Recent in Technology

H.S. 2nd year Political Science Question Paper & it's Ans (2012)

Class-XII(12)/Political Science-[Q/A][Notes][Solutions][Free Learning Online][in Assamese][2012 Question paper & it's Ansers][Part A][Part-B] included


H.S. 2nd year Political Science Question Paper & it's Ans (2012)




H.S. 2nd Year Political Science. Question Paper & its Ans 2012 (Theory)




Group A' (ক শাখা)

(সমসাময়িক বিশ্বৰাজনীতি)


1. তলত দিয়বোৰৰ উত্তৰ লিখা : 1x6=6

a/ শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল ?
উত্তৰ : দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ লগে লগে শীতল যুদ্ধ আৰম্ভ হয় (১৯৪৫) চনত আৰু ১৯৯১ চনত অন্ত পৰে । 

b/ ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ চনদত কিমাখন সদস্য ৰাষ্ট্রই স্বাক্ষৰ কৰিছিল?
উত্তৰ : 51 খন ৰাষ্ট্রই স্বাক্ষৰ কৰিছিল।

c/ SAARC (ছাৰ্কৰ) সম্পুৰ্ণ অর্থ লিখা। 
উত্তৰ :  South Asian Association for Regional Co-operation. 

d/ ভাৰতে কোন চনত অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল ?
উত্তৰ : ১৯৯১ চনত।

e/ চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিল? 
উত্তৰ : মাও জে দং। 

f/ সমসাময়িক বিশ্বৰাজনীতিত ৯/১১' বুলিলে কোনটো ঘটনা বুজোৱা হয়? 
উত্তৰ : আমেৰিকাৰ world Trade Centre ত সন্ত্রাসবাদসকলৰ আক্ৰমন।

2/ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনৰ নাম লিখা।
উত্তৰ : আমেৰিকা, ৰাছিয়া, ইংলেণ্ড, ফ্রান্স আৰু চীন। 

3/বিশ্বায়ন অথবা গােলকীকৰণৰ কাৰণসমূহ কি কি ?
উত্তৰঃ (ক) টেলিগ্রাফ, টেলিফোন আৰু মাইক্রোচিপৰ নবীনতম আৱিষ্কাৰে পৃথিৱীৰ বিভিন্ন দেশৰ যাতায়াত আৰু যােগাযােগ ব্যৱস্থাৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱর্তন সাধন কৰে আৰু বিশ্বায়নৰ প্রবাহক তৰান্বিত কৰে। 
(খ) পৃথিৱীৰ এখন দেশৰ পৰা আন এখন দেশলৈ পুঁজি, বস্তুবাহানি আৰু মানুহৰ প্রবাহ তৰান্বিত হােৱাটো বিশ্বায়নৰ আন এটা কাৰণ।

4/দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আণৱিক বােম পৰা ঠাই দুখনৰ নাম লিখা। 
উত্তৰঃ জাপানৰ হিৰ'ছিমা আৰু নাগাছাকি।

5/ ৰাষ্ট্রপতি গর্বাচেভে ছােভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটাৰ নাম উল্লেখ কৰা।
উত্তৰঃ Glasnots আৰু Perestroika. Glasnots মানে হৈছে মুক্ত বাতাবৰণ আৰু Perestroika মানে হৈছে পুনর্গঠন। 

6/ বিশ্ব ৰাজনীতিত পাৰিপাৰ্শ্বিক বিষয়সমূহ গুৰুত্বপূর্ণ বিষয়ত পৰিণত হৈছে কিয় ?
উত্তৰঃ পাৰিপাৰ্শ্বিক বিপদ আৰু পাৰিপাৰ্শ্বিক অৱস্থাক পৰিষ্কাৰ-পৰিচ্ছন্ন ৰখাৰ গুৰুত্ব বর্তমান বিশ্ব ৰাজনীতিত যথেষ্ট গুৰুত্ব লাভ কৰিছে।  বহনক্ষম উন্নয়ন’ৰ ধাৰণাই পাৰিপাৰ্শ্বিকতাৰ গুৰুত্ব উপলব্ধি কৰাত যথেষ্ট সহায় কৰিছে।

7/বাংলাদেশ __ চনৰ পৰা __ চনলৈ পাকিস্তানৰ এটা অংগ আছিল। (খালী ঠাই পূৰণ কৰা)
উত্তৰ : ১৯৪৭ চনৰ পৰা ১৯৭১ চনলৈ।

৪/ শীতল যুদ্ধকালীন সময়ছােৱাত গােষ্ঠী নিৰপেক্ষ আন্দোলন (NAM)ৰ ভূমিকা আলােচনা কৰা। 
উত্তৰ : শীতল যুদ্ধৰ অন্ত পৰাৰ লগে লগে গােষ্ঠীনিৰপেক্ষ আন্দোলনৰ তাৎপৰ্য্য নাইকিয়া হােৱা নাই। কৌশলগতভাৱে গােষ্ঠীনিৰপেক্ষ নীতি শীতল যুদ্ধৰ প্ৰসঙ্গত উদ্ভৱ হৈছিল। কিন্তু গােষ্ঠীনিৰপেক্ষতাত কিছুমান মূল মূল্যবােধ আৰু মজবুত ধাৰণা সন্নিবিষ্ট হৈ আছিল। 

গােষ্ঠীনিৰপেক্ষতা এই স্বীকৃতিৰ ওপৰত গঢ় লৈ উঠিছিল যে ঔপনিৱেশিকতাবাদৰ পৰা মুক্ত হােৱা ৰাষ্ট্ৰবােৰ এক উমৈহতীয়া সম্বন্ধ বহন কৰে আৰু সংঘবদ্ধ হলে তেওঁলােক শক্তিশালী। ইয়াৰ অৰ্থ হৈছে যে দুখীয়া আৰু বিশ্বৰ অতি ক্ষুদ্র দেশবােৰ কোনাে বৃহৎ শক্তিৰ সমর্থক হােৱাৰ প্ৰয়ােজন নাই। তেওঁলােকে স্বতন্ত্র বৈদেশিক নীতি গ্রহণ কৰিব পাৰে। 

প্রচলিত অসমতা দূৰ কৰিবলৈ এক বিকল্প বিশ্ব শৃংখলাৰ বিষয়ে চিন্তা কৰি আন্তঃৰাষ্ট্ৰীয় পদ্ধতিক গণতান্ত্রিক কৰাৰ সংকল্প ওপৰত ই প্রতিষ্ঠিত আছিল। শীতল যুদ্ধ শেষ হােৱাৰ পাছতাে এই মূল ধাৰণাসমূহৰ প্রাসঙ্গিকতা আছে।

9/ বাহ্যিক আক্ৰমণৰ ভাবুকি প্রতিহত কৰাৰ নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাৰ উপাদান চাৰিটা কি কি? উদাহৰণ দিয়া।
  • (ক) অৱৰােধ : ইয়াৰ অৰ্থ হৈছে যুদ্ধৰ আশংকাক বাধা প্রদান কৰা। এই ক্ষেত্ৰত ভাৰতৰ পাৰমাণৱিক পৰীক্ষণৰ বিষয় উল্লেখ কৰিব পৰা যায়।
  • (খ) ৰক্ষাঃ যুদ্ধক সীমিত ৰখা বা ইয়াক সমাপ্ত কৰাক ৰক্ষা বুলি কোৱা হয়।
  • (গ) ক্ষমতাৰ ভাৰসাম্যতাঃ প্ৰতিখন চৰকাৰে আন দেশৰ সৈতে নিজৰ ক্ষমতাৰ ভাৰসাম্যতা ৰক্ষা কৰিব বিচাৰে। 
  • (ঘ) মিত্ৰগােট গঠনঃ মিত্রগােট মানে হৈছে কেইখনমান ৰাষ্ট্ৰৰ সন্মিলন যিসকলে নিজৰ কার্যাৱলীৰ মাজত সমন্বয় সাধন কৰি যুদ্ধ সংঘটিত কৰাত বাধাৰ সৃষ্টি কৰিব পাৰে। যেনে- NATO, CENTO আদি।

10/ ছােভিয়েট ইউনিয়ন ভাঙোনৰ ফলাফলসমূহ চমুকৈ আলােচনা কৰা।
উত্তৰঃ 
  1. ছােভিয়েট ব্যৱস্থা জনসাধাৰণৰ ওচৰত দায়বদ্ধ নাছিল। ইয়াৰ ফলত এই ব্যৱস্থাই জনপ্রিয়তা হেৰুৱাইছিল।
  2. ছােভিয়েট ব্যৱস্থাত দেখা দিয়া অৰাজকতা, সাংগঠনিক দুর্বলতা আৰু দুর্নীতি আৰু জনসাধাৰণৰ স্বাধীনতা নথকাৰ বাবে প্রশাসন প্রতি জনসাধাৰণৰ মােহ ভংগ হৈছিল।
  3. সাধাৰণ জনতাতকৈ দলীয় নেতাসকলে অধিক সা-সুবিধা ভােগ কৰিছিল।
  4. ৰাজনৈতিক বা প্রশাসনিক দিশৰ লগত জনগণৰ কোনাে সম্পর্ক নােহেৱাৰ বাবে জনগণৰ সন্মতি হেৰুৱাইছিল।

11/ ‘ বিশ্বজনীন উমৈহতীয়া’ মানে কি বুজা বিশ্বজনীন উমৈহতীয়া’ৰ ৰক্ষণাবেক্ষণৰ বাবে দুটাৰ পৰামর্শ দিয়া।
উত্তৰঃ সামুহিক বা ৰাজহুৱা সম্পদ বুলিলে সেই সমুহ সম্পদক বুজোৱা হয় - যিবােৰ কোনাে ব্যক্তিৰ বাবে নহয় বৰং এটা সম্প্রদায়ে ভােগ কৰে। এখন নদী, এখন উদ্যান, এটা সামূহিক কেন্দ্ৰ আদি সামুহিক বা ৰাজহুৱা সম্পদৰ ভিতৰত পৰে। বিশ্বত এনে বহুতাে অঞ্চল আছে যিবােৰ কোনাে সার্বভৌম ৰাষ্ট্রৰ চাৰিসীমাৰ ভিতৰত নপৰে এনে অঞ্চল বা সম্পদবােৰক বিশ্বৰ সামূহিক সম্পদ বােলা হয়। যেনে - 
  • পৃথিৱীৰ জলবায়ু, 
  • এন্টার্কটিকা মহাদেশ, 
  • বৰফাবৃত অঞ্চল 
  • মহাকাশ অন্যতম।

12/ বিশ্ববেংক কোন চনত স্থাপিত হৈছিল? ইয়াৰ কার্যকলাপ আলােচনা কৰা।
উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছতেই বিশ্ব বেংক গঠন কৰা হয়। ইয়াৰ প্রধান কার্যসমূহ এনে ধৰণৰ -
  • (ক) বিশ্ব বেংকে মানৱ সম্পদ, কৃষি, গ্রাম্য উন্নয়ন, পৰিৱেশ ৰক্ষা, আন্তঃগাঁথনি, প্রশাসনীয় আদি দিশত উন্নতিৰ বাবে কার্য কৰে।
  • (খ) সদস্যৰাষ্ট্ৰসমুহক ঋণ আৰু অনুদান আগবঢ়ায়। এইদৰে বিশ্ব বেংকেউন্নয়নশীল দেশসমুহৰ অর্থনৈতিক নীতিৰ ওপৰত যথেষ্ট প্রভাৱ বিস্তাৰ কৰে।
  • (গ) আন্তর্জাতিক বাণিজ্যৰ ক্ষেত্ৰত দীর্ঘকালীন ভাৰসাম্য স্থাপনৰ বাবে উৎপাদনশীল সম্পদৰ ক্ষেত্ৰত আন্তর্জাতিক বিনিয়ােগৰ ওপৰত গুৰুত্ব দিয়ে।
  • (ঘ) ধন বিনিয়ােগৰ জৰিয়তে সদস্য ৰাষ্ট্ৰসমূহৰ পুনর্গঠন আৰ উন্নয়নৰ বাবে প্রচেষ্টা চলায়।

13/ প্রভুত্ব অথবা আধিপত্য কেই প্ৰকাৰৰ? প্রত্যেকৰে উদাহৰণ দিয়া।
উত্তৰ : 

  • 1/ কঠিন শক্তি হিচাপে আধিপত্য : প্রথমে আধিপত্য শব্দটোৱে দেশৰ মাজত সম্বন্ধ, ধাৰণা আৰু সামৰিক শক্তিৰ ভাৰসাম্য বুজাইছিল। এই ক্ষেত্ৰত বর্তমান বিশ্ব ৰাজনীতিত যুক্তৰাষ্ট্ৰৰ স্থান আৰু ভূমিকালৈ লক্ষ্য কৰি আধিপত্য শব্দটোৱে সামৰিক শ্রেষ্ঠতা বুজাবলৈ বিশেষ যুক্তিযুক্ততা আছে। আমেৰিকাৰ সামৰিক একাধিপত্য সম্পূর্ণ অতুলনীয়। সম্পূর্ণতাৰ ক্ষেত্ৰত আজি যুক্তৰাষ্টই পৃথিৱীৰ যিকোনাে বিন্দুত সঠিক সময়ত নিখুঁতভাৱে আঘাত কৰি শত্রুপক্ষক অসমর্থ কৰিব পাৰে। আমেৰিকাৰ ইৰাক আক্রমণে ইয়াৰ যুদ্ধ জয় কৰাৰ শক্তি যে অলংঘনীয় এয়া প্রমাণ কৰে আৰু এই ক্ষেত্ৰত অধিক ভয়াবহ কথাটো হ'ল যে বর্তমান তেওঁলােকৰ ওচৰ চাপিব পৰা এনে কোনাে শক্তি পৃথিৱীত নাই।
  • 2/ গাঁথনিগত ক্ষমতা : আধিপত্যৰ দ্বিতীয় ভাৱধাৰাটো প্ৰথমটোতকৈ সম্পূর্ণ। বেলেগ। বিশ্ব অর্থনীতিৰ এক বিশেষ অৱস্থা বুজাবলৈ ইয়াৰ উৎপত্তি হৈছে। ইয়াৰ মূল ভাবটো হৈছে যে বিশ্ব অর্থনীতি জন্ম দিবলৈ আৰু বাহাল ৰাখিবলৈ আধিপত্যিক শক্তিৰ আৱশ্যক। আধিপত্যিক শক্তিটোৰ সামর্থ্য আৰু শৃঙ্খলাবদ্ধতাৰ বাবে নির্দিষ্ট বিধি তৈয়াৰ কৰাৰ ইচ্ছা থাকিব লাগিব আৰু ই বিশ্ব গাঁথ নিৰ গ্রহণযােগ্য হ'ব লাগিব। আধিপত্যিক শক্তিটোৱে সাধাৰণতে নিজৰ সুবিধাৰ বাবে এইটো কৰে। যুক্তৰাষ্ট্রই যােগাৰ দিয়া বিশ্বৰ জনসাধাৰণৰ সামগ্ৰীত আধিপত্যিক শক্তিৰ দ্বিতীয় ভাবধাৰাটো প্রকাশ পায়। জনসাধাৰণৰ সামগ্ৰী বুলিলে বিশুদ্ধ বায়ু আৰু সাগৰীয় পথসমূহ বা বিশ্বব্যাপী সংযােগ (Internet) ব্যৱস্থাক বুজায়। এক কথাত ক'বলৈ গ'লে বিশ্বৰ মুক্ত অর্থনৈতিক ব্যৱস্থাক নিজৰ ইচ্ছা অনুসৰি পৰিচালনা কৰাৰ আমেৰিকা ইচ্ছা এনে দেশৰ বাবে জৰুৰী হৈছে যে এই দেশৰ হাতত ব্যৱস্থাখিনি কার্যকৰী কৰাৰ বাবে নিয়ম-নীতি কার্যকৰী কৰাৰ ক্ষমতা আৰু ইচ্ছা থাকিব লাগিব আৰু বিশ্ব মুক্ত অর্থনীতিক বজাই ৰাখিব লাগিব। 
  • 3/ নৰম শক্তি হিচাপে আধিপত্য : আধিপত্যৰ সৈতে জড়িত তৃতীয় অর্থ হৈছে সন্মতি গঠন কৰাৰ ক্ষমতাৰ লগত। ইয়াৰ অৰ্থ হৈছে বিশ্বত কোনাে এখন ৰাষ্ট্রৰ সামাজিক, ৰাজনৈতিক আৰু বিশেষকৈ বিচাৰধাৰা বা আদৰ্শৰ ক্ষেত্ৰত অন্যান্য ৰাষ্ট্রৰ ওপৰত নিজৰ প্ৰভাৱ খটোৱাৰ ক্ষমতা। আমেৰিকান সংস্কৃতি বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী সংস্কৃতি। আমেৰিকাৰ এই ‘গুণ বা উপাদানক ‘Soft Power বােলে। ইয়াৰ অৰ্থ হৈছে শক্তি প্রয়ােগৰ পৰিৱর্তে মানুহক প্ৰভাৱান্বিত কৰা। ভাল জীৱন-যাপন কৰা বা ব্যক্তিগত সাফল্য আদর্শ বা বিশ্বজুৰি ব্যক্তিসকলক সপােন কার্যকৰী কৰাৰ ইচ্ছা বাস্তৱত আমেৰিকাত সফল হােৱা দেখা গৈছে। আৰু ভাল জীৱন যাপনৰ আদৰ্শৰ দ্বাৰা বিশ্বৰ মানুহ প্ৰভাৱান্বিত হৈছে। শীতল যুদ্ধৰ কালছােৱাত আমেৰিকাৰ প্রতিদ্বন্দ্বী দেশ ছােভিয়েট ৰাছিয়াত এয়ােৰ ‘Blue Jeans' বিদেশী অতিথিসকলৰ পৰা ক্ৰয় কৰাৰ বাবে নিজৰ গােটেই বছৰৰ দৰ্মহা খৰচ কৰিবলৈ কুণ্ঠাবােধ কৰা নাছিল। শীতলযুদ্ধৰ কালছােৱাত আমেৰিকাই সামৰিক দিশত ছােভিয়েট ৰাছিয়াক ৰাস্ত কৰিব নােৱাৰিলেও ‘Soft Power' বা সাংস্কৃতিক আৰু মানুহৰ জীৱনৰ মানদণ্ড ৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াক পৰাস্ত কৰিব পাৰিছিল।

অথবা

আঞ্চলিক সহযােগিতামূলক সংগঠন হিচাপে ছার্ক (SAARC)ৰ ভূমিকা আৰু সীমাবদ্ধতা আলােচনা কৰা।
উত্তৰঃ দক্ষিণ এছিয়াৰ দেশবােৰৰ মাজত বহুতাে দ্বিাদ থকা সত্ত্বেও এই দেশবােৰে তেওঁলােকৰ মাজত সহযােগ আৰু বন্ধুত্বমূলক সম্পৰ্কৰ আৱশ্যকতাক মানি লয় ।

ইয়াৰে ফলশ্ৰুতি স্বৰূপে ১৯৮৫ চনত SAARC বা টাউথ এচ'ছিয়েশ্বন ফ’ৰ ৰিজনেল কো-অপাৰেশ্বৰ নামৰ এক আঞ্চলিক সংগঠন গঢ়ি তােলা হয়। ইয়াৰ সদস্যসকল হৈছে- ভাৰত, পাকিস্তান, নেপাল, বাংলাদেশ, ভুটান, শ্রীলংকা আৰু মালদ্বীপ।

SAARC ত ভাৰতৰ বিশেষ মর্যাদা আছে। দক্ষিণ এছিয়াৰ ৭২ শতাংশ অঞ্চল ভাৰতৰ অন্তর্ভুক্ত। ৭৭ শতাংশ জনসংখ্যা আৰু ৭৮ শতাংশ মুঠ উৎপাদন ভাৰতৰ। ভাৰতৰ সামৰিক শক্তি সমগ্ৰ অঞ্চলৰ ৫০ শতাংশ। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত ভাৰতে ছাৰ্কত বিশেষ প্রতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে। ভাৰতে ছাৰ্কৰ অধিৱেশন সমূহত বিভিন্ন ধৰণৰ নতুন ধাৰণা যেনে পৰিৱেশৰ ভিন্নতা, জলবায়ুৰ পৰিৱর্তন, ত’জন লেয়াৰৰ ৰক্ষণ আদি তুলি ধৰিছে। দিল্লীয়ে ছাৰ্কৰ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰিছে। 

SAARC ৰ এখন সন্মিলনত দক্ষিণ এছিয়ান মুক্ত বাণিজ্য চুক্তি সম্পাদিত হৈছিল। ছাৰ্কৰ বিশেষ অধিৱেশনসমূহত কৃষি সংক্রান্ত, বিজ্ঞান আৰু কাৰিকৰী কৌশল সংক্রান্ত বিষয় লৈ আলােচনা অনুষ্ঠিত হৈছে। ছাৰ্কৰ সফলতাৰ ক্ষেত্ৰত বিভিন্ন অন্তৰায় আছে। ৰাষ্ট্রসমূহ উন্নয়নশীল হােৱাৰ বাবে ধনৰ অভাৱ, পৰস্পৰৰ মাজত অবিশ্বাস, আলােচনাৰ মাজত দ্বিপক্ষীয় বিষয়ৰ উত্থাপন আদিয়ে ছাকৰ সন্মিলনক সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে।

ভাৰতৰ সীমা আৰু ইয়াৰ ক্ষমতাক লক্ষ্য কৰি আন আন সদস্য ৰাষ্ট্ৰই ভাৰতক ককায়েক সদৃশ ব্যৱহাৰ কৰাৰ বাবে সমালােচনা কৰে। তেওঁলােকে ভাবে যে ভাৰতে তেওঁলােকক দমন কৰি তেওঁলােকৰ সার্বভৌমত্বৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিব। 

14. ভাৰত-চীন সম্পর্কৰ ওপৰত এটি টোকা লিখা।
উত্তৰ : ভাৰতবৰ্ষ আৰু চীন উভয়ে পুৰণি সভ্যতা, উভয়ৰ মাজত সাধাৰণ উমৈহতীয়া ভৌগােলিক সীমা আছে আৰু উভয়ৰ মাত পুৰণি সম্পর্ক আছে। ভাৰতৰ পৰা বৌদ্ধ ধর্ম চীন দেশলৈ প্ৰচাৰিত হৈছিল আৰু চীন দেশৰ পৰা বহু পাওঁত ভাৰতলৈ আহছিল। 

স্বাধীনতাৰ পিছত চীনৰ সৈতে ভাৰতৰ যথেষ্ট সু-সম্পর্ক স্থাপিত হৈছিল। ভাৰতবৰ্ষ অছিল প্রথম ৰাষ্ট্ৰবােৰৰ মাজত এখন যি ৰাষ্ট্ৰইসাম্যবাদী চীনক স্বীকৃতি প্রদান কৰিছিল। ১৯৫০ চনৰ কোৰিয়ান যুদ্ধৰ সময়ত ৰাষ্ট্ৰসংঘৰ সাধাৰ সভাত চীন আক্রমণকাৰী হিচাপে ঘোষণা ত ভাৰতে এই প্রস্তাৱৰ বিৰুদ্ধে ভােটাধিকাৰ প্ৰদান কৰে।

১৯৫৪ চনত ভাৰতে চীন লগত বিখ্যাত ‘পঞ্চশীল নীতিত চহী কৰে। এই নীতিয়ে ভাৰত আৰু চীনৰ সম্পৰ্কৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সৃষ্টি কৰে আৰু উভয়ৰ মাজত আফ্রিকা, এছিয়ান দেশসমূহক লৈ যি বান্দুং সন্মিলন অনুষ্ঠিত হৈছিল তাত ভাৰতে চীনক সম্পূর্ণ নৈতিক আৰু কুটনৈতিক সহযােগিতা আগবঢ়াইছিল আৰু টানেও গোৱাৰ ওপৰত ভাৰতৰ দাৰীক সমর্থন জনাইছিল। 

কিন্তু না দেখে যেতিয়া তিব ত আক্ৰাণ্ড কছিল, তেতিয়া তিব্বতৰ বৰ্গীয় তথা ৰাজনৈতিক গুৰু দালাই লামাই ভাৰতবৰ্ষত আশ্রয় গ্রহণ কৰিছিল। ভাৰতৰ এই আশ্রয় দিয়াব ঘটনাকটানে মানি ল'ব পৰা নাছিল । সেযে দায়ে দেশৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটিছিল। চীন আৰু ভাৰতৰ মাজত চলি থকা সীম; বিবাদেও উভযৰ সৰ্ক বিনষ্ট কৰিছে।

উভয়ৰ সীমা অর্থাৎ মেকমােহন লাইন চীনে মানিব খােজ! নাই। চীন দেশ বেআইনীভাৱে ভাৰতবৰ্ষৰ অৰুণাচল প্রদেশৰ ২ালে প্রায় ১,২৮,০০০ বর্গ কিলােমিটাৰ ভূমি দাবী কৰিছে আৰু লােখ অঞ্চলৰ আকলাইন তঞ্চলৰ ওপৰত নিজ দবি সাব্যস্ত কৰে। এই অঞ্চলবােৰৰ ওপৰত চীনে প্রায় আক্রমণ কৰি দেশৰ ব্যসংহতিৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিছে। 

ভাৰতৰ পাৰমাণৱিক পৰীক্ষণ কার্যকে! চীনে সমালােচনা কৰিছে। তেওঁলোকে এই বুলি মন্তব্য কৰে যে ভাৰতৰ এই পৰণে প্ৰতিৱেশী সৰু সৰু ৰাষ্ট্ৰৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিব।

পাকিস্তানক চীনে আগবঢ়োৱা সহায় বিশেষকৈ ১৯৬৫ চন আৰু ১৯৭১ চনৰ যুদ্ধৰ কালছােৱাত ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰে।

১৯৯৯ চনত পাকিস্তানৰ দ্বাৰা কার্গিল আক্রমণ কৰা ঘটনাক চীনে সমালােচনা কৰে। ২০০৩ চনত তৎকালীন প্রধানমন্ত্রী বাজপেয়ী চীন ভ্রমণে দুয়াে দেশৰ মাজৰ সম্পর্ক পুনৰ বন্ধুত্বপূর্ণ পৰিৱেশলৈ লৈ আহে। আন্তর্জাতিক ৰাজনীতি আৰু এছিয়া । মহাদেশৰ বাবে এই দুয়াে দেশৰ মাজত সু-সম্পর্ক থকা অতি জৰুৰী। উভয় দেশৰ ৰাজনীতিকসকলৰ সৈতে দুয়াে দেশৰ সৰ্বসাধাৰণ ৰাইজেও এই সু-সম্পর্ক ৰক্ষা কৰিব বিচাৰে।

অথবা 

শীতল যুদ্ধৰ পিছত ৰাষ্ট্ৰসংঘৰ কি কি পৰিৱৰ্তন হৈছে? 
উত্তৰঃ শীতল যুদ্ধৰ অন্ত পৰাৰ লগে লগে আমেৰিকা সন্দেহাতীতভাৱে বিশ্বৰ একমাত্র মহাশক্তিধৰ দেশ হিচাপে পৰিণত হয়। 

পৃথিরীত এনে কোনাে শক্তিধৰ দেশ নাই যি দেশে আমেৰিকাৰ স্বেচ্ছাধীন ক্ষমতাক নিয়ন্ত্রণ কৰিব পাৰে। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘ হৈছে এনে একমাত্র প্রতিষ্ঠান যি প্রতিষ্ঠানে আমেৰিকাৰ স্বেচ্ছাধীন ক্ষমতাৰ ওপৰত কিছু পৰিমাণে হ'লেও নিয়ন্ত্রণ আৰােপ কৰিব পাৰে।

অৱশ্যে ৰাষ্ট্ৰসংঘৰ পক্ষে সহজে আমেৰিকাক নিয়ন্ত্রণ কৰা সম্ভৱ নহয়, কিয়নাে ৰাষ্ট্ৰসংঘ আমেৰিকাৰ নিউইয়র্ক মহানগৰীত অৱস্থিত আৰু ইয়াৰ অধিকাংশ আধিকাৰিক হৈছে আমেৰিকাৰ নাগৰিক । 

তদুপৰি আমেৰিকাই ৰাষ্ট্ৰসংঘক এক বুজন পৰিমাণৰ ধন বাশি অনুদান হিচাপে প্ৰদান কৰে আৰু নিৰাপত্তা পৰিষদত আমেৰিকাৰ নাকাৰাত্মক ভােট অর্থাৎ ‘ভেটো প্ৰদানৰ ক্ষমতা আছে। 

সেয়েহে ৰাষ্ট্ৰসংঘয়াে আমেৰিকাৰ ক্ষমতা প্রকৃত ভাৰসাম্য প্রতিষ্ঠান হিচাপে কার্যনির্বাহ কৰিব নােৱাৰে। তথাপি, একমেৰুকৰণ বিশ্বত ৰাষ্ট্ৰসংঘই বিভিন্ন বিষয়ত আমেৰিকা আৰু অন্যান্য ৰাষ্ট্রৰ মাজত আলােচনাৰ সুবিধা কৰি দিব পাৰে। 

আমেৰিকায়াে মানিবলৈ বাধ্য হৈছে যে বিভিন্ন আন্তর্জাতিক দ্বন্দ্ব, সামাজিক, অর্থনৈতিক উন্নতিৰ প্রশ্ন জড়িত বিষয়ত ৰাষ্ট্ৰসংঘই বিশ্বৰ ১৯০ খন দেশৰ মাজত আলােচনাৰ সুবিধা প্রদানৰ ব্যৱস্থা কৰিব পাৰে। ৰাষ্ট্ৰসংঘই অন্ততঃ এখন ঠাই প্রদান কৰিব পাৰিছে য'ত আমেৰিকাৰ দৃষ্টিভংগী আৰু নীতিসমূহৰ সংস্কাৰৰ বাবে আহ্বান জনােৱাৰ সুবিধা আছে।

আমেৰিকাৰ লগত ৰাষ্ট্ৰসংঘৰ তুলনা কৰিব পৰা নাযায় যদিও ইয়াৰ ভুমিকাক অস্বীকাৰ কৰিব পৰা নাযায়। গােলকীকৰণৰ যুগত ৰাষ্ট্ৰসংঘৰ প্রতিপত্তি বৃদ্ধি পাই আছে। পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰই নিজৰ আৰু বহল অর্থত বিশ্ব সম্প্রদায়ৰ স্বাৰ্থ আৰু সুবিধাৰ বাবে এই প্রতিষ্ঠান নিশ্চয় ব্যৱহাৰ কৰিব পাৰে।





Group-B (খ-শাখা)

স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি 


15. তলত দিয়াৰােৰৰ উত্তৰ লিখা : 1x6=6 

(a) ভাৰতত কোনটো দশকক ভয়ংকৰ দশক হিচাপে চিহ্নিত কৰা হৈছে? 
উত্তৰ : ১৯৬০ৰ দশকক।

(b) নর্মদা বাচাও আন্দোলনৰ নেতাগৰাকীৰ নাম লিখা। 
উত্তৰ :  মেধা পাটেকাৰ ।

(c) ৰাষ্ট্ৰীয় গণতান্ত্রিক মর্চা (NDA)ৰ নেতৃত্ব কোনটো ৰাজনৈতিক দলে বহন কৰিছিল?
উত্তৰ : ভাৰতীয় জনতা পাৰ্টী

(d) পঞ্চবার্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হৈছিল ? 
(i) ১৯৬১ (ii) ১৯৬৫ (iii) ১৯৫১ (iv) ১৯৭৫
উত্তৰ : (iii) ১৯৫১ চনত ।

(e) ১৯৭৫ চনত জৰুৱীকালীন অৱস্থা ঘােণা কৰা ভাৰতীয় ৰাষ্ট্ৰপতিগৰাকীৰ নাম লিখা।
উত্তৰ : ফকৰুদ্দিন আলী আহমেদ।

(f)দেশ বিভাজনৰ সময়ত ‘ সাম্প্রদায়িক মণ্ডল’ত বিভক্ত হােৱা দুখন চহৰৰ নাম লিখা।
উত্তৰ : অমৃতসৰ; লাহােৰ।

16/ বােম্বাই পৰিকল্পনা কি আছিল ?
উত্তৰ : ১৯৪৪ চনত কিছুমান উদ্যোগপতিয়ে বােম্বাইত মিলিত হৈ ভাৰতত পৰিকল্পিত অর্থনীতি প্রতিষ্ঠা কৰাৰ বাবে এটা যুটীয়া প্ৰস্তাৱৰ খচৰা প্রস্তুত কৰে। এই প্রস্তাৱক ‘বােম্বাই পৰিকল্পনা’ বুলি কোৱা হয়। ইঔদ্যোগিক আৰু অন্যান্য অর্থনৈতিক বিনিয়ােগৰ ক্ষেত্ৰত ৰাষ্ট্ৰই মূল ভূমিকা গ্ৰহণ কৰাটো বিচাৰিছিল।

17. কুৰিদফীয়া আঁচনি কোনে আৰু কিয় আৰম্ভ কৰিছিল ? 1+1=2
উত্তৰ : ইন্দিৰা গান্ধীয়ে।দুখীয়া লােকসকলৰ কল্যাণ সাধনৰ বাবে ইন্দিৰা গান্ধীয়ে ১৯৭৫ চনত কৰি দফীয়া আঁচনি ঘােষণা কৰিছিল।

18, কেতিয়া আৰু কিয় মণ্ডল বিষয়টো ভাৰতীয় ৰাজনীতিত উত্থাপন কৰিছিল ? 
উত্তৰ : ১৯৯০ চনৰ আগষ্ট মাহত ৰাষ্ট্ৰীয় মৰ্চা চৰকাৰখনে মণ্ডল আয়ােগৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি যেতিয়া পিছপৰা শ্ৰেণীৰ লােকৰ বাবে কেন্দ্রীয় চৰকাৰৰ চাকৰিত সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল তেতিয়া তাৰ প্রতিক্রিয়া স্বৰূপে মণ্ডল বিষয়টো উদ্ভৱ হৈছিল।

19. ভাৰতৰ বৈদেশিক নীতিৰ দুটা গুৰুত্বপূৰ্ণ মূল নীতিৰ উল্লেখ কৰা । 
উত্তৰঃ স্বাধীন ভাৰতে গ্ৰহণ কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ বৈদেশিক নীতি দট হ'ল - 
  • (ক) গােষ্ঠীনিৰপেক্ষতা আৰু 
  • (খ) আন ৰাষ্ট্রৰ আভ্যন্তৰীণ বিষয়ক হস্তক্ষেপৰ পৰা বিৰত থকা।

20. ভাৰতীয় সংবিধানৰ খচৰা কোনদিনা স্বাক্ষৰ কৰা হৈছিল আৰু সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী হৈছে?
উত্তৰ : স্বাক্ষৰিত বা সংসদৰ দ্বাৰা অনুমােদিত হয় ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে বলবৎ কৰা হয় ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা।

21. মৰ্চা চৰকাৰৰ যিকোনো চাৰিটা বৈশিষ্ট্য লিখা।
উত্তৰ : 
(ক) এটা দলৰ নেতৃত্বত বহু দলৰ সন্মিলিত চৰকাৰ গঠন কৰা হয়। 
(খ) মৰ্চা গঠনৰ ক্ষেত্ৰত আদৰ্শৰ ওপৰত গুৰুত্ব প্রদান কৰা নহয় ।
(গ) মৰ্চাত অংশগ্রহণ কৰ অধিকাংশ দলৰে চৰিত্র হল সুবিধাবাদ। 
(ঘ) মৰ্চা চৰকাৰত আঞ্চলিক দলসমূহে কেন্দ্ৰৰ চৰকাৰ গঠনত অধিক সক্রিয় ভূমিকা পালন কৰাৰ সুযোগ পায় ।

22. স্বাধীনতাৰ পিছত ভাৰতে তাৎক্ষণিকভাৱে সন্মুখীন হােৱা দুটা প্রত্যাহ্বানৰ বিষয়ে চমুকৈ আলােচনা কৰা। 2+2=4
উত্তৰ : স্বাধীনতাৰ পিছত ভাৰতে তাৎক্ষণিকভাৱে সন্মুখীন হােৱা দুটা প্রধান প্রত্যাহ্বান হৈছে যথাক্রমে -

(ক) এক ৰাষ্ট্ৰক গঢ় দিয়া : প্রথম আৰু প্রধান প্রত্যাহ্বান আছিল ভাৰতক কেনেদৰে ৰাজনৈতিক এক আৰু ভৌগোলিক দিশত সংহতি প্রদান কৰা যায়। সেই সময়ত ভাৰতবৰ্ষৰ সৰু-ডাঙৰ প্রায় ৬০০ ৰাজ্য আছিল। লগতে দেশ বিভাজনে আৰু অধিক সমস্যাৰ সৃষ্টি কৰিছিল। সেয়েহে সেই সময়ৰ আটাইতকৈ জৰুৰী প্রশ্ন আছিল ভাৰতৰ ঐক্য-সংহতি কেনেকৈ ৰক্ষা কৰিব পৰা যায়।

(খ) গণতান্ত্রিক চৰকাৰ গঠন : দ্বিতীয় প্রত্যাহ্বান আছিল কেনেদৰে ভাৰতবৰ্ষক এখন গণতান্ত্রিক ৰাষ্ট্র প্রতিষ্ঠা কৰিব পৰা যায়। এই উদ্দেশ্যক আগত ৰাখি ভাৰতবৰ্ষত সংবিধান অনুসৰি এখন গণতান্ত্রিক ৰাষ্ট্র গঠন কৰাৰ প্রচেষ্টা চলােৱা হয়। ভাৰতবৰ্ষত, সংসদীয় ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি প্রতিনিধিত্বমলক গণতান্ত্রিক বস্তু প্রতিষ্ঠা কৰা হয়।

23. জৰুৰীকালীন অৱস্থা মানে কি বুজা? আভ্যন্তৰীণ অশান্তিৰ বাবে ঘােষণা কৰা জৰুৰীকালীন অৱস্থাৰ যিকোনো এটা প্ৰভাৱৰ বিষয়ে লিখা । 2+2=4 
উত্তৰ : ভাৰতীয় সংবিধানত ৩৫২ নং অনুচ্ছেদৰ পৰা ৩৫০ নং অনুচ্ছেদটো তিনিবিধ জৰুৰী অৱস্থাৰ বিষয়ে উল্লেখ আছে।

সেইবােৰ হ’ল - 
  1. জাতীয় জৰুৰী অৱস্থা, 
  2. ৰাজ্যত সাংবিধানিক অচলাৱস্থাৰ জৰুৰী অৱস্থা আৰু 
  3. বিত্তীয় জৰুৰী অৱস্থা।
এই জৰুৰী অৱস্থা ঘােষিত হলে দেশত কেন্দ্রীয় চৰকাৰে একাত্বক চৰকাৰলৈ ৰূপান্তৰিত হয়। অৱশ্যে ইয়াক বর্তমানে কেৱল কেন্দ্রীয় মন্ত্রী পৰিষদৰ পৰা লিখিত অনুমােদন লাভ কৰিলেহে ৰাষ্ট্রপতিয়ে ঘােষণা কৰিব পাৰে।

১৯৭৫ চনত ৩৫২নং অনুচ্ছেদ অনুযায়ী দেশত আভ্যন্তৰীণ অশান্তিৰ নামত জৰুৰী অৱস্থা ঘােষণা কৰা হৈছিল। ইয়াৰ ফলস্বৰূপে নাগৰিকৰ সংবিধানত উল্লেখ থকা সকলাে প্ৰকাৰৰ মৌলিক অধিকাৰ বাতিল কৰা হৈছিল। 

24/ ভাৰতৰ যিকোনাে চাৰিটা আঞ্চলিক দলৰ নাম উল্লেখ কৰা।
উত্তৰ : 
  • (ক) অসম গণ পৰিষদ।
  • (খ) তেলুগু দেশম পার্টি।
  • (গ) ডি.. এম. কে।
  • (ঘ) আকালী দল।

25. আৰাকৰিৰােধী আন্দোলনটোক তুমি মহিলাৰ আন্দোলন বুলি ভাবা নেকি ? 1+3=4
উত্তৰ : আৰক বিৰোধী আন্দোলনক প্রকৃততে মহিলা আন্দোলন বুলি ক'ব পৰা যায় । আৰাকৰ বিক্ৰীৰ ক্ষেত্ৰত বাবা নামে আৰােপ কৰাৰ লগতে, এই আন্দোলনকাৰী মহিলাসকলে আন কেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ সমাধানৰ ওপৰতাে গুৰুত্ব আৰোপ কৰে । এই আন্দোলনে গ্রাৰ্হস্থ্য বিষয়ত বিবাদ আৰু অত্যাচাৰ, পণ প্রথাৰ বিৰােধিতা কৰাৰ লগতে কর্মস্থলত মহিলাসকলৰ ওপৰত কৰা শাৰীৰিক আৰু মানসিক অত্যাচাৰ ৰোধ কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰিছিল।

26. ভাৰতৰ বৈদেশিক নীতিৰ স্থপতি কোন আছিল ? জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ মূল উদ্দেশ্যসমূহ ব্যাখ্যা কৰা। 1+5=6 
উত্তৰঃ জৱাহলাল নেহৰুক ভাৰতৰ বৈদেশিক নীতিৰ খনিকৰ বুলি কোৱা হয় কাৰণ তেওঁৰ প্রধানমন্ত্রিত্বৰ কালছােৱাতে 'ভাৰতৰ বৈদেশিক নীতিৰ ভেটি ৰচনা কৰা হৈছিল।

নেহৰুৰ বৈদেশিক নীতিৰ প্ৰধান তিনিটা মৌলিক উদ্দেশ্যৰ বিষয়ে তলত চমু ব্যাখ্যা আগবঢ়োৱা হ’ল -

  • (ক) কঠোৰ শ্ৰম কৰি উপাৰ্জন কৰা সার্বভৌমত্ব ৰক্ষা কৰাঃ জৱাহৰলাল নেহৰুৱে সদায় দেশৰ সার্বভৌমত্ব ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব দিছিল। তেওঁ ইয়াৰ বাবে গােষ্ঠীনিৰপেক্ষ নীতি গ্রহণ কৰি দেশৰ স্বাধীনতা যাতে বৃহৎ শক্তিগগাষ্ঠীৰ দ্বাৰা খর্ব নহয় সেইটো বিচাৰিছিল।
  • (খ) দেশৰ অখণ্ডতা ৰক্ষা কৰা : বিভাজিত হৈ স্বাধীনতা লাভ কৰা ভাৰতবৰ্ষই যাতে পুনৰ বিভাজনৰ সন্মুখীন হ'বলগীয়া নহয় সেইটো নিশ্চিত কৰিবলৈ নেহৰুৱে গুৰুত্ব প্রদান কৰিছিল।
  • (গ) দ্রুত অর্থনৈতিক বিকাশ : নেহৰুৱে গ্ৰহণ কৰা বৈদেশিক নীতিৰ জৰিয়তে দেশৰ অর্থনৈতিক বিকাশক অগ্রাধিকাৰ প্ৰদান কৰা হৈছিল। ইয়াৰ বাবে তেওঁ পৃথিৱীৰ উন্নত ৰাষ্ট্ৰবােৰৰ সৈতে ভাল সম্পর্ক বজাই ৰাখিবলৈ বিচাৰিছিল।

অথবা

26. প্রথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলৰ আধিপত্য বিশ্লেষণ কৰা। 
উত্তৰঃ স্বাধীন ভাৰতৰ প্রথম তিনিটা নির্বাচনত কংগ্ৰেছ দলে তিনি চতুর্থাংশ আসন লাভ কৰি ভাৰতৰ ৰাজনীতিত এক দলৰ আধিপত্যতাৰ প্ৰকৃতিৰ সুচনা কৰিছিল। প্রথমটো নির্বাচন অনুষ্ঠিত হৈছিল ১৯৫১-৫২ চনত। ইয়াত মুঠ ৪৮৯ খন আসনৰ ভিতৰত কংগ্ৰেছে লাভ কৰিছিল ৩৬৪ খন আসন। কিন্তু এইটো দলে মুঠ ভােটৰ শতকৰা ৪৫টা ভােটহে লাভ কৰিছিল।

লােকসভাৰ উপৰিও ৰাজ্যবােৰৰ বিধানসভা নির্বাচনতাে কংগ্ৰেছে বিপুল সংখ্যক আসন লাভ কৰি জয়যুক্ত হৈছিল। এই দলটোৱে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে চৰকাৰ গঠন কৰিছিল। ভাৰতৰ দ্বিতীয়টো নির্বাচন অনুষ্ঠিত হৈছিল ১৯৫৭ চনত। এই নির্বাচনতাে কংগ্ৰেছে তিনি চতুর্থাংশ আসন লাভ কৰি কেন্দ্ৰত চৰকাৰ গঠন কৰিলেও কেৰালাত সাম্যবাদী দলৰ নেতৃত্বত এখন সংযুক্ত চৰকাৰ গঠিত হৈছিল। ভাৰতত বিত্তীয় সাধাৰণ নির্বাচন অনুষ্ঠিত হৈছিল ১৯৫২ চনত। এই নির্বাচনতে কংগ্ৰেছে তিনি চতুর্থাংশ আসন লাভ কৰি কেন্দ্ৰত চৰকাৰ গঠন কৰিলেও কেৰালাত সাম্যবাদী দলৰ নেতৃত্বত এখন সংযুক্ত চৰকাৰ গঠিত হৈছিল। ভাৰতত বিত্তীয় সাধাৰণ নির্বাচন অনুষ্ঠিত হৈছিল ১৯৫২ চনত। 

এই নির্বাচনতে কংগ্ৰেছে তিনি চতুর্থাংশ আসন লাভ কৰি চৰকাৰ গঠন কৰিছিল। এই তিনিওটা নির্বাচনত কংগ্ৰেছ দলে আধিপত্য লাভৰ মূলতে আছিল ইয়াৰ জনপ্রিয়তা আৰু সংগঠন। কাৰণ এইটো দলে আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুখ্য পৃষ্ঠপােষক।

27. পৰিকল্পনা আয়ােগ ভাৰতত কেতিয়া গঠন কৰা হৈছিল? পৰিকল্পনা আয়ােগৰ ভূমিকা আলােচনা কৰা। 1+5=6
উত্তৰঃ ১৯৫০ চনৰ ১৫ মার্চত পৰিকল্পনা আয়ােগ গঠন কৰা হৈছিল। ১৯৫১ চনত প্রথম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল। এই আয়ােগৰ মূল উদ্দেশ্য আৰু কার্যাৱলী এনে ধৰণৰ -

  • (ক) জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি সাধন : প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ গঠন কৰা সকলাে পৰিকল্পনাতে জনগণৰ জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি সাধনৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈ আহিছে।
  • (খ) জাতীয় আয় বৃদ্ধি কৰা : প্রতিটো পৰিকল্পনাৰে গুৰুত্বপূৰ্ণ উদেশ্য হল জাতীয় আয় বৃদ্ধি কৰা। জাতীয় আয় বৃদ্ধিয়ে দেশৰ তাৰ্থনৈতিক বিকাশত যথেষ্ট সহায় কৰিব। 
  • (গ) সম্পদৰ সদব্যৱহাৰ : ভাৰতৰ সম্পদসমূহ সদব্যৱহাৰ কৰা পৰিকল্পনাৰ এটা অন্যতম উদ্দেশ্য। সামগ্ৰী আৰু সেৱা বৃদ্ধিৰে পৰিকল্পনাই ভাৰতৰ অর্থনৈতিক বিকাশ সাধন কৰিব বিচাৰে। 
  • (ঘ) অর্থনৈতিক অসমতা হ্রাস : দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ পৰা ভাৰতীয় জনগণৰ মাজত থকা অর্থনৈতিক অসমতা হ্রাস কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে বিভিন্ন ধৰণৰ কল্যাণমূলক আঁচনি গ্ৰহণ কৰি দৰিদ্রতা দূৰীকৰণ, নিবনুৱা সমস্যা সমাধান আদি লক্ষ্য নির্ধাৰণ কৰা হৈছে।
  • (ঙ) সামাজিক ন্যায় প্রতিষ্ঠা কৰা : পৰিকল্পনাই সামাজিক ন্যায় প্রতিষ্ঠা কৰাত গুৰুত্ব প্রদান কৰি আহিছে। ইয়াক কার্যকৰী কৰাৰ অৰ্থে ন্যূনতম প্রয়ােজনীয় কার্যসূচী গ্রহণ কৰা হৈছে। 
  • (চ) আঞ্চলিক বিকাশ সাধন : স্বাধীনতা লাভৰ সময়ত ভাৰতৰ বিভিন্ন অঞ্চলৰ মাজত আঞ্চলিক ভাৰসাম্যতা নাছিল। সেয়েহে পৰিকল্পনাৰ জৰিয়তে তুলনামূলকভাৱে পিছপৰা অঞ্চল আৰু ৰাজ্যসমূহৰ দ্রুতবিকাশ সাধন কৰি সকলাে অঞ্চলৰে সমতা স্থাপন কৰিবলৈ বিচৰা হৈছে।

অথবা

27. ১৯৭৭ চনৰ লােকসভা নির্বাচনৰ যিকোনাে তিনিটা ফলাফল বিশ্লেষণ কৰা। 
উত্তৰঃ ১৯৭৭ চনৰ ষষ্ঠ লােকসভা নির্বাচন ভাৰতীয় ৰাজনীতিৰ বাবে বিভিন্ন দিশৰ পৰা বিশেষভাৱে গুৰুত্বপূৰ্ণ আছিল। এই নির্বাচনৰ তিনিটা গুৰুত্বপূর্ণ। ফলাফলৰ বিষয়ে আলােচনা কৰা হ'ল।

(ক) কংগ্ৰেছৰ আধিপত্যৰ অন্ত : ১৯৭৭ চনৰ, নির্বাচনে কংগ্ৰেছ দলৰ ছিপত্য কিছু সময়ৰ বাবে হলেও অন্ত পেলায়। এই নির্বাচনত প্ৰথমবাৰৰ বাবে গছ পৰাস্ত হয়। এই দলে মাত্র ১৫৩ খন আসন লাভ কৰে, আনহাতে জনতা হলে লাভ কৰে ২৯৫ খন আসন। আনকি ইন্দিৰা গান্ধী আৰু তেওঁৰ পুত্র সঞ্জয় গান্ধীও এই নির্বাচনত পৰাজিত হয়।

(খ) কেন্দ্রত প্রথম মৰ্চা চৰকাৰঃ ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত কেন্দ্ৰত পােন প্রথমবাৰৰ বাবে মৰ্চা চৰকাৰ গঠন কৰা হয়। জনতা দলৰ সৈতে বহুকেইটা ৰাজনৈতিক দলে এই মৰ্চা চৰকাৰত অংশগ্রহণ কৰে। এই মৰ্চা চৰকাৰৰ পৰম্পৰা আজিও ভাৰতীয় ৰাজনীতিত বিদ্যমান। 

(গ) অন্যান্য পিছপৰা সম্প্রদায়ৰ সংৰক্ষণ ব্যৱস্থা : ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত অন্যান্য পিছপৰা সম্প্রদায়ৰ বাবে সংৰক্ষণৰ বিষয়টো যথেষ্ট বিতর্কিত হৈ পৰে। বিশেষকৈ বিহাৰত এই সমস্যাটো অধিক জটিল হয়। জনতা দলে ইয়াৰ বাবে মণ্ডল আয়ােগ গঠন কৰি দিয়ে। 

Post a Comment

0 Comments

People

Ad Code