Recent in Technology

সুখ/ Lesson-14 Textbook/ Class 9 Assamese/ Assam SEBA Board

Attention Please!

সুখ online textbook class 9 assamese lesson 14 assam seba board নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা

সুখ/ Lesson-14 Textbook/ Class 9 Assamese/ Assam SEBA Board




সুখ/ Lesson 14




আনন্দ চন্দ্র আগৰৱালা


সুখ সুখ বুলি মানুহ বলিয়া 
নেদেখে সুখৰ মুখ; 
সুখ বিচাৰোঁতে পায় সংসাৰত
দুখৰ উপৰি দুখ। 
দেখিও নেদেখা কিয় দিন-কণা,
সুখ যে হাততে আছে 
যিয়ে দিব পাৰে স্বাৰ্থ বলিদান,
সুখ ফুৰে পাছে পাছে। 
অকল নিজৰ  নিমিত্তে নহয়
আমাৰ জীৱন ভাই, 
পৰৰ কাৰণে খাটিব পাৰিলে, 
সংসাৰ সুখৰ ঠাই। 
পৰৰ অভাৱ পৰৰ দুখত, 
হিয়া যদি পমি যায়, 
পৰক আপােন কৰিব পাৰিলে, 
সংসাৰত দুখ নাই।
শক্তি-সামৰথ পৰৰ সুখত 
বিলাব পাৰিলে ভাই,
পৰৰ কাৰণে কান্দিব জানিলে
কান্দোনতাে সুখ পায়। 
সকলাে আপােন যত নৰ-নাৰী
কাকনাে বুলিম পৰ? 
পৰম পিতা সকলাে সন্তান 
পৃথিৱী আমাৰ ঘৰ।
গাই-গােটো পেটে ভঁৰাল নহবা
লােকৰ দুখলৈ চোৱা, 
মানুহৰ সেৱা মানুহৰ পূজা, 
পৱিত্ৰ বৰত লােৱা। 
‘মই’ ‘মােৰ বুলি নাথাকিবা মজি
মােহৰ জালত পৰি, 
‘মই’ ‘মােৰ’ ভাবে তললৈ বুব 
নাপাবা ৰক্ষাৰ তৰী। 
সুখ দুখৰ মনেই কাৰণ 
মনক ৰাখিবা থিত, 
ভাগ্যত লভিবা পৰম-সন্তোষ, 
সাধিবা লােকৰ হিত।
স্বার্থৰ বাটত দুখৰ কাঁইট
খােজেপতি বিন্ধে হুলে, 
নিস্বাৰ্থৰ বাট, সেন্দুৰীয়া আলি,
সুগন্ধি কুসুম ফুলে। 
যথার্থ নিস্বার্থ ধৰ্মী জীৱন
বিশ্বপ্রেম ভৰপূৰ, 
বিশ্বৰ সকলাে  ভাই-ভনী তাৰ
সুখৰ নপৰে ওৰ।




শব্দার্থ 

দিনকণা : দিনতেই নেদেখা; দেখিলেও মন নকৰা।
সামথ : সামর্থ্য, যােগ্যতা।
তৰী : নাও, নৌকা।
পৰ : অন্য, আপােন নােহােৱা বা নিলগীয়া। 
ওৰ : গুৰি; কোনাে বিষয়ৰ মূল কথা। 
hit : কল্যান, মংগল, গর্ভ।
Jot : যিমান। 
পৰম-পিতা : ভগৱান, ঈশ্বৰ। 
গাই গােটা পেটে ভঁৰাল : নিজৰ কাৰণেহে ভবা, স্বার্থপৰ। 

কবি পৰিচয়ঃ
আনন্দ চন্দ্র আগৰৱালাৰঃ (১৮৭৪-১৯৩৯) জন্ম তেজপুৰত। তেওঁ পুলিচ বিভাগৰ ডাঙৰ বিষয়া আছিল। তেওঁ ছাত্ৰাৱস্থাৰপৰাই সাহিত্য-চৰ্চা কৰিছিল।

আগৰৱালাই কেইবাটিও ইংৰাজী কবিতা অসমীয়ালৈ সুৱলাকৈ ভাঙনি কৰে। সেই কাৰণে তেওঁক ভাঙনি কেঁৱৰ আখ্যা দিয়া হৈছে। তেওঁৰ ৰচিত পুথি—‘কোমল পাঠ’, ‘আদি পাঠ’, ‘জিলিকণি’ আদি। সুখ’ কবিতাটো ‘জিলিকনি’ৰ পৰা অনা হৈছে। 

পাঠবােধ : সুখ হৈছে মূলতঃ মন বা শৰীৰত অনুভূত হােৱা তৃপ্তিকৰ অৱস্থা; মানসিক বা শাৰীৰিক সন্তুষ্টি। সুখ বিচাৰি মানুহ ব্যাকুল হলেও প্রকৃত সুখ পাবলৈ হ'লে মানুহে স্বার্থ ত্যাগ কৰিব পাৰিব লাগিব, আনৰ কাৰণে খাটিব লাগিব বা আনৰ দুখত দুখী হ'ব পাৰিব লাগিব। 

সকলােকে আপােন কৰি ল'ব পৰা গুণেও মানুহক সুখী কৰে। নিস্বার্থ মানুহৰােৰ সুখী হয়। যিয়ে নিস্বার্থ মনােভাৱেৰে এক সুন্দৰ জীৱন যাপন কৰে, সকলােৰে মাজত বিশ্বপ্রেমৰ বাণী বিলাই আদর্শ জীৱনৰ গৰাকী হয় – তেওঁৰ বাবে সুখৰ ওৰ নপৰে বুলিও কবিয়ে কৈছে। 

প্রশ্নাবলী ভাববিষয়ক 
১। অতি চমু উত্তৰ দিয়া
(ক) মানুহৰ সুখ-দুখৰ আচল কথা কি? 
(খ) কেনেকুৱা ধৰণৰ ভাবে মানুহক তললৈ বুৰায় বুলি কবিয়ে কৈছে? 
(গ) নিস্বাৰ্থৰ বাট কেনেকুৱা ?
(ঘ) কবি আনন্দ চন্দ্র আগৰৱালাক কিয় ‘ভাঙনি কেঁৱৰ বুলি কোৱা হয় ? 
(ঙ) কাক আপােন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে?
(চ) কবিৰ মতে প্রকৃত সুখ কেনেকৈ পাব পাৰি? 

২। কবিতাটোৰ মূল কথাখিনি নিজৰ ভাষাত লিখা। 
৩। ব্যাখ্যা কৰা । 
(ক) অকল নিজৰ নিমিত্তে নহয়
আমাৰ জীৱন ভাই, পৰৰ কাৰণে
খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই। 
(খ) গাই-গােটা পেটে ভঁৰাল হবা
লােকৰ মুখলৈ চোৱা, নুহৰ সেৱা
মানুহৰ পূজা গৱিত্ৰ বৰত লােৱ। 
(গ) ২ার্থৰ বাটত দুখৰ কাঁটু
খােজেপতি বিন্ধে হুলে, নিস্বাৰ্থৰ বাট
সেন্দুৰীয়া আলি
সুগন্ধি কুসুম ফুলে। 

ভাযা-বিষয়ক : 
১। উদাহৰণটো চাই বাকীকেইটা কৰা ? 
উদাহৰণ : আপােন - পৰ
দুখ –
স্বার্থ - 
অভাব - 
সন্তোষ - 
হাঁহি -



১। উদাহৰণটো চাই বাকীকেইটা কৰা ।
উদাহৰণ : সামথ - সামর্থ্য
কৰম 
বিৰিখ 
যতন 
মুকুতি


Conclusion:

Assam seba board class 9 assamese lesson 14 সুখ textbook for online readers.





Wrote by Akshay

Post a Comment

0 Comments

People

Ad Code