Recent in Technology

আঞ্চলিক আকাংক্ষা(L-17) Important-Additional Q/A


(ক) অতি চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ১ নম্বৰকৈ):


প্রশ্ন ১ঃ জাতীয় মহাসভা কেতিয়া গঠিত হৈছিল ? 
উত্তৰ : ১৯৩২ চনত 

প্রশ্ন ২ : কোনখন ৰাজ্যত অসম গণ পৰিষদ সক্রিয় ? 
উত্তৰ : অসমত

প্রশ্ন ৩ : কোন চনত নগালেণ্ডৰ জন্ম হৈছিল ?
উত্তৰ : ১৯৬৩ চনত।

প্রশ্ন ৪ : সাতভনী বুলিলে কি বুজা?
উত্তৰ : ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্য অসম, অৰুণাচল প্রদেশ, মেঘালয়, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা আৰু মিজোৰামক একেলগে সাতভনী বুলি কোৱা হয়। 

প্রশ্ন ৫ঃ আঞ্চলিকতাবাদৰ উৎপত্তিত অৰিহণা যােগােৱা যিকোনাে এটা উপাদন উল্লেখ কৰা।
উত্তৰ : ভাৰতৰ আঞ্চলিক ভাৰসাম্যহীনতা।

খালী ঠাই পূৰ কৰা :

(ক) ছিকিম ভাৰত সংঘৰ __ তম ৰাজ্য হৈছিল। 
উত্তৰ : ২২ তম।

(খ) উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ পুনগঠন __ চনত সম্পূর্ণ হৈছিল।
উত্তৰ : ১৯৭২ চনত। 


(খ) চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ২ নম্বৰকৈ):


প্রশ্ন ১ : চামিলকৰণ দলিলৰ ওপৰত কেইটামান শাৰী লিখা।
উত্তৰ : ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ লগে লগে এটা গুৰুত্বপূর্ণ সমস্যাৰ সৃষ্টি হৈছিল। সমস্যাটো আহিছিল দেশীয় ৰাজ্যবােৰৰ পৰা। এই দেশীয় ৰাজ্যবােৰক ভাৰতৰ সৈতে চামিলকৰণ কৰাৰ অৰ্থে ভাৰত চৰকাৰে চামিলকৰণ দলিলৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। সেই সময়ৰ বহুত নেশীয় ৰাজ্যই এই চামিলকৰণ দলিলত স্বাক্ষৰ কৰি ভাৰতৰ অংগ হৈ পৰিছিল যদিও কাশ্মীৰ, হায়দৰাবাদ, জুনাগড় আৰু মণিপুৰকলৈ কিছু সমস্যা উদ্ভৱ হৈছিল।

প্রশ্ন ২ : গােৱাৰ সমস্যাটো কি আছিল? অথবা ১৯৬৯ চনত গােৱাত কিয় মতামতৰ ভোট লােৱা হৈছিল ?
উত্তৰ : ১৫৮ নং পৃষ্ঠা ১৪নং প্রশ্নৰ উত্তৰ চোৱা । 

প্রশ্ন ৩ : আঞ্চলিকতাবাদৰ সমস্যাটা কেনেদৰে সমাধান কৰিব পৰা যাব ? 
উত্তৰ : ১৬৪ নং পৃষ্ঠাৰ ৬নং প্রশ্নৰ উত্তৰ চোৱা।

প্রশ্ন ৪ : জম্মু আৰু কাশ্মীৰক বিশেষ মর্যাদা প্রদান কৰা দুটা সাংবিধানিক ব্যৱস্থাৰ নাম উল্লেখ কৰা।
উত্তৰ : 
  • (ক) সংবিধানৰ ৩৬৯ নং অনুচ্ছেদ অনুযায়ী জম্মু আৰু কাশ্মীৰৰ বাবে এখন সুকীয়া সংবিধান প্রৱর্তনৰ ব্যৱস্থা ৰখা হৈছে।
  • (খ) সংবিধানৰ ৩৭০ নং অনুচ্ছেদ জম্মু আৰু কাশ্মীক অধিক স্বায়ত্ব প্রদান কৰিছে।

প্রশ্ন ৫ : বিভিন্ন ধর্মী প্রশ্ন :/তলত দিয়াবােৰ শুদ্ধ কৰি নতুনকৈ লিখা।

(ক) অসম আন্দোলন আছিল ধর্মীয় নেতাসকলৰ দ্বাৰা পৰিচালিত যিসকলে অসমৰ পৰা অনা হিন্দু লোকসকলক বহিস্কাৰৰ দাবী তুলিছিল। 
উত্তৰ : অসম আন্দোলন আছিল ছাত্র নেতাসকলৰ দ্বাৰা পৰিচালিত যিসকলে অসমৰ পৰা বিদেশী লােকসকলক বহিষ্কাৰৰ দাবী তুলিছিল।

(খ) অনৈক্যতাৰ প্রতি ভাৰতৰ মৌলিক দৃভিংগী হ’ল - ভাৰতবৰ্ষ বিভিন্ন আঞ্চলিক আৰু ভাbhaxikক গােটৰবােৰ নিজৰ নিজৰ সংস্কৃতিৰ প্ৰতি থকা অধিকাৰৰ বাবে সহনশীল নহ'ব।
উত্তৰঃ অনৈক্যতাৰ প্রতি ভাৰতৰ মৌলিক নীতি হল - ভাৰতবৰ্ষই বিভিন্ন আঞ্চলিক আৰু ভাষিক গােটবােৰ নিজৰ নিজৰ সংস্কৃতিৰ প্ৰতি থকা অধিকাৰৰ বাবে সহনশীল হৈ থাকিব।”

প্রশ্ন ৬ : তলত দিয়াৰবাৰৰ মিলাই লিখা :

আঞ্চলিক আকাংক্ষাৰ প্রকৃতি ৰাজ্যবােৰ
(ক) সামাচ্ছিক ধর্মীয় পৰিচয়ৰ ফলত ৰাজ্য হিচাপে স্বীকৃতি। (ক) নাগালেণ্ড/মিজোৰাম
(খ) তাষিক পৰিচয় আৰু কেন সৈতে মতানৈক্য (খ) ঝাড়খণ্ড/ছত্তিচগড়
(গ) আঞ্চলিক ভাৰসাম্যহীনতাৰ (গ) পাঞ্জাৱ
(ঘ) জনজাতীয় পৰিচয়ৰ বাবে পৃথক ৰাজ্যৰ বা বিচ্ছিন্নতাবাদৰ (ঘ) তামিলনাড়ু

উত্তৰ : 
  • (ক) - (গ) পাঞ্জাৱ ।
  • (খ) - (ঘ) তামিলনাড়ু
  • (গ) – (খ) ঝাৰখণ্ড চত্তিছগড়
  • (ঘ) – (ক) নাগালেণ্ড /মিজোৰাম

প্রশ্ন ৭ : স্বর্ণ মন্দিৰৰ ঘটনাটোৰ বিষয়ে আলােচনা কৰা। 
উত্তৰ : ১৯৮০ চনত পঞ্জাৱত ৰাজনৈতিক খেলিমেলিয়ে দেখা দিছিল আৰু শিখসকলৰ নিজ পৰিচয় আৰু এখন খালিস্তান সৃষ্টিৰ বাবে আন্দোলন কৰিছিল। এই আন্দোলনে লাহে লাহে নমপন্থীৰ পৰা চৰমপন্থীৰ উপাদান লৈ হিংসাত্মক পদ্ধতি লৈছিল। এই সন্ত্রাসবাদীসকলৰ মুখ্য কার্যালয় আছিল অমৃতচৰৰ ‘স্বর্ণ মন্দিৰ১৯৮৪ চনৰ জুনত ভাৰত চৰকাৰে "অপাৰেচন ব্লু ষ্টাৰ" নামেৰে এক সামৰিক বাহিনীৰ অভিযান এই মন্দিত চলাইছিল। ফলত, বহুত সন্ত্রাসবাদীৰ হত্যা হয় যদিও মন্দিৰৰ চৌহদটোৰ বহু ক্ষতি হয়। ইয়াৰ বাবে শিখ সম্প্রদায়ৰ ধর্মীয় চেতনাত আঘাত লাগিছিল, কেৱল ৰাজ্য বা দেশতে নহয়, বিশ্বতে আঘাত হৈছিল। পৰিস্থিতি বহু বেয়া হৈছিল। পিছত প্রধানমন্ত্রী ইন্দিৰা গান্ধীক দুজন শিখ দেহৰক্ষীয়ে হত্যা কৰে ১৯৮৪ চনত। এইটো আছিল চৰকাৰৰ "অপাৰেচন ব্লু ষ্টাৰৰ" প্রতিশােধ। ফলত সমগ্ৰ দেশত সংঘর্ষ হৈছিল। ২০০৫ চনত প্রধানমন্ত্রী মনমােহন সিং ডাঙৰীয়াই শিবিৰােধী সন্ত্রাসৰ বাবে দুখ প্রকাশ কৰে।

প্রশ্ন ৮ : গােৱাৰ স্বাধীনতাৰ বিষয়ে আলােচনা কৰা।
উত্তৰ : ব্রিটিছ শাসন যদিও ভাৰতবৰ্ষত ১৯৪৭ চনত সমাপ্ত হৈছিল, পর্তুগীজসকলে গােৱা, দমন আৰু ডিউত তেওঁলােকৰ শাসন উঠাই লােৱা নাছিল। পর্তুগীজসকলে গােৱাৰ লােকসকলক শােষণ কৰিছিল । ভাৰতৰ স্বাধীনতাৰ পিছত, ভাৰতীয় চৰকাৰে পর্তুগীজসকলক তেওঁলােকৰ শাসন উঠাই লােৱাৰ বাবে চেষ্টা চলাইছিল। আনহাতে গােৱাত স্বাধীনতাৰ বাবে আন্দোলন চলি আছিল। এই আন্দোলনত মহাৰাষ্ট্রৰ সামাজিক সত্যাগ্রহীসকলে সমর্থন কৰিছিল। অৱশেষত, ডিচেম্বৰ ১৯৫১ চনত ভাৰত চৰকাৰে সামৰিক বাহিনীৰ সহায়ত গােৱা, দমন আৰু ডিউক ভাৰতৰ কেন্দ্রীয় শাসিত অঞ্চল হিচাপে অন্তর্ভুক্ত কৰে। ১৯৪৭ চনত গােৱা ভাৰতবৰ্ষৰ এখন ৰাজ্য হিচাপে স্থান পায়।

প্রশ্ন ৯ : দ্রাবিড়িয়ান আন্দোলনৰ বিষয়ে আলােচনা কৰা।
উত্তৰ : পশ্চিম ভাৰতৰ এক গুৰুত্বপূৰ্ণ আঞ্চলিক আন্দোলন হৈছে দ্রাবিড়িয়ান আন্দোলন। ভাৰতৰে এইটো প্রথম আঞ্চলিক পর্যায়ৰ আন্দোলন। এই আন্দোলনৰ এটা বিশেষ বৈশিষ্ট্য হ’ল - ইয়াৰ গণতান্ত্রিক পদ্ধতি আৰু তেনেদৰেই এই আন্দোলনে সফলতা লাভ কৰিছিল।

এই আন্দোলনৰ ফলত দ্রাবিড় কাজাগম (ডি কে)ৰ সৃষ্টি কৰিছিল। পেৰিয়াৰ নামৰ এজন সমাজ সংস্কাৰক ই ভি ৰামস্বামীয়ে এই দলৰ সৃষ্টিকর্তা। সংগঠনটোৱে ব্রাহ্মণসকলৰ প্রাধান্য আৰু ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক দিশত উত্তৰ ভাৰতৰ প্ৰভাৱৰ বিৰােধিতা কৰিছিল। পিছলৈ ডি এম দল হিচাপে ৰাজনীতিত অংশগ্রহণ কৰে। ১৯৬৫ চনত হিন্দী ভাষাৰ বিৰােধিতাৰ বাবে ডি এম কে দলটোৱে জনপ্রিয়তা লাভ কৰে। ১৯৫৭ চনত ডি এম কে দলে নির্বাচনত জয় লাভ কৰে। দক্ষিণ ভাৰতত দ্রাবিড়সকলৰ প্রাধান্য বৃদ্ধি হয়। পিছলৈ ডি এম কে দলটো দুটা ভাগত বিভক্ত হয়। ১৯৯৫ চনত কেন্দ্ৰতাে এই দলসমূহে চৰকাৰ গঠন কৰাত সহায় কৰে। তামিলনাড়ুত, আজিও এই দলকেইটাৰ গুৰুত্ব আছে।



Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ




Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ





Class-XII Political Science(Additional Q/A)






Class-XII Political Science(Additional Q/A Papers)



Post a Comment

0 Comments

People

Ad Code