Recent in Technology

আঞ্চলিক প্রত্যাশা - অষ্টম অধ্যায় - (Q&A) - Notes(2022)

Class-XII(12)/Political Science-[Q/A][Notes][Solutions]-2022 [Free Learning Online][in Assamese][আঞ্চলিক প্রত্যাশা][অষ্টম অধ্যায়][Part-B]


আঞ্চলিক প্রত্যাশা - অষ্টম অধ্যায় - (Q&A) - Notes(2022)



(আঞ্চলিক প্রত্যাশা)





(ক) অতি চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ১ নম্বৰকৈ):


প্রশ্ন ১ : ভাৰত আৰু পাকিস্তানৰ মাজত থকা বিষয়বােৰৰ ভিতৰত কোনটো বিষয়ক প্রধান বিষয় যেন লাগে? 
উত্তৰ : জম্মু কাশ্মীৰৰ বিষয়টো। 


প্রশ্ন ২ : হৰি সিং কোন আছিল ? 
উত্তৰ : হৰি সিং আছিল দেশ বিভাজনৰ সময়ত কাশ্মীৰৰ মহাৰজা। 

প্রশ্ন ৩ : ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক অধিক স্বায়ত্ততা প্রদান কৰিছে?
উত্তৰ : ৩৭০নং অনুচ্ছেদ!


প্রশ্ন ৪ : তাৰা সিং কোন আছিল ?
উত্তৰ : তাৰা সিং পঞ্জাবৰ এজন শিখ ধর্মীয় আৰু ৰাজনৈতিক নেতা আছিল। তেওঁ এখন পৃথক পঞ্জাব ৰাজ্যৰ দাবী সমর্থন কৰিছিল আৰু কংগ্ৰেছে কেৱল মুছলীমসকলৰ লগত কৰা আলােচনাৰ বিৰােধিতা কৰিছিল।


প্রশ্ন ৫ : কোন চনত পঞ্জাবত আকালী দল গঠন কৰা হৈছিল ? 
উত্তৰ : ১৯২০ চনত।

প্রশ্ন ৬ : MNF ৰ সম্পূর্ণ নামটো লিখা ? 
উত্তৰ : Mizo Nationalist Front.

প্রশ্ন  ৭: লালডেংগা কোন আছিল?
উত্তৰ : লালডেংগা আছিল মিজো ৰাষ্ট্ৰীয়তাবাদী ফ্রণ্টৰ নেতা। 

প্রশ্ন ৮ : বিদেশী সমস্যাৰ ওপৰত অসম আন্দোলন কেতিয়া আৰম্ভ হৈছিল ?
উত্তৰ : ১৯৭৯ চনত।

প্রশ্ন ৯ : অগপ (AGP) কোনখন ৰাজ্যৰ? 
উত্তৰ : অসমৰ।

প্রশ্ন ১০ : কোন চনত গােৱা ভাৰতীয় সংঘৰ এখন ৰাজা হয়? 
উত্তৰ : ১৯৮৭ চনত।

প্রশ্ন ১১ : কেতিয়া প্রধানমন্ত্রী ইন্দিৰা গান্ধীক হত্যা কৰা হৈছিল ? 
উত্তৰ : ১৯৮৪ চনত। 

প্রশ্ন ১২ : নগা জাতীয় পৰিষদৰ নেতা কোন আছিল?
উত্তৰ : এ. জে. ফিজো। 

প্রশ্ন ১৩ : আনন্দপুৰ চাহিব প্রস্তাৱ কেতিয়া গৃহীত হৈছিল ?
উত্তৰ : ১৯৭৩ চনত।

প্রশ্ন ১৪ : ভাৰত চৰকাৰে কেতিয়া অপাৰেচন ব্লষ্টাৰ (Operation Blue Star) চলাইছিল ?
উত্তৰ : ১৯৮৪ চনত।

প্রশ্ন ১৫ : চিকিমত কেতিয়া প্রথম বিধানসভা নির্বাচন অনুষ্ঠিত হৈছিল ? 
উত্তৰ : ১৯৭৪ চনত।

প্রশ্ন ১৬ : MGP ৰ সম্পূৰ্ণ ৰূপটো লিখা।
উত্তৰ : Maharastrabadi Gomontok Party. 

প্রশ্ন ১৭ : কেতিয়া চিকিমক ভাৰতৰ সৈতে সংলগ্ন কৰা হৈছিল? 
উত্তৰ : ১৯৭৫ চনত। 

প্রশ্ন১৮ : AASU ৰ সম্পূৰ্ণ ৰূপটো লিখা। 
উত্তৰ : All Assam Students Union.

প্রশ্ন ১৯ : তেলেগু দেশমৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল ?
উত্তৰ : এন টি ৰাম ৰাও।

প্রশ্ন ২০ : কোনটো বছৰত নগালেণ্ড ৰাজ্য গঠন কৰা হৈছিল ?
উত্তৰ : ১৯৬০ চনত।

প্রশ্ন ২১ : সাতভনী বুলিলে কি বুজা ?
উত্তৰ : ভাৰতবর্ষ উত্তৰ-পূৰ্বাঞ্চলৰ অতি স্পর্শকাতৰ অঞ্চল। ইয়াক সাত ৰাজ্যৰে সাতভনীৰ দেশ’ বুলি কোৱা হয়। এই অঞ্চলৰ জনসংখ্যা ভাৰতৰ মুঠ জনসংখ্যা মাত্র ৪ তাংশহে।

প্রশ্ন ২২ : আঞ্চলিকতাবাদ সৃষ্টি কৰা এটা কাৰক লিখা। 
উত্তৰ : (i) ভাষা, সংস্কৃতিৰ স্বায়ত্ততা ৰক্ষা কৰাৰ বাবে। 

প্রশ্ন ২৩ : সঁচা নে মিছা কোৱা -

(ক) ১৯৪৭ চনৰ আগলৈকে জম্মু কাশ্মীৰ এখন দেশীয় ৰাজ্য আছিল।
উত্তৰ : সঁচা।

(খ) দ্রাবিড়ীয় আন্দোলন আছিল ভাৰতীয় ৰাজনীতিৰ আঞ্চলিক আন্দোলনবােৰৰ ভিতৰত অন্যতম। 
উত্তৰ : সঁচা।

(গ) কাশ্মীৰীসকলৰ বহুতে বিশ্বাস কৰে যে সংবিধানৰ ৩৭০ নং অনুচ্ছেদ জৰিয়তে প্রদান কৰা স্বায়ত্ত শাসনে যথেষ্ট।
উত্তৰ : মিছা।

(ঘ) অপাৰেচন রুষ্টাৰ ভাৰত চৰকাৰৰ দ্বাৰা ১৯৮৪ চনত আৰম্ভ কৰিছিল। 
উত্তৰ : সঁচা।

(ঙ) ১৯৬৬ চনত MNFএ স্বাধীনতাৰ হকে সশস্ত্র আন্দোলন আৰম্ভ কৰিছিল।
উত্তৰ : সঁচা।

(চ) পঞ্জাৱ পুনর্গঠনৰ পিছত ১৯৭৮ চনত আকালী দল ক্ষমতালৈ আহিছিল 
উত্তৰ : মিছা

(ছ) জাতীয় মহাসভাৰ মহম্মদ আলী আব্দুল্লাই জনপ্রিয় আন্দোলনটোৰ নেতৃত্ব দিছিল।
উত্তৰ : সঁচা। 

(জ) ১৯৬২ চনত নাগালেণ্ড ৰাজ্য গঠন কৰা হৈছিল। 
উত্তৰ : মিছা। 

(ঝ) এন. টি. ৰামাৰাও তেলুগু দেশমৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। 
উত্তৰ : সঁচা। 

(ঞ) ১৯৮৬ চনৰ ডিচেম্বৰত অসম বিধানসভা নির্বাচন অনুষ্ঠিত কৰা হৈছিল।
উত্তৰ : মিছা।



Class-XII Political Science 


Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ



Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ



(খ) চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ২ নম্বৰকৈ):


প্রশ্ন ১ঃ ১৯৭২ চনত কোন দুখন কেন্দ্রীয় শাসিত অঞ্চলক ৰাজ্যৰ মর্যাদা প্ৰদান কৰা হৈছিল ?
উত্তৰ : (ক) মণিপুৰ আৰু
(খ) ত্ৰিপুৰা

প্রশ্ন ২ : চিকিমক কেতিয়া ভাৰতৰ সৈতে চামিলকৰণ কৰা হৈছিল?
উত্তৰ : ১৯৭৫ চনত।

প্রশ্ন ৩ : আঞ্চলিকতাবাদ’ বুলিলে কি বুজা?
উত্তৰ : দেশ এখনৰ কোনাে এটা অঞ্চলৰ আঞ্চলিক সমস্যাৰ ওপৰত ভিত্তি কৰি জনগণৰ মাজত যি আদর্শ আৰু আঞ্চলিক আকাংক্ষা গঢ় লৈ উঠে তাকে আঞ্চলিকতাবাদ বােলে। জাতীয়তাবাদৰ পৰিৱর্তে আঞ্চলিকতাবাদ এটা সংকীর্ণ ধাৰণা।

প্রশ্ন ৪ : আঞ্চলিকতাবাদে কেনেদৰে ভাৰতীয় ৰাজনীতিত প্ৰভাৱ পেলাইছে? 
উত্তৰ : স্বাধীনতা লাভৰ পূৰ্বতে আঞ্চলিকতাবাদৰ বীজ ভাৰতত দেখা যায়। . ভাৰতত বিভিন্ন ভাষা-ভাষীক, সম্প্রদায়, ধর্ম, সংস্কৃতি, জাতি-উপজাতি আদিৰ লােক বসবাস কৰাৰ উপৰিও ভৌগােলিক আৰু অর্থনৈতিকভাৱেও বিচিত্রতা আছে। 

এনেবােৰ কাৰণতে ভাৰতত আঞ্চলিকতাবাদে শক্তিশালী ৰূপত আত্মপ্রকাশ কৰিছে। আঞ্চলিকতাবাদে বহুতাে আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম দিছে আৰু বিভিন্ন ৰাজ্যত আৰু আনকি কেন্দ্ৰতাে এই দলবােৰে ক্ষমতাত অধিষ্ঠিত হ’বলৈ সফল হৈছে।

প্রশ্ন ৫ : আঞ্চলিকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ লিখা।
উত্তৰ : 
  • (১) কেন্দ্রীয় চৰকাৰৰ অৱহেলা আৰু
  • (২) আঞ্চলিক অসমতা।

প্রশ্ন ৬ : MNF বুলিলে কি বুজা?
উত্তৰ : MNF ৰ সম্পূর্ণ নাম হ’ল Mizo National Front. ই হ’ল মিজোৰামৰ স্বাধীনতাৰ বাবে সশস্ত্র সংগ্রাম চলােৱা এটা বিদ্রোহী সংগঠন। ১৯৬০ৰ দশকত মিজো পাহাৰ সৃষ্টি হােৱা ভয়াবহ দুর্ভিক্ষৰ প্রতি চৰকাৰৰ অৱহেলাৰ ফলস্বৰূপে এই সংগঠনৰ জন্ম হৈছিল আৰু ১৯৬৬ চনৰ পৰা স্বাধীনতাৰ দাবী উত্থাপন কৰে। 

ইয়াৰ প্ৰধান নেতা আছিল লালডেংগা। সুদীর্ঘ দুটা দশকৰ সংগ্ৰামৰ অন্তত ১৯৮৬ চনৰ ৩০ জুনত মিজো নেচনেল ফ্রণ্ট আৰু ভাৰত চৰকাৰৰ মাজত এখন চুক্তি হয় আৰু ১৯৮৭ চনত মিজোৰামক এখন সুকীয়া ৰাজ্যৰ মর্যাদা প্রদান কৰা হয়।

প্রশ্ন ৭ : জম্মু কাশ্মীৰক বিশেষ মর্যাদা প্রদান কৰা দুটা ব্যৱস্থাৰ নাম লিখা। 
উত্তৰ : 
  • (১) পৃথক সংবিধান।
  • (২) অধিক স্বায়ত্ত শাসন প্রদান।

প্রশ্ন ৮ : সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ তাৎপর্য উল্লেখ কৰা। 
উত্তৰ : সংবিধানৰ ৩৭০ নং অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক বিশেষ মর্যাদা প্রদান কৰিছে। এই অনুচ্ছেদ অনুযায়ী ভাৰতৰ আন আন ৰাজ্যৰ তুলনাত জম্মু-কাশ্মীৰক অধিক স্বায়ত্ত শাসন প্রদান কৰিছে। 

ৰাজ্যখনৰ এখন নিজা সংবিধান আছে। ভাৰতৰ সংবিধানৰ সকলাে অধ্যায় ৰাজ্যখনত প্রযােজ্য নহয়। সংসদে গৃহীত কৰা অইন ৰাজ্যখনে মত দিলেহে কাৰ্যকৰী হয়।

প্রশ্ন ৯ : কাশ্মীৰ বিষয়টোৰ মৌলিক প্রকৃতি কি?
উত্তৰ : ১৯৪৭ চনৰ পূৰ্বতে জম্মু-কাশ্মীৰ এখন দেশীয় ৰাজ্য আছিল। বৃটিছে স্বাধীনতা প্রদানৰ সময়ত ইয়াক ভাৰত অথবা পাকিস্তান কোনাে এখন দেশতে অন্তর্ভুক্ত নকৰি স্বনিৰ্বাচনৰ সুবিধা দিছিল যদিও হঠাৎ পাকিস্তানী জনজাতীয় সৈন্যৰ আক্ৰমণৰ বলি হােৱাত মহাৰজা হৰি সিঙে জম্মু-কাশ্মীক ভাৰতৰ সৈতে চামিলকৰণ চুক্তিত চহী কৰি পাকিস্তানী আক্ৰমণৰ পৰা ৰক্ষা কৰে। 

কিন্তু পৰৱৰ্তী সময়ত চামিলকৰণ চুক্তিৰ প্রতিটো দফা পূর্ণ পর্যায়ত কাৰ্যকৰী নকৰাত কাশ্মীৰী লােকসকলৰ মনত ক্ষোভৰ উৰ্গীৰণ হয়।

প্রশ্ন ১০ : বৈষম্যৰ প্রতি ভাৰতীয় দৃষ্টিভংগীৰ মৌলিক নীতি কি?
উত্তৰ : বৈষম্যৰ প্ৰশ্নত ভাৰতে এক গণতান্ত্রিক দৃষ্টিভংগী গ্ৰহণ কৰি আহিছে। এই দৃষ্টিভংগীয়ে আঞ্চলিক প্রত্যাশাৰ ৰাজনৈতিক প্রকাশত অনুমােদন জনায়। 

আঞ্চলিক দাবী বা আকাংক্ষাবােৰক ৰাষ্ট্রবিৰােধী বুলি আখ্যা দিয়া নহয়। ইয়াত আঞ্চলিক স্বকীয়তা বজাই ৰখাত সহায়ক হয়। ভাৰতীয় সংবিধানে ‘বৈচিত্র্যৰ মাজত ঐক্য নীতি মানি চলি ভাষা, সম্প্রদায়, ধর্ম, সংস্কৃতি আদিৰ বিভিন্নতাক স্বীকৃতি দিছে।

প্রশ্ন ১১ : আঞ্চলিক আন্দোলনৰােৰত কোনবােৰ বিষয় জড়িত হৈ আছে? 
উত্তৰ : ভাৰতত গঢ়ি উঠা আঞ্চলিক আন্দোলনবােৰত প্ৰধানকৈ ভাষা, সংস্কৃতি, জাতি, অর্থনৈতিক অনগ্ৰসৰতা আদি অনেক স্থানীয় বিষয়বােৰ জড়িত হৈ আছে। এই আন্দোলনবােৰে সুকীয়া ৰাজ্যৰ মর্যাদা অথবা অধিক স্থানীয় স্বায়ত্ত শাসন দাবী কৰা দেখা যায়।

প্রশ্ন ১২ : সাতভনী বুলিলে কি বুজা ?
উত্তৰ : অসম, মেঘালয়, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ড আৰু অৰুণাচল প্রদেশক একেলগে সাত ভনী বুলি কোৱা হয়। 

প্রশ্ন ১৩ঃ ১৯৬৭ চনত গােৱাত কিয় মতামত ভােট গ্রহণ’ (Opinion poll) অনুষ্ঠিত হৈছিল ?
উত্তৰ : ১৯৬৭ চনত কেন্দ্রীয় চৰকাৰে গােৱাৰ ভৱিষ্যৎ অস্তিত্বৰ বাবে অর্থাৎ গােৱা মহাৰাষ্ট্ৰৰ সৈতে চামিলকৰণ হৈ থাকিব নে এখন পৃথক ৰাজ্য হিচাপে থাকিব, সেইটো নিৰ্ধাৰণ কৰিবলৈ জনগণৰ মতামত লােৱাৰ উদ্দেশ্যে গণভােট গ্রহণৰ ব্যৱস্থা কৰা হৈছিল।

প্রশ্ন ১৪ : লালডেংগাৰ বিষয়ে কেইশাৰীমান লিখা।
উত্তৰ : লালডেংগা মিজো নেচনেল ফ্রণ্টৰ জন্মদাতা। ১৯৬৬ চনত এই সংগঠনে স্বাধীনতাৰ বাবে সশস্ত্র বিদ্রোহ আৰম্ভ কৰে। শেষত ১৯৮৬ চনত ৰাজীৱ গান্ধী আৰু লালডেংগাৰ মাজত এক চুক্তি সম্পাদিত হয় আৰু মিজোৰামে পূর্ণ ৰাজ্যৰ মর্যাদা লাভ কৰে।

প্রশ্ন ১৫ : কাশ্মীৰ সমস্যাটোৰ মূল প্রকৃতি কি?
উত্তৰঃ 
  • (i) ভাৰতৰ লগত চামিলকৰণ প্রক্রিয়া ত্রুটিপূর্ণ হােৱাৰ বাবে সমস্যাৰ সৃষ্টি।
  • (ii) ৩৭০ অনুচ্ছেদজনিত সুবিধা প্রদান কৰিলেও সেই অঞ্চলৰ জনসাধাৰণৰ আৰু অধিক স্বায়ত্ততাৰ দাবী।
  • (iii) প্রতিবেশী ৰাষ্ট্রৰ প্ৰৰােচনামূলক আচৰণ।

প্রশ্ন ১৬ : কিবােৰ বিষয় আঞ্চলিক আন্দোলনবােৰত জড়িত হৈ থাকে ? 
উত্তৰ : 
  • (i) অধিক স্বায়ত্ততা 
  • (ii) অধিক আর্থ-সামাজিক সুবিধা 
  • (iii) পৃথক ৰাজ্য গঠন দাবী 
  • (iv) সাংবিধানিক ৰক্ষা কৱচ।

প্রশ্ন ১৭ : ‘অন্তর্ভুক্তিৰ দলিল সম্পর্কে কেইশাৰীমান লিখা।
উত্তৰ : কাশ্মীৰ প্রসংগত এই দলিল প্রযােজ্য। ভাৰতে এই চুক্তি পত্ৰখন স্বাক্ষৰ কৰিছিল কেৱল কাশ্মীৰৰ মহাৰজাৰ লগত। ইয়াত উল্লেখ কৰা হয় যে এবাৰ তাত স্বাভাৱিক অৱস্থা ঘূৰি আহিলে জম্মু আৰু কাশ্মীৰ লােকসকলৰ ভৱিষ্যৎ ব্যৱস্থা তেওঁলােকে নিজে নিশ্চিত কৰিব পাৰি। শেখ আব্দুল্লাক প্রধানমন্ত্ৰীৰ দায়িত্ব প্রদান কাশ্মীৰৰ স্বায়ত্ত শাসন স্বীকাৰ কৰি লয়।

প্রশ্ন ১৮ : আঞ্চলিকতাবাদৰ সমস্যাসমূহ কিদৰে সমাধান কৰিব পাৰি? 
উত্তৰ : 
  • (i) আঞ্চলিক আশা-আকাংক্ষাৰ মােকাবিলা দমন নীতিৰে নকৰাকৈ গণতান্ত্রিক আলাপ-আলােচনাৰেহে কৰা উচিত।
  • (ii) কেন্দ্র-ৰাজ্যৰ মাজৰ ক্ষমতাৰ সঠিক বিতৰণৰ ওপৰত গুৰুত্ব আৰােপ কৰা।
  • (iii) অর্থনৈতিক বিকাশৰ ক্ষেত্ৰত আঞ্চলিক অসমতা আঁতৰ কৰা।

প্রশ্ন ১৯ : বিচ্ছিন্নতাবাদী আন্দোলন বুলিলে কি বুজা? 
উত্তৰ : দেশৰ পৰা পৃথক হৈ লােৱাৰ উদ্দেশ্যে কিছুমান গােটে কেতিয়াবা চৰকাৰৰ বিৰুদ্ধে সশস্ত্র সংগ্রামত জড়িত হৈ পৰে, ইয়াক বিচ্ছিন্নতাবাদী আন্দোলন বােলে।

প্রশ্ন ২০ : পূৰ্বৰ অসম ৰাজ্যৰ পৰা উত্তৰ-পূবৰ ৰাজ্যবােৰ সুকীয়াকৈ কিয় সৃষ্টি হৈছিল।
উত্তৰ : যেতিয়া অসম চৰকাৰে অসমীয়া ভাষাক ৰাজ্যভাষা হিচাপে গ্ৰহণ কৰাৰ সিদ্ধান্ত লয় তেতিয়া অনা অসমীয়া অঞ্চলবিলাকত স্বায়ত্ত শাসনৰ দাবী উত্থাপিত হয়। আৰু সময়ৰ লগে এই অঞ্চলবােৰে সুকীয়া ৰাজ্যৰ মর্যাদা লাভ কৰে।



(গ) দীঘল প্রশ্নোত্তৰ ? (প্রত্যেকটোত ৪ নম্বৰকৈ)


প্রশ্ন ১ : সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ তাৎপৰ্যৰ বিষয়ে লিখা। 
উত্তৰ ওপৰৰ ২ নম্বৰ প্ৰশ্নৰ উত্তৰৰ ৯নং প্রশ্নৰ উত্তৰ চোৱা। 

প্রশ্ন ২ : জম্মু কাশ্মীৰৰ এটা চমু বিৱৰণ দিয়া।
উত্তৰ : ওপৰৰ দুই নম্বৰী প্ৰশ্নৰ ১০ নং প্রশ্নৰ উত্তৰ চোৱা । 

প্রশ্ন ৩ঃ আঞ্চলিকতাবাদে কিদৰে অনৈক্যৰ মাজত ঐক্যৰ সৃষ্টিত বাধা প্রদান কৰে ?
উত্তৰ : আঞ্চলিকতাবাদে এখন দেশৰ জাতীয় সংহতি আৰু ঐক্য শক্তিশালী কৰাৰ পৰিৱর্তে এইবােৰৰ প্ৰত্যাহ্বান হিচাপে থিয় দিয়ে। দেশৰ বিভিন্ন প্রান্তত বসবাস কৰা লােকসকলক একতাৰে বান্ধি ৰখাৰ পৰিৱর্তে আঞ্চলিক বৈষম্য বৃদ্ধি পােৱাত সহায় কৰে। ভাৰতত আঞ্চলিকতাবাদী আদৰ্শৰ ওপৰত ভিত্তি কৰিয়ে বিচ্ছিন্নতাবাদী আন্দোলন গঢ় লৈ উঠিছে। 

এই আদর্শই দেশখনক ভাষা, জাতি, ধর্ম, বর্ণ, সম্প্রদায়, সংস্কৃতি আদিৰ ওপৰত বিভিন্ন অঞ্চলত বিভক্ত কৰে। আঞ্চলিকতাবাদী ভাৱধাৰাই জনগণৰ মাজত ক্ষোভ আৰু অৱহেলিত মানােভাৱৰ জন্ম দিয়ে।

প্রশ্ন ৪ঃ দ্রাবিড়ীয় আন্দোলনৰ প্ৰকৃতিৰ বিষয়ে আলােচনা কৰা। 
উত্তৰঃ ২৫৫ নং পৃষ্ঠাৰ ৯ নং প্রশ্নৰ উত্তৰ চোৱা।

প্রশ্ন ৬ : স্বাধীনতাৰ ঠিক পৰৱৰ্তী সময়তে ভাৰতে সন্মুখীন হােৱা উদ্বেগ উল্লেখ কৰা।
উত্তৰ : স্বাধীনতাৰ পৰৱৰ্তী সময়তে ভাৰতত উদ্ভৱ হােৱা উদ্বেগজনিত বিষয়বােৰ আছিল -
  • (ক) দেশৰ ভূখণ্ডৰ অখণ্ডতা ৰক্ষা কৰা। 
  • (খ) আভ্যন্তৰীণ শান্তি-শৃংখলা ৰক্ষা কৰা।
  • (গ) জম্মু-কাশ্মীৰক আদি কৰি অন্যান্য দেশীয় ৰাজ্যবােৰ সমস্যা সমাধান কৰা।
  • (ঘ) দেশ বিভাজনৰ ফলস্বৰূপে উদ্ভৱ হােৱা সাম্প্রদায়িক সংঘর্ষ দমন কৰা ইত্যাদি।
প্রশ্ন ৭ : ‘আঞ্চলিকতাবাদে বিচ্ছিন্নতাবাদক নুবুজায়’ ব্যাখ্যা কৰা
উত্তৰ : আঞ্চলিকতাবাদ আৰু বিচ্ছিন্নতাবাদ সম্পূর্ণ পৃথক ধাৰণা। আঞ্চলিকতাবাদে কেতিয়াও সার্বভৌমত্ব দাবী নকৰে আৰু ই কেতিয়াও ভৱিষ্যতে স্বাধীন দেশলৈ পৰিণত হােৱাটো কামনা নকৰে। আঞ্চলিকতাবাদ হ’ল এখন স্বাধীন দেশৰ ভিতৰতে অত্যাৱশ্যকীয় অংগ হিচাপে বৰ্তি থাকি অঞ্চলটোৰ বাবে কিছুমান বিশেষ সুবিধা বা মর্যাদাৰ দাবী কৰে। সেই দাবীবােৰৰ ভিতৰত স্বায়ত্ত শাসন, পৃথক ৰাজ্য, বিশেষ মর্যাদা আদিয়ে প্রধান।

প্রশ্ন ৮ : ভাৰতৰ যিকোনাে চাৰিটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম উল্লেখ কৰা।
উত্তৰ : 
  • (ক) অসম গণ পৰিষদ।
  • (খ) তেলুগু দেশম পার্টি।
  • (গ) ডি.. এম. কে।
  • (ঘ) আকালী দল।
প্রশ্ন ৯ : আনন্দপুৰ চাহিব প্রস্তাৱত কিয় মতবিবােধ হৈছিল?
উত্তৰ : আনন্দপুৰ চাহিব প্রস্তৱ বিভিন্ন দিশৰ পৰা বিতর্কিত আছিল। এই প্ৰস্তাৱটো গুৰুমুখী লিপিত লিখা হৈছিল আৰু ইয়াৰ কিছু শব্দৰ ভিন ভিন ধৰণে ব্যাখ্যা কৰাৰ পথ আছিল। নৰমপন্থীসকলৰ স'তে এই প্রস্তাৱ আছিল কেবুল পঞ্জাবৰ অধিক স্বতন্ত্রতাৰ দাবী। আনহাতে কিছুমানৰ মতে ই আছিল পঞ্জাবৰ সার্বভৌমত্ব আহৰণৰ এটা পথ।

প্রশ্ন ১০ : শিৰােমণি আকালী দলৰ ৰাজনীতি আৰু কাৰ্যসূচীৰ বিৱৰণ দিয়া। 
উত্তৰ : ১৯২০ চনত গঠিত শিৰােমণি আকালী দলে পঞ্জাবৰ ৰাজনীতিত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। ১৯৬৭ আৰু ১৯৭৭ চনত এই দল ক্ষমতালৈ আহে। পঞ্জাৱৰ সৃষ্টিত এই দলটোৰ বিশেষ অৰিহণা আছে। আনন্দপুৰ চাহিবত গৃহীত প্রস্তাৱসমূহত আকালী দলৰ কাৰ্যসূচী জড়িত হৈ আছে। সেইবােৰ হ’ল -

  • (ক) চণ্ডীগড়ক যুক্তৰাষ্ট্ৰীয় প্রশাসনৰ অধীনত পঞ্জাবলৈ হস্তান্তৰিত কৰা। 
  • (খ) পাঞ্জাবী ভাষা কোৱা আৰু তেওঁলােকে কাম কৰা অঞ্চলসমূহ পঞ্জাবক অর্পণ।
  • (গ) পঞ্জাবৰ দূর্বল শ্রেণীৰ লােকসকলৰ অধিকাৰৰ সুৰক্ষা লগতে ভূমিৰ সংস্কৰণ আৰু উদ্যোগীকৰণ।
  • (ঘ) পাঞ্জাবী লােকসকলক সুৰক্ষা প্রদান কৰা।

প্রশ্ন ১১ : অসম চুক্তিৰ বিষয়ে আলােচনা কৰা।
উত্তৰ : সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ১৯৭৯ চনত অবৈধ বিদেশী নাগৰিকৰ চিনাক্তকৰণ আৰু বহিষ্কৰণৰ দাবীত যি আন্দোলন আৰম্ভ হৈছিল তাৰ ফলস্বৰূপে ১৯৮৫ চনৰ ১৫ আগষ্ট তাৰিখে ঐতিহাসিক অসম চুক্তি সৃষ্টি হয়। 

কেন্দ্রীয় চৰকাৰৰ হৈ প্রধানমন্ত্রী ৰাজীৱ গান্ধী আৰু আন্দোলনৰ নেতৃবৃন্দ বিশেষকৈ প্রফুল্ল কুমাৰ মহন্ত, ভৃগু কুমাৰ ফুকন প্রমুখ্যে নেতাসকলৰ মাজত উক্ত চুক্তি সম্পাদিত হৈছিল। 

এই চুক্তি মর্মে ১৯৭১ চনৰ ১৫ মার্চৰ পিছত অসমলৈ অবৈধভাৱে অনুপ্ৰৱেশ কৰা বাংলাদেশী নাগৰিকসকলক ১৯৪৬ চনৰ বিদেশী আইনৰ অধীনত বিতাড়ন কৰা হ'ব। অর্থাৎ এই চুক্তি মতে বাংলাদেশৰ যুদ্ধৰ পাছৰে পৰা যুদ্ধৰ সময়ত অসমলৈ অহা বিদেশীসকলৰ চিনাক্ত কৰি বহিষ্কাৰ কৰিব লাগে।

অসম চুক্তিয়ে অসমলৈ শান্তি আনিলে আৰু ৰাজনীতিত পৰিৱৰ্তন সাধন কৰিলে, কিন্তু অনুপ্রৱেশৰ সমস্যা সমাধান কৰিব পৰা নগ’ল। অৱশ্যে উক্ত চুক্তিৰ ওপৰত ভিত্তি কৰি IITকে ধৰি বহুতাে শিক্ষানুষ্ঠান প্রতিষ্ঠিত হােৱাৰ উপৰি অন্যান্য উন্নয়নমূলক আঁচনি কেন্দ্রীয় চৰকাৰে প্রবর্তন কৰিছে।

প্রশ্ন ১২ : ভাৰতত আঞ্চলিক ৰাজনৈতিক দলবােৰৰ প্রয়ােজনীয়তা আছেনে? তােমাৰ উত্তৰৰ সপেক্ষে দুটা যুক্তি দিয়া।
উত্তৰ : প্ৰয়ােজনীয়তাৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষত আঞ্চলিক ৰাজনৈতিক দলবােৰ গঢ়ি উঠিছিল। এই দলবােৰ গঢ়ি উঠাৰ দুটা প্রধান যুক্তিৰ বিষয়ে তলত আলােচনা কৰা হ’ল -

  • (ক) আঞ্চলিক বৈষম্য : ভাষা, জাতি, জনজাতি, ধর্ম, সম্প্রদায় আদিৰ ক্ষেত্ৰত ভাৰতত অনেক বিভিন্নতা আছে। এই বিভিন্নতাক প্রতিনিধিত্ব কৰি জীয়াই ৰখাৰ স্বাৰ্থত আঞ্চলিক ৰাজনৈতিক দলবােৰ সৃষ্টি হৈছিল। ইয়াৰ উপৰি এই দলবােৰে ভাৰতত থকা আঞ্চলিক বৈষম্য আৰু সম উন্নয়নত সহায় কৰিছে।
  • (খ) কেন্দ্রীয় চৰকাৰৰ অৱহেলা : ভাৰতবর্ষ এখন বিশাল দেশ হােৱা বাবে কেন্দ্রীয় চৰকাৰে দেশৰ সকলাে অঞ্চলৰ সম উন্নয়নসাধন কৰিবলৈ সফল হব পৰা নাছিল যাৰ ফলস্বৰূপে বিভিন্ন অঞ্চলত কেন্দ্রীয় চৰকাৰৰ প্রতি ঘৃণাৰ ভাব জন্ম হৈছিল। আঞ্চলিক দলবােৰৰ উখানে জনসাধাৰণৰ মাজত গঢ়ি উঠা বিচ্ছিন্নতাবাদী মনােভাৱক ৰােধ কৰি দেশত জাতীয় ঐক্য অর্থাৎ অনৈকৰ মাজত ঐক্য গঢ়ি উঠাত সহায় কৰিছে।

প্রশ্ন ১৩ ডি. এম. কে. দলৰ ৰাজনীতি আৰু কাৰ্যসূচীৰ বিষয়ে বিৰণ দিয়া।
উত্তৰঃ (২৫৫ নং পৃষ্ঠাৰ ৫নং প্রশ্নৰ উত্তৰ চোরা)

প্রশ্ন ১৪ : উত্তৰ পূব অঞ্চলত সুকীয়া ৰাজ্য দাবী কৰা সম্প্রদায়বােৰৰ নাম লিখা।
উত্তৰ : স্বাধীনতা লাভৰ ঠিক পিছৰে পৰা উত্তৰ-পূব ভাৰতৰ বিভিন্ন সম্প্রদায়ে পৃথক ৰাজ্যৰ দাবী জনাই বিভিন্ন সংগ্ৰামত লিপ্ত হৈছে। ইতিমধ্যে এই দাবীৰ ওপৰত ভিত্তি কৰি ত্ৰিপুৰা, মণিপুৰ, মিজোৰাম, অৰুণাচল প্রদেশ, নাগালেণ্ড আদি ৰাজ্যৰ সৃষ্টি হৈছে। বর্তমানেও বহুতাে সম্প্রদায়ে সুকীয়া ৰাজ্যৰ দাবী উত্থাপন কৰি আহিছে। সেইবােৰ হ’ল - বড়াে, কোঁচ ৰাজবংশী, কাৰ্বি, নগা, খাচী, গাৰাে, মিচিং, মিছিমি, দফলা ইত্যাদি।

প্রশ্ন ১৫ : জাতীয় মহাসভাৰ আদৰ্শ আৰু নির্বাচনী সফলতাৰ বিষয়ে আলােচনা কৰা।
উত্তৰ : জম্মু আৰু কাশ্মীৰৰ সমস্যা ৰাজ্যিক প্রতিনিধিত্ব ৰাৰ ক্ষেত্ৰত নেচনেল কনফাৰেঞ্চ (জাতীয় মহাসভাই) এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। এই দলটোৱে আদৰ্শ আৰু কাৰ্যসূচী হিচাপে জম্মু কাশ্মীৰৰ আশাআকাংক্ষাক বাছনি কৰিছে। 

বিশেষকৈ জম্মু-কাশ্মীৰক অধিক স্বায়ত্ত শাসন প্রদান কৰা, দেশৰ অন্য ঠাইৰ দৰে গণতন্ত্র প্রয়ােগ কৰা, ধর্মনিৰপেক্ষতা আদি। স্বাধীনতা লাভৰ ঠিক পিছতে জম্মু কাশ্মীৰৰ শাসনভাৰ মহাৰজা হৰি সিঙে নেচনেল কনফাৰেন্সৰ নেতা শেখ আব্দুলাৰ হাতত দিয়ে। 

প্রধানমন্ত্রী হােৱাৰ পাছতে তেওঁ যি ভূমি পুনৰ গঠন কৰিছিল আৰু অন্য আঁচনি লৈছিল সি সাধাৰণ লােকক লাভান্বিত কৰিছিল। কিন্তু তেওঁৰ আৰু কেন্দ্ৰ চৰকাৰৰ মাজত কাশ্মিৰী মর্যাদাক লৈ ক্রমবর্ধমান পার্থক্য আছিল। তেখেতক ১৯৫৩ চনত নিলম্বিত কৰা হয় আৰু বহু বছৰ নৰবন্দী কৰা হয়। 

১৯৫৩ চনৰ পৰা ১৯৭৪ চনলৈ ৰাজ্যখনত কংগ্ৰেছৰ প্রাধন্যতা আছিল। ১৯৭৪ চনত ইন্দিৰা গান্ধী আৰু শেখ আব্দুল্লাৰ মাজত এখন চুক্তি হয় আৰু ১৯৭৭ চনৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰে। 

কিন্তু ১৯৮২ চনত তেওঁৰ মৃত্যু হােৱাত দলৰ নেতৃত্ব বহন কৰে তেওঁৰ পুত্র ফাৰুক আব্দুলাই আৰু মুখ্যমন্ত্রীও হয়। বর্তমানেও এই দলটো জম্মু কাশ্মীৰৰ শাসনত অধিষ্ঠিত আৰু মুখ্যমন্ত্রী হ’ল ফাৰুক আব্দুল্লাৰ পুত্র ওমৰ আব্দুল্লা।

(ঘ) অতি দীঘল প্রশ্নোত্তৰ (প্রত্যেকটোত ৬ নম্বৰকৈ)

প্রশ্ন ১ : পঞ্জাৱ চুক্তিৰ প্রধান বিষয়ৰােৰ কি আছিল? কি ধৰণে সেইবােৰে পুনৰ পঞ্জাব আৰু চুবুৰীয়া ৰাজ্যবােৰৰ মাজত উদ্বেগ সৃষ্টি কৰিব পাৰে ?
উত্তৰ : ১৯৮৫ চনৰ ২৪ জুলাইত ৰাজীৱ গান্ধী আৰু আকালী দলৰ সভাপতি হৰছাক সিং লংগােৱালৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। ইয়াকে পঞ্জাৱ চুক্তি বােলে। এই চুক্তি প্রধান বিষয়বােৰ আছিল -
  • (ক) চণ্ডীগড় পঞ্জাবলৈ হস্তান্তৰিত কৰা হ'ব।
  • (খ) পঞ্জাৱ আৰু হাৰিয়ানাৰ মাজত সীমা বিবাদ নিষ্পত্তি কৰিবলৈ এখন আয়ােগ গঠন কৰা হ'ব।
  • (গ) ৰবি-বিয়াছ নদীৰ পানী ভগগাৱাৰ বাবে এখন ট্রিবিউনেল গঠন কৰা হ'ব। 
  • (ঘ) পঞ্জাৱৰ পৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিল কৰা। 
  • (ঙ) সন্ত্রাসবাদীৰ দ্বাৰা ক্ষতিগ্রস্তসকলক উন্নত সুবিধা প্রদান কৰা হ'ব।
অৱশ্যে এই চুক্তিয়ে পঞ্জাৱত শান্তিৰ বাট মুকলি কৰিছিল যদিও চুবুৰীয়া ৰাজ্যবােৰৰ সৈতে থকা মতানৈক্য দূৰীকৰণ কৰিবলৈ সফল হােৱা নাই। ৰবি বিয়াছ নদীৰ পানী ভাগ কৰাত পঞ্জাব, হাৰিয়ানা আৰু ৰাজস্থান এতিয়াও একমত হ'ব পৰা নাই।

প্রশ্ন ২ : জম্মু আৰু কাশ্মীৰৰ ৰাজনীতিত কংগ্ৰেছৰ ভূমিকাৰ বিষয়ে আলােচনা কৰা।
উত্তৰ : জম্মু আৰু কাশ্মীৰৰ ৰাজনীতিত কংগ্ৰেছ দলে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। স্বাধীনতা লাভৰ পূৰ্বৰে পৰা কংগ্ৰেছে জম্মু-কাশ্মীৰক ভাৰতৰ অংগ কৰিবলৈ চেষ্টা কৰি আহিছিল। 

ভাৰত বিভাজনৰ সময়ত মুছলীম লীগে জম্মুকাশ্মীৰক স্বাধীনতা প্রদানক সমর্থন কৰাৰ বিপৰীতে কংগ্ৰেছে ভাৰতৰ ভিতৰত ৰাখিবলৈ চেষ্টা কৰিছিল। চামিলকৰণ চুক্তিৰ সময়তাে কংগ্ৰেছৰ ভূমিকা উল্লেখনীয় স্বৰাজোত্তৰ যুগত যদিও কংগ্ৰেছ দলে এককভাৱে জম্মু কাশ্মীৰত চৰকাৰ গঠন কৰা নাই, কিন্তু এতিয়ালৈকে বহুবাৰ নেচনেল কনফাৰেন্স আৰু পি. ডি. পিৰ সৈতে সংযুক্ত হৈ চৰকাৰ গঠন কৰিছে। 

ৰাজ্যখনৰ আভ্যন্তৰীণ শান্তি-শৃংখলা বজাই ৰাখি সাম্প্রদায়িক আৰু সন্ত্রাসবাদী কার্যকলাপ ৰােধ কৰাৰ ক্ষেত্ৰতো কংগ্ৰেছৰ ভূমিকা উল্লেখনীয়। ইন্দিৰা গান্ধীকে আদি কৰি আন আন নেতাসকলৰ প্রভাৱৰ ফলত জম্মু-কাশ্মীৰত বহুবাৰ চৰকাৰ গঠন অথবা ভংগ কৰি দিয়া হৈছে।

প্রশ্ন ৩ : ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত শিখসকলৰ বিৰুদ্ধে চলােৱা হিংসাক কোনজন প্রধানমন্ত্রীয়ে দুখ প্ৰকাশ কৰিছে ?
উত্তৰ : মনমােহন সিঙে।

প্রশ্ন ৪ : ভাৰতৰ বিচ্ছিন্নতাবাদক ইন্ধন যােগােৱা উপাদানবােৰ কি কি? 
উত্তৰ : ভাৰতৰ বিভিন্ন প্রান্তত বিছিন্নতাবাদী আন্দোলন গঢ়ি উঠাত বিভিন্ন উপাদানে অৰিহণা আগবঢ়াইছে। সেইবােৰ হ’ল -
  • (ক) কেন্দ্রীয় চৰকাৰৰ অৱহেলিত আৰু দমনমূলক নীতি। 
  • (খ) আঞ্চলিক, অর্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক ভাৰসাম্যহীনতা। 
  • (গ) সন্ত্রাসবাদী আৰু মৌলবাদী গােটবােৰৰ প্ৰভাৱ।
  • (ঘ) অর্থনৈতিক অনগ্ৰসৰতা আৰু নিবনুৱা সমস্যা।
  • (ঙ) ওচৰ চুবুৰীয়া দেশবােৰৰ বিশেষকৈ পাকিস্তানৰ উচটনি আৰু বিচ্ছিন্নতাবাদী গােটবােক সহায়-সহযােগিতা প্রদানৰ লগতে বিদ্রোহীসকলক প্রশিক্ষণ প্রদান।

প্রশ্ন ৫ : আঞ্চলিকতাবাদৰ সমস্যাটো কিদৰে সমাধান কৰিব পৰা যাব? 
উত্তৰ : 

  • (ক) আঞ্চলিকতাবাদে যাতে চৰম সীমাত উপনীত হৈ দেশলৈ বিপদ কঢ়িয়াই আনিব নােৱাৰে তাৰ বাবে অর্থনৈতিক পৰিকল্পনাৰ ওপৰত বিশেষ দৃষ্টি ৰখা প্রয়ােজন।
  • (খ) কেন্দ্রীয় চৰকাৰৰ সীমামূৰীয়া অঞ্চলবােৰৰ প্ৰতি থকা অবহেলামূলক আৰু দমনমূলক নীতি ত্যাগ কৰা।
  • (গ) সমগ্র দেশৰ সম উন্নয়নৰ ওপৰত গুৰুত্ব প্রদান কৰা। উদ্যোগসমূহ মূলখণ্ডতে কেন্দ্রীভূত হৈ নাৰাখি বিভিন্ন অঞ্চললৈ বিকেন্দ্রীভূত কৰা।
  • (ঘ) বিচিত্রতা নাশ কৰিবলৈ চেষ্টা নকৰি আৰু ইয়াক জাতীয় সংহতিৰ অন্তৰায় বুলি গণ্য নকৰি ইয়াৰ মাজেৰে ঐক্য স্থাপন কৰা উচিত।
  • (ঙ) হিংসাত্মক বা উগ্র আঞ্চলিকতাবাদক ৰােধ কৰিবলৈ আঞ্চলিক সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰ আৰু ৰাজনৈতিক দলসমূহে বিশেষ তৎপৰতা গ্রহণ কৰা উচিত।
  • (চ) ক্ষমতাৰ কেন্দ্ৰীয়কৰণ প্রবণতা বন্ধ কৰা আৰু ৰাজ্যসমূহক অধিক স্বায়ত্ত শাসন প্রদান কৰা ।

প্রশ্ন ৬ : ১৯৮০ ৰ দশকত পঞ্জাব আৰু অসম সংকটৰ মাজত এটা সাদৃশ্যতা আৰু এটা বৈশাদৃস্যতা চিনাক্ত কৰা।
উত্তৰ : 
  • সাদৃশ্যতা : পঞ্জাব আৰু অসমত গঢ়ি উঠা আন্দোলনৰ বিশ্লেষণ কৰিলে দেখা যায় যে দুয়ােটা আন্দোলন আছিল আঞ্চলিকতাবাদী প্রকৃতি। অঞ্চল দুটাৰ স্বকীয় অস্তিত্ব জীয়াই ৰখাৰ বাবে এই দুটা আন্দোলনৰ মূল লক্ষ্য আছিল।
  • বৈসাদৃশ্য : পঞ্জাবৰ আন্দোলন আছিল প্রধানকৈ এখন সুকীয়া ৰাজ্যৰ দাবী। ইয়াৰ জৰিয়তে পঞ্জাবীভাষী লােকসকলৰ বাবে এখন পৃথক ৰাজ্য গঠনৰ বাবে বিচাৰিছিল। আনহাতে, অসম আন্দোলন আছিল প্রধানকৈ অবৈধভাৱে বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰা বিদেশী লােকসকলক বহিষ্কৰণ কৰিবলৈ চেষ্টা চলােৱা হৈছিল।

Post a Comment

0 Comments

People

Ad Code