Recent in Technology

আন্তর্জাতিক সংগঠনবোৰ(L-6) Important-Additional Q/A

Class-XII(12)/Political Science[Notes][Solutions][Free Learning Online][in Assamese][আন্তর্জাতিক সংগঠনবোেৰ][Part A][additional Q/A


আন্তর্জাতিক সংগঠনবোৰ(L-6) Important-Additional Q/A



👉 Table of Content 



(ক) অতি চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ১ নম্বৰকৈ):


প্রশ্ন ১ : ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয় ? 
উত্তৰ : ২৪ অক্টোবৰত। 

প্রশ্ন ২ঃ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্রথম মহিলা অধ্যক্ষ সভাপতি কোন আছিল ? 
উত্তৰ : বিজয়লক্ষ্মী পণ্ডিত। 

প্রশ্ন ৩ : ৰাষ্ট্ৰসংঘই কোন চনত শান্তি গঠন পুঁজি প্ৰৱৰ্তন কৰিছিল ? 
উত্তৰ : ২০০৫ চনত। 

প্রশ্ন ৪ : পৰিৱেশ কার্যসূচীৰ সৈতে জড়িত আন্তর্জাতিক এজেঞ্চিটোৰ নাম লিখা ? উত্তৰ : ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন বিভাগ। 

প্রশ্ন ৫ : শান্তি গঠন আয়ােগ কেতিয়া গঠন কৰা হৈছিল ? 
উত্তৰ : ২০০৭ চনত। 

প্রশ্ন ৭ : ৰাষ্ট্ৰসংঘৰ উচ্চতম কর্তৃপক্ষটোৰ নাম কি ? 
উত্তৰ : নিৰাপত্তা পৰিষদ।

প্রশ্ন ৬ : ভাৰতে কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত হয়?
উত্তৰ : ১৯৪৫ চনত।



(খ) চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ২ নম্বৰকৈ):


প্রশ্ন ১ : নিৰস্ত্রীকৰণৰ ক্ষেত্ৰত ভাৰত স্থিতি কি?
উত্তৰ : ভাৰতে আৰম্ভণিৰ পৰাই একপক্ষীয় নিৰস্ত্রীকৰণৰ বিৰােধিতা কৰি আহিছে। ভাৰতৰ মতে বিশ্বৰ সৰু-ডাঙৰ সকলাে ৰাষ্ট্রই সম পৰিমাণে নিৰস্ত্রীকৰণত অংশ গ্রহণ কৰিব লাগে।

প্রশ্ন ২ : ৰাষ্ট্ৰসংঘৰ সচিবালয় ক'ত অৱস্থিত ? ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্রধান কোন? 
উত্তৰ : আমেৰিকাৰ নিউয়র্ক চহৰত। ট্রেগ-ভি-লাই হ’ল - প্রথমজন সচিব প্রধান।

প্রশ্ন ৩ : নিৰাপত্তা পৰিষদৰ কাৰােৰ কি কি? 
উত্তৰ : 
  • (ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা। 
  • (খ) অস্ত্র-শস্ত্র নিয়ন্ত্রণ আৰু নিৰন্ত্রক-ৰণৰ বাবে আঁচনী গ্ৰহন কৰা । 
  • (গ) নতুন সদস্য অন্তর্ভুক্তি বা বহিষ্কৰণত অনুমোদন জনােৱা । 
  • (ঘ) ৰাষ্ট্ৰসংঘৰ নীতি উলংঘা কৰাৰ বিৰুদ্ধে শান্তি প্ৰদান কৰা । 

প্রশ্ন ৪ : ৰাষ্ট্ৰসংঘৰ চনদ কেতিয়া স্বাক্ষৰিত হৈছিল? ২০০৬ চনলৈ ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ কিমান আছিল ?
উত্তৰ : ১৯৪৫ চনত স্বাক্ষতি আৰু ২০০৬ চনলৈ ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা হ’ল ১৯২ খন।

প্রশ্ন ৫ : নিৰাপত্তা পৰিষদৰ __ জন স্থায়ী আৰু __ জন অস্থায়ী সদস্য ৰাষ্ট্র আছে। (খালী ঠাই পূৰ কৰা) 
উত্তৰ : খন স্থায়ী আৰু ১০ খন অস্থায়ী ৰাষ্ট্র।


(গ) দীঘল প্রশ্নোত্তৰ ঃ (প্রত্যেকটোত ৪ নম্বৰকৈ):


প্রশ্ন ১ : ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ গঠন সম্পর্কে চমুকৈ আলােচনা কৰা। 
উত্তৰ : ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটো হ'ল - সাধাৰণ সভা। ইয়াক ৰাষ্ট্ৰসংঘৰ বিধান মণ্ডল বুলিও কোৱা হয়। প্রত্যেক সদস্য ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘলৈ পাঁচজনকৈ প্রতিনিধি পঠিয়াব পাৰে। কিন্তু প্রতিখন সদস্য ৰাষ্ট্ৰই মাত্র এটাহে ভােটদান কৰিব পাৰে। সাধাৰণ সভাৰ অধিৱেশন বছৰত এবাৰকৈ অনুষ্ঠিত হয়। নিৰাপত্তা পৰিষদ বা ৰাষ্ট্ৰসংঘৰ অর্ধসংখ্যক সদস্য ৰাষ্ট্ৰই অনুৰােধ জনালে সচিব প্রধানে এবাৰ বা দুবাৰ বিশেষ অধিৱেশন আহ্বান কৰিব পাৰে।

প্রশ্ন ২ : আধুনিক বিশ্বই সন্মুখীন হােৱা প্রধান প্রত্যাহানবােৰ কি কি? 
উত্তৰ : আধুনিক বিশ্বই বর্তমানে বিভিন্ন প্রত্যাহ্বানৰ সন্মুখীন হৈছে। সেইবােৰ হল -

(ক) অনুন্নত আৰু দৰিদ্ৰ অৱস্থা : অনিক বিশ্বই যদিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত যথেষ্ট আগবাঢ়ি গৈছে, কিন্তু এতিয়াও বিশ্ব প্রায় আধা সংখ্যক লােক দৰিদ্ৰ আৰু দুর্ভীক্ষ জীৱন-যাপন কৰিবলগীয়া হৈ আছে ।

(খ) সন্ত্রাসবাদ আৰু নিৰাপত্তাহীনতা : বিশ্বৰ বহুতাে দেশত সন্ত্রাসবাদে অতি প্রবল ৰূপ ধাৰণ কৰিছে আৰু সাধাৰণ জনজীৱন দুর্বীসহ কৰি তুলিছে।

(গ) আঞ্চলিক ভাৰসাম্যহীনতা : ইউৰােপ, উত্তৰ আমেৰিকা, ইত্যাদি মহাদেশৰ বিপৰীতে এছিয়া, আফ্রিকা আৰু লেটিন আমেৰিকাৰ অন্তৰ্গত বহুতাে দেশৰ অর্থনীতি, সামাজিক আদি ব্যৱস্থাবোেৰ অতি অনুন্নত অৱস্থাত থাকিবলগীয়া হৈছে।

(ঘ) পৰিবেশ প্ৰদুষণ : পৰিবেশ প্ৰদুষণে আধুনিক বিশ্বৰ সন্মুখত কঠিন প্রত্যাহ্বান হিচাপে থিয় দিছে। উষ্ণতা বৃদ্ধি, বায়ু, পানী, মাটি আদি প্ৰদুষণ আদিৰ ফলত ভৱিষ্যৎ মানৱ জাতিয়ে চৰম আশংকাত ভুগিব লগীয়া হৈছে।

ওপৰােক্ত প্রত্যাহ্বানবােৰৰ উপৰিও ৰাষ্ট্ৰসমূহৰ মাজত আৰু এইবােৰে সংঘই আৰু বিভ্রান্তি সৃষ্টি কৰিছে। এই নতুন প্রত্যাহ্বান সমূহ হ’ল - গৃহযুদ্ধ, গােষ্ঠীগত সংঘর্ষ, সন্ত্রাসবাদ, পাৰমাণৱিক শক্তিৰ দ্রুতগতিত বৃদ্ধি, মহামাৰী ইত্যাদি।

প্রশ্ন ৩ : শীতল যুদ্ধৰ পিছত বিশ্বত কি কি পৰিৱৰ্তনৰ সূচনা হৈছে? 
উত্তৰ : 
  • (ক) আমেৰিকা যুক্তৰাষ্ট্ৰীয় বিশ্বত অদ্বিতীয় বৃহৎ শক্তি হিচাপে আবির্ভাৱ। 
  • (খ) ছােভিয়েট ৰাছিয়াৰ উত্তৰাধিকাৰী হিচাপে ৰাষ্ট্ৰসংঘত আৰু আন্তর্জাতিক পর্যায়ত ৰাছিয়াক স্বীকৃতি প্রদান।
  • (গ) ৰাছিয়া আৰু চীনকে ধৰি আন আন সাম্যবাদী শিবিৰৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহযােগিতা স্থাপন।
  • (ঘ) চীনৰ অতি দ্রুতগতিত বৃহৎ শক্তিৰ ফালে অগ্ৰসৰ আৰু ভাৰতবৰ্ষৰাে শক্তি ক্রমাগতভাৱে বৃদ্ধি।
  • (ঙ) এছিয়াৰ অর্থনীতি অভাৱনীয় হাৰত বৃদ্ধি।
  • (চ) পূৰ্বৰ ছােভিয়েট ৰাছিয়াৰ পৰা মুক্ত হােৱা স্বাধীন ৰাষ্ট্ৰবােৰৰ ৰাষ্ট্ৰসংঘত যােগদান। 
  • (ছ) সাম্যবাদী শিবিৰৰ ৰাষ্ট্ৰবােৰৰ সংগঠন ওৱাৰচ চুক্তি ভংগ আৰু নাটো তথা ইউৰােপীয় ইউনিয়নৰ শক্তি বৃদ্ধি।
  • (জ) বিশ্বত উদাৰনৈতিক গণতন্ত্রৰ সম্প্ৰসাৰণ আৰু নেপাল, ভুটান আদি দেশৰ পৰা ৰাজতন্ত্রৰ অৱসান।

প্রশ্ন ৪ : ৰাষ্ট্ৰসংঘৰ আন্তর্জাতিক অভিকৰণ (Agencies) সমূহৰ নাম লিখা। 
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ বিশেষ অভিকৰণসমূহ (The Specialised Agencies of the U.N.) : মূল অংগ কেইটাৰ বাহিৰেও ৰাষ্ট্ৰসংঘৰ বহুমুখী সমাজসেৱা আৰু উন্নয়নমূলক কামবােৰ কৰাৰ বাবে কেতবােৰ গুৰুত্বপূর্ণ সংগঠন আছে। স্বতন্তৰীয়া স্থিতি আছে যদিও সেইবাৰে ৰাষ্ট্ৰসংঘৰ লগত পূর্ণ সহযােগিতাৰে আৰু ইয়াৰ কামৰ পৰিপূৰকভাৱে কাম কৰে বাবে সেইবােৰক ৰাষ্ট্ৰসংঘৰ বিশেষ অভিকৰণ বুলি কোৱা হয়। উদাহৰণ স্বৰূপে,- 

  • (ক) শিক্ষণীয় বৈজ্ঞানিক আৰু সাংস্কৃতিক অনুষ্ঠান (U.N.E.S.C.O), 
  • (খ) আন্তর্জাতিক স্বাস্থ্য সংগঠন (W.H.O), 
  • (গ) আন্তঃৰাষ্ট্ৰীয় শ্রমিক সংগঠন (I.L.O), 
  • (ঘ) খাদ্য আৰু কৃষি সংগঠন (F.A.O), 
  • (ঙ) আন্তঃৰাষ্ট্রীয় বিত্ত ভাণ্ডাৰ (I.M.F), 
  • (চ) আন্তঃৰাষ্টীয় অসামৰিক বিমান সংগঠন (L.C.A.O), 
  • (ছ) আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সংগঠন (I.A.E.A), 
  • (জ) বিশ্ব ডাক সংঘ (U.P.O), 
  • (ঝ) আন্তঃৰাষ্ট্ৰীয় বিত্তীয় নিগম (I.E.C), 
  • (ঞ) আন্তঃৰাষ্ট্ৰীয় বেংক (I.B) আদি প্রধানভাৱে উল্লেখযােগ্য।

Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ




Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ





Class-XII Political Science(Additional Q/A)






Class-XII Political Science(Additional Q/A Papers)



Post a Comment

0 Comments

People

Ad Code