Recent in Technology

সন্মান/ Lesson-16 Textbook/ Class 9 Assamese/ SEBA Board

Attention Please!

নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা assam seba board class 9 assamese online textbook সন্মান lesson 16 online reading for readers.

সন্মান/ Lesson-16 Textbook/ Class 9 Assamese/ SEBA Board


সন্মান/Lesson 16

(নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা সম্মান)


হেমচন্দ্ৰ বৰুৱা



ঈশ্বৰ, পিতৃ-মাতৃ, শিক্ষক, দেশৰ অধিকাৰ আৰু বুঢ়া লােক, এইসকল সন্মানৰ পাত্র।
যি আদি কাৰণৰ পৰা এই পৰিদৃশ্যমান জগতৰ উৎপত্তি হৈছে, সেই কাৰণৰ নামেই ঈশ্বৰ। তেওঁ সকলােৰে আদি, কিন্তু তেওঁৰ আদি নাই, সকলােৰে অন্ত আছে, তেওঁৰ অন্ত নাই৷ 

তেওঁ দেৱতাৰাে দেৱতা, বিধাতাৰাে বিধাতা, ৰজাৰৰ ৰজা আৰু সকলােৰে সৃষ্টি আৰু পালন কর্তা। এতেকে তেওঁক শ্রদ্ধা আৰু ভক্তি কৰা সকলােৰে উচিত। পৃথিৱীত মানুহৰ যত মান্য লােক আছে, তেওঁ সেই সকলােবিলাকতকৈ অধিক মান্য। 

সকলাে দেশৰ, সকলাে জাতিৰ, সকলাে ধৰ্মৰ জ্ঞানী লােকবিলাকে তেওঁক বিশ্বাস আৰু ভক্তি কৰে আৰু যাৰ তেওঁত শ্রদ্ধা-ভক্তি নাই, তাক নাস্তিক বুলি ঘিণায়। এতেকে তােমাৰ সমুদায় মন, বুদ্ধি আৰু শক্তিৰে তেওঁক শ্রদ্ধা আৰু ভক্তি কৰিবা।

ঈশ্বৰৰ পাচতে পিতৃ-মাতৃ আমাৰ মাননীয়; তেওঁবিলাকেই আমাক জন্ম দিছে আৰু তেওঁলােকৰ পৰাই আমি এই বিচিত্র সংসাৰ দেখিবলৈ পাইছেহঁক। 

আমি যেতিয়া কেঁচুৱা আছিলোঁ, আমাৰ উঠি-পৰি ফুৰিবৰ শক্তি নাছিল, তেতিয়া তেওঁবিলাকে কত দুখ সহি, কোলাত লৈ আমাক তুলিছিল; আমি নাখালে তেওঁবিলাকৰ আহাৰত ৰুচি নহৈছিল; আমি গাত দুখ পালে বা নৰিয়া পৰিলে শােকত বিহুল হৈ তেওঁবিলাকে আমাৰ আৰােগ্যৰ নিমিত্তে যত্ন কৰিছিল; আনকি আমাৰ কুশলৰ কাৰণে প্রাণকে উচর্গিছিল। 

আমি অলপ ডাঙৰ হ’লত সিবিলাকে আমাক জ্ঞান-বিদ্যা শিকাই ভাল লােক কৰিবৰ নিমিত্তে পাৰে মানে যত্ন কৰিছিল আৰু এতিয়াও আমি ধনী, মানী, যশস্বী হলে সিবিলাকৰ আনন্দৰ সীমা নাথাকে; কিন্তু আমাৰ দুৰ্যশ বা দুর্ভাগ্যৰ কথা শুনিলে মুখ মলিন আৰু চকু লােতকেৰে পূৰ হয়; সেই পিতৃ-মাতৃতকৈ মনুষ্যৰ ভিতৰত আন কোনাে আমাৰ অধিক মান্য নহয়। 

এতেকে আমি সদায় তেওঁলােকৰ আজ্ঞা মানিব আৰু সিবিলাকক সন্মান কৰিব লাগে। আৰু তেওঁবিলাকৰ বুঢ়া কালত আমাৰ শক্তি অনুসাৰে শুশ্রুষা কৰা আৰু পােহ-পাল দি তেওঁবিলাকক সুখেৰে ৰখাও আমাৰ কর্তব্য।

কণা মানুহক যিজনে চকু দিয়ে, তেওঁ যে কণাৰ পৰম উপকাৰী আৰু মান্য, তাত একো সংশয় নাই। সেইৰূপে শিক্ষকেও ছাতক চকু দিয়ে। ছাতৰে চকু থাকোতেও যি বস্তু নেদেখি আৰু যি কথা নুবুজি কণাৰ নিচিনা হৈ থাকে, অধ্যাপকৰ অনুগ্রহত চকু মুকলি হৈ তাক দেখিব আৰু বুজিব পৰা হয়। এনে অধ্যাপক প্রতি যি সন্মান নকৰে, তাৰ সমান অশলাগী মানুহ নাই। 




আমাৰ শাস্ত্ৰত লিখা আছে যে অধ্যাপকে যদি এটি মাথােন আখৰ ছাতৰক শিকায়, তেওঁ পৃথিৱীত এনে বস্তু নাই, যাক দি ছাতৰে সেই শিক্ষকৰ ধাৰ শুজিব পাৰে। এতেকে তুমি তােমাৰ শিক্ষক প্রতি মান-সকাৰ কৰিবা আৰু তেওঁৰ বশ হ'বা।

দেশৰ অধিকাৰসকল দুষ্টৰ দমন আৰু শিষ্টৰ পালন কৰোতা। যি দেশৰ অধিকাৰ নাই; শাসনকর্তা নাই, সেই দেশ অৰাজক আৰু ধুমুহা বতাহত গুৰিয়াল নথকা নাৱৰ দৰে অস্থিৰ। তাত সকলাে মানুহে স্বপ্রধান হৈ আপােনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে। 

এই কাৰণে, নিজ বলেৰে নোেৱাৰিলে মানুহৰ ধন-প্রাণৰ ৰক্ষাই টান হয় আৰু কাৰাে সুখ-শান্তিও নাথাকে। কিন্তু দেশৰ অধিকাৰীসকলে দুষ্টক দমি সন্তক পালন কৰা হেতুকেও কাৰাে প্রতি অন্যায় কৰিব নােৱাৰে আৰু শাস্তি দেশত প্রবল হয়। 

এতেকে যিসকলৰ ভয়ত চোৰ, ডকাইত আৰু আন দুষ্ট মানুহবিলাক শঙ্কিত হৈ থকাৰ কাৰণে আমাৰ ধন, প্রাণ আৰু মান ৰক্ষা পৰিছে আৰু আমি নির্ভয় মনেৰে আছেহঁক, সেই শাসনকর্তাসকল আমাৰ অৱশ্যে মান্য, আমি তেওঁলােকৰ শলাগ ল'ব আৰু সিবিলাকক সন্মান কৰিব লাগে। 

যি লােক তােমাতকৈ কোনাে কথাত শ্রেষ্ঠ, তেৱেঁই তােমাৰ মান্য; বুঢ়া মানুহবিলাক তােমাতকৈ বয়সে শ্রেষ্ঠ, তেওঁবিলাকৰ কোনেজন তােমাৰ জ্যেষ্ঠ ভ্রাতৃৰ, কোনেজন মাতৃৰ, কোনােজন বা পিতৃৰ বয়সীয়া আৰু কোনােজন তােমাতকৈ বহুদর্শী। এতেকে তুমি তেওঁবিলাকৰ প্রতি সমুচিত সন্মান কৰিব লাগে আৰু সিবিলাক নিঃকিন হ'লেও উপহাসৰ যােগ্য নহয়। 

লিখক পৰিচয় 
হেমচন্দ্ৰ বৰুৱা : ১৮৩৫ চনত শিৱসাগৰ ৰজাবাহৰ গাঁৱত মুক্তাৰাম বৰুৱাৰ পুত্র হেমচন্দ্ৰ বৰুৱাৰ জন্ম। ইংৰাজী ভাষাৰ জ্ঞান আয়ত্ত কৰাৰ পিছত তেওঁ চৰকাৰী চাকৰি কৰিবলৈ লৈছিল। ১৮৯৬ চনত গুৱাহাটীত তেওঁ জীৱনৰ শেষ নিশ্বাস পেলায়। 

অসমীয়া ভাষাৰ নতুন যুগৰ দুৱাৰ মুকলি আৰু বৰ্ণবিন্যাসৰ খেলিমেলি আঁতৰ কৰোতাসকলৰ ভিতৰত বৰুৱাদেৱ অন্যতম ব্যক্তি। কেইবাখনিও গ্রন্থ ৰচনা কৰি তেওঁ অসমীয়া সাহিত্যৰ সমৃদ্ধি সাধন কৰে।

 তেওঁ লিখা গ্রন্থবােৰ হ’ল—‘হেমকোষ’, ‘অসমীয়া ব্যাকৰণ’, ‘পঢ়াশলীয়া অভিধান’, ‘অসমীয়া ল'ৰাৰ ব্যাকৰণ’, ‘বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী’, ‘কানীয়া কীর্তন, ‘পাঠমালা’, ‘আদিপাঠ’, ‘স্বাস্থ্যৰক্ষাৰ নিয়ম’আৰু অসমীয়া বিবাহ পদ্ধতি। তেওঁ ‘আসাম নিউজ’ কাকতৰ সম্পাদকো আছিল।

‘সন্মান’ নামৰ প্রবন্ধটি বৰুৱাদেৱৰ ‘পাঠমালা’ পুথিৰপৰা লােৱা হৈছে।

পাঠবােধ : সন্মান মানে হৈছে গুণ, পদমর্যাদা, জ্যেষ্ঠতা আদিৰ ভিত্তিত লাভ কৰা শ্রদ্ধা বা আদৰ। এজনে আনজনৰ প্ৰতি দেখুওৱা শ্রদ্ধা বা আদৰেই সন্মান। 

আমাৰ ব্যক্তিগত আৰু সামাজিক উভয় জীৱনতে এই শ্রদ্ধা, আদৰ বা সন্মান অপৰিসীম। সমাজ পাতি বাস কৰা প্রত্যেকেই প্রত্যেকক উপযুক্ত সম্মান প্রদর্শন কৰিলে সমাজখন শৃংখলিত হৈ থাকে। 

পাঠটোত প্রকৃত সন্মানৰ পাত্র কোন, সেইসকলক কিয় আৰু কেনেকৈ সন্মান বা শ্রদ্ধা কৰিব লাগে, সন্মান প্রদর্শনে মানুহক কিদৰে মহান কৰে তাৰে এটি আভাস দিবলৈ যত্ন কৰিছে। হেমচন্দ্ৰ বৰুৱা যে নিভাঁজ আৰু সহজ-সৰল অসমীয়া লিখাৰ পক্ষপাতি সেই কথাও প্রবন্ধটিৰ মাজেৰে প্ৰকাশ পাইছে।


শব্দার্থ

বিহুল = ভয় বা শােকত অতিশয় আতুৰ। 
নাস্তিক = ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ নকৰা; নিৰীশ্বৰবাদী। 
শিষ্ট = নম্র; সজ 
মলিন = অপৰিষ্কাৰ, লেতেৰা, স্বাভাৱিক ৰং বা আভা নথকা; ম্লান 
লােতক = চকুৰ পানী; চকুলাে; অশ্রু

প্রশ্নাবলী
ভাববিষয়ক 
১। অতি চমু উত্তৰ দিয়া ।
ক) অধিকাৰ আৰু শাসনকর্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে? 
খ) ছাতৰে শিক্ষকৰ ধাৰ শুজিব পাৰেনে? 
গ) তেওঁ দেৱতাৰ দেৱতা, বিধাতাৰাে বিধাতা, ৰজাৰাে ৰজা’ - ‘তেওঁ’ কোন ? 
(ঘ) হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল? 
(ঙ) “হেমকোষ’ কি?
(চ) কানীয়াৰ কীৰ্তনৰ ৰচক কোন? 

২। “ঈশ্বৰৰ পাচতে পিতৃ-মাতৃ আমাৰ মাননীয়’ - কথাষাৰ বুজাই লিখা। 
৩। শিক্ষকৰ প্ৰতি ছাত্রই মান-সৎকাৰ কিয় ৰাখিব লাগে? 
৪। সন্মান’ পাঠটোৰ পৰা কি কি শিকিলা, চমুকৈ লিখা।



সূচীপত্র/ Class 9 Assamese Textbook Lessons

গদ্যাংশ



সূচীপত্র/ Class 9 Assamese Textbook Lessons


পদ্যাংশ



সূচীপত্র/ Class 9 Assamese Textbook Lessons

গদ্যাংশ



ভাষা-বিষয়ক 
১। তলৰ শব্দবােৰৰ সমার্থক শব্দ লিখা :
নৰিয়া; জগত; পলাতক; চকু; হেতু; মান। 
২। বিপৰীত শব্দ লিখা
শ্রদ্ধা, শলাগ, আদি; দুষ্ট; জ্যেষ্ঠ; ন্যায়।


Conclusion:

Class 9 assamese lesson 16 সন্মান textbook chapter for online readers Assam seba board






Wrote by Akshay

Post a Comment

0 Comments

People

Ad Code