেতা, দ্বাপৰ, কলি - চাৰিটাকৈ প্ৰধানকৈ বুজাই। সময়ৰ এটা বৃহৎ ভাগ।
লানি - নিছিগা - ধাৰাবাহিক গতি।

সপ্তসুৰ - সংগীতৰ সাতোটা সুৰ ( সা, ৰে, গা, মা, পা, ধা, নি)




কুবেৰ - ধনাধিপতি যক্ষৰাজ। তপস্যাৰ ফলত ব্ৰহ্মাৰ বৰ লাভ কৰি তেওঁ অমৰ হয় আৰু দেৱতাৰ সমমৰ্যদা নাপালেও পুষ্পৰথ লাভ কৰে। ৰাৱনে যুদ্ধত পৰাস্ত কৰি সেই ৰথ হস্তগত কৰে। পিছত তেওঁ কৈলাশত বাস কৰিব লয়।

নৈৰ সোতৰ লগত সময়ক তুলনা কৰা হয় - নৈৰ সোঁত ৰৈ নাথাকে, ই উভতিও নাহে। এবাৰ যি বৈ
গ’ল গ'লেই। ঠিক তেনেদৰে সময়ৰ সোঁত বৈ যায়। কিন্তু ইয়াক চকুৰে দেখা নাযায়। এবাৰ পাৰ হৈ যােৱা সময় পুনৰ ঘূৰাই পােৱা নাযায়। সময়ৰ গতিৰ তীব্রতা প্রকাশ কৰিবলৈ গৈ নৈৰ সোঁতৰ লগত ৰিজাইছে। 

সময়ৰ টিকনিডাল হেনাে আগফালে - সাধাৰণতে মানুহৰ মূৰৰ টিকনিডাল পিছফালে থাকে। কিন্তু
সময়ৰ কাল্পনিক টিকনিডাল আগফালে। সময়ৰ টিকনিত ধৰিবলৈ হলে সময়তকৈ আগবাঢ়ি থাকিব লাগিব। অর্থাৎ সময় দ্রুত গতিত আগবাঢ়ি যায়। ইয়াক ক’তাে ধৰি বন্ধ কৰি ৰাখিব নােৱাৰি। ইয়াৰ দ্বাৰা সময়ৰ বিশেষত্ব বুজাবলৈ বিচৰা হৈছে।

সময়ৰ শৰ মাৰিব নাজানিলে শৰ পত্ৰ মঙহ খাবলৈ আশা কৰা মিছা - এবিধ শৰ হ’ল কাঁড়। ইয়াক ধনুত গুণ
লগাই জীৱ-জন্তু নিধন কার্যত ব্যৱহাৰ কৰা হয়। শৰপহু হ’ল এক শ্ৰেণীৰ তীব্ৰবেগী পহু। ইয়াৰ মঙহ খাবলৈ সােৱাদ। সেই সােৱাদ লগা অর্থাৎ ভাল লগা বা কামত অহা লাভদায়ক কোনাে এটা ঘটনা ঘটিবলৈ হ'লে উচিত সময়ত কাম কৰিব পাৰিব লাগিব। অর্থাৎ সময়ৰ যথােপযুক্ত ব্যৱহাৰৰ কথা ক’বলৈ গৈ এই উপমাটি প্রয়ােগ কৰা হৈছে। 

সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁইটকেইডালত নাই - তীব্র বেগত সময় আগবাঢ়ে। যদিও ঘড়ীৰ দ্বাৰা সময় নিৰূপণ কৰা হয়, কামৰ হিচাপেৰেহে প্ৰকৃততে সময় নিৰূপণ কৰিব লাগে।


প্রশ্নাবলী
ভাব-বিষয়ক : 

১। চমু উত্তৰ দিয়া :
(ক) সময়ক কিহৰ লগত তুলনা কৰিব পাৰি? 
(খ) কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়? 
(গ) সময়ৰ ডাঙৰ ভাগবােৰ কি কি? 
(ঘ) সময়ৰ দণ্ড, পল, অনুপলক কি বােলা হয় ?
(ঙ) সময় কি গতিত ঘূৰে? 

২। তাৎপর্য ব্যাখ্যা কৰা :
(ক) এলেহুৱাৰ দিন নাযায় নুপুৱায়। 
(খ) মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন।
(গ) কর্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি।

৩। পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া। 
৪। চাৰিটা-পাঁচোটা বাক্যত উত্তৰ দিয়া :
(ক) প্রাকৃতিক জগত বুলিলে কাক বুজায় ? 
(খ) কোনাে ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি? 
(গ) লক্ষণাক্রান্ত মানে কি?
(ঘ) বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পর্কে অৱগত হৈছিল? 

৫। তলৰ প্ৰশ্নকেইটাৰ অন্তর্নিহিত ভাব বিশ্লেষণ কৰা :

(ক) সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্রান্ত। 
(খ) সময়ৰ টিকনিডাল হেনাে আগফালে। 
(গ) সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁইটকেইডালত নাই।
(ঘ) সময় অমূল্য ধন বােলা কথাষাৰ সঁচা। 

৬। প্রাকৃতিক জগতৰ গতি-বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়’ প্রাকৃতিক জগতৰ গতি-বিধিবােৰ কি কি? কেনেকৈ এই গতি-বিধিৰ দ্বাৰা সময় নির্ণয় কৰিব পাৰি? 

৭| ‘নিয়মানুবর্তিতা আৰু সময়ৰ সদব্যৱহাৰ’ - ইয়াকে বিষয় হিচাপে লৈ এটি টোকা যুগুত কৰা।

ভাষা-বিষয়ক : 
৮। ভাব সম্প্ৰসাৰণ কৰা :
(ক) আইৰাে বার্তা গংগাৰাে যাত্রা। 
(খ) ৰাইজে নখ জোকাৰিলে নৈ বয়।
(গ) সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা। 

৯। সন্ধি ভাঙা :
শকাব্দ; খ্রীষ্টাব্দ; শংকৰাব্দ; চৈতন্যাব্দ; লক্ষণাক্রান্ত; কল্পান্তৰ; কৰায়ত্ত; মনস্তাপ। 

১০ পাঠটিত থকা কেইটামান যুৰীয়া শব্দ ব্যৱহাৰ কৰি বাক্য সাজা। 
১১।সময়ৰ সদ্ব্যৱহাৰ কৰি তুমি কেনেদৰে উপকৃত হৈছা ইয়াকে জনাই তুমি তােমাৰ আইতাৰালৈ এখন
চিঠি লিখা।


Conclusion:

Seba Board Class 9 Assamese Lesson-7 Textbook সময় for Online readers.






Wrote by Akshay

Post a Comment

0 Comments

People

Ad Code